ভূগোলৰ ব্যৱহাৰিক কার্যাৱলী Class 10 Elective Geography Important Notes

ভূগোলৰ ব্যৱহাৰিক কার্যাৱলী Class 10 Elective Geography Important Notes to each chapter are provided in the list so that you can easily browse through different chapters ভূগোলৰ ব্যৱহাৰিক কার্যাৱলী Class 10 Elective Geography SEBA Important Notes and select need one. ভূগোলৰ ব্যৱহাৰিক কার্যাৱলী Class 10 Elective Geography Important Notes

Class 10 Elective Geography Important Notes ভূগোলৰ ব্যৱহাৰিক কার্যাৱলী

Join Telegram channel

Class 10 Elective Geography Important Notes ভূগোলৰ ব্যৱহাৰিক কার্যাৱলী Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Elective Geography Important Notes ভূগোলৰ ব্যৱহাৰিক কার্যাৱলী These solutions are part of SCERT All Subject Solutions. Class 10 Elective Geography Important Notes ভূগোলৰ ব্যৱহাৰিক কার্যাৱলী Here we have given Class 10 Elective Geography Important Notes ভূগোলৰ ব্যৱহাৰিক কার্যাৱলী Solutions for All Subjects, You can practice these here. ভূগোলৰ ব্যৱহাৰিক কার্যাৱলী Class 10 Elective Geography Important Notes

ভূগোলৰ ব্যৱহাৰিক কার্যাৱলী

Chapter – 7

ELECTIVE GEOGRAPHY

IMPORTANT NOTES

১। শুদ্ধ উত্তৰটো বাচি উলিওৱা।

(ক) মানচিত্রত ব্যৱহাৰ কৰা মাপনী কেই প্ৰকাৰৰ—

(i) দুই।

(ii) তিনি।

(iii) চাৰি।

(iv) পাঁচ।

উত্তৰঃ (ii) তিনি।

(খ) অসমৰ মুঠ ভূমি ৭৮৫০ হেজাৰ হেক্টৰৰ ভিতৰত কিমান হেক্টৰ বনাঞ্চল আছে?

(i) ১৯৩০

(ii) ১৮৯৮

(iii) ১৯৫৫

(iv) ১৯২৯

উত্তৰঃ (i) ১৯৩০

(গ) ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি ২০০১ ত কিমান—

(i) ৩৩.১

(ii) ৪৫.৬

(iii) ১০২.৮

(iv) ৮৪.৬

উত্তৰঃ (iii) ১০২.৮

(ঘ) সাংস্কৃতিক উপাদানবোৰ হৈছে—

(i) মানৱসৃষ্ট উপাদান।

(ii) প্ৰাকৃতিক উপাদান।

(iii) ওপৰৰ দুয়োটা।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) মানৱসৃষ্ট উপাদান।

(ঙ) মানচিত্ৰত ব্যৱহাৰ কৰা একপ্ৰকাৰ স্কেল হৈছে—

(i) বৃত্ত লেখচিত্ৰ।

(ii) ৰৈখিক লেখচিত্ৰ।

(iii) ৰৈখিক মাপনী।

(iv) দণ্ড লেখচিত্ৰ।

উত্তৰঃ (iii) ৰৈখিক মাপনী।

(চ) তলৰ কোনটো মানচিত্ৰৰ প্ৰধান উপদান নহয়—

(i) চাহ উদ্যোগ।

(ii) দূৰত্ব।

(iii) দিশ।

(iv) মানচিত্ৰৰ নাম।

উত্তৰঃ (i) চাহ উদ্যোগ।

(ছ) মানচিত্ৰখনৰ ভাষাৰ মাপনী ১ ছেন্টিমিটাৰ—

(i) ১০ কিলোমিটাৰ।

(ii) ২০ কিলোমিটাৰ।

(iii) ৩০ কিলোমিটাৰ।

(iv) ৫ কিলোমিটাৰ।

উত্তৰঃ (ii) ২০ কিলোমিটাৰ।

(জ) মানচিত্ৰত যেতিয়া দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্বক কি বোলে—

