নাগৰিকত্ব কি? ইয়াৰ সংজ্ঞা, বৈশিষ্ট্য, প্ৰকাৰ, বিকাশ আৰু উপাদানসমূহ – What is Citizenship? Its Definition, Characteristics

ৰাজনীতি বিজ্ঞানৰ বহুল চৰ্চিত বিভিন্ন বিষয়সমূহৰ অন্যতম নাগৰিকত্বৰ ধাৰণা। ৰাষ্ট্ৰ এখন নাগৰিকক লৈ গঠিত। ৰাষ্ট্ৰৰ প্ৰধান উদ্দেশ্য নাগৰিকৰ কল্যাণ সাধন কৰা। গতিকে ৰাজনীতি বিজ্ঞানে নাগৰিকত্ব ধাৰণাটোৰ লগতে নাগৰিকত্বৰ লগত জড়িত আন বহুতো বিষয় অধ্যয়ন কৰে।

Join Telegram channel

‘নাগৰিক’ শব্দটোৰ ইংৰাজী “Citizen” শব্দটোৰ প্রতিশব্দ। আনহাতে ইংৰাজী Citizenship শব্দটোৰ প্রতিশব্দ হিচাপে ‘নাগৰিকত্ব’ শব্দটো ব্যৱহাৰ কৰা হয়। Citizen আৰু Citizenship এই দুয়োটা শব্দৰ উৎপত্তি হৈছে লেটিন শব্দ Civis’ ৰ পৰা। লেটিন শব্দ Civis’ এ এখন নগৰৰ বাসিন্দাক বুজায়। গতিকে নাগৰিক হ’ল এখন নগৰৰ বাসিন্দা আৰু নাগৰিকজনৰ যি মৰ্যাদা তাকে আমি নাগৰিকত্ব বুলি ক’ব পাৰোঁ। নাগৰিকত্বই নাগৰিকজন যে সেই চহৰখনৰ বাসিন্দা তাক সূচায়। এই নাগৰিক শব্দটো পুৰণি গ্ৰীক নগৰ ৰাষ্ট্ৰৰ (City State) ৰ সময়ৰ পৰাই প্ৰচলিত হৈ আহিছে।

প্রাচীন গ্রীচ, ৰোম, আৰু মধ্যযুগৰ ইউৰোপত নাগৰিকত্ব সীমিত শ্ৰেণীৰ লোকৰ মাজতে সীমাবদ্ধ আছিল। নগৰ-ৰাষ্ট্ৰবোৰ সৰু হোৱা বাবে, কেৱল নিৰ্দিষ্ট কিছু ব্যক্তি নাগৰিক হিচাপে স্বীকৃতি লাভ কৰিছিল। আধুনিক ৰাজনীতি বিজ্ঞানত নাগৰিকত্বৰ এক ব্যাপক ধাৰণা গঢ়ি উঠিছে, যাৰ মাধ্যমে কোনো ব্যক্তিৰ আইনগত অধিকাৰ, দায়িত্ব, আৰু ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক সংজ্ঞায়িত হয়। গণতান্ত্ৰিক ব্যৱস্থাত নাগৰিকসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে, যাৰ বিপৰীতে ৰাজতন্ত্ৰত নাগৰিকৰ সলনি “প্ৰজা”ৰ ধাৰণা প্রচলিত আছিল। নাগৰিক আৰু বিদেশীৰ মাজতো এক বিশেষ পাৰ্থক্য আছে। নাগৰিক এজন দেশখনৰ স্থায়ী সদস্য, যাৰ ৰাজনৈতিক অধিকাৰ থাকে। আনহাতে, বিদেশী এজন মাত্ৰ সময়ীয়াভাৱে উপস্থিত থাকে আৰু তেওঁলোকৰ ভোটাধিকাৰ বা ৰাজনৈতিক অধিকাৰ নাথাকে। প্ৰাচীন গ্ৰীক সমাজত কেৱল মুষ্টিমেয় বিশেষ লোককহে নাগৰিক হিচাপে গণ্য কৰা হৈছিল। দাস, মহিলা আৰু বিদেশীসকলক নাগৰিকত্বৰ পৰা বঞ্চিত ৰখা হৈছিল। এৰিষ্টটলে নাগৰিকত্বক “শাসক শ্রেণীৰ বিশেষ ক্ষমতা” হিচাপে বর্ণনা কৰিছিল। অৱশ্যে, আধুনিক গণতন্ত্ৰত সকলো যোগ্য ব্যক্তিক নাগৰিক হিচাপে স্বীকৃতি দিয়া হয় আৰু তেওঁলোকক বিভিন্ন অধিকাৰেৰে সমৃদ্ধ কৰা হয়।

নাগৰিকত্ব কি?  ইয়াৰ সংজ্ঞা, বৈশিষ্ট্য, প্ৰকাৰ, বিকাশ আৰু উপাদানসমূহ

নাগৰিকত্বৰ সংজ্ঞা (Definition of Citizenship)

Table of Contents

প্রাচীন কালৰে পৰা নাগৰিক আৰু নাগৰিকত্ব ধাৰণাটোৰ সংজ্ঞা বিভিন্ন চিন্তাবিদে বিভিন্ন ধৰণে আগবঢ়াই আহিছে। সেই সংজ্ঞা সমূহৰ কেইটামান সংজ্ঞা তলত উল্লেখ কৰা হ’ল-

গ্রীক দার্শনিক এৰিষ্ট ‘টলৰ মতে, “যি ব্যক্তিৰ ৰাষ্ট্ৰৰ আলোচনামূলক বা ন্যায় বিচাৰৰ প্ৰশাসনত অংশগ্ৰহণৰ ক্ষমতা আছে তেওঁক সেই ৰাষ্ট্ৰৰ নাগৰিক বুলি অভিহিত কৰা হয়।”

লাস্কিৰ মতে, অর্থাৎ নাগৰিকত্ব হ’ল জনসাধাৰণৰ কল্যাণ সাধনৰ বাবে নিজৰ স্বচিন্তিত বিচাৰ বুদ্ধিৰ অৱদান।

গেটেলৰ মতে, ” Citizenship is the status of an individual due to which he enjoys civic and political rights in the state and is ready to fulfil his obligation.”

Read Also:

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

নাগৰিকত্বৰ বৈশিষ্ট্য (Features of Citizenship)

নাগৰিকত্বৰ সংজ্ঞা অধ্যয়ন কৰিলে ইয়াৰ কিছুমান মৌলিক বৈশিষ্ট্য দেখা পোৱা যায়। সেইবোৰ তলত আলোচনা কৰা হ’ল।

(ক) নাগৰিকত্বই এটা ৰাজনৈতিক সমুদায়ৰ সদস্যতা প্রদান কৰে। এখন ৰাষ্ট্ৰৰ নাগৰিক হোৱাৰ অৰ্থ হ’ল ব্যক্তিজনে সেই ৰাষ্ট্ৰখনৰ ৰাজনৈতিক সমুদায়টোৰ এজন সদস্য। তেওঁ ৰাষ্ট্ৰখনৰ এটা গুৰুত্বপূর্ণ অংশ।

(খ) নাগৰিকত্বই এজন ব্যক্তিৰ সদস্য হিচাপে বৈধতা প্রদান কৰে। নাগৰিক এজন এখন ৰাষ্ট্ৰৰ আইনগত সদস্য। তেওঁ আইগতভাৱে ৰাষ্ট্ৰখনত বসবাস কৰে।

