Class 11 Environment Chapter 6 সামাজিক বিষয় আৰু পৰিবেশ Question Answer to each chapter is provided in the list so that you can easily browse through different chapters Assam Board HS 1st Year Environmental Studies Chapter 6 সামাজিক বিষয় আৰু পৰিবেশ Question Answer.
Class 11 Environment Chapter 6 সামাজিক বিষয় আৰু পৰিবেশ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Environment Chapter 6 সামাজিক বিষয় আৰু পৰিবেশ Notes for All Subjects, You can practice these here.
সামাজিক বিষয় আৰু পৰিবেশ
অধ্যায় – ৬
গোট – ১: পৰিৱেশ শিক্ষা
প্ৰশ্নাৱলী |
১। বহনক্ষম উন্নয়ন মানে কি বুজা?
উত্তৰঃ বহনক্ষম উন্নয়ন বা ধাৰণক্ষম উন্নয়ন বিশ্ব আজি সকলোৰে কাম্য। অনন্তকালৰ বাবে যদি বিশ্বই সকলো ক্ষেত্ৰতে বিশ্বৰ জনগণক উন্নত মানদণ্ডৰে নিজৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰি জীয়াই থকাৰ সমল যোগায়, সেয়ে হ’ব ধাৰণক্ষম বা বহনক্ষম বিশ্ব। আজি বিশ্ববাসীয়ে উন্নতিৰ শিখৰত আৰোহন কৰিবলৈ সমৰ্থ হৈছে, কিন্তু এই উন্নয়ন। ধাৰণক্ষম হৈ থাকিব, যদিহে ই মানৱ সমাজৰ চাহিদা পূৰণ কৰি আৰ্থ-সামাজিক উন্নতিৰ লগতে সম্পদৰো ভৱিষ্যৰ বাবে সংৰক্ষিত কৰিব পাৰে।
বিশ্ব দ্ৰুতগতিতে অবহনক্ষমতাৰ দিশে আগুৱাই গৈছে। জনসংখ্যা বৃদ্ধি আৰু অনিয়ন্ত্রিত সম্পদ ব্যৱহাৰে মাটি, পানী, বায়ু আৰু গছ-গছনিৰ ওপৰত বিপৰ্যয় সৃষ্টি কৰিছে। যদি এই অৱস্থা অব্যাহত থাকে, তেন্তে ভৱিষ্যতৰ উন্নয়ন বাধাগ্ৰস্ত হ’ব। বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক জি. এই. ব্রান্টলেণ্ডৰ মতে, “ভৱিষ্যৎ প্রজন্মৰ প্ৰয়োজন বিঘ্নিত নকৰাকৈ বৰ্তমানৰ প্ৰয়োজন পূৰণ কৰাটেই বহনক্ষম উন্নয়ন।”
২। নৱীকৰণযোগ্য আৰু নৱীকৰণঅযোগ্য শক্তিৰ উৎসসমূহ কি কি? উদাহৰণ দিয়া।
উত্তৰঃ নবীকৰণযোগ্য বা অপ্রচলিত শক্তিৰ উৎস: এই শক্তিৰ উৎসসমূহ প্ৰকৃতিত একেৰাহে সৃষ্টি হৈ থাকে আৰু এই শক্তি অফুৰন্ত। উদাহৰণস্বৰূপে– সৌৰ শক্তি, বায়ু শক্তি, জলবিদ্যুৎ শক্তি, ভূ-তাপবিদ্যুৎ শক্তি, সাগৰীয় তাপ শক্তি, জোৱাৰ শক্তি, কাঠ, জৈৱ পচন শক্তি, জৈৱ ইন্ধন, হাইড্ৰজেন আদি। এইসমূহ শক্তিক বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰি। এইসমূহ অপ্রচলিত আৰু শক্তিৰ বিকল্প উৎস।