(i) নিৰূপক ভগ্নাংশৰ স্কেল।

(ii) ৰৈখিক মাপনী।

(iii) ভাষাৰ মাপনী।

(iv) দণ্ড লেখচিত্ৰ।

উত্তৰঃ (iii) ভাষাৰ মাপনী।

(ঝ) তলৰ কোনটো মানৱসৃষ্ট উপাদান নহয়—

(i) বাট-পথ।

(ii) জলাশয়।

(iii) ঘৰ-দুৱাৰ।

(iv) বজাৰ।

উত্তৰঃ (ii) জলাশয়।

(ঞ) যি অনুপাতত পৃথিৱীৰ উপৰিভাগৰ আচল দূৰত্বক মানচিত্রত কম বা চুটি কৰি লোৱা হয় তাকেই —

(i) ভাষাৰ স্কে’ল।

(ii) মানচিত্র স্কে’ল।

(iii) ৰৈখিক মাপনী।

(iv) নিৰূপক ভগ্নাংশৰ স্কে’ল।

উত্তৰঃ (ii) মানচিত্র স্কে’ল।

২। অতি চমু প্রশ্নৰ উত্তৰঃ

(ক) মানচিত্র কি?

উত্তৰঃ মানচিত্র হৈছে ভূ-পৃষ্ঠ বা তাৰ কোনো এটা অংশ এখন সমতলত এক নিৰ্দিষ্ট মাপনী অনুসৰি কৰা উপস্থাপন বা অংকন।

(খ) মাপনী কি?

উত্তৰঃ মাপনী হৈছে এক গাণিতিক উপায় যাৰ সহায়ত পৃথিৱী বা ইয়াৰ যিকোনো অংশক প্ৰয়োজন অনুসৰি সৰু কৰি দেখুৱাব পাৰি।

(গ) মানচিত্ৰত ব্যৱহাৰ কৰা মাপনী কেই প্ৰকাৰৰ?

উত্তৰঃ মানচিত্ৰত ব্যৱহাৰ কৰা মাপনী তিনি প্ৰকাৰৰ।

(ঘ) মানচিত্ৰত ব্যৱহাৰ কৰা মাপনীসমূহ কি কি?

উত্তৰঃ মানচিত্ৰত ব্যৱহাৰ কৰা মাপনীসমূহ হ’ল ভাষাৰ স্কেল বা মাপনী, নিৰূপণ ভগ্নাংশৰ স্কেল আৰু ৰৈখিক মাপনী।

(ঙ) ৰৈখিক মাপনী কি?

উত্তৰঃ ৰৈখিক মাপনী হৈছে মানচিত্ৰত ব্যৱহাৰ কৰা একপ্ৰকাৰ স্কেল।

(চ) মানচিত্র স্কেল কাক বোলে?

উত্তৰঃ যি অনুপাতত পৃথিৱীৰ উপৰিভাগৰ আচল দূৰত্বক মানচিত্রত কম বা চুটি কৰি লোৱা হয় তাকেই মানচিত্ৰ স্কেল বোলে।

(ছ) সাংস্কৃতিক উপাদানবোৰ কি?

উত্তৰঃ সাংস্কৃতিক উপাদানবোৰ মানৱসৃষ্ট উপাদান।

(জ) ভাষাৰ মাপনী কাক বোলে?

উত্তৰঃ মানচিত্ৰত যেতিয়া দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্বক ভাষাৰে প্ৰকাশ কৰা হয় তাকে ভাষাৰ মাপনী বোলে।

(ঝ) লেখচিত্ৰ কাক বোলে?

উত্তৰঃ ভূগোলত জলবায়ু, ভূমি ব্যৱহাৰ, উৎপাদন, বিতৰণ, জনসংখ্যা আদি সম্পৰ্কীয় বিভিন্ন তথ্য যেতিয়া উপযুক্তভাৱে চিত্ৰৰ সহায়ত উপস্থাপন কৰা হয় তাকে লেখচিত্ৰ বোলা হয়।

(ঞ) ১ চেণ্টিমিটাৰ মানচিত্ৰ দূৰত্বই কিমান কিল’মিটাৰ ভূ-পৃষ্ঠ দূৰত্ব বুজাব?

