Global Politics Unit 2 বিশ্ব ৰাজনীতিত সমস্যা আৰু প্ৰতিষ্ঠানসমূহ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Global Politics Unit 2 বিশ্ব ৰাজনীতিত সমস্যা আৰু প্ৰতিষ্ঠানসমূহ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Global Politics Unit 2 বিশ্ব ৰাজনীতিত সমস্যা আৰু প্ৰতিষ্ঠানসমূহ Question Answer can be of great value to excel in the examination.
Global Politics Unit 2 বিশ্ব ৰাজনীতিত সমস্যা আৰু প্ৰতিষ্ঠানসমূহ
Global Politics Unit 2 বিশ্ব ৰাজনীতিত সমস্যা আৰু প্ৰতিষ্ঠানসমূহ Notes cover all the exercise questions in UGC Syllabus. Global Politics Unit 2 বিশ্ব ৰাজনীতিত সমস্যা আৰু প্ৰতিষ্ঠানসমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
১০। গোলকীয় সামাজিক আন্দোলন বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি? (What do you understand by Global Social Movement? What are its characteristics?)
উত্তৰঃ গোলকীয় সামাজিক আন্দোলন ব্যক্তি, সমূহ আৰু সংগঠনৰ এক মুক্ত নেটৱৰ্ক যিটো দেশীয় সীমা অতিক্ৰমি গোটেই বিশ্বতে এক সমূহীয়া কাৰ্যসূচীৰ বাবে কাম কৰে। ইয়াৰ দ্বাৰা সামাজিক আন্দোলনে এক অনন্য পৰিচয়ৰ সৃষ্টি কৰে বা গঢ়ি তোলে আৰু ইয়াৰ দ্বাৰা গোলকীয় প্ৰশাসনৰ এক প্ৰভাৱশালী অংশ হৈ পৰে। গোলকীয় সামাজিক আন্দোলন হৈছে এক প্ৰকাৰৰ সামাজিক আন্দোলন যিয়ে সময় আৰু বিশেষ ঠাইৰ পৰা মুক্ত। এই আন্দোলনে আন্তঃৰাজ্যিক সম্পৰ্কৰ বা বান্ধোনৰ বহু ওপৰত অৰ্থাৎ দেশৰ সীমা অতিক্ৰমি প্ৰসাৰতা লাভ কৰে। সেয়েহে, ই গোলকীয় সামাজিক আন্দোলন হৈ পৰে। অৰ্থাৎ গোলকীয় সামাজিক আন্দোলন হৈছে সেইবিলাক আন্দোলন যিবোৰ আন্তঃৰাষ্ট্ৰীয়, স্থানীয়, ৰাষ্ট্ৰীয় ক্ষেত্ৰত কাৰ্যকৰী হয়।
গোলকীয় সামাজিক আন্দোলন হৈছে, এক আন্দোলন যিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গোলকীয় সমাজৰ হিতৰ বাবে সামাজিক পৰিৱৰ্তনৰ পোষকতা কৰে। আন্তঃৰাষ্ট্ৰীয় স্তৰত আন্দোলনৰ উদ্দেশ্যয়ে গোলকীয়, তাৰ বাবে প্ৰতিবাদ। প্ৰচাৰ অভিযান আৰু অন্য ধৰণৰ কাৰ্য কৰে যিবোৰে এখনতকৈ অধিক ৰাষ্ট্ৰ বা আন্তঃৰাষ্ট্ৰীয় চৰকাৰী সংগঠনক লক্ষ্য হিচাপে লয়। কিয়নো আন্তঃৰাষ্ট্ৰীয় নীতি-নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰ, আন্তঃৰাষ্ট্ৰীয় চৰকাৰী সংগঠন ইত্যাদিবোৰে বিশেষ ভূমিকা পালন কৰে।
গোলকীয় সামাজিক আন্দোলনসমূহ গোলকীয় সামাজিক ন্যায়ৰ সৈতেও জড়িত। অৰ্থাৎ নব্য উদাৰতাবাদে বিশ্বায়নৰ নামত এক শোষণ আৰু কৰ্তৃত্বশালী শাসনৰ সূচনা কৰিছে। যাৰ ফলত উন্নত দেশবোৰ উন্নত হৈছে আছে আৰু অনুন্নয়ন দেশবোৰত শোষণ কৰি আছে। গোলকীয় সামাজিক আন্দোলনে নব্য উদাৰতাবাদৰ শোষণকাৰী নীতিসমূহ প্ৰত্যাহাৰৰ দাবী জনাই সৰ্বব্যাপী প্ৰতিবাদ কৰি আহিছে।
গোলকীয় সামাজিক আন্দোলনৰ বৈশিষ্ট্য:
গোলকীয় সামাজিক আন্দোলনৰ বৈশিষ্ট্যসমূহ এনেধৰণৰ-
(ক) যিহেতু, ই এক গোলকীয়ভাৱে হোৱা সামাজিক আন্দোলন, সেয়েহে, এই আন্দোলনৰ পোষকসমূহৰ মাজত এক শিথিল বান্ধোন থাকে। কিয়নো ই দেশীয়া সীমা অতিক্ৰম কৰি যায়। এই আন্দোলনসমূহৰ সম্পর্ক শিথিল হোৱা বাবে সময়ানুসাৰে ইয়াৰ চানেকি, বাৰ্তা আৰু সমষ্টি ইত্যাদি অতি ক্ষীপ্ৰ ৰূপত সলনি হৈ থাকে।
(খ) এই আন্দোলনসমূহ পৰ্যায়ক্ৰমে বিয়পি আৰু বিস্তাৰিত হৈ গৈ থাকে সেয়েহে ইয়াৰ উদ্দেশ্য, অৱধাৰণা ইত্যাদি সলনি হৈ গৈ থাকে, যাৰ ফলত এইবোৰৰ কেতিয়াবা অস্পষ্ট আৰু পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা থাকে।
(গ) গোলকীয় সামাজিক আন্দোলনে কিছুমান এনেকুৱা ধাৰণা সন্মুখলৈ আগবঢ়াই আনে যিবোৰ গোলকীয় বিশ্বত অতি কম গুৰুত্ব লাভ কৰে। যেনে – সামাজিক ন্যায়, গণতন্ত্ৰৰ অৱস্খলন, শান্তিৰ প্ৰতিবন্ধকতা, অসমতা, অংশগ্ৰহণৰ সীমাবদ্ধতা, জৈৱিক অৱক্ষয়, ক্ষমতাৰ অসমতা ইত্যাদি।
(ঘ) গোলকীয় সামাজিক আন্দোলনে গোলকীকৰণৰ ফলত সৃষ্টি হোৱা ৰাষ্ট্ৰৰ ক্ষমতা হ্ৰাস কৰা, ব্যক্তিগত খণ্ডত অত্যাধিক ক্ষমতা প্ৰদান কৰা, জলবায়ুৰ প্ৰতি ভাবুকি সৃষ্টি কৰা, মুক্ত ব্যৱসায়, ৰাজসাহায্য হ্ৰাস কৰা ইত্যাদি নীতিৰ বিৰোধীতা কৰে। তাৰ পৰিৱৰ্তে ই নব্য উদাৰতাবাদ আৰু বিশ্বায়নৰ অন্য নীতিৰ পোষকতা কৰে যিবোৰ তৃণমূল অঞ্চলৰ পৰাই উন্নয়ন লাভ কৰে বা কৰাত সহায় কৰে।
(ঙ) গোলকীয় সামাজিক আন্দোলনক আন কিছুমান নামেৰেও জানা যায়। উদাহৰণস্বৰূপে – গোলকীয় ন্যায় আন্দোলন, গোলকীয় গণতান্ত্ৰিক আন্দোলন, বিকল্প গোলকীকৰণৰ আন্দোলন, সমালোচনাত্মক গোলকীকৰণ আন্দোলন, গোলকীয় সামাজিক ন্যায় আৰু গণতান্ত্ৰিক আন্দোলন ইত্যাদি।
(চ) গোলকীয় সামাজিক আন্দোলনৰ যোগেদি বিভিন্ন আন্দোলনকাৰী দল তথা সমাজসেৱীসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন কৌশলেৰে নব্য উদাৰতাবাদৰ আৰু গোলকীকৰণৰ অমানৱীয় নীতি সমূহৰ বিৰুদ্ধে প্ৰতিবাদ কৰে।
(ছ) গোলকীয় সামাজিক আন্দোলনৰ আন এক বৈশিষ্ট্য হৈছে – ইণ্টাৰনেট সেৱা আৰু চ’চিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ অত্যাধিক ব্যৱহাৰ কৰা। ইয়াৰ যোগেদি কৰ্তৃত্বশালী নব্য উদাৰতাবাদৰ বিৰোধীতা কৰাৰ উপৰিও, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সকলো দেশৰ সমান অংশগ্ৰহণ (নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত) সকলো দেশকে সামৰি লোৱাৰ পোষকতা কৰে।
(জ) গোলকীয় সামাজিক আন্দোলনক উত্তৰ আধুনিকতাবাদৰ ফল হিচাপে গণ্য কৰা হয়। ইয়াৰোপৰি এই আন্দোলনে গোলকীয় নাগৰিক সমাজৰ এইকাৰণে পোষকতা কৰে যে, এই সমাজে ৰাষ্ট্ৰতকৈ অধিক ভাল পথেৰে জনসাধাৰণক আগুৱাই লৈ যাব বুলি বিশ্বাস কৰে।
কেইটামান গোলকীয় সামাজিক আন্দোলনৰ উদাহৰণ:
(a) কিছুমান জনপ্ৰিয় সংগঠন যিবোৰে গোলকীয় সামাজিক আন্দোলনৰ প্ৰতিনিধিত্ব কৰে-
(i) মেক্সিকোৰ ‘জাপাটিষ্টা’।
(ii) জেনেভাত প্ৰতিষ্ঠা কৰা ‘পিপলচ্ গ্লোবেল একচন’।
(iii) বিশ্ব সামাজিক মঞ্চ।
(iv) ইংলেণ্ডত গঢ়ি উঠা ‘গোলকীয় প্ৰতিৰোধ’ ইত্যাদি।
(b) নব্য উদাৰতাবাদী বিশ্বায়নৰ বিৰুদ্ধে সংঘটিত হোৱা কেইটামান উল্লেখযোগ্য প্ৰতিবাদ যেনে-
(i) চিঅটলৰ প্ৰতিবাদ, আমেৰিকা যুক্তৰাষ্ট্ৰ।
(ii) প্ৰেগোত্ৰত হোৱা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাকোষ আৰু বিশ্ব বাণিজ্য সংস্থাৰ সন্মিলন (২০০০) ৰ সময়ত পোৱা পুঁজিবাদ বিৰোধী আন্দোলন।
(iii) ২০০১ জুলাইত জেনেভাত হোৱা G8 সন্মিলনৰ সময়ত হোৱা ব্যাপক প্ৰতিবাদ।
