গোলকীকৰণ – সংজ্ঞা, বৈশিষ্ট্য, যুক্তি, প্ৰসাৰতাৰ কাৰক, ফলাফল, ভাৰতত বিশ্বায়নৰ প্ৰভাৱ | Definition, Characteristics, Globalization in India

গোলকীকৰণ – সংজ্ঞা, বৈশিষ্ট্য, যুক্তি, প্ৰসাৰতাৰ কাৰক, ফলাফল, ভাৰতত বিশ্বায়নৰ প্ৰভাৱ | Globalization-Definition, Characteristics, Arguments, Reasons of Expansion, Globalization in India

গোলকীকৰণ - সংজ্ঞা, বৈশিষ্ট্য, যুক্তি, প্ৰসাৰতাৰ কাৰক, ফলাফল, ভাৰতত বিশ্বায়নৰ প্ৰভাৱ | Definition, Characteristics, Globalization in India
Join Telegram channel

আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ বিষয়সমূহৰ আলোচনাত গোলকীকৰণ ধাৰণাটোৰ প্রভাৱ ব্যাপক। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ৰাষ্ট্ৰসমূহৰ আৰ্থ-সামাজিক ৰাজনৈতিক দিশসমূহ পৰ্যলোচনা কৰা হয় আৰু এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বাৰ্থক কেন্দ্ৰ কৰি ক্ষমতাকেন্দ্রিক এক প্ৰভাৱ প্রতিফলিত হয়। গতিকে ৰাষ্ট্ৰসমূহৰ মাজত ক্ষমতাকেন্দ্ৰিক প্ৰভাৱ থাকিলেও, ৰাষ্ট্ৰীয় স্বাৰ্থৰ অৰ্থে ওচৰ সম্পৰ্ক গঢ়ি উঠে। এই কথা অনস্বীকার্য যে চুবুৰীয়া ৰাষ্ট্ৰৰ সহযোগিতা অবিহনে ৰাষ্ট্ৰসমূহৰ উন্নতি আৰু বিকাশ অসম্ভৱ।

সংজ্ঞা (Definition)

According to Baylis and Smith, “Globalisation is the process whereby social relations acquire relatively distanceless and borderless qualities.”

According to J. Art Scholte, “Globalisation refers to increase of interactions and interdependence between people in different countries.”

সাধাৰণতে গোলকীকৰণ বিষয়টো আলোচনাৰ প্ৰেক্ষাপটলৈ আগুৱাই অনাত হার্ভার্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক Theodore Levilt অন্যতম আছিল। তেওঁ ১৯৮৩ চনত ‘Harvard Business Rivew’-ত ‘Globalization of the Market’ নামেৰে এটা প্রবন্ধ প্রকাশ কৰিছিল। এই প্রবন্ধত গোলকীকৰণৰ ব্যৱস্থাৰে অৰ্থনীতিৰ ভেটি নির্মাণ প্রক্রিয়া কেনেদৰে গঢ়ি উঠিব আৰু ৰাষ্ট্ৰৰ অর্থনৈতিক বুনিয়াদ কেনেদৰে আগবাঢ়িব বিশদভাৱে বর্ণনা কৰিছিল। Theodore Levilt-ৰ পূৰ্বে ১৯৬৪ চনত Marshall Mcluhan-য়ে ‘A Global Village’ ধাৰণাটোৰ দ্বাৰা বিশ্ব অর্থনীতিৰ ৰূপৰেখা কেনেদৰে গঢ়ি উঠিব তাৰ বৰ্ণনা কৰিছিল। তেওঁ ‘A Global Village’ অর্থাৎ গোলকীয় গাঁও বুলি অভিহিতকৰি আলোচনা কৰিছিল।

গোলকীকৰণৰ ধাৰণা (Concept of Globalization)

গোলকীকৰণ হৈছে এটা প্ৰক্ৰিয়া য’ত পৃথিৱীৰ বিভিন্ন দেশ, সংস্কৃতি, অৰ্থনীতি আৰু সমাজবোৰ পৰস্পৰ জড়িত হৈ পৰে। এই প্ৰক্ৰিয়াটোৱে ব্যৱসায়, প্ৰযুক্তি, মাধ্যম, সংস্কৃতি আৰু ৰাজনীতিৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বৃদ্ধিত সহায় কৰে। আধুনিক যুগক বিশ্বায়নৰ যুগ (Age of Globalization) বুলি আভিহিত কৰা হয়। পৰিৱৰ্তিত সময়ৰ লগে লগে ৰাষ্ট্ৰৰ ভূমিকা আৰু গুৰুত্বৰ পৰিৱৰ্তন হ’ল। প্রত্যেক স্বাধীন ৰাষ্ট্ৰই অর্থনৈতিক, সামাজিক, সাংস্কৃতিক বিকাশৰ স্বাৰ্থত সীমাৰ পৰিধি অতিক্ৰম কৰি বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ লগত সংযুক্ত হোৱাটো বাধ্য হৈ পৰিছে। ইয়াৰ ফলত ৰাষ্ট্ৰসমূহৰ মাজত নির্ভশীলতা বৃদ্ধি পাইছে। সামগ্রিকভাৱে এই গোটেই প্রক্রিয়াটোক ‘গোলকীকৰণ’ বুলি অভিহিত কৰা হয়।

এই ব্যৱস্থাৰ কাৰ্যকাৰিতাৰ মূল লক্ষ্য হৈছে সম্পদৰ যথোপযুক্ত ব্যৱহাৰ, অৰ্থাৎ প্রেত্যেক ৰাষ্ট্ৰৰ মূল লক্ষ্য হৈছে মানৱ সম্পদ আৰু প্ৰাকৃতিক সম্পদৰ সৎ ব্যৱহাৰেৰে বিশ্ব ৰাষ্ট্ৰব্যৱস্থাক সামুহিকভাৱে সম্পদশালী কৰি তোলা। সেয়েহে গোলকীকৰণে সামুহিক প্রগতি তথা উন্নয়নক বিশ্বাস কৰে। ইয়াৰ দ্বাৰা আধুনিক প্রযুক্তিবিদ্যাৰ আদান-প্রদান আৰু সু-ব্যৱহাৰে ৰাষ্ট্ৰসমূহক অর্থনৈতিক সবলীকৰণ কৰি তুলিব আৰু জনসাধাৰণৰ সামূহিক কল্যাণ সাধন সম্ভৱপৰ হ’ব। সেয়েহে আধুনিক প্রত্যেক গণতান্ত্রিক ৰাষ্ট্ৰই গোলকীকৰণৰ আদৰ্শক গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

গোলকীয়কৰণৰ বৈশিষ্ট্য (Characteristics of Globalization)

