Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – II

Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – II, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – II Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – II Question Answer can be of great value to excel in the examination.

Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – II

Join Telegram channel

Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – II Notes cover all the exercise questions in UGC Syllabus. Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – II provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Political Theory and Practice – ll

অতি চমু প্রশ্নোত্তৰঃ

১। “গণতন্ত্র হ’ল জনগণক লৈ গঠিত, জনগণৰ দ্বাৰা আৰু জনগণৰ বাবে পৰিচালিত শাসন ব্যৱস্থা।” কথাষাৰ কোনে কৈছিল? (Who said that ‘democracy is a system of government consisting of the people, governed by the people and for the people’.)

উত্তৰঃ আব্রাহম লিঙ্কন।

2। স্বাধীনতা শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে? (From which word is the word freedom taken?)

উত্তৰঃ লেটিন। 

৩। Liberty শব্দটো লেটিন শব্দ কিহৰ পৰা উদ্ভৱ হৈছে? (From which Latin word does the word liberty originate.)

উত্তৰঃ Liber.

8। স্বতন্ত্ৰতা আৰু সমতা পৰস্পৰ বিৰোধী— এই মন্তব্য কোনে দিছে? (Who made this contradictory remark about individuality and equality.)

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ লৰ্ড একটন।

৫। যিকোনো দুবিধ স্বাধীনতাৰ নাম লিখা। (Write the name of any two types of freedom.)

উত্তৰঃ ৰাজনৈতিক স্বাধীনতা আৰু অৰ্থনৈতিক স্বাধীনতা। 

৬। যিকোনো দুবিধ সমতাৰ উল্লেখ কৰা। (Write the name of any two types of equality.) 

উত্তৰঃ ৰাজনৈতিক সমতা আৰু অৰ্থনৈতিক সমতা।

৭। যিকোনো দুবিধ ৰাজনৈতিক স্বাধীনতাৰ নাম লিখা। (Write the name of any two types of political freedom.)

উত্তৰঃ (ক) ভোট দিয়াৰ স্বাধীনতা, (খ) নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ স্বাধীনতা।

৮। গণতন্ত্ৰৰ প্ৰকাৰ দুটাৰ নাম কি কি? (What are the names of the two types of democracy.)

উত্তৰঃ প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্র।

৯। গণতন্ত্ৰ শব্দটো ক’ৰ পৰা আহিছে? (Where does the word democracy come from.)

উত্তৰঃ গণতন্ত্ৰ শব্দটো দুটা গ্রীক শব্দ Demos অর্থাৎ জনগণ আৰু Kratia অর্থাৎ শাসন ক্ষমতা। এই দুয়োটা শব্দ লগ লাগি গঠিত হৈছে।

১০। গণতন্ত্ৰৰ আটাইতকৈ উল্লেখযোগ্য সংজ্ঞাটো কোনে দিছিল? (Who gave the most significant definition of democracy?)

উত্তৰঃ আব্ৰাহাম লিংকনে।

১১। আব্রাহাম লিংকনৰ গণতন্ত্ৰৰ সংজ্ঞাটো কি? (What is Abraham Link’s definition of democracy?)

উত্তৰঃ “গণতন্ত্ৰ হ’ল জনগণকলৈ গঠিত, জনগণৰ দ্বাৰা আৰু জনগণৰ বাবে পৰিচালিত শাসন ব্যৱস্থা”।

১২। চিলিৰ গণতন্ত্ৰৰ সংজ্ঞাটো কি? (What is the definition of chilean democracy.)

উত্তৰঃ “গণতন্ত্র হ’ল এনে শাসন ব্যৱস্থা য’ত সকলোৰে অংশ গ্ৰহণৰ সুবিধা আছে।”

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। গণতন্ত্ৰৰ ভাগ দুটা কি কি? (What are the two types of democracy?)

উত্তৰঃ (ক) প্রত্যক্ষ গণতন্ত্ৰ আৰু (খ) পৰোক্ষ গণতন্ত্র।

২। প্রত্যক্ষ গণতন্ত্ৰৰ পদ্ধতিসমূহ কি কি? (What are the methods of direct democracy.) 

উত্তৰঃ প্ৰত্যক্ষ গণতন্ত্ৰৰ পদ্ধতিসমূহ তলত দিয়া হ’ল- (ক) গণপ্ৰস্তাৱ (খ) গণভোট (গ) প্ৰত্যাৱৰ্ণৰ আদেশ (ঘ) গণ অভিমত।

৩। ‘কমিউনিষ্ট মেনিফেষ্ট’ কাৰ ৰচনা? (Who wrote the ‘Communist Manifesto’?)

উত্তৰঃ কার্লমার্ক্স আৰু এংগেলছৰ।

8। গণতন্ত্ৰৰ প্ৰধান দৃষ্টিভংগী দুটা কি কি? (What are the two main aspects of democracy.)

উত্তৰঃ গণতন্ত্ৰৰ প্ৰধান দৃষ্টিভংগী দুটা হ’ল-

(ক) উদাৰনৈতিক গণতন্ত্র।

(খ) সমাজতান্ত্রিক দৃষ্টিভংগী।

৫। গণতন্ত্ৰৰ গুণসমূহ কি কি? (What are the virtues of democracy?)

উত্তৰঃ গণতন্ত্ৰৰ গুণসমূহ হ’ল-

(ক) ই জনসাধাৰণৰ ওচৰত দায়ী হৈ থাকে।

(খ) জনগণেই হ’ল গণতন্ত্ৰত সকলো ক্ষমতাৰ উৎস। 

(গ) এনে শাসন ব্যৱস্থাৰ স্থায়িত্ব আছে। ই নাগৰিকৰ সমৰ্থন আৰু সক্ৰিয় সহযোগিতাৰ ওপৰত প্ৰতিষ্ঠিত হৈ থাকে।

(ঘ) চৰকাৰৰ স্বেচ্ছাচাৰীত হোৱাৰ আশংকা কম থাকে।

(ঙ) সকলোৰে সমান অংশ গ্ৰহণৰ সুযোগ থাকে।

(চ) গণতন্ত্ৰৰ বিপ্লৱ নাইবা সংঘৰ্ষৰ পৰা মুক্ত। 

(ছ) এই চৰকাৰে সৰ্বসাধাৰণৰ কল্যাণ সধান কৰে।

(জ) গণতন্ত্ৰত মানুহৰ অধিকাৰক স্বীকৃতি প্ৰদান কৰা হয়।

(ঝ) গণতন্ত্রই সমতা প্রতিষ্ঠিত কৰিব পাৰে। 

(ঞ) ন্যায় প্রতিষ্ঠাই হৈছে গণতন্ত্ৰৰ মূলমন্ত্র।

৬। গণতন্ত্ৰৰ দোষসমূহ কি কি? (What are the faults of democracy.)

উত্তৰঃ গণতন্ত্ৰৰ দোষ সমূহ হ’ল–

(ক) গণতন্ত্রক অশিক্ষিত, অজ্ঞ আৰু অক্ষম ব্যক্তিৰ শাসন বুলি কোৱা হয়। 

(খ) ইয়াত ব্যক্তিৰ যোগ্যতাতকৈ তেওঁলোকৰ সংখ্যাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয়।

(গ) ব্যয়বহুল শাসন ব্যৱস্থা।

(ঘ) ইয়াত চৰকাৰ কেতিয়াও স্থায়ী নহয়। 

(ঙ) দুর্বল শাসন ব্যৱস্থা।

(চ) ইয়াত আমোলাসকলে গা কৰি উঠে।

(ছ) এনে চৰকাৰত নৈতিকতাৰ ক্ৰমশঃ পতন ঘটে। সাধাৰণ মানুহ দুনীর্তি আৰু প্রলোভনৰ চিকাৰ হয়। 

(জ) সুনেতৃত্বৰ অভাৱ।

(ঝ) মানুহ ইয়াত আৱেগৰ দ্বাৰা পৰিচালিত হয়।

(ঞ) গণতন্ত্ৰত পুঁজিবাদে প্রশ্রয় পায়।

৭। গণতন্ত্ৰৰ সাফল্যৰ বাবে দৰকাৰী কেইটামান চৰ্তাৱলী উল্লেখ কৰা। (Mention some useful conditions for the successful of democracy.)

উত্তৰঃ (ক) ন্যায়-নীতি, (খ) শিক্ষা, (গ) গণতান্ত্ৰিক পৰিবেশ, (ঘ) গণতান্ত্রিক জনগণ, (ঙ) সহনশীলতা মনোভাৱ, (চ) ৰাজনৈতিক দল, (ছ) সুদক্ষতা, (জ) সুস্থ, সবল জনমত, (ঝ) সামাজিক দায়বদ্ধতা আদি।

৮। গণতন্ত্ৰৰ সংজ্ঞা দিয়া। (Define democracy.)

উত্তৰঃ গণতন্ত্ৰ বুলিলে এটা নিৰ্দিষ্ট আৰু বিশেষ ধৰণৰ শাসন ব্যৱস্থাক বুজায়। গণতন্ত্র শব্দটো ইংৰাজী ‘Democracy’ শব্দটোৰ প্ৰতিশব্দ। দুটা গ্ৰীক শব্দ Demos অর্থাৎ জনগণ আৰু Kratia অর্থাৎ শাসন ক্ষমতা, এই দুয়ো লগ লাগি Democracy শব্দটো হৈছে। গ্রীক Demokratia ৰ পৰা ইংজাৰী Democratic শব্দটিৰ উৎপত্তি হৈছে। গতিকে গণতন্ত্র বুলি ক’লে জনগণৰ শক্তি, শাসন বা কর্তৃত্বক বুজায়। গণতন্ত্র এটা শাসন ব্যৱস্থা য’ত শাসন ক্ষমতা জনগণৰ হাতত থাকে। আব্ৰাহাম লিঙ্কনৰ মতে, গণতন্ত্র হ’ল “জনগণক লৈ গঠিত, জনগণৰ দ্বাৰা আৰু জনগণৰ বাবে পৰিচালিত শাসন ব্যৱস্থা”। চিলিয়ে কৈছে, “গণতন্ত্র হ’ল এনে এটা শাসন ব্যৱস্থা য ত সকলোৰে অংশ গ্ৰহণৰ সুবিধা আছে।

গণতন্ত্রক সংকীৰ্ণ অৰ্থত ৰাজনীতি বিজ্ঞানত এটি শাসন ব্যৱস্থা বুলি কোৱা হয়। ব্যাপক অৰ্থত ই শাসন ব্যৱস্থাৰ ধাৰণাৰ নিৰ্দিষ্ট সীমা অতিক্ৰম কৰি এটা মহৎ আদৰ্শত পৰিণত হৈছে। বর্তমানে ‘গণতন্ত্র’ শব্দটোৰ দ্বাৰা এক বিশেষ সমাজ ব্যৱস্থা, ৰাষ্ট্ৰ ব্যৱস্থা, শাসন ব্যৱস্থা আনকি এটা বিশেষ অর্থনৈতিক ব্যৱস্থাকো বুজায়।

৯। গণতন্ত্ৰৰ বিৱৰ্তনৰ বিষয়ে আলোচনা কৰা। (Discuss the evolution of democracy.)

উত্তৰঃ খৃষ্ট পূৰ্ব প্ৰায় পাঁচ হাজাৰ বছৰৰ আগতে গ্ৰীচত গণতন্ত্ৰৰ প্ৰচলন থকাৰ আভাস পোৱা যায়। গ্রীক দার্শনিকসকলে গণতন্ত্রক স্বাভাৱিক চৰকাৰৰ আখ্যা দিয়া নাছিল। হিউটাছে বিভিন্ন ধৰণৰ চৰকাৰৰ দোষ-গুণ বিচাৰ কৰিছিল। ছক্ৰেটিছে গণতন্ত্রক ভাল চৰকাৰ হিচাপে আখ্যা দিয়া নাছিল। তেওঁৰ শিষ্য প্লেটোৱেও জনসাধাৰণৰ সাৰ্বভৌমত্বতকৈ জ্ঞানৰ সাৰ্বভৌমত্বব ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ মতে দার্শনিক ৰজাৰ শাসনেই আছিল উত্তম শাসন। এৰিষ্ট টলে গণতন্ত্রক অস্বাভাৱিক নাইবা বিকৃত চৰকাৰ হিচাপে আখ্যা দিছিল। ইয়াৰ পৰা দেখা যায় যে আগৰ কালত গণতন্ত্ৰৰ প্ৰচলন আছিল যদিও গ্রীক দার্শনিকসকলে গণতন্ত্রক স্বাভাৱিক আৰু ভাল চৰকাৰ বুলি বিবেচনা নকৰিছিল। সেই সময়ত দাস প্রথাৰ প্ৰচলন আছিল। জন্ম আৰু কৰ্মৰ ভিত্তিত মানুহৰ মাজত শ্ৰেণী বিভাগ আছিল। গ্রীক দার্শনিকসকলৰ মতে কিছুমান লোক জন্মিছিল শাসন কৰিবলৈ আৰু বাকীবোৰ জন্মিছিল শাসন মানি চলিবলৈ। বর্তমান বিশ্বৰ বিভিন্ন দেশত গণতন্ত্ৰৰ প্ৰসাৰ আৰু জনপ্ৰিয়তাও ক্রমাৎ বাঢ়ি আহিছে।

সপ্তম শতিকাত ইংলেণ্ডত বৰ্তমান গণতন্ত্ৰৰ জন্ম হোৱা বুলি ক’ব পাৰি। ইংলেণ্ডৰ ৰজা প্ৰথম চাৰ্লছৰ দিনত ৰজাৰ চৰম ক্ষমতাৰ বিৰুদ্ধে বিদ্রোহ কৰা হয়। সপ্তম শতিকাৰ শেষ ভাগত, অকল ইংলেণ্ডতেই গণতান্ত্ৰিক চৰকাৰৰ প্ৰচলন আছিল। ইংলেণ্ডৰ পাছত মার্কিন যুক্তৰাষ্ট্ৰত গণতন্ত্রই প্রতিষ্ঠা লাভ কৰে। ইংৰাজ ৰাজনৈতিক পণ্ডিত জন ল’ক, টমাছ পেইন আদিৰ লিখনীয়ে আমেৰিকাবাসীৰ মনত গণতান্ত্রিক ভাবধাৰাৰ সৃষ্টি কৰে। গণতন্ত্ৰৰ প্ৰচলন ইংলেণ্ড আৰু মার্কিন যুক্তৰাষ্ট্ৰতে আৱদ্ধ হৈ থকা নাছিল। ইয়াৰ প্ৰভাৱ পৃথিৱীৰ বিভিন্ন দেশত বিয়পি পৰিছিল। আমেৰিকাৰ স্বাধীনতা যুদ্ধই ফৰাচীবাসীৰ মনতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ফান্সৰ ফৰাচী বিপ্লৱৰ ফলস্বৰূপে ৰজাৰ শোষণ আৰু অভিজাতসকলৰ বিশেষ সুবিধাবোৰ নাইকিয়া হয় আৰু ফ্ৰান্সত গণৰাজ্য প্ৰতিষ্ঠা হয়।

