Understanding Political Theory Unit 3 ৰাজনৈতিক তত্ত্বত সমালোচনামূলক আৰু সমসাময়িক পটভূমি

Understanding Political Theory Unit 3 ৰাজনৈতিক তত্ত্বত সমালোচনামূলক আৰু সমসাময়িক পটভূমি Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Political Theory Unit 3 Critical and Contemporary Perspectives in Political Theory Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Political Theory Unit 3 ৰাজনৈতিক তত্ত্বত সমালোচনামূলক আৰু সমসাময়িক পটভূমি Question Answer can be of great value to excel in the examination.

Understanding Political Theory Unit 3 ৰাজনৈতিক তত্ত্বত সমালোচনামূলক আৰু সমসাময়িক পটভূমি

Join Telegram channel

Understanding Political Theory Unit 3 ৰাজনৈতিক তত্ত্বত সমালোচনামূলক আৰু সমসাময়িক পটভূমি Notes cover all the exercise questions in UGC Syllabus. The Understanding Political Theory Unit 3 ৰাজনৈতিক তত্ত্বত সমালোচনামূলক আৰু সমসাময়িক পটভূমি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ৰাজনৈতিক তত্ত্বত সমালোচনামূলক আৰু সমসাময়িক পটভূমি

POLITICAL SCIENCE

UNDERSTANDING POLITICAL THEORY

ৰাজনৈতিক তত্ত্ববোধ

1. Who wrote the book “The Dialectic of Sex”? 

Ans: Shulasmith Firestone. 

2. Name the author of the book “Sexual Politics” ?

Ans: কেট মিলেট।

3. _______ authored the book “The Second Sex”.

Ans: চাইমন দ্য ব্যুভেৰ।

4. ne Proponent of Radical feminism ?

Ans: কেট মিলেট।

5. What do you mean by “Approach” ?

Ans: কোনো এক সমস্যা বিশ্লেষণ বা পৰ্যবেক্ষণৰ আহিলা।

6. Name the Proponent of Marxist Approach to the study of Women’s Studies.

Ans: এঞ্জেলছ।

7. What do you mean by “Second Wave of Feminism” ?

Ans: “Second Wave of Feminism” হৈছে ১৯৬০ চনত আমেৰিকাত যুক্তৰাষ্ট্ৰত আৰম্ভ হোৱা নাৰী সজাগতা এক আন্দোলন।

8. Who wrote the book the book “The Femine Mystique” ?

Ans: বেটী ফ্রিয়েজন।

9. Mention any two advocate of Liberal Approach to Women’s Studies.

Ans: উইলষ্টন ক্রাফট, কেভী ষ্টেণ্টন। 

10. When “Married Women’s Property Act” was passed ? 

Ans: ১৮৪৮ চনত।

11. Who Wrote the book “The Origin of the Family, Private Property and the State” ?

Ans: এঞ্জেলছ।

12. “Wage Labour is a form of exploitation and Prostitution of Labour”- who said ?

Ans: মার্ক্সে কৈছিল।

Choose the correct answer : (1 mark for each) 

1. Temminist Approaches are the method or ways to investigate and analyse the different issues of women. Write Yes or No.

Ans: Yes.

2. The Profounder of liberal Approach is J.S. Mill/Mary Wollstoncraft/Betty Frieden. 

Ans: Mary Wollstoneraft.

3. The book “The subjection of Women” was written by J.S. Mill/Mary Wollstoncraft/Gloria Steinem.

Ans: J.S Mill.

4. Liberal Approach focus on the establish ment of equality between men and women. Write Yes or No.

Ans: Yes.

5. The Profounder of Marxist Approach to the Women’s Studies is, Karl Marx/Fredrich Angel/ August Bebel.

Ans: Karl Marx. 

6. The book “The origin of the Family, Private property and the State” was written by Karl Marx/Fredrich Angel/ Dalla Costa.

Ans: Karl Marx.

7. The profounder of Radical Approach is Simone de Beaovoir/Kate Millet/Mary Daly.

Ans: Mary Daly. 

8. Radical Approach is extreme in nature.Write Yes or No. 

Ans: Yes. 

9. The book “The Second Sex” was written by kate Millett / Simone de Beaovoir/Mary Daly. 

Ans: Simone de Beauvoir. 

