পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা Class 10 Elective Geography Important Notes to each chapter are provided in the list so that you can easily browse through different chapters পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা Class 10 Elective Geography SEBA Important Notes and select need one.
Class 10 Elective Geography Important Notes পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা
Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Elective Geography Important Notes পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা Solutions for All Subjects, You can practice these here.
পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা
Chapter – 2
ELECTIVE GEOGRAPHY
| IMPORTANT NOTES |
১। শুদ্ধ উত্তৰটো বাচি উলিওৱা।
(ক) জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাক কি বোলে—
(i) পৰিৱেশ।
(ii) বায়ু প্ৰদূষণ।
(iii) উদ্যোগিক প্ৰদূষণ।
(iv) সেউজগৃহ।
উত্তৰঃ (i) পৰিৱেশ।
(খ) জলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে—
(i) ৭১ শতাংশ।
(ii) ২৯ শতাংশ।
(iii) ৪৫ শতাংশ।
(iv) ৭৯ শতাংশ।
উত্তৰঃ (i) ৭১ শতাংশ।
(গ) বায়ুমণ্ডল ভূ-পৃষ্ঠৰ পৰা কিমান কিল’মিটাৰ উচ্চতালৈ বিয়পি আছে—
(i) প্ৰায় ২৩০ কিল’মিটাৰ।
(ii) প্ৰায় ৪৮০ কিল’মিটাৰ।
(iii) প্ৰায় ৩৭০ কিল’মিটাৰ।
(iv) প্ৰায় ১৫০ কিল’মিটাৰ।
উত্তৰঃ (ii) প্ৰায় ৪৮০ কিল’মিটাৰ।
(ঘ) কিমান চনত উদ্গীৰণ হোৱা আগ্নেয়গিৰি হৈছিল—
(i) ১৮৮৩
(ii) ১৯৮৩
(iii) ১৮৩৯
(iv) ১৮৭৯
উত্তৰঃ (i) ১৮৮৩
(ঙ) অক্সিজেন, নাইট্ৰ’জেন, কাৰ্বন ডাই-অক্সাইড আদি গেছৰ দ্বাৰা গঠিত আৰু পৃথিৱীখনক আৱৰি থকা এই তৰপটোক কি বোলে—
(i) জীৱমণ্ডল।
(ii) জলমণ্ডল।
(iii) বায়ুমণ্ডল।
(iv) স্থলমণ্ডল।
উত্তৰঃ (iii) বায়ুমণ্ডল।
(চ) কিমান বছৰৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক উত্তাপ অনুভূত হৈছিল—
(i) ২০০ বছৰৰ।
(ii) ৩০০ বছৰৰ।
(iii) ১০০ বছৰৰ।
(iv) ৪০০ বছৰৰ।
উত্তৰঃ (iii) ১০০ বছৰৰ।
(ছ) বায়ুমণ্ডল আৰু ভূ-পৃষ্ঠৰ উত্তাপৰ চিৰন্তৰ উৎস হৈছে—
(i) সৌৰশক্তি।
(ii) সেউজগৃহ।
(iii) হিমযুগ।
(iv) বননি ধ্বংস।
উত্তৰঃ (i) সৌৰশক্তি।
(জ) ১৯৯৮ চনৰ কোন মাহত আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক উত্তাপ অনুভূত হৈছিল—
(i) জানুৱাৰী।
(ii) মে।
(iii) আগষ্ট।
(iv) জুন।
উত্তৰঃ (iv) জুন।
(ঝ) বায়ু প্ৰদূষণৰ লগত জড়িত এটা প্ৰধান সমস্যা হৈছে—
(i) এচিড বৰষুণ।
(ii) পানী প্ৰদূষণ।
(iii) নিৰ্বনীকৰণ।
(iv) সৌৰশক্তি।
উত্তৰঃ (i) এচিড বৰষুণ।
(ঞ) পৃথিৱীৰ সাগৰ-মহাসাগৰৰ দ্বাৰা কি গঠিত—
(i) জীৱমণ্ডল।
(ii) স্থলমণ্ডল।
(iii) জলমণ্ডল।
(iv) বায়ুমণ্ডল।
উত্তৰঃ (iii) জলমণ্ডল।
(ট) এতিয়ালৈকে প্ৰায় কিমান নিযুত জীৱ-প্ৰজাতি জীৱবিজ্ঞানীসকলে চিনাক্ত কৰিবলৈ সক্ষম হৈছে—
(i) ১.৩৯ নিযুত।
(ii) ১.৩৫ নিযুত।
(iii) ১.৭৮ নিযুত।
(iv) ১.৭৫ নিযুত।
উত্তৰঃ (iv) ১.৭৫ নিযুত।
২। অতি চমু প্রশ্নৰ উত্তৰঃ
(ক) পৰিৱেশ’ শব্দটোৱে কি বুজায়?
