পাৰমাণৱিক অস্ত্র-শস্ত্ৰ সম্প্ৰসাৰণ – বৰ্তমান সময়ৰ বিতৰ্ক, ভাৰতৰ পৰমাণু নীতি, সমালোচনা – Nuclear Weapons Proliferation, Present Debate, Indian Nuclear Policy and Criticism

সাম্প্ৰতিক কালত বিভিন্ন কাৰণত পৰমাণু শক্তিৰ অধিকাৰী দেশবিলাকৰ মাজত বিতৰ্কৰ সূচনা হৈছে। দ্বিতীয় মহাযুদ্ধৰ সময়ত আমেৰিকা পাৰমাণৱিক শক্তিৰ অধিকাৰী হৈ জাপানৰ নাগাছাকি আৰু হিৰোছিমাত এটম বোমা বিস্ফোৰণ কৰাৰ পিছৰ পৰাই পৰমাণু শক্তিৰ অধিকাৰ আৰু ইয়াৰ প্ৰয়োগক লৈ বিশ্বৰ বিভিন্ন দেশৰ মাজত বিতর্ক হৈছে।
পাৰমাণৱিক অস্ত্র-শস্ত্ৰ সম্প্ৰসাৰণ বিষয়ত বিতর্ক (Debate on Nuclear Weapons Proliferation)
১। পাৰমাণৱিক সম্প্ৰসাৰণ ৰোধ চুক্তি (NPT): পাৰমাণৱিক সম্প্ৰসাৰণ ৰোধ চুক্তিখন আমেৰিকা, ব্রিটেইন আৰু ৰাছিয়াৰ মাজত ১৯৬৮ চনৰ জুলাই মাহত স্বাক্ষৰ কৰিছিল। এই চুক্তিখনত মুঠ ১১ টা অনুচ্ছেদ আছিল। এই অনুচ্ছেদবিলাকৰ দ্বাৰা ১৯৬৭ চনৰ ১ জানুৱাৰীৰ আগতে যিবিলাক দেশে পাৰমাণৱিক প্রযুক্তি আহৰণ কৰিছিল সেই ৰাষ্ট্ৰবোৰক পাৰমাণৱিক শক্তি আহৰণকাৰী ৰাষ্ট্ৰৰ মৰ্যাদা দিয়া হ’ব। এই চুক্তিখন বলবৎ কৰাৰ আৰম্ভণিৰ পৰা ১৯৯২ চনৰ শেষলৈকে মুঠ ১৫২ খন ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল। ইতিমধ্যে ১৯৭৪ চনত ভাৰতে পোখৰাণত পাৰমাণৱিক পৰীক্ষা কৰি এই চুক্তি স্বাক্ষৰ কৰাৰ পৰা বিৰত আছিল। আনহাতে চীন আৰু ফ্রান্সে এই চুক্তিত স্বাক্ষৰ কৰিছিল। ছোভিয়েট ইউনিয়ন বিভক্ত হোৱাৰ পিছত আমেৰিকাই পুনৰ ভাৰত আৰু পাকিস্তানক পাৰমাণৱিক সম্প্ৰসাৰণ ৰোধ চুক্তিত স্বাক্ষৰ কৰিবলৈ হেঁচা প্রয়োগ কৰিছিল।
২। আমেৰিকাৰ শক্তিশালী স্থিতি (America’s View): পাৰমাণৱিক শক্তি আহৰণকাৰী ৰাষ্ট্ৰবিলাকৰ ভিতৰত আমেৰিকাৰ স্থিতি অধিক শক্তিশালী আছিল। এই চুক্তিত স্বাক্ষৰকাৰী দেশবিলাকৰ আমেৰিকাও এক অংশীদাৰ যদিও আমেৰিকাই এই ক্ষেত্ৰত এখন চুপাৰ শক্তি হিচাপে নিজ কর্তৃত্ব আন দেশৰ ওপৰত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিল। আমেৰিকাই আন ৰাষ্ট্ৰবিলাকক পাৰমাণৱিক অস্ত্রবিহীন কৰি ৰখাৰ লগতে অস্ত্র সীমিতকৰণ চুক্তি আৰু নিৰস্ত্ৰীকৰণ চুক্তিত স্বাক্ষৰ কৰাত হেঁচা প্রয়োগ কৰিছিল।
৩। ৰাষ্ট্ৰসংঘৰ ঘোষণা (U.N. Declaration): ৰাষ্ট্ৰসংঘ স্থানৰ পিছতে ১৯৪৬ চনত এখন অস্ত্র-শস্ত্র মুকলি বিশ্ব প্রতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ৰাষ্ট্ৰসংঘই পৰমাণু শক্তি বিশ্বৰ ধ্বংসাত্মক কামত ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে মানৱজাতিৰ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰাৰ পোষকতা কৰিছিল আৰু সেই অনুপাতে কিছুমান পৰমাণু শক্তি আহৰণকাৰী দেশে শান্তিপূর্ণ কামৰ কাৰণে ব্যৱহাৰ কৰিছে। কিন্তু অস্ত্র উৎপাদনৰ ক্ষেত্ৰত এই শক্তি প্রয়োগ নকৰাৰ কোনো নিশ্চয়তা নাছিল।
