গোলকীয় প্রতিৰোধ কি? ধাৰণা, প্ৰকাৰ, গোলকীয় সামাজিক আন্দোলন, প্ৰভাৱ, এমনেষ্টী ইণ্টাৰনেচনেল | Global Resistance – Types, Global Social Movement, Impact

গোলকীয় প্রতিৰোধ কি? ধাৰণা, প্ৰকাৰ, গোলকীয় সামাজিক আন্দোলন, প্ৰভাৱ, গোলকীয় সামাজিক মঞ্চ, এমনেষ্টী ইণ্টাৰনেচনেল | What is Global Resistance? Types, Global Social Movement, Impact, Global Social Form, Amnesty International.

গোলকীয় প্রতিৰোধ কি? ধাৰণা, প্ৰকাৰ, গোলকীয় সামাজিক আন্দোলন, প্ৰভাৱ, এমনেষ্টী ইণ্টাৰনেচনেল | Global Resistance - Types, Global Social Movement, Impact

গোলকীয় প্রতিৰোধৰ ধাৰণা (Concept of Global Resistances)

Join Telegram channel

Table of Contents

গোলকীকৰণে সমগ্ৰ মানৱ জাতিৰ কল্যাণ সাধিব আৰু গোলকীকৰণৰ অৱদানসমূহে সমগ্ৰ বিশ্বৰ জনসাধাৰণক সকলো দিশতে বিকাশৰ সুবিধা প্রদান কৰিব বুলি যদিও আশা কৰা হৈছিল; কিন্তু বিশ্ব সমুদায়ৰ দ্বাৰা আশা কৰা ধৰণৰ এখন ছবি বাস্তৱত পৰিৱেশিত নহ’ল। দ্রুত গতিত বিকাশ লাভ কৰা বহুজাতিক কোম্পানীসমূহ আৰু ইয়াৰ শাখা-প্রশাখাই বহুসময়ত প্রাকৃতিক পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে স্থানীয় তথা থলুৱা সমুদায়ৰ অস্তিত্বৰ লগতে স্থানীয় শিল্প আৰু জীৱন জীৱিকাৰ কৌশলসমূহৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। গোলকীয় দৰিদ্ৰতা আদিৰ দৰে মানৱ অধিকাৰক কলংকৃত কৰা এই ধাৰণাসমূহৰ পৰা মুক্তি লাভ কৰিবলৈ কুৰি শতিকাৰ শেষ দশকৰ ফালে বিশ্ব সমুদায় সচেতন হৈ পৰে আৰু গোলকীকৰণে গঢ়ি তোলা এনে অসমতা, দৰিদ্ৰতাৰ লগতে বিভিন্ন প্রত্যাহ্বানসমূহৰ বিৰুদ্ধে একত্রিতভাৱে বিৰোধ তথা সংগ্রাম গঢ়ি তোলাৰ প্রেক্ষাপটতে বিকাশ লাভ কৰিছিল গোলকীয় প্ৰতিৰোধ নামৰ এক অৱধাৰণাৰ।

গতিকে গোলকীকৰণে সৃষ্টি কৰা এই বিভিন্ন প্রত্যাহ্বান আৰু সমস্যাসমূহৰ বিৰুদ্ধে বিভিন্ন ব্যক্তি, সমূহ তথা সংগঠনে একত্রিত ৰূপত সমগ্র বিশ্বজুৰি যি প্রতিৰোধ গঢ়ি তুলিছে তাকে গোলকীয় প্ৰতিৰোধ বুলিব পাৰি।

গোলকীয় প্ৰতিৰোধৰ প্ৰকাৰ (Types of Global Resistances)

আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ এজন প্রখ্যাত চিন্তাবিদ ক’হেনে (Cohen) গোলকীকৰণৰ দুই প্ৰকাৰৰ বিৰোধৰ বিষয়ে উল্লেখ কৰিছে-

১। পশ্চিমীয়াকৰণৰ প্রতিদ্বন্দ্বী তথা বিৰোধ (Enemies of Westernization): সাধাৰণতে ৰক্ষণশীল (conservative) আৰু দক্ষিণপন্থী তথা ৰাজনৈতিক সোঁপন্থীসকল এই বিৰুদ্ধত অন্তর্ভুক্ত। এই আদর্শত বিশ্ববাসীসকলে গোলকীকৰণৰ বিৰোধিতা কৰাৰ প্ৰধান কাৰণেই হ’ল ৰাজনৈতিক গোলকীকৰণে ৰাষ্ট্ৰৰ শক্তি সীমিত তথা দুর্বল কৰিছে। 

