ভাৰতবর্ষৰ আঞ্চলিক ভূগোল Class 10 Elective Geography Important Notes

ভাৰতবর্ষৰ আঞ্চলিক ভূগোল Class 10 Elective Geography Important Notes to each chapter are provided in the list so that you can easily browse through different chapters ভাৰতবর্ষৰ আঞ্চলিক ভূগোল Class 10 Elective Geography SEBA Important Notes and select need one. ভাৰতবর্ষৰ আঞ্চলিক ভূগোল Class 10 Elective Geography Important Notes

Class 10 Elective Geography Important Notes ভাৰতবর্ষৰ আঞ্চলিক ভূগোল

Join Telegram channel

Class 10 Elective Geography Important Notes ভাৰতবর্ষৰ আঞ্চলিক ভূগোল Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Elective Geography Important Notes ভাৰতবর্ষৰ আঞ্চলিক ভূগোল These solutions are part of SCERT All Subject Solutions. Class 10 Elective Geography Important Notes ভাৰতবর্ষৰ আঞ্চলিক ভূগোল Here we have given Class 10 Elective Geography Important Notes ভাৰতবর্ষৰ আঞ্চলিক ভূগোল Solutions for All Subjects, You can practice these here. ভাৰতবর্ষৰ আঞ্চলিক ভূগোল Class 10 Elective Geography Important Notes

ভাৰতবর্ষৰ আঞ্চলিক ভূগোল

Chapter – 6

ELECTIVE GEOGRAPHY

IMPORTANT NOTES

১। শুদ্ধ উত্তৰটো বাচি উলিওৱা।

(ক) মাটিকালি হিচাপে পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থন—

(i) সপ্তই।

(ii) প্রথম।

(iii) তৃতীয়।

(iv) চতুৰ্থ। 

উত্তৰঃ (i) সপ্তই।

(খ) ভাৰতবর্ষৰ মুঠ ৰাজ্যৰ সংখ্যা হ’ল—

(i) ২৭ খন।

(ii) ২৮ খন।

(iii) ২৫ খন।

(iv) ২৯ খন।

উত্তৰঃ (ii) ২৮ খন।

(গ) ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকাৰ সমভূমি গড় হিচাপত কিমান লয়—

(i) ৬৯ কিল’মিটাৰ।

(ii) ৭৮ কিল’মিটাৰ।

(iii) ৮২ কিল’মিটাৰ।

(iv) ৯৬ কিল’মিটাৰ।

উত্তৰঃ (iv) ৯৬ কিল’মিটাৰ।

(ঘ) ভাৰতবৰ্ষৰ দৈর্ঘ‍্য পূৱা-পশ্চিমাকৈ কিমান—

(i) ২,৫৯৯ কিঃমিঃ।

(ii) ৩,৬৮৮ কিঃমিঃ।

(iii) ৩,২১৪ কিঃমিঃ।

(iv) ২,৯৩৩ কিঃমিঃ।

উত্তৰঃ (iv) ২,৯৩৩ কিঃমিঃ।

(ঙ) ভাৰতৰ মুঠ মাটিকালি কিমান—

(i) ৩২,৮০,৪৮৩ বৰ্গ কিঃমিঃ।

(ii) ২৮,৪০,৩৭৯ বৰ্গ কিঃমিঃ।

(iii) ১১,৩৭,৪৫৬ বৰ্গ কিঃমিঃ।

(iv) ৪৫,৩৪,৪৬৮ বৰ্গ কিঃমিঃ।

উত্তৰঃ (i) ৩২,৮০,৪৮৩ বৰ্গ কিঃমিঃ।

(চ) ব্ৰহ্মপুত্ৰ নদীৰ দৈর্ঘ‍্য কিমান—

(i) ২,৪২৭ কিঃমিঃ।

(ii) ৩,৪৬৭ কিঃমিঃ।

(iii) ২,৩৬৭ কিঃমিঃ।

(iv) ২,৭০৩ কিঃমিঃ।

উত্তৰঃ (iv) ২,৭০৩ কিঃমিঃ।

(ছ) পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদী দ্বীপ কি—

(i) মাজুলী।

(ii) সুন্দৰবন।

(iii) ব-দ্বীপ।

(iv) লাক্ষাদ্বীপ।

উত্তৰঃ (i) মাজুলী।

(জ) কাবেৰী কি পৰ্বতৰ পৰা ওলাইছে—

(i) পূৰ্বঘাট পৰ্বতৰ পৰা।

(ii) নীলগিৰি পৰ্বতৰ পৰা।

(iii) কাঞ্চনজংঘা পৰ্বতৰ পৰা।

(iv) ত্ৰিছুল পৰ্বতৰ পৰা।

উত্তৰঃ (ii) নীলগিৰি পৰ্বতৰপৰা।

(ঝ) ভাৰতৰ কিমান মাটি কৃষিভূমি—

(i) প্ৰায় ১৭.১৩ কোটি হেক্টৰ।

(ii) প্ৰায় ২০.৩৩ কোটি হেক্টৰ।

(iii) প্ৰায় ১৭.১১ কোটি হেক্টৰ।

(iv) প্ৰায় ২২.৩৫ কোটি হেক্টৰ।

উত্তৰঃ (iii) প্ৰায় ১৭.১১ কোটি হেক্টৰ।

(ঞ) অসমৰ প্ৰধান ৰোপন কৃষি কি—

(i) ধান খেতি।

(ii) চাহ খেতি।

(iii) কুঁহিয়াৰ খেতি।

(iv) ঘেঁহু খেতি।

উত্তৰঃ (ii) চাহ খেতি।

(ট) অসমত ভাৰতবৰ্ষৰ মুঠ কিমান শতাংশ চাহ উৎপাদন কৰে—

(i) প্ৰায় ৪০ শতাংশ।

(ii) প্ৰায় ৬০ শতাংশ।

(iii) প্ৰায় ৫০ শতাংশ।

(iv) প্ৰায় ৭০ শতাংশ।

উত্তৰঃ (iii) প্ৰায় ৫০ শতাংশ।

(ঠ) স্বাধীনতাৰ আগতে ভাৰতৰ ক’ত একমাত্ৰ তেল শোধনাগাৰ আছিল—

(i) ডিগবৈ।

(ii) নগাঁও।

(iii) তেজপুৰ।

(iv) লখিমপুৰ।

উত্তৰঃ (i) ডিগবৈ।

২। অতি চমু প্রশ্নৰ উত্তৰঃ

(ক) ভাৰতৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ ভাৰতৰ মুঠ মাটিকালি ৩২,৮০,৪৮৩ বৰ্গ কিঃমিঃ।

(খ) ভাৰতবৰ্ষৰ দৈৰ্ঘ্য পূৱা-পশ্চিমকৈ কিমান?

উত্তৰঃ ভাৰতবৰ্ষৰ দৈৰ্ঘ্য পূৱা-পশ্চিমকৈ ২,৯৩৩ কিঃমিঃ।

(গ) ভাৰতৰ স্থলভাগৰ সীমান্তৰ দৈৰ্ঘ্য কিমান?

উত্তৰঃ ভাৰতৰ স্থলভাগৰ সীমান্তৰ দৈৰ্ঘ্য ১৫,২০০ কিঃমিঃ।

(ঘ) কোন সাগৰৰ তলিৰপৰা উঠি আহি হিমালয় পৰ্বতৰ সৃষ্টি হৈছিল?

উত্তৰঃ টেথিচ সাগৰৰ তলিৰপৰা উঠি আহি হিমালয় পৰ্বতৰ সৃষ্টি হৈছিল।

(ঙ) ভাৰতৰ পশ্চিম উপকূলৰ ভাগ দুটা কি কি?

উত্তৰঃ ভাৰতৰ পশ্চিম উপকূলৰ ভাগ দুটা হ’ল কোংকন উপকূল আৰু মালাবৰ উপকূল।

(চ) ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকাৰ সমভূমি গড় হিচাপত কিমান বল?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকাৰ সমভূমি গড় হিচাপত বল ৯৬ কিল’মিটাৰ।

(ছ) পূৱ উপকূলৰ চাৰিটা হ্ৰদৰ নাম কি কি?

উত্তৰঃ পূৱ উপকূলৰ চাৰিটা হ্রদৰ নাম হ’ল চিল্কা, কৃষ্ণা, কলেৰণ আৰু পুলিকট।

(জ) গঙ্গানদীৰ উৎস কি?

উত্তৰঃ গঙ্গানদীৰ উৎস হৈছে হিমালয়ৰ গঙ্গোত্ৰী হিমবাহ।

(ঝ) ভাৰতৰ প্ৰধান দ্বীপপুঞ্জ কেইটা কি কি?

উত্তৰঃ ভাৰতৰ প্ৰধান দ্বীপপুঞ্জ কেইটা হ’ল আন্দামান-নিকোবৰ আৰু লাক্ষা দ্বীপপুঞ্জ।

(ঞ) উত্তৰ ভাৰতৰ প্ৰধান নদী কি কি?

উত্তৰঃ উত্তৰ ভাৰতৰ প্ৰধান নদী হ’ল গঙ্গা আৰু ব্ৰহ্মপুত্ৰ।

(ট) গঙ্গা নদীৰ পাৰ্বত্য অংশৰ দীঘ কিমান?

উত্তৰঃ গঙ্গা  নদীৰ পাৰ্বত্য অংশৰ দীঘ ৩২০ কিঃমিঃ।

(ঠ) পৃথিৱীৰ বৃহত্তম ব-দ্বীপটো কি?

উত্তৰঃ পৃথিৱীৰ বৃহত্তম ব-দ্বীপটো হ’ল সুন্দৰবন।

(ড) পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদী দ্বীপ কি?

উত্তৰঃ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদী দ্বীপ হ’ল মাজুলী।

(ঢ) কাবেৰী কি পৰ্বতৰপৰা ওলাইছে?

উত্তৰঃ কাবেৰী নীলগিৰি পৰ্বতৰপৰা ওলাইছে।

(ণ) অসমৰ ক’ত গৰম পানীৰ উঁহ আছে?

উত্তৰঃ অসমৰ গোলাঘাট জিলাত গৰম পানীৰ উঁহ আছে।

(ত) চেৰাপুঞ্জীত বছৰি গড়ে কিমান পৰিমাণৰ বৰষুণ হয়?

উত্তৰঃ চেৰাপুঞ্জীত বছৰি গড়ে ১,২৭০ছেঃমিঃ পৰিমাণৰ বৰষুণ হয়।

(থ) ক’লমাটি কি খেতিৰ উপযুক্ত?

উত্তৰঃ ক’লমাটি কপাহ খেতিৰ উপযুক্ত।

(দ) ভাৰতৰ কিমান মাটি কৃষিভূমি?

উত্তৰঃ ভাৰতৰ প্ৰায় ১৭.১১ কোটি হেক্টৰ মাটি উপযুক্ত।

(ধ) মৰুভূমিৰ মাটিৰ কিহৰ পৰিমাণ বেছি?

উত্তৰঃ মৰুভূমিৰ মাটিৰ লৱণৰ পৰিমাণ বেছি।

(ন) অসমৰ প্ৰধান ৰোপণ কৃষি কি?

উত্তৰঃ অসমৰ প্ৰধান ৰোপণ কৃষি হৈছে চাহ খেতি।

(প) উত্তৰ ভাৰতৰ দুবিধ প্ৰধান খাদ্যশস্যৰ নাম কি?

উত্তৰঃ উত্তৰ ভাৰতৰ দুবিধ প্ৰধান খাদ্যশস্যৰ নাম হৈছে ঘেঁহু আৰু ধান।

(ফ) ভাৰতৰ এবিধ প্ৰধান অৰ্থ-শস্য কি?

উত্তৰঃ ভাৰতৰ এবিধ প্ৰধান অৰ্থ-শস্য হ’ল চাহপাত।

(ব) ভাৰতৰ দুবিধ প্ৰধান খনিজ সম্পদৰ নাম কি?

উত্তৰঃ ভাৰতৰ দুবিধ প্ৰধান খনিজ সম্পদৰ নাম হ’ল কয়লা আৰু লৌহ-অয়স্ক।

(ভ) অসমৰ ক’ত সাৰ কাৰখানা আছে?

উত্তৰঃ অসমৰ নামৰূপত সাৰ কাৰখানা আছে।

৩। ভূ-প্ৰকৃতিক ভিত্তিত ভাৰতক কেইটা অঞ্চলত ভাগ কৰিব পাৰি? চিত্ৰৰ সহায়ত বুজাই দিয়া।

উত্তৰঃ ভূ-প্ৰকৃতিক ভিত্তিত ভাৰতক চাৰিটা অঞ্চলত ভাগ কৰিব পাৰি। 

সেইবোৰ হৈছে—

(ক) উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল।

(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল।

(গ) দাক্ষিণাত্য মালভূমি অঞ্চল।

(ঘ) উপকূল অঞ্চল।

ভাৰতৰ অৱস্থিতি আৰু ভূপ্রাকৃতিক অঞ্চলসমূহ

ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে। ই কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমা পৰ্যন্ত পুবা-পশ্চিমাকৈ বিস্তৃত হৈ আছে। প্ৰায় ২,৫০০ কিল’মিটাৰ দীঘল আৰু প্ৰায় ২৪০ কি.মি. ৰ পৰা ৫০০ কিল’মিটাৰ মাটিকালি আগুৰি আছে। ইয়াৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা ৮,০০০ মিটাৰৰো অধিক। পূবা-পশ্চিমাকৈ প্ৰায় সমান্তৰালভাৱে হিমালয় পৰ্বতমালাক তিনিটা শাৰীত বিভক্ত কৰিব পাৰি, যেনে— উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহিঃহিমালয়। ইয়াৰে উচ্চ হিমালয় শ্ৰেণীটো একেবাৰে উত্তৰ অংশত পূবা-পশ্চিমাকৈ বিস্তৃত। বৰফেৰে আবৃত এই পৰ্বতশ্ৰেণীৰ উচ্চতা গড়ে প্ৰায় ৬,০০০ মিটাৰ।

উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলেই হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্ৰায় ২,৪০০ কিল’মিটাৰ বিস্তৃত। ইয়াক প্ৰধানকৈ সিন্ধু-গঙ্গা-ব্ৰহ্মপুত্ৰ সমভূমি বুলি জনা যায়। এই সমভূমি অঞ্চলৰ প্ৰস্থ ঠাইভেদে বেলেগ বেলেগ হোৱা দেখা যায়। সিন্ধু-গঙ্গা সমভূমি অঞ্চলৰ প্ৰস্থ ২৪০ কিল’মিটাৰৰ পৰা ৩২০ কিল’মিটাৰ পৰ্যন্ত যদিও ব্ৰহ্মপুত্ৰ সমভূমিৰ প্ৰস্থ গড়ে মাত্ৰ ৮০ কিল’মিটাৰ। উত্তৰ ভাৰতৰ এই সমভূমি অঞ্চলটোৱে মুঠতে প্ৰায় ৭,০০,০০০ বৰ্গ কিল’মিটাৰ আগুৰি আছে। দৰাচলতে পাঁচখন সৰু-বৰ সমভূমিৰ সমষ্টিয়েই হৈছে উত্তৰ ভাৰতৰ বিস্তৃত সমভূমি অঞ্চলটো। এই পাঁচখন সমভূমি হৈছে— পশ্চিম সমভূমি, পাঞ্জাৱ-হাৰিয়ানা সমভূমি, গঙ্গা সমভূমি, উত্তৰবঙ্গ সমভূমি আৰু ব্ৰহ্মপুত্ৰ সমভূমি। হিমালয় অঞ্চলৰ পৰা বৈ অহা তিনিখন প্ৰধান নদী— সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ। ইহঁতৰ অসংখ্য উপনৈয়ে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো গঠন কৰিছে।

উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণে আছে দাক্ষিণাত্য মালভূমি। ই আকৃতিত ত্ৰিভুজ এটাৰ দৰে। এই মালভূমি অঞ্চলটো পুৰণি কঠিন শিলাৰে গঠিত। ইয়াৰ উত্তৰৰ মালৱা মালভূমি আৰু বিন্ধ্য পৰ্বত আৰু উত্তৰ-পূবৰ ছোটানাগপুৰ মালভূমিক সামৰি লৈ এই বিস্তৃত মালভূমি অঞ্চলটো গঠিত হৈছে। বিন্ধ্য, সাতপুৰা, মহাদেৱ আৰু মহাকাল পৰ্বতে এই সমগ্ৰ মালভূমি অঞ্চলটোক উত্তৰ আৰু দক্ষিণ এই দুই অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰ অংশটোৰ বিস্তৃতি কম আৰু ইয়াৰ ভিতৰত মালৱা মালভূমি আৰু ছোটানাগপুৰ মালভূমি অৱস্থিত।

দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূব অঞ্চলৰ পূব আৰু পশ্চিম সীমাত বংগোপসাগৰ আৰু আৰব সাগৰৰ পাৰে পাৰে ভাৰতৰ উপকূল অঞ্চল অৱস্থিত। সাগৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৩০ মিটাৰৰ পৰা ৫০ মিটাৰৰ ভিতৰত। ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক। ইয়াৰ পূব আৰু পশ্চিম উপকূল হিচাপে দুটা ভাগত ভগাব পাৰি। পূব উপকূল অঞ্চলটো এফালে বংগোপসাগৰ আৰু আনফালে পূৰ্বঘাট পৰ্বতশ্ৰেণীৰ মাজত অৱস্থিত। ই গংগা নদীৰ মোহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত। পশ্চিম উপকূল অঞ্চলটো আৰব সাগৰ আৰু পশ্চিমঘাট পৰ্বতৰ মাজত অৱস্থিত। ই উত্তৰে কাম্বে উপসাগৰৰ পৰা দক্ষিণে কুমাৰিকালৈ বিস্তৃত। এই উপকূল অঞ্চলটো দীঘল কিন্তু ঠেক। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ১’৫০০ কিল’মিটাৰ আৰু প্ৰস্থ ১০ কিল’মিটাৰৰ পৰা ১৫ কিল’মিটাৰৰ ভিতৰত।

৪। ভাৰতৰ ভূ-প্ৰকৃতিক অঞ্চলসমূহৰ চমু বৰ্ণনা দিয়া।

উত্তৰঃ ভাৰতৰ ভূ-প্ৰকৃতিক অঞ্চলসমূহ হৈছে—

(ক) উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল।

(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল।

(গ) দাক্ষিণাত্য মালভূমি অঞ্চল।

(ঘ) উপকূল অঞ্চল।

(ক) উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল: ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে। ই কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমা পৰ্যন্ত পুবা-পশ্চিমাকৈ বিস্তৃত হৈ আছে। প্ৰায় ২,৫০০ কিল’মিটাৰ দীঘল আৰু প্ৰায় ২৪০ কি.মি. ৰ পৰা ৫০০ কিল’মিটাৰ মাটিকালি আগুৰি আছে। ইয়াৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা ৮,০০০ মিটাৰৰো অধিক। পূবা-পশ্চিমাকৈ প্ৰায় সমান্তৰালভাৱে হিমালয় পৰ্বতমালাক তিনিটা শাৰীত বিভক্ত কৰিব পাৰি, যেনে— উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহিঃহিমালয়। ইয়াৰে উচ্চ হিমালয় শ্ৰেণীটো একেবাৰে উত্তৰ অংশত পূবা-পশ্চিমাকৈ বিস্তৃত। বৰফেৰে আবৃত এই পৰ্বতশ্ৰেণীৰ উচ্চতা গড়ে প্ৰায় ৬,০০০ মিটাৰ। উচ্চ হিমালয়ৰ লগতে লাগি থকা দক্ষিণৰ পৰ্বতশ্ৰেণীটোৱেই হৈছে নিম্ন হিমালয়। ইয়াৰ গড় উচ্চতা হৈছে ৪,০০০ মিটাৰ। ই বহলে ৬০-৮০ কিল’মিটাৰ। ইয়াৰ গড় উচ্চতা ১,০০০ মিটাৰ।

(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল: উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলেই হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্ৰায় ২,৪০০ কিল’মিটাৰ বিস্তৃত। ইয়াক প্ৰধানকৈ সিন্ধু-গঙ্গা-ব্ৰহ্মপুত্ৰ সমভূমি বুলি জনা যায়। এই সমভূমি অঞ্চলৰ প্ৰস্থ ঠাইভেদে বেলেগ বেলেগ হোৱা দেখা যায়। সিন্ধু-গঙ্গা সমভূমি অঞ্চলৰ প্ৰস্থ ২৪০ কিল’মিটাৰৰ পৰা ৩২০ কিল’মিটাৰ পৰ্যন্ত যদিও ব্ৰহ্মপুত্ৰ সমভূমিৰ প্ৰস্থ গড়ে মাত্ৰ ৮০ কিল’মিটাৰ। উত্তৰ ভাৰতৰ এই সমভূমি অঞ্চলটোৱে মুঠতে প্ৰায় ৭,০০,০০০ বৰ্গ কিল’মিটাৰ আগুৰি আছে। দৰাচলতে পাঁচখন সৰু-বৰ সমভূমিৰ সমষ্টিয়েই হৈছে উত্তৰ ভাৰতৰ বিস্তৃত সমভূমি অঞ্চলটো। এই পাঁচখন সমভূমি হৈছে— পশ্চিম সমভূমি, পাঞ্জাৱ-হাৰিয়ানা সমভূমি, গঙ্গা সমভূমি, উত্তৰবঙ্গ সমভূমি আৰু ব্ৰহ্মপুত্ৰ সমভূমি। হিমালয় অঞ্চলৰ পৰা বৈ অহা তিনিখন প্ৰধান নদী— সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ। ইহঁতৰ অসংখ্য উপনৈয়ে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো গঠন কৰিছে।

(গ) দাক্ষিণাত্য মালভূমি অঞ্চল: উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণে আছে দাক্ষিণাত্য মালভূমি। ই আকৃতিত ত্ৰিভুজ এটাৰ দৰে। এই মালভূমি অঞ্চলটো পুৰণি কঠিন শিলাৰে গঠিত। ইয়াৰ উত্তৰৰ মালৱা মালভূমি আৰু বিন্ধ্য পৰ্বত আৰু উত্তৰ-পূবৰ ছোটানাগপুৰ মালভূমিক সামৰি লৈ এই বিস্তৃত মালভূমি অঞ্চলটো গঠিত হৈছে। বিন্ধ্য, সাতপুৰা, মহাদেৱ আৰু মহাকাল পৰ্বতে এই সমগ্ৰ মালভূমি অঞ্চলটোক উত্তৰ আৰু দক্ষিণ এই দুই অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰ অংশটোৰ বিস্তৃতি কম আৰু ইয়াৰ ভিতৰত মালৱা মালভূমি আৰু ছোটানাগপুৰ মালভূমি অৱস্থিত। কিন্তু দক্ষিণৰ অংশটো যথেষ্ট ডাঙৰ। এই অংশটো সাতপুৰা, মহাদেৱ আৰু মহাকাল পৰ্বতৰ পৰা দক্ষিণলৈ কুমাৰিকা পৰ্যন্ত বিস্তৃত। দক্ষিণ এই মালভূমি অঞ্চলটোৰ পশ্চিম সীমাত আছে পশ্চিমঘাট পৰ্বতশ্ৰেণী আৰু পূব সীমাত আছে পূৰ্বঘাট পৰ্বতশ্ৰেণী।

(ঘ) উপকূল অঞ্চল: দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূব অঞ্চলৰ পূব আৰু পশ্চিম সীমাত বংগোপসাগৰ আৰু আৰব সাগৰৰ পাৰে পাৰে ভাৰতৰ উপকূল অঞ্চল অৱস্থিত। সাগৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৩০ মিটাৰৰ পৰা ৫০ মিটাৰৰ ভিতৰত। ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক। ইয়াৰ পূব আৰু পশ্চিম উপকূল হিচাপে দুটা ভাগত ভগাব পাৰি। পূব উপকূল অঞ্চলটো এফালে বংগোপসাগৰ আৰু আনফালে পূৰ্বঘাট পৰ্বতশ্ৰেণীৰ মাজত অৱস্থিত। ই গংগা নদীৰ মোহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত। পশ্চিম উপকূল অঞ্চলটো আৰব সাগৰ আৰু পশ্চিমঘাট পৰ্বতৰ মাজত অৱস্থিত। ই উত্তৰে কাম্বে উপসাগৰৰ পৰা দক্ষিণে কুমাৰিকালৈ বিস্তৃত। এই উপকূল অঞ্চলটো দীঘল কিন্তু ঠেক। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ১’৫০০ কিল’মিটাৰ আৰু প্ৰস্থ ১০ কিল’মিটাৰৰ পৰা ১৫ কিল’মিটাৰৰ ভিতৰত।