(iv) গোথেন বাৰ্গত হোৱা ইউৰোপীয়ান ইউনিয়নৰ সন্মিলন (২০০১) ৰ সময়ত হোৱা ব্যাপক প্ৰতিবাদ।
(v) ২০০২ ত হোৱা প্ৰথম ইউৰোপীয়ান সামাজিক মঞ্চ।
(vi) গ্ৰেটা থানবাৰ্গৰ দ্বাৰা জলবায়ু পৰিৱৰ্তন প্ৰতিবাদ ইত্যাদি।
সামৰণিত ক’ব পাৰি যে, গোলকীয় সমাজিক আন্দোলন হৈছে এক শিথিল নেটৱৰ্ক যিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সামাজিক পৰিৱৰ্তনৰ সূচনা কৰে। ই নব্য উদাৰতাবাদী গোলকীকৰণৰ নকাৰাত্মক দিশবোৰৰ বিৰোধীতা কৰাৰ লগতে ৰাষ্ট্ৰৰ ক্ষমতাৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰে। গোলকীয় নাগৰিক সমাজে গোলকীয় সামাজিক আন্দোলনৰ দ্বাৰা ইয়াৰ উদ্দেশ্য পূৰণ কৰে য’ত সামাজিক আন্দোলনে সাংগঠনিক ভেঁটি হিচাপে বেচৰকাৰী সংস্থাৰ ব্যৱহাৰ কৰে। বৰ্তমান সময়ত গোলকীকৰণৰ আগ্ৰাসন ৰোধ কৰাৰ ক্ষেত্ৰত গোলকীয় সামাজিক আন্দোলনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তথাপি ইয়াৰ জনপ্ৰিয়তা তৃণমূল পৰ্যায়লৈ বিয়পি পৰাৰ ক্ষেত্ৰত বহু দূৰ বাকী আছে।
১১। বেচৰকাৰী সংস্থা হিচাপে গোলকীয় সামাজিক আন্দোলনত বিশ্ব সামাজিক মঞ্চৰ ভূমিকা লিখা। (Write the role of the world social Platfrom in the global social movement as a private organization.)
উত্তৰঃ বিশ্বায়নৰ পৃথিৱীত গোলকীয় সামাজিক আন্দোলনৰ অংশ হিচাপে এক অনন্য ভূমিকা পালন কৰা এক অন্যতম বেচৰকাৰী সংস্থা হৈছে- বিশ্ব সামাজিক মঞ্চ। বিশ্ব সামাজিক মঞ্চই গোলকীকৰণৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। বিশ্ব সামাজিক মঞ্চ হৈছে এখন গোলকীয় মঞ্চ, যিয়ে মানৱ অধিকাৰ সুৰক্ষা কৰ্মী, পৰিৱেশবিদ আৰু নাৰী/মহিলা সুৰক্ষা কৰ্মীক একত্ৰিক হোৱাৰ সুযোগ দিয়ে।
বিশ্ব সামাজিক মঞ্চ আৰম্ভণি : বিশ্ব সামাজিক মঞ্চ হৈছে কেইবাটাও বছৰ জুৰি গোলকীকৰণৰ বিৰুদ্ধে চলা প্ৰতিবাদৰ ফলাফল। ১৯৯৯ চনত ৱাছিংটনৰ চিঅটলত বিশ্ব বাণিজ্য সংস্থাৰ মন্ত্ৰীবৰ্গীয় আলোচনা হৈ থকা সময়তে বিশ্ব বাণিজ্য সংস্থাৰ বিৰুদ্ধে এক প্ৰতিবাদৰ সূচনা হয়। এই প্ৰতিবাদৰ গুৰি ধৰিছিল বিভিন্ন সামাজিক কৰ্মী আৰু সমূহে। এই প্ৰতিবাদৰ মূল কাৰণ আছিল যে, নব্য উদাৰতাবাদী বিশ্বায়নৰ নামত বিশ্ব বাণিজ্য সংস্থাই এক অন্যায়মূল ব্যৱসায়িক প্ৰক্ৰিয়া চলাই আছে যাৰ দ্বাৰা উন্নয়নৰ লভ্যাংশ কেৱল উন্নত দেশসমূহৰ মাজতে সীমাবদ্ধ হৈ আছে আৰু অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ কোনো লাভ হোৱা নাই। ইয়াৰ দ্বাৰা অৰ্থনৈতিকভাৱে উন্নত দেশসমূহে ব্যৱসায়ৰ নামত অনুন্নত আৰু উন্নয়নশীল দেশসমূহৰ ওপৰত শোষণ চলাই আহিছে। এইটো আছিল বিশ্ব বাণিজ্য সংস্থাৰ বিৰুদ্ধে কৰা প্ৰথমটো সমূহৰ প্ৰতিবাদ।
এই প্ৰতিবাদক অনুসৰণ কৰিয়েই পৰৱৰ্তী সময়ত আন তিনিখন / তিনিটা প্ৰতিবাদ কাৰ্যসূচী সংঘটিত হয় ক্ৰমে ৱাছিংটন ডিচি (২০০০), প্ৰাগোত্ৰ (২০০০) ত আৰু জেনোৱা ২০০১)ত। কিন্তু এই প্ৰতিবাদী কাৰ্যসূচীসমূহৰ দ্বাৰা কোনো বিশেষ ফলাফল দেখা নগ’ল। ফলস্বৰূপে, প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা সদস্যসমূহ যেনে- শ্ৰমিক, যুব আৰু নাৰী সুৰক্ষা কৰ্মী আন্দোলনকাৰী, পৰিৱেশবিদ আৰু মানৱ অধিকাৰ কৰ্মী সকলে মতামত প্ৰকাশ কৰি একেলগে হৈ এটা সক্রিয় আৰু শক্তিশালী সংগঠনৰ জন্ম দিয়ে। যাক বিশ্ব সামাজিক মঞ্চ হিচাপে জনা যায়।
২০০১ চনৰ জানুৱাৰী মাহত ব্ৰাজিলৰ পট এলেগ্ৰেত বিশ্ব সামাজিক মঞ্চৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। ইয়াৰ শ্ল’গান আছিল ‘অন্য এক পৃথিৱীৰ সম্ভাৱনা আছে’ (Another World Possible) অৰ্থাৎ ই নব্য উদাৰতাবাদৰ বিৰোধীতা কৰি বিকল্প আদৰ্শৰ পোষকতা কৰে। বিশ্ব সামাজিক মঞ্চৰ মতে ৰাষ্ট্ৰসমূহে নব্য উদাৰতাবাদৰ বিকল্পৰ আদৰণি জনাব লাগে।
২০০৪ চনত ভাৰতত বিশ্ব সামাজিক সংস্থাৰ চতুৰ্থখন বৈঠক অনুষ্ঠিত হয়। কিন্তু ২০০৬ চনৰ পৰা বিশ্ব সামাজিক সংস্থাই একেলগে বিভিন্ন দেশত বৈঠক অনুষ্ঠিত কৰে যাতে ইয়াৰ সদস্যৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে জনসাধাৰণক ভালদৰে প্ৰভাৱিত কৰিব পাৰে। ইয়াৰোপৰি বিভিন্ন দেশত ই সহায়কাৰী মঞ্চও স্থাপন কৰে। যেনে- ভাৰতীয় সামাজিক মঞ্চ।
বিশ্ব সামাজিক মঞ্চক গোলকীয় নাগৰিক সমাজৰ এক স্বচ্ছ / দৃশ্যমান প্ৰকাশ বুলি ক’ব পাৰি। বিশ্ব সামাজিক মঞ্চই আন্তঃৰাষ্ট্ৰীয় সংহতিৰ বাবে বেচৰকাৰী সংগঠন, প্ৰতিবাদ সাব্যস্ত আৰু আনুষ্ঠানিক আৰু অনানুষ্ঠানিক সামাজিক আন্দোলনৰ পোষকতা কৰে। বিশ্ব সামাজিক মঞ্চই নিজকে এক মুক্ত মঞ্চ হিচাপে আগবঢ়ায় যিয়ে বিকেন্দ্ৰীকৰণ বিতৰ্ক, প্ৰস্তাৱ সৃষ্টি, অভিজ্ঞতা সালসলনি আৰু আন্দোলনসমূহৰ মাজত ঐক্য স্থাপন কৰিবলৈ উৎসাহিত কৰে। ই হৈছে এটা নব্য উদাৰতাবাদৰ বিৰুদ্ধে গঢ়ি উঠা বিকল্প প্ৰক্ৰিয়া বা মঞ্চ।
গোলকীয় সামাজিক আন্দোলনত বিশ্ব সামাজিক মঞ্চৰ ভূমিকা:
(ক) বিশ্ব সামাজিক মঞ্চই নব্য উদাৰতাবাদৰ উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণৰ বিৰোধীতা কৰে। ইয়াৰ পৰিৱৰ্তে ই স্থানীয়, ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সমূহ, বেচৰকাৰী সংস্থা ইত্যাদিক আলোচিত সমস্যাসমূহ চিনাক্ত কৰাত সহায় কৰে আৰু ইয়াৰ সমাধানৰ বাবে গোলকীকৰণৰ বিকল্প পথৰ অনুসন্ধান কৰাৰ পৰামৰ্শ আগবঢ়ায়।
(খ) আলোচিত সমস্যাসমূহ বিয়পাই বিশ্ব সামাজিক মঞ্চই সহায় কৰে যাতে, গোলকীকৰণে সৃষ্টি কৰা সমস্যাসমূহ গোটেই বিশ্ববাসীৰ পৰিলক্ষিত হয়।
(গ) বিশ্ব সামাজিক মঞ্চই বিশ্ব নাগৰিক সমাজৰ হৈ প্ৰতিনিধিত্ব কৰে।
অৱশ্যে, বিশ্ব সামাজিক মঞ্চই গোলকীকৰণ আৰু নব্য উদাৰতাবাদৰ বিৰুদ্ধে কৰা বিৰোধীতাক বহুতে অর্থহীন বুলি ক’ব খোজে। কিয়নো সকলো ৰাষ্ট্ৰই নব্য উদাৰতাবাদ গ্ৰহণ কৰি যিকোনো উপায়ে আৰ্থিকভাৱে উন্নতি কৰিব বিচাৰে। সেয়েহে, বিশ্ব সামাজিক মঞ্চৰ মতানুসাৰে গোলকীকৰণক নস্যাৎ কৰাটো অতি কঠিন।
ৰাজনৈতিক চিন্তাবিদ ‘কোহলেৰ’ৰ মতে, “বিশ্ব সামাজিক মঞ্চৰ এক শক্তিশালী শ্ল’গান আছে কিন্তু প্ৰকৃতার্থত বিশ্বত ই বিশেষ প্ৰভাৱ পেলাব পৰা নাই।”
কিন্তু এইটোও সত্য যে, বিশ্ব সামাজিক মঞ্চই গোলকীয় নাগৰিক সমাজ তথা বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিত্ব কৰে। ইয়াৰ দ্বাৰাই গোলকীকৰণ আৰু নব্য উদাৰতাবাদে আওকাণ কৰা সমস্যাসমূহ উত্থাপিত হয়।
১২। গোলকীয় সামাজিক আন্দোলনৰ অংশ হিচাপে এমনেষ্টি ইণ্টাৰনেচনেলৰ বিষয়ে চমুকৈ আলোচনা কৰা। (Discuss about Amnesty International as a part of Global Society Movements.)
