Global Politics Unit 5 গোলকীয় পৰিবৰ্তন: ক্ষমতা আৰু প্ৰশাসন, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Global Politics Unit 5 গোলকীয় পৰিবৰ্তন: ক্ষমতা আৰু প্ৰশাসন Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Global Politics Unit 5 গোলকীয় পৰিবৰ্তন: ক্ষমতা আৰু প্ৰশাসন Question Answer can be of great value to excel in the examination.
Global Politics Unit 5 গোলকীয় পৰিবৰ্তন: ক্ষমতা আৰু প্ৰশাসন
Global Politics Unit 5 গোলকীয় পৰিবৰ্তন: ক্ষমতা আৰু প্ৰশাসন Notes cover all the exercise questions in UGC Syllabus. Global Politics Unit 5 গোলকীয় পৰিবৰ্তন: ক্ষমতা আৰু প্ৰশাসন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Global Shifts: Power And Governance
POLITICAL SCIENCE
GLOBAL POLITICS
(গোলকীয় ৰাজনীতি)
অতি চমু প্রশ্নোত্তৰঃ
১। “ক্ষমতা হৈছে সামাজিক সম্পৰ্কৰ ভিতৰত থাকি এজন ব্যক্তিয়ে বিভিন্ন প্ৰতিৰোধৰ মাজতো নিজৰ ইচ্ছা বা স্বাৰ্থ সম্পাদনা কৰাৰ স্থিতিত থকা সম্ভাৱনা।” – এই উক্তিটো কাৰ? (Who said this – “the probability that one actor within a social relationship will be in a position to carry out his own will despite resistance regardless of the basis on which this probability rests”?)
উত্তৰঃ মেক্স ৱেবাৰৰ।
২। যোচেফ ন্যেইয়ে ক্ষমতাক কেইটা ভাগত ভাগ কৰিছে? (In how many types Joseph Nye Divides the concept of power?)
উত্তৰঃ তিনিটা ভাগত –
(ক) কঠিন ক্ষমতা (Hard Power)।
(খ) নৰম ক্ষমতা (Soft Power)।
(গ) বুদ্ধিমান ক্ষমতা (Smart Power)।
৩। ‘The Future of Power’ কিতাপখন কোনে লিখিছিল? (Who wrote the book ‘The Future of Power’?)
উত্তৰঃ যোচেফ ন্যেই।
৪। জাৰ্মানীয়ে কেতিয়া পোলেণ্ড আক্ৰমণ কৰিছিল? (When did Germany invade Poland?)
উত্তৰঃ 1939 চনৰ 1 ছেপ্টেম্বৰত।
৫। আমেৰিকা যুক্তৰাষ্ট্ৰই কেতিয়া ইৰাক আক্ৰমণ কৰিছিল? (When did US invade Iraq?)
উত্তৰঃ 2003 চনত।
৬। “Global Governance: Why? What? Whither?” কিতাপখন কোনে লিখিছিল? (Who wrote the book “Global Governance: Why? What? Whither?”)
উত্তৰঃ থমাচ জি ৱেইচ (Thomas G. Weiss)।
৭। কোনে কৈছিল, “গোলকীয় প্ৰশাসন হৈছে গোলকীয় চৰকাৰৰ অনুপস্থিতিত গোলকীয় প্ৰক্ৰিয়া বা আন্তঃৰাষ্ট্ৰীয় প্ৰক্ৰিয়া পৰিচালনা কৰা এটা ব্যৱস্থা।” (Who said, “the management of global processes in the absence of global government is called Global Governance.”?)
উত্তৰঃ আদিল নাজম এ (Adil Nazam)।
৮। ক্ষমতাৰ গোলকীয় স্থানান্তৰকৰণৰ মুখ্য ভাগ সমূহ কি কি? (What are the main type of Global Power shift?)
উত্তৰঃ (ক) ক্ষমতাৰ গোলকীয় পৰিৱৰ্তন।
(খ) গোলকীয় প্ৰশাসনৰ পৰিৱৰ্তন।
৯। ইউৰোপীয়ন ইউনিয়নৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত? (Where is the headquarters of the European Union?)
উত্তৰঃ বেলজিয়ামত।
১০। ASEAN ৰ সম্পূৰ্ণ ৰূপটো কি? (What is the full form of ASEAN?)
উত্তৰঃ Association of South East Asian Nations.
১১। আছিয়ানৰ প্ৰতিষ্ঠা হৈছিল__________। (ASEAN was established on ________)
উত্তৰঃ 1967, 8 August/১৯৬৭, ৮ আগষ্ট।
১২। আছিয়ানৰ সদস্য সংখ্যা কিমান ?(How many members are in the ASEAN ?)
উত্তৰঃ ১০ জন।
১৩। G-8 ৰ সদস্য ৰাষ্ট্ৰসমূহ কি কি? (What are the member countries of G8?)
উত্তৰঃ ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু ৰাছিয়া।
১৪। ২০২১ চনৰ G-20 সন্মিলনৰ মূল বিষয়বস্তু কি হ’ব? (What will be the theme of G-20 summit 2021?)
উত্তৰঃ ‘মহামাৰীৰ বাবে সাজু’ (Preparing for Pandemics)।
১৫। BRICS ৰ সম্পূৰ্ণ শব্দটো কি? (What is the full form of BRICS?)
উত্তৰঃ ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চীন আৰু দক্ষিণ আফ্ৰিকা।
১৬। ত্ৰয়োদশ ব্ৰিকচ সন্মিলন কোনখন দেশে গুৰি ধৰিব? (Who will be the host country of 13th BRICS Summit?)
উত্তৰঃ ভাৰতবৰ্ষই।
১৭। প্ৰথম ব্ৰিক সন্মিলনখন ক’ত অনুষ্ঠিত হৈছিল? (Where did the first BRIC Summit took place?)
উত্তৰঃ ৰাছিয়াত।
১৮। AIIB ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত? (Where is the headquarter of AIIB?)
উত্তৰঃ বেইজিঙত।
১৯। নতুন উন্নয়ন বেংকত, অংশগ্ৰহণকাৰী দেশসমূহৰ থাকিব (In NDB, participating country will have)
উত্তৰঃ ভেটো ক্ষমতা অবিহনে প্ৰত্যেক দেশৰ এটা ভোট।
২০। দক্ষিণ-উত্তৰ বিভাজনৰ দৃশ্যমান চিত্ৰণক কোৱা হয় ________। (A visual depiction of the North South divide is called _______)
উত্তৰঃ ব্ৰান্ট লাইন।
২১। কাৰ দ্বাৰা ‘North – South: A programme for survival’ শীৰ্ষক প্ৰতিবেদনখন প্ৰকাশ কৰা হৈছিল? (‘North – South: A programme for survival’ is a report published by whom?)
উত্তৰঃ পশ্চিম জাৰ্মানৰ প্ৰাক্তন অধ্যক্ষ ৱিলি ব্ৰান্টে।
২২। Dependency theory কোনে জনপ্ৰিয় কৰিছিল? (Who popularised dependency theory?)
উত্তৰঃ আন্দে গুণ্ডাৰ ফ্ৰাংকে (Andre Gunder Frank)।
২৩। উন্নয়ন ৰাষ্ট্ৰবোৰৰ অন্য এটা নাম কি? (What is the another name of developing countries?)
উত্তৰঃ তৃতীয় বিশ্ব।
চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰ
১। ৰাষ্ট্ৰীয় ক্ষমতা কি? ইয়াৰ উপাদানবিলাক কি কি আলোচনা কৰা। (What is state power? Discuss its components?)
উত্তৰঃ কোনো এখন ৰাষ্ট্ৰৰ ক্ষমতাকে ৰাষ্ট্ৰীয় তথা জাতীয় ক্ষমতা বোলা হয়। কিন্তু ৰাষ্ট্ৰই এই ক্ষমতা প্ৰয়োগ কৰিব নোৱাৰে, কেৱল ৰাষ্ট্ৰৰ প্ৰশাসনৰ লগত জড়িত থকা ব্যক্তিয়েহে এনে ক্ষমতা প্ৰয়োগ কৰিব পাৰি। এনে জাতীয় ক্ষমতাই ৰাষ্ট্ৰৰ বৈদেশিক সম্পৰ্ক নিৰূপণত বিশেষভাৱে সহায় কৰে। ক্ষমতাৰ উপাদানবিলাক গতিশীল হোৱাৰ বাবে আৰু ইয়াৰ দ্বৈত চৰিত্ৰ থকাৰ কাৰণে এখন ৰাষ্ট্ৰ সকলো সময়তে শক্তিশালী হৈ থাকিব নোৱাৰে।
ৰাষ্ট্ৰীয় ক্ষমতাৰ উপাদান: ৰাষ্ট্ৰীয় ক্ষমতাৰ উপাদান বিলাক হৈছে-
(ক) ভৌগোলিক অৱস্থান।
(খ) জনসংখ্যা।
(গ) জাতীয় মনোবল।
(ঘ) প্ৰাকৃতিক সম্পদ।
(ঙ) জাতীয় চৰিত্ৰ।
(চ) কূটনীতি।
(ছ) ভাৱাদৰ্শ।
(জ) সামৰিক শক্তি।
(ঝ) নেতৃত্ব।
(ঞ) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা।
এই উপাদানসমূহ তলত আলোচনা কৰা হ’ল-
(ক) ভৌগোলিক অৱস্থান: এখন ৰাষ্ট্ৰৰ ক্ষমতা ৰাষ্ট্ৰখনৰ ভৌগোলিক অৱস্থা অৰ্থাৎ প্ৰাকৃতিক সীমা, জলবায়ু, ৰাষ্ট্ৰৰ আকাৰ আদিৰ ওপৰত নিৰ্ভৰ কৰে। ভৌগোলিকভাৱে একত্ৰিত ৰাষ্ট্ৰৰ কোনো ধৰণৰ নিৰাপত্তাৰ সমস্যাৰ উদ্ভৱ নহয়। ৰাষ্ট্ৰৰ ওচৰত সাগৰ থাকিলে বেপাৰ বাণিজ্যত সহায়ক হয়, ৰাষ্ট্ৰৰ প্ৰাকৃতিক সীমাত পাহাৰ, পৰ্বত, নদ-নদী থাকিলে তেনে ৰাষ্ট্ৰৰ যুদ্ধ বিগ্ৰহৰ ভয় নাথাকে অৰ্থাৎ তেনে ৰাষ্ট্ৰক সহজে আন ৰাষ্ট্ৰই আক্ৰমণ কৰিব নোৱাৰে। এনেবোৰ ভৌগোলিক অৱস্থাই ৰাষ্ট্ৰৰ ক্ষমতা বৃদ্ধিত সহায় কৰে।
(খ) জনসংখ্যা: জনসংখ্যাই ৰাষ্ট্ৰীয় ক্ষমতাৰ প্ৰভাৱ পেলায়। দেশত জনসংখ্যা বেছি হ’লে বৃহৎ সেনাবাহিনী গঠন কৰিব পাৰি। উৎপাদন কাৰ্যত অধিক কর্মী নিয়োগ কৰিব পাৰি, অধিক সম্পদ বৃদ্ধিৰ চেষ্টা কৰিব পাৰি। কিন্তু প্ৰত্যেকটো ক্ষেত্ৰতে জনসংখ্যা বৃদ্ধিয়ে ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধি কৰিব নোৱাৰে। জনসংখ্যা বৃদ্ধিক পৰিকল্পিতভাৱে সংগঠন কৰিব পাৰিলেহে ই ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধিত সহায় কৰিব।
(গ) জাতীয় মনোবল: জনসাধাৰণৰ জাতীয় মনোবলেও ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধিত সহায় কৰে। দেশৰ জনসাধাৰণ ৰাষ্ট্ৰৰ নীতিৰ লগত ঐক্যবদ্ধ হ’লে তেওঁলোকে চৰকাৰৰ নীতি আৰু কাৰ্যত সহায় কৰিব, প্ৰয়োজন সাপেক্ষে দেশৰ সংকটকালীন অৱস্থাত আত্মত্যাগ কৰিব। এনে মনোভাৱে জাতীয় মনোবল বৃদ্ধি কৰি ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধিত অৰিহণা যোগাব।
(ঘ) প্ৰাকৃতিক সম্পদ: এখন দেশৰ প্ৰাকৃতিক সম্পদ যেনে খনিজ পদাৰ্থ খাৰুৱা তেল, গছ-গছনি, নদ-নদী, জীৱ-জন্তু, পাহাৰ-পৰ্বত, চৰাই-চিৰিকটি আদিয়েও ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধিত অৰিহণা যোগায়। এখন দেশ প্ৰাকৃতিক সম্পদত চহকী হ’লে সেই দেশৰ ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধি পায়।
(ঙ) জাতীয় চৰিত্ৰ: ৰাষ্ট্ৰৰ প্ৰতি থকা জনসাধাৰণৰ স্বদেশ স্বজাতিৰ প্ৰতি থকা শ্ৰদ্ধা, সচেতনতা, একতা, আত্মত্যাগৰ মনোভাৱ, ৰাজহুৱা স্বাৰ্থৰ ওপৰত বেছি গুৰুত্ব প্ৰদান আদি জাতীয় চৰিত্ৰই ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধিত বিশেষ অৰিহণা যোগাব পাৰে।
(চ) কূটনীতি: এখন দেশে চুবুৰীয়া ৰাষ্ট্ৰৰ লগত ৰখা সম্পর্ক বজাই ৰাখিবলৈ সুদক্ষ কূটনীতিবিদৰ প্ৰয়োজন হয়। এজন সুক্ষ কূটনীতিবিদেহে দেশখনৰ আন দেশৰ লগত থকা কূটনৈতিক সম্পৰ্কক সুন্দৰভাৱে বজাই ৰাখি ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধিত সহায় কৰিব পাৰে।
(ছ) ভাৱাদর্শ: জাতীয়তাবোধ, সাম্যবাদ আদি ভাৱাদৰ্শই ৰাষ্ট্ৰৰ ক্ষমতা বৃদ্ধিত সহায় কৰে।
(জ) সামৰিক শক্তি: এখন দেশত যেতিয়া এক শক্তিশালী সামৰিক বাহিনী থাকে, সামৰিক শক্তি আৰু ক্ষমতা বৃদ্ধিৰ বাবে সুস্থ নেতৃত্ব দিব পৰা নেতা আৰু অস্ত্ৰ-শস্ত্ৰৰ উপযুক্ত যোগান থাকে তেতিয়া তেনে দেশত ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধি পায়।
(ঝ) নেতৃত্ব: এখন দেশত সুস্থ নেতৃত্ব বহনকাৰী নেতাই ৰাষ্ট্ৰৰ অৰ্থনৈতিক, প্ৰযুক্তিবিদ্যা, আদৰ্শ মনোবল, ভৌগোলিক অৱস্থান, মানৱ সম্পদ আদি ৰাষ্ট্ৰীয় ক্ষমতাবিলাক বিকশাই তোলাত সহায় কৰে। ফলত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধি পায়।
২। ৰাষ্ট্ৰীয় স্বাৰ্থ বুলিলে কি বুজা? বিভিন্ন শ্ৰেণীৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিষয়ে আলোচনা কৰা। (What do you mean by state interest? Discuss the interests of different classes of state?)
