Class 11 Environment Chapter 4 প্রাকৃতিক সম্পদ

Class 11 Environment Chapter 4 প্রাকৃতিক সম্পদ The answer to each chapter is provided in the list so that you can easily browse through different chapters Assam Board HS 1st Year Environmental Studies Chapter 4 প্রাকৃতিক সম্পদ Question Answer.

Class 11 Environment Chapter 4 প্রাকৃতিক সম্পদ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Environment Chapter 4 প্রাকৃতিক সম্পদ Notes for All Subjects, You can practice these here.

প্রাকৃতিক সম্পদ

অধ্যায় – ৪

পৰিৱেশ অধ্যয়ন

পাঠভিত্তিক প্রশ্নোত্তৰ

১। প্রাকৃতিক সম্পদ বুলিলে কি বুজা ? 

উত্তৰঃ আমি বসবাস কৰা জগতখন বিভিন্ন ধৰণৰ সম্পদৰে ভৰা । মানৱ সভ্যতাৰ কল্যাণ আৰু বিকাশ এই সম্পদসমূহৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল । যিহেতু এই সম্পদসমূহ প্ৰকৃতিৰ পৰা পোৱা যায় , সেয়ে সেইােৰক বোলা হয় প্রাকৃতিক সম্পদ । যি কোনো সম্পদৰ পৰা মূল্যবান সা – সামগ্রী লাভ কৰাটো সম্ভৱ । এইদৰে ভূমি , পানী , বতাহ , খনিজ সম্পদ , কয়লা , অৰণ্য , জীৱ – জন্তু আদি হৈছে প্রাকৃতিক সম্পদ৷ 

২। প্রাকৃতিক সম্পদ কি কি ধৰণৰ হ’ব পাৰে ? 

উত্তৰঃ প্রাকৃতিক সম্পদ দুই ধৰণৰ — 

( ক ) নবীকৰণযোগ্য সম্পদ । আৰু

( খ ) অনবীকৰণযোগ্য সম্পদ ।

৩। নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য প্রাকৃতিক সম্পদসমূহ কি কি ? উদাহৰণ দিয়া ৷ 

উত্তৰঃ নবীকৰণযোগ্য সম্পদ :- নবীকৰণযোগ্য সম্পদসমূহ অফুৰস্ত আৰু এইসমূহক এটা নির্দিষ্ট সময়ৰ ভিতৰত পুনৰ সৃষ্টি কৰিব পৰা যায়।যেনে – সৌৰ শক্তি , অৰণ্য , বনজ সম্পদ আদি । অৱশ্যে বহু নবীকৰণযোগ্য সম্পদৰ দ্ৰুতভাবে পুনৰ সৃষ্টিৰ ক্ষমতা নাথাকে । ব্যাপকভাবে ব্যৱহাৰ কৰা বাবে এই সম্পদসমূহ কমি যায় । যেনে – বনাঞ্চল , ভূ – গৰ্ভৰ পানী আদি । 

অনবীকৰণযোগ্য সম্পদ :- এই সম্পদসমূহ সীমিত পৰিমাণতহে প্ৰকৃতিত পোৱা যায় । যেনে – কয়লা , পেট্ৰ’লিয়াম , খনিজ সম্পদ আদিৰ দৰে জীৱাশ্ম ইন্ধন । যদিহে এবাৰ মানুহে এই সম্পদসমূহ শেষ কৰি পেলায় তেন্তে সেইসমূহক পুনৰ সৃষ্টি কৰিব পৰা নাযায় । 

৪। সেউজীয়া গছৰ পৰিবেশীয় সেৱা উল্লেখ কৰা । 

উত্তৰঃ বিশ্বৰ মুঠ ভূ – ভাগৰ প্ৰায় এক – তৃতীয়াংশ বনভূমিৰে আবৃত । এই সেউজ বনাঞ্চলে আমাক কেৱল সকলো ধৰণৰ প্ৰয়োজনীয় সা – সামগ্ৰীৰে যোগান নধৰে , আমালৈ বহু পৰিবেশীয় সেৱাও আগবঢ়ায় । গছ – গছনিৰ পৰা আমি কাঠ , খৰি , খাদ্য – বস্তু , ইন্ধন , জীৱ – জন্তুৰ খাদ্য , ঔষধ – পাতি আদি বহু বাণিজ্যিক বয় – বস্তু পাওঁ । কিন্তু বনাঞ্চলসমূহ যিবোৰ গুৰুত্বপূৰ্ণ অ-বাণিজ্যিক বা পৰিবেশীয় সেৱা আগবঢ়াই আছে সেইসমূহৰো কথা আমি স্বীকাৰ কৰা উচিত । 

