ৰাজনৈতিক তত্ত্ব কি? ৰাজনীতিৰ অৰ্থ, উৎপতি, প্ৰকাৰ, বৈশিষ্ট্য, বিকাশ, পৰিসৰ, প্ৰকৃতি | What is Political Theory?

ৰাজনৈতিক তত্ত্ব কি? ৰাজনীতিৰ অৰ্থ, উৎপতি, প্ৰকাৰ, বৈশিষ্ট্য, বিকাশ, পৰিসৰ, প্ৰকৃতি | What is Political Theory? – Meaning of Politics, Origin, Types, Features, Development, Scope, and Nature.

Join Telegram channel

পৰিচয় (Introduction)

ৰাজনৈতিক তত্ত্ব হৈছে ৰাজনীতিৰ মৌলিক ধাৰণাসমূহৰ অধ্যয়ন। ই ক্ষমতা, ন্যায়, স্বাধীনতা, সমানাধিকাৰ, গণতন্ত্ৰ আদি মূল বিষয়সমূহক ব্যাখ্যা কৰে আৰু ৰাজ্য, নাগৰিকৰ অধিকাৰ, আৰু চৰকাৰৰ ক্ৰিয়া-কলাপক গভীৰভাৱে বুজি পোৱাত সহায় কৰে।

ৰাজনৈতিক (political) শব্দ গ্রীক ভাষাৰ ‘polis’ শব্দৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে নগৰ বা যথাযথভাৱে ক’বলৈ গ’লে নগৰত থকা সম্প্রদায়ক বুজায়। ৰাজনৈতিক শব্দটোৱে নগৰত থকা সম্প্রদায়টোৰে যি কাম কৰে তাকে বুজায়। অর্থাৎ সম্প্রদায়ে নিজৰ ভিতৰতে নিজৰ বাবে সিদ্ধান্ত গ্রহণ (decision making) কৰাকে ৰাজনৈতিক বুজায়। সিদ্ধান্ত গ্রহণ ৰাজনৈতিক বিষয়, কাৰণ সিদ্ধান্তই সমাজৰ সদস্যৰ কার্যত প্রভাৱ পেলায়। হান্নাই আৰেগুৰ (Hannah Arendt) মতে ৰাজনৈতিক হ’বলৈ হ’লে নগৰত বাস কৰা লোকসকলে আলোচনা, বুজাপৰাৰ মাজেদি সিদ্ধান্ত গ্রহণ কৰিব লাগিব, হিংসা বা শক্তি প্রয়োগৰ যোগেদি নহয়। সেইবাবে ৰাজনৈতিক বাক্যাংশই শক্তি প্রয়োগৰ দ্বাৰা নকৰি আলোচনাৰ মাধ্যমেদি সিদ্ধান্ত গ্রহণ কৰা প্রক্রিয়ালৈ আঙুলিয়াই দিয়ে। সমান্তৰালভাৱে কিহৰ বিষয়ত সিদ্ধান্ত গ্রহণ কৰিব তাকো ৰাজনৈতিক বাক্যাংশই বুজায়।

ৰাজনৈতিক তত্ত্ব কি? ৰাজনীতিৰ অৰ্থ, উৎপতি, প্ৰকাৰ, বৈশিষ্ট্য, বিকাশ, পৰিসৰ, প্ৰকৃতি

ৰাজনীতিৰ অৰ্থ (Meaning of Politics)

সাধাৰণতে ৰাজনৈতিক বিষয়বোৰক, কাৰ্যকলাপক ৰাজনীতি আখ্যা দিব পাৰি। ৰাজনীতি শব্দটো বিভিন্ন অৰ্থত প্ৰয়োগ কৰা হয়। চক্ৰান্তমূলক কাম-কাজক বহুতে ৰাজনীতি বুলি কয়। ৰাজনীতিৰ দ্বাৰা দেশ পৰিচালিত হয়। গতিকে, ৰাজনীতি হ’ল চৰকাৰ গঠন, শাসন, আৰু ক্ষমতা প্ৰয়োগৰ প্ৰক্ৰিয়া। ই এক সমাজ বা ৰাষ্ট্ৰৰ ভিতৰত নীতি-নিয়ম তৈয়াৰ কৰাৰ আৰু জনসাধাৰণৰ মাজত সম্পদ, অধিকাৰ, আৰু দায়িত্ব কিদৰে বণ্টন কৰা হ’ব তাক নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া।

ৰাজনীতিৰ উৎপত্তি (Origin of Politics)

মানুহ সামাজিক জীৱ। সমাজ পাতি বাস কৰোঁতে প্ৰতিগৰাকী মানুহে সমাজৰ অন্য মানুহৰ লগত সংস্পর্শ থাকিব লাগে। একেলগে থাকোতে মানুহৰ ভাবৰ আদান-প্রদান হয়। মানুহ যুক্তিশীল। সামাজিক জীৱন-যাপন কৰোতে সামাজিক জীৱনৰ লগত জড়িত বিভিন্ন কামত অংশগ্রহণ কৰিব লাগে। মানুহৰ লগত সম্পৰ্ক ৰক্ষা কৰোঁতে মানুহে যুক্তিৰ আধাৰত কোনো কথা বিবেচনা কৰে। এনেদৰে কাৰ্য সম্পাদন কৰিলে মানুহৰ মাজত একেমত থাকিব পাৰে বা মতৰ বিৰোধ হ’ব পাৰে। ইয়াক তেওঁলোকে ভাষাৰে প্ৰকাশ কৰে। যুক্তি আৰু ভাষাৰ দ্বাৰা মতৰ বিৰোধ হ’লে নীতি-নিয়ম, পৰম্পৰাৰ দোহাই দি সেই মতবিৰোধ দূৰ কৰিবলৈ যত্ন কৰা হয়। আনফালেদি মতবিৰোধৰ বাবে সংঘাত সৃষ্টি হ’ব পাৰে। কোনোবাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কোনো কাম কৰিব পাৰে। কোনোবাই এনে কার্য সমাজৰ ক্ষতিকাৰক বুলি বিৰোধিতা কৰে। মানুহে সংগঠিত জীৱন পৰিচালনাৰ বাবে বিভিন্ন আইন, নীতি-নিয়ম উদ্ভাৱন কৰিলে। মানুহৰ সমাজ জীৱনে, ৰাজহুৱা জীৱনে, অর্থনৈতিক কার্যকলাপে ক্রমে জটিল ৰূপ ধাৰণ কৰিলে। মানুহৰ মাজত মতবিৰোধৰ সৃষ্টি হ’ল। সমাজৰ জনসাধাৰণৰ মাজত থকা সামাজিক, অর্থনৈতিক, সাংস্কৃতিক আৰু অন্যান্য বিষয়বোৰ কেনেকৈ পৰিচালিত কৰা হ’ব তাকেই লৈ চিন্তা-চৰ্চা আৰম্ভ হ’ল। মানুহৰ মাজত বিৰোধিতা, বিতর্ক, সংঘাত আৰম্ভ হ’ল। সংঘাত দূৰ কৰিবৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হ’ল। ইয়াতেই আৰম্ভ হ’ল ৰাজনীতি। ইয়াতেই প্রোথিত হৈ আছে ৰাজনৈতিক তত্ত্বৰ শিপা।