উত্তৰঃ যি স্বাৰ্থৰ দ্বাৰা ৰাষ্ট্ৰবিলাকে আন এখন ৰাষ্ট্ৰৰ সম্পৰ্কত সুৰক্ষা দিবলৈ যত্নপৰ হয় তাকে ৰাষ্ট্ৰীয় স্বাৰ্থ বোলা হয়। ই এক অস্পষ্ট ধাৰণা। মুঠতে আন এখন ৰাষ্ট্ৰৰ সম্পৰ্কৰ ক্ষেত্ৰত এখন ৰাষ্ট্ৰই স্বাৰ্থ সুৰক্ষা কৰিবলৈ চেষ্টা কৰাকে ৰাষ্ট্ৰীয় স্বাৰ্থ বোলা হয়।
ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰকাৰ: ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰকাৰসমূহ তলত আলোচনা কৰা হ’ল-
(ক) প্ৰাথমিক স্বাৰ্থ: যিবিলাক স্বাৰ্থ ৰাষ্ট্ৰখনৰ বাবে স্থায়ী আৰু যিবিলাক স্বাৰ্থ ৰাষ্ট্ৰখনৰ শাৰীৰিক, ৰাজনৈতিক, সাংস্কৃতিক বৈশিষ্ট্য আন দেশৰ হস্তক্ষেপৰ পৰা সুৰক্ষিত তেনে স্বাৰ্থকে প্ৰাথমিক স্বাৰ্থ বোলা হয়।
(খ) গৌণ স্বাৰ্থ: যি স্বাৰ্থই বিদেশত থকা নিজ নাগৰিকৰ স্বাৰ্থ সুৰক্ষিত কৰে আৰু লগতে কূটনৈতিক বিষয়াসকলৰ সা-সুবিধা সুৰক্ষিত কৰে তেনে স্বাৰ্থক গৌণ স্বাৰ্থ বোলা হয়।
(গ) স্থায়ী স্বাৰ্থ: যিবিলাক স্বাৰ্থ ৰাষ্ট্ৰ এখনৰ বাবে দীৰ্ঘম্যাদী আৰু যিবোৰৰ পৰিৱৰ্তন ধীৰ গতিত সংঘঠিত হয় তেনে স্বাৰ্থক স্থায়ী স্বাৰ্থ বোলা হয়।
(ঘ) পৰিৱৰ্তনশীল স্বাৰ্থ: ৰাষ্ট্ৰৰ যিবিলাক স্বাৰ্থই বিশেষ পৰিস্থিতিত ৰাষ্ট্ৰীয় গুৰুত্ব লাভ কৰাৰ কথা প্ৰকাশ কৰে তেনে স্বাৰ্থকে পৰিৱৰ্তনশীল স্বাৰ্থ বোলা হয়।
(ঙ) সাধাৰণ স্বাৰ্থ: যিবিলাক স্বাৰ্থ কেৱল ৰাষ্ট্ৰৰ ক্ষমতাৰ ভাৰসাম্যতাৰ ক্ষেত্ৰতহে প্ৰযোজ্য তেনে স্বাৰ্থক সাধাৰণ স্বাৰ্থ বোলা হয়।
৩। ক্ষমতাৰ সংজ্ঞা দিয়া। ক্ষমতাৰ নিৰ্ণায়কসমূহৰ এক পৰ্যালোচনা আগবঢ়োৱা। (Define Power? Review the power determinatnts?)
উত্তৰঃ প্ৰাচীন কালৰে পৰাই ৰাজনীতিৰ অধ্যয়নত ক্ষমতা শব্দটো ব্যৱহাৰ কৰি অহা হৈছে। এৰিষ্টটল, মেকিয়াভেলী, হবছৰ পৰা আধুনিক কাললৈকে ক্ষমতাই ৰাজনীতিৰ প্ৰধান বিষয় হিচাপে গণ্য হৈ আহিছে।
সংজ্ঞা: ক্ষমতা সম্পৰ্কে বিভিন্ন ৰাজনীতি বিজ্ঞানীয়ে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। কাৰ্ল ফ্ৰেডাৰিকৰ মতে ক্ষমতাই এক নিৰ্দিষ্ট ধৰণৰ মানৱীয় সম্পৰ্কক বুজায়।
টনিৰ মতে কোনো ব্যক্তি বা ব্যক্তি গোষ্ঠীৰ আচৰণ আৰু কাৰ্যকলাপ নিজৰ ইচ্ছা অনুযায়ী পৰিচালনা কৰাৰ দক্ষতাকেই ক্ষমতা বোলে।
ফ্ৰাংকেলৰ মতে, ব্যক্তি বা ৰাষ্ট্ৰৰ নিজা ইচ্ছা অনুযায়ী কোনো পৰিৱৰ্তন কৰিব পৰা বা কোনো ফলাফল লাভ কৰিব পৰা দক্ষতাই হৈছে ক্ষমতা।
লাচওৱেল আৰু কাপলানৰ মতে, সিদ্ধান্তত অংশ গ্ৰহণ কৰি আনক সুবিধাৰ পৰা বঞ্চিত কৰাৰ ভয় দেখুৱাই বা ভীতি প্ৰদৰ্শন কৰি আনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাৰ প্ৰক্ৰিয়াই হৈছে ক্ষমতা।
সাধাৰণতে প্ৰায়োগিত দিশত ক্ষমতাক বিশ্লেষণ আহিলা হিচাপে ব্যৱহাৰ কৰা হয়। বহু সময়ত প্ৰভাৱ বা ক্ষমতা একে যেন লাগিলেও দুয়োটাৰে পাৰ্থক্য আছে। প্ৰভাৱ ৰাজনৈতিক ক্ষমতালৈ পৰিৱৰ্তন হ’ব যদিহে প্ৰভাৱক ৰাষ্ট্ৰীয় ক্ষমতাৰ লগত জড়িত কৰিব পৰা যায়।
ক্ষমতাৰ লগত অনুশাসন জড়িত হৈ থাকে। নাগৰিকসকলে ৰাষ্ট্ৰীয় ক্ষমতা মানি চলে। কাৰণ অনুশাসনৰ বাবে পুৰস্কাৰ বা শাস্তিৰ ভয় থাকে।কিন্তু ভীতি প্ৰদৰ্শন, শাস্তিৰ ভয়, পুৰস্কাৰৰ আশা বা প্ৰলোভন, বলপূৰ্বক কাৰ্য ব্যৱস্থা ক্ষমতাৰ অন্তৰ্ভুক্ত নহয়। এইবোৰ ক্ষমতা আহৰণৰ উপায়হে।
ক্ষমতাই অৰ্থই হৈছে এক প্ৰকাৰৰ প্ৰভাৱ। এজন বা এটা গোষ্ঠী প্ৰভাৱশালী হয় আৰু আনজন বা আনটো গোষ্ঠী প্ৰভাৱিত। এই ক্ষমতাৰ নিৰ্ণায়ক সমূহৰ বিষয়ে বিভিন্ন লিখকে মতামত আগবঢ়াইছে। নিৰ্দিষ্ট উমৈহতীয়া মত নাথাকিলেও ক্ষমতাৰ নিৰ্ণায়কসমূহ তলত আলোচনা কৰা হ’ল।
(ক) জ্ঞান: জ্ঞান ক্ষমতাৰ প্ৰধান নিৰ্ণায়ক বা উৎস। এজন ব্যক্তিয়ে তেওঁৰ দক্ষতা আৰু সামৰ্থতা জ্ঞানৰ পৰা লাভ কৰে। যিজন মানুহৰ যিমানেই জ্ঞান থাকে সিমানেই তেওঁ ক্ষমতা বৃদ্ধি হয়। ৰাজনীতি, অৰ্থনীতি, সমাজনীতি, সংস্কৃতি, বিজ্ঞানৰ জ্ঞান, বাস্তৱ অভিজ্ঞতাৰ জ্ঞানে মানুহক বিষয় বস্তুৰ গভীৰতালৈ লৈ যাব পাৰে। ইয়াৰ ফলস্বৰূপে এজন মানুহ সেই বিষয়ত দক্ষ হৈ পৰে। সেই দক্ষতাই তেওঁ তুলনামূলকভাৱে আনক প্ৰভাৱিক কৰিবলৈ সমৰ্থতা বৃদ্ধি কৰে। জ্ঞানৰ পৰা ক্ষমতাৰ প্ৰয়োগ সম্ভৱ হয়।
(খ) সংগঠন: সংগঠনেই শক্তি বা ‘Union of strength’ বুলি কোৱা হয়। জনসাধাৰণৰ মাজত কিছুমান মানুহৰ দ্বাৰা কিছুমান সংগঠনৰ জন্ম দিয়া হয়। ভাৰতৰ জাতীয় কংগ্ৰেছ ১৮৮৫ চনত জন্ম হৈছিল। এই সংগঠনৰ প্ৰতি মানুহৰ এনে আনুগত্য আছিল যে ই বৃহৎ ক্ষমতা আহৰণ কৰি বৃটিছ চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি স্বাধীনতা লাভত সহায় কৰিছিল। সংগঠনৰ মাজেদি ক্ষমতা প্ৰয়োগ কৰা হয়। ৰাজনৈতিক দলসমূহ ক্ষমতা দখল কৰা বা ক্ষমতা প্ৰয়োগ কৰা সংগঠন।
(গ) সামাজিক স্থিতি: এজন ব্যক্তিয়ে সমাজত উচ্চ আসন লাভ কৰিলে তেওঁৰ ক্ষমতাও আহৰণ কৰে। গাঁও অঞ্চলত গাওঁবুঢ়া, মুখিয়া বা প্ৰধানসকলে প্ৰাচীন কালৰে পৰা উচ্চ স্থান দখল কৰি আহিছে। ফলস্বৰূপে তেওঁলোকে ক্ষমতাৰ অধিকাৰী হৈছিল আৰু সমাজ তেওঁলোকৰ মতে চলিছিল। বৰ্তমানো উচ্চ স্থান লাভ কৰা ব্যক্তিয়ে স্থানৰ ভিত্তি ক্ষমতাৰ অধিকাৰী হয়।
(ঘ) আকৃতি/ আকাৰ: কোনো ব্যক্তি বা ৰাষ্ট্ৰৰ আকৃতি ক্ষমতা নিৰ্ণয়ৰ এটা প্ৰধান উপায়। ৰাষ্ট্ৰ এখন বৃহৎ আকাৰৰ হলে অধিক ক্ষমতাৰ অধিকাৰী হ’ব পাৰে। চীন আৰু ভাৰতবৰ্ষৰ বিশালতা এই দুই দেশৰ ক্ষমতা বৃদ্ধিৰ প্ৰধান উপাদান। ৰাছিয়াৰ বিশাল আকৃতিৰ বাবেই দ্বিতীয় মহাযুদ্ধত জাৰ্মান সৈন্যই দখল কৰিব নোৱাৰিছিল আৰু ৰাছিয়াৰ ক্ষমতা হ্ৰাস হোৱা নাছিল।
(ঙ) বিশ্বাস: বিশ্বাস, আস্থা, ক্ষমতাৰ আন এক নিৰ্ণায়ক। জনসাধাৰণৰ আস্থা লাভ কৰিলে এখন চৰকাৰ শক্তিশালী হ’ব পাৰে। কোনো এটা অনুষ্ঠানো জনসাধাৰণৰ আস্থা ভাজন হ’লে অধিক ক্ষমতাৰ অধিকাৰী হ’ব পাৰে। গণতান্ত্ৰক অধিক ক্ষমতাশালী আৰু উৎকৃষ্ট বোলা হয়, এই কাৰণেই যে ইয়াত জনসাধাৰণৰ আস্থা থাকে।
(চ) দক্ষতা: দক্ষতা ক্ষমতাৰ আন প্ৰধান উৎস বা নিৰ্ণায়ক। দক্ষ ব্যক্তিয়ে সমাজৰ আৰু ৰাষ্ট্ৰৰ যিকোনো কামতে দক্ষতাৰে কাৰ্য সম্পাদন কৰিব পাৰে। দক্ষ ব্যক্তিজনে সাধাৰণ এজন ব্যক্তিতকৈ উচ্চ আসন লাভ কৰে। চৰকাৰী কাৰ্যত দক্ষতাৰ বাবে এজন কৰ্মচাৰীয়ে উচ্চ পদবীলৈ পদোন্নতি পাব পাৰে। পদোন্নতি অনুসৰি ক্ষমতাও অধিক হয়।
(ছ) কৰ্তৃত্ব: কৰ্তৃত্বও ক্ষমতাৰ এক প্ৰধান নিৰ্ণায়ক। শাসনত থকা ব্যক্তি বা গোষ্ঠী বা দলে যেতিয়া ক্ষমতা প্ৰয়োগ কৰিবলৈ অনুমোদন লাভ কৰে তেতিয়াই কৰ্তৃত্বৰ সৃষ্টি হয়। সেইবাবে কৰ্তৃত্বশীল ব্যক্তিয়ে সাংবিধানিক বা জনসাধাৰণৰ অনুমোদনৰ বলত অধিক ক্ষমতাৰ অধিকাৰী হয়। সংসদীয় গণতন্ত্ৰত চৰকাৰে জনসাধাৰণৰ পৰা কৰ্তৃত্ব লাভ কৰি শাসন কৰাৰ, আইন প্ৰণয়ন কৰাৰ ক্ষমতা লাভ কৰে। হিটলাৰে শেষৰ ফালে নিৰ্বাচনত জয়ী হৈ কৰ্তৃত্ব লাভ কৰি অসীম ক্ষমতাৰ অধিকাৰী হৈছিল।
(জ) জনসংযোগ: এই মাধ্যমৰ যোগেদি চৰকাৰে নিজৰ আদৰ্শ, কৃতকাৰ্যতা আঁচনি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিব পাৰে। চৰকাৰে জনমাধ্যমৰ যোগেদি জনসাধাৰণৰ মতামত নিজৰ পক্ষে অনুকূল কৰিব পাৰে আৰু এনেদৰে ক্ষমতা বৃদ্ধি কৰিব পাৰে। গোৱবলছে জাৰ্মানত প্ৰচাৰ মাধ্যমৰ যোগেদি নাজী দলৰ ক্ষমতা বৃদ্ধিত অভূতপূৰ্ব বৰঙণি যোগাইছিল।
(ঝ) অৰ্থনৈতিক স্থিতি: উন্নত অৰ্থনৈতিক স্থিতিয়ে এজন ব্যক্তিৰ ক্ষমতা বৃদ্ধি কৰাৰ নিচিনাকৈ এখন ৰাষ্ট্ৰৰ ক্ষমতা বৃদ্ধিতো বৰঙণি যোগায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক স্থিতি শক্তিশালী হোৱাৰ বাবেই আমেৰিকা যুক্তৰাষ্ট্ৰক শক্তিশালী কৰি তুলিছে। আনকি পৃথিৱীৰ আটাইতকৈ ক্ষমতাশালী ৰাষ্ট্ৰৰূপে গঢ়ি তুলিছে।
৪। ক্ষমতাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। (Discuss the characteristics of power?)