(গ) নাগৰিকত্ব নাগৰিক এজনৰ একচেটিয়া মর্যাদা। নাগৰিকত্বৰ মৰ্যাদা কেৱল নাগৰিক এজনেহে লাভ কৰে।

(ঘ) নাগৰিক এজন এখন ৰাষ্ট্ৰৰ স্থায়ী বাসিন্দা। সাধাৰণতে এখন দেশত জন্ম গ্রহণ কৰি দীর্ঘদিন সেই দেশতে বসবাস কৰা, দেশখনৰ প্ৰতি আনুগত্য থকা ব্যক্তিজনক নাগৰিক আখ্যা দিয়া হয়। অৱশ্যে ৰাষ্ট্ৰখনত জন্মগ্রহণ নকৰিলেও আন উপায়েৰেও নাগৰিকত্ব অৰ্জন কৰিব পাৰি।

(ঙ) নাগৰিক এজনে এখন দেশৰ বিভিন্ন কাম-কাজত অংশগ্ৰহণ কৰে। কোৱা হয় যে এখন দেশ গঢ়া আৰু ভঙাত নাগৰিকে প্রধান ভূমিকা পালন কৰে। নাগৰিকসকল সৎ হ’লে দেশ প্ৰগতিৰ দিশত আগবাঢ়ি যাব আৰু নাগৰিকসকল সৎ নহ’লে দেশখন আগবাঢ়ি যাব নোৱাৰে। নাগৰিকসকলে নিজৰ কৰ্তব্য পালনৰ মাধ্যমেৰে সকলো কামত অংশগ্ৰহণ কৰে।

(চ) নাগৰিকত্বই এজন ব্যক্তিক কিছুমান ৰাজনৈতিক অধিকাৰ প্ৰদান কৰে। প্ৰতিখন ৰাষ্ট্ৰতে কিছুমান অধিকাৰ নাগৰিক আৰু বিদেশী সকলোৱে উপভোগ কৰিব পাৰে আৰু আন কিছুমান অধিকাৰ কেৱল মাত্ৰ নাগৰিকেহে লাভ কৰে। ভোটদানৰ অধিকাৰ, নিৰ্বাচনত অংশগ্ৰহণৰ অধিকাৰ আদিবোৰ কেৱল নাগৰিককহে প্ৰদান কৰা হয়।

(ছ) নাগৰিকত্বই ব্যক্তিক কেৱল অধিকাৰৰহে অংশীদাৰ কৰে এনে নহয়। অধিকাৰৰ সমসাময়িকভাৱে নাগৰিকে কিছুমান কৰ্তব্যও পালন কৰিব লাগে। গতিকে নাগৰিকত্বৰ লগত কৰ্তব্য জড়িত হৈ আছে। নাগৰিকে নিজৰ কৰ্তব্য ভালদৰে পালন নকৰিলে দেশৰ প্ৰগতিত ব্যাঘাত জন্মে।

(জ) নাগৰিকত্বৰ আন এক বৈশিষ্ট্য হ’ল নাগৰিকত্ব কেৱল এখন গণতন্ত্রতহে সম্ভৱ। আধুনিক অর্থত নাগৰিক এজন এখন গণতান্ত্রিক চৰকাৰৰ সদস্য হয়। গণতন্ত্রতহে প্ৰজাক বা জনসাধাৰণক নাগৰিকৰ মৰ্যাদা প্রদান কৰা হয়। গতিকে নাগৰিকত্বৰ বাবে গণতন্ত্র এক প্রাক্ চৰ্ত স্বৰূপ।

(ঝ) নাগৰিকত্ব ধাৰণাই সমতাত বিশ্বাস কৰে। এখন দেশৰ সকলো নাগৰিকক মান-মর্যাদা একে। অর্থাৎ দেশখনৰ সকলো নাগৰিক আইনৰ চকুত সমান। সকলো নাগৰিকে সমান অধিকাৰ আৰু সমান সুযোগ-সুবিধা লাভ কৰে।

নাগৰিকত্ব ধাৰণাৰ বিকাশ (Growth of Citizenship)

বিংশ শতিকাৰ আশীৰ দশকৰ পাছত গোলকীকৰণ আৰু উদাৰনৈতিক নীতিৰ প্ৰভাৱত নাগৰিকত্বৰ ধাৰণাত বহু পৰিৱর্তন আহে। এতিয়া নাগৰিকত্ব মাত্ৰ এটা আইনী-ৰাষ্ট্ৰীয় পৰিচয় নহয়, বৰঞ্চ ই অধিকাৰ, দায়িত্ব, সাংস্কৃতিক পৰিচয় আৰু ৰাজনৈতিক অংশগ্ৰহণৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। প্রাচীন গ্রীক নগৰ ৰাষ্ট্ৰৰ দিনৰ পৰা বিংশ শতিকালৈ নাগৰিকত্ব ধাৰণাৰ বিকাশৰ ধাৰাক তিনিটা ভাগত ভাগ কৰিব পাৰি। সেই ভাগ তিনিটা ক্রমে- প্রাচীন কালত নাগৰিকত্বৰ বিকাশ, শেষ মধ্যযুগত নাগৰিকত্ব ধাৰণাৰ বিকাশ আৰু আধুনিক যুগত নাগৰিকত্ব ধাৰণাৰ বিকাশ।

প্রাচীন কালত নাগৰিকত্ব ধাৰণাৰ বিকাশ (Concept of Citizenship in Ancient Times)

প্ৰাচীন কালত নাগৰিকত্বৰ ধাৰণাৰ উৎপত্তি মূলত গ্ৰীচৰ নগৰ-ৰাজ্যসমূহত হৈছিল, বিশেষকৈ এথেন্স আৰু স্পাৰ্টাত। স্পাৰ্টাত স্বৈৰাচাৰী শাসন থাকিলেও, এথেন্স গণতান্ত্রিক ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি নাগৰিকত্বক ব্যৱহাৰ কৰিছিল।

এৰিষ্ট’টলে নাগৰিকত্বৰ সংজ্ঞা দাঙি ধৰি কৈছিল যে মাত্ৰ এখন ৰাষ্ট্ৰত বসবাস কৰিলেই নাগৰিক হোৱা নাযায়। তেওঁ ব্যক্তিৰ কৰ্ম আৰু চৰকাৰী তথা ন্যায়িক কামত অংশগ্ৰহণক নাগৰিক হোৱাৰ মাপকাঠি হিচাপে বিবেচনা কৰিছিল। তেওঁৰ মতে, বিদেশী, দাস, মহিলা, শিশুসকল নাগৰিক হোৱাৰ যোগ্য নাছিল। নাগৰিক হোৱাৰ অৰ্থ আছিল সমাজৰ ৰাজনৈতিক আৰু ন্যায়িক কামত অংশগ্ৰহণৰ অধিকাৰ লাভ কৰা।