উত্তৰঃ চেণ্টিমিটাৰ মানচিত্ৰ দূৰত্বই ১২.৫ কিল’মিটাৰ ভূ-পৃষ্ঠ দূৰত্ব বুজাব।

(ট) সাংস্কৃতিক পৰিৱেশৰ উপাদানবোৰ মানৱসৃষ্ট কি কি?

উত্তৰঃ সাংস্কৃতিক পৰিৱেশৰ উপাদানবোৰ মানৱসৃষ্ট যেনে— বাট-পথ, ঘৰ-দুৱাৰ, বসতি, খেতিপথাৰ, গাঁও, নগৰ-চহৰ, বজাৰ, শিল্প-উদ্যোগ ইত্যাদি।

(ঠ) বৃত্ত লেখচিত্ৰ কাক বোলে?

উত্তৰঃ যি লেখচিত্ৰত এখন ঠাইৰ যিকোনো এটা ভৌগোলিক উপাদানৰ অংশ ভিত্তিক মানবিলাক আনুপাতিক হিচাপে বৃত্তৰ সহায়ত উপস্থাপন কৰা হয় সেই লেখচিত্ৰক বৃত্ত লেখচিত্ৰ বোলে।

(ড) ৰৈখিক লেখচিত্ৰ কাক বোলে?

উত্তৰঃ যি লেখচিত্ৰত কোনো এখন ঠাইৰ বা দেশৰ জনসংখ্যা, উৎপাদন আদিৰ এক দীঘলীয়া ধাৰা ৰেখাৰ সহায়ত উপস্থাপন কৰা হয় তাকে ৰৈখিক লেখচিত্ৰ বোলা হয়।

৩। মানচিত্ৰত প্ৰাকৃতিক অৱয়বসমূহ উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰা যিকোনো পাঁচোটা প্ৰচলিত সাংকেতিক চিহ্ন আঁকি সিহঁতৰ নাম লিখা।

উত্তৰঃ মানচিত্ৰত উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰা পাঁচটা প্ৰাকৃতিক অৱয়ব হৈছে— বোৱতী নদী, শুকান নদী, সংৰক্ষিত বনাঞ্চল, ঘাঁহনি, সৰলবৰ্গীয় উদ্ভিদ। 

সেই অৱয়ববোৰৰ সাংকেতিক চিহ্ন হৈছে—

৪। তোমাক দিয়া মানচিত্ৰখনৰ এটি বিৱৰণ তিনিটা পৰ্যায়ত দাঙি ধৰা—

(ক) পাতনি। 

(খ) প্ৰাকৃতিক অৱস্থাৰ বিৱৰণ। 

(গ) সাংস্কৃতিক অৱস্থাৰ বিৱৰণ।

উত্তৰঃ ধৰিলোৱা তোমাক অংকন কৰিবলৈ দিয়া মানচিত্ৰখন হৈছে অসম ৰাজ্যৰ মানচিত্ৰ। অসমৰ বিৱৰণ তিনিটা পৰ্যায়ত মানচিত্ৰ এখন অধ্যয়ন কৰি তাৰ বিৱৰণ লিখা হয়।

(ক) পাতনিঃ মানচিত্ৰখন কোন দেশ, ৰাজ্য, জিলা অথবা অঞ্চলৰ সেই কথা লিখিব লাগে। লগতে মানচিত্ৰখনৰ অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ বিস্তৃতি, মাপনী আৰু চাৰিসীমাৰ বিষয়ে উল্লেখ কৰিব লাগে।

(খ) প্ৰাকৃতিক অৱস্থাৰ বিৱৰণঃ প্ৰাকৃতিক অৱয়বসমূহ বুজাবলৈ মানচিত্ৰত ব্যৱহাৰ কৰা সাংকেতিক চিহ্নবোৰ চিনাক্ত কৰিব লাগিব। প্ৰাকৃতিক অৱয়ব, যেনে— বোৱতী নৈ, শুকান নৈ, নিজৰা, জলাশয়, সংৰক্ষিত বনাঞ্চল, ঘাঁহনি, পৰ্ণপাতী উদ্ভিদ, সৰল বৰ্গীয় উদ্ভিদ আদি চিনাক্ত কৰিব লাগে। 