( ক ) পৃথিৱীত থকা জীৱসমূহৰ বাবে অতি প্রয়োজনীয় অক্সিজেন গেছ সালোক সংশ্লেষণৰ জৰিয়তে সেউজীয়া উদ্ভিদে উৎপাদন কৰে । 

(খ) সালোক সংশ্লেষণৰ সময়ত সেউজীয়া গছ – গছনিয়ে বায়ুমণ্ডলৰ পৰা কার্বন – ডাই অক্সাইড শোষণ কৰি লয় আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ সমস্যা হ্রাস কৰে । 

(গ) কীট – পতংগৰ পৰা আৰম্ভ কৰি প্ৰকাণ্ড বন্যপ্রাণীলৈকে হেজাৰ হেজাৰ ধৰণৰ জীৱক বনাঞ্চলে আশ্রয় দিয়ে । 

(ঘ) বনাঞ্চলে ভূমিৰ ক্ষয় হ্ৰাস কৰে । 

(ঙ) বনাঞ্চলে স্থানীয় জলবায়ুৰ অৱস্থা আৰু জলচক্র নিয়ন্ত্ৰণ কৰে । 

(চ) কিছুমান উদ্ভিদে বহু বিষাক্ত গেছক শোষণ কৰি লয় আৰু প্ৰদূষণৰ সূচক হিচাপে কাম কৰে । 

৫। অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ নাম লিখা । 

উত্তৰঃ অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ হ’ল – 

( ক ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ।

( খ ) মানাহ ৰাষ্ট্ৰীয় উদ্যান ।

( গ ) ওৰাং ৰাষ্ট্ৰীয় উদ্যান ।

( ঘ ) নামেৰি ৰাষ্ট্ৰীয় উদ্যান । আৰু

( ঙ ) ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ।

৬। অসমৰ ৫ খন বন্য প্রাণী অভয়াৰণ্যৰ নাম লিখা । 

উত্তৰঃ অসমৰ ৫ খন বন্য প্রাণীৰ অভয়াৰণ্য হ’ল – 

( ক ) কাজিৰঙা ।

( খ ) মানাহ ।

( গ ) পবিতৰা ।

( ঘ ) নামেৰি । আৰু

( ঙ ) ডিব্ৰু ছৈখোৱা ।

৭। মণিপুৰৰ বৃহৎ আৰ্দ্ৰভূমিখনৰ নাম লিখা । 

উত্তৰঃ মণিপুৰৰ বৃহৎ আৰ্দ্ৰভূমিখনৰ নাম হ’ল – ল’কটাক হ্রদ ( ৬,৪৭৫ হেক্টৰ ) । 

৮। ভূমি সম্পদ ৰক্ষাৰ দুটা পৰম্পৰাগত পদ্ধতিৰ নাম লিখা । 

উত্তৰঃ ভূমি সম্পদ ৰক্ষাৰ দুটা পৰম্পৰাগত পদ্ধতিৰ নাম হ’ল – 

(ক) পাহাৰীয়া বা এঢলীয়া ঠাইত বৃক্ষৰোপণ কৰি মাটিৰ অবক্ষয় হ্ৰাস কৰিব পাৰি । 

(খ) কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰ নিষিদ্ধ কৰা উচিত আৰু জৈৱিক সাৰৰ প্ৰয়োগক উৎসাহিত কৰা উচিত । 

৯। উত্তৰ – পূব ভাৰতৰ খনিজ সম্পদসমূহৰ বিষয়ে লিখা । 

উত্তৰঃ ভাৰতৰ উত্তৰ পূব অঞ্চলটো হৈছে বিভিন্ন খনিজ সম্পদৰ ভাণ্ডাৰ।মেঘালয় ইউৰেনিয়াম , কয়লা আৰু চূণশিলৰ বাবে বিখ্যাত । খনিজ সম্পদৰ বাবে অসম বহুলভাবে পৰিচিত ৷ ৰাজ্যখনত প্ৰধানকৈ পেট্ৰ’লিয়াম ( খাৰুৱা তেল ) , প্রাকৃতিক গেছ , কয়লা আৰু চূণশিল আহৰণ কৰা হয় । তেল আৰু প্ৰাকৃতিক গেছ আয়োগ O.N.G.C ) হৈছে ৰাজ্যখনৰ আটাইতকৈ লাভজনক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান । ছেলিমেনাইট , বেছমেটেল , বেৰিল , নির্মাণ সামগ্রী , এছবেষ্টক ফায়াৰ ক্লে , কেৱলিন , ফুলাৰৰ্ছ আৰ্থ , মাইকা , কোৱাৰ্টজ , ডল’মাইট আদি বিভিন্ন খনিজ দ্রব্য অসমত পোৱা যায় । কিন্তু এইসমূহৰ বেছিভাগ খনিজ দ্ৰব্যৰ আহৰণ অর্থনৈতিকভাবে লাভজনক হৈ উঠা নাই । অসমৰ সোৱণশিৰি নদীত ঊনৈশ শতিকাৰ পূৰ্বৰে পৰা সোণ আহৰণ চলি আহিছিল ।