ৰোমান সাম্রাজ্যবাদৰ সময়ত গ্ৰীচৰ সক্রিয় অংশগ্রহণকাৰী নাগৰিকত্বৰ (Active Citizenship) ধাৰণাটোৰ পৰিৱৰ্তন হৈছিল। ৰোমান সাম্রাজ্য আকাৰৰ দিশৰ পৰা বৃহৎ আৰু জনগাঁথনিৰ দিশৰ পৰা ভিন্নধর্মী আছিল। সেয়ে নাগৰিকৰ মাজত শ্রেণীবিভাজন সৃষ্টি কৰা হ’ল। এই সময়তে ‘নিষ্ক্রিয় নাগৰিক (Passive Citizen) ধাৰণাৰ বিকাশ হ’ল। এই নীতিৰ জৰিয়তে ৰোমানসকলৰ বাহিৰেও আন জনগোষ্ঠীকো আইনৰ সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰা হ’ল। এই সময়ৰ পৰাই আইন প্রণয়ন বা ৰাষ্ট্ৰ পৰিচালনাৰ বাহিৰেও সকলোকে সুৰক্ষা প্ৰদান কৰা আৰু অধিকাৰ প্ৰদান কৰাৰ নীতিও নাগৰিকত্বৰ সৈতে জড়িত হ’ল। এই সময়তে নাগৰিকত্বৰ শ্ৰেণীবিভাজন আৰম্ভ হ’ল আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ সৃষ্টি হ’ল। অৱশ্যে ৰোমান সাম্রাজ্যতো মহিলা আৰু গ্রাম্য তল শ্ৰেণীৰ লোকক নাগৰিকত্বৰ পৰা বঞ্চিত কৰি ৰখা হ’ল। যিসকল ব্যক্তিয়ে সেনাবাহিনীত যোগ দিব পাৰে, যিসকলৰ দেশপ্রেম আছে, যিসকল লোকৰ দায়িত্ব আৰু আইনৰ প্রতি বিনয়ভাৱ থাকে তেওঁলোককহে নাগৰিকত্ব প্ৰদান কৰা হৈছিল।

শেষ-মধ্যযুগত নাগৰিকত্ব ধাৰণাৰ বিকাশ (The Development of the Concept of Citizenship in the Late Middle Ages)

শেষ-মধ্যযুগত নাগৰিকত্ব ধাৰণাৰ বিকাশত নাগৰিকত্ব এক আইনগত মর্যাদা হিচাপে স্বীকৃতি লাভ কৰে। ষোল্ল শতিকাত জিন বডিনে নাগৰিকত্বক ৰাষ্ট্ৰৰ নিৰাপত্তা আৰু উমৈহতীয়া স্বাধীনতাৰ সৈতে সংযুক্ত কৰে। এই সময়ত নাগৰিকে সক্রিয় ৰাজনৈতিক অংশগ্ৰহণৰ পৰিৱৰ্তে নিষ্ক্রিয় নাগৰিক হিচাপে বিবেচনা কৰা হয়। সামাজিক দায়বদ্ধতাৰ সলনি ৰাষ্ট্ৰৰ অধীনত প্ৰাপ্ত অধিকাৰ তথা স্বাধীনতাক অধিক গুৰুত্ব দিয়া হয়, যাৰ ফলত নাগৰিকত্ব এক ঋণাত্মক ধাৰণাৰ ৰূপ লাভ কৰে।

সোতৰ শতিকাত নাগৰিকত্ব ধাৰণাত নিৰাপত্তা আৰু ব্যক্তিগত স্বাধীনতা গুৰুত্বপূর্ণ হৈছিল। থমাচ হ’বচে শাৰীৰিক নিৰাপত্তা, মণ্টেচকুৱে পৰিয়ালৰ নিৰাপত্তা, আৰু জন লকে বিবেক আৰু সম্পত্তিৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব দিলে। এই সময়ছোৱাত নাগৰিকত্ব নিষ্ক্রিয় ৰূপত আছিল, আৰু নাগৰিকক ৰাজনৈতিক প্ৰাণী হিচাপে গণ্য কৰা হোৱা নাছিল। মেকিয়াভেলীয়ে সামাজিক দায়বদ্ধতাৰ কথা কৈছিল, আৰু ওঠৰ শতিকাত ৰুছোৱে নাগৰিকৰ সক্রিয় অংশগ্ৰহণৰ ওপৰত গুৰুত্ব দিলে। তেওঁৰ ‘সাধাৰণ ইচ্ছা’ ধাৰণাৰ মাধ্যমেৰে তেওঁ ৰাষ্ট্ৰৰ স্বাৰ্থত নাগৰিকসকলক যোগদান কৰিবলৈ উৎসাহিত কৰিছিল। মণ্টেচকু আৰু ৰুছোৱে নাগৰিকত্বৰ প্ৰাচীন ধাৰণা পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰিছিল। প্রাচীন গ্ৰীচৰ নাগৰিকত্বৰ ধাৰণাটো ফৰাচী বিপ্লৱৰ সময়ত পুনৰ সজীৱ হৈ উঠিছিল। ১৭৮৯ চনৰ ফৰাচী বিপ্লৱক নিষ্ক্রিয় নাগৰিকত্ব ধাৰণাৰ বিৰুদ্ধে এক আন্দোলন বুলিব পাৰি। এই ফৰাচী বিপ্লৱৰ বাবে সমঅধিকাৰৰ ধাৰণাই গুৰুত্ব লাভ কৰিছিল। সকলো নাগৰিক সমান অধিকাৰৰ গৰাকী বুলি এই বিপ্লৱে প্রতিষ্ঠা কৰিছিল। ফৰাচী বিপ্লৱ আৰু মানুহ আৰু নাগৰিকৰ অধিকাৰৰ ঘোষণা-পত্ৰই নাগৰিকক এজন মুক্ত আৰু স্বাধীন ব্যক্তি হিচাপে আখ্যা দিছে। এই ঘোষণা অনুসৰি নাগৰিক এজনে সর্বজনগৃহীত সিদ্ধান্ত কিছুমানত উপনীত হয়। ফৰাচী ঘোষণা-পত্ৰই আধুনিক ব্যক্তিবাদ আৰু প্রাচীন দায়বদ্ধতাৰ ধাৰণাৰ সংমিশ্ৰণ কৰি নাগৰিকত্ব ধাৰণাৰ বিকাশত সহায় কৰে।

আধুনিক যুগত নাগৰিকত্ব ধাৰণাৰ বিকাশ (The Evolution of the Concept of Citizenship in the Modern Era)

আধুনিক যুগত নাগৰিকত্ব ধাৰণাৰ বিকাশত বহুতো দার্শনিক তথা মতবাদে প্ৰভাৱ বিস্তাৰ কৰিছে। জেৰেমি বেথাম আৰু জন ষ্টুৱাৰ্ট মিল গণতান্ত্ৰিক চৰকাৰ ব্যৱস্থাৰ লগত জড়িত বিভিন্ন দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। বেথামে ১৮২০ চনত সকলো পুৰুষৰ ভোটাধিকাৰৰ সমৰ্থন কৰিছিল, যদিও প্ৰথমতে তেওঁ সম্পত্তি, শিক্ষা, লিংগ আদি ভিত্তিত সীমিত ভোটাধিকাৰ প্ৰদানৰ পক্ষপাতী আছিল। আনহাতে, মিল পুৰুষ-মহিলা উভয়ৰ ভোটাধিকাৰৰ সমৰ্থন কৰিছিল আৰু নাগৰিকৰ ৰাজনৈতিক অংশগ্ৰহণক গুৰুত্ব দিছিল।

১৯শ শতিকাৰ শেষৰ পৰা ২০শ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড আদি দেশত ভোটাধিকাৰ আন্দোলন জোৰদাৰ হয়। সম্পত্তি, শিক্ষা, লিংগ ইত্যাদিৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ পৰিৱৰ্তে সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ জনপ্রিয়তা লাভ কৰে।