৪। জাতীয় নিৰাপত্তা (National Security): বিশ্বৰ প্রায়বিলাক দেশে বিশ্বশান্তিৰ ক্ষেত্ৰত একমত প্রকাশ কৰিলেও ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অস্ত্র নিয়ন্ত্রণ, সীমিতকৰণ আৰু নিৰস্ত্ৰীকৰণৰ বিষয়ত একমত প্রকাশ কৰিব পৰা নাই। ভাৰতে ১৯৭০ চনৰ পৰা বহুবাৰ পাৰমাণৱিক শক্তি সম্প্ৰসাৰণ ৰোধ চুক্তিত (Non-proliferation Treaty) স্বাক্ষৰ নকৰাৰ এটা প্ৰধান কাৰণ হ’ল সেই সময়ত চীনৰ বিৰুদ্ধে ভাৰতৰ নিৰাপত্তাৰ কোনো নিশ্চয়তা নাছিল।
৫। কৌশলপূর্ণ অস্ত্র-শস্ত্র সীমিতকৰণ চুক্তি (SALT-II): কৌশলপূর্ণ অস্ত্র-শস্ত্র সীমিতকৰণ চুক্তিলৈও আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত বিতর্ক হৈছিল। আমেৰিকাই এই চুক্তিখন স্বাক্ষৰ কৰাৰ পিছত ছোভিয়েট ইউনিয়নে আফগানিস্তানলৈ নিজৰ সৈন্যবাহিনী প্ৰেৰণ কৰি তাৰ উগ্ৰপন্থী কাৰ্যকলাপ ৰোধ কৰাত চেষ্টা অব্যাহত ৰখাৰ ফলত আমেৰিকাই ছোভিয়েট ইউনিয়নক আস্থাত ল’ব পৰা নাছিল। সেইকাৰণে আমেৰিকা চিনেটে কৌশলপূর্ণ অস্ত্র-শস্ত্র সীমিতকৰণ চুক্তিখনত অনুমোদন জনোৱা নাছিল।
৬। সামগ্রিক পৰীক্ষা নিষিদ্ধ চুক্তি (Comprehensive Test Ban Treaty C.T.B.T.): ১৯৯৬ চনত সম্পাদিত সামগ্রিক পৰীক্ষা নিষিদ্ধ চুক্তিৰ দ্বাৰাও সকলো প্ৰকাৰৰ আণৱিক শক্তি পৰীক্ষা কৰাটো নিষিদ্ধ কৰিবলৈ বিচৰা হৈছিল। এই চুক্তিখনত স্বাক্ষৰ কৰালৈও বিভিন্ন দেশৰ মাজত বিতর্ক হৈছিল। চুক্তিখন সম্পাদিত হোৱাৰ সময়ত ভাৰত পৰমাণু শক্তিসম্পন্ন দেশ নাছিল যদিও পৰমাণু শক্তিসম্পন্ন দেশ হোৱাৰ পিছতো এই চুক্তিখন স্বাক্ষৰ কৰাৰ পৰা বিৰত আছিল। ভাৰতে এই চুক্তিখনৰ খচৰাত পাৰমাণৱিক অস্ত্র নিৰস্ত্ৰীকৰণৰ এটা নির্দিষ্ট সময় সীমা নিৰ্দ্ধাৰণ কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে এই চুক্তিখন পক্ষপাতিত্বমূলক বুলি অভিহিত কৰিছিল।
এইদৰে বিভিন্ন চুক্তি সম্পাদন কৰি পাৰমাণৱিক শক্তি ব্যৱহাৰৰ ক্ষেত্ৰত প্রতিবন্ধকতা আৰোপ কৰিবলৈ পাৰমাণৱিক শক্তিসম্পন্ন দেশকেইখনে চেষ্টা অব্যাহত ৰখাৰ ফলত এই বিষয় লৈ বিতৰ্কৰ সূচনা হৈছিল। এই বিষয়ত বিশেষকৈ আমেৰিকাই আগভাগ লৈছিল। কিন্তু আমেৰিকাই এই বিষয়ত আগভাগ লৈছিল যদিও নিজৰ পৰমাণু শক্তি অটুট ৰখাৰ পোষকতা কৰিছিল। আনকি ১৯৯০-৯৫ চনৰ সময়ছোৱাত সেই সময়ৰ ৰাষ্ট্ৰপতি জর্জ বুশ্বে নিজ দেশৰ পৰমাণু শক্তি বৃদ্ধি কৰিবৰ কাৰণে কংগ্ৰেছৰ পৰা অধিক পুঁজিৰ মঞ্জুৰি বিচাৰিছিল। কিন্তু চিনেটে জর্জ বুশ্বৰ এই আঁচনিত অনুমোদন নজনোৱাত আঁচনিখন কাৰ্যকৰী কৰাটো সম্ভৱপৰ নহ’ল।
