Understanding Political Theory Unit 4 ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – I, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Political Theory Unit 4 ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – I Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Political Theory Unit 4 ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – I Question Answer can be of great value to excel in the examination.
Understanding Political Theory Unit 4 ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – I
Understanding Political Theory Unit 4 ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – I Notes cover all the exercise questions in UGC Syllabus. Understanding Political Theory Unit 4 ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – I provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Political Theory and Practice – l
অতি চমু প্রশ্নোত্তৰঃ
১। “Civis” শব্দটো এটা লেটিন শব্দ। (শুদ্ধ /অশুদ্ধ) (The word ‘civis’ is a Latin word (True/False))
উত্তৰঃ শুদ্ধ।
২। প্ৰাচীন গ্ৰীচ দেশৰ নগৰ ৰাষ্ট্ৰসমূহত এটা সৰু অংশৰ ব্যক্তিসমষ্টি যিয়ে স্বাধীন ব্যক্তিৰ মৰ্য্যাদা উপভোগ কৰিছিল তেওঁলোককহে নাগৰিক বুলি মানি লোৱা হৈছিল। (শুদ্ধ/অশুদ্ধ) (In the city states of ancient Greece, small group of individuals who enjoyed the status of independent individuals were considered citizens. (True/False)
উত্তৰঃ শুদ্ধ।
৩। কোনটো শব্দৰ পৰা নাগৰিক শব্দটোৰ উৎপত্তি হৈছে? (From which word did the word citizen originated?)
উত্তৰঃ লেটিন শব্দ ‘Civis’ শব্দটোৰ পৰা আহিছে।
৪। সু-নাগৰিকত্বৰ তিনিটা গুণ কোনে চিনাক্ত কৰিছিল? (Who identified the three qualities of a good citizen.)
উত্তৰঃ বৃটিছ পণ্ডিত লর্ড ব্ৰাইচে।
৫। প্রাকৃতিক অধিকাৰৰ প্ৰবক্তা এজনৰ নাম উল্লেখ কৰা। (Mention the name of a proponent of natural rights.)
উত্তৰঃ জন লক।
৬। নাগৰিকত্ব ধাৰণাৰ মাজেৰে কোনে অভিজাততন্ত্ৰৰ পোষকতা কৰিছিল? (Who supported the aristocracy through the concept of citizenship.)
উত্তৰঃ এৰিষ্ট’টলে।
৭। এজন ভাল নাগৰিক কোন? (Who is a good citizen?)
উত্তৰঃ এৰিষ্ট টলৰ মতে যিজন ব্যক্তিয়ে ৰাৰাষ্ট্ৰৰ সুচিন্তিত আৰু ন্যায়িক অৱস্থাত ভাগ ল’বলৈ সক্ষম তেৱেই হ’ল এজন ভাল নাগৰিক।
৮। কিছে নাগৰিকত্বৰ ধাৰণাটো জনপ্ৰিয় কৰিছিল? (What made the idea of citizenship popular.)
উত্তৰঃ ১৬৮৮ চনত হোৱা গৌৰৱময় বিপ্লৱে।
৯। আমেৰিকাৰ স্বাধীনতা যুদ্ধ কেতিয়া হৈছিল? (When was the American war of independence.)
উত্তৰঃ ১৭৭৫ চনৰ পৰা ১৭৮৩ চনলৈ।
১০। ফৰাচী বিপ্লৱ কেতিয়া হৈছিল? (When did the french revolution happen?)
উত্তৰঃ ১৭৮৯ চনত।
১১। মানুহৰ প্ৰাকৃতিক অধিকাৰ কি? (What is the natural right of human.)
উত্তৰঃ জন ল’কৰ মতে জীৱন, সম্পত্তি আৰু স্বাধীনতাৰ অধিকাৰেই হ’ল মানুহৰ প্ৰাকৃতিক অধিকাৰ।
১২। নাগৰিকত্ব কি দৰে লাভ কৰিব পাৰি? (How can we gain citizenship.)
উত্তৰঃ দুই ধৰণে লাভ কৰিব পাৰি— (ক) জন্মগত ভাবে আৰু (খ) দেশীয়কৃত ভাবে।
১৩। জন্ম সূত্রে কি ধৰণে নাগৰিকত্ব লাভ কৰিব পৰা যায়? (What kind of citizenship can be obtained by birth?)
উত্তৰঃ (ক) তেজৰ সম্পৰ্ক নীতি আৰু (খ) জন্ম স্থান নীতি।
১৪। ‘Jus Singuinis’ শব্দটো কৰ পৰা অহা আৰু ইয়াৰ অৰ্থ কি ? (Where does the word ‘Jus Sanguinis’ come from and what does it mean?)
উত্তৰঃ Jus Sanguinis এটা লেটিন শব্দ। ইয়াৰ অৰ্থ হ’ল– তেজৰ অধিকাৰ।
১৫। ‘Jus Soli’ শব্দটো কৰ পৰা অহা ইয়াৰ অৰ্থ কি? (Where does the word ‘Jus Soil’ come from and what does it mean.)
উত্তৰঃ Jus Soli লেটিন ভাষাৰ পৰা অহা। ইয়াৰ অৰ্থ হ’ল— মাটিৰ অধিকাৰ ।
১৬। নাগৰিকত্ব হেৰুৱাবলগীয়া হোৱা যিকোনো দুটা পৰিস্থিতি উল্লেখ কৰা। (Mention any two situation like losing citizenship.)
উত্তৰঃ সঠিক নিয়ম অনুসৰণ নকৰাকৈ কোনো বিদেশী চৰকাৰৰ অধীনত চাকৰীত নিয়োজিত হ’লে, নিজৰ দেশৰ সন্মতি নোহোৱাকৈ বিদেশী উপাধী গ্ৰহণ কৰিলে।
১৭। এজন সু-নাগৰিকৰ তিনিটা গুণ লিখা। (Write three quality of a good citizen?)
উত্তৰঃ বুদ্ধি, আত্মসংযম আৰু বিবেক।
১৮। নাগৰিকত্ব অৰ্জন কৰাৰ দুটা পদ্ধতি উল্লেখ কৰা। (Mention two methods of acquiring citizenship.)
উত্তৰঃ জন্মসূত্ৰে আৰু দেশীয়কৰণৰ দ্বাৰা।
চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰ
১। নাগৰিকত্ব বুলিলে কি বুজা? (What do you mean by citizenship.)
উত্তৰঃ নাগৰিকত্বই ৰাষ্ট্ৰ এখনৰ জনসাধাৰণে উপভোগ কৰিব পৰা কেতবোৰ পৌৰ আৰু ৰাজনৈতিক সুবিধাক বুজায়। কিন্তু ইয়াৰ লগতে এইটোও মন কৰিব লাগে যে এখন ৰাষ্ট্ৰৰ নাগৰিক হিচাপে ব্যক্তি এজনে সুবিধাসমূহ উপভোগ কৰাৰ লগে লগে ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্বও পালন কৰিব লাগে।
২। এজন ‘প্ৰজা’ আৰু নাগৰিকৰ মাজত থকা পাৰ্থক্য নির্ণয় কৰা। (Determine the difference between a tenant and citizen.)
উত্তৰঃ এজন প্ৰজা সাধাৰণতে ৰাষ্ট্ৰৰ তলতীয়া হয় আৰু ৰাষ্ট্ৰৰ অনুগ্ৰহতহে বাস কৰে। শাসনৰ অধিকাৰ সমাজৰ ক্ষমতাশালী লোকসকলেহে লাভ কৰে আৰু প্ৰজাসকলে কেনেধৰণৰ অধিকাৰ ভোগ কৰিব পাৰিব সেয়া এই শাসনাধীস্থ লোকসকলেই নির্ণয় কৰে। কিন্তু নাগৰিকত্বৰ ধাৰণাৰ ক্ষেত্ৰত নাগৰিকসকলে নিজেই এজন ৰাষ্ট্ৰ গঠন কৰে আৰু এই ৰাষ্ট্ৰৰ সংবিধানে নাগৰিকসকলক কেতবোৰ মৌলিক অধিকাৰ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ দায়িত্ব আৰু কর্তব্যসমূহো নির্ণয় কৰে। প্ৰজাসকল সাধাৰণতে ৰাজতন্ত্ৰৰ সৈতে জড়িত আৰু নাগৰিকসকল আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাৰ সৈতে জড়িত।
৩। ৰাষ্ট্ৰই নাগৰিকক কি অধিকাৰ প্ৰদান কৰে? (What rights does the state give to the citizen.)
উত্তৰঃ নাগৰিকত্বই ৰাষ্ট্ৰ আৰু ব্যক্তিৰ মাজৰ এক উমৈহতীয়া সম্বন্ধক বুজায়। এজন নাগৰিক এনে এজন ব্যক্তি যিয়ে ৰাষ্ট্ৰৰ ওচৰত নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰৰ প্ৰতি ত দায়বদ্ধ হয়। ৰাষ্ট্ৰই নাগৰিকসকলক কিছুমান পৌৰ, ৰাজনৈতিক আৰু সামাজিক অধিকাৰ প্ৰদান কৰে।
8। এৰষ্টি টলে নাগৰিক সম্পর্কে কি মন্তব্য কৰিছিল? (What did Aristotle say about citizens?)
উত্তৰঃ প্রাচীন গ্রীক দার্শনিক এৰিষ্ট টলে কৈছিল যে- যিজন ব্যক্তিয়ে ৰাষ্ট্ৰৰ সুচিন্তিত আৰু ন্যায়িক প্রশাসনীয় ব্যৱস্থাত অংশগ্ৰহণ কৰিবলৈ সক্ষম তেওঁৱেই হ’ল এজন নাগৰিক।
৫। আধুনিক ৰাষ্ট্ৰত নাগৰিকত্বৰ অৰ্থ কি? (What does citizenship mean in the modern state.)
উত্তৰঃ আধুনিক ৰাষ্ট্ৰত নাগৰিকত্বৰ এক বহল অর্থ আছে। যিসকলে ৰাষ্ট্ৰৰ মৌলিক আদর্শ আৰু আইনৰ প্ৰতি সন্মান জনায়, তেওঁলোককে বর্তমান সময়ত নাগৰিক বোলা হয়। নাগৰিকত্বই এখন ৰাষ্ট্ৰৰ নাগৰিকসকলে উপভোগ কৰিব পৰা কেতবোৰ পৌৰ আৰু ৰাজনৈতিক সুবিধাক বুজায়।
৬। নাগৰিকত্বৰ ধাৰণাৰ উৎপত্তি কি? (What is the origin of the idea of citizenship.)
উত্তৰঃ নাগৰিকত্বৰ ধাৰণাটোৰ উৎপত্তি সম্বন্ধে এইটো ক’ব পাৰি যে প্ৰাচীন গ্ৰীচৰ নগৰ ৰাষ্ট্ৰসমূহত নাগৰিকত্বৰ ধাৰণাটো উৎপত্তি হৈছিল। প্ৰাচীন গ্ৰীচ দেশৰ নগৰ ৰাষ্ট্ৰসমূহত এটা সৰু অংশৰ ব্যক্তিসমষ্টি, যিয়ে স্বাধীন ব্যক্তিৰ মৰ্য্যাদা উপভোগ কৰিছিল তেওঁলোককহে নাগৰিক বুলি মানি লোৱা হৈছিল। প্ৰাচীন গ্ৰীচত নাগৰিকত্ব সমাজৰ কেৱল বিশেষাধিকাৰপ্ৰাপ্ত শ্ৰেণীটোৰ মাজতহে সীমাবদ্ধ আছিল।
৭। তাহানিৰ ৰোমাণ সাম্ৰাজ্যৰ নাগৰিকত্ব কেনে আছিল? (What was the citizenship of Tahanis Roman Empire.)
উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ সময়ছোৱাত, প্ৰথম অৱস্থাত নাগৰিকত্ব শাসকীয় শ্ৰেণীটোৰ মাজত সীমাবদ্ধ আছিল আৰু পিছলৈ নাগৰিকত্বই সাধাৰণ মানুহৰ লগতে যুদ্ধত পৰাস্ত হোৱাসকলকো সামৰি লয়।
৮। মধ্যযুগৰ নাগৰিকত্বৰ ধাৰণাটো কেনে আছিল? (What was the concept of medieval citizenship.)
উত্তৰঃ মধ্যযুগত নাগৰিকত্বৰ ধাৰণাটো ৰাষ্ট্ৰৰ সৈতে ব্যক্তিৰ সম্বন্ধৰ পৰিপ্ৰেক্ষিতত বিচাৰ কৰা হৈছিল।
৯। নাগৰিকত্বৰ ধাৰণাটোক এক সার্বজনীন ৰূপ কিহে প্ৰদান কৰিছিল? (Who gave the concept of citizenship a universal form.)
উত্তৰঃ গৌৰৱময় বিপ্লৱ, আমেৰিকাৰ স্বাধীনতাৰ যুদ্ধ, ফৰাচী বিপ্লৱ আৰু এই বিপ্লৱৰ লগতে ঘোষিত হোৱা মানুহ আৰু নাগৰিকৰ অধিকাৰৰ ঘোষণাপত্ৰই নাগৰিকত্বৰ ধাৰণাটো জনপ্ৰিয় কৰি তুলিছিল। মানুহ আৰু নাগৰিকৰ অধিকাৰৰ ঘোষণাপত্ৰই নাগৰিকত্বৰ ধাৰণাটোক এক সার্বজনীন রূপ প্রদান কৰিছিল।
১০। উদাৰতাবাদৰ আবির্ভাবৰ বিষয়ে লিখা। (Write about the emergence of liberalism.)
উত্তৰঃ ঊনবিংশ শতিকাত উদাৰতাবাদৰ আবিৰ্ভাবৰ লগে লগে নাগৰিকত্বৰ পৰিসৰ অধিক বিস্তৃত হৈ পৰিছিল আৰু নাগৰিকসকলেও বিভিন্ন ধৰণৰ অধিকাৰ আৰু স্বাধীনতা উপভোগ কৰিবলৈ সক্ষম হৈছিল। আধুনিক সময়ত নাগৰিকত্বৰ ধাৰণাটো গণতন্ত্ৰ আৰু ইতিবাচক উদাৰতাবাদৰ সৈতে জড়িত আৰু নাগৰিকত্ব সমাজৰ কেবল ক্ষমতাশালী শ্ৰেণীটোৱে ভোগ কৰিব পৰাকৈ এক ঠেক ধাৰণা হোৱাৰ বিপৰীতে ৰাষ্ট্ৰৰ চাৰিসীমাৰ ভিতৰৰ সকলো শ্ৰেণীৰ ব্যক্তিকে সামৰি ল’ব পৰাকৈ এক বহল ধাৰণাত পৰিণত হৈছে।
১১। এখন ৰাষ্ট্ৰত কেইধৰণৰ নাগৰিক থাকিব পাৰে? (How many types of citizens can there be in a state.)
উত্তৰঃ এখন ৰাষ্ট্ৰৰ দুই ধৰণৰ নাগৰিক থাকিব পাৰে- জন্মগত আৰু দেশীয়কৃত। যিসকল নাগৰিকে জন্মসূত্ৰে নাগৰিকত্ব লাভ কৰে তেওঁলোক হ’ল জন্মগত নাগৰিক আৰু যিসকলে নাগৰিকত্ব গ্ৰহণ কৰে তেওঁলোক হ’ল দেশীয়কৃত নাগৰিক।
১২। নাগৰিকত্ব বুলিলে কি বুজা? (What do you mean by citizenship.)