বিংশ শতিকাৰ মাজভাগত উদাৰবাদী ৰাষ্ট্ৰসমূহে নাগৰিকত্ব ধাৰণাক অধিক গুৰুত্ব দিয়ে। পিছলৈ, মার্ক্সবাদী, নব্য-উদাৰবাদী, আৰু নাৰীবাদী মতবাদসমূহেও নাগৰিকত্বৰ প্ৰাসংগিকতা বৃদ্ধি কৰে, যাৰ ফলত নাগৰিকৰ অধিকাৰ আৰু দায়িত্বৰ প্ৰসাৰ ঘটে।

নাগৰিকত্বৰ উপাদানসমূহ (Components of Citizenship)

নাগৰিকত্বৰ সৈতে তিনিটা প্রধান উপাদান জড়িত হৈ আছে; সেই উপাদান কেইটা হ’ল- অসামৰিক বা আইনগত উপাদান, ৰাজনৈতিক উপাদান আৰু সামাজিক উপাদান। নাগৰিকত্বৰ তিনিটা উপাদানৰ সৈতে অধিকাৰৰ প্ৰশ্ন জড়িত হৈ আছে। নাগৰিকত্বৰ উপাদানকেইটাৰ ক্ষেত্ৰত T.H.Marshall অৱদান গুৰুত্বপূর্ণ। মার্চেলে তেওঁৰ Citizenship and Class নামৰ গ্ৰন্থখনত উল্লেখ কৰিছিল যে অধিকাৰৰ ধাৰণাটো তিনিটা পৰ্যায়ত হৈছিল। এই অধিকাৰৰ ধাৰণাৰ বিকাশৰ তিনিটা পৰ্যায়ৰ লগত নাগৰিকত্ব ধাৰণাৰ উপাদানকেইটা জড়িত হৈ আছে। অধিকাৰৰ বিকাশৰ প্রথম পর্যায় আৰম্ভ হৈছিল ১৮ শতিকাত। এই সময়তে অসামৰিক অধিকাৰৰ বিকাশ হৈছিল। ১৯ শতিকাত অধিকাৰৰ দ্বিতীয় পৰ্যায়ৰ বিকাশ হৈছিল। এই দ্বিতীয় পৰ্যায়ত ব্যক্তিৰ ৰাজনৈতিক অধিকাৰৰ বিকাশ হৈছিল। তৃতীয় পর্যায়ত নাগৰিকৰ সামাজিক অধিকাৰসমূহৰ বিকাশ হৈছিল। এই তৃতীয় পর্যায় আৰম্ভ হৈছিল বিংশ শতিকাত। এই অধিকাৰৰ বিকাশৰ তিনিটা পৰ্যায়তে নাগৰিকত্বৰ উপাদান তিনিটাৰ বিকাশ হৈছিল। যেনেঃ

(ক) নাগৰিকতৰ অসামৰিক উপাদান (Civil Component)

(খ) ৰাজনৈতিক উপাদান (Political Component)

(গ) সামাজিক উপাদান (Social Component)

১। নাগৰিকতৰ অসামৰিক উপাদান (Civil Component)

১৮ শতিকাত বিকাশ লাভ কৰা নাগৰিকত্বৰ অসামৰিক উপাদান ব্যক্তি আৰু আইনৰ মাজৰ সম্পর্কক সংজ্ঞায়িত কৰে। এই উপাদানে আইনৰ দৃষ্টিত সমতা, ব্যক্তিগত স্বাধীনতা, বাক স্বাধীনতা, চিন্তা-ধাৰণাৰ স্বাধীনতা, বিশ্বাস আৰু ধৰ্মৰ স্বাধীনতা, সমবেত হোৱাৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ আদি সন্নিৱিষ্ট কৰে।

নাগৰিকে আইন মানি চলিব লাগিব যদিও তেওঁ আইন প্ৰস্তুতি প্রক্রিয়াত অংশ নলয়। লগতে, কৰ প্ৰদান নাগৰিকৰ দায়িত্বৰ অন্তৰ্ভুক্ত। সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘু উভয়ে সমান অধিকাৰ লাভ কৰা উচিত।

২। ৰাজনৈতিক উপাদান (Political Component)

ৰাজনৈতিক অধিকাৰসমূহৰ বিকাশৰ লগে লগে ১৯ শতিকাত নাগৰিকত্বৰ ৰাজনৈতিক উপাদানৰ বিকাশ হৈছিল। নাগৰিকত্বৰ ৰাজনৈতিক উপাদানে নাগৰিকক ৰাজনৈতিক অনুষ্ঠানসমূহত অংশগ্ৰহণৰ অধিকাৰ প্ৰদান কৰে। নাগৰিকে ৰাজনৈতিক কাম-কাজত অংশগ্ৰহণ কৰি সমাজৰ সামূহিক উন্নয়নত সহায় কৰিব পাৰিব। নাগৰিকত্বৰ ৰাজনৈতিক উপাদান অনুসৰি নাগৰিকৰ ভোটদানৰ অধিকাৰ, ৰাজহুৱা সিদ্ধান্তত প্রভাৱ পেলোৱাৰ অধিকাৰ, চৰকাৰৰ আঁচনিসমূহ সমালোচনা কৰাৰ অধিকাৰ আৰু বিকল্প আঁচনি আগবঢ়োৱাৰ অধিকাৰ থাকে। নাগৰিকে নিজৰ অধিকাৰ লাভৰ উদ্দেশ্যে সংগবদ্ধ হ’ব পাৰে, লবি (Lobby) গঠন কৰিব পাৰে, আবেদন-নিবেদন কৰিব পাৰে বা আন্দোলন কৰিব পাৰে। নাগৰিকে ৰাজনীতিত সক্রিয়ভাৱে অংগ্ৰহণ কৰি জনসাধাৰণৰ ক্ষমতা থকাটো সুনিশ্চিত কৰে। ভোটদানৰ জৰিয়তে নাগৰিকে চৰকাৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পাৰে। নাগৰিকে ৰাজনৈতিক উপাদানৰ জৰিয়তে নিজৰ ৰাজনৈতিক প্রতিনিধি বাছনি কৰিব পাৰে। সংক্ষেপে ক’বলৈ গ’লে নাগৰিকত্বৰ ৰাজনৈতিক উপাদানে নাগৰিকক ৰাজনৈতিকভাৱে সবল কৰি তোলে। নাগৰিকৰ ৰাজনৈতিক উপাদানে নাগৰিকক ৰাজনৈতিক অধিকাৰ আৰু ৰাজনৈতিক ক্ষমতা প্রদান কৰে।

৩। সামাজিক উপাদান (Social Component)

নাগৰিকত্বৰ তৃতীয়টো উপাদান হ’ল সামাজিক উপাদান। এই উপাদান হৈছিল বিংশ শতিকাত সামাজিক উপাদান সামাজিক অধিকাৰৰ বিকাশৰ লগত জড়িত। সামাজিক উপাদানে এজন নাগৰিকক সামাজিক ঐতিহ্যৰ পূৰ্ণ অংশীদাৰিত্ব প্রদান কৰে। নিয়োগ, বাসগৃহ, স্বাস্থ্য আৰু শিক্ষা আদিৰ অধিকাৰবোৰ নাগৰিকৰ সামাজিক নাগৰিকত্বৰ অন্তর্ভুক্ত। সামাজিক উপাদানে নাগৰিকৰ অৰ্থনৈতিক আৰু সামাজিক কল্যাণৰ এক মানদণ্ড সুনিশ্চিত কৰে। নাগৰিকত্বৰ সামাজিক উপাদানটো কেৱল এখন কল্যাণকামী ৰাষ্ট্ৰতহে সম্ভৱপৰ। এখন কল্যাণকামী ৰাষ্ট্ৰতহে নাগৰিকক সামাজিক আৰু অর্থনৈতিক কল্যাণৰ বাবে স্বাস্থ্য, শিক্ষা, নিয়োগ আদিৰ অধিকাৰ প্ৰদান কৰে। এই অধিকাৰসমূহৰ অৰ্জনে নাগৰিকক নিজকে এখন সভ্য সমাজত মর্যাদাপূর্ণ জীৱন-যাপন কৰা, ব্যক্তি হিচাপে পৰিচয় দাঙি ধৰাত সহায় কৰে।