১। উদাৰীকৰণ (Liberalisation): এনে নীতিৰ ফলত উদ্যোগপতিসকলে নিজৰ ইচ্ছামতে নিজ দেশ বা বিদেশত যিকোনো ব্যৱসায়-বাণিজ্য কৰাৰ স্বাধীনতা থাকে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। বে-চৰকাৰীকৰণ (Privatisation): চৰকাৰৰ নিয়ন্ত্রণ নোহোৱাকৈ উদ্যোগপতিসকলে বিভিন্ন সামগ্রী উৎপাদন কৰি সেই সামগ্রী দেশ-বিদেশভবিক্ৰী কৰাৰ স্বাধীনতা থাকে।

৩। অর্থনৈতিক সংস্কাৰ (Economic Reforms): গোলকীয়কৰণ ব্যৱস্থাত অর্থনৈতিক সংস্কাৰৰ ব্যৱস্থা থাকে আৰু এনে অর্থনৈতিক সংস্কাৰৰ দ্বাৰা মুক্ত বিশ্ব বাণিজ্য, মুক্ত বজাৰৰ সুবিধা থাকে।

৪। মুক্ত বাণিজ্য (Free Trade): ইয়াৰ ফলত দেশবিলাকে বিশ্বৰ বিভিন্ন দেশৰ লগত মুক্তভাৱে বেপাৰ-বাণিজ্য কৰাৰ অধিকাৰ থাকে। তদুপৰিএনে ব্যৱসায় কৰাৰ ক্ষেত্ৰত চৰকাৰৰ কোনো কঠোৰ শাসনমূলক নীতি নাথাকে।

৫। আমদানি-ৰপ্তানিৰ ক্ষেত্ৰত শিথিল নীতি (Liberalisation of Import and Export System): গোলকীয়কৰণৰ কাৰণে দ্রব্য সামগ্রী আমদানি-ৰপ্তানিৰ ক্ষেত্ৰত উদাৰ নীতি গ্রহণ কৰা হয়।

৬। অধিক সহযোগিতা (Increased Collaboration): গোলকীয়কৰণ ব্যৱস্থাত উদ্যোগপতিসকলৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি পায়। ইয়াৰ দ্বাৰা উন্নয়নৰ গতি খৰতকীয়া কৰাৰ লগতে আধুনিকীকৰণ, কাৰিকৰী কৌশল বৃদ্ধি পায়।

৭। অর্থনৈতিক কাম-কাজৰ বিশ্বায়ন (Globalisation of Economic Activity): ইয়াৰ ফলত অর্থনৈতিক কাম-কাজবিলাকক ঘৰুৱা বজা আৰু বিশ্ব বজাৰে নিয়ন্ত্ৰণ কৰে। তদুপৰি এই ব্যৱস্থাই ঘৰুৱা অৰ্থনীতিৰ লগত বিশ্ব অর্থনীতিৰ অখণ্ডতা ৰক্ষাৰ ওপৰতো গুৰুত্ব দিয়ে।

গোলকীয়কৰণৰ সপক্ষে আৰু বিপক্ষে থকা যুক্তি (Arguments in favor of and against globalization)

ৰাজনৈতিক চিন্তাবিদসকলে গোলকীয়কৰণৰ সপক্ষে আৰু বিপশে কেতবোৰ যুক্তি অৱতাৰণা কৰিছে।

গোলকীয়কৰণৰ সপক্ষে থকা যুক্তি (Arguments in support of Globalization)

১। গোলকীয়কৰণ অপৰিহাৰ্য (Essential of Globalization): চিন্তাবিদসকলৰ মতে গোলকীয়কৰণ অপৰিহাৰ্য। দেশবিলাকৰ সামগ্রিক উন্নয়ন কাৰণে গোলকীয়কৰণ আৱশ্যক।

২। বিশ্ব যুদ্ধ (Global War): গোলকীয়কৰণৰ ফলত বিশ্ববাসী তৃতীয় এখন বিশ্বযুদ্ধৰ পৰা মুক্ত হৈ থাকিব পাৰিব। বৰ্তমান সময়ত বিশ্ব সন্ত্রাসবাদী কাৰ্যকলাপে মানুহৰ শান্তি আৰু জীৱনৰ নিৰাপত্তা নোহোৱা কৰিছে। সেইদৰে ব্যক্তিগত সা-সম্পত্তিৰো নিৰাপত্তা নোহোৱা হৈছে। এনে পৰিস্থিতিত গোলকীয়কৰণ নীতি সফলভাৱে কাৰ্যকৰী কৰিলে সন্ত্রাসবাদ প্ৰতিৰোধ কৰাত সহায়ক হ’ব।

৩। আন্তর্জাতিক ব্যৱসায়ৰ প্ৰসাৰ সাধন (Promotion of International Trade): গোলকীয়কৰণে আন্তর্জাতিক ব্যৱসায়-বাণিজ্য প্ৰসাৰ সাধনতো সহায় কৰে। গোলকীয়কৰণত দেশবিলাকৰ ব্যৱসায়-বাণিজ্যত কোনো কঠোৰ নীতি নথকাৰ কাৰণে আন্তর্জাতিক ব্যৱসায়-বাণিজ্য প্ৰসাৰ সাধনত কোনো বাধাৰ সৃষ্টি নহয়।

৪। অর্থনৈতিক উন্নয়ন (Economic Development): গোলকীয়কৰণে অর্থনৈতিক প্ৰসাৰ সাধনতো সহায় কৰে। বিশ্বৰ বিভিন্ন দেশৰ মাজত আন্তর্জাতিক সহযোগিতা বৃদ্ধি পোৱাৰ কাৰণে উন্নয়নশীল দেশবিলাকে উন্নত দেশবিলাকৰ আৰ্থিক সাহায্য লৈ নিজ ব্যৱসায়-বাণিজ্যৰ প্ৰসাৰ সাধন কৰিব পাৰিব।

৫। শান্তিপূর্ণ পৰিৱেশ (Peaceful Atmosphere): গোলকীয়কৰণে বিশ্ব শান্তি প্রতিষ্ঠা কৰাতো ইন্ধন যোগাইছে। বিভিন্ন দেশৰ লগত ব্যৱসায়-বাণিজ্যৰ সম্পৰ্ক থকাৰ কাৰণে সকলো অঞ্চলতে এক শান্তিপূর্ণ পৰিৱেশে বিৰাজ কৰে। প্রায়বিলাক দেশে তেওঁলোকৰ মাজত থকা বিবাদবিলাক শান্তিপূর্ণভাৱে মীমাংসা কৰাৰ ওপৰত গুৰুত্ব দিয়ে। ইয়াৰ ফলত তেওঁলোক সংঘাতৰ সন্মুখীন নহয়।