10. The book “Sexual Politics” was writen by Kate Millett/Simone de Beauvoir/Betty Frieden. 

Ans: Kate Millett. 

11. The profounder of Third World Approach is Kate Millett/Betty Frieden/Chanhra Talpade Mahanty. 

Ans: Chanhra Talpade Mahanty.

12. The Third World Approach is an one sided approach. Write Yes or No.

Ans: Yes.

Short type questions ( 4/5 mark each)

1. Basic assumption of Liberal Approach to Women’s Studies.

Ans : নাৰী অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ কেন্দ্ৰীয় ধাৰণা মূলতঃ ব্যক্তিবাদৰ ওপৰত প্রতিষ্ঠিত। প্ৰতিজন লোকৰে নিজৰ ব্যক্তিত্ব আৰু সন্মোহিত গুণৰাজিৰ বিকশিত কৰাৰ অধিকাৰ আছে আৰু প্ৰত্যেকে কৰ্তৃত্বৰ মৌলিক দায়িত্ব হৈছে। ব্যক্তিক ব্যক্তিত্বৰ আৰু গুণৰাজিৰ বিকাশৰ সুযোগ প্ৰদান কৰা। অধিকাৰবিলাক নাৰী আৰু পুৰুষৰ বাবে সমানেই প্রয়োজনীয়। নাৰী সকলক স্বেচ্ছাৰীভাৱে অধিকাৰসমূহ উপভোগ কৰাৰ পৰা বঞ্চিত কৰাটো সম্পূৰ্ণৰূপে অন্যায় আৰু এনে কাৰ্য দীৰ্ঘদিনৰ বাবে চলি থাকিবলৈ দিব নালাগে। কোনো আদর্শ গণতন্ত্রই নাৰীক অধিকাৰ উপভোগৰ পৰা বঞ্চিত কৰি প্ৰতিষ্ঠিত হ’ব নোৱাৰে। কিছুমান উদাৰনৈতিক নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকে নাৰীবাদ অর্থাৎ নাৰীৰ সম অধিকাৰৰ সৈতে সুখৰ ধাৰণাটোক সংলগ্ন কৰিব বিচাৰে। তেওঁলোকৰ যুক্তি হ’ল যে, সম অধিকাৰৰ অবিহনে নাৰীয়ে সুখো লাভ কৰিব নোৱাৰে। আৰু এনে অৱস্থাত নাৰীৰ সন্মোহিত গুণৰাজিৰো বিকাশ সাধন নহয়। তেওঁলোকৰ মতে, নাৰীসকলৰ ৰাজনৈতিক অধিকাৰৰ নিশ্চয়তাইহে তেওঁলোকৰ সুখ লাভৰ নিশ্চয়তা প্ৰদান কৰিব পাৰে। উদাৰনৈতিক নাৰীবাদীসকলে নাৰীৰ শিক্ষা লাভৰ অধিকাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল।

2. Characteristics of Liberal Approach to Women’s Studies.

Ans: সামগ্রিকভাবে বিশ্লেষণ কৰিলে উদাৰনৈতিক নাৰীবাদী দৃষ্টিভংগীৰ কেতবোৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। এই বৈশিষ্ট্যবিলাক তলত আলোচনা কৰা হ’ল―

(১) সংস্কাৰবাদী : উদাৰনৈতিক নাৰীবাদৰ কেন্দ্ৰীয় বিষয় হৈছে সংস্কাৰবাদীতা। অৱশ্যে চৰম বিপ্লৱৰ জৰিয়তে সমাজৰ সামগ্রিক পৰিৱৰ্তনৰ লগত উদাৰনৈতিক নাৰীবাদ জড়িত নহয়। উদাৰতাবাদী নাৰীবাদে অধিকাৰ আৰু সুযোগ-সুবিধাসমূহৰ বিতৰণৰ যি প্ৰচলিত ব্যৱস্থা তাৰো বিৰোধিতা কৰে। বৰ্তমান পুৰুষৰ আধিপত্যৰ অধিকাৰ আদিৰ বিতৰণৰ ব্যৱস্থাক নাৰীৰ সপক্ষে সংস্কাৰ সাধন কৰিব পাৰিলেহে নাৰীসকলে নিজৰ ব্যক্তিত্ব আৰু সন্মোহিত গুণৰাজিৰ বিকাশ সাধন কৰিব পাৰিব বুলি নাৰী অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলে মতপোষণ কৰে।