উত্তৰঃ যিটো সময়ত নব্য উদাৰতাবাদৰ প্ৰসাৰতাই গোটেই বিশ্বতে প্ৰসাৰ লাভ কৰিছে ঠিক সেইটো সময়তেই নব্য উদাৰতাবাদে কেৱল আৰ্থিক উন্নয়ন, প্ৰযুক্তি বিদ্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন স্পৰ্শকাতৰ বিষয় যেনে- মানৱ অধিকাৰ, মহিলা সৱলীকৰণ, খাদ্য, পৰিপুষ্টি যোগান, ন্যায় প্ৰদান, শোষণৰ অন্ত ইত্যাদি বিষয়ৰ প্ৰতি আওকাণ কৰা দেখা গৈছে। ক্ষমতা আৰু লাভালাভৰ দৌৰাত্ম্যও এনে বিষয়সমূহ প্ৰায়ে অৱহেলিত হৈ ৰয়। এমনেষ্টি ইণ্টাৰনেচনেল হৈছে এনেকুৱা এটা আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা যিয়ে মানৱ অধিকাৰৰ হ’কে কাম কৰে।
এমনেষ্টি ইণ্টাৰনেচনেলৰ জন্ম আৰু গঠন:
এমনেষ্টি ইণ্টাৰনেচনেল গঠন কৰা হৈছিল ১৯৬১ চনৰ জুলাই মাহত, লণ্ডনত। এমনেষ্টি ইণ্টাৰনেচনেলে মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে প্ৰচাৰ অভিযান চলোৱাৰ লগতে আন্তৰ্জাতিক আইন আৰু মানদণ্ড সুচাৰুৰূপে পালন কৰাত অৰিহণা যোগায়। ই মানৱ অধিকাৰ উলংঘন হোৱা ঘটনাস্থলীৰ পৰা জনসাধাৰণৰ মতামত কাৰ্যকৰী কৰে যাতে এইবোৰে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে। এমনেষ্টি ইণ্টাৰনেচনেল মূলতঃ স্বেচ্ছাসেৱক সদস্যৰ দ্বাৰা গঠিত। দেশসমূহৰ ক্ষেত্ৰত প্ৰত্যেকখন দেশতেই ইয়াৰ একো একোটা শাখা আছে। এই সংগঠনটো চেক্ৰেটাৰী জেনেৰেলৰ দ্বাৰা পৰিচালিত হয়।
এমনেষ্টি ইণ্টাৰনেচনেলৰ আৱৰণ পৰিসৰ:
এমনেষ্টি ইণ্টাৰনেচনেলে নিজৰ পৰিসৰৰ ভিতৰত নিম্নলিখিত ধাৰণাসমূহ / সমস্যাসমূহ অন্তৰ্ভুক্ত কৰে –
(ক) মহিলা, ল’ৰা-ছোৱালী / শিশু, সংখ্যালঘু আৰু থলুৱালোকৰ অধিকাৰ।
(খ) শোষণৰ অন্ত।
(গ) মৃত্যুদণ্ডৰ অৱসান।
(ঘ) প্ৰব্ৰজনকাৰীৰ অধিকাৰ।
(ঙ) কয়দীসকলৰ বিবেচনাপূৰ্ণ অধিকাৰ।
(চ) মানৱীয় মৰ্যাদা ৰক্ষা কৰা ইত্যাদি।
এমনেষ্টি ইণ্টাৰনেচনেলে চৰকাৰৰ দ্বাৰা, সশস্ত্ৰ ৰাজনৈতিক সমূহ, ব্যক্তিগত খণ্ড ইত্যাদিয়ে কৰা মানৱ অধিকাৰ উলংঘনৰ বিষয়ে বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে।
এমনেষ্টি ইণ্টাৰনেচনেলে কৰা কাৰ্যবোৰ হ’ল-
(ক) সশস্ত্ৰ সংঘাত: বৰ্তমান সময়ত ব্যাপক হাৰত সশস্ত্ৰ সংঘাত সংঘটিত হৈ থকা দেখা যায়। এনে সংঘাতৰ ফলত ভালেসংখ্যক নাগৰিকে অত্যাচাৰ, হত্যা, লুণ্ঠন আদিৰ সন্মুখীন হয়। এমনেষ্টি ইণ্টাৰনেশ্যনেলে এনেবোৰ সংঘাতৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ লগতে এনে সংঘাতৰ অমানৱীয় দিশসমূহ চৰকাৰৰ ওচৰত উদঙাই তোলে।
(খ) জলবায়ু পৰিৱৰ্তন: নব্যউদাৰতাবাদে ব্যাপক হাৰত প্ৰযুক্তিবিদ্যাৰ উন্নয়ন আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত কৰা শোষণৰ ফলত জনসাধাৰণে বিশেষকৈ থলুৱা লোকসকলে সমস্যাত ভুগিবলগীয়া হৈছে। প্ৰাকৃতিক সম্পদৰ অত্যাধিক ব্যৱহাৰ আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নে জলবায়ু পৰিৱৰ্তনত অৰিহণা যোগায়। ফলস্বৰূপে স্থানীয় জনসাধাৰণৰ বাবে ই ভাবুকি স্বৰূপ হৈ পৰে। এমনেষ্টি ইণ্টাৰনেচনেলে এনেবোৰ ভাবুকিৰ প্ৰতি প্ৰত্যাহ্বান জনাই জীৱনৰ অধিকাৰ, গৃহৰ অধিকাৰ, স্বাস্থ্যৰ অধিকাৰ ইত্যাদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে
(গ) বিভিন্ন নিগম: যদিওৱা ব্যক্তিগত নিগমসমূহে বহুতো সুবিধাৰ সৃষ্টি, কৰে অধিক সময়ত এই বিলাকে সমস্যাৰো সৃষ্টি কৰি আহিছে। দুৰ্বল দেশসমূহক নিয়ন্ত্ৰণ কৰি নিগমসমূহে জনসাধাৰণৰ আৰু সম্প্ৰদায়ৰ ওপৰত ধ্বংসাত্মক প্ৰভাৱ পেলোৱা এটা অন্যতম উদাহৰণ। এমনেষ্টি ইণ্টাৰনেচনেলে এনে ধৰণৰ নিগমসমূহক ৰোধ কৰাত আৰু মানৱ অধিকাৰ ৰক্ষাৰ পোষকতা কৰে।
(ঘ) মৃত্যুদণ্ড: মৃত্যুদণ্ড হৈছে এক অমানৱীয় আৰু সৰ্বোচ্চ নিষ্ঠুৰতা। বিভিন্ন কাৰণত ব্যক্তিক মৃত্যুদণ্ড প্ৰদান কৰা হয় যদিও এমনেষ্টি ইণ্টাৰনেচনেলে ইয়াক মানৱ অধিকাৰৰ দিশৰ পৰা বিৰোধীতা কৰে।
(ঙ) মানৱীয় মৰ্যাদাৰ বাবে মানৱ অধিকাৰ: বিশ্বৰ অধিকসংখ্যক মানুহ ভোক, দুৰ্বল আশ্ৰয়স্থল, খোৱা পানীৰ অসুবিধা ইত্যাদিৰ বাবে মৃত্যুৰ সন্মুখীন হ’বলগা হয়। ইয়াৰ বাবে এমনেষ্টি ইণ্টাৰনেচনেলে ব্যক্তিক পৰ্যাপ্ত পৰিমানে সুবিধা প্ৰদান কৰে যাতে তেওঁলোকে চৰকাৰৰ ওচৰত তেওঁলোকৰ অসুবিধাৰ আৰু উন্নত জীৱন নিৰ্বাহৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে।
ইয়াৰোপৰিও ই থলুৱা লোক, বৈষমতা, মত প্ৰকাশৰ অধিকাৰ, আন্তঃৰাষ্ট্ৰীয় ন্যায়, আৰক্ষী সংঘাত, অত্যাচাৰ ইত্যাদিৰ বাবে মাত মাতে যিটো গোলকীকৰণ যুগত আওকাণ কৰা দেখা গৈছে। এনেদৰে এমনেষ্টি ইণ্টাৰনেচনেলে উপেক্ষিত হোৱা বিষয়সমূহক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ আনি বিশ্বব্যাপী সচেতনতা বৃদ্ধি কৰে।
বিভিন্ন সময়ত এমনেষ্টি ইণ্টাৰনেচনেলে সমালোচনাৰ সন্মুখীন হৈ আহিছে। যেনে-
(ক) বেছিভাগ সময়তে এমনেষ্টি ইণ্টাৰনেচনেলে সহায় কৰাৰ ক্ষেত্ৰত বাছনি কৰোতে পক্ষপাতী কৰে।
(খ) ই বেছিভাগ ক্ষেত্ৰতে বিফল হৈছে। ৰাষ্ট্ৰসমূহে এমনেষ্টি ইণ্টাৰনেচনেলে দাবী কৰা তথ্য সমূহ নিৰপেক্ষ নহৈ একপক্ষীয় বুলি দাবী কৰে।
(গ) কেথলিক চাৰ্চে এমনেষ্টি ইণ্টাৰনেচনেলক কেথলিক সংখ্যাগৰিষ্ঠ দেশমূহক অৱহেলা কৰে বুলি মত পোষণ কৰে।
তথাপি আন্তঃৰাষ্ট্ৰীয় স্তৰত মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত ই অতি গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে।
১৩। বেচৰকাৰী সংস্থা হিচাপে গ্ৰীণপিচ (Greenpeace) ৰ বিষয়ে চমুকৈ আলোচনা কৰা। (Discuss briefly about Greenpeace as on NGO.)
