আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ কি? ধাৰণা, সংজ্ঞা, কাৰণ, শ্ৰেণী, বৈশিষ্ট্য, সন্ত্রাসবাদ আৰু মানৱ অধিকাৰ, ৰাষ্ট্ৰসংঘই সন্ত্রাসবাদ সম্পৰ্কত গ্ৰহণ কৰা ব্যৱস্থাৱলীসমূহ | What is International Terrorism? Definition, Causes, Class, Characteristics, Human Rights and Terrorism, The measures taken by the United Nations regarding terrorism.

আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদৰ ধাৰণা (Concept of International Terrorism)
সন্ত্রাসবাদ হ’ল এক গোট,যি ৰাষ্ট্ৰৰ বিপৰীতে কাম কৰে। বৰ্তমান বিশ্বৰ আটাইতকৈ ভয়ানক সমস্যা হ’ল সন্ত্রাসবাদ। সন্ত্রাসবাদীৰ কূটাঘাতমূলক কার্যকলাপৰ কাৰণে বিশ্বৰ বিভিন্ন ঠাইত শ শ নিৰপৰাধী লোকৰ প্রাণহানি হোৱাৰ লগতে ৰাষ্ট্ৰবিলাকৰ নিৰাপত্তাও অনিশ্চিত হৈ পৰিছে।
আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদৰ সংজ্ঞা (Definition):
According to Jenkins, “The threat of violence, individual acts of violence or campaign of violence designed primarily to insist fear of terrorism.”
সন্ত্রাসবাদৰ বিৱৰণ (Description of Terrorism)
১। মুছলমান মৌলবাদী সংগঠন আলকায়দাৰ মুৰব্বী ওচামা বীন লাডেনে ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাৰ গৌৰৱ বিশ্বৰ আটাইতকৈ ওখ ভৱন, বিশ্ব বাণিজ্য কেন্দ্রত (World Trade Centre) বিমান আক্রমণ কৰি ক্ষন্তেক সময়ৰ ভিতৰতে ভৱনকেইটা ধ্বংস কৰাৰ লগতে ৪ হাজাৰতকৈও অধিক লোকৰ প্রাণনাশ কৰে।
২। ওচামা বীন লাডেনৰ এনে সন্ত্রাসবাদী কাৰ্যৰ কাৰণে আমেৰিকাই আফগানিস্তানত এখন যুদ্ধৰ সূচনা কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হয়। আমেৰিকা চৰকাৰ আৰু জনগণ এতিয়াও সন্ত্রাসবাদী আক্ৰমণৰ পৰা মুক্ত হ’ব পৰা নাই।
৩। ভাৰততো দীর্ঘদিন ধৰি সময়ে সময়ে সন্ত্রাসবাদী আক্ৰমণ হোৱাৰ ফলত হাজাৰ হাজাৰ লোকে প্রাণ হেৰুওৱাৰ লগতে কোটি কোটি টকাৰ ৰাজহুৱা সা-সম্পত্তিৰ ক্ষতি হৈছে।
৪। কাশ্মীৰত সঘনে সীমান্তৰ সিপাৰৰ পৰা সন্ত্রাসবাদীৰ কার্যকলাপে সেই লোকসকলৰ জীৱন আৰু সা-সম্পত্তিৰ নিৰাপত্তা নোহোৱা কৰিছে।
৫। ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইৰ কেইবাঠাইতো পাকিস্তানৰ পৰা অহা সন্ত্রাসবাদীৰ এটা সৰু দলে তাজ হোটেল, অবেৰয় হোটেল, নাৰিমেন ব্যৱসায় চেণ্টাৰত প্ৰৱেশ কৰি ৫৯ ঘণ্টা জুৰি গুলী বৰ্ষণ কৰাৰ ফলত ভৱনকেইটাৰ বিস্তৰ ক্ষতিৰ লগতে ২৭ জন বিদেশী পৰ্যটকৰ সৈতে প্রায় ২০০ জন লোকে প্রাণ হেৰুৱায় আৰু ৫০০ জনৰ অধিক লোক আঘাতপ্রাপ্ত হৈছিল। সেইদৰে ২০০৮ চনৰ ৩০ অক্টোবৰত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আদি স্থানত সন্ত্রাসবাদীৰ বোমা বিস্ফোৰণৰ ফলত প্রায় ২০০ জনে প্রাণ হেৰুৱাৰ লগতে ৩০০ জনতকৈ অধিক লোক আঘাতপ্রাপ্ত হয়।
৬। ২০০৯ চনৰ জানুৱাৰী মাহতো গুৱাহাটীত দুবাৰকৈ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ফলত ভালেকেইজন লোকৰ মৃত্যুৰ লগতে বহুতো লোক আঘাতপ্রাপ্ত হৈছিল। চৰকাৰী এক তথ্য অনুসৰি ১৯৯৩ চনৰ মাৰ্চ মাহৰ পৰা ২০০৮ চনৰ নৱেম্বৰলৈকে যোৱা ১৫ বছৰত ভাৰতৰ বিভিন্ন নগৰত সন্ত্রাসবাদীয়ে ২৪ বাৰ আক্ৰমণ কৰিছে। বোমা বিস্ফোৰণ, ধাৰাবাহিক বোমা বিস্ফোৰণ, নির্বিচাৰ গুলী চালনা, গ্রেণেড নিক্ষেপ আদিৰে সংঘটিত এই আক্রমণবিলাকত ১,২৩৩ জন লোকৰ মৃত্যু আৰু ৩০৮০ জনতকৈ অধিক লোক আঘাতপ্রাপ্ত হৈছে।
৭। এই সময়ছোৱাৰ ভিতৰতে সন্ত্রাসবাদীয়ে মুম্বাইৰ বিভিন্ন স্থানত ১৩ বাৰ আক্ৰমণ কৰিছিল আৰু এই আক্রমণবিলাকতো ৭৩৪ জন নিহত আৰু ২৪৩০ জন লোক আহত হৈছিল।
৮। পেলেষ্টাইনত সন্ত্রাসবাদী সংগঠনৰ আত্মঘাতী বাহিনীৰ দ্বাৰা ইজৰাইল আক্ৰমণ কৰি বহুতো লোকৰ প্ৰাণহানি কৰিছে। শ্রীলংকাৰ সন্ত্রাসবাদী সংগঠন এল.টি.টি.য়ে তামিলসকলৰ বাবে এখন পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰি শাসনাধিষ্ঠ চৰকাৰৰ বিৰুদ্ধে এখন পূর্ণাংগ যুদ্ধত লিপ্ত হৈছিল। L.T.T.E.ৰ আত্মঘাতী বাহিনীৰ লোকৰ হাতত ভাৰতৰ ভূতপূৰ্ব প্ৰধান মন্ত্ৰী ৰাজীব গান্ধীয়েও প্রাণ বিসর্জন দিব লগা হৈছিল।
