আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল Class 10 Elective Geography Important Notes

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল Class 10 Elective Geography Important Notes to each chapter are provided in the list so that you can easily browse through different chapters আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল Class 10 Elective Geography SEBA Important Notes and select need one.

Class 10 Elective Geography Important Notes আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

Join Telegram channel

Class 10 Elective Geography Important Notes আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Elective Geography Important Notes আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল These solutions are part of SCERT All Subject Solutions. Class 10 Elective Geography Important Notes আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল Here we have given Class 10 Elective Geography Important Notes আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল Solutions for All Subjects, You can practice these here.

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

Chapter – 4

ELECTIVE GEOGRAPHY

IMPORTANT NOTES

১। শুদ্ধ উত্তৰটো বাচি উলিওৱা।

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখন ক’ত অৱস্থিত—

(i) উত্তৰ আমেৰিকা মহাদেশত।

(ii) এচিয়া মহাদেশত।

(iii) ইউৰোপ মহাদেশত।

(iv) আফ্ৰিকা মহাদেশত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (i) উত্তৰ আমেৰিকা মহাদেশত।

(খ) আমেৰিকা যুক্তৰাষ্ট্ৰত মুঠ কেইটা কৃষি বলয় চিনাক্ত কৰা হয়—

(i) ছয়টা।

(ii) নটা।

(iii) চাৰিটা।

(iv) পাঁচটা।

উত্তৰঃ (ii) নটা।

(গ) কিমান চনৰ পৰা দেশখনে লো-তীখা উৎপাদনত দ্ৰুত বিকাশ লাভ কৰিবলৈ লয়—

(i) ১৭৬৯

(ii) ১৮৯৫

(iii) ১৮৬৫

(iv) ১৯৭৩

উত্তৰঃ (iii) ১৮৬৫

(ঘ) যুক্তৰাষ্ট্ৰৰ দেশখনে প্ৰতি বছৰে কিমান টন লো-তীখা উৎপাদন কৰে—

(i) ২০- ৰ পৰা ৩০ নিযুত।

(ii) ৪০- ৰ পৰা ৫০ নিযুত।

(iii) ৭০- ৰ পৰা ৮০ নিযুত।

(iv) ৯০- ৰ পৰা ১০০ নিযুত।

উত্তৰঃ (iv) ৯০- ৰ পৰা ১০০ নিযুত।

(ঙ) আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানকৈ কেইটা বৃহৎ উদ্যোগ অঞ্চল চিনাক্ত কৰিব পাৰি—

(i) আঠটা।

(ii) পাঁচটা।

(iii) তিনিটা।

(iv) চাৰিটা।

উত্তৰঃ (iii) তিনিটা।

(চ) আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতবৰ্ষতকৈ কেই গুণ ডাঙৰ—

(i) তিনিগুণ।

(ii) দুগুণ।

(iii) চাৰিগুণ।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) তিনিগুণ।

(ছ) বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ বছৰি জনমূৰি ৰাষ্ট্ৰীয় আয় কিমান—

(i) ২৩,০০০ ডলাৰ।

(ii) ৩৪,০০০ ডলাৰ।

(iii) ৩৮,০০০ ডলাৰ।

(iv) ৪৭,০০০ ডলাৰ।

উত্তৰঃ (iii) ৩৮,০০০ ডলাৰ।

(জ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনটো অঞ্চল কৃষি কাৰ্যৰ বাবে উপযোগী—

(i) আপেলিছিয়ান উচ্চভূমি অঞ্চল।

(ii) ৰকি পাৰ্বত্য অঞ্চল।

(iii) মধ্য সমভূমি অঞ্চল।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) মধ্য সমভূমি অঞ্চল।

(ঝ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২০০০ চনৰ জনসংখ্যা কিমান—

(i) প্ৰায় ২৫০ নিযুত।

(ii) প্ৰায় ৩৪০ নিযুত।

(iii) প্ৰায় ১৬৯ নিযুত।

(iii) প্ৰায় ১৩৪ নিযুত।

উত্তৰঃ (i) প্ৰায় ২৫০ নিযুত।

(ঞ) পিটাছবাৰ্গৰ কেন্দ্ৰ কৰি কিমান কিল’মিটাৰ ব্যাসৰ্ধৰ ভিতৰত অৱস্থিত—

(i) ২৩৭

(ii) ১৩৫

(iii) ২৬৬

(iv) ১২০

উত্তৰঃ (iv) ১২০

২। অতি চমু প্রশ্নৰ উত্তৰঃ

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰক কেইটা প্ৰাকৃতিক বিভাগত ভাগ কৰা হয়?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰক তিনিটা প্ৰাকৃতিক বিভাগত ভাগ কৰা হয়।

(খ) কিমান চনত নিউ ইংলেণ্ডৰ ৰোড আইলেণ্ডত প্ৰথম কপাহী কাপোৰৰ কাৰখানা স্থাপিত হৈছিল?

