গণতন্ত্ৰ কি?
ৰাজনীতি বিজ্ঞানৰ বহুল চৰ্চিত বিষয়সমূহৰ অন্যতম হ’ল গণতন্ত্র। এৰিষ্ট ‘টলৰ সময়ৰ পৰাই ৰাজনীতি বিজ্ঞানৰ চিন্তাবিদসকলে গণতন্ত্ৰৰ বিষয়ে আলোচনা কৰি আহিছে। বর্তমানো ৰাজনীতি বিজ্ঞানৰ দাৰ্শনিক, চিন্তাবিদসকলে গণতন্ত্ৰৰ বিষয়ে চিন্তা-চৰ্চা কৰা দেখা যায়। বর্তমান সময়ত গণতন্ত্র এটা বহল বিষয়। বর্তমান সময়ত গণতন্ত্রই কেৱল জনসাধাৰণৰ চৰকাৰ ধাৰণাতে সীমাৱদ্ধ নাই। বর্তমান গণতন্ত্রই নানান ৰূপ ধাৰণ কৰিছে।

অৰ্থ (Meaning)
সাধাৰণতে গণতন্ত্ৰ হ’ল জনসাধাৰণৰ শাসন। গ্ৰীক ভাষাৰ শব্দ ‘Demos’ আৰু ‘Cratos’ শব্দৰ পৰাই ইংৰাজী Democracy শব্দটো উৎপত্তি হৈছে। ডেমছৰ অৰ্থ জনসাধাৰণ আৰু ক্ৰেটছৰ অৰ্থ ক্ষমতা।
গতিকে জনসাধাৰণৰ ক্ষমতা অর্থাৎ জনসাধাৰণৰ চৰকাৰ মানেই গণতন্ত্র। এনে চৰকাৰত জনসাধাৰণে নিজেই নিজকে শাসন কৰে। নিজৰ পছন্দ অনুসৰি চৰকাৰ গঠন কৰে আৰু পৰিচালনা কৰে।
সংজ্ঞা (Definition)
সাম্যবাদীসকলৰ মতে “Democratic state is only a socialist state in which there should be dictatorship of the proletariat.”
আমেৰিকাৰ ভূতপূর্ব ৰাষ্ট্ৰপতি লিংকনৰ মতে, “গণতন্ত্র হ’ল জনসাধাৰণৰ চৰকাৰ, জনসাধাৰণে গঠন কৰা চৰকাৰ আৰু জনসাধাৰণৰ বাবে গঠন কৰা চৰকাৰ।”
জন চিলিৰ (John Seeley) মতে, “গণতন্ত্র এনে এক চৰকাৰ য’ত প্ৰত্যেকৰে এটা অংশ থাকে।”
অধ্যাপক ডাইচিৰ (Dicey) মতে, “গণতন্ত্র হ’ল এনে শাসন ব্যৱস্থা য’ত শাসকগোষ্ঠী তুলনামূলকভাৱে জনসংখ্যাৰ এটা ডাঙৰ অংশ।”
গণতন্ত্ৰৰ বৈশিষ্ট্য (Characteristics of Democracy)
গণতন্ত্ৰৰ বহুতো সংজ্ঞা আছে। এই সংজ্ঞাসমূহ বিশ্লেষণ কৰিলে গণতন্ত্ৰৰ মূল বৈশিষ্ট্যসমূহ অনুধাৱন কৰিব পাৰি। প্ৰত্যক্ষ গণতন্ত্রই হওক বা পৰোক্ষ গণতন্ত্রই হওক গণতন্ত্ৰ কেইটামান মূল ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত। গণতন্ত্ৰৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল-
১। জনসাধাৰণৰ অংশগ্ৰহণ গণতন্ত্ৰৰ প্ৰধান বৈশিষ্ট্য। প্রাপ্তবয়স্ক ভোটাধিকাৰৰ জৰিয়তে জনসাধাৰণে প্রতিনিধি নিৰ্বাচন কৰি এই প্ৰতিনিধিসকলৰ দ্বাৰাই শাসনত অংশগ্ৰহণ কৰে।
২। জনমতৰ প্ৰাধান্য গণতন্ত্ৰৰ আন এটা বৈশিষ্ট্য। গণতান্ত্ৰিক চৰকাৰ জনমতৰ ওপৰত নিৰ্ভৰশীল। জনতাৰ মতামত বা অনুমোদন নোহোৱাকৈ চৰকাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। এনে কৰিলে জনসাধাৰণে অনাস্থা প্রকাশ কৰি নতুন চৰকাৰক ক্ষমতাত অধিষ্ঠিত কৰিব পাৰে।
৩। সকলো নাগৰিকৰ সমান অধিকাৰ এনে চৰকাৰৰ অন্যতম বৈশিষ্ট্য। জাতি-ধর্ম-বর্ণ-লিংগ নির্বিশেষে সকলোৰে সমান অধিকাৰ থাকে। সকলোৱে সংবিধান প্রদত্ত স্বাধীনতা উপভোগ কৰে। আইনৰ যথাযথ প্ৰক্ৰিয়াৰ অবিহনে কাকো চৰকাৰে আটক কৰিব নোৱাৰে বা শাস্তি বিহিব নোৱাৰে।
৪। গণতন্ত্র সাম্য, মৈত্ৰী আৰু স্বাধীনতাৰ ওপৰত প্ৰতিষ্ঠিত। সকলোৰে সম অধিকাৰ, ভ্রাতৃত্ববোধ, সহযোগিতাৰ মাজেৰে গণতান্ত্রিক ব্যৱস্থাত কার্য সম্পাদন কৰিবলৈ যত্ন কৰা হয়।
৫। উদাৰ দৃষ্টিভংগী গণতন্ত্ৰৰ প্ৰধান বৈশিষ্ট্য। প্রত্যেক ব্যক্তিৰ বাক স্বাধীনতা থাকে। ব্যক্তিসকলে ভিন্ ভিন্ মতামত দাঙি ধৰাৰ স্বাধীনতা গণতন্ত্রত থাকে। চৰকাৰক সমালোচনা কৰা, ব্যক্তিৰ মতানৈক্য প্রকাশ কৰা সকলোৰে অধিকাৰ থাকে।
