অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা Class 10 Elective Geography Important Notes

অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা Class 10 Elective Geography Important Notes to each chapter are provided in the list so that you can easily browse through different chapters অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা Class 10 Elective Geography SEBA Important Notes and select need one.

Class 10 Elective Geography Important Notes অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা

Join Telegram channel

Class 10 Elective Geography Important Notes অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Elective Geography Important Notes অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা These solutions are part of SCERT All Subject Solutions. Class 10 Elective Geography Important Notes অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা Here we have given Class 10 Elective Geography Important Notes অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা Solutions for All Subjects, You can practice these here.

অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা

Chapter – 3

ELECTIVE GEOGRAPHY

IMPORTANT NOTES

১। শুদ্ধ উত্তৰটো বাচি উলিওৱা।

(ক) পৃথিৱীত মহাদেশ কেইখন—

(i) ছয়খন।

(ii) সাতখন।

(iii) তিনিখন।

(iv) চাৰিখন।

উত্তৰঃ (ii) সাতখন।

(খ) এচিয়া মহাদেশখন স্থলভাগৰ প্ৰায় কিমান শতাংশ আৱৰি আছে—

(i) ২০ শতাংশ।

(ii) ২৫ শতাংশ।

(iii) ৩০ শতাংশ।

(iv) ৪০ শতাংশ।

উত্তৰঃ (iii) ৩০ শতাংশ।

(গ) এচিয়া মহাদেশখনৰ মাটিকালি কিমান নিযুত বৰ্গ কিল’মিটাৰ—

(i) ৩৩.৩ নিযুত বৰ্গ কিল’মিটাৰ।

(ii) ৪৪.৪ নিযুত বৰ্গ কিল’মিটাৰ।

(iii) ৫৫.৫ নিযুত বৰ্গ কিল’মিটাৰ।

(iv) ২২.২ নিযুত বৰ্গ কিল’মিটাৰ।

উত্তৰঃ (ii) ৪৪.৪ নিযুত বৰ্গ কিল’মিটাৰ।

(ঘ) ভাৰতবৰ্ষ কোনটো অঞ্চলৰ অন্তৰ্গত—

(i) মৌচুমী অঞ্চলৰ।

(ii) নিৰক্ষীয় অঞ্চল।

(iii) শীতল মেৰু অঞ্চল।

(iv) ভূমধ্য সাগৰীয় অঞ্চল।

উত্তৰঃ (i) মৌচুমী অঞ্চলৰ।

(ঙ) মানুহৰ প্ৰধান জীৱিকা গ্ৰীষ্মকালীন—

(i) কৃষি।

(ii) পশুপালন।

(iii) ওপৰৰ দুয়োটা।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) পশুপালন।

(চ) ভূ-পৃষ্ঠৰ কিমান শতাংশ পানীৰে আৱৰি আছে—

(i) ৭১ শতাংশ।

(ii) ২৯ শতাংশ।

(iii) ৪১ শতাংশ।

(iv) ৩৬ শতাংশ।

উত্তৰঃ (i) ৭১ শতাংশ।

(ছ) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কি—

(i) আফ্ৰিকা।

(ii) ইউৰোপ।

(iii) উত্তৰ আমেৰিকা।

(iv) দক্ষিণ আমেৰিকা।

উত্তৰঃ (i) আফ্ৰিকা।

(জ) কিমান নিযুত মাটিকালিৰে ছুডান মহাদেশখনৰ বৃহত্তম দেশ—

(i) ১.৫

(ii) ২.৫

(iii) ৩.৫

(iv) ৪.৮

উত্তৰঃ (ii) ২.৫

(ঝ) ইউৰোপ মহাদেশৰ লোকসকল মূলতঃ কোন গোষ্ঠীৰ—

(i) মংগোলীয়।

(ii) কাৰ্বি।

(iii) ককেছীয়া।

(iv) গাৰো।

উত্তৰঃ (iii) ককেছীয়া।

(ঞ) বৰ্তমান আফ্ৰিকা মহাদেশত মুঠতে কিমান খন স্বাধীন দেশ আছে—

(i) ২৩ 

(ii) ৪৬

(iii) ৩০

(iv) ৫২

উত্তৰঃ (ঘ) ৫২

২। অতি চমু প্রশ্নৰ উত্তৰঃ

(ক) সমধর্মী অঞ্চল কাক বোলে। উদাহৰণ দিয়া।

উত্তৰঃ সমধর্মী অঞ্চল নিৰ্বাচিত উপাদানবোৰৰ সাদৃশ্যৰ ভিত্তিত চিনাক্ত কৰা হয়। উদাহৰণ হিচাপে প্ৰাকৃতিক অঞ্চলৰ কথাকে ক’ব পাৰি। প্ৰাকৃতিক অঞ্চল মাটি, জলবায়ু, উদ্ভিদ আদি প্ৰাকৃতিক উপাদানৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰি চিনাক্ত কৰা হয়।

(খ) ঝুম খেতি কাক বোলা হয়।

উত্তৰঃ পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি ঢাপ কৰি কৰা খেতিকে ঝুম খেতি বোলে।

(গ) পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন? 

উত্তৰঃ পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখন হৈছে এছিয়া মহাদেশ।

(ঘ) পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন?

উত্তৰঃ পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখন হৈছে ওছেনিয়াখন মহাদেশ।

(ঙ) অঞ্চল কি?

উত্তৰঃ অঞ্চল হৈছে আঞ্চলিক ভূগোল অধ্যয়নৰ ভিত্তি আৰু পৃথিৱীৰ উপৰিভাগৰ এক ক্ষুদ্ৰ অংশ বা ঠাই।

(চ) এচিয়া মহাদেশ ক’ত অৱস্থিত?

উত্তৰঃ এচিয়া মহাদেশ উত্তৰ গোলাৰ্ধত অৱস্থিত।

(ছ) এচিয়া মহাদেশখনৰ মাটিকালি কিমান?

উত্তৰঃ এচিয়া মহাদেশখনৰ মাটিকালি ৪৪.৪ নিযুত বৰ্গ কিল’মিটাৰ।

(জ) উত্তৰ আমেৰিকা মহাদেশখনৰ ভূ-প্ৰকৃতিক চাৰিটা ভাগ কি কি?