৬। শিক্ষাৰ পৰিৱৰ্তন সাধন (Change in Education): গোলকীয়কৰণে দেশবিলাকৰ শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰতো পৰিৱৰ্তন সাধন কৰিব। ৰাষ্ট্ৰবিলাকৰ মাজত হোৱা শিক্ষামূলক আৰু সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ ফলত দেশবিলাকৰ গৱেষক ছাত্র, বৈজ্ঞানিকসকল বিশেষভাৱে লাভৱান হ’ব তদুপৰি আধুনিক কালৰ দেশবিলাক আত্মনিৰ্ভৰশীল নহয়। এনে ক্ষেত্ৰত ৰাষ্ট্ৰবিলাকৰ মাজত শান্তি আৰু প্ৰগতিৰ কাৰণে পাৰস্পৰিক সহযোগিতা নুই কৰিব নোৱাৰি।

৭। বিজ্ঞানৰ বিকাশ (Development of Science): গোলকীয়কৰণে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰতো সহায় কৰিছে। যিবিলা-আন্তর্জাতিক চুক্তি স্বাক্ষৰিত হয়, সেই চুক্তিবিলাকে বিশ্বৰ বিভিন্ন দেশৰ লোক মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰাৰ লগতে বিজ্ঞানৰ প্ৰসাৰ সাধনতো সহায় কৰে। উদাহৰণস্বৰূপে আণৱিক বোমা পৰীক্ষা নিষিদ্ধকৰণ সম্পর্কত যিখন চি.টি.বি.টি. (C.T.B.T.) চুক্তি স্বাক্ষৰিত হৈছিল, সেই চুক্তি বিজ্ঞানৰ প্ৰসাৰ সাধনৰ ক্ষেত্ৰত সহায়ক হৈছিল।

৮। আন্তর্জাতিক আইন (International Law): আন্তর্জাতিক আইনে ৰাষ্ট্ৰবিলাকৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে। এটা সময়ত আন্তর্জাতিক আইনক ৰাষ্ট্রবিলাকে প্রকৃত আইন হিচাপে স্বীকৃতি প্রদান কৰা নাছিল। এতিয়া বিশ্বৰ প্রায়বিলাক দেশে আন্তর্জাতিক আইনক প্রকৃত আইন হিচাপে স্বীকৃতি দিছে। গতিকে গোলকীয়কৰণে আন্তর্জাতিক আইনৰ গুৰুত্ব বৃদ্ধি কৰাতো সহায় কৰে।

৯। ৰাষ্ট্ৰসংঘৰ দায়িত্ব (Responsibility of the UNO): গোলকীয়কৰণে ৰাষ্ট্ৰসংঘৰ নিচিনা আন্তর্জাতিক সংগঠনৰ শক্তি বৃদ্ধি কৰাতো ইন্ধন যোগাইছে। ৰাষ্ট্ৰসংঘই যিদৰে সৰু-বৰ ৰাষ্ট্ৰৰ মাজত কোনো ব্যৱধান নথকাকৈ সকলো ৰাষ্ট্রকে সমান অধিকাৰ দিয়াৰ পোষকতা কৰে, সেইদৰে গোলকীয়কৰণে বিশ্ব বাণিজ্যৰ প্ৰসাৰ সাধনৰ ওপৰত প্রাধান্য দিয়ে।

১০। সমান কর্তৃত্ব (Equal Authority): যদি গোলকীয়কৰণ ব্যৱস্থা সঠিকভাৱে কাৰ্যকৰী কৰিব পৰা হয় তেন্তে আন্তর্জাতিক ক্ষেত্রত এখন ৰাষ্ট্রই আনখন ৰাষ্ট্ৰক নিয়ন্ত্ৰণ কৰা ধাৰণাটো অবান্তৰ হৈ পৰিব। সৰু-বৰ সকলো ৰাষ্ট্ৰৰে ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত সমান কর্তৃত্ব থাকিব, অৱশ্যে বর্তমান বিশ্বৰ কিছুমান শক্তিশালী দেশে নিজৰ সামৰিক শক্তি আৰু সবল আর্থিক স্থিতিৰ কাৰণে উন্নয়নশীল দেশবিলাক নিয়ন্ত্ৰণ কৰা দেখা যায়।

১১। জাতীয়তাবাদ (Nationalism): গোলকীয়কৰণৰ ফলত জাতীয়তাবাদ, সাম্রাজ্যবাদ, ঔপনিবেশিকতা আদি ধাৰণাবিলাক গুৰুত্ব নোহোৱা হৈ পৰিব। গোলকীয়কৰণ ধাৰণাই গোটেই বিশ্বখনকে এখন গাঁৱত পৰিণত কৰিছে।

গোলকীকৰণৰ বিপক্ষে থকা যুক্তি (Arguments against Globalization)

গোলকীকৰণ বৰ্তমান এক বহল বিষয়। ইয়াক এৰি কোনোৱে থাকিব নোৱাৰে। তথাপি ইয়াৰ বহুতো নেতিবাচক দিশ দেখা যায়।

১। ৰাজহুৱা খণ্ডৰ ক্ষতি (Effect on Public Sector): গোলকীয়কৰণে চৰকাৰী উদ্যোগবিলাকৰ ক্ষতি সাধন কৰে। কাৰণ গোলকীয়কৰণে চৰকাৰী খণ্ডৰ উদ্যোগতকৈ বে-চৰকাৰী খণ্ডৰ উদ্যোগৰ বেপাৰ-বাণিজ্যক প্রাধান্য দিয়ে।

২। উপনিবেশৰ বিকাশ (Development of Colonies): গোলকীয়কৰণে উন্নত দেশবিলাকৰ উপনিবেশ প্ৰসাৰ সাধনতো সহায় কৰে। বিশেষকৈ উন্নত দেশবিলাকৰ আৰ্থিক অৱস্থা টনকিয়াল হোৱাৰ কাৰণে সেই দেশবিলাকে উন্নয়নশীল দেশবিলাকক আর্থিক সাহায্য দি সেই দেশবিলাক নিজৰ নিয়ন্ত্ৰণত ৰখাৰ সুবিধা হয়।

৩। ৰপ্তানি বৃদ্ধি (Increase of Export): গোলকীয়কৰণৰ ফলত উন্নত দেশবিলাকত ৰপ্তানি বৃদ্ধি পাব। আনহাতে অনুন্নত দেশবিলাকৰ ৰপ্তানি হ্রাস পাব।

৪। মূল্য বৃদ্ধি (Increase of Price): গোলকীয়কৰণৰ কাৰণে বজাৰত বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি পাব। বিশেষকৈ যিবিলাক উন্নয়নশীল দেশ, সেই দেশবিলাকৰ জনসাধাৰণে বস্তুৰ চৰা দামৰ কাৰণে দুর্ভোগ ভুগিব লাগিব।