উত্তৰঃ নাগৰিক শব্দটো লেটিন শব্দ “civis” ৰ পৰা আহিছে। নাগৰিকত্বই ব্যক্তি আৰু বা মাজৰ উমৈহতীয়া সঙ্গন্ধক বুজায়। নাগৰিক হ’ল এনে এজন ব্যক্তি যিয়ে ৰাষ্ট্ৰৰ প্ৰতি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালনৰ ক্ষেত্ৰত দায়বদ্ধতা অনুভৱ কৰে। আনহাতে, ৰাষ্ট্ৰই নিজস্বভাবে নাগৰিকসকলক কিছুমান পৌৰ, ৰাজনৈতিক আৰু সামাজিক অধিকাৰ প্ৰদান কৰে।
নাগৰিকত্বৰ সংজ্ঞা সম্পর্কে বিভিন্ন ৰাজনৈতিক চিন্তাবিদে ইতিহাসৰ বিভিন্ন সময়ত বিভিন্ন মত প্ৰদান কৰি আহিছে। প্ৰাচীন কালত নাগৰিকত্ব এক ঠেক পৰিসৰৰ ভিতৰতে সীমাবদ্ধ আছিল। গ্রীক দার্শনিক এৰিষ্ট টলে কৈছিল যে যিজন ব্যক্তিয়ে ৰাষ্ট্ৰৰ সুচিন্তিত আৰু ন্যায়িক ব্যৱস্থাত ভাগ ল’বলৈ সক্ষম তেওঁৱেই হ’ল এজন নাগৰিক। অর্থাৎ, এবিষ্ট টলে তেওঁৰ নাগৰিকত্বৰ ধাৰণাৰ জৰিয়তে অভিজাততন্ত্রক সমর্থন জনাইছিল আৰু বাইৰ প্ৰশাসনীয় ব্যবস্থাত অংশগ্রহণ কৰিবলৈ সক্ষম নোহোৱা এক বৃহৎ সংখ্যক জনসাধাৰণক নাগৰিকত্বৰ পৰিসৰৰ পৰা বাদ দিছিল।
আধুনিক ৰাষ্ট্ৰত নাগৰিকত্বক এক বহল অর্থত গ্রহণ কৰা হয়। আধুনিক ৰাষ্ট্ৰত সকলোৰে বাবে প্রত্যক্ষভাৱে ৰাষ্ট্ৰৰ প্ৰশাসনীয় ব্যৱস্থাত অংশ গ্ৰহণ কৰাটো সম্ভৱপৰ নহয়। সেয়েহে ইয়াব যিসকলে ৰাষ্ট্ৰৰ মৌলিক আদৰ্শ আৰু আইন শৃংখলা মানি চলে সেই সকলোকে নাগৰিক বুলি ধৰা হয়। উদাহৰণস্বৰূপে, ভাৰতবৰ্ষৰ নিচিনা এখন বৃহৎ ৰাষ্ট্ৰত ইয়াত ১০০ কৌটি জনসাধাৰণে ৰাষ্ট্ৰখনৰ প্ৰশাসনীয় ব্যৱস্থাত অংশগ্ৰহণ কৰাটো সম্ভৱপৰ নহয়। কিন্তু আমি সকলোৱে জানো যে ভাৰতৰ চাৰিসীমাৰ ভিতৰত বসবাস কৰি ৰাষ্ট্ৰখনৰ আদৰ্শৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা প্ৰতিগৰাকী ব্যক্তিয়ে ভাৰতীয় নাগৰিকত্ব উপভোগ কৰিব পাৰে।
অর্থাৎ, নাগৰিকত্বই ৰাষ্ট্ৰ এখনৰ জনসাধাৰণে উপভোগ কৰিব পৰা কেতবোৰ পৌৰ আৰু ৰাজনৈতিক সুবিধাক বুজায়। কিন্তু ইয়াৰ লগতে এইটোও মন কৰিব লাগে যে এখন ৰাষ্ট্ৰৰ নাগৰিক হিচাপে ব্যক্তি এজনে সুবিধাসমূহ উপভোগ কৰাৰ লগে লগে ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্বও পালন কৰিব লাগে।
১৩। নাগৰিকৰ গুণসমূহৰ বিষয়ে এটা চমুটোকা লিখা। (Write a short note about the qualities of a citizen.)
উত্তৰঃ ৰাষ্ট্ৰৰ লগত নাগৰিকসকলৰ এক গভীৰ সম্পৰ্ক আছে। ৰাষ্ট্ৰৰ কাৰ্যকলাপ ইয়াৰ নাগৰিকসকলৰ গুণৰ ওপৰত নিৰ্ভৰ কৰে। ভাল নাগৰিক আৰু ভাল ৰাষ্ট্ৰৰ মাজত এক সহ-সম্বন্ধ আছে। ভাল নাগৰিকৰ গুণতে ৰাষ্ট্ৰখন ভাল হয়। সেই একেদৰে এটা সুস্থ ৰাজনৈতিক বাতাবৰণে নাগৰিকসকলক ভাল কবে। ব্ৰিটিছ পণ্ডিত লর্ড ব্ৰাইচৰ মতে এজন ভাল নাগৰিকৰ তিনিটা গুণ থাকিব লাগে। সেইকেইটা হ’ল-
(ক) বুদ্ধিমত্তা।
(খ) আত্মসংযম। আৰু
(গ) বিবেক সম্পন্ন।
বুদ্ধিমত্তাই নাগৰিক এজনৰ ভাল-বেয়া বিচাৰ কৰিব পৰা ক্ষমতাৰ কথা সূচায়। তদুপৰি ই এজন নাগৰিকক তেওঁৰ ৰাষ্ট্ৰখনৰ হিতৰ কথা ভালদৰে উপলব্ধি কৰাত সহায় কৰে।
আত্মসংযমে নাগৰিক এজনৰ সেইটো ক্ষমতাৰ কথা সূচাই যিয়ে তেওঁক তেওঁৰ ব্যক্তিগত স্বার্থ আওকাণ কৰি বৃহত্তৰ সামাজিক স্বার্থক অগ্ৰাধিকাৰ দিবলৈ প্ৰেৰণা যোগায়।
অৱশ্যে এজন নাগৰিকৰ থাকিবলগীয়া প্রধান গুণটো হ’ল কৰ্তব্যৰ প্রতি থকা বিবেকসম্পন্ন মনোভাৱ বা সমৰ্পণৰ মনোভাৱ। ৰাষ্ট্ৰৰ হকে যিকোনো কাম কৰিবলৈ এজন নাগৰিক সদা প্রস্তুত আৰু ইচ্ছুক হ’ব লাগে। তেওঁ সততাৰে নিজৰ দায়িত্ব পালন কৰিব লাগে আৰু সংকটৰ সময়ত দেশখনৰ সুৰক্ষাৰ বাবে আগবাঢ়ি আহিব লাগে। বিবেকসম্পন্ন মনোভাবে ৰাষ্ট্ৰৰ প্ৰতি দায়িত্ব আৰু সেৱাৰ মনোভাব সৃষ্টি কৰে।
১৪। বিদেশী আৰু নাগৰিকৰ মাজত থকা পাৰ্থক্যসমূহ চমুকৈ লিখা। (Summarize the differences between foreigners and citizens.)
উত্তৰঃ এখন ৰাষ্ট্ৰৰ অধিবাসীসকলক প্ৰধানতঃ দুটা ভাগত ভগাব পাৰি নাগৰিক আৰু বিদেশী। নাগৰিকসকল নিজৰ দেশৰ প্ৰতি দায়বদ্ধ হয় যিয়ে তেওঁলোকক সকলো পৌৰ আৰু ৰাজনৈতিক অধিকাৰ প্ৰদান কৰে। আনহাতে বিদেশীসকল নিজৰ জন্মগত দেশৰ প্ৰতিহে দায়বদ্ধ হয় আৰু তেওঁলোকক পৰিদৰ্শন কৰিবলৈ অহা দেশখনৰ এক অস্থায়ী বাসিন্দা ৰূপেহে গণ্য কৰা হয়। কোনো এখন দেশলৈ বিদেশীসকল বিভিন্ন ৰূপত আহিব পাৰে, যেনে— কূটনীতিবিদ, ব্যৱসায়ী, ছাত্র, পর্যটক ইত্যাদি। যদিও বিদেশীসকলে অস্থায়ীভাৱে বাস কৰা দেশখনত আইনী সুৰক্ষা লাভ কৰে, কিন্তু তেওঁলোকে সেইখন দেশৰ কোনো ৰাজনৈতিক অধিকাৰ উপভোগ কৰিব নোৱাৰে, যেনে- ভোটদান, নিৰ্বাচনত প্ৰতিদ্বন্দিতা বা কোনো চৰকাৰী চাকৰিব আবেদন কৰিব নোৱাৰে। কিন্তু বসবাস কৰা দেশখনৰ আইন শৃংখলা মানি চলাটো নাগৰিক আৰু বিদেশী উভয়ৰে বাবে বাধ্যতামূলক। ইয়াৰ উপৰিও, বিদেশীসকলে বাস কৰা দেশখনৰ যদি আইন ভংগ কৰে তেন্তে উক্ত দেশখনে তেওঁলোকক দেশখনৰ পৰা বহিস্কাৰ কৰিব পাৰি। আনহাতে নাগৰিকসকলক নিজৰ দেশৰ পৰা বহিস্কাৰ কৰিব নোৱাৰি।
১৫। নাগৰিকত্ব ধাৰণাৰ উৎপত্তি ব্যাখ্যা কৰা। (Explain the origin of the concept of citizenship.)
উত্তৰঃ নাগৰিকত্বৰ ইতিহাস অনুসৰণ কৰিলে আমি দেখিবলৈ পাওঁ যে, নাগৰিকত্বৰ ধাৰণাটোৰ প্রাচীন গ্ৰীচ দেশৰ নগৰ ৰাষ্ট্ৰসমূহত উৎপত্তি হৈছিল। দৰাচলতে, প্রাচীন গ্ৰীচ দেশৰ নগৰ ৰাষ্ট্ৰসমূহত এটা সৰু অংশৰ ব্যক্তি সমষ্টি, যিয়ে স্বাধীন ব্যক্তিৰ মৰ্য্যাদা উপভোগ কৰিছিল তেওঁলোককহে নাগৰিক বুলি মানি লোৱা হৈছিল। এই ব্যক্তি সমষ্টিটো সমাজৰ উচ্চ শ্ৰেণীৰ অন্তৰ্গত আছিল আৰু তেওঁলোকক ৰাষ্ট্ৰৰ কাম কাজবোৰ চোৱা চিতাৰ দায়িত্ব দিয়া হৈছিল। এই স্বাধীন ব্যক্তিসকলে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা নির্বিশেষে নিজৰ মাজত সমান অধিকাৰ ভোগ কৰিছিল। সমাজৰ আন অংশটো দাস, মহিলা, বিদেশী আৰু বনুৱাৰ দ্বাৰা গঠিত হৈছিল আৰু এই শ্ৰেণীটোক নাগৰিকত্বৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল। এইদৰে প্ৰাচীন গ্ৰীচত নাগৰিকত্ব সমাজৰ কেৱল বিশেষাধিকাৰপ্রাপ্ত শ্ৰেণীটোৰ মাজতহে সীমাবদ্ধ আছিল।
ৰোমান সাম্ৰাজ্যৰ সময়ছোৱাত প্ৰথম অৱস্থাত নাগৰিকত্ব শাসকীয় শ্ৰেণীটোৰ মাজতহে সীমিত আছিল। পিছলৈ, নাগৰিকত্বৰ পৰিসৰ বৃদ্ধি হয় আৰু নাগৰিকত্বই সাধাৰণ মানুহৰ লগতে যুদ্ধত পৰাজিত হোৱাসকলকো সামৰি লয়। সেই মতে বিভিন্ন শ্রেণীৰ নাগৰিকৰ উদ্ভৱ হয়। আৰু সকলোকে বিভিন্ন ধৰণৰ অধিকাৰ প্ৰদান কৰা হৈছিল। কিন্তু সমাজৰ নিম্নশ্রেণীৰ লোকসকলকৰ লগতে মহিলাসকলক এই নাগৰিকত্বৰ অধিকাৰৰ পৰা বঞ্চিত ৰখা হৈছিল।
মধ্যযুগত নাগৰিকত্বৰ ধাৰণাটো আধুনিক ৰাষ্ট্ৰৰ ধাৰণাৰ সৈতে জড়িত হৈ পৰিছিল। সেই সময়ত নাগৰিকত্বক কোনো ৰজাৰ অধীনত নাগৰিকসকলে লাভ কৰা সুবিধা বা অধিকাৰৰ পৰিপ্ৰেক্ষিতত ভবাৰ সলনি ৰাষ্ট্ৰৰ সৈতে সংগতি ৰাখিহে ভবা হৈছিল।
১৬৮৮ খ্ৰীষ্টাব্দৰ গৌৰৱময় বিপ্লৱে নাগৰিকত্বৰ ধাৰণাটো জনপ্ৰিয় কৰি তুলিছিল। গৌৰৱময় বিপ্লবে বজাৰ ওপৰত সংসদৰ শ্ৰেষ্ঠতা প্রতিষ্ঠিত কৰি জন সার্বভৌমত্বৰ বিকাশৰ বাবে এক নতুন পথ মুকলি কৰি দিয়ে য’ত ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা সমূহীয়াভাৱে নাগৰিকসকলৰ হাতত থাকে। “আমেৰিকাৰ স্বাধীনতাৰ যুদ্ধ”, “ফ্ৰাচী বিপ্লৱ” আৰু এই বিপ্লৱৰ লগতে ঘোষিত হোৱা মানুহ আৰু নাগৰিকৰ অধিকাৰৰ ঘোষণাপত্ৰ ই নাগৰিকসকলক বিভিন্ন ধৰণৰ অধিকাৰ প্ৰদান কৰে আৰু ইয়াৰ ফলস্বৰূপে নাগৰিকত্বৰ ধাৰণাটোৱে এক সাৰ্বজনীন স্বৰূপ লাভ কৰাৰ লগতে নাগৰিকত্বৰ সুবিধাসমূহ সমতা আৰু ভ্ৰাতৃত্ববোধৰ আধাৰত ৰাষ্ট্ৰৰ সকলো ব্যক্তিলৈ প্ৰসাৰিত হয়।
ঊনবিংশ শতিকাত উদাৰতাবাদৰ আবিৰ্ভাবৰ লগে লগেই ইংলেণ্ডৰ দাৰ্শনিক জন ল’ক আৰু আন দার্শনিকসকলে আগবঢ়োৱা প্রাকৃতিক অধিকাৰৰ ধাৰণাৰ সৈতে নাগৰিকত্বৰ ধাৰণাটো জড়িত হৈ পৰে। জন ল’কৰ মতে জীৱন, সম্পত্তি আৰু স্বাধীনতাৰ অধিকাৰেই হ’ল মানুহৰ প্রাকৃতিক অধিকাৰ। ৰাষ্ট্ৰই নাগৰিকসকলৰ প্ৰাকৃতিক অধিকাৰসমূহক সুৰক্ষা প্ৰদান কৰিব লাগে আৰু যদি চৰকাৰ এই ক্ষেত্ৰত ব্যর্থ হয় তেন্তে নাগৰিকসকলৰ চৰকাৰখন সলনি কৰাৰ অধিকাৰ আছে। ইয়াৰ পিছৰ পৰ্য্যায়ত নাগৰিকসকলৰ উন্নয়নৰ বাবে বিভিন্ন কল্যাণমূলক কাৰ্যসূচী ৰাষ্ট্ৰই গ্ৰহণ কৰাৰ লগে লগে নাগৰিকত্বৰ পৰিসৰ অধিক বিস্তৃত হৈ পৰিছিল আৰু নাগৰিকসকলেও বিভিন্ন ধৰণৰ অধিকাৰ আৰু স্বাধীনতা উপভোগ কৰিবলৈ সক্ষম হৈছিল। বর্তমান সময়ত আধুনিক ৰাষ্ট্ৰত সকলো ব্যক্তিকে তেওঁলোকৰ ধৰ্ম, অর্থনৈতিক অৱস্থা শিক্ষাগত অৰ্হতা, লিঙ্গ, জাতি, বৰ্ণ আৰু আন তেনে ধৰণৰ কৃত্ৰিম অৱস্থা নির্বিশেষে নাগৰিকত্বৰ সুবিধাসমূহ প্ৰদান কৰা হৈছে। একে সময়তে, নাগৰিকসকলেও ৰাষ্ট্ৰৰ প্ৰতি নিজৰ দায়িত্ব আৰু কতব্য পালন কৰিব লাগে। এনেদৰে আধুনিক সময়ত নাগৰিকত্বৰ ধাৰণাটো গণতন্ত্ৰ আৰু ইতিবাচক উদাৰতাবাদৰ সৈতে জড়িত হৈ পৰিছে আৰু নাগৰিকত্বৰ সমাজৰ কেৱল ক্ষমতাশালী শ্ৰেণীটোৱে ভোগ কৰিব পৰাকৈ এক ঠেক ধাৰণা হোৱাৰ বিপৰীতে ৰাষ্ট্ৰৰ চাৰিসীমাৰ ভিতৰৰ সকলো শ্ৰেণীৰ ব্যক্তিকে সামৰি ল’ব পৰাকৈ এক বহল ধাৰণাত পৰিণত হৈছে।
১৬। দুই প্ৰকাৰৰ নাগৰিকত্বৰ বিষয়ে আলোচনা কৰা। (Discuss the two types of citizenship.)
