Global Politics Unit 1 গোলকীকৰণ: ধাৰণা আৰু দৃষ্টিভংগী

Global Politics Unit 1 গোলকীকৰণ: ধাৰণা আৰু দৃষ্টিভংগী, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Global Politics Unit 1 গোলকীকৰণ: ধাৰণা আৰু দৃষ্টিভংগী Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Global Politics Unit 1 গোলকীকৰণ: ধাৰণা আৰু দৃষ্টিভংগী Question Answer can be of great value to excel in the examination.

Global Politics Unit 1 গোলকীকৰণ: ধাৰণা আৰু দৃষ্টিভংগী

Join Telegram channel

Global Politics Unit 1 গোলকীকৰণ: ধাৰণা আৰু দৃষ্টিভংগী Notes cover all the exercise questions in UGC Syllabus. Global Politics Unit 1 গোলকীকৰণ: ধাৰণা আৰু দৃষ্টিভংগী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Globalization: Concepts And Perspectives

POLITICAL SCIENCE

GLOBAL POLITICS

(গোলকীয় ৰাজনীতি)

অতি চমু প্রশ্নোত্তৰঃ

১। গোলকীকৰণ শব্দটো কোনে পোনপ্ৰথমে উদ্ভাৱন কৰিছিল? (Who first coined the term ‘Globalization’?)

উত্তৰঃ থিওডোৰ লেভিট (Theodore Levitt)।

২। ‘সাৰ্বভৌমত্ব’ (Sovereignty) শব্দটো কোনটো ভাষাৰ পৰা আহিছে? (From which language the term ‘Sovereignty’ has been Originated?)

উত্তৰঃ লেটিন ভাষাৰ পৰা।

৩। সাৰ্বভৌমত্ব (Sovereignty) ৰ ধাৰণাটো কোনে পোন প্ৰথমে আগবঢ়াইছিল? (Who first gave the concept of Sovereignty?)

উত্তৰঃ জিন বোডিন (Jean Bodin)।

৪। LPGৰ সম্পূৰ্ণ ৰূপটো কি? (Write the full form of LPG.)

উত্তৰঃ Liberalization Privatization and Globalization.

৫। গোলকীকৰণৰ দুটা উপাদানৰ নাম লিখা। (Write the name of two elements of Globalization.)

উত্তৰঃ (ক) জন প্ৰবাহ (Flow of people)। আৰু

(খ) প্ৰযুক্তি বিদ্যাৰ বিকাশ (Advancement of Technology)।

৬। ‘The Race to the Top : The Real story of Globalization’, কিতাপখনৰ ৰচক কোন? (Who wrote the book, ‘The Race to the Top : The Real story of Globalization,’?)

উত্তৰঃ টমাচ লাৰচন (Thomas Larsson)।

৭। ‘Proto-Globalization’ৰ ধাৰণাটো কোনে আগবঢ়াইছিল? (Who gave the concept of ‘Proto-Globalization’?)

উত্তৰঃ এ.জে. হপকিনচ আৰু ক্ৰিস্টোফাৰ বেলি (A.G. Hopkins and Christopher Bayly)।

৮। ‘GATT’ ৰ সম্পূৰ্ণ ৰূপটো লিখা। (Write the full form of GATT.)

উত্তৰঃ General Agreement on Tariffs and Trade.

৯। WTOৰ সম্পূৰ্ণ ৰূপটো লিখা। (Write the full form of WTO.)

উত্তৰঃ World Trade Organization.

১০। “World Systems Theory” কোনে আগবঢ়াইছিল? (Who gave “World Systems Theory”?)

উত্তৰঃ ৱালাৰস্টেইন (Wallerstein)।

১১। TRIPSৰ সম্পূৰ্ণ ৰূপটো লিখা। (Write the full form of TRIPS.)

উত্তৰঃ Trade-Related Aspects of Intellectual Property Rights.

১২। OPECৰ সম্পূৰ্ণ ৰূপটো লিখা। (Write the full form of OPEC.)

উত্তৰঃ Organisation of the Petroleum Exporting Countries.

১৩। “Globalization and its Discontents”- কিতাপখনৰ ৰচক কোন? (Who is the author of the book, “Globalization and its Discontents”?)

উত্তৰঃ যোচেফ ষ্টিগলিটজ (Joseph Stiglitz)।

১৪। “Making Globalization Work”- কিতাপখনৰ ৰচক কোন? (Who is the author of the book, “Making Globalization Work”?)

উত্তৰঃ যোচেফ ষ্টিগলিটজ (Joseph Stiglitz)।

১৫। বিশ্বায়নৰ এগৰাকী সমালোচকৰ নাম লিখা। (Write the name of a critic of Globalization.)

উত্তৰঃ জেমছ পেট্ৰাছ(James Petras).

১৬। WSFৰ সম্পূৰ্ণ ৰূপটো লিখা। (Write the full form of WSF.)

উত্তৰঃ World Social Forum.

১৭। সীমাবিহীন পৃথিৱী (Borderless World)ৰ ধাৰণা কোনে আগবঢ়াইছিল? (Who gave the concept of ‘Borderless World’?)

উত্তৰঃ Kenichi Ohmae.

১৮। IMEৰ সম্পূৰ্ণ ৰূপটো লিখা। (Write the full form of IME.)

উত্তৰঃ International Monetary Fund.

১৯। IME কেতিয়া গঠন হৈছিল? (When did the IME form?)

উত্তৰঃ ১৯৪৫ চনৰ ডিচেম্বৰত।

২০। IMF কেতিয়া কাৰ্যকৰী হৈছিল ? (When did the IME come into effect?)

উত্তৰঃ ১৯৪৭ চনৰ মার্চত।

২১। ভাৰতে কেতিয়া আন্তৰ্জাতিক মুদ্ৰানিধি (IMF)ত যোগদান কৰিছিল?(When did India join the IMF?)

উত্তৰঃ ২৭ ডিচেম্বৰ ১৯৪৫।

২২। আন্তৰ্জাতিক মুদ্ৰানিধিৰ (IMF) বৰ্তমান সদস্যৰ সংখ্যা কিমান? (How many members are there in IMF at present?)

উত্তৰঃ ১৯০ জন।

২৩। আন্তৰ্জাতিক মুদ্ৰানিধিৰ (IMF) মুখ্য কাৰ্যালয় ক’ত? (Where is the headquater of the IMF?)

উত্তৰঃ ওৱাচিংটন ডি.চি.।

২৪। SDRৰ সম্পূৰ্ণ ৰূপটো কি? (What is the full form of SDR?)

উত্তৰঃ Special Drawing Rights.

২৫। MDGৰ সম্পূৰ্ণ ৰূপটো লিখা। (Write the full form of MDG.)

উত্তৰঃ Millennium Development Goals.

২৬। বিশ্ববেংক কেতিয়া স্থাপন কৰা হৈছিল? (When did the World Bank formed?)

উত্তৰঃ ২৭ ডিচেম্বৰ ১৯৪৫।

২৭। বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক’ত? (Where is the headquater of the World Bank?)

উত্তৰঃ ওৱাচিংটন ডি.চি.।

২৮। বিশ্ব বাণিজ্য সংস্থা (WTO) কেতিয়া গঠন কৰা হৈছিল? (When was the World Trade Organisation (WTO) formed?)

উত্তৰঃ ১জানুৱাৰী ১৯৯৫ চনত।

২৯। বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক’ত? (Where is the headquater of World Trade Organisation?)

উত্তৰঃ জেনেভা, চুইজাৰলেণ্ড।

৩০। GATSৰ সম্পূৰ্ণ ৰূপটো লিখা। (Write the full form of GATS.)

উত্তৰঃ General Agreement on Trade in Service.

৩১। TRIMৰ সম্পূৰ্ণ ৰূপটো লিখা। (Write the full form of TRIM.)

উত্তৰঃ Trade Related Investment Measures.

৩২। GATTক আঁতৰাই কোনটো সংগঠন গঠন কৰা হৈছিল? (Which organization was created by replacing GATT?)

উত্তৰঃ World Trade Organization (WTO).

৩৩। ‘Multilateral Investment Gurantee Agency’ কেতিয়া গঠন হৈছিল? (When was Multilateral Investment Gurantee Agency was formed?)

উত্তৰঃ ১৯৮৮ চনত।

৩৪। NAFTAৰ সম্পূৰ্ণ ৰূপটো কি? (What is the full form of NAFTA?)

উত্তৰঃ North American Free Trade Agreement.

৩৫। IBRDৰ সম্পূৰ্ণ ৰূপটো লিখা?(Write is the full form of IBRD?)

উত্তৰঃ International Bank for Reconstruction and Development.

৩৬। বিশ্বায়ন মানে কি?(What does globalization mean?)

উত্তৰঃ  বিশ্বায়ন মানে হ’ল বিশ্বব্যাপী আন্তঃসংযোগ।

৩৭। ৰাষ্ট্ৰৰ সামৰ্থৰ ওপৰত বিশ্বায়নৰ এটা সকাৰাত্মক প্ৰভাৱ উল্লেখ কৰা। (Mention a positive impact of globalization on the capacity of the state?)

উত্তৰঃ প্ৰযুক্তি ব্যৱহাৰ কৰি ৰাষ্ট্ৰই নাগৰিকসকলক প্ৰয়োজনীয় তথ্যপাতি প্ৰদান কৰিব পাৰে।

৩৮। সাংস্কৃতিক বৈসাদৃশ্যতা মানে কি? (What does cultural difference mean?)

উত্তৰঃ বিশ্বৰ সংস্কৃতি একে নহয়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জাতি, জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ ভিন্ন ভিন্ন সংস্কৃতি পৰিলক্ষিত হয়।

৩৯। বিশ্বায়নে কিদৰে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক প্ৰভাৱিত কৰে? (How does globalization affect the sovereignty of the state?)

উত্তৰঃ বিশ্বায়নৰ ফলত ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব ক্ষমতা সীমিত হৈ পৰিছে বুলি কোৱা হয়। ৰাষ্ট্ৰই কেৱল আইন শৃংখলা নিয়ন্ত্ৰণ আৰু নাগৰিকৰ জীৱনৰ সুৰক্ষাৰ দায়িত্বতে সীমাবদ্ধ হ’ব লগা হৈছে। জনকল্যাণমুখী ৰাষ্ট্ৰৰ ঠাইত এতিয়া বজাৰকেন্দ্ৰিক ৰাষ্ট্ৰৰ সৃষ্টি হোৱাৰ অভিযোগ উঠিছে।

৪০। বিশ্বায়নে কেনেকৈ বিশ্বৰ সংস্কৃতিৰ প্ৰতি ভাবুকি আনিছে? (How has globalization brought fear to world culture?)

উত্তৰঃ বিশ্বায়নে একে ধৰণৰ সংস্কৃতি সৃষ্টি কৰে বুলি আশংকা কৰা হয়। পৰম্পৰাগত আৰু স্থানীয় সংস্কৃতি বিলুপ্ত হোৱাৰ এক পৰিস্থিতি সৃষ্টি হয়।

৪১। বিশ্বায়নৰ সাংস্কৃতিক ফলাফলসমূহ সদায়েই নেতিবাচক বুলি তুমি ভাবা নেকি? (Do you think the cultural consequences of globalization are always negative?)

উত্তৰঃ বিশ্বায়নৰ সাংস্কৃতিক প্ৰভাৱ নেতিবাচক বুলি কোৱা হয়, কাৰণ সংস্কৃতি স্থিতিশীল নহয়। ই বাহিৰৰ প্ৰভাৱবিলাকক সকলো সময়তে গ্ৰহণ কৰে আৰু আমাৰ পছন্দবোৰ সংকুচিত কৰে বা কমাই আনে।

৪২। “বিশ্বায়নৰ এটা গুৰুত্বপূৰ্ণ উপাদান হ’ল প্ৰযুক্তি।” হয় নে নহয় লিখা। (Is technology an important element of globalization or not?)

উত্তৰঃ হয়।

চমু প্ৰশ্নোত্তৰ

১। বিশ্বায়নৰ প্ৰভাৱ সকলোতে সমান বুলি তুমি ভাবা নেকি? (Do you think the impact of globalization is the same in all areas.)

উত্তৰঃ বিশ্বায়নৰ প্ৰভাৱ সমান নহয়। ই কিছুমান সমাজক অন্যতকৈ বেছিকৈ ক্ৰিয়ান্বিত কৰে আৰু সমাজৰ কিছুমান ভাগকো অন্যতকৈ বেছিকৈ প্ৰভাৱিত কৰে।

২। সাংগঠনিক সমন্বয় কর্মসূচীৰ দুটা লক্ষ্য উল্লেখ কৰা। (Mention two goals of organizational coordination agenda?)

উত্তৰঃ লক্ষ্য দুটা হ’ল-

(ক) বজাৰভিত্তিক অৰ্থনীতিৰ প্ৰৱৰ্তন কৰা।

(খ) গোলকীকৰণৰ মাধ্যমেৰে দেশ এখনৰ অৰ্থব্যৱস্থাক আন্তৰ্জাতিক প্ৰতিযোগিতাৰ বাবে পুনৰ গঠন কৰা।

৩। প্ৰযুক্তিবিদ্যাই কিদৰে বিশ্বায়নক উদগণি যোগায়? (How does technology inspire globalization?)

উত্তৰঃ প্ৰযুক্তিবিদ্যাৰ বিশ্বায়নৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰত থকা মানুহৰ মাজত বিজুলী ডাক, কথা পতা যন্ত্ৰ, টেলিভিছন, ইণ্টাৰনেট, ই-মেইল, ফেক্স আদিয়ে এটা তাৎক্ষণিক যোগাযোগৰ ভূমিকা লৈছে। প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ বাবেহে বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ মানুহৰ মাজত আদৰ্শ, সম্পত্তি বা দ্ৰব্য আদিৰ মাজত হোৱা তাৎক্ষণিক আন্দোলন সম্ভৱ হৈছে। ডিজিটেল আৰু খবৰৰ বিপ্লবে পৃথিৱীৰ শিক্ষাৰ ব্যৱস্থাটোও সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে। তাৰোপৰি বেপাৰ-বাণিজ্যৰ যোগাযোগৰ ক্ষেত্ৰতো যথেষ্ট পৰিৱৰ্তন আহিছে। কম্পিউটাৰেও শৈক্ষিক লগতে যোগাযোগৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।

৪। প্ৰযুক্তিবিদ্যাই কিদৰে বিশ্বায়নক উদগনি যোগায়? (How does technology drive globalization?)

উত্তৰঃ প্ৰযুক্তিবিদ্যাৰ বিশ্বায়নৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰত থকা মানুহৰ মাজত বিজুলী ডাক, কথা পতা যন্ত্ৰ, টেলিভিছন, ইণ্টাৰনেট, ই-মেইল, ফেক্স আদিয়ে এটা তাৎক্ষণিক যোগাযোগৰ ভূমিকা লৈছে। প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ বাবেহে বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ মানুহৰ মাজত আদৰ্শ, সম্পত্তি বা দ্ৰব্য আদিৰ মাজত হোৱা তাৎক্ষণিক আন্দোলন সম্ভৱ হৈছে। ডিজিটেল আৰু খবৰৰ বিপ্লৱে পৃথিৱীৰ শিক্ষাৰ ব্যৱস্থাটোও সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে। তাৰোপৰি বেপাৰ-বাণিজ্যৰ যোগাযোগৰ ক্ষেত্ৰতো যথেষ্ট পৰিৱৰ্তন আহিছে। কম্পিউটাৰেও শৈক্ষিক লগতে যোগাযোগৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।

৫। বিশ্ব সামূহিক সম্পদ বুলিলে কি বুজা? এই সম্পদবোৰ সংৰক্ষণৰ উপায় উল্লেখ কৰা। (What do you mean by global resources? Mention the way to save these resources?)