৫। শিক্ষা-সংস্কৃতি (Education and Culture): গোলকীয়কৰণৰ কাৰণে বিভিন্ন দেশৰ শিক্ষা-সংস্কৃতিৰ ক্ষেত্ৰতো প্রভাৱ পৰিব। প্রায়বিলাক উন্নয়নশীল দেশতে এক মিশ্রিত শিক্ষা-সংস্কৃতিয়ে গা কৰি উঠে।

৬। প্রতিযোগিতামূলক বজাৰ (Competitive Market): গোলকীয়কৰণে এখন বিশ্ব প্রতিযোগিতামূলক বজাৰৰ পথ প্রশস্ত কৰে। পূৰ্বতে প্রতিযোগিতামূলক বজাৰ নিজ দেশৰ ভিতৰতে আৱদ্ধ আছিল যদিও এতিয়া প্রতিখন দেশেই ৰপ্তানিযোগ্য সামগ্ৰীৰ কাৰণে বিশ্বৰ প্রতিযোগিতামূলক বজাৰৰ সম্মুখীন হ’ব লাগিব।

৭। আন্তর্জাতিক সংগঠন (International Organizations): গোলকীয়কৰণৰ ফলত আন্তর্জাতিক সংগঠনৰো ক্ষতি সাধন হ’ব। আমেৰিকাৰ নিচিনা উন্নত দেশে নিজ স্বার্থ পূৰণৰ কাৰণে আনকি ৰাষ্ট্ৰসংঘৰ নিচিনা আন্তর্জাতিক সংগঠনৰ নীতি-নিয়ম উলংঘা কৰিবলৈকো কুণ্ঠাবোধ নকৰিব। উন্নত দেশবিলাকৰ এনে কাৰ্যই ভবিষ্যতে বিশ্ব সংকটৰ সৃষ্টি কৰিব পাৰে।

৮। নিবনুৱা সমস্যা (Unemployment Problem): উন্নয়নশীল দেশবিলাকত নিবনুৱা সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিব। বহিঃৰাজ্যৰ বিভিন্ন সামগ্রী আমদানিৰ ফলত ঘৰুৱা বজাৰৰ সামগ্ৰীৰ মূল্য হ্রাস পোৱাৰ লগতে ইয়াৰ উৎপাদনৰ লগত জড়িত বিভিন্ন কল-কাৰখানাও বন্ধ হৈ যাব। ইয়াৰ ফলত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাব।

৯। ৰাষ্ট্ৰীয় সার্বভৌমত্ব (National Sovereignty): আন্তর্জাতিক বিত্তীয় প্রতিষ্ঠানবিলাক কাৰ্যকৰী হোৱাৰ ফলত ৰাষ্ট্ৰীয় সার্বভৌমত্বৰ গুৰুত্ব হ্রাস পাব।

১০। অর্থনৈতিক সার্বভৌমত্ব (Economic Sovereignty): সমালোচকৰ মতে গোলকীয়কৰণে উন্নয়নশীল দেশবিলাকৰ অর্থনৈতিক স্বাধীনতাও খর্ব কৰিব। ইয়াৰ কাৰণ হ’ল যে বিশ্ব বিত্তীয় প্রতিষ্ঠানবিলাকৰ সদস্যভুক্ত দেশবিলাকৰ ওপৰত প্ৰয়োজন সাপেক্ষে বিত্তীয় অনুশাসনমূলক ব্যবস্থা গ্রহণ কৰিব পাৰে।

Sl. No.CONTENTS
Unit – 1গোলকীকৰণ: ধাৰণা আৰু দৃষ্টিভংগী
Unit – 2বিশ্ব ৰাজনীতিত সমস্যা আৰু প্ৰতিষ্ঠানসমূহ
Unit – 3সমসাময়িক গোলকীয় সমস্যা – I
Unit – 4সমসাময়িক গোলকীয় সমস্যা – II
Unit – 5গোলকীয় পৰিবৰ্তন: ক্ষমতা আৰু প্ৰশাসন

গোলকীকৰণৰ প্ৰসাৰতাৰ কাৰকসমূহ (Reasons for Globalization expansion)

৯০ দশকৰ পিছৰ পৰা প্ৰত্যেক ৰাষ্ট্ৰই গোলকীকৰণ প্ৰক্ৰিয়াৰ অংশ হৈ পৰিছে। যিহেতু প্রত্যেক ৰাষ্ট্ৰই সম্পদৰ যথোপযুক্ত ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে আৰু অৰ্থনৈতিক সৱলীকৰণৰ যোগেদি ৰাষ্ট্ৰৰ আৰ্থ-সামাজিক বিকাশক অন্যতম হিচাপে বিবেচনা কৰিছে। ইয়াৰ প্ৰেক্ষাপটত উদ্যোগীকৰণক সকলো ৰাষ্ট্ৰই একমাত্র পথ হিচাপে গ্রহণ কৰিছে; ফলত প্ৰত্যেক ৰাষ্ট্ৰৰ কেঁচা সামগ্ৰীৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা উদ্যোগসমূহৰ উৎপাদনসমূহৰ বিক্ৰীৰ বাবে বজাৰৰ নিতান্তই প্রয়োজনীয়। গতিকে বজাৰ ব্যৱস্থাৰ বাধ্যবাধকতাই গোলকীকৰণক অধিক সবল কৰি তুলিছে। ইয়াৰ উপৰি আন কেতবোৰ গুৰুত্বপূৰ্ণ কাৰকে গোলকীকৰণ ব্যৱস্থাৰ কাৰ্যকাৰিতাত প্ৰভাৱিত কৰিছে। 

মুল কাৰকসমূহ (Main Causes)

১। প্ৰযুক্তি বিপ্লৱ (Technology Revolution): ইন্টাৰনেটে বিশ্বৰ যিকোনো স্থানত উৎপাদিত সামগ্ৰী আৰু সেৱা সহজে প্ৰৱেশযোগ্য কৰি তুলিছে। এতিয়া মোবাইল ফোন আৰু কিতাপ যেনে- সামগ্ৰী অনলাইনতে কিনাটো সহজ হৈছে। উদাহৰণস্বৰূপে, Amazon-এ কিতাপ আৰু অন্যান্য সামগ্ৰীৰ অনলাইন ষ্ট’ৰ ৰাখিছে। সম্ভাব্য গ্ৰাহকে শিৰোনাম বিচাৰিব পাৰে, মূল্য চাব পাৰে, অর্ডাৰ কৰিব পাৰে আৰু অনলাইনতে মূল্য পৰিশোধ কৰিব পাৰে। ক্ৰয় কৰা কিতাপ (আৰু আন সামগ্ৰী) বিশ্বৰ যিকোনো স্থানত গ্ৰাহকৰ ওচৰলৈ পঠিওৱা হয়। এইদৰে, গ্ৰাহকে অনলাইনতে মূল্য তুলনা কৰি অতি কম খৰচত কেনেদৰে লেনদেন কৰিব পাৰিব সেইটো নিৰ্ধাৰণ কৰিব পাৰে। সেয়ে, ই-কমাৰ্চ আৰু ইলেক্ট্ৰনিক বেংকিঙৰ বাবেই ডিজিটেল বিপ্লৱে সীমাহীন লেনদেন সম্ভৱ কৰিছে।