উত্তৰঃ পৰিৱেশ’ শব্দটোৱে যিকোনাে জীৱ বা জীৱসম্প্রদায়ৰ কেউকাষৰ অৱস্থাকে বুজায়।
(খ) পৰিৱেশ বুলি কাক কোৱা হয়?
উত্তৰঃ জীৱ বা জীব সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ বুলি কোৱা হয়।
(গ) পৰিৱেশৰ উপাদান কাক বোলে?
উত্তৰঃ যিবোৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে তাকে পৰিৱেশৰ উপাদান বোলে।
(ঘ) স্থলমণ্ডল কাক কোৱা হয়? স্থলমণ্ডলে ভূ-পৃষ্ঠত কিমান শতাংশ আগুৰি আছে?
উত্তৰঃ শিল, মণিক, বালি, মাটি আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগক স্থলমণ্ডল বুলি কোৱা হয়।
স্থলমণ্ডলে ভূ-পৃষ্ঠত প্ৰায় ২৯ শতাংশ আগুৰি আছে।
(ঙ) জীৱমণ্ডলত এতিয়ালৈকে কিমান জীৱ প্ৰজাতি জীৱবিজ্ঞানীসকলে চিনাক্ত কৰিবলৈ সক্ষম হৈছে?
উত্তৰঃ জীৱমণ্ডলত এতিয়ালৈকে প্রায় ১.৭৫ নিযুত জীৱ প্রজাতি জীৱবিজ্ঞানীসকলে চিনাক্ত কৰিবলৈ সক্ষম হৈছে।
(চ) পৰিৱেশৰ উপাদানসমূহ চাৰিটা মণ্ডল কি কি?
উত্তৰঃ পৰিৱেশৰ উপাদানসমূহ চাৰিটা মণ্ডল হৈছে—
(i) স্থলমণ্ডল।
(ii) জলমণ্ডল।
(iii) জীৱমণ্ডল। আৰু
(iv) বায়ুমণ্ডল।
(ছ) মাটিৰ সৃষ্টি আৰু ধৰ্ম কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ মাটিৰ সৃষ্টি আৰু ধৰ্ম নিৰ্ভৰশীল কাৰকসমূহ হৈছে—
(i) ভূ-তাত্ত্বিক গঠন।
(ii) ভূমিৰ ঢাল।
(iii) বৰষুণৰ পৰিমাণ।
(iv) উদ্ভিদৰ আৱৰণ।
(জ) বায়ুমণ্ডল কাক বোলে?
উত্তৰঃ অক্সিজেন, নাইট্ৰ’জেন, কাৰ্বন ডাই-অক্সাইড আদি গেছৰ দ্বাৰা গঠিত আৰু পৃথিৱীখনক আৱৰি থকা এই তৰপটোক বায়ুমণ্ডল বোলে।
(ঝ) মানুহৰ বৰ্তি থকাৰ মৌলিক ভিত্তি কি?
উত্তৰঃ মানুহৰ বৰ্তি থকাৰ মৌলিক ভিত্তি হ’ল পৰিৱেশ।
(ঞ) বননি ধ্বংস কাৰ্য্যক কি বুলি কোৱা হয়?
উত্তৰঃ বননি ধ্বংস কাৰ্য্যক নিৰ্বনীকৰণ বুলি কোৱা হয়।
(ট) বায়ু প্ৰদূষণ বুলিলে কি বুজায়?
উত্তৰঃ বায়ু প্ৰদূষণ বুলিলে সাধাৰণতে মানুহৰ কাৰ্যৰ ফলত বায়ু দূষিত হোৱাটোকে বুজায়।
(ঠ) পানী প্ৰদূষণ বুলি কাক কোৱা হয়?