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশখনৰ ভূ-প্ৰকৃতিক চাৰিটা ভাগ হ’ল—

(i) ৰকি পাৰ্বত্য অঞ্চল।

(ii) বিশাল উচ্চ সমভূমি অঞ্চল।

(iii) আপেলিছিয়ান উচ্চভূমি অঞ্চল। আৰু 

(iv) উপকূলীয় সমতল ভূমি অঞ্চল।

(ঝ) কাংগো নদীৰ অৱবাহিকাত বসবাস কৰা লোকসকলক কি নামেৰে জনা যায়?

উত্তৰঃ কাংগো নদীৰ অৱবাহিকাত বসবাস কৰা আদিবাসী লোকসকলক পিগমি নামেৰে জনা যায়।

(ঞ) শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চলৰ কোমল কাঠৰ অৰণ্য ভূমিক কি বোলা হয়?

উত্তৰঃ শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চলৰ কোমল কাঠৰ অৰণ্য ভূমিক টাইগা বোলা হয়।

(ট) মানুহৰ প্ৰধান জীৱিকা গ্ৰীষ্মকালীন কি?

উত্তৰঃ মানুহৰ প্ৰধান জীৱিকা গ্ৰীষ্মকালীন পশুপালন।

(ঠ) ঘাঁহনি অঞ্চলত বসবাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি?

উত্তৰঃ ঘাঁহনি অঞ্চলত বসবাস কৰা লোকসকলৰ প্ৰধান বৃত্তি হৈছে পশুপালন।

(ড) প্ৰাকৃতিক অঞ্চল কাক বোলে?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ যিকোনো অংশৰ ভূ-অৱয়ব, জলবায়ু, প্ৰাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্ৰায় একে ধৰণৰ, সেইবোৰক একেলগে থূলমূলকৈ প্ৰাকৃতিক অঞ্চল বোলে।

(ঢ) মৌচুমী অঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি কি?

উত্তৰঃ মৌচুমী অঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি হৈছে কৃষি।

(ণ) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন?

উত্তৰঃ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ হৈছে আফ্ৰিকা।

৩। অঞ্চল বুলিলে কি বুজা? ভূগোল অধ্যয়নত অঞ্চলৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা আগবঢ়োৱা।

উত্তৰঃ অঞ্চল হৈছে আঞ্চলিক ভূগোল অধ্যয়নৰ ভিত্তি আৰু পৃথিৱীৰ উপৰিভাগৰ এক ক্ষুদ্ৰ অংশ বা ঠাই। ভূগোল অধ্যয়নত অঞ্চলৰ অধিক গুৰুত্ব আছে। ভূগোলবিদসকলে নিৰ্দিষ্ট কিছুমান উদ্দেশ্যৰ ভিত্তিত পৃথিৱীৰ উপৰিভাগক অধ্যয়নৰ সুবিধাৰ্থে ভাগ কৰে। ভৌগোলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত আৰু উপাদানবোৰৰ ক্ৰিয়াত্মক সম্পৰ্কৰ ভিত্তিত এই অঞ্চলবোৰ ভাগ কৰা হয়।

আঞ্চলিক ভূগোল পৃথিৱীৰ একোটা অঞ্চল, ঠাই বা দেশ-মহাদেশৰ সামগ্ৰিক ভৌগোলিক চিত্ৰখন প্ৰতিফলিত কৰে। আঞ্চলিক ভূগোল অধ্যয়নে সংশ্লিষ্ট অঞ্চলটোৰ অন্তৰ্গত প্ৰাকৃতিক, সামাজিক, অৰ্থনৈতিক তথা যাতায়ত, পৰিবহন আদি ব্যৱস্থাৰ বিতং বিৱৰণ দাঙি ধৰে। পৃথিৱীৰ প্ৰতিটো অঞ্চলৰে বা প্ৰতিখন ঠাইৰে এক নিজা নিজা অস্তিত্ব আৰু সুকীয়া বৈশিষ্ট্য আছে। ভিন্ন প্ৰাকৃতিক পৰিৱেশৰ সম্পদৰ স্থিতি বড়ো গুণাগুণ বেলেগ বেলেগ হোৱা বাবে ইয়াৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা আর্থিক বিকাশো ভিন্ন হয়। সামাজিক পটভূমি, ৰাজনীতি, ভাৱ-ভাষা, পোছাক-পৰিচ্ছেদ, খাদ্যাভ্যাস আদিৰ ক্ষেত্ৰতো পৰিৱেশভেদে পাৰ্থক্য থাকে। সেয়ে পৃথিৱীৰ ভৌগোলিক বৈচিত্ৰ্যৰ বিষয়ে সঠিকভাৱে জানিবলৈ হ’লে ভূগোল অধ্যয়ণত অঞ্চলৰ প্ৰয়োজনীয়তা আছে।

৪। সহধর্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজত পাৰ্থক্য দাঙি ধৰা।

উত্তৰঃ সহধর্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজত পাৰ্থক্য আছে। 

সমধৰ্মী অঞ্চল ভৌগোলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত চিনাক্ত কৰা হয়। আনহাতে ক্ৰিয়াত্মক অঞ্চল ভৌগোলিক উপাদানবোৰৰ ক্ৰিয়াত্মক সম্পৰ্কৰ ভিত্তিত চিনাক্ত কৰা হয়।

সমধৰ্মী অঞ্চলৰ জৰিয়তে কোনো এক অঞ্চলৰ অন্তৰ্গত জলবায়ু, মাটি তথা উদ্ভিদ সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰি। আনহাতে ক্ৰিয়াত্মক অঞ্চলৰ জৰিয়তে অঞ্চলটোৰ আভ্যন্তৰীণ কাৰ্য তথা সকলো কাম-কাজৰ বিষয়ে বুজ ল’ব পাৰি। 

সমধৰ্মী অঞ্চল এক বহল পৰিসৰৰ অধ্যয়ন কিন্তু ক্ৰিয়াত্মক অঞ্চলৰ পৰিসীমা নিচেই কম হ’ব পাৰে। সাধাৰণতে নগৰ বা বজাৰ কেন্দ্ৰক কেন্দ্ৰ কৰি ক্ৰিয়াত্মক অঞ্চল চিহ্নিত কৰা হয়।