উত্তৰঃ ১৭৯০ চনতে নিউ ইংলেণ্ডৰ ৰোড আইলেণ্ডত প্ৰথম কপাহী কাপোৰৰ কাৰখানা স্থাপিত হৈছিল।

(গ) যুক্তৰাষ্ট্ৰৰ মুঠ জনসংখ্যাৰ শতকৰা কিমান জন মানুহ নগৰবাসী?

উত্তৰঃ যুক্তৰাষ্ট্ৰৰ মুঠ জনসংখ্যাৰ শতকৰা ৭৬ জন মানুহ নগৰবাসী।

(ঙ) কোনখন ৰাষ্ট্ৰ বিশ্বৰ উন্নত দেশসমূহৰ অন্যতম?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ উন্নত দেশসমূহৰ অন্যতম।

(চ) কিমান চনত আমেৰিকা যুক্তৰাষ্ট্ৰ বৃটিছ অধীনৰ পৰা মুক্তি পাইছিল?

উত্তৰঃ ১৭৭৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ বৃটিছ অধীনৰ পৰা মুক্তি পাইছিল।

(ছ) আমেৰিকা যুক্তৰাষ্ট্ৰ কোনখন মহাদেশত অৱস্থিত?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত।

(জ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী কি?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী কলোম্বিয়া জিলাৰ ৱাশ্বিংটন ডি.চি.।

(ঝ) আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ কেইনম্বৰ বৃহৎ দেশ?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ চতুৰ্থ বৃহৎ দেশ।

(ঞ) মধ্য সমভূমি আৰু কৰ্ডিলেৰা অঞ্চলত জনসংখ্যা ঘনত্ব কিমান?

উত্তৰঃ মধ্য সমভূমি আৰু কৰ্ডিলেৰা অঞ্চলত জনসংখ্যা ঘনত্ব ১৫ জন।

(ট) ঘেঁহু আৰু বাৰ্লি উৎপাদনত কেই নম্বৰ স্থান অধিকাৰ কৰিছে?

উত্তৰঃ ঘেঁহু আৰু বাৰ্লি উৎপাদনত দ্বিতীয় স্থান অধিকাৰ কৰিছে।

(ঠ) মধ্য সমভূমি অঞ্চলটোক কেইটা ভাগত ভগাব পাৰি?

উত্তৰঃ মধ্য সমভূমি অঞ্চলটোক চাৰিটা ভাগত ভগাব পাৰি।

(ড) মধ্য সমভূমি অঞ্চলটোৰ ভাগ চাৰিটা কি কি?

উত্তৰঃ মধ্য সমভূমি অঞ্চলটোৰ ভাগ চাৰিটা হৈছে—

(i) উচ্চ সমভূমি।

(ii) বৃহৎ সৰোবৰ অঞ্চল।

(iii) মিছিছিপ সমভূমি। আৰু

(iv) মেক্সিকো উপকূলীয় সমভূমি।

(ঢ) যুক্তৰাষ্ট্ৰৰ কৃষিৰ প্ৰধান বৈশিষ্ট্য কি?

উত্তৰঃ যুক্তৰাষ্ট্ৰৰ কৃষিৰ প্ৰধান বৈশিষ্ট্য হ’ল কৃষিবলয়সমূহ।

(ণ) পৃথিৱীৰ বিখ্যাত নিয়াগাৰা জলপ্ৰপাত ক’ত অৱস্থিত?

উত্তৰঃ পৃথিৱীৰ বিখ্যাত নিয়াগাৰা জলপ্ৰপাত আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ উত্তৰ সীমাত থকা ইৰি হ্ৰদৰ কাষেৰে অৱস্থিত।

(ত) আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতবৰ্ষতকৈ কেই গুণ ডাঙৰ?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতবৰ্ষতকৈ তিনি গুণ ডাঙৰ।

(থ) কোন অঞ্চলত দেশৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়?