গণতন্ত্ৰৰ প্ৰসাৰণত প্ৰথম মহাসমৰেও এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। এই মহাসমৰৰ ফলস্বৰূপে মধ্য ইউৰোপ আৰু পূব ইউৰোপত ৰাজতন্ত্ৰ অৱসান ঘটে আৰু কিছুমান দেশত গণতন্ত্ৰৰ প্ৰচলন হয়। গণতন্ত্ৰৰ প্ৰসাৰণত দ্বিতীয় মহাসমৰৰ অৱদানো কম নহয়। এই মহাসমৰৰ পাছত এছিয়া আৰু আফ্ৰিকাৰ বহুত ঔপনিৱেশ স্বাধীনতা লাভ কৰে। এইবোৰ দেশৰ অধিক সংখ্যকতে গণতান্ত্রিক পদ্ধতিত চৰকাৰ গঠন কৰা হয়। এইদৰে সময়ৰ সোঁতত ৰাজতন্ত্ৰ আৰু অত্যাচাৰী শাসনৰ পৰিৱৰ্তে গণতন্ত্ৰৰ প্ৰতিষ্ঠা হয় আৰু সি ক্ৰমে ব্যাপকভাৱে প্রচলিত হয়। বৰ্তমান যুগত গণতন্ত্ৰ আৰু সমাজবাদেই মানুহৰ পৰা অধিক সমাদৰ লাভ কৰিছে।

১০। গণতন্ত্ৰৰ দুটা ৰূপ কি কি? বৰ্ণনা কৰা। (Describe the two forms of democracy.) 

উত্তৰঃ চৰকাৰ গঠন আৰু পৰিচালনাৰ পদ্ধতিৰ ফালৰ পৰা গণতন্ত্ৰক দুটা ভাগত বিভক্ত কৰা হৈছে– (ক) প্রত্যক্ষ গণতন্ত্র, (খ) পৰোক্ষ গণতন্ত্র।

প্রত্যক্ষ গণতন্ত্রই সেই শাসন ব্যৱস্থাক বুজায় য’ত জনসাধাৰণে প্ৰত্যক্ষভাৱে আৰু সক্ৰিয়ভাৱে শাসনকার্যত অংশ গ্ৰহণ কৰিব পাৰে। প্ৰাচীন গ্ৰীচৰ নগৰ ৰাষ্ট্ৰসমূহত এই শাসন ব্যৱস্থা প্রচলিত আছিল। এতিয়া চুইজাৰলেণ্ডৰ কিছুমান সৰু সৰু কেন্টন আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ স্থানীয় চৰকাৰ পৰিচালনাৰ ক্ষেত্ৰত এই শাসন ব্যৱস্থা কিছু পৰিমাণে প্ৰৱৰ্তিত আছে।

বর্তমানে গণতন্ত্র বুলিলে প্রতিনিধিমূলক বা পৰোক্ষ গণতন্ত্রক বুজায়। ইয়াত জনগণে নিজে নিজক পোনপটীয়াকৈ শাসন নকৰে। নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে জনগণে তেওঁলোকৰ প্রতিনিধিক নির্বাচিত কৰে। এই প্রতিনিধিসকলৰ ওপৰতেই চৰকাৰ পৰিচালনা কৰাৰ দায়িত্ব ন্যস্ত থাকে। জনগণে এই নির্বাচিত প্রতিনিধিসকলৰ জৰিয়তে পৰোক্ষভাৱে দেশৰ শাসন কার্য পৰিচালনা কৰাত অংশগ্ৰহণ কৰে।

১১। প্রত্যক্ষ গণতন্ত্রই কি বুজায়? ইয়াৰ বিভিন্ন পদ্ধতিসমূহ আলোচনা কৰা। (What does direct democracy mean? Discuss the different methods.)

উত্তৰঃ প্ৰত্যক্ষ গণতন্ত্র হ’ল বিশুদ্ধ গণতন্ত্র। ইয়াত জনগণে পোনপটীয়াকৈ দেশৰ শাসন কার্য পৰিচালনা কৰে। ইয়াত জনগণে সকলো চৰকাৰী কাৰ্য সম্পাদন কৰে। নাগৰিকসকলে নির্দিষ্ট সময়ৰ অন্তৰত নিৰ্ধাৰিত ঠাইত মিলিত হৈ আইন প্রণয়ন, চৰকাৰী কৰ্মচাৰী নিয়োগ, ৰাজহ আৰু ব্যয় নির্ধাৰণ, পৰৰাষ্ট্ৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিছিল। আনকি তেওঁলোকে বিচাৰ সম্পৰ্কীয় কার্যও সম্পাদন কৰিছিল। এইদৰে নাগৰিকৰ দ্বাৰা প্ৰত্যক্ষভাৱে পৰিচালিত শাসন ব্যৱস্থাই হ’ল প্ৰত্যক্ষ গণতন্ত্র। ইয়াত বৈধ, সাৰ্বভৌমত্ব আৰু ৰাজনৈতিক সার্বভৌমত্বৰ মাজত কোনো পার্থক্য নাথাকে।

ইয়াৰ বিভিন্ন পদ্ধতিসমূহ তলত আলোচনা কৰা হ’ল-

(ক) গণ প্রস্তাৱঃ গণ উদ্যোগ বা গণ প্রস্তাৱ বোলোতে এই পদ্ধতিক বুজায় যাৰ দ্বাৰা জনগণে আইন প্রণয়ন আৰু সংবিধান সংশোধনত অংশগ্রহণ কৰিব পাৰে। সৰহ সংখ্যক নাগৰিকে প্ৰস্তাৱ গ্ৰহণৰ জৰিয়তে আইন সভাক সংধান সংশোধন কৰিবলৈ বা আইন প্রণয়ন কৰিবলৈ অনুৰোধ জনাব পাৰে। আইন সভাই সেই প্রস্তাবক অগ্রাহ্য কৰিব নোৱাৰে।

(খ) গণভোটঃ এই পদ্ধতি মতে চৰকাৰে কোনো আইনৰ প্ৰস্তাৱক জনসাধাৰণৰ অনুমোদনৰ কাৰণে পঠিয়ায়। নাগৰিকসকলে এই প্ৰস্তাৱৰ প্ৰতি সমর্থন নজনাবও পাৰে। গণভোটৰ জৰিয়তে নাগৰিকে নিয়ন্ত্ৰণ কৰিব পাৰে। 

(গ) প্ৰত্যাৱৰ্তনৰ আদেশঃ এই পদ্ধতি মতে নিৰ্দিষ্ট সময়ৰ আগতে নাগৰিকসকলে তেওঁলোকৰ নিৰ্বাচিত প্রতিনিধিক পদচ্যুত কৰিব পাৰে। এই ব্যৱস্থা থাকিলে, নির্বাচিত প্রতিনিধিসকলে জনসাধাৰণৰ স্বাৰ্থৰ বিৰুদ্ধে কোনো কাম কৰিব নোৱাৰে। তেওঁলোকে নির্বাচক মণ্ডলীৰ নিৰ্দেশ মানি চলিবলৈ বাধ্য।

১২। প্রত্যক্ষ গণতন্ত্ৰৰ গুণ আৰু দোষবিলাক আলোচনা কৰা। (Discuss the merits and demerits of direct democracy.)

উত্তৰঃ প্ৰত্যক্ষ গণতন্ত্ৰৰ গুণবিলাক হ’ল-

(ক) গণতন্ত্রই ‘জনগণৰ শাসনক’ বুজায়। এই অৰ্থত প্ৰত্যক্ষ গণতন্ত্রই হ’ল প্ৰকৃত গণতান্ত্রিক শাসন ব্যৱস্থা। 

(খ) প্রত্যক্ষ গণতন্ত্র ব্যয়বহুল। শাসনকার্য পৰিচালনা কৰোঁতে ইয়াত অধিক অর্থ ব্যয় কৰা নহয়।

(গ) প্রত্যক্ষ গণতন্ত্ৰত শ্ৰেণী বিৰোধৰ সম্ভাৱনা কম থাকে। কাৰণ, ইয়াত সকলো জনসাধাৰণে শাসন কার্যত অংশগ্ৰহণ কৰিবলৈ সুযোগ পায়।

(ঘ) ইয়াত চৰকাৰৰ বিৰুদ্ধে কোনো অভিযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা নাথাকে।

(ঙ) এই শাসন ব্যৱস্থা সহজ আৰু সৰল প্ৰকৃতিৰ। ইয়াত চৰকাৰৰ বিভিন্ন ধৰণৰ কাৰ্যৰ মাজত পাৰ্থক্য নাথাকে।

(চ) ইয়াত জনগণৰ কৰ্তব্য, দায়িত্ব আৰু অধিকাৰৰ মাজত সমন্বয় সাধিত হয়। 

(জ) কম জনবসতিপূৰ্ণ আৰু সৰু ৰাষ্ট্ৰৰ বাবে প্ৰত্যক্ষ গণতন্ত্র হ’ল আদর্শ শাসন ব্যৱস্থা।

প্রত্যক্ষ গণতন্ত্ৰৰ দোষসমূহঃ 

(ক) বৃহৎ আৰু জনবহুল ৰাষ্ট্ৰৰ বাবে এই শাসন ব্যৱস্থা অনুপযোগী।

(খ) শাসন কাৰ্য পৰিচালনাৰ বাবে প্ৰয়োজনীয় জ্ঞান বুদ্ধি সকলো নাগৰিকৰ নাথাকে। 

(ই) প্রত্যক্ষ গণতন্ত্ৰত আচলতে কম সংখ্যক লোকে শাসন কার্য পৰিচালনাত যোগাদান কৰে। কাৰণ, সকলো মানুহ শাসন কার্যত উৎসাহী নহয়।

(ঘ) এই ধৰণৰ শাসন ব্যৱস্থাত বিশৃংখলাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলত জনস্বাৰ্থৰ ক্ষতি হোৱাটো স্বাভাৱিক।

(ঙ) সাধাৰণ মানুহ অশিক্ষিত আৰু অজ্ঞ হ’লে প্রত্যক্ষ গণতন্ত্র নিকৃষ্ট শ্ৰেণীৰ শাসনত পৰিণত হয়। 

(চ) প্রত্যক্ষ গণতন্ত্র জৰুৰী অৱস্থাৰ বাবে উপযোগী নহয়। কাৰণ, সকলো মানুহ সোনকালে মিলিত হোৱাটো সম্ভৱপৰ নহয়।

(ছ) ইয়াত কোনো বিষয়ত সোনকালে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰি। জনগণে সিদ্ধান্ত গ্রহণ কৰোঁতে সময় লয়।

১৩। উদাৰনৈতিক গণতন্ত্ৰৰ ধাৰণাটো লিখা। ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি? (Write the concept of liberal democracy? What are its main features.)

উত্তৰঃ বিগত চাৰি শতিকাৰ পৰা উদাৰনীতিবাদ পশ্চিমীয়া জগতত এটি বিশিষ্ট মতবাদ হিচাপে বিবেচিত হৈ আছে। কিন্তু ঊনবিংশ শতিকাৰ আৰম্ভণিৰ আগভাগলৈকে ইয়াৰ অৰ্থাৎ এই মতবাদৰ কোনো এটা আনুষ্ঠানিক নাম নাছিল। কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে আনুষ্ঠানিকভাৱে ইয়াৰ নাম উদাৰনীতিবাদ হিচাপে পৰিচিতি লাভ কৰিলে।

উদাৰনৈতিক গণতন্ত্ৰৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল– উদাৰনৈতিক গণতন্ত্রক দুটা ভাগত বিভক্ত কৰিব পাৰি যেনে– (ক) সনাতন আৰু (খ) আধুনিক।

সনাতন উদাৰনৈতিক গণতন্ত্ৰৰ বৈশিষ্ট্যসমূহঃ 

(ক) সামাজিক স্বাধীনতাৰ সংৰক্ষণ।

(খ) অবাধ বাণিজ্য স্বাধীনতা।

(গ) ব্যক্তিগত স্বাধীনতা।

(ঘ) সামাজিক স্বাধীনতা।

(ঙ) অৰ্থনৈতিক অধিকাৰ অৰ্থাৎ ব্যক্তিগত সম্পত্তি আৰু ব্যক্তিগতভাৱে চুক্তি সম্পাদনৰ অধিকাৰ।

(চ) প্রশাসনিক, ভৌগোলিক আৰু জাতিগত স্বাধীনতা অর্থাৎ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু জাতিগত সাম্যৰ অধিকাৰ।

(ছ) আন্তর্জাতিক স্বাধীনতা, অর্থাৎ যুদ্ধৰ সম্ভাৱনাক প্ৰতিৰোধ কৰি বিশ্বশান্তি ৰক্ষা কৰা, আন্তর্জাতিক ক্ষেত্ৰত সহযোগিতাৰ বন্ধনক সুদৃঢ় কৰাৰ লগতে ৰাষ্ট্ৰসমূহৰ বাবে এটি বিশ্ব যুক্তৰাষ্ট্ৰ গঠন কৰাৰ স্বাধীনতা।

(জ) পৰিয়াল সম্পর্কীয় স্বাধীনতা।

(ঝ) ৰাজনৈতিক স্বাধীনতা।

আধুনিক উদাৰনৈতিক গণতন্ত্ৰৰ বৈশিষ্ট্যসমূহঃ

(ক) ৰাজনৈতিক সাম্য।

(খ) সংখ্যালঘুৰ স্বাৰ্থৰ সংৰক্ষণ।

(গ) সংবিধানৰ প্ৰাধান্য।

(ঘ) আইনৰ অনুশাসন আৰু ইয়াৰ ন্যায় বিচাৰ।

(ঙ) স্বাধীন আৰু নিৰপেক্ষ বিচাৰ ব্যৱস্থা।

(চ) বহুদলীয় ব্যৱস্থা।

(ছ) সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ।

(জ) শান্তিপূর্ণভাবে চৰকাৰৰ পৰিৱৰ্তন।

(ঝ) ব্যক্তিগত সম্পত্তিৰ অধিকাৰ।

(ঞ) জনকল্যাণমূলক ৰাষ্ট্ৰতত্ত্ব।

(ট) আমোলাতন্ত্ৰৰ প্ৰাধান্য।

(ঠ) সামাজিক আৰু ৰাজনৈতিক অধিকাৰৰ স্বীকৃতি।

১৪। গণতন্ত্ৰৰ সম্ভ্রান্তবাদী ধাৰণাটো আলোচনা কৰা। (Discuss the aristocratic concept of democracy.) 