৫। ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যবোৰ চমুকৈ লিখা।

উত্তৰঃ ভাৰতবৰ্ষ ভূ-প্ৰকৃতিও ভিন ভিন। দেশখনৰ অঞ্চলভেদে জলবায়ুৰ প্ৰধান উপাদান যেনে— উত্তাপ, বায়ুৰ চাপ, বতাহ আৰু আৰ্দ্ৰতাৰ তাৰতম্য ঘটে। সেইবাবে এই দেশত নানা প্ৰকাৰৰ জলবায়ু অনুভূত হয়। প্ৰধানকৈ দেশখনৰ বিশালতা, বিষুৱৰ পৰা দূৰত্ব বিভিন্ন ভূ-প্ৰকৃতি, উচ্চতাৰ পার্থক্য, সাগৰৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰতেই ইয়াৰ জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে। 

ভাৰতৰ প্ৰায় সোঁমাজেদি যোৱা কৰ্কটক্ৰান্তিয়ে দেশখনক উত্তৰ আৰু দক্ষিণ দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰ অংশটো সমমণ্ডলত আৰু দক্ষিণ অংশটো গ্ৰীষ্মমণ্ডলত পৰিছে। সেয়েহে সাধাৰণতে উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰতত গৰম বেছি। ভাৰতৰ ভূখণ্ড পৰ্বত-পাহাৰ, মালভূমি, মৰুভূমি, সমভূমি আদি ভূ-প্ৰকৃতিৰে গঠিত। এনে ভূ-প্ৰকৃতিয়েই ঠাইবিলাকৰ মাজত উচ্চতাৰ পাৰ্থক্য আনি দিছে। একে অক্ষাংশত অৱস্থিত হ’লেও উচ্চতাৰ পাৰ্থক্যৰ বাবে ঠাইসমূহত উত্তাপ, বায়ুৰ চাপ, বৰষুণ আৰু আৰ্দ্ৰতাৰ পৰিমাণ কম-বেছি হয়। ফলত জলবায়ুও বেলেগ বেলেগ হয়।

৬। ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে দ্বিতীয় বৃহৎ জনবহুল দেশ। ১৯০১ চনত ভাৰতৰ জনসংখ্যা আছিল ২৩.৮৪ কোটি আৰু এই জনসংখ্যা দ্ৰুতহাৰত বৃদ্ধি হৈ ২০০১ চনত হ’লগৈ ১০২.৭ কোটি। এই জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৬ শতাংশ। ১৯০১ চনৰ পৰা ২০০১ চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা বহুগুণে বৃদ্ধি পাইছে। জনসংখ্যাৰ হ্ৰাস বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে জন্ম-মৃত্যুৰ হাৰ আৰু জনপ্ৰব্ৰজন। জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ বেছি হ’লে জনসংখ্যা বৃদ্ধি পায়। সেইদৰে দেশলৈ জনপ্ৰব্ৰজন হোৱাৰ ফলতো জনসংখ্যা বৃদ্ধি পায়। ভাৰতবৰ্ষত এই দুয়োটা কাৰণতে জনসংখ্যা বৃদ্ধি পাব লাগিছে। বিশেষকৈ স্বাধীনতাৰ পিছৰ পৰা ভাৰতৰ জনসংখ্যা দ্ৰুত গতিৰে বৃদ্ধি পাইছে। পৃথিৱীৰ উন্নত দেশসমূহৰ তুলনাত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি। জনসংখ্যা দ্ৰুতিগতিৰে বৃদ্ধি পোৱাৰ ফলতেই ভাৰত পৃথিৱীৰ দ্বিতীয় বৃহৎ জনসংখ্যাৰ দেশ বুলি খ্যাত হৈছে। অধিক জনসংখ্যাৰ ফলত দেশখনৰ অৰ্থনৈতিক উন্নয়ন বাধাপ্ৰাপ্ত হৈছে। বৰ্ধিত জনসংখ্যাৰ বাবেই দেশখনত খাদ্য সমস্যা, কৃষিভূমিৰ সমস্যা, আবাস গৃহৰ সমস্যা, শিক্ষাৰ সমস্যা, কৰ্ম সংস্থাপনৰ সমস্যাৰে ধৰি অনেক জটিল সমস্যাৰ সৃষ্টি হৈছে। দেশৰ প্ৰগতিৰ বাবে জনসংখ্যা প্ৰতিৰোধৰ ফলপ্ৰসূ আঁচনি লোৱাৰ প্ৰয়োজন হৈছে। ভৱিষ্যতে জনসংখ্যা বৃদ্ধিৰ হাৰ ৰোধ কৰিব পাৰিলেহে ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশ এখনে অৰ্থনৈতিক উন্নতি লাভ কৰিব পাৰিব। 

ভাৰতৰ জনসংখ্যা বৃদ্ধি (১৯০১—২০০১)

বছৰজনসংখ্যা (কোটি হিচাপত)
১৯০১১৩.৮৪
১৯১১২৫.২১
১৯২১২৫.১৩
১৯৪১৩১.৮৬
১৯৫১৩৬.১১
১৯৬১৪৩.৯২
১৯৭১৫৪.৮২
১৯৮১৬৮.৩৩
১৯৯১৮৪.৬৩
২০০১১০২.৭০

৭। ভাৰতৰ জনসংখ্যা ঘনত্ব কিদৰে ভিন ভিন হৈছে আলােচনা কৰা। 

উত্তৰঃ ভাৰতৰ জনসংখ্যা ঘনত্ব সকলাে ঠাইতে সমান নহয়। ঘন জনবসতিপূর্ণ ঠাই বা অঞ্চলবােৰত জনসংখ্যা ঘনত্ব অধিক। আনহাতে পাতল বা সেৰেঙা জনবসতি থকা অঞ্চলত জনসংখ্যা ঘনত্ব কম হয়। কোনাে এখন দেশৰ জনসংখ্যা ঘনত্ব অঞ্চলভেদে ভিন্ন হয়। জনসংখ্যাৰ ঘনত্ব ভিন্ন হােৱাৰ বহুতাে কাৰক আছে , তাৰ ভিতৰত উল্লেখযােগ্য হৈছে — প্রাকৃতিক পৰিৱেশ, ভূ – প্রকৃতি, জলবায়ু, কর্ম সংস্থাপনৰ সুবিধা, শিক্ষা, স্বাস্থ্য আৰু অন্যান্য সা–সুবিধাৰ লগতে অর্থনৈতিক বিকাশ অন্যতম। 