উত্তৰঃ আপেলেছিয়ান উচ্চভূমি অঞ্চলত দেশৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়।

(দ) কোনটো অঞ্চলৰ কৃষি কাৰ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে উপযোগী?

উত্তৰঃ মধ্য সমভূমি অঞ্চলৰ কৃষি কাৰ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে উপযোগী।

(ধ) আমেৰিকা যুক্তৰাষ্ট্ৰই মাকৈ, ধপাত আৰু কপাহ উৎপাদনত কেই নম্বৰ স্থান অধিকাৰ কৰিছে?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰই মাকৈ, ধপাত আৰু কপাহ উৎপাদনত প্ৰথম স্থান অধিকাৰ কৰিছে।

(ন) পৃথিৱীৰ বৃহত্তম ৰবৰ উদ্যোগ কেন্দ্ৰ কি?

উত্তৰঃ পৃথিৱীৰ বৃহত্তম ৰবৰ উদ্যোগ কেন্দ্ৰ হ’ল আৰকন।

২। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থান আৰু ভৌগোলিক বৈশিষ্ট্য চমুকৈ লিখা।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী কলোম্বিয়া জিলাৰ ৱাশ্বিংটন ডি. চি.। উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত এই দেশখনৰ উত্তৰে কানাডা, পূবে আটলাণ্টিক মহাসাগৰ, দক্ষিণে মেক্সিকো উপসাগৰ আৰু মেক্সিকো দেশ, আৰু পশ্চিমে আছে প্ৰশান্ত মহাসাগৰ। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল ভূখণ্ড ২৫° উত্তৰৰ পৰা ৪৩° উত্তৰ অক্ষাংশ আৰু ৬৬° পশ্চিমৰ পৰা ১২৫° পশ্চিম দ্ৰাঘিমাংশলৈকে বিস্তৃত। সেয়ে এই দেশ সম্পূৰ্ণৰূপে নাতিশীতোষ্ণ জলবায়ুৰ অন্তৰ্গত। ইয়াৰ মাটিকালি ৯৬ লাখ বৰ্গ কিলোমিটাৰ, অৰ্থাৎ পৃথিৱীৰ মাটিকালিৰ ৬.৩৭ শতাংশ। জনসংখ্যাৰ ক্ষেত্ৰত ইয়াৰ স্থান তৃতীয়। ২০০৭ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি ইয়াৰ মুঠ জনসংখ্যা ৩০২ নিযুত। পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৪.৬ শতাংশ লোক আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰে।

৩। আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰাকৃতিক বিভাগত ভাগ কৰা। প্ৰতিটো বিভাগৰে এটি চমু আভাস দিয়া।

উত্তৰঃ ভূ-প্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰাধনকৈ তিনিটা প্ৰাকৃতিক বিভাগত ভগাব পাৰি। 

সেই ভাগকেইটা হ’ল—

(ক) আপেলেছিয়ান উচ্চভূমি অঞ্চল।

(খ) মধ্য সমভূমি অঞ্চল।

(গ) ৰকি পাৰ্বত্য অঞ্চল বা কৰ্ডিলেৰা অঞ্চল।

আপেলেছিয়ান উচ্চভূমি অঞ্চলটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশত আটলাণ্টিক উপকূলৰ প্ৰায় সমান্তৰালকৈ বিস্তৃত উচ্চভূমি খণ্ডকে আপেলেছিয়ান উচ্চভূমি বোলা হয়। দৰাচলতে এই ভূখণ্ডৰ বেছিভাগেই আপেলেছিয়ান পৰ্বতশ্ৰেণীয়ে আগুৰি আছে। আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ থূলমূলকৈ উত্তৰে হাডছন উপত্যকা আৰু ইৰি-অ’ন্টাৰিও হ্ৰদৰ পৰা দক্ষিণে এলাবামালৈকে বিস্তৃত। এই ভূখণ্ড পৰ্বত-পাহাৰ, মালভূমি, সমভূমি-উপত্যকা আদিৰে গঠিত বাবে ইয়াৰ ভূ-প্রকৃতি জটিল। ইয়াৰ ভিতৰত পশ্চিমৰ এলিঘেনি পৰ্বতশ্ৰেণী, দক্ষিণ-পশ্চিমৰ কাম্বাৰলেণ্ড মালভূমি, পূবৰ উপকূলীয় সমভূমিয়েই প্ৰধান। এই অঞ্চলৰ পৰ্বত-পাহাৰ আৰু মালভূমিৰ মাজেৰে অসংখ্য সৰু-ডাঙৰ নদী বৈ গৈছে। ইয়াৰ ভিতৰত অ’হিও, টেনিছি, হাডছন আৰু এলাবামা নদীয়ে প্ৰধান। আপেলেছিয়ান উচ্চভূমি অঞ্চলটো খনিজ সম্পদত চহকী, সেয়ে শিল্প-উদ্যোগৰ পৰিমাণ বেছি আৰু যাতায়ত ব্যবস্থা উন্নত।

