Global Politics Unit 3 সমসাময়িক গোলকীয় সমস্যা – I

Global Politics Unit 3 সমসাময়িক গোলকীয় সমস্যা – I, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Global Politics Unit 3 সমসাময়িক গোলকীয় সমস্যা – I Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Global Politics Unit 3 সমসাময়িক গোলকীয় সমস্যা – I Question Answer can be of great value to excel in the examination.

Global Politics Unit 3 সমসাময়িক গোলকীয় সমস্যা – I

Join Telegram channel

Global Politics Unit 3 সমসাময়িক গোলকীয় সমস্যা – I Notes cover all the exercise questions in UGC Syllabus. Global Politics Unit 3 সমসাময়িক গোলকীয় সমস্যা – I provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Contemporary Global Issues – I

POLITICAL SCIENCE

GLOBAL POLITICS

(গোলকীয় ৰাজনীতি)

অতি চমু প্রশ্নোত্তৰঃ

১। ‘যুদ্ধতকৈ বাক-বিতণ্ডাই বহুত ভাল’-কথাষাৰ  কোনে কৈছিল? (Who said “argument is better than war”?)

উত্তৰঃ ইংলেণ্ডৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী চাৰ্চিলে কৈছিল।

২। যেতিয়া ৰাষ্ট্ৰসংঘৰ চনদ গঠিত হৈছিল তেতিয়া কেইখন সদস্য ৰাষ্ট্ৰই তাত স্বাক্ষৰ কৰিছিল? (When the Charter of the United Nations was formed, how many member states signed it?)

উত্তৰঃ ৫১ খন সদস্য ৰাষ্ট্ৰই।

৩। ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য কি? (What is the main purpose of the United Nations?)

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য হ’ল আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।

৪। ৰাষ্ট্ৰসংঘত বৰ্তমান কেইখন সদস্য ৰাষ্ট্ৰ আছে? (How many member states does the United Nations currently have?)

উত্তৰঃ ১৯২ খন।

৫। খালী ঠাই পূৰ কৰা:

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ____ খন স্থায়ী সদস্য ৰাষ্ট্ৰ আছে। (The United Nations has-permanent members in the Security Council)

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ৫ খন স্থায়ী সদস্য ৰাষ্ট্ৰ আছে।

৬। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন? (Who is the current Secretary of the United Nations?)

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান দক্ষিণ কোৰিয়াৰ বেন কি মুন।

৭। IAEA ৰ সম্পূৰ্ণ নামটো লিখা। (What is the full name of IAEA?)

উত্তৰঃ International Atomic Energy Agency (আন্তৰ্জাতিক পাৰমাণৱিক শক্তি সংগঠন)।

৮। ভেটো ক্ষমতা মানে কি? (What does veto power mean?)

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত স্থায়ী সদস্য ৰাষ্ট্ৰৰ বিৰোধিতা কৰিব পৰা ক্ষমতাই হ’ল ভেটো ক্ষমতা।

৯। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান কোন আছিল? (Who was the first Secretary – General of the United Nations?)

উত্তৰঃ নৰৱে’ৰ ট্ৰিগভি লি।

১০। ৰাষ্ট্ৰসংঘলৈ অধিক অৱদান আগবঢ়োৱা একমাত্ৰ দেশখনৰ নাম কি? (What is the name of the only country that has contributed more to the United Nations?)

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।

১১। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰাষ্ট্ৰ কেইখনৰ নাম লিখা। (Write the names of the permanent members of the Security Council?)

উত্তৰঃ ইংলেণ্ড, ফ্ৰান্স, আমেৰিকা, ৰুছিয়া আৰু কমিউনিষ্ট চীন হ’ল নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ।

১২। পাৰমাণৱিক শক্তি আয়োগ কিমান চনত গঠন হৈছিল? (In which year was the Atomic Energy Commission formed?)

উত্তৰঃ ১৯৪৬ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই পাৰমাণৱিক শক্তি আয়োগ এটা গঠন কৰিছিল।

১৩। ল’কাৰ্ণো চুক্তিত স্বাক্ষৰ কৰা সন্মিলিত সদস্য ৰাষ্ট্ৰ কেইখনৰ নাম লিখা। (Write the name of the joint member state that signed the Locarno agreement?)

উত্তৰঃ ১৯২৫ চনৰ ল’কাৰ্ণো চুক্তিত স্বাক্ষৰ কৰা সন্মিলিত সদস্য ৰাষ্ট্ৰকেইখন হ’ল- ইংলেণ্ড, ফ্ৰান্স, জাৰ্মানী, ইটালী আৰু বেলজিয়াম।

১৪। পেৰিচ চুক্তি বুলিলে কোনখন চুক্তিক জনা যায়? (Who knows what the Paris Agreement is?)

উত্তৰঃ ১৯২৮ চনৰ আগষ্ট মাহৰ ২৭ তাৰিখে স্বাক্ষৰিত হোৱা কেলগ ব্ৰিয়াণ্ড চুক্তিখনকে পেৰিচ চুক্তি বুলি জনা যায়।

১৫। কিমান চনত বাৰুচ পৰিকল্পনা তৈয়াৰ কৰা হৈছিল? (In which year was the Baruch Plan formed?)

উত্তৰঃ ১৯৪৬ চনত বাৰুচ পৰিকল্পনা তৈয়াৰ কৰা হৈছিল।

১৬। বাৰুচ পৰিকল্পনা তৈয়াৰৰ উদ্দেশ্য কি আছিল? (What was the purpose of Baruch’s Plan?)

উত্তৰঃ পাৰমাণৱিক অস্ত্ৰৰ নিয়ন্ত্ৰণৰ উদ্দেশ্যে বাৰুচ পৰিকল্পনা তৈয়াৰ কৰা হৈছিল।

১৭। IAEA ৰ সম্পূৰ্ণ নাম কি? (What is the full name of IAEA?)

উত্তৰঃ International Atomic Energy Agency.

১৮। কিমান চনত আই. এ. ই. এ. তৈয়াৰ হৈছিল? (In which was IAEA formed?)

উত্তৰঃ ১৯৫৭ চনত আই. এ. ই. এ. তৈয়াৰ হৈছিল।

১৯। PTBT ৰ সম্পূৰ্ণ নাম কি? (What is the full name of PTBT?)

উত্তৰঃ Partial Test Ban Treaty.

২০। এন. পি. টি. ৰ সম্পূৰ্ণ নাম কি? (What is the full name of NPT?)

উত্তৰঃ The Treaty on the Non-Proliferation Nuclear weapons.

২১। কিমান চনত পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তি (NPT) স্বাক্ষৰিত হয়? (In which year was the Treaty on the Non-Proliferation?) Nuclear weapons (NPT) signed?)

উত্তৰঃ ১৯৬৮ চনত ১ জুলাই পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তি স্বাক্ষৰিত হয়।

২২। কিমান চনত ছোভিয়েট ইউনিয়ন পাৰমাণৱিক বোমা প্ৰস্তুত কৰে? (In which year did the soviet union build an Nuclear bomb?)

উত্তৰঃ ১৯৪৯ চনত ছোভিয়েট ইউনিয়ন পাৰমাণৱিক বোমা প্ৰস্তুত কৰে।

২৩। কিমান চনত আৰু ক’ত মাৰ্কিন যুক্তৰাষ্ট্ৰই পাৰমাণৱিক বোমা বিস্ফোৰণ কৰিছিল? (In which year and where did the United States detonate the Nuclear Bomb?)

উত্তৰঃ ১৯৪৫ চনত আগষ্ট মাহত জাপানৰ নাগাছাকি আৰু হিৰোচিমাৰ ওপৰত মাৰ্কিন যুক্তৰাষ্ট্ৰই পাৰমাণৱিক বোমা বিস্ফোৰণ কৰিছিল।

২৪। কিমান বছৰৰ বাবে পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তি (NPT) কাৰ্যকৰ হৈছিল? (For how many years was the Treaty on the Non – proliferation Nuclear weapons (NPT) effective?)

উত্তৰঃ ২৫ বছৰৰ বাবে পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তি কাৰ্যকৰ হৈছিল।

২৫। পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তিত (NPT) স্বাক্ষৰকাৰী ৰাষ্ট্ৰপক্ষৰ সংখ্যা কিমান আছিল? (What was the number of signatories to the Treaty on the Non-proliferation Nuclear weapons (NPT)?)

উত্তৰঃ পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰপক্ষৰ সংখ্যা আছিল ১৮৯।

২৬। পাঁচটা পৰমাণু শক্তিসম্পন্ন ৰাষ্ট্ৰৰ নাম লিখা। (Write the names of the five nuclear powered states.)

উত্তৰঃ পাঁচটা পৰমাণু শক্তিসম্পন্ন ৰাষ্ট্ৰৰ নাম হ’ল – যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, ফ্ৰান্স, ৰাছিয়া আৰু চীন।

২৭। কিমান চনত পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তি (NPT) কাৰ্যকৰ হৈছিল? (In which year did the Treaty on the Non-Peoliferation Nuclear weapons (NPT) effective?)

উত্তৰঃ ১৯৭০ চনৰ ৫ মাৰ্চ পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তি কাৰ্যকৰী কৰা হৈছিল।

২৮। N.P.R. ৰ সম্পূৰ্ণ নাম লিখা। (What is the full name of N.P.R.)

উত্তৰঃ Nuclear Non-proliferation regime.

২৯। C.T.B.T. ৰ সম্পূৰ্ণ নাম কি? (What is the full name of C.T.B.T.)

উত্তৰঃ Comprehensive Nuclear Test Ban Treaty.

৩০। কিমান চনত জেনেভাত সন্মিলিত জাতিপুঞ্জৰ সমৰ্থনত সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তি (CTBT) সংক্ৰান্ত আলোচনা আৰম্ভ হৈছিল? (In which year was the negotiation of the comprehensive Nuclear Test Ban Treaty (CTBT) in support of the United Nations in Geneva?)

উত্তৰঃ ১৯৯৪ চনৰ জানুৱাৰী মাহত জেনেভাত সন্মিলিত জাতিপুঞ্জৰ সমৰ্থনত সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তি (CTBT) সংক্ৰান্ত আলোচনা আৰম্ভ হৈছিল।

৩১। কিমান চনত সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তি (CTBT) সংক্ৰান্ত প্ৰস্তাৱ বিপুল সংখ্যা গৰিষ্ঠতাত অনুমোদিত হয়? (In which year the proposal for the comprehensive Nuclear Test Ban Treaty (CTBT) was approved by an overwhelming majority?)

উত্তৰঃ ১৯৯৬ চনত ১০ ছেপ্টেম্বৰত সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তি (CTBT) সংক্ৰান্ত প্ৰস্তাৱ বিপুল সংখ্যা গৰিষ্ঠতাত অনুমোদিত হয়।

৩২। নিৰাপত্তা মানে কি? (What does security mean?)

উত্তৰঃ সাধাৰণ অৰ্থত নিৰাপত্তা মানে ভয় আৰু সন্ত্ৰাসৰ পৰা মুক্ত এটা অৱস্থা বা পৰিৱেশৰ কথাক বুজো।

৩৩। ভাৰতে আণৱিক পৰীক্ষা সম্পন্ন কৰাৰ কাৰণ কি? (What is the reason for completing nuclear test in India?)

উত্তৰঃ অস্ত্ৰ-শস্ত্ৰৰ প্ৰসাৰণ ৰোধ কৰা, লগতে আণৱিক বিস্ফোৰণৰ ভয়াবহতা ৰোধ কৰা।

৩৪। বিশ্ব ভাবুকিৰ এটা উদাহৰণ দিয়া। (Give an example of a global threat?)

উত্তৰঃ সন্ত্ৰাসবাদ আৰু বিশ্ব দৰিদ্ৰতা।

৩৫। আন্তৰ্জাতিক সন্ত্ৰাসবাদ মানে কি? (What does international terrorism mean?)