২। পুঁজিবাদৰ বিৰোধ তথা প্রতিদ্বন্দ্বী (Enemies of Capitalism): এই শ্ৰেণীটোৰ ভিতৰত প্ৰধানতঃ সমাজবাদী, মার্ক্সবাদী আৰু বামপন্থী লোকসকল অন্তর্ভুক্ত হৈছে। এই আদৰ্শৰ বিৰোধীসকলৰ মতে গোলকীকৰণৰ ফলস্বৰূপে ‘বিশ্ব পুঁজিবাদ’ ধাৰণাৰ সূচনা হৈছে, যাৰ প্ৰভাৱত বিশ্বৰ ধনী ৰাষ্ট্ৰসমূহ ক্রমান্বয়ে ধনী হৈ গৈছে দুখীয়া ৰাষ্ট্ৰসমূহ ক্রমে আৰু দুখীয়াৰ পৰা দুখীয়া হৈ গৈ আছে। 

গোলকীয় সামাজিক আন্দোলন (Global Social Movements)

গোলকীয় সামাজিক আন্দোলন (Global Social Movement) হৈছে এনে সামাজিক আন্দোলন, যি কোনো নির্দিষ্ট দেশ বা অঞ্চলৰ পৰিসৰত সীমাবদ্ধ নহয়, বৰঞ্চ আন্তঃৰাষ্ট্ৰীয় বা বিশ্বব্যাপী বিস্তৃত হয়। এইধৰণৰ আন্দোলনে সাধাৰণতে বিশ্বজনীন সমস্যা, মানৱাধিকাৰ, পৰিৱেশ সুৰক্ষা, আন্তঃৰাষ্ট্ৰীয় ন্যায়, তথা গোলকীকৰণৰ প্ৰভাৱৰ দৰে বিষয় সমূহৰ ওপৰত কেন্দ্ৰিত হৈ থাকে। সাধাৰণতে কিছুসংখ্যা সংগঠনৰ দ্বাৰা অথবা কোনোধৰণৰ সংগঠনৰ অবিহনে সংঘটিত হোৱা স্থানীয় প্ৰতিবাদ, আন্দোলন অথবা সংগ্ৰামাক বুজায়।

সংজ্ঞা (Definition)

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

ঘামশ্যাম শ্বাহৰ (Ghanshyam Shah) ম’তে” সামাজিক আন্দোলন প্ৰতিশব্দটো সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে যিকোনো ধৰণৰ অনা আনুষ্ঠানিক, ইচ্ছাকৃত সংঘবদ্ধ কাৰ্যৰ ক্ষেত্ৰত ব্যৱহাৰ হৈ আহিছে।”

গোলকীয় সামাজিক আন্দোলনৰ ধাৰণা (Concept of the Global Social Movements):

সাধাৰণতে এটা নির্দিষ্ট লক্ষ্য বিশেষতঃ সামাজিক আৰু ৰাজনৈতিক কৃতকার্যতা লাভ কৰাৰ উদ্দেশ্যে এক বৃহৎ সংখ্যক জনসমূহৰ দ্বাৰা কৰা সংগঠিত প্রচেষ্টাক সামাজিক আন্দোলন বুলি অভিহিত কৰিব পাৰি। সাধাৰণতে এই প্রচেষ্টা কোনো চলিত ব্যৱস্থাত পৰিৱৰ্তন সাধন কৰিবলৈ নাইবা নতুন ব্যৱস্থা সৃষ্টি কৰা এই দুই উদ্দেশ্যত সংঘটিত হ’ব পাৰে।

উনৈশ শতিকাৰ প্ৰথম দশকৰ সামাজিক, অস্থিবতাপূর্ণ সময়তে ইউৰোপত পোনপ্ৰথমবাৰৰ বাবে ‘সামাজিক আন্দোলন’ ধাৰণাটোৱে স্বীকৃতি লাভ কৰিছিল। অৱশ্যে যিসকল ৰাজনৈতিক নেতা আৰু লেখকে এই শব্দটো ব্যৱহাৰ কৰিছিল তেওঁলোকে সমাজৰ মূল্যবোধৰ পৰিৱৰ্তনৰ লগতে সংগঠন আৰু সম্পত্তিৰ সম্পৰ্ক পৰিৱৰ্তনৰ জৰিয়তে এখন নতুন সমাজ গঠন কৰি শোষিত শ্ৰেণীটোক মুক্ত কৰিব বিচাৰিছিল।

গোলকীয় সামাজিক আন্দোলনৰ বৈশিষ্ট্যসমূহ (Features of Global Social Movement)

গোলকীয় পর্যায়ত এক সবল আৰু শক্তিশালী ৰূপত আত্মপ্রকাশ কৰা গোলকীয় সামাজিক আন্দোলনসমূহ অধ্যয়ন কৰিলে ইয়াৰ কিছুমান বৈশিষ্ট্য পৰিলক্ষিত হয়। তলত গোলকীয় সামাজিক আন্দোলনৰ কেইটামান বৈশিষ্ট্য চমুকৈ আলোচনা কৰা হ’ল-