আপেলেছিয়ান উচ্চভূমি আৰু ৰকি পৰ্বতশ্ৰেণী মাজত উত্তৰা-দক্ষিণা আৰু পূবা-পশ্চিমাকৈ বিস্তৃত সমভূমি অঞ্চলটোক মধ্য সমভূমি বুলি জনা যায়। ই উত্তৰে বৃহৎ সৰোবৰ অঞ্চলৰ পৰা দক্ষিণে মেক্সিকো উপকূললৈ বিস্তৃত। এই সমভূমি অঞ্চলটো মূলতঃ মিছিছিপি-মিছৌৰি অৱবাহিকাৰ অন্তৰ্গত। অঞ্চলটোৰ মাজেৰে প্ৰৱাহিত প্ৰধান নদী মিছিছিপ আৰু মিছৌৰি আৰু ইয়াৰ উপনৈসমূহে সমগ্ৰ অঞ্চলটোক এক সাৰুৱা পলসুৱা সমতলভূমিত পৰিণত কৰিছে। সেয়ে যুক্তৰাষ্ট্ৰৰ এই অঞ্চলটি কৃষিকাৰ্যৰ বাবে অতি উপযোগী। সাধাৰণতে মধ্য সমভূমি অঞ্চলটোক চাৰি ভাগত ভগাব পাৰি— উচ্চ সমভূমি, বৃহৎ সৰোবৰ অঞ্চল, মিছিছিপ সমভূমি আৰু মেক্সিকো উপকূলীয় সমভূমি।

পূবে উচ্চ সমভূমি আৰু পশ্চিমে প্ৰশান্ত উপকূলৰ মাজেৰে পৰ্বত-পাহাৰ, মালভূমি, উপত্যকা, হ্ৰদ আদিৰে গঠিত ভূখণ্ডটোক কৰ্ডিলেৰা অঞ্চল বোলা হয়। এই অঞ্চলটো উত্তৰা-দক্ষিণাকৈ বিস্তৃত। মূলতঃ ৰকি পৰ্বতমালাক কেন্দ্ৰ কৰি গঢ়ি উঠা এই অঞ্চলটোৰ গঠন প্ৰক্ৰিয়া আৰু ভূ-প্ৰকৃতি অতি জটিল। এই অঞ্চলৰ একেবাৰে পূবত উত্তৰা-দক্ষিণাকৈ থকা উচ্চ অংশই হ’ল ৰকি পৰ্বতশ্ৰেণী। ই হিমালয় পৰ্বতৰ দৰে নবীন ভঙ্গিল পৰ্বত। ৰকি পৰ্বতৰ শৃংগবোৰৰ উচ্চতা ঠায়ে ঠায়ে ৪,২০০ মিতাৰতকৈও অধিক। কৰ্ডিলেৰা অঞ্চলৰ পশ্চিম অংশত থকা পৰ্বতসমূহ হ’ল চিয়েৰা নেভাডা, কাস্কেড আৰু ক’ষ্টৰেঞ্জ বা উপকূলীয় পৰ্বতমালা। কৰ্ডিলেৰা অঞ্চলটোৰ পশ্চিম অংশত থকা পৰ্বতশ্ৰেণীৰ মাজত কেইবাটাও সাৰুৱা উপত্যকা আছে। ইয়াৰ ভিতৰত পিউগেট ছাউণ্ড, উইলামেণ্ট আৰু কেলিফোৰ্নিয়া উপত্যকা প্ৰধান।

৪। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পৰ্কে মানচিত্ৰৰ সহায়ত আলোচনা কৰা।