উত্তৰঃ ক্ষমতাৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছে –
(ক) ক্ষমতা এক প্ৰকাৰৰ সম্পর্ক। দুই বা ততোধিক ব্যক্তিৰ মাজত এই সম্পৰ্ক গঢ়ি উঠিব পাৰে।
(খ) ক্ষমতাৰ আন এটা বৈশিষ্ট্য হৈছে দক্ষতা। দক্ষ ব্যক্তিয়ে যুক্তি বা ব্যক্তিত্বৰ জৰিয়তে আনৰ ওপৰত প্ৰভাৱ পেলাই অভিলাস পূৰণ কৰিব পাৰে। প্ৰলোভন বা লোকচানৰ ভয় দেখুৱায়ো আনৰ আচৰণৰ প্ৰভাৱ পেলাব পাৰে। আনৰ আচৰণৰ ওপৰত প্ৰভাৱ পেলোৱাৰ দক্ষতাই হৈছে ক্ষমতা।
(গ) ক্ষমতাৰ আন এটা বৈশিষ্ট্য হৈছে ইতিবাচক দিশ। অনেক ভৱিষ্যতৰ সম্ভাৱনা দেখুৱাই কোনো ব্যক্তি বা দেশে আন ব্যক্তি বা দেশৰ আচৰণত প্ৰভাৱ পেলাব পাৰে। এনে পন্থাৰ আশ্ৰয় লৈ হ’লেও আমেৰিকা যুক্তৰাষ্ট্ৰই বিভিন্ন দেশক প্ৰভাৱাম্বিত কৰিছে। সেইবাবেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষমতা আছে বুলি কোৱা হয়।
(ঘ) ক্ষমতাৰ নেতিবাচক দিশো আছে। বল প্ৰয়োগৰ ভয়, শাস্তিৰ ভয় বা সম্পদ হানিৰ ভয় দেখুৱাই আনৰ আচৰণত প্ৰভাৱ পেলাব পৰা যায়। এসময়ৰ সাম্যবাদী ৰাছিয়াত আৰু বৰ্তমান চীনত সাম্যবাদৰ বিৰুদ্ধাচৰণ কৰা সকলক শাস্তিৰ ভয় দেখুৱাই সাম্যবাদৰ প্ৰতি আনুগত্য আদায় আৰু ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। হিটলাৰৰ আমোলত বিৰোধী গোটসমূহৰ মাজত ত্ৰাসৰ সঞ্চাৰ কৰি নাজী-জাৰ্মানীৰ ক্ষমতা বৃদ্ধি কৰা হৈছিল।
(ঙ) ক্ষমতা সদায় এটা বিষয়ৰ লগত জড়িত। যদি কোৱা হয়, এজন ব্যক্তিৰ ক্ষমতা আছে, তেন্তে ক’ব লাগিব কোন বিষয়ত তেওঁৰ ক্ষমতা আছে। বিত্তীয় ক্ষমতানে, নিয়োগৰ নে কূটনৈতিক ক্ষমতা নে কোনো এটা নিৰ্দিষ্ট বিষয়ৰ ক্ষমতা।
(চ) ক্ষমতাৰ পৰিস্থিতি, অৱস্থা, সামাজিক পটভূমি আদিয়ে নিৰূপণ কৰে। বেলেগ বেলেগ ৰাজনৈতিক পৰিস্থিতিত ক্ষমতা প্ৰয়োগৰ পৰিমাণ বেলেগ বেলেগ হয়। এটা বিশেষ পৰিস্থিতিত এজন ব্যক্তিয়ে ক্ষমতাৰ যোগেদি বৃহত্তৰ জনগমক প্ৰভাৱাম্বিত কৰিব পাৰে। আন এটা পৰিস্থিতিত সেই ব্যক্তিজনৰ প্ৰভাৱ তেনেই সীমিত হ’ব পাৰে। গতিকে ক্ষমতাৰ ধাৰণা পৰিৱৰ্তনশীল।
(ছ) আন এটা বৈশিষ্ট্য হৈছে ক্ষমতা সদায় আপেক্ষিক। কোনো এটা দিশত এজনৰ ক্ষমতা অধিক হ’লেও আন এটা বিষয়ত তেওঁৰ ক্ষমতা নগণ্য। সমাজৰ বিভিন্ন ব্যক্তিৰ মাজত ক্ষমতাৰ অসমান বিতৰণ থাকে।
(জ) ক্ষমতাৰ আন এটা বৈশিষ্ট্য হ’ল ক্ষমতা সন্মতিৰ ওপৰত প্ৰতিষ্ঠিত। যাৰ ওপৰত ক্ষমতা প্ৰয়োগ কৰা হয় তেওঁ মানি নল’লে বল প্ৰয়োগৰ যোগেদি আনুগত্য আদায় কৰিব।
(ঝ) বৰ্তমান ৰাষ্ট্ৰসংঘ আৰু আন্তৰ্জাতিক আইনৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ ফলতো ৰাষ্ট্ৰৰ ক্ষমতাৰ ভাৰসাম্যতাৰ প্ৰশ্নটো অপ্ৰাসংগিক হৈ পৰিছে।
৫। ক্ষমতা বুলিলে কি বুজা? ক্ষমতাৰ পৰিধিসমূহ কি কি? ক্ষমতা আন্তঃৰাষ্ট্ৰীয় স্তৰত কেনেদৰে প্ৰকাশ পায়? (What do you understand by Power? What are the dimensions of power? How Power manifests at global level?)
উত্তৰঃ সাধাৰণ অৰ্থত ক্ষমতা হৈছে নিজৰ স্বাৰ্থ বা উদ্দেশ্য প্ৰাপ্ত কৰাৰ সামৰ্থ্য। ক্ষমতা হৈছে প্ৰতিৰোধ অবিহনে নাইবা প্ৰতিৰোধৰ সৈতে ব্যক্তি বা সমূহৰ নিজৰ স্বাৰ্থ আদায় কৰাৰ সামৰ্থ্য ক্ষমতাৰ সৈতে বল প্ৰয়োগৰ পোনপটীয়া ব্যৱহাৰ হৈ থকা। অৰ্থাৎ বল প্ৰয়োগ কৰিও আনৰ ওপৰত নিজৰ ইচ্ছা জাপি দি স্বাৰ্থ আদায় কৰিব পাৰি। কিছুমান পণ্ডিতৰ মতে ক্ষমতাত এজনৰ আন এজনৰ ইচ্ছা অতিক্ৰম কৰাটোও অন্তৰ্ভুক্ত হৈ থাকে।
মেক্স ৱেবাৰ মতে, “ক্ষমতা হৈছে সামাজিক সম্পৰ্কৰ ভিতৰত থাকি এজন ব্যক্তিয়ে বিভিন্ন প্ৰতিৰোধৰ মাজতো নিজৰ ইচ্ছা বা স্বাৰ্থ সম্পাদনা কৰাৰ স্থিতিত থকাৰ সম্ভাৱনা।”
ষ্টিভেন লুকচৰ মতে, “ক্ষমতা হৈছে যেতিয়া A নামৰ ব্যক্তিজনে B নামৰ ব্যক্তিজনৰ স্বাৰ্থৰ বিপৰীতে B ব্যক্তিজনক প্ৰভাৱিত কৰে। অৰ্থাৎ A ব্যক্তিজনে B ব্যক্তিৰ ওপৰত ক্ষমতা প্ৰয়োগ কৰা বুলি ক’ব পাৰি।
ক্ষমতা সিদ্ধান্ত কৰে আৰু সেই সিদ্ধান্তবোৰ কাৰ্যকৰীকৰণৰ লগত জড়িত। কোনো সংগঠনে বা ব্যক্তিয়ে ক্ষমতা অবিহনে নিজৰ উদ্দেশ্য পূৰণ কৰিব নোৱাৰে। এখন সমাজত বিভিন্ন ধৰণৰ স্বাৰ্থ থাকে যিবোৰ একে নহয়। যেতিয়া এই স্বাৰ্থসমূহৰ মাজত সংঘাত হয়, তেতিয়া এটা স্বাৰ্থই আন এটা স্বাৰ্থৰ বা আন সকলো স্বাৰ্থৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ লয়, সেই আন স্বাৰ্থবোৰৰ ওপৰত প্ৰচলিত স্বাৰ্থক ক্ষমতাশালী স্বাৰ্থ বুলি কোৱা হয়।
গতিকে ক’ব পাৰি যে, ক্ষমতা হৈছে এক বহুমুখী ধাৰণা। ই হৈছে মানৱ সভ্যতা জীয়াই থকাৰ এক গুৰুত্বপূৰ্ণ উপাদান। সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰতে ক্ষমতা বিৰাজমান। ক্ষমতা ৰাজনীতি, কৰ্তৃত্ব আৰু সম্পদৰ সৈতে সম্পৰ্কিত। ক্ষমতা অনুসৰি এজনে আন এজনৰ সিদ্ধান্ত বা কাৰ্যক প্ৰভাৱিত কৰে। অৱশ্যে অন্য দিশতকৈ ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰত ক্ষমতাৰ ধাৰণা আটাইতকৈ শক্তিশালী।
ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত সাধাৰণতে শক্তিশালী ৰাষ্ট্ৰসমূহে দুৰ্বল ৰাষ্ট্ৰসমূহৰ ওপৰত ক্ষমতা প্ৰয়োগ কৰা দেখা যায়। যেতিয়া এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ জৰিয়তে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ সক্ষম হয় তেতিয়া তাক ক্ষমতাশালী ৰাষ্ট্ৰ বুলি কোৱা হয়। উদাহৰণস্বৰূপে, কুৰি শতিকাৰ আগভাগলৈকে ৰাষ্ট্ৰসমূহৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰই আছিল আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ। অৱশ্যে একাদশ শতিকাৰ পৰা এই ক্ষমতাৰ স্থানান্তৰ হ’বলৈ ধৰে। অৰ্থাৎ ভাৰতবৰ্ষ, ব্ৰাজিল, চীন ইত্যাদি ৰাষ্ট্ৰবোৰো ক্ষমতাশালী হ’বলৈ ধৰে।
ক্ষমতাৰ বিস্তৃত প্ৰকাৰ:
যোচেফ ন্যেইয়ে ক্ষমতাক মূলতঃ তিনিটা ভাগত ভাগ কৰিছে-
(ক) কঠিন ক্ষমতা।
(খ) নৰম ক্ষমতা।
(গ) বুদ্ধিমান ক্ষমতা।
(ক) কঠিন ক্ষমতা: কঠিন ক্ষমতা হৈছে ক্ষমতাৰ আটাইতকৈ পুৰণি প্ৰকাৰ। যেতিয়া কোনো এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰক বলপূৰ্বকভাৱে উদাহৰণস্বৰূপে পইচাৰ জৰিয়তে, সৈনিক ক্ষমতাৰ জৰিয়তে স্বাৰ্থ সিদ্ধি কৰে তেতিয়া তাক কঠিন ক্ষমতা ব্যৱহাৰ কৰা বুলি কোৱা হয়। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ইয়াক গাজৰ (carrot) আৰু লাঠি (sticks) বুলি কোৱা হয়। ঐতিহাসিকভাৱে, কঠিন ক্ষমতাক জনসংখ্যাৰ আকাৰ, অঞ্চল, ভূগোল, প্ৰাকৃতিক সম্পদ, সামৰিক শক্তি আৰু অৰ্থনৈতিক শক্তিৰ দ্বাৰা জোখা হয়। উদাহৰণস্বৰূপে, 1939 চনত জাৰ্মানীৰ পোলেণ্ড আক্ৰমণ, 1979 চনত ছোভিয়েট ইউনিয়নৰ দ্বাৰা আফগানিস্তান আক্ৰমণ, 2003 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা ইৰাকৰ অস্ত্ৰ-শস্ত্ৰৰ সামৰ্থ্য সম্পৰ্কীয় উদ্বেগৰ বাবে ইৰাক আক্ৰমণ ইত্যাদি।
(খ) নৰম শক্তি/ক্ষমতা: যেতিয়া এখন ৰাষ্ট্ৰই বলপূৰ্বকভাৱে ক্ষমতা প্ৰয়োগ নকৰি আন শিথিল প্ৰক্ৰিয়াৰে অন্য ৰাষ্ট্ৰৰ দ্বাৰা স্বাৰ্থ সিদ্ধি কৰে তাক নৰম ক্ষমতা বোলে। অন্য অৰ্থত নৰম ক্ষমতাত আবেদন আৰু আকৰ্ষণৰ জৰিয়তে আন ৰাষ্ট্ৰৰ স্বাৰ্থ/উদ্দেশ্য সিদ্ধি কৰা দিশ অন্তৰ্ভুক্ত হৈ থাকে। নৰম ক্ষমতাৰ কিছুমান বৈশিষ্ট্য হৈছে যে, ই অ-বলপূৰ্বক, সংস্কৃতি, ৰাজনৈতিক মূল্যবোধ, বৈদেশিক নীতি ইত্যাদি। ন্যায়ৰ মতে, কঠিন ক্ষমতাতকৈ নৰম ক্ষমতা ব্যৱহাৰ কৰাটো অধিক কঠিন।
কাৰণ ইয়াৰ বহুতো গুৰুত্বপূৰ্ণ সম্পদ চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু নৰম ক্ষমতাই নীতিসমূহৰ কাৰণে পৰোক্ষভাৱে পৰিৱেশ গঢ় দিব লগা হয় আৰু কেতিয়াবা আকাংক্ষিত ফলাফল প্ৰস্তুত কৰিবলৈ বহু বছৰ লয়। উদাহৰণস্বৰূপে, আমেৰিকা যুক্তৰাষ্ট্ৰত নামভৰ্তি কৰা বিদেশী শিক্ষাৰ্থীৰ সংখ্যা, আমেৰিকাৰ জীৱন শৈলীৰ অন্য ৰাষ্ট্ৰৰ ওপৰত প্ৰভাৱ ইয়াৰ মুক্ততা, গতিশীলতা, ব্যক্তিবাদ, স্বেচ্ছাসেৱী আৰু স্বাধীনতাৰ মূল্যবোধৰ সৈতে আধুনিকতাৰ আলোকচিত্ৰ হিচাপে, ভাৰতবৰ্ষৰ অন্যান্য আদৰ্শ যেনে- বৌদ্ধি ধৰ্ম, হিন্দুত্ববাদ ইত্যাদিয়ে আন আন ৰাষ্ট্ৰক কৰা আকৰ্ষণ ইত্যাদি।
(গ) বুদ্ধিমান ক্ষমতা: এই প্ৰকাৰৰ ক্ষমতা হৈছে কঠিন আৰু নৰম ক্ষমতাৰ সংমিশ্ৰণ। ন্যায়ৰ মতে, আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত আটাইতকৈ উপযুক্ত ক্ষমতাৰ প্ৰকাৰবিধ হৈছে বুদ্ধিমান ক্ষমতা। উদাহৰণস্বৰূপে, ন্যায়ৰ মতে, সন্ত্ৰাসবাদৰ লগত মোকাবিলা কৰাৰ বাবে বুদ্ধিমান ক্ষমতাৰ প্ৰয়োজন। তেওঁৰ মতে, কেৱল নৰম ক্ষমতা অৱলম্বন কৰি তালিবান চৰকাৰৰ মন আৰু হৃদয় সলনি কৰিবলৈ কঠিন। সেয়েহে, নৰম ক্ষমতাৰ লগতে কঠিন ক্ষমতাৰো সমানে প্ৰয়োজন।
বাস্তৱবাদী দৃষ্টি মতে, গোলকীয় ৰাজনীতি হৈছে- ক্ষমতা আছে ৰাষ্ট্ৰীয় স্বাৰ্থৰ খেল। এই দৃষ্টিভংগী অনুসৰি ক্ষমতা হৈছে- এক শূন্য অংকৰ খেল (Zero Sum Game)। অৰ্থাৎ কোনো ৰাষ্ট্ৰৰ বা আদৰ্শই যদি জয়ী হয়, আন এটা আদৰ্শ বা ৰাষ্ট্ৰৰ পৰাজয় হয়। অৰ্থাৎ প্ৰকৃতাৰ্থত চাবলৈ গ’লে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি ক্ষমতাৰ হৰা-জিকা প্ৰক্ৰিয়াত সীমাবদ্ধ। এনেদৰেই ক্ষমতাই গোলকীয় ৰূপত প্ৰকাশ পায়।
৬। গোলকীয় প্ৰশাসনৰ অৰ্থ কি? (What is the meaning of Global governance?)
or/ নাইবা
গোলকীয় প্ৰশাসনৰ ধাৰণাটো আলোচনা কৰা। (Discuss the concept of Global governance.)