৬। শান্তিপূর্ণ পদ্ধতিৰে আৰু আলাপ-আলোচনাৰ যোগেদি গণতান্ত্ৰিক চৰকাৰত সিদ্ধান্ত গ্রহণ কৰা হয়। বিভিন্ন মতামত চালি-জাৰি চাইহে ব্যৱস্থা গ্রহণ কৰা হয়। হিংসাত্মক পদ্ধতিৰ পৰিৱৰ্তে অহিংস বা সাংবিধানিক পদ্ধতিৰে সমস্যা সমাধান কৰাটো গণতন্ত্ৰৰ অন্যতম বৈশিষ্ট্য।
৭। গণতন্ত্ৰত জনসাধাৰণৰ হাতত সাৰ্বভৌম ক্ষমতা থাকে। চৰকাৰে সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী জনসাধাৰণৰ ইচ্ছামতেহে দেশ শাসন কৰে। জনসাধাৰণৰ ইচ্ছাই চৰকাৰৰ ইচ্ছা। চৰকাৰে সেই ইচ্ছাক মাত্ৰ বাস্তৱত ৰূপ দিয়ে।
৮। গণতান্ত্ৰিক চৰকাৰৰ আন এটা প্রধান বৈশিষ্ট্য হৈছে সংখ্যাগৰিষ্ঠ শাসন।
৯। জনকল্যাণ গণতান্ত্ৰিক চৰকাৰ অন্যতম প্রধান বৈশিষ্ট্য। গণতন্ত্রত পিছপৰা শ্রেণী, দুৰ্বল শ্ৰেণীৰ বাবে বিশেষ সা-সুবিধা প্রদান কৰা হয়। শিশু কল্যাণ, মাতৃ মংগল, বৃদ্ধ সাহায্য, দুৰ্বল শ্ৰেণীৰ বাবে অর্থনৈতিক সকাহ দিবলৈ গণতন্ত্রত জনকল্যাণ আঁচনি গ্ৰহণ কৰা হয়।
গণতন্ত্ৰৰ বিকাশ (Development of Democracy)
গণতন্ত্র মূলতঃ পাশ্চাত্যৰ ধাৰণা, যাৰ আৰম্ভণি প্রাচীন গ্রীচত হৈছিল। সেই সময়ত নগৰ-ৰাষ্ট্ৰসমূহত জনগণে প্রত্যক্ষভাৱে চৰকাৰৰ কাম-কাজত অংশগ্ৰহণ কৰিছিল, যদিও এই গণতন্ত্র সীমিত আছিল। প্লেটো আৰু এৰিষ্টটলে গণতন্ত্রক বেয়া চৰকাৰ হিচাপে গণ্য কৰিছিল।
গ্ৰীচৰ পাছত ৰোম সাম্ৰাজ্যত সু-প্ৰশাসন গুৰুত্বপূর্ণ হৈছিল, যদিও গণতন্ত্র বহুল প্ৰচলিত নাছিল। চিচেৰ’, চেনেকা আদি দাৰ্শনিকসকলে সমতাৰ কথা আলোচনা কৰি গণতন্ত্রৰ বিকাশত পৰোক্ষভাৱে অৱদান ৰাখিছিল।
প্ৰাক্-মধ্যযুগত গণতন্ত্রৰ বিকাশ মন্থৰ হৈছিল, কিয়নো এই সময়ছোৱাত ৰাজতন্ত্র আৰু সামন্ততন্ত্র প্ৰভাৱশালী আছিল। তৎপৰ্যপূৰ্ণ ৰূপত গণতন্ত্রৰ পুনৰুজ্জীৱন ইউৰোপৰ পুনর্জাগৰণকাল, শিল্পবিপ্লৱ আৰু বুৰ্জুৱাতান্ত্ৰিক বিপ্লৱৰ সময়ত দেখা গৈছিল, যাৰ ফলত আধুনিক গণতান্ত্রিক চৰকাৰৰ ভিত্তি স্থাপন হৈছিল। প্ৰাক্-মধ্যযুগত গণতন্ত্ৰৰ বিকাশ প্ৰায় নাছিল, কাৰণ এই সময়ত ৰাজনীতিৰ ওপৰত ধৰ্মীয় প্ৰভাৱ অত্যাধিক আছিল, আৰু ৰাজা-পোপসকলৰ শক্তিৰ দ্বন্দ্ব গণতান্ত্ৰিক ধাৰণাৰ বৃদ্ধি বাধাগ্ৰস্ত কৰিছিল। মধ্যযুগৰ অন্তিম পৰ্যায়ত কিছুমান গণতান্ত্রিক উপাদান দেখা যায়, যেনে স্কেনডিনেভিয়াৰ “থিংগচ,” আইচলেণ্ডৰ “আলথিংগ,” আৰু দক্ষিণ ভাৰতৰ চৌলা সাম্রাজ্যৰ নিৰ্বাচনী প্ৰথা। মধ্যযুগৰ অন্তভাগত ৰাজনীতি আৰু ধৰ্মৰ পৃথকীকৰণৰ প্ৰয়াস আৰম্ভ হয়, যাৰ ফলত গণতন্ত্ৰৰ বিকাশৰ বাট মুকলি হয়। নৱজাগৰণ আৰু সংস্কাৰ আন্দোলনে গণতান্ত্ৰিক চিন্তা-ধাৰণাৰ বিকাশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
গণতন্ত্রৰ বিকাশৰ ক্ষেত্ৰত ১২১৫ চনৰ Magna Carta, ১৬২৮ চনৰ Petition of Rights, ১৬৮৮ চনৰ গৌৰৱময় বিপ্লৱ, আৰু ১৬৮৯ চনৰ Bill of Rights আদিয়ে ৰাজক্ষমতা সীমিত কৰি জনতাৰ অধিকাৰ স্থাপন কৰে, যি গণতান্ত্ৰিক পৰিৱর্তনৰ মূল আধাৰ হৈছিল। গণতন্ত্রৰ বিকাশত আমেৰিকা আৰু ফৰাচী বিপ্লৱৰ ভূমিকা গুৰুত্বপূর্ণ। এই বিপ্লৱে স্বতন্ত্রতা, সমতা, আৰু ভাতৃত্বৰ আদৰ্শ জনপ্রিয় কৰি আধুনিক গণতন্ত্রৰ ভিত্তি গঢ়ি তোলে। আমেৰিকা বিপ্লৱৰ ফলত যুক্তৰাষ্ট্ৰ গঠন হয়, যি আধুনিক গণতান্ত্রিক ৰাষ্ট্ৰসমূহৰ অন্যতম প্ৰাচীন উদাহৰণ।