নাগৰিকত্ব অৰ্জনৰ পদ্ধতিসমূহ (Methods of Acquiring Citizenship)

এখন ৰাষ্ট্ৰত বসবাস কৰা সকলো লোককে ৰাষ্ট্ৰখনে নাগৰিকৰ মর্যাদা নিদিয়ে। ব্যক্তি এজনে ৰাষ্ট্ৰখনৰ নাগৰিকত্ব গ্রহণ কৰিলেহে সেই ব্যক্তিজন দেশখনৰ নাগৰিক হ’ব। আনহাতে ব্যক্তি এজনে মন গ’লেই এখন ৰাষ্ট্ৰৰ নাগৰিক হ’ব নোৱাৰে। ৰাষ্ট্ৰখনে নির্ধাৰণ কৰি দিয়া প্ৰক্ৰিয়াৰ মাজেৰে গৈহে এজন ব্যক্তিয়ে এখন দেশৰ নাগৰিকত্ব গ্রহণ কৰিব পাৰে। বৰ্তমান সময়ত বিশ্বৰ সকলোবোৰ দেশৰে নাগৰিকত্ব প্ৰদানৰ একোটা নিৰ্ধাৰিত পদ্ধতি আছে। সাধাৰণতে নাগৰিকত্ব আহৰণৰ পদ্ধতিসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি। যেনে-

(ক) জন্মসূত্ৰে নাগৰিকত্ব আহৰণ,

(খ) দেশীয়কৰণৰ দ্বাৰা আৰু

(গ)  চামিলকৰণৰ জৰিয়তে নাগৰিকত্ব আহৰণ।

নাগৰিকত্ব আহৰণৰ এই পদ্ধতিসমূহ তলত আলোচনা কৰা হ’ল-

১। জন্মসূত্ৰে নাগৰিকত্ব আহৰণ (Citizenship by Birth): নাগৰিকত্ব আহৰণৰ আটাইতকৈ ব্যৱহৃত পদ্ধতিটো হ’ল জন্মসূত্রে। এজন ব্যক্তিয়ে জন্মসূত্রে এখন ৰাষ্ট্ৰৰ নাগৰিকত্ব আহৰণ কৰিব পাৰে। জন্মসূত্ৰে নাগৰিকত্ব আহৰণৰ নীতিক দুটা ভাগত ভাগ কৰিব পাৰি; সেই ভাগ দুটা হ’ল- তেজৰ সম্পৰ্কনীতি (Jas Sanguinis) আৰু জন্মস্থান নীতি (Jus Soil) অনুসৰি।

নাগৰিকত্ব আহৰণৰ তেজৰ সম্পৰ্ক নীতি অনুসৰি এজন লোকে বংশগত হিচাপে নাগৰিকত্ব লাভ কৰে। অর্থাৎ এজন ব্যক্তি যি স্থানতে জন্ম গ্রহণ নকৰক কিয়, ব্যক্তিজনৰ পিতৃ-মাতৃ যিখন দেশৰ নাগৰিক, ব্যক্তিজনে সেই দেশৰ নাগৰিকত্ব লাভ কৰিব। ভাৰত, গ্রেট ব্রিটেইন, কানাডা, চীন, ফ্রান্স, জার্মানী, ফিনলেণ্ড, ইৰাণ, মেক্সিক’, ন’ৰৱে, দক্ষিণ কোৰিয়া, থাইলেণ্ড আদি ৰাষ্ট্ৰত এই নীতি অনুসৰি নাগৰিকত্ব প্ৰদান কৰা হয়।

২। দেশীয়কৰণৰ দ্বাৰা (Citizenship by Naturalisation): নাগৰিকত্ব আহৰণৰ দ্বিতীয়টো পদ্ধতি হ’ল দেশীয়কৰণৰ দ্বাৰা নাগৰিকত্ব অর্জন। এই পদ্ধতিৰ জৰিয়তে এজন বিদেশীয়ে আন এখন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিব পাৰে। এনে পদ্ধতিৰে নাগৰিকত্ব গ্রহণ কৰিবলৈ ব্যক্তি এজনে নির্দিষ্ট কিছুমান নীতি মানিব লগা হয়। ৰাষ্ট্ৰ অনুসৰি এই নীতিসমূহ বেলেগ বেলেগ হয়। দেশীয়কৰণৰ পদ্ধতিৰে নাগৰিকত্ব অর্জনৰ বহুতো উপায় আছে। সেইবোৰ হ’ল-

(ক) দীর্ঘকাল বসবাস।

(খ) বিবাহ।

(গ) চৰকাৰী চাকৰি গ্ৰহন।

(ঘ) সেনাবাহিনীত যোগদান।

(ঙ) সম্পত্তি ক্রয়।

(চ) পঞ্জীয়ন আদি।

৩। চামিলকৰণৰ জৰিয়তে নাগৰিকত্ব আহৰণ (Citizenship by annexation): নাগৰিকত্ব আহৰণৰ তৃতীয়টো পদ্ধতি হৈছে চামিলকৰণ। এই পদ্ধতি অনুসৰি কোনো এখন ৰাষ্ট্ৰই আন ৰাষ্ট্ৰৰ এটা অঞ্চল যদি নিজৰ ৰাষ্ট্ৰৰ লগত চামিল কৰে তেন্তে সেই অঞ্চলত বসবাস কৰা ব্যক্তিসকল চামিলকৃত ৰাষ্ট্ৰৰ নাগৰিক হ’ব। অর্থাৎ এটা অঞ্চলৰ চামিলকৰণে অঞ্চলবাসীক চামিলকৃত ৰাষ্ট্ৰৰ নাগৰিকত্ব প্রদান কৰিব। চিকিম ভাৰতৰ অন্তর্ভুক্ত হোৱাৰ ফলত চিকিমবাসীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰে। এই তিনিটা উপায়েৰে নাগৰিকত্ব অৰ্জন কৰিব পৰা যায়। এই তিনিটা পদ্ধতিৰ ভিতৰত জন্মসূত্ৰে নাগৰিকত্ব আহৰণ কৰা পদ্ধতিটো আটাইতকৈ সহজ। নাগৰিকত্ব আহৰণৰ এই পদ্ধতিসমূহৰ জৰিয়তে বিভিন্ন ৰাষ্ট্ৰই ইয়াৰ বাসিন্দাসকলক নাগৰিকত্ব প্ৰদান কৰি আহিছে। ভাৰতবৰ্ষটো এই তিনিওটা পদ্ধতি ব্যৱহাৰ কৰি এজন ব্যক্তিয়ে নাগৰিকত্ব গ্রহণ কৰিব পাৰে।

নাগৰিকত্ব হেৰুওৱাৰ কাৰণ (Loss of Citizenship)