১। বেচৰকাৰী সংগঠনৰ ভূমিকা: গোলকীয় সামাজিক আন্দোলনসমূহৰ বিকাশ আৰু এক নির্দিষ্ট গতিত আগুৱাই যোৱাৰ ক্ষেত্ৰত বেচৰকাৰী সংগঠসমূহে এক অবিচ্ছেদ্য অংগৰ দৰে ভূমিকা পালন কৰি অহা দেখিবলৈ পোৱা যায়। সামাজিক সংস্কাৰ আৰু জনকল্যাণৰ উদ্দেশ্যে নিজস্ব লাভৰ কথা চিন্তা নকৰাকৈ সু-সংগঠিত ৰূপত গঢ়ি উঠা বাবে বেচৰকাৰী সংগঠনসমূহে নেতৃত্ব প্রদান কৰা সামাজিক আন্দোলনসমূহ অত্যন্ত ফলপ্রসূ আৰু কৃতকার্য হোৱা দেখা যায়।

২। নব্য প্রযুক্তি কৌশলৰ প্ৰয়োগ: বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্রুত উন্নয়নে সমাজব্যৱস্থালৈ নিত্য নতুন আহিলা তথা বিশ্বৰ জনসাধাৰণক একত্রিত কৰিব পৰা কিছুমান ব্যৱস্থাৰ উপহাৰ প্ৰদান কৰি আহিছে। বিজ্ঞান প্রযুক্তিবিদ্যাৰ আন এক সফল উদ্ভাৱনেই আছিল Facebook Twiter, Linkedin বা Change, org. আদিৰ দৰে জনসংযোগৰ কৌশলসমূহ। 

৩। ব্যাপক হাৰত জনসাধাৰণৰ অংশগ্ৰহণ: ব্যাপক হাৰত জনসাধাৰণৰ অংশগ্রহণ গোলকীয় সামাজিক আন্দোলনৰ এক অন্যতম উল্লেখযোগ্য বৈশিষ্ট্যৰ ভিতৰত অন্তর্ভুক্ত কৰিব পাৰি। যিহেতু এই আন্দোলনসমূহে ৰাষ্ট্ৰৰ সীমা অতিক্ৰমী আন্তঃৰাষ্ট্ৰীয় সম্প্রদায় তথা সমূহৰ সমৰ্থন লাভ কৰাৰ বাবে নিশ্চিতভাৱে ইয়াত অংশগ্ৰহণ কৰা জনসাধাৰণৰ হাৰ ব্যাপক হোৱা দেখা যায়। তদুপৰি ব্যাপক হাৰত জনসাধাৰণৰ অংশগ্ৰহণৰ ক্ষেত্ৰত সামাজিক মাধ্যমসমূহৰ ভূমিকাও উল্লেখযোগ্য। 

৪। মূল্যবোধকেন্দ্রিক: গোলকীয় সামাজিক আন্দোলনসমূহে আধুনিকতাবাদী ভাবধাৰা ত্যাগ কৰি উত্তৰ-আধুনিকতাবাদী আদর্শক আঁকোৱালি লোৱাৰ লগে লগে ইয়াৰ লগত মূল্যবোধৰ ধাৰণাটো জড়িত থকা দেখিবলৈ পোৱা যায়। যিহেতু সামাজিক আন্দোলনসমূহ জনসাধাৰণৰ আৱেগ-অনুভূতি, ভাল-বেয়া আদি দিশশমূহৰ লগত জড়িত, সেয়ে মূল্যবোধৰ দিশটোক আঁতৰ কৰি যান্ত্রিকভাৱে সামাজিক বিষয়সমূহৰ ক্ষেত্ৰত মতামত প্রকাশ কৰাটো অত্যন্ত দুৰহ কার্য। 

৫। অহিংস পন্থা অৱলম্বন: গোলকীয় সামাজিক আন্দোলনসমূহ সুসংগঠিত আৰু সংগবদ্ধ ৰূপত এক দীর্ঘদিন চলিত প্রক্রিয়া। সামাজিক আন্দোলনৰ উদ্দেশ্যসমূহ লাভ কৰিবৰ বাবে ধর্ণা, অনশন, প্রতিবাদ আদিৰ দৰে অহিংস পন্থাসমূহ অৱলম্বন কৰা দেখা যায়। যিহেতু হিংসাত্মক ৰূপত সংঘটিত কোনো কাৰ্যই জনসাধাৰণক দীর্ঘদিন ধৰি একত্ৰিত কৰি ৰাখিব নোৱৰাৰ লগতে ইয়াৰ লক্ষ্যতো সঠিকভাৱে উপনীত কৰাব নোৱাৰে।