৯। আমেৰিকাৰ আক্ৰমণৰ পিছত ইৰাকতো সন্ত্রাসবাদী কূটাঘাতমূলক কাৰ্যৰ ফলত বহুতো আমেৰিকান সৈনিককে ধৰি তাৰ স্থানীয় লোকৰ প্ৰাণ আৰু সম্পত্তিৰ বিনাশ হৈছে। ইৰাণত সন্ত্রাসবাদী সংগঠন হিজবোল্লাৰ উদ্যোগত মুছলমানৰ গোড়া নেতা আয়াতুল্লা খোমানিক শাসনত অধিষ্ঠিত কৰি পশ্চিমীয়া সংস্কৃতিৰ পৃষ্ঠপোষকসকলৰ লগত চিয়া ইছলাম ধর্মপন্থীসকলৰ বিৰুদ্ধে ধর্মযুদ্ধত লিপ্ত হৈ হাজাৰ হাজাৰ চিয়াপন্থীৰ জীৱন বিপদগ্রস্ত কৰি তুলিছিল।
১০। ছোভিয়েট ৰাছিয়াত চেচনীয়া বিদ্রোহীসকলে চলন্ত ৰে’ল, চিনেমা গৃহ, থিয়েটাৰ ভৱনত বোমা বিস্ফোৰণ ঘটাই শ শ নিৰীহ লোকৰ জীৱন নাশ কৰাৰ ঘটনা কাৰো অবিদিত নহয়।
১১। ২০০৪ চনৰ মাৰ্চ মাহত স্পেইনৰ চাৰিখন চলন্ত ৰে’লগাড়ীত সন্ত্রাসবাদীয়ে ১০ টা বোমা বিস্ফোৰণ কৰি, অগ্নি সংযোগ কৰি ৩০০ লোকৰ জীৱন নাশ কৰাৰ লগতে ১৫০০ লোকক চিৰ জীৱনলৈ ঘূণীয়া কৰাৰ ভয়াৱহ প্রতিচ্ছবি এতিয়াও স্পেইন চৰকাৰ আৰু জনসাধাৰণৰ কাৰণে সজীৱ হৈ আছে। বাতৰি মতে ইৰাকৰ যুদ্ধত স্পেইন আমেৰিকাৰ সমৰ্থক হোৱাৰ কাৰণে অলকায়দাই এই বোমা বিস্ফোৰণ সংঘটিত কৰিছিল।
সন্ত্রাসবাদৰ কাৰণসমূহ (Causes of Terrorism)
বৰ্তমান সন্ত্রাসবাদ এক বহল ধাৰণা। এই ধাৰণা একে দিনাই জন্ম হোৱা নাছিল। ই বিভিন্ন কাৰণত বৰ্তমানৰ ৰূপ লৈছে। ইয়াৰ কাৰণসমূহ হ’ল-
১। ৰাষ্ট্ৰবিলাকৰ মাজত পাৰস্পৰিক সম্পৰ্ক বৃদ্ধি পোৱাৰ কাৰণে কোনো সন্ত্রাসবাদী সংগঠনে আন এখন দেশৰ স্বাৰ্থত সন্ত্রাসবাদী কাৰ্য সংগঠিত কৰিব পাৰে।
২। উন্নত পৰিবহণ আৰু প্ৰচাৰ মাধ্যমেও সন্ত্রাসবাদী কার্যকলাপ বৃদ্ধিত অৰিহণা যোগাইছে।
৩। বিজ্ঞানৰ প্ৰসাৰৰ ফলত যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ কাৰণে অতি কম সময়ৰ ভিতৰতে সন্ত্রাসবাদীয়ে নিজ উদ্দেশ্য সাধন কৰি বিশ্বজনমত প্রভাৱান্বিত কৰিব পাৰে।
৪। প্ৰচাৰ কৰাৰ ফলত বিশ্বৰ কোনোবা এখন দেশত সংঘটিত কুটাঘাতমূলক কাৰ্যৰ বিষয়ে অবগত হ’ব পাৰে।
৫। সন্ত্রাসবাদীয়ে ব্যৱহাৰ কৰা অস্ত্র-শস্ত্ৰৰ সৰবৰাহ সহজ লভ্য হোৱাৰ কাৰণে সন্ত্রাসবাদীৰ কাৰ্যকলাপ অধিক হিংসাত্মক আৰু ভয়াবহ হৈ পৰিছে।
৬। দৰিদ্ৰতা ই সন্ত্ৰাসবাদৰ এক মূল কাৰণ হিচাপে পৰিগণিত হৈছে। নৱ প্ৰজন্ম ই আৰ্থিক দিশ উন্নত কৰাৰ বাবে এনে কাৰ্যত নিহিত হৈ পৰে।
৭। আন কিছুমান সন্ত্রাসবাদীয়ে পৃথক বা স্বাধীন ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিও বিভিন্ন সন্ত্রাসবাদী কার্যত লিপ্ত হয়।
৮। কিছুমান উন্নত দেশে অনুন্নত দেশবিলাকৰ ৰাজনৈতিক, সামাজিক, অর্থনৈতিক আদি ক্ষেত্ৰত শোষণ আৰু অমানৱীয় আচৰণ কৰাৰ ফলতো একাংশ লোকে সেই দেশৰ চৰকাৰৰ প্ৰতি বিদ্রোহী হৈ শাসনত অধিষ্ঠিত চৰকাৰক ব্যতিবাজ কৰাৰ কাৰণে সন্ত্রাসবাদী কার্যত লিপ্ত হয়।
৯। কিছুমান দেশৰ লোকে দীর্ঘদিন ধৰি মানৱ অধিকাৰ ভোগ কৰাৰ পৰা বঞ্চিত হোৱাৰ কাৰণেও সন্ত্রাসবাদী সংগঠনে গা কৰি উঠিছে।
১০। কিছুমান ৰাষ্ট্ৰই নিজ ৰাজনৈতিক স্বার্থত বিভিন্ন উগ্রপন্থী সংগঠনক প্রশিক্ষণ আৰু আশ্রয় দিয়াৰ কাৰণেও কিছুমান উগ্রপন্থী সগঠনে নিজ কার্যকলাপ বৃদ্ধি কৰাৰ সুবিধা পাইছে।
১১। ধর্মীয় গোড়ামিৰ কাৰণেও কিছুমান সংগঠনে সন্ত্রাসবাদী কার্যত লিপ্ত হয়। কিছুমান সংগঠনে দেশৰ প্ৰশাসনত ৰাজনৈতিক ধর্মীয় নীতিৰ পোষকতা কৰি সন্ত্রাসবাদী কার্যত লিপ্ত হয়।
১২। জনজাতি লোক তথা ভূমিপুত্ৰসকলৰ দাবী চৰকাৰে আওকাণ কৰাৰ ফলতো সন্ত্রাসবাদীয়ে গা কৰি উঠে। আগৰ তুলনাত বিশ্বৰ প্রায়বিলাক দেশতে বসবাস কৰা জনজাতি লোকসকল শিক্ষিত আৰু ৰাজনৈতিকভাৱে সচেতন হোৱাৰ কাৰণে তেওঁলোকে চৰকাৰৰ পৰা কি কি ক্ষেত্ৰত বঞ্চিত আৰু শোষিত হৈ আহিছে, সেই কথা ভালদৰে উপলব্ধি কৰিবলৈ সক্ষম হোৱাৰ কাৰণে সন্ত্রাসবাদৰ বিকাশ হৈছে।
১৩। বিভিন্ন দেশত গা কৰি উঠা নিবনুৱা সমস্যাও সন্ত্রাসবাদ বিকাশৰ আন এটা কাৰণ। চৰকাৰে নিজ নিজ দেশৰ শিক্ষিত, অর্দ্ধশিক্ষিত নিবনুৱাসকলক কর্ম সংস্থাপন দিব নোৱৰাৰ কাৰণে বহুতো দেশৰ নিবনুৱাসকলৰ একাংশই সন্ত্রাসবাদী কাৰ্যত লিপ্ত হৈ পৰিছে।