ইউৰোপৰ চিন্তাবিদ হবচ্, লক, আৰু ৰুছোৱে গণতন্ত্রৰ বিকাশত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে। হবচ্ আৰু লকে ৰাজতন্ত্ৰৰ সমৰ্থক হলেও, তেওঁলোকে শাসকৰ দায়বদ্ধতাৰ কথা কৈ গণতান্ত্রিক নীতি সমর্থন কৰিছিল। ৰুছোৱে সাধাৰণ ইচ্ছাৰ (General Will) ধাৰণা আগবঢ়াই গণতন্ত্রক বহুত্ববাদী সাৰ্বভৌমত্বৰ দিশত আগুৱাই নিছিল। ঔপনিৱেশিক শাসনো গণতন্ত্রৰ বিকাশত প্ৰভাৱ বিস্তাৰ কৰিছিল। বিশেষকৈ, ইংৰাজ ঔপনিৱেশিক শাসনে কিছু অংশত গণতান্ত্রিক ধাৰণাৰ বীজ ৰোপণ কৰিছিল। ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ গঠনৰ পাছত গণতান্ত্রিক আদৰ্শ অধিক প্ৰসাৰ লাভ কৰে আৰু বহুতো নতুন ৰাষ্ট্ৰ গণতন্ত্রক গ্ৰহণ কৰে। সেয়ে, প্রাচীন গ্ৰীক সাম্ৰাজ্যৰ পৰা আৰম্ভ হোৱা গণতান্ত্রিক যাত্ৰাই আমেৰিকা-ফৰাচী বিপ্লৱ, ইউৰোপীয় দার্শনিক চিন্তা, আৰু ঔপনিৱেশিক প্ৰভাৱৰ জৰিয়তে আধুনিক ৰূপ লাভ কৰিছে।
AS Per UGC Syllabus Notes
Sl. No. | Syllabus |
1 | ৰাষ্ট্ৰ কি? সংজ্ঞা, উপাদান, বৈশিষ্ট্য, বিৱৰ্তন, ৰাষ্ট্ৰৰ উৎপত্তি আৰু সামাজিক চুক্তিসমূহ (What is a State? Definition, Elements, Features, Evolution, Origin of the State, and Social Contract Theories) |
2 | উত্তৰ আধুনিকতাবাদ কি? সংজ্ঞা, বিকাশ, সমালোচনা (What is Postmodernism? Definition, Development, Criticism) |
3 | ৰাজনৈতিক তত্ত্ব কি? ৰাজনীতিৰ অৰ্থ, উৎপতি, প্ৰকাৰ, বৈশিষ্ট্য, বিকাশ, পৰিসৰ, প্ৰকৃতি (What is Political Theory? – Meaning of Politics, Origin, Types, Features, Development, Scope, and Nature) |
4 | বহুসংস্কৃতিবাদ কি? সংজ্ঞা, বৈশিষ্ট্য, বিকাশ, উত্থান, তত্ত্ব, বৰ্ণসংকৰতা, সাংবিধানিক বিচিত্রতা (Definition, Features, Evolution, Emergence, Theories, Racial Hybridity, and Constitutional Diversity) |
5 | মার্ক্সবাদ কি?- নীতি, মার্ক্সবাদী দৃষ্টিভংগীৰ অৰ্থ আৰু পৰিসৰ, মার্ক্সবাদী দৃষ্টিভংগী আৰু ভাৰতৰ ৰাজনীতি (What is Marxism? – Principles, Meaning and Scope of the Marxist Perspective, and Marxist Perspective and Indian Politics) |
6 | গণতন্ত্ৰ কি? সংজ্ঞা, বৈশিষ্ট্য, বিকাশ, প্ৰকাৰ, ধাৰণা, চৰ্তসমূহ (What is Democracy? Features, Evolution, Types, Concepts, Conditions) |
7 | নাগৰিকত্ব কি? ইয়াৰ সংজ্ঞা, বৈশিষ্ট্য, প্ৰকাৰ, বিকাশ, উদাৰবাদী, পদ্ধতিসমূহ, কাৰণ, বৈশিষ্ট্যসমূহ আৰু উপাদানসমূহ (What is Citizenship? Its Definition, Features, Types, Development, Liberal Views, Methods, Causes, Characteristics, and Elements) |
ৰাজনীতি তত্ত্বৰ বোধগম্যতা
Sl. No. | CONTENTS |
Unit – 1 | ৰাজনীতি কিঃ তাত্ত্বিক ৰাজনৈতিক |
Unit – 2 | ৰাজনৈতিক তত্ত্বৰ ঐতিহ্য, মার্ক্সবাদী ঐতিহ্য, বহুসংস্কৃতিবাদ |
Unit – 3 | ৰাজনৈতিক তত্ত্বৰ সমালোচনা আৰু সমকালীন দৃষ্টিভঙ্গী |
Unit – 4 | ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – I |
Unit – 5 | ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – II |
AS Per UGC Old Syllabus ৰাজনীতি তত্ত্বৰ বোধগম্যতা
Sl. No. | CONTENTS |
Unit – 1 | ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ |
Unit – 2 | ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ |
Unit – 3 | ৰাজনৈতিক তত্ত্বত সমালোচনামূলক আৰু সমসাময়িক পটভূমি |
Unit – 4 | ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – ১ |
Unit – 5 | ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – ২ |
গণতন্ত্ৰৰ প্ৰকাৰ বা শ্রেণী (Types of democracy)
গণতন্ত্র সাধাৰণতে দুভাগত ভগাব পাৰি-
১। প্রত্যক্ষ গণতন্ত্র আৰু
২। পৰোক্ষ বা প্রতিনিধিত্বমূলক গণতন্ত্র।
১। প্রত্যক্ষ গণতন্ত্র (Direct Democracy)
প্রত্যক্ষ গণতন্ত্র বুলিলে এনে শাসন ব্যৱস্থাক বুজায় য’ত জনসাধাৰণে প্রত্যক্ষভাৱে নিজে শাসনকার্য পৰিচালনা কৰে। ৰাষ্ট্ৰৰ জনসাধাৰণে এটা নির্দিষ্ট সময়ত আৰু কোনো নির্দিষ্ট ঠাইত সমবেত হৈ আইন প্রণয়ন, শাসন বিষয়ক নীতি নির্ধাৰণ, সংবিধান সংশোধন আদি কার্য সম্পাদন কৰে।
প্রত্যক্ষ গণতন্ত্ৰত জনসাধাৰণে পোনপটীয়াকৈ আইন প্রণয়ন, সংবিধান সংশোধন আৰু প্ৰশাসনীয় নীতি নির্ধাৰণৰ ব্যৱস্থা গ্রহণ কৰিব পাৰে। প্ৰাচীন কালত গ্ৰীকৰ নগৰ ৰাষ্ট্ৰবিলাক আৰু ৰোমত প্রত্যক্ষ গণতন্ত্ৰৰ প্ৰচলন আছিল।
প্রত্যক্ষ গণতন্ত্রৰ গুণ (Merits of Direct Democracy)
১। প্রত্যক্ষ গণতন্ত্রত জনসাধাৰণে ৰাষ্ট্ৰৰ আইন প্রণয়ন আৰু প্ৰশাসনত সক্রিয় অংশগ্রহণ কৰিব পাৰে। ইয়াৰ ফলত জনসাধাৰণে চৰকাৰক নিজৰ চৰকাৰ বুলি গৌৰৱ অনুভৱ কৰে। উৎসাহ-উদ্দীপনাও বৃদ্ধি পায়।
২। প্রত্যক্ষ গণতন্ত্রত জটিলতা কম। নাগৰিকসকলে নিজ ইচ্ছা অনুসৰি আইন-প্রণয়নৰ প্ৰস্তাৱ দিব পাৰে। প্ৰশাসনত অংশগ্রহণ কৰিব পাৰে।
৩। চৰকাৰত প্ৰত্যেকেই অংশগ্রহণ কৰে। জনসাধাৰণে নিজেই লোৱা সিদ্ধান্তৰ বিৰুদ্ধে কাৰোৰ অভিযোগ কৰাৰ স্থল নাথাকে।
৪। প্রত্যক্ষ গণতন্ত্রত খৰচৰ পৰিমাণ কম। পৰোক্ষ গণতন্ত্ৰৰ নিৰ্বাচনত হোৱা অত্যধিক ব্যয় প্রত্যক্ষ গণতন্ত্রত নাথাকে।
৫। প্রত্যক্ষ গণতন্ত্রত বিপ্লৱৰ সম্ভাৱনা কম।
প্রত্যক্ষ গণতন্ত্ৰৰ দোষ (Demerits of Direct Democracy)
১। বিপুল জনসংখ্যা থকা দেশৰ বাবে প্রত্যক্ষ গণতন্ত্র উপযোগী নহয়। এনে দেশসমূহৰ জনসাধাৰণে গোট খাই আইন প্রণয়নৰ ব্যৱস্থা কৰাৰ কথা ভাবিব নোৱাৰি।
২। প্রশাসনীয় বা আইন প্রণয়নৰ ব্যৱস্থা এক জটিল ব্যবস্থা। ইয়াৰ বাবে প্রশাসনীয় জ্ঞান আৰু অভিজ্ঞতাৰ প্ৰয়োজন। সকলো নাগৰিককে প্রশাসনত প্রত্যক্ষ অংশগ্ৰহণৰ সুবিধা দিলে প্রশাসনৰ মান নিম্নগামী হয়।
৩। দেশৰ সৰহ সংখ্যক লোক নিৰক্ষৰ হ’লে প্রত্যক্ষ গণতন্ত্র কৃতকার্য হ’ব নোৱাৰে।
৪। প্রত্যক্ষ নির্বাচনত সকলো ব্যক্তিক সমান সুযোগ দিয়া হয়। কিন্তু সুদক্ষ, অভিজ্ঞ, জ্ঞানী লোকক নিৰক্ষৰ লোকৰ দৰে বিবেচনা কৰিলে যোগ্য লোকসকলৰ উদ্যোগ আৰু কৰ্ম প্ৰেৰণা নাইকিয়া হয়।
পৰোক্ষ গণতন্ত্র (Indirect Democracy)
আধুনিক কালৰ ৰাষ্ট্ৰবিলাকৰ আকাৰ আৰু জনসংখ্যা বহু বেছি। কোটি কোটি জনসংখ্যাৰে ভৰা দেশসমূহত জনসাধাৰণে একেলগে গোট খাই নীতি নির্ধাৰণ কৰা, আইন প্রণয়ন কৰা সম্ভৱ নহয়। সেই কাৰণেই বর্তমান যুগৰ গণতান্ত্রিক ৰাষ্ট্ৰবোৰত জনসাধাৰণে প্ৰতিনিধিৰ যোগেদি শাসন কার্যত অংশগ্রহণ কৰে। প্রত্যক্ষভাৱে আইন প্রণয়ন, সংবিধান সংশোধন, নীতি নির্ধাৰণ নকৰি জনসাধাৰণে নিৰ্দ্ধাৰিত প্ৰতিনিধিসকলৰ হাতত এনে ক্ষমতা অর্পণ কৰে। জনসাধাৰণে পৰোক্ষভাৱেহে শাসন কার্যত অংশ গ্রহণ কৰে। সেই কাৰণে এনে গণতান্ত্ৰিক চৰকাৰক পৰোক্ষ গণতন্ত্ৰ বোলা হয়। পৰোক্ষ গণতন্ত্ৰক প্ৰতিনিধিমূলক গণতান্ত্ৰও বোলা হয়।
প্রত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰৰ পাৰ্থক্য (The difference between direct democracy and indirect democracy)