উত্তৰঃ নাগৰিকত্বক দুটা ভাগত ভগাব পাৰি যেনে- জন্মগত নাগৰিক আৰু দেশীয়কৃত নাগৰিক। জন্মগত নাগৰিকসকলে জন্মসূত্ৰে নাগৰিকত্ব লাভ কৰে। জন্মসূত্ৰে নাগৰিকত্ব লাভ কৰাৰ ক্ষেত্ৰত দুটা নীতি মানি চলা হয়। ইয়াৰে এটা হ’ল ‘Jus Sanguinis’ (তেজৰ সম্পৰ্কনীতি) আৰু আনটো হ’ল Jus Soli (জন্মস্থানৰ নীতি)। ‘Jus Sanguinis’ এটা লেটিন শব্দ যাৰ অৰ্থ হ’ল তেজৰ অধিকাৰ। Jus Soli হ’ল আন এটা লেটিন শব্দ যার অর্থ হ’ল “মাটিৰ অধিকাৰ”। ‘Jus Sanguinis’ ৰ মতে, এটা শিশুৱে তাৰ অথবা তাইৰ জন্ম ঠাই নিৰ্বিশেষে স্বতঃস্ফূর্তভাৱে মাক-দেউতাকৰ নাগৰিকত্ব লাভ কৰে। আকৌ Jus Soli ৰ মতে এটা শিশুৱে মাক দেউতাকৰ নাগৰিকত্ব নির্বিশেষে স্বাভাৱিকভাৱে শিশুটোৱে জন্ম লাভ কৰা ঠাইখনৰ নাগৰিকত্ব লাভ কৰে। আজিকালি ভাৰতকে ধৰি বেছি ভাগ দেশেই ‘Jus Sanguinis’ আৰু Jus Soli এই দুই নীতিৰ সংমিশ্ৰণ এটা মানি চলে। এইখিনিতে এইটো উল্লেখ কৰিব পাৰি যে সাধাৰণতে Jus Soli ব নীতিটো আন দেশত জন্ম লাভ কৰা বিদেশী কূটনীতিবিদৰ সন্তানসকলৰ ক্ষেত্ৰত প্রযোজ্য নহয়।
দেশীয়কৃত নাগৰিক হ’ল সেইসকল নাগৰিক যিসকলে কোনো এখন দেশৰ নাগৰিকত্ব গ্রহণ কৰে। এখন দেশত বাস কৰা এজন বিদেশীয়ে যদি সেইখন দেশে নিৰ্দিষ্ট কৰা কেতবোৰ চৰ্ত
পৃৰণ কৰিব পাৰে তেন্তে তেওঁ সেইখন দেশৰ নাগৰিকত্ব অৰ্জন কৰিব পাৰিব, কিন্তু আকৌ একে সময়তে তেওঁ তেওঁৰ পূৰ্বৰ নাগৰিকত্ব ত্যাগ কৰিব লাগিব।
কেতবোৰ পৰিস্থিতিৰ বাবেও নাগৰিকত্ব হেৰুৱাবলগীয়াও হ’ব পাৰে, যেনে- সঠিক নিয়ম অনুসৰণ নকৰাকৈ কোনো বিদেশী চৰকাৰৰ অধীনত চাকৰীত নিয়োজিত হ’লে, নিজৰ দেশৰ সন্মতি নোহোৱাকৈ বিদেশী উপাধি গ্রহণ কৰিলে, দীৰ্ঘদিন ধৰি নিজৰ দেশত উপস্থিত নাথাকিলে, গুৰুতৰ অপৰাধ সংঘটিত কৰিলে, স্বেচ্ছাই নাগৰিকত্ব পৰিত্যাগ কৰিলে ইত্যাদি। নাগৰিকত্ব হেৰুওৱাৰ চৰ্ত আৰু পৰিস্থিতিসমূহ ৰাষ্ট্ৰ অনুসৰি বেলেগ বেলেগ হ’ব পাৰে।
গতিকে আমি ক’ব পাৰো যে নাগৰিকত্ব প্ৰধানতঃ দুই ধৰণে অৰ্জন কৰিব পাৰি। এজন ব্যক্তিয়ে স্বাভাবিকতে জন্মসূত্রে নাগৰিকত্ব লাভ কৰে (জন্মগত)। আনহাতে, কেতিয়াবা কোনো এজন ব্যক্তিয়ে আন এখন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিব পাৰে (দেশীয়কৰণ)।
১৭। চমু টোকা লিখাঃ
এজন প্ৰজা আৰু নাগৰিকত্বৰ মাজত থকা পার্থক্য (The difference between being a tenant and being a citizen.)
উত্তৰঃ এজন প্ৰজা সাধাৰণতে ৰাষ্ট্ৰৰ তলতীয়া হয় আৰু ৰাষ্ট্ৰৰ অনুগ্ৰহতহে বাস কৰে। শাসনৰ অধিকাৰ সমাজৰ ক্ষমতাশালী লোকসকলেহে লাভ কৰে আৰু প্ৰজাসকলে কেনেধৰণৰ অধিকাৰ ভোগ কৰিব পাৰিব সেয়া এই শাসনাধীস্থ লোকসকলেই নির্ণয় কৰে। কিন্তু নাগৰিকত্বৰ ধাৰণাৰ ক্ষেত্ৰত নাগৰিকসকলে নিজেই এখন ৰাষ্ট্ৰ গঠন কৰে আৰু এই ৰাষ্ট্ৰৰ সংবিধানে নাগৰিকসকলক কেতবোৰ মৌলিক অধিকাৰ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ দায়িত্ব আৰু কর্তব্যসমূহো নির্ণয় কৰে। প্ৰজাসকল সাধাৰণতে ৰাজতন্ত্ৰৰ সৈতে জড়িত আৰু নাগৰিকসকল আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাৰ সৈতে জড়িত।
১৮। নাগৰিকত্বৰ অৰ্থ, দেশীয় নাগৰিক আৰু প্ৰজাৰ পাৰ্থক্য, দেশীয় নাগৰিক আৰু বিদেশী নাগৰিকৰ পাৰ্থক্যৰ বিষয়ে লিখা। (Write about the meaning of citizenship, the difference. between native citizen and tenant, the difference between native citizen and foreign citizen.)
উত্তৰঃ নাগৰিক শব্দটো লেটিন শব্দ “civis” ৰ পৰা আহিছে। নাগৰিকত্বই ব্যক্তি আৰু ৰাষ্ট্ৰৰ মাজৰ উমৈহতীয়া সম্বন্ধক বুজায়। নাগৰিক হ’ল এনে এজন ব্যক্তি যিয়ে ৰাষ্ট্ৰৰ প্ৰতি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালনৰ ক্ষেত্ৰত দায়বদ্ধতা অনুভৱ কৰে। আনহাতে, ৰাষ্ট্ৰই নিজস্বভাৱে নাগৰিকসকলক কিছুমান পৌৰ, ৰাজনৈতিক আৰু সামাজিক অধিকাৰ প্ৰদান কৰে। নাগৰিকত্বৰ সংজ্ঞা সম্পৰ্কে বিভিন্ন ৰাজনৈতিক চিন্তাবিদে ইতিহাসৰ বিভিন্ন সময়ত বিভিন্ন মত প্ৰদান কৰি আহিছে। প্ৰাচীন কালত নাগৰিকত্ব এক ঠেক পৰিসৰৰ ভিতৰতে সীমাবদ্ধ আছিল। গ্ৰীক দার্শনিক এৰিষ্ট টলে কৈছিল যে যিজন ব্যক্তিয়ে ৰাষ্ট্ৰৰ সুচিন্তিত আৰু ন্যায়িক ব্যৱস্থাত ভাগ ল’বলৈ সক্ষম তেওঁৱেই হ’ল এজন নাগৰিক। অর্থাৎ, এৰিষ্ট টলে তেওঁৰ নাগৰিকত্বৰ ধাৰণাৰ জৰিয়তে অভিজাততন্ত্রক সমর্থন জনাইছিল আৰু ৰাষ্ট্ৰৰ প্ৰশাসনীয় ব্যৱস্থাত অংশগ্ৰহণ কৰিবলৈ সক্ষম নোহোৱা এক বৃহৎ সংখ্যক জনসাধাৰণক নাগৰিকত্বৰ পৰিসৰৰ পৰা বাদ দিছিল।
আধুনিক ৰাষ্ট্ৰত নাগৰিকত্বক এক বহল অৰ্থত গ্ৰহণ কৰা হয়। আধুনিক ৰাষ্ট্ৰত সকলোৰে বাবে প্রত্যক্ষভাৱে ৰাষ্ট্ৰৰ প্ৰশাসনীয় ব্যৱস্থাত অংশ গ্রহণ কৰাটো সম্ভৱপৰ নহয়। সেয়েহে ইয়াৰ যিসকলে ৰাষ্ট্ৰৰ মৌলিক আদর্শ আৰু আইন শৃংখলা মানি চলে সেই সকলোকে নাগৰিক বুলি ধৰা হয়। উদাহৰণস্বৰূপে, ভাৰতবৰ্ষৰ নিচিনা এখন বৃহৎ ৰাষ্ট্ৰত ইয়াত ১০০ কৌটি জনসাধাৰণে ৰাষ্ট্ৰখনৰ প্ৰশাসনীয় ব্যৱস্থাত অংশগ্ৰহণ কৰাটো সম্ভৱপৰ নহয়। কিন্তু আমি সকলোৱে জানো যে ভাৰতৰ চাৰিসীমাৰ ভিতৰত বসবাস কৰি ৰাষ্ট্ৰখনৰ আদৰ্শৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা প্ৰতিগৰাকী ব্যক্তিয়ে ভাৰতীয় নাগৰিকত্ব উপভোগ কৰিব পাৰে।
অর্থাৎ, নাগৰিকত্বই ৰাষ্ট্ৰ এখনৰ জনসাধাৰণে উপভোগ কৰিব পৰা কেতবোৰ পৌৰ আৰু ৰাজনৈতিক সুবিধাক বুজায়। কিন্তু ইয়াৰ লগতে এইটোও মন কৰিব লাগে যে এখন ৰাষ্ট্ৰৰ নাগৰিক হিচাপে ব্যক্তি এজনে সুবিধাসমূহ উপভোগ কৰাৰ লগে লগে ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্বও পালন কৰিব লাগে।
এজন প্ৰজা আৰু নাগৰিকৰ মাজত থকা পাৰ্থক্যঃ এজন প্ৰজা সাধাৰণতে ৰাষ্ট্ৰৰ তলতীয়া হয় আৰু ৰাষ্ট্ৰৰ অনুগ্রহতহে বাস কৰে। শাসনৰ অধিকাৰ সমাজৰ ক্ষমতাশালী লোকসকলেহে লাভ কৰে আৰু প্ৰজাসকলে কেনেধৰণৰ অধিকাৰ ভোগ কৰিব পাৰিব সেয়া এই শাসনাধীস্থ লোকসকলেই নির্ণয় কৰে। কিন্তু নাগৰিকত্বৰ ধাৰণাৰ ক্ষেত্ৰত নাগৰিকসকলে নিজেই এখন ৰাষ্ট্ৰ গঠন কৰে আৰু এই ৰাষ্ট্ৰৰ সংবিধানে নাগৰিকসকলক কেতবোৰ মৌলিক অধিকাৰ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যসমূহো নির্ণয় কৰে। প্ৰজাসকল সাধাৰণতে ৰাজতন্ত্ৰৰ সৈতে জড়িত আৰু নাগৰিকসকল আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাৰ সৈতে জড়িত।
এজন নাগৰিক আৰু বিদেশীৰ মাজত থকা পাৰ্থক্যঃ এখন ৰাষ্ট্ৰৰ অধিবাসীসকলক প্ৰধানতঃ দুটা ভাগত ভগাব পাৰি নাগৰিক আৰু বিদেশী নাগৰিকসকল নিজৰ দেশৰ প্ৰতি দায়বদ্ধ হয় যিয়ে তেওঁলোকক সকলো পৌৰ আৰু ৰাজনৈতিক অধিকাৰ প্রদান কৰে। আনহাতে বিদেশীসকল নিজৰ জন্মগত দেশৰ প্ৰতিহে দায়বদ্ধ হয় আৰু তেওঁলোকক পৰিদৰ্শন কৰিবলৈ অহা দেশখনৰ এক অস্থায়ী বাসিন্দা ৰূপেহে গণ্য কৰা হয়। কোনো এখন দেশলৈ বিদেশীসকল বিভিন্ন ৰূপত আহিব পাৰে; যেনে— কূটনীতিবিদ, ব্যৱসায়ী, ছাত্র, পর্যটক ইত্যাদি। যদিও বিদেশীসকলে তেওঁলোকে অস্থায়ীভাবে বাস কৰা দেশখনত আইনী সুৰক্ষা লাভ কৰে, কিন্তু তেওঁলোকে সেইখন দেশৰ কোনো ৰাজনৈতিক অধিকাৰ উপভোগ কৰিব নোৱাৰে, যেনে- ভোটদান, নিৰ্বাচনত প্ৰতিদ্বন্দিতা বা কোনো চৰকাৰী চাকৰিৰ আবেদন কৰিব নোৱাৰে। কিন্তু বসবাস কৰা দেশখনৰ আইন শৃংখলা মানি চলাটো নাগৰিক আৰু বিদেশী উভয়ৰে বাবে বাধ্যতামূলক। ইয়াৰ উপৰিও, বিদেশীসকলে বাস কৰা দেশখনৰ যদি আইন ভংগ কৰে তেন্তে উক্ত দেশখনে তেওঁলোকক দেশখনৰ পৰা বহিস্কাৰ কৰিব পাৰে। আনহাতে নাগৰিকসকলক নিজৰ দেশৰ পৰা বহিস্কাৰ কৰিব নোৱাৰি।
১৯। নাগৰিকত্ব বুলিলে কি বুজা? ইয়াৰ সংজ্ঞা দাঙি ধৰা? (What do you mean citizenship? Define it?)