১৪। বর্ণবৈষম্যও বিশ্বৰ সন্ত্রাসবাদৰ আন এটা কাৰণ। ভগৱানে সকলো লোককে সমান বুলি বিবেচনা কৰিলেও বিভিন্ন দেশৰ একাংশ লোকে কৃষ্ণাংগ আৰু শ্বেতাংগ লোকৰ মাজত পাৰ্থক্য ৰাখে। বিশেষকৈ শ্বেতাংগ শ্ৰেণীৰ লোকে কৃষ্ণাংগ শ্ৰেণীৰ লোকক সকলো প্ৰকাৰে উৎপীড়ন আৰু শোষণ কৰিছে।
১৫। চোৰাং কাৰবাৰ, ড্ৰাগছ ব্যৱসায়, অস্ত্ৰ সৰবৰাহ আদিৰ ক্ষেত্ৰত চৰকাৰৰ পৰা বাধাগ্রস্ত হৈ একাংশ লোকে চোৰাং ব্যৱসায় কৰিবৰ কাৰণে সন্ত্রাসবাদী কার্যত লিপ্ত হয়।
Sl. No. | CONTENTS |
Unit – 1 | গোলকীকৰণ: ধাৰণা আৰু দৃষ্টিভংগী |
Unit – 2 | বিশ্ব ৰাজনীতিত সমস্যা আৰু প্ৰতিষ্ঠানসমূহ |
Unit – 3 | সমসাময়িক গোলকীয় সমস্যা – I |
Unit – 4 | সমসাময়িক গোলকীয় সমস্যা – II |
Unit – 5 | গোলকীয় পৰিবৰ্তন: ক্ষমতা আৰু প্ৰশাসন |
সন্ত্রাসবাদৰ শ্ৰেণী (Types of Terrorism)
১। ৰাজনৈতিক সন্ত্রাসবাদ (Political Terrorism): যেতিয়া কোনো ৰাজনৈতিক দল বা উগ্রপন্থী সংগঠনে চৰকাৰ সলনি কৰিবলৈ বা নতুন শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ দাবী উত্থাপন কৰি সন্ত্রাসবাদী কার্যত লিপ্ত থাকে, তেনে সন্ত্রাসবাদক ৰাজনৈতিক সন্ত্রাসবাদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে আয়াৰলেণ্ডত আইৰিচ ৰিপাব্লিকান আর্মি (Irish Republican Army), পেলেষ্টাইনৰ মুক্তি সংগঠন (Palestine Liberation Organisation) আদি সংগঠনক ব্রিটেইন আৰু ইজৰাইলে ৰাজনৈতিক উগ্রপন্থী সংগঠন বুলি অভিহিত কৰিছিল।
২। নৃগোষ্ঠীয় সন্ত্রাসবাদ (Ethnic Terrorism): যিবিলাক সংগঠনে নৃগোষ্ঠীয় কর্তৃত্ব স্থাপন কৰা বা নৃগোষ্ঠীয় দাবী মানি ল’বলৈ চৰকাৰৰ বিৰুদ্ধে সন্ত্রাসবাদী কার্যত লিপ্ত থাকে তেনে সন্ত্রাসবাদক নৃগোষ্ঠীয় সন্ত্রাসবাদ (Ethnic Terrorism) বুলি কোৱা হয়। উদাহৰণস্বৰূপে শ্রীলংকাত এল.টি.টি.ই. (LTTE অর্থাৎ Liberation Tiger of Tamil Elarmy) এটা নৃগোষ্ঠীয় সন্ত্রাসবাদী সংগঠন আছিল। এই সংগঠনটোৱে শ্ৰীলংকাৰ তামিলসকলৰ কাৰণে এখন সুকীয়া ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰি শ্ৰীলংকাৰ চৰকাৰৰ বিৰুদ্ধে দীর্ঘদিন ধৰি সশস্ত্ৰ সংগ্ৰামত জড়িত আছিল। অৱশ্যে এই সংগঠনটোৰ নিজ উদ্দেশ্য সাধনত সফল নহ’ল। ১৯৩০ চনত হিটলাৰে জাৰ্মানীত বসবাস কৰা ইহুদীসকলক জার্মান জাতিৰ শ্রেষ্ঠতা প্রমাণ কৰিবলৈ গেছ চেম্বাৰত সুমুৱাই বা অন্য প্ৰকাৰৰ না না যাতনা দি হত্যা কৰিছিল।
৩। ধর্মীয় সন্ত্রাসবাদ (Religious Terrorism): যেতিয়া কোনো ধর্মীয় লোকৰ সংগঠনে নিজ ধৰ্মৰ মৰ্যাদা বা প্রাধান্য সুৰক্ষিত কৰিবলৈ চৰকাৰৰ বিৰুদ্ধে সন্ত্রাসবাদী কার্যত লিপ্ত হয় তেনে সন্ত্রাসবাদক ধর্মীয় সন্ত্রাসবাদ বুলি কোৱা হয়। অলকায়ডা, টালিবান, লস্কৰ ই টৈয়বা আদি সংগঠনবিলাকক ধর্মীয় সন্ত্রাসবাদী সংগঠন বুলি অভিহিত কৰিব পাৰি। এনে সংগঠনৰ কিছুমানে চৰকাৰ ক্ষমতাত অধিষ্ঠিত নিজ ধর্মীয় ৰীতি-নীতিবিলাক দেশখনত সকলো লোকৰ ক্ষেত্ৰতে কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব দিয়ে। সেইদৰে যিবিলাক লোকে ইছলাম ধর্মক কোনো ক্ষেত্রত অবমাননা কৰিছিল তেনে লোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা, সেই অনুপাতে আমেৰিকাই ইছলাম ধর্মক অৱমাননা কৰাৰ কাৰণে অলকায়ডা সংগঠনৰ মৰব্বী ওছামা বীন লাডেনে ২০০১ চনৰ ১১ ছেপ্টেম্বৰত বিমানৰ সহায়ত বিশ্বৰ গৌৰৱ স্বৰূপ আমেৰিকাৰ ট্রেড চেন্টাৰ (Trade Centre) বোমা বৰ্ষণ কৰি ধ্বংস কৰাৰ লগতে তাত কৰ্মৰত কেইবাহাজাৰ লোকবো প্রাণনাশ কৰে। সেইদৰে দীর্ঘদিন ধৰি লস্কৰ ই টেয়বা আৰু তেনে কিছুমান উগ্রপন্থী সংগঠনে সন্ত্রাসবাদী কার্যকলাপেৰে আজাদ কাশ্মীৰ ঘোষণা কৰিবলৈ দাবী জনাই আছে। আফগানিস্তানতো ‘টালিবান’ নামৰ উগ্রপন্থী সংগঠনটোৱে চৰকাৰ বিৰোধী কাৰ্যত লিপ্ত হৈ ইছলাম ধৰ্মৰ বিৰোধীসকলৰ ওপৰত হত্যাযজ্ঞ চলাই আছে।