উত্তৰঃ দুই শতিকাৰ আগৰ পৰাই আধুনিক বিশ্বৰ বিকাশৰ তত্ত্বৰ বিশেষকৈ বৰ্তমানৰ গোলকীকৰণ প্ৰক্ৰিয়াৰ পৰিকাঠামো গঠনৰ পৰাই গোলকীয় প্ৰশাসনৰ ধাৰণা এক বিশেষ স্থান লাভ কৰি আহিছে। গোলকীকৰণে বিভিন্ন ধৰণৰ পৰিৱৰ্তন আনিলে যদিও বহু সময়ত বহুক্ষেত্ৰত গোলকীকৰণৰ নঞাৰ্থক প্ৰভাৱৰ বাবে ইয়াক ত্যাগ কৰাও দেখা গ’ল।
অৱশ্যে মুখ্য সমস্যাটো বিশ্বায়নৰ সৈতে নহয় বৰং ইয়াক কেনেদৰে পৰিচালনা কৰা হয় তাৰ সৈতেহে জড়িত। এই সমস্যাৰ এটা অংশ আন্তৰ্জাতিক অৰ্থনৈতিক প্ৰতিষ্ঠানৰ সৈতে আছে, যিয়ে মূলতঃ গাঁথনিবোৰ বা সুতিবোৰ ধৰি ৰাখে। এই সংগঠনবোৰে বা প্ৰতিষ্ঠানবোৰে গোলকীকৰণৰ নামত উন্নয়নশীল দেশবোৰৰ সলনি উন্নত উদ্যোগিক দেশমূহৰ স্বাৰ্থ পূৰণ কৰা দেখা যায়। সেয়েহে, বিশ্বায়নৰ/গোলকীকৰণৰ এক নতুন ৰূপ দিয়াৰ সময় আহি পৰিল। ইয়াৰ বাবে দক্ষ আন্তঃৰাষ্ট্ৰীয় ৰাজহুৱা অনুষ্ঠানৰ প্ৰয়োজন যিয়ে সামূহিক কাৰ্য, সিদ্ধান্ত গ্ৰহণত স্বচ্ছতা আৰু বিশেষকৈ সাধাৰণ সংস্কাৰৰ ওপৰত গুৰুত্ব দিয়ে। অৱশ্যে আটাইতকৈ মৌলিক আৰু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ দৰকাৰ যিয়ে বিশ্বায়নক ভালৰ বাবে এক শক্তি হ’বলৈ সক্ষম কৰিব, সেৱা হ’ল প্ৰশাসনৰ পৰিৱৰ্তন। এনেধৰণৰ উদ্বেগে গোলকীয় শাসনৰ প্ৰতি এক প্ৰচলিত ধাৰণাৰ জন্ম দিছে।
‘গোলকীয় প্ৰশাসন’ ধাৰণাটো ‘সুপ্ৰশাসন/ সুশাসন’ ধাৰণাৰ পৰা পৃথক যিয়ে গোলকীয় ৰাজনীতিত আনুষ্ঠানিক আৰু অনানুষ্ঠানিক ব্যৱস্থাৰ সংহতিক বুজায়। ইয়াৰ অৰ্থ এইটোৱে যে, কেৱল ৰাজ্য আৰু ৰাষ্ট্ৰবোৰে বিশ্বব্যাপী বিষয়বোৰ পৰিচালনা কৰিব নোৱাৰে। সেয়েহে, ই আন্তঃৰাষ্ট্ৰীয় চৰকাৰী সংগঠন, বেচৰকাৰী সংগঠন আৰু বহুজাতিক নিগমসমূহকো দায়িত্ব প্ৰদান কৰে যাতে গোলকীয় ৰাজনীতি ভালদৰে পৰিচালিত হয়।
গতিকে, ‘গোলকীয় শাসন’ হৈছে- আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক, প্ৰতিষ্ঠান নিৰ্মাণ, নিয়ম উদ্যোগ, শাসন সৃষ্টি আৰু বিশ্বব্যাপী পৰিৱৰ্তনৰ ব্যৱস্থাপনা। গোলকীয় শাসনে বহুতো বিষয় সামৰি লয় যেনে- মহিলাৰ অধিকাৰ, মানৱ অধিকাৰ, উন্নয়ন, গণতান্ত্ৰিকীকৰণ, পৰিৱেশ, নিৰাপত্তা আৰু বিনিয়োগ। ইয়াৰ শেহতীয়া সাফল্যবোৰৰ ভিতৰত আছে লেণ্ডমাইন নিষিদ্ধ কৰা চুক্তি, আন্তৰ্জাতিক অপৰাধ আদালত, বিশ্ব বাণিজ্য সংস্থা আৰু ‘নতুন প্ৰজন্ম’ৰ ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযান ইত্যাদি। চমুকৈ, গোলকীয় শাসন বা প্ৰশাসনে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়োধৰণৰ শাসন বা শাসন প্ৰণালী বৰ্ণনা কৰে। প্ৰকৃততে, গোলকীয় শাসন হৈছে একে বহল, গতিশীল, জটিল প্ৰক্ৰিয়া যিটো সদায়েই ক্ৰমবৰ্ধমান আৰু পৰিৱৰ্তনশীল পৰিৱেশৰ বাবে দায়বদ্ধ।
গোলকীয় প্ৰশাসনে বিশ্বৰ বিভিন্ন স্তৰত সামূহিক কাৰ্যৰ সমন্বয়ৰ বাবে বিভিন্ন সংগঠনক একত্ৰিত কৰে। গোলকীয় প্ৰশাসনৰ মূল লক্ষ্য হ’ল বিশ্বব্যাপী ৰাজহুৱা সামগ্ৰী যোগান ধৰা, বিশেষকৈ শান্তি আৰু নিৰাপত্তা অক্ষুণ্ণ ৰখা, সংঘাতৰ ক্ষেত্ৰত ন্যায় প্ৰদান কৰা, বাণিজ্য আৰু উদ্যোগৰ বাবে একত্ৰিত মানদণ্ডৰ ব্যৱস্থা কৰা ইত্যাদি। গোলকীয় প্ৰশাসনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰা অনুষ্ঠানটো হৈছে ৰাষ্ট্ৰসংঘ।
গোলকীয় প্ৰশাসনৰ বৈশিষ্ট্য:
গোলকীয় প্ৰশাসনৰ মুখ্য বৈশিষ্ট্যসমূহ হ’ল-
(ক) বহুকেন্দ্ৰিক: গোলকীয় শাসন ব্যৱস্থাৰ ভিতৰত ৰাষ্ট্ৰসংঘৰ সৰ্বাধিক ভূমিকা থকা সত্বেও বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত বিভিন্ন প্ৰতিষ্ঠাৰ ভূমিকাৰ এক পৰিকাঠামো আছে। ৰাষ্ট্ৰ আৰু আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ উপৰিও গোলকীয় প্ৰশাসনে বেচৰকাৰী সংস্থাসমূহক, টি-এনচি আৰু গোলকীয় নাগৰিক সমাজৰ অন্যান্য সংগঠনক সামৰি লয়। গোলকীয় প্ৰশাসনত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ৰাষ্ট্ৰ আৰু নাগৰিক সমাজৰ ব্যৱধান শূন্য। সেয়েহে, ইয়াত মিশ্ৰিত প্ৰশাসনৰ আদৰ্শ থাকে।
(খ) আন্তঃচৰকাৰ: ৰাজ্য আৰু ৰাষ্ট্ৰীয় চৰকাৰসমূহে গোলকীয় প্ৰশাসনত আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানবোৰৰ দুৰ্বল ক্ষমতা প্ৰৱৰ্তনৰ প্ৰতিফলিত কৰি যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে।
(গ) মিশ্ৰিত সংযোজন: ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ উপৰিও গোলকীয় প্ৰশাসনে বেচৰকাৰী সংগঠনসমূহ, আন্তঃৰাষ্ট্ৰীয় নিগমসমূহ আৰু অন্যান্য প্ৰতিষ্ঠানসমূহকো সামৰি লয়।
অৱশেষত ক’ব পাৰি যে, গোলকীয় শাসন হৈছে- আনুষ্ঠানিক আৰু অনানুষ্ঠানিক প্ৰণালীৰ পৰা উদ্ভৱ হোৱা উদ্দেশ্যপূৰ্ণ আদেশ যি সাধাৰণ কল্যাণৰ বাবে পদক্ষেপ নিয়ন্ত্ৰণ কৰে। গোলকীয় শাসনত আন্তৰ্জাতিক, আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্যায়ত ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰা কাৰ্যকলাপ অন্তৰ্ভুক্ত থাকে। গোলকীয় শাসনৰ প্ৰণালী সমূহ ৰাজহুৱা আৰু ব্যক্তিগত উভয় খণ্ডৰ উপাদান আৰু পদ্ধতিৰে গঠিত। ফলপ্ৰসূ গোলকীয় প্ৰশাসনে আঞ্চলিক চৰকাৰ প্ৰশাসনতকৈ অধিক সফলভাৱে কাম কৰে। গোলকীয় সমস্যা সমাধানৰ মুখ্য চাবি-কাঠী হৈছে গোলকীয় প্ৰশাসন। তথাপি গোলকীয় প্ৰশাসন এতিয়াও জটিল আৰু ক্ৰমবৰ্ধমান হৈ আছে। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত গোলকীয় প্ৰশাসনৰ স্থান এতিয়াও বিকশিত হৈ আছে।
৭। গোলকীয় স্থানান্তৰকৰণ কি? গোলকীয় প্ৰশাসনৰ পৰিৱৰ্তন/ স্থানান্তৰকৰণৰ লগত সংগতি ৰাখি গোলকীয় স্থানান্তৰকৰণৰ ভাগসমূহৰ বিষয়ে বৰ্ণনা কৰা। (What is Global shifts? Explain the dimensions of global shifts with reference to shift in Global governance.)
উত্তৰঃ গোলকীয় স্থানান্তৰকৰণ বুলিলে একবিংশ শতিকাৰ হোৱা ক্ষমতাৰ স্থানান্তৰকৰণক বুজায় যিয়ে গোলকীয় প্ৰশাসনত সংশোধন আনিছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ পৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান সমূহলৈ যেনে- বিশ্ব বেংক, ৰাষ্ট্ৰসংঘ, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি ইত্যাদিলৈ হোৱা ক্ষমতাৰ স্থানান্তৰকৰণৰ কথা ক’ব পাৰি।
গোলকীয় স্থানান্তৰকৰণক সাধাৰণতে দুটা ভাগত ভগাব পাৰি-
(ক) ক্ষমতাৰ গোলকীয় স্থানান্তৰকৰণ/ পৰিৱৰ্তন।
(খ) গোলকীয় প্ৰশাসনৰ স্থানান্তৰকৰণ/ পৰিৱৰ্তন।
ক্ষমতাৰ গোলকীয় স্থানান্তৰকৰণৰ ওপৰত ভিত্তি কৰি গোলকীয় প্ৰশাসনৰ স্থানান্তৰ সংঘটিত হয়। সেয়েহে, ক্ষমতাৰ গোলকীয় পৰিৱৰ্তনক মুখ্য পৰিৱৰ্তন আৰু গোলকীয় প্ৰশাসনৰ পৰিৱৰ্তনক গৌণ পৰিৱৰ্তন বুলি কব পাৰি।
(ক) ক্ষমতাৰ গোলকীয় পৰিৱৰ্তন: ক্ষমতাৰ গোলকীয় পৰিৱৰ্তনত ক্ষমতা সমান্তৰালভাৱে আৰু উলম্বভাৱে ঘূৰি থাকে। ক্ষমতা সমান্তৰালকৈ সদায় এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ ঘূৰি থাকে। যেনে – আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা চীন, চীনৰ পৰা ভাৰতবৰ্ষ, ভাৰতবৰ্ষৰ পৰা জাপান ইত্যাদি। আকৌ ক্ষমতাৰ উলম্বভাৱে হোৱা পৰিৱৰ্তনে ক্ষমতা ৰাষ্ট্ৰৰ পৰা তাতকৈ ওপৰত কৰ্তৃত্বৰ হাতত হোৱাটোকে বুজায়। যেনে- ৰাষ্ট্ৰসমূহৰ পৰা ইউৰোপীয়ান ইউনিয়ন, এছিয়ান ইত্যাদিলৈ হোৱা ক্ষমতাৰ স্থানান্তৰকৰণ। কিন্তু ক্ষমতাৰ গোলকীয় পৰিৱৰ্তন বুলিলে সাধাৰণতে সমান্তৰালকৈ হোৱা ক্ষমতাৰ পৰিৱৰ্তনকে বুজায়।
(খ) গোলকীয় প্ৰশাসনৰ স্থানান্তৰকৰণ: গোলকীয় পৰিৱৰ্তন বা স্থানান্তৰকৰণ দ্বিতীয়টো ভাগ হৈছে গোলকীয় প্ৰশাসনৰ স্থানান্তৰকৰণ।গোলকীয় প্ৰশাসনৰ স্থানান্তৰকৰণ ক্ষমতা গোলকীয় স্থানান্তৰকৰণৰ ওপৰত ভিত্তি কৰি হয়। গোলকীকৰণৰ লগে লগে বিভিন্ন সমস্যাৰ উদ্ভৱ হয়। এনে সমস্যাসমূহ বিশেষকৈ বেচৰকাৰী বা অনাচৰকাৰী সংস্থাৰ পৰা উদ্ভৱ হয় যেনে- সন্ত্ৰাসবাদ, জলবায়ু পৰিৱৰ্তন, মহামাৰী ইত্যাদি য’ত কোনো এখন ৰাষ্ট্ৰৰ ভূমিকা নাথাকে।
এনে ক্ষেত্ৰত বিভিন্ন বেচৰকাৰী সংস্থাই যেনে- গোলকীয় নাগৰিক সমাজ, গোলকীয় সামাজিক আন্দোলন, বহুজাতিক নিগম, আন্তৰ্জাতিক নিগম ইত্যাদিয়ে আন্তঃচৰকাৰী সংস্থাসমূহৰ সৈতে যেনে- ৰাষ্ট্ৰসংঘ, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি, বিশ্ব বেংক, বিশ্ব বাণিজ্য সংস্থা ইত্যাদি একেলগ হৈ এক নতুন ধৰণৰ প্ৰশাসনৰ সৃষ্টি কৰে যাক গোলকীয় প্ৰশাসন বুলি কোৱা হয়। এনে গোলকীয় প্ৰশাসনে গোলকীয় সমস্যাসমূহ সমাধানক লক্ষ্য হিচাপে লয়।