তত্ত্ব (Theory)

দৰ্শন আৰু বিজ্ঞানৰ লগত জড়িত আনটো পদ হৈছে তত্ত্ব। দর্শন আৰু বিজ্ঞান উভয়তে তত্ত্ব কিছুমান আছে। সেইবাবেই বহুতে দর্শন, বিজ্ঞান আৰু তত্ত্বক একে অৰ্থতে ব্যৱহাৰ কৰে। দৰ্শনৰ বিষয় হ’লে দার্শনিক তত্ত্ব, বিজ্ঞানৰ তত্ত্ব হ’লে বৈজ্ঞানিক তত্ত্ব বা ৰাজনীতিৰ তত্ত্ব হ’লে ৰাজনৈতিক তত্ত্ব বোলা হয়। অর্থাৎ তত্ত্বৰ এক নিজস্ব বৈশিষ্ট্য আছে। তত্ত্ব শব্দটো ইংৰাজী ‘Theory’ শব্দৰ অসমীয়া প্রতিশব্দ। Theory শব্দটো গ্রীক ভাষাৰ ‘Theorein’ শব্দৰ পৰা উৎপত্তি হৈছে। Theorein শব্দৰ অৰ্থ হৈছে “To look at” অর্থাৎ লক্ষ্য কৰা। গতিকে তত্ত্বই কোনো এটা বিষয় লক্ষ্য কৰাক বুজাই বুলি ক’ব পাৰি। তত্ত্বই কোনো এটা বিষয় বা পৰিঘটনা ব্যাখ্যা কৰে।

তত্ত্বৰ এটা সংজ্ঞা হৈছে- “A theory is a supposition of a system of ideas intended to explain something.” কোনো এটা ধাৰণা বা বিষয় সংক্রান্তত তত্ত্বই ব্যাখ্যা কৰে। নিউটনৰ গতি তত্ত্বই এটা বস্তুৰ গতিৰ বিষয়ে ব্যাখ্যা কৰিছে। তেনেকৈ ৰাষ্ট্ৰৰ  তত্ত্বই ৰাষ্ট্ৰৰ আৰম্ভণি, বিকাশ, ইয়াৰ প্ৰকৃতি ব্যাখ্যা কৰে। তেনেদৰে প্রতিটো তত্ত্বই এটা বিষয়বস্তু বিতং অধ্যয়ন কৰি, ইয়াৰ লগত জড়িত বিধি ব্যাখ্যা কৰে। “A theory is a set of principles on which the practice of any activity is based.” তত্ত্বই এটা বিষয়ৰ কিছুমান সাধাৰণ নিয়ম নির্দেশ কৰে। কোনো এক নিয়ম অনুসৰি এটা বিষয় বা পৰিঘটনাত কিছুমান আচৰণ লক্ষ্য কৰা বুলি তত্ত্বই দাবী কৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

বিভিন্ন সময়ত গ্রহণ কৰা বিভিন্ন নিয়মক একেলগ কৰি তত্ত্বই এক নতুন অর্থ প্রদান কৰে। বিভিন্ন তথ্য-পাতি বিশ্লেষণ কৰি, পৰ্যবেক্ষণ কৰি তত্ত্বই এক সাধাৰণ নিয়মক আঙুলিয়াই দিব পাৰে। তত্ত্ব নিয়মৰ লগত জড়িত যদিও ই নিয়ম নহয়। ই নিয়মৰ ব্যাখ্যা। তেনেদৰে তত্ত্ব তথ্যৰ ব্যাখ্যাহে। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। ই এটা তথ্য বা নিয়ম। কিন্তু এই তথ্য বা নিয়মক যদি ব্যাখ্যা দিব পৰা যায় তেতিয়া ই হ’ব তত্ত্ব। ৰাষ্ট্ৰৰ উৎপত্তিৰ ব্যাখ্যা দিয়াৰ বাবে ই হ’ল ৰাষ্ট্ৰ উৎপত্তিৰ তত্ত্ব।

তত্ত্বৰ প্ৰধান বৈশিষ্ট্য (The Characteristics/Features of Theory)

তত্ত্ব বুলিলে সহজভাৱে ক’বলৈ গ’লে এটা বিষয়বস্তুৰ প্ৰণালীবদ্ধ প্রকাশ, যাৰ যোগেদি এক ধাৰণা সাব্যস্ত কৰা হয়। অৱশ্যে ৰাজনৈতিক তত্ত্ব বা তত্ত্বৰ প্ৰধান কিছুমান বৈশিষ্ট্য আছে। তত্ত্বত সেই বৈশিষ্ট্যবোৰ পৰিলক্ষিত হয়। 

তত্ত্বৰ বৈশিষ্ট্যসমূহ তলত বৰ্ণনা কৰা হ’ল-

১। তত্ত্বত কোনো এটা বিষয় বিস্তৃত আলোচনা কৰি ইয়াৰ লগত জড়িত আনুষংগিক বিষয় অধ্যয়ন কৰি বিষয়টোৰ ওপৰত ধাৰণা (Conception) গঢ়ি তোলা হয় (Detailed elaboration of different conceptions) বিষয়টো বা ধাৰণাটোৰ অর্থ বা সংজ্ঞা বিভিন্নভাৱে দাঙি ধৰা হয়।