২। সামাজিক মাধ্যম আৰু বাণিজ্য (Social Media and Trade): সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিটো বিক্ৰেতাই নিজৰ সামগ্ৰী আৰু সেৱা ‘প্ৰচাৰ’ কৰিব পাৰে। উদাহৰণস্বৰূপে, Facebook-ত ফটো আৰু ভিডিঅ’ৰ জৰিয়তে সামগ্ৰী দেখুৱাব পাৰে। ইয়াৰ অৰ্থ হৈছে সামাজিক মাধ্যমই পৃথিৱীখন এক গাঁৱৰ দৰে সৰু কৰি তুলিছে, য’ত কেইছেকেণ্ডৰ ভিতৰত অনলাইন লেনদেন আৰম্ভ আৰু সম্পন্ন কৰিব পাৰি। সম্ভাব্য গ্ৰাহকে সামাজিক মাধ্যমত সামগ্ৰী বিচাৰিলে, তৎক্ষণাত অর্ডাৰ দিব পাৰে। মূল্য পৰিশোধ বিক্ৰেতাৰ ৱেবছাইটত বা মোবাইল ম’নীৰ জৰিয়তে কৰিব পাৰি। এনে অনলাইন আৰু আন্তঃৰাষ্ট্ৰীয় ধনৰ লেনদেনৰ বাবে Western Union আৰু WorldRemit যেনেকুৱা মধ্যস্থ কোম্পানীসমূহ বৃদ্ধি পাইছে।

৩। আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক একীকৰণ (International Economics and Integration): বহু বাণিজ্যিক গোটে জাতীয় সীমাবন্ধতা লঘু কৰিছে, যাৰ ফলত সদস্য দেশসমূহৰ মাজত বাণিজ্য বাধাহীন হৈ পৰিছে। উদাহৰণস্বৰূপে, আমেৰিকা, মেক্সিকো, আৰু কানাডাৰ বাবে NAFTA আৰু পূৱ আফ্ৰিকাৰ দেশসমূহৰ বাবে EAC। এনে বাণিজ্যিক জোটসমূহে সদস্য দেশসমূহৰ প্ৰতিষ্ঠানসমূহৰ মাজত প্ৰতিযোগিতা বৃদ্ধি কৰে আৰু পণ্য-সেৱাৰ বিনিময় সহজ কৰে। যদিও একেবাৰে উন্মুক্ত বজাৰ ব্যৱস্থা স্থাপন হোৱা নাই, তথাপি ইয়াৰ দিশে আগবাঢ়ি আছে। কিন্তু, কিছুমান দেশত নিজৰ দেশৰ উৎপাদিত সামগ্ৰী কিনিবলৈ উৎসাহ দিয়া হয়, যাৰ ফলত একীকৰণৰ লক্ষ্য কিছু পৰিমাণে ব্যাহত হয়।

৪। সামাজিক-সাংস্কৃতিক একত্ৰিকৰণ (Socio-Cultural Integration): অনলাইন বাতৰি কাকত আৰু সামাজিক মাধ্যমৰ সুবিধাৰ ফলত, মানুহে নিজৰ ‘সাংস্কৃতিক পৰিচয়’ হেৰুৱাই পেলাবলৈ ধৰিছে। উদাহৰণস্বৰূপে, যিবিলাক বস্তু আগতে ‘অ-আফ্ৰিকান’ বুলি গণ্য কৰা হৈছিল, এতিয়া স্বাভাৱিক হৈ পৰিছে, যেনে মিনি-স্কাৰ্ট পৰিধান কৰা। এনে পৰিৱর্তন ইণ্টাৰনেটৰ জৰিয়তে হোৱা সাংস্কৃতিক একত্ৰিকৰণৰ ফল। ইয়াৰ ফলত, মিনি-স্কাৰ্ট নিৰ্মাতাসকলৰ এখন বিশ্বব্যাপী বজাৰ সৃষ্টি হৈছে, যাৰ বাবে তেওঁলোকে দেশভেদে ডিজাইন সলনি নকৰিলেও চলে।

৫। গোলকীয় শিক্ষা প্ৰদানকাৰী সংস্থা (Global education providers): অনলাইন শিক্ষাৰ প্ৰসাৰ হোৱাৰ লগে লগে, বিশ্বৰ বিভিন্ন শিক্ষানুষ্ঠানে গোলকীয় শিক্ষাৰ সুযোগ আগবঢ়াইছে। বিভিন্ন বিশ্ববিদ্যালয় আৰু কলেজে অন-কেম্পাছ, দূৰশিক্ষা আৰু সম্পূৰ্ণ অনলাইন পাঠ্যক্ৰম প্ৰদান কৰি আছে। ইয়াৰ ফলত, শিক্ষাৰ্থীসকলে নিজৰ দেশত থাকিয়েই আন্তঃৰাষ্ট্ৰীয় স্বীকৃত প্ৰমাণপত্ৰ লাভ কৰি আছে।

৬। সীমান্তপাৰ ৰাজনৈতিক প্ৰভাৱ (Transboundary Political Influence): বিভিন্ন চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু প্ৰভাৱ বৃদ্ধিৰ লক্ষ্যৰে নীতি-নিৰ্ধাৰণ কৰিছে। উদাহৰণস্বৰূপে, চীনে আফ্ৰিকাত দীর্ঘম্যাদী ঋণ আগবঢ়াইছে, যাৰ ফলত চীনে আফ্ৰিকাৰ কেইবাটাও প্ৰকল্পত প্ৰভাৱ বিস্তাৰ কৰিছে।

৭। আর্থিক উদাৰীকৰণ (Economics Liberalization): আর্থিক বজাৰৰ নিয়ম-কানুন সহজ কৰি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক মজবুত কৰা হৈছে। এতিয়া ডলাৰ বা পাউণ্ডলৈ ধনৰ ৰূপান্তৰ সহজতৰে কৰিব পাৰি, যাৰ ফলত বিশ্বব্যাপী পণ্য-সেৱা কিনাটো সুবিধাজনক হৈছে। উদাহৰণস্বৰূপে, আফ্ৰিকাত থাকিয়েই অনলাইন পাঠ্যক্ৰমৰ বাবে যুক্তৰাষ্ট্ৰত টিউশ্যন ফী পৰিশোধ কৰিব পাৰি। PayPal আৰু অনলাইন পেমেণ্ট কোম্পানীসমূহৰ বাবেই এনে ধনৰ লেনদেন সম্ভৱ হৈছে।