৫। পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলসমূহত বিৰাজ কৰা জলবায়ু আৰু উদ্ভিদ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলসমূহত বিৰাজ কৰা জলবায়ু আৰু উদ্ভিদ সম্পৰ্ক আলোচনা কৰা হ’ল—

(ক) নিৰক্ষীয় অঞ্চলৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ। সূৰ্যৰ ৰশ্মি প্ৰায় লম্বভাৱে পৰা এই অঞ্চলটোত দিন-ৰাতি আৰু গ্ৰীষ্ম আৰু শীতলকালৰ উত্তাপৰ তাৰতম্য তেনেই কম। প্ৰায় সমগ্ৰ নিৰক্ষীয় অঞ্চলতে চিৰ সেউজীয়া ডাঠ অৰণ্যেৰে ভৰা আৰু সৰু সৰু জোপোহা বনৰ লগতে নানাবিধ লতাজাতীয় উদ্ভিদ পোৱা যায়।

(খ) মৌচুমী অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য হ’ল ঋতু পৰিবৰ্তন— উষ্ণ আৰু আৰ্দ্ৰ গ্ৰীষ্মকাল আৰু ঠাণ্ডা আৰু শুকান শীতকাল। গ্ৰীষ্মকাল মাজৰ উত্তাপৰ পার্থক্য হ’ল ১৫° চেলচিয়াছ।ঋতু পৰিৱৰ্তনৰ লগে লগে বৰষুণৰ তাৰতম্য ঘটে কাৰণে এই অঞ্চলত পৰ্ণপাতী উদ্ভিদৰ প্ৰাধান্য বেছি। শীতকালত বৰষুণৰ অভাৱত এনে গছ-গছনিৰ পাত সৰে।

(গ) ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হ’ল উষ্ণ আৰু চুটি গ্ৰীষ্মকাল আৰু শুকান আৰু দীঘল শীতকাল। এই অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ তাৰতম্য বেছি। ক্ৰান্তীয় অঞ্চলৰ এনে ঘাঁহনিক ছাভানা বুলি জনাজাত।

(ঘ) ক্ৰান্তীয় উষ্ণ মেৰু অঞ্চলৰ জলবায়ু প্ৰায় সদায়েই উষ্ণ আৰু শুষ্ক। দিন আৰু ৰাতিৰ উষ্ণতাৰ পাৰ্থক্য বেছি। গ্ৰীষ্মকালত দিনৰ ভাগৰ উত্তাপ ৪৫° চেলচিয়াছলৈ বৃদ্ধি পায়। আনহাতে বৰষুণৰ পৰিমাণ তেনেই কম।বৰষুণৰ অভাৱত এনে মৰু অঞ্চলৰ কিছু অংশত কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ গজে। এই অঞ্চলৰ বহু অংশই বালিয়ে আৱৰি ৰাখে। অৱশ্যে মৰুভূমিৰ অত-ত’ত থকা মৰুদ্যানবোৰত কিছু পৰিমাণে খেজুৰ জাতীয় উদ্ভিদ জন্মে।

(ঙ) ভূমধ্য সাগৰীয় অঞ্চলৰ বৈশিষ্ট্য এয়ে যে ইয়াত গ্ৰীষ্মকাল উষ্ণ আৰু শুকান আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা। অৰ্থাৎ এই অঞ্চলত শীতকালিহে বৰষুণ হয়। ইয়াত গ্ৰীষ্মকাল কিছু দীঘল। চিৰ সেউজীয়া চুটি গছ-গছনি আৰু জোপোহা বননিয়েই এই অঞ্চলটোৰ প্ৰধান প্ৰাকৃতিক উদ্ভিদ।

(চ) মধ্য অক্ষাংশৰ মেৰু অঞ্চলৰ জলবায়ু গ্ৰীষ্মকাল আৰু শীতকালত বেলেগ বেলেগ হয়। গ্ৰীষ্মকাল আৰু শীতকালত উষ্ণতাৰ তাৰতম্য অধিক হয়। এই অঞ্চলত শীতকালি কিছু পৰিমাণে তুষাৰপাত হয়। এই অঞ্চলত গছ-গছনিৰ পৰিমাণ নিচেই কম আৰু বৰষুণৰ পৰিমাণ অতি কম হোৱা বাবে ঘাঁহজাতীয় উদ্ভিদ অতি কম পৰিমাণে হয়।

(ছ) মধ্য অক্ষাংশৰ নীতিশীতোষ্ণ অঞ্চলত শীতকাল অতি শুকান। বৃষ্টিপাতৰ তাৰতম্য অনুসৰি এই অঞ্চলৰ প্ৰাকৃতিক উদ্ভিদ বহু প্ৰকাৰৰ হোৱা দেখা যায়। অৱশ্যে বেছিভাগ ঠাইতে পৰ্ণপাতী উদ্ভিদ পোৱা যায় আৰু বেছি বৰষুণ হোৱা ঠাইবোৰত চিৰসেউজীয়া আৰু পাহাৰৰ দাঁতি-কাষৰীয়া অঞ্চলত সৰলবৰ্গীয় উদ্ভিদৰ প্ৰাধান্য দেখা যায়।

(জ) মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলত গ্ৰীষ্ম আৰু শীতকালৰ মাজত উষ্ণতাৰ তাৰতম্য দেখা যায়। এই অঞ্চলৰ জলবায়ু অতি শীতল আৰু শীতৰ প্ৰকোপৰ বাবে ইয়াত গছ-গছনি প্ৰায় নথকাৰ নিচিনা। এই অঞ্চলত বিভিন্ন প্ৰকাৰৰ ঘাঁহনি দেখা যায়।

(ঝ) শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চলৰ জলবায়ু কিছু শুকান আৰু ঠাণ্ডা। এই অঞ্চলত শীত-কালতকৈ গ্ৰীষ্মকাল চুটি। গ্ৰীষ্মকালত কিছু পৰিমাণে বৰষুণ হয়। শীতল আৰু শুকান জলবায়ুৰ বাবে এই অঞ্চল চিৰ সেউজীয়া সৰলবৰ্গীয় অৰণ্যেৰে ভৰা।

(ঞ) অতিপাত ঠাণ্ডাই হৈছে শীতল মেৰু অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য। ইয়াত গ্ৰীষ্মকাল চুটি আৰু শীতকাল দীঘলীয়া। এই অঞ্চলত বৰষুণ অতি কম। শীতকালত বৰঞ্চ প্রচুৰ তুষাৰপাত হয়। শীতৰ প্ৰকোপৰ বাবে এই অঞ্চলত বিশেষ উদ্ভিদ গজিব নোৱাৰে আৰু কোনো কোনো ঠাইত ঘাঁহ, শেলুৱৈ আৰু ঢেঁকীয়াজাতীয় উদ্ভিদ গজে।

(ট) উচ্চ পাৰ্বত্য অঞ্চল সদায় বৰফেৰে ঢাক খাই থাকে। বতাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰিও পাৰ্বত্য অঞ্চলৰ জলবায়ু আৰু প্ৰাকৃতিক উদ্ভিদৰ বৈশিষ্ট্য সলনি হয়। পৰ্বতৰ উচ্চ অংশত বৰষুণৰ অভাৱত গছ-গছনি নজন্মে আৰু কোনো অংশত মৌচুমী জলবায়ুৰ প্ৰভাৱত ডাঠ অৰণ্য দেখা যায়।

৬। পৃথিৱীত মহাদেশ কেইখন আৰু কি কি? প্ৰতিখন মহাদেশৰে এটি চমু ভৌগোলিক পৰিচয় দাঙি ধৰা।

উত্তৰঃ পৃথিৱীত মহাদেশ সাতখন। 

সেইবোৰ হৈছে—

(ক) এছিয়া মহাদেশ।

(খ) আফ্ৰিকা মহাদেশ।

(গ) ইউৰোপ মহাদেশ।

(ঘ) উত্তৰ আমেৰিকা মহাদেশ।

(ঙ) দক্ষিণ আমেৰিকা মহাদেশ।

(চ) ওচেনিয়া মহাদেশ।

(ছ) এণ্টাৰ্কটিকা মহাদেশ।

তলত প্ৰতিখন মহাদেশৰে চমু ভৌগোলিক পৰিচয় দিয়া হ’ল—

(ক) এছিয়া পৃথিৱীৰ মহাদেশসমূহৰ সৰ্ববৃহৎ। এছিয়া মহাদেশ মূলতঃ উত্তৰ গোলাৰ্ধত অৱস্থিত। ই দক্ষিণে ১° উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৭৮° উত্তৰ অক্ষাংশলৈ আৰু পূবে ২৫° পূব দ্ৰাঘিমাংশৰ পৰা ১৭০° পশ্চিম দ্ৰাঘিমাংশলৈ বিস্তৃত। বহলভাৱে এছিয়া মহাদেশৰ উত্তৰে উত্তৰ মহাসাগৰ; পূবে বেৰিং প্ৰণালী আৰু প্ৰশান্ত মহাসাগৰ; দক্ষিণে ভাৰত মহাসাগৰ; আৰু পশ্চিমে লোহিত সাগৰ, ছুৱেজ খাল, ভূমধ্যসাগৰ, ককেছাছ পৰ্বত, কাস্পিয়ান সাগৰ; ইউৰাল নদী আৰু ইউৰাল পৰ্বতমালা। এই মহাদেশখন উত্তৰা-দক্ষিণাকৈ প্ৰায় ৮৪০০ কিলোমিটাৰ আৰু পূবা-পশ্চিমাকৈ প্ৰায় ৯৬০০ কিলোমিটাৰ। ইয়াৰ উপকূলৰ দৈৰ্ঘ্য প্ৰায় ৫৮,০০০ কিলোমিটাৰ।

(খ) আফ্ৰিকা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ। আফ্ৰিকা মহাদেশখন উত্তৰে ৩৭° উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে ৩৪° দক্ষিণ অক্ষাংশ, আৰু পূবে ৫১° পূব দ্ৰাঘিমাংশৰ মাজত অৱস্থিত। ইয়াৰ উত্তৰে ভূমধ্যসাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ; পূবে ভাৰত মহাসাগৰ; আৰু পশ্চিমে আটলাণ্টিক মহাসাগৰ। উপকূলবৰ্তী ঠেক সমতল ভূমিৰ বাহিৰে মহাদেশখনৰ বেছি অংশৰ এখন বৃহৎ মালভূমি।

(গ) ইউৰোপ মহাদেশখন এছিয়াৰ উত্তৰ-পশ্চিম সীমাত অৱস্থিত। ই সম্পূৰ্ণভাৱে উত্তৰ গোলাৰ্ধত অন্তৰ্গত। এই মহাদেশখন দক্ষিণে ৩৬° উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৭১° উত্তৰ অক্ষাংশলৈ আৰু পশ্চিমে ১০° পশ্চিম দ্ৰাঘিমাংশৰ পৰা পূবে ৬৫° পূব দ্ৰাঘিমাংশলৈ বিস্তৃত। ইউৰোপ মহাদেশৰ পূবে এছিয়া মহাদেশ, পশ্চিমে ভূমধ্য সাগৰ, কাস্পিয়ান সাগৰ আৰু কৃষ্ণ সাগৰে আগুৰি আছে। 

(ঘ) এছিয়া আৰু আফ্ৰিকাৰ পাছতে উত্তৰ আমেৰিকাখন পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ। ইয়াৰ মাটিকালি ২৪.৩ নিযুত বৰ্গ কিলোমিটাৰ, অৰ্থাৎ পৃথিৱীৰ মুঠ স্থলভাগৰ ১৬.৩ শতাংশ। এই আমেৰিকা মহাদেশখন উত্তৰ গোলাৰ্ধত অৱস্থিত বাবে ইয়াক উত্তৰ আমেৰিকা বোলা হয়। এই মহাদেশখন দক্ষিণে ৭° উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৮৩° উত্তৰ অক্ষাংশলৈ আৰু পূবে ৫০° পশ্চিম দ্ৰাঘিমাংশৰ পৰা পশ্চিমে ১৬৮° পশ্চিম দ্ৰাঘিমাংশলৈ বিস্তৃত। উত্তৰ আমেৰিকা মহাদেশখন পূবা-পশ্চিমাকৈ ৪৯৬০ কিলোমিটাৰ আৰু উত্তৰা-দক্ষিণাকৈ ৯৬০০ কিলোমিটাৰ দীঘল।

(ঙ) উত্তৰ আমেৰিকা মহাদেশৰ ঠিক দক্ষিণে অৱস্থিত মহাদেশখনেই হ’ল দক্ষিণ আমেৰিকা। ই উত্তৰে ১২° উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে ৫৫° দক্ষিণ অক্ষাংশ আৰু পূবে ৩৫° পশ্চিম দ্ৰাঘিমাংশৰ পৰা পশ্চিমে ৮১° পশ্চিম দ্ৰাঘিমাংশৰ মাজত অৱস্থিত। মহাদেশখনৰ আকৃতি এটা ওভোতা ত্ৰিভুজৰ দৰে। অৰ্থাৎ ইয়াৰ উত্তৰ অংশ যথেষ্ট বহল আৰু দক্ষিণ অংশ অতি ঠেক। উত্তৰা-দক্ষিণাকৈ ই প্ৰায় ৭,৫০০ কিলোমিটাৰ আৰু পূবা-পশ্চিমাকৈ প্ৰায় ৫,১০০ কিলোমিটাৰ। মহাদেশখনৰ মুঠ মাটিকালি প্ৰায় ১৮ নিযুত বৰ্গ কিলোমিটাৰ, অৰ্থাৎ ভূ-খণ্ডত ১২.২ শতাংশ। দক্ষিণ আমেৰিকা মহাদেশৰ উত্তৰে উত্তৰ আমেৰিকা, কেৰিবিয়ান সাগৰ আৰু আটলাণ্টিক মহাসাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ; পশ্চিমে প্ৰশান্ত মহাসাগৰ আৰু পূবে আটলাণ্টিক মহাসাগৰে আগুৰি আছে।

(চ) ওছেনিয়া মহাদেশখন এছিয়া মহাদেশৰ দক্ষিণে সম্পূৰ্ণভাৱে পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত অৱস্থিত। ই উত্তৰে ০° নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে ৪৮° দক্ষিণ অক্ষাংশলৈ আৰু পশ্চিমে ১১৩° পূব দ্ৰাঘিমাংশৰ পৰা পূবে প্ৰায় ১৮০° দ্ৰাঘিমাংশলৈ বিস্তৃত। ওছেনিয়াখন পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ।

৭। পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন? সেই মহাদেশখনৰ ভূ-প্ৰাকৃতিক বিষয়ে চমুকৈ লিখা।

উত্তৰঃ পৃথিৱীৰ বৃহত্তম মহাদেশখন হৈছে এছিয়া মহাদেশ। মহাদেশখনৰ মাটিকালি ৪৪.৪ নিযুত বৰ্গ কিল’মিটাৰ। মহাদেশখন পৃথিৱীৰ স্থলভাগৰ প্ৰায় ৩০ শতাংশ আৱৰি আছে।

এছিয়া মহাদেশখন সু-উচ্চ পৰ্বতশ্ৰেণী, মালভূমি, নদী-উপত্যকা, নিম্নভূমি, উপকূলীয় সমভূমি, দ্বীপ, মৰুভূমি আদিৰে আৱৰা। ইয়াৰ মধ্য অংশ পৰ্বত আৰু মালভূমিৰে ভৰা। মহাদেশখনৰ পশ্চিম সীমাত উত্তৰা-দক্ষিণাকৈ থকা ইউৰোপ পৰ্বতমালা, মধ্যাংশত পূৱা- পশ্চিমাকৈ বিস্তৃত পৃথিৱীৰ সৰ্বোচ্চ হিমালয় পৰ্বতমালা, কাৰাকোৰাম পৰ্বতমালা, আৰাৱলী পৰ্বতমালা আদি বিশেষভাৱে উল্লেখযোগ্য। মহাদেশখনৰ প্ৰধান মালভূমিসমূহ হৈছে— তিব্বত মালভূমি, পৃথিৱীৰ উচ্চতম পামিৰ মালভূমি, ছাইবেৰিয়া মালভূমি, মংগোলীয়া মালভূমি, দক্ষিণাত্য মালভূমি, ইৰাণ মালভূমি আদি। এছিয়া মহাদেশৰ প্ৰধান সমভূমিসমূহ  হৈছে— দক্ষিণ মধ্য অংশত থকা সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ সমভূমি, উত্তৰ অংশৰ ওব, ইয়েনিছি আৰু লেনা নদীৰ সমভূমি, পূবত আমুৰ, হোৱাংহো, ইয়াংচিকিয়াং আৰু মেকং নৈৰ সমভূমি, আৰু দক্ষিণ-দক্ষিণপূৱত মহানদী, গোদাবৰী, কৃষ্ণা, কাৱেৰী, মেনাম, ইৰাৱতী, মেকং আদি নৈৰ সমভূমি। এছিয়া মহাদেশৰ প্ৰধান দ্বীপসমূহ হৈছে— জাপান, টাইৱান, ফিলিপাইন, জাভা, চুমাত্ৰা, বৰ্ণিও, ছিলিবিছ, আন্দামান-নিকোবৰ, শ্ৰীলঙ্কা, লক্ষদ্বীপ, মালদ্বীপ, বাহৰেইন আদি বিশেষভাৱে উল্লেখযোগ্য। এছিয়া মহাদেশত ভিন্ন প্ৰকাৰৰ জলবায়ু অনুভূত হয়। মহাদেশখনত বিৰাজ কৰা প্ৰধান জলবায়ুৰ প্ৰকাৰসমূহ হ’ল নৈৰক্ষিক জলবায়ু, ক্ৰান্তীয় মৌচুমী জলবায়ু। ক্ৰান্তীয় মৰু জলবায়ু, নাতিশীতোষ্ণ জলবায়ু আৰু মেৰুদেশীয় জলবায়ু।

৮। পৃথিৱীৰ সর্বোচ্চ জনসংখ্যাৰ মহাদেশ কোনখন? সেই মহাদেশখনৰ জনসংখ্যা আৰু অর্থনৈতিক বৈশিষ্ট্যৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ পৃথিৱীৰ সর্বোচ্চ জনসংখ্যাৰ মহাদেশখন হৈছে এচিয়া মহাদেশ। ২০০৭ বৰ্ষৰ এক তথ্যমতে এচিয়া মহাদেশৰ জনসংখ্যা ৪০১ কোটি, অর্থাৎ বিশ্বৰ মুঠ জনসংখ্যাৰ তিনি – পঞ্চমাংশ এচিয়া মহাদেশত কাছে। 

ভূ–প্রাকৃতিক বিভিন্নতাৰ বাবে এচিয়া মহাদেশৰ জনসংখ্যাৰ বিতৰণ সমান নহয়। মহাদেশখনৰ চাৰি ভাগৰ তিনি অংশ জনসংখ্যা দক্ষিণ, দক্ষিণ–পূৱ আৰু পূৱৰ ক্রান্তীয় আৰু উপক্রান্তীয় মৌচুমী অঞ্চলত বসবাস কৰে। মহাদেশখনৰ ৪১ শতাংশ লােক নগৰত বাস কৰে। এচিয়া মহাদেশৰ মুঠ জনসংখ্যাৰ ৬১ শতাংশ লােক ভাৰতবর্ষ আৰু চীন দেশত বসবাস কৰে  

এচিয়া মহাদেশ প্রাকৃতিক সম্পদত চহকী আৰু সেয়ে মহাদেশখনৰ অর্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল। এচিয়া মহাদেশৰ প্রাকৃতিক সম্পদৰ ভিতৰত বনজ সম্পদ, খনিজ সম্পদ আৰু কৃষিজ সম্পদেই প্রাধন। এচিয়া মহাদেশত উৎপন্ন হােৱা প্রধান শস্যসমূহ হৈছে— ধান, ঘেঁহু, কঁহিয়াৰ, ধপাত, কপাহ, চাহ, ৰবৰ, কফি ইত্যাদি। খনিজ সম্পদৰ ভিতৰত পেট্ৰ’লিয়াম, কয়লা, প্রাকৃতিক গেছ, লাে, মেংগানিজ আদি উল্লেখযােগ্য। সম্প্রতি বনজ আৰু খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি এচিয়া মহাদেশৰ কেইবাখানাে দেশে শিল্পদ্যোগত অগ্রগতি লাভ কৰিছে আৰু উদ্যোগ উৎপাদিত সামগ্ৰীৰে বজাৰ ভৰি পৰিছে। উদ্যোগৰ পৰিমাণ বৃদ্ধি পােৱাৰ লগে লগে নগৰৰ সংখ্যা বৃদ্ধি পাইছে আৰু জনসাধাৰণক নগৰমুখী কৰি তুলিছে।

৯। উত্তৰ আমেৰিকা মহাদেশৰ ভূ-প্ৰকৃতি আৰু খনিজ সম্পদৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশখন উত্তৰ গোলাৰ্ধত অৱস্থিত আৰু ইয়াৰ মাটিকালি ২৪.৩ নিযুত বৰ্গ কিলোমিটাৰ। মহাদেশখন শীতল উত্তৰ মেৰু অঞ্চলৰপৰা বিষুৱীয় উষ্ণ অঞ্চললৈকে বিস্তৃত।

উত্তৰ আমেৰিকা মহাদেশখন ভূ-প্ৰাকৃতিক বৈষম্যৰে পৰিপূৰ্ণ। মহাদেশখনৰ পশ্চিম অংশ আৰু পূৱ অংশ উত্তৰা-দক্ষিণাকৈ পৰ্বত-পাহাৰে ভৰি আছে আৰু বাকী অংশ উচ্চ আৰু নিম্ন সমতল ভূমিৰে আৱৰা। মহাদেশখনক প্ৰধানকৈ চাৰিটা ভূ-প্ৰাকৃতিক ভাগত বিভক্ত কৰা হয়। 

সেয়া হৈছে—

(ক) ৰকি পাৰ্বত্য অঞ্চল।

(খ) বিশাল উচ্চ সমভূমি অঞ্চল।

(গ) আপেলেছিয়ান উচ্চভূমি অঞ্চল।

(ঘ) উপকূলীয় সমতল ভূমি অঞ্চল।

মহাদেশখনৰ ৰকি পাৰ্বত্য অঞ্চলটো ব্ৰুক্স ৰেঞ্জ, আলস্ক, পৰ্বতশ্ৰেণী, মেকেঞ্জি, ক’ষ্টৰেঞ্জ, কাস্কেড, ছিয়েৰা আদি বহুতো পৰ্বতশ্ৰেণীৰ সমষ্টি। মহাদেশখনৰ পূৱ অংশত বিস্তৃত পৰ্বত-পাহাৰ, ঠেক উপত্যকা, ভগ্ন মালভূমি আদি আছে আৰু ৰকি পৰ্বতমালাৰ পূৱে বিস্তৃত ক্ষয়জাত মালভূমি আৰু পলসুৱা সমভূমি অঞ্চল আছে। মহাদেশখনৰ আপেলেছিয়ান উচ্চভূমিৰ পূৱে আৰু উত্তৰে এক বিস্তৃত উপকূলীয় সমতল অঞ্চল আছে। মহাদেশখনত কেইবাখনো বিশাল নদীৰ মোহনাৰ লগতে বহুতো জলাহভূমি আৰু অৰণ্য আছে। উত্তৰ আমেৰিকা মহাদেশখনত নদ-নদী আৰু হ্ৰদ আছে। জলবায়ুৰ ফালৰপৰা মহাদেশখনৰ দক্ষিণ অংশত উষ্ণ আৰু সেমেকা নৈৰক্ষিক তথা ক্ৰান্তীয় জলবায়ু বিৰাজ কৰে আৰু উত্তৰ অংশত শীতল মেৰুদেশীয় জলবায়ু বিৰাজ কৰে।

উত্তৰ আমেৰিকা মহাদেশখন খনিজ আৰু অৰ্থনৈতিক উন্নয়নত অধিক উন্নত। মহাদেশখনৰ উপকূলীয় সমভূমি অঞ্চলটোত অধিক পৰিমাণে খনিজ তেল, প্ৰাকৃতিক গেছ, লৱণ আদি পোৱা যায়। মহাদেশখনত লো, নিকেল, ক’বাল্ট, মাইকা আদি খনিজ সম্পদৰ উপৰি কানাডা, যুক্তৰাষ্ট্ৰ আৰু মেক্সিকোত যথেষ্ট পৰিমাণে কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ উৎপাদন হয়। উত্তৰ আমেৰিকা মহাদেশৰ বিশেষকৈ কানাডাই জলবিদ্যুৎ শক্তি উৎপাদনত যথেষ্ট অগ্ৰগতি লাভ কৰিছে।