উত্তৰঃ যেতিয়া কোনো এটা সংগঠনে এক ৰাজনৈতিক উদ্দেশ্য লৈ চৰকাৰৰ বিৰোধিতা কৰে বা নিজে চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ শক্তি প্ৰয়োগ কৰি সন্ত্ৰাসমূলক কাৰ্য্যত জড়িত হৈ বিশ্বব্যাপী পৰে তেতিয়া তাক আন্তৰ্জাতিক সন্ত্ৰাসবাদ বোলে।

৩৬। সন্ত্ৰাসবাদ নিৰাপত্তাৰ প্ৰতি এটা ভাবুকি বুলি ভাবানে? কিয়? (Do you think terrorism is a threat to security? Why?)

উত্তৰঃ কিয়নো, ই জনসাধাৰণৰ মনত ভয়ৰ সৃষ্টি কৰে, যাৰ কাৰণে জনসাধাৰণে আজিকালি মুকলিভাৱে ঘৰৰ পৰা ওলাই যাবলৈ ভয় কৰে, ল’ৰা-ছোৱালীক স্কুললৈ পঠাবলৈ ভয় কৰে। সন্ত্ৰাসবাদৰ কাৰণে জনসাধাৰণে নিজৰ নিৰাপত্তা নাই বুলি ভাবে। সেয়েহে সন্ত্ৰাসবাদ নিৰাপত্তাৰ প্ৰতি এক ভাবুকি।

৩৭। সন্ত্ৰাসবাদ বুলিলে কি বুজা? (What do you mean by terrorism?)

উত্তৰঃ শৃংখলাবদ্ধ সমাজ ব্যৱস্থাৰ শান্তি ভংগ কৰি জনসাধাৰণক সন্ত্ৰাসিত বা জীৱন আৰু সম্পত্তিৰ হানিৰ আশংকা বঢ়াই তুলি চৰকাৰক হেঁচা প্ৰয়োগ কৰাৰ এক কৌশলেই হৈছে সন্ত্ৰাসবাদ।

৩৮। সন্ত্ৰাসবাদৰ এটা প্ৰকাৰ উল্লেখ কৰা। (Mention one type of terrorism?)

উত্তৰঃ বৈপ্লৱিক আৰু যুদ্ধ সম্বন্ধীয় সন্ত্ৰাসবাদ।

৩৯। সন্ত্ৰাসবাদৰ যিকোনো এটা লক্ষ্য উল্লেখ কৰা। (Mention any one target of terrorism?)

উত্তৰঃ সমাজ আৰু চৰকাৰৰ পৰিৱৰ্তন সাধন কৰা।

৪০। ফৌজদাৰী আইন একত্ৰীকৰণ সন্মিলনে সন্ত্ৰাসবাদৰ সংজ্ঞা কেনেদৰে নিৰূপণ কৰিছে? (How did the Criminal Law Consolidation Conference define terrorism?)

উত্তৰঃ ফৌজদাৰী আইন একত্ৰীকৰণ সন্মিলনে সন্ত্ৰাসবাদৰ সংজ্ঞা নিৰূপণ কৰি কৈছে যে সা-সম্পত্তি বিনষ্টকাৰী, মানৱ জীৱন আৰু স্বাস্থ্যৰ লগতে শাৰীৰিক সুস্থতা বিনষ্টকাৰী সামূহিক ক্ষতিসাধন কৰা বা জনজীৱন বিপন্ন কৰাৰ উদ্দেশ্যে পৰিচালিত সকলো কাৰ্যই হৈছে সন্ত্ৰাসবাদ।

৪১। ‘Longman Modern English Dictionary’ ত সন্ত্ৰাসবাদৰ সংজ্ঞাটো আগবঢ়োৱা। (Define terrorism in the Longman Modern English Dictionary?)

উত্তৰঃ ‘Longman Modern English Dictionary’ ত সন্ত্ৰাসবাদৰ সংজ্ঞা এনেদৰে পোৱা যায়- “সন্ত্ৰাসবাদে ৰাজনৈতিক বিৰোধিতা বা শাসনৰ এক পন্থা বুজায় যি পন্থাই সন্ত্ৰাস সৃষ্টি কৰাৰ ওপৰত বিশ্বাস কৰে”।

৪২। আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ মূল প্ৰকৃতি কি? (What is the main nature of international terrorism?)

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ মূল প্ৰকৃতি  হৈছে হিংসাত্মক কাৰ্যত বিশ্বৰ অন্যান্য সন্ত্ৰাসবাদী গোটৰ সমৰ্থন বা সহযোগিতা কৰা আৰু আন্তঃৰাষ্ট্ৰীয় মতামতক প্ৰভাৱিত কৰা।

৪৩। সন্ত্ৰাসবাদৰ যিকোনো এটা কাৰণ উল্লেখ কৰা। (Mention any one of the causes of terrorism?)

উত্তৰঃ ৰাজনৈতিক কাৰণ।

৪৪। ২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ পিছত সন্ত্ৰাসবাদী গোষ্ঠীসমূহে সমগ্ৰ বিশ্বখনক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি? (How many terrorist groups have divided the world since 11 september 2011 and what are they?)

উত্তৰঃ ২০১১ চনৰ ১১ ছেপ্টেম্বৰৰ পিছত সন্ত্ৰাসবাদী গোষ্ঠীসমূহে সমগ্ৰ বিশ্বখনক দুটা ভাগত ভাগ কৰিছে- ইছলামিক আৰু অ-ইছলামিক।

৪৫। কোনে আধুনিক সন্ত্ৰাসবাদক সৰ্বোচ্চ সন্ত্ৰাসবাদ আখ্যা দিছিল? (Who called modern terrorism is the highest terrorism?)

উত্তৰঃ স্কুইচজাৰ আৰু ডৰ্চ (Schweitzer and Dorch) এ আধুনিক সন্ত্ৰাসবাদক সৰ্বোচ্চ সন্ত্ৰাসবাদ আখ্যা দিছিল।

৪৬। ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বুলিলে কি বুজা? (What do you mean by state terrorism?)

উত্তৰঃ যেতিয়া সন্ত্ৰাসবাদী গোষ্ঠীৰ ক্ৰিয়াকলাপ স্থানীয় অঞ্চলৰ পৰিধি ভাঙি ৰাষ্ট্ৰীয় পৰ্যায় সাঙুৰি লয়, তেতিয়া তাক ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বুলি কোৱা হয়।

৪৭। স্থানীয় সন্ত্ৰাসবাদ কাক বোলে? (What is permanent terrorism?)

উত্তৰঃ যেতিয়া কোনো সন্ত্ৰাসবাদী গোষ্ঠীৰ কাৰ্যকলাপ কেৱল এটা স্থানীয় এলেকাতে সীমাবদ্ধ থাকে তেতিয়া তাক স্থানীয় সন্ত্ৰাসবাদ বোলে।

৪৮। আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বুলিলে কি বুজা? (What do you mean by international terrorism?)

উত্তৰঃ সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰসমূহৰ জনগণৰ মনত হিংসাত্মক উপায় অৱলম্বনেৰে সন্ত্ৰাসৰ সৃষ্টি কৰি ন্যস্ত স্বাৰ্থ পূৰণৰ বাবে চলোৱা প্ৰচেষ্টাকে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বুলিব পাৰি। ৰাষ্ট্ৰসংঘৰ সন্ত্ৰাসবাদ সম্পৰ্কীয় তদৰ্থ সমিতিৰ মতে মানৱ জীৱন কাঢ়ি লোৱা বা তেওঁলোকৰ মৌলিক স্বাধীনতাসমূহ উপভোগৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা হিংসাত্মক কাৰ্যকলাপে যদি এখনতকৈ অধিক ৰাষ্ট্ৰৰ জনসাধাৰণৰ ক্ষতিসাধন কৰে তেতিয়া তেনে কাৰ্যকলাপক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বুলিব পাৰি।

৪৯। কেতিয়া ভাৰতে কিয়’ট’ প্ৰট’ক’লত স্বাক্ষৰ কৰিছিল? (When did India sign the Kyoto Protocol?)

উত্তৰঃ ২০০২ চনত।

চমু প্ৰশ্নোত্তৰ

১। পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধ চুক্তিত স্বাক্ষৰিত (NPT) হোৱা তিনিটা বিষয় উল্লেখ কৰা। (Mention three issues signed in the treaty on the Non-proliferation Nuclear weapons (NPT).)

উত্তৰঃ পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধ চুক্তি (NPT) স্বাক্ষৰিত হোৱা তিনিটা বিষয় হ’ল-

(ক) ভৱিষ্যতত পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধ কৰা।

(খ) পাৰমাণৱিক শক্তিৰ অপব্যৱহাৰ বন্ধ আৰু তাৰ শান্তিপূৰ্ণ ব্যৱহাৰক সুনিশ্চিত কৰা।

(গ) অস্ত্ৰ প্ৰতিযোগিতাত পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ লগে পাৰমাণৱিক নিৰস্ত্ৰীকৰণকো উৎসাহিত কৰা

২। আন্তৰ্জাতিক সংগঠনৰ প্ৰয়োজনীয়তা কি? (What are the requirements of the international organization?)

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰিবৰ কাৰণে আন্তৰ্জাতিক সংগঠনৰ প্ৰয়োজন।

আন্তঃৰাষ্ট্ৰীয় সমস্যাবিলাক শান্তি-আলোচনাৰ মাজেৰে সমাধান কৰাৰ কাৰণে আন্তৰ্জাতিক সংগঠনৰ প্ৰয়োজন আছে।

৩। আন্তৰ্জাতিক সংগঠন এক শ্ৰেষ্ঠ ৰাষ্ট্ৰ বুলি তুমি ভাবানে? কাৰণ দৰ্শোৱা। (Do you think the international organization is one of the best states? Show cause?)

উত্তৰঃ আন্তৰ্জাতিক সংগঠনক এক শ্ৰেষ্ঠ ৰাষ্ট্ৰ বুলি ক’ব নোৱাৰি। আন্তৰ্জাতিক সংগঠনবোৰ কোনো সাৰ্বভৌম অনুষ্ঠান নহয়। সাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ ইচ্ছা আৰু বুজাবুজিৰ জৰিয়তেহে আন্তৰ্জাতিক সংগঠন গঢ় লৈ উঠে।

৪। নিৰাপত্তা পৰিষদত স্থায়ী সদস্যবোৰে লাভ কৰা দুটা সুবিধা লিখা। (Write two benefits available to permanent members of the Security Council?)

উত্তৰঃ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবোৰে লাভ কৰা দুটা সুবিধা হ’ল- 

(ক) ভেটো ক্ষমতা। 

(খ) একনায়কত্ববাদীৰ সুবিধা।

৫। আন্তৰ্জাতিক ক্ষমাদান মানে কি? (What does international forgiveness mean?)

উত্তৰঃ আন্তৰ্জাতিক ক্ষমাদান এটা বেচৰকাৰী আন্তঃৰাষ্ট্ৰীয় সংগঠন। ১৯৬১ চনত লণ্ডনত আইনজীৱী পিটাৰ বেননচনে (Peter Benenson) এ এই সংস্থাটো প্ৰতিষ্ঠা কৰিছিল। মানৱ অধিকাৰৰ প্ৰতি দেখুওৱা বেয়া আচৰণ ৰোধ আৰু ভংগ কৰা এই সংগঠনৰ প্ৰধান উদ্দেশ্য।

৬। বৰ্তমান বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা কি? (What is the relevance of the current United Nations?)