গোলকীয় প্ৰশাসনত ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ শাসন প্ৰণালীত কোনো সাল-সলনি হোৱা দেখা নাযায়। কিন্তু গোলকীয় অৰ্থনৈতিক প্ৰশাসন আৰু জলবায়ু পৰিৱৰ্তনৰ শাসনৰ প্ৰণালীৰ ক্ষেত্ৰত পৰিৱৰ্তন হোৱা দেখা গৈছে। উদাহৰণস্বৰূপে, ব্ৰিটন উডছৰ তিনিটা মুখ্য সংস্থা- আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি, বিশ্ব বেংক আৰু বিশ্ব বাণিজ্য সংস্থাই যিবোৰত মূলতঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাধান্য দেখা যায়, এই সংস্থাবোৰে উঠি অহা শক্তিসমূহৰ পৰা প্ৰতিৰোধৰ সন্মুখীন হৈছে। কিয়নো এনে ৰাষ্ট্ৰসমূহে (উন্নয়নশীল, অনুন্নত) এই সংস্থাসমূহৰ পৰা বিত্তীয় কঠোৰতা, উদাৰীকৰণ ইত্যাদিৰ বাবে ঋণ লোৱাৰ পৰা বিৰত থাকে। এতিয়া আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে ইউৰোপীয়ান দেশসমূহলৈ ঋণ আগবঢ়াই আছে।
গোলকীয় প্ৰশাসনৰ পৰা আঞ্চলিক প্ৰশাসনলৈ পৰিৱৰ্তন : বিভিন্ন বৈষম্যতাৰ বাবে বৰ্তমান ৰাষ্ট্ৰসমূহে গোলকীয় বা আন্তৰ্জাতিক সংস্থা সমূহৰ ওপৰত নিৰ্ভৰ কৰাৰ সলনি আঞ্চলিক সংস্থাসমূহৰ ওপৰত নিৰ্ভৰ কৰিবলৈ লৈছে। এইক্ষেত্ৰত ৰাষ্ট্ৰসমূহে নাইবা এখন ৰাষ্ট্ৰই মিলি কিছুমান সংস্থা তৈয়াৰ কৰিছে। যেনে- ইউৰোপীয়ান ইউনিয়ন, আফ্ৰিকান ইউনিয়ন, এছিয়ান, মাৰ্ক’চোৰ ইত্যাদি। গোলকীয় দক্ষিণত বিশ্ব বেংকৰ সলনি আঞ্চলিক বেংক সমূহে যেনে- চীনে প্ৰতিষ্ঠা কৰা এছিয়ান ইনফ্ৰাছষ্ট্ৰাকছাৰ ইনভেষ্টমেন্ট বেংক, এছিয়ান ডেভেলপমেন্ট বেংক ইত্যাদিয়ে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়। কিয়নো এই বেংক সমূহে বিশ্ব বেংকতকৈ অধিক বৈষম্যতাৰ সৃষ্টি নকৰে।
ইয়াৰোপৰি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আৰু বিশ্ব বেংকত উঠি ৰাষ্ট্ৰসমূহৰ ভোট আৱন্টনৰ চাহিদা বৃদ্ধি হৈছে। G8 ৰ বহুপাৰ্শ্বীয় সঞ্চক, যিটো প্ৰভাৱশালী ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত হৈছিল তাক G20 ৰ দ্বাৰা সলনি কৰা হৈছে, য’ত বা যিটোত উঠি অহা ৰাষ্ট্ৰবোৰৰ অগ্ৰণী ভূমিকা আছে। অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিচিনা উন্নত আৰু প্ৰভাৱশালী ৰাষ্ট্ৰই উন্নয়নশীল বা অনুন্নত ৰাষ্ট্ৰসমূহ অবিহনে অচল হৈ পৰিছে। তাৰোপৰি গোলকীয় প্ৰশাসনত এই উঠি অহা ৰাষ্ট্ৰবোৰে সিদ্ধান্ত গ্ৰহণ আৰু নীতি নিৰ্ধাৰণত এক বিশেষ ভূমিকা পালন কৰিবলৈ লৈছে।
গোলকীয় প্ৰশাসনত অনাচৰকাৰী সংস্থাৰ অগ্ৰণী ভূমিকা : গোলকীয় প্ৰশাসনত ৰাষ্ট্ৰসমূহতকৈ আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংগঠন, গোলকীয় নাগৰিক সমাজ, আন্তৰ্জাতিক আৰু বহুজাতিক নিগমসমূহে চৰকাৰী সংস্থা সমূহতকৈ বেছি অগ্ৰণী ভূমিকা পালন কৰি একেলগে গোলকীয় প্ৰশাসন চলাই নিয়াত সম্ভৱপৰ কৰি তুলিছে।
অৱশেষত, এইটো ক’ব পাৰি যে, যেতিয়াই প্ৰতিষ্ঠিত আৰু উঠি অহা ৰাষ্ট্ৰসমূহৰ মাজত সংঘাত সৃষ্টি হয়, তেতিয়াই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত সংঘাতৰ সৃষ্টি হয়। এই সংঘাত মুখ্যতঃ নেতৃত্বক লৈয়েই সৃষ্টি হয়। সেয়েহে, বৰ্তমান সময়ত প্ৰতিষ্ঠিত ৰাষ্ট্ৰসমূহে ক্ষমতাৰ গোলকীয় স্থানান্তৰকৰণক মানি লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। ইয়াৰ লগে লগে বিশ্ব শৃংখলাত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱাৰ অনুযায়ী উঠি অহা শক্তিসমূহক গোলকীয় প্ৰশাসনৰ সংস্থাসমূহত উপযুক্ত প্ৰতিনিধিত্ব দিয়াৰ প্ৰয়োজন যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাত বিভিন্ন সমস্যাসমূহৰ সমাধান হ’ব। অৰ্থাৎ সকলোৰে সৈতে সকলোৰে উন্নয়নৰ বাবে এনে প্ৰচেষ্টাৰ অতি প্ৰয়োজন।
৮। সমসাময়িক আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত গোলকীয় প্ৰশাসনৰ ভূমিকা আলোচনা কৰা। (Discuss the role of Global Governance in contemporary international relations.)
উত্তৰঃ গোলকীয় প্ৰশাসন হৈছে সমসাময়িক আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰা এক উল্লেখযোগ্য প্ৰশাসন প্ৰণালী। গোলকীয় শাসন হৈছে আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু সংস্থা সমূহৰ মাজত ৰাজনৈতিক সহযোগিতাৰ বাবে হোৱা এক আন্দোলন, যাৰ উদ্দেশ্য হৈছে- একাধিক ৰাষ্ট্ৰক প্ৰভাৱিত কৰা সমস্যাবোৰৰ সহাঁৰিৰ বাবে আলোচনা কৰা। গোলকীয় শাসন প্ৰতিষ্ঠানসমূহৰ যেনে- ৰাষ্ট্ৰসংঘ, আন্তৰ্জাতিক অপৰাধ আদালত, বিশ্ব বেংক ইত্যাদিৰ বিভিন্ন নীতি নিয়ম বলবৎ কৰাৰ বাবে সীমিত বা সীমাহীন ক্ষমতা আছে। গোলকীয় প্ৰশাসনৰ মুখ্য লক্ষ্য হ’ল গোলকীয় ৰাজহুৱা দিশ বিশেষকৈ শান্তি আৰু নিৰাপত্তা, সংঘাতৰ কাৰণে ন্যায় প্ৰদান কৰা, কাৰ্যকৰী বজাৰ আৰু ব্যৱসায় আৰু ঔদ্যোগিক খণ্ডৰ বাবে এক ঐক্য মানদণ্ড নিৰ্ধাৰণ কৰা। গোলকীয় শাসনে আন্তৰ্জাতিক, আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্যায়ত কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰে, লগতে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কাৰ্যকলাপ বুজায় যি ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰে।
সমসাময়িক আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত গোলকীয় প্ৰশাসনৰ ভূমিকা:
গোলকীয় শাসন বা প্ৰশাসন আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ এক অবিচ্ছেদ্য অংগ। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত গোলকীয় শাসনৰ ভূমিকা নিম্নলিখিত ধৰণে উল্লেখ কৰিব পাৰি-
(ক) আন্তঃৰাষ্ট্ৰীয় সমস্যা সমাধান: কিছুমান সমস্যা যেনে- সন্ত্ৰাসবাদ, মহামাৰী, দুৰ্যোগ ইত্যাদি কোনো দেশৰ একক সমস্যা নহয়। এইবোৰ হৈছে উমৈহতীয়া সমস্যা যিবোৰ গোটেই বিশ্বজুৰি বিয়পি থাকে। এনেক্ষেত্ৰত কেৱল এখন দেশেই ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। এইবোৰ সমাধানৰ ক্ষেত্ৰত সকলো ৰাষ্ট্ৰৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰো সহায়ৰ প্ৰয়োজন হয়। গোলকীয় প্ৰশাসনে এনেবোৰ সমস্যা সমাধানত আগভাগ লয় যিহেতু ইয়াত চৰকাৰী, বেচৰকাৰী, আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহ আৰু ৰাষ্ট্ৰই একেলগে প্ৰশাসন প্ৰণালী চলাই নিয়ে। উদাহৰণস্বৰূপে, ৰাষ্ট্ৰসংঘই লোৱা বিভিন্ন পদক্ষেপসমূহ।
(খ) ক্ষমতাৰ ভাৰসাম্যতা ৰক্ষা কৰা: যিহেতু গোলকীয় প্ৰশাসনে বিভিন্ন ৰ্তৃধৰণৰ কৰ্তৃত্বক সামৰি লয়। সেয়েহে ই ক্ষমতাৰ ভাৰসাম্যতা ৰক্ষা কৰিব পাৰে। কাৰণ, কেৱল মাত্ৰ এখন দেশৰেই ক্ষমতাৰ দ্বাৰা পৰিচালিত নহয়। ইয়াত এখন দেশৰ সমকক্ষ বহুতো প্ৰভাৱশালী অনুষ্ঠান প্ৰতিষ্ঠান থাকে।
(গ) আৰ্থিক কঠোৰতা নিয়ন্ত্ৰণ: গোলকীয় প্ৰশাসনৰ অন্য এক ভূমিকা হ’ল আৰ্থিক কঠোৰতা নিয়ন্ত্ৰণ। আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠান সমূহে উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰসমূহক দিয়া ঋণৰ ক্ষেত্ৰত যথেষ্ট আৰ্থিক কঠোৰতা অৱলম্বন কৰি অন্যায় কৰা দেখা যায়। গোলকীয় প্ৰশাসনৰ আৱিৰ্ভাৱৰ ফলত বিভিন্ন ধৰণৰ আঞ্চলিক তথা ৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠান গঢ় লৈ উঠিল যিবোৰে এনে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানসমূহৰ মূল্য কিছু পৰিমাণে হ্ৰাস কৰিলে।
(ঘ) অংশগ্ৰহণ বৃদ্ধি: গোলকীয় প্ৰশাসনে শাসন প্ৰণালী আৰু সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ বৃদ্ধি কৰে। পৰম্পৰাগত প্ৰশাসন ব্যৱস্থাত ৰাষ্ট্ৰৰ ভূমিকাই আছিল সৰ্বশ্ৰেষ্ঠ। কিন্তু গোলকীয় প্ৰশাসনে বেচৰকাৰী সংস্থা, বহুজাতিক নিগমসমূহকো প্ৰশাসন প্ৰক্ৰিয়াৰ অংশ হোৱাৰ সুযোগ প্ৰদান কৰে। বেচৰকাৰী সংস্থাসমূহে জনসাধাৰণৰ সমস্যাসমূহ এক উমৈহতীয়া মঞ্চত দাঙি ধৰে যাতে প্ৰশাসনৰ অন্তৰ্গত সকলো অনুষ্ঠানে ইয়াত সহযোগিতা আগবঢ়াব পাৰে। জলবায়ু পৰিৱৰ্তন মহিলাৰ অধিকাৰ, পৰিৱেশ প্ৰদূষণ ইত্যাদি সমস্যাবোৰৰ বেচৰকাৰী সংস্থাবোৰেই দাঙি ধৰা দেখা যায়।
যদিও গোলকীয় প্ৰশাসনত বিভিন্ন অনুষ্ঠানৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে, তথাপি ইয়াত ৰাষ্ট্ৰসংঘই বিশেষ ভূমিকা পালন কৰি আছে। উদাহৰণস্বৰূপে ৰাষ্ট্ৰসংঘই শৰণাৰ্থী আৰু বিতাড়িত লোকসকলক ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চ আয়ুক্ত (UNHCR) ৰ দ্বাৰাই বিভিন্ন মানৱতাবাদী সহায় যেনে- খাদ্য, আশ্ৰয় আৰু চিকিৎসা সেৱা আগবঢ়াই আহিছে। তাৰোপৰি সংখ্যালঘুসকলৰ ক্ষেত্ৰত তেওঁলোকৰ সভ্যতা, সংস্কৃতি, ধৰ্ম আৰু ভাষা সংৰক্ষণৰ সুৰক্ষা প্ৰদান কৰি তেওঁলোকক সমমৰ্যদা আৰু সমঅধিকাৰ প্ৰদান কৰি আহিছে। এনেদৰে বিভিন্ন প্ৰক্ৰিয়াৰে গোলকীয় প্ৰশাসনত বিশেষ ভূমিকা পালন কৰি আহিছে। অৱশ্যে অন্যান্য আন্তঃৰাষ্ট্ৰীয় আৰু বেচৰকাৰী প্ৰতিষ্ঠানবোৰেও গোলকীয় প্ৰশাসনত সমানে অৰিহণা যোগাই আহিছে। গোলকীয় প্ৰশাসনৰ যোগেদিয়েই এনে অনুষ্ঠানসমূহেও গুৰুত্ব লাভ কৰিছে। নব্য উদাৰতাবাদ গোলকীকৰণৰ ক্ষেত্ৰত গোলকীয় প্ৰশাসন এক অতি প্ৰয়োজনীয় অংগ হিচাপে পৰিলক্ষিত হৈছে।
৯। যোচেফ ন্যেইয়ে আগবঢ়োৱা ক্ষমতাৰ গোলকীয় স্থানান্তৰকৰণৰ ধাৰণাটো বহলাই লিখা। (Explain the concept of Global power shift argued by Joseph Nye.)