প্রত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰৰ মাজত বহু প্ৰধান পাৰ্থক্য আছে। তলত এই দুয়োটা চৰকাৰী প্ৰণালীৰ মূল পাৰ্থক্য আলোচনা কৰা হ’ল—
১। জনসাধাৰণৰ অংশগ্ৰহণ: প্ৰত্যক্ষ গণতন্ত্ৰত, জনসাধাৰণে চৰকাৰৰ কামত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰে। ভোটাধিকাৰ থকা সকলো নাগৰিকে ৰাজহুৱা সভাত মিলিত হৈ সিদ্ধান্ত লয়, চৰকাৰী বিষয়া নিৰ্বাচন কৰে, নীতি-নিৰ্ধাৰণ কৰে আৰু আইন প্ৰণয়ন বা কৰ আৰোপ সম্পৰ্কে মতামত দিয়ে। পৰোক্ষ গণতন্ত্ৰত, জনসাধাৰণে প্ৰত্যক্ষভাৱে চৰকাৰৰ কামত অংশগ্ৰহণ নকৰে। ইয়াৰ পৰিৱর্তে, তেওঁলোক প্ৰতিনিধি নিৰ্বাচন কৰে, যিয়ে জনসাধাৰণৰ হৈ আইন প্ৰণয়ন আৰু নীতি-নিৰ্ধাৰণ কৰে।
২। আইন প্ৰণয়নৰ প্ৰক্ৰিয়া: প্ৰত্যক্ষ গণতন্ত্ৰত, জনসাধাৰণে নতুন আইন প্ৰস্তাৱ কৰিব পাৰে আৰু কিছুমান ক্ষেত্ৰত আইন সভাৰ দ্বাৰা গৃহীত আইন জনসাধাৰণৰ অনুমোদনৰ বাবে পঠিওৱা হয়। পৰোক্ষ গণতন্ত্ৰত, আইন প্ৰণয়ন সম্পূৰ্ণৰূপে নিৰ্বাচিত প্ৰতিনিধিসকলৰ ওপৰত নিৰ্ভৰশীল থাকে, আৰু নাগৰিকসকলে আইন প্ৰত্যক্ষভাৱে অনুমোদন নকৰে।
৩। ব্যৱহাৰ কৰা অঞ্চল: প্ৰত্যক্ষ গণতন্ত্ৰ মূলত প্ৰাচীন গ্ৰিছ (এথেন্স)ৰ দৰে ক্ষুদ্ৰ ৰাজ্যবোৰত ব্যৱহাৰ কৰা হৈছিল, য’ত জনগোষ্ঠীৰ সংখ্যা সীমিত আছিল। পৰোক্ষ গণতন্ত্ৰ আধুনিক গণতান্ত্ৰিক দেশবোৰত (যেনে ভাৰত, আমেৰিকা, ব্রিটেইন) ব্যৱহাৰ হয়, য’ত বৃহৎ জনগোষ্ঠী থাকিবলৈ গৈ প্ৰত্যক্ষ গণতন্ত্ৰ প্ৰয়োগ কৰাটো অসম্ভৱ।
৪। সুবিধা আৰু অসুবিধা: প্ৰত্যক্ষ গণতন্ত্ৰত, জনগণৰ সৰাসৰি অংশগ্ৰহণ থাকিবলৈ গৈ সিদ্ধান্ত অধিক স্বচ্ছ আৰু গণভিত্তিক হয়, কিন্তু বৃহৎ জনসংখ্যাৰ দেশত ই প্ৰয়োগৰ পক্ষে জটিল। পৰোক্ষ গণতন্ত্ৰত, সিদ্ধান্ত গ্ৰহণ দ্ৰুত আৰু সংগঠিত হয়, কিন্তু নাগৰিকসকল প্ৰতিনিধিৰ ওপৰত নির্ভৰশীল থাকিব লগীয়া হয়, যিয়ে কেতিয়াবা জনসাধাৰণৰ প্ৰকৃত অভিপ্ৰায় প্ৰতিফলিত নকৰিবও পাৰে।
৫। প্রত্যক্ষ গণতন্ত্র থকা দেশ, যেনে-চুইজাৰলেণ্ডত জনসাধাৰণে সংবিধান সংশোধনৰ প্ৰস্তাৱত অনুমোদন জনাব লাগে। আইনপালিকাই সংবিধান সংশোধনৰ প্রস্তাৱ গ্ৰহণ কৰিলে কেন্টনসমূহ আৰু জনসাধাৰণে অনুমোদন জনাব লাগে। কিন্তু পৰোক্ষ গণতন্ত্ৰত জনসাধাৰণে সংবিধান সংশোধনী বিষয়ত অনুমোদন জনাব নালাগে।
৬। প্রত্যক্ষ গণতন্ত্রত জনসাধাৰণে নিৰ্বাচিত প্রতিনিধিক ঘূৰাই আনিব পাৰে। কিন্তু পৰোক্ষ গণতন্ত্ৰত এনে Recall ব্যৱস্থা নাই।
গণতন্ত্ৰৰ বিভিন্ন ধাৰণাসমূহ (Concepts of Democracy)
তলত গণতন্ত্ৰৰ এই বিভিন্ন ধাৰণাসমূহ আলোচনা কৰা হ’ল-
১। গণতন্ত্ৰৰ ধ্রুপদী ধাৰণা (Classical Democracy)
গণতন্ত্ৰৰ আটাইতকৈ প্রাচীন ৰূপসমূহৰ ভিত্তিত গণতন্ত্ৰৰ ধাৰণা দিয়া হয়, সেই ধাৰণাই হ’ল গণতন্ত্ৰৰ ধ্রুপদী ধাৰণা। ধ্রুপদী গণতন্ত্ৰত জনসাধাৰণৰ অংশগ্রহণ, নাগৰিকৰ কৰ্তব্য পালন, সর্বসম্মতিৰ ভিত্তিত সিদ্ধান্ত গ্রহণ, আইন আৰু ৰাষ্ট্ৰলৈ সন্মান প্রদর্শন আদি বৈশিষ্ট্যসমূহ দেখা যায়। ধ্রুপদী গণতন্ত্ৰত জনসাধাৰণে প্রশাসনিক কাম-কাজত প্রত্যক্ষভাৱে অংশগ্রহণ কৰিছিল। ধ্রুপদী গণতন্ত্ৰৰ নগৰ ৰাষ্ট্ৰসমূহত জনসাধাৰণে সকলো কাম-কাজ, যেনে- কার্যপালিকা, বিধানমণ্ডল, ন্যায়পালিকা আদি সকলোৰে কাম সম্পাদন কৰিছিল।
২। উদাৰবাদী গণতন্ত্র (Liberal Democracy)