উত্তৰঃ শব্দগত অর্থ অনুসৰি ‘নাগৰিকত্ব’ আৰু ‘ নাগৰিকত্ব’ শব্দ দুটা নগৰৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পাৰি। প্ৰাচীন কালত নগৰ আৰু ৰাষ্ট্ৰ প্ৰায় সমার্থক আছিল। একোখন নগৰেই একোখন ৰাষ্ট্ৰ গঠন কৰিছিল কাৰণে সেই ৰাষ্ট্ৰবোৰক ‘নগৰ ৰাষ্ট্ৰ’ বোলা হৈছিল। নগৰ ৰাষ্ট্ৰৰ অধিবাসীসকলৰ শাসনত অংশগ্ৰহণ কৰাৰ অধিকাৰ লাভ কৰা লোকসকলক প্ৰকৃতাৰ্থত নাগৰিক বুলি গ্ৰাহ্য কৰা হৈছিল আৰু সেইবাবে নগৰ ৰাষ্ট্ৰত বসতি আৰু তাৰ প্ৰশাসনত অংশগ্ৰহণ দুয়োটাৰ সমষ্টিকে নাগৰিকত্ব আৰু নগৰ ৰাষ্ট্ৰৰ বাসিন্দা হৈ চৰকাৰত অংশগ্ৰহণকাৰীসকলক নাগৰিক আখ্যা দিয়া হৈছিল। নাগৰিক আৰু নাগৰিকত্বৰ ইংৰাজী প্রতিশব্দ ‘চিটিজেন’(citizen) আৰু চিটিজেনশিপ (citizenship) শব্দ দুয়োটা একেদৰে ক্ৰমে ‘নগৰ ৰাষ্ট্ৰৰ অধিবাসী আৰু সেই অধিবাসীসকলৰ গুণ’ বুজাইছিল।
বিশেষভাৱে ক’বলৈ গ’লে নগৰ শব্দটোৰ পৰা নাগৰিক (citizen ) শব্দটোৰ উৎপত্তি হৈছে। এই নাগৰিক শব্দটো পুৰণি গ্ৰীক নগৰ ৰাষ্ট্ৰ (citizen state) যুগৰ পৰাই প্ৰচলিত। সেই সময়ত নগৰ ৰাষ্ট্ৰত বসবাস কৰা বিশেষ শ্রেণীৰ লোক কিছুমানকহে নাগৰিক বোলা হৈছিল। প্রাচীন ৰোম আৰু ইউৰোপত মধ্যযুগলৈকে এই ধৰণৰ ব্যৱস্থাৰ প্ৰচলন থকা দেখা যায়। কিন্তু সেইদিনৰ নগৰ ৰাষ্ট্ৰ আৰু আজিৰ যুগৰ বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ মাজত বহুত পার্থক্য আছে। কিন্তু ৰাজনীতি বিজ্ঞানত নাগৰিক শব্দটো ইমান ঠেক অৰ্থত ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা নাযায়। বৰ্তমান নাগৰিক শব্দটোৱে এটা ব্যাপক অর্থক সূচায়। নাগৰিক বুলি পৰিগণিত হোৱাৰ বাবে বর্তমান তেনে কোনো যোগ্যতাৰ প্ৰয়োজন নাই। আজিকালি ৰাজনীতিবিদসকলৰ মতে নাগৰিকসকল কোনো এখন ৰাষ্ট্ৰৰ সভ্য। সেয়েহে বর্তমান যিসকলে কোনো এখন ৰাষ্ট্ৰত স্থায়ীভাৱে বসবাস কৰি ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য দেখুৱাই ৰাষ্ট্ৰই দিয়া অধিকাৰ আৰু নিৰাপত্তা ভোগ কৰে, তেওঁলোকক নাগৰিক বোলা হয়। ৰাজনৈতিক অধিকাৰ ভোগ কৰাই নাগৰিকৰ প্রধান লক্ষণ। মুঠতে ৰাষ্ট্ৰই অনুমোদন কৰা সামাজিক আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰি ৰাষ্ট্ৰৰ প্ৰতি কিছুমান কৰ্তব্য পালন কৰা ব্যক্তিকে নাগৰিক (citizen) বোলা হয়।
নাগৰিকত্বৰ সংজ্ঞাঃ (Definition of citizenship)
নাগৰিকৰ সংজ্ঞা বিভিন্ন যুগৰ ৰাজনৈতিক দার্শনিকসকলে ভিন ভিন ধৰণে দিয়া দেখা যায়। ৰাজনৈতিক বিকাশৰ লগে লগে নাগৰিকতাৰ সংজ্ঞাৰো পৰিৱৰ্তন ঘটি থকা দেখা যায়।
গ্ৰীক দার্শনিক আৰু ৰাজনৈতিক চিন্তাবিদ এৰিষ্ট টল (Aristotle) ৰ মতে, ‘যি ব্যক্তিৰ ৰাষ্ট্ৰৰ আলোচনামূলক অথবা বিচাৰ বিভাগীয় প্রশাসনত অংশগ্ৰহণৰ ক্ষমতা আছে তেওঁক সেই ৰাষ্ট্ৰৰ নাগৰিক বুলি অভিহিত কৰা হয়। (who has the power to take part in the deliberative of judicial administration is said by us to be a citizen of the states)। এই সংজ্ঞাৰ পৰা ক’ব পাৰি যে তেতিয়া নগৰ ৰাষ্ট্ৰত বাস কৰা এটা বিশেষ শ্রেণীৰ লোককহে নাগৰিক বুলিছিল। নগৰ ৰাষ্ট্ৰবোৰত বাস কৰা সকলো লোক নাগৰিক নাছিল। দাস, মহিলা, শিশু আৰু শিল্পীসকলক নাগৰিক হিচাপে গ্ৰাহ্য কৰা হোৱা নাছিল। কিন্তু আধুনিক যুগত এই সংজ্ঞা অ-প্রাসংগিক বুলি পৰিগণিত হ’ল। বৰ্তমানৰ ৰাষ্ট্ৰবিলাক আয়তনৰ ফালৰ পৰা ডাঙৰ আৰু জনসংখ্যাও বহুত আৰু সেয়ে জনসাধাৰণৰ দেশৰ শাসন কার্যত প্রত্যক্ষ আৰু সক্ৰিয়ভাবে অংশ গ্রহণ কৰা সম্ভৱ নহয়।
আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি মিলাৰ (Miller) ৰ মতে, ‘নাগৰিক সকল হ’ল তেওঁলোক বাস কৰা ৰাজনৈতিক সমাজৰ সদস্য। তেওঁলোকে ৰাষ্ট্ৰ গঠন কৰে আৰু নিজৰ সন্মিলিত ক্ষমতাৰে নিজৰ অধিকাৰ প্ৰতিষ্ঠা কৰে নাইবা নিজকে সমষ্টিগত অধিকাৰ নিয়ন্ত্রণাধীন কৰে।’ (Citizens are members of the political community to which they belong. There are the people who compose the state and who in their associated capacity have established or subjected themselves to the domination of a government for the protection of their individual as well as their collective rights)
আধুনিক ৰাজনৈতিক চিন্তাবিদ লাস্কি (Laski) ৰ ভাষাত ক’ব পাৰি যে, ‘নাগৰিকত্ব হ’ল জনসাধাৰণৰ কল্যাণ সাধনৰ বাবে নিজৰ সুচিন্তিত বিচাৰ বুদ্ধিৰ অৱদান। (citizenship is the contribution of one’s instructed judgements to the public good) Encyclopedia Britannica ৰ মতে, ‘নাগৰিকত্ব হ’ল আইনৰ দ্বাৰা নিৰ্দিষ্ট চৰ্তৰ পৰা উদ্ভুত হোৱা ব্যক্তি আৰু ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক আৰু এই আইনে নাগৰিকতাৰ সৈতে কিছুমান কর্তব্য আৰু অধিকাৰক সংশ্লিষ্ট কৰি দিয়ে। (citizenship is a relationship between an individual and state originating under terms prescribed by law and giving rise to certain duties and rights which such attaches to citizenship) শ্ৰীনিবাস শাস্ত্ৰীৰ ভাষাত, “যি ব্যক্তি ৰাষ্ট্ৰৰ সভ্য আৰু ৰাষ্ট্ৰত থাকি পূর্ণভাৱে আত্মবিকাশৰ অর্থে সচেতন আৰু সমাজৰ সবার্ধিক মংগল সম্পর্কে সচেতন থাকে”, তেওঁক নাগৰিক আখ্যা দিয়া হয়।
ইংৰাজ সমাজতত্ববিদ টি. লইচ মাশ্বালৈ আগবঢ়োৱা সংজ্ঞাটো বিশেষ প্রণিধানযোগ্য, তেওঁৰ নিজৰ ভাষাবে, নাগৰিকত্ব হৈছে, ‘উমৈহতীয়া উদ্দেশ্য লৈ ঐক্যবদ্ধ হোৱা জনগোষ্ঠী এটাৰ সম্পূৰ্ণ সদস্য পদৰ ওপৰত অর্পিত মৰ্যদা। সেই মৰ্য্যদাৰ অধিকাৰী সকলো ব্যক্তি মৰ্য্যদাটো সমৃদ্ধ কৰা অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ত সমান।
২০। নাগৰিকত্বৰ সম্পূৰ্ণ আৰু সমান সদস্যপদ কি? উদাহৰণৰ সৈতে বুজাই লিখা? (What is full and equal membership of citizenship? Explain with examples.)
উত্তৰঃ ৰাজনৈতিকভাৱে সংগঠিত সমাজ থকাৰ সম্পূৰ্ণ আৰু সমান সদস্য পদৰ মৰ্য্যদাকা নাগৰিকত্ব আৰু তেনে মৰ্য্যদাপ্রাপ্ত লোকসকলক নাগৰিক বোলা হয়। ৰাষ্ট্ৰ নাগৰিকসকলৰ যৌথ পৰিচিত। তেনে মৰ্য্যদা লাভ নকৰাসকলৰ বাবে ৰাষ্ট্ৰখন স্থায়ী বাসস্থান নহয় বিদেশ সেইসকলে নিজৰ অভীষ্ট সিদ্ধিৰ পিছত তাত নাথাকে বিশেষকৈ ৰাষ্ট্ৰখন বিপদৰ সন্মুখীন হ’লে প্ৰায়েই সেই ৰাষ্ট্ৰ ত্যাগ কৰি গুচি যায়।
সাধাৰণতে সহজলভ্য হ’লে মানুহে অতি মূল্যবান বস্তুৰো প্ৰকৃত মূল্য উপলব্ধি নকৰে। আনহাতে, দুষ্প্রাপ্য হ’লে অতি সাধাৰণ বস্তুৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়ে।
ৰাষ্ট্ৰৰ সম্পূৰ্ণ আৰু সমান সদস্য পদৰ ক্ষেত্ৰতো এই কথা সম্পূর্ণ প্রযোজ্য। যিসকল তেনে এবিধ অতি প্রয়োজনীয় সম্পদ (বস্তৰ পৰা কিবা কাৰণত বঞ্চিত হৈছে। সেই সকলৰ অৱস্থালৈ চালেই বুজিব পাৰি। অবৈধ বহিঃ প্ৰব্ৰজক বা শৰণাৰ্থী শ্রেণীভূক্ত লোকসকলে বহুতো দেশত বসবাস কৰাৰ অপ্ৰাণ চেষ্টা চলায়ো বিফল হোৱা দেখিবলৈ পালে যিকোনো দেশৰ সম্পূৰ্ণ আৰু সমান সদস্যসকলে নিশ্চয় নিজক সৌভাগ্যশালী বুলি ভাবিবলৈ বাধ্য হ’ব। মধ্য প্ৰাচ্যৰ দেশবোৰত আশ্ৰয় বিচাৰি ফুৰা পেলেষ্টানীয় ভগনীয়াসকল নিজৰ দেশৰ পৰা আশ্ৰয়বিহীন হৈ ওলাই অহা তির্বতী সকল বাংলাদেশৰ পৰা ওলাই আহি কোনো দেশত সংস্থাপিত হ’ব নোৱাৰি বিপদত পৰা লোকসকল এনে শ্ৰেণীৰ ভিতৰুৱা। কোনো ৰাষ্ট্ৰই সম্পূৰ্ণ আৰু সমান বুলি গ্ৰহণ নকৰা তেনে মানুহবোৰক ৰাষ্ট্রবিহীন লোকে। বোলা হয় ৷
সামাজিক বাতাৱৰণ আৰু ভাৱ চিন্তাৰ পৰিবৰ্তনৰ ফলত এসময়ত তাত্বিকভাৱে শুদ্ধ বুলি গৃহীত সমাজ বিজ্ঞানৰ বহুতো তত্ব প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেখা যায়। ৰাজনীতি বিজ্ঞানৰ ধাৰণা তেনেবোৰৰ ভিতৰত অন্যতম। সাধাৰণতে, সমাজৰ যিবিলাক ব্যক্তি বা ব্যক্তিৰ গোটে নিজ স্বাৰ্থ ব্যাহত হোৱা বুলি বা নিজে পাপ্যৰ পৰা বঞ্চিত হোৱা বুলি ধাৰণা কৰিলে সেই গোটবোৰে প্ৰচলিত কোনো ব্যৱস্থা বা তত্বৰ বিৰোধিতা কৰা দেখা যায়। তেনে গোটবোৰে প্রচলিত ব্যৱস্থাৰ মাজেদি সুৰুঙা উলিয়াই ইন্সিত লক্ষ্য সাধনত নিজৰ দাবী সাবস্ত্য কৰিব বিচাৰে।
নাগৰিকত্ব লাভৰ প্ৰতিদ্বন্দীসকলৰ তেনে দাবীক ইতিমধ্যে সকলোবোৰ আসন যাত্ৰীয়ে অধিকার কৰাৰ পিছত কোনো যান-বাহনত নতুন যাত্ৰীয়ে ভিৰ কৰাৰ লগত নাইবা কোনো শিক্ষানুষ্ঠানত নামভৰ্তিৰ পৰ্ব শেষ হোৱাৰ পিছত নতুন যুক্তি আগবঢ়াই নাম ভৰ্তি কৰিব খোজা বিদ্যাৰ্থীৰ লগত ৰিজাব পাৰি। উদাহৰণস্বৰূপে, কথটো এটা ৰেলৰ দবাত অলপ আগতে তুমুল প্রতিদ্বন্দ্বিতাৰে ভিতৰত প্ৰৱেশ কৰিবলৈ সমৰ্থৱান হোৱা যাত্ৰীসকলৰ মাজতে হেচি ঠেলি নিজৰ বাবে ঠাই উলিয়াই ল’ব খোজা নতুন যাত্ৰীৰ দাবীৰ লগত তুলনা কৰিব পাৰি। একেদৰে তুলনা কৰিব পাৰি বহু পূৰ্বে প্ৰকাম্য সংখ্যা অতিক্ৰয় কৰি অতি ঘন বসতিপূর্ণ হোৱা কোনো ঠাইলৈ নতুন কৈ আহিব খোজা মানুহৰ লগত নাইবা তেনে এখন ৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰি অহা মানুহৰ নাগৰিকত্ব লাভৰ দাবীৰ লগত।
আধুনিক কালৰ কোনো নগৰ, মহানগৰ নাইবা ৰাষ্ট্ৰই কেবল ভূমি পুত্ৰসকলৰ বাসস্থান হৈ থকা বুলি দাবী কৰিব নোৱাৰে। প্ৰয়োজনৰ ক্ষেত্ৰত সেইবোৰলৈ স্বাগতম জনাই মাতি অনা আৰু উপযাচি অহাসকলক বিনা বাধাই থাকিবলৈ দিয়াৰ ফলত নতুনকৈ প্ৰৱেশ কৰা মানুহবোৰেও ক্রমে ক্রমে খিলঞ্জীয়াসকলৰ সৈতে বৈবাহিক সম্পর্ক স্থাপন কৰি আৰু অন্য প্ৰকাৰে মিলি গৈ সমাজত সম্পূৰ্ণ আৰু সমান সদস্য পদৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হোৱা দেখা যায়। এই নতুন বাসিন্দা বা নাগৰিকসকলে তেওঁলোকে অহাৰ আগৰে পৰা বাস কৰি থকা সকলৰ সৈতে লগ লাগি সময়ত নিজক গুৰিত গজা আৰু তেওঁলোকতকৈ পিছত অহাসকলক পাবত গজা বুলি কৈ সেইসকলক সম্পূৰ্ণ আৰু সমানৰ মৰ্য্যদা দিব নোখোজে। সেই সত্বেও কেনেবাকৈ সম্পূর্ণ মর্যাদা প্রাপ্তসকলেও গুৰিত গজাৰ সংখ্যা বৃদ্ধি কৰে। সেইদৰেই টনা-আঁজোৰা চিৰদিন চলি থাকে। এনে সংঘাতৰ ফলতে সৃষ্টি হয় নানা ধৰণৰ সামাজিক আন্দোলন, ৰাজনৈতিক খেল আৰু ‘অসম অসমীয়াৰ বাবে’ মহাৰাষ্ট্ৰ মহাৰাষ্ট্ৰীয়সকলৰ বাবে ‘ৰ নিচিনা ধ্বনিবোৰ।
নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত প্ৰতি থকা ৰাষ্ট্ৰত নিজৰ সংবিধান আৰু আইন অনুসৰী কৰ্মপন্থা হাতত ল’ব পাৰি। কিন্তু একোখন ৰাষ্ট্ৰৰ নাগৰিক সকলৰ বেলিকা অসমতাৰ দাবী গ্রহণযোগ্য হ’বনে? এই প্রশ্নটোৱে আন দুটা প্ৰশ্নৰ অৱতাৰণা কৰে। সেই দুটা হ’ল– (ক) সকলোবোৰ সম্পূৰ্ণ আৰু সমান ব্যক্তিয়ে (নাগৰিকে) নিজৰ ইচ্ছা অনুসৰি নিজৰ বাসস্থান পঢ়া-শুনা কৰাৰ বাবে শিক্ষানুষ্ঠান আদি নিৰ্ণয় কৰি ল’ব পাৰেনে? আৰু (খ) ধনী-দুখীয়া নিৰ্বিশেষে সকলো নাগৰিকে কেতবোৰ মূল অধিকাৰ আৰু সা-সুবিধা ভোগ কৰাটো উচিতনে? প্রথম প্রশ্নটোৰ উত্তৰ দিবলৈ ভাৰতকে ধৰি বহুতো ৰাষ্ট্ৰৰ সংবিধানত সন্নিবিষ্ট কৰা ভ্ৰমণৰ অধিকাৰলৈ আঙুলিয়াব পাৰি। এই অধিকাৰ বিলাক সকলো শ্ৰেণীৰ ব্যক্তিৰ বাবেই গুৰুত্বপূৰ্ণ আৰু প্ৰাপ্য । সৰলীকৰণৰ বাবে কেৱল শ্ৰমিকসকলৰ ক্ষেত্ৰত ইয়াৰ প্ৰযোজ্যতা বিচাৰ কৰি চালেই ছাত্ৰ- ছাত্ৰীসকলৰ মনত স্পষ্ট ধাৰণা উপজিব বুলি বিশ্বাস কৰিব পৰা যায়।
শ্ৰমিকসকলে সাধাৰণতে নিজৰ ঘৰৰ ওচৰত থাকি জীবিকা উপার্জন কৰিবলৈ ভাল পায়। কিন্তু ওচৰতে কৰ্মৰ অভাৱ হ’লে দুৰলৈ, আনকি বিদেশলৈকেও ঢাপলি মেলে। এনেকুৱা কাৰণতে ইটা ভাটাত কাম কৰাত অভিজ্ঞ শ্ৰমিকসকল আমাৰ দেশৰ বিভিন্ন অংশৰ পৰা বিভিন্ন ৰাজ্যৰ গ্ৰাম্যঞ্চললৈ যায়, ৰাজমিস্ত্ৰী আৰু কাঠমিস্ত্ৰীসকলে পকী দালান নিৰ্মাণৰ লাভজনক কাম বিচাৰি নগৰীয়া অঞ্চলত ভিৰ কৰেগৈ, নগৰৰ কাৰখানাবোৰত শিক্ষিত অশিক্ষিত বহুতো কর্মীয়ে নিযুক্তিৰ বাবে ভূমুকি মাৰেগৈ ইত্যাদি। অকল সেয়ে নহয়, বহুতো বৃত্তিধাৰী লোকে জীৱিকাৰ সন্ধানত বিদেশলৈ যোৱাৰো উদাহৰণ কম নহয়। উদাহৰণস্বৰূপে, ব্ৰিটিছৰ আমোলত ভাৰতৰ বহু অংশৰ পৰা অসমৰ চাহ বাগিছাত কাম কৰাৰ বাবে ভালেমান শ্রমিকক স্থায়ীভাৱে লৈ অহা হৈছিল। বৰ্তমান অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগস্বৰূপ চাহ-শ্রমিক জনগোষ্ঠী তাৰ সুন্দৰ প্ৰমাণ। আকৌ অসমত যে চীন দেশীয় কাঠমিস্ত্ৰীসকলে ধুনীয়া-ধুনীয়া গৃহ নির্মাণ কৰিছিলহি, সেই কথাৰো সুন্দৰ প্ৰমাণ পোৱা যায়। স্থানীয় লোকসকলৰ বাবে কৰ্ম সংস্থানৰ নাটনি নোহোৱা পর্যন্তবা তেওঁলোকৰ মনত স্থানীয় চেতনা উদয় নোহোৱালৈ বহিৰাগতসকলৰ উপস্থিত প্ৰত্যাহ্বানৰ সন্মুখীন নহয়। এনে অৱস্থা অৱশ্যে চিৰদিন নচলে। এনে বহিৰাগতসকলৰ সংখ্যা বৃদ্ধি ক্রমে বেছি স্পষ্টৰূপ ধাৰণ কৰে আৰু ফলত পুৰণি বাসিন্দাসকল নিজৰ অস্তিত্ব বিপদাপন্ন হোৱাৰ ভয়ত সঁচকিত হৈ উঠে। সেই কাৰণেই আনকি একেখন ৰাষ্ট্ৰৰে বা একে অঞ্চলৰে অন্য অংশৰ পৰা অহা তথাকথিত বহিৰাগতসকলৰ বহিষ্কৰণৰ বাবেও আন্দোলন গঢ়ি উঠা দেখা যায়। বিদেশী বহিৰাগতসকলৰ কথা ক’বই নালাগে।
একেখন ৰাষ্ট্ৰৰে বা একোটা অঞ্চলৰে অন্য অংশৰ পৰা নাগৰিকসকলৰ কৰ্ম বা বসতি বিপক্ষে চলোৱা আন্দোলনৰ বিষয়ে নিৰপেক্ষ বিচাৰকৰ দৃষ্টিৰে চালে দেখা যায় যে প্রথমতে, আন্দোলনকাৰীসকলৰ দৃষ্টিভংগী সম্পূৰ্ণ পৰিষ্কাৰ বা নিৰপেক্ষনহ’বও পাৰে। উদাহৰণস্বৰূপে ক’ব পাৰি যে ভাৰতৰ অংগৰাজ্যৰ বাসিন্দাসকলে, আনকি এটি ক্ষুদ্র এলেকাৰ মানুহবোৰেও নিজৰ অঞ্চলৰ (ৰাজ্যৰ, জিলাৰ ইত্যাদি) বাহিৰৰ পৰা অহা লোকসকলৰ উপস্থিতিৰ ওপৰত অসিষ্ণুতা প্রকাশ কৰে। সেই সকলক স্থানীয় নহয় বুলি কোৱা হয়। স্থানীয়ৰ এটি সৰ্ববাদীসম্মত অৰ্থ প্ৰকাশ কৰাটো বৰ যেন কঠিন কাম।
কেতিয়াবা সমগ্র বিশ্ববাসীক একে বুলি কোৱা, কেতিয়াবা ক্ষুদ্ৰতৰ গণ্ডীলৈ আহি নিজৰ ৰাজ্যৰ মানুহবোৰেহে একে বুলি ভবা নাইবা তাতোকৈ ‘ক্ষুদ্রতৰ পৰ্যায়ত নিজৰ গাওঁবাসীসকলৰ বাহিৰে অন্যবোৰক বেলেগ বুলি ভবাটো ৰে’লৰ দবাত অলপ আগতে হেঁচা ঠেলা কবি সোমোৱাজনে তেওঁতকৈ পিছত সোমোৱা জনক বেলেগ বুলি ভবাৰ নিচিনা বিসদৃশ নহয়নে, আমি ভাৰতীয়সকলে ভাৰতীয়সকলৰ কোনোবা অন্য ৰাষ্ট্ৰলৈ গৈ অপমানিত হ’লে অসন্তুষ্ট হও, আমাৰ নিজৰ ৰাজ্যৰ পৰা ভাৰতৰে অন্য ৰাজ্যলৈ কৰ্ম সংস্থান বা বিদ্যালাভৰ উদ্দেশ্য গৈ ৰূঢ় ব্যৱহাৰৰ সন্মুখীন হ’লে, খং কৰো নাইবা নিজৰ গাঁওখনৰ পৰা অন্য এখন গাঁৱলৈ দিন হাজিৰা বা বস্তু কিনা-বেচাৰ বাবে যোৱা মানুহ বাধাগ্ৰস্ত হ’লে প্রতিবাদ কৰোঁ। অনুৰূপে আমিও ভাৰতলৈ অহা বিদেশী ভ্রমণকাৰী বা বিশেষজ্ঞসকলৰ প্ৰতি অপমানসূচক ব্যৱহাৰ কৰা অনুচিত। সেইদৰে দিল্লী বা বাংগালোৰলৈ। (মহাৰাষ্ট্ৰ) অন্য ঠাইৰ পৰা যোৱা ছাত্ৰ-ছাত্ৰীসকল কেৰেলাৰ পৰা অন্য ৰাজ্যলৈ যোৱা শুশ্রূষাকাৰী আৰু শুশ্রূষাকাৰিণীসকলৰ নাইবা বিহাৰৰ গ্ৰাম্য অঞ্চলৰ পৰা যোৱা ইটাভাটাত কাম কৰা লোকসকল আক্রান্ত হোৱাটোও নিতান্ত বেয়া কথা। এনে ধৰণৰ বিপৰীত ধাৰণাবোৰৰ ঔচিত্য কেতিয়াওঁ মানি ল’ব নোৱাৰি।
আন এক ধৰণৰ বিসদৃশ আচৰণ দেখা যায় বহিৰাগতসকলৰ প্ৰতি দেখুওৱা আচৰণৰ ক্ষেত্ৰতো সেই দিশত শিক্ষা-প্রশিক্ষণ, বিশেষজ্ঞতা, ধনবল আদিৰ ভিত্তিত এক শ্ৰেণীয়ে সমাজৰ লাভ কৰাৰ বিপৰীতে সাধাৰণ শ্ৰেণীভূক্তসকল অৱহেলিত আৰু কেতিয়াবা উৎপীড়ণৰ বলি হোৱা চকুত পৰে। উদাহৰণস্বৰূপে, সাধাৰণতে নিজৰ অঞ্চলত দুষ্প্রাপ্য প্রশিক্ষিত, বিশেষজ্ঞ আদিক আদৰি আনি গৌৰববোধ কৰাৰ বিপৰীতে নিজৰ অঞ্চলত সহজ লভ্য শ্রমিক শ্ৰেণীভূক্তসকলৰ প্রতি নিতান্ত আসহ্যমূলক আচৰণো কৰা দেখা যায়।
ওপৰত উল্লিখিতবোৰ অগণতান্ত্রিক ভাবধাৰৰ পৰিচায়ক। সেই বুলি প্ৰকৃতৰূপে গণতান্ত্রিক বুলি দাবী কৰা সমাজতো যে বিভিন্ন মত সৃষ্টি হ’ব নোৱাৰে, সেইটোও সঁচা নহয়। তেনে ধৰণৰ মতবিৰোধ মিট মাত কৰাৰ উপায় হিচাপে আলোচনা আৰু প্ৰতিবাদ সর্বোৎকৃষ্ট গণতান্ত্রিক পদ্ধতি বুলি ধাৰণা কৰা হয়। ভাৰতীয় সংবিধান প্রদত্ত প্ৰকাশৰ অধিকাৰৰ গূঢ়তাওঁ সেইটোৱেই। তেনে আলোচনা বা প্রতিবাদ শান্তিপূৰ্ণ হোৱা উচিত। প্ৰতিবাদকাৰী সকলে শোভাযাত্রা ধর্না, কর্মবিৰতি, হতাল, সংবাদপত্ৰ আৰু অন্যন্য প্ৰচাৰ মাধ্যম, ৰাজনৈতিক দল, চৰকাৰী কৰ্তৃপক্ষ আদালত আদিৰ সহায়ত মতবিৰোধ বিচাৰিব পাৰে। মনত ৰাখিবলগীয়া যে গণতন্ত্ৰত শক্তিৰ ব্যবহাৰৰ কোনো গ্রহণযোগ্যতা নাই।
২১৷ সাৰ্বজনীন নাগৰিকত্ব (Universal citizenship) ৰ ধাৰণাটো লিখা? (Write the concept of universal citizenship.)
উত্তৰঃ ৰাষ্ট্ৰ নাগৰিকসকলকলৈ গঠিত হয়। নাগৰিক বুলি পৰিগণিত হোৱাৰ বাবে বৰ্তমান তেনে কোনো যোগ্যতাৰ প্ৰয়োজন নাই। যিসকল ব্যক্তিয়ে কোনো এখন ৰাষ্ট্ৰত স্থায়ীভাৱে বসবাস কৰি ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য দেখুৱাই ৰাষ্ট্ৰই দিয়া অধিকাৰ আৰু নিৰাপত্তা ভোগ কৰে তেওঁলোকক নাগৰিক বোলা হয়।
বর্তমান নাগৰিক শব্দটোয়ে এটা ব্যাপক অর্থক সূচায়। সেয়ে নাগৰিক হিচাপে এখন ৰাষ্ট্ৰত বসবাস কৰা আৰু কাম কৰা সকলো লোকে সমান আৰু সম্পূৰ্ণ সদস্যতা (Full membership) পোৱাৰ অধিকাৰ আছে। আজিকালি বিশ্বৰ প্ৰায়বিলাক দেশে সার্বজনীন নাগৰিকত্বৰ (Universal citizen) ধাৰণাক সমৰ্থন কৰে। সেয়ে হ’লেও সকলো ৰাষ্ট্ৰই নিজৰ দেশৰ বাসিন্দাসকলক নাগৰিক বুলি স্বীকৃত দিয়াৰ বাবে একোটা সুনির্দিষ্ট পদ্ধতি অনুসৰণ কৰে।
এই নীতিবিলাক দেশৰ সংবিধান আৰু আইনত স্পষ্টভাৱে লিপিবন্ধ হৈ থাকে। অৱশ্যে বিদেশী বা অবাঞ্ছিত লোকসকলক বাহিৰত ৰখাৰ কাৰণে ৰাষ্ট্ৰই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষমতাও আছে। ৰাষ্ট্ৰৰ নীতি-নিয়ম তথা প্রতিবন্ধকতা থাকিলেও আমাৰ দেশ ভাৰতকে ধৰি বিশ্বৰ বহুবিলাক দেশত অবৈধ (illegal) অনুপ্রৱেশ চলি থকা দেখা যায়। প্রাকৃতিক দুর্যোগ, আৰু অন্যান্য কিছুমান কাৰণতো এঠাইৰ পৰা আন ঠাইলৈ মানুহৰ প্ৰব্ৰজন হ’ব পা উদাহৰণস্বৰূপে, অভাৱ-অনাটন, জনসংখ্যা বিস্ফোৰণৰ ফলত বাংলাদেশৰ পৰা লাখ লা মানুহ ভাৰতলৈ স্থানান্তৰিত হৈ আছে। কোনো ৰাষ্ট্ৰই যদি তেওঁলোকক আশ্রয় দিব নিবিচাৰে আৰু যদি তেওঁলোকৰ নিজৰ দেশলৈ উভতি যাব পৰা ব্যৱস্থা নাথাকে তেনে ক্ষেত্ৰত এইসকল লোক ৰাষ্ট্রবিহীন (stateless ) অর্থাৎ শৰণাৰ্থী (Refuge) হৈ পৰিব। এনে এটা পৰিস্থিতিত এই শ্ৰেণীৰ মানুহবিলাক ভীষণ সমস্যাৰ সন্মুখীন হ’ব। এনে এটা ভয়াবহতাত মোকামিলা আৰু সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰসংঘই (United nations Organization) এজন উচ্চাযুক্ত (High commissioner) নিযুক্ত কৰিছে।
বৰ্তমান সময়ত এখন দেশৰ নাগৰিক হিচাপে কিমান সংখ্যক মানুহক সামৰি ল’ব পাৰি সেইটো এতিয়া মানৱীয়তা তথা ৰাজনৈতিক সমস্যা হিচাপে পৰিগণিত হৈছে বুলি ক’ব পাৰি। বিভিন্ন কাৰণত নিজৰ ৰাষ্ট্ৰ এৰি পলাই অহা নাগৰিকক আশ্ৰয় দিয়া এটা সাৰ্বজনীন নীতি গঢ়ি উঠিছে যদিও বহুবিলাক ৰাষ্ট্ৰই দেশৰ নিৰাপত্তাক বিপদাপন্ন কৰিব নিবিচাৰে। 1972 চনত বাংলাদেশৰ যুদ্ধৰ ভয়াৱহতাৰ পৰা ৰক্ষা পাবৰ বাবে বহু বাংলাদেশী নাগৰিকে ভাৰতৰ বিভিন্ন ৰাজ্যত আশ্রয় গ্রহণ কৰি আছে। ইয়াৰ উপৰিও চুবুৰীয়া প্ৰায়বোৰ দেশৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশ ঘটি আছে। এই সকলৰ মাজৰ পৰা বহুলোকক নাগৰিকত্ব প্ৰদান কৰা হৈছে। এই ধৰণৰ সমস্যাই গণতান্ত্রিক নাগৰিকত্ব (Democratic citizenship) ৰ প্ৰতি ভাবুকিৰ সূচি কৰিছে বুলি ক’ব পাৰি। ৰাষ্ট্ৰবিহীন লোকৰ সমস্যাটো আজিৰ বিশ্বই সন্মুখীন হোৱা বিভিন্ন সমস্যাবিলাকৰ ভিতৰত অন্যতম। যুদ্ধ বা ৰাজনৈতিক আলোচনাৰ জৰিয়তে ৰাষ্ট্ৰবোৰৰ চাৰিসীমা নিৰ্দ্ধাৰণ কাৰ্য্য এতিয়াও চলি আছে যাৰ ফলত যুদ্ধবন্দী বা তেনে ধৰণে ক্ষতিগ্ৰস্ত হোৱা ব্যক্তিসকলৰ ৰাজনৈতিক পৰিচয় তথা-জীৱনৰ নিৰাপত্তাই সমস্যাৰ সৃষ্টি কৰিছে। তেওঁলোকৰ এই সমস্যাবোৰ জাতীয় নাগৰিকত্বৰ জৰিয়তে সমাধান নহ’বও পাৰে। গতিকে জাতীয় নাগৰিকত্বতকৈ অধিক বিশুদ্ধ সার্বজনীন চিনাকী (Universal Identity) ৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত হ’ব যেন লাগে।
২২। গোলকীয় (বিশ্ব) নাগৰিকত্ব (Global citizenship) কি উদাহৰণসহ আলোচনা কৰা? (Discuss global citizenship with examples.)