উত্তৰঃ ক্ষমতাৰ গোলকীয় স্থানান্তৰকৰণে এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ, এখন ৰাষ্ট্ৰৰ পৰা বা ৰাষ্ট্ৰসমূহৰ পৰা আন্তৰ্জাতিক প্ৰতিষ্ঠাসমূহলৈ ক্ষমতাৰ স্থানান্তৰকৰণ হোৱাটোকে বুজায়। অৰ্থাৎ ক্ষমতাৰ গোলকীয় স্থানান্তৰকৰণৰ অনুসৰি ক্ষমতা সমান্তৰাল নাইবা উলম্বভাৱে ঘূৰ্ণীয়মান হৈ থাকে। ৰাজনৈতিক চিন্তাবিদ যোচেফ ন্যেইয়ে ক্ষমতাৰ গোলকীকৰণ স্থানান্তৰকৰণৰ ধাৰণাটো অতি জনপ্ৰিয়। যোচেফ ন্যেই মতে, একাদশ শতিকাত ক্ষমতা মূলত দুই ধৰণেৰে স্থানান্তৰিত হৈছে-
(ক) ক্ষমতাৰ পৰিৱৰ্তন: এইটো হৈছে পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ পৰা প্ৰাচ্যৰ ৰাষ্ট্ৰসমূহলৈ সমান্তৰালকৈ হোৱা ক্ষমতাৰ স্থানান্তৰকৰণ অৰ্থাৎ এই ধৰণ অনুসৰি এছিয়াৰ দেশসমূহ লাহে লাহে উঠি আহিছে আৰু ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতি এক প্ৰত্যাহ্বান হৈ পৰিছে। ন্যেইয়ে যুক্তি দৰ্শায় যে, 1800 শতিকাত এছিয়া মহাদেশৰ দেশৰ সংখ্যা 50% হোৱাৰ লগতে ইয়াৰ সম্পদৰ পৰিমাণো আছিল 50%। অৱশ্যে বিংশ শতিকা ইউৰোপ আৰু ঔপনিৱেশিকতাবাদৰ ফলত সৃষ্টি হোৱা ঔদ্যোগিক বিপ্লৱে ইয়াৰ পৰিৱৰ্তন ঘটালে বিংশ শতিকাত এছিয়াৰ দেশৰ সংখ্যা বৃদ্ধি হয় যদিও সম্পদ বহু পৰিমাণে কমি যায়। কিন্তু একবিংশ শতিকাত পৰিৱেশ আকৌ সলনি হয়। এতিয়া এছিয়াৰ দেশৰ সংখ্যা বা জনসংখ্যা 50% তকৈ বেছি হোৱাৰ লগতে সম্পদৰ পৰিমাণ বাঢ়ি গৈ প্ৰায় বিশ্বৰ সম্পদৰ 50% হয়।
(খ) ক্ষমতাৰ প্ৰসাৰণ: যোচেফ ন্যেইয়ে আগবঢ়োৱা ক্ষমতাৰ গোলকীয় স্থানান্তৰকৰণৰ দ্বিতীয়টো ধাৰণা হৈছে ক্ষমতাৰ প্ৰসাৰণ। এই ধাৰণা অনুসৰি ৰাষ্ট্ৰসমূহৰ পৰা ক্ষমতা অন্যান্য প্ৰতিষ্ঠানৰ হাতলৈ স্থানান্তৰিত হ’ব। যেনে- ৰাষ্ট্ৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানলৈ নাইবা বহুজাতিক নিগম সমূহলৈ ইত্যাদি। ক্ষমতাৰ এই স্থানান্তৰকৰণক উলম্ব স্থানান্তৰকৰণ বুলি কোৱা হয়।
ক্ষমতাৰ গোলকীয় পৰিৱৰ্তনৰ কাৰণ:
যোচেফ ন্যেইৰ মতে, ক্ষমতাৰ গোলকীয় পৰিৱৰ্তনৰ কাৰণসমূহ হৈছে-
(ক) প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নতি: প্ৰথমতে প্ৰযুক্তিবিদ্যা মাত্ৰ প্ৰভাৱশালী দেশ যেনে- আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাততহে আছিল। কিন্তু প্ৰযুক্তি বিদ্যাৰ বিকাশে প্ৰযুক্তিক অধিক কাৰ্যকৰী তোলাৰ লগতে সস্তীয়া কৰিও তোলে। ফলত অনুন্নত আৰু উন্নয়নশীল দেশসমূহতো প্ৰযুক্তিবিদ্যাৰ দ্ৰুত সম্প্ৰসাৰণ হয়। যাৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰশক্তিৰ একচেতিয়া অধিকাৰৰ সমাপ্তি ঘটে। এনেদৰে প্ৰযুক্তিৰ প্ৰসাৰৰ লগে লগে অৰ্থনৈতিক তথা সামৰিক আধুনিকীকৰণ দ্ৰুতগতিত বৃদ্ধি পায়।
(খ) গোলকীকৰণ: 1980 ৰ দশকত আৰম্ভ হোৱা বিশ্বায়নৰ প্ৰক্ৰিয়াৰ ফলত মূলধন, সামগ্ৰী, ধাৰণা আৰু সেৱাৰ প্ৰবাহ হয়। যাৰ ফলত নিযুক্তিৰ দ্ৰুত বৃদ্ধিৰ জৰিয়তে দেশবোৰৰ অর্থনৈতিক বিকাশ হৈছিল। অৰ্থনৈতিক বিকাশে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো চাৰিওফালে বিকাশ ঘটায়। যাৰ ফলত ভাৰত, চীন আৰু ব্ৰাজিল আদি উন্নয়নশীল দেশসমূহৰ সামগ্ৰীক শক্তি যথেষ্ট বৃদ্ধি পায় যাৰ ফলত বিশ্বব্যাপী শক্তিৰ পৰিৱৰ্তন ঘটে।
(গ) নেতৃত্ব: ৰাষ্ট্ৰ এখনৰ বৃদ্ধি আৰু উন্নয়নৰ ক্ষেত্ৰত, নেতাসকলৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে যাৰ লগত ক্ষমতাৰ যথেষ্ট সম্পৰ্ক আছে। 1970, 1980 আৰু 1990 ৰ দশকত বহু দেশৰ নেতাসকলে বুদ্ধিগত ভাৱে নব্য উদাৰতাবাদক আঁকোৱালি লয় যাৰ ফলত ই একৈশ শতিকাত ক্ষমতাৰ গোলকীয় স্থানান্তৰকৰণলৈ ৰূপান্তৰিত হয়। উদাহৰণস্বৰূপে, চীনত ডেং জিয়াওপিংৰ দ্বাৰা ৰাজ্যিক পুঁজিবাদ গ্ৰহণৰ সিদ্ধান্ত আৰু ৰাওৰ দ্বাৰা ভাৰতবৰ্ষত এল.পি.জি. ৰ প্ৰৱৰ্তন।
(ঘ) ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা: বিশ্বৰ ৰাষ্ট্ৰসমূহে অনুভৱ কৰিছিল যে, অৰ্থনৈতিক বিকাশ আৰু বৃদ্ধিৰ বাবে ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা অত্যন্ত প্ৰয়োজন। সেয়েহে এনে সহযোগিতাৰ বাবে ইউৰোপৰ ৰাষ্ট্ৰসমূহে ইউৰোপীয়ান ইউনিয়ন আৰু এছিয়াৰ দেশসমূহে এছিয়ানৰ দৰে অনুষ্ঠানৰ গঠন কৰে। এই দুয়োটা প্ৰতিষ্ঠানেই বৰ্তমান বিশ্বৰ এক অতি গুৰুত্বপূৰ্ণ ক্ষমতাকেন্দ্ৰ।
(ঙ) আন্তৰ্জাতিক সংস্থাসমূহৰ ভূমিকা: আন্তৰ্জাতিক সংস্থাসমূহে পালন কৰা ভূমিকাও ক্ষমতাৰ গোলকীয় স্থানান্তৰকৰণৰ অন্য এক কাৰণ। আন্তৰ্জাতিক সংস্থাসমূহ বুলিলে ৰাষ্ট্ৰসংঘ, বিশ্ব বাণিজ্য সংস্থা, বিশ্ব বেংক ইত্যাদিক বুজায়। এই সংস্থাসমূহে ৰাষ্ট্ৰসমূহক এখন মঞ্চ প্ৰদান কৰা য’ত ৰাষ্ট্ৰসমূহে বিভিন্ন বিষয় উমৈহতীয়াভাৱে প্ৰকাশ কৰিব পাৰে।
এনেদৰে যোচেফ ন্যেইয়ে ক্ষমতাৰ গোলকীয় স্থানান্তৰকৰণৰ ধাৰণাটো আগবঢ়াইছে। এই ধাৰণাটো বৰ্তমান অতি জনপ্ৰিয় ধাৰণা যিটোৱে উঠি অহা নব্য ৰাষ্ট্ৰসমূহৰ ক্ষমতাৰ এক নতুন আভাস দিয়ে।
১০। ‘গোলকীয় উত্তৰ’ আৰু ‘গোলকীয় দক্ষিণ’ শব্দ দুটাৰ অৰ্থ কি? গোলকীয় উত্তৰ-দক্ষিণৰ বিতৰ্কৰ ধাৰণাটো চমুকৈ ব্যাখ্যা কৰা। (What is meant by the term Global North and Global South? Briefly explain the concept of Global North-South Debate.
উত্তৰঃ বিশ্বব্যাপী বা গোলকীয় প্ৰেক্ষাপটত ‘উন্নত’ আৰু ‘উন্নয়নশীল’ দেশসমূহৰ ক্ষেত্ৰত ‘গোলকীয় উত্তৰ’ আৰু গোলকীয় দক্ষিণ’ শব্দ দুটা ব্যৱহাৰ হয়। আচলতে গোলকীয় উত্তৰ আৰু গোলকীয় দক্ষিণ দুয়োটা মিলি গোলকীয়া জনসংখ্যা গঠন হয়। শব্দ হিচাপে 1970 ৰ দশকত ‘গোলকীয় উত্তৰ’ আৰু গোলকীয় দক্ষিণ’ শব্দ দুটা এটা আনটোৰ বিপৰীতে উদ্ভৱ হৈছিল।
গোলকীয় উত্তৰ-দক্ষিণ বিতৰ্ক: গোলকীয় উত্তৰ আৰু গোলকীয় দক্ষিণ বিতৰ্কটো বহলকৈ সামাজিক-অৰ্থনৈতিক আৰু ৰাজনৈতিক বিভাজন হিচাপে জানা যায়। সংজ্ঞা অনুসৰি গোলকীয় উত্তৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, পশ্চিম ইউৰোপ আৰু এছিয়া মহাদেশৰ উন্নত দেশসমূহ যেনে- জাপান আৰু ইউৰাইল লগতে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডকো সামৰি লয়। আনহাতে, গোলকীয় দক্ষিণ আফ্ৰিকা, লেটিন আমেৰিকা আৰু মধ্যপ্ৰাচ্যক সামৰি উন্নয়নশীল এছিয়াক সামৰি লয়।
‘গোলকীয় উত্তৰ’ হৈছে G8 ৰ সকলো সদস্যৰ গৃহস্বৰূপ আৰু ইয়াৰে চাৰিখন সদস্য (দেশ) হৈছে- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। গোলকীয় উত্তৰ পশ্চিমীয়া বিশ্বৰ সৈতে সম্পৰ্কিত আনহাতে, গোলকীয় দক্ষিণ মুখ্যতঃ উন্নয়নশীল দেশবোৰৰ (যাক আগতে তৃতীয় বিশ্ব বুলি কোৱা হৈছিল) আৰু প্ৰাচ্য বিশ্বৰ সৈতে খাপ খায়। এই দুয়োটা সমূহকেই স্বাধীনতাৰ সূচকৰ দ্বাৰা নিৰ্ধাৰিত সম্পদ, অৰ্থনৈতিক বিকাশ, উপাৰ্জনৰ বৈষম্য, গণতন্ত্ৰ আৰু ৰাজনৈতিক স্বাধীনতা ইত্যাদিৰে পৃথক কৰা হয়।
গোলকীয় উত্তৰৰ ৰাষ্ট্ৰসমূহ বেছি সম্পদশালী, কম অসমতাপূৰ্ণ, বেছি গণতান্ত্ৰিক আৰু উন্নত দেশ যিবোৰে প্ৰযুক্তিগত ভাৱে উন্নত উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰাৰ বিপৰীতে গোলকীয় দক্ষিণৰ ৰাষ্ট্ৰসমূহ সাধাৰণতে দুখীয়া, ভগ্ন গণতন্ত্ৰ, আনৰ ওপৰত নিৰ্ভৰশীল আৰু বিশেষকৈ উত্তৰৰ দেশসমূহৰ দ্বাৰা ঔপনিৱেশিকতাবাদৰ ভুক্তভোগী।
অৰ্থনৈতিক দিশৰ পৰা চালে, গোলকীয় উত্তৰৰ দেশসমূহে বিশ্বৰ সম্পদৰ চতুৰ্থ পঞ্চমাংশ নিয়ন্ত্ৰণ কৰে। উৎপাদিত ঔদ্যোগিক খণ্ডসমূহৰ 30% ই গোলকীয় উত্তৰৰ আৰু নিয়ন্ত্ৰণত থাকে। অন্যহাতে, পৃথিৱীৰ সম্পদৰ এক পঞ্চমাংশ গোলকীয় দক্ষিণৰ দেশসমূহে আহৰণ কৰে। গোলকীয় উত্তৰ আৰু গোলকীয় দক্ষিণৰ এই অসমতাবোৰৰ বহুতো কাৰণ আছে যেনে-
(ক) স্বাস্থ্য আৰু শিক্ষা।
(খ) ৰাষ্ট্ৰসমূহৰ বৈশিষ্ট্য আৰু ইয়াৰ ঔদ্যোগিক খণ্ড।
(গ) অন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক নীতি আৰু বজাৰৰ সুবিধা।
(ঘ) ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা।
(ঙ) ৰাষ্ট্ৰসমূহৰ মাজত সংঘাত।
(চ) প্ৰাকৃতিক দুৰ্যোগৰ লগত মোকাবিলা কৰাৰ শক্তি।
(ছ) প্ৰাকৃতিক সম্পদৰ পৰ্যাপ্ততা।
(জ) জলবায়ু পৰিৱৰ্তন।
এই সমূহ কৰণৰ মাজত জলবায়ু পৰিৱৰ্তনে গোলকীয় উত্তৰ আৰু দক্ষিণৰ মাজত বিতৰ্কৰ সূত্ৰপাত ঘটা দেখা যায়। কিয়নো গোলকীয় উত্তৰৰ দেশসমূহ উন্নত হোৱাৰ মূলতে হ’ল উন্নত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ আৰু ঔদ্যোগিক খণ্ডৰ দ্ৰুত বিকাশ। উন্নত দেশসমূহৰ অত্যধিক উদ্যোগিক খণ্ডৰ ব্যৱহাৰে বিভিন্ন বিষাক্ত গেছ নিৰ্গত কৰে।
এনে গেছসমূহে বায়ুমণ্ডলত মিলিত হৈ বায়ু দূষিত কৰে। উন্নত দেশসমূহৰ এনে প্ৰক্ৰিয়াৰ ফলত জলবায়ু ব্যাপক হাৰত পৰিৱৰ্তন হৈছে। এই দেশসমূহৰ কাৰ্বন নিৰ্গমণৰ মাত্ৰা অত্যাধিক বেছি। আনহাতে, অনুন্নত দেশসমূহৰ ঔদ্যোগিক খণ্ড অতি দুর্বল বাবে কাৰ্বন নিৰ্গমণৰ পৰিমান যথেষ্ট সীমিত। সেয়েহে, গোলকীয় দক্ষিণৰ ৰাষ্ট্ৰবোৰে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত গোলকীয় উত্তৰৰ দেশসমূহক দোষাৰোপ কৰে। ইয়াৰোপৰি গোলকীয় দক্ষিণৰ দেশবোৰে গোলকীয় উত্তৰৰ দেশসমূহত ঔদ্যোগিক খণ্ড ব্যৱহাৰ সীমিত হোৱাটো বিচাৰে।
কিন্তু উত্তৰৰ দেশসমূহে এই বিষয়টো মানি ল’ব নোখোজে। এনে ক্ষেত্ৰত উন্নত দেশসমূহে কাৰ্বন প্ৰশাসনৰ মৌলিক বোজা ল’ব লাগিব, সম্পদৰ কম ব্যৱহাৰ হ’ব লাগিব আৰু গোলকীয় উষ্ণতা বৃদ্ধিত তেওঁলোকৰ অৱদান সম্পূৰ্ণৰূপে হ্ৰাস কৰিব বুলি উন্নয়নশীল আৰু অনুন্নত দেশসমূহে দাবী কৰে। এনে দাবীৰ এক ফলাফল আছিল 1997 চনত কিঅ’টো প্ৰট’কল।
কিঅ’টো প্ৰট’কলৰ পিছতে গোলকীয় দক্ষিণৰ ৰাষ্ট্ৰসমূহে উদ্যোগ প্ৰতিষ্ঠাৰ এক নতুন সুযোগ পায় আৰু তাৰ ফলত এনে ৰাষ্ট্ৰবোৰৰ কাৰ্বন নিৰ্গমণৰ মাত্ৰা অধিক হৈ পৰে। আনহাতে, উন্নত দেশসমূহৰ কাৰ্বন নিৰ্গমণৰ মাত্ৰা যথেষ্ট কম হৈ পৰে। সেয়েহে এই বিষয়টোৱে জলবায়ু পৰিৱৰ্তনৰ বিতৰ্ক আকৌ সৃষ্টি কৰে।
অন্য এক বিতৰ্ক হৈছে যে, উত্তৰৰ দেশসমূহে দক্ষিণৰ দেশসমূহক কৰা শোষণ যাৰ ফলত গোলকীয় দক্ষিণৰ দেশসমূহ অনুন্নত হৈয়ে আছে। গোলকীয় উত্তৰৰ দেশসমূহ যিহেতু উন্নত সেয়েহে তেওঁলোকে উন্নত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ, সম্পদ আহৰণ ইত্যাদিৰে গোলকীয় দক্ষিণৰ দেশসমূহক নিয়ন্ত্ৰণ কৰে। দেখা যায় যে, আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ দ্বাৰা উন্নত দেশবোৰৰ অনুন্নত আৰু উন্নয়নশীল দেশসমূহক কৰা সহায়ৰ নামত বিভিন্ন চৰ্তাৱলী নিয়োগ কৰে। ইয়াৰ ফলত উন্নয়নশীল আৰু অনুন্নত দেশসমূহে উন্নত দেশসমূহৰ দ্বাৰা শোষিত হোৱা দেখা যায়। অৰ্থাৎ ঔপনিৱেশিক শাসনকালৰ পৰাই বৰ্তমান সময়লৈকে উন্নত ৰাষ্ট্ৰসমূহে অনুন্নত ৰাষ্ট্ৰসমূহৰ ওপৰত শোষণ চলাই আহিছে। অৱশ্যে এই শোষণৰ প্ৰক্ৰিয়া আৰু মাধ্যম সময়ৰ লগে লগে সলনি হৈ গৈ আছে যদিও ইয়াৰ অন্ত হোৱা নাই।
অৱশেষত এইটো ক’ব পাৰি যে, আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত গোলকীয় দক্ষিণ আৰু গোলকীয় উত্তৰ বিতৰ্ক এটা অতি স্পৰ্শকাতৰ বিষয়। এই বিষয়টোৱে ৰাষ্ট্ৰসমূহৰ মাজত থকা অসমতা, শোষণ, সম্পদ আহৰণ ইত্যাদি বিষয়বোৰ ফুটাই তোলে। ৰাষ্ট্ৰ সমূহৰ মাজত বুজাবুজি আৰু সহযোগিতাৰ ফলতহে এই বিষয়সমূহৰ কিছু সমাধান পোৱা যাব বুলি ক’ব পাৰি যদিও বাস্তৱত ইয়াৰ আশা অতি ক্ষীণ। অৱশ্যে গোলকীয় প্ৰশাসনৰ আগমনে এই অসমতা, বিসমতাৰ কিছু পৰিমাণে অন্ত পেলাব বুলি ধাৰণা কৰিব পাৰি।
১১। গোলকীয় প্ৰশাসনৰ সাকৰাত্মক আৰু নাকৰাত্মক প্ৰভাৱবোৰ কি কি? চমুকৈ আলোচনা কৰা। (What are the positive impact and negative impact of global governance? Briefly discuss.)