৮। তীব্ৰ প্ৰতিযোগিতা (Intense Competition): আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতিযোগিতা বৃদ্ধি পোৱাৰ বাবে, প্ৰতিষ্ঠানসমূহ নতুন বজাৰ বিচাৰি সীমান্ত পাৰ হৈ গৈছে। উদাহৰণস্বৰূপে, সংবাদ মাধ্যমত স্থানীয় আৰু বৈদেশিক উভয় সংবাদ সহজে উপলব্ধ হোৱা বাবে সংবাদ প্ৰতিষ্ঠানসমূহক নতুন নতুন পৰিৱর্তন আনিবলৈ বাধ্য কৰিছে। তীব্ৰ প্ৰতিযোগিতাৰ বাবেই বিদেশী বিনিয়োগ (FDI) বৃদ্ধি পাইছে, যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু আৰ্থিক একীকৰণ সুবিধাজনক হৈছে।

৯। আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় আৰু বাণিজ্য বৃদ্ধি (Increase of International Trade and Business): বহু কোম্পানীয়ে ৰপ্তানি-আমদানি, জয়েন্ট ভেঞ্চাৰ, লাইচেন্সিং, আৰু ফ্ৰেনচাইজিংৰ মাধ্যমে বিশ্বব্যাপী গ্ৰাহকসকলক সামগ্ৰী যোগান ধৰিছে। ইয়াৰ বাবে কোম্পানীসমূহে উৎপাদিত সামগ্ৰীৰ ডিজাইন সলনি নকৰাকৈয়ে বিশ্বৰ যিকোনো স্থানত বিক্ৰী কৰিব পাৰিছে। Coca-Cola যেনে ব্ৰেণ্ডসমূহ এতিয়া প্ৰায় সকলো দেশতে উপলব্ধ।

১০। অর্থনৈতিক পৰিমাণৰ সুবিধা (Economies of Scale): তীব্ৰ প্ৰতিযোগিতাৰ বাবে বৃহৎ বজাৰত উৎপাদন বৃদ্ধিৰ মাধ্যমে খৰচ হ্ৰাস কৰিবলৈ কোম্পানীসমূহে প্রচেষ্টা চলাইছে। উদাহৰণস্বৰূপে, PepsiCo-ৰ দৰে কোম্পানীসমূহে বিশ্বব্যাপী বৃহৎ বিনিয়োগ কৰি নিজৰ সামগ্ৰীৰ প্ৰচাৰ কৰিছে।

গোলকীকৰণৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক ফলাফল (Political, Economic and Cultural Consequences of Globalisation)

গোলকীকৰণ প্রক্রিয়াই সামগ্রিকভাৱে সকলো ক্ষেত্রতে প্রত্যক্ষ আৰু পৰোক্ষভাৱে প্রভাৱ পেলাবলৈ সক্ষম হৈছে। বিশেষকৈ গুৰুত্বপূর্ণ ক্ষেত্রকেইটাত কেনেধৰণে প্রভাৱ পেলাইছে, এই সম্পৰ্কত আলোচনাৰ থল আছে। এই বিষয়ত গুৰুত্বপূর্ণ দিশসমূহ পর্যালোচনা কৰা হৈছে।

ৰাজনৈতিক ফলাফল (Political Consequence)

গোলকীকৰণ (Globalization) ৰ ৰাজনৈতিক ফলাফল বহু পৰ্যায়ত প্ৰভাৱ বিস্তাৰ কৰে। ইয়াৰ কিছুমান মুখ্য প্ৰভাৱ তলত উল্লেখ কৰা হ’ল—

১। বহুজাতিক আৰু আঞ্চলিক সংগঠনৰ বৃদ্ধি: গোলকীকৰণৰ ফলত EU, ASEAN, SAARC, BRICS আদি আঞ্চলিক সংগঠনৰ প্ৰভাৱ বৃদ্ধি পাইছে, যি দেশসমূহৰ মাজত ৰাজনৈতিক আৰু অৰ্থনৈতিক একতা গঢ়ি তুলিবলৈ সহায়ক হৈছে।

২। গণতন্ত্ৰ আৰু মানবাধিকাৰৰ প্ৰসাৰ: গোলকীকৰণৰ জৰিয়তে গণতান্ত্ৰিক মূল্যবোধ আৰু মানবাধিকাৰৰ প্ৰচাৰ বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু NGO-সমূহে অধিক স্বচ্ছতা, মৌলিক অধিকাৰ, আৰু উত্তম শাসন ব্যৱস্থাৰ প্ৰসাৰ সাধন কৰিবলৈ সহায় কৰিছে।

৩। ৰাজনৈতিক সংহতি আৰু সংঘাত: যদিও গোলকীকৰণে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰিছে, তথাপিও কেতিয়াবা সংস্কৃতিগত আৰু অৰ্থনৈতিক বৈষম্যৰ বাবেও সংঘাতৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে, কিছু অঞ্চলত গোলকীকৰণৰ বিৰুদ্ধে ৰাষ্ট্ৰীয়তাবাদ আৰু বিচ্ছিন্নতাবাদী আন্দোলন দেখা যায়।

৪। আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু কূটনীতি: গোলকীকৰণৰ ফলত দেশসমূহৰ মাজত কূটনৈতিক সম্পৰ্ক উন্নত হৈছে। বাণিজ্যিক আৰু সামৰিক সহযোগিতাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সম্বন্ধ অধিক জটিল আৰু আন্তঃনিৰ্ভৰশীল হৈ পৰিছে।

অৰ্থনৈতিক ফলাফল (Economics Consequence)

গোলকীকৰণৰ অৰ্থনৈতিক ফলাফল বহুমুখী আৰু ই বিশ্বৰ বিভিন্ন দেশত বিভিন্ন ধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে। তলত ইয়াৰ কিছুমান মুখ্য অৰ্থনৈতিক প্ৰভাৱ আলোচনা কৰা হ’ল—

১। বাণিজ্য আৰু বিনিয়োগৰ বৃদ্ধি: গোলকীকৰণৰ ফলত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু বৈদেশিক বিনিয়োগ (FDI) ব্যাপকভাৱে বৃদ্ধি পাইছে। WTO, IMF, আৰু World Bank ৰ দৰে সংস্থাসমূহে মুক্ত বাণিজ্য আৰু উদ্ভৱশীল অৰ্থনীতিৰ বিকাশত সহায় কৰিছে।

২।বহুজাতিক কোম্পানী (MNC) ৰ প্ৰভাৱ বৃদ্ধি: বহুজাতিক কোম্পানীসমূহ (যেনে Google, Amazon, Tata) বিভিন্ন দেশত বিনিয়োগ কৰি নতুন বজাৰ সৃষ্টি কৰিছে। ই উৎপাদন আৰু সেৱাৰ ক্ষেত্ৰত বৈশ্বিক পৰিসৰত সুযোগ বৃদ্ধি কৰিছে।