(২) পুৰুষ-নাৰীৰ মাজৰ প্ৰাকৃতিক ব্যৱধানক অস্বীকাৰ: মহিলাৰ অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলে পুৰুষ আৰু নাৰীৰ মাজৰ প্ৰাকৃতিক ব্যৱধানক অস্বীকাৰ কৰে। তেওঁলোকৰ মতে, নাৰীসকলে সকলো ধৰণৰ কাৰ্য সম্পাদনৰ বাবে যোগ্য নহয়। উদাৰ নাৰীবাদীসকলৰ মতে, পুৰুষ-নাৰীৰ মাজৰ প্ৰাকৃতিক ব্যৱধানসমূহ মনত ৰাখি সকলো ধৰণৰ অধিকাৰ আৰু সুযোগ-সুবিধা সকলোৰে কাৰণে সমানে উন্মুক্ত থাকিব লাগে। সকলো ব্যক্তিয়ে নিজৰ যোগ্যতা অনুসৰি এনে অধিকাৰ আৰু সুবিধাসমূহ উপভোগ কৰিব। ৰাষ্ট্ৰই কোনো ধৰণৰ কৃত্রিম ব্যৱধানৰ সৃষ্টি কৰিব নোৱাৰিব।

(৩) নাৰী অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ মতে, পুৰুষ আৰু নাৰীৰ মনৰ আসক্তি, অভিৰুচি আদি বেলেগ বেলেগ আৰু যিকোনো মূল্যৰে বিনিময়ত এনে প্ৰভেদসমূহক ধৰি ৰাখিব লাগিব।

(৪) মহিলা অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ সমৰ্থকসকলে বিশ্বাস কৰে যে প্রচলিত সমাজ ব্যৱস্থাক নাৰীৰ পক্ষে শান্তিপূর্ণভাৱে আবেদন নিবেদন, আন্দোলন আৰু অন্যান্য উপায়েৰে সলনি কৰিব পৰা যায়। 

3. Criticism of Liberal Approach to Women’s Studies.

Ans: উদাৰতাবাদী নাৰীবাদক কেৱল মাত্র নাৰীবাদৰ বিৰোধী সকলেই নহয়, বৰং কিছুমান নাৰীবাদীয়েও সমালোচনা কৰিছিল।

(১) স্ববিৰোধী : উদাৰ নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ কেতিয়াবা বিভিন্ন ধ্যান-ধাৰণাসমূহক লৈ নিজৰ ভিতৰতে মত বিৰোধ ঘটে।

(২) উদাৰ নাৰীবাদী সকলে পৃষ্ঠপোষকতা কৰা নিঃলিংগকৰণ সমাজ ব্যৱস্থা সাধাৰণ অৰ্থত সম্ভৱপৰ নহয়। ‘নাৰীত্ব’ গুণৰ গৰাকী হোৱাৰ সুবাদতে এগৰাক নাৰীকী নাৰী হিচাপে সন্মান জনোৱা হয়। সন্তান প্রসব কৰা, সন্তানৰ যত্ন লোৱা, গৰ্ভধাৰণ কৰা আদি নাৰীৰ এক বৈশিষ্ট্য। নাৰীবাদীসকলে ভবাৰ দৰে ইবিলাকে এগৰাকী নাৰীক নিম্নখাপৰ কৰি নেপেলায়।

(৩) উদাৰ নাৰীবাদীসকলে কোৱাৰ দৰে কেৱল ব্যক্তিগত অধিকাৰ, ব্যক্তি স্বাধীনতা আদিৰ সমাজৰ উন্নতি আনিব নোৱাৰে। এখন সমাজৰ উন্নতি সাধন হ’ব নোৱাৰে। সমাজৰ উন্নতি অবিহনে ব্যক্তিৰ উন্নতি অর্থহীন।