৪। আন্দোলনৰ আদৰ্শ চৰম সংস্কাৰবাদী বা সংস্কাৰবাদী: সমাজ ব্যৱস্থাত পৰিলক্ষিত হোৱা বিভিন্ন অসমতা, অন্যায়, নব্য উদাৰবাদী অর্থনৈতিক সংস্কাৰৰ ফলস্বৰূপে দেখিবলৈ পোৱা বিভিন্ন কু-প্ৰভাৱ, প্রাকৃতিক পৰিৱেশৰ ওপৰত ক্রমাগতভাৱে মানৱ সম্প্রদায়ৰ দ্বাৰা বৃদ্ধি পোৱা শোষণ, গোলকীয়কৰণৰ কৰালগ্রাসত পৰি স্থানীয় তথা থলুৱা সংস্কৃতি, পৰম্পৰা, জীৱন আৰু জীৱিকাৰ উপায়সমূহৰ প্রতি তথা বিভিন্ন ভাবুকিৰ প্ৰতি গোলকীয় সামাজিক আন্দোলনসমূহে এক প্রতিৰোধী শক্তি হিচাপে কাম কৰিব বিচাৰে। 

Sl. No.CONTENTS
Unit – 1গোলকীকৰণ: ধাৰণা আৰু দৃষ্টিভংগী
Unit – 2বিশ্ব ৰাজনীতিত সমস্যা আৰু প্ৰতিষ্ঠানসমূহ
Unit – 3সমসাময়িক গোলকীয় সমস্যা – I
Unit – 4সমসাময়িক গোলকীয় সমস্যা – II
Unit – 5গোলকীয় পৰিবৰ্তন: ক্ষমতা আৰু প্ৰশাসন

গোলকীয় সামাজিক আন্দোলনৰ প্ৰভাৱ (Impact of Global Social Movement)

সমাজ ব্যৱস্থাত প্রত্যেকটো বস্তুৰে ভাল-বেয়া উভয় দিশেই পৰিলক্ষিত হোৱাৰ দৰে গোলকীয় সামাজিক আন্দোলনৰ ফলাফল বা প্ৰভাৱৰ দুটা দিশ দেখা যায়। যেনে-

১। গোলকীয় সামাজিক আন্দোলনে গোলকীকৰণৰ শোষণমূলক, অগণতান্ত্রিক, আছুতীয়া আৰু অসমান প্রকৃতিক সমাজৰ আগত প্ৰতিফলিত কৰে।

২। সামাজিক আন্দোলনে সমাজত এক প্রগতিশীল মূল্যবোধ, যেনে সামাজিক ন্যায়, গণতন্ত্র, শান্তি, বহনক্ষম পৰিৱেশ, সমতা আদি প্রতিষ্ঠা কৰিবৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে।

৩। পশ্চিমীয়া ৰাষ্ট্ৰসমূহে নব্য উদাৰবাদী অর্থনৈতিক নীতিৰ জৰিয়তে তৃতীয় বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ওপৰত যি এক নতুন শোষণ ব্যৱস্থা আৰম্ভ কৰিব বিচাৰিছে গোলকীয় সামাজিক আন্দোলনে ইয়াৰ বিৰোধ কৰিবলৈ এখন মঞ্চ প্ৰদান কৰিছে। 

৪। গোলকীয় সামাজিক আন্দোলনৰ ফলস্বৰূপে তৃতীয় বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বিভিন্ন সমস্যাসমূহ তথা বিষয়সমূহ বিশ্ব বাণিজ্য সংস্থা (WTO), আন্তর্জাতিক মুদ্রা নিধি (IMF) আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ দৃষ্টিগোচৰ হ’ল আৰু মূলসুঁতিৰ পৰা বহুদূৰত অৱস্থান কৰা তৃতীয় বিশ্বৰ জনসাধাৰণৰ মতামতসমূহেও আজি কম-বেছি পৰিমাণে প্রাধান্য লাভ কৰিবলৈ সক্ষম হৈছে।

৫। পৰিৱেশৰ অৱনতি, মানৱ অধিকাৰ লুণ্ঠন, গোলকীকৰণৰ ফলস্বৰূপে সৃষ্টি হোৱা শ্ৰমিকসকলৰ দুৰৱস্থা আৰু লিংগবৈষম্যৰ বিৰুদ্ধে মাত মতাৰ বাবেও গোলকীয় সামাজিক আন্দোলনে এখন ক্ষেত্র প্রদান কৰিছে।

গোলকীয় সামাজিক আন্দোলনৰ ঋণাত্মক প্রভাৱ (Negative Impact Global Social Movement)

১। গোলকীয় সামাজিক আন্দোলনসমূহ বহু সময়ত উত্তৰ গোলার্ধ (Global North) অর্থাৎ উন্নত ৰাষ্ট্ৰসমূহৰ আদৰ্শৰ দ্বাৰা পৰিচালিত হোৱা বুলিও অভিযোগ উত্থাপিত হোৱা দেখা যায়। 