উত্তৰঃ বিশ্বত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে ৰাষ্ট্ৰসংঘৰ দৰে এটা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰয়োজন আছে। ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হোৱাৰ পৰা বৰ্তমানলৈকে বিশ্বযুদ্ধৰ পুনৰাবৃত্তি হোৱা নাই। আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ ক্ষেত্ৰত ইয়াৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি।

৭। হোমাৰ ডিকচনৰ (Homer Dixon) মতে আধুনিক সন্ত্ৰাসবাদৰ দুটা ধাৰা লিখা। (Write two genres of modern terrorism according to Homer Dixon?)

উত্তৰঃ Homer Dixon ৰ মতে আধুনিক সন্ত্ৰাসবাদৰ দুটা ধাৰা লক্ষ্য কৰা যায়। প্রথমটোত দেখা যায় যে এক সৰু গোষ্ঠী বা ব্যক্তিৰ হাততো প্ৰযুক্তিগত সক্ষমতা আহি পৰাত ধন-জন হানি কৰিব পৰা হৈছে। দ্বিতীয়তে অৰ্থনীতি আৰু প্ৰযুক্তিবিদ্যাৰ সহযোগত কোনো আক্ৰমণ সংঘটিত কৰিবলৈ তেনেই সহজ হৈ পৰিছে। ফলস্বৰূপে এই দুয়োটা কাৰকে এক নতুন আৰু কুটিল গণ ধ্বংস কৰিবলৈ সন্ত্ৰাসবাদী গোষ্ঠীবিলাকক সহায় কৰাত সন্ত্ৰাসবাদে এক জটিলতাৰ ৰূপ ধাৰণ (Complex Form) কৰিছে।

৮। ৰাষ্ট্ৰসংঘ এখন সঠিক আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি ভাবানে? কাৰণ দৰ্শোৱা। (Do you think the United Nations is an international organization? Show cause?)

উত্তৰঃ হয়, ৰাষ্ট্ৰসংঘক এটা সঠিক আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি ভাবো।

ইয়াৰ কাৰণ তলত উল্লেখ কৰা হ’ল-

(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

(খ) ৰাষ্ট্ৰসংঘ জন্ম হোৱাৰ পিছৰ পৰা এতিয়ালৈকে বিশ্বযুদ্ধৰ সৃষ্টি হোৱা নাই।

(গ) আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ শান্তিপূৰ্ণ উপায়েৰে মীমাংসা কৰাৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।

৯। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰত এখন স্থায়ী সদস্য ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পাব লাগে বুলি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা দেখুওৱা। (Do you think that India needs to be recognized as a permanent member of the UN Security Council? Show the logic of your answer?)

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতে স্থায়ী সদস্য ৰাষ্ট্ৰৰ স্বীকৃতি পাব লাগে বুলি ভাবো।

ইয়াৰ সপক্ষে কেইবাটাও যুক্তি আছে –

(ক) জনসংখ্যাৰ ভিতৰত ভাৰত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ৰাষ্ট্ৰ।

(খ) ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্যসূচীত ভাৰতে অংশ গ্ৰহণ কৰি আহিছে।

(গ) ৰাষ্ট্ৰসংঘলৈ আগবঢ়াবলগীয়া বৰঙণিৰ ক্ষেত্ৰত ভাৰতে অৱহেলা কৰা নাই।

(ঘ) ৰাষ্ট্ৰসংঘৰ শান্তি প্ৰতিষ্ঠা প্ৰচেষ্টাত ভাৰতে এক উল্লেখনীয় ভূমিকা পালন কৰি আহিছে।

১০। সন্ত্ৰাসবাদৰ পাঁচটা প্ৰকাৰ উল্লেখ কৰা। (Mention five types of terrorism?)

উত্তৰঃ সন্ত্ৰাসবাদৰ পাঁচটা প্ৰকাৰ হ’ল-

(ক) আদৰ্শগত সন্ত্ৰাসবাদ।

(খ) পাৰমাণৱিক সন্ত্ৰাসবাদ।

(গ) ধৰ্মভিত্তিক সন্ত্ৰাসবাদ।

(ঘ) ‍জটিলতাৰ সন্ত্ৰাসবাদ।

(ঙ) জৈৱ সন্ত্ৰাসবাদ।

১১। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগকেইটা কি কি? (What are the main organs of the United Nations?)

উত্তৰঃ সন্মিলিত ৰাষ্ট্ৰসংঘৰ ছটা অংগ আছে।

সেইকেইটা হ’ল-

(ক) সাধাৰণ সভা।

(খ) নিৰাপত্তা পৰিষদ।

(গ) আৰ্থিক আৰু সামাজিক পৰিষদ।

(ঘ) ন্যায়ৰক্ষী পৰিষদ।

(ঙ) আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়। আৰু

(চ) সচিবালয়।

১২। বিদেশী বিৰোধ সন্ত্ৰাসবাদ আৰু জ্ঞাতি সন্ত্ৰাসবাদৰ বিষয়ে চমুকৈ লিখা। (Write briefly about foreign conflict terrorism and Kinship terrorism?)

উত্তৰঃ কেতিয়াবা কেতিয়াবা সন্ত্ৰাসবাদী গোষ্ঠীয়ে বিদেশী ৰাষ্ট্ৰৰ নাগৰিকৰ বিপক্ষে সন্ত্ৰাসবাদৰ পন্থা অৱলম্বন কৰি নিজৰ ৰাজনৈতিক লক্ষ্য পূৰণ কৰিব বিচাৰে। সাধাৰণতে দেশৰ ভূ-খণ্ডৰ বিচ্ছিন্নতা আদিৰ বাবে সৃষ্টি হোৱা এনে সন্ত্ৰাসবাদী গোষ্ঠীয়ে ৰাজনৈতিক একত্ৰীকৰণ আদিৰ লক্ষ্যৰে এনে কাৰ্য সম্পাদন কৰে। এনেদৰে বিদেশী নাগৰিকৰ বিৰুদ্ধে গ্ৰহণ কৰা সন্ত্ৰাসবাদী কাৰ্যক বিদেশী বিৰোধী সন্ত্ৰাসবাদ বুলিব পাৰি।

কেতিয়াবা কেতিয়াবা কোনো সন্ত্ৰাসবাদী গোষ্ঠীয়ে নিজ দেশৰ জনগণৰ স্বাৰ্থ সুৰক্ষাৰ বাবে সন্ত্ৰাসৰ পন্থা অৱলম্বন কৰে। এনেদৰে নিজৰ জ্ঞাতি-ভাইসকলৰ স্বাৰ্থ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা সন্ত্ৰাসবাদক জ্ঞাতি সন্ত্ৰাসবাদী বুলিব পাৰি। এনে সন্ত্ৰাসবাদত সন্ত্ৰাসবাদী গোটটোৱে হিংসাত্মক কাৰ্য সম্পাদন কৰোতে সাৱধানতা অৱলম্বন কৰিব লগা হয়, যাতে নিজৰ দেশী ভাইসকলৰ একো অপকাৰ নহয়।

১৩। সন্ত্ৰাসবাদৰ বিপক্ষে ৰাষ্ট্ৰসংঘই লোৱা ব্যৱস্থাৱলীৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the measures taken by the United Nations against terrorism?)

উত্তৰঃ সন্ত্ৰাসবাদে বিশ্বজনীন ৰূপ লোৱাত বিশ্ব সম্প্ৰদায়ে ইয়াৰ প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয়। সেই মৰ্মে ৰাষ্ট্ৰসমূহে নিজাকৈ দ্বিপাক্ষিক বা বহুপাক্ষিক চুক্তি, সন্ধি বা বুজা বুজিৰ জৰিয়তে ব্যৱস্থা লোৱাৰ উপৰি ৰাষ্ট্ৰসংঘৰ উদ্যোগতো ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে।

ৰাষ্ট্ৰসংঘই লোৱা ব্যৱস্থাৱলী: ৰাষ্ট্ৰসংঘই ইয়াৰ প্ৰতিষ্ঠাৰ কালৰে পৰাই সন্ত্ৰাসবাদৰ বিপক্ষে ব্যৱস্থা গ্ৰহণ কৰি অহা দেখা গৈছে। ৰাষ্ট্ৰসংঘৰ চনদৰ অনুচ্ছেদ ২ (৪) ত কোৱা হৈছে যে ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই প্ৰত্যেক ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাক সন্মান জনাই শক্তি প্ৰয়োগ বা শক্তি প্ৰয়োগৰ ভাবুকি দিয়াৰ পৰা বিৰত থাকিব। তদুপৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সময়ে সময়ে সন্ত্ৰাসবাদ প্ৰতিৰোধৰ বাবে সন্মিলন, চুক্তিপত্ৰ আদিৰ ব্যৱস্থা কৰিছে। এইসমূহৰ জৰিয়তে ৰাষ্ট্ৰসমূহৰ সংঘবদ্ধ প্ৰচেষ্টাৰে সন্ত্ৰাসবাদৰ দৰে অপৰম্পৰাগত নিৰাপত্তাৰ বিষয়ত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰতিজ্ঞাবদ্ধ হোৱা দেখা গৈছে।

১৪। সৰ্বাত্মক পৰমাণু অস্ত্ৰৰ পৰীক্ষা ৰোধৰ চুক্তিৰ (CTBT) পটভূমি সম্পৰ্কে লিখা। (Write about the background of the Comprehensive Nuclear Test Ban Treaty.)

উত্তৰঃ ১৯৯৫ চনৰ সন্মিলনত পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ চুক্তিৰ (এন.পি.টি) ব্যৰ্থ প্ৰতিশ্ৰুতিৰ ফলত পৰমাণু শক্তিধৰ দেশবোৰ পৰমাণু অস্ত্ৰৰ বিস্ফোৰণ আৰু পৰীক্ষা সম্পূৰ্ণ নিষিদ্ধ কৰাৰ উদ্দেশ্যে চি.টি.বি.টি বা সৰ্বাত্মক পাৰমাণৱিক বিস্ফোৰণ পৰীক্ষণ নিষিদ্ধকৰণৰ বাবে উদ্যোগী হয়। পাৰমাণৱিক নিৰস্ত্ৰীকৰণ সম্পৰ্কে সাম্প্ৰতিক কালত যিমানবোৰ চুক্তি হৈছে, চি.টি.বি.টি সেইবোৰৰ মাজত অন্যতম আৰু গুৰুত্বপূৰ্ণ। 

পৰমাণু অস্ত্ৰ পৰীক্ষা ৰোধ কৰাৰ উদ্দেশ্যেলৈ প্ৰথমতে জেনেভাত ১৯৯৬ চনৰ জুলাই মাহত ৬১ টা দেশত এখন সন্মিলনত কোনো সৰ্বসন্মত সিদ্ধান্ত গৃহীত হোৱা নাই। ভাৰত প্ৰস্তাৱিত চুক্তিটোৰ বিৰোধী আছিল। ভাৰতৰ বিদেশীমন্ত্ৰীয়ে মন্তব্য কৰিছে, সমগ্ৰ বিশ্বকে পৰমাণু অস্ত্ৰ মুক্ত কৰাত পাঁচটা পৰমাণু শক্তিধৰ দেশকে (মাৰ্কিন যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ব্ৰিটেইন, ফ্ৰান্স আৰু চীন) সুনিৰ্দিষ্ট কৰি সময়সীমা জনাব লাগে। ভাৰতৰ বক্তব্য হ’ল কেৱল পৰমাণু অস্ত্ৰ পৰীক্ষা নিষিদ্ধ কৰিলেই বিশ্বৰ মজুত পৰমাণু অস্ত্ৰভাণ্ডাৰ ধ্বংস নহ’ব। বৰঞ্চ বিশ্ব দুখন ভাগত ভাগ হৈ যাব। 

ভাৰতৰ বক্তব্যক খণ্ডন কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰয়ে কৈছে যে, নিৰ্দিষ্ট সময়সীমাৰ মাজত পৰমাণু অস্ত্ৰ ধ্বংস কৰাৰ দাবি মানি লোৱা সম্ভৱপৰ নহয়। ধাপে ধাপেই বিশ্ব পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ ফালে আগুৱাই যাব। যি কি নহওঁক, সন্মিলিত জাতিপুঞ্জৰ সাধাৰণ সভাত নতুন কৰি প্ৰস্তাৱ আনি ১৯৯৬ চনৰ ১২ ছেপ্টেম্বৰৰ মাজত চুক্তিটোক অনুমোদন কৰি লোৱা হয়। সাধাৰণ সভাৰ ১৮৫ সদস্যৰ মাজত ১৫৮ টা ভোট চি.টি.বি.টি প্ৰস্তাৱ পাছ হয়। এই চুক্তিৰ প্ৰধান ব্যক্তি হৈছে ডাচ কূটনীতিক জাপ ৰামকেৰ।

১৫। জাতিসংঘৰ বিফলতাৰ কাৰণবোৰ উল্লেখ কৰা। (What are the main organs of the United Nations?)