(৪) উদাৰনৈতিক নাৰীবাদী ধাৰণাই ইয়াৰ নিজৰ পৰিসীমাৰ ভিতৰতে কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। কিছুমান মহিলাই লাভান্বিত হোৱা সত্ত্বেও ৰাজনীতিত ক্ষমতা আৰু কৰ্তৃত্ব আহৰণৰ ক্ষেত্ৰত বা আন কাম-কাজত অংশগ্ৰহণৰ ক্ষেত্ৰত পুৰুষ আধিপত্যৰ প্রচলন থকা দেখা যায়।

(৫) উদাৰনৈতিক নাৰীবাদৰ লক্ষ্যক বহুতে অস্বীকাৰ কৰিছিল। তেওঁলোকৰ মতে, উদাৰনৈতিক নাৰীবাদীসকলে সমাজ ব্যৱস্থাত প্রচলিত শ্রেণীব্যৱস্থা, প্রতিযোগিতা, অধিক্রমিক ব্যৱস্থা ইত্যাদিক অৱজ্ঞা কৰি কেৱল মধ্যম শ্ৰেণীৰ মহিলাসকলৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছিল। সমাজত প্ৰচলিত প্রচলিত শ্রেণীব্যৱস্থা, বর্ণ বৈষম্য আদিৰ কাৰণে মহিলাসকলৰ লগতে বহুতো পুৰুষেও অৱদমিত হ’ব লগা হয়।

(৬) উদাৰতাবাদীসকলে ৰাষ্ট্ৰক নিৰপেক্ষ অনুষ্ঠান হিচাপে বিবেচনা কৰা আৰু লিংগ সমতা প্রতিষ্ঠা কৰাৰ বাবে ৰাষ্ট্ৰৰ ক্ষমতাক প্ৰয়োগ কৰিব বিচৰা নীতিক বহুতে সমালোচনা কৰিছে। কিছুমান সমালোচকৰ মতে, ৰাষ্ট্ৰক কেৱল পুৰুষে শাসন নকৰে বৰং পুঁজিবাদী অর্থনৈতিক ব্যৱস্থাৰ প্ৰয়োজনীয়তাকো প্রতিবিম্বিত কৰে।

4. Basic features of Marxist Feminism. 

Ans: মার্ক্সীয় নাৰীবাদৰ বৈশিষ্ট্যসমূহ নিম্নোক্ত ধৰণৰ—

(১) পুঁজিপতি শ্ৰেণীৰ শ্ৰেণীগত বৈষম্য হ’ল নাৰী শোষণ আৰু বৈষম্যৰ মূল কাৰণ।

(২) মার্ক্সীয় নাৰীবাদীসকলৰ মতে, পিতৃতান্ত্রিকতা হ’ল অর্থনৈতিক শোষণৰ এক ফলশ্রুতি মাথোন।

(৩) পৰিয়াল ব্যৱস্থাই শ্রমিক শক্তিক সূচিত কৰে।

(৪) পুঁজিবাদে নাৰীক সংৰক্ষিত শ্রমিক শক্তি হিচাপে গণ্য কৰে।

(৫) মার্ক্সীয় নাৰীবাদ অনুসৰি নাৰীয়ে পুৰুষ প্রধান সমাজ ব্যৱস্থাত পুৰুষৰ বাবে পত্নী, মাতৃ, ভগ্নী আৰু কন্যাৰ ভূমিকা গ্ৰহণ কৰে আৰু এই সূত্রে অমঞ্জুৰীপ্রাপ্ত ঘৰুৱা ভৃত্যৰ ভূমিকাত অৱতীৰ্ণ হ’ব লাগে।

(৬) মার্ক্সীয় নাৰীবাদৰ দৃষ্টিভংগীৰ মূল লক্ষ্য হ’ল পুঁজিবাদক সম্পূৰ্ণৰূপে উৎখাত কৰা। এই উদ্দেশ্যে মার্ক্সীয় দৃষ্টিভংগীয়ে মহিলাসকলক সামগ্রিকভাৱে নিষ্পেষিত আৰু শোষিত শ্ৰেণীটোৰ লগত সাঙুৰি লৈছে।

5. Criticism of Marxist approach to Women’s Studies. 

Ans: নাৰী অধ্যয়নৰ মার্ক্সীয় দৃষ্টিভংগীৰ বিৰুদ্ধে নিম্নোক্ত সমালোচনাসমূহ উত্থাপিত হয়—