উত্তৰঃ সামূহিক বা ৰাজহুৱা সম্পদ বুলিলে সেই সম্পদক বুজোৱা হয় যিবোৰ কোনো ব্যক্তিৰ বাবে নহয় বৰং এটা সম্প্ৰদায়ে ভোগ কৰে। এখন নদী, এখন উদ্যান, এটা সামূহিক কেন্দ্ৰ আদি সামূহিক বা ৰাজহুৱা সম্পদৰ ভিতৰত পৰে। বিশ্বত এনে বহুতো অঞ্চল আছে যিবোৰ কোনো সাৰ্বভৌম ৰাষ্ট্ৰৰ চাৰিসীমাৰ ভিতৰত অৱস্থিত নহয় আৰু সেয়েহে বিশ্বসমূদায়ে সামূহিকভাৱে এনে অঞ্চলবোৰ শাসন কৰা প্ৰয়োজন। এনে সম্পদবোৰক বিশ্বৰ সামূহিক সম্পদ বোলা হয়। বিশ্বৰ এনে সামূহিক সম্পদসমূহৰ ভিতৰত পৃথিৱীৰ জলবায়ু এন্টাৰ্কটিকা মহাদেশ, বৰফাকৃত অঞ্চল আৰু মহাকাশ অন্যতম।

পৰামৰ্শ: 

(ক) বিশ্বৰ উত্তৰ আৰু দক্ষিণৰ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি আৰু ঐক্যমত স্থাপন।

(খ) উপকূলীয় অঞ্চলত জনবসতিৰ পৰিমান হ্ৰাস কৰি প্ৰদূষণ ৰোধ কৰা।

৬। পাৰিপাৰ্শ্বিক সমস্যাটো সমাধানৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ভূমিকা উল্লেখ কৰা। (Mention the role of the united nations in resolving the surrounding problem?)

উত্তৰঃ বিশ্বত এক সুস্থ আৰু স্বাস্থ্যসন্মত পাৰিপাৰ্শ্বিক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই আৰম্ভণিৰে পৰাই এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ৰাষ্ট্ৰসংঘই মানৱ জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ হ’লে এক সেউজ পৰিৱেশৰ প্ৰয়োজনীয়তা সম্পৰ্কে ৰাষ্ট্ৰসমূহৰ মাজত সজাগতা সৃষ্টি আৰু সহযোগিতা স্থাপনৰ ওপৰত প্ৰচেষ্টা চলাই আহিছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় কাঠাম চুক্তিপত্ৰৰ কথা উল্লেখযোগ্য।

৭। গোলকীকৰণ বুলিলে কি বুজা? (What do you mean by Globalization?)

উত্তৰঃ বৰ্তমান গোলকীকৰণ বা বিশ্বায়নৰ যুগ। গোলকীকৰণ এক বহুমুখী প্ৰক্ৰিয়া। ইয়াৰ কোনো এক নিৰ্দিষ্ট সংজ্ঞা দিয়াটো সহজ নহয়। গোলকীকৰণৰ অৰ্থ ইয়াৰ ব্যৱহাৰৰ পৰিপ্ৰেক্ষিতত নিৰ্ভৰ কৰে। গোলকীকৰণ বা বিশ্বায়নে (Globalization) সাধাৰণতে এক অবিৰত প্ৰৱাহক বুজায়। এনে প্ৰৱাহ বিভিন্ন ধৰণৰ হ’ব পাৰে। যেনে- পৃথিৱীৰ কোনো এক প্ৰান্তৰ পৰা ৰীতি-নীতি তথা ধ্যান-ধাৰণাৰ আন এক প্ৰান্তলৈ হোৱা গতি, দুখন বা ততোধিক ঠাইৰ মাজৰ পুঁজি বিনিয়োগ, এখন দেশৰ উৎপাদিত সামগ্ৰী আন এখন দেশৰ বজাৰত মুকলি, জীৱিকাৰ সংক্ৰান্তত এখন ঠাইৰ জনসাধাৰণৰ আন এখন ঠাইলৈ চলাচল, কোনো এখন সমাজৰ কৃষ্টি-সংস্কৃতি আন কোনো সমাজৰ দ্বাৰা অনুকৰণ ইত্যাদি। সকলোবোৰেই হৈছে একো একোটা প্ৰৱাহ। এনে প্ৰৱাহৰ ফলত সমগ্ৰ বিশ্বখনেই এক সাৰ্বজনীন ব্যৱস্থাৰ অন্তৰ্ভুক্ত হয় আৰু পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। এই বহুমুখী প্রক্রিয়াটোৱে হৈছে গোলকীকৰণ বা বিশ্বায়ন (Globalization)।

৮। গোলকীকৰণৰ সংজ্ঞা দিয়া। (Give a definition of Globalization.)

উত্তৰঃ জন বেইলিছ (John Baylis) আৰু ষ্টিভ স্মিথ (Steve Smith)ৰ মতে, গোলকীকৰণ হ’ল এনে এটা প্ৰক্ৰিয়া, য’ত বিভিন্ন সমাজৰ মাজত ক্ৰমান্বয়ে পাৰস্পৰিক নিৰ্ভৰশীলতা স্থাপিত হয়, যাৰ ফলত বিশ্বৰ কোনো এক প্ৰান্তৰ ঘটনাই বহু দূৰত অৱস্থিত অন্য দেশৰ জনসাধাৰণ নাইবা সমাজৰ ওপৰত প্ৰভাৱ পেলায়।

৯। গোলকীকৰণ (Globalization) ৰ দুটা বৈশিষ্ট্য লিখা। (Write two features of Globalization.)

উত্তৰঃ গোলকীকৰণৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা হ’ল-

(ক) গোলকীকৰণ এক বহুমুখী প্ৰক্ৰিয়া (Globalization is a Multi-dimensional Process): অৰ্থনৈতিকভাৱে গোলকীকৰণে দেশীয় বজাৰ মুকলি কৰা, মুক্ত বজাৰ, ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্য আৰু দেশীয় অৰ্থনীতিৰ বিশ্ব অৰ্থনীতিৰ সৈতে সংহতিক বুজায়। ৰাজনৈতিকভাৱে ই ৰাষ্ট্ৰৰ সীমিত ক্ষমতা আৰু কাৰ্য, ব্যক্তিৰ অধিক অধিকাৰ প্ৰদান আৰু ব্যক্তিগত খণ্ডৰ বিকাশক বুজায়; সাংস্কৃতিকভাৱে ই সমাজৰ মাজত নাইবা ৰাষ্ট্ৰৰ মাজত সাংস্কৃতিক প্ৰমূল্যৰ আদান-প্ৰদানক বুজায়।

(খ) সীমাবিহীন পৃথিৱী (Borderless World): গোলকীকৰণে এক সীমাহীন পৃথিৱীক সূচায়। ৰাষ্ট্ৰ সীমাৰ বাধা অতিক্ৰম কৰি ই আন্তঃসম্পর্ক সৃষ্টি কৰাত সহায় কৰে।

১০। গোলকীকৰণৰ দুটা ইতিবাচক দিশ উল্লেখ কৰা। (Mention two positive aspects of Globalization.)

উত্তৰঃ গোলকীকৰণৰ দুটা ইতিবাচক দিশ তলত উল্লেখ কৰা হ’ল-

(ক) ক্ষিপ্ৰ অৰ্থনৈতিক বিকাশ (Rapid Economic Development): গোলকীকৰণে প্ৰত্যেক মানুহকে কামত সচেতন আৰু সক্রিয় কৰি তোলে। প্ৰতিযোগিতাৰ যুগত অংশীদাৰ হৈ তেওঁলোকে বেছি উৎপাদন আৰু বিক্ৰী কৰিব চেষ্টা কৰে। গোলকীকৰণৰ মূল নীতিয়ে হ’ল যে প্ৰত্যেকে নিজক আনতকৈ শ্ৰেষ্ঠ প্ৰতিপন্ন কৰা। যাৰ ফলস্বৰূপে অৰ্থনীতিৰ ক্ষিপ্ৰ বিকাশ হয়।।

(খ) সাংস্কৃতিক সহসম্পৰ্ক (Cultural linkage): যিহেতু গোলকীকৰণে ৰাষ্ট্ৰৰ সীমাৰ বাধা অতিক্ৰম কৰে; সেইবাবে এখন ৰাষ্ট্ৰৰ সংস্কৃতি আন এখন ৰাষ্ট্ৰলৈ প্ৰবাহিত হোৱাটো সহজ হয়। ৰাষ্ট্ৰসমূহৰ মাজত ধাৰণা বা প্ৰমূল্যৰ প্রবাহৰ ফলত এক নতুন সংস্কৃতি গঢ় লৈ উঠে। আৰু তেওঁলোকৰ মাজত থকা সাংস্কৃতিক পাৰ্থক্যবোৰও কমি যায়।

১১। গোলকীকৰণৰ দুটা নেতিবাচক দিশ লিখা।(Write two negative aspects of Globalization.)

উত্তৰঃ গোলকীকৰণৰ নেতিবাচক দিশ দুটা হ’ল-

(ক) অনুন্নত ৰাষ্ট্ৰসমূহক শোষণ (Exploitation of Underdeveloped countries): গোলকীকৰণে উন্নত ৰাষ্ট্ৰসমূহক অনুন্নত ৰাষ্ট্ৰসমূহৰ শোষণৰ বাট মুকলি কৰি দিছে। বৃহৎ উদ্যোগ গোষ্ঠীয়ে অনুন্নত ৰাষ্ট্ৰৰ পৰা কম মূল্যত কেঁচা সামগ্ৰী ক্ৰয় কৰে। আৰু সেই কেঁচা সামগ্ৰীসমূহ প্ৰস্তুত কৰি নিজৰ ৰাষ্ট্ৰলৈ আনি বেছি দামত অনুন্নত ৰাষ্ট্ৰবোৰত বিক্ৰী কৰে। অৱশ্যে এনে বৃহৎ উদ্যোগসমূহৰ ভিন্ন শাখা অনুন্নত ৰাষ্ট্ৰসমূহত স্থাপন কৰা হৈছে যদিও তাৰ স্থানীয় কৰ্মচাৰীক অতি কম মজুৰি প্ৰদান কৰা হয়।

(খ) ধনী-দুখীয়াৰ মাজৰ অন্তৰাল বৃদ্ধি (Lidening of Rich-Poor Gap): গোলকীকৰণে ধনী শ্ৰেণীকহে বেছি লাভান্বিত কৰিছে। যিসকল ধনী শ্রেণী তেওঁলোকে গোলকীকৰণ প্ৰক্ৰিয়াৰ লাভ ভোগ কৰিব পাৰে; কিন্তু দুখীয়া শ্ৰেণী দুখীয়া হৈয়ে ৰয়।

১২। গোলকীকৰণৰ দুটা ৰাজনৈতিক প্ৰভাৱ সম্পৰ্কে লিখা। (Write two political consequences of Globalization.)

উত্তৰঃ গোলকীকৰণৰ দুটা ৰাজনৈতিক প্ৰভাৱ হ’ল-

(ক) গোলকীকৰণৰ ফলত ৰাষ্ট্ৰসমূহ চৰকাৰৰ কাৰ্যাৱলী ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে। বৰ্তমান কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা সীমিত ৰাষ্ট্ৰ (Minimal State) লৈ পৰ্যবসিত হৈছে আৰু ৰাষ্ট্ৰ কাৰ্যাৱলী মাত্ৰ কেইটামান ঐচ্ছিক কাৰ্য যেনে দেশৰ ভিতৰত আইন-শৃংখলা ৰক্ষা কৰা আৰু জনসাধাৰণক নিৰাপত্তা দিয়া আদিতে সীমাবদ্ধ হৈ পৰিছে।

(খ) তদুপৰি ৰাষ্ট্ৰৰ অৰ্থনৈতিক আৰু সামাজিক কল্যাণমূলক কাৰ্যসমূহ সম্পাদনৰ বাবে ৰাষ্ট্ৰৰ পৰিৱৰ্তে অগ্ৰাধিকাৰ লাভ কৰিছে বিভিন্ন বহুজাতিক কোম্পানীসমূহে।

১৩। গোলকীকৰণৰ দুটা অৰ্থনৈতিক প্ৰভাৱ লিখা। (Write two economic consequences of globalization.)

উত্তৰঃ গোলকীকৰণৰ দুটা অৰ্থনৈতিক প্ৰভাৱ হ’ল-

(ক) গোলকীকৰণৰ ফলত ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যিক লেন-দেন আৰু আদান-প্ৰদান ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। ফলত উন্নত আৰু পুঁজিবাদী দেশসমূহৰ পুঁজি বিনিয়োগকাৰীসকলে নিজৰ দেশৰ উপৰি অন্যান্য অনুন্নত আৰু উন্নয়নশীল দেশসমূহতো পুঁজি বিনিয়োগ কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।

(খ) কম্পিউটাৰ, ইণ্টাৰনেট আদি সেৱাসমূহৰ উপলব্ধতাই সমগ্ৰ মানৱ সমাজৰ চিন্তা-চৰ্চাৰ আদান-প্ৰদানত এক নতুন যুগৰ সূচনা কৰে।

১৪। গোলকীকৰণৰ দুটা সাংস্কৃতিক প্ৰভাৱ উল্লেখ কৰা। (Mention two cultural consequences of Globalization.)

উত্তৰঃ গোলকীকৰণৰ দুটা সাংস্কৃতিক প্ৰভাৱ হ’ল-

(ক) গোলকীকৰণ প্রক্রিয়াই এখন সমাজৰ পৰা আন এখন সমাজলৈ ৰীতি-নীতি, ধ্যান-ধাৰণাৰ আদান-প্ৰদানৰ দ্বাৰা সংহতি গঢ়ি তোলাত সহায় কৰিছে।

(খ) সাংস্কৃতিক গোলকীকৰণৰ ফলত সাংস্কৃতিক একত্ৰীকৰণ গঢ় লৈ উঠাৰ লগতে বিশ্ব দৰবাৰত প্ৰত্যেক দেশৰ সংস্কৃতিয়ে নিজৰ স্বকীয় অস্তিত্ব দাঙি ধৰিবলৈ সক্ষম হৈছে।

১৫। গোলকীকৰণৰ দুটা কাৰণ উল্লেখ কৰা। (Mention two reasons of Globalization.)

উত্তৰঃ গোলকীকৰণৰ দুটা কাৰণ হ’ল-

(ক) বিজ্ঞান আৰু প্ৰযুক্তি, বিশেষকৈ তথ্য প্ৰযুক্তিৰ অদ্ভুত বিকাশে গোলকীকৰণৰ প্ৰধান চালিকা শক্তি হিচাপে কাম কৰিছে।

(খ) জনসাধাৰণৰ বৰ্দ্ধিত সচেতনতাও গোলকীকৰণৰ অন্য এক কাৰণ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানৱ সমাজলৈ যিখিনি অৱদান আগবঢ়াইছে, সেয়া সচেতন জনসাধাৰণ অবিহনে সম্ভৱ নহয়। জনসাধাৰণে অৰ্থনৈতিক হওক বা অন্য ক্ষেত্ৰতে হওক কেৱল নিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিছে।

১৬। আন্তৰ্জাতিক মুদ্ৰা নিধিৰ (IME) দুটা কাৰ্য উল্লেখ কৰা।(Mention two functions of IMF.)

উত্তৰঃ আন্তৰ্জাতিক মুদ্ৰানিধিৰ দুটা কাৰ্য হ’ল-

(ক) এটা স্থায়ী সংস্থাৰ জৰিয়তে আন্তৰ্জাতিক মুদ্ৰাৰ সহযোগিতা স্থাপন কৰা; যিয়ে আন্তৰ্জাতিক মুদ্ৰিক সমস্যাৰ পৰামৰ্শ দান আৰু সহযোগিতাৰ আহিলা হিচাপে কাম কৰে।

(খ) বিনিময়ৰ স্থিৰতা উন্নত কৰা, সদস্যসমূহৰ মাজত বিনিময়ৰ সুশংখলিত ব্যৱস্থা কৰা।

১৭। বিশ্ব বেংক (World Bank)ৰ দুটা উদ্দেশ্য উল্লেখ কৰা। (Mention two objectives of World Bank.)