উত্তৰঃ গোলকীয় প্ৰশাসন হৈছে ব্যক্তি আৰু প্ৰতিষ্ঠান, ৰাজহুৱা আৰু ব্যক্তিগত উমৈহতীয়া বিষয়বোৰ পৰিচালনা কৰাৰ সমাধান। গোলকীয় প্ৰশাসনে বিশ্বৰ বিভিন্ন স্তৰত সমূহীয়াভাৱে আৰু সহযোগিতামূলক ভাবে কাৰ্য সম্পাদন কৰিবলৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক একত্ৰিত কৰে। গোলকীয় প্ৰশাসনৰ লক্ষ্য হৈছে বিশ্বব্যাপী ৰাজহুৱা সামগ্ৰী যোগান ধৰা, বিশেষকৈ শান্তি আৰু নিৰাপত্তা সংঘাতৰ বাবে ন্যায়, কাৰ্যকৰী বজাৰ স্থাপন কৰা আৰু ব্যৱসায় আৰু উদ্যোগৰ বাবে একত্ৰিত মানদণ্ড প্ৰস্তুত কৰা।
গোলকীয় প্ৰশাসনৰ কিছুমান সাকাৰাত্মক আৰু কিছুমান নাকাৰাত্মক প্ৰভাৱ আছে।
ইয়াৰ সাকাৰাত্মক প্ৰভাৱসমূহ হ’ল-
(ক) সংহতি আৰু পাৰস্পৰিক নিৰ্ভৰশীলতা: গোলকীয় প্ৰশাসনে ৰাষ্ট্ৰ, সংগঠন আৰু সংস্থাসমূহৰ মাজত সংহতি আৰু পাৰস্পৰিক নিৰ্ভৰশীলতা বৃদ্ধি কৰে। গোলকীয় প্ৰশাসনে ৰাষ্ট্ৰ, সংগঠন আৰু সংস্থাসমূহক একেলগে কাম কৰাৰ এখন মঞ্চ প্ৰদান কৰে য’ত তেওঁলোকে নিজৰ নিজৰ উদ্দেশ্য প্ৰকাশ কৰাৰ লগতে ইয়াক আগবঢ়াই নিয়ে।
(খ) ভাৰসাম্যতা ৰক্ষা: যিহেতু গোলকীয় প্ৰশাসন বিভিন্ন সংগঠনৰ সমষ্টি সেয়েহে ইয়াৰ দ্বাৰা ক্ষমতাৰ ভাৰসাম্যতা ৰক্ষা হয়। কিয়নো সমস্তৰীয় বহুতো সংগঠন বা অনুষ্ঠান সৃষ্টি হোৱাৰ লগে লগে সকলো অনুষ্ঠানে নিজৰ নিজৰ সীমাবদ্ধতাত কাম কৰে।
(গ) সমূহীয়া সমস্যাৰ সমাধান: সন্ত্ৰাসবাদ, মহামাৰী, পৰিৱেশ প্ৰদূষণ ইত্যাদি কোনো এখন দেশৰ একমাত্ৰ সমস্যা নহয়। সেয়েহে, এনেবোৰ সমস্যা সমাধানৰ বাবে গোলকীয় প্ৰশাসন হৈছে এক উৎকৃষ্ট মঞ্চ য’ত ইয়াৰ সমূহীয়া সমাধান আশা কৰিব পৰা যায়।
ইয়াৰ নাকাৰাত্মক প্ৰভাৱসমূহ হ’ল-
১। সিদ্ধান্তৰ বিভিন্নতা: যিহেতু গোলকীয় প্ৰশাসন বিভিন্ন শাসকীয়, ব্যৱসায়িক অনুষ্ঠানৰ সমষ্টি, সেয়েহে কোনো এটা বিষয়ৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত, বিভিন্নতা আহি পৰে। ফলত সঠিক সিদ্ধান্ত গ্ৰহণত কিছু পলম হয়।
২। উন্নত দেশবোৰৰ প্ৰভাৱশালী স্থান: যদিও গোলকীয় প্ৰশাসনে সমগ্ৰ বিশ্বৰ দেশসমূহক সামৰি লয়, তথাপি প্ৰকৃততে ইয়াৰ উন্নত দেশবোৰৰেই প্ৰভূত্ব দেখিবলৈ পোৱা যায়। বিভিন্ন সিদ্ধান্তৰ যোগেদি এই দেশসমূহে অনুন্নত আৰু উন্নয়নশীল দেশসমূহক শোষণ কৰে আৰু এনে দেশসমূহে সদায়েই এক নিৰ্ভৰশীলতাৰ বোজা বহন কৰিবলৈ বাধ্য হয়। আন্তঃৰাষ্ট্ৰীয় স্তৰত গোলকীয় প্ৰশাসনৰ ধাৰণা অতি গুৰুত্বপূৰ্ণ যদিও ইয়াত এতিয়াৰ সমতাৰ তাৰতম্য ঘটে।
১২। গোলকীয় প্ৰশাসনৰ লক্ষ্যসমূহ কি কি? (What are the aims of Global Governance?)
উত্তৰঃ গোলকীয় প্ৰশাসনৰ লক্ষ্যসমূহ হ’ল-
(ক) গোলকীয় শাসন বা প্ৰশাসনৰ প্ৰথম লক্ষ্য হৈছে – এই পৃথিৱীৰ নাগৰিক হিচাপে আমি আমাৰ অংশীদাৰী মানৱীয় লক্ষ্যবোৰ পূৰণ কৰিব সক্ষম হোৱাটো নিশ্চিত কৰা।
(খ) পৃথিৱীখনক ইয়াৰ প্ৰাকৃতিক প্ৰাচুৰ্য, সৌন্দৰ্য আৰু বৈচিত্ৰৰ সৈতে এক অবিভক্ত একক হিচাপে অক্ষত থকাটো নিশ্চিত কৰা।
(গ) শোষণৰ পৰা মুক্ত আৰু নিৰপেক্ষ অৰ্থনৈতিক আৰু ৰাজনৈতিক নীতি প্ৰস্তুত কৰা যাতে সমগ্ৰ বিশ্বৰ প্ৰতিজন নাগৰিকে সুৰক্ষিত, নিৰাপদ আৰু মূল্যবান অনুভৱ কৰা।
(ঘ) প্ৰত্যেক নাগৰিককে উপযুক্ত শিক্ষা প্ৰদান কৰি দক্ষ, মাৰ্জিত আৰু জ্ঞানী কৰি তোলা।
(ঙ) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সম্পর্ক স্থাপন কৰা যাতে –
১। বিশ্বব্যাপী মানৱ নিৰাপত্তা প্ৰদান কৰিব পৰা যায়।
২। প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰিবলৈ।
৩। সকলোৰে বাবে সামগ্ৰিক আৰু মানৱীয় শিক্ষা সম্ভৱপৰ কৰি তোলা।
৪। মানৱীয় আৰু পৰিৱেশ অনুকূল উপযুক্ত প্ৰযুক্তিবিদ্যাৰ সৃষ্টি কৰিবলৈ।
৫। সকলোৱে সুখ আৰু সমৃদ্ধিৰে জীয়াই থকাৰ বাবে সুযোগ আৰু উপায় উদ্ভাৱন কৰিবলৈ।
(চ) বিশ্ব শাসনত অংশ গ্ৰহণৰ বাবে সামাজিক সংগঠনৰ প্ৰতিটো স্তৰত অধিকাৰ, দায়বদ্ধতা আৰু কৰ্তব্যৰ বাবে শিক্ষা পৰিকাঠামো আৰু নিৰ্দেশনা প্ৰদান কৰিবলৈ।
১৩। গোলকীয় প্ৰশাসনত/ শাসনত গোলকীয় অনুষ্ঠানসমূহৰ নতুন বৈশিষ্ট্যসমূহ কি কি? (What are the emerging features of Global Institutions in global governance?)
উত্তৰঃ গোলকীয় শাসনত গোলকীয় বা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানসমূহৰ নতুন বৈশিষ্ট্যসমূহ এনেধৰণৰ-
(ক) অনানুষ্ঠানিকতাকৰণ: গোলকীয় প্ৰশাসনৰ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানসমূহ প্ৰথমতে আনুষ্ঠানিক চনদৰ দ্বাৰা গঠন কৰা হৈছিল, যেনে- ৰাষ্ট্ৰসংঘ, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি, বিশ্ব বেংক ইত্যাদি। কিন্তু বৰ্তমান সময়ত ইমানেই আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় আৰু আঞ্চলিক অনুষ্ঠান সমূহ গঢ়ি উঠিছে যে, যিবোৰ বেছিভাগেই কোনো আনুষ্ঠানিক চনদৰ দ্বাৰা গঠিত নহয় যদিও এইবোৰ অত্যন্ত প্ৰভাৱশালী। উদাহৰণস্বৰূপে – BRICS : ইয়াক 2006 চনত গঠন কৰা হৈছিল আৰু ই অন্যান্য প্ৰভাৱশালী দেশসমূহৰ; আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান সমূহৰ বিপৰীতে এক প্ৰত্যাহ্বানমূলক অনুষ্ঠান হিচাপে অৱস্থান কৰি আছে।
(খ) বহুপাক্ষিক অনুষ্ঠানসমূহ স্থৱিৰতা: মুখ্য আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান যেনে- বিশ্ব বেংক, ৰাষ্ট্ৰসংঘ, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি ইত্যাদি মুখ্য শক্তিৰ দেশ আৰু নব্য বিকাশিত শক্তিৰ দেশৰ মাজত সংঘাত দেখা পোৱা যায়। উদাহৰণস্বৰূপে, এই গোটেইকেইটা অনুষ্ঠানতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্যন্ত প্ৰভাৱশালী ভূমিকা বা গুৰুত্ব দেখা যায়, যিটো নব্য বিকাশিত ৰাষ্ট্ৰৰ অসন্তুষ্টিৰ অন্য এক কাৰণ। নব্য বিকশিত শক্তিসমূহে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ ক্ষেত্ৰত থকা কোটা পদ্ধতিৰ বিৰুদ্ধাচৰণ কৰে আৰু ইয়াৰ পৰিৱৰ্তে দুগুণ সংখ্যাগৰিষ্ঠতা পদ্ধতিৰ দাবী কৰে। আকৌ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত G-4 ৰাষ্ট্ৰসমূহে তেওঁলোকৰ স্থায়ী সদস্যপদৰ দাবী কৰি আহিছে যিটো অন্য ৰাষ্ট্ৰসমূহে নাকচ কৰে। এনেদৰে বিভিন্ন সিদ্ধান্ত গ্ৰহণত নব্য বিকাশিত ৰাষ্ট্ৰ আৰু মুখ্য বা প্ৰধান ৰাষ্ট্ৰসমূহৰ মাজৰ সংঘাতে বহুপাক্ষিত অনুষ্ঠান সমূহত অস্থিৰতাৰ সৃষ্টি কৰিছে।
(গ) গোলকীয় প্ৰশাসনৰ ভংগুৰতা: প্ৰতিষ্ঠিত আৰু নব্য বিকশিত শক্তিসমূহৰ মাজত চলা অস্থিৰতাই গোলকীয় প্ৰশাসনত ভংগুৰতা আনি দিছে। নব্য উদাৰ গোলকীকৰণৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহ অধিক শক্তিশালী হৈ পৰিল। কিন্তু ইয়াতো প্ৰতিষ্ঠিত আৰু নব্য বিকাশিত শক্তিৰ মাজত শোষণ কেন্দ্ৰিক প্ৰক্ৰিয়া অব্যাহত থাকিল। বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি ইত্যাদিয়ে ঋণৰ নামত নিৰ্ধাৰণ কৰা বিভিন্ন চৰ্তাৱলীয়ে নব্য বিকশিত শক্তিসমূহক পুনৰ শোষণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে। যাৰ ফলত নব্য বিকশিত শক্তিসমূহে বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি ইত্যাদিক প্ৰত্যাহ্বান জনাই বিভিন্ন আঞ্চলিক তথা ৰাষ্ট্ৰীয় অনুষ্ঠান কিছুমানৰ সৃষ্টি কৰিলে। উদাহৰণস্বৰূপে AIIB ৰ গঠন, NDB ৰ প্ৰতিষ্ঠা ইত্যাদি।
(ঘ) ৰাজনীতিতকৈ অৰ্থনীতিত অধিক গুৰুত্ব: বৰ্তমান আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত ৰাজনৈতিক দিশতকৈ অৰ্থনৈতিক দিশৰ ওপৰত গুৰুত্ব দি হে নীতি নিৰ্ধাৰণ কৰা হয়। উদাহৰণস্বৰূপে বৰ্তমান ৰাষ্ট্ৰসংঘৰ দৰে ৰাজনৈতিক অনুষ্ঠানতকৈ বিশ্ব বাণিজ্য সংস্থা, আছিয়ান ইত্যাদিৰ দৰে অর্থনৈতিক অনুষ্ঠানসমূহৰ গুৰুত্ব বেছি।
(ঙ) প্ৰতিনিধিত্বতাৰ সংঘাত: আন্তঃৰাষ্ট্ৰীয় প্ৰশাসনৰ অনুষ্ঠানসমূহত প্ৰতিনিধিত্বতাক লৈ প্ৰতিষ্ঠিত আৰু নব্য বিকশিত শক্তিসমূহৰ মাজত সংঘাত হোৱা পৰিলক্ষিত হয়। এনে প্ৰতিষ্ঠানসমূহত আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ স্থিতি (প্ৰতিনিধিত্ব) বাহাল ৰখাৰ চেষ্টা কৰি আহিছে আৰু অন্যহাতে চীনে নিজকে ক্ষমতাৰ নতুন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰি আহিছে। এনেবোৰ সংঘাতক কেন্দ্ৰ কৰিয়েই গোলকীয় ক্ষমতাৰ পৰিৱৰ্তন সংঘটিত হৈছে যিটো প্ৰতিষ্ঠিত শক্তিসমূহে স্বীকাৰ কৰাটো নিতান্তই প্ৰয়োজনীয়।
১৪। ক্ষমতাৰ গোলকীয় পৰিৱৰ্তনৰ ফলাফলসমূহ কি কি? (What are the conseqences of Global Power Shift?)