(১) মার্ক্সবাদীসকলে পোষণ কৰাৰ দৰে নাৰী কেৱল কোনো পণ্য সামগ্ৰী নহয়। নাৰীসকলক মজুৰি নিদিয়া শ্রমিক বুলি ক’লে ভুল কৰা হ’ব। নাৰীয়ে পালন কৰা মাতৃ, ভগ্নী, অথবা পত্নীৰ ভূমিকা তেওঁৰ ওপৰত কোনো ধৰণৰ বলপূর্বকভাৱে জাপি দিয়া ভূমিকা নহয়। ই হৈছে এক সামাজিক সম্বন্ধ যি সম্পূর্ণ অর্থত প্রকৃতিগত, য’ত অর্থনীতিৰ কোনো স্থান নাই।

(২) পৰিয়াল যিকোনো সমাজৰ বাবে অতিকৈ প্ৰয়োজনীয় সামাজিক অনুষ্ঠান। কিন্তু মার্ক্সবাদীসকলে পৰিয়ালৰ ধাৰণাটোক অগ্রাহ্য কৰিছে।

(৩) মার্ক্সবাদীসকলে কোৱাৰ দৰে কেৱল পুঁজিবাদীসকলে নাৰীৰ ওপৰত শোষণ কৰা বুলি কোৱাটো ভুল হ’ব। সমাজবাদ, প্রচলন থকা দেশতো নাৰীৰ ওপৰত শোষণ বাহাল থকা পৰিলক্ষিত হয়।

(৪) সম্প্ৰতি পুঁজিবাদী ৰাষ্ট্ৰবিলাকত নানা ধৰণৰ সংস্কাৰমুখী কাৰ্যব্যৱস্থা গ্ৰহণৰ জৰিয়তে লিংগ বৈষম্য দূৰীকৰণৰ প্ৰয়াস কৰা হৈছে। 

(৫) যদিওবা মার্ক্সীয় নাৰীবাদীসকলে পুঁজিবাদ আৰু পুৰুষতন্ত্রৰ ওপৰত আলোচনা কৰিছে, তথাপি ইবিলাকৰ ওপৰত মার্ক্সীয় নাৰীয়ে সীমিত পৰিমাণেহে মনোযোগ দিয়া পৰিলক্ষিত হয়।

(৬) মার্ক্সীয় নাৰীবাদৰ ধাৰণাক বিশেষকৈ চৰ্ম নাৰীবাদীয়ে সমালোচনা কৰিছিল। চৰম নাৰীবাদী চিন্তাবিদসকলে আলোচনা কৰে যে আধুনিক সমাজ ব্যৱস্থা আৰু ইয়াৰ মূল গাঁথনি (আইন, ধর্ম, ৰাজনীতি, কলা ইত্যাদি) মূলতঃ পুৰুষৰ সৃষ্টি আৰু সেয়েহে এই সকলোবোৰ পুৰুষতান্ত্ৰিক প্ৰকৃতিৰ।

6. Views of Simon de Beauvoir on Radical Feminism.

Ans: চৰম নাৰীবাদ সম্পর্কে চিমন দ্যা ব্যুৰে (১৯০৬ ১৯৮৬)য়ে নিজৰ অভিমত আগবঢ়াইছে। ব্যুভেৰ আছিল এগৰাকী ফৰাচী উপন্যাসিক। উল্লেখযোগ্য যে ব্যুভেৰ ১৯৪৯ চনত প্ৰকাশিত ‘The Second Sex’ শীর্ষক গ্রন্থখনে জনমানসত এক বিশেষ আলোড়নৰ সৃষ্টি কৰিছিল। ব্যুভেৰৰ মতে, নাৰীৰ মৰ্যাদা আৰু শাৰীৰিক অৱস্থা পুৰুষ আৰু নাৰীৰ মাজত থকা প্ৰাকৃতিক পাৰ্থক্যৰ দ্বাৰা নিৰ্ধাৰিত নহয় বৰং সামাজিক আৰু বস্তুগত পৰিস্থিতি আৰু শক্তিৰ দ্বাৰাহে নিৰ্ধাৰিত। নাৰীসকলক পুৰুষসকলে নিজ স্বাৰ্থৰ হকে ব্যৱহাৰ কৰে। গতিকে ব্যুভেৰৰ মতে, পুৰুষ আৰু নাৰীৰ মাজৰ পাৰ্থক্যসমূহ চৰম ব্যৱস্থা গ্ৰহণ কৰি দূৰীকৰণৰ জৰিয়তেহে নাৰী মুক্তি সম্ভৱপৰ হয়।