উত্তৰঃ গ্ৰীণপিচ হৈছে এটা আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা যিয়ে পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে কাম কৰে। ইয়াক ১৯৭১ চনত বেনকুওবাৰ, কানাডাত গঠন কৰা হৈছিল আৰু বৰ্তমান ৪৬ খন দেশত ইয়াৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় কাৰ্যালয় আছে। গ্ৰীণপিচ বৰ্তমান ইয়াৰ কাম কাজৰ বাবে গোটেই বিশ্বতে বিখ্যাত হৈছে।
গ্ৰীণপিচৰ লক্ষ্য আৰু উদ্দেশ্য: গ্ৰীণপিচে পৰিৱেশ সমস্যাৰ সমাধানৰ বাবে অহিংস আৰু সৃজনীমূলক প্ৰচাৰ চলায়। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে পৃথিৱীখনক বৰ্তমান প্ৰজন্মৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবেও বৰ্তাই ৰখা আৰু প্ৰতিপালন কৰা।
গ্ৰীণপিচৰ মুখ্য লক্ষ্যসমূহ হৈছে-
(ক) পৃথিৱীত সমস্যাৰ সৃষ্টি কৰা বিষয়সমূহ বাছনি কৰা।
(খ) পেলনীয়া আৰু ধ্বংসকাৰীভাৱে মাছ মৰাৰ বাধা দিয়া আৰু সামুদ্ৰিক সংৰক্ষণৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক গঢ়ি তোলা।
(গ) অৱশিষ্ট পুৰণি অৰণ্য সমূহ ৰক্ষা কৰা যাৰ ওপৰত বহুতো মানুহ, পশু-পক্ষী আৰু গছ-গছনি নিৰ্ভৰ কৰে।
(ঘ) নিৰস্ত্ৰীকৰণৰ সপক্ষে কাম কৰা আৰু অস্ত্ৰশস্ত্ৰৰ ক্ষেত্ৰত অতি কম প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ কৰা।
(ঙ) সামাজিক আৰু জৈৱিকভাৱে কৃষি কৰ্মৰ অভ্যাসৰ দ্বাৰা বহনক্ষম কৃষিৰ প্ৰচাৰ চলোৱা ইত্যাদি।
সততে উন্নয়নৰ নামত আওকাণ কৰা দিশটো ‘পৰিৱেশ সুৰক্ষা’ক গ্ৰীণপিচে লক্ষ্য হিচাপে লৈ আগবাঢ়ি গৈছে।
গ্ৰীণপিচৰ ভূমিকা:
(ক) গ্ৰীণপিচে জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে মানৱজাতিক প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ৰ ৰোধৰ বাবে আহ্বান জনায়। ই মূলতঃ ব্যক্তিৰ দ্বাৰা হোৱা জলবায়ু পৰিৱৰ্তনৰ কাৰকসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ই মানুহৰ ফলত হোৱা জলবায়ু পৰিৱৰ্তন বন্ধ কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে। তেওঁলোকে বিশ্ব বেংকে, এছিয়ান ডেভেলপমেন্ট বেংকৰ দৰে আন্তৰ্জাতিক আগশাৰীৰ সংস্থাসমূহক অভিযোগ কৰে যে, তেওঁলোকে বৃহৎ বিদ্যুৎ প্ৰকল্পৰ বাবে পুঁজি যোগান ধৰে যি পৰিৱেশত প্ৰতিকূল প্ৰভাৱ পেলায়। গ্ৰীণপিচ বা সেউজ শান্তি আন্দোলনে পৰিস্কাৰ শক্তিখণ্ড বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যিয়ে বিদ্যুৎ উৎপাদনৰ বাবে নৱীকৰণযোগ্য শক্তি সম্পদৰ ব্যৱহাৰ কৰে। তেওঁলোকে দাবী কৰে যে, জীৱাশ্ম ইন্ধন জ্বলাই বৃহৎ-বৃহৎ শক্তিখণ্ডই পৰিৱেশক যথেষ্ট পৰিমানে অৱনমিত কৰিছে।
(খ) নব্য উদাৰতাবাদ আৰু গোলকীকৰণৰ দ্বাৰা ৰাষ্ট্ৰসমূহৰ তীব্র বিকাশ হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও প্ৰকৃতাৰ্থত নব্য উদাৰতাবাদে নিবনুৱা দূৰীকৰণ আৰু বহলক্ষম উন্নয়ন নিশ্চিত কৰিব নোৱাৰিলে। ৰাজহুৱা পৰিবহন, আৱৰ্জনা পানী শোধন, নৱীকৰণযোগ্য শক্তিখণ্ড ইত্যাদিত কৰ্মশক্তি বৃদ্ধি কৰিলে নিবনুৱা সমস্যা হ্ৰাস হোৱাৰ লগতে ইতিবাচক পৰিৱেশগত প্ৰভাৱ সৃষ্টি কৰিব পাৰে বুলি সেউজ শক্তিয়ে ঠাৱৰ কৰে।
(গ) গ্ৰীণপিচে ভাৰতত ই-আৱৰ্জনা পুনব্যৱহাৰৰ প্ৰভাৱৰ বিষয়ে গৱেষণা কৰিছিল। ভাৰতবৰ্ষত ই-আৱৰ্জনা পুনব্যৱহাৰ অত্যন্ত অনিয়ন্ত্ৰিত। ই অনিয়ন্ত্ৰিত ই-আৱৰ্জনা পুনব্যৱহাৰৰ পৰিণাম অধ্যয়ন কৰিছিল। গ্ৰীণপিচে অধ্যয়নৰ দ্বাৰা লক্ষ্য কৰিছিল যে, বৈদ্যুতিক সঁজুলিত ব্যৱহৃত বিপদজনক ৰাসায়নিক পদাৰ্থবোৰ পুনব্যৱহাৰৰ সময়ত বায়ুমণ্ডলত এৰি দিয়া হৈছিল। ই-আৱৰ্জনা পুনব্যৱহাৰ কৰা এলেকাবোৰত ভূ-গৰ্ভস্থ পানী আৰু বায়ু দূষিত হয়। ই পুনব্যৱহাৰ কৰা কামৰ কৰ্মী আৰু চাৰিওফালৰ সম্প্ৰদায়ৰ স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায়। সেয়েহে গ্ৰীণপিচে এক বিকল্প নীতিৰ বাবে চেষ্টা কৰি আছে যিয়ে বৈদ্যুতিক সামগ্ৰী নির্মাতাক সামগ্ৰীৰ পুনব্যৱহাৰৰ দায়িত্ব আৱন্টন কৰে। ইয়াৰ দ্বাৰা সুৰক্ষিত পুনব্যৱহাৰৰ পদ্ধতিবোৰ এক নিয়ম হৈ পৰিব আৰু ই-সামগ্ৰীবোৰত বিপদজনক পদাৰ্থৰ ব্যৱহাৰ নাইকিয়া কৰা হ’ব।
সমালোচনা:
বিভিন্ন সময়ত গ্ৰীণপিচে বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ আহিছে। যেনে-
(ক) সমালোচকসকলে কয় যে, গ্ৰীণপিচ চলোৱা প্ৰচাৰ অভিযানবোৰ অতিৰঞ্জিত আৰু অবৈজ্ঞানিক। তেওঁলোকে এনে অতিৰঞ্জিত আৰু অবৈজ্ঞানিক প্ৰচাৰসমূহ আদালতলৈ গৈ তাৰ পৰা সমৰ্থন কৰা দাবী কৰে। তেওঁলোকে উত্থাপন কৰা দাবীবোৰ যুক্তিসন্মত নহয়।
(খ) আভ্যন্তৰীণ দলীয় গঠন: ৱিন প্ৰান্টৰ মতে, গ্ৰীণপিচ হৈছে এক পদানুক্ৰমিক আৰু অগণতান্ত্ৰিক সংগঠন যিয়ে কৰা অভিযানবোৰৰ ওপৰত ইয়াৰ সদস্যসকলৰ খুব কম নিয়ন্ত্ৰণ ৰখাৰ অনুমতি দিয়ে। গ্ৰীণপিচৰ এক কঠোৰ আমোলাতান্ত্ৰিক আৰু সীমাৰেখাৰ আধিপত্যবাদী আভ্যন্তৰীণ গাঁথনি আছে।
(গ) সোণালী চাউলৰ বিৰোধীতা: গ্ৰীণপিচে সোণালী ধানৰ / চাউল ৰোৱাৰ বিৰোধীতা কৰি কয় যে, ই আনুবংশিক সংশোধিত খাদ্যৰ ৰাস্তা মুকলি কৰিব। ২০১৩ চনৰ ছেপ্টেম্বৰ মাহত কেইবাজনো বিশিষ্ট বিজ্ঞানীয়ে গ্ৰীণপিচক সোণালী চাউলৰ বিৰোধীতাৰ বাবে গৰিহণা দি এখন পত্ৰ প্ৰকাশ কৰিছিল যে, সোণালী চাউল হৈছে এক প্ৰকাৰৰ চাউল যাক সংশোধন কৰাৰ ফলত ইয়াত সাধাৰণ চাউলত কৈ অধিক ভিটামিন ‘এ’ থাকে যিয়ে দৰিদ্ৰ দেশবোৰত যোগান ধৰি উপযুক্ত পুষ্টি প্ৰদান কৰিব।
যদিও গ্ৰীণপিচক বিভিন্ন ধৰণেৰে সমালোচনা কৰা হৈছে, তথাপি পৰিৱেশ সুৰক্ষা আন্দোলনৰ ক্ষেত্ৰত ইয়াৰ যথেষ্ট অৰিহণা আছে। গ্ৰীণপিচৰ আগতে বিভিন্ন সংগঠনে পৰিৱেশ অৱক্ষয়ৰ বিৰুদ্ধে মাত মাতিছিল যদিও এইবোৰে নীতি নিৰ্ধাৰণত কোনো বিশেষ ভূমিকা পালন কৰিব নোৱাৰিলে। গ্ৰীণপিচৰ আন্দোলনৰ ফলস্বৰূপে এতিয়া অধিক সংখ্যক চৰকাৰে পৰিৱেশ সুৰক্ষাক অৰ্থনৈতিক আৰু ৰাজনৈতিক নীতিৰ মূলসুঁতিত একত্ৰিত কৰিছে। গ্ৰীণপিচ আন্দোলনৰ ফলতেই এক নব্য ধাৰণা ‘সেউজীয়া চাকৰি’ যি পৰিৱেশ পুনৰুত্থানত সহায় কৰে আৰু গুৰুত্ব বিষয় হিচাপে স্থান লাভ কৰিছে।
১৪। গোলকীয় সামাজিক আন্দোলনৰ সপক্ষে কেইটামান যুক্তি দিয়া। (Give some arguments in favour of Global Social Movements.)