উত্তৰঃ মাকোই তেওঁৰ লিখা বিখ্যাত গ্রন্থ “The Ruling Class” ত Eliot Theory of Democracy ৰ বিষয়ে উল্লেখ কৰিছিল আৰু পেৰেটো, চি. ৰাইটচ, হেল্ড লাচওৱেল আদি আধুনিক লিখকসকলে এই ধাৰণাক সমৰ্থন কৰিছিল।

মচকাৰ মতে চৰকাৰৰ শ্ৰেণী বিভাজন যেনে– ৰাজতন্ত্র, ধনতন্ত্ৰ নাইবা গণতন্ত্ৰৰ আৱশ্যকতা অর্থহীন। তেওঁৰ মতে অতীতৰ অনুন্নত সামাজিক গঠনৰ পৰ্যায়ৰ পৰা আৰম্ভ কৰি উন্নত সমাজ ব্যৱস্থাৰ পৰ্যায়লৈকে দুটা শ্রেণী বিশেষভাৱে পৰিলক্ষিত হয়। যেনে– শাসক এলিট আৰু শাসিত জনসাধাৰণ আৰু এই শাসিত জনসাধাৰণৰ ওপৰত কৰ্তৃত্ব কৰে শাসক এলিটে। সংখ্যাত যদিও এই এলিটসকল নামমাত্র কিন্তু সমাজত ক্ষমতাৰ উৎসই হৈছে তেওঁলোক। সকলো প্ৰকাৰৰ সুখ-সুবিধা, আৰাম আৰু একচেটিয়া আধিপত্য এইসকলে পাই থাকে।

এই সম্ভ্রান্তবাদী ধাৰণাক সমৰ্থন কৰা ব্যক্তিসকলৰ মতে মানুহৰ মাজত অসমতা এক বাস্তৱিক ঘটনা আৰু সেইবাবে সকলো শ্ৰেণীৰ জনসাধাৰণৰ বাবে ৰাজনৈতিক পদ্ধতিত সমানভাবে অংশগ্ৰহণ কৰাটো সম্ভৱপৰ নহয়। গণতন্ত্ৰত ৰাষ্ট্ৰীয় ক্ষমতা ৰাইজৰ নামত প্ৰয়োগ কৰা হ’লেও ৰাইজ প্ৰকৃততে ৰাষ্ট্ৰীয় ক্ষমতাৰ অংশীদাৰ নহয়। ইয়াৰ প্ৰধান কাৰণ হ’ল– গণতান্ত্রিক পদ্ধতি এটা জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত কেইজনমান মানুহে পৰিচালনা কৰে আৰু জনসাধাৰণৰ মাজৰ পৰা এমুঠিমান বিশেষ ব্যক্তিয়ে প্রকৃত ৰাজনৈতিক ক্ষমতা উপভোগ কৰে। সমাজৰ এই শ্ৰেণীটোৱেই যাক নির্বাচিত উপাদান বুলিও ক’ব পাৰি, গুৰুত্বপূৰ্ণ ৰাজহুৱা সিদ্ধান্ত গ্রহণ কৰে আৰু ৰাজনৈতিক পদ্ধতিটো পৰিচালনা কৰে।

এলিটবাদী গণতান্ত্রিক ব্যৱস্থাত কিছুমান বৈশিষ্ট্য পৰিলক্ষিত হয়। এই বৈশিষ্ট্যবোৰ হ’ল–

(ক) সুদৃঢ় শাসন বিভাগ।

(খ) কেন্দ্ৰীভূত নেতৃত্ব।

(গ) সংসদীয় গণতন্ত্র।

(ঘ) নেতৃত্ব দিয়া ব্যক্তিসকল প্ৰভাৱশালী ব্যক্তি আৰু তেওঁলোক দক্ষ উদ্যোগী আৰু অনুপ্রাণিত।

গণতন্ত্ৰত জনসাধাৰণে ৰাষ্ট্ৰ পৰিচালনাৰ ক্ষেত্ৰত অংশ গ্ৰহণ কৰিব পাৰে বুলি কোৱা হয় যদিও কিন্তু ৰাষ্ট্ৰীয় প্ৰশাসনত নাইবা সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত জনসাধাৰণৰ অংশ গ্ৰহণৰ সুবিধা অতি সীমিত কাৰণ নাগৰিকসকলৰ মাজত ৰাজনৈতিক আৰু সামাজিক চেতনা জাগ্ৰত হোৱা নাই। জনসাধাৰণ তেওঁলোকৰ অধিকাৰ আৰু কর্তব্য সম্পর্কে সচেতন নহয়। গতিকে সমাজৰ সুবিধাভোগী ব্যক্তিসকলৰ ইচ্ছা অনুসৰি ৰাষ্ট্ৰীয় প্রশাসন পৰিচালিত হয়। দেশৰ সম্পদ আৰু চৰকাৰী কৰ্তৃত্ব এমুঠি বিত্তবান আৰু ধৃত ব্যক্তিৰ হাতৰ মুঠিত কেন্দ্ৰীভূত হৈ পৰে। দেশৰ সম্পদ আৰু চৰকাৰী কৰ্তৃত্ব এমুঠি বিত্তবান আৰু ধূৰ্ত ব্যক্তিৰ হাতত কেন্দ্ৰীভূত হোৱাৰ বাবে

জনসাধাৰণৰ বৃহৎ অংশই ৰাজনৈতিকভাৱে সক্রিয় ভূমিকা নলয়। কিন্তু এই কম সংখ্যক এলিটে এনে বিশ্বাসৰ গঢ় দিয়ে যে সকলোৱে ইয়াত অংশগ্ৰহণ কৰিব পাৰে। গতিকে ভালকৈ বিশ্লেষণ কৰিলে দেখা যায় যে আলোচনাত আৰু নামতেই ৰাইজৰ গণতন্ত্র কিন্তু প্রকৃততে ৰূপায়ণ কৰে এলিট শ্রেণীয়েই।

১৫। গণতন্ত্র মানে কি? চমুকৈ আলোচনা কৰা। (Briefly discuss what democracy means.) 

উত্তৰঃ বৰ্তমান যুগক গণতন্ত্র যুগ বুলি কোৱা হয়। আজিকালি গণতান্ত্রিক পদ্ধতিৰ চৰকাৰ অতি জনপ্ৰিয় চৰকাৰ। গণতান্ত্ৰিক চৰকাৰৰ প্ৰকৃতি, বৈশিষ্ট্য আৰু গুণাগুণ সম্পর্কে গ্রীক দার্শনিক প্লেটো, এৰিষ্ট টলৰ সময়ৰ পৰাই আলোচনাৰ সূত্ৰপাত হৈছে। সমাজৰ বিকাশৰ লগে লগে গণতন্ত্ৰৰ ধাৰণাৰো সাল-সলনি হৈ আছে। গণতন্ত্র বর্তমানে অকল চৰকাৰ গঠনৰ পদ্ধতিয়ে নহয়, গণতন্ত্র এটি সামাজিক আদর্শও। সমাজত বাস কৰা প্ৰতিজন ব্যক্তিৰ পূৰ্ণ মনুষ্যত্বৰ বিকাশ সাধন কৰাটোৱেই গ’ল গণতান্ত্ৰিক আদৰ্শৰ মূল লক্ষ্য। আধুনিক ৰাজনীতি বিজ্ঞানত গণতন্ত্র শব্দটোৱে এক বিশিষ্ট স্থান অধিকাৰ কৰি আছে।

ৰাজনীতি বিজ্ঞানৰ ইতিহাস অধ্যয়ন কৰিলে গণতন্ত্রক কেৱল আজিৰ যুগৰ চৰকাৰ বুলি ক’ব নোৱাৰি। ৰাজনৈতিক আদৰ্শ আৰু চৰকাৰৰ ৰূপ হিচাপে অতি প্রাচীন কালৰ পৰাই ইয়াৰ প্ৰচলন হৈ থকা দেখা যায়। খ্রীঃপূঃ প্রায় পাঁচ হাজাৰ বছৰৰ আগতে গ্ৰীচ আৰু ৰোমত গণতন্ত্ৰৰ প্রচলন থকাৰ আভাস পোৱা যায়। ভাৰতৰ এসময়ৰ ৰাজনীতিবিদ কৌটিল্যৰ অৰ্থশাস্ত্ৰ আৰু আন আন সূত্ৰৰ পৰা প্ৰাচীন ভাৰতত বহুতো গণৰাজ্য থকাৰ কথা জনা যায়। প্রাচীন গ্ৰীচত অৱশ্যে এই গণতন্ত্র শব্দটো সীমিত পৰিসৰত ব্যৱহৃত হৈছিল। গ্রীক দার্শনিক আৰু চিন্তাবিদ ছক্ৰেটিছ, প্লেটো আৰু এৰিষ্ট টলে গণতন্ত্ৰৰ অৱস্থিতি মানি লৈছিল যদিও ইয়াক বিকৃত চৰকাৰৰ শাৰীত পেলাইছিল।

প্রাচীনকালত গণতন্ত্রই চিন্তাবিদসকলৰ সমাদৰ লাভ কৰিব পৰা নাছিল সঁচা। কিন্তু আধুনিক কালৰ গণতন্ত্রই সৰহভাগ ৰাজনীতিবিদৰ মাজত সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বজনপ্ৰিয় চৰকাৰ হিচাপে সমাদৰ লাভ কৰিছে। আজিৰ যুগ হ’ল গণতন্ত্ৰৰ যুগ। বিশ্বৰ বিভিন্ন দেশত গণতন্ত্ৰৰ প্ৰসাৰ আৰু জনপ্ৰিয়তা ক্ৰমাগতভাৱে বাঢ়ি অহা দেখা গৈছে। 

সপ্তদশ শতিকাত গ্রেট-বৃটেইনত বৰ্তমান গণতন্ত্ৰৰ জন্ম হোৱা বুলি ক’ব পাৰি। ১৬৮৮ চনৰ ইংলেণ্ডত গৌৰৱময় বিল্পৱৰ সময়ৰ পৰাই আধুনিক গণতন্ত্ৰৰ সূচনা হয়। ইয়াৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰত গণতন্ত্ৰই প্ৰতিষ্ঠা লাভ কৰে। ১৭৭৬ চনৰ আমেৰিকাৰ স্বাধীনতাৰ যুদ্ধই সেই ৰাষ্ট্ৰত গণতন্ত্ৰৰ প্ৰতিষ্ঠা কৰে। অষ্টাদশ শতিকাৰ শেষৰ ফালে পৃথিৱীৰ অন্যান্য ৰাষ্ট্ৰলৈকে ই বিয়পি পৰিছিল। মঞ্চেস্থ, ভল্টেয়াৰ, ৰুছো আদি ৰাজনৈতিক দার্শনিকৰ লিখনিয়ে ফৰাছী দেশত গণতন্ত্ৰৰ সম্প্ৰসাৰণত যথেষ্ট অৰিহণা যোগাইছিল। ওঠৰ শতিকাত ইউৰোপৰ বিভিন্ন দেশৰ বিপ্লৱ আৰু মার্ক্স আৰু এংগেলছৰ ‘কমিউনিষ্ট মেনিফেষ্টো’ও গণতন্ত্র প্রসাৰত ভালেখিনি বৰঙণি আগবঢ়ায়।

গণতন্ত্ৰৰ সম্প্ৰসাৰণত প্ৰথম মহাসমৰেও এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। এই যুদ্ধৰ পিছত ইউৰোপ তথা বিশ্বৰ বহুবিলাক দেশত গণতন্ত্ৰৰ প্ৰচলন হয়। এই মহাসমৰে মানুহৰ মনত ৰাজনৈতিক সচেতনতা আনি দিয়ে আৰু ফলস্বৰূপে গণতান্ত্রিক ভাবধাৰাৰ সম্প্ৰসাৰণ সম্ভৱ হয়। ইয়াৰ পাছত দ্বিতীয় মহাসমৰে গণতন্ত্ৰৰ প্ৰসাৰত আৰু অধিক অৰিহণা যোগায়। এই মহাসমৰৰ পাছত বেছিভাগ উপনিবেশে স্বাধীনতা লাভ কৰে আৰু গণতান্ত্রিক পদ্ধতিত চৰকাৰ গঠন কৰে। এইদৰে সময় অতিবাহিত হোৱাৰ লগে লগে গণতন্ত্র প্রতিষ্ঠা লাভ কৰে আৰু ক্ৰমে ব্যাপকভাৱে পৃথিৱীৰ প্ৰায়বোৰ দেশতে ই প্ৰচলিত হয়। গতিকে বর্তমান যুগক গণতন্ত্ৰৰ যুগ বুলি ক’ব পাৰি। বৰ্তমান শতিকাত সমগ্ৰ বিশ্বতে গণতন্ত্র আৰু গণতান্ত্রিক চিন্তাধাৰাই আলোড়নক সৃষ্টি কৰিছে। আজিকালি গণতন্ত্র সর্বশ্রেষ্ঠ আৰু সৰ্বজনপ্রিয় চৰকাৰ ব্যৱস্থা বুলি সকলোৱে মানি লৈছে।

গণতন্ত্রই সাধাৰণতে জনগণৰ শাসনকে সূচায়। কেতিয়াবা তেওঁলোকে নিজেই নিজকে শাসন কৰে আৰু কেতিয়াবা প্ৰতিনিধিৰ দ্বাৰা শাসন পৰিচালনা কৰে। গণতন্ত্ৰৰ ইংৰাজী প্রতিশব্দ হ’ল “ডেমক্রেচি’। ডেম’ক্ৰেচি শব্দটো গ্ৰীক শব্দ ‘ডেমচ’ আৰু ‘ক্ৰেটছ’ এই দুটা শব্দৰ সমন্বয়ৰ সৃষ্টি হৈছে। ডেমচ্ শব্দটোৱে জনসাধাৰণ আৰু ক্ৰেটচ্ শব্দটোৱে ক্ষমতাৰ শাসনক বুজায়। গতিকে ডেম’ক্ৰেচি অৰ্থাৎ গণতন্ত্ৰ শব্দৰ অৰ্থ হ’ল গণ-শাসন, যি শাসন ব্যৱস্থাত জনসাধাৰণেই শাসন ক্ষমতাৰ প্ৰকৃত অধিকাৰী। এই চৰকাৰত জনসাধাৰণেই চৰকাৰৰ চাবি-কাঠি।

১৬। গণতন্ত্ৰৰ সংজ্ঞা কেইটামান দাঙি ধৰা। (Define a few democracies.)