১০। আফ্ৰিকা মহাদেশৰ জলবায়ু আৰু জীৱন-নিৰ্বাহ প্ৰণালীৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ আফ্ৰিকা মহাদেশৰ বেছি অংশই প্ৰধানকৈ ক্ৰান্তীয় জলবায়ুৰ অন্তৰ্গত। মহাদেশখনৰ কেৱল উত্তৰ আৰু দক্ষিণ প্ৰান্তত উপক্ৰান্তীয় আৰু নীতিশীতোষ্ণ জলবায়ু বিৰাজ কৰে। মহাদেশখনৰ বিষুৱীয় অঞ্চলৰ সমতল আৰু উপকূল ভূমিত বৃষ্টিপাতৰ পৰিমাণ যথেষ্ট বেছি। কিন্তু চাহাৰা, কালাহাৰী আৰু নামিবিয়া মৰুভূমি অঞ্চলত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ১৫ চেণ্টিমিটাৰতকৈও কম। 

আফ্ৰিকা মহাদেশৰ লোকসকল অধিকাংশই কৃষি নিৰ্ভৰশীল। মহাদেশখনৰ মুঠ বিদেশী আয়ৰ প্ৰায় এক-তৃতীয়াংশ কৃষিৰ পৰা আহে আৰু ইয়াৰ প্ৰায় ৭০ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ প্ৰধান কৃষিজাত সমগ্ৰীসমূহ হ’ল মাকৈ, জোৱাৰ-বাজৰা, ধান, মিঠা আলু, বাদাম, কপাহ, কফি, চাহ, কুঁহিয়াৰ, ধপাত, কল আদি। আফ্ৰিকাৰ নদী-উপত্যকা অঞ্চলসমূহ ঘন জনবসতিপূৰ্ণ। নদী-উপত্যকাৰ পলসুৱা সাৰুৱা মাটিত কৃষিকাৰ্যৰ জৰিয়তে এই লোকসকলে জীৱন নিৰ্বাহ কৰে। আনহাতে মহাদেশখনৰ মৰুভূমি অঞ্চলৰ জনবসতি অতি সেৰেঙা। কৃষি তথা শিল্পোদ্যোগৰ সুবিধা নথকা আৰু বসবাসৰ অনুপযোগী বাবে মৰুভূমি অঞ্চলৰ বাসিন্দা নিচেই কম। মৰুভূমি অঞ্চলত বসবাস কৰা জনসাধাৰণৰ জীৱন নিৰ্বাহ প্ৰণালী অতি কষ্টকৰ।

১১। পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? সেই মহাদেশখনৰ ভৌগোলিক অৱস্থিত সম্পৰ্কে দুআষাৰ লিখা।

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ খন হৈছে ওচেনিয়া মহাদেশǀ

অষ্ট্রেলিয়া মহাদ্বীপকে ধৰি দক্ষিণ-পশ্চিম প্রশান্ত মহাসাগৰত অৱস্থিত নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আদি বহুতো সৰু-ডাঙৰ দ্বীপসমূহকলৈ ওছেনিয়া মহাদেশ গঠিত। এই মহাদেশখন এছিয়া মহাদেশৰ দক্ষিণ অংশটো সম্পূর্ণভাৱে পৃথিৱীৰ দক্ষিণ গোলার্ধত অৱস্থিত। ই উত্তৰে ০° নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে ৪৮° দক্ষিণ অক্ষাংশলৈ আৰু পশ্চিমে ১১৩° পূর্ব দ্রাঘিমাংশৰ পৰা পূবে প্রায় ১৮০° দ্রাঘিমাংশলৈ বিস্তূত। 

অষ্ট্রেলিয়া, নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আৰু অন্যান্য বহু দ্বীপসমূহক সামৰি ওছেনিয়া মহাদেশৰ ভূমিভাগৰ মুঠ মাটিকালি প্রায় ৯ নিযুত বর্গ কিলোমিটাৰ। এইদৰে ওছেনিয়াখন পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ। 

ইয়াৰ উত্তৰে দক্ষিণ-পূর্ব এছিয়াৰ জাভা-সুমাত্রা-ছেলেবিচ দ্বীপসমূহ আৰু প্রশান্ত মহাসাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ আৰু এন্টার্কটিকা, পুবে প্রশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ। অর্থাৎ ওছেনিয়া মহাদেশৰ প্ৰধান ভূ-খণ্ড অষ্ট্রেলিয়া আৰু অন্যান্য দ্বীপসমূহৰ চাৰিওফালে প্রশান্ত মহাসাগৰে আগুৰি আছে।

১২। চমু টোকা লিখাঃ

(ক) নিৰক্ষীয় প্ৰাকৃতিক অঞ্চল।

উত্তৰঃ বিষুৱৰ দুইকাষে ১০° উত্তৰ আৰু ১০° দক্ষিণ আক্ষাংশৰ মাজত নিৰক্ষীয় অঞ্চল অৱস্থিত। এই অঞ্চলৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ। সূৰ্যৰ ৰশ্মি প্ৰায় লম্বভাৱে পৰা এই অঞ্চলটোত দিন-ৰাতি আৰু গ্ৰীষ্ম আৰু শীতলকালৰ উত্তাপৰ তাৰতম্য তেনেই কম। ইয়াত বছৰি গড় উত্তাপৰ পৰিমাণ ২৭° চেলচিয়াছ আৰু বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ ২০০ চেন্টিমিটাৰ। প্ৰায় সমগ্ৰ নিৰক্ষীয় অঞ্চলতে চিৰ সেউজীয়া ডাঠ অৰণ্যেৰে ভৰা। লগতে আছে অসংখ্য সৰু সৰু জোপোহা বন আৰু নানাবিধ লতা। ডাঠ হাবিৰ উপৰি গোটেই বছৰ জুৰি অতিপাত গৰম আৰু বৰষুণ হোৱাৰ বাবে এই অঞ্চলৰ প্ৰাকৃতিক পৰিবেশ মানুহৰ বসবাসৰ বৰ উপযোগী নহয়। দক্ষিণ আমেৰিকাৰ আমাজান নদীৰ অৱবাহিকা, আফ্ৰিকাৰ কংগো নদীৰ অৱবাহিকা, পশ্চিম আফ্ৰিকাৰ গিনি উপকূল, আৰু দক্ষিণ পূব এছিয়াৰ মালয়েছীয়া উপদ্বীপ, ইণ্ডোনেছিয়া আৰু ফিলিপাইন দ্বীপপুঞ্জ নিৰক্ষীয় অঞ্চলৰ অন্তৰ্গত।