উত্তৰঃ প্ৰথম বিশ্বযুদ্ধৰ ভয়াবহতাই পৃথিৱীৰ বহুতো শান্তিকামী লোককে বাৰুকৈয়ে সচকিত কৰিছিল। আমেৰিকাৰ তেতিয়াৰ ৰাষ্ট্ৰপতি উইদ্ৰ উইলচনে তেওঁৰ ১৪ দফীয়া শান্তি প্ৰস্তাৱত এটি জাতিসংঘ প্ৰতিষ্ঠাৰ পোষকতা কৰিছিল। আন্তৰ্জাতিক শান্তি প্ৰতিষ্ঠাৰ আদৰ্শৰে জাতিসংঘৰ জন্ম হয়। প্ৰথম অৱস্থাত জাতিসংঘই শান্তি প্ৰতিষ্ঠা কৰিব পাৰিলেও ই বিফল হয়।

তলত কাৰণসমূহ উল্লেখ কৰা হ’ল-

(ক) জাতিসংঘই সৰু সৰু দেশৰ বিবাদসমূহ সুকলমে সমাধান কৰিলেও বৃহৎ শক্তিৰ স্বাৰ্থ জড়িত বিবাদ মীমাংসা কৰিব পৰা নাছিল।

(খ) সেই সময়ৰ দুটা বৃহৎ শক্তি আমেৰিকা আৰু ছোভিয়েট ৰাছিয়া জাতিসংঘৰ প্ৰতিষ্ঠাপক সদস্য পদত নাছিল। জাৰ্মানী প্ৰথম অৱস্থাত সভ্য নাছিল। ১৯৩৩ চনত জাপান আৰু জাৰ্মানী আৰু ১৯৩৭ চনত ইটালীয়ে সদস্য পদ ইস্তাফা দিছিল। ফলত আৰম্ভণিৰে পৰা জাতিসংঘ দুৰ্বল আছিল।

(গ) জাতিসংঘৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা আছিল নিজস্ব সৈন্যবাহিনী নথকাটো। দোষী সদস্য ৰাষ্ট্ৰক শক্তি দিবলৈ জাতিসংঘৰ কোনো নিজা সামৰিক শক্তি নাছিল। ফলত জাতিসংঘই কোনোধৰণৰ প্ৰত্যক্ষ পদক্ষেপ ল’ব পৰা নাছিল।

(ঘ) জাতিসংঘৰ সৃষ্টি ভাৰ্চাই সন্ধিৰ এটি দফা মতেই হৈছিল। জাৰ্মানীয়ে ভাৰ্চাই সন্ধি অৱমাননা কৰাৰ পিছত জাতিসংঘৰো পতন অৱশ্যম্ভাৱী হৈ পৰিছিল।

(ঙ) বিজিত দেশসমূহে জাৰ্মানীৰ প্ৰতি সদায়ে বৈৰীভাৱে প্ৰদৰ্শন কৰি আহিছিল। জাতিসংঘৰ সদস্যপদ গ্ৰহণ কৰাৰ পিছতো জাৰ্মানীক সমজ্ঞানেৰে ব্যৱহাৰ কৰা হোৱা নাছিল।

স্বাভাৱিকতে জাতিসংঘ আছিল অন্তৰ্নিহিতভাৱে দুৰ্বল আন্তৰ্জাতিক অনুষ্ঠান। বিশ্বশান্তি ৰক্ষাৰ স্বাৰ্থত কোনো সদস্যই নিষ্ঠাৰে প্ৰচেষ্টা চলোৱা নাছিল। জাতিসংঘ পতন হ’লেও ই আন্তৰ্জাতিক অনুষ্ঠান জন্ম দিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ৰাষ্ট্ৰসংঘ জন্ম জাতি সংঘৰ অভিজ্ঞতাৰ ফলশ্ৰুতি।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

১। জাতিসংঘৰ লক্ষ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা। জাতিসংঘ কিয় পতন ঘটিল? (Write about the goals and functions of the United Nations? Why did the UN decline?)

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি উদ্ৰো উইলচনকে এই মহান অনুষ্ঠানটোৰ জনক আখ্যা দিব পাৰি। উইলছনে পেৰিছৰ শান্তি আলোচনাৰ ফালৰ যি চৈধ্য দফীয়া সূত্ৰ দাঙি ধৰিছিল, তাৰ শেষৰ দফাটোত বিশ্বাশান্তি, স্বাধীনতা আৰু নিৰাপত্তা ৰক্ষাৰ অৰ্থে এক আন্তৰ্জাতিক প্ৰতিষ্ঠান গঢ়াৰ ওপৰত গুৰুত্ব দিছিল। তেওঁৰ এই মহান প্ৰস্তাৱক ভিত্তি কৰিয়েই গঢ়ি উঠিছিল জাতিসংঘৰ। 

আন্তৰ্জাতিক সহযোগিতাৰ মাজেৰে ন্যায় আৰু সুবিচাৰৰ ভিত্তিত শান্তি প্ৰিয় মানুহৰ এক নতুন পৃথিৱী গঢ়াৰ মহান উদ্দেশ্যলৈ জাতিসংঘৰ জন্ম দিছিল। ভাছাই সন্ধিতে উইলচনৰ একান্ত চেষ্টাত এই অনুষ্ঠানটো গঢ়াৰ বিশেষ প্ৰস্তাৱ লোৱা হৈছিল। প্ৰথম মহাসমৰৰ ধ্বংসলীলা দেখি যুদ্ধৰ প্ৰতি মানুহৰ প্ৰৱল বিতৃষ্ণা জন্মিল। ধ্বংসাৱহ যুদ্ধৰ গৰাহৰ পৰা ভৱিষ্যত মানৱজাতিক ৰক্ষা কৰিবলৈ, প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ লগে লগে বিভিন্ন স্বাধীন ৰাষ্ট্ৰসমূহকলৈ এক আন্তৰ্জাতিক শান্তি অনুষ্ঠান স্থাপিত হৈছিল যাৰ নাম ৰখা হৈছিল জাতিসংঘ।

জাতিসংঘৰ উদ্দেশ্যবোৰ নিয়াৰিকৈ কাৰ্যকৰী কৰিবলৈ প্ৰধানকৈ সাধাৰণ সভা, কাৰ্য-নিৰ্বাহক সমিতি, স্থায়ী সচিবালয় আৰু আন্তৰ্জাতিক বিচাৰালয় এই চাৰিটা সংগঠন আছিল। জাতিসংঘ সদস্য সকলোবোৰ ৰাষ্ট্ৰই সাধাৰণ সভা বা জেনেৰেল এছেম্বলীৰ সদস্য। এই সভাই জাতিসংঘৰ সভাপিত নিৰ্বাচন কৰিছিল। ইংলেণ্ড, ফ্ৰান্স, ইটালী আৰু জাপান কাৰ্য-নিৰ্বাহক সমিতি বা কউন্সিলৰ স্থায়ী সভ্য আছিল। তদুপৰি ভালেমান অস্থায়ী সদস্য আছিল। সচিবালয় বা চেক্ৰেটেৰিয়েটৰ মূখ্য কাৰ্যালয় আছিল জেনেভাত, আন্তৰ্জাতিক বিচাৰালয়ৰ কাৰ্যালয় আছিল হেগত।

জাতিসংঘৰ সভ্য হ’বলৈ হ’লে সাধাৰণ সভাৰ দুই তৃতীয়াংশৰ সন্মতি পালেহে সভ্য হ’ব পাৰিছিল আৰু নীতি-নিয়ম মানি চলাৰ প্ৰতিশ্ৰুতি দিব লাগিছিল। জাতিসংঘৰ প্ৰকৃত কাৰ্য ১৯২০ চনৰ পৰা আৰম্ভ হৈছিল। ১৯৩৫ খ্ৰীঃত ইয়াৰ সভ্য সংখ্যা আছিল ৬২। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চেষ্টাতে এই অনুষ্ঠানৰ জন্ম হৈছিল যদিও আমেৰিকাই ইয়াৰ সভ্য হোৱা নাছিল।

জাতিসংঘৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ’ল। যেনে-

(ক) জাতিসংঘৰ উদ্দেশ্য হ’ল বিশ্বশান্তি ৰক্ষা কৰা। 

(খ) জাতিসংঘৰ উদ্দেশ্য হ’ল ভৱিষ্যত যুদ্ধৰ পৰা বিশ্বক ৰক্ষা কৰা। আৰু

(গ) জাতিসংঘৰ উদ্দেশ্য হ’ল অস্ত্ৰ সম্বৰণ কৰা।

(ঘ) যুদ্ধত লিপ্ত নহ’বলৈ, সভ্যসকলৰ মাজত প্রকাশ্য, ন্যায়সংগত আৰু সন্মানজনক সম্বন্ধ বজায় ৰাখিবলৈ, সকলোকে আন্তৰ্জাতিক আইন অনুযায়ী কাম কৰিবলৈ আৰু ইতিমধ্যে হোৱা সন্ধিসমূহ সকলোকে মানি চলিবলৈ সোঁৱৰাই দিয়া হৈছিল।

(ঙ) জাতিসংঘৰ যুদ্ধৰ ভাবুকি দিয়া ৰাষ্ট্ৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বিবাদবোৰ মীমাংসা কৰাৰ বাবে মধ্যস্থতা কৰাৰ আৰু সদস্য ৰাষ্ট্ৰসমূহৰ অৰ্থনীতি, শিক্ষা, সংস্কৃতি আদি নানা কল্যাণমূলক দায়িত্ব পালনৰ কথা দোহাৰিছিল।

(চ) শান্তি-সম্প্ৰীতি আৰু মানৱ কল্যাণৰ মহান উদ্দেশ্যলৈ এই আন্তৰ্জাতিক অনুষ্ঠানটো গঢ়ি উঠিছিল।

জাতিসংঘৰ কাৰ্যাৱলীসমূহ তলত উল্লেখ কৰা হ’ল-

সামাজিক কামত জাতিসংঘই যথেষ্ট দক্ষতা সহকাৰে বিশ্বৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক নানা পৰিসংখ্যা সংগ্ৰহ কৰি বিশ্ব মানৱ সমাজলৈ যথেষ্ট বৰঙণি আগবঢ়ালে।

চুইডেন-ফিনলেণ্ড, ইৰাক-তুৰ্কী, কলম্বিয়া-পেৰু আৰু গ্ৰীছ বুলগেৰিয়াৰ মাজত উদ্ভৱ হোৱা বিবাদ জাতিসংঘই কৃতকাৰ্যতাৰে নিষ্পত্তি কৰি যুদ্ধৰ সম্ভাৱনা দূৰ কৰিছিল। এইদৰে জাতিসংঘই একুৰি বছৰত প্ৰায় ৪০ টা ৰাজনৈতিক বিবাদ মীমাংসা কৰিছিল।