উত্তৰঃ সাম্প্ৰতিক কালত গোলকীয় নাগৰিকত্বৰ (Global citizenship) ধাৰণাই ৰাজনীতি বিজ্ঞাপনৰ অধ্যয়ন এক গুৰুত্বপূৰ্ণ জ্ঞান অধিকাৰ কৰি আছে। আজিৰ দিনত মানুহে পৰম্পৰৰ সম্পর্কযুক্ত ৰাষ্ট্ৰত বসবাস কৰে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নতুন নতুন আৱিষ্কাৰ যেনে– ইন্টাৰনেট (Internet), দূৰদৰ্শন (Television), দূভাষ (Cell Phone) আদিৰ প্ৰভাৱে সমগ্ৰ বিশ্বতে এক নতুন দিগম্ভৰ সূচনা কৰিছে। যোগাযোগৰ নতুন মাধ্যমবোৰে সমগ্ৰ বিশ্বক এটা পৰিয়ালত পৰিণত কৰাৰ ফলত পৃথিৱীৰ যিকোনো ঠাইতে সংঘটিত যিকোনো ঘটনা তৎকালেই সংবাদ মাধ্যমৰ জৰিয়তে বিয়পি পৰে। বিশ্বৰ কোনো প্ৰান্তত ঘটা কোনো দুর্যোগ যেনে- যুদ্ধ, প্রাকৃতিক দুৰ্যোগ, ভূমিকম্প ইত্যাদিৰ ফলত বিশ্বৰ সকলো মানুহে কম বেছি। পৰিমাণে ভোগ কৰিব লাগে। ইয়াৰ ফলত বিশ্বৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত সহানুভূতি সচেতনতা আৰু ভ্ৰাতৃত্বৰ ভাব গঢ়ি উঠে।
বিশ্ব সম্প্রদায় অর্থাৎ গোলকীয় সম্প্রদায় (Global society on community) ৰ অৱস্থিতি এতিয়ালৈকে নাই যদিও সমগ্ৰ বিশ্বৰ জনসাধৰণে ৰাষ্ট্ৰীয় পৰিসীমা অতিক্ৰম কৰি পৰস্পৰ সম্পর্কযুক্ত হৈ আছে। বিশ্ব নাগৰিকত্বৰ সমৰ্থকসকলৰ মতে বিশ্বৰ কোনো এখন দেশ বা কোনো অঞ্চলৰ জনসাধাৰণে প্ৰাকৃতিক দুর্যোগ বা আন কোনো কাৰণত ক্ষতিগ্ৰস্ত হ’লে পৃথিৱীৰ সকলো ঠাইৰ পৰা সহায়ৰ হাত আগবঢ়াই এনে ধৰণৰ সহায় সহযোগিতাই এখন বিশ্ব সমাজ গঠনৰ ইংগিত বহন কৰে বুলি ক’ব পাৰি। গোলকীয় নাগৰিকত্বৰ বাবে এইটো এটা দৃঢ় পদক্ষেপ বুলি ক’ব পাৰি।
আজিৰ বিশ্বত মৰ্য্যদা তথা সন্মান সহকাৰে জীয়াই থকাৰ কাৰণে প্ৰয়োজনীয় অধিকাৰ আৰু নিৰাপত্তাকে ধৰি সকলো সা-সুবিধা কোনো এখন দেশৰ জাতীয় নাগৰিকত্বই (National Citizenship) প্রদান কৰিব লাগে। কিন্তু আজিৰ সমস্যা বহুল ৰাষ্ট্ৰবিলাকে জাতীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এনে কিছুমান সমস্যাৰ সন্মুখীন হৈছে যাৰ বাবে সিবিলাকে অকলশৰীয়াকৈ সকলো সমস্যা সমাধান কৰা সম্ভৱ নহয়। এনে এটা পৰিস্থিতি কোনো ৰাষ্ট্ৰই প্ৰদান কৰা অধিকাৰবোৰ ব্যক্তিৰ স্বাধীনতাক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে পর্যাপ্ত পৰিমাণৰ হ’ব বুলি ক’ব নোৱাৰি। গতিকে মানৱ অধিকাৰ (Human Rights) আৰু গোলকীয় নাগৰিকত্বৰ (Global citizenship) ৰ প্রয়োজনীয়তা নিশ্চয় আছে।
গোলকীয় নাগৰিকত্বই ৰাষ্ট্ৰৰ চাৰিসীমাৰ বাহিৰত সৃষ্টি হোৱা সমস্যাবোৰৰ আশু সমাধানৰ কাৰণে সহায়ক হ’ব বুলি বহু গৰাকী মণিষীয়ে মন্তব্য কৰিছে। কিয়নো এনে কিছুমান সমস্যা আছে যিবোৰ সমাধানৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰৰ সহযোগ আৰু সহায় অতিকৈ প্ৰয়োজনীয় বুলি বিবেচনা কৰা হয়। উদাহৰণস্বৰূপে, ভগনীয়া বা ৰাষ্ট্ৰ বিহীন লোকসকলৰ কথা উনুকিয়াব পাৰি। এনে লোকৰ সমস্যাসমূহৰ সমাধানৰ বাবে আন আন ৰাষ্ট্ৰৰ সহায় আৰু সহযোগিতা নিশ্চয় লাগিব। মুঠতে জাতীয় নাগৰিকত্বৰ অভাৱখিনিক গোলকীয় নাগৰিকত্বৰ জৰিয়তে সমাধান কৰা সম্ভৱ হ’ব।
এইবোৰৰ উপৰিও নিয়োগ আৰু চৰকাৰী সহায় পোৱাৰ অধিকাৰ (Right to complyment and public Assisfarce) শোষণ আৰু উৎপীড়ণৰ পৰা মুক্তি পোৱাৰ অধিকাৰ (Right to freedom from explaitation and oppression) স্বাস্থ্য ৰক্ষাৰ অধিকাৰৰ (Right to protection of health) আদি সামাজিক অধিকাৰৰ অন্তভুর্ক্ত। সেয়েহে উল্লেখিত আলোচনাসমূহৰ পৰা এইটো কথা স্পষ্ট হয় যে সামাজিক অধিকাৰৰ অনুপস্থিত নাগৰিকে সুস্থ, সবল, সামাজিক জীৱন-যাপন কৰিব নোৱাৰে। নাগৰিকে সুস্থ সামাজিক পৰিবেশতহে শান্তিৰে বাস কৰিব পাৰে।
দেখা যায় যে প্রাকৃতিক বিপদ, কর্মসংস্থানৰ অভাৱ যুদ্ধ আৰু হিংসা, সন্ত্রাসবাদী আক্রমণ নানাধৰণৰ ৰোগৰ তাড়ণা আৰু বিশেষকৈ অন্ন, বস্ত্র, বাসস্থান আদিৰ অভাৱৰ পৰা ৰক্ষা পৰাৰ একমাত্র উপায় হৈছে সমগ্ৰ পৃথিৱীৰ সহানুভূতি আৰু সহযোগ। এনে মহান উদ্দেশ্য সাধাৰণৰ বাবে চিন্তা কৰি উলিওৱা ব্যৱস্থাটোক বিশ্বায়ন বা গোলকীকৰণৰ নাম দিয়া হৈছে। কল্পনা কথা হৈছে যে বিশ্বায়নে সমগ্ৰ পৃথিৱীখনক এখন গাঁৱৰ নিচিনা কৰি পেলাব অৱশ্যে গোলকীকৰণ এতিয়াও কল্পনাৰ বস্তুৱেই হৈ আছে। ইয়াৰ সুবিধা-অসুবিধাবোৰৰ বিষয়ে ভবিষ্যদ্বাণী কৰিব পৰা এতিয়াও হোৱা নাই।
বিশ্বায়ন ব্যৱস্থা নিষ্ঠাৰে বাস্তৱত পৰিণত কৰিব পাৰিলে বৰ্তমান প্ৰচলিত ৰাষ্ট্ৰীয় পৰিসীমা আৰু নাগৰিকত্ব ব্যৱস্থা অপ্ৰাসংগিক হ’ব আৰু সেই ঠাই বিশ্বজনীন নাগৰিকত্বৰ ধাৰনাই পূৰণ কৰিব বুলি বহুতে ভাৱে।
২৩। ৰাষ্ট্ৰ (State) বুলিলে কি বুজা? সংজ্ঞা দিয়া। (What do you mean by state? Define.)
উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ মূল বিষয়বস্তু হ’ল ৰাষ্ট্ৰ। ৰাষ্ট্ৰৰ উৎপত্তি ক্ৰমবিকাশ, গঠন প্রণালী বৈশিষ্ট্য, নীতি আৰু আদৰ্শ আদি আলোচনা কৰা ৰাজনীতি বিজ্ঞানৰ প্ৰধান তথা মুখ্য কাম। সেয়েহে মানৱ জীৱনৰ নানা প্রয়োজন চৰিতাৰ্থ কৰাৰ কাৰণেই যেন ৰাষ্ট্ৰৰ সৃষ্টি হৈছে। তাৰ কাৰণে প্ৰয়োজন হয় সুশৃঙ্খল সমাজ জীৱনৰ। ৰাষ্ট্ৰ অবিহনে সমাজ জীৱন সম্ভৱ নহয়। ৰাষ্ট্ৰৰ জৰিয়তেহে জীৱনৰ সাৰ্থকতা আৰু পৰিপূৰ্ণতা লাভ কৰিব পৰা যায় ৷
ৰাষ্ট্ৰ জনসাধাৰণৰ এক সর্ববৃহৎ সস্থা। প্রাচীন কালত গ্ৰীক সকলে ৰাষ্ট্ৰক পলিচ (Polis) নামেৰে অভিহিত কৰিছিল। ৰোমান সকলে সেই একে অৰ্থ বুজাবলৈ চিভিটাছ (civitus) শব্দটোক ব্যৱহাৰ কৰিছিল। এই পলিচ (Polis) আৰু চিভিটাছ (civitus) শব্দ দুটাৰ অৰ্থ আছিল সৰু-সৰু নগৰ ৰাষ্ট্ৰ। টিউটন (Tution) সকলে সেই একে অৰ্থ বুজাবলৈ ষ্টেটাছ (Status) শব্দটোক ব্যৱহাৰ কৰিছিল। শেষত ষ্টেটাছ শব্দৰ পৰাই ষ্টেট বা ৰাষ্ট্ৰ শব্দটোৰ উদ্ভৱ হৈছে বুলি কোৱা হয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰ শব্দটো পোন প্রথমে মেকিয়াভেলিয়ে (Machiavelli) তেওঁৰ ‘The Prince’ নামৰ গ্ৰন্থত ব্যৱহাৰ কৰে। তেতিয়াৰ পৰাই ৰাষ্ট্ৰ শব্দটোক জনপ্রিয়ভাৱে ব্যৱহাৰ কৰা হয়। ৰাষ্ট্ৰ কাক বোলে এই কথাৰ উত্তৰ দিবলৈ গৈ নানাজনে নানা ধৰণৰ মত দাঙি ধৰিছে। অতীত কালত গ্ৰীকসকলে ৰাষ্ট্ৰ শব্দটো তেওঁলোকৰ নগৰ ৰাষ্ট্ৰক বুজাবলৈ ব্যৱহাৰ কৰিছিল। বৰ্তমান সময়ত ৰাষ্ট্ৰ শব্দটোক বহুতো অৰ্থত ব্যৱহাৰ কৰা হয়। তথাপি ৰাষ্ট্ৰৰ বিষয়ে এইটো ক’ব পৰা যায় যে যেতিয়া কিছুমান মানুহে কোনো এক নিৰ্দিষ্ট ঠাইত বাস কৰে আৰু তেওঁলোকৰ নিজা স্বাধীন চৰকাৰ থাকে তেতিয়াই তেওঁলোকে এখন ৰাষ্ট্ৰ গঠন কৰা বুলি কোৱা হয়।
সাধাৰণ অৰ্থত ৰাষ্ট্ৰ হৈছে ৰাজনৈতিকৰূপে সংগঠিত সমাজ। ৰাষ্ট্ৰৰ সংজ্ঞা বিভিন্ন ৰাজনীতি বিজ্ঞানবিদে বিভিন্ন ধৰণে দিছে। প্রাচীন গ্রীক দার্শনিকে আৰু ৰাজনীতিবিদ এৰিষ্ট টলৰ মতে, “সুস্থ আৰু স্বাৱলম্বী জীৱন-যাপন কৰিবলৈ কিছুমান পৰিয়ালৰ আৰু গাঁৱৰ সমষ্টিয়ে হ’ল ৰাষ্ট্ৰ।” মার্কিন যুক্তৰাষ্ট্ৰৰ ভুতপূৰ্ব ৰাষ্ট্ৰপতি উদ্র উইলচনৰ মতে, “কোনো নির্দিষ্ট ভূ-খণ্ডত আইন অনুসাৰে সংগঠিত জনসমষ্টিক ৰাষ্ট্ৰ বোলে। (A state is a people organised for law without a definite territory)।” জার্মান লেখক ব্লান্টস্লিৰ মতে, “কোনো নিৰ্দিষ্ট ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা জনসাধাৰণৰ ৰাজনৈতিক সংগঠনহৈ-হৈছে ৰাষ্ট্ৰ (The state is a politically organised people of a definite territory)”.
অধ্যাপক বার্জেচৰ মতে, “নিৰ্দিষ্ট ভূ-খণ্ডৰ মানুহৰ সংঘবদ্ধ জীৱনকে ৰাষ্ট্ৰ বোলে। (A particular portion of mankind viewed as an organised unit).”