Sl. No. | CONTENTS |
Unit – 1 | গোলকীকৰণ: ধাৰণা আৰু দৃষ্টিভংগী |
Unit – 2 | বিশ্ব ৰাজনীতিত সমস্যা আৰু প্ৰতিষ্ঠানসমূহ |
Unit – 3 | সমসাময়িক গোলকীয় সমস্যা – I |
Unit – 4 | সমসাময়িক গোলকীয় সমস্যা – II |
Unit – 5 | গোলকীয় পৰিবৰ্তন: ক্ষমতা আৰু প্ৰশাসন |
বৰ্তমান সময়ৰ বিতৰ্ক (Present Debate)
আণৱিক আৰু পাৰমাণৱিক বিষয় লৈ বৰ্তমান বিভিন্ন দিশত বিতর্ক হৈ আছে। সেই বিতৰ্কৰ কাৰণবিলাক তলত চমুকৈ আলোচনা কৰা হ’ল-
১। আমেৰিকাই প্রথমতে পৰমাণু শক্তি ব্যৱহাৰ কৰিছিল। এই ব্যৱহাৰে সমগ্ৰ বিশ্বতে এক সমালোচনা সৃষ্টি কৰিছিল।
২। আন এটা দিশতো আণৱিক শক্তি ব্যৱহাৰৰ ক্ষেত্ৰত বিতর্ক হৈছে। আমেৰিকাই মাটিৰ তললৈকে নিক্ষেপ কৰিব পৰা আণৱিক বোমা নির্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
৩। ৰাষ্ট্রবিলাকে মিছাইল আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ প্ৰতিৰোধকাৰী মিছাইল ব্যৱহাৰ কৰিবনে নকৰে, সেই বিষয় লৈ বিতৰ্কৰ সূচনা হৈছে। বিশেষকৈ আমেৰিকা আৰু ইয়াৰ মিত্রশক্তিবিলাকে নিজকে মিছাইল আক্ৰমণৰ পৰা সুৰক্ষিত কৰিবৰ কাৰণে প্ৰতিৰোধকাৰী আণৱিক মিছাইল ব্যৱহাৰৰ পোষকতা কৰিছে।
৪। বর্তমান পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ ক্ষেত্ৰত দেখা দিয়া আন এটা গুৰুতৰ সমস্যা হৈছে বিশ্বব্যাপী দেখা দিয়া সন্ত্রাসবাদীৰ কাৰ্যকলাপ।
৫। আন্তর্জাতিক সম্পৰ্কৰ ক্ষেত্রত আনবিলাক দেশে সন্ত্রাসবাদীৰ কূটাঘাতমূলক কাৰ্য লৈ গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছিল। বিভিন্ন সন্ত্রাসবাদী সংগঠনে যদি কেনেবাকৈ পাৰমাণৱিক অস্ত্র-শস্ত্র আহৰণ কৰে তেন্তে যিকোনো মুহূর্ততে বিশ্বৰ কোনো অঞ্চলত অঘটন ঘটাব পাৰে।
ভাৰতৰ পৰমাণু নীতি (Indian Nuclear Policy)
১। ভাৰতে স্বাধীনতা লাভৰ পিছৰে পৰা পৰমাণু অস্ত্ৰ ব্যৱহাৰ কৰাটো বিৰোধিতা কৰি আহিছে। আনকি স্বাধীনতা লাভৰ আগতে যেতিয়া আমেৰিকাই দ্বিতীয় মহাযুদ্ধৰ সময়ত জাপানৰ বিৰুদ্ধে নাগাচাকি আৰু হিৰোচিমাত এট’ম ব’ম নিক্ষেপ কৰি এই দুখন নগৰৰ লাখ লাখ লোকৰ জীৱন ধ্বংস কৰাৰ লগতে বিস্তৰ সা-সম্পত্তিৰ ক্ষতিসাধন কৰিছিল, তেতিয়া তাক ভাৰতে গৰিহণা দিছিল।
২। পৰমাণু অস্ত্ৰ ব্যৱহাৰে মানৱ জাতিক ধ্বংস কৰিব বুলি ভাৰতে দৃঢ়তাৰে বিশ্বাস কৰে। সেই কাৰণে পৰমাণু শক্তিক ধ্বংসাত্মক কাৰ্যত ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে শান্তিপূর্ণ কামৰ উদ্দেশ্যেহে প্রয়োগ কৰাটো বাঞ্ছনীয়। এই বিষয়ে ভাৰতে বিশ্বৰ বিভিন্ন আন্তর্জাতিক সন্মিলনত নিজৰ মতামত ব্যক্ত কৰি আহিছে।