উদাৰবাদী গণতন্ত্র হৈছে এক শাসনব্যৱস্থা, যি গণতান্ত্ৰিক মূল্যবোধ আৰু উদাৰ মতবাদৰ সংমিশ্ৰণ। ইয়াত ব্যক্তিগত স্বাধীনতা, আইনৰ শাসন, আৰু সীমিত চৰকাৰী হস্তক্ষেপ নিশ্চিত কৰা হয়। এই গণতান্ত্ৰিক ধাৰণাটো সামন্তবাদ আৰু একনায়কত্বৰ বিপৰীতে বিকশিত হৈছে, য’ত ৰাজনৈতিক অংশগ্ৰহণ আৰু ব্যক্তিগত অধিকাৰ একেলগে আগবাঢ়ে। যদিও ইয়াত ব্যক্তি স্বাধীনতাৰ গুৰুত্ব দিয়া হয়, তথাপিও উদাৰবাদী গণতন্ত্র অত্যাধিক মূলধনৰ কেন্দ্ৰীকৰণ আৰু শোষণৰ বিপক্ষে থাকে।
স্পিনোজা, গ্রীণ, লাস্কি, আৰু বাৰ্কাৰ আদি চিন্তাবিদসকলে এই মতবাদৰ বিকাশ সাধন কৰে, যি ন্যায়, বিকেন্দ্ৰীকৰণ, আৰু গণতান্ত্ৰিক শাসনব্যৱস্থাৰ ওপৰত ভিত্তি কৰি গঠিত।
৩। মার্ক্সবাদী বা সাম্যবাদী গণতন্ত্র (Marxist or Communist Democracy)
মার্ক্সবাদী বা সাম্যবাদী গণতন্ত্র হৈছে এনে এক শাসনব্যৱস্থা, যি সম্পূৰ্ণৰূপে শ্ৰমিক শ্ৰেণীৰ শাসনৰ ওপৰত ভিত্তি কৰি গঠিত আৰু শোষণমুক্ত সমাজ প্ৰতিষ্ঠাৰ লক্ষ্যৰে আগবাঢ়ে। মার্ক্সবাদীসকলে উদাৰ গণতন্ত্ৰক বুৰ্জোৱা শ্ৰেণীৰ একনায়কত্ব বুলি বিবেচনা কৰে, যি শ্ৰমিকসকলৰ ওপৰত শোষণ চলাই। সেয়ে, তেওঁলোকৰ মতে প্রকৃত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে শ্ৰমিক শ্ৰেণীৰ একনায়কত্ব স্থাপন কৰাটো প্ৰয়োজনীয়।
মার্ক্সবাদী গণতন্ত্ৰে শ্ৰেণীবিহীন সমাজ প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব দিয়ে, য’ত অৰ্থনৈতিক আৰু সামাজিক সমতা থাকিব। ব্যক্তিগত সম্পত্তিৰ প্ৰথা বিলোপ কৰি সমাজবাদী চৰকাৰ স্থাপন কৰাটোৱেই ইয়াৰ মুখ্য লক্ষ্য। এই গণতন্ত্ৰত ৰাজ্যই জনসাধাৰণৰ হিতসাধন কৰিব আৰু ধনী-দুখীয়াৰ বৈষম্য নাথাকিব। ব্ৰিটেইন আৰু আমেৰিকাৰ দৰে দেশত উদাৰ গণতন্ত্ৰ চলি থকা অৱস্থাত, ৰাছিয়া (পূৰ্বৰ ছোভিয়েট সংঘ) আৰু চীনৰ দৰে দেশত মার্ক্সবাদী গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল। সাম্যবাদী গণতন্ত্ৰৰ মূল লক্ষ্য হৈছে এক শোষণহীন, সমতামূলক সমাজ গঠন কৰা, য’ত শ্ৰমিক শ্ৰেণীহে মুখ্য শক্তি হ’ব।
পদ্ধতিগত গণতন্ত্র আৰু স্বেচ্ছাকৃত গণতন্ত্র (Procedural Democracy and Deliberative Democracy)
১। পদ্ধতিগত গণতন্ত্র (Procedural Democracy)
পদ্ধতিগত গণতন্ত্র সেই প্ৰকাৰৰ চৰকাৰ য’ত নাগৰিকৰ প্ৰভাব সীমিত। সাধাৰণতে উদাৰবাদী গণতন্ত্ৰত নাগৰিকে ৰাষ্ট্ৰৰ ওপৰত বিভিন্ন ধৰণে প্ৰভাৱ বিস্তাৰ কৰে। কিন্তু পদ্ধতিগত গণতন্ত্ৰত নাগৰিকে উদাৰবাদী গণতন্ত্ৰৰ দৰে ৰাষ্ট্ৰৰ ওপৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহয়। পদ্ধতিগত নিৰ্বাচনত নাগৰিকে এজন ভোটাৰ হিচাপে ভোটদান কৰিয়ে নিজৰ দায়িত্ব সামৰে। এনে গণতন্ত্রত নিকা আৰু নিৰপেক্ষ নিৰ্বাচনত ভোটাৰে ভোটদান কৰাই গণতন্ত্ৰ বুলি গণ্য কৰা হয়।
পদ্ধতিগত গণতন্ত্রই বিশ্বাস কৰে যে গণতন্ত্ৰত নির্বাচন প্রক্রিয়া আটাইতকৈ গুৰুত্বপূর্ণ বিষয়। নির্বাচন প্ৰক্ৰিয়াৰ মাধ্যমেৰেই গণতন্ত্ৰত চৰকাৰ গঠন কৰা হয়। নিৰ্বাচনৰ জৰিয়তে জনসাধাৰণৰ ওপৰত শাসকে কর্তৃত্ব লাভ কৰে। সেয়েহে পদ্ধতিগত গণতন্ত্রই নিৰ্বাচনৰ সকলোবোৰ পদ্ধতি পালন কৰি ভোটদানৰ মাজেৰে চৰকাৰ গঠন হোৱাৰ ওপৰত গুৰুত্ব দিয়ে। পদ্ধতিগত গণতন্ত্রত গণতান্ত্রিক কাঠামো আৰু নিয়ম-কানুন বজায় থাকে, কিন্তু জনসাধাৰণৰ অংশগ্ৰহণ ভোটদানতহে সীমাবদ্ধ থাকে। এনে চৰকাৰে সাধাৰণতে নিজৰ পুননিৰ্বাচনৰ চেষ্টা কৰে, জনগণৰ অধিকাৰ বা কল্যাণত গুৰুত্ব নেদিয়ে। এই ধৰণৰ গণতন্ত্র প্রকৃত গণতন্ত্রৰ বিপৰীতে থাকে, য’ত জনগণৰ সক্ৰিয় অংশগ্ৰহণ, সমতা আৰু স্বাধীনতা প্ৰধান। আফ্ৰিকাৰ নামিবিয়া, আংগলা, মোজাম্বিক আদিত এনে গণতন্ত্র দেখা যায়, যি শুদ্ধ নির্বাচনৰ মাধ্যমেৰে গণতান্ত্রিক স্বীকৃতি পেলাব খোজে, যদিও প্রকৃত গণতন্ত্রৰ মূল স্পৃহা অনুপস্থিত থাকে।
স্বেচ্ছাকৃত গণতন্ত্র (Deliberative Democracy)
গণতন্ত্রৰ আন এটা গুৰুত্বপূর্ণ ধাৰণা হ’ল স্বেচ্ছাকৃত গণতন্ত্র। স্বেচ্ছাকৃত গণতন্ত্রই গণতন্ত্রক কেৱল এটা পদ্ধতিৰ মাজত সীমাবদ্ধ কৰি নাৰাখে। ইয়াত জনতাই সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত স্বেচ্ছাকৃতভাৱে অংশগ্রহণ কৰে। স্বেচ্ছাকৃত গণতন্ত্রত সংখ্যাগৰিষ্ঠৰ শাসন আৰু সৰ্বসম্মতিক্রমে সিদ্ধান্ত গ্রহণ, এই দুয়োটা নীতি পালন কৰা দেখা গৈছে। পৰম্পৰাগত গণতন্ত্রতকৈ স্বেচ্ছাকৃত গণতন্ত্র পৃথক। স্বেচ্ছাকৃত গণতন্ত্রই কেবল নাগৰিকে স্ব-ইচ্ছাই ভোটদান কৰাকে নুবুজায়। নাগৰিকে স্ব-ইচ্ছাই দেশৰ আইন-কানুন মানি চলে।
এনে গণতন্ত্ৰত জনসাধাৰণে আইনক নিজৰ সন্মতি প্রদান কৰি বৈধতা প্রদান কৰে। স্বেচ্ছাকৃত গণতন্ত্র বা Deliberative Democracy মূলত প্রতিনিধিমূলক আৰু প্রত্যক্ষ গণতন্ত্রৰ সংমিশ্ৰণ। ই শুধুমাত্ৰ ভোটদানত সীমাবদ্ধ নহয়; নাগৰিকৰ মুক্ত আৰু যুক্তিপূর্ণ আলোচনা তথা অংশগ্ৰহণক প্ৰধান্য দিয়ে। এই ধাৰণাটো এৰিষ্ট’টলৰ সময়ৰ পৰা বিকশিত হৈ, বিংশ শতিকাৰ শেষৰফালে হেবাৰমাচৰ চিন্তাধাৰাত পূৰ্ণতা লাভ কৰে। ১৯৮০ চনত জ’চেফ বেচেতই এই শব্দটো প্ৰথম ব্যৱহাৰ কৰে। স্বেচ্ছাকৃত গণতন্ত্রত বৈধ সিদ্ধান্ত হ’বলে নাগৰিকে স্ব-ইচ্ছাই আলোচনা আৰু যুক্তিৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰিব লাগে, আৰু ই কেৱল সংখ্যাগৰিষ্ঠৰ মতামত বা কোনো স্বার্থগোষ্ঠীৰ প্ৰভাৱত নির্ভৰ কৰা উচিত নহয়।
গণতন্ত্র কৃতকার্যতাৰ চৰ্ত (Conditions necessary for the success of Democracy)
গণতন্ত্ৰৰ সাফল্যৰ কেইটামান প্রধান চর্ত আছে। এই চর্তসমূহ তলত আলোচনা কৰা হ’ল।
১। জনসাধাৰণৰ ইচ্ছা: গণতন্ত্র কৃতকার্য হ’বলৈ হ’লে জনসাধাৰণৰ নৈতিক চৰিত্ৰ উন্নত হ’ব লাগিব আৰু তেতিয়াহে গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ আগ্রহ থাকিব। জনসাধাৰণৰ ইচ্ছা, আস্থা আৰু সমর্থন নাথাকিলে গণতন্ত্র কৃতকার্য হ’ব নোৱাৰে। ইচ্ছা থাকিলেহে মানুহে সেই ব্যৱস্থাৰ প্ৰতি সমর্থন দিয়ে।
২। নাগৰিকৰ অধিকাৰ: গণতন্ত্ৰ জনসাধাৰণৰ চৰকাৰ। জনসাধাৰণৰ অধিকাৰ থাকিলে আৰু অধিকাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা থাকিলে গণতন্ত্ৰৰ প্ৰতি মানুহৰ আস্থা থাকে। অধিকাৰে জনসাধাৰণৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। অযথা হস্তক্ষেপ নকৰিলে জনসাধাৰণৰ গণতন্ত্ৰৰ প্ৰতি আস্থা বাঢ়ে। এনেদৰে গণতন্ত্র সফল হ’ব পাৰে।
৩। উন্নত শিক্ষা ব্যৱস্থা: উন্নত শিক্ষা ব্যৱস্থা থাকিলে জনসাধাৰণক গণতান্ত্ৰিক পৰম্পৰাৰ প্ৰতি আকৰ্ষিত কৰিব পৰা যায়। উন্নত শিক্ষা ব্যৱস্থাই মানুহক অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি সচেতন কৰি তোলে। ই মানুহক ৰাজনৈতিক, সামাজিক সমস্যাসমূহ বুজি পোৱাত সহায় কৰে। সেইবাবে উপযুক্ত শিক্ষা ব্যৱস্থা গণতন্ত্র কৃতকার্যতাৰ প্ৰধান চর্ত।
৪। নাগৰিকৰ কৰ্তব্য: নাগৰিকসকলে অধিকাৰৰ প্ৰতি সচেতন হোৱাৰ দৰে কর্তব্যৰ প্রতিও সচেতন হ’ব লাগিব। যদি প্রত্যেক ব্যক্তিয়ে নিজৰ কৰ্তব্য, দেশৰ প্ৰতি থকা কর্তব্য পালন কৰে, তেন্তে গণতন্ত্র কৃতকার্য হ’বই। কেৱল নিজৰ অধিকাৰৰ প্ৰতি সচেতন হৈ কৰ্তব্যৰ প্ৰতি অৱহেলা কৰিলে স্থবিৰতা আহি পৰিব, অৰাজকতাই দেখা দিব, গণতন্ত্র বিফল হ’বলৈ বাধ্য হ’ব।