মানুহৰ স্বাস্থ্যৰ অনিষ্টকাৰী কানিৰ চোৰাং বাণিজ্য ঘৃণনীয় দাসপ্ৰথা আৰু ভয়াবহ টাইফয়েড বেমাৰ ধ্বংস কৰাৰ ক্ষেত্ৰত এই সংঘই আন্তৰিক চেষ্টা কৰি মানৱ জাতিৰ উপকাৰ কৰিলে।

প্ৰথম মহাসমৰৰ অন্তত পৰাজিত জাৰ্মানী আৰু তুৰ্কীৰ উপনিবেশবিলাক মিত্ৰশক্তিয়ে দখল কৰি লোৱাত যি সমস্যাৰ উদ্ভৱ হৈছিল, সেই ক্ষেত্ৰত জাতিসংঘই এক সুনিৰ্দিষ্ট নীতিলৈ এই উপনিবেশবোৰ জাতিসংঘৰ ‍অধিক্ষণত ৰাখি সুমীমাংসা কৰি দিছিল। এদৰে জাতিসংঘই বহুত কৰিছিল যদিও, বহুতো কৰিবলৈ ব্যৰ্থ হৈছিল।

বিভিন্ন দেশৰ বুদ্ধিজীৱিসকলৰ মাজত সাংস্কৃতিক ভাৱৰ আদান-প্ৰদান বৃদ্ধি কৰিবলৈ জাতিসংঘই চেষ্টা কৰিলে।

শিক্ষাৰ প্ৰসাৰতাৰ বাবে আৰু স্বাস্থ্যবিজ্ঞানৰ উন্নতিকল্পে জাতিসংঘই প্ৰশংসনীয় অৰিহণা আগবঢ়ায়।

আন্তৰ্জাতিক শ্ৰমিক সংঘই শ্ৰমিকসকলৰ নানা সমস্যা শান্তিপূৰ্ণভাৱে সমাধা কৰি শ্ৰমিক শ্ৰেণীৰ মহান কল্যাণ সাধে।

ৰাজনৈতিক ক্ষেত্ৰত কিন্তু জাতিসংঘই আশানুৰূপ কৃতকাৰ্যতা দেখুৱাব নোৱাৰিলে। জাতিসংঘৰ বিশ বছৰীয়া কাৰ্যকাল ভালদৰে পৰ্যালোচনা কৰিলে দেখা যায় যে সৰু সৰু ৰাজ্যৰ মাজত সৃষ্টি হোৱা বিভেগবোৰ নিষ্পত্তি কৰিবলৈও ডাঙৰ শক্তিবোৰৰ মাজত সংঘৰ্ষ সৃষ্টি হ’লেই জাতিসংঘই নিৰ্বিকাৰ হৈ পৰিছিল।

জাতিসংঘই সৰু সৰু শক্তিৰ মাজত হোৱা মীমাংসা কৰি দিছিল যদিও ডাঙৰ শক্তিবোৰৰ দুস্কাৰ্যক বাধা দিব নোৱাৰিলে। বৃহৎ শক্তি ক্ষুদ্ৰ শক্তিৰ মাজত বিবাদৰ সৃষ্টি হ’লে জাতিসংঘই বৃহৎ শক্তিক দোষী বুলি জানিও নিষ্ক্ৰীয় হৈ থাকিছিল। ভৱিষ্যতে যুদ্ধৰ সম্ভাৱনা বন্ধ কৰিবলৈ বৃহৎ শকিবোৰক অস্ত্ৰসম্ভাৰ হ্ৰাস কৰাত জাতিসংঘ ব্যৰ্থ হৈছিল। জাৰ্মানী, ইটালী আৰু জাপানে সকলো নীতি নিয়ম উলংঘা কৰি সম্পূৰ্ণ মইমতালিৰে অইন দেশ আক্ৰমণ কৰাত জাতিসংঘই বাধা দিব নোৱাৰিলে। ক্ষুদ্ৰ শক্তিবোৰৰ সেয়ে সংঘৰ প্ৰতি বিশ্বাস নাইকীয়া হ’ল। ডাঙৰ শক্তিবোৰেও স্বাৰ্থ হানি হোৱাৰ আশংকা কৰি জাতিসংঘৰ প্ৰতি আস্থা কমাই আনিছিল। ১৯৩৩ খ্ৰীঃত জাৰ্মানী আৰু জাপানে ১৯৩৬ খ্ৰীঃত ইটালীয়ে জাতিসংঘৰ পৰা ওলাই আহি দ্বিতীয় মহাসমৰৰ আখৰা আৰম্ভ কৰিছিল। ১৯৩৯ চনত দ্বিতীয় মহাসমৰৰ আৰম্ভণিৰ লগে লগে জাতিসংঘৰ অপমৃত্যু ঘটিল।

জাতিসংঘৰ পতনৰ কাৰণ: জাতিসংঘ বিশ্বত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে গঠন কৰা হৈছিল যদিও ই মূল লক্ষ্যত উপনীত হ’ব নোৱাৰিলে।

ইয়াৰ প্ৰধান কাৰণসমূহ তলত উল্লেখ কৰা হ’ল-

(ক) ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সূচনাই জাতিসংঘৰ ব্যৰ্থতাৰ প্ৰধান কাৰণ। এই যুদ্ধত জয়ী হোৱা ইংলেণ্ডে ফ্ৰান্সক সংকীৰ্ণ আৰু প্ৰতিহিংসা মনোপৰায়ণ মনোভাৱ বৃদ্ধিয়ে জাতিসংঘ পতনৰ কাৰণ।

(খ) জাৰ্মানী, অষ্ট্ৰিয়া আৰু তুৰস্কৰক অপৰাধী বুলি ভাবি প্ৰথম অৱস্থাত জাতিসংঘৰ সদস্য হ’বলৈ দিয়া নাছিল। ৰাছিয়াকো কমিউনিষ্ট চৰকাৰৰ বাবে সদস্য পদৰ পৰা বিৰত ৰখা হৈছিল। এইদৰে এই দেশবোৰৰ অনুভূতিক অৱমাননা কৰাৰ পিছত সদস্য পদ দিয়া হৈছিল যদিও সংঘৰ প্ৰতি এই ৰাষ্ট্ৰবোৰৰ আস্থা নাছিল।

(গ) জাতিসংঘৰ পতনৰ আন এটা কাৰণ হৈছে এই সংঘই শান্তি স্থাপন আৰু যুদ্ধৰ সম্ভাৱনাক বাধা দিয়াতকৈ সাম্ৰাজ্য লিন্সো জাতি কিছুমানৰ স্বাৰ্থ পূৰণৰ ওপৰত গুৰুত্ব দিছিল।

(ঘ) ভাছা সন্ধিৰ লগত জাতিসংঘৰ চুক্তিসমূহ সাঙুৰি দিয়াও জাতিসংঘৰ পতনৰ আন এটা কাৰণ। বহুতো দেশে এই সন্ধিক প্ৰতিশোধমূলক আৰু অন্যায় চুক্তি বুলি গণ্য কৰিছিল আৰু এই চুক্তিৰ প্ৰতি থকা বিৰোধ ভাৱৰ বাবেই জাতিসংঘকো বেয়া চকুৰে চাইছিল।

(ঙ) কিছুমান বৃহৎ শক্তি যেনে- ৰাছিয়া, জাৰ্মানী আদিৰ অনুপস্থিতিৰ জাতিসংঘৰ পতনৰ কাৰণ আছিল। জাতিসংঘ গঠনত আমেৰিকাৰ উদ্ৰো উইলচনৰ অৱদান আছিল যদিও আমেৰিকাই ইয়াৰ সভ্য নাছিল। আমেৰিকা ইয়াৰ পৰা আঁতৰি থকাও ইয়াৰ পতনৰ আন এক কাৰণ।

(চ) জাপান, জাৰ্মানী, ইটালী, স্পেইন আদিত একনায়কত্ববাদৰ প্ৰতিষ্ঠা হোৱাৰ বাবেও জাতিসংঘ দুর্বল হৈ পৰিছিল। একনায়কত্ববাদে জাতিসংঘৰ গণতান্ত্ৰিক পদ্ধতি বিশ্বাস নকৰাৰ বাবেই এই ৰাষ্ট্ৰবোৰে জাতিসংঘৰ পৰা ওলাই আহি সাম্ৰাজ্যবাদী নীতি অনুসৰণ কৰিছিল। ফলত জাতিসংঘ মৃত্যু মুখত পৰিব লগা হ’ল।

(ছ) জাতিসংঘৰ নিজা কোনো সামৰিক শক্তি নাছিল বাবেই সংঘৰ নীতিক উলংঘা কৰা দেশক কোনো ধৰণৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰিছিল। ফলত বহুতো শক্তিশালী দেশে জাতিসংঘক ভয় কৰা নাছিল।

২। ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থাৰ ভূমিকাসমূহ লিখা। (Write about the role of education, science and cultural organizations in the United Nations?)

উত্তৰঃ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিক সংগঠন ৰাষ্ট্ৰসংঘৰ এটা বিশেষ অংগ। ১৯৪৬ চনৰ নৱেম্বৰ মাহত এই সংগঠনটোক সৃষ্টি কৰা হৈছিল। বিভিন্ন দেশৰ লোকৰ মাজত শিক্ষা বিস্তাৰ কৰি আৰু ভাবৰ আদান-প্ৰদান কৰি শান্তিৰ পৰিৱেশ সৃষ্টি কৰাই হৈছে এই সংগঠনৰ উদ্দেশ্য। ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰহ এই সংগঠনৰো সদস্য। আনকি ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত নোহোৱা দেশকো এই সংগঠনৰ সদস্যভুক্ত কৰাৰ ব্যৱস্থা আছে।

ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠনৰ তিনিটা বিভাগ আছে। এই তিনিটা বিভাগ হৈছে ক্ৰমান্বয়ে সাধাৰণ সভা, কাৰ্যনিৰ্বাহক ব’ৰ্ড আৰু সচিবালয়। শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠনৰ এটা সচিবালয় আছে।

সদস্য ৰাষ্ট্ৰসমূহৰ মাজত শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিৰ বিষয়ত সহযোগিতাৰ সৃষ্টি কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰাই হৈছে সংগঠনৰ প্ৰধান উদ্দেশ্য। এই সংগঠনে ল’ৰা-ছোৱালী আৰু প্ৰাপ্তবয়স্ক লোকসকলৰ মাজত শিক্ষা বিস্তাৰৰ কাৰণে গুৰুত্ব দি আহিছে। এই উদ্দেশ্য দ্বিতীয় মহাসমৰৰ সময়তে ধ্বংস হোৱা পুথিভঁৰাল, সংগ্ৰাহালয়, শিক্ষানুষ্ঠান আদি পুনৰ উদ্ধাৰ কৰাৰ বিষয়ত এই সংগঠনে গুৰুত্ব দিছে। পৃথিৱীৰ পৰা নিৰক্ষৰতা নাইকিয়া কৰাৰ ওপৰতে এই সংগঠনে গুৰুত্ব দি আহিছে। শিক্ষাৰ লগত বিজ্ঞানক জড়িত কৰি প্ৰাথমিক আৰু মাধ্যমিক পৰ্য্যায়ৰ শিক্ষানুষ্ঠানসমূহত বিজ্ঞান শিক্ষাৰ ওপৰত এই সংগঠনে গুৰুত্ব দি আহিছে। বিভিন্ন দেশৰ বৈজ্ঞানিক সকলৰ মাজত সহযোগিতাৰ সৃষ্টি কৰি এই সংগঠনে বিজ্ঞান শিক্ষাৰ পথ মুকলি কৰাত সহায় কৰিছে। এই সংগঠনে অতীতৰ ঐতিহ্য ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দি আহিছে।

৩। বিশ্বশান্তি প্ৰতিষ্ঠাত জাতিসংঘৰ অৱদান মূল্যায়ন কৰা। (Evaluate the contribution of the United Nations in the establishment of world peace ?)