উত্তৰঃ দূষিত পদাৰ্থ মিহলি হোৱাৰ ফলত নিৰ্মল পানী ব্যৱহাৰৰ অনুপযোগী হোৱাকে পানী প্ৰদূষণ বুলি কোৱা হয়।
(ড) গোলকীয় উত্তাপ বৃদ্ধি মানে কি?
উত্তৰঃ মানুহৰ প্ৰকৃতি-বিৰোধী কাৰ্যকলাপৰ ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পোৱা পৰিঘটনাটোৱে হৈছে গোলকীয় উত্তাপ বৃদ্ধি।
(ঢ) সেউজগৃহ গেছকেইটামানৰ নাম কি?
উত্তৰঃ সেউজগৃহ গেছকেইটামানৰ নাম হৈছে— কাৰ্বন ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল’ৰফ্লুৰ’কাৰ্বন, অ’জন গেছ, ছালফাৰ ডাই-অক্সাইড আদি।
(ণ) পৰিৱেশৰ ভাৰসাম্য অৱস্থা কি?
উত্তৰঃ পৰিৱেশৰ ভাৰসাম্য অৱস্থা হৈছে পৰিৱেশৰ এক স্থিতাৱস্থা বা সুস্থিৰ অৱস্থা।
(ত) পৰিৱেশৰ উপাদানসমূহ কেইটা মণ্ডলত অন্তৰ্গত।
উত্তৰঃ পৰিৱেশৰ উপাদানসমূহ চাৰিটা মণ্ডলত অন্তৰ্গত।
(থ) মধ্য আক্ষাংশৰ ঘাঁহনি অঞ্চলত পোৱা মাটিবিধৰ নাম কি?
উত্তৰঃ মধ্য আক্ষাংশৰ ঘাঁহনি অঞ্চলত পোৱা মাটিবিধৰ নাম হৈছে— চাৰ্নোজেম।
(দ) বায়ুমণ্ডল ভূ-পৃষ্ঠৰপৰা কিমান কিল’মিটাৰ উচ্চতালৈ বিয়পি আছে?
উত্তৰঃ বায়ুমণ্ডল ভূ-পৃষ্ঠৰপৰা প্ৰায় ৪৮০ কিল’মিটাৰ উচ্চতালৈ বিয়পি আছে।
৩। পৰিৱেশ-ভূগোলৰ সংজ্ঞা দিয়া।
উত্তৰঃ ভূগােলৰ যিটো শাখাই পৃথিৱীৰ পৰিৱেশৰ স্বৰূপ পৰিৱৰ্তন আৰু সমস্যাৰ অধ্যয়নৰ লগতে সেইবােৰৰ সমাধানৰ উপায় উদ্ভাৱনৰ প্রয়াস কৰে, তাকে পৰিৱেশ ভূগােল বােলা হয়। অর্থাৎ পৰিৱেশ ভূগােল হৈছে পৃথিৱীৰ পৰিৱেশৰ ভৌগােলিক অধ্যয়ন।
ভৌগােলিক অধ্যয়নৰ উপজীৱ হৈছে ভূ – পৃষ্ঠত বিৰাজ কৰা মানুহ আৰু পৰিৱেশৰ মাজত থকা বিৱৰ্তনশীল সম্পর্ক। ভৌগােলিক অধ্যয়নে মানুহ আৰু পৰিৱেশৰ মাজত থকা অঞ্চলভেদে পার্থক্য আৰু অঞ্চলবােৰৰ মাজত থকা পাৰস্পৰিক নিৰ্ভৰশীলতা স্পষ্টকৈ দাঙি ধৰিবলৈ যত্ন কৰে।
৪। ভূগােল বিষয়টোৰ এটা শাখা হিচাপে পৰিৱেশ ভূগোলৰ গুৰুত্ব আলােচনা কৰা।
