ভূ-আকৃতিক প্রক্রিয়া Class 10 Elective Geography Important Notes

ভূ-আকৃতিক প্রক্রিয়া Class 10 Elective Geography Important Notes to each chapter are provided in the list so that you can easily browse through different chapters ভূ-আকৃতিক প্রক্রিয়া Class 10 Elective Geography SEBA Important Notes and select need one.

Class 10 Elective Geography Important Notes ভূ-আকৃতিক প্রক্রিয়া

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Elective Geography Important Notes ভূ-আকৃতিক প্রক্রিয়া Solutions for All Subjects, You can practice these here.

ভূ-আকৃতিক প্রক্রিয়া

Chapter – 1

ELECTIVE GEOGRAPHY

IMPORTANT NOTES

১। শুদ্ধ উত্তৰটো বাচি উলিওৱা।

(ক) ওলম বা ঝুলন উপহয়কা সৃষ্টি কাৰকটো হ’ল—

(i) হিমবাহ।

(ii) নদী।

(iii) বতাহ।

(iv) সাগৰৰ টো। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (i) হিমবাহ।

(খ) ইনছেলবার্গ সৃষ্টি কৰা কাৰকটো হ’ল—

(i) প্রবহমান জল।

(ii) হিমবাহ।

(iii) বতাহ।

(iv) সামুদ্ৰিক টো।

উত্তৰঃ (iii) বতাহ।

(গ) হিমবাহ কেই প্ৰকাৰৰ—

(ক) চাৰি।

(খ) পাঁচ।

(গ) দুই।

(ঘ) তিনি।

উত্তৰঃ (ঘ) তিনি।

(ঘ) তলত দিয়াবোৰৰ কোনটো বতাহে সৃষ্টি কৰে—

(i) U-আকৃতিক উপত্যকা।

(ii) ড্রামলিন। 

(iii) ইনছেলর্গ।

(iv) গ্ৰাব।

উত্তৰঃ (iii) ইনছেলর্গ।

(ঙ) স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ সৈতে জড়িত প্ৰক্ৰিয়া হৈছে—

(i) ভূ-আকৃতিক প্ৰক্ৰিয়া।

(ii) ভূ-আকৃতিক বিজ্ঞান।

(iii) অৱনমন।

(iv) মৰুদ্যান।

উত্তৰঃ (i) ভূ-আকৃতিক প্ৰক্ৰিয়া।

(চ) ভূ-পৃষ্ঠত থকা স্থলাকৃতিৰ সৃষ্টি কেই প্ৰকাৰৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈছে—

(i) দুই।

(ii) তিনি।

(iii) চাৰি।

(iv) পাঁচ।

উত্তৰঃ (i) দুই।

(ছ) গ্ৰাৱ কেই প্ৰকাৰৰ—

(i) তিনি।

(ii) চাৰি।

(iii) ছয়।

(iv) সাত।

উত্তৰঃ (ii) চাৰি।

(জ) বতাহে মৰুভূমিত প্ৰধানকৈ কেইটা কার্য সম্পাদন কৰে—

(i) ছয়টা।

(ii) দুটা।

(iii) তিনিটা।

(iv) পাঁচ।

উত্তৰঃ (iii) তিনিটা।

(ঝ) স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ সৈতে জড়িত প্ৰক্ৰিয়া হৈছে—

(i) ভূ-আকৃতিক প্ৰক্ৰিয়া।

(ii) ভূ-আকৃতিক বিজ্ঞান।

(iii) অৱনমন।

(iv) মৰুদ্যান।

উত্তৰঃ (i) ভূ-আকৃতিক প্ৰক্ৰিয়া।

(ঞ) মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ কোনটো—

(i) ইয়াৰদাং।

(ii) ইনছেলবাৰ্গ।

(iii) ওপৰৰ দুয়োটা।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) ইনছেলবাৰ্গ।

২। ভূ-আকৃতিক বিজ্ঞান কাক বোলে হয়।

উত্তৰঃ ভূগোলৰ এটি বিশেষ শাখাহ স্থলাকৃতিবোৰৰ উৎপত্তি, ক্রম বিকাশ (Evolution), আকাৰ-আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে। এই শাখাটোক ভূ-আকৃতিক বিজ্ঞান (Geomorphology) বোলা হয়।

৩। হিমবাহে সৃষ্টি কৰা অৱক্ষেপনজনিত অৱয়ৱ এটাৰ নাম লিখা।

উত্তৰঃ হিমবাহে সৃষ্টি কৰা অৱক্ষেপনজনিত অৱয়ৱ এটাৰ নাম হ’ল— ড্রামলিন।

৪। বাহ্যিক প্ৰক্ৰিয়া কি?

উত্তৰঃ ভূ-পৃষ্ঠত আমি দেখাকৈ কিছুমান কাৰকে স্থলাকৃতিৰ সৃষ্টিত অৰিহনা যোগাই ভূ-পৃষ্ঠত বিভিন্ন পৰিৱৰ্তন আনে। তেনেবোৰ কাৰককে বাহ্যিক কাৰক বোলে।

৫। কোনটো বালিয়াৰি অর্ধ চন্দ্রাকৃতিৰ লিখা। 

উত্তৰঃ কোনো কোনো ঠাইত আকৌ পৰিস্থিতি সাপেক্ষে অর্ধ চন্দ্রাকৃতিৰ বালিয়াৰিৰো সৃষ্টি হয়।

৬। হিমবাহৰ অৱক্ষেপল কার্যৰ দ্ধাৰা সৃষ্টি হোৱা যি কোনো এটা অবয়বৰ নাম লিখা।

উত্তৰঃ হিমবাহৰ অৱক্ষেপল কার্যৰ দ্ধাৰা সৃষ্টি হোৱা যি কোনো এটা অবয়বৰ নাম হ’ল— ওলোমা উপত্যকা।

৭। দুই প্ৰকাৰৰ গ্ৰাবৰ নাম উল্লেখ কৰা।

উত্তৰঃ দুই প্ৰকাৰৰ গ্ৰাবৰ নাম উল্লেখ হৈছে— 

(i) পার্শ্ব গ্ৰাব। 

(i) ভূমি গ্ৰাব।

৮। অনুদৈর্ঘ্য বালিয়াৰি এটি চিত্ৰ অংকন কৰা।

উত্তৰঃ 

৯। অৱনমন বুলিলে কি বুজা?

উত্তৰঃ কোনো এক অংশৰ পৰা ধূলি-বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলা প্ৰক্ৰিয়াক অৱনমন (Deflation) বোলে।

১০। ইনছেলবাৰ্গ কি ছবি আঁকি দেখুওৱা।

উত্তৰঃ ইনছেলবাৰ্গ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ।

তলত ইনছেলবাৰ্গৰ চিত্ৰ দেখুওৱা হ’ল—

১১। ওলোমা উপত্যকাৰ অৰ্থ লিখা।

উত্তৰঃ ওলোমা উপত্যকা হৈছে হিমবাহে সৃষ্টি কৰা এক ক্ষয়জনিত অৱয়ব। মূল নদীলৈ উপনদীবোৰ বৈ অহাৰ দৰে মূল হিমবাহলৈও উপ-হিমবাহ কিছুমান বৈ আহে। মূল হিমবাহৰ উপত্যকা তুলনামূলকভাৱে ডাঙৰ আৰু দ। উপ-হিমবাহৰ উপত্যকা সৰু আৰু দ। যত আহি উপ-হিমবাহ মূল হিমবাহৰ লগ লাগে, তাতে স্বাভাৱিক কাৰণতে উপ-হিমবাহৰ উপত্যকাটো মূল হিমবাহৰ উপত্যকাৰ ওপৰত ওলমি থকা যেন লাগে। সেয়ে উপ-হিমবাহৰ উপত্যকাটোক ওলোমা উপত্যকা বুলি কোৱা হয়।

১২। মৰুদ্যান কাক বােলে? ইয়াৰ তাৎপর্য কি? 

উত্তৰঃ মৰুভূমিৰ শুকান বালিময় উপৰিভাগৰ ওপৰত বতাহে বিশেষভাৱে ক্রিয়া কৰে। বতাহে মৰুভূমিৰ উপৰিভাগৰ ধূলি – বালি, শিল আদি বহু দূৰলৈ উৰুৱাই নি মৰুভূমিৰ কোনাে এক অংশ আপেক্ষিকভাৱে দ কৰি তুলিব পাৰে। অৱনমন প্রক্রিয়াৰ ফলত মৰুভূমিৰ একো একোটা অংশৰ উচ্চতা কমি ভূগর্ভস্থ জলপৃষ্ঠৰ ওচৰ পালে, সেই অংশটোক মৰুদ্যান (Oasis) বােলা হয়। 

মৰুদ্যানৰ তাৎপর্য এয়ে যে — মৰুদ্যানত কিছু পৰ্মিাণে সৰু সৰু গছ–গছনি আৰু উদ্ভিদ থাকে। মৰুদ্যানত অলপ – অচৰপ খেতি – বাতিও কৰিব পাৰি কাৰণ ইয়াৰ মাটিভাগ জীপাল আৰু আংশিকভাৱে সাৰুৱা হয়।

১৩। ভূ-আকৃতিক বিজ্ঞানৰ অৰ্থ লিখা।

উত্তৰঃ ভূগালেৰ যিটো শাখাই ভূ–পৃষ্ঠৰ ভিন্ন অৱয়ব বা স্থলাকৃতি বাৰেৰ উৎপত্তি (Origin), ক্রমবিকাশ (Evolution), আকাৰ-আকৃতি আৰু বিতৰণ (Distribution) সম্বন্ধে অধ্যয়ণ কৰে, সেই শাখাটোক ভূ আকৃতিক বিজ্ঞান (Geomorphology) বালো হয়।

১৪। গ্রাব কি? তিনি প্ৰকাৰ গ্ৰাবৰ নাম উল্লেখ কৰা।

উত্তৰঃ গ্ৰাৱ হৈছে হিমবাহে সৃষ্টি কৰা এক অৱক্ষেপনজনিত ভূ-অৱয়ব। কোনো উপত্যকাৰে হিমবাহ এটা নামি আহোতে বাহিৰে আন কিছুমান পদাৰ্থ কঢ়িয়াই আনে। এই পদাৰ্থবোৰকে গ্ৰাৱ বুলি ফোৱা হয়।

তিনি প্ৰকাৰ গ্ৰাবৰ নাম উল্লেখ কৰা হৈছে—

(i) পার্শ্ব গ্ৰাৱ ( Lateral Moraine).

(ii) ভূমি গ্ৰাৱ (Ground Moraine).

(iii) মধ্য গ্ৰাৱ (Medial Moraine).

১৬। ওলোমা উপত্যকাৰ এটি নক্সা চিত্ৰ আঁকা।

উত্তৰঃ 

১৬। মহাদেশীয় হিমবাহ আৰু হিমবাহৰ মাজত থকা পাৰ্থক্য লিখা।

উত্তৰঃ মহাদেশীয় হিমবাহঃ এই হিমবাহবোৰ মেৰু অঞ্চলৰ বৃহৎ এলেকাজুাৰ বিস্তৃত হৈ আছে। উত্তৰ কানাডা, গ্ৰীণলেণ্ড, স্কান্দিনেভিয়া, এণ্টার্কটিকা আদিত মহাদেশীয় হিমবাহবোৰ বিয়পি আছে। এই হিমবাহবোৰে ভূপৃষ্ঠৰ ঢাল অনুসৰি অতি ধীৰ গতিৰে নামি আহে।

পার্বত্য হিমবাহঃ সুউচ্চ পৰ্বতৰ উচ্চাংশত এই প্ৰকাৰৰ হিমবাহ দেখা যায়। প্ৰধানকৈ ইউৰোপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি আৰু এছিয়া মহাদেশৰ হিমালয় পার্বত্য অঞ্চলত পার্বত্য হিমবাহ বিদ্যমান। সাধাৰণতে পার্বত্য বা উপত্যকা হিমবাহ দুশাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে বৈ আহে। ইয়াৰ গতিবেগ মহাদেশীয় হিমবাহতকৈ যথেষ্ট বেছি।

১৭। হিমবাহ কাক বােলে? ইয়াৰ গতি অতি ধীৰ হােৱাৰ কাৰণ কি? 

উত্তৰঃ হিমবাহ হৈছে অতি ধীৰ গতিত প্রবাহিত হােৱা বৰফৰ ঘূপ। হিমবাহ বা বৰফৰ স্থূপবোৰ পাহাৰ–পৰ্বতৰ অতি উচ্চাংশত জমা হৈ থাকে, আৰু মাটিৰ তাল অনুসৰি তললৈ নামি আহে। হিমবাহৰ গতি অতি ধৰ, ইয়াৰ প্ৰধান কাৰণ হৈছে বৰফস্তুপৰ প্ৰৱল হেঁচা আৰু মধ্যাকর্ষণ শক্তি। হিমবাহৰ প্ৰৱল হেঁচা আৰু মধ্যাকর্ষণ শক্তিৰ ক্ৰিয়াৰ ফলত ইয়াৰ গতি অতি মন্থৰ হয়। দিনটোৰ ভিতৰত হিমবাহবােৰ মাত্র কেই মিলিমিটাৰ মানৰপৰা কেই মিটাৰ মানহে অতিক্রম কৰে।