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি উদ্ৰো উইলচনকে এই মহান অনুষ্ঠানটোৰ জনক আখ্যা দিব পাৰি। উইলছনে পেৰিছৰ শান্তি আলোচনাৰ ফালৰ যি চৈধ্য দফীয়া সূত্ৰ দাঙি ধৰিছিল, তাৰ শেষৰ দফাটোত বিশ্বাশান্তি, স্বাধীনতা আৰু নিৰাপত্তা ৰক্ষাৰ অৰ্থে এক আন্তৰ্জাতিক প্ৰতিষ্ঠান গঢ়াৰ ওপৰত গুৰুত্ব দিছিল। তেওঁৰ এই মহান প্ৰস্তাৱক ভিত্তি কৰিয়েই গঢ়ি উঠিছিল জাতিসংঘৰ। 

আন্তৰ্জাতিক সহযোগিতাৰ মাজেৰে ন্যায় আৰু সুবিচাৰৰ ভিত্তিত শান্তি প্ৰিয় মানুহৰ এক নতুন পৃথিৱী গঢ়াৰ মহান উদ্দেশ্যলৈ জাতিসংঘৰ জন্ম দিছিল। ভাছাই সন্ধিতে উইলচনৰ একান্ত চেষ্টাত এই অনুষ্ঠানটো গঢ়াৰ বিশেষ প্ৰস্তাৱ লোৱা হৈছিল। প্ৰথম মহাসমৰৰ ধ্বংসলীলা দেখি যুদ্ধৰ প্ৰতি মানুহৰ প্ৰৱল বিতৃষ্ণা জন্মিল। ধ্বংসাৱহ যুদ্ধৰ গৰাহৰ পৰা ভৱিষ্যত মানৱজাতিক ৰক্ষা কৰিবলৈ, প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ লগে লগে বিভিন্ন স্বাধীন ৰাষ্ট্ৰসমূহকলৈ এক আন্তৰ্জাতিক শান্তি অনুষ্ঠান স্থাপিত হৈছিল যাৰ নাম ৰখা হৈছিল জাতিসংঘ।

জাতিসংঘৰ উদ্দেশ্যবোৰ নিয়াৰিকৈ কাৰ্যকৰী কৰিবলৈ প্রধানকৈ সাধাৰণ সভা, কাৰ্য-নিৰ্বাহক সমিতি, স্থায়ী সচিবালয় আৰু আন্তৰ্জাতিক বিচাৰালয় এই চাৰিটা সংগঠন আছিল। জাতিসংঘ সদস্য সকলোবোৰ ৰাষ্ট্ৰই সাধাৰণ সভা বা জেনেৰেল এছেম্বলীৰ সদস্য। এই সভাই জাতিসংঘৰ সভাপিত নিৰ্বাচন কৰিছিল। ইংলেণ্ড, ফ্ৰান্স, ইটালী আৰু জাপান কাৰ্য-নিৰ্বাহক সমিতি বা কউন্সিলৰ স্থায়ী সভ্য আছিল। তদুপৰি ভালেমান অস্থায়ী সদস্য আছিল। সচিবালয় বা চেক্ৰেটেৰিয়েটৰ মূখ্য কাৰ্যালয় আছিল জেনেভাত, আন্তৰ্জাতিক বিচাৰালয়ৰ কাৰ্যালয় আছিল হেগত।

জাতিসংঘৰ সভ্য হ’বলৈ হ’লে সাধাৰণ সভাৰ দুই তৃতীয়াংশৰ সন্মতি পালেহে সভ্য হ’ব পাৰিছিল আৰু নীতি-নিয়ম মানি চলাৰ প্ৰতিশ্ৰুতি দিব লাগিছিল। জাতিসংঘৰ প্ৰকৃত কাৰ্য ১৯২০ চনৰ পৰা আৰম্ভ হৈছিল। ১৯৩৫ খ্ৰীঃত ইয়াৰ সভ্য সংখ্যা আছিল ৬২। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চেষ্টাতে এই অনুষ্ঠানৰ জন্ম হৈছিল যদিও আমেৰিকাই ইয়াৰ সভ্য হোৱা নাছিল। জাতিসংঘৰ কাৰ্যাৱলীসমূহ তলত উল্লেখ কৰা হ’ল।

সামাজিক কামত জাতিসংঘই যথেষ্ট দক্ষতা সহকাৰে বিশ্বৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক নানা পৰিসংখ্যা সংগ্ৰহ কৰি বিশ্ব মানৱ সমাজলৈ যথেষ্ট বৰঙণি আগবঢ়ালে।

চুইডেন-ফিনলেণ্ড, ইৰাক-তুৰ্কী, কলম্বিয়া-পেৰু আৰু গ্ৰীছ বুলগেৰিয়াৰ মাজত উদ্ভৱ হোৱা বিবাহ জাতিসংঘই কৃতকাৰ্যতাৰে নিষ্পত্তি কৰি যুদ্ধৰ সম্ভাৱনা দূৰ কৰিছিল। এইদৰে জাতিসংঘই একুৰি বছৰত প্ৰায় ৪০ টা ৰাজনৈতিক বিবাহ মীমাংসা কৰিছিল।

মানুহৰ স্বাস্থ্যৰ অনিষ্টকাৰী কানিৰ চোৰাং বাণিজ্য ঘৃণনীয় দাসপ্ৰথা আৰু ভয়াবহ টাইফয়েড বেমাৰ ধ্বংস কৰাৰ ক্ষেত্ৰত এই সংঘই আন্তৰিক চেষ্টা কৰি মানৱজাতিৰ উপকাৰ কৰিলে।

প্ৰথম মহাসমৰৰ অন্তত পৰাজিত জাৰ্মানী আৰু তুৰ্কীৰ উপনিবেশবিলাক মিত্ৰশক্তিয়ে দখল কৰি লোৱাত যি সমস্যাৰ উদ্ভৱ হৈছিল, সেই ক্ষেত্ৰত জাতিসংঘই এক সুনিৰ্দ্দিষ্ট নীতিলৈ এই উপনিবেশবোৰ জাতিসংঘৰ অধিক্ষণত ৰাখি সুমীমাংসা কৰি দিছিল। এদৰে জাতিসংঘই বহুত কৰিছিল যদিও, বহুতো কৰিবলৈ ব্যৰ্থ হৈছিল।

৪। ৰাষ্ট্ৰসংঘৰ সাধাৰণসভাৰ গঠন, কাৰ্যাৱলী আৰু ভূমিকাৰ বিষয়ে ব্যাখ্যা কৰা। (Explain the functions and role of the General Assembly of the United Nations?)

উত্তৰঃ সাধাৰণসভা হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগসমূহৰ ভিতৰত উল্লেখনীয়। এই সভা ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰক লৈ গঠিত হৈছে। এই সভালৈ প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰই পাঁচজনকৈ সদস্য পঠিয়াব লাগে যদিও সেই সদস্য ৰাষ্ট্ৰবোৰে কেৱল এটাকৈহে ভোট প্ৰদান কৰাৰ অধিকাৰ আছে।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশন বছৰত এবাৰকৈহে অনুষ্ঠিত হয়। সাধাৰণসভাৰ অধিৱেশন প্ৰতিবছৰৰ ছেপ্টেম্বৰ মাহত আৰম্ভ হৈ বছৰৰ শেষলৈকে চলি থাকে। সচিব প্ৰধানে নিৰাপত্তা পৰিষদৰ অৰ্দ্ধসংখ্যক সদস্যৰ অনুৰোধ অনুসৰি বিশেষ অধিৱেশন আহ্বান কৰিব পাৰে।

সাধাৰণ সভাৰ কাৰণে ৰাষ্ট্ৰসংঘৰ সদস্যসকলে প্ৰতি বছৰে এজন সভাপতি নিৰ্বাচিত কৰে। সংখ্যাগৰিষ্ঠ সদস্যৰ সমৰ্থনত সাধাৰণ সভাৰ প্ৰায়বোৰ সিদ্ধান্তই গ্ৰহণ কৰা হয় আৰু গৃহীত হয়। কিন্তু দুই তৃতীয়াংশ সদস্যৰ সমৰ্থনতহে বিশেষ বিশেষ বিষয়ত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰয়োজন হয়।

সাধাৰণসভাৰ ক্ষমতা আৰু কাৰ্য : সাধাৰণ সভাৰ ক্ষমতা আৰু কাৰ্যসমূহ তলত উল্লেখ কৰা হ’ল-

(ক) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ চনদত সন্নিৱিষ্ট বিষয় বা ইয়াৰ কোনো অংগৰ লগত সম্পৰ্কযুক্ত বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে। যিবোৰ বিষয়ে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তাত ব্যাঘাত জন্মায় তেনে বিষয়ৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। নিৰাপত্তা পৰিষদৰ বিচাৰাধীন কোনো আন্তৰ্জাতিক সমস্যা সম্পৰ্কত সাধাৰণ সভাই পৰামৰ্শ আগবঢ়াব পাৰে।

(খ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই আন্তৰ্জাতিক সহযোগিতা বৃদ্ধি, আন্তৰ্জাতিক আইনৰ গুৰুত্ব বৃদ্ধি কৰা আদিৰ ক্ষেত্ৰত পৰামৰ্শ দিব পাৰে।

(গ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই আন্তৰ্জাতিক সহযোগিতা বৃদ্ধি আৰু মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাসমূহ সকলোৱে যাতে উপলব্ধি কৰিব পাৰে তাৰ বাবে অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, স্বাস্থ্য আদিৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াব পাৰে।

(ঘ) ৰাষ্ট্ৰসংঘৰ সাধাৰণসভাই নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক ন্যাসৰক্ষী পৰিষদৰ সকলো সদস্য আৰু অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যসকলক নিৰ্বাচিত কৰিব পাৰে।

(ঙ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিৰাপত্তা পৰিষদ আৰু অন্যান্য সংস্থাসমূহে (যিবোৰ ৰাষ্ট্ৰসংঘৰ অন্তৰ্ভুক্ত) দাখিল কৰা বিত্তীয় বাজেট সম্পৰ্কত আলোচনা কৰে। এই ক্ষেত্ৰত সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ সকলো বোজা বহন কৰিব পাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে।

(চ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহ আৰু অন্যান্য অংশ কাৰ্যসমূহ প্ৰতিবেদন সম্পৰ্কত আলোচনা কৰিব লাগে।

(ছ) সাধাৰণ সভাই সচিবালয়ৰ কৰ্মচাৰী সকলৰ নিযুক্তি সংক্রান্তীয় প্ৰক্ৰিয়াও স্থিৰ কৰিব লাগে। তদুপৰি সাধাৰণ সভাৰ অন্তৰ্গত ন্যাসৰক্ষী পৰিষদে ইয়াৰ অন্তৰ্গত অঞ্চলসমূহ সাধাৰণ সভাৰ তত্বাৱধানত পৰিচালনা কৰে।

৫। ৰাষ্ট্ৰসংঘৰ সংস্কাৰ প্ৰধানকৈ নিৰাপত্তা পৰিষদৰ পুনৰ সংস্কাৰ বুজায়। তুমি এই উক্তিটোৰ লগত একমত নে? ইয়াৰ সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া। (UN reform is mainly about reforming the Security Council. Do you agree with this statement? Argue for and against.)