৩। নিৰ্মাণশিল্পৰ স্থানান্তৰ: গোলকীকৰণৰ ফলত উন্নয়নশীল দেশসমূহত (যেনে ভাৰত, চীন, ভিয়েটনাম) উৎপাদনমূলক শিল্পবোৰ স্থানান্তৰ হৈছে। কম মজুৰি আৰু সুলভ কাঁচামালৰ সুবিধা গ্ৰহণ কৰি বহু কোম্পানীয়ে নিজৰ উৎপাদন কেন্দ্ৰ উন্নয়নশীল দেশত স্থাপন কৰিছে।

৪। কৰ্মসংস্থানে লাভ আৰু লোকচান: লাভ: নতুন বিনিয়োগৰ ফলত উন্নয়নশীল দেশসমূহত চাকৰিৰ সুযোগ বৃদ্ধি পাইছে। তথ্য-প্ৰযুক্তি, ই-কমাৰ্ছ, আৰু সেৱা খণ্ডত বৃহৎ পৰিমাণৰ নতুন চাকৰি সৃষ্টি হৈছে।

লোকচান: উন্নত দেশসমূহত বহু পৰম্পৰাগত চাকৰি উন্নয়নশীল দেশলৈ স্থানান্তৰ হোৱা পৰিলক্ষিত হৈছে। উদাহৰণস্বৰূপে, আমেৰিকা বা ইউৰোপত কাৰখানাসমূহ বন্ধ হৈ চীন বা ভাৰতলৈ স্থানান্তৰ হৈছে।

৫। অৰ্থনৈতিক বৈষম্য বৃদ্ধি: গোলকীকৰণে গোটেই বিশ্বৰ সামগ্ৰিক অৰ্থনীতি উন্নত কৰিলে যদিও, দেশৰ ভিতৰত আৰু দেশৰ মাজত বিত্ত বৈষম্য বৃদ্ধি পাইছে। উদাহৰণস্বৰূপে, উচ্চ-প্ৰযুক্তি খণ্ডত কাম কৰা ব্যক্তিসকল বেছি উপাৰ্জন কৰি আছে, কিন্তু নিম্ন-দক্ষতাৰ কামৰ সুযোগ কমি আহিছে।

৬। স্থানীয় উদ্যোগৰ প্ৰভাৱ: বিশ্ববজাৰত বৃহৎ কোম্পানীসমূহৰ প্ৰভাৱ বৃদ্ধি হোৱাত স্থানীয় উদ্যোগসমূহ কেতিয়াবা টিকি থাকিবলৈ কঠিন পৰিস্থিতিৰ সন্মুখীন হয়। বহুজাতিক কোম্পানীৰ প্ৰতিযোগিতাৰ বাবে বহু ক্ষুদ্ৰ উদ্যোগ ক্ষতিগ্ৰস্ত হয়।

৭। মূল্যস্ফীতি আৰু অৰ্থনৈতিক স্থিতিশীলতা: গোলকীকৰণে দেশসমূহৰ মাজত সম্পদ আৰু সামগ্ৰীৰ সহজগম্যতা বৃদ্ধি কৰিছে, যাৰ ফলত কিছুমান সামগ্ৰীৰ মূল্য হ্ৰাস পাইছে। কিন্তু, কোনো সময়ত ই আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সংকটৰ বাবে দেশসমূহৰ স্থিতিশীলতাতো প্ৰভাৱ পেলাব পাৰে।

গোলকীকৰণৰ সাস্কৃতিক ফলাফল (Cultural Consequences)

১। সাংস্কৃতিক বিনিময় আৰু বিস্তাৰ: ভাষা আৰু সাহিত্যৰ প্ৰচাৰ – ইংৰাজী, স্পেনিছ, আৰু চীনা ভাষাৰ প্ৰভাৱ বৃদ্ধি পাইছে। একেদৰে, ভাৰতীয় সংস্কৃতি, সাহিত্য, আৰু চিনেমাও বিশ্বত প্ৰচাৰিত হৈছে।

২। সাংস্কৃতিক সংমিশ্ৰণ: গোলকীকৰণৰ ফলত বিভিন্ন সংস্কৃতি একে ঠাইত একত্ৰিত হৈ নতুন সাংস্কৃতিক পৰিচয় সৃষ্টি কৰে। 

৩। পৰম্পৰাগত সংস্কৃতিৰ সংৰক্ষণ আৰু বিলুপ্তি: সংৰক্ষণ – আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ (UNESCO) আৰু সামাজিক মাধ্যমৰ সহায়ত বহুতো বিলুপ্ত সংস্কৃতি সংৰক্ষণ হ’বলৈ ধৰিছে। বিলুপ্তি – পশ্চিমী সভ্যতাৰ প্ৰভাৱত বহুতো স্থানীয় ভাষা, কৃষ্টি, আৰু নৃত্য বিনাশ হোৱাৰ আশংকা বৃদ্ধি পাইছে। উদাহৰণস্বৰূপে, কিছু আদিবাসী ভাষা আৰু পৰম্পৰা হেৰাই যাবলৈ ধৰিছে।

৪। মূল্যবোধ আৰু জীৱনধাৰাৰ পৰিৱর্তন: গণতান্ত্ৰিক আৰু উদাৰ চিন্তাধাৰা – লৈঙ্গিক সমতা, মানবাধিকাৰ, আৰু শিক্ষাৰ ক্ষেত্ৰত বিশ্বব্যাপী এক নতুন দৃষ্টিভংগী গঢ়ি উঠিছে।

৫। স্থানীয় সংস্কৃতি আৰু পৰিচয়ৰ সংকট: বহুজাতিক কোম্পানী আৰু গ্লোবেল মিডিয়াৰ আধিপত্যত স্থানীয় সংস্কৃতি কেতিয়াবা সৰু হৈ পৰে। উদাহৰণস্বৰূপে— ফল্গুধৰ্মীয় উৎসৱসমূহ হ্ৰাস পাইছে (যেনে খাটি ভাৰতীয় লোক উৎসৱসমূহ কম জনপ্ৰিয় হৈছে)। স্থানীয় শৈল্পিক উদ্যোগৰ সংকট (বিশ্ববিখ্যাত ব্রেণ্ডসমূহৰ বাবে স্থানীয় কাৰুকাৰ্যৰ বজাৰ সংকুচিত হৈছে)।

ভাৰতত বিশ্বায়নৰ প্ৰভাৱ (Impact of Globalization in India)