অপেনহেইমৰ মতে, (Oppenheim) “যেতিয়া জনসাধাৰণে এক সার্বভৌম চৰকাৰৰ অধীনত এখন দেশত এক গোট হৈ বাস কৰে তেতিয়া ৰাষ্ট্ৰৰ সৃষ্টি হয় (The state exit when a people is settled in a country under its own sovereign government)।”
অধ্যাপক গানাৰৰ মতে, ৰাষ্ট্ৰ হ’ল কম বেছি পৰিমাণৰ কিছুমান জনসমষ্টি যি চিৰস্থায়ীভাৱে নির্দিষ্ট ভূ-খণ্ড অধিকাৰ কৰি থাকে আৰু যি বহিঃ শক্তিৰ তলতীয়া নহয় আৰু যাৰ বেছিভাগ মানুহৰে আনুগত্য থকা এটা সুসংগঠিত চৰকাৰ আছে। (According to Garmen, The state is a community of persons, more or less members Permanently occupying a definite portion of territory, independent or nearly so, of external control and possessing an organised government to which the great body of inhabitants render habitual obedience.)
অধ্যাপক গাণাৰৰ এই সংজ্ঞাই ৰাষ্ট্ৰৰ সকলো প্রয়োজনীয় গুণাগুণক সামৰি লৈছে। তেওঁৰ মতে কিছু মানুহে এটা সংগঠিত চৰকাৰ লৈ কোনো নির্দিষ্ট ভূ-খণ্ডত থাকি তাৰ ওপৰত সার্বভৌম ক্ষমতাক প্ৰয়োগ কৰিবলৈ সমৰ্থ হ’লে সেয়েই ৰাষ্ট্ৰৰ নাম পাব।
২৪। ৰাষ্ট্ৰ গঠনৰ প্ৰয়োজনীয় উপাদানসমূহ কি কি? (What are the essential elements of state formation.)
উত্তৰঃ জনসমষ্টি, নিৰ্দিষ্ট ভূ-খণ্ড, চৰকাৰ আৰু সাৰ্বভৌমত্ব।
(ক) জনসমষ্টিঃ জনসংখ্যা হ’ল ৰাষ্ট্ৰ অতি প্রয়োজনীয় বৈশিষ্ট্য বা উপাদানষ জনসংখ্যা বা জনসমষ্টি অবিহনে এখন ৰাষ্ট্ৰৰ বিষয়ে কল্পনা কৰিব নোৱাৰি। কোনো ঠাইত কিছুমান মানুহ স্থায়ীভাৱে সংঘবদ্ধ হৈ বসবাস কৰিলেই ৰাষ্ট্ৰৰ উৎপত্তি হয় ৰাষ্ট্ৰ এখনত জনসংখ্যাৰ কোনো সীমাৱদ্ধতা নাই। প্লেটোৱে এখন ৰাষ্ট্ৰত ৫০৪০ জন মানুহ আৰু এৰিষ্ট টলে এখন ৰাষ্ট্ৰৰ জনসংখ্যা অতি কমেও ১০,০০০ হ’ব লাগে বুলি কৈছিল। অৱশ্যে এটা কথা ঠিক যে জনবহুল দেশত ৰাষ্ট্ৰীয় উন্নয়নত সমস্যা সৃষ্টি হয় আৰু কম জনসংখ্যাৰ দেশবোৰতো নিৰাপত্তাৰ সমস্যাই দেখা দিয়ে।
(খ) ভূ-খণ্ডঃ নির্দ্দিষ্ট এডোখৰ ভূ-খণ্ড ৰাষ্ট্ৰ এখনৰ বাবে আটাইতকৈ প্রয়োজনীয় বৈশিষ্ট্য। নিৰ্দ্দিষ্ট ভূ-খণ্ড অবিহনে ৰাষ্ট্ৰ হ’ব নোৱাৰে। ৰাষ্ট্ৰৰ ভূ-খণ্ডত জলভাগ, স্থলভাগ, আকাশ মার্গ ইত্যাদিকো ধৰা হয়। ভূ-গৰ্ভৰ খনিজ সম্পদকো ইয়াৰ এলেকাৰ ভিতৰত ধৰা হয়। এখন ৰাষ্ট্ৰৰ ভৌগোলিক সীমাৰেখা কম হলে নাগৰিক সকলৰ ৰাজনৈতিক চেতনা, দেশপ্রেম বৃদ্ধি পায় আৰু অৰ্থনৈতিক ভাৱে আত্মনিৰ্ভৰশীল হ’ব লাগে। এনে ৰাষ্ট্ৰৰ প্ৰশাসনীয় সমস্যাও সহজ হৈ পৰে। আধুনিক চিন্তাবিদ সকলে মত পোষণ কৰে যে আর্থিক বিষয়ত আত্মনিৰ্ভৰশীল হ’বলৈ হ’লে ৰাষ্ট্ৰৰ পৰিসীমা এনেদৰে বৃদ্ধি হ’ব লাগে যাতে প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক সম্পদ লাভ কৰিবলৈ সক্ষম হ’ব। ইয়াৰোপৰি বৈদেশিক আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ তাৰ প্ৰতিৰক্ষা সুদৃঢ় কৰাটো সম্ভৱপৰ হ’ব।
(গ) চৰকাৰঃ এখন ৰাষ্ট্ৰ পৰিচালনাৰ বাবে সু-সংগঠিত আৰু সু-প্রতিষ্ঠিত চৰকাৰ থাকিবই লাগিব। চৰকাৰৰ জৰিয়তে ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতা প্রতিফলিত হয়। ই জনসমষ্টিক সু-সংবদ্ধ আৰু সুশৃংখল কৰে। চৰকাৰ হ’ল ৰাষ্ট্ৰ চলিব নোৱাৰে। জনসাধাৰণৰ আশা-আকাংখ্যাক বাস্তৱত ৰবপ দিবলৈ, কোনো সমাজ পৰিচালিত কৰিবলৈ, জনসাধাৰণৰ নিৰাপত্তা প্রদান কৰিবলৈ এখন সুংসগঠিত আৰু সু-প্রতিষ্ঠিত চৰকাৰৰ প্ৰয়োজন হয়। চৰকাৰেহে ৰাষ্ট্ৰক ইচ্ছাক বাস্তৱ ৰূপ দিব পাৰে। ইয়াৰ অবিহণে ৰাষ্ট্ৰত অৰাজকতা, হোৱাৰ লগতে, নিৰাপত্তা বিপদাপন্ন হ’ব। চৰকাৰৰ বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে। যেনে, কেকেন্দ্ৰীক চৰকাৰ, সংসদীয় চৰকাৰ, ৰাষ্ট্ৰপতি পৰিচালিত চৰকাৰ, গণতান্ত্ৰিক চৰকাৰ, যুক্তৰাষ্ট্ৰীয় চৰকাৰ আদি। তদুপৰি ৰাষ্ট্ৰৰ কাৰ্য সম্পাদনৰ বাবে আইন পালিকা, কাৰ্যপালিকা আৰু ন্যায়পালিকা এই তিনি প্ৰকাৰৰ চৰকাৰ থাকে।
(ঘ) সার্বভৌমত্বঃ সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ গঠনৰ আটাইতকৈ প্ৰয়োজনীয় বৈশিষ্ট্য। ৰাষ্ট্ৰৰ প্রান প্ৰতিষ্ঠাৰ বাবে সাৰ্বভৌমত্ব অতি প্রয়োজনীয়। বিভিন্ন ৰাজনীতিবিদে ৰাষ্ট্ৰৰ বাবে সাৰ্বভৌম ক্ষমতাই সর্বোচ্চ, অসীম, অবিভাজ্য ধ্বংসহীন বুলি অভিহিত কৰিছে। সার্বভৌম ক্ষমতা বহিঃ নিয়ন্ত্ৰণৰ পৰাও মুক্ত। কোনো বেলেগ দেশে বেলেগ দেশৰ সাৰ্বভৌমত্বক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সাৰ্বভৌমত্ব হৈছে এখন ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা যাৰ দ্বাৰা ৰাষ্ট্ৰখনে বিশিষ্ট সত্বা লাভ কৰে। সাৰ্বভৌমত্বৰ আভ্যন্তৰীন আৰু বাহ্যিক এই দুটা দিশ আছে।
(ঙ) স্থায়িত্বঃ স্থায়িত্বও ৰাষ্ট্ৰৰ এটা অতি প্রয়োজনীয় বৈশিষ্ট্য বা উপাদান। বহুতো ৰাজনীতিবিদৰ মতে ৰাষ্ট্ৰৰ ধাৰাবাহিকতা থকা প্ৰয়োজন। অর্থাৎ ৰাষ্ট্ৰ খনত এবাৰ গঠন হোৱা চৰকাৰ পৰিৱৰ্তন হ’লেও ৰাষ্ট্ৰৰ স্থায়িত্বত ব্যাঘাট জন্ম নহয়।
(চ) স্বীকৃতিঃ ৰাষ্ট্ৰ এখনৰ মানদণ্ড নিৰূপণৰ ক্ষেত্ৰত পৰৰাষ্ট্ৰীয় স্বীকৃতিৰ প্ৰয়োজন হয়। অর্থাৎ এখন ৰাষ্ট্ৰক অন্য ৰাষ্ট্ৰই স্বীকৃতি দিলেহে ৰাষ্ট্ৰখন ৰাষ্ট্ৰৰূপে গণ্য কৰা হয়। পৰৰাষ্ট্ৰৰ স্বীকৃতি নোপোৱা ৰাষ্ট্ৰ হ’লে সেই ৰাষ্ট্ৰখনৰ লগত অন্য ৰাষ্ট্ৰই সম্পৰ্ক ৰক্ষা অন্যান্য ৰাষ্ট্ৰই সেই ৰাষ্ট্ৰখনক ৰাষ্ট্ৰ বুলি মানি ল’ব।
২৫। প্ৰকৃতিৰ ৰাজ্য (State of nature) বুলিলে কি বুজা লিখা? (What do you mean by the state of nature?)
উত্তৰঃ ৰাষ্ট্ৰৰ উৎপত্তিৰ সম্পৰ্কে থকা বিভিন্ন কাল্পনিক মতবাদবিলাকৰ ভিতৰত সামাজিক চুক্তি মতবাদটোৱেই আটাইতকৈ বেছি প্ৰসিদ্ধ এই মতবাদ মতে ৰাষ্ট্ৰ ঈশ্বৰে সৃষ্টি কৰা নাই আৰু বল প্রয়োগৰ দ্বাৰাও ৰাষ্ট্ৰ গঠন হোৱা নাই। ৰাষ্ট্ৰ হৈছে সামাজিক চুক্তিৰ ফলাফল।
এই মতবাদ অনুসৰি চুক্তিৰ মাধ্যমেৰে ৰাষ্ট্ৰৰ উৎপত্তি হয়। মানুহে আগতে এনেদৰে জীৱন-যাপন কৰিছিল য’ত ৰাষ্ট্ৰ আৰু সমাজৰ কথা নাছিল। ৰাষ্ট্ৰ স্থাপিত হোৱাৰ এই অৱস্থাক ‘প্ৰকৃতিৰ ৰাজ্যত কোনো নীতি-নিয়ম-কানুন নাছিল। যিয়ে যেনেকৈ পাৰে জীৱন-যাপন কৰিছিল। এনে অৱস্থাত মানুহে কেৱল কিছুমান প্রাকৃতিক নিয়ম (Natural laws) মানি চলিছিল। এনে ধৰণৰ জীৱন-যাত্ৰাৰ পথত মানুহবিলাকে যেতিয়া কষ্ট আৰু অসুবিধা পাব ধৰিলে, তেতিয়া এই অসুবিধাবোৰ দূৰ কৰাৰ কাৰণে সকলো মিলি তেওঁলোকৰ মাজত এটা চুক্তি সম্পাদন কবে। এই চুক্তিকে সামাজিক চুক্তি (Social Contract) বুলি কোৱা হয় আৰু এই চুক্তিৰ ফলস্বৰূপেই ৰাষ্ট্ৰৰ উৎপত্তি (Emergency of state) হয়।
২৬। সামাজিক চুক্তি তত্ত্বটো কি লিখা। এই তত্বৰ সৈতে জড়িত তিনিগৰাকী প্ৰধান প্ৰৱভাৰ বৰঙণি সমূহ আলোচনা কৰা লগতে সমালোচনা দাঙি ধৰা। (Write the social contract theory? Discuss the contributions of the three main proponents involved with this theory.)