অনবীকৰণযোগ্য শক্তিৰ উৎস: এই শক্তিৰ উৎসসমূহ প্ৰকৃতিৰ মাজতে আছে, দীর্ঘদিন ধৰি ব্যৱহাৰ কৰি থকা হৈছে আৰু এইসমূহ শক্তিৰ উৎস অফুৰন্ত ভাণ্ডাৰ নহয়৷ যদিহে এবাৰ এই শক্তিৰ ভাণ্ডাৰ শেষ হৈ যায় তেন্তে সহজে সেইসমূহক পূৰ্ণ কৰিব নোৱাৰি। জীৱাশ্ম ইন্ধন (কয়লা, পেট্ৰ’লিয়াম, প্রাকৃতিক গেছ), পাৰমাণৱিক ইন্ধন যেনে- ইউৰেনিয়াম, থ’ৰিয়াম আদি হৈছে নবীকৰণ কৰিব নোৱাৰা শক্তিৰ উৎস। মানৱ সমাজৰ শক্তিৰ চাহিদা পূৰণ কৰিবৰ বাবে এইসমূহ প্রচলিত শক্তিৰ উৎস হিচাপে ব্যৱহাৰ হৈ আহিছে।
৩। শক্তিৰ সংৰক্ষণ কি? শক্তিৰ সংৰক্ষণৰ বাবে লোৱা কিছুমান ব্যৱস্থা উল্লেখ কৰা।
উত্তৰঃ শক্তি সংৰক্ষণৰ অৰ্থ হৈছে শক্তিৰ খৰচ হ্ৰাস কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা। শক্তিৰ বর্ধিত দক্ষতাপূর্ণ ব্যৱহাৰ, হ্রাস পোৱা শক্তিৰ ব্যৱহাৰ একলগ কৰা আৰু প্ৰচলিত শক্তিৰ উৎসৰ পৰা শক্তিৰ সংৰক্ষণ কৰিব পৰা যায়। বিত্তীয় মূলধনৰ বৃদ্ধি, পৰিৱেশৰ গুণমান, ৰাষ্ট্ৰীয় নিৰাপত্তা, ব্যক্তিগত সুৰক্ষা আৰু মানুহৰ সুখ-শান্তিৰ মাজেৰে শক্তি সংৰক্ষণৰ সাফল্য প্রকাশ পায়। শক্তিৰ খৰচ কম কৰিবলৈ আৰু অৰ্থনৈতিক নিৰাপত্তা বৃদ্ধি কৰিবৰ বাবে শক্তিৰ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ব্যক্তি আৰু সংস্থাসমূহ শক্তিৰ প্রত্যক্ষ গ্রাহক। লাভ বঢ়াবৰ বাবে ঔদ্যোগিক আৰু বাণিজ্যিক উপভোক্তাসকলে শক্তিৰ কাৰ্য দক্ষতা বৃদ্ধি কৰিব পাৰে।
শক্তিৰ সংৰক্ষণৰ বাবে লোৱা কিছুমান ব্যৱস্থাসমূহ হ’ল―
(i) পেট্ৰ’লিয়াম কয়লা, প্রাকৃতিক গেছ, ইউৰেনিয়াম আদি জীৱাশ্ম ইন্ধন আৰু নবীকৰণ অযোগ্য শক্তি সম্পদৰ পৰিবৰ্ত্তে সৌৰ শক্তি, বায়ু শক্তি, জৈৱ গেছ আদি পুনৰ নবীকৰণ যোগ্য শক্তি সম্পদৰ ব্যৱহাৰ।
(ii) যথেষ্টভাৱে শক্তি সংৰক্ষণ কৰিব পৰা অধিক কাৰ্যদক্ষ প্রযুক্তি উদ্ভাৱন।
(iii) বিদ্যুতৰ অপ্ৰয়োজনীয় ব্যৱহাৰ নিষিদ্দ কৰা উচিত। নিচেই পুৱাতে স্ট্রিট লাইট নুমুৱাই দিব লাগে।
(iv) ঘৰত ব্যৱহাৰ কৰা বিভিন্ন কাম-কাজত উপভোক্তাই শক্তিৰ খৰচ কমাব পাৰে।
(v) উদ্যোগসমূহে নিজৰ কেঁছা মালৰ সঠিক হিচাপত ব্যৱহাৰ হোৱাৰ বাবে কাৰিকৰী কৌশল উদ্ভাৱন কৰা উচিত।
৪। বৰষুণৰ পানী সংৰক্ষণ কি? বৰষুণৰ পানী সংৰক্ষণৰ উদ্দেশ্য কি?