৫। ৰাজনৈতিক চেতনাবোধ: দেশৰ জনসাধাৰণ দেশৰ সমস্যাৰাজিৰ প্ৰতি সচেতন হ’লে গণতন্ত্র কৃতকার্য হয়। আধুনিক গণতান্ত্রিক ৰাষ্ট্ৰসমূহত বিভিন্ন ভাষা, ধর্ম, উপজাতি থাকে। দেশৰ যেনেকৈ সমস্যা থাকে, বিভিন্ন গোষ্ঠীসমূহৰ মাজতো সমস্যা থাকে। আলাপ-আলোচনাৰ যোগেদি, সহিষ্ণুতাৰ মাজেদি সমস্যা সমাধান কৰিব পাৰি। সেইবাবে ৰাজনৈতিক চেতনাবোধ থাকিলে গণতন্ত্র কৃতকার্য হয়। চেতনাবোধ থাকিলে জনসাধাৰণে গণতন্ত্ৰৰ প্ৰহৰীৰূপে কাম কৰিব পাৰে। ৰাজহুৱা কামৰ প্ৰতি সচেতন নহ’লে সুবিধাবাদীয়ে সংকীর্ণ স্বার্থ পূৰণ কৰিব।
৬। সুস্থ-সবল জনমত: জনমত গঠনৰ যোগেদি জনসাধাৰণে চৰকাৰৰ স্বেচ্ছাচাৰিতাক বাধা দিব পাৰে। নিৰপেক্ষ বাতৰি কাকত-আলোচনীয়ে চৰকাৰৰ হেমাহি, দুর্নীতি আৰু অশুভ দিশবোৰ আঙুলিয়াই দি জনমত গঠনত সহায় কৰে। অন্যান্য প্ৰচাৰ মাধ্যম, সভা-সমিতিয়ে জনমত গঠন কৰে। জনসাধাৰণৰ সুস্থ জনমতে যেনেকৈ দেশৰ সামগ্রিক মংগলৰ পথ প্ৰদৰ্শন কৰে তেনেকৈ চৰকাৰৰ স্বেচ্ছাচাৰী প্ৰৱণতাক বাধা দি গণতন্ত্ৰক ৰক্ষা কৰে।
৭। ৰাজনৈতিক দল: শক্তিশালী বিৰোধী দল থাকিলে গণতন্ত্র কৃতকার্য হ’ব পাৰে। শক্তিশালী বিৰোধী দল থাকিলে শাসনত থকা দলৰ কাৰ্যকলাপত চকু ৰাখিব পাৰে। গঠনমূলক পৰামৰ্শ আগবঢ়াব পাৰে। চৰকাৰৰ কাৰ্যব্যৱস্থাত ভুল-ত্রুটি থাকিলে সমালোচনাৰ যোগেদি আঙুলিয়াই দিব পাৰে। চৰকাৰৰ দুর্নীতি আৰু দায়িত্বজ্ঞানহীন কাৰ্যক বাধা দিব পাৰে। এনেদৰে ৰাজনৈতিক দলে গণতন্ত্ৰৰ কৃতকাৰ্যতাত সহায় কৰে।
৮। ক্ষমতা বিকেন্দ্ৰীকৰণ: কেন্দ্ৰীয় চৰকাৰৰ হাতত অধিক ক্ষমতা থাকিলে জনসাধাৰণৰ ৰাজহুৱা বিষয়বিলাকৰ প্ৰতি আকৰ্ষণ কমি যায়, আমোলাতন্ত্ৰৰ ক্ষমতা বাঢ়ি যায়। স্থানীয় সমস্যাসমূহ সমাধানৰ বাবে স্থানীয় প্রশাসনৰ ব্যৱস্থা কৰিলে, আৰু ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিলে জনসাধাৰণে শাসনত অংশগ্ৰহণৰ সুবিধা পায়। গণতন্ত্র কৃতকাৰ্যতাৰ বাবে ক্ষমতা বিকেন্দ্ৰীকৰণ এটা প্রধান চর্ত।
৯। অর্থনৈতিক সমতা: অভাৱ-অনাটনৰ পৰা মুক্ত হ’ব নোৱাৰিলে গণতন্ত্র কৃতকার্য হ’ব নোৱাৰে। সমাজৰ সৰহ সংখ্যক লোক দৰিদ্ৰ হ’লে, এমুঠিমান লোক বিত্তৱান হ’লে অর্থনৈতিক বৈষম্যৰ সৃষ্টি হয়। সেইবাবে অর্থনৈতিক সমতা থাকিলেহে ৰাজনৈতিক স্বাধীনতাৰ অৰ্থ থাকিব পাৰে ।
সামৰণি (Conclusion)
গণতন্ত্ৰ এক শক্তিশালী আৰু জনমুখী শাসনব্যৱস্থা হলেও, যদি ইয়াক সঠিক ৰূপে সংৰক্ষণ কৰা নহয়, তেন্তে ই ক্ষয়প্ৰাপ্ত হ’ব পাৰে। স্বৈৰাচাৰিতাৰ উত্থান, সংবাদ মাধ্যমৰ দমন, ন্যায়িক স্বতন্ত্ৰতাৰ অভাৱ, নিৰ্বাচনী অনিয়ম আদি গণতন্ত্ৰৰ সামৰণিৰ মুখ্য কাৰণ। কিন্তু যদি নাগৰিকে সচেতন হয়, নিজৰ অধিকাৰৰ বিষয়ে সজাগ থাকে, আৰু গণতান্ত্ৰিক মূল্যবোধ ৰক্ষা কৰিবলৈ আগবাঢ়ে, তেন্তে গণতন্ত্ৰক পুনৰ শক্তিশালী কৰি তোলা সম্ভৱ। সেয়েহে, গণতন্ত্ৰ সংৰক্ষণ আৰু সুসংহত কৰা সকলো নাগৰিকৰ দায়িত্ব।

Myself Priya Kumari Sahu. I completed my graduation in Political Science (Honors) from Silapathar College under Dibrugarh University, and my hobbies are art and craft. Currently, I am working as a Content Editor at Dev Library.