৪। ৰাষ্ট্র নিয়ন্ত্রিত সন্ত্রাসবাদ (State Terrorism): যেতিয়া শাসনত অধিষ্ঠিত চৰকাৰখনে চৰকাৰ বিৰোধীসকলক মষিমূৰ কৰিবৰ কাৰণে সংগঠিত ৰূপত সন্ত্রাসবাদী কার্যকলাপত জড়িত হয় তেনে সন্ত্রাসবাদক ৰাষ্ট্ৰীয় সন্ত্রাসবাদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে জাৰ্মানীত হিটলাৰে তেওঁৰ শাসনকালত তেওঁৰ বিৰোধীসকলক মষিমূৰ কৰিবৰ বাবে যি কাৰ্য হাতত লৈছিল, তেনে কার্যক ৰাষ্ট্ৰীয় সন্ত্রাসবাদ বুলি কোৱা হৈছিল। আধুনিক কালতো ইউগাৰাৰ ইডি জার্মানে তেওঁৰ অনুগামী নোহোৱাসকলক ভীতি প্ৰদৰ্শন কৰিৱৰ কাৰণে সন্ত্রাসবাদী কাৰ্যত লিপ্ত হৈছিল।
৫। আন্তর্জাতিক সন্ত্রাসবাদ (International Terrorism): যদি কোনো উগ্রপন্থী সংগঠনৰ লগত এখন দেশতকৈ অধিক দেশৰ লোক জড়িত থাকে তেন্তে সেই উগ্রপন্থী সংগঠনক আন্তর্জাতিক উগ্রপন্থী সংগঠন বুলি কোৱা হয়। এনে সন্ত্রাসবাদক সীমান্ত সিপাৰৰ সন্ত্রাসবাদ (Cross Border Terrorism) বুলিও কোৱা হয়। এনে সন্ত্রাসবাদীয়ে আন এখন বা ততোধিক দেশৰ পৰা সন্ত্রাসবাদী কাৰ্যত লিপ্ত হয়। সাধাৰণতে এইবিধ সন্ত্রাসবাদীয়ে যিখন দেশত থাকি সন্ত্রাসবাদী কাৰ্যত লিপ্ত হয় সেইখন দেশৰ চৰকাৰৰ লগত সম্পৰ্ক থাকে। উদাহৰণস্বৰূপে ভাৰতৰ কাশ্মীৰত যোৱা কেইবা দশক জুৰি যি সন্ত্রাসবাদী কার্য সংঘটিত হৈ আছে, সেই কার্যকলাপ পাকিস্তান চৰকাৰৰ পৃষ্ঠপোষকতাত সেই দেশত অলকায়ডা আৰু অন্যান্য সন্ত্রাসবাদী সংগঠনে সংঘটিত কৰি আছে। সীমান্ত সিপাৰৰ সন্ত্রাসবাদ এক অদৃশ্য যুদ্ধ স্বৰূপ। এনে যুদ্ধৰ দ্বাৰা কম খৰচত বিদেশত এটা সমস্যা জীয়াই ৰাখি নিজ উদ্দেশ্যত শত্রুতাৰ প্রতিশোধ হিচাপে কম-বেছি পৰিমাণে ল’ব পাৰে। সেইদৰে ২০০১ চনত আমেৰিকাৰ ট্রেড চেণ্টাৰত ওছামা বীন লাডেন বাহিনীৰ যি ভয়াৱহ আক্রমণ হৈছিল, সেই আক্রমণ আন্তর্জাতিক সন্ত্রাসবাদৰ এক উদাহৰণ। সাধাৰণতে আন্তর্জাতিক সন্ত্রাসবাদে এখন ৰাষ্ট্ৰত নিৰাপত্তাৰ ক্ষেত্ৰত নিজক বিনষ্ট কৰাৰ লগতে আন্তর্জাতিক ক্ষেত্ৰতো প্ৰভাৱান্বিত কৰে।
বর্তমান সময়তো কিছুমান দেশত সন্ত্রাসবাদীক আশ্রয় দিয়াৰ প্ৰৱণতা বৃদ্ধি পোৱা দেখা গৈছে। বিশেষকৈ কিছুমান দেশে সন্ত্রাসবাদক কূটনীতিৰ আৰু শত্রুতাৰ প্রতিশোধৰ এক বিকল্প ব্যৱস্থা হিচাপে গ্রহণ কৰিছে।
আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদৰ বৈশিষ্ট্য (Features of International Terrorism)
১। বিশ্ব সন্ত্রাসবাদে কোনো ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় উদ্দেশ্য লৈ অস্ত্র-শস্ত্র প্ৰয়োগ কৰি মানুহৰ মাজত আতংকৰ সৃষ্টি কৰে।
২। আন্তর্জাতিক সন্ত্রাসবাদে নির্দিষ্ট ব্যক্তিৰ বা ব্যক্তি সমষ্টিৰ ওপৰত আক্ৰমণ কৰে। অৱশ্যে বহুক্ষেত্রত তেওঁলোকে জধে-মধে গুলী বর্ষণ, বোমা বর্ষণ কৰি ধন-জনৰ বিস্তৰ ক্ষতি সাধন কৰে। এই ক্ষেত্ৰত যিকোনো ৰাষ্ট্ৰত তেনেধৰণৰ কাৰ্য কৰিব পাৰে।
৩। আন্তর্জাতিক সন্ত্রাসবাদে সাধাৰণ লোকক মানসিকভাৱে ভীতিগ্রস্ত কৰি, তেওঁলোকৰ দাবীৰ প্ৰতি সমর্থন আদায় কৰাৰ চেষ্টা কৰে।
৪। এনে সন্ত্রাসবাদীৰ আক্ৰমণৰ কোনো সময় নাথাকে। এনে সন্ত্রাসবাদৰ কার্যকলাপ বিশ্ব বিয়পি পৰে।
৫। আন্তর্জাতিক সন্ত্রাসবাদৰ লক্ষ্য বিমান বন্দৰ, হোটেল, বিদেশী নাগৰিক, কূটনীতিবিদ আৰু ইয়াৰ লগত জড়িত অনুষ্ঠান-প্রতিষ্ঠান আদি হ’ব পাৰে।
৬। এনে সন্ত্রাসবাদী সংগঠনে বিমান অপহৰণ, পণবন্দী, বলপূর্বক অপহৰণ, হত্যা, ৰাজহুৱা স্থানত বোমা বিস্ফোৰণ, ধাৰাবাহিক বোমা বিস্ফোৰণ, গুলীবর্ষণ আদি কার্যত লিপ্ত হয়।
সন্ত্রাসবাদ আৰু মানৱ অধিকাৰ (Terrorism and Human Rights)
সন্ত্রাসবাদীয়ে হোটেল, বোলছবি গৃহ আদিত থকা লোকৰ ওপৰত বোমা বিস্ফোৰণ কৰাৰ ফলত নাগৰিকৰ ব্যক্তিগত স্বাধীনতা আৰু নিৰাপত্তাৰ অধিকাৰ উলংঘন হৈছে।
সন্ত্রাসবাদীয়ে ভীতি প্রদর্শন কৰি কোনো লোকৰ পৰা ধন দাবী কৰি নিয়াৰ ফলত নাগৰিকৰ সম্পত্তি অধিকাৰ ভংগ হৈছে। কোনো সংগঠনৰ অপৰাধমূলক কাৰ্যৰ প্ৰতিবাদ কৰাত সন্ত্রাসবাদীয়ে নিৰীহ লোকক নির্যাতন, অপহৰণ কৰাৰ ফলত নাগৰিকৰ মত প্রকাশ সম্পৰ্কীয় অধিকাৰ উলংঘন হৈছে। প্রতিজন লোকৰে আনৰ অধিকাৰৰ প্ৰতি সন্মান জনোৱাৰ যি অধিকাৰ আছে, সেই অধিকাৰো সন্ত্রাসবাদীৰ কাৰ্যকলাপে উলংঘন কৰিছে।