(গ) সাংস্কৃতিক অৱস্থাৰ বিৱৰণঃ সাংস্কৃতিক পৰিৱেশৰ উপাদানবোৰ মানৱসৃষ্ট। যেনে— বাট-পথ, ঘৰ-দুৱাৰ, বসতি, খেতিপথাৰ, গাঁও, নগৰ-চহৰ, বজাৰ, শিল্প-উদ্যোগ ইত্যাদি। এই অৱয়ববোৰ মানচিত্ৰত কিছুমান সাংকেতিক চিহ্নৰ সহায়ত উপস্থাপন কৰা হয়। মানচিত্ৰত ব্যৱহাৰ কৰা আন্তৰ্জাতিক, আন্তঃৰাজ্যিক আদি সীমাৰেখাৰ চিহ্ন চাই অঞ্চলটোৰ ৰাজনৈতিক অৱস্থিতি সম্পৰ্কেও জানিব পাৰো।

৫। মানচিত্ৰ অধ্যয়নৰ গুৰুত্ব আৰু প্ৰয়োজন সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ মানচিত্ৰ অধ্যয়নৰ অধিক গুৰুত্ব আৰু আৱশ্যকতা আছে। মানচিত্ৰ অধ্যয়ন আৰু বিশ্লেষণ কৰি কোনো এটা অঞ্চলৰ প্ৰাকৃতিক ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অৱস্থানৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰি। মানচিত্ৰ হৈছে কোনো এক অঞ্চল বা ঠাইৰ দাপোনস্বৰূপ। মানচিত্ৰ অধ্যয়নৰ যোগেদি অতি কম সময়ত সহজভাৱে অঞ্চলটোৰ বিষয়ে জানিব পাৰি। মানচিত্র অধ্যয়নৰ জৰিয়তে কোনো এক অঞ্চলৰ ভূ-প্রকৃতি, উচ্চতা, যাতায়ত ব্যৱস্থা, বজাৰ, নগৰ, চহৰ আৰু উদ্যোগৰ অৱস্থান আৰু বিতৰণ, নদ-নদীৰ অৱস্থান, গছ-গছনিৰ প্ৰকাৰ তথা বনাঞ্চলৰ অৱস্থিতি আদি বহুতো আৱশ্যকীয় তথ্য সহজে পাব পাৰো। তাৰোপৰি মানচিত্ৰত ব্যৱহাৰ কৰা আন্তৰ্জাতিক, আন্তঃৰাজ্যিক আদি সীমাৰেখাৰ চিহ্নৰ পৰা অঞ্চলটোৰ ৰাজনৈতিক অৱস্থিতি সম্পৰ্কেও বুজ ল’ব পাৰি।

৬। মাপনী কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ যি অনুপাতত পৃথিৱীৰ উপৰিভাগৰ আচল দূৰত্বক মানচিত্ৰত কম বা চুটি কৰি লোৱা হয়, তাকেই মানচিত্ৰ বিদ্যাত মাপনী বোলে। মাপনী বা স্কে’ল হৈছে এক গাণিতিক উপায় যাৰ সহায়ত পৃথিৱী বা ইয়াৰ যিকোনো অংশক প্ৰয়োজন অনুসৰি সৰু কৰি দেখুৱাব পাৰি।