উত্তৰঃ ১৭৭৬ চনত ১৩ খন ৰাজ্য একত্ৰিত হৈ স্বাধীনতা ঘোষণা কৰাৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা আছিল কেৱল মাত্ৰ ৩ নিযুত। কিন্তু স্বাধীনতাৰ পাছৰে পৰা প্ৰধানকৈ ইউৰোপীয় দেশসমূহৰ পৰা হোৱা প্ৰবজন আৰু লগতে বেলেগ বেলেগ সময়ত ৩৭ খন ৰাজ্যই যুক্তৰাষ্ট্ৰৰ লগত লগ লগাৰ ফলত ইয়াৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে। বৰ্তমান ২০০৭ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি ৩০২ নিযুত জনসংখ্যাৰে যুক্তৰাষ্ট্ৰ হৈছে পৃথিৱীৰ তৃতীয় বৃহৎ জনসংখ্যাৰ দেশ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি

লোকপিয়ল বর্ষজনসংখ্যা (নিযুত হিচাপত)
১৭৭৬
১৮০০
১৮৫০২৩
১৯০০৭৬
১৯৫০১৫১
১৯৭০২০২
২০০০২৮১
২০০৭৩০২

সম্প্ৰতি জনসংখ্যাৰ প্রাকৃতিক বৃদ্ধিৰ লগতে প্ৰব্ৰজনো হ্ৰাস পোৱাৰ ফলত দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ নিম্নগামী হৈছে। ২০০৭ চনৰ তথ্য অনুসৰি সমগ্ৰ পৃথিৱীৰ জনসংখ্যা প্ৰাকৃতিক বৃদ্ধিৰ বাৰ্ষিক গড় হাৰ ১.২০ শতাংশৰ বিপৰীতে যুক্তৰাষ্ট্ৰৰ বৃদ্ধিৰ হাৰ মাত্ৰ ০.৬০ শতাংশ। প্ৰাকৃতিক অৱস্থা, যোগাযোগৰ ব্যৱস্থা আৰু উন্নয়ন প্ৰক্ৰিয়াৰ তাৰতম্যৰ বাবে পৃথিৱীৰ অন্যান্য অঞ্চলৰ দৰে যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ বিতৰণো সুষম নহয়। সামগ্ৰিকভাৱে দেশখনৰ পূবত থকা আপেলেছিয়ান উচ্চভূমি আৰু আটলাণ্টিক উপকূলীয় অঞ্চলৰ জনবসতি ঘন আৰু ইয়াৰ পশ্চিমে থকা মধ্যভাগৰ সমভূমি আৰু কৰ্ডিলেৰা অঞ্চলত বসতি অতি সেৰেঙা। কিন্তু পশ্চিম প্ৰান্তত থকা কেলিফোৰ্নিয়া উপকূল অঞ্চলত জনবসতি কিছু ঘন। মিচিগান ৰাজ্যৰ দক্ষিণ আৰু পূব অংশত থকা দেশখনৰ মাত্ৰ এক চতুৰ্থাংশ মাটিকালিৰ অঞ্চলটোতে দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশ বাস কৰে।

চিত্ৰ-৪.০৩ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ বিতৰণ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ গড় ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩২ জনৰ বিপৰীতে এই অঞ্চলত ঘনত্ব প্ৰায় ৮৫ জন। এই অঞ্চলত থকা মাছাছুছেটছ, নিউ জাৰ্ছি আৰু ৰড আইলেণ্ড ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব তিনিশৰো অধিক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটন ডি. চি. থকা কলাম্বিয়া জিলাৰ জনসংখ্যাৰ ঘনত্ব প্ৰায় ৩৬০০ জন। আনহাতে পশ্চিমত থকা মধ্য সমভূমি আৰু কৰ্ডিলেৰা অঞ্চলত জনসংখ্যাৰ ঘনত্ব মাত্ৰ ১৫ জন। এই অঞ্চলত থকা মন্টানা, নেভাডা, উত্তৰ ডাকোটা আৰু ৱায়োমিং ৰাজ্যত জনসংখ্যাৰ ঘনত্ব ৫ জনৰো কম। ওখোৰা-মোখোৰা পাৰ্বত্য ভূমি আৰু বৰষুণৰ অভাৱৰ বাবে এই সমগ্ৰ অঞ্চলটো জনবসতি আৰু আর্থিক প্ৰগতিৰ বাবে একেবাৰে উপযোগী নহয়। খনিজ সম্পদক কেন্দ্ৰ কৰি কৰ্ডিলেৰা অঞ্চলৰ কিছুমান ঠাইত জনবসতি গঢ়ি উঠিছে। প্ৰধানতঃ উদ্যোগিক উন্নয়ণৰ বাবে ইয়াৰ জনসংখ্যাৰ তিনি-চতুৰ্থাংশতকৈ অধিক নগৰবাসী। 

