জাপানৰ আঞ্চলিক ভূগোল Class 10 Elective Geography Important Notes to each chapter are provided in the list so that you can easily browse through different chapters জাপানৰ আঞ্চলিক ভূগোল Class 10 Elective Geography SEBA Important Notes and select need one.
Class 10 Elective Geography Important Notes জাপানৰ আঞ্চলিক ভূগোল
Class 10 Elective Geography Important Notes জাপানৰ আঞ্চলিক ভূগোল Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Elective Geography Important Notes জাপানৰ আঞ্চলিক ভূগোল These solutions are part of SCERT All Subject Solutions. Class 10 Elective Geography Important Notes জাপানৰ আঞ্চলিক ভূগোল Here we have given Class 10 Elective Geography Important Notes জাপানৰ আঞ্চলিক ভূগোল Solutions for All Subjects, You can practice these here.
জাপানৰ আঞ্চলিক ভূগোল
Chapter – 5
ELECTIVE GEOGRAPHY
IMPORTANT NOTES |
১। শুদ্ধ উত্তৰটো বাচি উলিওৱা।
(ক) মধ্য জাপান অঞ্চলত থকা সমভূমিবোৰৰ এটা হ’ল—
(i) আবুকুমা সমভূমি।
(ii) টকাছি সমভূমি।
(iii) কনছেন সমভূমি।
(iv) কাণ্টো সমভূমি।
উত্তৰঃ (iv) কাণ্টো সমভূমি।
(খ) জাপান দেশৰ পর্বতময় ভূমিয়ে অবৰি আছে প্রায়—
(i) ৫০%
(ii) ৬০%
(iii) ৭৫%
(iv) ৬৫%
উত্তৰঃ (iii) ৭৫%
(গ) জাপানৰ আটাইতকৈ ডাঙৰ দ্বীপ কি—
(i) হ’কাইডো।
(ii) হনছু।
(iii) ছিক’কু।
(iv) কিউছিউ।
উত্তৰঃ (ii) হনছু।
(ঘ) জাপানৰ কিমান শতাংশ ঠাই সমতলীয়া—
(i) ১০ শতাংশ।
(ii) ১৯ শতাংশ।
(iii) ১৬ শতাংশ।
(iv) ১৫ শতাংশ।
উত্তৰঃ (iv) ১৫ শতাংশ।
(ঙ) জাপানৰ ৰাজধানী কি—
(i) ঢাকা।
(ii) ৱাছিংটন।
(iii) ভূপাল।
(iv) ট’কিঅ।
উত্তৰঃ (iv) ট’কিঅ।
(চ) জাপান এছিয়া মহাদেশৰ কত অৱস্থিত—
(i) উত্তৰ প্ৰান্তত।
(ii) পশ্চিম প্ৰান্তত।
(iii) পূব প্ৰান্তত।
(iv) দক্ষিণ প্ৰান্তত।
উত্তৰঃ (iii) পূব প্ৰান্তত।
(ছ) উত্তৰা-দক্ষিণাকৈ জাপানৰ মাটিকালি হ’ল—
(i) ২,৪৪,৪৭৯ বৰ্গ কিলোমিটাৰ।
(ii) ৪,৩৩,২৩৭ বৰ্গ কিলোমিটাৰ।
(iii) ৩,৭৭,৭৬৫ বৰ্গ কিলোমিটাৰ।
(iv) ২,৫৫,৫৬২ বৰ্গ কিলোমিটাৰ।
উত্তৰঃ (iii) ৩,৭৭,৭৬৫ বৰ্গ কিলোমিটাৰ।
(জ) জাপানৰ পশ্চিম উপকূলেদি বৈ থকা গৰম পানীৰ সামুদ্ৰিক সোঁতটো কি—
(i) কিউৰ’ছিও।
(ii) ছু-ছিমা।
(iii) লাব্ৰাড।
(iv) অয়াচিত।
উত্তৰঃ (ii) ছু-ছিমা।
(ঝ) উত্তৰা-দক্ষিণাকৈ জাপানৰ দৈর্ঘ্য প্ৰায়—
(i) ১৩০০
(ii) ২৪০০
(iii) ৩৪০০
(iv) ৫৪০০
উত্তৰঃ (ii) ২৪০০
(ঞ) জাপানৰ কেইটা আগ্নেয়গিৰি জীৱন্ত—
(i) ৫০ টা।
(ii) ৬০ টা।
(iii) ৪০ টা।
(iv) ২০ টা।
উত্তৰঃ (i) ৫০ টা।
২। অতি চমু প্রশ্নৰ উত্তৰঃ
(ক) জাপানৰ প্রাচীন নামটো কি?