মানচিত্ৰত ব্যৱহাৰ কৰা মাপনী বা স্কে’ল তিনি প্ৰকাৰৰ। 

সেইবোৰ হৈছে—

(ক) ভাষাৰ স্কে’ল।

(খ) নিৰূপক ভগ্নাংশৰ স্কে’ল।

(গ)  ৰৈখিক মাপনী।

৭। মানচিত্ৰ অংকনত মাপনীৰ ভূমিকা উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ প্ৰকৃত বা আচল দূৰত্বৰ অনুপাতেই হ’ল সেই মানচিত্ৰখনৰ স্কে’ল বা মাপনী। উদাহৰণস্বৰূপে মানচিত্ৰত দেখুওৱা দুখন ঠাই ‘ক’ আৰু ‘খ’ৰ মাজৰ দূৰত্ব মানচিত্ৰত ৪ চেণ্টিমিটাৰ। কিন্তু ভূ-পৃষ্ঠত ঠাইদুখনৰ মাজৰ আচল দূৰত্ব হ’ল ৫০ কিল’মিটাৰ। গতিকে ঠাই দুখনৰ মাজত থকা মানচিত্ৰৰ দূৰত্ব আৰু ভূ-পৃষ্ঠৰ দূৰত্বৰ যি অনুপাত হ’ব সেয়েই মানচিত্ৰখনৰ স্কে’ল। অৰ্থাৎ ১ চেণ্টিমিটাৰ মানচিত্ৰ দূৰত্বই ১২.৫ কিল’মিটাৰ ভূ-পৃষ্ঠ দূৰত্ব বুজাব। গতিকে মানচিত্র অংকনত স্কে’ল অপৰিহাৰ্য।

৮। ভাষাৰ মাপনী কাক বোলে? উদাহৰণসহ আলোচনা কৰা।

উত্তৰঃ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূপৃষ্ঠত সেই একে ঠাইদুখনৰ মাজৰ প্ৰকৃত দূৰত্বক যেতিয়া ভাষাৰে প্ৰকাশ কৰা হয় তাকে ভাষাৰ মাপনী বোলা হয়। 

উদাহৰণস্বৰূপে ১ চেণ্টিমিটাৰ = ৫ কিল’মিটাৰ; ১ ইঞ্চি = ১০ মাইল; ২ চেণ্টিমিটাৰ = ১ কিল’মিটাৰ আদি ভাষাৰ মাপনী। অৰ্থাৎ মানচিত্ৰ এখনৰ স্কে’ল ১ চেণ্টিমিটাৰ = ৫ কিল’মিটাৰ বুলিলে আমি মানচিত্ৰৰ ১ চেণ্টিমিটাৰে ভূ-পৃষ্ঠৰ ৫ কিল’মিটাৰ দূৰত্বক বুজোঁ।

৯। ৰৈখিক মাপনীৰ বৈশিষ্ট্য আৰু প্ৰয়োজনীয়তাসমূহ লিখা।

উত্তৰঃ ৰৈখিক মাপনীৰ বৈশিষ্ট্য হৈছে এই মাপনীৰ সহায়ত ভূ-পৃষ্ঠৰ দূৰত্বৰ অনুপাতক এডাল সৰল ৰেখাৰ জৰিয়তে প্ৰকাশ কৰা হয়। এনে ৰৈখিক মাপনীৰ সহায়ত মানচিত্ৰত থকা যিকোনো দুখন ঠাইৰ মাজৰ প্ৰকৃত দূৰত্ব অতি সহজ নিৰ্ণয় কৰিব পাৰি। এনে মাপনী থকা মানচিত্ৰৰ আন এটা সুবিধা হ’ল যান্ত্ৰিক পদ্ধতিৰে যেতিয়া মানচিত্ৰ এখনক এটা অনুপাতত সৰু বা ডাঙৰ কৰা হয়, সেই একে অনুপাততেই ৰৈখিক মাপনীৰো দৈৰ্ঘ্য চুটি বা দীঘল হয়। অৰ্থাৎ একে কৰাৰ পিছতো মানচিত্ৰ এখনৰ মাপনী শুদ্ধ হৈয়েই থাকে। এনে ৰৈখিক মাপনীৰ গুৰুত্ব আৰু ব্যৱহাৰ বৃদ্ধি পাইছে।

১০। মানচিত্ৰ এখনৰ নিৰূপক ভগ্নাংশৰ মাপনী ১: ২৫০,০০০। ইয়াক ভাষাৰ মাপনীলৈ ৰূপান্তৰ কৰা।

উত্তৰঃ নিৰূপক ভগ্নাংশৰ মাপনী

১:২৫০,০০০

বা ১ ছেণ্টিমিটাৰ = ২৫০,০০০ ছেণ্টিমিটাৰ

বা ১ ছেণ্টিমিটাৰ = ২৫০০ মিটাৰ [∵ ১ মিটাৰ = ১০০ ছেঃমিঃ]