এজন ব্যক্তিয়ে নির্দিষ্ট কেইটামান কাৰণত নাগৰিকত্ব হেৰুৱাবলগীয়া হ’ব পাৰে। ৰাষ্ট্ৰ এখনে কেতিয়াবা এজন ব্যক্তিৰ পৰা নাগৰিকত্ব কৰ্তন কৰিব পাৰে। তেতিয়া ব্যক্তিজনে নাগৰিকত্ব হেৰুৱাব। আনহাতে ব্যক্তি এজনে নিজেও এখন ৰাষ্ট্ৰৰ নাগৰিকত্ব ত্যাগ কৰি আন এখন ৰাষ্ট্ৰৰ নাগৰিকত্ব ল’ব পাৰে। 

তলত নাগৰিকত্ব হেৰুওৱাৰ কাৰণসমূহ উল্লেখ কৰা হ’ল-

(ক) এজন ব্যক্তিয়ে দেশীয়কৰণ পদ্ধতিৰে আন এখন দেশৰ নাগৰিকত্ব গ্রহণ কৰিলে ব্যক্তিজনে নিজ দেশৰ নাগৰিকত্ব হেৰুৱাব।

(খ) এগৰাকী মহিলাই যদি আন দেশৰ নাগৰিকৰ সৈতে বিয়া হৈ সেইখন দেশৰ নাগৰিকত্ব গ্রহণ কৰে, তেন্তে তেওঁ নিজৰ দেশৰ নাগৰিকত্ব হেৰুৱাবলগীয়া হয়।

(গ) যদি এজন নাগৰিকে নিজ ৰাষ্ট্ৰৰ চৰকাৰৰ বিনা অনুমতিত বিদেশী ৰাষ্ট্ৰৰ অধীনত চাকৰি কৰে, তেন্তে সেই নাগৰিকজনে নিজৰ দেশৰ নাগৰিকত্ব হেৰুৱায়।

(ঘ) এজন নাগৰিকে যদি নিজ ৰাষ্ট্ৰ এৰি সুদীর্ঘকাল আন ৰাষ্ট্ৰত বসবাস কৰে, তেন্তে তেওঁ নিজ দেশৰ নাগৰিকত্ব হেৰুৱাব।

(ঙ) নিজৰ দেশৰ বিনা অনুমতিত এজন নাগৰিকে বিদেশী ৰাষ্ট্ৰৰ পৰা কোনো সন্মান বা উপাধি গ্রহণ কৰিলে ব্যক্তিজনে নিজ ৰাষ্ট্ৰৰ নাগৰিকত্ব হেৰুৱাব।

(চ) কোনো নাগৰিকে নিজ দেশৰ সামৰিকবাহিনীৰ পৰা পলায়ন কৰিলে তেওঁ নাগৰিকত্ব হেৰুৱাব।

(ছ) এজন ব্যক্তি ৰাষ্ট্ৰবিৰোধী কোনো গুৰুত্বৰ অপৰাধত অভিযুক্ত হৈ দণ্ডিত হ’লেও ব্যক্তিজনে নিজৰ দেশৰ নাগৰিকত্ব হেৰুৱাব।

(জ) এজন নাগৰিক নিজ দেশৰ প্ৰতি বিশ্বাসঘাতকতা, শত্রুতা বা ষড়যন্ত্রমূলক কামত লিপ্ত হোৱা প্ৰমাণ হয়, তেন্তে সেই নাগৰিকজনে দেশৰ নাগৰিকত্ব হেৰুৱাব।

(ঝ) এখন ৰাষ্ট্ৰৰ এটা অঞ্চল যুদ্ধ, চুক্তি বা সন্ধিৰ জৰিয়তে আন ৰাষ্ট্ৰৰ লগত চামিল হ’লে সেই অঞ্চলৰ নাগৰিকে আগৰ ৰাষ্ট্ৰৰ নাগৰিকত্ব হেৰুৱায়।

Read Also:

নাগৰিকত্বৰ প্ৰকাৰ (Types of Citizenship)

ব্রায়ান টাৰনাৰ নামৰ এজন সমাজতত্ত্ববিদে নাগৰিকত্বৰ বিভিন্ন দিশসমূহ অধ্যয়ন কৰি ২০১৭ চনত Journal of Citizenship and Globalisation Studies নামৰ গৱেষণামূলক আলোচনীখনত Contemporary Citizenship: Four Types শীর্ষক এটা প্ৰবন্ধত নাগৰিকত্বৰ প্ৰকাৰসমূহৰ ওপৰত আলোচনা কৰিছে। তেওঁ নাগৰিকত্বক চাৰিটা ভাগত বিভক্ত কৰিছে। সেই ভাগকেইটা হৈছে-

১। ৰাষ্ট্ৰীয় নাগৰিকত্ব (National Citizenship)।

২। সামাজিক নাগৰিকত্ব (Social Citizenship)।

৩। উদাৰবাদী নাগৰিকত্ব (Liberal Citizenship)।

৪। উপভোক্তা নাগৰিকত্ব (Consumer Citizenship)।

১। ৰাষ্ট্ৰীয় নাগৰিকত্ব (National Citizenship): টাৰনাৰৰ শ্ৰেণীবিভাজনৰ প্ৰথম বিধ নাগৰিকত্ব হ’ল ৰাষ্ট্ৰীয় নাগৰিকত্ব। এই ৰাষ্ট্ৰীয় নাগৰিকত্ব জাতীয়তাবাদ বা এক জাতীয় ৰাষ্ট্ৰীয়তাবাদ ধাৰণাৰ লগত জড়িত। উনৈশ শতিকাতে এই ৰাষ্ট্ৰীয় নাগৰিকত্বৰ ধাৰণাই জনপ্রিয়তা লাভ কৰিছিল। এই ৰাষ্ট্ৰীয় নাগৰিকত্বৰ ধাৰণাই জনপ্রিয়তা লাভ কৰিছিল। এছিয়া মহাদেশৰ বহুতো ৰাষ্ট্ৰত, লেটিন আমেৰিকাত আৰু ফিলিপাইনত ৰাষ্ট্ৰীয় নাগৰিকত্ব দেখা পোৱা গৈছিল। সাধাৰণতে আমোলাতন্ত্ৰৰ কর্তৃত্ববাদৰ ফলত এই প্ৰকাৰৰ নাগৰিকত্বৰ প্ৰচলন হয়।

২। সামাজিক নাগৰিকত্ব (Social Citizenship): সামাজিক নাগৰিকত্ব মূলত নাগৰিক সমাজ (Civil Society) বা সুশীল সমাজৰ লগত অধিক জড়িত। কল্যাণকামী ৰাষ্ট্ৰৰ বিকাশৰ লগত বহুতো সামাজিক অধিকাৰৰ উৎপত্তি ঘটে, যাৰ ফলত এই নাগৰিকত্বৰ ধাৰণা আগবাঢ়ে। এইধৰণৰ নাগৰিকত্বক কল্যাণকামী নাগৰিকত্ব (Welfare Citizenship) বুলিও জনা যায়। বিশেষকৈ বিংশ শতিকাত স্কেনডিনেভিয়ান ৰাষ্ট্ৰসমূহত গণতন্ত্ৰৰ বিকাশৰ সময়ত সামাজিক নাগৰিকত্ব বিশেষ গুৰুত্ব লাভ কৰে।