উত্তৰঃ চৰকাৰ হিচাপে গণতন্ত্ৰৰ সংজ্ঞা আৰু অৰ্থ বিভিন্ন ৰাজনীতি বিজ্ঞানীয়ে বিভিন্ন ধৰণে দিয়া দেখা যায়। গ্রীক দার্শনিক আৰু ৰাজনীতিবিদ এৰিষ্ট টলৰ মতে, “গণতন্ত্র হ’ল বহুলোকৰ শাসন ব্যৱস্থা, যিবিলাক অলায়ক আৰু অনভিজ্ঞ’। সেয়ে তেওঁ গণতন্ত্ৰক বিকৃত চৰকাৰ বুলি আখ্যা দিছে। এৰিষ্ট টলে গণতন্ত্ৰক বৰ্তমান সময়ৰ দৰে উত্তম শাসন ব্যৱস্থা হিচাপে গ্ৰহণ কৰা নাছিল। কিন্তু আধুনিক ৰাজনৈতিক চিন্তাবিদসকলে তেওঁৰ ব্যাখ্যা সমৰ্থন কৰা নাই।

ছাৰ জন চিলিৰ মতে, “গণতন্ত্ৰ সকলোৰে অধিকাৰ থকা এখন চৰকাৰ।” 

বাৰ্কাৰৰ মতে, “গণতন্ত্র হ’ল আলাপ-আলোচনাৰ মাধ্যমত পৰিচালিত চৰকাৰ”। 

ডাইচিয়ে কয়, “গণতন্ত্র হ’ল এটি শাসন ব্যৱস্থা যত শাসকবর্গ তুলনামূলকভাৱে জনসংখ্যাৰ এটি বিৰাট অংশ।”

লর্ড ব্ৰাইচৰ মতে, “গণতন্ত্ৰ এনেকুৱা চৰকাৰ ব্যৱস্থা, য’ত শাসন ক্ষমতা কোনো এটা শ্ৰেণী বা শ্ৰেণীসমূহৰ হাতত নাথাকি দেশৰ সমগ্ৰ নাগৰিকৰ হাতত থাকে”।

আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি আব্রাহাম লিংকনৰ মতে, “গণতন্ত্র হ’ল জনগণক লৈ গঠিত, জনগণৰ দ্বাৰা আৰু জনগণৰ বাবে পৰিচালিত শাসন ব্যৱস্থা।”

অষ্টিন ৰেনিৰ মতে, “গণতন্ত্র জনগণৰ সাৰ্বভৌমত্ব, ৰাজনৈতিক সাম্য, জনগণৰ পৰামৰ্শ আৰু সংখ্যাগৰিষ্ঠৰ শাসন– এই নীতিসমূহৰ দ্বাৰা পৰিচালিত হয়।”

এইদৰে দেশৰ সকলো মানুহে যেতিয়া চৰকাৰ গঠনত অৰিহণা যোগায় আৰু যি চৰকাৰ গঠনত সকলোৰে দাবী থাকে তাকে গণতন্ত্র বুলি কোৱা হয়। গণতন্ত্রক জনমত পৰিচালিত শাসন-ব্যৱস্থা বুলিও বৰ্ণনা কৰা হয়। ইয়াত জনগণৰ কল্যাণার্থে সকলো সিদ্ধান্ত গ্ৰহণ কৰা হয়। গণতন্ত্র সম্পর্কে লিংকনৰ সংজ্ঞাই হৈছে আটাইতকৈ জনপ্ৰিয়। আনহাতে অধ্যাপক ডাইচিয়ে গণতন্ত্ৰৰ যি সংজ্ঞা দাঙি ধৰিছে সেইটো উত্তম বুলি বিবেচিত হৈছে। তেওঁৰ মতে অধিকাংশ জনসাধাৰণৰ শাসনেই হ’ল গণতান্ত্রিক শাসন। আন কথাত, গণতন্ত্র হ’ল সংখ্যাগৰিষ্ঠ শাসন। সংকীৰ্ণ অৰ্থত গণতন্ত্ৰক ৰাজনীতি বিজ্ঞানৰ এটি শাসন ব্যৱস্থা বুলি কোৱা হয়। ব্যাপক অর্থত গণতন্ত্রই শাসন ব্যৱস্থাৰ ধাৰণাৰ পৰিসীমা অতিক্ৰম কৰি এটা মহৎ আদৰ্শত পৰিণত হৈছে। সাম্প্ৰতিক কালত গণতন্ত্রই এক বিশেষ সমাজ ব্যৱস্থা, ৰাষ্ট্ৰ ব্যৱস্থা, শাসন ব্যৱস্থা আৰু আনকি এটা বিশেষ অর্থনৈতিক ব্যৱস্থাকো বুজায়।

গণতন্ত্র সমতা আৰু স্বাধীনতাৰ ভেটিৰ ওপৰত প্ৰতিষ্ঠিত। সমাজ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সমতা প্রতিষ্ঠিত হ’লে গণতান্ত্রিক সমাজৰ সৃষ্টি হয়। অর্থাৎ, গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক সমতা থাকে। গণতান্ত্রিক চৰকাৰ ব্যৱস্থাই জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰে পৰিচালিত শাসনক বুজায়। এনে শাসন ব্যৱস্থাত ক্ষমতাৰ প্ৰধান উৎস হ’ল জনসাধাৰণ। ই জনসাধাৰণৰ দ্বাৰা গঠিত আৰু নিৰ্মিত চৰকাৰ। গণতান্ত্ৰিক চৰকাৰে জনগণৰ ইচ্ছাৰ প্ৰতিকূলে কোনো কাম কৰিব নোৱাৰে। এই চৰকাৰে জনসাধাৰণৰ পৰা ক্ষমতা আহৰণ কৰে আৰু জনগণৰ কল্যাণৰ বাবে বিভিন্ন উন্নয়নমূলক কাৰ্য সম্পাদন কৰে।

গণতন্ত্ৰ শব্দটো অকল ৰাজনৈতিক অর্থতে সীমিত নহয়। সামাজিক আৰু অৰ্থনৈতিক দিশৰ লগতো গণতান্ত্রিক আদর্শ জড়িত। অর্থনৈতিক দিশত সমাজত বসবাস কৰা লোকসকলৰ মাজত কোনো ধৰণৰ বৈষম্য থাকিব নালাগে। গণতন্ত্রই সমাজৰ এক শ্ৰেণীৰ লোকক লাহ- বিলাহৰ মাজত জীৱন কটোৱা আৰু আন এচামে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকাৰ কথা নুবুজায়। জাতীয় সম্পদ কেন্দ্ৰীভূত হ’লে জনসাধাৰণে আৰ্থিক দিশত সুফল ভোগ কৰিব নোৱাৰে। সেয়ে জোৱাদে কয়, “অর্থনৈতিক স্বাধীনতাৰ অবিহনে ৰাজনৈতিক গণতন্ত্র অর্থহীন।” সামাজিক দিশতো গণতন্ত্রই কোনা বৈষম্য নিবিচাৰে। ই সমতা আৰু স্বাধীনতাৰ নীতিৰ ওপৰত প্রতিষ্ঠিত। গণতন্ত্রত জাতি, ধর্ম, বর্ণ, ধনী, দুখীয়া আদিৰ ভিত্তিত শ্রেণী বৈষম্য থাকিব নালাগে। গণতন্ত্ৰৰ ধাৰণাক কাৰ্যকৰী বা কৃতকাৰ্য কৰি তোলাৰ কাৰণে সমতা নীতিৰ প্ৰয়োগ অপৰিহাৰ্য। যি সমাজ ব্যৱস্থাত মানুহৰ মাজত অর্থনৈতিক আৰু সামাজিক সমতাই স্বীকৃতি নাপায় যি কেতিয়াও প্রকৃত গণতান্ত্রিক ব্যৱস্থা হ’ব নোৱাৰে।

গণতন্ত্রক বিশিষ্ট জীৱন পদ্ধতি বুলি অভিহিত কৰিব পাৰি। গণতন্ত্ৰত চৰকাৰ জনসাধাৰণৰ সেৱক। জনসাধাৰণৰ ব্যক্তিত্ব বিকাশৰ বাবে গণতন্ত্ৰত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে বিভিন্ন প্ৰকাৰৰ অধিকাৰ প্ৰদানৰ ব্যৱস্থা আছে। গতিকে গণতন্ত্ৰ চৰকাৰৰ এটা বিশেষ ৰূপেই নহয়, ই এটা জীৱন ধাৰণৰ পদ্ধতিও।

১৭। গণতন্ত্ৰৰ বৈশিষ্ট্যসমূহ কি কি? (What are the features of democracy.)

উত্তৰঃ সাধাৰণতে গণতান্ত্রিক শাসন ব্যৱস্থাই জনমত পৰিচালিত শাসন ব্যৱস্থাক সূচায়। গণতন্ত্ৰৰ আধাৰ হৈছে জনসাধাৰণৰ মতামত। গণতান্ত্ৰিক চৰকাৰে জনমতৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। 

গণতন্ত্ৰৰ বিভিন্ন দিশ আলোচনা কৰিলে ইয়াৰ কিছুমান বৈশিষ্ট্য ওলাই পৰে—

(ক) গণতন্ত্ৰ জনসাধাৰণৰ দ্বাৰা গঠিত আৰু নিয়ন্ত্ৰিত চৰকাৰ-ব্যৱস্থা। এই শাসন ব্যৱস্থাত জনসাধাৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে অংশগ্ৰহণ কৰে।

(খ) গণতান্ত্রিক শাসন-ব্যৱস্থা জনমতৰ ওপৰত প্ৰতিষ্ঠিত। জনমতক উপেক্ষা কৰি চৰকাৰে কোনো কাম কৰিব নোৱাৰে।

(গ) গণতন্ত্ৰত আইনৰ দৃষ্টিত সকলো সমান। ইয়াত সকলোৰে বাবে সমান অধিকাৰ স্বীকৃত হয়।

(ঘ) গণতন্ত্র সমতা আৰু স্বাধীনতা নীতিৰ ওপৰত প্ৰতিষ্ঠিত। এই ব্যৱস্থাত ভেদ সৃষ্টিকাৰী শ্রেণীবিভাগ আৰু অৰ্থনৈতিক বৈষম্যত বিশ্বাস কৰা নহয়।

(ঙ) গণতন্ত্ৰৰ আন এটা বৈশিষ্ট্য হ’ল যে সংখ্যাগৰিষ্ঠৰ শাসন। এনে ব্যৱস্থাত সকলো সিদ্ধান্ত সংখ্যাগৰিষ্ঠ ভোটাধিকাৰৰ ভিত্তিত গ্ৰহণ কৰা হয় যদিও সংখ্যালঘিষ্ঠ মতামত আৰু স্বার্থ উপেক্ষিত নহয়। 

(চ) গণতান্ত্ৰিক চৰকাৰক জনপ্রিয় বুলি কোৱা হয়। এনে চৰকাৰ জনগণৰ সন্মতিৰ ওপৰত প্রতিষ্ঠিত আৰু সকলো লোকৰ স্বাৰ্থ ৰক্ষা কৰে বাবে ইয়াৰ প্ৰতি সংখ্যালঘিষ্ঠ সকলবো সমর্থন থাকে।

(ছ) গণতন্ত্ৰত জনসাধাৰণৰ হাতত চৰম ক্ষমতা থাকে। তেওঁলোকে নির্বাচিত প্ৰতিনিধিৰ মাধ্যমেৰে এই ক্ষমতা প্রয়োগ কৰে। 

(জ) গণতন্ত্ৰত সাৰ্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত এটা সুনির্দিষ্ট সময়ৰ বাবে চৰকাৰ নির্বাচিত হয় আৰু শাসন কার্য পৰিচালনা কৰে। 

(ঝ) গণতান্ত্ৰিক চৰকাৰৰ কাম-কাজ সমালোচনা কৰাৰ অবাধ অধিকাৰ জন-সাধাৰণৰ আছে। প্রয়োজনীয় সাপেক্ষে তেওঁলোকে এখন চৰকাৰৰ পতন ঘটাই আন এখন চৰকাৰগঠন কৰিব পাৰে।

(ঞ) একাধিক ৰাজনৈতিক দলৰ অৱস্থিতি বা দলীয় ব্যৱস্থা গণতান্ত্রিক শাসন ব্যৱস্থাৰ এটা বিশেষ বৈশিষ্ট্য। দলীয় ভিত্তিত প্রতিনিধি নির্বাচন কৰা হয় আৰু সংখ্যাগৰিষ্ঠ দলে চৰকাৰ গঠন কৰি শাসন কার্য চলায়।

(ট) বিৰোধী দলৰ অৱস্থিতি আৰু ভূমিক গণতান্ত্রিক শাসন ব্যৱস্থাৰ আন এটা বৈশিষ্ট্য। বিৰোধী ৰাজনৈতিক দলসমূহক গণতন্ত্ৰত যথোচিত মর্যাদা দিয়া হয়।

(ঠ) এই শাসন ব্যৱস্থা সকলোৰে স্বাৰ্থ আৰু সকলোৰে কল্যাণৰ বাবে পৰিচালিত হয়। সেয়ে গণতন্ত্রক সর্বশ্রেষ্ঠ শাসন ব্যৱস্থা বুলি কোৱা হয়।

বর্তমান গণতন্ত্র বুলিলে পৰোক্ষ বা প্রতিনিধিত্বমূলক গণতন্ত্রক বুজায়। আজিৰ বিশ্বত প্রত্যক্ষ গণতন্ত্ৰৰ পৰিৱৰ্তে পৰোক্ষ অর্থাৎ প্রতিনিধিত্বমূলক গণতন্ত্রই অধিক জনপ্রিয়তা অর্জন কৰা দেখা যায়।

১৮। প্ৰত্যক্ষ আৰু পৰোক্ষ গণতন্ত্ৰৰ পাৰ্থক্য লিখা। (Write the difference between direct and indirect democracy.) 