উত্তৰঃ বিশ্ব বেংকৰ দুটা কাৰ্য হ’ল-

(ক) ব্যক্তিগত বিনিয়োগকাৰীৰ বিনিয়োগক গেৰাণ্টি প্ৰদান কৰি ব্যক্তিগত বিনিয়োগক উৎসাহিত কৰা।

(খ) অঞ্চলসমূহৰ পুনঃগঠন আৰু বিকাশৰ বাবে পুঁজিৰ বিনিয়োগৰ সুবিধা প্ৰদান কৰা।

১৮। বিশ্ব বেংকৰ দুটা কাৰ্য লিখা। (Write two functions of World Bank.)

উত্তৰঃ বিশ্ব বেংকৰ দুটা কাৰ্য হ’ল-

(ক) ধ্বংসমুখী ৰাষ্ট্ৰসমূহৰ পুনঃ নিৰ্মাণৰ বাবে ঋণ প্ৰদান।

(খ) অনুন্নত ৰাষ্ট্ৰসমূহক উন্নয়নমূলক ঋণ প্ৰদান।

১৯। বিশ্ব বাণিজ্য সংস্থাৰ দুটা উদ্দেশ্য লিখা। (Write two objectives of World Trade Organization.)

উত্তৰঃ বিশ্ব বাণিজ্য সংস্থাৰ দুটা উদ্দেশ্য হ’ল-

(ক) প্ৰত্যেক দেশকে সুবিধা প্ৰদানৰ বাবে বিশ্ব বাণিজ্যৰ প্ৰসাৰ কৰা।

(খ) পৃথিৱীৰ সম্পদসমূহৰ বিস্তাৰিত আৰু সৎ ব্যৱহাৰ কৰা।

২০। গোলকীকৰণৰ ধাৰণাটো ব্যাখ্যা কৰা। (Discuss the concept of Globalization.)

উত্তৰঃ গোলকীকৰণ শব্দটো ১৯৮০ৰ দশকৰ পৰা জনপ্ৰিয় হয়। গোলকীকৰণে ৰাষ্ট্ৰসমূহৰ মাজত জনসাধাৰণ, জ্ঞান, ধাৰণা, সামগ্ৰী আদিৰ বৰ্দ্ধিত প্ৰবাহক বুজায়। ই বিশ্ব জনসাধাৰণৰ মাজত অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক সহসম্পৰ্কক সূচায়।

যদিও গোলকীকৰণৰ ধাৰণাক অৰ্থনৈতিক অৰ্থত বুজা যায়; কিন্তু ইয়াৰ বহু সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থা যোগ্যত আছে।

বহুতে গোলকীকৰণক ‘আধুনিকীকৰণ’ বা পাশ্চাত্যকৰণৰ সৈতে সংযুক্ত কৰিব খোজে।

গোলকীকৰণ এক বহুমুখী প্ৰক্ৰিয়া। গোলকীকৰণ বুলিলে কেৱল অৰ্থনৈতিক বা সাংস্কৃতিক ক্ষেত্ৰতেই ইয়াক সীমাবদ্ধ কৰিব নোৱাৰি। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেখা যায় যে, কোনো এখন দেশৰ ৰাজনৈতিক অস্থিৰতাই আন দেশৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰতো উল্লেখনীয় পৰিৱৰ্তন আনে। অৰ্থাৎ গোলকীকৰণ প্ৰক্ৰিয়াই পৃথিৱীৰ প্ৰত্যেক ৰাষ্ট্ৰকে আন এখন ৰাষ্ট্ৰৰ লগত বান্ধি ৰাখিছে।

২১। গোলকীকৰণৰ ৰাজনৈতিক প্ৰভাৱ সম্পৰ্কে লিখা। (Write about the political impact of Globalization.)

উত্তৰঃ গোলকীকৰণৰ ৰাজনৈতিক প্ৰভাৱ আলোচনা কৰা হ’ল-

(ক) ৰাষ্ট্ৰৰ ক্ষমতাত সীমাবদ্ধতা: গোলকীকৰণে ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতাৰ ক্ষেত্ৰত সীমাবদ্ধতা আনি দিছে। বহু ক্ষেত্ৰতে ৰাষ্ট্ৰৰ সিদ্ধান্তৰ ওপৰত বহুজাতিক প্ৰতিষ্ঠানৰ পৰোক্ষ প্ৰভাৱ পৰা দেখা যায়।

(খ) ৰাষ্ট্ৰৰ কল্যাণকামী কাৰ্যসূচী সংকুচিত: গোলকীকৰণৰ মাজেৰে সোমাই অহা উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ প্ৰক্ৰিয়াই ৰাষ্ট্ৰৰ কল্যাণকামী কাৰ্যসূচীক সংকুচিত কৰিছে।

(গ) ব্যক্তিগত ক্ষেত্ৰত গুৰুত্ব: গোলকীকৰণৰ ফলত বিভিন্ন দেশৰ চৰকাৰে ব্যক্তিগত আৰু বহুজাতিক পুঁজিৰ সেৱাত অধিকভাৱে ব্যস্ত হৈ পৰে।

(ঘ) ব্যাপক দুৰ্নীতি: গোলকীকৰণৰ ফলত বিভিন্ন দেশৰ ৰাজনীতিত ব্যাপক দুৰ্নীতিৰো সূচনা কৰিছে।

২২। গোলকীকৰণৰ অৰ্থনৈতিক ফলশ্ৰুতি সম্পৰ্কে লিখা। (Discuss the Economic consequences of Globalization.)

উত্তৰঃ গোলকীকৰণ প্ৰক্ৰিয়াই দেশীয় তথা আন্তৰ্জাতিক ব্যাপক প্ৰভাৱ বিস্তাৰ কৰে-

(ক) বজাৰ অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীলতা: গোলকীকৰণৰ ফলত পৃথিৱীৰ বিভিন্ন দেশৰ অৰ্থনীতি বজাৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে।

(খ) আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰশীলতা: গোলকীকৰণৰ ফলত আন্তৰ্জাতিক মুদ্ৰানিধি তথা বিশ্ববেংকৰ দৰে আন্তৰ্জাতিক প্ৰতিষ্ঠানে বিভিন্ন দেশৰ অৰ্থনীতিৰ ওপৰত বিভিন্ন ধৰণে নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে।

(গ) বৈষম্য নীতি: গোলকীকৰণৰ মাজেৰে গঢ়ি উঠা বিশ্ব বাণিজ্য ব্যৱস্থাত বিভিন্ন ধৰণৰ বৈষম্য গঢ়ি উঠিছে। এই বাণিজ্য ব্যৱস্থাই উন্নত পুঁজিবাদী দেশসমূহক অধিকভাৱে সহায় কৰিছে।

(ঘ) দেশৰ মাজত অসমতা: বিশ্বায়ণৰ মাজেৰে নামি অহা উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ প্ৰক্ৰিয়াই বিভিন্ন দেশ তথা দেশৰ ভিতৰতে বিভিন্ন বৰ্গৰ মাজত অসমতাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত কৰিছে।

২৩। গোলকীকৰণৰ সাংস্কৃতিক ফলশ্ৰুতিৰ বিষয়ে সংক্ষেপে লিখা। (Write briefly about the Cultural consequences of Globalization.)

উত্তৰঃ গোলকীকৰণৰ সাংস্কৃতিক ফলাফল তলত আলোচনা কৰা হ’ল-

(ক) সাংস্কৃতিক সমন্বয়: গোলকীকৰণে ৰাষ্ট্ৰসমূহৰ মাজত সাংস্কৃতিক ক্ষেত্ৰৰ দ্বাৰা সমন্বয় সৃষ্টি কৰিছে।

(খ) থলুৱা সংস্কৃতিৰ ওপৰত প্ৰভাৱ: গোলকীকৰণৰ ফলত থলুৱা সংস্কৃতিত পশ্চিমীয়া ধাৰাৰ অধিক প্ৰভাৱ পৰা দেখা যায়।

(গ) থলুৱা সংস্কৃতিৰ আন্তৰ্জাতিক পৰিচয়: গোলকীকৰণৰ ফলত আমাৰ থলুৱা সংস্কৃতিয়ে আন্তৰ্জাতিক ক্ষেত্ৰত গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে।

(ঘ) মিশ্ৰ সংস্কৃতিৰ উদ্ভৱ: গোলকীকৰণৰ ফলত বহু ৰাষ্ট্ৰৰ থলুৱা সংস্কৃতিৰ লগত মানুহে পৰিচিত হ’ব পাৰিছে। যাৰ ফলত ৰাষ্ট্ৰসমূহৰ লগত সমন্বয় সাধন হোৱাৰ লগতে এক নতুন মিশ্ৰ সংস্কৃতিৰ উদ্ভৱ হৈছিল।

(ঙ) মানুহৰ জীৱন শৈলীৰ পৰিবৰ্তন: গোলকীকৰণে মানুহৰ জীৱন শৈলীৰ আমূল পৰিবৰ্তন আনিছে। ইয়াৰ ফলত বিভিন্ন সংস্কৃতিৰ ধাৰণাৰ দ্বাৰা মানুহে প্ৰভাৱিত হৈছে। নতুন প্ৰযুক্তিৰ উদ্ভাৱন, অন্য সংস্কৃতিৰ আদৰ্শ আদিৰ দ্বাৰা মানুহৰ জীৱন ধাৰণাৰ প্ৰণালীৰ পৰিবৰ্তন সাধন হৈছে।

২৪। আন্তৰ্জাতিক মুদ্ৰানিধিৰ কাৰ্যসমূহ লিখা। (Write the functions of International Monetary Fund.)

উত্তৰঃ আন্তৰ্জাতিক মুদ্ৰানিধিৰ কাৰ্যসমূহ তলত আলোচনা কৰা হ’ল-

(ক) এটা স্থায়ী সংস্থাৰ জৰিয়তে আন্তৰ্জাতিক মৌদ্ৰিক সহযোগিতাৰ উন্নতি কৰা; যিয়ে আন্তৰ্জাতিক বিত্তীয় সমস্যাসমূহ সমাধানৰ বাবে পৰামৰ্শ দান আৰু সহযোগিতাৰ আহিলা প্ৰদান কৰে।

(খ) আন্তৰ্জাতিক বাণিজ্য প্ৰসাৰ আৰু ভাৰসাম্য বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা আৰু উচ্চ স্তৰৰ নিয়োগ, প্ৰকৃত আয় বৃদ্ধি আৰু অৰ্থনৈতিক আঁচনিৰ মূল্য লক্ষ্য হিচাপে সকলো সদস্যৰে উৎপাদিত সম্পদৰ বিকাশ সাধন কৰা।

(গ) বিনিয়নৰ সুস্থিৰতা উন্নত কৰা, সদস্যসকলৰ মাজত পৰিপাটিকৈ বিনিয়মৰ ব্যৱস্থা কৰা আৰু প্ৰতিযোগিতামূলক বিনিময় মূল্যৰ হ্ৰাস পৰিহাৰ কৰা।

(ঘ) আন্তৰ্জাতিক মুদ্ৰানিধিৰ সাধাৰণ সম্পদসমূহক অস্থায়ীভাৱে উপলভ্য কৰি ইয়াৰ সদস্যসকলক সাহস দিয়া আৰু তেওঁলোকৰ টকা পৰিশোধৰ ভুলবোৰ শুধৰাবৰ বাবে সুবিধা দিয়া।

(ঙ) সদস্যসকলৰ টকা পৰিশোধৰ ভাৰসাম্যতাৰ ক্ষেত্ৰত সময় আৰু অসমতাৰ পৰিমাণ কম কৰা।

২৫। বিশ্ববেংকৰ কাৰ্যসমূহ উল্লেখ কৰা। (Mention the functions of World Bank.)

উত্তৰঃ বিশ্ব বেংকৰ মূল কাৰ্যসমূহ তলত দিয়া ধৰণৰ – 

(ক) বিধ্বংস ৰাষ্ট্ৰসমূহৰ পুনৰ নিৰ্মাণৰ কাৰণে ঋণ প্ৰদান কৰা।

(খ) অনুন্নত ৰাষ্ট্ৰসমূহক উন্নয়নমূলক ঋণ প্ৰদান কৰা।

(গ) চৰকাৰী কাৰ্যক্ৰম যেনে কৃষি, শক্তি, যাতায়াত, জনসিঞ্চন, শিক্ষা আৰু স্বাস্থ্য আদিৰ বাবে ঋণ প্ৰদান কৰা।

(ঘ) কিছুমান নিৰ্দিষ্ট প্ৰকল্পৰ বাবে ঋণ প্ৰদান কৰা। দীর্ঘম্যাদী উন্নয়নশীল প্ৰকল্পৰ বাবে ৫-২০ বছৰ সময় সীমাৰ ঋণ প্ৰদান কৰা হয়।

(ঙ) সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বিবাদ নিষ্পত্তি কৰা।

(চ) সদস্য ৰাষ্ট্ৰসমূহলৈ বিভিন্ন কাৰিকৰী সহায় আগবঢ়োৱা। 

(ছ) অৰ্থনৈতিক, কাৰিকৰী আৰু বিত্তীয় ক্ষেত্ৰত জড়িত নিৰ্দিষ্ট প্ৰকল্পত সদস্য ৰাষ্ট্ৰসমূহক উপদেশ দিয়া।

২৬। বিশ্ব বেংকৰ উদ্দেশ্যসমূহ লিখা। (Write the objectives of World Bank.)

উত্তৰঃ বিশ্ব বেংকৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ’ল-

(ক) সদস্য ৰাষ্ট্ৰৰ পুনঃনিৰ্মাণ আৰু বিকাশৰ বাবে বিত্তৰ বিনিয়োগ কৰা; উৎপাদনমূলক কাৰ্যসমূহ যেনে-

(১) যুদ্ধৰ দ্বাৰা ধ্বংস হোৱা অৰ্থনীতিৰ পুনৰুদ্ধাৰ।

(২) উৎপাদনমূলক সুবিধাসমূহ শক্তিপূৰ্ণ প্ৰয়োজনলৈ পুনঃপৰিবৰ্তন বা সলনি কৰা।

(৩) অনুন্নত ৰাষ্ট্ৰবোৰত উৎপাদনমূলক সুবিধা আৰু সম্পদৰ উন্নয়নৰ বাবে উৎসাহিত কৰা।

(খ) ব্যক্তিগত বিনিয়োগকাৰীসকলক ঋণৰ অংশগ্ৰহণ বা নিশ্চয়তা প্ৰদান কৰি ব্যক্তিগত বিনিয়োগক উৎসাহ যোগোৱা।

(গ) সদস্য ৰাষ্ট্ৰসমূহৰ ক্ষুদ্ৰ আৰু বৃহৎ গোটসমূহক অন্য প্ৰকল্পৰ বাবে ঋণ প্ৰদান কৰা।

(ঘ) যুদ্ধৰ সময়ৰ পৰা শান্তিৰ অৰ্থনীতিলৈ সহজে হস্তান্তৰ কৰিবলৈ উন্নয়নশীল প্ৰকল্পৰ প্ৰয়োগ কৰা।

(ঙ) পৰিশোধৰ ভাৰসাম্যতাৰ সমতা আৰু আন্তৰ্জাতিক বাণিজ্যৰ ভাৰসাম্য বিকাশৰ বাবে দীৰ্ঘম্যাদী মূলধনৰ বিনিয়োগ হ্ৰাস কৰা।

২৭। বিশ্ব বেংকৰ গোট পাঁচটাৰ নাম লিখা। (Write the five groups of world Bank.)

উত্তৰঃ বিশ্ব বেংকৰ পাঁচটা গোট আছে। সেইকেইটা হ’ল-

(ক) International Bank for Reconstruction and development (IBRD).

(খ) International Development Association (IDA.)

(গ) International Finance Corporation (IFC).

(ঘ) Multilateral Investment Guarantee Agency (MIGA).

(ঙ) International Centre for Settlement of Investment Disputes (ICSID).

২৮। ভাৰত আৰু আন্তৰ্জাতিক মুদ্ৰানিধিৰ সম্পৰ্ক চমুকৈ ব্যাখ্যা কৰা। (Explain the relationship between India and IMF.)