২। যুক্তি প্রদর্শন (Rational/Reason Based): তত্ত্ব বা দৰ্শনৰ আন এক বৈশিষ্ট্য হৈছে ই যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত। সিদ্ধান্ত যুক্তিৰ ওপৰত নিৰ্ভৰশীল হ’ব লাগে। অৱশ্যে এইটো নহয় যে তাত্ত্বিকসকলে আবেগ, অনুভূতিক গুৰুত্ব নিদিয়ে। এইটোকো নুবুজায় যে তেওঁলোকে সম্পূর্ণ যুক্তিবাদৰ আশ্রয় লয়। কিন্তু তাত্ত্বিক বা দার্শনিকসকলে কেৱল ধাৰণা দিয়াতে ক্ষান্ত নাথাকে, তেওঁলোকে ধাৰণা বিস্তাৰৰ বাবে যুক্তিৰ আশ্রয় লয়। তাত্ত্বিক বিষয়ত বিভিন্ন যুক্তি তেওঁলোকে অৱতাৰণা কৰে। বিভিন্ন যুক্তিৰ মাজত সমন্বয় সাধনৰ প্ৰচেষ্টা চলায়।

৩। সত্যৰ অনুসন্ধান (Aspiration to truth and objectivity): তত্ত্বৰ আন এটা বৈশিষ্ট্য হৈছে সত্যৰ অনুসন্ধান আৰু উদ্‌ঘাটন কৰা। এটা বিষয়বস্তু ধাৰণাৰ বিস্তৃত আলোচনা, ব্যাখ্যা, যুক্তি প্রদর্শন, ইয়াৰ লগত জড়িত অন্যান্য বিষয় অধ্যয়নৰ দ্বাৰা শেষ সিদ্ধান্ত বা সত্য উদ্‌ঘাটন কৰাটো তত্ত্বৰ আন এটা বৈশিষ্ট্য। প্রাকৃতিক বিজ্ঞানে সত্য বুলি প্ৰমাণ কৰি দেখুৱাইছে যে অক্সিজেন আৰু হাইড্রজেন মিহলালে পানীৰ সৃষ্টি হয়; এইটো এটা সত্য। কিন্তু ৰাজনীতি বিজ্ঞানৰ তত্ত্ব সকলো স্থান আৰু কালত প্রযোজ্য নহয়।

৪। ধাৰণা, ব্যৱস্থাৰ প্রেক্ষাপট উদঘাটন (To unearth the background assumption): তত্ত্বৰ বা দৰ্শনৰ আন এটা বৈশিষ্ট্য হৈছে তত্ত্বই পূর্বধাৰণা, ব্যাখ্যা, বিশ্বাস, কার্য আৰু প্ৰচলিত অভ্যাসৰ প্ৰেক্ষাপট উদ্‌ঘাটন কৰে। উদাহৰণস্বৰূপে পৃথিৱীৰ মাধ্যাকর্ষণ শক্তি আছে। কিন্তু এই ধাৰণা বহুতে প্রকাশ সাব্যস্ত কৰিব নোৱাৰে বা বহুতে নাজানে। কিন্তু মাধ্যাকর্ষণ শক্তিৰ অবিহনে আমি বর্তি থাকিব নোৱাৰিলোঁহেঁতেন। তত্ত্বই এনে ধাৰণাৰ প্ৰেক্ষাপট উদ্‌ঘাটন কৰে।

৫। তত্ত্বত সার্বজনীনতা থাকে (Theory aspires to some degree of generality): তত্ত্ব সাধাৰণতে কিছুমান স্তৰৰ সামগ্ৰিকতাৰ (generality) প্ৰতি লক্ষ্য ৰাখে। অৰ্থাৎ, যিকোনো তত্ত্ব কেৱল এটা বিশেষ পৰিস্থিতি বা ক্ষেত্ৰৰ বাবে সীমিত নহয়; তাৰ পৰিৱর্তে, ই বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিত প্ৰযোজ্য হোৱাৰ চেষ্টা কৰে। এই সামগ্ৰিকতা (universality) তত্ত্বক অধিক বিস্তৃত আৰু বোধগম্য কৰে, যাতে ইয়াক সময়, স্থান আৰু পৰিৱেশ অনুসৰি ব্যৱহাৰ কৰিব পৰা যায়। কিন্তু সকলো তত্ত্ব সমানভাৱে সার্বজনীন নহয়; কিছুমান তত্ত্ব বিশেষ ক্ষেত্ৰৰ বাবে প্ৰযোজ্য হয়, আৰু কিছুমান তত্ত্ব অধিক বিস্তৃতভাৱে ব্যৱহাৰ কৰা যায়।

৬। অভিজ্ঞতাবাদৰ ওপৰত গুৰুত্ব (Emphasis on empirical world): তত্ত্ব সাধাৰণতে বাস্তৱ অভিজ্ঞতাৰ ওপৰত গুৰুত্ব দিয়ে, যাৰ অৰ্থ হৈছে যে কোনো তত্ত্ব যুক্তিসংগত আৰু গৱেষণামূলক অভিজ্ঞতাৰ ভিত্তিত প্ৰতিষ্ঠিত হ’ব লাগে। অভিজ্ঞতাবাদ (empiricism) অৰ্থাৎ জীৱন বাস্তৱত পোৱা তথ্য আৰু পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি তত্ত্ব গঠিত হয়। কোনো তত্ত্ব প্ৰমাণিত হ’বলৈ বা গ্ৰহণযোগ্য হ’বলৈ, তাক প্ৰাকৃতিক বা সামাজিক পৰিৱেশত দেখা-শুনা কৰা বাস্তৱ তথ্যৰ সৈতে মিল খাই থাকিব লাগিব। সেয়েহে, বিজ্ঞান, সমাজবিজ্ঞান বা অন্য যিকোনো ক্ষেত্ৰৰ তত্ত্বসমূহক অভিজ্ঞতামূলক তথ্য আৰু গৱেষণাৰ সহায়ত পৰীক্ষা কৰা হয়।