৩। ১৯৪৮ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ যোৱা ভাৰতৰ প্ৰতিনিধিয়ে পৰমাণু শক্তি শান্তিপূর্ণ কামত ব্যৱহাৰ কৰিব লাগে বুলি বক্তব্য দাঙি ধৰিছিল। ভাৰতে সম্পূর্ণভাৱে পৰমাণু অস্ত্র উৎপাদন কৰাৰ বিৰোধিতা কৰিছিল।
৪। ১৯৬২ চনত চীন-ভাৰত যুদ্ধৰ পিছত ভাৰতক পৰমাণু অস্ত্র উৎপাদন কৰিবলৈ বহুতে দাবী কৰিছিল। বিশেষকৈ ১৯৬৫ চনত যেতিয়া চীনে এট’ম বোমা বিস্ফোৰণ ঘটাইছিল তেতিয়া এই দাবী অধিক সজোৰে উত্থাপিত হৈছিল।
৫। ১৯৬৫ চনত ভাৰতৰ প্ৰধান মন্ত্ৰী লালবাহাদুৰ শাস্ত্রী সংসদৰ সদস্য আৰু জনসাধাৰণৰ দাবীৰ প্ৰতি সহানুভূতিশীল আছিল যদিও তেওঁ পৰমাণু অস্ত্র উৎপাদনৰ ওপৰত গুৰুত্ব দিয়া নাছিল। তেওঁৰ মতে পৰমাণু অস্ত্র উৎপাদনে দেশৰ স্বাৰ্থ পূৰণ কৰিব নোৱৰাৰ লগতে ই মানৱজাতিৰো কল্যাণ সাধন কৰিব নোৱাৰে।
৬। ১৯৬৫ চনত ভাৰত-পাকিস্তান সংঘৰ্ষৰ সময়ত সংসদৰ সকলো দলৰ সদস্যসকলে ভাৰত চৰকাৰে তৎকালে পৰমাণু অস্ত্ৰৰ উৎপাদনৰ সিদ্ধান্ত ল’বলৈ দাবী উত্থাপন কৰিছিল যদিও চৰকাৰে এই সম্পৰ্কত গ্ৰহণ কৰা পূৰ্বৰ নীতিৰ কোনো সাল-সলনি কৰা নাছিল। ভাৰতে তেতিয়াও পৰমাণু শক্তি শান্তিপূর্ণ কামৰ উদ্দেশ্যে ব্যৱহাৰ কৰা নীতিকে পোষণ কৰি আছিল।
৭। ১৯৬৬ চনত যেতিয়া চীনে ইয়াৰ তৃতীয়টো পৰমাণু বোমা পৰীক্ষা কৰিলে তেতিয়া পুনৰ ভাৰতে পৰমাণু অস্ত্র উৎপাদন কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিল।
৮। ১৯৬৭ চনত যি সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল, সেই সাধাৰণ নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দলে নিজৰ নিৰ্বাচনী ইস্তাহাৰবিলাকত পৰমাণু অস্ত্ৰ আৰু ক্ষেপণাস্ত্ৰ উৎপাদনৰ কথা উল্লেখ কৰিছিল।
৯। ভাৰতে অৱশ্যে শান্তিপূর্ণ কামৰ কাৰণে পৰমাণু শক্তিৰ কৌশল আহৰণ আৰু প্রয়োগ বিৰোধিতা কৰা নাছিল। ভাৰতৰ প্ৰথমজন প্রধান মন্ত্রী জৱাহৰলাল নেহৰুৱে এই উদ্দেশ্যে নিউক্লিয়েৰ গৱেষণা কেন্দ্র, নিউক্লিয়েৰ শক্তি প্লেন্ট, পৰীক্ষামূলক নিউক্লিয়েৰ ৰিয়েক্টৰ আদি প্রতিষ্ঠা কৰিছিল।
১০। ভাৰতৰ আন এগৰাকী প্রধান মন্ত্রী ইন্দিৰা গান্ধীয়ে ১৯৭৪ চনত ৰাজস্থানৰ মৰুভূমি অঞ্চলৰ পোখৰাণত আণৱিক শক্তি পৰীক্ষা কৰিছিল যদিও ইয়াক শান্তিপূর্ণ কামৰ উদ্দেশ্যেহে ব্যৱহাৰ কৰিব বুলি দৃঢ়তাৰে নিজৰ মত ব্যক্ত কৰিছিল।
১১। ভাৰতৰ পৰমাণু শক্তি পৰীক্ষা কাৰ্যই বিশ্বৰ বিভিন্ন দেশত মিশ্রিত প্রতিক্রিয়া প্রকাশ কৰিছিল যদিও পাকিস্তান এই বিষয়ত অধিক ভীতিগ্রস্ত হৈছিল।
১২। আমেৰিকা আৰু কানাডাৰ পৰমাণু নীতিক ভাৰতে ন্যাস কৰিছিল। এছিয়া আৰু আফ্রিকাৰ কিছুমান দেশে ভাৰতৰ পৰমাণু শক্তি আহৰণৰ কাৰ্যই শান্তিপূর্ণ কামত ইয়াক ব্যৱহাৰ কৰাত সহায়ক হ’ব বুলি ধাৰণা কৰিছিল। ভাৰতৰ জনগণেও পৰমাণু শক্তি উদ্ভাৱনে আন্তর্জাতিক ক্ষেত্ৰত ভাৰতৰ মৰ্যাদা বৃদ্ধি কৰিব বুলি মত পোষণ কৰিছিল।
১৩। ভাৰতৰ আনজন প্রধান মন্ত্রী মোৰাৰজী দেশায়ে ভাৰতৰ পৰমাণু নীতিৰ সালসলনি ঘটাইছিল। তেওঁ ভাৰতে পুনৰ আণৱিক বিস্ফোৰণ পৰীক্ষা কার্য সংঘটিত কৰাটো বিৰোধিতা কৰিছিল।
১৪। ইন্দিৰা গান্ধীয়ে দ্বিতীয়বাৰ ভাৰতৰ প্ৰধান মন্ত্ৰী হৈ পুনৰ ভাৰতৰ শান্তিপূর্ণ পৰমাণু নীতিৰ কথা ঘোষণা কৰিছিল। তেওঁ প্রয়োজন সাপেক্ষে পৰমাণু শক্তি পৰীক্ষা কৰাৰ পোষকতা কৰিছিল। ইন্দিৰা গান্ধীয়ে ভাৰতে পৰমাণু শক্তিৰ কৌশল আহৰণ কৰি আত্মনিৰ্ভৰশীল হোৱাৰ ওপৰত গুৰুত্ব দিছিল।
১৫। ভাৰতে পৰমাণু শক্তি নিৰস্ত্ৰীকৰণৰ ওপৰতো গুৰুত্ব দিছিল। ভাৰতে বিশেষকৈ ছুইডেন, গ্রীচ, মেক্সিকো, আর্জেন্টিনা আৰু টানজানিয়া আদি দেশৰ লগ হৈ পৰমাণু শক্তি নিৰস্ত্ৰীকৰণৰ দাবী উত্থাপন কৰিছিল। তেওঁলোকে বিভিন্ন দেশৰ ৰাজধানীত সভা অনুষ্ঠিত কৰি এই দাবী উত্থাপন কৰিছিল।
১৬। ১৯৬৮ চনত ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণৰ সম্পৰ্কে যি বিশেষ অধিৱেশন অনুষ্ঠিত হৈছিল, সেই অধিৱেশনত ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে ২০১০ চনৰ ভিতৰতে সকলো প্ৰকাৰৰ পৰমাণু অস্ত্র উৎপাদন নিষিদ্ধ কৰিবৰ কাৰণে এটা তিনিদফীয়া প্রস্তাৱ উত্থাপন কৰিছিল।
১৭। ১৯৯৩ চনৰ জানুৱাৰী মাহত ভাৰতে আন ৬০ খনতকৈ অধিক দেশৰ লগতে পেৰিচ কনভেনচনত স্বাক্ষৰ দান কৰি ১৫ বছৰৰ ভিতৰতে ৰাসায়নিক অস্ত্র উৎপাদনত বাধা-নিষেধ কৰাৰ ওপৰত গুৰুত্ব দিছিল। এই কনভেনচনখনে আন্তর্জাতিক ক্ষেত্রত পর্যৱেক্ষণৰো বিধান কৰিছিল।
১৮। ভাৰতে নিউক্লিয়েৰ নন্-প্রলিফাৰেচন চুক্তি (Nuclear Non-Proliferation Treaty)ত স্বাক্ষৰ দান কৰিবলৈ অমান্তি হৈছিল; কাৰণ এই চুক্তিখন বৈষম্যমূলক আছিল। এই চুক্তিখনে পৰমাণু অস্ত্র থকা দেশবিলাকক পৰমাণু অস্ত্ৰ নাইকিয়া কৰাৰ দাবী কৰা নাছিল।
সমালোচনা (Criticism)
১। ভাৰতে একপক্ষীয়ভাৱে প্ৰথমতে পৰমাণু শক্তি ব্যৱহাৰ নকৰাৰ যি নীতি ঘোষণা কৰিছে, সেই ঘোষণা বাস্তৱ ক্ষেত্ৰত অধিক কাৰ্যকৰী নহ’ব। ভাৰতে পাকিস্তান, চীন আদি দেশৰ লগত দ্বিপাক্ষিক চুক্তি সম্পাদন কৰিলেহে এইক্ষেত্রত সুফল লাভ কৰিব পাৰিব।
২। ভাৰতৰ তুলনাত চীনৰ পৰম্পৰাগত সামৰিক শক্তি অধিক শক্তিশালী। এনে পৰিস্থিতিত চীনে ভাৰত আক্ৰমণ কৰিলে ইয়াৰ বিৰুদ্ধে পৰমাণু শক্তি প্ৰথমতে ব্যৱহাৰ নকৰা ধাৰণাটো এক অবাস্তৱ ধাৰণা।
৩। ভাৰতে চীন আৰু পাকিস্তানৰ লগত এই বিষয়ে এক চুক্তি সম্পাদন কৰাটো অতি জৰুৰী কাম। যিহেতু পাকিস্তান আৰু চীনৰ লগত ভাৰতৰ সম্পৰ্ক অধিক উন্নত বুলি ক’ব নোৱাৰি। বিশেষকৈ পাকিস্তানৰ লগত ভাৰতৰ সম্পৰ্ক দেশ বিভাজনৰ পিছৰ পৰা উন্নত নহয়।
৪। ভাৰত পৰমাণু শক্তিৰ অধিকাৰী দেশ যদিও ভাৰতে এই শক্তি ধ্বংসাত্মক কাৰ্যৰ পৰিৱৰ্তে শান্তিপূর্ণ কামৰ কাৰণে ব্যৱহাৰ কৰাৰ প্ৰতি প্ৰতিশ্রুতিবদ্ধ। তদুপৰি ভাৰতে এই শক্তিক প্ৰথমতে আন দেশৰ বিৰুদ্ধে ব্যৱহাৰ নকৰে। যিবিলাক দেশ পৰমাণু শক্তিৰ অধিকাৰী নহয়, সেই দেশৰ বিৰুদ্ধেও পৰমাণু শক্তি ব্যৱহাৰ নকৰে।
৫। ভাৰতে এই নীতিত দৃঢ় হৈ থকাৰ কাৰণে পাকিস্তানৰ লগত সংঘটিত কার্গিল যুদ্ধত পৰমাণু অস্ত্ৰ ব্যৱহাৰৰ প্রশ্ন উত্থাপিত হোৱা নাছিল। বহুতৰ ধাৰণা ২০০২ চনৰ প্ৰথমভাগত ভাৰত আৰু পাকিস্তানৰ মাজত কাশ্মীৰ প্ৰসংগক লৈ যি যুদ্ধ হোৱাৰ সম্ভাৱনাই দেখা দিছিল, সেই সম্ভাৱনাও দুয়োখন দেশ পৰমাণু শক্তিসম্পন্ন হোৱাৰ কাৰণেই নোহোৱা হৈছিল।
৬। ভাৰত পৰমাণু শক্তিৰ অধিকাৰী হ’লেও এই শক্তি ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অধিক ধৈর্যশীল হ’বলৈ বাধ্য হৈছে। তদুপৰি ভাৰতৰ এই নীতিয়ে চীনৰ ভাৰতৰ লগত থকা সীমান্ত সমস্যা সমাধান কবিৰ কাৰণে বাধ্য কৰাব পাৰে আনকি আমেৰিকায়ো ভাৰতৰ পৰমাণু নীতিৰ কটু সমালোচনা কৰাৰ পৰিৱৰ্তে তেওঁলোকে ইয়াৰ ফলত বিশ্বৰ কাৰণে কোনো সমস্যা নোহোৱাকৈ দক্ষিণ এছিয়াত নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ সক্ষম হ’ব পাৰিব।
পাৰমাণৱিক অস্ত্ৰ সম্প্ৰসাৰণ বিৰোধ চুক্তি (Nuclear Non-proliferation Treaty, NPT)
১। NPT চুক্তিৰ দ্বাৰা পাৰমাণৱিক পৰীক্ষা নিষিদ্ধকৰণ তথা সম্প্ৰসাৰণ ৰোধ কৰিবলৈ প্ৰয়াস কৰা হৈছিল; কিন্তু এই চুক্তি অনুসৰি পূৰ্বতে যিসমূহ ৰাষ্ট্ৰই পাৰমাণৱিক শক্তি আহৰণ কৰিছিল সেইসমূহ ৰাষ্ট্ৰৰ পাৰমাণৱিক অস্ত্র অক্ষত অৱস্থাত থাকিব।
২। NPT চুক্তিৰ উদ্দেশ্য আছিল আণৱিক শক্তিৰ অধিকাৰী নোহোৱা দেশবিলাকে যাতে আণৱিক শক্তি আহৰণ নাইবা উৎপাদন কৰিব নোৱাৰে তাৰ কাৰণে বিভিন্ন ৰাষ্ট্ৰক চুক্তিবদ্ধ কৰিবলৈ প্ৰয়াস কৰা হৈছিল। কিন্তু ভাৰতবৰ্ষ, পাকিস্তানকে ধৰি বহু দেশে এই চুক্তিত স্বাক্ষৰ কৰাৰ পৰা বিৰত আছিল।