১০। জল সংৰক্ষণৰ কেইটামান ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা ৷

 উত্তৰঃ পানী হৈছে আটাইতকৈ মূল্যবান আৰু অপৰিহাৰ্য প্রাকৃতিক সম্পদসমূহৰ মাজৰ এটা – যাৰ সংৰক্ষণৰ বাবে উপযুক্ত কৌশল অৱলম্বন কৰা উচিত । এইক্ষেত্ৰত এই ব্যৱস্থাসমূহ ল’ব পৰা যায় —

( ক ) বৰষুণৰ পানী কর্ষণ ।

( খ ) পানী বাগৰি যোৱা হ্ৰাসকৰণ ।

( গ ) শুকাই যোৱাত বাধা দিয়া ।

( ঘ ) পানীৰ পুনৰ ব্যৱহাৰ । 

( ঙ ) পানীৰ অপচয়ত বাধা দিয়া ।

( চ ) জলপ্ৰদূষণ নিয়ন্ত্রণ ।

( ছ ) কঠোৰ আইন বলবৎ কৰা । আৰু

( জ ) সজাগতা কাৰ্যসূচী গ্রহণ

অতিৰিক্ত প্রশ্নোত্তৰ

১। ভাৰতবৰ্ষৰ বৃহৎ নদী বান্ধ প্রকল্পবিৰোধী দুটা আন্দোলনৰ নাম লিখা ৷ 

উত্তৰঃ ( ক ) নীৰৱ উপত্যকা বা ছাইলেণ্টভেলী আন্দোলন । আৰু

( খ ) নর্মদা বাচাও আন্দোলন । 

২। নীৰৱ উপত্যকা প্ৰকল্পৰ বিৰুদ্ধে কোনে প্রথম জনমত গঢ়ি তোলে ? 

উত্তৰঃ ১৯৭৮ চনত কেৰালা শাস্ত্ৰ পৰিষদে । 

৩। জধে – মধে গছ কটাৰ বিৰুদ্ধে ভাৰতৰ মাটিত পোনপ্ৰথমবাৰ কোনে আন্দোলন কৰিছিল ? 

উত্তৰঃ বিষ্ণৌ সম্প্ৰদায়ৰ লোকে । 

৪। সুন্দৰলাল বহুগুণা কোন ? 

উত্তৰঃ কৰ্ণাটকৰ এপ্পিকো আন্দোলনৰ গুৰি ধৰোঁতা । 

৫। চিপ্‌কো শব্দৰ অৰ্থ কি ? 

উত্তৰঃ সাৱটি ধৰা । 

৬। গড়ৱাল অঞ্চলত গঠন হোৱা ‘ কশৌলী গ্রাম স্বৰাজ সংঘ ’ কাৰ নেতৃত্বত গঢ়ি উঠিছিল ?

উত্তৰঃ সৰ্বোদয় কর্মী সৰলা দেৱী আৰু চণ্ডীপ্রসাদ ভট্টৰ নেতৃত্বত । 

৭। নর্মদা বাচাও আন্দোলনৰ গুৰি ধৰোঁতা লোকসকলৰ নাম উল্লেখ কৰা । 

উত্তৰঃ বাবা আমটে , মেধা পাটেকাৰ , সুন্দৰলাল বহুগুণা আদিয়ে । 

৮। বিষ্ণৌসকলে কি গছ ৰোপণ কৰি তাৰ পৰা খাদ্য প্ৰস্তুত কৰিছিল ? 

উত্তৰঃ খেজৰী নামৰ এবিধ গছ । 

৯। ছাইলেণ্টভেলী আন্দোলন কিয় গঢ়ি উঠিছিল ? 

উত্তৰঃ কেৰালা ৰাজ্যৰ প্রাকৃতিক সম্পদ আৰু জীৱ বিচিত্ৰতা ৰক্ষা কৰাৰ বাবে । 

১০। নর্মদা নদীত বান্ধ দিলে কোনবোৰ ঠাই ক্ষতিগ্রস্ত হ’ব ? 