২। গোলকীকৰণ, নব্য উদাৰবাদী অর্থনৈতিক নীতিৰ দৰে Global North অর্থাৎ পশ্চিমীয়া উন্নত ৰাষ্ট্ৰসমূহৰ দ্বাৰা আবিষ্কৃত এই আদর্শ তথা ধাৰণাসমূহ গোলকীয় সামাজিক আন্দোলনে Global North-ব আদর্শৰ দ্বাৰা অনুপ্রাণিত হৈ কিমান ফলপ্রসূভাৱে কার্য সম্পাদন কৰিব পাৰিব তাত যথেষ্ট সন্দেহৰ অৱকাশ আছে।

৩। গোলকীয় সামাজিক আন্দোলনে দক্ষিণ গোলার্ধ (Global South)-ৰ  বাবে মাত মাতিবলৈ এখন মঞ্চ প্রদান কৰিছে। যদিও বহুসময়ত তৃতীয় বিশ্বৰ এই জনসাধাৰণৰ মতামতো প্রকৃত ৰূপত এই আন্দোলনৰ মজিয়াত প্রতিফলিত হোৱা নাই বুলিও অভিযোগ উত্থাপিত হৈছে।

৪। গোলকীয় সামাজিক আন্দোলনসমূহ পৰিচালিত কৰিবৰ বাবে এক শক্তিশালী নেতৃত্ব নথকাত আন্দোলনকাৰীসকলৰ মাজত এটা নির্দিষ্ট তথা বিশেষ বিষয়কে লৈ ভিন্ন ভিন্ন মত থকা দেখিবলৈ পোৱা যায়।

৫। গোলকীয় সামাজিক আন্দোলসমূহ চলাই নিবৰ বাবে পুঁজিৰ বাবে উন্নত ৰাষ্ট্ৰসমূহৰ ওপৰত নিৰ্ভৰ হ’ব লগা হয়।

গোলকীয় সামাজিক মঞ্চ (Global Social Forum)

২১ শতিকাত আজিৰ তাৰিখত সমাজত দেখা দিয়া বিভিন্ন সমস্যাসমূহ নিৰাময় কৰাৰ উদ্দেশ্য গোলকীয় সামাজিক মঞ্চৰ (Global Social Forum) ৰ আৰম্ভণি হয়। ২০০১ চনৰ চুইজাৰলেণ্ডৰ Davas চহৰত অনুষ্ঠিত হোৱা গোলকীয় অর্থনৈতিক মঞ্চৰ বিৰোধিতা কৰি বা ইয়াৰ প্ৰতিবাদ হিচাপে গোলকীয় আন্দোলনত অংশগ্ৰহণ কৰা বিশ্বৰ আগশাৰীৰ ব্যক্তিসকলৰ তত্ত্বাৱধানতে ২০০১ চনত গোলকীয় সামাজিক মঞ্চই আত্মপ্রকাশ কৰিছিল। সামাজিক সুৰক্ষা, সহযোগিতামূলক অর্থনীতি, পৰিবেশ সুৰক্ষা, মানৱ অধিকাৰ আদি বিভিন্ন কাৰকক মুখ্য বিষয় হিচাপে লৈ আগবঢ়া গোলকীয় সামাজিক মঞ্চই তৃতীয় বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মূল সুঁতিৰ সমাজত সহজে প্রতিফলিত নোহোৱা জনসাধাৰণৰ মতামতক প্রতিফলিত কৰিব পৰা এখন মঞ্চৰ উপহাৰ দিলে। 

এমনেষ্টী ইণ্টাৰনেচনেল (Amnesty International)

Better to Light a Candle than Curse The Darkness- Amnesty International

১৯৬১ চনৰ মে’ মাহৰ ২৮ তাৰিখে লগুন চহৰত আত্মপ্রকাশ কৰা এমনেষ্টী ইণ্টাৰনেচনেল এটা আন্তর্জাতিক বেচৰকাৰী সংগঠন। Peter Benenson ৰ মুখ্য পৃষ্ঠপোষকতাত আত্মপ্রকাশ কৰি হাংগেৰী, দক্ষিণ আফ্রিকা আৰু স্পেইনৰ ৰাজনৈতিক কাৰাবন্দীসকলক সুৰক্ষা প্ৰদান কৰি মানৱ অধিকাৰৰ ক্ষেত্রত এক সামূহিক সংগঠন প্রতিষ্ঠা কৰিব বিচৰা অনুপ্ৰেৰণামূলক এই মুহূৰ্তটোৱে কেৱল এটা অসাধাৰণ আন্দোলনৰে জন্ম দিয়া নাছিল, ই আছিল এক অসাধাৰণ সামাজিক পৰিৱৰ্তনৰ আৰম্ভণি। প্রত্যেক ব্যক্তিৰে যাতে মানৱ অধিকাৰসমূহ সুৰক্ষিত হয় আৰু সমগ্র বিশ্বৰে প্ৰত্যেকজন জনসাধাৰণে যাতে মানৱ অধিকাৰসহ সুন্দৰভাৱে এটা জীৱন যাপন কৰাৰ সুবিধা লাভ কৰিব পাৰে সেই উদ্দেশ্যে সমগ্র বিশ্বৰ জনসাধাৰণৰ দ্বাৰা গোলকীয় পর্যায়ত সংঘটিত হোৱা এটা আন্দোলনেই আছিল এমনেষ্টী ইণ্টাৰনেচনেল। 

এমনেষ্টী ইণ্টাৰনেচনেল গুৰুত্ব (Importance of Amnesty International)

১। ১৯৪৮ চনৰ মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণাপত্রত উল্লেখ থকা বিভিন্ন অধিকাৰসমূহ, বিশেষকৈ মত প্রকাশৰ স্বাধীনতা আৰু সচেতনতাৰ লগতে ব্যক্তিৰ শাৰীৰিক, মানসিক উৎপীড়নৰ বিৰুদ্ধে অধিকাৰ আদি চৰকাৰ আৰু অধিকাৰৰ বিভিন্ন সত্তাসমূহে যাতে মানি চলে তাৰ প্ৰতি দৃষ্টি ৰাখে। 

২। এমনেষ্টী ইণ্টাৰনেচনেলে ৰাজনৈতিক কাৰাবন্দীসকলক মুকলি কৰি দিয়া আৰু প্ৰয়োজন অনুসৰি তেওঁলোকৰ পৰিয়াল আৰু তেওঁলোকক (কাৰাবন্দী) সাহায্য প্ৰদানৰ ক্ষেত্ৰত সক্রিয়ভাৱে কার্য সম্পাদন কৰা দেখা যায়। 

৩। আন্তঃৰাষ্ট্ৰীয় আইনে প্রদান কৰা মানৱ অধিকাৰসমূহ প্ৰচাৰ, প্ৰসাৰ আৰু সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত ই আন্তঃচৰকাৰী বিভিন্ন অংগসমূহৰ সৈতে কার্য সম্পাদন কৰি আহিছে। 

৪। ১৯৭৭ চনত শান্তিৰ বাবে ন’বেল বঁটা লাভ কৰা এই সংগঠনটোৰ প্ৰতীক চিহ্ন হৈছে মুক্ত বৈদ্যুতিক তাঁৰে মেৰিয়াই ৰখা এডাল জ্বলন্ত মমবাতি। এমনেষ্টী ইণ্টাৰনেচনেলৰ মুখ্য কার্যালয় লণ্ডনত অৱস্থিত।

৫। এমনেষ্টী ইণ্টাৰনেচনেলে বিশ্বাস কৰে যে ব্যক্তিৰ সচেতনতাৰ অভাৱৰ বাবে ব্যক্তিৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন ঠাইত শাৰীৰিক, মানসিক বিভিন্নঅত্যাচাৰ হোৱা দেখা যায়। 

এমনেষ্টী ইণ্টাৰনেচনেলৰ উদ্দেশ্য (Objectives of Amnesty International)

১। এমনেষ্টী ইণ্টাৰনেচনেলৰ এক উদ্দেশ্য হ’ল মানৱ অধিকাৰ লুণ্ঠনকাৰী যিকোনো ঘটনাৰ বিৰুদ্ধে প্রতিবোধ গঢ়ি তোলা। 

২। মানৱ অধিকাৰত আঘাত কৰা বিভিন্ন কাৰ্যাৱলীৰ ওপৰত গৱেষণা কৰি ইয়াৰ সুৰক্ষাৰ ওপৰত প্ৰয়োজনীয় ব্যৱস্থা গ্রহণ কৰা।

 ৩। যিসকল ব্যক্তিৰ ক্ষেত্ৰত মানৱ অধিকাৰ লুণ্ঠন হৈছে তেওঁলোকৰ বাবে প্রকৃত ন্যায়ৰ দাবী কৰে। 

৪। সমগ্ৰ বিশ্বৰ জনসাধাৰণে যাতে মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণাপত্রত থকা অধিকাৰসমূহ কোনো প্রত্যাহ্বানৰ সন্মুখীন নোহোৱাকৈ উপভোগ কৰিব পাৰে তাৰ বাবে এক সুচল পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে এমনেষ্টী ইণ্টাৰনেচনেলে কাৰ্য সম্পাদন কৰি আহিছে। 

এমনেষ্টী ইণ্টাৰনেচনেলে কার্যব্যৱস্থা গ্রহণ কৰা কেইটামান অধিকাৰৰ ক্ষেত্ৰৰ উদাহৰণ হ’ল-

১। মহিলাৰ বিৰুদ্ধে হোৱা হিংসা ৰোধ কৰা।

২। দৰিদ্ৰতাৰ সৈতে সহবাস কৰা লোকসকলৰ অধিকাৰ আৰু মর্যাদা সুৰক্ষাৰ বাবে কাম কৰা।

৩। ব্যক্তিৰ মৃত্যুদণ্ড ৰায় হ্রাস কৰা বা পৰিৱৰ্তন কৰাৰ চেষ্টা কৰা।

৪। শৰণাৰ্থী আৰু প্ৰব্ৰজনকাৰীৰ মানৱ অধিকাৰসমূহ সুৰক্ষা কৰা।

৫। গোলকীয় অর্থব্যৱস্থাটো পৰিচালনা কৰা।

গ্রীন পিছ (Green Peace)

Green Peace এক আন্তঃৰাষ্ট্ৰীয় সংগঠন। সেউজীয়া আৰু এখন শান্তিপূর্ণ পৃথিৱীৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেইজনমান ব্যক্তিৰ প্ৰচেষ্টাত ১৯৭১ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে গ্রীন পিছ জন্মলাভ কৰিছিল। গ্রীন পিছৰ এক অন্যতম লক্ষ্যই আছিল প্রাকৃতিক বিচিত্ৰতাৰে পৰিপূৰ্ণ আমাৰ পৃথিৱীখন তেনে অৱস্থাতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত কৰি ৰখা। প্ৰথম অৱস্থাত পাৰমাণৱিক অস্ত্র-শস্ত্ৰ পৰীক্ষণৰ বিৰোধিতা কৰি আৰম্ভ হোৱা গ্রীণ পিচ আন্দোলনে সময়ৰ লগে লগে পৰিৱেশৰ লগত সম্পর্কিত বিভিন্ন বিষয়সমূহো ইয়াৰ আলোচনাৰ বিষয়বস্তুৰ ভিতৰত অন্তর্ভুক্ত কৰিছে। সেইসমূহৰ ভিতৰত বিশ্বজনীন কিছুমান সমস্যা, যেনে- গোলকীয় উষ্ণতা বৃদ্ধি, নিৰ্বনানীকৰণ, অত্যধিক মাছ মৰা, পাৰমাণৱিক পৰীক্ষণ ৰোধ আদি অন্যতম।

নিৰ্ধাৰিত লক্ষ্যৰ ফালৰ পৰা চালে পৰিলক্ষিত হয় যে গ্রীণ পিচে ইয়াৰ কামৰ ক্ষেত্ৰসমূহৰ ভিতৰত নিম্নোল্লিখিত বিষয়সমূহ অন্তর্ভুক্ত কৰিছে-

১। সাগৰ আৰু অৰণ্য সংৰক্ষণ।

২। অনবীকৰণযোগ্য শক্তিৰ উৎসসমূহৰ বিপৰীতে নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশৰ ওপৰত পেলোৱা প্ৰভাৱ হ্রাস কৰা।

৩। প্রাকৃতিক পৰিৱেশৰ ওপৰত আঘাত হানিব পৰা বিভিন্ন কীটনাশক বা ৰাসায়নিক সাৰৰ ব্যৱহাৰ ৰোধ কৰা।

৪। প্ৰকৃতিৰ ওপৰত তথা প্রাকৃতিক ভাৰসাম্যৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব পৰা কৃত্রিমভাৱে প্ৰজনন কৰা প্ৰক্ৰিয়াটোৰ বিৰোধিতা কৰে। যিহেতু কৃত্রিমভাৱে উৎপাদিত হাইব্রীড বীজসমূহে কীটনাশক বা ৰাসায়নিক সাৰৰ অবিহনে বিকাশ লাভ কৰিব নোৱাৰে যি প্রাকৃতিক পৰিৱেশৰ লগতে মানৱ জীৱনৰ প্ৰতিও ক্ষতিকাৰক।

গ্ৰীণ পিচ আন্দোলনৰ গুৰুত্ব (Importance of Green peace Movement)

১। উন্নত ৰাষ্ট্ৰসমূহৰ উদ্যোগৰ পৰা উৎপাদিত আৱৰ্জনাসমূহ উন্নয়নশীল তথা তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহলৈ ৰপ্তানি কৰা বন্ধ কৰা।

২। পাৰমাণৱিক সামগ্ৰীসমূহৰ পৰীক্ষণ বন্ধ কৰা, যিহেতু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ অত্যন্ত ক্ষতিকাৰক।

৩। বহনক্ষম উন্নয়নৰ প্রতি গুৰুত্ব প্রদান।

৪। এমনেষ্টী ইণ্টাৰনেচনেলে চৰকাৰ কর্তৃপক্ষ, প্রদূষণ ৰোধৰ ব্যৱস্থাত থকা বিভিন্ন অনুষ্ঠানসমূহৰ প্রত্যক্ষ সহযোগিতাৰ জৰিয়তে বিপদাপন্ন প্রজাতিৰ জীৱকুলৰ সুৰক্ষা, পৰিৱেশৰ ওপৰত চলোৱা শোষণ তথা অত্যাচাৰ বন্ধ কৰাৰ লগতে পৰিৱেশৰ ওপৰত সচেতনতা বৃদ্ধি কৰিব বিচাৰে।