উত্তৰঃ জাপানৰ প্রাচীন নামটো ‘নিম্পন’।
(খ) জাপানৰ মুখ্য দ্বীপ কেইটা?
উত্তৰঃ জাপানৰ মুখ্য দ্বীপ হ’ল চাৰিটা।
(গ) জাপানৰ আটাইতকৈ ডাঙৰ দ্বীপ কি?
উত্তৰঃ জাপানৰ আটাইতকৈ ডাঙৰ দ্বীপ হ’ল হনছু।
(ঘ) জাপানৰ কেইটা আগ্নেয়গিৰি জীৱন্ত?
উত্তৰঃ জাপানৰ ৫০টা আগ্নেয়গিৰি জীৱন্ত।
(ঙ) জাপানৰ সৰ্ববৃহৎ সমভূমিখন কি?
উত্তৰঃ জাপানৰ সৰ্ববৃহৎ সমভূমিখন হ’ল কোৱান্ট সমভূমি।
(চ) উত্তৰৰপৰা দক্ষিণলৈ জাপানৰ দৈর্ঘ্য কিমান?
উত্তৰঃ উত্তৰৰপৰা দক্ষিণলৈ জাপানৰ দৈর্ঘ্য ১,৬০০ কিল’মিটাৰ।
(ছ) জাপানৰ উত্তৰ-পশ্চিম উপকূলত বৰষুণৰ বাৰ্ষিক গড় পৰিমাণ কিমান?
উত্তৰঃ জাপানৰ উত্তৰ-পশ্চিম উপকূলত বৰষুণৰ বাৰ্ষিক গড় পৰিমাণ ২০০-ৰপৰা ২৫০ ছেঃমিঃ।
(জ) জাপানৰ প্ৰধান দ্বীপকেইটা কি কি?
উত্তৰঃ জাপানৰ প্ৰধান দ্বীপকেইটামান হ’ল হ’কাইডো, হনছু, ছিক’কু আৰু কিউছিউ।
(ঝ) জাপানৰ ৰাজধানী কি?
উত্তৰঃ জাপানৰ ৰাজধানী হ’ল ট’কিঅ।
(ঞ) জাপানৰ এবিধ প্ৰধান খাদ্যশস্য কি?
উত্তৰঃ জাপানৰ এবিধ প্ৰধান খাদ্যশস্য হ’ল ধান।
(ট) জাপানৰ প্ৰধান দ্বীপ চাৰিটা কোনটো পৰ্বতমালাই আগুৰি আছে?
উত্তৰঃ জাপানৰ প্ৰধান দ্বীপ চাৰিটা ধেনুভিৰীয়া পৰ্বতমালাই আগুৰি আছে।
(ঠ) জাপানৰ প্ৰধান প্ৰাকৃতিক বিভাগসমূহ কেইটা?
উত্তৰঃ জাপানৰ প্ৰধান প্ৰাকৃতিক বিভাগসমূহ চাৰিটা।
(ড) জাপানৰ প্ৰধান প্ৰাকৃতিক বিভাগসমূহ কি কি?
উত্তৰঃ জাপানৰ প্ৰধান প্ৰাকৃতিক বিভাগসমূহ হৈছে—
(i) হ’কাইডো অঞ্চল।
(ii) উত্তৰ-পূৱ জাপান অঞ্চল।
(iii) মধ্য জাপান অঞ্চল। আৰু
(iv) দক্ষিণ-পশ্চিম জাপান অঞ্চল।
(ঢ) জাপানৰ প্ৰধান কৃষি অঞ্চলসমূহ কি কি?
উত্তৰঃ জাপানৰ প্ৰধান কৃষি অঞ্চলসমূহ হৈছে—
পুৰণি জাপান অঞ্চল আৰু হ’কাইডো অঞ্চল।
(ণ) জাপানৰ প্ৰধান ঔদ্যোগিক অঞ্চল কেইটা?
উত্তৰঃ জাপানৰ প্ৰধান ঔদ্যোগিক অঞ্চল চাৰিটা।
(ত) জাপানৰ মুঠ দ্বীপৰ সংখ্যা কিমান?
উত্তৰঃ জাপানৰ মুঠ দ্বীপৰ সংখ্যা হ’ল ১,০৮৯ টা।
৩। জাপান দেশৰ ভৌগোলিক অৱস্থান সম্পৰ্কে লিখা।
উত্তৰঃ জাপান এছিয়া মহাদেশৰ পূব প্ৰান্তত অৱস্থিত। বিশ্বৰ উদ্যোগ প্রাধন উন্নত দেশসমূহৰ ভিতৰত ই অন্যতম। প্ৰশান্ত মহাসাগৰৰ উত্তৰ অংশত থকা বহুতো সৰু-ডাঙৰ দ্বীপৰ সমষ্টিয়েই হৈছে জাপান দেশ। হ’কাইডো, ছনছু, চিক’কু, আৰু কিউছিউ— এই চাৰিটা প্ৰধান দ্বীপ আৰু ৰিউকিউ দ্বীপকে ধৰি আন বহুতো সৰু সৰু দ্বীপপুঞ্জেৰে জাপান গঠিত। প্ৰশান্ত মহাসাগৰত অৱস্থিত জাপান দ্বীপপুঞ্জৰ উত্তৰে চাখালিন দ্বীপ, কুৰিল দ্বীপ আৰু ওখটস্ক সাগৰ; দক্ষিণে টাইৱান আৰু পূব-চীন সাগৰ; পূবে প্ৰশান্ত মহাসাগৰ; আৰু পশ্চিমে জাপান, কোৰিয়া আৰু ৰাছিয়া সাগৰ।
৪। জাপানৰ প্ৰধান প্ৰাকৃতিক বিভাগসমূহ কি কি? মানচিত্ৰসহ প্ৰতিটো বিভাগৰে ভূ-প্ৰকৃতি সম্পৰ্ক চমুকৈ লিখা।
উত্তৰঃ জাপানৰ প্ৰধান প্ৰাকৃতিক বিভাগসমূহ হৈছে—
(ক) হ’কাইডো অঞ্চল।
(খ) উত্তৰ-পূব জাপান অঞ্চল।
(গ) মধ্য জাপান অঞ্চল।
(ঘ) দক্ষিণ-পশ্চিম জাপান অঞ্চল।
মানচিত্ৰত জাপানৰ প্ৰাকৃতিক বিভাগসমূহ দেখুওৱা হ’ল—
জাপানৰ প্ৰাকৃতিক বিভাগ
হ’কাইডো অঞ্চলটো জাপানৰ একেবাৰে উত্তৰ অংশত থকা প্ৰধান দ্বীপ হ’কাইডোৰে এই অঞ্চল গঠিত। এই অঞ্চলৰ ভূ-প্ৰকৃতি পৰ্বতময়। ইয়াৰ প্ৰায় মাজ ভাগত অৱস্থিত হ’কাইডো পৰ্বতমালাৰ আচাহিডোকে শৃঙ্গৰ উচ্চতা ২,২৯০ মিটাৰ। ইয়াৰ উপৰি টকাছি আৰু কনছেন এই অঞ্চলৰ আন দুটা উল্লেখযোগ্য সমভূমি। টকাছি-সমভূমিখণ্ড বহল বেদিকাযুক্ত। প্ৰশান্ত মহাসাগৰীয় উপকূলত অৱস্থিত কনছেন সমভূমিৰ উপৰিভাগ সাগৰীয়া অৱক্ষেপৰে গঠিত।
উত্তৰ-পূব জাপান অঞ্চলটো হনছু দ্বীপৰ উত্তৰ অংশক লৈয়েই উত্তৰ-পূব জাপান অঞ্চল গঠিত হৈছে। ইয়াৰ পশ্চিম খণ্ড অসংখ্য ভাঁজ আৰু চ্যুতিৰে পূৰ্ণ। এই অঞ্চলত আও আৰু উটছু নামেৰে দুটা সমান্তৰাল পৰ্বতশ্ৰেণী আছে। ইয়াৰ শৃংগবিলাকৰ উচ্চতা ১৫০০-২০০০ মিটাৰৰ ভিতৰত। এই পাৰ্বত্য অঞ্চলত থকা সৰলবৰ্গীয় উদ্যোগ, আগ্নেয়গিৰিৰ শৃংগ আৰু হ্ৰদ আদিয়ে ইয়াক পৰ্যটনৰ বাবে অতি আকৰ্ষণীয় কৰি তুলিছে। উত্তৰ-পূব জাপানৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোক এক গভীৰ উপত্যকাই জাপান সাগৰীয়া অঞ্চলৰ পৰা পৃথক কৰি ৰাখিছে। দক্ষিণ কিটাকামি অঞ্চলৰ উপকূলভাগ ঠেক আৰু উচ্চভূমি খণ্ড বিভিন্ন নদীৰ দ্বাৰা বিখণ্ডিত। উত্তৰ কাটিকামি আৰু আবুকুমা উপকূল অংশ থিয় গৰাযুক্ত এক উপকূলীয় সমভূমি।
মধ্য জাপান অঞ্চলটো হনছু পৰ্বতশ্ৰেণী আৰু ছিচিটো মেৰিয়ানা পৰ্বতমালা লগ লাগি জাপানৰ সৰ্বোচ্চ পাৰ্বত্য অঞ্চলত সৃষ্টি কৰিছে। ইয়াৰ পূবত থকা উচ্চ অংশটো হিদা পৰ্বত নামেৰে জনাজাত। ইয়াতে ফ’ছা মেগনা নামৰ এক উপত্যকাই পৰ্বতশ্ৰেণীসমূহক পৃথক কৰিছে। সমুদ্ৰ-পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৩,৭৭৬ মিটাৰ। কাণ্টো আৰু নবি মধ্য জাপানৰ দুটা উল্লেখনীয় সমভূমি। এই অঞ্চলৰ মাজেদি প্ৰৱাহিত ট’নকে ধৰি অন্যান্য নদীয়ে পলস পেলাই প্ৰশান্ত মহাসাগৰৰ উপকূল পৰ্যন্ত প্লাৱনভূমিৰ সৃষ্টি কৰিছে।
দক্ষিণ-পশ্চিম জাপান অঞ্চলটো হনছুৰ দক্ষিণ-পশ্চিম অংশ, ছিক’কু আৰু কিউছিউ দ্বীপক লৈয়েই দক্ষিণ-পশ্চিম জাপান অঞ্চল গঠিত। পূবা-পশ্চিমাকৈ থকা এক চ্যুতিয়ে এই অঞ্চলৰ জাপান সাগৰীয় অঞ্চলটোক প্ৰশান্ত মহাসাগৰীয়া অঞ্চলৰ পৰা পৃথক কৰি ৰাখিছে। দক্ষিণ-পশ্চিম জাপানৰ অধিকাংশই পুৰণি শিলাৰে গঠিত। এই অঞ্চলত থকা দ্বীপ আকৃতিৰ বহুতো শিলাময় পাহাৰ আৰু ভগ্ন উপকূলৰ প্ৰাকৃতিক সৌন্দৰ্য অতি বিতোপন। ছিগ’কু অঞ্চলৰ উপকূললৈকে বিস্তৃত হৈ থকা পৰ্বতৰ শাৰীবোৰক পৃথক কৰি ৰখা ঠেক উপত্যকাবোৰ পলসেৰে ভৰি সাৰুৱা কৃষিভূমিত পৰিণত হৈছে। দক্ষিণ-পশ্চিম জাপানৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলটো পৰ্বতময়। ইয়াৰ দক্ষিণ কিউছিউ অঞ্চলটোত সঘনাই আগ্নেয় উদ্গিৰণ ঘটে।
৫। জাপানৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ জনসংখ্যাৰ ভিত্তিত জাপান বিশ্বৰ দশম বৃহৎ দেশ। ইয়াৰ জনবসতিও অতি ঘন। প্ৰাধনকৈ মংগোলীয় গোষ্ঠীৰ লোকে বাস কৰা এই দেশত ৬১০ খ্ৰীষ্টাব্দত জনসংখ্যা আছিল প্ৰায় ৫ নিযুত। এই জনসংখ্যা ক্ৰমে বৃদ্ধি পাই আহি ১৮৮০ চনত ৩৮ নিযুত, ১৯৪৫ চনত ৭২ নিযুত, ১৯৯৯ চনত ১২৭ নিযুত আৰু ২০০৭ চনত ১২৮ নিযুত হয়। দ্ৰুত আৰ্থ-সামাজিক বিকাশৰ লগে লগে দেশত জন্ম-মৃত্যুৰ হাৰ বিশেষভাৱে হ্ৰাস পাইছে। তলৰ তালিকাত জাপানৰ জনসংখ্যা বৃদ্ধি দেখুওৱা হ’ল—
লোকপিয়ল বৰ্ষ | জনসংখ্যা (নিযুত হিচাপত) |
১৮৮০ | ৩৮ |
১৯০০ | ৪৪ |
১৯২০ | ৫৫ |
১৯৪৫ | ৭২ |
১৯৬০ | ৯৩ |
১৯৭৫ | ১১২ |
১৯৯৯ | ১২৭ |
২০০৭ | ১২৮০ |
অৰ্থনৈতিক উন্নয়নৰ বৈষম্যৰ বাবে জাপানৰ জনসংখ্যাৰ বিতৰণ সকলোতে একে নহয়। বসবাস আৰু আৰ্থিক উন্নয়নৰ বাবে অনুপযোগী হোৱাৰ বাবে ইয়াৰ পাৰ্বত্য অঞ্চলবোৰত জনবসতি আৰু সেৰেঙা। আনহাতে নদী উপত্যকা আৰু উপকূলীয় অঞ্চলবোৰত জনবসতি অতি ঘন। জাপানৰ জনসংখ্যাৰ গঢ় ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩৩৮ জনৰ বিপৰীতে হ’কাইডোকে ধৰি অন্যান্য পাৰ্বত্য অঞ্চলৰ ঘনত্ব ১০০ জনতকৈ কম।
৬। জাপানৰ জনসংখ্যাৰ ঘনত্বৰ তাৰতম্যৰ কাৰকসমূহ উল্লেখ কৰা।
উত্তৰঃ জাপানত জনসংখ্যাৰ ঘনত্ব সকলো ঠাইতে সমান নহয়। নদী উপত্যকা আৰু উপকূলীয় অঞ্চলবোৰত জনবসতি অতি ঘন আৰু তাৰ বিপৰীতে পাৰ্বত্য অঞ্চলবোৰত জনসংখ্যাৰ ঘনত্ব কম। জনসংখ্যাৰ ঘনত্বৰ তাৰতম্য প্ৰধান কাৰক হৈছে ভূ-প্ৰকৃতিক পাৰ্থক্য, জলবায়ুৰ তাৰতম্য আৰু আঞ্চলিক অৰ্থনৈতিক উন্নয়নৰ বৈষম্য। জাপানৰ জনসংখ্যাৰ গঢ় ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩৩৮ জনৰ বিপৰীতে হ’কাইডোকে ধৰি অন্যান্য পাৰ্বত্য অঞ্চলৰ ঘনত্ব ১০০ জনতকৈ কম। আনহাতে কৃষিভিত্তিক সমতল অঞ্চলবোৰত ঘনত্ব ১০০ ৰপৰা ৮০০ জনৰ ভিতৰত আৰু ঔদ্যোগিক সমভূমি অঞ্চলত ৮০০ জনতকৈ অধিক। জাপানৰ জনসংখ্যাৰ ঘনত্বৰ তাৰতম্যৰ আন এক প্ৰধান কাৰণ হৈছে দ্ৰুত হাৰত হোৱা উদ্যোগীকৰণ আৰু নগৰীকৰণ। দ্ৰুত ঔদ্যোগিকৰণৰ ফলত দেশৰ বহু অঞ্চলত কৃষি উৎপাদনৰ গুৰুত্ব যথেষ্ট হ্ৰাস পাইছে। সেয়ে গাঁৱৰ পৰা নগৰ-মহানগৰলৈ মানুহৰ প্ৰব্ৰজন দ্ৰুত গতিত বৃদ্ধি পাইছে। লগতে নতুন নতুন নগৰৰ সৃষ্টি হৈছে।
৭। জাপানৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পৰ্কে লিখা।
উত্তৰঃ জাপানৰ অৰ্থনীতিত কৃষিৰ অপৰিসীম গুৰুত্ব আছে। দেশৰ মুঠ মাটিকালিৰ মাত্ৰ ১৭ শতাংশ কৃষিকাৰ্যৰ অন্তৰ্গত। কৃষিকাৰ্য বাণিজ্যিক ভিত্তিত আধুনিক পদ্ধতিৰে কৰা হয়, সেয়ে ই উন্নত মানৰ। ইয়াৰ প্ৰতি হেক্টৰ কৃষিভূমিৰ উৎপাদনৰ হাৰ প্ৰাচ্যৰ দেশসমূহৰ ভিতৰত সৰ্বোচ্চ। পৰ্বত-পাহাৰৰ স্থিতি আৰু ঘন জনবসতিৰ বাবে জাপানৰ কৃষি ক্ষেত্ৰবোৰ আকাৰত অতি ক্ষুদ্ৰ। ভূমি বিভাজনৰ ফলত কৃষি ক্ষেত্ৰবোৰ বৰকৈ সিঁচৰিত অৱস্থাত আছে। এনে ক্ষেত্ৰত কেৱল বিজ্ঞানসন্মত গহন কৃষি পদ্ধতিৰে অধিক পৰিমাণে সাৰ আদি প্ৰয়োগ কৰি কৃষি উৎপাদনৰ বৃদ্ধি সম্ভৱ কৰি তোলা হৈছে। জাপানৰ ভূমিভাগ অসমান কাৰণে ইয়াত নানা প্ৰকাৰে কৃষিকাৰ্য সম্পাদনা কৰা হয়। ইয়াৰ ভিতৰত বেদিকা কৃষি, মিশ্ৰকৃষি, অন্তঃপ্ৰৱেশী কৃষি আৰু ঝুম কৃষি। ধানেই জাপানৰ প্ৰধান কৃষি শস্য। দেশৰ মুঠ কৃষি ভূমিৰ প্ৰায় দুই-তৃতীয়াংশত ধান খেতি কৰা হয় আৰু মুঠ জনসংখ্যা ৬ শতাংশ লোক কৃষিকাৰ্যত নিয়োজিত হৈ থাকে। কৃষিক্ষেত্ৰত বিস্তৃতি, শস্যৰ বিতৰণ আৰু উৎপাদন আদিৰ ওপৰত নিৰ্ভৰ কৰি দেশখনত কিছুমান কৃষি অঞ্চল চিনাক্ত কৰা হৈছে। উদ্যোগপ্ৰধান অঞ্চল হিচাপে পৰিচিত জাপান দেশখনত অতি কম ভূমিত বৈজ্ঞানিক পদ্ধতিৰে কৃষিকাৰ্য সম্পাদনা কৰি অধিক পৰিমাণে উৎপাদন কৰা হয়।
৮। চমু টোকা লিখাঃ
(ক) হ’কাইডো অঞ্চলৰ ভূ-প্ৰকৃতি।
উত্তৰঃ হ’কাইডো অঞ্চলটো জাপানৰ একেবাৰে উত্তৰ অংশত থকা প্ৰধান নদী হ’কাইডোৰে গঠিত। হ’কাইডো অঞ্চলৰ ভূ-প্রকৃতি পৰ্বতময়। হ’কাইডো পৰ্বতমালাৰ মাজভাগত আচাহিডাকে শৃংগ অৱস্থিত। পৰ্বতশ্ৰেণীৰ মাজত কেইবাটাও নদী গঠিত বিস্তীৰ্ণ পলসুৱা নিম্নভূমি অঞ্চল আছে। সমভূমি অঞ্চলৰ অন্তৰ্গত টকাছি সমভূমি খণ্ড বহল বেদিকাযুক্ত আৰু প্ৰশান্ত মহাসাগৰীয় উপকূলত অৱস্থিত কনছেন সমভূমিৰ উপৰিভাগ সাগৰীয়া অৱক্ষেপেৰে গঠিত।
(খ) জাপানৰ বেদিকা কৃষি।
উত্তৰঃ জাপানৰ ভূখণ্ড সমান নোহোৱা বাবে ইয়াত বেদিকা কৃষি পদ্ধতিও কৃষিকাৰ্য কৰা হয়। পুৰণি জাপান অঞ্চলৰ অন্তৰ্গত অন্তঃৱৰ্তী অঞ্চলৰ পাহাৰবোৰৰ নামনিত বেদিকা পদ্ধতিৰে খেতি কৰা হয়। বেদিকা কৃষিৰ ভিতৰত প্ৰধানকৈ নানাবিধ ফল-মূল, শাক-পাচলি আৰু ফুল আদি উৎপাদন কৰা হয়। আকৌ ছিট’ছি-কিনকি অঞ্চলটোৰ কিছুমান ঠাইত বেদিকা পদ্ধতিৰে ফল-মূল, মিঠাআলু আদি প্ৰচুৰ পৰিমাণে উৎপাদন কৰা হয়।
(গ) জাপানৰ উপকূল অঞ্চল।
উত্তৰঃ উত্তৰ–পূৱ জাপানৰ প্রশান্ত মহাসাগৰীয় অঞ্চলটো এক গভীৰ উপত্যকাই জাপান সাগৰীয় উপকূল অঞ্চলৰ পৰা পৃথক কৰিছে। এই উপত্যকা অঞ্চলৰ দক্ষিণৰ উপকূল ভাগ ঠেক আৰু উপকূল অংশ ভূ–আন্দোলনৰ ফলত তললৈ বহি গৈ গভীৰ ভগ্ন উপকূলৰ সৃষ্টি কৰিছে। জাপানৰ উত্তৰৰ কিটাকামি আৰু আবুকুমা উপকূল অংশ থিয় গৰাযুক্ত। জাপানৰ উপকূল অঞ্চলসমূহৰ ভূমিভাগ সাৰুৱা আৰু অধিকাংশ সমতল ভূমি হােৱা কৃষিকাৰ্যৰ উপযােগী হৈছে। লগতে যােগাযােগ আৰু পৰিবহণৰ সুব্যৱস্থা থকা কাৰণে বৃহৎ বৃহৎ উদ্যোগ গঢ়াত সহজ হৈছে। জাপানৰ উপকূল অঞ্চলত ঘৰ–দুৱাৰ নিৰ্মাণ, বাট–পথ নির্মাণৰ যথেষ্ট সুবিধা আছে, সেয়ে এই অঞ্চলত জনবসতি অধিক হয়। জাপানৰ উপকূল অঞ্চলৰ ভূ প্রকৃতি, জলবায়ু আৰু মানুহৰ বসবাস উপযােগী আৰু সেয়ে উপকূলীয় অঞ্চলবােৰত জনসংখ্যা ঘনত্ব অধিক।
(ঘ) জাপানৰ হনছু্ দ্বীপ অঞ্চল।
উত্তৰঃ জাপানৰ হনছু দ্বীপ অঞ্চলটো এক বৃহৎ দ্বীপ অঞ্চল আৰু ই দেশখনৰ তিনি-চতুৰ্থাংশ ঠাই আগুৰি আছে। হনছু দ্বীপৰ উত্তৰ অংশক লৈয়েই উত্তৰ-পূব জাপান অঞ্চল গঠিত হৈছে। এই অঞ্চলৰ কেইখনমান প্রধান নগৰ হ’ল আওমোৰি, আকিটা, মৰিওকা, হাচিনোহে, চেণ্ডাই, কোৰিয়ামা আৰু য়ামাগাটা। হনছু দ্বীপৰ মধ্য অংশকলৈ মধ্য জাপান গঠিত হৈছে। এই অঞ্চলতেই হনছু পৰ্বতশ্ৰেণী আৰু ছিচিটো মেৰিয়ানা পৰ্বতমালা লগ লাগি জাপানৰ সৰ্বোচ্চ পাৰ্বত্য অঞ্চলৰ সৃষ্টি কৰিছে। হনছুৰ দক্ষিণ-পশ্চিম অংশ, ছিক’কু আৰু কিউছিউ দ্বীপক লৈয়েই দক্ষিণ-পশ্চিম জাপান অঞ্চল গঠিত।