সাধাৰণতে যিবােৰ অঞ্চলত কৃষিকাৰ্যৰ পর্যাপ্ত সুবিধা আছে, বাটপথ–যােগাযােগ আৰু পৰিবহণ ব্যৱস্থা উন্নত, শিল্প উদ্যোগ প্রতিষ্ঠান  স্থাপনৰ সা–সুবিধা আছে তেনেবােৰ অঞ্চলত জনসংখ্যা ঘনত্ব অধিক। আনহাতে যিবােৰ অঞ্চলত বুনিয়াদী সা–সুবিধাৰ অভাৱ, বাটপথ আৰু পৰিবহণ ব্যৱস্থা অনুন্নত, জলবায়ু বসবাসৰ অনুপযােগী, তেনেবােৰ ঠাইত জনসংখ্যাৰ ঘনত্ব পাতল হয়। নদী–উপত্যকা অঞ্চলৰ ভূমিভাগ সাৰুৱা, অধিকাংশ লােক কৃষিকার্যত নিয়ােজিত আৰু জীৱন নির্বাহ সুবিধাজনক, তেনেবােৰ অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব অধিক। এনেদৰে বিভিন্ন কাৰণত ভাৰতৰ জনসংখ্যা ঘনত্বৰ ঠাই বিশেষে তাৰতম্য হােৱা দেখা যায়।

৮। ভাৰতৰ প্ৰধান কৃষি অঞ্চলকেইটাৰ বৈশিষ্ট্য আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ দৰে বিশাল দেশখনৰ বিভিন্ন জলবায়ু অঞ্চলত ভিন ভিন কৃষি পদ্ধতিৰে ভিন ভিন প্ৰকাৰৰ শস্য উৎপাদন কৰা হয়। অৱশ্যে কিছুমান শস্যৰ খেতিয়ে কিছুমান অঞ্চলত প্ৰাধান্য লাভ কৰে। যিবোৰ অঞ্চলত সমপ্রকাৰৰ কৃষি পদ্ধতিৰে জনজাতীয় শস্যৰ খেতি কৰা হয় সেইবোৰ অঞ্চলক কৃষি অঞ্চলৰূপে চিনাক্ত কৰিব পাৰি। 

ভাৰতবৰ্ষত সাতোটা প্ৰধান কৃষি অঞ্চলকেইটা হৈছে—

(ক) ফলমূল আৰু শাক-পাচলি কৃষি অঞ্চল।

(খ) ধান-মৰাপাট-চাহ কৃষি অঞ্চল।

(গ) ঘেঁহু আৰু কুঁহিয়াৰ কৃষি অঞ্চল।

(ঘ) মিলেট আৰু তেলগুটি শস্য অঞ্চল।

(ঙ) মাকৈ আৰু মোটা দানাযুক্ত শস্য অঞ্চল।

(চ) কপাহ কৃষি অঞ্চল।

(ছ) মছলাজাতীয় আৰু ৰোপন শস্য অঞ্চল।

তলত ভাৰতৰ প্ৰধান কৃষি অঞ্চলকেইটাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা হ’ল—

(ক) ফলমূল আৰু শাক-পাচলি কৃষি অঞ্চলটো কাশ্মীৰৰ পৰা উত্তৰ-পূব পৰ্যন্ত বিস্তৃত। ইয়াৰ উত্তৰ পশ্চিম অংশত বাৰ্ষিক বৃষ্টিপাত ৬০ ছে. মিটাৰৰো কম হয় আৰু পূব অংশত ২০০ ছে. মিটাৰ পৰ্যন্ত হয়। পশ্চিম হিমালয়ৰ পাহাৰীয়া অঞ্চলত নাতিশীতোষ্ণ ফলমূল যেনে— আপেল, নৰা বগৰী, চেৰী, বগৰী, এপ্ৰিকট আদিৰ খেতি হয়। পূব হিমালয় অঞ্চলত ফলৰ ভিতৰত প্ৰধানকৈ সুমথিৰা আৰু শাক-পাচলিৰ ভিতৰত আলু, জলকীয়া আৰু ভিন ভিন শাক-পাচলি উৎপন্ন হয়।

(খ) ধান-মৰাপাট-চাহ কৃষি অঞ্চলটোৱে অসম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মেঘালয়, পশ্চিম বংগ, উৰিষ্যা, বিহাৰৰ উত্তৰ আৰু পূব অংশ আৰু উত্তৰ প্ৰদেশৰ তৰাই অঞ্চলক সামৰি লৈছে। এই সমগ্ৰ অঞ্চলটোত বিস্তীৰ্ণ নিম্ন সমভূমি, নদীৰ ব-দ্বীপ আৰু উপত্যকাসমূহ আছে, য’ত কৃষিৰ উপযোগী পলসুৱা মাটি পোৱা যায়। পলসুৱা মাটি, প্ৰচুৰ বৃষ্টিপাত আৰু গ্ৰীষ্মকালৰ উচ্চ উত্তাপৰ বাবে এই অঞ্চলটোত প্ৰচুৰ ধান উৎপাদন হয়। চাহ খেতিৰ বাবে অসমৰ উজনি ব্ৰহ্মপুত্ৰ উপত্যকা, ত্ৰিপুৰা আৰু উত্তৰ বংগ বিখ্যাত। সেইদৰে অসম, গংগা সমভূমি আৰু ব-দ্বীপ অঞ্চল আৰু পূব-উপকূল অঞ্চলত প্ৰধানকৈ মৰাপাট খেতি কৰা হয়।

(গ) ঘেঁহু আৰু কুঁহিয়াৰ কৃষি অঞ্চলটো বিহাৰৰ উত্তৰ অংশ, উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, মধ্যপ্ৰদেশৰ পশ্চিমাঞ্চল আৰু ৰাজস্থানৰ উত্তৰ পূৰ্বাঞ্চল এই কৃষি অঞ্চলটোৰ অন্তৰ্গত। মধ্যয় পৰিমাণৰ বৰষুণ হয় যদিও এই অঞ্চলৰ শুকান ঠাইবোৰত জলসিঞ্চনৰ সহায়ত কৃষিকাৰ্য কৰা হয়। এই কৃষি অঞ্চলটোৰ প্ৰধান শস্য হৈছে ঘেঁহু আৰু কুঁহিয়াৰ। অৱশ্যে ইয়াত ধানৰ খেতিও হয়। উত্তৰ প্ৰদেশ, বিহাৰৰ সমভূমি অঞ্চল আৰু গংগাৰ উত্তৰ পাৰত ঘেঁহু কুঁহিয়াৰ প্ৰধান শস্য। 