মানৱ অধিকাৰ জাতি, বর্ণ, ধর্ম নির্বিশেষে সকলো লোকে উপভোগ কৰাৰ যি অধিকাৰ আছে সেই অধিকাৰো উপভোগ কৰাত সন্ত্রাসবাদীয়ে বাধাৰ সৃষ্টি কৰিছে। এইদৰে পৰ্যালোচনা কৰি চালে দেখা যায় যে উগ্রপন্থীৰ কার্যকলাপে মানৱ অধিকাৰ সকলো দিশতে উলংঘন কৰিছে। এতিয়ালৈকে উগ্রপন্থী কার্যকলাপ সম্পূৰ্ণৰূপে প্রতিৰোধ কৰাত কোনো চৰকাৰ বা দেশেই সাফল্য অর্জন কৰিব পৰা নাই। গতিকে যেতিয়ালৈকে উগ্রপন্থীৰ কাৰ্যকলাপ নিয়ন্ত্রণ নহয় তেতিয়ালৈকে মানৱ অধিকাৰ উলংঘন নোহোৱাৰ বিষয় লৈ কোনো নিশ্চিত হ’ব নোৱাৰে।
আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদী কার্যকলাপ (International Terrorist Activities)
সন্ত্রাসবাদী কাৰ্যৰ ফলত বিশ্বৰ বহুতো দেশৰ নিৰাপত্তাত অনিশ্চয়তা আহি পৰিছে। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত থকা বহুতো উগ্রপন্থীৰ কাৰ্যকলাপৰ ফলত এই অঞ্চলৰ গুৰুতৰ আইন-শৃংখলা পৰিস্থিতি বিনষ্ট হৈছে। কাশ্মীৰত যোৱা কেইবাবছৰো একেলেথাৰিয়ে জইছ ই মহম্মদ, লস্কৰ ই টৈয়বা, অলকায়দা আদি উগ্রপন্থী সংগঠনবিলাকে সঘনে সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰি থকাৰ কাৰণে চৰকাৰী ভৱন, সম্পত্তি ধ্বংস কৰাৰ লগতে সামৰিক বাহিনী, অর্ধসামৰিক বাহিনী, পুলিচবাহিনী লোকৰ উপৰি বহুতো নিৰীহ লোকৰো প্ৰাণহানি হৈছে। তাৰ স্থায়ী বাসিন্দা কিছুমানেও কাশ্মীৰ ত্যাগ কৰি ভাৰতৰ আন ৰাজ্যত থাকিবলৈ বাধ্য হৈছে। বিশেষকৈ সীমান্তৰ সিপাৰত হোৱা পাকিস্তান প্রৰোচিত সন্ত্রাসবাদীৰ কাৰ্যকলাপৰ ফলতে কাশ্মীৰৰ পৰিস্থিতি অগ্নিগর্ভা হৈ আছে।
১। বিভিন্ন ঠাইত ঘটি থকা ওচামা বিন লাডেন নেতৃত্বাধীন উগ্রপন্থী সংগঠন অলকায়ডাৰ কাৰ্যকলাপে গোটেই বিশ্বতে আতংকৰ সৃষ্টি কৰিছে। এই সংগঠনটোৰ উদ্যোগত ২০০১ চনৰ ১১ ছেপ্টেম্বৰ তাৰিখে আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্ৰৰ ভৱন আৰু সামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত বিমান আক্ৰমণ কৰি ধ্বংস কৰাৰ লগতে হেজাৰ হেজাৰ মানুহৰ প্ৰাণনাশ কৰিছিল। এই সংগঠনটোৰ উদ্যোগত ২০০৪ চনৰ মাৰ্চ মাহত স্পেইনৰ মাদ্রিতত কেইবাখনো চলন্ত ৰে’লগাড়ীত বোমা বিস্ফোৰণ ঘটোৱাত বহুতো লোকৰ প্ৰাণহানি হোৱাৰ লগতে আন বহুতো লোক আঘাতপ্রাপ্ত হৈছিল।
২। অলকায়ডাই বিশ্ব বাণিজ্য কেন্দ্ৰ ধ্বংসৰ কাৰণেই আমেৰিকাই আফগানিস্তান আক্ৰমণ কৰি সন্ত্রাসবাদীৰ ঘাটি উচ্ছেদ কৰিবলৈ চেষ্টা কৰিছিল।
৩। শ্রীলংকাৰ উগ্রপন্থী সংগঠন এল টি টিই (LTTE) য়ে যোৱা দুই দশকতকৈও অধিক কাল তামিলসকলৰ কাৰণে এখন পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰি চৰকাৰ বিৰোধী সন্ত্রাসবাদী কাৰ্যত লিপ্ত হৈ বহুতো ৰাজনৈতিক নেতাক হত্যা কৰাৰ লগতে সামৰিকবাহিনীৰ লগতো সংঘৰ্ষত লিপ্ত হৈছে। ভাৰতৰ প্ৰাক্তন প্রধান মন্ত্ৰী ৰাজীৱ গান্ধীও এই উগ্রপন্থী সংগঠনৰ আক্ৰমণৰ বলি হ’ব লগা হৈছিল।
৪। নেপালৰ মাওবাদী উগ্রপন্থী সংগঠনেও যোৱা কেইবছৰত চৰকাৰ বিৰোধী কাৰ্যত লিপ্ত হৈ নেপালৰ বহুতো সামৰিক, অর্ধসামৰিকবাহিনী আৰু পুলিচবাহিনীৰ লোকক হত্যা কৰাৰ লগতে আন বহুতো লোকক হত্যা-অপহৰণো কৰিছে আৰু চৰকাৰী সা-সম্পত্তিৰো বিস্তৰ ক্ষতিসাধন কৰিছে। এই সংগঠনটোৰ কার্যকলাপ নেপালত এতিয়াও সক্রিয় হৈ আছে।
৫। ছোভিয়েট ৰাছিয়াত চেচান বিদ্রোহীসকলৰ চলন্ত ৰে’লত অগ্নিসংযোগ, আমোদ-প্রমোদ গৃহত বোমা বিস্ফোৰণ, চৰকাৰী ভৱনত বোমা বিস্ফোৰণ আদি কাৰ্যৰ ফলত ৰাষ্ট্ৰখনৰ আইন-শৃংখলাৰ গুৰুত্বৰ পৰিস্থিতিৰ লগতে ইয়াৰ নিৰাপত্তাও অনিশ্চিত হৈ পৰিছে।
৬। ইৰাকত ছাদ্দাম বাহিনীক পৰাস্ত কৰি আমেৰিকাই ইৰাক দখল কৰাৰ পিছতো ইৰাক এতিয়াও শান্ত হোৱা নাই। বিভিন্ন উগ্রপন্থী সংগঠনৰ আক্ৰমণ এতিয়াও ইৰাকৰ বিভিন্ন ঠাইত সংঘটিত হৈ থকাৰ কাৰণে ইয়াৰ আন এখন যুদ্ধৰ সম্ভাৱনাও প্ৰবল হৈ পৰিছে। সেইদৰে ইজৰাইল আৰু পেলেষ্টাইনতো সঘনে হৈ থকা আত্মঘাতী উগ্রপন্থী আক্ৰমণৰ কাৰণে দেশ দুখনৰ নিৰাপত্তা বিঘ্নিত হোৱাৰ লগতে জনসাধাৰণৰ জীৱনো বিপন্ন হৈছে। এটা সময়ত ইৰাণৰ মৌলবাদী সংগঠন হিজ বল্লাই ইৰাণত পশ্চিমীয়া সংস্কৃত প্ৰচাৰৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে গোড়া মৌলবাদী নেতা আয়াতুল্লা খোমানীক শাসনত অধিষ্ঠিত কৰোৱাত সফল হৈছিল। সেইদৰে জাপানৰ উগ্রপন্থী সংগঠন বেড আর্মি (Red Army), আয়াৰলেণ্ডৰ আইৰিছ ৰিপাৱিকান আর্মি (Irish Republican Army)-ৰ সন্ত্রাসমূলক কার্যইও এসময়ত জাপান আৰু ব্রিটেইন আদি দেশত আতংকৰ সৃষ্টি কৰিছিল।
আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ প্রতিৰোধ বিধান (International Measures of Combat Terrorism)
১। আন্তর্জাতিক পর্যায়ত আন্তর্জাতিক সম্মিলন অনুষ্ঠিত কৰি সন্ত্রাসবাদৰ সমস্যাৰ বিষয়ে আলোচনা কৰি ইয়াৰ উৎপত্তি, উৎসবিলাক নিৰাময় কৰিবৰ কাৰণে পৰামৰ্শ দিব পাৰে।
২। কোনো ভয়ংকৰ সন্ত্রাসমূলক কার্য সংঘটিত হ’লে সেই বিষয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা বা নিৰাপত্তা পৰিষদত এখন ৰাষ্ট্ৰৰ নিৰাপত্তাৰ কাৰণে ভাবুকি স্বৰূপ ঘটনা হিচাপে আলোচনা কৰি সেই দিশত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব লাগে।
৩। যিবিলাক ৰাষ্ট্ৰত সন্ত্রাসবাদী সংগঠন আছে, সেই সংগঠনৰ সমস্যাবিলাক সংশ্লিষ্ট ৰাষ্ট্ৰখনৰ চৰকাৰে সন্ত্রাসবাদীসকলৰ লগত আলোচনা কৰি সমাধানৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব লাগে।
৪। ৰাষ্ট্রবিলাকে সন্ত্রাসবাদী কার্যকলাপ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যুদ্ধকালীন তৎপৰতা অৱলম্বন কৰিব লাগে।
৫। কোনো চৰকাৰে আন দেশৰ সন্ত্রাসবাদী সংগঠনক সন্ত্রাসবাদী কাৰ্যকলাপ সংঘটিত কৰিবৰ কাৰণে নিজ দেশত আশ্রয় দিব নালাগে।
৬। সন্ত্রাসবাদী সংগঠনক বিভিন্ন দিশত সাহায্য দিয়া ব্যক্তি, কোম্পানী বা আন তেনে সংগঠন, চৰকাৰ আদিৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিব লাগে।
৭। সন্ত্রাসবাদী সংগঠনৰ বিৰুদ্ধে বিশ্ব জনমত গঢ়ি তুলিব লাগে। বিশ্বৰ বিভিন্ন জাতি, ধর্মাৱলম্বী লোকে একেমুখে সন্ত্রাসবাদী কাৰ্যকলাপক কঠোৰ ভাষাৰে গৰিহণা দিব লাগে।
৮। যিবিলাক ৰাষ্ট্ৰত সন্ত্রাসবাদী সংগঠনৰ কার্যকলাপ বেছি, সেইবিলাক ৰাষ্ট্ৰত চৰকাৰে সন্ত্রাসবাদী কাৰ্যকলাপ বন্ধ কৰাৰ কাৰণে বিশেষ প্রশিক্ষণপ্রাপ্ত গেৰিলা বাহিনী গঠন কৰিব লাগে।
৯। দেশৰ জনসাধাৰণে সন্ত্রাসবাদী সংগঠনৰ লগত কোনো প্ৰকাৰে সহযোগ কৰিব নালাগে।
১০। প্রত্যেক ৰাষ্ট্ৰৰ চৰকাৰে চোৰাং কাৰবাৰ আৰু চোৰাং অস্ত্র-শস্ত্ৰ সৰবৰাহ বন্ধ কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব লাগে।
১১। প্রত্যেক ৰাষ্ট্ৰই সন্ত্রাসবাদী সংগঠনবিলাক যি উদ্দেশ্যেৰে গঠন কৰা নহওক কিয়, এনে সংগঠনবিলাক বন্ধ কৰিব লাগে।
১২। কোনো এখন ৰাষ্ট্ৰই সন্ত্রাসবাদীৰ বিৰুদ্ধে যুঁজ দিলে আন ৰাষ্ট্ৰবিলাকেও এই ক্ষেত্রত সম্পূর্ণ সহায়-সহযোগ আৰু সমর্থন আগবঢ়াব লাগে।
১৩। সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদক কোনো ক্ষেত্ৰতে ৰাষ্ট্রবিলাকে প্রশ্রয় দিব নালাগে। এনে কার্যই সন্ত্রাসবাদক সমর্থন দিয়াৰ কথাকে প্রকাশ কৰে।
১৪। যিবিলাক এলেকা বা স্থানক কেন্দ্ৰ কৰি সন্ত্রাসবাদী কার্যকলাপ সংঘটিত হোৱাৰ সম্ভাৱনা থাকে, সেইবিলাক এলেকাৰ সংশ্লিষ্ট চৰকাৰে অধিক সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিব লাগে।
১৫। যিবিলাক সমস্যাক কেন্দ্ৰ কৰি সন্ত্রাসবাদী সংগঠনে গা কৰি উঠিব পাৰে, সেই সমস্যাবিলাক এক হ্রস্বম্যাদী আঁচনি লৈ চৰকাৰে সমাধান কৰিবলৈ যত্নপৰ হ’ব লাগে।
৯/১১ আক্ৰমণৰ পৰৱৰ্তী বিকাশ আৰু ৰাষ্ট্ৰসংঘৰ ব্যৱস্থাৱলী (Post 9/11 developments and UN initiatives)
২০০১ চনৰ ১১ ছেপ্টেম্বৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ক চহৰত অৱস্থিত বিশ্ব বাণিজ্য স্তম্ভ দুটাত প্রচণ্ড জোৰেৰে দুখন বিমানে খুন্দা মাৰিছিল। এই আক্রমণ কৰিছিল ওচামা-বিন-লাডেনৰ নেতৃত্বত অলকায়ডা নামৰ আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদী সংগঠনটোৱে। গুৰুত্বপূৰ্ণ কথা এই যে সন্ত্রাসবাদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ বাণিজ্যিক চাৰিখন বিমান অপহৰণ কৰিছিল। তাৰে দুখনে এই বিশ্ববাণিজ্য কেন্দ্রত আঘাত কৰাৰ লগতে তৃতীয়খনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ সদৰ কার্যালয় পেন্টাগন ভৱনত খুন্দা মাৰিছিল আৰু চতুর্থখনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদ ভৱন (যাক কেপিটেল হিল বুলি কোৱা হয়), সেই পিনে উৰাই লৈ গৈছিল যদিও যান্ত্রিক বিজুতিৰ বাবে পেনচিলভেনিয়াৰ এখন ভৱনত ভূপতিত হৈছিল। সেই একেবছৰতে ২০০১ চনৰ ১ অক্টোবৰত ভাৰতবৰ্ষৰ জম্মু-কাশ্মীৰত বিধানসভা ভৱনত (J & K Assembly Build-ing) আক্রমণ কৰিছিল আৰু ১৩ ডিচেম্বৰত ভাৰতৰ সংসদ ভৱন আক্রমণ কৰিছিল। ইয়াৰ উপৰি সীমাৰ সিপাৰৰ পৰা পাকিস্তানৰ ভূমিৰ পৰা সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰি আহিছে আৰু যিটো বিষয় ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতবৰ্ষৰ প্ৰতিনিধিয়ে অৱগত কৰি আহিছে। ২০০৮ চনৰ ২৬ নবেম্বৰত আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-টৈইবা (Lashkar-e-Taiba) মুম্বাই মহানগৰত আকস্মিক সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰে। ২০০৫ চনৰ ৭আৰু ২১ জুলাইত লণ্ডন চহৰৰ বিভিন্ন চলন্ত ৰে’ল আৰু জংচনত সন্ত্রাসবাদী আক্রমণ সংঘটিত হৈছিল। যিটো বিষয় ২০০৫ চনৰ ৭ জুলাই তাৰিখে স্কটলেণ্ডত হোৱা G-S সম্মিলনৰ প্ৰতিখন দেশৰ প্রতিনিধিসকলক সন্ত্রাসবাদৰ চৰম ঘৃণনীয় কাৰ্যৰ প্রতি পুনৰ শক্তিশালী ৰূপত ভাবিবলৈ বাধ্য কৰিছিল।
ইয়াৰ উপৰি বিভিন্ন সময়ত বিশ্বৰ বিভিন্ন ৰাষ্ট্রই সন্ত্রাসবাদৰ নিলৰ্জতাৰ সম্মুখীন হৈ আহিছে। ২০১৪-২০১৫ চনত ক্রমে চিডনী আৰু ফান্দত Islamic State of Iraq and the Levant নামৰ মৌলবাদী সন্ত্রাসবাদী সংগঠনটোৰ দ্বাৰা সন্ত্রাসবাদী কার্যকলাপৰ সন্মুখীন হ’ব লগা হৈছিল। এই সন্ত্রাসবাদী সংগঠনটোৱে ইৰাক আৰু চিৰিয়াৰ বহু অঞ্চল নিজৰ অধীন কৰি সন্ত্রাসবাদী কার্যকলাপ কৰাৰ লগতে পূব লিবিয়াৰ কিছু অংশ নিজৰ নিয়ন্ত্রণাধীন কৰি ৰাখিছিল। সামগ্রিকভাৱে নিজৰ প্ৰভুত্ব আৰু আধিপত্য বিস্তাৰৰ অর্থে ভিন্ন উদ্দেশ্যেৰে গঠিত সন্ত্রাসবাদী সংগঠনবোৰে বিশ্ব ৰাষ্ট্ৰ ব্যৱস্থাৰ স্বাভাৱিক ৰাজনৈতিক স্থিতি তথা সবলতাক প্রত্যাহ্বান জনাই আহিছে। ইয়াৰ লগতে নিৰপৰাধী জনসাধাৰণ আৰু ৰাষ্ট্ৰৰ সম্পদসমূহ ক্ষয়-ক্ষতি কৰি আহিছে। ইয়াৰ পৰা বিশ্বসমাজে কেতিয়া পৰিত্ৰাণ পাব তাক সঠিকভাৱে ক’ব নোৱাৰি; কিন্তু পৰিত্ৰাণৰ অর্থে বিশ্বসমাজ সামুহিকভাৱে পদক্ষেপ গ্রহণ কৰা উচিত। পূৰ্বতে সন্ত্রাসবাদৰ বিপক্ষে সবল স্থিতি গ্রহণ নকৰা আমেৰিকা যুক্তৰাষ্ট্ৰই ৯/১১ আক্ৰমণৰ পাছত অধিক আগ্রাসী মনোভাৱ এই ক্ষেত্রত যোগাত্মক দিশ হিচাপে বিবেচিত।
ৰাষ্ট্ৰসংঘই সন্ত্রাসবাদ সম্পৰ্কত গ্ৰহণ কৰা ব্যৱস্থাৱলীসমূহ (The measures taken by the United Nations regarding terrorism)
১। ৰাষ্ট্ৰসংঘৰ দ্বাৰা সন্ত্রাসবাদ সম্পৰ্কত গ্ৰহণ কৰা প্ৰথম আৰু অন্যতম সিদ্ধান্ত গ্রহণ কৰা হৈছিল। ১৯৭২ চনৰ ১৮ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ২১১৪ তম বার্ষিক আলোচনাত (Plenary meeting) আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদৰ বিৰুদ্ধে এক বিশেষ প্রস্তাৱ, অর্থাৎ (UN Resolution for Preventing International Terrorism 1972) গ্ৰহণ কৰা হয়। এই প্রস্তাৱৰ উদ্দেশ্য আছিল বিশ্ব সমাজৰ নিৰপৰাধী মানৱ জাতিক নিৰাপত্তা আৰু মৌলিক স্বাধীনতাক সুৰক্ষা প্ৰদান কৰা।
২। আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদৰ সম্পৰ্কত বিশ্ব ৰাষ্ট্ৰ ব্যৱস্থাৰ মাজত বিভিন্ন ক্ষেত্রত দ্বিমত আছে। সেয়েহে এই ক্ষেত্রত এক নির্দিষ্ট গ্রহণযোগ্য মত বিবেচনা কৰাৰ অৰ্থে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এখন অস্থায়ী কমিটি (Adhoc Committee) গঠনৰ সিদ্ধান্ত কৰিছিল। সেয়েহে ১৯৭৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাপতিয়ে ৩৫ জনীয়া এখন সমিতি গঠন কৰিছিল।
৩। সামগ্রিকভাৱে ১৯৭০ চনৰ পৰাই ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ নির্মূলকৰণৰ অৰ্থে প্রয়োজনীয় ব্যৱস্থা তথা কেতবোৰ বিধিগত সিদ্ধান্ত গ্রহণ কৰি আহিছে। তাৰ অংশ হিচাপে ১৯৭৮ চনৰ ২৯ নৱেম্বৰত কোনো লোকক সন্ত্রাসবাদীয়ে বন্দী কৰিলে (Hostage) কি ধৰণৰ ব্যৱস্থা গ্রহণ কৰা হ’ব সেই সম্পর্কত এখন সম্মিলন অনুষ্ঠিত হৈছিল।