উত্তৰঃ মহাৰাষ্ট্ৰ , মধ্যপ্রদেশ আৰু গুজৰাটৰ কেবাখনো গাঁও ।

১১। বনজ সম্পদ সংৰক্ষণৰ ব্যৱস্থাবোৰ উল্লেখ কৰা । 

উত্তৰঃ বনজ সম্পদসংৰক্ষণৰ ব্যৱস্থাসমূহ হ’ল— 

(ক) অৰণ্য ধাৰণ ক্ষমতা নিৰূপণ কৰিহে অৰণ্য সম্পদ আহৰণ কৰিব লাগে । 

(খ) যিমানখিনি গছ , বাঁহ কটা হয় সিমানখিনি ৰোৱাৰ ব্যৱস্থা কৰিব লাগে । 

(গ) ইন্ধনৰ বাবে গছ , বন নাকাটি তাৰ ঠাইত বিকল্প ইন্ধন বা জৈৱিক গেছ ব্যৱহাৰ কৰিব লাগে । 

(ঘ) বায়ুমণ্ডলত থকা সেউজ গৃহ গেছৰ পৰিমাণ সত্তলিত কৰি ৰখাৰ উদ্দেশ্যে সামাজিক বনানিকৰণ আঁচনিৰ জৰিয়তে পতিত মাটিত বনানিকৰণ কৰিব লাগে । পথৰ কাষে কাষে আৰু ৰাজহুৱা স্থানত বৃক্ষৰোপণ আদি কৰিব লাগে । 

(ঙ) ঠায়ে ঠায়ে পৰিবেশ উদ্যান পাতি ফলমূলৰ গছ , বনৌষধি গছ ৰোপণ কৰি পাৰিপাৰ্শ্বিক ভাৰসাম্য অটুত ৰাখিব লাগে ৷ 

(চ) প্রাকৃতিক সম্পদ ব্যৱহাৰত মিতব্যয়ী হ’ব লাগে আৰু জধে – মধে সম্পদ বিনষ্ট কৰা প্ৰৱণতা ৰোধ কৰিব লাগে । বিশেষকৈ যিবোৰ সম্পদ নবীকৰণ কৰিব নোৱাৰি ( যেনে পেট্ৰ’লিয়াম , কয়লা আদি ) সেইবোৰ ব্যৱহাৰ কৰাত অতি সাৱধান হ’ব লাগে ৷ 

(ছ) বৃহ উদ্যোগ স্থাপনৰ পৰিৱর্তে অর্থনৈতিকভাৱে লাভজনক ক্ষুদ্র উদ্যোগ স্থাপন কৰিব লাগে ৷ 

১২। চিপ্‌কো আন্দোলনৰ মূল উদ্দেশ্যবোৰ কি লিখা ।

উত্তৰঃ চিপ্‌কো আন্দোলনৰ মূল লক্ষ্য ছটা— 

(ক) অৱবাহিকা অঞ্চলত গছ – গছনি কটা সম্পূৰ্ণৰূপে বন্ধ কৰা আৰু বনানিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা ।

(খ) ঠিকাদাৰৰ দ্বাৰা কাঠৰ মহল ডাকত লোৱা সম্পূৰ্ণৰূপে বন্ধ কৰা । গ্রাম্য সমবায়ৰ জৰিয়তে অতিৰিক্ত গছ কটাৰ ব্যৱস্থা কৰা আৰু বৃক্ষৰোপণৰ ব্যৱস্থা কৰা । 

(গ) গাঁৱৰ মানুহৰ অভাৱ পূৰণৰ বাবে অৰণ্য সম্পদ জৰীপ কৰি ৰাহি সম্পদ আহৰণ কৰিবলৈ দিয়া । 

(ঘ) বনজ সম্পদৰ ওপৰত ভিত্তি কৰি স্থানীয় লোকৰ দ্বাৰা কুটীৰ উদ্যোগ স্থাপন কৰাত উদ্‌গনি দিয়া । 

(ঙ) স্থানীয় লোকক বনানিকৰণ আঁচনি আৰু কৃষি পাম স্থাপনত জড়িত কৰা । 

(চ) পৰিস্থিতি তান্ত্রিক , ভূতাত্বিক আৰু উদ্ভিদ তাত্বিক জৰীপ কৰাৰ পিছতহে বৃহৎ উদ্যোগ নিৰ্মাণৰ অনুমতি দিয়া আৰু পৰিবেশ প্ৰদূষণ নোহোৱাৰ নিশ্চয়তা লাভৰ পিছতহে তেনে উদ্যোগ স্থাপনত অনুমতি দিয়া ইত্যাদি । 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top