(ঘ) মিলেট আৰু তেলগুটি শস্য অঞ্চলটোৱে কৰ্ণাটক মালভূমি, তামিলনাডুৰ কিছু অংশ, অন্ধ্ৰপ্ৰদেশৰ দক্ষিণাঞ্চল আৰু কেৰেলাৰ পূব অংশ সামৰি লৈছে। এই অঞ্চলটোত তুলনামূলকভাৱে কম সাৰুৱা মাটি আৰু ভগ্ন ভূপ্ৰকৃতি আছে। তাৰোপৰি ইয়াত বৰষুণৰ পৰিমাণ কম, প্ৰায় ৭৫ ছে. মিটাৰৰ পৰা ১২৫ ছে. মিটাৰ বৰষুণ হয়। ইয়াত উৎপন্ন হোৱা মিলেটৰ ভিতৰত আছে বজৰা, ৰোগী আৰু জোৱাৰ। আনহাতে তেল গুটি শস্যৰ ভিতৰত বাদাম, সৰিয়হ আৰু অন্যান্য মাহজাতীয় শস্যই প্ৰধান।

(ঙ) মাকৈ আৰু মোটা দানাযুক্ত শস্য অঞ্চলটোৰ ভিতৰত আছে পশ্চিম ৰাজস্থান আৰু উত্তৰ গুজৰাটৰ অৰ্দ্ধ-মৰু আৰু মৰু অঞ্চলবোৰ। এই অঞ্চলৰ পূব অংশত কিছু পলসুৱা মাটি পোৱা যায় যদিও পশ্চিম অংশ বালিময়। বৰষুণ ৫০ ছে. মিটাৰৰো কম হয়। জলসিঞ্চনৰ সহায়ত কৃষিকাৰ্য্য কৰা হয়। ইয়াৰ মেৱাৰ মালভূমিত প্ৰধানকৈ মাকৈৰ খেতি হয় যদিও ঘেঁহু আৰু ৰাগী শস্যৰ খেতিও কৰা হয়। আনহাতে অঞ্চলটোৰ দক্ষিণ অংশত কপাহ, কুঁহিয়াৰ আৰু লগতে ধানৰ খেতি কৰা হয়। বজৰা সমগ্ৰ অঞ্চলটোত কম-বেছি পৰিমাণে উৎপন্ন হয়।

(চ) কপাহ কৃষি অঞ্চলটো ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ উত্তৰ-পশ্চিম অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত। ইয়াৰ নদী-উপত্যকা অঞ্চলবোৰ কলা মাটিৰে আবৃত হৈ আছে আৰু এই কলা মাটি কপাহ খেতিৰ বাবে অতি উত্তম। এই কৃষি অঞ্চলটোৱে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ অঞ্চল বিশেষক সামৰি লৈছে। এই অঞ্চলটো এটা বৃষ্টিছায়া অঞ্চল য’ত বাৰ্ষিক বৃষ্টিপাত ৭৫ ছে. মিটাৰৰ পৰা ১০০ ছে. মিটাৰ হয়।

(ছ) মছলাজাতীয় আৰু ৰোপন শস্য অঞ্চলটোৱে পূব আৰু পশ্চিম উপকূলীয় সমভূমি, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপক সামৰি লৈছে। অঞ্চলটোত প্ৰচুৰ বৃষ্টিপাত হয়, বাৰ্ষিক গড়ে ২৫০ ছে. মিটাৰৰো অধিক। ইয়াত উৎপন্ন হোৱা মছলাজাতীয় আৰু শস্যৰ ভিতৰত কফি, ৰবৰ, টপিঅ’কা, জালুক আৰু ইলাচি প্ৰধান।

৯। চমুটোকা লিখাঃ

(ক) মৌচুমী উদ্ভিদ।

উত্তৰঃ মৌচুমীয় উদ্ভিদ ভাৰতৰ অধিকাংশ ঠাইত পোৱা যায়। বাৰ্ষিক ১০০ চেণ্টিমিটাৰৰ পৰা ২০০ চেণ্টিমিটাৰ বৰষুণ হোৱা আৰু গড়ে প্ৰায় ২৭° চেঃ উত্তাপযুক্ত অঞ্চলত এনেবিধ উদ্ভিদ দেখা যায়। মৌচুমী ঋতুত হোৱা বৰষুণৰ ওপৰত এই উদ্ভিদ নিৰ্ভৰশীল। মৌচুমী অঞ্চলত শীতকালত বৰষুণ কম হয় আৰু উত্তাপো কমি যায়। গতিকে মাটি শুকান হৈ পৰে। সেয়েহে শীতকালত সাধাৰণতে এই গছবিলাকৰ পাত সৰি যায়। শাল, চেগুন, চিৰিচ, অৰ্জুন, শিমলু আৰু বিভিন্ন প্ৰজাতিৰ বাঁহ মৌচুমীয় অৰণ্যৰ প্ৰধান উদ্ভিদ। এই অৰণ্য অসম, পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ আৰু হাৰিয়ানাৰ একাংশ, মধ্যপ্ৰদেশ, তামিলনাডু, পশ্চিমঘাট, পূৰ্বঘাট পৰ্বতকে ধৰি দাক্ষিণাত্য মালভূমিৰ পূব অংশ আৰু দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনৰ সেমেকা অঞ্চলত পোৱা যায়। আন্দামান-নিকোবৰ দ্বীপপুঞ্জতো মৌচুমী উদ্ভিদ দেখা যায়।