বা ১ ছেণ্টিমিটাৰ = ২.৫ কিল’মিটাৰ [∵ ১ কিঃমিঃ = ১০০০ মিটাৰ]

অৰ্থাৎ ভাষাৰ মাপনী হ’ব ১ ছেণ্টিমিটাৰ = ২৫০০ মিটাৰ বা, 

এক ছেণ্টিমিটাৰ = ২.৫ কিল’মিটাৰ।

১১। মানচিত্ৰ এখনৰ ভাষাৰ মাপনী ২ চেণ্টিমিটাৰ = ৩৫ কিলোমিটাৰ। ইয়াক নিৰূপক ভগ্নাংশলৈ ৰূপান্তৰ কৰা। 

উত্তৰঃ ভাষাৰ মাপনী ২ ছেণ্টিমিটাৰ = ৩৫ কিল’মিটাৰ

বা ২ ছেণ্টিমিটাৰ = ৩৫,০০,০০০ ছেণ্টিমিটাৰ

[∵ ১ কিঃমিঃ = ১,০০,০০০ ছেঃমিঃ]

বা ১ ছেণ্টিমিটাৰ = ১৭,৫০,০০০ ছেঃমিঃ

অৰ্থাৎ নিৰূপক ভগ্নাংশ হ’ব ১ : ১৭৫০০০০

বা ১/১৭৫০০০০

১২। চমু টোকা লিখাঃ

(ক) দণ্ড লেখচিত্ৰ।

উত্তৰঃ যি লেখচিত্ৰত কোনো এখন ঠাইৰ জনসংখ্যা বা উৎপাদনৰ এক দীঘলীয়া সময়ৰ ধাৰা বা কেইবাখনো ঠাইৰ এটা নিৰ্দিষ্ট সময়ৰ জনসংখ্যা বা উৎপাদন আয়তাকাৰ দণ্ডৰ সহায়ত দেখুওৱা হয় তাকে দণ্ড লেখচিত্ৰ বোলে।

উদাহৰণস্বৰূপে ১৯৫১ চনৰ পৰা ২০০১ চনৰ সময়ছোৱাত অসমৰ জনসংখ্যা বৃদ্ধিৰ ধাৰাৰ তথ্য ল’ব পাৰি।

লোকপিয়ল বৰ্ষজনসংখ্যা (নিযুত হিচাপে)
১৯৫১৮.০
১৯৬১১০.৮
১৯৭১১৪.৬
১৯৮১১৮.০ (আনুমানিক)
১৯৯১২২.৪
২০০১১৬.৬

উপৰোক্ত তথ্যসমূহ দণ্ডচিত্ৰৰ সহায়ত উপস্থাপন কৰিবলৈ যাওঁতে লোকপিয়ল বর্ষসমূহ ‘x’ অক্ষত আৰু জনসংখ্যাৰ মান ‘y’ অক্ষত ধৰা হ’ল। জনসংখ্যা উপস্থাপন কৰাৰ বাবে ১ নিযুত জনসংখ্যা বুজাবলৈ ১.৫ মিলিমিটাৰ দৈৰ্ঘ্য স্কে’ল হিচাপে লোৱা হৈছে। আনহাতে ১/২ মিলিমিটাৰ ব্যৱধানত ২ চেণ্টিমিটাৰ প্রস্থৰে দণ্ডবোৰ অঁকা হৈছে।

(খ) ৰৈখিক লেখচিত্ৰ।

উত্তৰঃ যি লেখচিত্ৰত কোনো এখন ঠাইৰ জনসংখ্যা, উৎপাদন আদিৰ এক দীঘলীয়া সময়ৰ ধাৰা ৰেখাৰ সহায়ত দেখুওৱা হয় তাকে ৰৈখিক লেখচিত্ৰ বোলে।

উদাহৰণস্বৰূপে ১৯৯০ ৰ পৰা ১৯৯৮ বৰ্ষলৈ অসমৰ ধান উৎপাদনৰ ধাৰা ৰৈখিক লেখচিত্ৰৰ সহায়ত দেখুৱাব পাৰি।