১৮। গ্ৰাৱ কি? ই কেই প্রকাৰৰ? চিত্র আঁকি গ্ৰাৱৰ অৱস্থান দেখুওৱা। 

উত্তৰঃ গ্ৰাৱ হৈছে হিমবাহে সৃষ্টি কৰা এক অৱক্ষেপনজনিত ভূ–অৱয়ব। কোনাে উপত্যকাৰে হিমবাহ এটা নামি আহোতে বাহিৰে আন কিছুমান পদার্থ কঢ়িয়াই আনে। এই পদার্থবােৰকে গ্ৰাৱ বুলি ফোৱা হয়। 

গ্ৰাৱ চাৰি প্ৰকাৰৰ। 

সেইবােৰ হৈছে–

(i) পার্শ্ব গ্ৰাৱ (Lateral Moraine).

(ii) ভূমি গ্ৰাৱ (Ground Moraine).

(iii)  মধ্য গ্ৰাৱ (Medial Moraine).

(iv) প্ৰান্ত গ্ৰাৱ বা অন্তিম গ্রাৱ (Terminal or End Moraine).

(i) পার্শ্ব গ্ৰাৱ (Lateral Moraine): উপত্যকাৰ দাঁতিয়েদি উটি অহা গ্রৱক পার্শ্ব গ্ৰাৱ বােলা হয়। 

(ii) ভূমি গ্ৰাৱ (Ground Moraine): উপত্যকাৰ তলিয়েদি বাগৰি অহা গ্রাৱবােৰ হৈছে ভূমি গ্রাৱ। 

(iii) মধ্য গ্ৰাৱ (Medial Moraine): হিমবাহৰ মাজ ভাগেদি উটি ভাহি অহা গ্রাৱক মধ্য গ্রাৱ বােলা হয়। আৰু 

(iv) প্ৰান্ত গ্ৰাৱ বা অন্তিম গ্রাৱ (Terminal or End Moraine): হিমবাহ এটাৰ প্ৰান্তত বা শেষ সীমাত জমা হোৱা গ্ৰাৱক অন্তিম গ্ৰাৱ বােলা হয়। সিপিঠৰ চিত্ৰত বিভিন্ন গ্রাৱৰ অৱস্থানসমূহ দেখুওৱা হ’ল।

১৮। হিমবাহ কেই প্ৰকাৰৰ? প্রত্যেকৰে বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ বৰফেৰে আবৃত অঞ্চলবােৰৰ পৰিস্থিতি, পৰিৱেশ অনুসৰি হিমবাহক তিনি প্রকাৰত ভাগ কৰিব পাৰি। 

সেইবােৰ হৈছে— 

(i) মহাদেশীয় হিমবাহ (Continentel Glacier). 

(ii) পার্বত্য হিমবাহ বা আল্পীয় হিমবাহ বা উপত্যকা হিমবাহ (Mountain or Alpine or Valley Glacier) আৰু 

(iii) গিৰিপদ বা শৈলপদী হিমবাহ (Piedmont Glacier).

মহাদেশীয় হিমবাহবিলাক মেৰু অঞ্চলৰ বৃহৎ অঞ্চল জুৰি বিয়পি আছে। মহাদেশীয় হিমবাহ থকা প্রধান অঞ্চলসমূহ হৈছে — উত্তৰ কানাডা, গ্রীণলেণ্ড, এন্টার্কটিকা, স্কান্দিনেভিয়া আদি। মহাদেশীয় হিমবাহবােৰ অতি ধীৰ গতিৰে ভূ – পৃষ্ঠৰ ঢাল অনুসৰি তললৈ নামি আহে। 

পার্বত্য হিমবাহ উচ্চ পর্বতৰ উচ্চাংশত থাকে। পার্বত্য বা উপতাকা হিমবাহ দুশাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে নিম্নগামী হয়। পার্বত্য হিমবাহ থকা অঞ্চলসমূহ হৈছে প্ৰধানকৈ ইউৰােপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি পর্বতমালা আৰু এচিয়া মহাদেশৰ হিমালয় পার্বত্য অঞ্চল। পার্বত্য হিমবাহৰ গতিবেগ মহাদেশীয় হিমবাহতকৈ অধিক হয়। 

গিৰিপদ হিমবাহ পৰ্বতৰ পাদদেশত থাকে। কেইবাটাও উপত্যকা হিমবাহ পার্বত্য অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ পৰ্বতৰ দাঁতিকাষৰীয়া নিম্নভূমিত সিঁচৰিত হৈ পৰে। উত্তৰ আমেৰিকাৰ আলাস্কাত গিৰিপদ বা শৈলপদী হিমবাহ দেখিবলৈ পােৱা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top