৪। আন্তঃৰাষ্ট্ৰীয় সমুদায়ে (International Community) এই কথাত প্রতীয়মান হৈছিল যে কিছুমান ৰাষ্ট্ৰই সন্ত্রাসবাদক প্রশ্রয় দিয়াৰ লগতে সকলো ধৰণৰ সহযোগিতা আগবঢ়াই আহিছে। সেয়েহে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৮১ চনতে এখন খচৰা সমিতি গঠন কৰি দিছিল। যিখন সমিতিয়ে (International Convention against Recruitment, Use Financing and Training of Mercenarees’ এই বিষয়ত বিষদভাৱে আলোচনা কৰি কেতবোৰ বিধিগত নিয়মাৱলী প্ৰস্তুতকৰণ আৰু ব্যৱস্থা গ্ৰহণৰ অৰ্থে পৰামৰ্শ আগবঢ়াইছিল।
৫। ১৯ শতিকাত ৰাষ্ট্ৰসংঘৰ দ্বাৰা সন্ত্রাসবাদ নির্মূলৰ অৰ্থে বহু ব্যৱস্থা গ্রহণ কৰা হৈছিল। যদিও এই ক্ষেত্রত বিশেষভাৱে সফল হোৱা নাছিল; বৰঞ্চ বিংশ শতিকাত সন্ত্রাসবাদৰ চৰিত্ৰ সলনি হ’ল আৰু ব্যাপক ৰূপত সন্ত্রাসবাদী কার্যকলাপ বৃদ্ধি পালে, বিশেষকৈ ধর্মীয় মৌলবাদী সন্ত্রাসবাদ, সীমাৰ সিপাৰৰ সন্ত্রাসবাদ, বিমান অপহৰণ, আদিবোৰ বৃদ্ধি পাইছিল, যিবিলাকে বিশ্ব শান্তি আৰু নিৰাপত্তাক বাৰুকৈয়ে আঘাত হানিছে। সেয়েহে ১৯৯৪ চনৰ ৯ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে সন্ত্রাসবাদ নির্মূলকৰণৰ অর্থে গ্রহণ কৰিব লগা কেতবোৰ ব্যৱস্থাৱলী সম্পর্কত ঘোষণা কৰিছিল।
৬। ৰাষ্ট্ৰসংঘই এই ঘোষণাৰ যোগেদি সদস্য ৰাষ্ট্ৰসমূহক এই ক্ষেত্ৰত সহযোগিতা আৰু সমন্বয় স্থাপন কৰিবৰ বাবে আহ্বান জনাইছিল (‘লক্ষণীয় দিশ এইটো যে ৰাষ্ট্ৰসংঘই প্রত্যেক বছৰে সদস্য ৰাষ্ট্ৰসমূহক আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদৰ বিপক্ষে বিশ্ব সমাজ একগোট হ’বলৈ আহ্বান জনাই আহিছে যে সকলো সদস্য ৰাষ্ট্ৰৰ পৰা যথাযোগ্য সমর্থন আদায় কৰিবলৈ সক্ষম হোৱা নাই।
৭। ১৯৯৮ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সদস্য ৰাষ্ট্ৰসমূহক আহ্বান জনাইছিল যে আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ দমন আৰু নির্মূলকৰণৰ অর্থে প্রত্যেক সদস্য ৰাষ্ট্ৰই নিজ নিজ সংসদত আইন প্রণয়ন কৰাৰো অতিকে প্রয়োজন। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বহুতো সদস্য ৰাষ্ট্ৰই নিজ নিজ সংসদত সন্ত্রাসবাদ নির্মূলকৰণৰ অৰ্থে আইন প্ৰস্তুত কৰিছিল।
৮। ১৯৯৯ চনত ৰাষ্ট্ৰসংঘৰ সন্ত্রাসবাদ প্ৰতিৰোধ বিভাগে (Terrorism Prevention Branch) ‘The Centre for International Crime Prevention Vienna’ গঠন কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল আন্তঃৰাষ্ট্ৰীয় সমুদায়ে সামূহিকভাৱে আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদৰ কাৰ্যকলাপ প্ৰতিৰোধৰ অৰ্থে ব্যৱস্থা গ্রহণ কৰা।
৯। ১৯৯৯ চনৰ ৯ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এখন আন্তঃৰাষ্ট্ৰীয় সম্মিলন অনুষ্ঠিত কৰিছিল। এই সম্মিলনৰ মূল উদ্দেশ আছিল সন্ত্রাবাদক বিত্তীয় সাহায্য আগবঢ়োৱাতো নিষেধাজ্ঞা আৰোপ কৰা। এই সম্মিলনখনৰ নামকৰণ কৰা হৈছিল International Convention for the Supression of the Financing of Terrorism। সন্ত্রাসবাদ প্ৰতিৰোধৰ অর্থে অনুষ্ঠিত এই সম্মিলনখনত এটা প্ৰস্তাৱনা আৰু ২৮ টা অনুচ্ছেদেৰে বিধিগত নিয়মাৱলী প্ৰস্তুত কৰা হৈছিল।
সামৰণি (Conclusion)
সন্ত্রাসবাদীয়ে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ লগতে জনসাধাৰণকো হিংসাত্মক কাৰ্যৰ দ্বাৰা ভীতিগ্রস্ত কৰি তোলে, যাতে জনসাধাৰণে তেওঁলোকৰ দাবীৰ প্রতি সঁহাৰি জনায়। সন্ত্রাসবাদীয়ে চৰকাৰক অস্থিৰ কৰি তুলিবলৈ দেশৰ অ’ত-ত’ত কুটাঘাতমূলক কার্যত লিপ্ত হয়। দেশৰ সেনাবাহিনী বা পুলিচবাহিনীৰ লগত মুখামুখি সংঘৰ্ষত লিপ্ত নহৈ চোৰাং বা আকস্মিকভাৱে সেনাবাহিনীৰ ওপৰত আক্ৰমণ কৰি নাইবা কুটাঘাতমূলক কাৰ্যৰ দ্বাৰা চৰকাৰী সা-সম্পত্তিৰ ব্যাপক ক্ষতিসাধন কৰে। সংগঠনবিলাকৰ উদ্দেশ্য অনুসৰি ইয়াৰ কাৰ্যকলাপ নিজ দেশৰ বাহিৰেও আন দেশতো সংঘটিত কৰিব পাৰে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.