উত্তৰঃ ক্ষমতাৰ গোলকীয় পৰিৱৰ্তনৰ ফলাফলসমূহ এনেধৰণৰ-
(ক) আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যৰ পতন: আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যৰ পতন হৈছে ক্ষমতাৰ গোলকীয় পৰিৱৰ্তনৰ এক অন্যতম ফলাফল। বিংশ শতিকাৰ আগভাগলৈকে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ যথেষ্ট আধিপত্য আছিল। উদাহৰণস্বৰূপে, অপাৰেচন ডেজাটষ্ট্ৰম (1990-91), অপাৰেচন ইনফিনিট ৰিচ্চ, ইৰাক বহিৰাক্ৰমণ ইত্যাদিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তিশালী প্ৰভাৱ দেখা গৈছিল। কিন্তু বিংশ শতিকাৰ মাজভাগৰ পৰা বিভিন্ন নব্য বিকশিত শক্তিৰ উত্থানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য বহু পৰিমাণে নিম্নগামী কৰিলে।
(খ) গণতান্ত্ৰিক আৰু ন্যায়পূৰ্ণ বিশ্ব: পোনপ্ৰথমতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ্তৃত্ব সকলো অংশতে পৰিলক্ষিত হৈছিল। আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান সমূহতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰভুত্ব দেখিবলৈ পোৱা গৈছিল। কিন্তু ক্ষমতাৰ গোলকীকৰণৰ পৰিৱৰ্তনৰ লগে লগে বিভিন্ন শক্তিগোষ্ঠী, শক্তিশালী অনুষ্ঠানৰ সৃষ্টি হ’ল যাৰ লগে লগে ক্ষমতাৰ ভাগ-বটোৱাৰা আৰম্ভ হ’ল। ইয়াৰ ফলত বিশ্ব বহু পৰিমাণে গণতান্ত্ৰিক আৰু ন্যায়পূৰ্ণ হ’ল।
(গ) গোলকীয়/ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত সংশোধনৰ দাবী: আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান/ প্ৰতিষ্ঠান সমূহত সংশোধনৰ দাবী উত্থাপন হৈছে ক্ষমতাৰ গোলকীয় পৰিৱৰ্তনৰ এক ফলাফল। বিশেষকৈ নব্য বিকশিত শক্তি সমূহে প্ৰতিষ্ঠিত শক্তিসমূহৰ সমান্তৰালকৈ অধিকাৰৰ দাবী উত্থাপন কৰিবলৈ ধৰিলে। উদাহৰণস্বৰূপে G-4 ৰাষ্ট্ৰসমূহ ক্ৰমে ব্ৰাজিল, ভাৰতবৰ্ষ, জাপান আৰু জাৰ্মানীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্যপদৰ দাবী উত্থাপন কৰিবলৈ ল’লে।
(ঘ) বিভিন্ন আঞ্চলিক অনুষ্ঠানৰ উত্থান: ক্ষমতাৰ গোলকীয় স্থানান্তৰকৰণৰ অন্য এক ফলাফল হৈছে বিভিন্ন আঞ্চলিক অনুষ্ঠানৰ উত্থান। অনুন্নত আৰু উন্নয়নশীল দেশসমূহে অৰ্থনৈতিক, সামাজিক উন্নয়নৰ বাবে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক প্ৰতিষ্ঠানসমূহৰ পৰা যেনে- বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি ইত্যাদিৰ পৰা ঋণ লয় যদিও ইয়াত বিভিন্ন ধৰণৰ চৰ্তাৱলী প্ৰযোজ্য হৈ থাকে। এনে ক্ষেত্ৰত এই ৰাষ্ট্ৰসমূহে এনে চৰ্তাৱলীসমূহ গ্ৰহণ কৰি আকৌ কিছুমান অত্যাৱশ্যকীয় বোজা গ্ৰহণ কৰিবলগীয়া হয়। সেয়েহে এই ব্যৱস্থাৰ বিকল্প হিচাপে বিভিন্ন আঞ্চলিক অনুষ্ঠানৰ জন্ম দি অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহে নিজৰ বিকাশ সাধন কৰাৰ প্ৰচেষ্টা চলায়। উদাহৰণস্বৰূপে BRICS,ASEAN ইত্যাদি।
(ঙ) নিয়মিত সংঘাত: গোলকীকৰণে নব্য বিকশিত শক্তিসমূহক টনকিয়াল হোৱাত যথেষ্ট অৰিহণা যোগালে। যাৰ ফলত ক্ষমতাকেন্দ্ৰিক সংঘাতৰ আৰম্ভ হ’ল। উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মজাৰ ক্ষমতাকেন্দ্ৰিক যুজঁ, দুয়োদেশেই ক্ষমতাৰ আধিপত্য বিস্তাৰৰ বাবে সংঘাতত লিপ্ত হোৱা দেখা যায়। অৱশ্যে ই পৰোক্ষভাৱেহে বেছি। আকৌ, ইয়াৰ সমান্তৰালকৈ ভাৰতবৰ্ষ আৰু চীনৰ মাজতো ক্ষমতাৰ যুজঁ অব্যাহত আছে।
১৫। AIIB আৰু NDB ৰ বিষয়ে চমুকৈ লিখা। (Write short note on AIIB and NDB.)
উত্তৰঃ Asian Infrastructure Investment Bank চমুকৈ AIIB নাইবা এছিয়াৰ পৰিকাঠামো / আন্তঃগাঠনি বিনিয়োগ বেংক হৈছে এছিয়া আৰু ইয়াৰ বাহিৰত সামাজিক আৰু অৰ্থনৈতিক ফলাফল উন্নত কৰাৰ লক্ষ্যৰে গঠন কৰা এক বহুপাক্ষিক বেংক। ইয়াৰ মুখ্য কাৰ্যালয় বেইজিংত অৱস্থিত। ই 2016 চনৰ পৰা কাৰ্যকৰী হৈছিল।
ইয়াৰ লক্ষ্য হৈছে, বহনক্ষম আন্তঃগাঁথনি আৰু অন্যান্য উৎপাদনশীল খণ্ডত বিনিয়োগ কৰি মানুহ, সেৱা আৰু বজাৰক সংযোগ কৰা যি সময়ৰ লগে লগে কোটি কোটি লোকৰ জীৱনত প্ৰভাৱ পেলাব আৰু এক উন্নত ভৱিষ্যত গঢ়ি তুলিব। ইয়াক AIIB ৰ চুক্তিৰ অনুচ্ছেদসমূহৰ দ্বাৰা এক বহুপাক্ষিক চুক্তি হিচাপে প্ৰতিষ্ঠা কৰা হৈছে। পোনপ্ৰথমতে ইয়াৰ সদস্য সংখ্যা আছিল 57 (প্ৰতিষ্ঠাপক) যদিও বৰ্তমান ইয়াৰ সদস্য সংখ্যা 103। ইয়াৰ বৃহৎসংখ্যক কাৰ্য এছিয়া মহাদেশৰ ভিতৰতে সীমাবদ্ধ।
Asian Infrastructure Investment Bank ৰ গঠন:
Asian Infrastructure Investment Bank ৰ গঠন এনেধৰণৰ-
(ক) পৰিচালক মণ্ডলী (Board of Directors)
(খ) জেষ্ঠ পৰিচালনা (Senior management)
(গ) আন্তৰ্জাতিক পৰামৰ্শদাতা পেলেন (Internationa; Advisory Panel)
AIIB আৰু ভাৰতবৰ্ষ: চীনৰ পিছতে ভাৰতবৰ্ষ হৈছে AIIB ৰ দ্বিতীয় সৰ্ববৃহৎ অংশীদাৰ (7.6%)। ভাৰতবৰ্ষ হৈছে আন্তঃগাঁথনি প্ৰকল্পৰ বাবে এ আই আই বি য়ে যোগান ধৰা বিত্তীয় সহায়ৰ সৰ্বাধিক হিতাধিকাৰী। এই প্ৰকল্পসমূহ বাংলালোৰ মেট্ৰৰেলকে আদি কৰি শক্তি, পানী, পৰিবহন আদিৰ দৰে বিভিন্ন খণ্ডত বিস্তৃত হৈ আছে। বৰ্তমান সময়ত এ আই আই বি য়ে কোভিড- 19 জৰুৰীকালীন সঁহাৰি পুঁজি আৰু স্বাস্থ্য প্ৰণালী প্ৰস্তুতি প্ৰকল্পৰ বাবে 500 নিযুত ডলাৰৰ অনুমোদন প্ৰদান কৰিছে।
বৰ্তমান ফান্স, জাৰ্মানী, ইটালী আৰু ইংলেণ্ডকে ধৰি G 20 ৰাষ্ট্ৰৰ 14 খন এ আই আই বিৰ সদস্য। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই এ আই আই বিক বহুপাক্ষিত বিত্তীয় ব্যৱস্থাত এক অনিচ্ছামূলক প্ৰৱেশক হিচাপে অভিহিত কৰিব খোজে। কিয়নো, বিশেষতঃ চীনৰ দ্বাৰা অনুমোদিত এ আই আই বিৰ উত্থানে অৰ্ধশতিকাজুৰি বিশ্বৰ অৰ্থনৈতিক ব্যৱস্থাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ একছত্ৰীতাৰ প্ৰতি সংশয় নমাই আনিছে। এ আই আই বিয়ে সেয়েহে একদেশীয় আধিপত্যতাৰ বিৰোধিতা কৰে।
NDB (New Development Bank): New Development Bank চমুকৈ এন ডি বি হৈছে BRICS ৰাজ্যসমূহৰ (ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকা) ৰ দ্বাৰা পৰিচালিত এক বহুপাক্ষিক উন্নয়ন বেংক। 2013 চনত দক্ষিণ আফ্ৰিকাৰ ডাৰ্বাণত অনুষ্ঠিত পঞ্চম BRICS সন্মিলনত ইয়াৰ নেতাসকলে নতুন উন্নয়ন বেংক নাইবা এন ডি বি প্ৰতিষ্ঠাৰ বাবে সন্মত হৈছিল, পৰৱৰ্তী সময়ত 2014 চনত ব্ৰাজিলৰ ফটীলেজাত ষষ্ঠ ব্ৰিৰছ সন্মিলনত প্ৰতিষ্ঠা কৰা হৈছিল নতুন উন্নয়ন বেংক। এই বেংকটো পাঁচখন উদীয়মান বজাৰৰ মাজত অধিক বিত্তীয় আৰু উন্নয়নমূলক সহযোগিতা বৃদ্ধি কৰিবলৈ স্থাপন কৰা হৈছে।
ফটীলেজা ঘোষণাপত্ৰ অনুসৰি এন ডি বি বা নতুন উন্নয়ন বেংক BRICS ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰিব আৰু বিশ্ব উন্নয়নৰ বাবে বহুপাক্ষিক আৰু আঞ্চলিক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ প্ৰচেষ্টাত পৰিপূৰক হ’ব। ইয়াৰ মুখ্য কাৰ্যালয় চীনৰ ছাংহাইত থাকিব। বিশ্ব বেংকৰ মূলধনৰ অংশৰ ওপৰত আধাৰিত কৰি ভোট আৱন্টন কৰা নীতিৰ বিপৰীতে নতুন উন্নয়ন বেংকত প্ৰতিখন অংশগ্ৰহণকাৰী দেশক এটা ভোট আৱন্টন কৰা হ’ব লগতে কোনো দেশতে ভেটো ক্ষমতা নাথাকিব। 2018 চনত নতুন উন্নয়ন বেংক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত পৰ্যবেক্ষকৰ মৰ্যাদা লাভ কৰে। যাৰ দ্বাৰা নতুন উন্নয়ন বেংকে ৰাষ্ট্ৰসংঘৰ সৈতে সক্রিয় আৰু ফলপ্ৰসূ সহযোগিতাৰ বাবে এক দৃঢ় আধাৰ স্থাপন কৰে।
নতুন উন্নয়ন বেংকৰ উদ্দেশ্য:
নতুন উন্নয়ন বেংকৰ উদ্দেশ্যসমূহ হ’ল-
(ক) সদস্য দেশসমূহৰ উন্নয়নত উদগনি দিয়া।
(খ) অৰ্থনৈতিক বিকাশত সহায় কৰা।
(গ) প্ৰতিযোগিতা বৃদ্ধি কৰা আৰু চাকৰি সৃষ্টিত সহায় কৰা।
(ঘ) উন্নয়নশীল দেশসমূহৰ মাজত জ্ঞান বিতৰণৰ বাবে এখন মঞ্চ তৈয়াৰ কৰা।
এই উদ্দেশ্যসমূহ পূৰণ কৰিবলৈ নতুন উন্নয়ন বেংক ঋণ, গেৰাণ্টি, সম অংশগ্ৰহণ আৰু অন্যান্য বিত্তীয় প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজহুৱা বা ব্যক্তিগত প্ৰকল্পবোৰ সমৰ্থন কৰে। অলপতে নতুন উন্নয়ন বেংকে ভাৰতবৰ্ষত 14 টা প্ৰকল্পৰ বাবে 4,183 বিলিয়ন ডলাৰৰ অনুমোদন জনাইছে।