AS Per UGC Syllabus Notes

Sl. No.Syllabus
1ৰাষ্ট্ৰ কি? সংজ্ঞা, উপাদান, বৈশিষ্ট্য, বিৱৰ্তন, ৰাষ্ট্ৰৰ উৎপত্তি আৰু সামাজিক চুক্তিসমূহ (What is a State? Definition, Elements, Features, Evolution, Origin of the State, and Social Contract Theories)
2উত্তৰ আধুনিকতাবাদ কি? সংজ্ঞা, বিকাশ, সমালোচনা (What is Postmodernism? Definition, Development, Criticism)
3ৰাজনৈতিক তত্ত্ব কি? ৰাজনীতিৰ অৰ্থ, উৎপতি, প্ৰকাৰ, বৈশিষ্ট্য, বিকাশ, পৰিসৰ, প্ৰকৃতি (What is Political Theory? – Meaning of Politics, Origin, Types, Features, Development, Scope, and Nature)
4বহুসংস্কৃতিবাদ কি? সংজ্ঞা, বৈশিষ্ট্য, বিকাশ, উত্থান, তত্ত্ব, বৰ্ণসংকৰতা, সাংবিধানিক বিচিত্রতা (Definition, Features, Evolution, Emergence, Theories, Racial Hybridity, and Constitutional Diversity)
5মার্ক্সবাদ কি?- নীতি, মার্ক্সবাদী দৃষ্টিভংগীৰ  অৰ্থ আৰু পৰিসৰ, মার্ক্সবাদী দৃষ্টিভংগী আৰু ভাৰতৰ ৰাজনীতি (What is Marxism? – Principles, Meaning and Scope of the Marxist Perspective, and Marxist Perspective and Indian Politics)
6গণতন্ত্ৰ কি? সংজ্ঞা, বৈশিষ্ট্য, বিকাশ, প্ৰকাৰ, ধাৰণা, চৰ্তসমূহ (What is Democracy? Features, Evolution, Types, Concepts, Conditions)
7নাগৰিকত্ব কি? ইয়াৰ সংজ্ঞা, বৈশিষ্ট্য, প্ৰকাৰ, বিকাশ, উদাৰবাদী, পদ্ধতিসমূহ, কাৰণ, বৈশিষ্ট্যসমূহ আৰু উপাদানসমূহ (What is Citizenship? Its Definition, Features, Types, Development, Liberal Views, Methods, Causes, Characteristics, and Elements)

ৰাজনীতি তত্ত্বৰ বোধগম্যতা

Sl. No.CONTENTS
Unit – 1ৰাজনীতি কিঃ তাত্ত্বিক ৰাজনৈতিক
Unit – 2ৰাজনৈতিক তত্ত্বৰ ঐতিহ্য, মার্ক্সবাদী ঐতিহ্য, বহুসংস্কৃতিবাদ
Unit – 3ৰাজনৈতিক তত্ত্বৰ সমালোচনা আৰু সমকালীন দৃষ্টিভঙ্গী
Unit – 4ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – I
Unit – 5ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – II

AS Per UGC Old Syllabus ৰাজনীতি তত্ত্বৰ বোধগম্যতা

Sl. No.CONTENTS
Unit – 1ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ
Unit – 2ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ
Unit – 3ৰাজনৈতিক তত্ত্বত সমালোচনামূলক আৰু সমসাময়িক পটভূমি
Unit – 4ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – ১
Unit – 5ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – ২

ৰাজনৈতিক তত্ত্বৰ বিকাশ (Development of Political Theory)

মানুহ যুক্তিশীল জীৱ, যিয়ে ভাষা আৰু যুক্তিৰ সহায়ত সংগঠিত জীৱন গঢ়ি তোলে। সামাজিক জীৱ হিচাপে একেলগে বাস কৰোঁতে, পৰিচালনাৰ প্রয়োজন হয়, যাৰ ফলত পৰিয়াল, চৰকাৰ, আৰু ৰাষ্ট্ৰৰ সৃষ্টি হয়। চৰকাৰৰ স্বৰূপ, ক্ষমতা বিতৰণ আদি বিষয় সন্দর্ভত চিন্তাবিদ-দাৰ্শনিকসকলে মত প্রকাশ কৰে। এই অধ্যয়ন আৰু বিশ্লেষণৰ ফলতেই ৰাজনৈতিক দৰ্শন আৰু তত্ত্বৰ বিকাশ হয়। ৰাজনৈতিক তত্ত্বই তিনিটা প্রধান কার্য সম্পাদন কৰে; এইকেইটা হৈছে- ব্যাখ্যামূলক কার্য, আদর্শমূলক কাৰ্য আৰু চিন্তামূলক কার্য। 

ৰাজনৈতিক তত্ত্বৰ আৰম্ভণি প্রাচীন গ্ৰীচত হৈছিল। ছক্ৰেটিছ, প্লেটো, এৰিষ্টটলে আদর্শ ৰাষ্ট্ৰৰ ধাৰণাত গুৰুত্ব দিছিল। প্লেটোৱে ন্যায়, সাম্যবাদ আৰু দাৰ্শনিকৰ শাসনৰ কথা কৈছিল, আৰু এৰিষ্টটলে সংবিধান, ন্যায়, বিপ্লৱৰ বিষয়ে আলোচনা কৰিছিল।

গ্ৰীকৰ পিছত ৰোমান চিন্তাবিদ পলিবিয়াছ আৰু চিচাৰ’ এ ৰাজনৈতিক তত্ত্ব আগবঢ়াইছিল। খ্রীষ্টান দার্শনিক আগষ্টাইনে ‘De Civitas Dei’ গ্ৰন্থত ঐশ্বৰিক ৰাষ্ট্ৰৰ বর্ণনা দিছিল। ষোড়শ শতিকাত বঁডেইয়ে “ৰাজনীতি বিজ্ঞান” শব্দটো ব্যৱহাৰ কৰিছিল, আৰু মেকিয়াভেলিয়ে ‘The Prince’ গ্ৰন্থত ধৰ্ম আৰু ৰাজনীতিৰ পাৰ্থক্য দৰ্শাই আধুনিক ৰাজনৈতিক চিন্তাধাৰাৰ ভিত পেলাইছিল। ইয়াৰ পিছত চুক্তি-ভিত্তিক (Contractual) তত্ত্ব আহে। হবছে চৰম ৰাজতন্ত্ৰৰ সমর্থন কৰিছিল, জ’নলকে ব্যক্তিস্বাধীনতাৰ ওপৰত গুৰুত্ব দিছিল, আৰু ৰুছোৱে জনসাধাৰণৰ ইচ্ছাৰ আধাৰত গণতান্ত্রিক সমাজৰ তত্ত্ব আগবঢ়াইছিল। বিষয়বস্তু অধ্যয়নৰ পদ্ধতিত নৈতিকতা, আদর্শ, অভিজ্ঞতা, বিজ্ঞানসুলভদৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰি ৰাজনৈতিক তত্ত্বৰ উৎপত্তি আৰু বিকাশক তিনিটা ভাগত ভগাব পাৰি-

১। ধ্রুপদী ৰাজনৈতিক তত্ত্ব (Classical Political Theory)।

২। আধুনিক ৰাজনৈতিক তত্ত্ব (Modern Political Theory)।

৩।  সমসাময়িক ৰাজনৈতিক তত্ত্ব (Contemporary Political Theory)।

উক্ত ভাগ তিনিটা তলত চমুকৈ আলোচনা কৰা হ’ল-

১। ধ্রুপদী ৰাজনৈতিক তত্ত্ব (Classical Political Theory): ধ্রুপদী ৰাজনৈতিক তত্ত্বত দৰ্শন আৰু নৈতিকতা প্ৰধান স্থান লাভ কৰিছে। গ্ৰীক দাৰ্শনিক চক্রেটিছ, প্লেটো, আৰু এৰিষ্টটলে আদৰ্শ ৰাজ্য, ন্যায়, আৰু উত্তম জীৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আধুনিক ৰাজনৈতিক তত্ত্ব বিজ্ঞান আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰে, কিন্তু ধ্রুপদী তত্ত্ব নৈতিকতা আৰু আদৰ্শবাদত কেন্দ্ৰিত। শ্বেলডন ও’লিনৰ মতে, ধ্রুপদী ৰাজনৈতিক তত্ত্বৰ মূল বৈশিষ্ট্য হ’ল আদৰ্শবাদ, নৈতিকতা, সামগ্রিক দৃষ্টিভংগী, দর্শনৰ আধিপত্য, আৰু উত্তম শাসন ব্যৱস্থাৰ ধাৰণা। এই তত্ত্ব উনৈশ শতিকাৰ আৰম্ভণিলৈকে প্ৰচলিত আছিল।

২। আধুনিক ৰাজনৈতিক তত্ত্ব (Modern Political Theory): আধুনিক ৰাজনৈতিক তত্ত্ব ১৮ আৰু ১৯ শতিকাত পাশ্চাত্য সমাজত উদ্ভৱ হোৱা নতুন সমস্যাসমূহৰ উত্তৰ দিবলৈ বিকাশ লাভ কৰে, য’ত ধ্রুপদী ৰাজনৈতিক তত্ত্ব অপৰ্যাপ্ত বুলি গণ্য কৰা হৈছিল। ই বেছিভাগ ক্ষেত্ৰত বৈজ্ঞানিক, আচৰণবাদী (Behavioural) আৰু অভিজ্ঞতাবাদী (Empirical) দৃষ্টিভংগী গ্ৰহণ কৰে।

চাৰ্লচ মেৰিয়াম, ভিঅ’কে, ডহল, লাছবেল, ডেভিদ ইষ্টোন আদিকে ধৰি আধুনিক চিন্তাবিদসকলে ধ্রুপদী তত্ত্বৰ আদৰ্শবাদী আৰু নৈতিক দৃষ্টিভংগীক প্ৰত্যাখ্যান কৰি, ৰাজনীতি বিজ্ঞানৰূপে অধ্যয়ন কৰিব লগীয়া বিষয় বুলি আগবঢ়ায়। ই ৰাজনীতিৰ জটিলতা বুজিবলৈ আৰু বিশ্লেষণ কৰিবলৈ বৈজ্ঞানিক পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়ে।

৩। সমসাময়িক ৰাজনৈতিক তত্ত্ব (Contemporary Political Theory): আধুনিকোত্তৰ ৰাজনৈতিক তত্ত্ব হৈছে ৰাজনৈতিক চিন্তা-চৰ্চাৰ এটা বিকশিত ধাৰা, যিয়ে ২০শ আৰু ২১শ শতিকাত উদ্ভৱ হোৱা নতুন ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক সমস্যা বিশ্লেষণ কৰে। ই আধুনিক ৰাজনৈতিক তত্ত্বৰ ওপৰত সমালোচনামূলক দৃষ্টিভংগী গ্ৰহণ কৰি নতুন ধাৰণা, পদ্ধতি, আৰু দৃষ্টিকোণ আগবঢ়ায়।

ৰাজনৈতিক তত্ত্বৰ পৰিসৰ (Scope of Political Theory)

ৰাজনৈতিক তত্ত্বৰ পৰিসৰসমূহ তলত উল্লেখ কৰা হ’ল-

১। নীতিগত ৰাজনৈতিক তত্ত্ব (Normative Political Theory): নীতিগত ৰাজনৈতিক তত্ত্ব হৈছে ৰাজনীতিৰ এটা শাখা, যি “কি হোৱা উচিত” সেইটো অধ্যয়ন কৰে। ই ৰাজনৈতিক মূল্যবোধ, নীতি আৰু আদৰ্শৰ বিষয়ে আলোচনা কৰে।

২। প্ৰায়োগিক ৰাজনৈতিক তত্ত্ব (Empirical Political Theory): প্ৰায়োগিক ৰাজনৈতিক তত্ত্ব হৈছে ৰাজনীতিৰ অধ্যয়ন আৰু বিশ্লেষণত প্ৰমাণভিত্তিক, তথ্য-আধাৰিত আৰু গৱেষণামূলক পদ্ধতি ব্যৱহাৰ কৰা এটা দৃষ্টিভংগী। এই তত্ত্ব ৰাজনীতিক প্ৰক্ৰিয়া, চৰকাৰ, নীতি-নিয়ম, আৰু ৰাজনৈতিক আচৰণসমূহক বাস্তৱ তথ্য আৰু গৱেষণাৰ ভিত্তিত বিশ্লেষণ কৰে।

৩। ঐতিহাসিক ৰাজনৈতিক তত্ত্ব (Historical Political Theory): ঐতিহাসিক ৰাজনৈতিক তত্ত্ব (Historical Political Theory) হৈছে ৰাজনৈতিক চিন্তাধাৰাৰ বিকাশক সময়ৰ পৰিপ্ৰেক্ষিতত অধ্যয়ন কৰা এক শাখা। ই বিভিন্ন যুগত ৰাজনীতি, শাসন প্ৰণালী, আৰু সমাজত হোৱা পৰিৱর্তনসমূহক বুজি পোৱাৰ চেষ্টা কৰে। এই তত্ত্বত মূলত অতীতৰ মহান দাৰ্শনিক, চিন্তাবিদ, আৰু ৰাজনৈতিক নেতাসকলৰ মতামত আৰু তত্ত্বসমূহক পৰ্যালোচনা কৰা হয়।

৪। আধুনিক ৰাজনৈতিক তত্ত্ব (Contemporary Political Theory): আধুনিক ৰাজনৈতিক তত্ত্ব (Contemporary Political Theory) হৈছে ২০শ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা বিকশিত হোৱা ৰাজনৈতিক চিন্তাধাৰাৰ এক শাখা, যি মূলত পৰম্পৰাগত ৰাজনৈতিক তত্ত্বসমূহক নতুন দৃষ্টিকোণৰ পৰা পৰ্যালোচনা কৰে। এই ক্ষেত্ৰটো বিশেষভাৱে সমাজ, ৰাজনীতি, আৰু শক্তিৰ কাঠামোসমূহক আধুনিক দৃষ্টিভংগীৰে অধ্যয়ন কৰে।

৫। প্ৰয়োগিক ৰাজনৈতিক তত্ত্ব (Applied Political Theory): প্ৰয়োগিক ৰাজনৈতিক তত্ত্ব (Applied Political Theory) হৈছে ৰাজনৈতিক তত্ত্বৰ এটা শাখা, যি ৰাজনৈতিক চিন্তাধাৰা আৰু নীতিগত বিষয়বোৰক বাস্তৱ জীৱন আৰু সমাজত কিদৰে প্ৰয়োগ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰে। ই কেৱল তাত্ত্বিক দিশৰ ওপৰত সীমাবদ্ধ নহয়, বৰং ৰাজনীতি, নৈতিকতা, আইন, আৰু নীতি-নিৰ্ধাৰণৰ ক্ষেত্ৰত বাস্তৱিক প্ৰসংগত ইয়াৰ ব্যৱহাৰ কৰিব খোজে।

ৰাজনৈতিক তত্ত্বৰ পৰিসৰ বহুপ্ৰসাৰিত আৰু ই দৰ্শন, সমাজবিদ্যা, ইতিহাস, আইন, অৰ্থনীতি আদি বিষয়ৰ লগত জড়িত। 

ৰাজনৈতিক তত্ত্বৰ প্ৰকৃতি (Nature of Political Theory)

১। ৰাজনৈতিক তত্ত্ব হৈছে মানুহৰ বুদ্ধিবৃত্তিক আৰু নৈতিক সৃষ্টি, যিয়ে ৰাজনৈতিক চিন্তা-চৰ্চা, সমাজ ব্যৱস্থা, আৰু শাসন পদ্ধতিৰ ব্যাখ্যা আৰু বিশ্লেষণ কৰে। ই নৈতিক মূল্যবোধ, ন্যায়, স্বাধীনতা, সাম্য, গণতন্ত্ৰ আদি মৌলিক তত্ত্বসমূহক ধৰি ৰাজনৈতিক জীৱনৰ বিভিন্ন দিশ বুজি পোৱাৰ চেষ্টা কৰে।

২। ৰাজনৈতিক তত্ত্বই  মানুহ, সমাজ আৰু ইতিহাসৰ এক গভীৰ ব্যাখ্যা আগবঢ়ায়। ই কেৱল ৰাজনীতিৰ অধ্যয়ন নহয়, বৰং মানুহৰ জীৱন, সামাজিক সংগঠন, আৰু ইতিহাসৰ পৰিৱৰ্তনৰ লগত জড়িত।

৩। ৰাজনৈতিক তত্ত্ব (Political Theory) হৈছে এক শৃঙ্খলাগত (Discipline-Based) গৱেষণা ক্ষেত্ৰ, যি ৰাজনীতি, সমাজ আৰু শাসন ব্যৱস্থাৰ গভীৰ অধ্যয়ন কৰে। ই একাডেমিক শৃঙ্খলাৰ অংশ হিচাপে দাৰ্শনিক, ঐতিহাসিক, আৰু বৈজ্ঞানিক দৃষ্টিভংগী গ্ৰহণ কৰে।

৪। ৰাজনৈতিক তত্ত্বৰ ভিতৰত ৰাজনৈতিক মতবাদ (Political Ideology) অন্তৰ্ভুক্ত। ৰাজনৈতিক তত্ত্ব ৰাজনীতি, সমাজ আৰু শাসন ব্যৱস্থাৰ গভীৰ অধ্যয়ন কৰে, য’ত উদাৰবাদ (Liberalism), সমাজবাদ (Socialism), গণতান্ত্ৰিক মতবাদ (Democratic Ideology), সংৰক্ষণবাদ (Conservatism), নাৰীবাদ (Feminism), মাৰ্ক্সবাদ (Marxism) আদি মতবাদ অন্তর্ভুক্ত হয়।

৫। ৰাজনৈতিক তত্ত্বৰ কাৰ্য কেৱল সমাজ আৰু ৰাজনীতিগত বাস্তৱতা বুজি ব্যাখ্যা কৰাতেই সীমাবদ্ধ নহয়, বৰং ইতিহাসৰ প্ৰক্ৰিয়া তিৱ্ৰ কৰিবলৈ সক্ৰিয়ভাৱে জড়িত।

ৰাজনৈতিক তত্ত্বৰ প্ৰকাৰ/দৃষ্টিভংগী (Types or Approaches of Political Theory)

যি অনুসন্ধান পদ্ধতি গ্রহণ কৰি এটা বিষয়বস্তুৰ ওপৰত সম্যক জ্ঞান আহৰণ কৰিব পাৰি, সেই অনুসন্ধানৰ পদ্ধতিটোকে অধ্যয়ন পদ্ধতি বা দৃষ্টিভংগী বুলিব পাৰি। উদাহৰণস্বৰূপে, এটা বিষয়বস্তু বুজিবলৈ ঐতিহাসিক পথ বা পদ্ধতি গ্রহণ কৰিলে তেনে দৃষ্টিভংগী বা অধ্যয়ন পদ্ধতিক ঐতিহাসিক দৃষ্টিভংগী বুলিব লাগিব।

জন ষ্টুৱার্ট মিলে চাৰিটা অধ্যয়ন পদ্ধতি উল্লেখ কৰিছে। এলেন বলে দৃষ্টিভংগীক দুটা ভাগত বিভক্ত কৰিছে—পৰম্পৰাগত (দাৰ্শনিক, ঐতিহাসিক, আইনগত) আৰু আধুনিক (মনস্তাত্ত্বিক, ক্ষমতাকেন্দ্রিক, গোষ্ঠীকেন্দ্রিক, ব্যৱস্থাপক, গঠন-কাৰ্যসংক্রান্ত, যোগাযোগ তত্ত্বভিত্তিক, নতুন ৰাজনৈতিক-অর্থনৈতিক)। তেওঁ মার্ক্সীয় দৃষ্টিভংগী অন্তর্ভুক্ত কৰা নাই।

অৱশ্যে, বৰ্তমান সৰহসংখ্যক ৰাজনীতি বিজ্ঞানীয়ে দৃষ্টিভংগীক তিনিভাগত বিভক্ত কৰিছে— (১) পৰম্পৰাগত, (২) আচৰণবাদী, আৰু (৩) মার্ক্সীয়।

আদর্শাত্মক অধ্যয়ন পদ্ধতি (Normative Approach)

আদর্শাত্মক অধ্যয়ন পদ্ধতিৰ মূল বক্তব্য হ’ল যে ৰাজনীতি বিজ্ঞান অধ্যয়ন নীতি, আদৰ্শ, আৰু মূল্যবোধৰ ভিত্তিত হ’ব লাগিব। ৰাষ্ট্রই স্বাধীনতা, সমতা, ন্যায় আদি আদর্শ অনুসৰি কাৰ্য সম্পাদন কৰিব লাগিব। উচিত-অনুচিত আৰু ভাল-বেয়া বিচাৰি চৰকাৰৰ কার্যকলাপ পৰিচালিত হ’ব লাগে। এই পদ্ধতি আদৰ্শক প্ৰধান্য দিয়ে আৰু ৰাজনীতি বিজ্ঞানক নৈতিক দৃষ্টিকোণৰ পৰা অধ্যয়ন কৰে।

আদর্শাত্মক দৃষ্টিভংগী বা অধ্যয়ন পদ্ধতিৰ আৰম্ভণি (Origin of the Normative Approach)

গ্ৰীক দার্শনিক প্লেটোৱে আদর্শাত্মক অধ্যয়ন পদ্ধতিৰ সূচনা কৰি আদৰ্শ ৰাষ্ট্ৰৰ ধাৰণা আগবঢ়াইছিল। তেওঁ ন্যায়, নৈতিকতা, আৰু দার্শনিক ৰজাৰ শাসনক গুৰুত্ব দিছিল, যাৰ বিৱৰণ “The Republic” গ্ৰন্থত দিয়া হৈছে। তেওঁৰ শিষ্য এৰিষ্টটলে এই দৃষ্টিভংগী গ্ৰহণ কৰি অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি উন্নয়ন কৰিছিল। প্লেটোৰ মতে, আদৰ্শ ৰাষ্ট্ৰ গঠনৰ বাবে জ্ঞানী দার্শনিকৰ শাসন প্ৰয়োজন, যি ভাল-মন্দ আৰু ন্যায়-অন্যায় বুজি পায়। এই আদর্শাত্মক অধ্যয়ন পদ্ধতি পৰৱৰ্তী দাৰ্শনিকসকলে আগবঢ়াইছিল। প্লেটোৱে ৰাজনৈতিক তত্ত্ব আলোচনা কৰোঁতে আদর্শবাদী অধ্যয়ন পদ্ধতিৰ লগতে পৰাবিজ্ঞানৰূপী পদ্ধতি গ্ৰহণ কৰিছিল। তেওঁ ৰাজনীতি আৰু চিকিৎসা বিজ্ঞানক কলা বুলি গণ্য কৰিছিল, যাৰ বাবে সত্য, শুদ্ধ, আৰু অপৰিৱৰ্তনীয় জ্ঞান প্রয়োজন। প্লেটো, এৰিষ্টটল, কছো আদি চিন্তাবিদসকলে আদর্শাত্মক অধ্যয়ন পদ্ধতি গ্ৰহণ কৰি কাল্পনিক দৃষ্টিভংগীত ৰাষ্ট্ৰ কেনে হোৱা উচিত সেই বিষয়ে আলোচনা কৰিছিল। থমাচ ম’ৰে তেওঁৰ ‘Utopia’ গ্ৰন্থত এনে আদৰ্শ ৰাষ্ট্ৰৰ বর্ণনা দিছিল।

আদর্শাত্মক পদ্ধতিৰ গুণ (Merits of Normative Approach)

১। আদর্শাত্মক পদ্ধতিয়ে নৈতিকতা আৰু সমাজনৈতিক আদৰ্শক জগায়। এই পদ্ধতিয়ে শাসক আৰু ৰাজনৈতিক নেতাসকলক ন্যায়, সততা, দয়া, সাম্য আদিৰ মূল্যবোধৰ দিশত সচেতন কৰি তোলে। ই ৰাজনৈতিক সিদ্ধান্ত আৰু নীতি-নিৰ্ধাৰণত নৈতিক দৃষ্টিভংগীৰ প্ৰয়োগৰ গুৰুত্ব ব্যক্ত কৰে।

২। এই পদ্ধতিয়ে ন্যায়নীতি আৰু জনহিতকৰ নীতিসমূহৰ প্ৰচলন সহজ কৰে। সমাজত ন্যায়, সমতা আৰু মৌলিক অধিকাৰৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আদর্শাত্মক পদ্ধতিয়ে সহায় কৰে। ই শাসন ব্যৱস্থাত দয়া আৰু ন্যায্যতাৰ স্থিতি নিশ্চিত কৰিবলৈ বিশেষ গুৰুত্ব দিয়ে।

৩। এই পদ্ধতিয়ে সমাজ উন্নয়নৰ লক্ষ্য নির্ধাৰণ কৰাত সহায় কৰে। ই শুধুমাত্র বিদ্যমান সমাজ ব্যৱস্থাৰ বিশ্লেষণ নকৰে, বৰঞ্চ সমাজ কিদৰে অধিক ন্যায়সঙ্গত, নৈতিক আৰু কল্যাণমুখী হব পাৰে তাৰ দিশো প্ৰদৰ্শন কৰে।

৪। আদর্শাত্মক পদ্ধতিৰ অন্যতম বিশেষত্ব হৈছে ই অতীত আৰু বৰ্তমানৰ মাজত সংযোগ স্থাপন কৰে। ৰাজনীতি বিজ্ঞানৰ ক্ৰমবিকাশ অধ্যয়ন কৰিবলৈ, প্ৰাচীন দৃষ্টিভংগী তথা আদর্শাত্মক দৃষ্টিভংগী অধ্যয়ন কৰা অত্যন্ত প্ৰয়োজনীয়। এই পদ্ধতিৰ সহায়ত এক ঐতিহাসিক দৃষ্টিকোণৰ সৃষ্টি হয়, যিয়ে বৰ্তমান সময়ৰ ৰাজনৈতিক চেতনা গঠনত সহায় কৰে।

৫। আদর্শাত্মক পদ্ধতিয়ে তুলনামূলক অধ্যয়নৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই পদ্ধতিৰ মাধ্যমেৰে ভাল-বেয়া, উচিত-অনুচিত আদি বিচাৰ কৰা হয় আৰু সমাজৰ বাবে উপযোগী ব্যৱস্থা গ্ৰহণ কৰা হয়। প্লেটোৱে অন্যান্য শাসন পদ্ধতিতকৈ আদর্শাত্মক ৰজাৰ শাসনক সৰ্বশ্ৰেষ্ঠ বুলি বিবেচনা কৰিছিল। তেওঁৰ মতে, কেৱল আদর্শাত্মক ৰজাৰ শাসনৰ দ্বাৰাই আদৰ্শ ৰাষ্ট্ৰ প্রতিষ্ঠা সম্ভৱ।

এৰিষ্টটলে গণতন্ত্ৰক নিকৃষ্ট চৰকাৰ হিচাপে অভিহিত কৰিছিল, কিন্তু তুলনামূলকভাৱে সাংবিধানিক গণতন্ত্রক উত্তম চৰকাৰ বুলি স্বীকৃতি দিছিল। তেওঁ ১৫৮ খন দেশৰ সংবিধান অধ্যয়ন কৰি ভাল চৰকাৰৰ আদৰ্শ উপস্থাপন কৰিছিল। সেয়ে, আদর্শাত্মক পদ্ধতিৰ সহায়ত ৰাজনৈতিক ব্যৱস্থাৰ তুলনামূলক অধ্যয়ন সম্ভৱ হয় আৰু উত্তম চৰকাৰ স্থাপনৰ দিশে অগ্ৰসৰ হৈ যায়।

সামৰণি (Conclusion)

ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰোঁতে বুৰঞ্জীমূলক পদ্ধতিয়ে কিছুমান ভাবধাৰা আগত ৰাখি অধ্যয়ন কৰে। ৰাজনীতি বিজ্ঞানৰ অনুষ্ঠানসমূহ আৰু ভাবধাৰাৰ ঐতিহাসিকভাৱে জন্ম, বিকাশ আৰু পতনৰ অধ্যয়ন কৰিব পাৰি। ৰাজনীতি বিজ্ঞানৰ অনুষ্ঠানসমূহৰ অতীত বুৰঞ্জী অধ্যয়ন কৰি ৰাজনীতি বিজ্ঞানীসকলে বৰ্তমানৰ অনুষ্ঠানসমূহ বুজিবলৈ যত্ন কৰে।

অভিজ্ঞতাবাদী অধ্যয়ন পদ্ধতি বা দৃষ্টিভংগী (Empirical method of political theory)

অভিজ্ঞতাবাদী পদ্ধতি ৰাজনীতি বিজ্ঞান অধ্যয়নৰ এক অন্যতম বৈজ্ঞানিক পদ্ধতি। এই দৃষ্টিভংগীত ৰাজনৈতিক জ্ঞান মূলত আচৰণমূলক তথ্যৰ ওপৰত নিৰ্ভৰশীল। এৰিষ্টটলে আদৰ্শৰ পৰিৱর্তে মানুহৰ আচৰণ অধ্যয়ন কৰি ৰাজনৈতিক তত্ত্ব আগবঢ়াইছিল।

এৰিষ্টটলে বহু দেশৰ সংবিধান বিশ্লেষণ কৰি তথ্যভিত্তিক তত্ত্ব গঢ়ি তুলিছিল, যাৰ বাবে তেওঁক আধুনিক ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি গণ্য কৰা হয়। এই দৃষ্টিভংগীক আচৰণবাদী পদ্ধতি বোলা হয়, যি বাস্তৱবাদী পদ্ধতি হিচাপে গণ্য। আচৰণবাদ অভিজ্ঞতাবাদৰ এক অংশ আৰু বহুতো পণ্ডিত এই দুয়োটাক একে অৰ্থত ব্যৱহাৰ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top