উত্তৰঃ প্ৰত্যক্ষ আৰু পৰোক্ষ গণতন্ত্ৰৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল—

(ক) প্ৰত্যক্ষ গণতন্ত্ৰত চৰকাৰৰ কাম কাজত জনসাধাৰণে প্ৰত্যক্ষভাৱে অংশ গ্রহণ কৰিব পাৰে। এডোখৰ মুকলি ঠাইত প্রাপ্তবয়স্ক লোকসকল গোট খাই চৰকাৰী বিষয়া নির্বাচন, প্রশাসনীয় নীতি গ্রহণ, কৰ কাতল আৰোপ কৰা আৰু সংগ্ৰহ কৰা ইত্যাদি বিভিন্ন কামৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে, পৰোক্ষ গণতন্ত্ৰত জনসাধাৰণে পৰোক্ষভাৱে প্রাপ্তবয়স্ক ভোটাধিকাৰৰ জৰিয়তে তেওঁলোকৰ প্ৰতিনিধি নির্বাচন কৰে। সেই নিৰ্বাচিত প্রতিনিধি সকলেহে জনসাধাৰণৰহৈ বিভিন্ন কার্য সম্পাদন কৰে।

(খ) প্রত্যক্ষ গণতন্ত্ৰত জনসাধাৰণে আইন প্ৰণয়নৰ বাবে প্ৰত্যক্ষভাৱে চৰকাৰক আবেদন কৰিব পাৰে। এনে ব্যৱস্থাত আইন সভাই প্রণয়ন কৰা আইন জনসাধাৰণৰ অনুমোদনৰ বাবে পঠাব লাগে। কিন্তু পৰোক্ষ গণতন্ত্ৰত আইন প্ৰণয়নৰ বাবে জনসাধাৰণৰ অনুমোদনৰ প্ৰয়োজন নহয়। 

(গ) প্রত্যক্ষ গণতন্ত্ৰত সংবিধান সংশোধনৰ প্ৰস্তাৱত জনসাধাৰণৰ অনুমোদন জনাব লাগে। কিন্তু পৰোক্ষ গণতন্ত্ৰত জনসাধাৰণে সংবিধান সংশোধনৰ প্ৰস্তাৱত কোনো ধৰণৰ অনুমোদন জনাব নালাগে।

(ঘ) প্রত্যক্ষ গণতন্ত্ৰত জনসাধাৰণে তেওঁলোকৰ দ্বাৰা নিৰ্বাচিত প্রতিনিধিক ওভতাই আনিব পাৰে। কিন্তু পৰোক্ষ গণতন্ত্ৰত এনেদৰে নিৰ্বাচিত প্রতিনিধিক ওভতাই অনাৰ কোনো ব্যৱস্থা নাই।

১৯। গণতন্ত্রক কিয় সর্বোৎকৃষ্ট চৰকাৰ বুলি কোৱা হয়। ব্যাখ্যা কৰা। (Explain why democracy is called the best government.) 

উত্তৰঃ তলত উল্লেখ কৰা কাৰণবোৰৰ ভিত্তিক গণতন্ত্রক সর্বোৎকৃষ্ট চৰকাৰ বুলি বিবেচনা কৰা হয়।

(ক) গণতান্ত্ৰিক চৰকাৰ স্বাধীনতা আৰু সমতাৰ নীতিৰ ভিত্তিত প্ৰতিষ্ঠিত। ইয়াৰ সকলো নাগৰিকে সমঅধিকাৰ আৰু সমান সুযোগ লাভ কৰে।

(খ) গণতান্ত্ৰিক চৰকাৰত জনগণৰ স্বাৰ্থৰ বিৰুদ্ধে কোনো কাম কৰিবলৈ চৰকাৰে সাহস নকৰে। মিলৰ মতে– “জনগণৰ স্বাৰ্থ আৰু অধিকাৰ কেৱল গণতান্ত্ৰিক ৰাষ্ট্ৰতহে সুৰক্ষিত হয়”।

(গ) গণতান্ত্ৰিক চৰকাৰ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ। জনসাধাৰণে চৰকাৰৰ লগত একাত্ম অনুভৱ কৰে কাৰণ জনসাধাৰণৰ সন্মতিয়ে এই চৰকাৰৰ ভেঁটি। 

(ঘ) গণতন্ত্ৰই মানুহক ৰাজনৈতিক শিক্ষা দিয়ে আৰু ইয়াৰ দ্বাৰা মানুহৰ আত্ম নিৰ্ভৰশীলতা আৰু দায়িত্ববোধ বৃদ্ধি হয়। লর্ড ব্ৰাইছৰ মতে গণতন্ত্ৰৰ মাজেদি প্রকৃত স্বাধীনতাৰ বিকাশ হয়।

(ঙ) গণতন্ত্ৰত বিৰোধী দল থাকে বাবে চৰকাৰ স্বেচ্ছাচাৰী হ’ব নোৱাৰে।

(চ) গণতন্ত্রই সহনশীলতা আৰু শান্তিত বিশ্বাস কৰে। এই চৰকাৰত জনসাধাৰণৰ মাজত বৈষম্য নাথাকে।

(ছ) গণতন্ত্ৰত জনসাধাৰণৰ মৌলিক অধিকাৰ আৰু স্বাধীনতা সুৰক্ষিত হয়।

২০। পশ্চিমীয়া উদাৰনৈতিক গণতন্ত্ৰৰ বিষয়ে এক আলোচনা দাঙি ধৰা। (Highlight a discussion on western liberal democracy.)

উত্তৰঃ পশ্চিমীয়া উদাৰনৈতিক গণতন্ত্ৰৰ বিষয়ে তলত আলোচনা কৰা হ’ল। ধ্রুপদী গণতন্ত্ৰৰ অন্য এক ৰূপ হৈছে পশ্চিমীয়া উদাৰনৈতিক গণতন্ত্র। পশ্চিমীয়া উদাৰনৈতিক গণতন্ত্রই ধ্রুপদী গণতন্ত্ৰৰ ব্যক্তি স্বতন্ত্রতাবাদতকৈ অধিক ব্যক্তি স্বতন্ত্ৰতাৰ পোষকতা কৰে। উদাৰনৈতিকতাবাদী সকলে মতপোষণ কৰে যে দেশৰ আইন শৃংখলা ৰক্ষা আৰু নিৰাপত্তা ৰক্ষা কৰাৰ বাদে বাকী বিষয়ত ব্যক্তিক সম্পূর্ণ স্বাধীনতা দিব লাগে। তেওঁলোকে সার্বজনীন ভোটাধিকাৰৰ সপক্ষে মত পোষণ কৰে। তেওঁলোকে পুঁজিপতিসকলে শ্রমিকক শোষণ কৰাকৈ অবাধ ব্যক্তি স্বতন্ত্রতাক মানি লোৱাৰ বিপৰীতে শ্রমিকসকলক সিদ্ধান্ত গ্ৰহণত অংশীদাৰ হোৱাৰ ওৰতহে গুৰুত্ব আৰোপ কৰে।

উদাৰবাদ হ’ল ব্যক্তিবাদ আৰু গণতন্ত্ৰৰ সংমিশ্ৰণত গঢ়ি উঠা এক বহল দৃষ্টিভংগী আৰু ভাৱাদৰ্শ।

পশ্চিমীয়া উদাৰবাদী গণতন্ত্রই ধৰ্মনিৰপেক্ষতাকে বুজায়। ই অর্থনৈতিক দিশত ৰাষ্ট্ৰীয় কৰ্তৃত্ব আৰু ব্যক্তিগত পুঁজিপতিৰ অবাধ হস্তক্ষেপৰ বিপৰীতে উৎপাদন, বিতৰণ, মুক্ত বাণিজ্য নীতি আদিত শ্ৰমিকৰ অংশগ্ৰহণৰহে পোষকতা কৰে।

উদাৰনৈতিক গণতন্ত্ৰৰ মূখ্য নীতি হৈছে ক্ষমতা পৃথকীকৰণ নীতি, ভাৰসাম্য আৰু সন্তুলন নীতি, ন্যায়িক সমীক্ষা, বিকেন্দ্ৰীকৰণ, সংখ্যালঘিষ্ঠ স্বাৰ্থৰ নিৰাপত্তা প্রদান, সংসদীয় গণতন্ত্র আদি। 

পশ্চিমীয়া উদাৰনৈতিক গণতন্ত্ৰৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল—

(ক) পশ্চিমীয়া উদাৰবাদী গণতান্ত্রিক শাসন ব্যৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ মাজত ক্ষমতা দখলৰ প্ৰচেষ্টা চলে।

(খ) এনে শাসন ব্যৱস্থাত মুক্তভাৱে নির্বাচন অনুষ্ঠিত কৰা, গণতান্ত্রিক পদ্ধতিৰে নেতা নিৰ্বাচন কৰা, গণতান্ত্রিক পদ্ধতিৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয়। 

(গ) এনে গণতন্ত্রই জাতি, ধর্ম, বর্ণ, লিংগভেদে ভোটাধিকাৰৰ ভিত্তিত নির্বাচন কৰি সাম্য, স্বাধীনতা আৰু ন্যায় প্রতিষ্ঠাত গুৰুত্ব দিয়ে।

(ঘ) পশ্চিমীয়া উদাৰনৈতিক গণতন্ত্ৰৰ নীতি নিৰ্দ্ধাৰণত বিভিন্ন প্রভাৱগোষ্ঠী, স্বার্থাঙ্গেরী গোট আদিয়ে যথেষ্ট প্রভাৱ পেলায়।

(ঙ) এনে গণতন্ত্রই সামাজিক, অর্থনৈতিক, ৰাজনৈতিক, ধার্মিক, নৈতিক সকলো বিষয়তে দমনমূলক হস্তক্ষেপৰ বিৰোধিতা কৰিছিল।

(চ) পশ্চিমীয়া উদাৰনৈতিক গণতন্ত্ৰত কেন্দ্ৰীয়কৰণৰ পৰিৱর্তে বিকেন্দ্রীকরণ ক্ষমতা সমর্থন কৰে।

(ছ) পশ্চিমীয়া উদাৰনৈতিক গণতন্ত্ৰত সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ধর্মীয় আদি স্বাধীনতা জনসাধাৰণে উপভোগ কৰিব পাৰে।

২১। গণতন্ত্র কৃতকাৰ্যতাৰ আৱশ্যকীয় চৰ্তসমূহ কি কি? ভাৰতবৰ্ষত কিমান দূৰ এই চৰ্তসমূহ বিদ্যমান? (What are the prerequisites for the success of democracy? How far these conditions exist in India.)

উত্তৰঃ গণতন্ত্ৰৰ সাফল্য বা কৃতকাৰ্যতাৰ বাবে কিছুমান চৰ্তৰ আৱশ্যক। 

সেইবোৰ তলত উল্লেখ কৰা হ’ল—

(ক) সতর্কতাঃ ৰাষ্ট্ৰৰ প্ৰতিজন নাগৰিকৰ গণতন্ত্ৰৰ বাবে হেঁপাহ থাকিব লাগিব। প্রতিজন ব্যক্তি যদি নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সচেষ্ট হয় তেন্তে গণতন্ত্রৰ কৃতকার্যতা সুনিশ্চিত হয়।

(খ) শিক্ষাঃ জনসাধাৰণৰ শিক্ষা আৰু ৰাজনৈতিক সচেতনতাৰ ওপৰত গণতন্ত্ৰৰ কৃতকার্যতা নিৰ্ভৰশীল। মিলৰ মতে, গণতন্ত্ৰৰ সফলতাৰ বাবে সাৰ্বজনীন শিক্ষাৰ ব্যৱস্থা কৰা উচিত।

(গ) অর্থনৈতিক সমতাঃ গণতন্ত্ৰৰ সফলতাৰ বাবে অর্থনৈতিক সমতাৰ প্ৰয়োজন। অর্থনৈতিক ক্ষেত্ৰত থকা বৈষম্য দূৰ হলেহে গণতন্ত্ৰৰ ভেঁটি সুদৃঢ় হয়।

(ঘ) ব্যক্তি স্বাধীনতাঃ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত ব্যক্তি স্বাধীনতা লাভ কৰে। ব্যক্তি স্বাধীনতা হ’ল গণতন্ত্ৰৰ ভেঁটি।

(ঙ) জনমতঃ সুস্থ আৰু সবল জনমত গণতন্ত্র কৃতকাৰ্যতাৰ অন্যতম চৰ্ত। লাস্কিৰ মতে সদা জাগ্ৰত আৰু বুদ্ধিদীপ্ত জনমত হ’ল গণতন্ত্ৰৰ প্ৰথম প্ৰয়োজনীয় চৰ্ত।

(চ) শক্তিশালী বিৰোধীদলঃ সুসংগঠিত আৰু শক্তিশালী বিৰোধী দলৰ অৱস্থিতি গণতন্ত্র কৃতকাৰ্যতাৰ আন এক চর্ত।