উত্তৰঃ ওপৰোক্ত উক্তিটোৰ সৈতে মই একমত। নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ এটা মূখ্য ভাগ, যিটো বিশ্বত শান্তিৰ প্ৰতিষ্টাৰ বাবে দায়িত্ববদ্ধ। ই ১৫ জন সদস্যৰ দ্বাৰা গঠিত – ৫ জন স্থায়ী আৰু ১০ জন অস্থায়ী সদস্য ইয়াত আছে। তাৰোপৰি এই সদস্যবোৰক সাধাৰণ সভাই ২ বছৰৰ বাবে নিৰ্বাচিত কৰে। ৫জন স্থায়ী সদস্যই ‘ভেটো’ ক্ষমতা উপভোগ কৰিব পাৰে কিন্তু যদিও সেই সদস্যসমূহৰ কোনো এজন সদস্যই ঋণাত্মক দৃষ্টিভঙ্গীৰে ভোট দিয়ে তেন্তে কোনো সিদ্ধান্ত ল’ব পৰা নাযায়। নিৰাপত্তা পৰিষদে কোনো স্থায়ী সদস্যৰ বিৰুদ্ধে কোনো সিদ্ধান্ত ল’ব নোৱাৰাটোৱে ই বুজায়। দুখন নাইবা তাতোধিক কোনো দেশৰ মাজত যদি কিবা ঘটনা ঘটে নাইবা যুদ্ধ হয় তেতিয়া নিৰাপত্তা পৰিষদে শান্তিৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। সেই কাৰণে নিৰাপত্তা পৰিষদক ৰাষ্ট্ৰসংঘৰ এটা মুখ্য শক্তিশালী বিভাগ বুলি গণ্য কৰা হয়। ৰাষ্ট্ৰসংঘৰ মাজে মাজে সংস্কাৰ হোৱাটো এই কাৰণেই জৰুৰী কিয়নো ইয়াৰ সদস্য সংখ্যা বঢ়াৰ লগতে পৃথিৱীৰ বিভিন্ন দেশক ইয়াৰ সদস্যভুক্ত কৰা হয়।

৬। ইউৰোপীয় ইউনিয়নৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা। (Discuss the structure, power and functions of the European Union?)

উত্তৰঃ ১৯৫১ চনত ইউৰোপীয় ইউনিয়ন গঠিত হয়। সেইসময়ত বেলজিয়াম, জাৰ্মান, ইটালী, ফ্ৰান্স, নেডাৰলেণ্ড, লাক্সেমাগে পেৰিছ চুক্তিৰ আধাৰত কয়লা আৰু তীখা নামৰ সংস্থাটো গঠন কৰে। ইয়াৰ পাছত ইউৰোপীয় অৰ্থনৈতিক সমাজ আৰু ইউৰোপীয় আণৱিক শক্তি সমাজ নামৰ দুটা সংস্থা ১৯৭১ চনত গঠন কৰা হয়। এই তিনিওটা সংস্থাক একেলগে ইউৰোপীয় সমাজ বুলি কোৱা হয়। 

১৯৯১ চনত এই ইউৰোপীয় সমাজক ইউৰোপীয় ইউনিয়ন নামেৰে নামকৰণ কৰা হয়। প্ৰথম অৱস্থাত এই ইউনিয়নৰ সদস্যৰ সংখ্যা আছিল ছয়খন। কিন্তু ১৯৭১ চনত ইয়াৰ সদস্য সংখ্যা হয়গৈ নখন দেশ আৰু বৰ্তমান ইয়াৰ সদস্যৰ সংখ্যা পোন্ধৰখন দেশলৈ বৃদ্ধি পাইছে। বৰ্তমান ব্ৰিটেইন, পৰ্টুগাল, অষ্ট্ৰিয়া, ফিনলেণ্ড, ডেনমাৰ্ক, আয়াৰলেণ্ড, চুইডেন, স্পেইন আদি দেশো এই ইউনিয়নৰ সদস্যভুক্ত হৈছে।

উদ্দেশ্য আৰু কাৰ্য: ইউৰোপীয় ইউনিয়নৰ উদ্দেশ্যসমূহ হৈছে-

(ক) ইয়াৰ সদস্যভুক্ত দেশবোৰৰ মাজত মূলধন, সামগ্ৰী, শ্ৰমিক সৰবৰাহৰ ক্ষেত্ৰত থকা বিত্তীয় আৰু বাস্তৱিক বাধাৰ পৰিমাণ কমাই অনা।

(খ) সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত সকলো দেশৰ বাবে একে ব্যৱস্থা গ্ৰহণ কৰা।

(গ) ইয়াৰ সদস্য দেশবোৰৰ মাজত অৰ্থনৈতিক নীতিৰ সামঞ্জস্য ৰক্ষা কৰা।

(ঘ) ইয়াৰ সদস্য দেশবোৰৰ মাজত নিজৰ নিজৰ স্বাৰ্থক প্ৰতিফলিত কৰাৰ চেষ্টা চলাবলৈ আৰু বুজাবুজিত উপনীত হ’বলৈ সহায় কৰা।

(ঙ) ই ইউৰোপীয় সংঘৰ আইন শৃংখলা অক্ষুন্ন ৰখা ব্যৱস্থা গ্ৰহণ কৰে। 

(চ) ইয়াৰ মুখ্য কাম হৈছে আইনৰ অনুশাসন, চুক্তিৰ ব্যাখ্যা, সদস্যভুক্ত দেশবোৰ আৰু প্ৰতিষ্ঠানসমূহ, ব্যৱসায় আৰু নাগৰিকসকলৰ মাজত সংঘটিত হোৱা বিবাদ মীমাংসা কৰা। 

(ছ) ই ইউৰোপীয় ঐক্যৰ গতি সঞ্চাৰিত কৰে। 

(জ) ই ইউৰোপীয় সংসদ আৰু পৰিষদে লোৱা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰে।

এই ইউনিয়নৰ প্ৰধান প্ৰতিষ্ঠানসমূহ হ’ল-

(ক) ইউৰোপীয় সংসদ।

(খ) ইউৰোপীয় আয়োজন।

(গ) ইউৰোপীয় পৰিষদ।

(ঘ) ইউৰোপীয় ন্যায়ালয়।

(ঙ) ইউৰোপীয় কেন্দ্ৰীয় বেংক।

(চ) হিচাপ পৰীক্ষাক আদালত।

(ছ) ইউৰোপীয় অৰ্থনৈতিক আৰু সামাজিক সমিতি।

(জ) আঞ্চলিক সমিতি।

(ঝ) ইউৰোপীয় লোকপাল।

৭। ৰাষ্ট্ৰসংঘৰ মূল নীতিসমূহ কি কি? (What are the key principles of the United Nations?)

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সাতটা মূল নীতি ইয়াৰ চনদৰ ২ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে। 

সেইকেইটা হ’ল-

(ক) ৰাষ্ট্ৰসংঘ সদস্য ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতাৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ বাবেই ই সকলো সদস্য ৰাষ্ট্ৰকে সমান বুলি গণ্য কৰিব।

(খ) ৰাষ্ট্ৰসংঘৰ চদনত উল্লেখিত সদস্য ৰাষ্ট্ৰসলৰ  দায়িত্ব আৰু কৰ্তব্যসমূহ সকলো সদস্য ৰাষ্ট্ৰই নিষ্ঠাৰে পালন কৰিব লাগিব।

(গ) আন আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত ৰাষ্ট্ৰসংঘই হস্তক্ষেপ কৰিব নোৱাৰিব। তথাপিও ৰাষ্ট্ৰসংঘই ভীতি প্ৰদৰ্শন বা আক্ৰমণৰ ভীতি প্ৰদৰ্শন আদি কাৰণত আন দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ অধিকাৰ থাকিব।

(ঘ) সকলো ৰাষ্ট্ৰই তেওঁলোকৰ মাজত সংঘটিত হোৱা বিবাদ শান্তিপূৰ্ণভাৱে বিশ্বশান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে মীমাংসা কৰিব।

(ঙ) ৰাষ্ট্ৰসংঘৰ চনতৰ নীতি উলংঘা কৰি সকলো ৰাষ্ট্ৰই ৰাষ্ট্ৰৰ অখণ্ডতা নাইবা ৰাজনৈতিক স্বাধীনতা বিপন্ন কৰিবলৈ ভাবুকি দিয়াৰ পৰা বিৰত থাকিব বা শক্তি প্ৰয়োগৰ পৰা বিৰত থাকিব।

(চ) সকলো ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘই লোৱা সিদ্ধান্ত অনুসৰি কোনো ৰাষ্ট্ৰক সাহাৰ্য দিব আৰু সাহায্য বন্ধ কৰাৰ ক্ষেত্ৰতো ৰাষ্ট্ৰসংঘৰ নিৰ্দেশ মানি চলিব লাগে।

(ছ) আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত নোহোৱা ৰাষ্ট্ৰবোৰেও যাতে ৰাষ্ট্ৰসংঘৰ চনদৰ নিয়মসমূহ মানি চলে তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে।

৮। আন্তঃৰ্জাতিক সন্ত্ৰাসবাদ সম্পৰ্কে এটি চমুটোকা লিখা। (Write a short note on international terrorism?)

উত্তৰঃ সন্ত্ৰাসবাদ বুলি ক’লে সাংবিধানিক আৰু শান্তিপূৰ্ণ পদ্ধতিক আওঁকাণ কৰি সন্ত্ৰাস, বল প্ৰয়োগ, শক্তি প্ৰয়োগ ইত্যাদি হিংসাত্মক পদ্ধতি ব্যৱহাৰৰ জৰিয়তে নিজৰ লক্ষ্যত উপনীত হ’বলৈ চলোৱা প্ৰচেষ্টাক বুজা যায়। সন্ত্ৰাসবাদৰ ফলত ব্যক্তি আৰু দেশে সকলো দিশতে নিৰাপত্তাহীনতাত ভুগিব লগা হয়।

সাম্প্ৰতিক সময়ত সন্ত্ৰাসবাদ চক আন্তঃৰাষ্ট্ৰীয় সমস্যা। সাধাৰণতে যি বিলাক দেশে, স্থানীয়, ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় প্ৰশ্নৰ ক্ষেত্ৰত অসন্তূষ্টি প্ৰকাশ কৰে তেনে দেশতে সন্ত্ৰাসবাদ সমস্যাই গা কৰি উঠে। সন্ত্ৰাসবাদ এক ধ্বংসাত্মক কাৰ্য্য। ইয়াক ৰাষ্ট্ৰীয় চৰকাৰে নিয়ন্ত্ৰণ কৰাত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত চৰকাৰৰ নেতাসকলে প্ৰায়ে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰে কিয়নো চৰকাৰী নেতাৰ সক্রিয় কাৰ্যকলাপত সন্ত্ৰাসবাদীসকলে অসন্তুষ্ট হ’লে নিজৰ লগতে সাধাৰণ জনসাধাৰণৰো ক্ষতি সাধন কৰিব পাৰে বুলি অশিংকা থাকে। সন্ত্ৰাসবাদীসকলে প্ৰত্যক্ষ সংগ্ৰামৰ পৰা বিৰত থাকে। তেওঁলোকে আত্মগোপন কৰি থাকে আৰু সুবিধা বুজি আক্ৰমণ কৰে। সেইবাবে চৰকাৰে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

সন্ত্ৰাসবাদ সৃষ্টিৰ মূলতে আছে অসন্তুষ্টি, উপায়হীনতা আৰু প্ৰয়োজনীয়তা পূৰণৰ লক্ষ্য। কিন্তু সন্ত্ৰাসবাদেৰে কোনো সমস্যা সমাধান কৰিব পৰা নাযায়। ইয়ে ধ্বংস আৰু অশান্তি নমাই আনে। এনে সন্ত্ৰাসবাদে নিজৰ লগতে পৰিয়াল আত্মীয়স্বজনৰ লগতে সমাজ আৰু দেশৰ অনিষ্ট সাধন কৰে।

সন্ত্ৰাসবাদে ধ্বংসহে মাতি আনিছে। ইয়াৰ দ্বাৰা কোনো মহৎ উদ্দেশ্য সাধন নহয়। তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহত সন্ত্ৰাসবাদী কাৰ্য্যকলাপ পূৰ্বৰ তুলনাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ সন্ত্ৰাসবাদী অপৰাধী, চোৰাংচোৱা, ব্যৱসায়ী আৰু ৰাজনীতিবিদসকলৰ মাজত এক গোপন বুজাবুজি পৰিলক্ষিত হৈছে। সেইবাবে চৰকাৰ আৰু ৰাষ্ট্ৰই নাগৰিকসকলক সন্ত্ৰাসবাদৰ আক্ৰমণৰ পৰা সুৰক্ষা প্ৰদানত ব্যৰ্থ হৈছে।

সন্ত্ৰাসবাদে নিৰপৰাধী, নিৰীহ মানুহক হত্যা, অপহৰণ, হাৰাশাস্তি, ভাবুকি, ৰাজহুৱা সা-সম্পদ ধ্বংস কৰিছে। সন্ত্ৰাসবাদে মানৱ জাতিৰ প্ৰতি চৰম ভাবুকি সৃষ্টি কৰিছে। ইয়ে মানৱ অধিকাৰ খৰ্ব কৰিছে। গতিকে সন্ত্ৰাসবাদক সমাজৰ আৰু দেশৰ এক মহাব্যাধি বুলি অভিহিত কৰিব পাৰি।

৯। বিশ্ব সন্ত্ৰাসবাদীৰ কাৰ্যকলাপসমূহ আলোচনা কৰা। (Discuss the activities of world terrorists?)