উত্তৰঃ বৰষুণৰ পানী সংৰক্ষণ বা কৰ্ষণ হৈছে পকী বা টিন, আদিৰ নিৰ্মিত ঘৰৰ ছাল আৰু পকী চোতালৰ পৰা বৰষুণৰ পানী সংগ্ৰহ কৰাৰ এক কৌশল। বৰষুণৰ পানী সংৰক্ষণ আৰু সঞ্চয়ৰ প্ৰক্ৰিয়া ভূগৰ্ভৰ পানীৰ পৰিমাণ বঢ়াই তোলে। কুঁৱা, গাঁত, লেগুন, চেক বান্ধ আদি আধাৰসমূহৰ নিৰ্মাণৰ মাধ্যমে বৰষুণৰ পানী সংগ্ৰহ কৰি ভূগৰ্ভৰ পানী বৃদ্ধি পায়। আজিকালি খৰাং দিনত পানীৰ অভাব দূৰ কৰিবলৈ নগৰাঞ্চলৰ লগতে গ্রামাঞ্চলত ঘৰৱা কাম-কাজত ব্যৱহাৰ কৰা পানীৰ অভাৱ পূৰণ কৰিবলৈ বৰষুণৰ পানী সংৰক্ষণ কৰা ব্যৱস্থা বৃদ্ধি পাইছে৷
বৰষুণৰ পানী সংৰক্ষণৰ উদ্দেশ্যসমূহ হ’ল—
(i) বাগৰি গৈ নষ্ট হোৱা কাৰ্য হ্ৰাস কৰা।
(ii) পানীৰ বৰ্ধিত চাহিদা পূৰণ কৰা।
(iii) ভূগৰ্ভৰ পানীৰ ওপৰত পৰা হেঁচা হ্ৰাস কৰা।
(iv) পানীক পুনৰ একলগ কৰি ৰখা প্ৰক্ৰিয়াৰে ভূগৰ্ভৰ পানীৰ মান বৃদ্ধি কৰা।
৫। বৰষুণৰ পানী সংৰক্ষণৰ সুবিধাসমূহ কি?
উত্তৰঃ বৰষুণৰ পানী সংৰক্ষণৰ সুবিধাসমূহ হ’ল―
(i) এই ব্যৱস্থাৰে যি ঠাইতে আৱশ্যক সেই ঠাইতে পানীৰ এটা উৎস গঢ়ি ল’ব পাৰি।
(ii) এই ব্যৱস্থাটো কম খৰচী আৰু প্ৰত্যেক পৰিয়ালে বৰষুণৰ পানী পুনৰ ব্যৱহাৰ কৰিবৰ বাবে প্রয়োজনীয় সহজ ব্যৱস্থাটো সহজে কৰি ল’ব পাৰে।
(iii) ফ্ল’ৰাইড, আৰ্চেনিক, লো (আইৰন) আদি ৰাসায়নিক দ্রব্যসমূহ বৰষুণৰ পানীত নাথাকে।
(iv) যিহেতু বিশ্বৰ বহু চহৰত এতিয়া ভূমিজলৰ সমস্যা গুৰুতৰ সেয়ে ঘৰুৱা আৰু অন্যান্য ক্ষেত্ৰত বৰষুণৰ পানীৰ ব্যৱহাৰে ভূমিজলৰ ওপৰত চাপ হ্রাস কৰে।
(v) জৰুৰীকালীন সময় আৰু ৰাজহুৱা পানী যোগান ব্যৱস্থা অকামিলা বা বিফল হোৱাৰ সময়ত ই অতি প্রয়োজনীয় ভাণ্ডাৰ হিচাপে কাম কৰে।
(vi) বৰষুণৰ পানী সংগ্ৰহ ব্যৱস্থাটো সৰল হোৱা বাবে সাধাৰণ মানুহে কম খৰচত বৰষুণৰ পানী জমা কৰা, এটা ভাণ্ডাৰ টেংক নিৰ্মাণ কৰা আদি কাৰিকৰী কৌশল সহজে শিকি ল’ব পাৰে।
৬। পৰিৱেশৰ পৰা স্বাস্থ্য কিদৰে প্রভাৱান্বিত হ’ব পাৰে?