উত্তৰঃ গোলকীয় সামাজিক আন্দোলনৰ সপক্ষে দিব পৰা কেইটামান যুক্তি হ’ল-
(ক) গোলকীয় সামাজিক আন্দোলনে গোলকীকৰণৰ শোষণকাৰী অগণতান্ত্ৰিক, বহিষ্কৃত আৰু অসমতাপূৰ্ণ নীতিৰ বিষয়ে অৱগত কৰে আৰু গোলকীকৰণৰ বিকল্প পথৰ কথা কয়।
(খ) গোলকীয় সামাজিক আন্দোলনে বিকাশমূলক গুণ উদাহৰণস্বৰূপে সামাজিক ন্যায়, গণতন্ত্ৰ, শান্তি, জৈৱিক/পৰিৱেশিক বহনক্ষমতা, সমতা আৰু ব্যাপকতাৰ সমৰ্থন কৰে।
(গ) গোলকীয় সামাজিক আন্দোলনে বিশেষকৈ উন্নয়নশীল আৰু অনুন্নত দেশসমূহৰ প্ৰতি গোলকীকৰণৰ কৰ্তৃত্বশালী উদাৰতাবাদী অৰ্থনৈতিক নীতিৰ বিৰোধীতা কৰে।
(ঘ) গোলকীয় সামাজিক আন্দোলনে গোলকীয় নাগৰিক সমাজ গঠনত অৰিহণা যোগায়।
(ঙ) গোলকীয় সামাজিক আন্দোলনে গোলকীয় দক্ষিণৰ দাঁতিকাষৰীয়া জনসাধাৰণৰ বাবে মাত মাতে।
(চ) গোলকীয় সামাজিক আন্দোলনে পৰিৱেশৰ অৱক্ষয়, মানৱ অধিকাৰ, শ্ৰম আৰু লিংগ ন্যায়ৰ বাবে দাবী উত্থাপন কৰে যিবোৰ গোলকীকৰণৰ লগত একেবাৰে সম্পৰ্কিত।
(ছ) গোলকীয় সামাজিক আন্দোলনে সৰ্বোচ্চস্তৰৰ পৰা গোলকীকৰণ আৰম্ভণিৰ বিপৰীতে তৃণমূল পৰ্যায়ৰ পৰা ইয়াৰ আৰম্ভণিৰ সমৰ্থন কৰে।
(জ) গোলকীয় সামাজিক আন্দোলনে উন্নত ৰাষ্ট্ৰসমূহক, বিশ্ব বাণিজ্য সংস্থা, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাকোষ আৰু বিশ্ব বেংকক নব্যউদাৰ বিশ্বায়নৰ নঞাৰ্থক বিষয় সমূহৰ বাবে দায়বদ্ধ, স্বচ্ছ, নিয়ন্ত্ৰিত আৰু চিন্তিত হ’বলৈ বাধ্য কৰে।
১৫। গোলকীয় সামাজিক আন্দোলনৰ বিপক্ষে কেইটামান যুক্তি দিয়া। (Give some arguments against Global Society Movement.)
উত্তৰঃ গোলকীয় সামাজিক আন্দোলনৰ বিপক্ষে দিব পৰা কেইটামান যুক্তি হ’ল-
(ক) বাস্তৱত গোলকীয় সামাজিক আন্দোলন গোলকীয় উত্তৰৰ আদৰ্শমতে পৰিচালিত হয়।
(খ) গোলকীয় সামাজিক আন্দোলনে গোলকীয় দক্ষিণৰ দাবী, স্বাৰ্থ আৰু উচ্চাকাংক্ষাত এতিয়াও ভালদৰে প্ৰতিনিধিত্ব কৰিব পৰা নাই।
(গ) গোলকীয় সামাজিক আন্দোলনে তৃণমূল পৰ্যায়ৰ স্বাৰ্থক লৈ বিশেষ গুৰুত্ব দিয়াৰ পৰিৱৰ্তে আন্তঃৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰতহে অত্যাধিক গুৰুত্ব আৰোপ কৰে।
(ঘ) গোলকীয় সামাজিক আন্দোলনে বাস্তৱত কোনো তৃণমূল, স্বচ্ছ, অংশগ্ৰহণকাৰী আৰু প্ৰতিনিধিত্বমূলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই।
(ঙ) গোলকীয় আন্দোলনৰ সংগঠনসমূহৰ মাজত কোনো ঐক্যতা নাই আৰু সেয়েহে আন্দোলনসমূহ অতি সোনকালে ভংগন হয়। এই আন্দোলনসমূহ সুসংবদ্ধ নহয়।
(চ) গোলকীয় সামাজিক আন্দোলনসমূহ যিহেতু সীমা অতিক্ৰমি হৈ থাকে অৰ্থাৎ কোনো এখন বিশেষ ৰাষ্ট্ৰতে সীমাবদ্ধ নহয়, সেয়েহে এই আন্দোলন এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ বিয়পি পৰোতে ইয়াৰ উদ্দেশ্য অস্পষ্ট হৈ উঠে আৰু পুনৰাবৃত্তি ঘটি থাকে।
(ছ) গোলকীয় সামাজিক আন্দোলনৰ সাংগঠনিক ভেঁটি অত্যন্ত দুৰ্বল। কিয়নো ই সদায় বেচৰকাৰী সংস্থা, সমূহ ইত্যাদিৰ দ্বাৰা পৰিচালিত হৈ থাকে। ইয়াৰ কোনো নিজা পুঁজি নাই।
(জ) যদিও ই গোলকীকৰণৰ বিৰোধীতা কৰে, এই আন্দোলনসমূহে নিজে গোলকীকৰণৰ পথেৰেই পৰিচালিত হৈ থাকে।
(ঝ) গোলকীয় সামাজিক আন্দোলনৰ ভিতৰত কিছুমান অতি হিংসাত্মক আৰু অৰাজক পদ্ধতিৰেও পৰিচালিত হয়। যেনে- জাপাটিষ্টা আন্দোলন, মেক্সিকো।
১৬। গোলকীয় নাগৰিক সমাজ বুলিলে কি বুজা? (What do you understand by Global Civil Society.)