৫। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত কৃষিৰ ভূমিকা কেনে চমুকৈ লিখা।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত কৃষি উৎপাদনৰ এক উল্লেখযোগ্য স্থান আছে। সমগ্ৰ পৃথিৱীত ই মাকৈ, কপাহ আৰু ধপাত উৎপাদনত প্ৰথম। ঘেঁহু আৰু বাৰ্লি উৎপাদনত দ্বিতীয় স্থান অধিকাৰ কৰিছে। ইয়াৰ মাকৈ আৰু ঘেঁহু উৎপাদনৰ পৰিমাণ যথাক্ৰমে পৃথিৱীৰ মুঠ উৎপাদনৰ ৪৬ শতাংশ আৰু ১৮ শতাংশ। দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ৰ কৃষিয়ে যোগান ধৰে ২ শতাংশ, উদ্যোগে ৩০ শতাংশ আৰু বাণিজ্য, যোগাযোগ, পৰিবহন আৰু অন্যান্য সেৱাই যোগান ধৰে বাকী ৬৮ শতাংশ। দেশৰ মুঠ মাটিকালিৰ প্ৰায় এক চতুৰ্থাংশ স্থায়ী কৃষিৰ অন্তৰ্গত। দেশৰ ১৫-৬৪ বছৰ বয়সত মুঠ জনসংখ্যাৰ ৭৯ শতাংশই বিভিন্ন অৰ্থনৈতিক কাৰ্যৰ লগত জড়িত। দেশখনৰ যদিও এক নগণ্য সংখ্যক লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল, তেওঁলোকৰ গড় জনমূৰি উৎপাদিকাৰ পৰিমাণ অধিক।

৬৷ আমেৰিকা যুক্তৰাষ্ট্রৰ প্রধান উদ্যোগ অঞ্চলকেইটাৰ নাম লিখা আৰু মানচিত্রত দেখুওৱা। তাৰে এটা অঞ্চলৰ বিতং বিৱৰণ দিয়া।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্র প্রধান উদ্যোগ অঞ্চলকেইটা হৈছে—

(ক) উত্তৰ–পূৱ উদ্যোগ অঞ্চল।

(খ) দক্ষিণ উদ্যোগিক অঞ্চল।

(গ) প্রশান্ত উপকূলীয় উদ্যোগ অঞ্চল। 

উত্তৰ–পূৱ উদ্যোগ অঞ্চলক পুনৰ পাঁচটা প্রধান উদ্যোগ কেন্দ্র হিচাপে চিহ্নিত কৰা হৈছে। 

সেয়া হৈছে—

(i) পিটছবার্গ হুইলিং–ক্লিভলেণ্ড উদ্যোগ কেন্দ্র। 

(ii) নিউয়ৰ্ক–ফিলাডেলফিয়া–বাল্টিমােৰ উদ্যোগ কেন্দ্র। 

(iii) দক্ষিণ নিউ ইংলেণ্ড উদ্যোগ কেন্দ্র। 

(iv) ডেট্রইট উদ্যোগ কেন্দ্র। 

(v) দক্ষিণ মিছিগান উদ্যোগিক কেন্দ্র। 

আকৌ দক্ষিণ উদ্যোগিক অঞ্চলক পুনৰ দুটা উদ্যোগিক কেন্দ্র হিচাপে। চিহ্নিত কৰা হৈছে—

(i) দক্ষিণ–পূর্ব উদ্যোগিক কেন্দ্র। আৰু 

(ii) দক্ষিণ–পশ্চিম উদ্যোগিক কেন্দ্র। 

তলৰ মানচিত্রত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদ্যোগিক অঞ্চলকেইটা দেখুওৱা হ’ল—