(ছ) গণতান্ত্ৰিক পৰম্পৰাঃ গণতন্ত্র কৃতকাৰ্যতাৰ বাবে প্ৰয়োজন গণতান্ত্রিক নাগৰিকৰ। নাগৰিকসকলে গণতান্ত্ৰিক পৰম্পৰাক শ্ৰদ্ধা আৰু অনুসৰণ কৰিব পাৰিব লাগিব। জনসাধাৰণে গণতন্ত্ৰ গ্ৰহণ কৰিবলৈ ইচ্ছুক হ’ব লাগিব। 

(জ) যোগ্য নেতৃত্বঃ গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ বাবে নিৰ্ভীক, উপযুক্ত আৰু সৎ নেতৃত্বৰ প্রয়োজন।

(ঝ) সংবাদ পত্ৰৰ স্বাধীনতাঃ সংবাদপত্রক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। সংবাদ পত্ৰসমূহ স্বাধীনতাৰ ওপৰত গণতন্ত্ৰৰ কৃতকার্যতা বহু পৰিমাণে নিৰ্ভৰশীল।

ভাৰতবৰ্ষত কিমান দূৰ এই চর্তসমূহ বিদ্যমানঃ গণতন্ত্র কৃতকাৰ্যতাৰ বাবে প্ৰয়োজনীয় চৰ্তসমূহ কম বেছি পৰিমাণে ভাৰতবৰ্ষত বিদ্যমান। সংবিধানে জাতি, ধর্ম, বর্ণ, নিবিশেষে প্রাপ্তবয়স্ক সকলো নাগৰিককে ভোটাধিকাৰ দিছে। প্রতি পাঁচ বছৰৰ অন্তৰে অন্তৰে নির্বাচন পতা হয়। সংবিধানমতে নাগৰিকৰ বাবে মৌলিক অধিকাৰ আৰু কৰ্তব্যৰ উল্লেখ কৰা হৈছে। অর্থনৈতিক আৰু সামাজিক সমতা প্ৰতিষ্ঠাৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা গ্রহণ কৰা হৈছে। অস্পৃশ্যতা নিষিদ্ধ কৰা হৈছে। প্ৰাথমিক শিক্ষা বাধ্যতামূলক আৰু বিনামূলীয়া কৰি ভাৰতৰ প্ৰতিজন নাগৰিকক শিক্ষত কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে। ভাৰতীয় জনসাধাৰণৰ মাজত গণতান্ত্রিক মনোভাৱ আৰু ভাৱধাৰা পৰিলক্ষিত হয়। এইদৰে দেখা যায় যে ভাৰতবৰ্ষত গণতন্ত্র কৃতকাৰ্যতাৰ প্রয়োজনীয় চর্তসমূহ বিদ্যমান।

২২। গণতন্ত্ৰৰ বহুত্ববাদী তত্ত্বটো আলোচনা কৰা। ইয়াৰ বৈশিষ্ট্য আৰু সীমাবদ্ধতা লিখা। (Discuss the pluralistic theory of democracy? Write down its features and limitations.)

উত্তৰঃ বহুত্ববাদী গণতন্ত্র হ’ল উদাৰনীতিবাদী গণতান্ত্ৰিক ব্যৱস্থাৰ সমৰূপ। এই বহুত্ববাদী গণতন্ত্ৰৰ সমৰ্থকসকল হ’ল ৰবাৰ্ট দাল, মেডিচন প্রমুখ ব্যক্তিত্ব। বহুত্ববাদীসকলে পৰিবৰ্তনশীল বিশ্বৰ এটি লক্ষণীয় প্ৰৱণতাৰ প্ৰতি বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছে। সেয়া হ’ল এখন ৰাষ্ট্ৰৰ আন এখন ৰাষ্ট্ৰৰ প্ৰতি ক্ৰমবৰ্ধমান পাৰস্পৰিক নিৰ্ভৰতা।

ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল–

(ক) নিৰ্দিষ্ট সময়ৰ ভিতৰত সময়ে সময়ে নিয়মিত প্রতিদ্বন্দিতামূলক নিৰ্বাচনৰ ব্যৱস্থা। 

(খ) বহুতো আৰু বিভিন্ন প্ৰকাৰৰ স্বাৰ্থ গোষ্ঠীৰ অস্তিত্ব আৰু স্বার্থান্বেষী গোটবিলাকৰ প্ৰভাৱ আৰু প্ৰতিপত্তিৰ বিস্তাৰ সাধন কৰা। 

(গ) নিয়ন্ত্ৰণ আৰু ভাৰসাম্য নীতিক অনুসৰণ কৰা।

(ঘ) সংখ্যালঘু গোটবিলাকৰ স্বাধীনতাৰ বাবে স্বীকৃতি প্ৰদান কৰা।

(ঙ) শাসন কার্যত সংখ্যালঘিষ্ঠ অংশগ্রহণ ইত্যাদি।

(চ) বহুত্ববাদীসকলে বিভিন্ন ৰাষ্ট্ৰৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতাৰ পৰিপ্ৰেক্ষিতত অতি জাতীয় শক্তিৰ বিকাশৰ ওপৰত আলোকপাত কৰিছে।

(ছ) বহুত্ববাদীসকলে ৰাষ্ট্ৰক সকলো দিশত যুক্তিবাদী কর্মকর্তা বুলি নাভাবে।

(জ) বহুত্ববাদীসকলৰ মতে সংঘৰ্ষৰ দৰে সহযোগিতাও আন্তর্জাতিক ব্যৱস্থাৰ এটি বৈশিষ্ট্য।

সীমাবদ্ধতাংঃ C. Wright Mills- এ গণতন্ত্ৰৰ বহুত্ববাদী তত্ত্বক সমৰ্থন কৰা নাই। তেওঁ বিশ্বাস কৰিছিল যে মার্কিন যুক্তৰাষ্ট্ৰ বৰ্তমান সময়ত শাসিত হৈছে ক্ষমতাশালী এলিটৰ দ্বাৰা আৰু এই এলিটে প্রতিনিধিত্ব কৰিছে বেলেগ বেলেগ তিনিটা এলিট শ্রেণীক যেনে– বৃহৎ আকাৰৰ নিগম, উচ্চস্তৰৰ নেতা আৰু নেতৃত্ব দিয়ে সেনাদলৰ নেতৃবৃন্দই।

২0। স্বতন্ত্ৰতাৰ সংজ্ঞা দিয়া। স্বতন্ত্ৰতাৰ বিকাশৰ ধাৰণাৰ বিষয়ে চমুকৈ আলোচনা কৰা। (Define individuality, briefly discuss the concept of developing individuality.)

উত্তৰঃ ইংৰাজী ‘Liberty’ শব্দৰ অসমীয়া প্ৰতিশব্দ হৈছে স্বতন্ত্রতা। Liberty শব্দটো লেটিন শব্দ Liber ৰ পৰা উদ্ভৱ হৈছে। Liber শব্দৰ অৰ্থ হৈছে স্বাধীনতা বা স্বতন্ত্রতা। অর্থাৎ নিজৰ ইচ্ছামতে কাম কৰিব পৰা অৱস্থাকে স্বতন্ত্ৰতা বোলা হয়। স্বতন্ত্ৰতাৰ বিষয়ত বিভিন্ন চিন্তাবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে।

গ্ৰীণৰ মতে, “সমাজৰ মংগলৰ বাবে সামুহিকভাৱে কাম কৰাৰ ক্ষমতাই হৈছে স্বতন্ত্রতা।” লাস্কিৰ মতে, “স্বতন্ত্রতা এনে এক পৰিৱেশ ৰক্ষা কৰিবলৈ ইচ্ছা কৰা, যিটো পৰিৱেশৰ ব্যক্তিত্ব বিকাশৰ আটাইতকৈ বেছি সুবিধা পোৱা যায়।

কেণ্টৰ মতে, “স্বতন্ত্ৰতা মানে ইচ্ছাৰ স্বাধীনতা। কিন্তু ই নৈতিক নিয়মৰ দ্বাৰা নিয়ন্ত্রিত হ’ব লাগিব।

স্পেনচাৰৰ মতে, “প্রত্যক্ষ মানুহে ইচ্ছা কৰা মতে কাম কৰাৰ মুক্ত অৱস্থাই হৈছে স্বতন্ত্রতা। কিন্তু এনে স্বতন্ত্ৰতাই আনৰ একে অধিকাৰত হস্তক্ষেপ কৰাটোকে নুবুজায়।”

স্বতন্ত্ৰতাক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয় যদিও ইয়াক চাৰিটা ভাগত ভাগ কৰিব পাৰি। 

যেনে–

(ক) সামাজিক স্বতন্ত্রতা।

(খ) বৌদ্ধিক স্বতন্ত্রতা।

(গ) প্রাকৃতিক স্বতন্ত্রতা।

(ঘ) জাতীয় স্বতন্ত্রতা।

স্বতন্ত্ৰতাৰ বিকাশৰ ধাৰণাঃ মধ্যযুগৰ সময়ছোৱাত স্বতন্ত্ৰতাৰ ধাৰণাৰ বিকাশ হোৱা নাছিল। এই সময়ছোৱাত সমাজত আৰু দেশৰ শাসনৰ বিষয়ত ধৰ্মগুৰুসকলৰ প্ৰভাৱ আছিল যথেষ্ট আৰু জনসাধাৰণে ধৰ্মীয় নীতি-নিয়ম মানি চলাৰ ওপৰতহে গুৰুত্ব দিছিল। সংস্কাৰ আন্দোলন আৰু নৱ-জাগৰণক স্বতন্ত্ৰতাৰ ধাৰণাৰ বিকাশৰ গুৰি ধৰোঁতা হিচাবে বিবেচনা কৰা হয়। নৱ-জাগৰণৰ সময়ৰ পৰা মানুহে ধর্মীয় স্বতন্ত্রতা, অর্থনৈতিক স্বতন্ত্ৰতা আৰু ৰাজনৈতিক স্বতন্ত্ৰতাৰ দাবী উত্থাপন কৰিছিল। অর্থাৎ সেই সময়ত প্ৰচলন থকা ধর্মীয়, সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক পৰিবেশে স্বতন্ত্ৰতাৰ দাবী কৰিবলৈ প্ৰেৰণা দিছিল। আদর্শবাদী চিন্তাবিদ কান্ট, গ্রীণ আদিয়েও স্বতন্ত্ৰতাৰ ধাৰণাৰ বিকাশতে সহায় কৰিছিল। মিলক স্বতন্ত্ৰতাৰ ধাৰণাৰ প্ৰধান পৃষ্ঠপোষক হিচাপে অভিহিত কৰা হয়। স্বতন্ত্ৰতাৰ ধাৰণাৰ বিকাশত লাস্কিৰ বৰঙণিও উল্লেখনীয়।

স্বতন্ত্ৰতাৰ ধাৰণাৰ বৰ্তমান যুগতহে বিকাশ হৈছে। এই ধাৰণা ব্যক্তিবাদী ভাবধাৰাৰ লগত জড়িত। সাম্প্ৰতিক কালত স্বতন্ত্রতাই যি বুজায়, প্রাচীন আৰু মধ্যযুগৰ সময়ছোৱাত এই ধাৰণাৰ প্রচলন নাছিল। গ্রীক চিন্তাবিদ ছক্ৰেটিছ আৰু প্লেটোৱে সমাজ তথা ৰাষ্ট্ৰৰ বিৰুদ্ধে স্বতন্ত্রতা থকা নীতি সমৰ্থন কৰা নাছিল। ছক্ৰেটিছৰ মতে দেশৰ আইন মানি চলা কার্যতহে স্বাধীনতা আছে। সেয়েহে কাৰাগাৰৰ পৰা পলাই জীৱন ৰক্ষা কৰাৰ পৰিৱৰ্তে বিষনাশ কৰি মৃত্যু বৰণ কৰিবলৈ তেওঁ ইতস্ততঃ কৰা নাছিল। চৰকাৰী কাৰ্যত অংশ গ্ৰহণ কৰাৰ অধিকাৰকেই তেওঁলোকে স্বাধীনতা হিচাপে বিবেচনা কৰিছিল।

২৪। নেতিবাচক আৰু ইতিবাচক স্বতন্ত্ৰতা বুলিলে কি বুজা ব্যাখ্যা কৰা। (Explain what is meant by negative and positive distinctions.) 