উত্তৰঃ গোলকীয় নাগৰিক সমাজে সমূহৰ বিশাল সমাৱেশক বুজায়, যিয়ে সীমা অতিক্ৰমি আৰু চৰকাৰৰ আয়ত্তৰ বাহিৰত কাম কৰে। অৰ্থাৎ ‘গোলকীয় নাগৰিক সমাজ’ হৈছে পৰিয়াল, ৰাজ্য আৰু বজাৰৰ মাজত অৱস্থিত এক ধাৰণা, মূলবোধ, প্ৰতিষ্ঠান, নেটৱৰ্ক আৰু ব্যক্তিৰ ক্ষেত্ৰ যি ৰাষ্ট্ৰীয় সীমা, ৰাষ্ট্ৰীয় ৰাজনীতি আৰু ৰাষ্ট্ৰীয় অৰ্থনীতিৰ সীমাৰ বাহিৰত কাম কৰে। ১৯৯৯ চনৰ চিয়েটল বিশ্ব বাণিজ্য সংস্থা প্ৰতিবাদৰ পৰা ২০১০ ৰ ট’ৰ’ন্ট G20 প্ৰতিবাদলৈকে ক্ৰমবৰ্ধমান গোলকীয় নাগৰিক সমাজে ৰাষ্ট্ৰ আৰু ৰাজ্যসমূহৰ দায়বদ্ধতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আহিছে। ই গোলকীয় চৰকাৰৰ / প্ৰশাসনৰ অনুপস্থিতিত বিভিন্ন বিষয় আৰু গোলকীয় শাসনৰ প্ৰতি পোনপটীয়াকৈ দায়বদ্ধ আন্তৰ্জাতিক পদক্ষেপৰ অন্বেষণৰ সুযোগ প্ৰদান কৰে।
গোলকীয় নাগৰিক সমাজে বিভিন্ন সমস্যাৰ বিশ্বব্যাপী জনমত কটিয়াই আনে আৰু নীতিগত ধাৰণাবোৰ আন্তৰ্জাতিক কাৰ্যসূচীত ৰাখে। ই পৰোক্ষভাৱে বিশ্বব্যাপী কাৰ্যকলাপ প্ৰভাৱিত কৰাৰ বাবে ব্যক্তি বা সমূহৰ সামৰ্থ্য শক্তিশালী কৰে আৰু আন্তৰ্জাতিক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াও ইয়াৰ দায়বদ্ধতা বৃদ্ধি কৰাত সহায় কৰে। উদাহৰণস্বৰূপে, আফগানিস্তানত অক্সফামৰ অধিকাৰৰ সংকট অভিযানত মহিলাক অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰি আন্তৰ্জাতিক আৰু আফগান ৰাষ্ট্ৰীয় আৰু স্থানীয় চৰকাৰৰ কাৰ্যসূচীত আগবঢ়াই দিয়াত হৈছিল। এই অভিযানে সাধাৰণ লোকসকলক (বিশেষকৈ আফগান মহিলাক) স্থানীয়, ৰাষ্ট্ৰীয় আৰু গোলকীয় পৰ্যায়ত শাসনৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰে আৰু তেওঁলোকক প্ৰভাৱিত কৰা বিশ্বব্যাপী সিদ্ধান্তবোৰৰ ওপৰৰ এক মাত মতাৰ সুযোগ প্ৰদান কৰে।
গোলকীয় নাগৰিক সমাজে ৰাজনৈতিক চিহ্ন বহল নকৰে। গতিকে ই মুখ্যতঃ ৰাজনৈতিকভাৱে স্বতন্ত্ৰ আৰু স্বঃসংগঠিত গোলকীয় নাগৰিক সমাজে সমাজৰ বিভিন্ন সমস্যাৰ হ’কে মাত মাতি এইবোৰক চৰকাৰৰ কাষলৈ নিয়াত সহায় কৰে যাতে নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত এই সমস্যাসমূহে স্থান পায়। এনে সমস্যাসমূহৰ কাৰণে গোলকীয় নাগৰিক সমাজে বেচৰকাৰী সংস্থা, ব্যক্তি বা সমূহৰ দ্বাৰা কাৰ্য পৰিচালনা কৰে।
১৭। বিশ্বায়ন বিৰোধী আন্দোলনসমূহৰ বিষয়ে চমুকৈ লিখা। (Write a short note on Anti – globalization Movements.)
উত্তৰঃ বিশ্বায়নৰ আৰম্ভণিৰ সময়ৰে পৰাই বিশ্বায়ন বিৰোধী বিভিন্ন স্তৰত বিভিন্ন আন্দোলন হৈ আছে। বিশ্বায়নৰ বিৰুদ্ধে হোৱা আন্দোলনসমূহক চাৰিটা ভাগত আলোচনা কৰিব পাৰি। যেনে-
(ক) ব্যক্তিৰ দ্বাৰা আৰম্ভ হোৱা বিশ্বায়ন বিৰোধী আন্দোলন: বিশ্বায়ন বিৰোধী আন্দোলনৰ প্ৰথম ভাগটো হৈছে ব্যক্তিৰ দ্বাৰা আৰম্ভ হোৱা বিশ্বায়ন বিৰোধী আন্দোলন। এনেধৰণৰ আন্দোলনৰ ক্ষেত্ৰত প্ৰথম আৰু মুখ্য হিচাপে জোছে বোভৰ নাম ল’ব পাৰি। এনে আন্দোলনে থলুৱা উৎপাদিত বস্তুৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দি নব্যউদাৰ গোলকীকৰণৰ ফলত প্ৰচলিত আন্তঃৰাষ্ট্ৰীয় বা গোলকীয় বস্তু ব্যৱস্থাৰ নকৰিবলৈ আহ্বান জনায় নাইবা ব্যৱহাৰ হোৱাত বাধা দিয়ে। উদাহৰণস্বৰূপে জোছে বোভে ফ্ৰান্সত মেকডোনাল্ডৰ প্ৰসাৰতাৰ বিৰুদ্ধে কাম কৰিছিল। ভাৰতবৰ্ষত ৰামদেৱে সৃষ্টি কৰা সামগ্ৰীসমূহৰ কথা ক’ব পাৰি। যিবোৰে গোলকীয় সামগ্ৰী ব্যৱহাৰ কৰাত বাধা জন্মায়। অৰ্থাৎ ব্যক্তিয়ে গোলকীয়ভাৱে প্ৰচলিত বা ব্যৱহৃত সামগ্ৰীৰ ক্ষেত্ৰত বাধা প্ৰদানৰ উদ্দেশ্যে স্থানীয়ভাৱে সামগ্ৰী উৎপাদন কৰে।
অৱশ্যে, এই আন্দোলন বেছি প্ৰভাৱশালী নহয় কাৰণ ইয়াৰ কোনো সাংগঠনিক ভিত্তি নাথাকে।
(খ) স্থানীয় সমূহৰ দ্বাৰা বিশ্বায়ন বিৰোধী আন্দোলন: নব্যউদাৰ গোলকীকৰণ অহাৰ পিছৰে পৰা মুক্ত ব্যৱসায়ে প্ৰাধান্য পায়। এনে ক্ষেত্ৰত বিভিন্ন ব্যক্তিগত খণ্ড, কোম্পানীবোৰ নিজৰ লাভালাভৰ বাবে বিভিন্ন ঠাই দখল কৰে, স্থানীয় জনসাধাৰণক উচ্ছেদ কৰে আৰু ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰিবলৈ লয়। এই ব্যৱস্থাই স্থানীয় জনসাধাৰণৰ জীৱন ধাৰণাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। সেয়েহে এনে স্থানীয় জনসাধাৰণে এনেকুৱা ব্যৱসায়িক প্ৰতিষ্ঠানবোৰৰ বিৰোধীতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
উদাহৰণস্বৰূপে, আংগুমে আৰু কামোৰে নামৰ দুটা জাতি যিয়ে পাপুৱাৰ খিলঞ্জীয়া জাতি আছিল, পিছলৈ তেওঁলোক ইন্দোনেছীয়াত বসবাস কৰিবলৈ লয়। দুয়োটা জাতিয়েই স্বাৱলম্বী জীৱন-যাপন কৰি বসবাস কৰি আছিল। কিন্তু ১৯৬৭ চনত ফ্ৰীপোৰ্ট মেকমোৰাণ ক’পাৰ এণ্ড গোল্ড কৰ্পোৰেচন নামৰ এটা কয়লা খনিৰ কোম্পানীয়ে তেওঁলোকৰ ঠাই দখল কৰি ব্যৱসায় প্ৰতিষ্ঠান মুকলি কৰে। ফলস্বৰূপে তেওঁলোকৰ জীৱন নিৰ্বাহ প্ৰক্ৰিয়াত যথেষ্ট ক্ষতি হয়। ১৯৯৬ চনত আখুংযমে জনসাধাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ত এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এক গোচৰ দিয়ে যদিও ই কোনোধৰণৰ আশানুৰূপ ফলাফল নেদেখুৱায়। ইয়াৰোপৰি, দুয়োটা জাতিয়ে ব্যক্তিগত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰে যদিও ইয়াৰ কোনো পৰিৱৰ্তন নহ’ল।
২০০১ চনত ২৭তম G8 সন্মিলনৰ বিৰুদ্ধে জেনোৱা (ইটালী) ত এক প্রতিবাদী কাৰ্যসূচীৰ সূচনা হয়। ইয়াত বিশ্ব বাণিজ্য সংস্থা, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাকোষ ইত্যাদি যিবোৰ গোলকীকৰণৰ মূল চাবি-কাঠী সেইবোৰৰ বিৰোধীতা কৰে।
(গ) বিশ্বায়নৰ বিৰুদ্ধে শ্ৰমিক আন্দোলন: আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ডত মাৰ্ক্সবাদী চিন্তাধাৰা আৰু শীতল যুদ্ধৰ পিছত শ্ৰমিক সংঘ অতি শক্তিশালী হৈ পৰিছিল। কিন্তু ১৯৮০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰোণাল্ড ৰেগান আৰু ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্গাৰেট থেটচাৰে নব্যউদাৰতাক গ্ৰহণ কৰে। ইয়াৰ পিছতে শ্ৰমিক সংগঠন দুৰ্বল হৈ পৰে। নব্য উদাৰতাবাদে গোলকীকৰণৰ উত্থান ঘটায় আৰু ফলস্বৰূপে বহুজাতিক কোম্পানী, গোলকীয় বা আন্তৰ্জাতিক সংস্থা ইত্যাদি অত্যাধিক শক্তিশালী হৈ উঠে। এই কোম্পানী আৰু সংস্থাসমূহে দেশসমূহক বিভিন্ন উপায়েৰে প্ৰভাৱিত কৰিবলৈ ধৰিলে যে, শ্ৰমিক সংগঠনে অতি দুৰ্বল হৈ পৰে। ইয়াৰোপৰি এই সংস্থাসমূহে শ্ৰমিক সংগঠনৰ ওপৰত শোষণ কৰিবলৈ যায়। সেয়েহে শ্ৰমিক সংগঠনলৈ গোলকীকৰণৰ এনে নঞাৰ্থক প্ৰভাৱৰ বিৰোধীতা কৰি গোলকীয় শ্ৰমিক সংগঠনৰ সূচনা কৰে যিয়ে বহুজাতিক কোম্পানীসমূহত শ্ৰমিকসকলৰ ওপৰত চলোৱা শোষণৰ বিৰুদ্ধে মাত মাতে ন্যায় বিচাৰ কৰে আৰু ইয়াৰ দ্বাৰা গোলকীকৰণৰ বিৰোধীতা কৰিব পাৰে।
(ঘ) গোলকীয় বা আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাৰ দ্বাৰা গোলকীকৰণৰ বিৰুদ্ধে আন্দোলন: গোলকীকৰণৰ বিৰুদ্ধে চলা আন্দোলনৰ ভিতৰত এইটো অতি গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী আন্দোলন। এই আন্দোলনসমূহৰ এক সাংগঠনিক ভেঁটি থাকে।
ৰেইনফ’ৰেষ্ট এলায়েঞ্চ: ৰেইনফ’ৰেষ্ট এলায়েঞ্চ হৈছে এটা আন্তঃৰাষ্ট্ৰীয় সংগঠন যাৰ সাংগঠনিক ভেঁটি নিউয়ৰ্ক চহৰ আৰু আমষ্টাৰডামত অৱস্থিত। এই সংগঠনে গোলকীকৰণৰ বেয়া দিশ সমূহ আঙুলিয়াই দিয়াৰ লগতে পৰিৱেশ সম্বন্ধীয় সচেতনতা বৃদ্ধি কৰে। ই বহুজাতিক কৰ্পোৰেচনসমূহে পৰিৱেশৰ ওপৰত কৰা শোষণৰ বিৰুদ্ধে মাত মাতে।
গ্ৰীণপিচ: গ্ৰীণপিচ হৈছে অন্য এটা বেচৰকাৰী সংগঠন যিয়ে ৫৫ খন দেশত কাৰ্যকৰী হৈ আছে। এই সংগঠনটোৱে গোলকীকৰণৰ বিৰোধিতা কৰি পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে কাম কৰে।
১৮। বেচৰকাৰী সংস্থা বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি? (What do you mean By NGO? What are its Characteristics?)