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদ্যোগক অঞ্চল

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ ঔদ্যোগিক অঞ্চলটোৰ বিষয়ে আলােচনা কৰা হ’ল– দক্ষিণৰ উদ্যোগিক অঞ্চলটো টেক্সাছৰ পৰা পূৱে আটলান্টিক উপকূলৰ উত্তৰ কেৰােলিনালৈকে বিস্তৃত হৈ আছে। এই অঞ্চলত বিভিন্ন ধৰণৰ উদ্যোগ গঢ় লৈ উঠিছে। জলবিদ্যুৎ শক্তি, কয়লা, পেট্রলিয়াম, আৰু অন্যান্য খনিজ পদার্থৰ আকৰ, আপেলেছিয়ান অঞ্চলৰ বনজ সম্পদ আৰু কৃষিজাত সামগ্রী — কপাহ, ধপাত, কুঁহিয়াৰ আদিৰ ওপৰত ভিত্তি কৰি বহুতাে সৰু–ডাঙৰ উদ্যোগে গঢ়ি উঠিছে। দক্ষিণৰ উদ্যোগিক অঞ্চলক পুনৰ দক্ষিণ–পূৱ উদ্যোগিক কেন্দ্ৰ আৰু দক্ষিণ–পশ্চিম উদ্যোগিক কেন্দ্র হিচাপে চিনাক্ত কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্রৰ দক্ষিণ–পশ্চিম উদ্যোগিক কেন্দ্ৰত জাহাজ নির্মাণ শিল্পকে ধৰি বহুতাে ডাঙৰ ডাঙৰ শিল্পদ্যোগ আছে।

৭। চমুটোকা লিখাঃ

(ক) আপেলেছিয়ান উচ্চভূমিৰ ভূ-প্ৰকৃতি। 

উত্তৰঃ আপেলেছিয়ান উচ্চভূমিৰ ভূখণ্ড পৰ্বত-পাহাৰ, মালভূমি, সমভূমি-উপত্যকা আদিৰে গঠিত বাবে ইয়াৰ ভূ-প্ৰকৃতি জটিল। আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ থূলমূলকৈ উত্তৰে হাডছন উপত্যকা আৰু ইৰি-অ’ন্টাৰিও হ্ৰদৰ পৰা দক্ষিণে এলাবামালৈকে বিস্তৃত। ইয়াৰ ভিতৰত পশ্চিমৰ এলিঘেনি পৰ্বতশ্ৰেণী, দক্ষিণ-পশ্চিমৰ কাম্বাৰলেণ্ড মালভূমি, পূবৰ আপেলেছিয়ান পৰ্বতশ্ৰেণী আৰু উপত্যকা, দক্ষিণৰ ব্লুৰিজ পৰ্বত আৰু পূবৰ উপকূলীয় সমভূমিয়েই প্ৰধান। এই অঞ্চলতে দেশৰ ভিতৰত আটাইতকৈ বেছি পৰিমাণে বৰষুণ হয়। এই অঞ্চলৰ পৰ্বত-পাহাৰ আৰু মালভূমিৰ মাজেৰে অসংখ্য সৰু-ডাঙৰ নদী বৈ প্ৰধান। এই উপকূলীয় সমভূমি অঞ্চলৰ উত্তৰ অংশ অতি ঠেক আৰু দক্ষিণ অংশ কিছু বহল।

(খ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বৈশিষ্ট্য। 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত উদ্যোগৰ প্ৰাধান্য অধিক আৰু প্ৰায় সমগ্ৰ দেশখনেই উদ্যোগপ্ৰধান। যুক্তৰাষ্ট্ৰৰ মুঠ ৰাষ্ট্ৰীয় উৎপাদন পৃথিৱীৰ ভিতৰতে সৰ্বাধিক আৰু সেয়ে এই দেশখনে বিশ্বৰ ভিতৰত বৃহত্তম অৰ্থনৈতিক শক্তিৰূপে চিহ্নিত হৈছে। দেশখনৰ মুঠ জনসংখ্যাৰ ৫ শতাংশ লোকে কৃষিকাৰ্যত নিয়োজিত আৰু বাকী প্ৰায় ৮০ শতাংশ লোক বিভিন্ন অৰ্থনৈতিক কাৰ্যৰ সৈতে জড়িত। দেশখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ৰ ২ শতাংশ কৃষিয়ে যোগান ধৰে, ৩০ শতাংশ উদ্যোগ খণ্ডই যোগান ধৰে আৰু বাকী ৬৮ শতাংশ ব্যৱসায়-বাণিজ্য, যোগাযোগ, পৰিবহন আৰু অন্যান্য সেয়াই যোগান ধৰে। দেশখনৰ প্ৰায়ভাগ লোক বিভিন্ন অৰ্থনৈতিক খণ্ড যেনে উদ্যোগ, বাণিজ্য, কৃষিৰ লগতে মাছ ধৰা, কাঠ ফলা, পশুপালন কৰা, খনিজ দ্ৰব্য উদঘাটন আদি কাৰ্যত নিয়োজিত হৈ থাকি মুঠ ৰাষ্ট্ৰীয় উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰে। বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ বছৰি জনমূৰি ৰাষ্ট্ৰীয় আয় হৈছে ৩৮,০০০ ডলাৰ। কৃষি খণ্ড আৰু প্ৰধানকৈ উদ্যোগ খণ্ডৰপৰা আমেৰিকা যুক্তৰাষ্ট্ৰই বহু দ্ৰব্য আন দেশলৈ ৰপ্তানি কৰে আৰু বৈদেশিক মুদ্ৰা আহৰণ কৰে।