উত্তৰঃ ৰাজনৈতিক তত্ত্বত দুই ধৰণৰ ভিন্নমতক নেতিবাচক আৰু ইতিবাচক স্বতন্ত্রতা আখ্যা দিয়া হয়। এই বিষয়ে তলত আলোচনা কৰা হ’ল–

নেতিবাচক স্বতন্ত্রতাঃ নেতিবাচক স্বতন্ত্রতাই জনসাধাৰণ আৰু তেওঁলোকৰ কাম-কাজত কোনো ধৰণৰ বাধা অথবা নিয়ন্ত্ৰণৰ উপস্থিতি কামনা নকৰে। স্বতন্ত্ৰতাৰ এই ধাৰণা অনুসৰি ব্যক্তিৰ জীৱনৰ কেতবোৰ কথা সম্পূৰ্ণৰূপে বাহ্যিক হস্তক্ষেপ অথবা নিয়ন্ত্রণমুক্ত হোৱা উচিত। থমাচ হ’বচ, জন ল’ক, আদাম স্মিথ, জন ষ্টুৱাৰ্ট মিলে এই স্বতন্ত্ৰতাৰ সমৰ্থন কৰিছিল। এই স্বতন্ত্ৰতাৰ অৰ্থ হ’ল বাহ্যিক হস্তক্ষেপ শূন্য স্বতন্ত্রতা। জন ল’কে মত প্ৰকাশ কৰিছিল যে জীৱন, স্বতন্ত্ৰতা আৰু সম্পত্তি মানুহৰ প্ৰাকৃতিক অধিকাৰ। এইবোৰ অধিকাৰ ৰাষ্ট্ৰৰ ধাৰণাৰ উদ্ভৱৰ পূৰ্বৰে পৰা মানুহে উপভোগ কৰি আহিছে।

স্বতন্ত্ৰতাৰ নেতিবাচক ধাৰণাটোৱে ৰাষ্ট্ৰক এক “প্রয়োজনীয় অশুভ” আখ্যা দিয়ে। এই ধাৰণাটোৰ মতে ৰাষ্ট্ৰ অশুভ কাৰণ ই দমন কৰে আৰু সকলো দমনকাৰীয়ে অশুভ। নেতিবাচক স্বতন্ত্রতা ধাৰণাটোৰ দৃষ্টিত ৰাষ্ট্ৰই কেৱল ৰাজনৈতিক কাৰ্যাৱলীৰ ওপৰত গুৰুত্ব দিয়াটো দৰকাৰ। অৰ্থাৎ নেতিবাচক স্বতন্ত্ৰতাৰ সমৰ্থকসকলে সীমিত ৰাষ্ট্ৰৰ ধাৰণাৰ পোষকতা কৰে যাতে ব্যক্তিয়ে সর্বাধিক স্বতন্ত্রতা উপভোগ কৰিব পাৰে। নেতিবাচক স্বতন্ত্ৰতাৰ অন্যতম প্রবক্তা জন ষ্টুৱাৰ্ট মিলৰ মতে ৰাষ্ট্ৰই ব্যক্তিৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিব নালাগে, কাৰণ ব্যক্তি নিজৰ ওপৰত, নিজৰ দেহৰ ওপৰত আৰু নিজৰ মনৰ ওপৰত সাৰ্বভৌম। গতিকে চমুকৈ নেতিবাচক স্বতন্ত্ৰতাৰ মূল কথা হ’ল– 

(ক) স্বতন্ত্ৰতাৰ অৰ্থ বাধা অথবা হস্তক্ষেপৰ অনুপস্থিতি।

(খ) স্বতন্ত্ৰতা ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ বাবে প্ৰয়োজনীয়।

(গ) ৰাষ্ট্ৰৰ কাৰ্যাৱলী ন্যূনতম হোৱা উচিত, কিয়নো ই এটা প্রয়োজনীয় অশুভ।

(ঘ) স্বতন্ত্ৰতাৰ সংখ্যা গৰিষ্ঠৰ অপশাসনৰ পৰা ৰক্ষণাবেক্ষণ দিব লাগে।

ইতিবাচক স্বতন্ত্রতাঃ ১৯ শ শতিকাৰ শেষৰ ফালে নেতিবাচক স্বতন্ত্ৰতাৰ অন্ত পৰি ইতিবাচক স্বতন্ত্ৰতাৰ এক নতুন যুগৰ আৰম্ভণি ঘটে। টি. এইচ. গ্ৰীণ, বোচাকুৱেট, বাৰ্কাৰ আৰু লাস্কি ইতিবাচক স্বতন্ত্ৰতাৰ মূল নির্মাতা। ইতিবাচক স্বতন্ত্ৰতাৰ সমৰ্থকসকলৰ মতে প্ৰতি গৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰ বিকাশ আৰু নিজ ইচ্ছা অনুযায়ী কাম কৰাৰ স্বাধীনতা লাভ কৰা উচিত। ইতিবাচক স্বতন্ত্ৰতাৰ অন্যতম সমর্থক লাস্কিৰ মতে স্বতন্ত্রতা এক ইতিবাচক ধাৰণা। ই কেৱল বাধা প্রদান অথবা প্রতিবন্ধকতাৰ অনুপস্থিতিয়ে নহয়। তেওঁৰ মতে স্বতন্ত্রতা হ’ল সুযোগৰ উপস্থিতি। তেওঁৰ মতে স্বতন্ত্ৰতাৰ তিনিটা পূৰ্বচৰ্ত আছে যিকেইটাৰ অবিহনে সাধাৰণ মানুহে স্বতন্ত্রতা ভোগ কৰিব নোৱাৰে। 

এই পূৰ্বচৰ্ত তিনিটা হ’ল বিশেষ সুবিধাৰ অনুপস্থিতি, অধিকাৰৰ সাৰ্বজনীনতা আৰু ৰাষ্ট্ৰৰ নিৰপেক্ষতা। আনহাতে, গ্ৰীণৰ মতে স্বাধীনতা হ’ল আত্ম ত্রুটিহীনতা যিটো মানুহে সামাজিক জীৱনৰ কল্যাণৰ বাবে অৰিহণা আগবঢ়াবলৈ যাওঁতে কৰে। গ্ৰীণৰ মতে ৰাষ্ট্ৰৰ উদ্দেশ্য হ’ল স্বাধীনতাৰ প্ৰতিবন্ধকতা আঁতৰ কৰা। সেয়ে তেওঁ ৰাষ্ট্ৰৰ ধাৰণাক সমৰ্থন কৰিছিল। ব্যক্তি স্বতন্ত্ৰতাই নিশ্চিতভাৱে সমাজক স্পৰ্শ কৰে। এজনৰ স্বতন্ত্রতাই সমাজৰ আন কোনো সদস্যৰ স্বতন্ত্রতা উপভোগত বাধাৰ সৃষ্টি কৰিলে অথবা সমগ্র সমাজৰ স্বতন্ত্ৰতা বাধাগ্রস্ত কৰাত বৰঙণি যোগালে সমাজে আওকাণ কৰি থাকিব নোৱাৰে। ৰাষ্ট্ৰও সেই বিষয়ত সচেষ্ট হ’বলগীয়াত পৰে। সমাজৰ স্বাৰ্থত ব্যক্তি স্বতন্ত্ৰতাৰ ওপৰত কিছু নিয়ন্ত্ৰণ থকাটো দৰকাৰ। সেয়ে নিয়ন্ত্রণ মিশ্রিত স্বতন্ত্রতাক ইতিবাচক স্বতন্ত্রতা অথবা ধনাত্মক অথবা প্রকৃত স্বতন্ত্রতা বুলি গ্ৰাহ্য কৰা হয়। এনে কৰাৰ বাবে কৰা হস্তক্ষেপৰ ফলত স্বতন্ত্রতা হানি নহয়, বৰং উন্নয়নভিত্তিক প্রকৃত স্বতন্ত্রতা উপভোগৰ পথ সুগম হৈহে পৰে। অৱশ্যে ইতিবাচক স্বতন্ত্ৰতাৰ বাবে অনুমোদিত নিয়ন্ত্ৰণৰো নিশ্চয় সীমাবদ্ধতা আছে। 

গতিকে চমুকৈ ইতিবাচক স্বতন্ত্রতা হ’ল–

(ক) স্বতন্ত্ৰতাৰ অৰ্থ কেৱল সীমাৱদ্ধতাৰ অনুপস্থিতিয়ে নহয়, ই তাতকৈ অধিক।

(খ) স্বতন্ত্রতাই ব্যক্তিগত, ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বতন্ত্রতা সামৰি লয়।

(গ) বিশেষ সুবিধাৰ উপস্থিতিত, য’ত সমঅধিকাৰ নাথাকে আৰু ৰাষ্ট্ৰৰ কাৰ্য যেতিয়া পক্ষপাতিত্বমূলক হয়, স্বতন্ত্ৰতা আহৰণ কৰিব নোৱাৰি।

(ঘ) স্বতন্ত্ৰতাৰ বাবে অধিকাৰৰ প্রয়োজন।

(ঙ) ব্যক্তিৰ কল্যাণৰ বাবে ৰাষ্ট্ৰৰ কাৰ্যকলাপ বৃদ্ধি কৰিব পাৰে। ইয়ে ব্যক্তিগত স্বতন্ত্রতা সংকুচিত কৰিব পাৰে।

২৫। স্বতন্ত্ৰতা আৰু সমতাৰ মাজৰ সম্পৰ্কৰ আভাস দিয়া। (Give a glimpse of the relationship between individuality and equality.)

উত্তৰঃ স্বতন্ত্ৰতা আৰু সমতাৰ মাজত যে সম্পর্ক আছে সেই কথা মিল, বাৰ্কাৰ, হবহাউছ আদি ৰাজনীতিবিদে বাখ্যা কৰিছে। তেওলোকে মতপোষণ কৰে যে স্বতন্ত্ৰতা আৰু সমতাৰ মাজত নিবিড় সম্পর্ক আছে।

এই সম্পৰ্কৰ বিষয়ে তলত উল্লেখ কৰা হ’ল—

(ক) স্বতস্তা হৈছে ব্যক্তিয়ে নিজৰ প্ৰতিভা বিকাশ আৰু ব্যক্তিৰ প্ৰকাশৰ বাবে এক দৰকাৰী অৱস্থা। সমতাই সকলো লোকৰে ব্যক্তিত্ব আৰু প্ৰতিভা বিকাশৰ বাবে ৰাজনৈতিক, সামাজিক, অর্থনৈতিক স্বতন্ত্রতাক উপভোগ কৰাকে বুজায়। গতিকে দুয়োটা নিবিড়ভাৱে জড়িত।

(খ) স্বতন্ত্রতা সমতাৰ পূৰ্বচতস্বৰূপ। স্বতন্ত্রতা থাকিলেহে সমতা থাকিব আৰু তেতিয়াহে সমঅধিকাৰৰ ভিত্তিত ৰাজনৈতিক ব্যৱস্থাত সকলো নাগৰিকে সমভাৱে অংশগ্ৰহণ কৰিব পাৰিব।

(গ) সাম্যবাদীসকলৰ মতে সমতাৰ অবিহনে স্বতন্ত্রতা অর্থহীন। ঠিক সেইদৰে আকৌ উদাৰবাদী ৰাষ্ট্ৰত অৰ্থনৈতিক সমতাৰ অবিহনে স্বতন্ত্রতা মূল্যহীন। গতিকে সাম্যবাদী আৰু পুঁজিবাদী দুয়োটা ব্যৱস্থাতে স্বতন্ত্ৰতা আৰু সমতাক সমান গুৰুত্ব দিয়া হয়।

(ঘ) অর্থনৈতিক স্বতন্ত্রতা অবিহনে এখন দেশৰ নাগৰিকসকলৰ ৰাজনৈতিক স্বতন্ত্ৰতাৰ যিদৰে কোনো মূল্য নাই সেইদৰে সমতা অবিহনে স্বতন্ত্ৰতাৰো কোনো মূল্য নাই। স্বতন্ত্ৰতাৰ উপভোগৰ বাবে সমতা লাগে আৰু সমতা থাকিলেহে জনসাধাৰণে স্বাধীন জীৱন-যাপন কৰিব পাৰে।

২৬। স্বতন্ত্ৰতা আৰু অধিকাৰৰ মাজৰ সম্পৰ্ক লিখা। (Write the relationship between individuality and rights.) 

উত্তৰঃ স্বতন্ত্ৰতা আৰু অধিকাৰ দুয়োটা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে।

তলত ইয়াকে উল্লেখ কৰা হ’ল—

(ক) স্বতন্ত্ৰতা আৰু অধিকাৰ দুয়োবিধে সমাজত থকা সকলো মানুহৰ বাবে প্ৰয়োজনীয় দুয়োটাৰে অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক দিশ আছে।

(খ) মানুহ এজন জন্ম হোৱাৰ লগে লগে অধিকাৰৰ জন্ম হয় আৰু সেই অধিকাৰসমূহ পাবলৈ সকলো ব্যক্তিয়ে স্বতন্ত্রতা বজায় ৰাখি অধিকাৰ ভোগ কৰিব লাগিব।

(গ) অধিকাৰৰ অবিহনে স্বতন্ত্রতা মূল্যহীন। ঠিক তেনেদৰে স্বতন্ত্রতা নাথাকিলে অধিকাৰসমূহ ভোগ কৰিব পৰা নাযায়।

(ঘ) ৰাজনৈতিক অধিকাৰৰ অবিহনে সমাজত বাস কৰা ব্যক্তিয়ে স্বতন্ত্রভাৱে সিদ্ধান্ত গ্রহণ কৰিবলগীয়া ব্যৱস্থাৰ পৰা বিৰত হ’ব। ঠিক তেনেদৰে সমাজত থকা প্রত্যেক জন ব্যক্তিয়ে অর্থনৈতিক স্বতন্ত্ৰতাৰ অবিহনে অর্থনৈতিক অধিকাৰ ভোগ কৰিবলৈ সক্ষম নহ’ব।

২৭। সমতাৰ সংজ্ঞা দিয়া। সমতাৰ বিভিন্ন শ্রেণী বিভাজন বৰ্ণনা কৰা। (Define equality, describe the different class division of equality.)

উত্তৰঃ ১৭৮৯ চনত ফ্ৰান্সৰ ৰাষ্ট্ৰীয় সংসদে মানৱ অধিকাৰ ঘোষণা পত্ৰত স্বাধীন কৰিছিল যে সকলো মানুহ জন্মতে স্বাধীন আৰু মৰ্যদা আৰু অধিকাৰ সকলোৱে সমান। অৱশ্যে সমতাৰ কোনো সৰ্বসন্মত সংজ্ঞা পোৱা নাযায়। বিভিন্ন ৰাজনীতিবিদে সমতাৰ সংজ্ঞা বিভিন্ন ধৰণেৰে আগবঢ়াইছে। তেওঁলোকৰ ভিতৰত— আগষ্ট কলৰৰ মতে, “সমতা এক বহুরূপী ধাৰণা ই সুযোগ পালেই আকৃতিৰ পৰিৱৰ্তন কৰে আৰু নতুন ৰূপ ধাৰণ কৰে। ফ্ৰেদৰিকৰ মতে সমতাৰ ধাৰণাটো বিশ্বাসৰ লগত জড়িত। মানুহে ৰাজনৈতিক জীৱনত অংশ গ্ৰহণ কৰিব বা চৰকাৰ চলাব পাৰে যদিও আইনৰ চকুত সকলো সমান হ’ব লাগে বুলি থকা বিশ্বাসেই হ’ল সমতাৰ মূল ভেঁটি।

উদাৰনৈতিক আৰু গণতান্ত্রিক ৰাজনীতিবিদসকলে সমতাৰ ধাৰণাটোক এনেদৰে ভাগ কৰিছে—

(ক) প্রাকৃতিক সমতাঃ প্রকৃতিয়ে সকলোকে সমভাৱে সৃষ্টি কৰিছে। প্রাচীনকালত গ্ৰীচৰ টাইক আৰু সকলো মানুহক সমান বুলি মতপোষণ কৰিছিল।

(খ) সামাজিক সমতাঃ সামাজিক সমতাই সমাজৰ জাতি, ধর্ম, বর্ণ, লিংগ নির্বিশেষে সকলো মানুহেই সামাজিকভাৱে সমান অধিকাৰকে বুজায়। 

(গ) ৰাজনৈতিক সমতাঃ ৰাজনৈতিক সমতাই ৰাষ্ট্ৰ পৰিচালনাৰ কামত সকলোৱে অংশ গ্ৰহণ কৰাৰ সমঅধিকাৰ আৰু সুবিধা লাভ কৰাকে বুজায়।

(ঘ) অর্থনৈতিক সমতাঃ অর্থনৈতিক ক্ষেত্ৰসমূহত সম অধিকাৰ আৰু সুযোগ সুবিধা লাভ কৰাকে বুজায়।

(ঙ) আইনগত সমতাঃ আইনৰ চকুত সকলো নাগৰিক সমান আৰু আইনে সকলোকে সমান নিৰাপত্তা দিয়াকে বুজায়।

(চ) আন্তঃৰাষ্ট্ৰীয় সমতাঃ এই সমতাই ভৌগোলিক অৱস্থিতি, আকাৰ, অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, সামাজিক শক্তি নির্বিশেষে সকলো ৰাষ্ট্ৰই আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সমমর্যদাৰ অধিকাৰী হোৱাটোকে বুজায়।

২৮। সমতাৰ বিকাশৰ ধাৰণাটো উল্লেখ কৰা। (Mention the concept of equality development.) 