৩। উদাৰবাদী নাগৰিকত্ব (Liberal Citizenship): টাৰনাৰৰ মতে, এই প্ৰকাৰৰ নাগৰিকত্বৰ অধীনত নাগৰিকসকলে ৰাষ্ট্ৰীয় সম্পদৰ উপভোক্তা হিচাপে বিভিন্ন ৰাষ্ট্ৰীয় কৰ্মত অংশগ্ৰহণ কৰে। এই নাগৰিকসকল আত্মনিৰ্ভৰশীল আৰু স্বাধীন। হাভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক জুডিথ নিচে শ্লাৰ (Judith Nisse Shklar) ৰ American Citizenship (1991) গ্ৰন্থত উল্লেখ কৰা হৈছে যে উদাৰবাদী নাগৰিকত্ব উদাৰবাদী মতাদৰ্শৰ লগত জড়িত। উদাহৰণস্বৰূপে, আমেৰিকাৰ দৰে উদাৰবাদী ৰাষ্ট্ৰসমূহত বীমা, সমাজ কল্যাণ বা সামাজিক নিৰাপত্তাৰ দায়িত্ব ৰাষ্ট্ৰই গ্ৰহণ নকৰে; বৰং নাগৰিকে ব্যক্তিগত খণ্ডৰ পৰা এইসকল সুবিধা লাভ কৰে।

৪। উপভোক্তা নাগৰিকত্ব (Consumer Citizenship): টাৰনাৰৰ মতে, আৰ্থিক বিশ্বায়ন আৰু নব্য-উদাৰবাদী অৰ্থনীতিৰ বিকাশে এক নতুন ধৰণৰ নিষ্ক্রিয় নাগৰিকত্বৰ সৃষ্টি কৰিছে। এই নব্য-উদাৰ ৰাষ্ট্ৰব্যৱস্থাত পূর্ণ নিয়োগ, সামাজিক নিৰাপত্তা আৰু সমাজ কল্যাণৰ দায়িত্ব ৰাষ্ট্ৰৰ পৰা সংকুচিত হৈ বজাৰ ব্যৱস্থাৰ হাতত পৰে। ফলস্বৰূপে, নাগৰিকসকল সুশীল সমাজৰ পৰিৱৰ্তে বজাৰ নিৰ্ভৰশীল হৈ পৰে, যাৰ ফলত অৰাজনৈতিক আৰু ৰাষ্ট্ৰৰ পৰা বিছিন্ন নাগৰিকত্বৰ বিকাশ ঘটে। এই নাগৰিকত্বক টাৰনাৰে উপভোক্তা নাগৰিকত্ব বুলি অভিহিত কৰিছে।

সক্রিয় নাগৰিকত্ব আৰু নিষ্ক্রিয় নাগৰিকত্ব (Active citizenship and passive citizenship)

সক্রিয় আৰু নিষ্ক্রিয় নাগৰিকত্বৰ মাজত পাৰ্থক্য ১৮ শতিকাত ফৰাচীত বিকশিত হৈছিল। ফৰাচী বিপ্লৱৰ সময়ত নাগৰিকসকলক এই দুটা ভাগত বিভক্ত কৰা হ’ল। ১৭৯১ চনত ফৰাচীৰ বিধানসভা পৰোক্ষ নিৰ্বাচনৰ পদ্ধতিৰে হৈছিল আৰু এই পৰোক্ষ নিৰ্বাচনৰ নির্বাচকসকলক সক্রিয় নাগৰিকে ভোটদান কৰি নির্বাচন কৰিছিল। সেই সময়ত ফৰাচী পুৰুষসকল, যিসকলৰ বয়স অতি কমেও ২৫ বছৰ আছিল আৰু যিসকলে এক নির্দিষ্ট পৰিমাণৰ কৰ প্ৰদান কৰিছিল তেওঁলোকক সক্রিয় নাগৰিক হিচাপে আখ্যা দিয়া হৈছিল। প্রায় ৪০ লাখ লোকক সক্রিয় নাগৰিকৰ মর্যাদা দিয়া হৈছিল। যিজন ব্যক্তিয়ে অতি কমেও তিনিদিনৰ শ্ৰমিকৰ মজুৰিৰ সম পৰিমাণৰ ধন কৰ হিচাপে আদায় কৰে সেই ব্যক্তিজন সক্রিয় নাগৰিক। সক্রিয় নাগৰিক এজন শিক্ষিত আৰু বিবেকৱান ব্যক্তি। তেওঁৰ আইনৰ জ্ঞান থাকে আৰু ভোটদানৰ অধিকাৰ লাভ কৰে।

সক্রিয় নাগৰিকত্বৰ বৈশিষ্ট্যসমূহ (Characteristics of Active Citizenship)

(ক) সক্রিয় নাগৰিকত্বৰ ধাৰণাটো ফৰাচী বিপ্লৱৰ সময়ত বিকশিত হৈছিল।

(খ) ফ্রান্সৰ স্থায়ী বাসিন্দা এজনহে সক্রিয় নাগৰিক হ’ব পাৰিছিল। তাৰ বাবে অতি কমেও এবছৰ ফ্ৰান্সত স্থায়ীভাৱে বসবাস কৰাৰ প্ৰয়োজন।

(গ) কেৱল পুৰুষ এজনকহে সক্রিয় নাগৰিকত্ব প্ৰদান কৰা হয়।

(ঘ) সক্রিয় নাগৰিক হ’বলৈ অতি কমেও ২৫ বছৰ বয়স অতিক্ৰম কৰিব লাগিব।

(গ) কেৱল পুৰুষ এজনকহে সক্রিয় নাগৰিকত্ব প্ৰদান কৰা হয়।

(ঙ) কেৱল শিক্ষিত লোক এজনকহে সক্রিয় নাগৰিক হিচাপে গণ্য কৰা হয়। তেওঁলোক বিৱেকবান।

(চ) সক্রিয় নাগৰিকৰ আইন সম্পর্কে জ্ঞান থাকে।

(ছ) সক্রিয় নাগৰিকৰ স্থায়ী উপাৰ্জনৰ উৎস থাকে। এজন সক্রিয় নাগৰিকে অতি কমেও এজন শ্রমিকৰ তিনিদিনৰ মজুৰিৰ সমান কৰ পৰিশোধ কৰিব লাগে।

(জ) ফৰাচী সক্ৰিয় নাগৰিক হ’বলৈ ফৰাচী ভাষাত কথা-বতৰা পতাৰ দক্ষতা থাকিব লাগিব।

(ঝ) সক্রিয় নাগৰিকৰ ভোটদানৰ ক্ষমতা থাকে। তেওঁলোকে চৰকাৰৰ গঠন বা চৰকাৰৰ বিভিন্ন সিদ্ধান্তসমূহত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।

নিষ্ক্রিয় নাগৰিকত্ব (Passive Citizenship)

সক্রিয় নাগৰিকত্বৰ বিপৰীতে যিটো নাগৰিকত্বৰ ধাৰণাৰ বিকাশ হৈছিল, সেই ধাৰণাটোৱে হ’ল নিষ্ক্রিয় নাগৰিকত্ব। অর্থাৎ ১৮ শতিকাৰ ফৰাচী বিপ্লৱৰ সময়তে নিষ্ক্রিয় নাগৰিকত্বৰ ধাৰণাটোৰ বিকাশ হৈছিল। নিষ্ক্রিয় নাগৰিকসকল অশিক্ষিত হয় আৰু তেওঁলোকৰ আইন, চৰকাৰ আদিৰ সম্পৰ্কে বিশেষ ধাৰণা নাথাকে। তেওঁলোকৰ জীৱিকাৰ উৎস নাথাকে। চৰকাৰে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা প্রদান কৰে। ফ্ৰান্সৰ মহিলাসকলক আৰু সক্রিয় নাগৰিকত্ব নথকা পুৰুষসকলক নিষ্ক্রিয় নাগৰিক বুলি গণ্য কৰা হৈছিল। যিহেতু এই লোকসকল অশিক্ষিত আৰু আইন, চৰকাৰ আদি ধাৰণা সম্পর্কে অজ্ঞ, সেয়ে তেওঁলোকক ভোটাধিকাৰ প্ৰদান কৰা নহয়।