উৎপাদন বৰ্ষধান উৎপাদন (লাখ টন হিচাপে)
১৯৯০ – ৯১৩২.৭
১৯৯১ – ৯২৩২.০
১৯৯২ – ৯৩৩৩.০
১৯৯৩ – ৯৪৩৩.৬
১৯৯৪ – ৯৫৩৩.১
১৯৯৫ – ৯৬৩৩.৯
১৯৯৬ – ৯৭৩৩.৩
১৯৯৭ – ৯৮৩৩.৮

উৎপাদন বৰ্ষ লেখচিত্ৰৰ ‘x’ অক্ষত আৰু উৎপাদন মান ‘y’ অক্ষত দেখুওৱা হৈছে।

অসমৰ ধান উৎপাদনৰ ধাৰা, ১৯৯০-১৯৯৮

(গ) বৃত্ত লেখচিত্ৰ।

উত্তৰঃ যি লেখচিত্ৰত এখন ঠাইৰ যি কোনো এটা ভৌগোলিক উপাদানৰ অংশভিত্তিক মানবোৰ অনুপাতিক হিচাপে বৃত্তৰ সহায়ত দেখুওৱা হয় তাকে বৃত্ত লেখচিত্ৰ বোলা হয়। এনে বৃত্ত লেখচিত্ৰৰ দ্বাৰা এখন ঠাইৰ ভূমিৰ ব্যৱহাৰ, জনসংখ্যাৰ গাথঁনি ইত্যাদি তথ্য অতি সহজে উপস্থাপন কৰিব পাৰি।

(ঘ) ৰৈখিক মাপনী।

উত্তৰঃ মানচিত্ৰ আৰু ভূ-পৃষ্ঠৰ দূৰত্বৰ অনুপাতক যেতিয়া এডাল সৰল ৰেখাৰ জৰিয়তে প্ৰকাশ কৰা হয়, তাকেই ৰৈখিক মাপনী বোলা হয়। এনে ৰৈখিক মাপনীৰ সহায়ত মানচিত্ৰত থকা যিকোনো দুখন ঠাইৰ মাজৰ প্ৰকৃত দূৰত্ব অতি সহজ নিৰ্ণয় কৰিব পাৰি। এনে মাপনী থকা মানচিত্ৰৰ আন এটা সুবিধা হ’ল যান্ত্ৰিক পদ্ধতিৰে যেতিয়া মানচিত্ৰ এখনক এটা অনুপাতত সৰু বা ডাঙৰ কৰা হয়, সেই একে অনুপাততেই ৰৈখিক মাপনীৰো দৈৰ্ঘ্য চুটি বা দীঘল হয়।

১৩। তলত দিয়া ভৌগোলিক তথ্যসমূহ উপযুক্ত লেখচিত্ৰৰ দ্বাৰা উপস্থাপন কৰা।

(ক) মৰাপাট উৎপাদন।

উৎপাদন বৰ্ষউৎপাদনৰ পৰিমাণ ( টন হিচাপত)
১৯৯৫ -১৯৯৬২, ০৯২
১৯৯৬ – ১৯৯৭২,১৩৫
১৯৯৭ – ১৯৯৮২,৮৩০
১৯৯৮ – ১৯৯৯২,৬৫৭
১৯৯৯ – ২০০০২,৯৪১
২০০০ – ২০০১৩,২৪৮
২০০২ – ২০০৩৩,৮৯৩
২০০৩ – ২০০৩৪,২০৫

উত্তৰঃ উৎপাদন বর্ষক X অক্ষত আৰু উৎপাদনৰ পৰিমাণক Y অক্ষত দেখুৱাই তলত ৰৈখিক লেখচিত্ৰ অংকন কৰা হ’ল—