উত্তৰঃ ভূগােল বিষয়টোৰ এটা শাখা হিচাপে পৰিৱেশ ভূগােলৰ গুৰুত্ব অধিক। পৃথিৱীৰ বিভিন্ন ঠাইৰ পাৰিৱেশিক সমস্যা বৃদ্ধি পাই অহাৰ লগে লগে পৰিৱেশ ভূগােলৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে। পৰিৱেশ বিজ্ঞান বিজ্ঞানৰ প্ৰায় প্ৰতিটো শাখাই কম – বেছি পৰিমাণে জড়িত হৈ আছে বাবে ইয়াক বিজ্ঞানৰ এক সমন্বিত অধ্যয়ন বুলিও ক’ব পাৰি। পৰিৱেশ ভূগােলে মানুহ আৰু মানুহৰ কৰ্মৰাজিক কেন্দ্ৰ কৰি অঞ্চলভেদে পৰিৱেশৰ স্থিতি, স্বৰূপ আৰু পৰিৱৰ্তন অধ্যয়ন কৰে। পৰিৱেশ ভূগােলত আলােচিত বিষয়সমূহ হৈছে — কোনাে এটা অঞ্চলত সংঘটিত বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিমাণ, বানপানী, গৰাখহনীয়া, ভূমিস্থলন আদি প্রাকৃতিক দুর্যোগ সংঘটিত হোৱা স্থান আৰু কাৰণ, প্ৰদূষণে কেনেদৰে পৰিৱেশ বিনষ্ট কৰে আদি সকলোবােৰ বিষয়। প্রাকৃতিক সম্পদৰ পৰিৱেশ – অনকূল ব্যৱহাৰ, পৰিৱেশৰ পৰিচালনা, বহনক্ষম উন্নয়ন আদি সকলােবােৰ পৰিৱেশ ভূগােল অধ্যয়নৰ বিষয়বস্তু।
পৰিৱেশ ভূগােলে বিশেষকৈ উন্নয়ন যে পৰিৱেশ, সমাজ আৰু আর্থিক বিকাশৰ অনুকূলে পৰিচালিত হ’ব লাগে সেই কথাৰ ওপৰত মনযােগ দিয়ে। পৰিৱেশ ভূগোল অধ্যয়নৰ প্রধান উদ্দেশ্য হৈছে পৰিৱেশৰ ঐতিহাসিক বিকাশ, জনসংখ্যা বৃদ্ধি আৰু পৰিৱেশৰ লগত ইয়াৰ সম্পর্ক, প্রাকৃতিক দুর্যোগ আৰু ইয়াৰ ব্যৱস্থাপনা, অর্থনীতি আৰু সংস্কৃতিৰ সৈতে পৰিৱেশৰ সম্পর্ক আদি। এনেবােৰ বিষয় অধ্যয়ন কৰাৰ বাবে সাম্প্রতিক কালত পৰিৱেশ ভূগােলৰ গুৰুত্ব অধিক।
৫। পৰিৱেশৰ উপাদান বুলিলে কি বুজা? জীৱীয় আৰু অজীৱীয় উপাদানৰ অৰ্থ লিখা।
উত্তৰঃ যিবোৰে পাৰস্পৰিক সম্পৰ্কৰ যোগেদি জীৱৰ বাবে প্ৰয়োজনীয় পৰিৱেশ গঢ়ি তোলে। যিবোৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে সেই সকলোবোৰেই হৈছে পৰিৱেশৰ উপাদান।
পৰিৱেশৰ উপাদানসমূহক প্ৰধানকৈ দুটা মৌলিক ভাগত ভগাব পাৰি।
সেয়া হৈছে—
(ক) জীৱীয় উপাদান। আৰু
(খ) অজীৱীয় উপাদান।
জীৱীয় উপাদানসমূহ জীৱমণ্ডলৰ অন্তৰ্গত। নানা প্ৰজাতিৰ উদ্ভিদ আৰু অণুজীৱকে আৰম্ভ কৰি বৃহৎ আকাৰৰ প্ৰাণী পৰ্যন্ত জীৱীয় উপাদানৰ ভিতৰত পৰে। আনহাতে স্থলমণ্ডল, জলমণ্ডল, জীৱমণ্ডল আৰু বায়ুমণ্ডলৰ প্ৰাণীহীন সকলো উপাদান অজীৱীয় উপাদানৰ ভিতৰত পৰে।
৬। পাৰিৱেশিক সমস্যা মানে কি?

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:


