অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা Class 10 Elective Geography Important Notes to each chapter are provided in the list so that you can easily browse through different chapters অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা Class 10 Elective Geography SEBA Important Notes and select need one.
Class 10 Elective Geography Important Notes অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা
Class 10 Elective Geography Important Notes অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Elective Geography Important Notes অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা These solutions are part of SCERT All Subject Solutions. Class 10 Elective Geography Important Notes অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা Here we have given Class 10 Elective Geography Important Notes অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা Solutions for All Subjects, You can practice these here.
অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা
Chapter – 3
ELECTIVE GEOGRAPHY
| IMPORTANT NOTES |
১। শুদ্ধ উত্তৰটো বাচি উলিওৱা।
(ক) পৃথিৱীত মহাদেশ কেইখন—
(i) ছয়খন।
(ii) সাতখন।
(iii) তিনিখন।
(iv) চাৰিখন।
উত্তৰঃ (ii) সাতখন।
(খ) এচিয়া মহাদেশখন স্থলভাগৰ প্ৰায় কিমান শতাংশ আৱৰি আছে—
(i) ২০ শতাংশ।
(ii) ২৫ শতাংশ।
(iii) ৩০ শতাংশ।
(iv) ৪০ শতাংশ।
উত্তৰঃ (iii) ৩০ শতাংশ।
(গ) এচিয়া মহাদেশখনৰ মাটিকালি কিমান নিযুত বৰ্গ কিল’মিটাৰ—
(i) ৩৩.৩ নিযুত বৰ্গ কিল’মিটাৰ।
(ii) ৪৪.৪ নিযুত বৰ্গ কিল’মিটাৰ।
(iii) ৫৫.৫ নিযুত বৰ্গ কিল’মিটাৰ।
(iv) ২২.২ নিযুত বৰ্গ কিল’মিটাৰ।
উত্তৰঃ (ii) ৪৪.৪ নিযুত বৰ্গ কিল’মিটাৰ।
(ঘ) ভাৰতবৰ্ষ কোনটো অঞ্চলৰ অন্তৰ্গত—
(i) মৌচুমী অঞ্চলৰ।
(ii) নিৰক্ষীয় অঞ্চল।
(iii) শীতল মেৰু অঞ্চল।
(iv) ভূমধ্য সাগৰীয় অঞ্চল।
উত্তৰঃ (i) মৌচুমী অঞ্চলৰ।
(ঙ) মানুহৰ প্ৰধান জীৱিকা গ্ৰীষ্মকালীন—
(i) কৃষি।
(ii) পশুপালন।
(iii) ওপৰৰ দুয়োটা।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ii) পশুপালন।
(চ) ভূ-পৃষ্ঠৰ কিমান শতাংশ পানীৰে আৱৰি আছে—
(i) ৭১ শতাংশ।
(ii) ২৯ শতাংশ।
(iii) ৪১ শতাংশ।
(iv) ৩৬ শতাংশ।
উত্তৰঃ (i) ৭১ শতাংশ।
(ছ) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কি—
(i) আফ্ৰিকা।
(ii) ইউৰোপ।
(iii) উত্তৰ আমেৰিকা।
(iv) দক্ষিণ আমেৰিকা।
উত্তৰঃ (i) আফ্ৰিকা।
(জ) কিমান নিযুত মাটিকালিৰে ছুডান মহাদেশখনৰ বৃহত্তম দেশ—
(i) ১.৫
(ii) ২.৫
(iii) ৩.৫
(iv) ৪.৮
উত্তৰঃ (ii) ২.৫
(ঝ) ইউৰোপ মহাদেশৰ লোকসকল মূলতঃ কোন গোষ্ঠীৰ—
(i) মংগোলীয়।
(ii) কাৰ্বি।
(iii) ককেছীয়া।
(iv) গাৰো।
উত্তৰঃ (iii) ককেছীয়া।
(ঞ) বৰ্তমান আফ্ৰিকা মহাদেশত মুঠতে কিমান খন স্বাধীন দেশ আছে—
(i) ২৩
(ii) ৪৬
(iii) ৩০
(iv) ৫২
উত্তৰঃ (ঘ) ৫২
২। অতি চমু প্রশ্নৰ উত্তৰঃ
(ক) সমধর্মী অঞ্চল কাক বোলে। উদাহৰণ দিয়া।
উত্তৰঃ সমধর্মী অঞ্চল নিৰ্বাচিত উপাদানবোৰৰ সাদৃশ্যৰ ভিত্তিত চিনাক্ত কৰা হয়। উদাহৰণ হিচাপে প্ৰাকৃতিক অঞ্চলৰ কথাকে ক’ব পাৰি। প্ৰাকৃতিক অঞ্চল মাটি, জলবায়ু, উদ্ভিদ আদি প্ৰাকৃতিক উপাদানৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰি চিনাক্ত কৰা হয়।
(খ) ঝুম খেতি কাক বোলা হয়।
উত্তৰঃ পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি ঢাপ কৰি কৰা খেতিকে ঝুম খেতি বোলে।
(গ) পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন?
উত্তৰঃ পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখন হৈছে এছিয়া মহাদেশ।
(ঘ) পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন?
উত্তৰঃ পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখন হৈছে ওছেনিয়াখন মহাদেশ।
(ঙ) অঞ্চল কি?
উত্তৰঃ অঞ্চল হৈছে আঞ্চলিক ভূগোল অধ্যয়নৰ ভিত্তি আৰু পৃথিৱীৰ উপৰিভাগৰ এক ক্ষুদ্ৰ অংশ বা ঠাই।
(চ) এচিয়া মহাদেশ ক’ত অৱস্থিত?
উত্তৰঃ এচিয়া মহাদেশ উত্তৰ গোলাৰ্ধত অৱস্থিত।
(ছ) এচিয়া মহাদেশখনৰ মাটিকালি কিমান?
উত্তৰঃ এচিয়া মহাদেশখনৰ মাটিকালি ৪৪.৪ নিযুত বৰ্গ কিল’মিটাৰ।
(জ) উত্তৰ আমেৰিকা মহাদেশখনৰ ভূ-প্ৰকৃতিক চাৰিটা ভাগ কি কি?
উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশখনৰ ভূ-প্ৰকৃতিক চাৰিটা ভাগ হ’ল—
(i) ৰকি পাৰ্বত্য অঞ্চল।
(ii) বিশাল উচ্চ সমভূমি অঞ্চল।
(iii) আপেলিছিয়ান উচ্চভূমি অঞ্চল। আৰু
(iv) উপকূলীয় সমতল ভূমি অঞ্চল।
(ঝ) কাংগো নদীৰ অৱবাহিকাত বসবাস কৰা লোকসকলক কি নামেৰে জনা যায়?
উত্তৰঃ কাংগো নদীৰ অৱবাহিকাত বসবাস কৰা আদিবাসী লোকসকলক পিগমি নামেৰে জনা যায়।
(ঞ) শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চলৰ কোমল কাঠৰ অৰণ্য ভূমিক কি বোলা হয়?
উত্তৰঃ শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চলৰ কোমল কাঠৰ অৰণ্য ভূমিক টাইগা বোলা হয়।
(ট) মানুহৰ প্ৰধান জীৱিকা গ্ৰীষ্মকালীন কি?
উত্তৰঃ মানুহৰ প্ৰধান জীৱিকা গ্ৰীষ্মকালীন পশুপালন।
(ঠ) ঘাঁহনি অঞ্চলত বসবাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি?
উত্তৰঃ ঘাঁহনি অঞ্চলত বসবাস কৰা লোকসকলৰ প্ৰধান বৃত্তি হৈছে পশুপালন।
(ড) প্ৰাকৃতিক অঞ্চল কাক বোলে?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ যিকোনো অংশৰ ভূ-অৱয়ব, জলবায়ু, প্ৰাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্ৰায় একে ধৰণৰ, সেইবোৰক একেলগে থূলমূলকৈ প্ৰাকৃতিক অঞ্চল বোলে।
(ঢ) মৌচুমী অঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি কি?
উত্তৰঃ মৌচুমী অঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি হৈছে কৃষি।
(ণ) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন?
উত্তৰঃ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ হৈছে আফ্ৰিকা।
৩। অঞ্চল বুলিলে কি বুজা? ভূগোল অধ্যয়নত অঞ্চলৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা আগবঢ়োৱা।
উত্তৰঃ অঞ্চল হৈছে আঞ্চলিক ভূগোল অধ্যয়নৰ ভিত্তি আৰু পৃথিৱীৰ উপৰিভাগৰ এক ক্ষুদ্ৰ অংশ বা ঠাই। ভূগোল অধ্যয়নত অঞ্চলৰ অধিক গুৰুত্ব আছে। ভূগোলবিদসকলে নিৰ্দিষ্ট কিছুমান উদ্দেশ্যৰ ভিত্তিত পৃথিৱীৰ উপৰিভাগক অধ্যয়নৰ সুবিধাৰ্থে ভাগ কৰে। ভৌগোলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত আৰু উপাদানবোৰৰ ক্ৰিয়াত্মক সম্পৰ্কৰ ভিত্তিত এই অঞ্চলবোৰ ভাগ কৰা হয়।
আঞ্চলিক ভূগোল পৃথিৱীৰ একোটা অঞ্চল, ঠাই বা দেশ-মহাদেশৰ সামগ্ৰিক ভৌগোলিক চিত্ৰখন প্ৰতিফলিত কৰে। আঞ্চলিক ভূগোল অধ্যয়নে সংশ্লিষ্ট অঞ্চলটোৰ অন্তৰ্গত প্ৰাকৃতিক, সামাজিক, অৰ্থনৈতিক তথা যাতায়ত, পৰিবহন আদি ব্যৱস্থাৰ বিতং বিৱৰণ দাঙি ধৰে। পৃথিৱীৰ প্ৰতিটো অঞ্চলৰে বা প্ৰতিখন ঠাইৰে এক নিজা নিজা অস্তিত্ব আৰু সুকীয়া বৈশিষ্ট্য আছে। ভিন্ন প্ৰাকৃতিক পৰিৱেশৰ সম্পদৰ স্থিতি বড়ো গুণাগুণ বেলেগ বেলেগ হোৱা বাবে ইয়াৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা আর্থিক বিকাশো ভিন্ন হয়। সামাজিক পটভূমি, ৰাজনীতি, ভাৱ-ভাষা, পোছাক-পৰিচ্ছেদ, খাদ্যাভ্যাস আদিৰ ক্ষেত্ৰতো পৰিৱেশভেদে পাৰ্থক্য থাকে। সেয়ে পৃথিৱীৰ ভৌগোলিক বৈচিত্ৰ্যৰ বিষয়ে সঠিকভাৱে জানিবলৈ হ’লে ভূগোল অধ্যয়ণত অঞ্চলৰ প্ৰয়োজনীয়তা আছে।
৪। সহধর্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজত পাৰ্থক্য দাঙি ধৰা।
উত্তৰঃ সহধর্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজত পাৰ্থক্য আছে।
সমধৰ্মী অঞ্চল ভৌগোলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত চিনাক্ত কৰা হয়। আনহাতে ক্ৰিয়াত্মক অঞ্চল ভৌগোলিক উপাদানবোৰৰ ক্ৰিয়াত্মক সম্পৰ্কৰ ভিত্তিত চিনাক্ত কৰা হয়।
সমধৰ্মী অঞ্চলৰ জৰিয়তে কোনো এক অঞ্চলৰ অন্তৰ্গত জলবায়ু, মাটি তথা উদ্ভিদ সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰি। আনহাতে ক্ৰিয়াত্মক অঞ্চলৰ জৰিয়তে অঞ্চলটোৰ আভ্যন্তৰীণ কাৰ্য তথা সকলো কাম-কাজৰ বিষয়ে বুজ ল’ব পাৰি।
সমধৰ্মী অঞ্চল এক বহল পৰিসৰৰ অধ্যয়ন কিন্তু ক্ৰিয়াত্মক অঞ্চলৰ পৰিসীমা নিচেই কম হ’ব পাৰে। সাধাৰণতে নগৰ বা বজাৰ কেন্দ্ৰক কেন্দ্ৰ কৰি ক্ৰিয়াত্মক অঞ্চল চিহ্নিত কৰা হয়।
৫। পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলসমূহত বিৰাজ কৰা জলবায়ু আৰু উদ্ভিদ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলসমূহত বিৰাজ কৰা জলবায়ু আৰু উদ্ভিদ সম্পৰ্ক আলোচনা কৰা হ’ল—
(ক) নিৰক্ষীয় অঞ্চলৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ। সূৰ্যৰ ৰশ্মি প্ৰায় লম্বভাৱে পৰা এই অঞ্চলটোত দিন-ৰাতি আৰু গ্ৰীষ্ম আৰু শীতলকালৰ উত্তাপৰ তাৰতম্য তেনেই কম। প্ৰায় সমগ্ৰ নিৰক্ষীয় অঞ্চলতে চিৰ সেউজীয়া ডাঠ অৰণ্যেৰে ভৰা আৰু সৰু সৰু জোপোহা বনৰ লগতে নানাবিধ লতাজাতীয় উদ্ভিদ পোৱা যায়।
(খ) মৌচুমী অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য হ’ল ঋতু পৰিবৰ্তন— উষ্ণ আৰু আৰ্দ্ৰ গ্ৰীষ্মকাল আৰু ঠাণ্ডা আৰু শুকান শীতকাল। গ্ৰীষ্মকাল মাজৰ উত্তাপৰ পার্থক্য হ’ল ১৫° চেলচিয়াছ।ঋতু পৰিৱৰ্তনৰ লগে লগে বৰষুণৰ তাৰতম্য ঘটে কাৰণে এই অঞ্চলত পৰ্ণপাতী উদ্ভিদৰ প্ৰাধান্য বেছি। শীতকালত বৰষুণৰ অভাৱত এনে গছ-গছনিৰ পাত সৰে।
(গ) ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হ’ল উষ্ণ আৰু চুটি গ্ৰীষ্মকাল আৰু শুকান আৰু দীঘল শীতকাল। এই অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ তাৰতম্য বেছি। ক্ৰান্তীয় অঞ্চলৰ এনে ঘাঁহনিক ছাভানা বুলি জনাজাত।
(ঘ) ক্ৰান্তীয় উষ্ণ মেৰু অঞ্চলৰ জলবায়ু প্ৰায় সদায়েই উষ্ণ আৰু শুষ্ক। দিন আৰু ৰাতিৰ উষ্ণতাৰ পাৰ্থক্য বেছি। গ্ৰীষ্মকালত দিনৰ ভাগৰ উত্তাপ ৪৫° চেলচিয়াছলৈ বৃদ্ধি পায়। আনহাতে বৰষুণৰ পৰিমাণ তেনেই কম।বৰষুণৰ অভাৱত এনে মৰু অঞ্চলৰ কিছু অংশত কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ গজে। এই অঞ্চলৰ বহু অংশই বালিয়ে আৱৰি ৰাখে। অৱশ্যে মৰুভূমিৰ অত-ত’ত থকা মৰুদ্যানবোৰত কিছু পৰিমাণে খেজুৰ জাতীয় উদ্ভিদ জন্মে।
(ঙ) ভূমধ্য সাগৰীয় অঞ্চলৰ বৈশিষ্ট্য এয়ে যে ইয়াত গ্ৰীষ্মকাল উষ্ণ আৰু শুকান আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা। অৰ্থাৎ এই অঞ্চলত শীতকালিহে বৰষুণ হয়। ইয়াত গ্ৰীষ্মকাল কিছু দীঘল। চিৰ সেউজীয়া চুটি গছ-গছনি আৰু জোপোহা বননিয়েই এই অঞ্চলটোৰ প্ৰধান প্ৰাকৃতিক উদ্ভিদ।
(চ) মধ্য অক্ষাংশৰ মেৰু অঞ্চলৰ জলবায়ু গ্ৰীষ্মকাল আৰু শীতকালত বেলেগ বেলেগ হয়। গ্ৰীষ্মকাল আৰু শীতকালত উষ্ণতাৰ তাৰতম্য অধিক হয়। এই অঞ্চলত শীতকালি কিছু পৰিমাণে তুষাৰপাত হয়। এই অঞ্চলত গছ-গছনিৰ পৰিমাণ নিচেই কম আৰু বৰষুণৰ পৰিমাণ অতি কম হোৱা বাবে ঘাঁহজাতীয় উদ্ভিদ অতি কম পৰিমাণে হয়।
(ছ) মধ্য অক্ষাংশৰ নীতিশীতোষ্ণ অঞ্চলত শীতকাল অতি শুকান। বৃষ্টিপাতৰ তাৰতম্য অনুসৰি এই অঞ্চলৰ প্ৰাকৃতিক উদ্ভিদ বহু প্ৰকাৰৰ হোৱা দেখা যায়। অৱশ্যে বেছিভাগ ঠাইতে পৰ্ণপাতী উদ্ভিদ পোৱা যায় আৰু বেছি বৰষুণ হোৱা ঠাইবোৰত চিৰসেউজীয়া আৰু পাহাৰৰ দাঁতি-কাষৰীয়া অঞ্চলত সৰলবৰ্গীয় উদ্ভিদৰ প্ৰাধান্য দেখা যায়।
(জ) মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলত গ্ৰীষ্ম আৰু শীতকালৰ মাজত উষ্ণতাৰ তাৰতম্য দেখা যায়। এই অঞ্চলৰ জলবায়ু অতি শীতল আৰু শীতৰ প্ৰকোপৰ বাবে ইয়াত গছ-গছনি প্ৰায় নথকাৰ নিচিনা। এই অঞ্চলত বিভিন্ন প্ৰকাৰৰ ঘাঁহনি দেখা যায়।
(ঝ) শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চলৰ জলবায়ু কিছু শুকান আৰু ঠাণ্ডা। এই অঞ্চলত শীত-কালতকৈ গ্ৰীষ্মকাল চুটি। গ্ৰীষ্মকালত কিছু পৰিমাণে বৰষুণ হয়। শীতল আৰু শুকান জলবায়ুৰ বাবে এই অঞ্চল চিৰ সেউজীয়া সৰলবৰ্গীয় অৰণ্যেৰে ভৰা।
(ঞ) অতিপাত ঠাণ্ডাই হৈছে শীতল মেৰু অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য। ইয়াত গ্ৰীষ্মকাল চুটি আৰু শীতকাল দীঘলীয়া। এই অঞ্চলত বৰষুণ অতি কম। শীতকালত বৰঞ্চ প্রচুৰ তুষাৰপাত হয়। শীতৰ প্ৰকোপৰ বাবে এই অঞ্চলত বিশেষ উদ্ভিদ গজিব নোৱাৰে আৰু কোনো কোনো ঠাইত ঘাঁহ, শেলুৱৈ আৰু ঢেঁকীয়াজাতীয় উদ্ভিদ গজে।
(ট) উচ্চ পাৰ্বত্য অঞ্চল সদায় বৰফেৰে ঢাক খাই থাকে। বতাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰিও পাৰ্বত্য অঞ্চলৰ জলবায়ু আৰু প্ৰাকৃতিক উদ্ভিদৰ বৈশিষ্ট্য সলনি হয়। পৰ্বতৰ উচ্চ অংশত বৰষুণৰ অভাৱত গছ-গছনি নজন্মে আৰু কোনো অংশত মৌচুমী জলবায়ুৰ প্ৰভাৱত ডাঠ অৰণ্য দেখা যায়।
৬। পৃথিৱীত মহাদেশ কেইখন আৰু কি কি? প্ৰতিখন মহাদেশৰে এটি চমু ভৌগোলিক পৰিচয় দাঙি ধৰা।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