7. Views of Kate Millet’s on Radical Feminism. 

Ans: কেট মিলেট হৈছে চৰম নাৰীবাদৰ আন এগৰাকী প্রবক্তা। ১৯৭০ চনত প্ৰকাশিত কেট মিলটেৰ “Sexual Politics” শীর্ষক গ্ৰন্থখনত তেওঁ যুক্তি দৰ্শাইছিল যে নাৰীসকলক দুর্বলী হিচাপে প্ৰতিষ্ঠা কৰাত কিছুমান অনুষ্ঠান আৰু শক্তিয়ে অৰিহণা যোগাই আহিছে। এই অনুষ্ঠান আৰু শক্তিসমূহ বহু যুগৰ পূৰ্বে সৃষ্ট যদিও বর্তমানেও ইবিলাক ব্যাপি আছে। তেওঁৰ মতে, অতি সৰুকালৰে পৰা ল’ৰা-ছোৱালীক প্ৰদান কৰা শিক্ষাৰ জৰিয়তে ল’ৰাতকৈ ছোৱালীক হীন হিচাপে প্রতিষ্ঠা কৰা হয়। তেওঁ বিশ্বাস কৰিছিল যে নাৰীৰ ওপৰত চলি অহা নির্মম অত্যাচাৰৰ প্ৰধান চালিকা শক্তি হৈছে পুৰুষতান্ত্রিকতা (Patriarchy)। গতিকে নাৰীৰ শোষণ বন্ধ কৰিবলৈ পুৰুষতন্ত্ৰৰ অৱসান ঘটোৱাটো অতি প্রয়োজনীয়। অৱশ্যে পুৰুষতন্ত্ৰৰ অৱসান ঘটোৱাটো সহজসাধ্য নহয়।

এইক্ষেত্ৰত ভিন্ন পর্যায়ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই ক্ষেত্ৰত প্ৰথমটো পদক্ষেপ হৈছে নাৰীসকলৰ মাজত সজাগ সচেতনতা বৃদ্ধি। নাৰীসকলে তেওঁলোকৰ অধিকাৰ সমূহৰ বিষয়ে সচেতন হ’লৈহে সবলভাৱে শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিব পাৰিব। মিলেটৰ মতে, নাৰী মুক্তিৰ দ্বিতীয়টো পদক্ষেপ হৈছে ৰাজনৈতিক গাঁথনিসমূহৰ পুনঃগঠন। অৰ্থৎ ৰাজনৈতিক গাঁথনি বিলাকৰ এনেদৰে পুনঃনির্মাণ কৰিব লাগিব যাতে ইয়াৰ জৰিয়তে নাৰীসকলৰ বিৰুদ্ধে চলি অহা শোষণৰ বিপক্ষে যুঁজ দিয়াত সহায়ক হয়। তেওঁ প্ৰচলিত আর্থ-সামাজিক গাঁথনিয়ে নাৰীৰ ওপৰত চলি অহা শোষণ আৰু অত্যাচাৰৰ বিপক্ষে যুঁজ দিয়াৰ বাবে যথোপযুক্ত নহয় সেয়া অতি সাৱলীলভাৱে “Sexual Politics” শীর্ষক গ্ৰন্থখনত বিশ্লেষণ কৰি দেখুৱাইছে। মুঠৰ ওপৰত ক’বলৈ হ’লে, মিলেটৰ মতে, নাৰীৰ মুক্তিৰ বাবে এক বৈপ্লৱিক পৰিৱৰ্তনৰ বাবে নিতান্তই প্রয়োজনীয়তা আছে।

1 thought on “Understanding Political Theory Unit 3 ৰাজনৈতিক তত্ত্বত সমালোচনামূলক আৰু সমসাময়িক পটভূমি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top