উত্তৰঃ পৰিৱেশে মানুহৰ স্বাস্থ্যৰ ওপৰত বিভিন্ন ধৰণে যথেষ্ট প্ৰভাৱ পেলায়। বায়ু প্ৰদূষণৰ ফলত হাঁপানী আৰু হাওঁফাওঁৰ সংক্ৰমণৰ দৰে শ্বাস-প্ৰশ্বাসজনিত ৰোগ হ’ব পাৰে, আনহাতে দূষিত পানীয়ে কলেৰা আৰু ডায়েৰিয়াৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। জলবায়ু পৰিৱৰ্তনে উষ্ণতা বৃদ্ধি আৰু চৰম বতৰত অৰিহণা যোগায়, যাৰ ফলত গৰমৰ আঘাত, পুষ্টিহীনতা, মেলেৰিয়া আৰু ডেংগুৰ দৰে ভেক্টৰজনিত ৰোগ বিয়পি পৰে। ঔদ্যোগিক আৱৰ্জনা, কীটনাশক, গধুৰ ধাতুৰ পৰা বিষাক্ত ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে কেন্সাৰ আৰু স্নায়ুজনিত বিকাৰকে ধৰি গুৰুতৰ স্বাস্থ্যজনিত অৱস্থাৰ সৃষ্টি হ’ব পাৰে। অনাময়ৰ অভাৱ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱে সংক্ৰমণ আৰু সংক্ৰামক ৰোগৰ বিস্তাৰ আৰু অধিক বৃদ্ধি কৰে। ইয়াৰ উপৰিও বনাঞ্চল ধ্বংস আৰু নগৰায়নে সেউজীয়া স্থান হ্ৰাস কৰে, যাৰ ফলত মানসিক চাপৰ মাত্ৰা অধিক, ৰোগ প্ৰতিৰোধ ক্ষমতা কম আৰু সামগ্ৰিক স্বাস্থ্য দুৰ্বল হয়। উন্নত স্বাস্থ্য আৰু মংগলৰ বাবে এই পৰিৱেশজনিত সমস্যাসমূহৰ সমাধান কৰাটো অতি প্ৰয়োজনীয়।
৭। “জনবিস্ফোৰণ পৰিৱেশ অৱক্ষয়ৰ মূল কাৰণ”- এই কথাষাৰ ব্যাখ্যা কৰা।
উত্তৰঃ কোনো এক নির্দিষ্ট সময়ত কোনো এখন ঠাইত এটা প্ৰজাতিৰ জীৱবিলাক একেলগে বৰ্তি থাকিল তাক সেই জীৱৰ সমষ্টি বোলা হয়। এই অৱস্থা মানুহৰ ক্ষেত্ৰত বুজাবলৈ হ’লে জনসংখ্যা বুলি কোৱা হয়। জনসংখ্যা গঠনত অৰিহণা যোগায় সাধাৰণতে প্ৰজাতিটোৰ প্ৰজনন ক্ষমতা।
কুৰি শতিকাৰ শেষৰফালে বিশ্ববাসী মানুহৰ সংখ্যা দ্রুত গতিত বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। শতিকাটোৰ শেষৰ ৩৫ টা বছৰতে জনসংখ্যা ২.৫ বিলিয়নৰ পৰা ৬ বিলিয়নতকৈও অধিকলৈ বৃদ্ধি পাইছে। জনসংখ্যা এই দ্ৰুতহাৰত বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ হ’ল মৃত্যুৰ হ্ৰাসৰ হাৰতকৈ জন্মৰ হ্ৰাসৰ হাৰ কম হোৱাটো। আধুনিক প্রযুক্তিগত সা-সুবিধা, চিকিৎসা ব্যৱস্থা, খাদ্য, বাসস্থান ইত্যাদিয়ে মৃত্যুৰ হাৰ কমাই মানুহৰ আয়ুস বৃদ্ধি কৰিছে।
জনসংখ্যা বৃদ্ধিয়ে সম্পদৰ অধিক ব্যৱহাৰ আৰু দূষণ বৃদ্ধি কৰি পৰিবেশৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে। ২০২৫ চনত বিশ্ব জনসংখ্যা ৮.৩ বিলিয়ন হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ উন্নয়নশীল দেশসমূহত এই হাৰ অধিক। আধুনিক প্ৰযুক্তিৰ অতি ব্যৱহাৰে পৰিৱেশৰ অবনতি তীব্র কৰিছে, যাৰ কুফল মানৱ জাতিয়ে ইতিমধ্যে ভুগিবলৈ আৰম্ভ হৈছিল।
৮। প্রধান সেউজ গৃহ গেছসমূহ কি কি? সেউজ গৃহ প্রভাৱ কি?