৩। ১৯৬৮ চনৰ ১৩ জুন তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই গৰিষ্ঠসংখ্যক সদস্যৰ সমৰ্থনৰ ভিত্তিত পাৰমাণৱিক অস্ত্ৰ সম্প্ৰসাৰণ বিৰোধ চুক্তিখন গ্রহণ কৰে। সদস্যৰাষ্ট্রসমূহে নিজৰ ইচ্ছা তথা সন্মতি সাপেক্ষে ১৯৬৮ চনৰ জুলাই মাহৰ পৰা এই চুক্তিত স্বাক্ষৰ কৰিবলৈ সুবিধা পায়; কিন্তু এই চুক্তি অনুসৰি ২ জানুৱাৰী, ১৯৬৭ চনলৈকে পাৰমাণৱিক অস্ত্ৰ হাতত থকা দেশসমূহৰ বাদে অন্য কোনো ৰাষ্ট্ৰই পাৰমাণৱিক অস্ত্ৰ আহৰণৰ পৰা বিৰত থাকিব লাগিব, যিটো সিদ্ধান্ত সর্বসম্মত নাছিল। সেয়েহে বহু সদস্য ৰাষ্ট্ৰই বিৰোধিতা কৰাত চুক্তি স্বাক্ষৰৰ দিন অনির্দিষ্ট কাললৈ বঢ়াই দিয়া হয়।
৪। এই চুক্তি স্বাক্ষৰিত হোৱা পূৰ্বে পাৰমাণৱিক অস্ত্র আহৰণ কৰা দেশসমূহ হৈছে- আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ৰাছিয়া, ব্রিটেইন, ফ্রান্স আৰু চীন। ১৯৯৮ চনত ভাৰতবৰ্ষই পাৰমাণৱিক অস্ত্র শক্তিধৰ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়।
আণৱিক শক্তি সীমিতকৰণ চুক্তি (Nuclear Non-proliferation Treaty, 1968)
১। ১৯৬৩ চনত যি আংশিক আণৱিক পৰীক্ষা নিষিদ্ধকৰণ চুক্তি স্বাক্ষৰিত হৈছিল।
২। এই চুক্তিৰ দ্বাৰা আণৱিক শক্তিৰ অধিকাৰী ৰাষ্ট্ৰকেইখনে তেওঁলোকৰ আণৱিক শক্তি অক্ষত অৱস্থাত ৰখাৰ পোষকতা কৰিছিল। তেওঁলোকে এখন ব্যাপক আণৱিক নিষিদ্ধকৰণ চুক্তিত স্বাক্ষৰ কৰাৰ পক্ষপাতী নাছিল।
৩। কিন্তু ভাৰত, আয়াৰলেণ্ড আৰু চুইডেন বিশ্বৰ আণৱিক শক্তি অধিকাৰী দেশকেইখনে যাতে নিজৰ আণৱিক শক্তিৰ প্ৰসাৰ আৰু এনে অস্ত্ৰৰ অধিকাৰী যাতে আন কোনো দেশ হ’ব নোৱাৰে তাৰ ওপৰত গুৰুত্ব দিছিল।
৪। আণৱিক শক্তি ব্যৱহাৰ সম্পৰ্কে আলোচনা চলি থকাৰ সময়তে চীনে ১৯৬৪ চনত এটম বোমাৰ বিস্ফোণ ঘটোৱাত ভাৰতে আণৱিক শক্তি ব্যৱহাৰ সম্পৰ্কীয় নিজৰ দৃষ্টিভংগী সলনি কৰি নিৰাপত্তাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল।
৫। তদুপৰি আণৱিক শক্তিৰ অধিকাৰী নোহোৱা দেশবিলাকেও যাতে আণৱিক শক্তি আহৰণ নাইবা উৎপাদন নকৰে তাৰ কাৰণেও চুক্তিবদ্ধ হোৱাটো বাঞ্ছনীয়।
আণৱিক শক্তি সীমিতকৰণ চুক্তিৰ বিভিন্ন দফা (Provisions of the Nuclear Non-Proliferation Treaty)
আণৱিক শক্তিৰ পৰীক্ষা সীমিত নিষিদ্ধকৰণ চুক্তিখনত বহুতো দফা আছে আৰু সেইবিলাক হৈছে-
১। আণৱিক শক্তিৰ অধিকাৰী ৰাষ্ট্ৰকেইখনে প্রত্যক্ষ বা পৰোক্ষভাৱে কোনো আণৱিক অস্ত্র, আণৱিক বিস্ফোৰক সামগ্রী বা এনে অস্ত্ৰৰ ওপৰত থকা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত হস্তান্তৰ কৰিব নোৱাৰিব। সেই অনুপাতে আণৱিক শক্তিৰ অধিকাৰী দেশবিলাকে শক্তিৰ অধিকাৰী নোহোৱাবিলাকলৈ এনে শক্তি উৎপাদন বা অন্য প্ৰকাৰে আণৱিক অস্ত্র বা অন্য আণৱিক বিস্ফোৰক সামগ্ৰীৰ কৌশল বা তেনে অস্ত্রৰ বা বিস্ফোৰণৰ কৌশলৰ ক্ষেত্ৰত কোনো প্ৰকাৰে সহায় বা উৎসাহিত কৰিব নোৱাৰিব।