উদাৰবাদী নাগৰিকত্ব (Liberal Citizenship)

নাগৰিকত্বৰ উদাৰবাদী ধাৰণাৰ প্ৰধান পৃষ্ঠপোষক হ’ল T. H. Marshall ক কোৱা হয় । নাগৰিকত্ব উদাৰবাদী তত্ত্বটো ‘আইনৰ দৃষ্টিত সমতা’ আৰু ‘সামাজিক ন্যায়’ ৰ লগত জড়িত। নাগৰিকত্বৰ উদাৰ ধাৰণাই এজন নাগৰিকক নিজৰ মতে জীয়াই থকাৰ স্বাধীনতা প্রদান কৰে। অৰ্থাৎ উদাৰবাদী সমাজত ৰাষ্ট্ৰই নাগৰিকৰ ওপৰত অপ্রয়োজনীয় বাধা আৰোপ নকৰে। এই ব্যৱস্থাত প্রতিজন নাগৰিককে আইনৰ দৃষ্টিত সমান বুলি জ্ঞান কৰা হয়। আইনে বৰ্ণ বা লিংগৰ ভিত্তিত পাৰ্থক্যৰ সমৰ্থন নকৰে। সেয়ে আইনৰ অনুশাসনে সমাজত সমতা স্থাপন কৰিব পাৰে। সমাজত সমতা স্থাপনৰ মাধ্যমেৰে সামাজিক ন্যায় প্রতিষ্ঠা কৰিব পৰা যায়।

নাগৰিকৰ উদাৰবাদী ধাৰণাই আইনৰ সমতা আৰু ব্যক্তিগত স্বাধীনতাক প্রাধান্য দিয়ে। প্রতিজন নাগৰিকৰে স্বাধীনতাৰ অধিকাৰ থাকে। ৰাষ্ট্ৰই আইনৰ মাধ্যমেৰে নাগৰিকৰ ব্যক্তিগত স্বাধীনতাক সুৰক্ষা প্ৰদান কৰে। অর্থাৎ এজন নাগৰিকে আনৰ অপকাৰ নকৰাকৈ নিজৰ স্বাধীনতা ভোগ কৰিব পাৰিব। এই ক্ষেত্ৰত তেওঁ ৰাষ্ট্ৰৰ পৰা কোনো ধৰণৰ বাধাৰ সন্মুখীন হ’ব নালাগিব। অর্থাৎ উদাৰবাদী নাগৰিকত্বই ঋণাত্মক স্বাধীনতা আৰু নূন্যতম ৰাষ্ট্ৰ ধাৰণাটোৰ সমৰ্থন কৰে।

সার্বজনীন নাগৰিকত্ব (Universal Citizenship)

সার্বজনীন নাগৰিকত্ব (Universal Citizenship) হৈছে নাগৰিকত্বৰ এক আধুনিক ধাৰণা, যি পৰম্পৰাগত সংকীর্ণ নাগৰিকত্বৰ পৰিৱৰ্তে সকলো ব্যক্তিক সমান অধিকাৰে ৰাষ্ট্ৰৰ সদস্য হিচাপে স্বীকৃতি দিয়ে। বিংশ শতিকাত আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ প্ৰভাৱ আৰু বহু-সংস্কৃতিবাদৰ বিকাশৰ ফলত এই ধাৰণা জনপ্রিয় হয়। ই জাতি, লিংগ বা সামাজিক বিভাজনৰ পৰিৱৰ্তে সমান অধিকাৰক গুৰুত্ব দিয়ে আৰু প্ৰতিজন বাসিন্দাক সমান অধিকাৰে ৰাষ্ট্রৰ অংশীদাৰ হিচাপে গণ্য কৰে।

সাৰ্বজনীন নাগৰিকত্ব ধাৰণাই দ্বিতীয় শ্ৰেণীৰ নাগৰিক ধাৰণাত বিশ্বাস নকৰে। অৰ্থাৎ ৰাষ্ট্ৰৰ কোনো লোকেই উচ্চ বা নীচ নহয়। ৰাষ্ট্ৰৰ প্ৰতিজন নাগৰিকেই একে আৰু প্ৰতিজন নাগৰিকেই একেই ধৰণৰ অধিকাৰ উপভোগ কৰে। গতিকে কোনো নাগৰিকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি অধিকাৰৰ পৰা বঞ্চিত নহয়। সার্বজনীন নাগৰিকত্বই বিনা চর্তে এখন ৰাষ্ট্ৰৰ প্ৰতিজন বাসিন্দাক ৰাষ্ট্ৰৰ সদস্য হিচাপে স্বীকৃতি প্রদান সমর্থন কৰে। অর্থাৎ সার্বজনীন নাগৰিকত্ব ধাৰণা অনুসৰি আইনগতভাৱে প্ৰতিজন বাসিন্দা ৰাষ্ট্ৰখনৰ সমান আৰু সম্পূর্ণ সদস্য। প্রতিজন ব্যক্তিয়ে ৰাষ্ট্ৰৰ পৰিয়ালৰ এটা অংশ।

গোলকীয় নাগৰিকত্ব (Global Citizenship)

গোলকীয় নাগৰিকত্ব হৈছে বিশ্বজনীন সচেতনতা আৰু সম্প্রীতিৰ এক ধাৰণা, য’ত মানুহে নিজ দেশৰ সীমা অতিক্ৰম কৰি সমগ্র বিশ্বৰ দায়িত্বশীল সদস্য হিচাপে বিবেচিত হয়। বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্রগতিয়ে বিশ্বক “গাঁও” হিচাপে ৰূপান্তৰিত কৰিছে, য’ত সামাজিক মাধ্যম, ইণ্টাৰনেট আৰু সংবাদ মাধ্যমে সকলোকে সংযুক্ত কৰি ৰাখিছে।

বিশ্বৰ যে কোনো স্থানত হোৱা ঘটনা সমগ্র বিশ্বত প্ৰভাৱ পেলায়। প্ৰাকৃতিক দুৰ্যোগ, সন্ত্রাসবাদ, পৰিৱেশ দূষণ আদি সমস্যাসমূহ আন্তঃৰাষ্ট্ৰীয় স্বাৰ্থৰ লগত জড়িত, যাৰ সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা প্রয়োজন। গোলকীয় নাগৰিকত্বৰ সমৰ্থকসকলে এনে বিষয়সমূহত বিশ্বজনীন দায়িত্ববোধ আৰু সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়ে। এই ধাৰণাই বুজাই যে ৰাষ্ট্ৰীয় পৰিচয় থাকিলেও মানুহে বিশ্বজনীন সমস্যাৰ প্ৰতি দায়িত্বশীল হ’ব লাগিব। সেয়েহে, গোলকীয় নাগৰিকত্ব হৈছে একতা, সহযোগিতা, আৰু বিশ্বজনীন সচেতনতাৰ প্ৰতীক।

সামৰণি (Conclusion)

উপৰোক্ত আলোচনাৰ দৰে আমি নাগৰিকত্বৰ ধাৰণাটো ব্যাখ্যা কৰিব পাৰো। বৰ্তমান ই এক বহল ধাৰণা। সাধাৰণতে নাগৰিকে এখন দেশত বাস কৰে আৰু সেই দেশৰ সামাজিক আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰে, ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য পালন কৰে।

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top