উত্তৰঃ সমতা এটি নৈতিক আৰু ৰাজনৈতিক আদর্শ। মানৱ সভ্যতাৰ বিকাশৰ ক্ষেত্ৰত এই ধাৰণাই যুগে যুগে অনুপ্ৰেৰণা যোগাই আহিছে। ৰাজনৈতিক দিশত ধাৰণাটো স্বাধীনতাৰ সমানে আদৰণীয়। ৰাজনৈতিক ক্ষেত্ৰত স্বাধীনতাৰ প্ৰমূল্যৰ উন্মেষ পুৰণি গ্ৰীক নগৰ ৰাষ্ট্ৰতে ঘটিছিল যদিও সমতাৰ ধাৰণাৰ ১৮ শ শতিকাতহে উৎপত্তি হৈছিল। সেয়ে ধাৰণাটো স্বাধীনতাৰ ধাৰণাতকৈ কম পুৰণি। অৱশ্যে বৰ্তমান সময়ত স্বাধীনতা আৰু সমতাৰ ধাৰণা দুটা জড়িত আৰু ব্যৱহৃত ঘনিষ্ঠভাৱে কৰা দেখা যায়।

আনহাতে, বিশ্বৰ সকলো ধৰ্মীয় ধাৰণাৰ মূল বিষয়বস্তু মানৱ-সত্তাৰ স্বীকৃতিলৈ লক্ষ্য কৰিলে এই ধাৰণাটোৰ প্ৰাচীনতত্ত্বও অগ্রাহ্য কৰিব নোৱাৰি। সনাতন হিন্দু ধৰ্মত মানুহক একে পৰমেশ্বৰৰ সন্তানৰ স্বীকৃতি দিয়া হৈছে। বেদত মানুহক ‘অমৃত সন্তান’ আখ্যা দিয়া হৈছে। খ্ৰীষ্টিয়ান আৰু ইছলাম ধৰ্মতো বিশ্ব ভ্রাতৃত্ব স্বীকৃত হৈছে। বিশ্বৰ বিভিন্ন ধৰ্ম শাস্ত্ৰবোৰৰ পৃষ্ঠা লুটিয়াই চালে সমতাৰ ধাৰণাৰ গুৰুত্ব অনুভব কৰিব পৰা যায়। আধুনিক কালত সমতাৰ ধাৰণাৰ বহুল সমাদৰ দেখা যায়। বিশ্বৰ পৰাধীন দেশবোৰৰ স্বাধীনতা সংগ্ৰামৰ অতি গুৰুত্বপূৰ্ণ ৰণধ্বনি আছিল সমতা। সেই কথা ফৰাচী বিপ্লৱ, আমেৰিকাৰ স্বাধীনতাৰ যুক্ত আৰু এছিয়া আৰু আফ্রিকা মহাদেশৰ উপনিবেশ বিৰোধী সংগ্ৰামৰ উদাহৰণৰ পৰা প্ৰতীয়মান হয়। ১৭৮৯ চনৰ ফৰাচীৰ জাতীয় মহাসভা আৰু ১৮৭৯ চনৰ আমেৰিকাৰ স্বাধীনতাৰ ঘোষণাপত্ৰত সকলো মানুহক সকলো ক্ষেত্ৰত সম-পৰ্যায়ৰ বুলি ঘোষণা কৰা হয়।

২৯। আমাৰ সমাজত ইচ্ছাকৃত গণতন্ত্ৰৰ গুৰুত্বৰ বিষয়ে লিখা। (Importance of deliberative democracy in our society.)

উত্তৰঃ ইচ্ছাকৃত গণতন্ত্ৰ, ৰাজনৈতিক তত্ত্বৰ চিন্তাৰ বিদ্যালয়, যি দাবী কৰে যে ৰাজনৈতিক সিদ্ধান্তসমূহ নাগৰিকৰ মাজত সুষ্ঠ আৰু যুক্তিসংগত আলোচনা আৰু বিতৰ্কৰ ফল হ’ব পাৰে। আলোচনাত নাগৰিকসকলে যুক্তি বিনিময় কৰে আৰু জনসাধাৰণৰ কল্যাণক সুৰক্ষিত কৰাৰ বাবে তৈৰি কৰা বিভিন্ন দাবী প্ৰকাশ কৰে। এই কথোপকথনৰ মাধ্যমত নাগৰিকে কোন পদ্ধতি, পদক্ষেপ নীতি জনসাধাৰণৰ পক্ষত ভালেমান উপকাৰ কৰে। নাগৰিকৰ অগ্ৰাধিকাৰৰ সামগ্ৰিক হিচাপে ৰাজনৈতিক সিদ্ধান্তসমূহ ভাৱাৰ পৰিৱৰ্তত, ইচ্ছাকৃত গণতন্ত্র দাবি কৰে যে নাগৰিকসকলৰ ৰাজনৈতিক সিদ্ধান্ত বিলাকত যুক্তি আৰু প্ৰতিদ্বন্দ্বী যুক্তি, দৃষ্টিভঙ্গি সংগ্ৰহৰ মাজত যোৱা উচিত।

ইচ্ছাকৃত গণতান্ত্রিক তত্ত্বৰ প্ৰাথমিক প্ৰভাৱৰ মাজত দুজন হৈছে জন ৰোলস আৰু জর্জেন হামাস। ন্যায্য ৰাজনৈতিক সমাজৰ কাঠামোৰ সুৰক্ষয়ে ৰোলস যুক্তি ব্যৱহাৰৰ পক্ষত আছিল। ইচ্ছাকৃত প্ৰক্ৰিয়া পৰিচালিত সুষ্ঠ পদ্ধতিসমূহৰ ফলাফল বৈধ কৰি তোলে।

ইচ্ছাকৃত গণতন্ত্ৰৰ বেছিভাগেই তত্ত্ব মতে নাগৰিক আৰু দৃষ্টিভঙ্গিৰ সৰ্বাধিক অন্তর্ভুক্তি, সর্বাধিক বৈধ আৰু যুক্তিসঙ্গত ৰাজনৈতিক ফলাফল উৎপন্ন হয়। ইচ্ছাকৃত গণতান্ত্রিক অনুশীলনৰ চূড়ান্ত লক্ষ্য হ’ল নাগৰিকৰ অংশগ্রহণ বৃদ্ধি কৰা। এই গণতান্ত্রিক তত্ত্বয়ে গণতান্ত্রিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত নৈতিক উদ্বেগ লৈ আনে।

৩০। ৰাজনৈতিক অংশ গ্রহণ কি? ৰাজনৈতিক অংশগ্ৰহণৰ মূল নিৰ্ধাৰকসমূহ বহলাই আলোচনা কৰা। (What is Political Participation? Elaborate the main determinants of Political Participation.) 

উত্তৰঃ ৰাজনৈতিক অংশগ্রহণক সংজ্ঞায়িত কৰা বেছ জটিল। ইয়াৰ বিভিন্ন অর্থ প্রকাশ পায়। বিভিন্ন ৰাষ্ট্রবিজ্ঞানী আৰু সমাজবিজ্ঞানীয়ে ৰাজনৈতিক অংশগ্রহণক বিভিন্নভাৱে সংজ্ঞায়িত কৰিছে। সামাজিক নীতি নির্ধাৰণ আৰু তাৰ প্ৰয়োগ পদ্ধতিত মানুহৰ অংশগ্রহণক প্রাথমিকভাৱে ৰাজনৈতিক অংশগ্রহণ বোলে। সাধাৰণ নাগৰিকৰ সক্ৰিয়তা আৰু ৰাজনৈতিক দলৰ সক্ৰিয়তাৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য হয়। ভোট, প্ৰচাৰ, মিচিল ইত্যাদি ধৰণৰ ক্ৰিয়াকৰ্মৰ মাজত এটি ব্যৱহৃত হয়। Sidney Verba আৰু Norman Niv ৰ বক্তব্য অনুসৰি ৰাজনৈতিক অংশগ্রহণ হৈছে সমাজৰ সদস্যসকলৰ এক ধৰণৰ স্বেচ্ছাকর্ম যাৰ দ্বাৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে জননীতি ৰচনা বা তাক প্ৰভাৱিত কৰা আৰু শাসক নিৰ্বাচন কৰা হয়। Samuel P. Huntington আৰু John M Nelson ৰাজনৈতিক অংশগ্রহণ বুলিলে বেচৰকাৰী নাগৰিকসকলৰ সেই কাজ- কর্ম বা সক্ৰিয়তাক বুজাইছিল যাৰ দ্বাৰা চৰকাৰী সিদ্ধান্তসমূহক প্ৰভাৱিত কৰা হয়। এই সংজ্ঞাটো উপৰিউক্ত সংজ্ঞাৰ অনুৰূপ। Michael Ruse ৰ মতে ৰাজনৈতিক অংশগ্রহণ বুলিলে ৰাজনৈতিক ব্যৱস্থাত বিভিন্ন স্তৰৰ কাৰ্যকৰ্ম ব্যক্তিৰ অন্তভুক্তিক; ইয়াৰ পৰিসৰ বিনা অন্তৰ্ভুক্তিৰ পৰা ৰাজনৈতিক কাৰ্যালয়লৈ বিস্তৃত।

ৰাজনৈতিক অংশগ্রহণ এটা সামাজিক ক্রিয়া। বস্তুত বিভিন্ন সামাজিক কাৰক অংশগ্ৰহণক প্রভাৱিত কৰে। যদিও সকলো ঠাইত সদায় কাৰকসমূহ সমান কাৰ্যকৰী আৰু গুৰুত্বপূৰ্ণ নহয়। এইসমূহ সংজ্ঞাত মানুহৰ স্বেচ্ছা অংশগ্ৰহণৰ ওপৰত জোৰ দিয়া হয়। ৰাজনৈতিক অংশগ্রহণ হৈছে এটা পদ্ধতি, য’ত জনগণৰ নীতিসমূহ গঠিত আৰু কাৰ্যকৰী হয়। এই পদ্ধতিৰ মাধ্যমত জনপ্রতিনিধি আৰু কৰ্মকৰ্তাসকলৰ দ্বাৰা গৃহীত সিদ্ধান্তসমূহ প্ৰভাৱিত হয়।

ৰাজনৈতিক অংশগ্রহণ হ’ল এটা পদ্ধতি বা উপায় যাৰ দ্বাৰা সাধাৰণ জনসাধাৰণ তেওঁৰ সাধাৰণ ইচ্ছাক শাসক শ্ৰেণীৰ লগত সংযোজিত কৰে আৰু ৰাষ্ট্ৰ আৰু চৰকাৰৰ কৰ্তৃত্ববাদী আৰু অবাধ্যতাৰ বিৰুদ্ধে চাপ সৃষ্টিকাৰী দল হিচাপে কাৰ্য কৰে। ৰাজনৈতিক অংশগ্রহণ নাগৰিকৰ সক্রিয়তা বা ৰাজনৈতিক সিদ্ধান্তক প্রভাৱিত কৰে।

অংশগ্ৰহণৰ বিভিন্ন নির্ণায়ক প্রকাশ পায়। যেনে- সাংগঠনিক আৰু প্ৰতিষ্ঠানিক ব্যৱস্থা গঠন, নেতৃত্বৰ প্ৰকৃতি, দৃষ্টিভংগী আৰু অংশগ্ৰহণকাৰীৰ দৃষ্টিভংগী, আর্থসামাজিক বৈশিষ্ট্য-সামাজিক মূল্যবোধ, লিঙ্গ বৈষম্য, আয়, শ্রেণী, কৰ্মশ্ৰেণীৰ প্ৰকৃতি, সংগঠন আৰু সদস্যসমূহৰ আদৰ্শ। তাৰ উপৰিও সেই সমস্ত বিষয় যিয়ে মহিলাসকলৰ ভূমিকা আৰু অৱস্থানক প্ৰভাৱিত কৰি উন্নয়নমূলক কর্মসূচীত তেওঁলোকৰ অংশগ্রহণক প্রভাৱিত কৰে। জাতি, স্বামীৰ শিক্ষা, পৰিবাৰৰ শিক্ষাগত পটভূমি, সম্পত্তিৰ অধিকাৰী, ৰাজনৈতিক প্ৰভাৱ প্ৰভৃতি অংশগ্ৰহণৰ ক্ষেত্ৰত প্ৰভাৱকৰ কাম কৰে। বৃহৎ অৰ্থত ৰাজনৈতিক অংশগ্ৰহণ চৰকাৰ আৰু ৰাজনীতিক সম্পর্কিত কৰে, সুনির্দিষ্ট স্তৰত সীমাবদ্ধ হৈ নাথাকে। ৰাজনৈতিক ব্যৱস্থাত ৰাজনৈতিক অংশগ্রহণ এটা উল্লেখযোগ্য উপাদান। ৰাজনৈতিক অংশগ্ৰহণ ৰাজনৈতিক কৰ্তৃত্বক স্থায়িত্ব আৰু তাৰ বৈধতাক শক্তিশালী কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top