বিশ্বায়নৰ ফলত ভাৰতত বিদেশী পুঁজি বিনিয়োগৰ মাত্রা বৃদ্ধি পাব। ইয়াদ ফলত বিদেশী বিনিয়োগকাৰীসকল লাভৱান হ’ব। আনহাতে ভাৰতীয় উৎপাদনকাৰীসকলে বিদেশী ব্যৱসায়ীসকলৰ ওচৰত প্ৰতিযোগিতাৰ সম্মুখীন হ’ব। আন ঠাইৰ পৰা অনা সামগ্ৰীবিলাকৰ মূল্য কম হোৱাৰ কাৰণে স্থানীয় উৎপাদনকাৰীৰ সামগ্ৰীৰ বজাৰত বিক্ৰী কৰাৰ সমস্যা হ’ব। ভাৰতত থলুৱাভাৱে পৰম্পৰাগতভাৱে যিবিলাক কুটিৰ শিল্প আছে সেইবিলাকৰ গুৰুত্ব নোহোৱা হ’ব। ইয়াৰ ফলত এই শিল্পবিলাকত জড়িত কৰ্মচাৰীসকল নিবনুৱা হৈ পৰিব।

ভাৰতে ইয়াৰ অৰ্থনৈতিক বিকাশৰ কাৰণে বিশ্ব বেংক, আন্তর্জাতিক মুদ্রানিধিৰ পৰা ঋণ গ্রহণ কৰি আহিছে। কিন্তু বিশ্ব বেংকে ভাৰতক এই ঋণ কিছুমান চৰ্ত সাপেক্ষে প্রদান কৰে। ভাৰতে কি কি বিষয়ত সেই ধন খৰচ কফিব তাক নিৰ্দ্ধাৰণ কৰি দিয়ে। উদাহৰণস্বৰূপে ভাৰতে শিক্ষা, স্বাস্থ্য, পৰিবহণ আদি বিষয়ত এই ধন খৰচ কৰিব নোৱৰা চৰ্ত বান্ধি দিয়ে। ইয়াৰ ফলত এই বিষয়বিলাকত ৰাজসাহায্য দিব নোৱৰা অৱস্থা হৈছে। আনহাতে এনে সংস্কাবৰ ফলত ব্যক্তিগত খণ্ডত বিনিয়োগ বৃদ্ধি পাইছে। সেই কাৰণে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান, চিকিৎসালয়ৰ সমস্যা বৃদ্ধি পাইছে। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানবিলাকত ইংৰাজী ভাষাক শিক্ষাৰ মাধ্যম কৰাত থলুৱা ভাষা-সংস্কৃতিৰ বিকাশত বাধাৰ সৃষ্টি হোৱাৰ লগে লগে মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠান প্রায়বিলাক, বিশেষকৈ প্রাথমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানবিলাক বন্ধ হৈ যোৱাৰ উপক্রম হৈছে। আনহাতে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানবিলাকত ছাত্র-ছাত্রীৰ নামভৰ্তি আৰু ফিজৰ হাৰ অধিক হোৱাৰ কাৰণে দুখীয়া শ্রেণী লোকৰ ছাত্র-ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈছে।

সামৰণি (Conclusion)

গোলকীকৰণে একেমুহূর্ততে সম্ভাৱনা আৰু চিন্তাৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ ওপৰত প্ৰভাৱ পৰিলেও, গণতান্ত্ৰিক মূল্যবোধ, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, আৰু কূটনৈতিক সম্পৰ্ক অধিক শক্তিশালী হৈছে।

“বিশ্বায়ন হৈছে এক চলমান আৰু অজানিত দিশত আগবাঢ়ি যোৱা প্ৰক্ৰিয়া, যিয়ে পৃথিৱীৰ বিভিন্ন অংশত বিভিন্ন ধৰণে প্ৰভাৱ পেলায়।”

Sl. No.Topics
1.পৰিৱেশগত সমস্যা, উৎপত্তি, ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ চুক্তিসমূহ
2.নাৰীবাদ কি? ইতিহাস,পৰ্যায়, প্ৰকাৰ, লোক-প্রশাসনত নাৰীবাদৰ প্ৰভাৱ, বৰ্তমান সময়ত নাৰীবাদ
3.গোলকীয় অৰ্থনীতি (Global কি? প্ৰভাৱ, বৈশিষ্ট্য, গুৰুত্ব | What is Global Economy, Impact, Importance
4.গোলকীয় শাসন – অৰ্থ, উদ্দেশ্য, ক্ষেত্ৰসমূহ, ভূমিকা, উত্তৰ-দক্ষিণ বিতৰ্ক | Global Governance – Purpose, Areas, Role, Global South & North Conflict
5.গোলকীকৰণ – সংজ্ঞা, বৈশিষ্ট্য, যুক্তি, প্ৰসাৰতাৰ কাৰক, ফলাফল, ভাৰতত বিশ্বায়নৰ প্ৰভাৱ | Definition, Characteristics, Globalization in India
6.গোলকীয় প্রতিৰোধ কি? ধাৰণা, প্ৰকাৰ, গোলকীয় সামাজিক আন্দোলন, প্ৰভাৱ, এমনেষ্টী ইণ্টাৰনেচনেল | Global Resistance – Types, Global Social Movement, Impact
7.আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ কি? ধাৰণা, সংজ্ঞা, কাৰণ, শ্ৰেণী, বৈশিষ্ট্য, সন্ত্রাসবাদ আৰু মানৱ অধিকাৰ | International Terrorism – Definition, Causes, Class, Characteristics
8.প্ৰব্ৰজন কি? সংজ্ঞা, প্ৰকৃতি, কাৰক, প্ৰভাৱ, প্ৰব্ৰজনৰ ক্ষেত্ৰত চৰকাৰী নীতিসমূহ | What is Migration? Definition, Nature, Causes, Impact, Govt. Policy on Migration
9.পাৰমাণৱিক অস্ত্র-শস্ত্ৰ সম্প্ৰসাৰণ – বৰ্তমান সময়ৰ বিতৰ্ক, ভাৰতৰ পৰমাণু নীতি | Nuclear Weapons Proliferation, Indian Nuclear Policy
10.বাস্তৱবাদ আৰু নব্য বাস্তৱবাদ-ধাৰণা, চিন্তাবিদসকল, নব্য-উদাৰতাবাদ, নব্য-মার্ক্সবাদ | Realism and Neo-Realism, Thinkers, Neoliberalism, Neo marxism
11.সার্বভৌমত্ব কি? সংজ্ঞা, ইতিহাস, প্ৰকাৰ, বৈশিষ্ট্য, ভাৰতত সাৰ্বভৌমত্ব | Definition, History, Types, Characteristics, Sovereignty in India
12.ভৌগোলিক অখণ্ডতা – ধাৰণা, উদ্ভৱ, অখণ্ডতাৰ উদয় হোৱাৰ কাৰণসমূহ | Territoriality – Concept, Origin, Reasons for the emergence of Territoriality

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top