উত্তৰঃ ভাৰতে ১৯৪৫ চনৰ ২৭ ডিচেম্বৰত আন্তৰ্জাতিক মুদ্ৰানিধিত যোগদান কৰিছিল। ভাৰত আৰু IMFৰ সম্পর্ক সন্নিহিত হৈ আছে, যেতিয়া ভাৰতে ইয়াৰ আন্তৰ্জাতিক সন্মান আৰু বিত্তীয় নীতি শক্তিশালী কৰিবলৈ অৰ্থনৈতিক সংস্কাৰৰ সহায় বিচাৰিছিল। IMFৰ সৈতে লগ লাগি ভাৰতে অৰ্থনৈতিক সংস্কাৰৰ কাৰণে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ এক সন্নিহিত ধাৰণা গ্ৰহণ কৰিছিল। যেতিয়াই ভাৰতে অৰ্থনৈতিক সংকটত ভুগিছিল, তেতিয়াই IMFএ ভাৰতক সহায়ৰ হাত আগবঢ়াই আহিছিল। ১৯৮১ চনত ভাৰতে IMFৰ পৰা বৃহত্তম ঋণ লাভ কৰিছিল, যিটো অন্য উন্নয়নশীল ৰাষ্ট্ৰৰ তুলনাত সৰ্বাধিক আছিল। তদুপৰি ১৯৫০ৰ দশকত যেতিয়া ভাৰতত খাদ্য যোগানৰ অসুবিধা সৃষ্টি হৈছিল, তেতিয়া ই খাদ্য যোগানৰ বাবে আমেৰিকাৰ কাষ চাপিছিল।

২৯। “বিশ্বায়নৰ বিৰুদ্ধে বিশ্বব্যাপী প্ৰতিবাদ হৈছে”- ব্যাখ্যা কৰা। (Explain “there has been a global protest against globalization”)

উত্তৰঃ বিশ্বায়নে গোটেই বিশ্বব্যাপী সমালোচনাৰ মুখামুখী হৈছে। বাওঁপন্থীসকলে যুক্তি আগবঢ়াইছে যে সমসাময়িক বিশ্বায়নে এটা বিশেষ সময়ৰ বিশ্ব পুঁজিবাদক প্ৰতিনিধিত্ব কৰে যিয়ে ধনীসকলক বেছি ধনী আৰু দুখীয়াসকলক বেছি দুখীয়া কৰে। ৰাষ্ট্ৰৰ দুৰ্বলতাই দুখীয়াৰ স্বাৰ্থক সুৰক্ষা দিব পৰা ৰাষ্ট্ৰৰ সামৰ্থ কমাই দিয়ে। বিশ্বায়নৰ সমালোচকসকলৰ ৰাজনৈতিক সোঁপন্থীসকলে ইয়াৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ফলাফল সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰিছে। ৰাজনৈতিক দৃষ্টিকোণেৰে তেওঁলোকে ৰাষ্ট্ৰৰ দুৰ্বলতাৰ বাবেও ভয় খাইছে।অৰ্থনৈতিকভাৱে তেওঁলোকে আত্মবিশ্বাস আৰু সুৰক্ষাবাদলৈ ঘূৰি অহাটো বিচাৰে, অন্ততঃ অৰ্থনীতিৰ কিছুমান ক্ষেত্ৰত সাংস্কৃতিকভাৱে তেওঁলোকে ভয় খাইছে যে পৰম্পৰাগত সংস্কৃতিৰ ক্ষতি হ’ব আৰু জনসাধাৰণে তেওঁলোকৰ বহু বছৰ পুৰণি মূল্যবোধ আৰু পথ হেৰুৱাব।

১৯৯৯ চনত বিশ্ব বাণিজ্য সংস্থাৰ মন্ত্ৰীস্তৰীয়  সন্মিলনত অৰ্থনৈতিকভাৱে শক্তিশালী ৰাষ্ট্ৰবোৰে ব্যৱসায়ৰ ক্ষেত্ৰত অন্যায় নীতি অৱলম্বন কৰাৰ বাবে দোষাৰোপ কৰি বিস্তৃত প্ৰতিবাদ কৰা হৈছিল। এইটো যুক্তি আগবঢ়োৱা হৈছিল যে ক্ৰমবিকাশশীল বিশ্ব অৰ্থনৈতিক ব্যৱস্থাও উন্নয়নশীল বিশ্বৰ স্বাৰ্থক যথেষ্ট গুৰুত্ব দিয়া নহয়।

বিশ্বৰ সামাজিক ফ’ৰাম আন এখন বিশ্ব মঞ্চ, যিয়ে এটা বিস্তৃত সংযোজন কৰিছে মানৱ অধিকাৰৰ কৰ্মীসকল, পৰিৱেশবিদসকল, শ্ৰমিক, ডেকা আৰু মহিলা কৰ্মীসকলক একেলগ কৰি ই নতুন উদাৰনৈতিক বিশ্বায়নৰ বিৰোধিতা কৰে।

৩০। বিশ্বায়নৰ পৰিপ্ৰেক্ষিতত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ পৰিবৰ্ধিত আৰু সংকুচিত ভূমিকা আলোচনা কৰা। (Discuss the expanded and contracted role of developing countries in terms of globalization?)

উত্তৰঃ বিশ্বায়নৰ ফলত উন্নয়নশীল ৰাষ্ট্ৰসমূহে যি আঁচনি গ্ৰহণ কৰিবলৈ ইচ্ছা কৰে তাৰ ওপৰত এক প্ৰভাৱ বিস্তাৰ কৰে। কাৰণ এখন দেশে অন্য এখন দেশৰ লগত ব্যৱসায়িক সম্পর্ক স্থাপনৰ বেলিকা দুইখন দেশৰ চৰকাৰৰ মাজত থকা চুক্তিসমূহৰ প্ৰতি বিবেচনা কৰিব লাগে। এই ক্ষেত্ৰত বিশ্ব বাণিজ্যিক সংস্থা, বিশ্ব শ্ৰমিক সংস্থা আদিৰ নীতি-নিময়ৰ দ্বাৰা চৰকাৰ প্ৰভাৱিত হয়। বহু সময়ত এই আন্তৰ্জাতিক সংস্থাই শ্ৰমিকৰ নিৰাপত্তা আৰু ব্যৱসায়িক কাম-কাজৰ সুস্থ পৰিৱেশৰ বাবে ৰাজনৈতিক নীতি-নিময়ক সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। 

উদাহৰণস্বৰূপে আন্তৰ্জাতিক ব্যৱসায়-প্ৰতিষ্ঠানসমূহৰ প্ৰভাৱ বৃদ্ধি হোৱাৰ লগে লগে চৰকাৰৰ সিদ্ধান্তৰ এক প্ৰভাৱ আৰোপ কৰিছে। অৱশ্যে বিশ্বায়নে সকলো সময়তে চৰকাৰৰ ক্ষমতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। সেয়ে উন্নয়নশীল ৰাষ্ট্ৰসমূহে দেশৰ আইন আৰু নীতিৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাক বজাই ৰাখিবলৈ প্ৰয়োজন হোৱা সকলো কাৰ্যাৱলী গ্ৰহণ কৰিব পাৰে। 

আনহাতে, বিশ্বায়নৰ ফলত উন্নতি হোৱা প্ৰযুক্তি ক্ষেত্ৰখনৰ সহায়ত চৰকাৰে নিজৰ নীতি-নিয়মসমূহক অধিক সু-পৰিকল্পিতভাৱে বাস্তৱ ক্ষেত্ৰত ৰূপায়ন কৰিবলৈ সমৰ্থ হৈছে। সেয়ে উন্নয়নশীল  ৰাষ্ট্ৰসমূহৰ বেলিকা বিশ্বায়নৰ পাচত অধিক শক্তিশালী আৰু ফলপ্ৰসূভাৱে নিজৰ ৰাষ্ট্ৰীয় আঁচনিসমূহ ৰূপায়ন কৰি লক্ষ্যত উপনীত হ’ব পাৰিছে।

৩১। বিশ্ব বেংকৰ (World Bank) কাৰ্যসমূহ লিখা। (Write the functions of the World Bank.)

উত্তৰঃ বিশ্ব বেংকৰ (World Bank) কাৰ্যসমূহ তলত দিয়া ধৰণৰ-

(ক) বিধ্বংসী ৰাষ্ট্ৰসমূহৰ পুনৰ নিৰ্মাণৰ বাবে ঋণ প্ৰদান কৰা।

(খ) অনুন্নত ৰাষ্ট্ৰৰ বিকাশৰ বাবে ঋণ প্ৰদান কৰা।

(গ) চৰকাৰী কাৰ্যসূচী যেনে কৃষি, শক্তি, যাতায়াত, পানীযোগান, শিক্ষা, স্বাস্থ্য আৰু জলসিঞ্চন আদিৰ বাবে ঋণ প্ৰদান কৰা।

(ঘ) নিৰ্দিষ্ট প্ৰকল্পৰ কাৰণে ঋণ প্ৰদান কৰা। দীৰ্ঘম্যাদী বিকাশৰ প্ৰকল্পৰ বাবে ৫ৰ পৰা ২০ বছৰ সময় সীমালৈ ঋণ প্ৰদান কৰা।

(ঙ) অনুন্নত ৰাষ্ট্ৰৰ অৰ্থনৈতিক সংস্কাৰ সাধন কৰি ঔদ্যোগিক বিকাশ সাধন কৰা।

(চ) সদস্য ৰাষ্ট্ৰসমূহৰ বিবাদ নিষ্পত্তি কৰা।

(ছ) সদস্য ৰাষ্ট্ৰসমূহলৈ কাৰিকৰী সেৱা আগবঢ়োৱা। 

(জ) অৰ্থনৈতিক, কাৰিকৰী আৰু বিত্তীয় আদিৰ নিৰ্দিষ্ট প্ৰকল্পৰ বাবে সদস্য ৰাষ্ট্ৰসমূহক দিহা-পৰামৰ্শ প্ৰদান কৰা।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

১। গোলকীকৰণৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। (Explain the features of globalization.)

উত্তৰঃ গোলকীকৰণৰ মূল বৈশিষ্ট্যসমূহ হ’ল-

(ক) উদাৰীকৰণ: গোলকীকৰণ প্ৰক্ৰিয়াই অৰ্থনীতিৰ উদাৰীকৰণ ব্যৱস্থাক গুৰুত্ব দিয়ে। ইয়াত ব্যক্তি বা প্ৰতিষ্ঠানে উদ্যোগ স্থাপন, ব্যৱসায়, সম্পদৰ বিনিময় আদিৰ ক্ষেত্ৰত এখন দেশৰ লগত আন এখন দেশৰ সম্পর্ক স্থাপন কৰিবলৈ স্বাধীনতা লাভ কৰে।

(খ) মুক্ত বাণিজ্য: মুক্ত বাণিজ্য গোলকীকৰণ প্ৰক্ৰিয়াৰ অন্য এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যৰ ক্ষেত্ৰত ৰাষ্ট্ৰ এখনৰ চৰকাৰৰ অত্যাধিক হস্তক্ষেপ নাথাকে। বাণিজ্যৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহক মুক্ত নীতি গ্ৰহণ কৰা দেখা যায়।

(গ) অৰ্থনৈতিক কাৰ্যকলাপৰ গোলকীকৰণ: ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ অৰ্থনৈতিক কাৰ্য-কলাপৰ দ্বাৰা নিয়ন্ত্ৰিত; ৰাষ্ট্ৰীয় অৰ্থনীতি আৰু বিশ্ব অৰ্থনীতিৰ সহযোগিতা আদি গোলকীকৰণৰ জড়িয়তে সম্ভৱ হৈ পৰিছে।

(ঘ) সীমাবিহীন পৃথিৱী: গোলকীকৰণে দেশীয় সীমাৰ বাধা অতিক্ৰম কৰি আন্তঃৰাষ্ট্ৰীয় সংযোগ সাধন কৰিছে। সেয়েহে গোলকীকৰণৰ যুগত সম্পূৰ্ণ পৃথিৱীখনক সীমাবিহীন পৃথিৱী বুলি কোৱা হয়।

(ঙ) এক বহুমুখী প্ৰক্ৰিয়া: গোলকীকৰণ এক বহুমুখী প্ৰক্ৰিয়া। ই কেৱল অৰ্থনৈতিক দিশকে নহয়; ৰাজনৈতিক, সাংস্কৃতিক দিশকো সামৰি লয়।

(চ) সংযোগিতা: গোলকীকৰণে এটা অঞ্চলক আন এটা অঞ্চলৰ সৈতে এখন দেশক আন এখন দেশৰ সৈতে সংযোগিতা কৰে।

(ছ) এক যৌগিক প্ৰক্ৰিয়া: গোলকীকৰণ এক যৌগিক প্ৰক্ৰিয়া। ই জাতীয় ৰাষ্ট্ৰসমূহক উমৈহতীয়া অৰ্থনৈতিক, বাণিজ্যিক, ৰাজনৈতিক, সাংস্কৃতিক আদি ক্ষেত্ৰৰ দ্বাৰা সংযোগ কৰি ৰাখে।

(জ) আমদানি-ৰপ্তানি ব্যৱস্থাৰ উদাৰীকৰণ: গোলকীকৰণ প্ৰক্ৰিয়াই সামগ্ৰীৰ আমদানি বা ৰপ্তানিৰ ক্ষেত্ৰত থকা পূৰ্বৰ বাধ্যবাধকতা বহুখিনি হ্ৰাস কৰিছে। ই ৰাষ্ট্ৰসমূহৰ সীমাৰ বাহিৰত সামগ্ৰী আৰু সেৱাৰ মুক্ত প্রবাহৰ সুবিধা প্ৰদান কৰিছে।

(ঝ) ব্যক্তিগতকৰণ: গোলকীকৰণ প্ৰক্ৰিয়াই ৰাষ্ট্ৰসমূহক উৎপাদন আৰু বিতৰণ ব্যৱস্থাৰ পৰা নিলগত ৰাখি মুক্ত বাণিজ্য, উদ্যোগ স্থাপন তথা অন্য অৰ্থনৈতিক কাৰ্যৰ ক্ষেত্ৰত ব্যক্তিগত প্ৰতিষ্ঠানৰ ভূমিকা বৃদ্ধিত অৰিহণা যোগাইছে।

(ঞ) বৰ্দ্ধিত সহযোগিতা: গোলকীকৰণ প্ৰক্ৰিয়াই আধুনিকীকৰণ, উন্নয়ন আৰু প্ৰযুক্তিৰ উন্নয়ন সাধন কৰাৰ উদ্যোগীসকলৰ মাজত সহযোগিতা বৃদ্ধিৰ পোষকতা কৰে।

(ট) অৰ্থনৈতিক সংস্কাৰ: মুক্ত বাণিজ্য, মুক্ত উদ্যোগ আৰু বজাৰসমূহৰ বিকাশৰ বাবে গোলকীকৰণে অৰ্থনৈতিক আৰু বিত্তীয় সংস্কাৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে।

গোলকীকৰণে মুক্ত বাণিজ্য, বিশ্বৰ বজাৰত অংশগ্ৰহণৰ সুবিধা আৰু ৰাষ্ট্ৰৰ সীমাৰ বাহিৰত বিনিয়োগৰ প্রবাহৰ পোষকতা কৰে। ই বিশ্ব সংস্কৃতিৰ, অৰ্থনীতিৰ আৰু আন্তঃগাথঁনিৰ সংহতি আৰু গণতান্ত্ৰিকৰণ সমৰ্থন কৰে।

২। গোলকীকৰণৰ সুফলসমূহ লিখা। (Write the merits of Globalization.)