উত্তৰঃ বিশ্ব সন্ত্ৰাসবাদে পৃথিৱীৰ বহুতো ঠাইত আতঙ্কৰ সৃষ্টি কৰিছে। সন্ত্ৰাসবাদ এতিয়া কোনো এখন দেশৰ আভ্যন্তৰীণ সমস্যা হৈ থকা নাই। যিবিলাক দেশত সন্ত্ৰাসবাদীসকল সক্রিয়, সেইবিলাক দেশে ইয়াৰ পৰা ৰক্ষা পাবৰ বাবে সকলো প্ৰকাৰে চেষ্টা কৰি আছে।

কিছুমান ৰাষ্ট্ৰত সন্ত্ৰাসবাদী কাৰ্যকলাপত চৰকাৰেও সহায় আগবঢ়াইছে। উদাহৰণস্বৰূপে, পাকিস্তান, ইৰাক, ইৰাণ, আফগানিস্থান আদি দেশৰ নাম উল্লেখ কৰিব পাৰি। পাকিস্তানৰ সন্ত্ৰাসবাদীসকলে ভাৰতবৰ্ষৰ অৱস্থাক জুৰুলা কৰি পেলাইছে।

যিকোনো আন্তৰ্জাতিক প্ৰতিযোগিতাত সন্ত্ৰাসবাদে সদায় এক ভাবুকিৰ সৃষ্টি কৰি আহিছে। বিশ্ব সন্ত্ৰাসবাদে পৃথিৱীৰ বিভিন্ন দেশত এনেদৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে যে অলিম্পিক খেলতো ইয়াৰ বিৰুদ্ধে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয়।

বিশ্ব সন্ত্ৰাসবাদে এখন ৰাষ্ট্ৰৰ ভূ-খণ্ডগত অখণ্ডতাক ভাবুকি প্ৰদান কৰিছে। কাৰণ, এখন ৰাষ্ট্ৰই সন্ত্ৰাসবাদীৰ জৰিয়তে আন ৰাষ্ট্ৰত ধ্বংসমূলক কাৰ্যকলাপত সহায় কৰিছে। বিশ্ব সন্ত্ৰাসবাদ আন ৰাষ্ট্ৰৰ সহায়ত গঢ়ি উঠে। পঞ্জাৱ আৰু কাশ্মীৰৰ সন্ত্ৰাসবাদীসকলক পাকিস্তানে সামৰিক প্ৰশিক্ষণ আৰু আধুনিক অস্ত্ৰশস্ত সৰবৰাহ কৰি আছে। 

ওচামা বিন লাডেনৰ নেতৃত্বত গঠিত ‘আল কায়দা’ নামৰ বিশ্ব সন্ত্ৰাসবাদী সংগঠনে গোটেই বিশ্বত আতংকৰ সৃষ্টি কৰিছে। ‘আল কায়দা’ ধ্বংসাত্মক কাৰ্যাৱলীৰ বাবেই আমেৰিকাই আফগানিস্তান আক্ৰমণ কৰি সন্ত্ৰাসবাদীৰ ঘাটি উচ্ছেদ কৰিবলৈ চেষ্টা কৰিছিল।

ভাৰতবৰ্ষ, নেপাল, শ্ৰীলংকা, বাংলাদেশ, পেলেষ্টাইন আদি ৰাষ্ট্ৰত সন্ত্ৰাসবাদীয়ে সদায় আতংকৰ সৃষ্টি কৰি আছে। এই সন্ত্ৰাসবাদীসকলক সেইবিলাক ৰাষ্ট্ৰৰ চৰকাৰে কোনো উপায়ে দমন কৰিব পৰা নাই।

১০। বিশ্ব সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ উপায়সমূহ আলোচনা কৰা। (Discuss ways to eradicate global terrorism?)

উত্তৰঃ সন্ত্ৰাসবাদ এতিয়া কোনো এখন ৰাষ্ট্ৰ বা ইয়াৰ কোনো এটা অঞ্চলৰ ভিতৰত সীমাবদ্ধ নহয়। ই বিশ্বৰ বহুতো ঠাইত বিয়পি পৰিছে। সন্ত্ৰাসবাদে কিছুমান ৰাষ্ট্ৰত সংকটৰ সৃষ্টি কৰিছে। বিশ্ব-সন্ত্ৰাসবাদক এখন ৰাষ্ট্ৰই দমন কৰিব নোৱাৰে। সন্ত্ৰাসবাদে মানৱ সভ্যতাক ধ্বংসৰ ফালে পৰিচালিত কৰিছে। বিশ্ব-সন্ত্ৰাসবাদক নিৰ্মূল কৰিবৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। 

সেই ব্যৱস্থাবিলাক তলত উল্লেখ কৰা হ’ল-

(ক) বিশ্ব সন্ত্ৰাসৰ বিৰুদ্ধে বিশ্বব্যাপী জনমত গঠন কৰিব লাগিব। ইয়াৰ বিৰুদ্ধে বিশ্বৰ জনগণ থিয় নিদিলে ই জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে যাব। সন্ত্ৰাসবাদ বিৰাজ কৰিলে কোনো দেশৰ মানুহে শান্তিত বসবাস কৰিব নোৱাৰে। গতিকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্ব-জনমত গঠন কৰা একান্ত প্ৰয়োজন।

(খ) যিবিলাক ৰাষ্ট্ৰই বিশ্ব-সন্ত্ৰাসবাদৰ প্ৰতি সহায় আৰু সহযোগিতা আগবঢ়ায় সেইবিলাক ৰাষ্ট্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কোনো ৰাষ্ট্ৰই যাতে সন্ত্ৰাসবাদীসকলক প্ৰশ্ৰয় নিদিয়ে তাৰ বাবে সকলো ৰাষ্ট্ৰক সাৱধান কৰিব লাগিব।

(গ) সন্ত্ৰাসবাদে প্ৰথমে ৰাষ্ট্ৰীয় স্তৰত ইয়াৰ কাৰ্যকলাপ সংগঠিত কৰে। গতিকে সন্ত্ৰাসবাদ হ’ল প্ৰথমে কোনো এখন ৰাষ্ট্ৰৰ সমস্যা আৰু সেই ৰাষ্ট্ৰই এই সমস্যা সমাধানৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কেতিয়াবা ৰাষ্ট্ৰীয় স্তৰতো সন্ত্ৰাসবাদৰ ওপৰত প্ৰয়োজনীয় গুৰুত্ব আৰোপ কৰা নহয়। সংশ্লিষ্ট ৰাষ্ট্ৰই ইয়াক অঙ্কুৰতে বিনাশ কৰা উচিত।

(ঘ) সন্ত্ৰাসবাদ বৰ্তমান বিশ্বৰ এটা গুৰুত্বপূৰ্ণ সমস্যা। সেয়েহে এই সমস্যাৰ প্ৰতি ৰাষ্ট্ৰসংঘ সদায় সচেতন থাকিব লাগে। ৰাষ্ট্ৰসংঘই সন্ত্ৰাসবাদ দমনৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন। এই আন্তৰ্জাতিক সংগঠনে সকলো সদস্য ৰাষ্ট্ৰক সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে সতৰ্ক ৰখা দৰকাৰ।

(ঙ) বিশ্ব-সন্ত্ৰাসবাদ নিৰ্মূল কৰিবৰ বাবে ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতা থকা বৰ প্ৰয়োজন। সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত এখন দেশে আন এখন দেশক সকলো প্ৰকাৰে সহায় কৰিব লাগে।

(চ) কিছুমান ৰাষ্ট্ৰই সন্ত্ৰাসবাদৰ বিৰুদ্ধে দুমুখীয়া নীতি গ্ৰহণ কৰা দেখা যায়। সেয়েহে সন্ত্ৰাসবাদক দমন কৰিবৰ বাবে বিশ্বৰ ৰাষ্ট্ৰসমূহে কিছুমান নীতি-নিয়ম ৰচনা কৰা উচিত।

(ছ) সন্ত্ৰাসবাদীসকলক বহুতো ৰাষ্ট্ৰই আশ্ৰয় প্ৰদান কৰে আৰু সেইবিলাকক প্ৰশিক্ষণ দিয়াৰ লগতে অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰে। এনে কাৰ্যৰ পৰা যাতে সকলো ৰাষ্ট্ৰ বিৰত থাকে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

(জ) বহুতো দেশত সন্ত্ৰাসবাদীসকলৰ সৈতে কিছু সংখ্যক জনসাধাৰণ আৰু কিছুমান ৰাজনৈতিক দলে ঘনিষ্ঠ সম্পৰ্ক ৰখা দেখা যায়। কেতিয়াবা কিছুমান ৰাজনৈতিক দলে সন্ত্ৰাসবাদী দলৰ সহায়ত ৰাষ্ট্ৰৰ শাসন ক্ষমতা লাভ কৰে। তাৰোপৰি এতিয়া সন্ত্ৰাসবাদৰ জৰিয়তে নেতৃত্ব লাভ কৰাও সহজ হৈ পৰিছে। এনে ৰাষ্ট্ৰ বিৰোধী লোক আৰু ৰাজনৈতিক দলৰ প্ৰতি এখন দেশৰ জনসাধাৰণ সদায় সজাগ থাকিব লাগে।

(ঝ) সন্ত্ৰাসবাদৰ উদ্ভৱৰ কাৰণবিলাক দূৰ কৰিবৰ বাবে সকলো ৰাষ্ট্ৰই সময়মতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। জনসাধাৰণ দাবীৰ প্ৰতি চৰকাৰ সদায় সচেতন থকা উচিত।

(ঞ) প্ৰত্যেক ৰাষ্ট্ৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী জনমত গঠন কৰিব লাগে। কাৰণ, কোনো এখন দেশৰ জনসাধাৰণৰ সমৰ্থন নাপালে সন্ত্ৰাসবাদে সেই দেশত ইয়াৰ ভেটি স্থাপন কৰিব নোৱাৰে। ৰাষ্ট্ৰীয় ভিত্তিত সন্ত্ৰাসবাদক নিৰ্মূল কৰিব পাৰিলে ই কেতিয়াও বিশ্ব-সন্ত্ৰাসবাদত পৰিণত হ’ব নোৱাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top