(খ) গাঁও আৰু নগৰৰ জনসংখ্যা।

অঞ্চলজনসংখ্যা
১। গ্ৰাম্যাঞ্চল৩,৪৯,৭৪২
২। নগৰাঞ্চল১,২৭,৯৭৩

উত্তৰঃ বৃত্ত লেখচিত্ৰৰ সহায়ত গাঁও আৰু নগৰৰ জনসংখ্যাক উপস্থাপন কৰিব পাৰি।

গ্ৰাম্যাঞ্চল আৰু নগৰাঞ্চল মিলি মুঠ জনসংখ্যা হৈছে—

= ৩৪৯৭৪২ + ১২৭৯৭৩

= ৪৭৭৭১৫

∴ গ্ৰাম্যাঞ্চলত জনসংখ্যা দেখুৱাবলৈ কোণৰ পৰিমাণ হ’ব 

= ৩৪৯৭৪২/৪৭৭৭১৫ × ৩৬০°

= ২৬৩.৫৬°

নগৰাঞ্চলত জনসংখ্যা দেখুৱাবলৈ কোণৰ পৰিমাণ হ’ব—

= ১২৭৯৭৩/৪৭৭৭১৫ × ৩৬০°

= ৯৬.৪৪°

তলত বৃত্তচিত্ৰৰ সহায়ত গাঁও আৰু নগৰৰ জনসংখ্যা দেখুওৱা হ’ল—

অঞ্চলজনসংখ্যাকোণৰ পৰিমাণ
১। গ্ৰাম্যাঞ্চল৩,৪৯,৭৪২২৬৩.৫৬°
২। নগৰাঞ্চল১,২৭,৯৭৩৯৬.৪৪°

(গ) কৃষিভূমিৰ বিতৰণ।

কৃষিভূমিৰ ব্যৱহাৰকৃষিভূমিৰ পৰিমাণ (হেজাৰ হেক্টৰ হিচাপে)
ধান৯২,৫৬৩
মৰাপাট১৯,৩৯৭
কুঁহিয়াৰ১৭,২১৮
আলু৩,৮৮৪
অন্যান্য২৩,০৭৩

উত্তৰঃ কৃষিভূমিৰ বিতৰণৰ তথ্যসমূহ বৃত্ত লেখচিত্ৰৰ সহায়ত উপস্থাপন কৰা হ’ল।

তথ্যমতে মুঠ কৃষিভূমিৰ পৰিমাণ হৈছে—

= (৯২,৫৬৩ + ১৯,৩৯৭ + ১৭,২১৮ + ৩৮৮৪ + ২৩০৭৩)

= ১,৫৬,১৩৫ হাজাৰ হেক্টৰ

ধানৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কৃষিভূমিৰ কোণৰ পৰিমাণ = ৯২৫৬৩/১৫৬১৩৫ × ৩৬০°

= ২১৩.৩৫°

মৰাপাটৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কৃষিভূমিৰ কোণৰ পৰিমাণ = ১৯৩৯৭/১৫৬১৩৫ × ৩৬০°

= ৪৪.৭২°

কুঁহিয়াৰৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কৃষিভূমিৰ কোণৰ পৰিমাণ = ১৭২১৮/১৫৬১৩৫ × ৩৬০°

= ৩৯.৬৯°

আলুৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কৃষিভূমিৰ কোণৰ পৰিমাণ = ৩৮৮৪/১৫৬১৩৫ × ৩৬০°

= ৮.৯৫°

অন্যান্যৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কৃষিভূমিৰ কোণৰ পৰিমাণ = ২৩০৭৩/১৫৬১৩৫ × ৩৬০°

= ৫৩.১৯°

যেতিয়া, কৃষিভূমিৰ বিতৰণ বৃত্তৰ কোণৰ মানৰ বিতৰণ তলৰ তালিকাত দেখুওৱা হ’ল—

কৃষিভূমিৰ ব্যৱহাৰকৃষিভূমিৰ পৰিমাণ (হেজাৰ হেক্টৰ)কোণৰ পৰিমাণ
ধান৯২,৫৬৩২১৩.৩৫°
মৰাপাট১৯,৩৯৭৪৪.৭২°
কুঁহিয়াৰ১৭,২১৮৩৯.৬৯°
আলু৩৮৮৪৮.৯৫°
অন্যান্য২৩,০৭৩৫৩.১৯°

তলৰ বৃত্ত লেখচিত্ৰত কৃষিভূমিৰ বিতৰণৰ তথ্যসমূহ উপস্থাপন কৰা হ’ল—

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top