উত্তৰঃ গোলকীকৰণৰ সুফলসমূহ তলত উল্লেখ কৰা হ’ল-

(ক) ক্ষীপ্ৰ অৰ্থনৈতিক বিকাশ (Rapid Economic Development): গোলকীকৰণে সকলো মানুহকে সচেতন আৰু কৰ্মতৎপৰ কৰি তুলিছে। প্ৰতিযোগিতাৰ অংশীদাৰ হৈ প্ৰত্যেকে আৰু অধিক উৎপাদনৰ প্ৰচেষ্টা চলায়। পৃথিৱীৰ প্ৰত্যেক ৰাষ্ট্ৰৰ অৰ্থনৈতিক উন্নতিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

(খ) বিনিয়োগ বৃদ্ধি (More of investment): মুক্ত অর্থনীতিয়ে বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰে। ধনী দেশবোৰে দুখীয়া দেশবোৰতে মূলধন বিনিয়োগৰ উপৰি উদ্যোগ প্ৰতিষ্ঠা কৰা দেখা যায়।

(গ) কৰ্মসংস্থাপন বৃদ্ধি (More of Employment): উন্নয়নশীল ৰাষ্ট্ৰবোৰত উদ্যোগ স্থাপনে কৰ্মসংস্থাপন বৃদ্ধিত অৰিহণা যোগায়। দক্ষতাসম্পন্ন যোগ্য ব্যক্তিয়ে বিভিন্ন উদ্যোগত কর্মসংস্থাপন পাবলৈ সক্ষম হয়।

(ঘ) ঘৰুৱা উদ্যোগৰ দক্ষতা বৃদ্ধি (Increase in the Efficiency of Domestic Companies): ঘৰুৱা উদ্যোগবোৰে বহুজাতিক কোম্পানীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হয়; যাৰ ফলত ইয়াৰ কৰ্মদক্ষতা বৃদ্ধি পায়।

(ঙ) সাংস্কৃতিক সংযোগ (Cultural linkage): যিহেতু গোলকীকৰণে দেশীয় সীমাৰ বাধা অতিক্ৰম কৰে; সেইবাবে এখন দেশৰ সংস্কৃতিক আন দেশলৈ প্ৰবাহিত হোৱাত সহায়ক হয়। ধাৰণা, মূল্যবোধ, পৰম্পৰা আদিৰ আদান-প্ৰদানৰ ফলত এক নতুন সংস্কৃতি গঢ় লৈ উঠে আৰু তেওঁলোকৰ মাজত থকা সাংস্কৃতিক বিভিন্নতা হ্ৰাস পায়।

(চ) এক পৃথিৱী (One World): গোলকীকৰণে গোটেই পৃথিৱীখনক এক কৰাত সফল হৈছে। ই জাতীয় সীমাৰ বাধা অতিক্ৰম কৰিছে আৰু সকলো ৰাষ্ট্ৰকে বন্ধুত্ব, সহযোগিতাৰে বান্ধি ৰাখিছে।

(ছ) গণতন্ত্ৰক শক্তিশালী কৰে (Strengthening of Democracy): গোলকীকৰণৰ ফলত গণতন্ত্ৰ শক্তিশালী হয়। গণতন্ত্ৰই মূলতঃ ৰাজনৈতিক স্বাধীনতাক বুজায়; আৰু অৰ্থনৈতিক স্বাধীনতা অবিহনে ৰাজনৈতিক স্বাধীনতা অৰ্থহীন। যিহেতু গোলকীকৰণে জনসাধাৰণক অৰ্থনৈতিক স্বাধীনতা প্ৰদান কৰে; সেয়ে ই গণতান্ত্ৰিক ব্যৱস্থাত সক্রিয় অংশ গ্ৰহণৰ সুবিধা প্ৰদান কৰে।

(জ) চৰকাৰ অধিক দক্ষ হয় (The Government becomes more efficient): গোলকীকৰণে চৰকাৰক পৰম্পৰাগত ধীৰ, দুৰ্নীতিগ্ৰস্ত, প্ৰকৃতি সলনি কৰিবলৈ বাধ্য কৰাইছে। উদাৰীকৰণ আৰু গোলকীকৰণৰ ফলত চৰকাৰ অধিক স্বচ্ছ আৰু সক্রিয় হৈছে।

৩। গোলকীকৰণৰ দুৰ্বলতা বা দোষসমূহ আলোচনা কৰা। (Discuss the demerits of Globalization.)

উত্তৰঃ গোলকীকৰণৰ দোষসমূহ তলত আলোচনা কৰা হ’ল-

(ক) অনুন্নত ৰাষ্ট্ৰসমূহক শোষণ (Exploitation of underdeveloped Countries): বহুজাতিক উদ্যোগসমূহে অনুন্নত ৰাষ্ট্ৰৰ পৰা কম মূল্যত কেঁচা সামগ্ৰী ক্ৰয় কৰে আৰু নিজ ৰাষ্ট্ৰলৈ আনি সামগ্ৰী উৎপাদন কৰে। সেই উৎপাদিত সামগ্ৰী পুনৰ অনুন্নত ৰাষ্ট্ৰলৈ অধিক লাভত বিক্ৰী কৰে। গতিকে বৃহৎ পৰিমাণৰ লাভ এই বহুজাতিক প্ৰতিষ্ঠানসমূহে লাভ কৰে।

(খ) বৰ্দ্ধিত কৰ্মসংস্থাপনহীনতা (Increase in Unemployment): বৃহৎ উদ্যোগ প্ৰতিষ্ঠানবোৰে কৰ্মচাৰীৰ হাৰ কমাবলৈ অত্যাধুনিক যন্ত্ৰপাতিৰ ব্যৱহাৰ কৰে। তদুপৰি উন্নয়নশীল ৰাষ্ট্ৰৰ চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগৰ পৰা বিনিয়োগ কমাই আনিছে। এনেবোৰ কাৰণতে এই দেশসমূহত কৰ্মসংস্থাপনৰ অভাৱ ঘটা দেখা যায়।

(গ) ধনী-দুখীয়াৰ ব্যৱধান বৃদ্ধি (Lidening of Rich-Poor Gap): গোলকীকৰণে ধনী আৰু দুখীয়াৰ মাজৰ ব্যৱধান বৃদ্ধি কৰিছে। যিবোৰ ইতিমধ্যে চহকী তেওঁলোকে গোলকীকৰণৰ সুবিধা লাভ কৰি আৰু অধিক চহকী হৈ গৈ আছে। আনহাতে দুখীয়া শ্রেণী দুখীয়া হৈয়ে আছে।

(ঘ) সামাজিক নিৰাপত্তা আৰু সামাজিক কল্যাণত প্ৰভাৱ (Adverse Effects on Social security and social Welfare): ব্যক্তিগতকৰণৰ প্ৰভাৱত, বহু উন্নয়নশীল ৰাষ্ট্ৰই সামাজিক কল্যাণমূলক কাম পৰিহাৰ কৰিছে। ব্যক্তিগত প্ৰতিষ্ঠানসমূহে বৰ্তমান শিক্ষা, স্বাস্থ্য আৰু অন্যান্য উন্নয়নশীল ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিছে। যাৰ ফলস্বৰূপে, দুখীয়া লোকসকল বহু সমস্যাৰ সন্মুখীন হৈছে। এনে লোকসকলে শিক্ষা আৰু স্বাস্থ্যৰ বাবে অত্যাধিক ব্যয় বহল কৰিবলৈ সক্ষম নহয়। তেওঁলোকে দৰিদ্ৰতাৰ বাবে স্বাস্থ্যৰ বিমাৰ বাবেও যাব নোৱাৰে। সেইকাৰণে গোলকীকৰণৰ ফলত সামাজিক কল্যাণ বহু পৰিমাণে হ্ৰাস পাইছে।

(ঙ) পৰিবেশ ধ্বংস (Destruction of Environment): গোলকীকৰণে‌ পৰিবেশ ধ্বংস কৰিছে। অৰ্থনৈতিক উন্নতিৰ নামত পৰিবেশৰ ওপৰত বিদ্ৰুপ প্ৰভাৱ পৰিছে। বৃহৎ উদ্যোগ আৰু বান্ধসমূহ নিৰ্মাণৰ নামত পৰিবেশৰ ওপৰত বৃহৎ প্ৰভাৱ পেলাইছে।

(চ) ক্ষুদ্ৰ উদ্যোগ আৰু ক্ষুদ্ৰ ব্যৱসায় আদিৰ ওপৰত বেয়া প্ৰভাৱ (Harmful Effects on small Industries and small Business): বৃহৎ উদ্যোগসমূহে সমগ্ৰ বজাৰখন দখল কৰে।ক্ষুদ্ৰ উদ্যোগবোৰে বৃহৎ উদ্যোগৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম নহয়।

৪। আন্তৰ্জাতিক মুদ্ৰানিধিৰ সফলতাসমূহ লিখা। (Discuss the successes of International Monetory Fund.)

উত্তৰঃ আন্তৰ্জাতিক মুদ্ৰানিধিৰ সফলতাসমূহ হ’ল-

(ক) আন্তৰ্জাতিক বিত্তীয় ক্ষেত্ৰত আন্তৰ্জাতিক মুদ্ৰানিধিয়ে (IMF) এক দক্ষ পৰামৰ্শদাতা হিচাপে কাম কৰিছে। এইদৰে ইয়াৰ সদস্য ৰাষ্ট্ৰবোৰৰ অৰ্থনৈতিক সমস্যা আদি আলোচনা কৰিবলৈ ই এক ক্ষেত্ৰ প্ৰদান কৰিছে।

(খ) আন্তৰ্জাতিক বিত্ত নিধিয়ে বিত্তীয় নিয়মানুবৰ্তিতা বজায় ৰখাত আৰু ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা ৰক্ষা কৰাত গুৰুত্ব দিয়ে।

(গ) অন্য এক গুৰুত্বপূৰ্ণ অৱদান হ’ল, আন্তৰ্জাতিক মুদ্ৰানিধিয়ে সদস্য ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিত্তীয় নীতিত পৰোক্ষ বা প্ৰত্যক্ষভাৱে হস্তক্ষেপ নকৰে।

(ঘ) আন্তৰ্জাতিক মুদ্ৰানিধিৰ অন্যতম সফলতা হ’ল যে ই অনুন্নত ৰাষ্ট্ৰসমূহৰ সমস্যাসমূহ দূৰ কৰাৰ বাবে পুঁজিৰ যোগান ধৰে।

(ঙ) অৰ্থনৈতিক সমস্যাত ভুগি থকা ৰাষ্ট্ৰসমূহৰ কাৰণে আন্তৰ্জাতিক মুদ্ৰানিধিয়ে এক নতুন বাট মুকলি কৰি দিছে।

(চ) আন্তৰ্জাতিক মুদ্ৰানিধিয়ে সদস্য ৰাষ্ট্ৰবোৰক প্ৰযুক্তিগত সমৰ্থন আৰু সহায় আগবঢ়ায়। ই ৰাষ্ট্ৰবোৰৰ নতুন অৰ্থনৈতিক নীতিৰ ক্ষেত্ৰত পৰামৰ্শদাতা হিচাপে কাম কৰে।

(ছ) অৰ্থনৈতিক সংকটৰ সময়ত আন্তৰ্জাতিক মুদ্ৰানিধিয়ে ঋণ প্ৰদান কৰে। যাৰ ফলত ৰাষ্ট্ৰসমূহ এই সংকটৰ পৰা উদ্ধাৰ হোৱাত সহায় হয়।

৫। ভাৰতৰ অৰ্থনৈতিক বিকাশত বিশ্ব বেংকে কেনেদৰে অৰিহণা আগবঢ়াইছে? (How has the World Bank contributed to India’s Economic development?)

উত্তৰঃ বিশ্ব বেংকে (World Bank) প্ৰত্যেক্ষ বা পৰোক্ষভাৱে ভাৰতৰ পৰিকল্পিত অৰ্থনৈতিক বিকাশত অৰিহণা আগবঢ়াই আহিছে। বিশ্ব বেংকৰ অৰিহণাসমূহ তলত উল্লেখ কৰা ধৰণৰ-

(ক) প্ৰতিস্থাপক সদস্য (Funder-Member): Bretton Woods ৰ যুটীয়া সংস্থা-IMF আৰু World Bankৰ ভাৰত প্ৰতিষ্ঠাপক সদস্য। ভাৰতৰ বিশ্ব বেংক (World Bank)ৰ Executive Boardত এক স্থায়ী স্থান আছে।

(খ) ঋণ (Loan): ভাৰত হৈছে বিশ্ব বেংক (World Bank)ৰ পৰা বিকাশৰ বাবে অৰ্থ সাহায্য পোৱা বৃহৎ ৰাষ্ট্ৰ। ১৯৪৪ চনত সকলো ৰাষ্ট্ৰৰ ভিতৰত ভাৰতে লাভ কৰা মুঠ ধাৰৰ ১৫ শতাংশ।

(গ) International Development Association (IDA)ৰ সাহায্য: ভাৰতক International Development Associationএ ঋণ প্ৰদান কৰি আহিছে। ১৯৮০-৮১ ত IDAৰ পৰা ৫২২ কোটি ঋণ লাভ কৰিছিল। এই পৰিমাণটো ১৯৮৫-৮৬ চনত ১১৯৮ কোটি আৰু ১৯৯৭-৯৮ চনত ৩০৬৪ কোটিলৈ বৃদ্ধি পাইছিল।

(ঘ) কাৰিকৰী সহযোগিতা (Technical Assistance): ভাৰতীয় বিকাশৰ পৰিকল্পনাত বিশ্ব বেংকে (World Bank) কাৰিকৰী সহযোগিতা আগবঢ়ায়। ই ভাৰতৰ অৰ্থনৈতিক বিকাশৰ আঁচনি আৰু বৈদেশিক বিনিময়ৰ বিষয়ে পৰ্যালোচনা কৰিবলৈ বহুতো অভিযান প্ৰেৰণ কৰে।

(ঙ) বিকাশৰ বাবে ঋণ (Purpose of Loans): বিশ্ব বেংকে বিকাশৰ উদ্দেশ্য সহযোগিতা আগবঢ়ায়। বিশ্ব বেংকৰ নিধি (finance) মূলত বৃহৎ প্ৰকল্প যেনে- ৰে’লৱে, শক্তি উৎপাদন, লো আৰু ষ্টিল, বন্দৰ উন্নয়ন (Port development) ইত্যাদি।

ইয়াৰোপৰি বিশ্ব বেংকে (World Bank) বিত্তীয় অনুষ্ঠান যেনে- Industrial Development Bank of India (IDBI) and Industrial Credit and Investment Corporation of India (ICICI) আদিক ও ঋণ প্ৰদান কৰে।

৬। গোলকীকৰণৰ সাৰ্বভৌমত্ব সম্পৰ্কে আলোচনা কৰা। (Discuss the sovereignty of Globalization.)

উত্তৰঃ আঞ্চলিক অৰ্থনৈতিক সংগঠনৰ বিকাশ আৰু বিশ্বায়ন প্ৰক্ৰিয়াই উমৈহতীয়াভাৱে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ প্ৰতি প্ৰত্যাহ্বান আনিছে। তদুপৰি নব্য-উপনিবেশীকতাই উন্নয়নশীল ৰাষ্ট্ৰৰ অৰ্থনৈতিক, আদৰ্শগত আৰু সাংস্কৃতিক দিশত নিয়ন্ত্ৰণ কৰি ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বত বাধা আনিছে। গোলকীয় নিৰ্ভৰশীলতা, নব্য-উপনিবেশীকতা, বিশ্বায়ন আৰু উদাৰীকৰণ, ব্যক্তিগতকৰণে সাৰ্বভৌমত্বৰ প্ৰতি এক বৃহৎ সীমাবদ্ধতা বা বাধা হিচাপে থিয় দিছে।

বিংশ শতিকাৰ সময়ছোৱাত, কল্যাণকামী ৰাষ্ট্ৰৰ বিকাশ আৰু সাম্যবাদী আদৰ্শৰ অৰ্থনৈতিক বিকাশে, ৰাষ্ট্ৰৰ কাৰ্যকলাপ বৃদ্ধি কৰাৰ মূল ইন্ধন হিচাপে কাম কৰিছে। ৰাষ্ট্ৰই লাহে লাহে উদ্যোগৰ স্বত্বাধিকাৰী হ’বলৈ আৰু সমাজৰ অৰ্থনৈতিক জীৱনৰ নিৰ্ণায়ক হ’বলৈ সাৰ্বভৌমত্বক ব্যৱহাৰ কৰিবলৈ লৈছে। অৰ্থাৎ ৰাষ্ট্ৰই মানুহৰ আৰ্থ-সামাজিক দিশত বৃহৎ পৰিমাণৰ ক্ষমতা লাভ কৰে।

অৱশ্যে, বিংশ শতিকাৰ শেষৰ ফালে অৰ্থনৈতিক-ৰাজনৈতিক উদাৰীকৰণৰ বিকাশে পুৰণি ধাৰণাৰ পৰিবৰ্তন সাধন কৰে। গোলকীকৰণৰ বিকাশে ৰাষ্ট্ৰৰ কল্যাণকামী চৰিত্ৰত পৰিবৰ্তন আনে। তদুপৰি ৰাষ্ট্ৰৰ অৰ্থনৈতিক ক্ষেত্ৰত ভূমিকা আৰু কাৰ্যৰ হ্ৰাস পাবলৈ ধৰে। যদিও ইয়াৰ ভূমিকা এক ৰক্ষক হিচাপে বাহাল থাকে, তথাপি ইয়াৰ অৰ্থনৈতিক কাৰ্যত বৃহৎ পৰিবৰ্তন আহিবলৈ ধৰে।

ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বত প্ৰভাৱ পেলোৱা ক্ষেত্ৰসমূহ তলত দিয়া ধৰণৰ-

(ক) অৰ্থনৈতিক ক্ষেত্ৰত ৰাষ্ট্ৰৰ ভূমিকা হ্ৰাস: উদাৰীকৰণ-ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়াই ৰাষ্ট্ৰৰ অৰ্থনৈতিক দিশত সীমাবদ্ধতা আনিছে। জনসাধাৰণৰ প্ৰয়োজনীয়তাসমূহ পূৰ কৰাত ৰাজহুৱা খণ্ডৰ ব্যৰ্থতাই ৰাষ্ট্ৰৰ ওপৰত মানুহৰ বিশ্বাস বহু পৰিমাণে হ্ৰাস কৰিছে।

(খ) আঞ্চলিক সক্ৰিয়তা আৰু সদস্য ৰাষ্ট্ৰৰ উমৈহতীয়া সিদ্ধান্ত: মুক্ত বাণিজ্য, বজাৰৰ প্ৰতিযোগিতা, বহুজাতিক প্ৰতিষ্ঠান আৰু আন্তৰ্জাতিক অৰ্থনৈতিক সংগঠন আদিৰ বিকাশে ৰাষ্ট্ৰীৰ কাৰ্য বহু পৰিমাণে হ্ৰাস কৰিছে। বিভিন্ন বাণিজ্যিক সংস্থা যেনে- European Union, NAFTA, APEC, ASFAN আদি সংগঠনে আন্তৰ্জাতিক অৰ্থনৈতিক সম্পৰ্কত কাম কৰি আহিছে। উদাহৰণস্বৰূপে European Unionৰ সদস্যসমূহে ইয়াৰ নীতি-নিয়ম অনুসৰি কাৰ্য কৰিব লাগে।

(গ) সিদ্ধান্ত গ্ৰহণত আন্তৰ্জাতিক নিৰ্দেশনাৰ সীমাবদ্ধতা: বৰ্দ্ধিত আত্ম নির্ভৰশীলতাই ৰাষ্ট্ৰসমূহক বাহ্যিক সাৰ্বভৌমত্বত বাধা মানি চলিবলৈ বাধ্য কৰায়। বৰ্তমান প্ৰত্যেক ৰাষ্ট্ৰই আন্তৰ্জাতিক অৰ্থনৈতিক সংগঠন যেনে WTO, World Bank আৰু IMF আদিৰ নীতি নিৰ্দেশনা মানি চলাটো গুৰুত্বপূৰ্ণ বুলি ভাবে।

(ঘ) সামৰিক শক্তিৰ গুৰুত্ব হ্ৰাস: ৰাষ্ট্ৰ এখনে ইয়াৰ সামৰিক শক্তিক ৰাষ্ট্ৰীয় শক্তিৰ এক আহিলা হিচাপে ব্যৱহাৰ কৰি আছে। কিন্তু আন্তৰ্জাতিক শক্তি আৰু সহঃঅৱস্থানৰ ধাৰণাই লাহে লাহে সামৰিক শক্তিৰ গুৰুত্ব কিছু পৰিমাণে হ্ৰাস কৰিছে।

(ঙ) প্ৰত্যেক ৰাষ্ট্ৰৰ চুক্তিৰ বাধ্যবাধকতা: বহুতো আন্তৰ্জাতিক সন্মিলন আৰু চুক্তিয়ে প্রত্যেক ৰাষ্ট্ৰৰ ওপৰত কিছু সীমাবদ্ধতা আনি দিছে। প্ৰত্যেক ৰাষ্ট্ৰৰ বৰ্তমান কোনোবা নহয়, কোনোবা চুক্তিৰ নিয়মৰ দায়বদ্ধ। বৰ্ধিত সন্ত্ৰাসবাদ, পাৰমাণৱিক শক্তিৰ বৃদ্ধি তথা পৰিবেশ ৰক্ষাৰ বাবে কৰা সামূহিক চুক্তিয়ে সকলো ৰাষ্ট্ৰকে ইয়াৰ নীতি-নিয়ম মানিবলৈ বাধ্য কৰিছে।

(চ) জনসাধাৰণৰ গোলকীয় প্ৰৱাহৰ বিকাশ: গোলকীকৰণে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মাজত সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পর্ক গঢ় লৈ উঠাত সহায় কৰিছে। তথ্য প্ৰযুক্তিৰ বিকাশ আৰু যাতায়াতৰ দ্ৰুত বিকাশে গোটেই বিশ্বখনকে এখন গোলকীয় গাঁৱত পৰিহত কৰিছে। মানুহে এতিয়া কেৱল এখন নিৰ্দিষ্ট দেশৰ নাগৰিক বুলি পৰিচয় দিয়াৰ পৰিবৰ্তে, গোটেই পৃথিৱীখনকে নিজৰ ঘৰ বুলি অনুভৱ কৰে।

সেইদৰে গোলকীকৰণ আৰু কিছুমান অন্য উপাদানে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ প্ৰতি হেচা প্ৰয়োগ কৰিছে। ৰাষ্ট্ৰৰ অৰ্থনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত বৃহৎ পৰিমাণত পৰিবৰ্তন আনিছে। তদুপৰি গোলকীকৰণৰ উপৰিও নব্য আন্তৰ্জাতিক অৰ্থনৈতিক ব্যৱস্থাৰ উদ্দেশ্যসমূহে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ প্ৰতি বাধা আনিছে।

৭। গোলকীকৰণৰ ঐতিহাসিক দৃষ্টিভংগী ব্যাখ্যা কৰা। (Explain the historical aspect of Globalization.)

উত্তৰঃ বিংশ শতিকাৰ শিল্প বিপ্লৱে পলিচ ৰাষ্ট্ৰ (police state)ৰ ধাৰণাক কল্যাণকামী ৰাষ্ট্ৰত (welfare state) পৰিবৰ্তন কৰিছে। সমাজৰ অৰ্থনৈতিক কাৰ্যত ৰাষ্ট্ৰ এক সক্ৰিয় নায়ক হিচাপে পৰিণত হয়। সমাজতান্ত্ৰিক দেশত, ৰাষ্ট্ৰৰ নিয়ন্ত্ৰিত উৎপাদন আৰু বিতৰণ ব্যৱস্থা, সামাজিক অৰ্থনৈতিক বিকাশৰ বাবে প্ৰয়োজনীয় পন্থা হিচাপে কাম কৰে। আনকি বহুতো ৰাষ্ট্ৰত জনসাধাৰণক ভাল সেৱা প্ৰদানৰ কাৰণে বহু উদ্যোগ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছে। ৰাষ্ট্ৰই বিভিন্ন সামাজিক-অৰ্থনৈতিক কাৰ্য কৰিবলৈ আৰম্ভ কৰে।

ভাৰতত অৰ্থনীতিৰ ক্ষেত্ৰত মিশ্ৰ অর্থনৈতিক আৰ্হি গ্ৰহণ কৰা হয়, য’ত মুখ্য উদ্যোগৰ মালিকীস্বত্ব ৰাষ্ট্ৰৰ হাতত আছে। আনকি জনসাধাৰণক উৎকৃষ্ট সেৱা আগবঢ়াবলৈ বীমা আৰু বেংক ব্যৱস্থাও ৰাষ্ট্ৰীয়কৰণ কৰা হৈছে।

কিন্তু, লাহে লাহে মিশ্ৰ অৰ্থনীতিৰ আৰু ৰাজহুৱা নিয়ন্ত্ৰিত অৰ্থনীতিক নিৰ্দিষ্ট লক্ষ্য পূৰণৰ বাবে পৰ্যাপ্ত নহয় বুলি ধাৰণা কৰা হয়। ১৯৮৫ চনৰ সময়ত ভাৰতৰ অৰ্থনীতি লাহে লাহে পৰিবৰ্তনৰ দিশে ধাৱবান হ’ব ধৰিলে। ভাৰতৰ ৰাজহুৱা খণ্ডৰ অৱস্থা বেয়া হ’বলৈ ধৰিলে আৰু বিদেশী বিনিময়ৰ হাৰ কমি আহিবলৈ ধৰিলে।

এনে এক সময়তে, বিশ্বখনে এক নতুন পৰিবৰ্তনৰ দিশে অগ্ৰসৰ হৈছে। বিশেষকৈ সমাজতান্ত্ৰিক ব্যৱস্থা, ছোভিয়েট অৰ্থনীতি আৰু ৰাজনৈতিক ব্যৱস্থা ধ্বংস হ’বলৈ ধৰে। সকলো সমাজবাদী ৰাষ্ট্ৰই সমাজবাদী আদৰ্শৰ পৰিত্যাগ কৰে। ৰাজনীতি আৰু অৰ্থনীতিৰ উদাৰীকৰণক এক গুৰুত্বপূৰ্ণ ধাৰণা হিচাপে গ্ৰহণ কৰা হয়। সকলোবোৰ দেশে বজাৰ অৰ্থনীতি, মুক্ত বাণিজ্য, ব্যক্তিগতকৰণ, উদাৰীকৰণ, উদ্যোগ আদিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিবলৈ লয়।

১৯৯১ চনৰ জুলাই মাহত ভাৰত চৰকাৰে অৰ্থনীতিৰ উদাৰীকৰণৰ দিশে অগ্ৰসৰ হয়। এটা নতুন অৰ্থনৈতিক আঁচনি গ্ৰহণ আৰু নিৰ্মাণ কৰা হয়, যিয়ে অৰ্থনৈতিক সংস্কাৰৰ ওপৰত গুৰুত্ব দিয়ে। ভাৰতৰ অৰ্থনৈতিক বিকাশত ১৯৯১ চনৰ সংস্কাৰ নীতিয়ে নতুন যুগৰ সূচনা কৰিছে। কিছুমান নতুন সংস্কাৰ নীতি যেনে- গোলকীকৰণ, ব্যক্তিগতকৰণ, বজাৰ অৰ্থনীতি, মুক্ত বাণিজ্য, আদিয়ে ভাৰতত এক মুক্ত অৰ্থনীতিৰ পৰিবেশৰ সূচনা কৰে।

৮। গোলকীকৰণৰ বিপক্ষে যুক্তিসমূহ আলোচনা কৰা। (Discuss about the arguments against Globalization.)

উত্তৰঃ গোলকীকৰণৰ সমালোচকসকলে গোলকীকৰণক বৃহৎ নিগমৰ কাৰ্যসূচী বুলি অভিহিত কৰে। ইয়াত বৃহৎ ব্যৱসায় গোষ্ঠীয়ে আন্তৰ্জাতিক অৰ্থনৈতিক ব্যৱস্থাক নিয়ন্ত্ৰণ কৰে।

গোলকীকৰণৰ বিপক্ষে থকা মূল যুক্তিসমূহ তলত আলোচনা কৰা হ’ল-

(ক) ধনী-দুখীয়াৰ মাজৰ ব্যৱধান বৃদ্ধি: গোলকীকৰণ ব্যৱস্থাই বৃহৎ ব্যৱসায় গোষ্ঠীক নিজৰ লাভালাভ আদায় কৰাত সহায় কৰাইছে। বৃহৎ কোম্পানীবোৰ নিজৰ লাভালাভৰ উদ্দেশ্য আগত ৰাখি ব্যৱসায়ত লিপ্ত হয়। যাৰ ফলত সমাজৰ এটা শ্ৰেণীৰ হাততহে পুঁজি পঞ্জীভূত হৈ পৰে। গোলকীকৰণৰ যুগত ৰাষ্ট্ৰসমূহৰ মাজত আয়ৰ পৰিমাণত ব্যৱধান অহা পৰিলক্ষিত হয়।

(খ) বৰ্দ্ধিত অৰ্থনৈতিক সংকট: এই নতুন অৰ্থনৈতিক ব্যৱস্থাত বহুত অৰ্থনৈতিক সংকটৰ মুখামুখি হ’ব লগা হৈছে। উদাহৰণস্বৰূপে ১৯৮০ৰ দশকত তৃতীয় বিশ্বৰ ঋণৰ সংকটৰ পৰা ১৯৯৪-৯৫ ৰ মেক্সিকান ভাঙোনলৈ অৰ্থনৈতিক সংকট বেছি ভয়াৱহ হৈ পৰিছে। ব্যক্তিগতকৰণ বৃদ্ধি পোৱাৰ লগে লগে ব্যক্তিগত খণ্ডৰ হাতত অৰ্থনৈতিক শক্তি পঞ্জীভূত হৈ পৰিছে আৰু এই ব্যক্তিগত খণ্ডৰ নিয়ন্ত্ৰণ বৃদ্ধি পাইছে। যাৰ ফলত দেশত কল্যাণমূলক আঁচনি হ্ৰাস তথা অৰ্থনৈতিক সংকট দেখা দিছে।

(গ) বৃহৎ ব্যৱসায় গোষ্ঠীৰ নিয়ন্ত্ৰণ: গোলকীকৰণ ব্যৱস্থাই বৃহৎ উদ্যোগ গোষ্ঠীৰ ভূমিকা বৃদ্ধি কৰিছে। এই বৃহৎ উদ্যোগ গোষ্ঠীয়ে ৰাষ্ট্ৰৰ কার্যত বহু পৰিমাণে হস্তক্ষেপ কৰা দেখা যায়। বহু সময়ত ৰাজনৈতিক দলসমূহ উদ্যোগ শ্ৰেণীৰ কথা মতে পৰিচালিত হোৱা দেখা যায়।

(ঘ) সা-সুবিধাৰ অসম বিতৰণ: গোলকীকৰণে মুষ্ঠিমেয় শ্ৰেণীৰ স্বাৰ্থহে পূৰণ কৰে। গোলকীকৰণে অতি ক্ষিপ্ৰতাৰে গণতন্ত্ৰক দুর্বল কৰি আনিছে। ব্যৱসায় গোষ্ঠীৰ হস্তক্ষেপে কল্যাণকামী কাৰ্যসূচীত ব্যাঘাত জন্মাইছে। ৰাষ্ট্ৰৰ সা-সুবিধাসমূহ কেৱল এটা শ্ৰেণীয়েহে লাভ কৰিছে। বাকী সংখ্যক ইয়াৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে।

(ঙ) সামাজিক নিৰাপত্তাৰ পৰিৱৰ্তে ব্যক্তিগত লাভালাভ: গোলকীকৰণ ব্যৱস্থাই সামাজিক নিৰাপত্তাৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডক লাভ আদায়ৰ দুৱাৰ মুকলি কৰি দিছে।

৯। গোলকীকৰণ আৰু ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব সম্পৰ্কে আলোচনা কৰা। (Discuss the sovereignty and globalization of the state.)

উত্তৰঃ গোলকীকৰণৰ ধাৰণাৰ বিকাশে ৰাষ্ট্ৰই সাৰ্বভৌমত্বৰ ওপৰত ব্যাপকভাৱে প্ৰভাৱ পেলাইছে। পূৰ্বতে নব্য-উপনিবেশীকতাবাদৰ প্ৰভাৱৰ ফলত হোৱা উন্নত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণে উন্নয়নশীল বা অনুন্নত ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বত বহু প্ৰভাৱ বিস্তাৰ কৰিছিল। বৰ্দ্ধিত গোলকীয় নিৰ্ভৰশীলতা, নব্য-উপনিবেশবাদ, গোলকীকৰণ আৰু উদাৰীকৰণ-ব্যক্তিগতকৰণ প্রক্রিয়াও ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বত সীমাবদ্ধতা আনিছে।

বিংশ শতিকাৰ কল্যাণকামী ৰাষ্ট্ৰৰ বিকাশ আৰু অৰ্থনৈতিক বিকাশৰ সমাজবাদী আৰ্হিৰ জনপ্ৰিয়তাই ৰাষ্ট্ৰৰ কাৰ্য বৃদ্ধিত ইন্ধন যোগাইছিল। ৰাষ্ট্ৰই ইয়াৰ উদ্যোগসমূহৰ স্বত্বাধিকাৰী হোৱাৰ বাবে আৰু ইয়াৰ অৰ্থনৈতিক কাৰ্যাৱলীৰ নিয়ন্ত্ৰণক হ’বলৈ সাৰ্বভৌমত্বৰ ব্যৱহাৰ কৰিবলৈ ধৰে। সমান্তৰালভাৱে ই জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক জীৱনত বৃহৎ ক্ষমতা প্ৰয়োগ কৰিবলৈ ধৰে।

কিন্তু বিংশ শতিকাৰ শেষৰ ফালে সমাজবাদী অৰ্থনৈতিক আৰ্হি দুৰ্বল হ’বলৈ ধৰে আৰু অৰ্থনৈতিক ৰাজনৈতিক ক্ষেত্ৰত উদাৰীকৰণৰ এক শক্তিশালী প্ৰবাহ আহে। আন্তৰ্জাতিক অৰ্থনৈতিক আৰু বাণিজ্যৰ ক্ষেত্ৰত গোলকীকৰণৰ বিকাশ সাধন হয়। ই পৰ্যায়ক্ৰমে অৰ্থনৈতিক ক্ষেত্ৰত ৰাষ্ট্ৰৰ ভূমিকা হ্ৰাস কৰি আনে। যদিও ৰাষ্ট্ৰৰ ভূমিকা এক ৰক্ষক আৰু জনসাধাৰণৰ কল্যাণকর্তা হিচাপে বাহাল থাকে; ইয়াৰ অৰ্থনৈতিক কাৰ্যত ব্যাপক পৰিবৰ্তন আহে।

ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বত সীমাবদ্ধতা অনা মূল উপাদানসমূহ তলত দিয়া ধৰণৰ-

(ক) অৰ্থনৈতিক সম্পৰ্কৰ ৰাষ্ট্ৰ ভূমিকা হ্ৰাস: উদাৰীকৰণ ব্যক্তিগতকৰণৰ প্ৰসাৰৰ ফলত ৰাষ্ট্ৰৰ অৰ্থনৈতিক ভূমিকা হ্ৰাস পাইছে। জনসাধাৰণৰ প্ৰয়োজনসমূহ পূৰণত ব্যৰ্থতাই ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাৰ্য হ্ৰাস কৰিছে।

(খ) সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া সিদ্ধান্ত আৰু আঞ্চলিক কাৰ্যকলাপ: মুক্ত বাণিজ্যৰ বিকাশ, বজাৰ প্ৰতিযোগিতা, বহুজাতিক প্ৰতিষ্ঠান আৰু আন্তৰ্জাতিক অৰ্থনৈতিক সংগঠন আৰু বাণিজ্যিক সংস্থা যেনে- ইউৰোপিয়ান ইউনিয়ন (European Union), NAFTA, APEC, ASEAN আদিৰ উত্থানে ৰাষ্ট্ৰৰ আন্তৰ্জাতিক অৰ্থনৈতিক কাৰ্যত সীমাবদ্ধতা আনিছে। তদুপৰি অৰ্থনৈতিক সংস্থাৰ অন্তৰ্গত ৰাষ্ট্ৰসমূহে সেই সংস্থাৰ নীতি-নিয়ম মানি চলিবলৈ বাধ্য।

(গ) আন্তৰ্জাতিক নিৰ্দেশনাৰ সিদ্ধান্তত সীমাবদ্ধতা: বৰ্দ্ধিত আন্তৰ্জাতিক নিৰ্ভৰশীলতাই ৰাষ্ট্ৰসমূহক সাৰ্বভৌমত্বৰ বাবে অহা সীমাবদ্ধতা মানি চলিবলৈ বাধ্য কৰাইছে। প্ৰত্যেক ৰাষ্ট্ৰই বৰ্তমান আন্তৰ্জাতিক অৰ্থনৈতিক ব্যৱস্থা যেনে- WTO, The World Bank আৰু IMF আদিৰ নীতি-নিয়ম মানিবলৈ বাধ্য।

(ঘ) প্ৰত্যেক ৰাষ্ট্ৰ চুক্তিৰ বাধ্যবাধকতা: বহুতো আন্তৰ্জাতিক চুক্তি আৰু সন্মিলন আদিৰ নীতি-নিয়মে প্ৰত্যেক ৰাষ্ট্ৰৰ ওপৰত সীমাবদ্ধতা আনে। সকলো ৰাষ্ট্ৰই এনে সন্মিলনৰ নীতি-নিময়ৰ দ্বাৰা আবদ্ধ।

(ঙ) সামৰিক শক্তিৰ গুৰুত্ব হ্ৰাস: ৰাষ্ট্ৰ এখনে সামৰিক শক্তিক ইয়াৰ জাতীয় শক্তিৰ প্ৰয়োজনীয় মাত্ৰা হিচাপে ব্যৱহাৰ কৰে। তদুপৰি আন্তৰ্জাতিক শান্তি আৰু শান্তিপূৰ্ণ সহঅৱস্থান ৰাষ্ট্ৰসমূহৰ জীৱন ধাৰণৰ মূল পন্থা হিচাপে পৰিগণিত হোৱাৰ ফলত সামৰিক শক্তিৰ গুৰুত্ব হ্ৰাস পাবলৈ ধৰে।

এনেদৰে গোলকীকৰণ তথা অন্য কিছুমান উপাদানে একেলগে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰতো ৰাষ্ট্ৰৰ ভূমিকা হ্ৰাস পাবলৈ ধৰিছে।

১০। বিশ্ব ৰাজনীতিত পাৰিপাৰ্শ্বিকতা বিষয়টোৱে গুৰুত্ব পোৱাৰ কাৰণবোৰ কি কি? (What are the reasons for the importance of the environment in world politics?)

উত্তৰঃ ১৯৯০ দশকৰ পৰা ৰাষ্ট্ৰসমূহৰ মাজত বিশ্ব পাৰিপাৰ্শ্বিকতা সংৰক্ষণৰ বিষয়টোৱে গুৰুত্ব পাবলৈ আৰম্ভ কৰা কাৰণসমূহ হ’ল-

(ক) সমগ্ৰ বিশ্বজুৰি কৃষিভূমি ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। যিখিনি কৃষিভূমি বৰ্তমানো আছে তাৰ এটা বৃহৎ অংশই উৰ্বৰতা হেৰুৱাই পেলাইছে। কৃষি ভূমিৰ লগতে নৈ, বিল আদিৰ দৰে মৎস্য উৎপাদন কৰা হৈছে সমগ্র বিশ্বৰ জলভাণ্ডাৰ ক্ষিপ্ৰ গতিত কমি অহাৰ লগতে জল প্ৰদূষণো বৃদ্ধি পাইছে যাৰ ফলত খাদ্য উৎপাদন যথেষ্ট হ্ৰাস পাইছে।

(খ) উন্নয়নশীল দেশসমূহৰ ১.২ বিলিয়ন বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ থকাৰ লগতে ২.৬ বিলিয়ন লোকৰ অনাময়ৰ সুবিধা নাই আৰু ইয়াৰ ফলত সৃষ্টি হোৱা বিভিন্ন ৰোগত প্ৰতি বছৰে প্ৰায় তিনি মিলিয়ন শিশুৰ মৃত্যু ঘটে।

(গ) প্ৰাকৃতিক অৰণ্যই জলবায়ুক স্থিৰতা প্ৰদান কৰে। ই পানীৰ যোগান নিয়মিত কৰাৰ লগতে পৃথিৱীত জৈৱ বৈচিত্ৰতা সৃষ্টি কৰে। কিন্তু সাম্প্ৰতিক সময়ত প্ৰাকৃতিক অৰণ্যসমূহ কাটি তহিলং কৰা হৈছে। যাৰ ফলত জৈৱ বৈচিত্ৰতা লোপ পাইছে। জীৱ-জন্তু বা উদ্ভিদৰ স্বাভাৱিক বাসস্থানবিলাক ধ্বংস কৰাৰ ফলতো জৈৱ বৈচিত্ৰতা লোপ পাইছে।

(ঘ) বায়ুমণ্ডলত অ’জন গেছৰ পৰিমাণ কমি অহাৰ ফলত বায়ুমণ্ডলৰ অ’জন স্তৰত কিছুমান ফুটা বা বিন্ধাৰ সৃষ্টি হৈছে। এনে বিন্ধাসমূহেদি সূৰ্য্যৰ অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ আহি অকল মানুহৰ স্বাস্থ্যৰ প্ৰতিয়েই নহয় বৰং সমগ্র পৰিস্থিতিতন্ত্ৰটোলৈ ভাবুকি কঢ়িয়াই আনিছে।

(ঙ) সমগ্ৰ বিশ্বৰে সাগৰ-মহাসাগৰৰ উপকূলীয় অঞ্চলবিলাকৰ প্ৰদূষণ ক্ৰমান্বয়ে বৃদ্ধি পোৱা দেখা গৈছে। যদিও সাগৰ-মহাসাগৰবোৰৰ মাজ অংশ তুলনামূলকভাৱে পৰিষ্কাৰ, কিন্তু উপকূল অঞ্চলত গঢ়ি উঠা জনবসতিয়ে এই অঞ্চলসমূহ প্ৰদূষিত কৰিছে। সমগ্ৰ বিশ্বতে উপকূলীয় অঞ্চলত গঢ়ি উঠা এনে জনবসতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে সাগৰীয় পৰিৱেশ আৰু বেছি দূষিত হৈ পৰিব।

১১। বিশ্বায়নৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰভাৱসমূহ আলোচনা কৰা। (Discuss the political, economic and cultural effects of globalization.)

উত্তৰঃ সমসাময়িক বিশ্বায়নৰ প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে সৃষ্টি হোৱা এটা বিতৰ্কৰ প্ৰচলিত ৰাজনৈতিক প্ৰভাৱৰ সৈতে সম্পর্ক আছে। কেনেকৈ বিশ্বায়নে ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ পৰম্পৰাগত ধাৰণাৰ ওপৰত প্ৰভাৱ পেলায়। তাৰ তিনিটা দিশ আছে।

আটাইতকৈ সহজ পৰ্যায়ত বিশ্বায়নৰ ফলত ৰাষ্ট্ৰীয় সামৰ্থ কমি যায় সেইটো হ’ল, চৰকাৰে যি কৰে সেইখিনি কৰাৰ সামৰ্থ। গোটেই পৃথিৱীতেই পুৰণা জনকল্যাণকামী ৰাষ্ট্ৰই এতিয়া এখন বেছি ক্ষুদ্ৰ ৰাষ্ট্ৰলৈ পথ উলিয়াই দিছে যিয়ে কিছুমান প্ৰধান কাৰ্য সম্পাদন কৰে। যেনে-আইন শৃংখলা নিয়ন্ত্ৰণ কৰা আৰু ইয়াৰ নাগৰিকৰ সুৰক্ষা। অৱশ্যে ই এতিয়া আগৰ বহুতো অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ লগত জড়িত কাৰ্যক বাদ দিছে। জনকল্যাণকামী ৰাষ্ট্ৰৰ ঠাইত এতিয়া বজাৰসমূহে অৰ্থনৈতিক আৰু সামাজিক অগ্ৰাধিকাৰসমূহ নিৰ্ণয় কৰে। বহুজাতিক নিগমবোৰৰ আগমন আৰু ইয়াৰ বৰ্দ্ধিত ভূমিকাই গোটেই বিশ্বতে চৰকাৰসমূহৰ নিজে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত থকা সামৰ্থ কমাই পেলাইছে।

একে সময়তে, বিশ্বায়নে সদায় ৰাষ্ট্ৰীয় সামৰ্থক নকমায়। ৰাজনৈতিক জনসমাজৰ বাবে ৰাষ্ট্ৰৰ প্ৰাধান্যৰ এতিয়াও এটা প্ৰত্যাহবান জনাব নোৱাৰা ভেটি। বিশ্ব ৰাজনীতিত ৰাষ্ট্ৰসমূহৰ মাজত থকা পুৰণা হিংসা আৰু প্ৰতিদ্বন্দ্বিতাৰ কোনো গুৰুত্ব নাই। ৰাষ্ট্ৰই একেৰাহে ইয়াৰ মুখ্য কাৰ্যসমূহ পালন কৰি আছে (আইন, শৃংখলা, ৰাষ্ট্ৰীয় সুৰক্ষা) আৰু ই সচেতন ভাবেই ইচ্ছা কৰা কিছুমান দিশক বাদ দিছে। ৰাষ্ট্ৰ একেদৰেই গুৰুত্বপূৰ্ণ।

প্ৰকৃতপক্ষে বিশ্বায়নৰ ফলস্বৰূপে কিছু ক্ষেত্ৰত ৰাষ্ট্ৰীয় সামৰ্থৰ মূল্য বৃদ্ধি হৈছে, বৰ্দ্ধিত প্ৰযুক্তিক পৰ্যাপ্তভাবে ব্যৱহাৰ কৰি ৰাষ্ট্ৰই ইয়াৰ নাগৰিকসকলৰ সকলো খবৰ সংগ্ৰহ কৰিব পাৰে। এই খবৰবোৰৰ সৈতে ৰাষ্ট্ৰই ভালকৈ শাসন কৰিবলৈ কম নহয় সামৰ্থবান হ’ব। এইদৰে নতুন প্ৰযুক্তিবিদ্যাৰ ফলস্বৰূপে ৰাষ্ট্ৰ আগতকৈ বেছি ক্ষমতাশালী হৈছে।

বিশ্বায়নৰ ফলত বিভিন্ন দেশৰ মাজত অৰ্থনৈতিক আদান-প্ৰদান বৃদ্ধি পাইছে। মূলধন চলাচল সূচল হৈছে আৰু বজাৰকেন্দ্ৰিক অৰ্থনীতি গঢ় লৈ উঠিছে। এখন দেশৰ পৰা আন এখন দেশলৈ সম্পদ আমদানিৰ ক্ষেত্ৰত বাধা-নিষেধসমূহ আঁতৰোৱা হৈছে। বহুজাতিক কোম্পানীসমূহে বজাৰ দখল কৰিছে।

বিশ্বায়নে উন্নত দেশসমূহৰ পৰা অনুন্নত দেশসমূহলৈকে সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনিছে। বিশ্বায়নে আমাৰ ঘৰত আমাক প্ৰভাৱান্বিত কৰে। আমি যি খাওঁ, যি পিন্ধো, যি চিন্তা কৰো, সকলোকে বিশ্বায়নে স্পৰ্শ কৰিছে।

১২। বিশ্বায়নে ভাৰতত কেনেকুৱা প্ৰভাৱ পেলাইছে? (How has globalization affected India?)

উত্তৰঃ বিশ্বায়নে ভাৰতক বিভিন্ন পথেৰে ক্ৰিয়া কৰিছে। সেইবোৰ হ’ল- অৰ্থনৈতিকভাৱে, সামাজিকভাৱে আৰু সাংস্কৃতিকভাৱে। স্বাধীনতাৰ পিছত ভাৰত চৰকাৰে “মিশ্ৰ অৰ্থনীতি” নীতি অৱলম্বন কৰিছিল মূলতঃ ভাৰতক অৰ্থনৈতিক ফালৰ পৰা সবল কৰিবৰ বাবে। আৰু তেতিয়াই ৰাজহুৱা খণ্ডত বহুতো ডাঙৰ ডাঙৰ উদ্যোগ গঢ়ি উঠিছিল। তাৰোপৰি ব্যক্তিগত খণ্ডৰ উন্নতিৰ হকেও বহুতো সুবিধা দিছিল। যদিও ইমানখিনি সুবিধা এই নীতি (Policy) টোৰ জৰিয়তে পাইছিল তথাপি ভাৰতে উন্নতি কৰিব পৰা নাছিল। ১৯৯১ চনত ভাৰতে এটা অৰ্থনৈতিক সংকটৰ মুখামুখী হৈছিল আৰু বহুতো লোকচান ভৰিবলগীয়া হৈছিল। সেয়ে ভাৰতে উচ্চ অৰ্থনৈতিক বিকাশৰ ইচ্ছাৰ বাবে অৰ্থনৈতিক সংশোধনৰ এখন নতুন আঁচনি কৰিলে যিয়ে ব্যৱসায় আৰু বহিঃ বিনিয়োগকে ধৰি বিভিন্ন বিষয়ত বৰ্দ্ধিতভাৱে অনিয়ন্ত্ৰনৰ ব্যৱস্থা কৰিলে। বৈদেশিক মূলধনৰ আন্দোলনৰ বাধাবোৰ হ্ৰাস কৰিবৰ কাৰণে ভাৰত বহুতো বহুজাতিক কোম্পানী গঢ় লৈ উঠিছিল। বহুতো ভাৰতীয় বিদেশলৈ কাম বিচাৰি গৈছিল আৰু তাত কাম কৰিব আৰম্ভ কৰিছিল।

আমেৰিকাৰ সংস্কৃতিৰ লগতে অন্য ইউৰোপৰ দেশবোৰৰ সংস্কৃতিও ভাৰতত বিয়পি পৰিছিল। ফলস্বৰূপে ভাৰতীয়সকলৰ সাজ-পোচাকৰ লগতে খাদ্যৰ অভ্যাসো সলনি হৈ পৰিছিল। বাৰ্গাৰ খোৱা, মচলা দোচা খোৱা আৰু নীলা জিনচ পিন্ধা আদিহে আমাৰ জীৱন-যাপনত আচৰিত ধৰণে পৰিৱৰ্তন আনিছিল। বিশ্বায়নে আমাৰ পৰিয়ালৰ দৈনন্দিন জীৱন-যাপনতো যথেষ্ট পৰিৱৰ্তন আনিছিল। যৌথ পৰিয়ালৰ ঠাইত একক পৰিয়ালৰ সৃষ্টি হৈছিল।

অন্যহাতে ভাৰতে বিশ্বয়ানক প্ৰভাৱান্বিত কৰিছিল। ভাৰতত বহুতো খবৰৰ প্ৰযুক্তিবিদ্যাৰ লগতে মহাকাশত প্ৰযুক্তিবিদ্যা বৃদ্ধি হৈছিল। ভাৰতে বেপাৰ-বাণিজ্য আদিৰ ক্ষেত্ৰত মুখ্য ভূমিকা লৈছিল।

ভাৰতত বিশ্বায়নলৈ প্ৰতিবদ্ধ বিভিন্ন ক্ষেত্ৰৰ পৰা আহিছে। ইয়াত বাওঁপন্থীসকলৰ অৰ্থনৈতিক উদাৰতাবাদলৈ বিৰোধিতা আহিছে যিবোৰ ৰাজনৈতিক দলবোৰৰ দ্বাৰা ভাৰতীয় সামাজিক ফ’ৰামৰ দৰে ফ’ৰামৰ দ্বাৰা ব্যক্ত কৰিছে। উদ্যোগিক শক্তিৰ ব্যৱসায় সংঘ আৰু যিবোৰে কৃষকৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰে সেইবোৰে বহুজাতিক নিগমবোৰ সোমোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সংঘটিত কৰিছে। নিমৰ দৰে কিছুমান গছৰ কৃতিস্বত্ব আমেৰিকা আৰু ইউৰোপৰ ফাৰ্মসমূহে লাভ কৰাৰো বহু পৰিমাণে বিৰোধিতা কৰিছে।

ৰাজনৈতিক অধিকাৰৰ পৰাও বিশ্বায়নলৈ প্ৰতিবাদ আহে। এইবিলাকে বিভিন্ন সাংস্কৃতিক প্ৰভাৱলৈ আপত্তি জনায় – বিদেশী দূৰদর্শনৰ বিভিন্ন চেনেলৰ পৰ্যাপ্ততা যিয়ে কেৱল নেটৱৰ্কৰ সুবিধা দিয়ে। ভেলেনেটাইন দিনৰ আনন্দোৎসৱ আৰু স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ সাজ-পোচাকৰ পছন্দত পাশ্চাত্যত পৰিলক্ষিত হয়।

১৩। বিশ্ব বেংক গঠনৰ বিভিন্ন কাৰণসমূহ উল্লেখ কৰা। (Mention the various reasons for the formation of the World Bank?)

উত্তৰঃ বিশ্ব বেংক গঠনৰ বিভিন্ন কাৰণসমূহ তলত উল্লেখ কৰা হ’ল-

(ক) দৰিদ্ৰতা দূৰীকৰণ (Reduce poverty)।

(খ) বিনিয়োগৰ এক পৰিবেশ বা বাতাৱৰণৰ বিকাশ (Development an investment environment)।

(গ) নিয়োগৰ সুযোগ বৃদ্ধি কৰা (Increase job opportunities)।

(ঘ) অৰ্থনৈতিক বিকাশৰ বাবে কাম কৰা (Work towards sustainable economic growth)।

(ঙ) বিনিয়োগৰ জৰিয়তে আৰ্থ-সামাজিক বিকাশ সাধন (Promote socio-economic growth through investment)।

(চ) বিকাশৰ দ্বাৰা চৰকাৰক শক্তিশালী কৰা (Strengthen government through education)।

(ছ) দুৰ্নীতিৰ সৈতে যুজঁ দিয়া (Combat corruption)।

(জ) গৱেষণা আৰু প্ৰশিক্ষণৰ সুযোগ প্ৰদান (Promote research and training opportunities)।

(ঝ) কম সুতৰ হাৰত ঋণ প্ৰদান (Provides low-interest loans)।

(ঞ) বিত্তীয় আৰু ব্যক্তিগত খণ্ডৰ বিকাশ (Financial and private sector development)।

(ট) কৃষি, পৰিবেশ আৰু প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা (Agriculture, Environment and Natural Resource Management)।

১৪। ছাৰ্কৰ গঠন, ক্ষমতা আৰু কাৰ্যৱলীসমূহ উল্লেখ কৰা। (Mention the structure, power and functions of SAARC?)

উত্তৰঃ দক্ষিণ এছিয়াৰ আঞ্চলিক সহযোগিতাৰ অনুষ্ঠানবিলাকৰ ভিতৰত ১৯৮৫ চনৰ ডিচেম্বৰ মাহত গঠিত ছাৰ্ক এক অতি উল্লেখযোগ্য আঞ্চলিক সংস্থা। এই সংস্থাটোত ভাৰত, নেপাল, ভূটান, শ্ৰীলংকা, পাকিস্তান, মালদ্বীপ আৰু বাংলাদেশ এই সাতখন দেশ লৈ গঠিত হয়। 

ছাৰ্কৰ মূখ্য লক্ষ্যবোৰ হৈছে-

(ক) এই সংস্থাভুক্ত দেশবোৰৰ অৰ্থনৈতিক বিকাশৰ গতি দ্ৰুত কৰি তোলা।

(খ) জনসাধাৰণৰ জীৱন নিৰ্বাহৰ মালদণ্ড উন্নত কৰা।

(গ) আৰ্থ সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সাধন কৰা।

(ঘ) সমূহীয়া আত্ম প্ৰত্যয়ৰ লক্ষ্যত উপনীত হোৱা। 

(ঙ) দেশবোৰৰ মাজত মুক্ত আঞ্চলিক বাণিজ্যিক উন্নয়ন সাধন কৰা।

(চ) উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ মাজৰ সম্পর্ক উন্নত কৰা।

(ছ) একে উদ্দেশ্যৰ আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ লগত সহযোগিতা স্থাপন কৰা।

(জ) ইয়াৰ অন্তৰ্গত দেশবোৰৰ মাজত ৰাজনৈতিক সম্বন্ধৰ লগতে সকলো দিশতে সহযোগিতা শক্তিশালী কৰি তোলা।

(ঝ) দেশবোৰৰ অৰ্থনৈতিক বিকাশৰ গতি খৰতকীয়া কৰি তোলা।

(ঞ) মানৱ সম্পদৰ ব্যৱহাৰৰ বাবে যথোপযুক্ত ব্যৱস্থা কৰা আৰু সুবিধা প্ৰদান কৰা।

ছাৰ্কৰ কাৰ্যাৱলী: ছাৰ্ক অনুষ্ঠিত হোৱাৰ পাছৰ পৰা ইয়াৰ কেইবাখনো অধিৱেশন তথা সন্মিলন অনুষ্ঠিত হয়। এই ছাৰ্কৰ কাৰ্যাৱলীসমূহ অধিৱেশনত নিৰ্ধাৰণ কৰা হয়। ইয়াৰ কাৰ্যাৱলীসমূহ হৈছে-

(ক) ছাৰ্কে বিভিন্ন আলোচনা-বিলোচনাৰ মাধ্যমেৰে ইয়াৰ অন্তৰ্গত দেশবোৰৰ মাজত বুজাবুজিৰ ভাৱ বৃদ্ধি আৰু দেশবোৰত থকা সমস্যাৰ ক্ষেত্ৰত উত্তেজনা হ্ৰাস কৰাত সহায় কৰে।

(খ) ছাৰ্কৰ কাৰ্যকলাপ নিয়মীয়া কৰিবৰ বাবে নেপালৰ ৰাজধানী কাঠমাণ্ডুত ইয়াৰ সচিবালয় পাতিছে আৰু যৎপৰোনাস্তি চেষ্টা চলাইছে।

(গ) ছাৰ্কৰ অন্তৰ্গত দেশকেইখনৰ মাজত ব্যৱসায় বাণিজ্য সহজ কৰি তুলিবৰ বাবে সপ্তাহৰ দৰে চুক্তি সম্পাদন কৰিছে আৰু তাক কাৰ্যকৰী কৰাত মনোনিৱেশ কৰিছে।

(ঘ) বহুতো কাৰিকৰী সমিতি গঠন কৰি ইয়াৰি অন্তৰ্ভুক্ত দেশকেইখনৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ চেষ্টা কৰিছে।

(ঙ) খাদ্য নিৰাপত্তা ভঁৰাল স্থাপন, সন্ত্ৰাসবাদী দমন চুক্তিৰ সংশোধন, ভ্ৰমণ সম্পৰ্কীয় চুক্তি, উচ্চতম ন্যায়ালৰ বিচাৰক আৰু সংসদৰ সদস্যক ভিচা নোহোৱাকৈ ইয়াৰ অন্তৰ্ভুক্ত দেশবোৰ ভ্ৰমণৰ সুবিধা প্ৰদান আদি কাৰ্যবোৰ সম্পাদন কৰে।

(চ) কৃষি, বিজ্ঞান, কাৰিকৰী প্ৰশিক্ষণ, প্ৰযুক্তিবিদ্যা, তথ্য সৰবৰাহ সমিতি গঠন কৰা আদি কাৰ্য ই সম্পাদন কৰে। এই সমিতিৰ পৰামৰ্শ ইয়াৰ অন্তৰ্ভুক্ত দেশবোৰে মানি চলিব লাগে।

(ছ) এই সংস্থাই ড্ৰাগছ সেৱন কাৰ্যক প্ৰতিৰোধ কৰা বিষয়ক চুক্তি সম্পাদন কৰি কাৰ্যকৰী কৰাৰ চেষ্টা চলায়।

(জ) ই চৰকাৰী আৰু বেচৰকাৰী পৰ্যায়ৰ দেশবিলাকৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি আৰু উন্নত কৰাৰ চেষ্টা চলায়।

(ঝ) ই ইয়াৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰকেইখনৰ মাজত ঘটিত হোৱা প্ৰাকৃতিক দুৰ্যোগ হ্ৰাস কৰা, পৰিৱেশ উন্নয়ন কৰা, মানৱ সম্পদৰ বিকাশ সাধন কৰা আদিৰ কাৰণেও ব্যৱস্থা গ্ৰহণ কৰে।

(ঞ) ইয়াৰ অন্তৰ্ভুক্ত বেচৰকাৰী পৰ্যায়ৰ দেশকেইখনৰ মাজত চেমিনাৰ, কৰ্মশালা, প্ৰশিক্ষণ ব্যৱস্থা, বৈজ্ঞানিক সকলৰ মাজত বৈঠক পতা আদি কাম সম্পাদন কৰে ইত্যাদি।

১৫। দক্ষিণ এছিয়া দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ ববে ছাৰ্কে কেনে ভূমিকা পালন কৰে? (What is the role of SAARC in enhancing cooperation between South Asian countries?)

উত্তৰঃ দক্ষিণ এছিয়া দেশসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ বাবে ছাৰ্কে নিম্নলিখিত দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যেনে-

(ক) ছাৰ্কে দক্ষিণ এছিয়া দেশসমূহৰ মাজত বন্ধুত্ব, বিশ্বাস আৰু বুজাবুজিৰ মাধ্যমেৰে বিভিন্ন কাম সম্পাদনৰ বাবে এখন ক্ষেত্ৰত প্ৰদান কৰিছে।

(খ) দক্ষিণ এছিয়া দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে ছাৰ্কে ইয়াৰ অন্তৰ্ভুক্ত দেশসমূহৰ আৰ্থিক আৰু সামাজিক দিশৰ প্ৰগতি খৰতকীয়া কৰিব বিচাৰে।

(গ) প্ৰথম অৱস্থাত ছাৰ্কে কেৱল সামূহিক ভেটি স্থাপনৰ বাবে কার্যকৰী সহযোগিতাৰ ওপৰত অধিক গুৰুত্ব দিছিল যদিও বৰ্তমানেই কৃষি, যোগাযোগ, শিক্ষা, সংস্কৃতি, খেলা-ধূলা, পৰিৱেশ আৰু বতৰ বিজ্ঞান, স্বাস্থ্য আৰু জনসংখ্যা সম্পৰ্কীয় কাৰ্যাৱলী আদিৰ জৰিয়তে দেশবোৰৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে।

(ঘ) ছাৰ্কে ইয়াৰ অধীনত এঘাৰখন কাৰ্যকৰী সমিতি গঠন কৰি তথ্যৰ আদান প্ৰদান আৰু আঁচনি প্ৰস্তুত কৰা নিজস্ব ক্ষেত্ৰসমূহৰ প্ৰকল্প প্ৰস্তুত কৰাৰ বাবে বাৰ্ষিক দিনপঞ্জী প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পণ কৰিছে।

(ঙ) ছাৰ্কে মাদক দ্ৰব্য ৰোধ, গাঁও অঞ্চলৰ উন্নতি সাধন, মহিলাৰ উন্নতি সাধন, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰগতি, পৰ্যটন আৰু পৰিবহন ব্যৱস্থাৰ উন্নতি আৰু প্ৰগতিৰ বাবে যথেষ্ট প্ৰগতিমূলক আঁচনি হাতত লৈছে।

(চ) ছাৰ্কে ইয়াৰ অন্তৰ্ভুক্ত দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে কৃষি সম্বন্ধীয় তথ্যপাতিৰ বাবে ঢাকাত, টি.বি, প্ৰতিৰোধৰ বাবে কাঠমাণ্ডুত। ছাৰ্কৰ স্বাৰ্থ জড়িত তথ্যপাতিৰ বাবে দিল্লীত আৰু বতৰ বিজ্ঞান গৱেষণাৰ বাবে ঢাকাত মুঠ চাৰিটা আঞ্চলিক কেন্দ্ৰ স্থাপন কৰিবলৈ সক্ষম হৈছে।

(ছ) ছাৰ্কে মানৱ সম্পদৰ উন্নয়নৰ বাবে পাকিস্তানত আন এটা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লৈছে।

অৱশ্যে ছাৰ্কৰ কাৰ্যসমূহ লেহেমীয়া গতিত সংঘটিত হয়। তথাপি ই ইয়াৰ অন্তৰ্ভুক্ত দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে যথেষ্ট প্ৰচেষ্টা হাতত লৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top