সামৰণি (Conclusion)

গতিকে হিংসাত্মক কার্যসমূহৰ পৰা মুক্তি লাভ কৰি এখন সুন্দৰ উপভোগ্য পৃথিৱীৰ বাবে জনসাধাৰণক অন্যায় তথা মানৱ অধিকাৰ লুণ্ঠনৰ বিৰুদ্ধে সচেতনতা বৃদ্ধি কৰি বিভিন্ন প্ৰচাৰকাৰ্য চলাই জনসাধাৰণক সচেতন কৰিব বিচাৰে। প্ৰচাৰ অভিযান আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে জনসাধাৰণৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰিব বিচাৰে।

এমনেষ্টী ইণ্টাৰনেচনেল যিকোনো চৰকাৰ, ৰাজনৈতিক আদর্শ, অর্থনৈতিক আৰু ধর্মীয় স্বাৰ্থৰ দ্বাৰা পৰিচালিত নোহোৱা গণতান্ত্রিক আৰু আত্মপৰিচালিত এটা স্বতন্ত্র সংগঠন। বিভিন্ন ব্যক্তি আৰু সমূহৰ অনুদানেৰে পৰিচালিত। অর্থনৈতিকভাবেও আত্মনিৰ্ভৰশীল এক ব্যৱস্থা।

Sl. No.Topics
1.পৰিৱেশগত সমস্যা, উৎপত্তি, ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ চুক্তিসমূহ
2.নাৰীবাদ কি? ইতিহাস,পৰ্যায়, প্ৰকাৰ, লোক-প্রশাসনত নাৰীবাদৰ প্ৰভাৱ, বৰ্তমান সময়ত নাৰীবাদ
3.গোলকীয় অৰ্থনীতি (Global কি? প্ৰভাৱ, বৈশিষ্ট্য, গুৰুত্ব | What is Global Economy, Impact, Importance
4.গোলকীয় শাসন – অৰ্থ, উদ্দেশ্য, ক্ষেত্ৰসমূহ, ভূমিকা, উত্তৰ-দক্ষিণ বিতৰ্ক | Global Governance – Purpose, Areas, Role, Global South & North Conflict
5.গোলকীকৰণ – সংজ্ঞা, বৈশিষ্ট্য, যুক্তি, প্ৰসাৰতাৰ কাৰক, ফলাফল, ভাৰতত বিশ্বায়নৰ প্ৰভাৱ | Definition, Characteristics, Globalization in India
6.গোলকীয় প্রতিৰোধ কি? ধাৰণা, প্ৰকাৰ, গোলকীয় সামাজিক আন্দোলন, প্ৰভাৱ, এমনেষ্টী ইণ্টাৰনেচনেল | Global Resistance – Types, Global Social Movement, Impact
7.আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ কি? ধাৰণা, সংজ্ঞা, কাৰণ, শ্ৰেণী, বৈশিষ্ট্য, সন্ত্রাসবাদ আৰু মানৱ অধিকাৰ | International Terrorism – Definition, Causes, Class, Characteristics
8.প্ৰব্ৰজন কি? সংজ্ঞা, প্ৰকৃতি, কাৰক, প্ৰভাৱ, প্ৰব্ৰজনৰ ক্ষেত্ৰত চৰকাৰী নীতিসমূহ | What is Migration? Definition, Nature, Causes, Impact, Govt. Policy on Migration
9.পাৰমাণৱিক অস্ত্র-শস্ত্ৰ সম্প্ৰসাৰণ – বৰ্তমান সময়ৰ বিতৰ্ক, ভাৰতৰ পৰমাণু নীতি | Nuclear Weapons Proliferation, Indian Nuclear Policy
10.বাস্তৱবাদ আৰু নব্য বাস্তৱবাদ-ধাৰণা, চিন্তাবিদসকল, নব্য-উদাৰতাবাদ, নব্য-মার্ক্সবাদ | Realism and Neo-Realism, Thinkers, Neoliberalism, Neo marxism
11.সার্বভৌমত্ব কি? সংজ্ঞা, ইতিহাস, প্ৰকাৰ, বৈশিষ্ট্য, ভাৰতত সাৰ্বভৌমত্ব | Definition, History, Types, Characteristics, Sovereignty in India
12.ভৌগোলিক অখণ্ডতা – ধাৰণা, উদ্ভৱ, অখণ্ডতাৰ উদয় হোৱাৰ কাৰণসমূহ | Territoriality – Concept, Origin, Reasons for the emergence of Territoriality

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top