উত্তৰঃ বেচৰকাৰী সংস্থাবোৰ হৈছে ব্যক্তিগত, জনসেৱামূলক, বৃত্তিগত সংস্থা যিবোৰৰ উদ্দেশ্য হৈছে জনহিতকৰ কাম কৰা। ই হৈছে ব্যক্তিৰ দ্বাৰা সংগঠিত এক সংস্থা যিবোৰে চৰকাৰৰ কোনোধৰণৰ প্ৰতিনিধিত্ব নকৰে। অৱশ্যে চৰকাৰৰ দৰে এই সংস্থাবোৰেও ৰাজনীতিৰ সৈতে অন্য এক দিশৰ পৰা বুজা পৰা কৰে। ই এক জনসাধাৰণৰ মাধ্যম যাৰ দ্বাৰা ব্যক্তি বা জনসাধাৰণে তেওঁলোকৰ সমস্যা সমূহ চৰকাৰক অৱগত কৰিব পাৰে। ইয়াৰোপৰি বেচৰকাৰী সংস্থাই জনসাধাৰণৰ সমস্যাগত দিশসমূহ পৰ্যালোচনা কৰি সামৰ্থ্য অনুযায়ী সহায় সহযোগ আগবঢ়ায়। বেচৰকাৰী সংস্থাবোৰে মানৱপ্ৰেমী; বিদ্যায়তনিক বিশেষজ্ঞ আৰু অন্যান্য সংগঠনক লৈ গঠিত হয় আৰু ই সাধাৰণতে মানৱ অধিকাৰ লিংগ বৈষম্য, স্বাস্থ্য, গ্ৰামোন্নয়ন, সামাজিক কল্যাণ, দুৰ্নীতি বিৰোধী। পৰিৱেশ আৰু স্থানীয় বিষয়সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।
বেচৰকাৰী সংস্থাসমূহে চৰকাৰ, বেচৰকাৰী এজেঞ্চী, কৰ্পোৰেট গোষ্ঠী; সাধাৰণ জনতা ইত্যাদিৰ পৰা পুঁজি লাভ কৰে। ই ব্যক্তিগত সুবিধা আগবঢ়োৱাৰ পৰিৱৰ্তে কেৱল সামাজিক সমস্যাসমূহ সমাধানৰ ওপৰতহে গুৰুত্ব দিয়ে। কেইটামান উল্লেখযোগ্য বেচৰকাৰী সংস্থা হ’ল- CK7 এমনেষ্টি ইণ্টাৰনেচনেল, গিভ ফাইন্ডেচন, গ্ৰীণপিচ, হেল্পএজ ইণ্ডিয়া, প্ৰথম, স্মাইল ফাউণ্ডেচন ইত্যাদি।
বেচৰকাৰী সংস্থাৰ বৈশিষ্ট্য:
বেচৰকাৰী সংস্থাৰ বৈশিষ্ট্যসমূহ এনেধৰণৰ-
(ক) স্বেচ্ছাকৃত সংস্থা: বেচৰকাৰী সংস্থাসমূহ স্বেচ্ছাকৃত সংস্থা যিবোৰ ব্যক্তিৰ সামূহিক ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰি সংগঠিত হয়। ইয়াত কোনো ব্যক্তিৰ ব্যক্তিগত স্বাৰ্থ জড়িত নাথাকে। সমূহীয়া স্বাৰ্থই হৈছে ইয়াৰ মূল ভেঁটি।
(খ) স্বতন্ত্ৰ: বেচৰকাৰী সংস্থাসমূহ হৈছে এক স্বতন্ত্ৰ সংস্থা যিবোৰ চৰকাৰী হস্তক্ষেপৰ মুক্ত। এই সংস্থাসমূহে নিজস্ব নীতি আৰু প্ৰক্ৰিয়াৰ দ্বাৰা পৰিচালিত হয়।
(গ) সেৱামুখী: বেচৰকাৰী সংস্থাসমূহ কোনো লাভমুখী ব্যৱসায়ীক সংগঠন নহয়। বৰং বেচৰকাৰী সংস্থাসমূহে সামাজিক কল্যাণ সাধনৰ লগতে স্পৰ্শকাতৰ বিষয়সমূহত গুৰুত্ব আৰোপ কৰে। উদাহৰণস্বৰূপে শিশু শিক্ষা, বন্যপ্ৰাণী সুৰক্ষা, পৰিৱেশ, নাৰীসকলৰ সামাজিক মৰ্যদাৰ উন্নীতকৰণ ইত্যাদি।
(ঘ) নিজা পুঁজি: বেচৰকাৰী সংস্থাসমূহ তেওঁলোকৰ নিজস্ব পুঁজিৰ দ্বাৰা পৰিচালিত হয়। এই সংস্থাসমূহে প্ৰায়ে জনসাধাৰণৰ পৰা বৰঙণি সংগ্ৰহ কৰে। আনহাতে, কিছুমান বেচৰকাৰী সংস্থা ব্যক্তিগত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ দ্বাৰা বিত্তীয়ভাৱে পৰিচালিত হয়। অন্য কিছুমান বেচৰকাৰী সংস্থা আন্তঃৰাষ্ট্ৰীয় প্ৰাধিকৰণৰ দ্বাৰাও পৰিচালিত হয়।
১৯। গোলকীয় সামাজিক আন্দোলনত বেচৰকাৰী সংস্থাৰ ভূমিকাৰ বিষয়ে চমুকৈ লিখা। (Write a short note on Role of Non-governmental Organization on Global Social Movement.)