উত্তৰঃ প্রধান সেউজ গৃহ গেছসমূহ হৈছে কার্বন-ডাই অক্সাইড, মিথেন, নাইট্রাছ অক্সাইড, ক্লৰ’ফ্লৰ’কার্বন (CFC), জলীয় বাষ্প আৰু অজ’ন। এই গেছসমূহে কিছু পৰিমাণৰ তাপ আকৌ ভূ-পৃষ্ঠলৈ নিক্ষেপ কৰে। যিহেতু এই প্রক্রিয়াটো উদ্যান শস্যৰ বাবে কাঁচেৰে নিৰ্মাণ কৰা গ্রীন হাউছৰ ভিতৰৰ উষ্ণতাৰ প্রভাৱ পর্যবেক্ষণ কৰা প্ৰক্ৰিয়াটোৰ লগত একে সেয়ে ইয়াক সেউজ গৃহ প্রভাৱ বোলা হয়।
৯। গোলকীয় উষ্ণায়ন বুলিলে কি বুজা? গোলকীয় উষ্ণায়নৰ কেইটামান পৰিণতিৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ সেউজ গৃহ প্ৰভাৱৰ ফলত ভূ-পৃষ্ঠৰ গড় উষ্ণতা প্ৰায় ১৫° ছেন্টিগ্ৰেড হৈ আছে, যি জীৱ-জন্তুৰ বাবে অনুকূল। যদি সেউজ গৃহ গেছসমূহ এই উষ্ণতা সংৰক্ষণ নকৰে, তেন্তে অধিক তাপ আঁতৰি যাব আৰু পৃথিৱীৰ উষ্ণতা প্ৰায় -১৮° ছেন্টিগ্ৰেডলৈ হ্ৰাস পাবে, যাৰ ফলত জীৱন অসম্ভৱ হৈ পৰিব। বায়ুমণ্ডলত থকা এই গেছসমূহে পৃথিৱীক উষ্ণ ৰাখি, মানুহসহ সকলো জীৱৰ বাসযোগ্য কৰি ৰাখিছে। কিন্তু মানুহৰ কাৰ্যকলাপৰ লগতে বিভিন্ন প্রাকৃতিক কাৰণত যোৱা দশককেইটাত সেউজ গৃহ গেছৰ গাঢ়তা বৃদ্ধি পাইছে। বিজ্ঞানীসকলে নির্ণয় কৰিছে যে যোৱা শতিকাৰ প্রথম ভাগৰ পৰা এতিয়ালৈকে পৃথিৱীৰ গাঢ় উষ্ণতা ০.৩-০.৬.২ ছেন্টিগ্রেড বৃদ্ধি পাইছে। ১৫০ বছৰ পূৰ্বে আৰম্ভ হোৱা ঔদ্যোগিক বিপ্লৱৰ পৰা মানুহৰ বিভিন্ন কার্যকলাপে বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে। ১৭৫০ আৰু ২০০০ চনৰ ভিতৰত কাৰ্বন-ডাই অক্সাইড, মিথেন আৰু নাইট্রাছ অক্সাইডব বায়ুমণ্ডলীয় গাঢ়তা যথাক্রমে ৩১%, ১৭১%, আৰু ১৭% বৃদ্ধি পাইছে (আই পি চি চি, ২০০১)। সেউজ গৃহ গেছসমূহে এখন আৱবণীৰ সৃষ্টি কৰি উষ্ণতা বৃদ্ধি কৰা এই পৰিঘটনাটোকেই বোলা হৈছে গোলকীয় উষ্ণায়ন বা উষ্ণতা বৃদ্ধি।
১০। এচিড বৰষুণ কি?
উত্তৰঃ ঔদ্যোগিক কাৰ্যকলাপ আৰু জীৱাশ্ম ইন্ধন দহনৰ ফলস্বৰূপ উৎপন্ন হোৱা ছালফাৰ আৰু নাইট্ৰ’জেন অক্সাইডসমূহ হৈছে বায়ুমণ্ডলৰ গেছসমূহৰ পৰা সৃষ্টি হোৱা এচিডৰ প্ৰধান উৎস। বতাহে যেতিয়া ছালফাৰ ডাইঅক্সাইড আৰু নাইট্ৰ’জেনৰ অক্সাইডসমূহক বিভিন্ন দিশত বৈ নিয়ে, তেতিয়া সেইবোৰ পানীৰ বাষ্পৰ সংস্পৰ্শলৈ আহি ছালফিউৰিক এচিড, নাইট্রিক এচিড, ছালফেট আৰু নাইট্রেটৰ ক্ষুদ্র কণা সৃষ্টি কৰে। এই ৰাসায়নিক পদার্থসমূহ সেমেকা (যেনে- এচিড বৰষুণ, তুষাৰ, কুঁৱলী আৰু মেঘবাষ্প আদি) আৰু শুকান (যেনে- এচিড ধূলিকণা) পদাৰ্থৰ ৰূপত ভু-পৃষ্ঠলৈ নামি আহে। এই গোটেই প্রক্রিয়াটোত সৃষ্টি হোৱা মিশ্রণটোকে আম্লিক বা এচিড বৰষুণ বোলা হয়।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
What is environmental rights aitu ans dibo sun please