(খ) ভূমধ্য সাগৰীয় প্ৰাকৃতিক অঞ্চল।

উত্তৰঃ মধ্য অক্ষাংশত অৱস্থিত মহাদেশৰ পশ্চিম প্ৰান্তীয় আৰু বিশেষকৈ ক্ৰান্তীয় মৰু অঞ্চলৰ উত্তৰ অংশৰ ঠাইবোৰতেই সাধাৰণতে ভূমধ্য সাগৰীয় জলবায়ু বিৰাজ কৰে। এই প্ৰাকৃতিক অঞ্চলৰ বৈশিষ্ট্য এয়ে যে ইয়াত গ্ৰীষ্মকাল উষ্ণ আৰু শুকান আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা। অৰ্থাৎ এই অঞ্চলত শীতকালিহে বৰষুণ হয়। ইয়াত গ্ৰীষ্মকাল কিছু দীঘল। সমগ্ৰ বছৰটোৰ গড় উষ্ণতা ৮° ৰপৰা ২৫° চেলচিয়াছ। বছৰি বৰষুণৰ পৰিমাণ ২৫-৭৫ চেণ্টিমিটাৰ। চিৰ সেউজীয়া চুটি গছ-গছনি আৰু জোপোহা বননিয়েই এই অঞ্চলটোৰ প্ৰধান প্ৰাকৃতিক উদ্ভিদ। ভূমধ্য সাগৰৰ কাষৰীয়া ঠাইবোৰতেই সাধাৰণতে এনে প্ৰাকৃতিক অৱস্থা বিৰাজ কৰে বাবে ইয়াক ভূমধ্য সাগৰীয় অঞ্চল বোলা হয়। 

ভূমধ্য সাগৰৰ কাষৰীয়া দক্ষিণ ইউৰোপ, দক্ষিণ-পশ্চিম এছিয়া আৰু উত্তৰ আফ্ৰিকাক লৈয়েই প্ৰধানকৈ ভূমধ্য সাগৰীয় অঞ্চল গঠিত। তদুপৰি উত্তৰ আমেৰিকাৰ উপকূলৱৰ্তী কেলিফোৰ্নিয়া, দক্ষিণ আমেৰিকাৰ মধ্য চিলি, দক্ষিণ আফ্ৰিকাৰ কেপ্ উপকূল আৰু অষ্ট্ৰেলিয়াৰ দক্ষিণ-পশ্চিম উপকূল ভূমধ্য সাগৰীয় অঞ্চলত অন্তৰ্গত।

(গ) ক্ৰান্তীয় উষ্ণ মেৰু অঞ্চল।

উত্তৰঃ ক্ৰান্তীয় মৰু অঞ্চল সাধাৰণতে মহাদেশসমূহৰ পশ্চিম প্রান্তত অৱস্থিত। এই মৰু অঞ্চল কৰ্কট ক্ৰান্তি ২৩.৫° উত্তৰ আৰু মকৰক্ৰান্তি ২৩.৫° দক্ষিণৰ কাষৰীয়া অঞ্চললৈকে বিস্তৃত। এই অঞ্চলৰ জলবায়ু প্ৰায় সদায়েই উষ্ণ আৰু শুষ্ক। দিন আৰু ৰাতিৰ উষ্ণতাৰ পাৰ্থক্য বেছি। গ্ৰীষ্মকালত দিনৰ ভাগৰ উত্তাপ ৪৫° চেলচিয়াছলৈ বৃদ্ধি পায়। আনহাতে বৰষুণৰ পৰিমাণ তেনেই কম। বছৰি গড় বৰষুণৰ পৰিমাণ ২০-২৫ চেণ্টিমিটাৰ। বৰষুণৰ অভাৱত এনে মৰু অঞ্চলৰ কিছু অংশত কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ জন্মে। অঞ্চলটোৰ মৰুভূমিত থকা মৰুদ্যানবোৰত খেজুৰ জাতীয় উদ্ভিদ জন্মে। এছিয়াৰ আৰৱ, ইৰাণ, আফগানিস্তান, সিন্ধুৰ মৰুময় অঞ্চল আৰু ভাৰতবৰ্ষৰ থৰ; আফ্ৰিকাৰ ছাহাৰা আৰু কালাহাৰী; দক্ষিণ আমেৰিকাৰ আটাকামা, অষ্ট্ৰেলিয়াৰ বৃহৎ মৰুভূমি আদি ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তৰ্গত।

(ঘ) শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল

উত্তৰঃ উত্তৰ গোলাৰ্ধতৰ ৫০°— ৭০° অক্ষাংশৰ মাজত শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল বিস্তৃত। ইয়াৰ উত্তৰে তুন্দ্ৰা অঞ্চল আৰু দক্ষিণে মধ্য অক্ষাংশ তৃণভূমি অঞ্চল অৱস্থিত। এই অঞ্চলৰ জলবায়ু কিছু শুকান আৰু ঠাণ্ডা। গ্ৰীষ্মকালত উত্তাপ গড়ে ১৫° চেলচিয়াছলৈ বৃদ্ধি পায়। শীতকালত উষ্ণতা হ্ৰাস পোৱাৰ ফলত বৰফ পৰে। এই অঞ্চলত শীত-কালতকৈ গ্ৰীষ্মকাল চুটি। গ্ৰীষ্মকালত কিছু পৰিমাণে বৰষুণ হয়। শীতল আৰু শুকান জলবায়ুৰ বাবে এই অঞ্চল চিৰ সেউজীয়া সৰলবৰ্গীয় অৰণ্যেৰে ভৰা। ইউৰোপৰ স্কেণ্ডিনেভিয়াৰ পৰা পূবে প্ৰশান্ত উপকূল আৰু উত্তৰ আমেৰিকাৰ আলস্কাৰ পৰা পূবে আটলাণ্টিক উপকূললৈ এই অঞ্চল বিস্তৃত। ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাৰ এক বিস্তীৰ্ণ অঞ্চল ইয়াৰ অন্তৰ্গত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top