উত্তৰঃ বেচৰকাৰী সংস্থাসমূহ গোলকীয় সামাজিক আন্দোলনৰ মূল সাংগঠনিক চাবি-কাঠী। বেচৰকাৰী সংস্থাবোৰেই হৈছে একমাত্ৰ যিয়ে গোলকীয় সামাজিক আন্দোলনৰ লক্ষ্যত উপনীত হ’বৰ বাবে এক উপযুক্ত ক্ষমতাসম্পন্ন পৰিকাঠামো গঠন কৰিব পাৰে। তাৰোপৰি বেচৰকাৰী সংস্থাসমূহৰ দ্বাৰা সামাজিক আন্দোলনসমূহৰ নীতি-নিৰ্ধাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।
বেচৰকাৰী সংস্থাসমূহে সামাজিক আন্দোলনৰ দ্বাৰা অতি সক্ৰিয়ভাৱে গোলকীয় নাগৰিক সমাজ গঠনত অগ্ৰিম ভূমিকা পালন কৰে। নাগৰিকৰ ঐক্যবদ্ধতা অবিহনে কোনো আন্দোলনে সফলভাৱে অগ্ৰগতি লাভ কৰিব নোৱাৰে। সেয়েহে বেচৰকাৰী সংস্থাই প্ৰত্যেক দেশৰ নাগৰিক সমাজক এক কৰি গোলকীয় নাগৰিক সমাজ গঠনত প্ৰাধান্য দিয়ে যি এক গোলকীয় সামাজিক আন্দোলনৰ মুখ্য আহিলা। ইয়াৰোপৰি বিভিন্ন ধৰণৰ নেটৱৰ্ক আৰু লবীৰ সৃষ্টি কৰি গোলকীয় প্ৰশাসনক সফলভাৱে প্ৰভাৱিত কৰে।
আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাসমূহে গোলকীয় সামাজিক আন্দোলনত এক বিশেষ ভূমিকা পালন কৰে। সামাজিক আন্দোলনে গোলকীয় ৰূপ লোৱাত দেশসমূহৰ সীমা অতিক্ৰম কৰিছে। এই ক্ষেত্ৰত বিভিন্ন দেশৰ নাগৰিকে বিভিন্ন পদ্ধতিৰে একগোট হৈ আন্দোলন চলাই নিয়া দেখা যায়। আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাসমূহে গোলকীয় সামাজিক সহযোগিতা আৰু জনসাধাৰণৰ অংশগ্ৰহণ সম্ভৱপৰ কৰি তোলে।
২০। চমু টোকা লিখা: (Write short note)
(ক) মুক্ত বাণিজ্যৰ অসুবিধা (The disadvantages of free trade)।
উত্তৰঃ ১। উন্নয়নশীল আৰু অনুন্নত দেশবোৰৰ উন্নয়নৰ নীতিৰ প্ৰধান লক্ষ্য হৈছে আত্মনিৰ্ভৰশীলতা, কিন্তু মুক্ত বাণিজ্যনীতিয়ে কোনো দেশকেই আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব নোৱাৰে।
২। মুক্ত বাণিজ্যনীতিয়ে কৃষি প্ৰধান দেশসমূহক মাথো কৃষিৰ বিকাশতহে সহায় কৰিব। ইয়াৰ ফলত অৰ্থনৈতিক উন্নতি মন্থৰ হ’ব।
৩। উন্নয়নশীল দেশৰ দিশৰ পৰা মুক্ত বাণিজ্য অনুকূল নহয়।
৪। যদি বৈদেশিক বাণিজ্য নিয়ন্ত্ৰণ কৰা নহয় তেন্তে অনিষ্টকাৰী দ্ৰব্যৰ আমদানিত কোনো বাধা নাথাকিব আৰু এনে দ্ৰব্যৰ ব্যৱহাৰ বা ভোগে জনসাধাৰণৰ কল্যাণ হ্ৰাস কৰিব।
৫। অনুন্নত দেশসমূহৰ প্ৰতিকূল বাণিজ্যৰ হাৰৰ অৱস্থাত এখন দেশে মুক্ত বাণিজ্যৰ নীতি গ্ৰহণ কৰি বাণিজ্যৰ সুবিধা বৃদ্ধি কৰিব নোৱাৰে।
৬। অনুন্নত দেশ আৰু উন্নয়নশীল দেশসমূহে উদ্যোগীকৰণ নীতি গ্ৰহণ কৰা বাবে দেশীয় চালুকীয়া উদ্যোগসমূহক ৰক্ষণাবেক্ষণ দিয়াত ই সহায় নকৰে। মুক্ত বাণিজ্য নীতিৰ অধীনত এই উদ্যোগসমূহ ধ্বংসপ্ৰাপ্ত হ’ব পাৰে।
৭। মুক্ত বাণিজ্যই আন্তৰ্জাতিকভাৱে একচেটিয়া ব্যৱসায়ৰ সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ ফলস্বৰূপে দেশীয় স্বাৰ্থ ব্যাহত হ’ব পাৰে।
৮। কিছুমান দেশে মুক্ত বাণিজ্য নীতি গ্ৰহণ কৰি কিছুমানে সংৰক্ষণ নীতি গ্ৰহণ কৰিলে সংৰক্ষণ নীতি মানি চলা দেশসমূহে লোকৰ সন্মুখীন হ’ব লাগিব।
৯। মুক্ত বাণিজ্যই আমদানি সংকোচনত সহায় কৰিব নোৱাৰে। প্ৰতিকূল বাণিজ্যৰ লেন-দেনৰ ভাৰসমতা দূৰ কৰিবৰ অৰ্থে আমদানি সংকোচন আৰু ৰপ্তানি বৃদ্ধি কৰিব নোৱাৰে।
১০। ই এখন দেশৰ উন্নয়নৰ বাবে উদ্যোগীকৰণৰ বিকাশ হোৱাত সহায় নকৰে।
(খ) বিশ্ব বাণিজ্য সংস্থা (World Trade Organization)।
উত্তৰঃ ১৯৮৬ চনৰ ৮ ছেপ্টেম্বৰত উৰুগুৱেত GATT ৰ অষ্টমলানি আলোচনা চক্ৰ অনুষ্ঠিত হয় যাক ‘উৰুগুৱে ৰাউণ্ড’ নামে জনা যায়। GATT গঠন কৰাৰ পাছৰ পৰা বিশ্ববাণিজ্যৰ গাঁথনিত সদস্য ৰাষ্ট্ৰসমূহৰ জাতীয় আয়ত গণৌ আৰু সেৱাখণ্ডৰ আপেক্ষিক অৱস্থান উন্নত হ’বলৈ ধৰে আৰু কৃষিজাত দ্ৰব্যৰ ঠাইত যন্ত্ৰজাত দ্ৰব্যৰ আদান-প্ৰদান যথেষ্ট পৰিৱৰ্তন হয়। এনে পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰিক্ষেতত GATT ৰ উৰুগুৱে আলোচনা সমিতি ১৫ টা বিষয়ৰ ওপৰত মনোনিৱেশ কৰাৰ লগতে তিনিটা নতুন দিশৰ উল্লেখ কৰে। যেনে-
১। বৌদ্ধিক সম্পত্তিভিত্তিক ক্ষমতাৰ বাণিজ্যিক দিশ।
২। বাণিজ্য সম্পৰ্কিত বিনিয়োগৰ দিশ আৰু
৩। সেৱাবিশেষ বাণিজ্যক ইয়াৰ অন্তৰ্ভুক্ত কৰা হয়।
উৰুগুৱে ৰাউণ্ডে বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত আনিব খোজা প্ৰস্তাৱিত পৰিৱৰ্তনে চূড়ান্ত ৰূপ প্ৰদান কৰোতে প্ৰায় আঠ বছৰ সময়ৰ প্ৰয়োজন হয়। শেষত GATT ৰ মুখ্য পৰিচালক আৰ্থাৰ ডানকালে উমৈহতীয়া সমৰ্থন থাকিব পৰা বিষয়বোৰ বাচি লৈ এখন খচৰা চূড়ান্ত আইন প্ৰস্তুত কৰে। ১৯৯৪ চনৰ এপ্ৰিলত ১০৪ খন ৰাষ্ট্ৰই এই প্ৰস্তাৱৰ সমৰ্থনত স্বাক্ষৰ কৰে। ভাৰতে ১৯৯৪ চনৰে ৩০ ডিচেম্বৰত এই প্ৰস্তাৱৰ সমৰ্থনত স্বাক্ষৰ কৰে। ইয়াৰ যোগেদি বিশ্ব বাণিজ্য সংস্থা গঠনৰ পথ প্ৰশস্ত হয়।
বিশ্ব বাণিজ্য সংস্থা গঠনে কোনো দেশকে সন্তুষ্ট কৰিব পৰা নাই। বিশ্ব বাণিজ্য সংস্থাই ইয়াৰ পৰৱৰ্তী বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত উন্নত দেশবোৰৰ নিজৰ মাজত, উন্নয়নশীল দেশবোৰৰ নিজৰ মাজত আৰু উন্নত আৰু উন্নয়নশীল দেশৰ মাজত সততে বিবাদৰ সূত্ৰপাত হৈছে। সমালোচকসকলে বিশ্ব বাণিজ্য সংস্থাৰ কাৰ্যকলাপৰ মূল্যায়ন কৰি তলত উল্লেখ কৰা দুৰ্বলতাসমূহ আঙুলিয়াই দিছে –
১। বিশ্ব বাণিজ্য সংস্থাই কৃষিজাত সামগ্ৰীক লৈ যিবোৰ বিধি ব্যৱস্থাপনা গ্ৰহণ কৰিছে সেইবোৰেও উন্নত দেশৰ স্বাৰ্থ পূৰণ হোৱাতহে সহায় কৰিছে।
২। বিশ্ব বাণিজ্য সংস্থাৰ বিবাদ মীমাংসা প্ৰক্ৰিয়া সমানে শক্তিশালী হোৱা দুই বা ততোধিক পক্ষৰ ক্ষেত্ৰতহে উপযুক্ত।
৩। বিশ্ব বাণিজ্য সংস্থাৰ নিয়ম-কানুনবিলাক এনেদৰে প্ৰস্তুত কৰা হৈছে যাৰ ব্যৱহাৰে উন্নয়নশীল দেশৰ তুলনাত উন্নত দেশসমূহ অধিক উপকৃত কৰে।
৪। বিশ্ব বাণিজ্য সংস্থাই উন্নয়নশীল দেশৰ নীতি নিৰ্ধাৰণ অৰ্থাৎ উন্নয়নশীল দেশ এখনে অৰ্থনৈতিক উন্নয়নৰ বাবে শুল্ক নিৰ্ধাৰণ, অনুদান প্ৰদান ইত্যাদিৰ মাধ্যমত নিজকৈ অনুসৰণ কৰিব পৰা কৌশলসমূহৰ ক্ষেত্ৰত থকা স্বতন্ত্ৰতা ভংগ কৰিছে।
৫। বিশ্ব বাণিজ্য সংস্থা গঠনৰ পাছৰ পৰা শুল্ক আৰু অনাশুল্ক প্ৰতিবন্ধকতাসমূহৰ এনেকৈ পুনৰ গঠন কৰা হ’ল যাৰ পৰিণামস্বৰূপে উন্নয়নশীল দেশসমূহৰ ৰপ্তানিৰ পথ ৰোধ হোৱাৰ বিপৰীতে উন্নত দেশসমূহৰ পৰা আমদানি কৰাৰ পথ মুকলি ৰাখিবলগীয়া হ’ল। সেইবোৰে উন্নয়নশীল দেশসমূহক অধিক লোকচানৰ সন্মুখীন কৰাইছে।
৬। ইয়াৰ জৰিয়তে ধনী দেশসমূহ অধিক লাভৱান হৈছিল কাৰণ এইবোৰ দেশে ৰপ্তানিকৃত দ্ৰব্যৰ উৎপাদনত ৰাজ সাহাৰ্য দিয়াৰ পৰিমাণ একবাৰে নগণ্য।