(গ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত উপকূলীয় উদ্যোগ। 

উত্তৰঃ প্ৰশান্ত মহাসাগৰৰ উপকূলত অৱস্থিত ৱাশ্বিংটন, অৰিগন আৰু কেলিফোৰ্নিয়া ৰাজ্যক লৈ এই ঔদ্যোগিক অঞ্চলটো গঢ়ি উঠিছে। ই যুক্তৰাষ্ট্ৰৰ আটাইতকৈ সৰু আৰু নতুনকৈ গঢ়ি উঠা ঔদ্যোগিক অঞ্চল। দেশৰ প্ৰায় ১০ শতাংশ বনুৱাই এই অঞ্চলৰ উদ্যোগসমূহত কাম কৰে। এই অঞ্চলত থকা লছ এঞ্জেলেছ আৰু ছান ফ্ৰান্সিস্কো দেশৰ ভিতৰতে প্ৰধান দুটা উদ্যোগ কেন্দ্ৰ। জলবিদ্যুৎ শক্তি আৰু পেট্ৰ’লিয়াম ব্যৱহাৰ কৰি এই অঞ্চলত লো-তীখা, উৰাজাহাজ নিৰ্মাণ, কাগজ উৎপাদন, বিলাতী মদ উৎপাদন আদি শিল্প গঢ়ি উঠিছে। ইয়াৰ কেলিফোৰ্নিয়া অঞ্চলত গঢ়ি উঠা চিনেমা শিল্প পৃথিৱীৰ ভিতৰত বিখ্যাত।

(ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ সম্পদ। 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ খনিজ সম্পদত চহকী আৰু দেশখনৰ বিভিন্ন প্ৰান্তত ভিন্ন প্ৰকাৰৰ খনিজ সম্পদ পোৱা যায়। দেশখনৰ উত্তৰ-পূৱ উদ্যোগ অঞ্চল কয়লা, লো, পেট্ৰ’লিয়াম আদি খনিজ সম্পদৰ ভঁৰাল বুলি ক’ব পাৰি। দেশখনৰ উত্তৰ আপেলেছিয়ান উচ্চভূমি অঞ্চলত কয়লা খনি আছে আৰু পেঞ্চিলভেনিয়াৰ লগতে অ’হিওক কেন্দ্ৰ কৰি কয়লা ভিত্তিক উদ্যোগ গঢ়ি উঠিছে। দক্ষিণ উদ্যোগিক অঞ্চলত সহজলভ্য খনিজ পদাৰ্থসমূহ হৈছে কয়লা, পেট্ৰ’লিয়াম, লো, প্ৰাকৃতিক গেছ আদি আৰু এইবোৰৰ ওপৰত ভিত্তি কৰি লো-তীখা উদ্যোগ, ৰেল ইঞ্জিন আৰু ডবা নিৰ্মাণ উদ্যোগ, বিভিন্ন যন্ত্ৰপাতি নিৰ্মাণ আৰু মটৰগাড়ী নিৰ্মাণ উদ্যোগ গঢ়ি উঠিছে। যুক্তৰাষ্ট্ৰৰ কৰ্ডিলেৰা বা ৰকি পাৰ্বত্য অঞ্চলটো কয়লা, পেট্ৰ’লিয়াম, সোন, ৰূপ, তাম আদি খনিজ সম্পদত চহকী।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top