২। যিবিলাক আণৱিক শক্তিৰ অধিকাৰী দেশ নহয়, তেওঁলোকে আন দেশবিলাকৰ পৰা আণৱিক অস্ত্র, নাইবা আণৱিক বিস্ফোৰক কৌশল নাইবা তেনে অস্ত্ৰৰ কৌশল প্রত্যক্ষ বা পৰোক্ষভাৱে গ্ৰহণ নকৰিব।
৩। চুক্তিখনে ইয়াৰ সদস্যভুক্ত দেশকেইখনক কোনো বৈষম্য নৰখাকৈ আৰু শান্তিৰ কাৰণে বিকাশ, গৱেষণা কৰা আৰু উৎপাদন কৰাৰ অধিকাৰ কোনো প্রকাশ নকৰাত চুক্তিত স্বাক্ষৰকাৰী দেশকেইখনে আণৱিক শক্তি শান্তিৰ উদ্দেশ্যে ব্যৱহাৰৰ ক্ষেত্রত সা-সঁজুলি, বৈজ্ঞানিক আৰু কাৰিকৰী কৌশল সৰবৰাহ কৰাত অংশগ্ৰহণ কৰিব পাৰিব।
৪। আণৱিক শক্তিৰ অধিকাৰী নোহোৱা দেশবিলাকে আন্তর্জাতিক এট’মিক শক্তি আয়োগৰ লগত চুক্তি কৰি আত্মৰক্ষাৰ কাৰণে আগবঢ়োৱা সাহায্য গ্রহণ কৰিব পাৰিব।
৫। চুক্তিখনত স্বাক্ষৰকাৰী আণৱিক শক্তিৰ অধিকাৰী ৰাষ্ট্ৰকেইখনে যদি এই শক্তিক শান্তিপূর্ণ কামত প্রয়োগ কৰি কোনো দিশত উপকৃত হয় তেন্তে তাৰ উপকাৰী অংশৰ সমভাগী আণৱিক শক্তিৰ অধিকাৰী নোহোৱা দেশবিলাকো হ’ব পাৰিব।
৬। চুক্তিখন সকলো দেশৰ স্বাক্ষৰৰ কাৰণে মুকলি থাকিব। চুক্তিখন কাৰ্যকৰী কৰাত স্বাক্ষৰকাৰী ৰাষ্ট্ৰবিলাকৰ অনুমোদনৰ ওপৰত নিৰ্ভৰ কৰিব। আনকথাত স্বাক্ষৰকাৰী ৰাষ্ট্ৰবিলাকৰ চৰকাৰে এই চুক্তিত অনুমোদন জনালেহে কাৰ্যকৰী কৰিব পাৰিব।
৭। যদি স্বাক্ষৰকাৰী ৰাষ্ট্ৰই তেওঁলোকৰ নিজ দেশৰ বিশেষ পৰিস্থিতিৰ কাৰণে চুক্তিখনৰ পৰা ওলাই আহিবলৈ ইচ্ছা কৰে, তেন্তে সেই ৰাষ্ট্ৰখনে চুক্তিত সদস্যপদ ত্যাগ কৰিব পাৰে। অৱশ্যে এই ক্ষেত্ৰত ৰাষ্ট্ৰখনে ইয়াৰ সদস্যভুক্ত ৰাষ্ট্ৰ আৰু নিৰাপত্তা পৰিষদক তিনিমাহৰ আগজাননী দিব লাগে।
৮। স্বাক্ষৰকাৰী ৰাষ্ট্ৰকেইখনে সোনকালে তেওঁলোকৰ মাজত আণৱিক শক্তি প্রতিযোগিতা বন্ধ কৰিবৰ কাৰণে চুক্তিত আৱদ্ধ হ’ব পাৰিব।
৯। স্বাক্ষৰকাৰী ৰাষ্ট্ৰকেইখনে প্রয়োজন সাপেক্ষে আণৱিক শক্তি সীমিতকৰণ চুক্তিৰ কোনো দফা সংশোধনৰ কাৰণে প্ৰস্তাৱ দিব পাৰে। চুক্তিখন কাৰ্যকৰী হোৱাৰ ৫ বছৰৰ পিছত চুক্তি স্বাক্ষৰ পক্ষই জেনেভাত এখন সম্মিলন অনুষ্ঠিত কৰি ইয়াৰ পৰ্যালোচনা কৰিব পাৰে।
১০। চুক্তিখনে ৰাষ্ট্ৰবিলাকক আঞ্চলিক চুক্তিত আৱদ্ধ হোৱাতো বাধা প্ৰদান কৰা নাই। ৰাষ্ট্ৰবিলাকে তেওঁলোকৰ এলেকাত কোনো আণৱিক শক্তিৰ অধিকাৰী দেশ নাই বুলি চুক্তিত আৱদ্ধ হ’ব পাৰে।
সামৰণি (Conclusion)
ভাৰতে পৰমাণু শক্তিৰ ক্ষেত্ৰত এক দুইতৰপীয়া নীতি গ্রহণ কৰিছে। ভাৰতে পৰমাণু শক্তি শান্তিপূর্ণ ব্যৱহাৰৰ কাৰণে দাবী উত্থাপন কৰাৰ আগতে বিশেষ পৰিস্থিতিত সামৰিক উদ্দেশ্যে পৰমাণু অস্ত্ৰ ব্যৱহাৰৰো বিৰোধিতা কৰা নাই। তদুপৰি ভাৰতে পৰমাণু অস্ত্র, নিৰস্ত্ৰীকৰণৰ সম্পৰ্কেও নিজা মত ব্যক্ত কৰি আহিছে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.