(খ) লাভা মৃত্তিকা।

উত্তৰঃ লাভা অৱক্ষেপনৰ পৰা গঠিত হোৱা মৃত্তিকাক লাভা মৃত্তিকা বোলা হয়। লাভা মৃত্তিকাক সাধাৰণতে কৃষ্ণ মৃত্তিকা বুলি জনা যায়। মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশৰ পশ্চিমাঞ্চল, গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশৰ কাষৰীয়া অঞ্চলৰ লাভা অৱক্ষেপন বিচুৰ্ণীকৃত হৈ কৃষ্ণ মৃত্তিকা গঠন হৈছে। ক’লা বোকাময় আৰু এঠাজাতীয় এনে মাটিয়ে জলকণা ধৰি ৰাখিব পাৰে আৰু সেয়েহে খেতিৰ বাবে উপযোগী। বিশেষকৈ এনে মাটিত কপাহ খেতি অতি ভাল হয় বাবে এই মাটিক কপাহ মাটি বোলে।

(গ) উত্তৰ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্য।

উত্তৰঃ উত্তৰ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্য হৈছে—

(i) উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চগতি, মধ্যগতি আৰু নিম্নগতি এই তিনিটা গতি স্পষ্টকৈ চকুত পৰে।

(ii) উত্তৰ ভাৰতৰ নদী-অৱবাহিকাসমূহ পলসুৱা আৰু সাৰুৱা হোৱাৰ বাবে ঘনবসতিপূৰ্ণ।

(iii) উত্তৰ ভাৰতৰ নদীবোৰৰ উপত্যকাসমূহ বহল আৰু এই নদীবোৰে বহুদূৰ সমতলৰ মাজেদি প্ৰবাহিত হোৱা কাৰণে ইহঁতৰ গতি ধীৰ আৰু সেয়ে নাব্য।

(iv) উত্তৰ ভাৰতৰ নদীবোৰ প্ৰবাহিত হওতে গেদ পৰিবহন কৰে, সেয়ে এই নদিবিলাক জলবিদ্যুৎ উৎপাদনৰ বাবে সুবিধাজনক নহয়।

(ঘ) ভাৰতীয় দ্বীপসমূহ।

উত্তৰঃ ভাৰতীয় দ্বীপসমূহ দুটা গোট বা দ্বীপপুঞ্জত বিভক্ত। ইয়াৰে এটাক লাক্ষা দ্বীপপুঞ্জ আৰু আনটোক আন্দামান-নিকোবৰ দ্বীপপুঞ্জ নামেৰে জনা যায়। লাক্ষা দ্বীপপুঞ্জ আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী ক্ৰমে কৱাৰাতি আৰু প’ৰ্ট ব্লেয়াৰ। লাক্ষা দ্বীপপুঞ্জ মালাৱৰ উপকূলৰ পশ্চিমে আৰব সাগৰত অৱস্থিত। এই দ্বীপপুঞ্জ লাক্ষাদ্বীপ, মিনিকয় আৰু আমিনদ্বীপ নামেৰে তিনিটা প্ৰধান দ্বীপেৰে গঠিত যদিও ই দৰাচলতে ২৫ টা সৰু-বৰ দ্বীপৰ সমষ্টি। আন্দামান-নিকোবৰ দ্বীপপুঞ্জ কৰমণ্ডল উপকূলৰ পৰা যথেষ্ট দূৰৈত বংগোপসাগৰত অৱস্থিত। আন্দামান অঞ্চলৰ ২০৪ টা আৰু নিকোবৰ অঞ্চলৰ ১১ টা সৰু-বৰ দ্বীপক লৈ মুঠ ২১৫ টা দ্বীপৰ সমষ্টিৰে গঠিত হৈছে আন্দামান-নিকোবৰ দ্বীপপুঞ্জ। এই দ্বীপপুঞ্জটো দীঘলে প্ৰায় ৫৯০ কিল’মিটাৰ আৰু বহলে প্ৰায় ৫৮ কিল’মিটাৰ। ইয়াৰ মাটিকালি ৮,২৪৯ বৰ্গ কিল’মিটাৰ।

(ঙ) হিমালয় পাৰ্বত্য অঞ্চল।

উত্তৰঃ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে। ই কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমা পৰ্যন্ত পুবা-পশ্চিমাকৈ বিস্তৃত হৈ আছে। প্ৰায় ২,৫০০ কিল’মিটাৰ দীঘল আৰু প্ৰায় ২৪০ কি.মি. ৰ পৰা ৫০০ কিল’মিটাৰ মাটিকালি আগুৰি আছে। ইয়াৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা ৮,০০০ মিটাৰৰো অধিক। হিমালয় পৰ্বতমালা টাৰচিয়েৰি যুগত সৃষ্টি হৈছিল বুলি ভূ-বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। হিমালয় পৰ্বতশ্ৰেণীয়ে যি ঠাই আগুৰি আছে, বহু নিযুত বছৰৰ আগতে সেই ঠাইত এখন সাগৰ আছিল। উত্তৰৰ ভূখণ্ডই দক্ষিণলৈ আৰু দক্ষিণৰ ভূখণ্ডই উত্তৰলৈ গতি কৰিবলৈ ধৰে। পৰ্বত গঠনকাৰী প্ৰক্ৰিয়াৰ কেইবাটাও পৰ্যায়ত হিমালয় পৰ্বতশ্ৰেণী গঠন হৈছে। পূবা-পশ্চিমাকৈ প্ৰায় সমান্তৰালভাৱে হিমালয় পৰ্বতমালাক তিনিটা শাৰীত বিভক্ত কৰিব পাৰি, যেনে— উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহিঃহিমালয়। ইয়াৰে উচ্চ হিমালয় শ্ৰেণীটো একেবাৰে উত্তৰ অংশত পূবা-পশ্চিমাকৈ বিস্তৃত। বৰফেৰে আবৃত এই পৰ্বতশ্ৰেণীৰ উচ্চতা গড়ে প্ৰায় ৬,০০০ মিটাৰ। ই অতি থিয় যদিও উত্তৰলৈ ইয়াৰ ঢাল ক্ৰমে কমি হৈ অৱশেষত চীনদেশৰ তিব্বত মালভূমিৰ লগত মিলিত হৈছে। উচ্চ হিমালয়ৰ লগতে লাগি থকা দক্ষিণৰ পৰ্বতশ্ৰেণীটোৱেই হৈছে নিম্ন হিমালয়। ইয়াৰ গড় উচ্চতা হৈছে ৪,০০০ মিটাৰ। ই বহলে ৬০-৮০ কিল’মিটাৰ। ইয়াৰ গড় উচ্চতা ১,০০০ মিটাৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top