উত্তৰঃ সামাজিক চুক্তি তত্ত্ব (Social Contract theory) অতি প্রাচীন মতবাদ। সামাজিক চুক্তি ৰাষ্ট্ৰৰ উৎপত্তি সম্পর্কে বিভিন্ন মতবাদ সমূহৰ ভিতৰত অন্যতম। এই মতবাদে অকল ৰাষ্ট্ৰৰ উৎপত্তিৰ কাৰণেই বিশ্লেষণ কৰা নাই, ই ৰাষ্ট্ৰৰ প্ৰকৃতি বিশ্লেষণতো বিশেষ সহায়ক। সেয়েহে ৰাষ্ট্ৰক সামাজিক চুক্তিৰ ফল বুলিলে অভিহিত কৰা হয়। ৰাষ্ট্ৰৰ সৃষ্টি হোৱাৰ আগতে মানুহে প্ৰকৃতিৰ ৰাজ্যত বসবাস কৰিছিল য’ত কোনো আইন-কানুন-নীতি নিয়ম নাছিল। মানুহে আনকি এনেদৰে বসবাস কৰিছিল যত কোনো সমাজ আৰু ৰাষ্ট্ৰৰ কথাও নাছিল। সেয়ে ৰাষ্ট্ৰ গঠনৰ আগৰ এই অৱস্থাক (State of Nature) অর্থাৎ প্ৰকৃতিৰ ৰাজ্য বুলিয়েই অভিহিত কৰা হৈছিল য’ত যিয়েই যেনেকৈ পাৰে তেনেকৈয়ে জীবন যাপন কৰিছিল। এনে অৱস্থাত মানুহে কেৱল কিছুমান (Natural law) অর্থাৎ প্রাকৃতিক নিয়ম মানি চলিছিল আৰু এনে ধৰণৰ জীৱন-যাত্ৰাৰ পথত মানুহবিলাকে যেতিয়া কষ্ট আৰু অসুবিধা পাবলৈ ধৰিলে তেতিয়া এই অসুবিধাবোৰ দূৰ কৰিবৰ বাবে সকলো মিলি তেওঁলোকৰ মাজত এটা চুক্তি সম্পাদন কৰিলে। এই চুক্তিকে সামাজিক চুক্তি বুলি অভিহিত কৰা হয় আৰু এই চুক্তিৰ ফলস্বৰূপেই ৰাষ্ট্ৰৰ সৃষ্টি হয়।
আধুনিক দৃষ্টিভংগীত এই মতবাদৰ তিনিজন প্ৰসিদ্ধ প্ৰৱক্তা হ’ল- থমাচ হ’বচ, জন ল’ক আৰু জ্যা জেক কছো। এওঁলোক তিনিজন ক্রমে সপ্তদশ আৰু অষ্টাদশ শতিকাৰ ৰাজনৈতিক দার্শনিক আৰু প্ৰত্যকে সামাজিক চুক্তি সম্পর্কে নিজৰ নিজৰ বিভিন্ন মন্তব্য দাঙি ধৰিছে।
(ক) থমাচ হ’বচৰ সামাজিক চুক্তি মতবাদ (Social Contract theory of Thomas Hobbes): থমাচ হ’বচ সপ্তদশ শতাব্দীৰ ইংলণ্ডেৰ এগৰাকী প্ৰসিদ্ধ দার্শনিক। ১৬৫১ চনত প্ৰকাশিত তেওঁৰ বিখ্যাত গ্রন্থ লেভিয়াথান (Leviathan) ত সামাজিক চুক্তি (Social Contract) সম্পর্কে তেওঁৰ মতামত আগৱঢ়াইছে।
হ’বচৰ মতে, ৰাষ্ট্ৰ জন্ম হোৱাৰ আগতে মানুহে প্রাকৃতিক অৱস্থাত জন্তু আদিয়ে বাস কৰাৰ দৰে বাস কৰিছিল। প্ৰত্যেকে তেতিয়া প্রতি মূহুর্ততে মৃত্যুৰ কাৰণে ভয় কৰি আছিল। মানুহৰ তেতিয়া সামাজিক চেতনা নাছিল। মানুহে মানুহৰ ভয়ত নিঃসংগ জীৱন যাপন কৰিছিল। ফলত মানুহৰ জীৱন হৈ পৰিছিল নিঃসংগ, দাৰিদ্ৰপূৰ্ণ, পার্শ্বৱিক আৰু অনিশ্চিত (The state of Nature became a state of war of all against all which made life solitary, poor, nasty, brutish and short) এই অৱস্থাত জীৱনৰ কোনো নিৰাপত্তা নাছিল, ফলত মানুহৰ মাজত হাই-কাজিয়া, বাদ-বিবাদৰ মীমাংসা কৰিবলৈ কোনো উমৈহতীয়া সার্বভৌম কর্তৃপক্ষ নথকাত ‘জোৰ যাৰ মুলুক তাৰ’ নীতিৰ মাজেৰে মানুহে বাস কৰিব লাগিছিল। প্রকৃতি ৰাজ্যৰ এই অৰাজকতা আৰু জীৱন-যাপন আদিৰ অনিশ্চিয়তাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে মানুহবিলাকে একগোট হৈ চুক্তি এটাত উপনীত হয়। এই চুক্তিক সামাজিক চুক্তি বোলা হয়।
এই চুক্তি অনুযায়ী প্রত্যকজন মানুহে তেওঁৰ সকলোবোৰ ব্যক্তিগত অধিকাৰ কোনো এজন ব্যক্তি বা ব্যক্তি সমষ্টিৰ (Assembly of men) ওচৰত সমৰ্পণ কৰিছিল। এই ব্যক্তি ব্যক্তি সমষ্টি হ’ল তেওঁলোকৰ উমৈহতীয়া কর্তৃপক্ষ। এই কৰ্তৃপক্ষৰ ওচৰত শাসনৰ দায়িত্ব ন্যস্ত কৰা হ’ল? যিজনৰ হাতত অধিকাৰবোৰ অৰ্পণ কৰিলে তেৱে সৰ্বশক্তিমান বা ৰজা। তেওঁ চুক্তিত আৱদ্ধ নাছিল, মানুহবিলাকে নিজৰ হাতত কোনো অধিকাৰ নৰখাকৈ সকলো অধিকাৰ শাসকৰ ওচৰত অৰ্পণ কৰিছিল। গতিকে ৰজা সৰ্বশক্তিমান তেওঁক ক্ষমতাচ্যুত কৰিব নোৱাৰি। এনেদৰে প্রাকৃতিক অৱস্থাত বসবাস কৰা মানুহবোৰৰ মাজত হোৱা পাৰস্পৰিক চুক্তিৰ ফলতেই হ’বচৰ মতে ৰাষ্ট্ৰৰ সৃষ্টি হয়।
হ’বচৰ মতবাদৰ সমালোচনাঃ হ’বচৰ সামাজিক চুক্তি মতবাদৰ কোনো ঐতিহাসিক মূল্য নাই। মানুহৰ মাজত হোৱা চুক্তিৰ পৰা ৰাষ্ট্ৰৰ উৎপত্তি হোৱা সম্পৰ্কত ইতিহাসত কোনো উল্লেখ নাই।
হ ‘বচৰ সামাজিক চুক্তি অস্বাভাৱিক। হ’বচৰ মতে, চুক্তি আছিল একপক্ষীয়। সার্বভৌম ক্ষমতাৰ অধিকাৰী ব্যক্তি ৰজা চুক্তিৰ অংশীদাৰ নহয়। তেওঁ চুক্তিত অংশ গ্ৰহণ কৰা নাই। কিন্তু কোনো চুক্তি হ’ব লাগিলে দুটাৰ পক্ষৰ দৰকাৰ। এক পক্ষীয় চুক্তি কেতিয়াও সম্ভৱ নহয় ই অৱাস্তৱ।
হ’বচৰ মতে, প্রাকৃতিক অৱস্থাত বাস কৰা মানুহবোৰৰ কোনো সমাজ নাছিল আৰু লগতে কৈছে যে তেনে অৱস্থাত তেওঁলোকে কিছুমান প্রাকৃতিক অধিকাৰ উপভোগ কৰিছিল। কিন্তু সমাজ বা ৰাষ্ট্ৰ নোহোৱাকৈ কোনো অধিকাৰ জনম হ’ব নোৱাৰে। অর্থাৎ সমাজ নোহোৱাকৈ অধিকাৰ কল্পনা কৰিবই নোৱাৰি। সমাজ তথা ৰাষ্ট্ৰৰ পৰাহে অধিকাৰ আহে। গতিকে হ’বচে এটা পৰম্পৰা বিৰোধী বিষয়ৰ অৱতাৰণা কৰিছে।
লেভিয়াথান গ্ৰন্থত হ’বচে গণ-শক্তিক অস্বীকাৰ কৰিছে। যিসকলে সামাজিক চুক্তি সম্পাদন কৰিছিল। সেইজনে সাধাৰণক তেওঁ নিকৃষ্ট স্তৰৰ জীৱ হিচাপে চিত্ৰিত কৰিছে। জনসাধাৰণক এনেদৰে চিত্ৰিত কৰাটো সমীচিন নহয়।
হ’বচৰ সামাজিক চুক্তি বিপদজনক। ই ৰজাক স্বেচ্ছাচাৰীৰ হ’বলৈ সুবিধা দিয়ে। গণ সার্বভৌমত্বক ইয়াত আওকাণ কৰা হৈছে।
বহু ত্রুটি থকা সত্বেও হ’বচৰ মতামত একেদৰে সাৰশূন্য নহয়। হ’বচে ৰাজনৈতিক আনুগত্য আৰু বিধিগত সার্বভৌমত্বৰ স্থাপন কৰি গৈছে। তাৰোপৰি ৰাজনৈতিক জীৱনত নিয়মানুবর্তিতাৰ প্রয়োজনৰ বিষয়ে গুৰুত্ব আৰোপ কৰা প্ৰথম দাৰ্শনিক (Hobbes is the first philosopher of description)। হ’বচৰ সাৰ্বভৌমত্বৰ ধাৰণাক ভেটি কৰি লৈ পৰৱৰ্তী কালত জন অষ্টিনে তেওঁৰ বৈধ সাৰ্বভৌমত্বৰ ধাৰণাৰ তত্ত্ব দাঙি ধৰিছিল।
(খ) জন ল’কৰ সামাজিক চুক্তি মতবাদ (Social Contract Theory of John Locke): জন ল’ক সপ্তদশ শতিকাৰ এজন প্ৰখ্যাত ইংৰাজ ৰাজনৈতিক চিন্তাবিদ আছিল। ৰাষ্ট্ৰ সৃষ্টিৰ সামাজিক চুক্তিবাদী দার্শনিকসকলৰ ভিতৰত হ’বচৰ পিছতেই জন ল’কৰ স্থান। জন ল’কে ১৬৯০ চনত প্ৰকাশিত (Two Treatire on civil government) নামৰ গ্ৰন্থৰ সামাজিক চুক্তি তত্ত্বৰ ব্যাখ্যা দাঙি ধৰিছে। জনগণৰ সন্মতিৰ ভিত্তিত সীমিত ৰাজতন্ত্র (Limited Monarcly) প্ৰতিষ্ঠা কৰা ল’কৰ সামাজিক চুক্তিৰ মুখ্য উদ্দেশ্য আছিল। হ’বচৰ দৰে ল’কেও কৈছিল যে ৰাষ্ট্ৰ গঠনৰ আগত মানুহে প্ৰাকৃতিক পৰিবেশত বাস কৰিছিল, ল’কব মতে প্রাকৃতিক পৰিবেশ হ’বচে কল্পনা কৰাৰ দৰে সিমান বেয়া নাছিল। হ’বচে প্ৰকৃতিৰ ৰাজ্যৰ এক ভয়াৱহ ছবি দাঙি ধৰিছিল, যিটো ল’কে দাঙি ধৰা নাছিল, কিয়নো ল’কৰ মতে, প্রাকৃতিক পৰিবেশ আছিল শান্তি, শুভেচ্ছা আৰু পাৰস্পৰিক সহযোগিতা (a state of peace goodwill, mutual assistance and preservation) প্রকৃতি ৰাজ্যত হাই-কাজিয়া নাছিল। তাত শাস্তি সাম্য আৰু স্বাধীনতাই বিৰাজ কৰিছিল। মানুহে প্ৰাকৃতিক নিয়ম (Law of nature) মতে শান্তি আৰু শৃংলাৰ মাজত জীৱন-যাপন কৰিছিল। আন কথাত, ল’কৰ প্ৰাকৃতিক পৰিবেশত মানুহে সাম্যৰ জৰিয়তে সমান অধিকাৰ উপভোগ কৰিছিল। প্ৰাকৃতিক ৰাজ্যত জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্ভাৱ আছিল যদিও কিছুমান উচ্ছৃংখল, বিকৃত মনোবৃত্তিৰ মানুহৰ দুনীর্তি পৰায়ণতাৰ বাবে প্ৰাকৃতিক নিয়মবোৰ প্ৰয়োগ আৰু ব্যাখ্যা কৰাৰ কাৰণে কোনো নিৰপেক্ষ বিচাৰ সভা নাছিল আৰু মানুহৰ মাজত হোৱা বাদ-বিবাদ আদিৰ চূড়ান্ত নিষ্পত্তি কৰিবলৈ আৰু দোষী ব্যক্তিক শাস্তি বিহিবৰ বাবেও কোনো সর্বোচ্চ কর্তৃপক্ষ নাছিল। ফলত মানুহৰ মাজত সহযোগিতা থাকিলেও নিরাপত্তা নাছিল।
গতিকে একো অভাৱ পূৰণ কৰিবৰ বাবে মানুহবোৰে প্ৰাকৃতিক পৰিবেশ ত্যাগ কৰি প্ৰথমে নিজৰ মাজত এটা পাৰস্পৰিক চুক্তিৰ জৰিয়তে ৰাজনৈতিক সমাজ ৰাষ্ট্ৰৰ সৃষ্টিকৰে। জনসাধাৰণৰ মাজত সম্পাদিত এই প্রথম চুক্তিটো আছিল এক সামাজিক চুক্তি (Social Contract) তেওঁলোকে নিজৰ অধিকাৰবোৰ কোনো ব্যক্তি বিশেষৰ ওপৰত অৰ্পণ নকৰি তেওঁলোকে যি ৰাষ্ট্ৰৰ সৃষ্টি কৰিছিল সেই ৰাষ্ট্ৰৰ ওচৰতহে প্ৰদান কৰিছিল। মানুহে যি উদ্দেশ্য ৰাষ্ট্ৰ সৃষ্টি কৰিলে সেই উদ্দেশ্য কাৰ্য্যকৰী কৰাৰ অৰ্থে আৰু এটা চুক্তি সম্পাদন কৰি চৰকাৰ গঠন কৰিলে। এই দ্বিতীয় চুক্তি আছিল এক ৰাজনৈতিক চুক্তি (political Contract) এই চুক্তি অনুসাৰে তেওঁলোকে চৰকাৰ গঠন কৰিলে, যদিও ইয়াক সর্বোচ্চ ক্ষমতাৰ অধিকাৰী হ’বলৈ নিদিয়ে। চৰকাৰৰ চৰ্তসাপেক্ষেহে কিছুমান অধিকাৰ প্ৰদান কৰিলে। যিমান দিনলৈ চৰকাৰে এই চৰ্তসমূহ পালন কৰিবলৈ সমৰ্থ হয় সিমান দিনলৈ ক্ষমতাত অধিষ্ঠিত হৈ থাকিব পাৰিব। যদি চৰকাৰে জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা, সম্পত্তি ৰক্ষা কৰাত ব্যৰ্থ হয়, তেনেহ’লে জনসাধাৰণে সেই চৰকাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’ব পাৰিব। আন কথাত ল’কে চৰকাৰ অর্থাৎ শাসন কর্তৃপক্ষক সীমিত ক্ষমতা অৰ্পণ কৰিছিল।
ল’কৰ মতে, চৰকাৰ চুক্তিৰ পক্ষ বা অংশীদাৰ। গতিকে চৰকাৰে এই চুক্তি অৱমাননা কৰি ক্ষমতা প্রয়োগ কৰিব নোৱাৰে। ল’কে সামাজিক চুক্তিতত্ত্বত চৰম সীমাহীন ক্ষমতা সম্পন্ন সার্বভৌম কৰ্তৃপক্ষৰ স্থান নাই। ৰাষ্ট্ৰৰ ইচ্ছাই শাসকৰ ইচ্ছাক সীমিত কৰিব পাৰে। (The will of the state may limit the will and actions of a ruler) এইদৰে দেখা যায় যে হ’বচে এক পক্ষীয় চুক্তিৰ দ্বাৰা অবাধ ৰাজতন্ত্রৰ সমৰ্থন কৰিছিল আৰু ল’কে সীমিত ৰাজতন্ত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
সমালোচনা (criticism): জন ল’কৰ সামাজিক চুক্তি তত্বৰ প্ৰধান ত্রুটি হৈছে এই যে তেওঁ বৈধ সাৰ্বভৌমত্বৰ ধাৰণাক সম্পূৰ্ণৰূপে আওঁকাণ কৰিছে। তেওঁ জনমতকেই সার্বভৌমত্ব বুলি দেখুওৱাৰ প্ৰয়াস কৰিছে, পিছে এনে সার্বভৌমত্ব ৰাজনৈতিক সার্বভৌমত্বহে। কিন্তু ৰাজনৈতিক স্বাধীনতাৰ বিধিগত প্রকাশ নাথাকিলে কোনো শাসন ব্যৱস্থাই প্রচলিত হ’ব নোৱাৰে। গিল থ্রাইষ্টে (Gilchsist) যে কয় যে ল’কে কেৱল ৰাজনৈতিক সার্বভৌমত্বক স্বীকৃত দিছে, কিন্তু বিধিগত সার্বভৌমত্বক যথেষ্ট স্বীকৃতি দিয়া নাই (Locke recognise the forces of political sovenignty but does not give adequate recognition to legal sovenignty)
মূল্যায়ন (Evaluation): জন ল’ক এজন বিশিষ্ট ৰাজনৈতিক চিন্তাবিদ। তেওঁৰ ৰাষ্ট্ৰ সৃষ্টি মতবাদে ৰাজনীতি বিজ্ঞানলৈ এক উল্লেখযোগ্য অৰিহণা আগবঢ়াইছে। ল’কৰ মতে প্ৰত্যেক মানুহৰ জীৱনৰ সম্পত্তিৰ আৰু স্বাধীনতাৰ অধিকাৰ থাকে। এই অধিকাৰ উপভোগৰ ক্ষেত্ৰত চৰকাৰে ৰক্ষণাবেক্ষণ দিব লাগে। ল’ক হ’ল প্ৰথম ব্যক্তি, যিয়ে সামাজিক চুক্তিৰ জৰিয়তে সাংবিধানিক চৰকাৰ আৰু আইনৰ অনুশাসনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেৱেই পোন প্ৰথম ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজত পাৰ্থক্য দেখুৱাইছিল। ল’ক আছিল গণ সার্বভৌমত্বৰ সমর্থক। তেওঁৰ মতে জনসাধাৰণ হ’ল সকলো ক্ষমতাৰ উৎস। শাসন কর্তৃপক্ষই সাৰ্বভৌমত্বৰ ক্ষমতা জনসাধাৰণৰ পৰাহে আহৰণ কৰিব পাৰে। এইদৰে তেওঁ গণতান্ত্রিক ভাবধাৰাৰ বিকাশৰ পথ সুপ্রশস্ত কৰিছে।
জ্যাঁ জেক ৰুছোৰ সামাজিক চুক্তি মতবাদ (Social Contract Theory of Jean Jacques Rousseau): সামাজিক চুক্তি মতবাদৰ আন এজন বিশিষ্ট অংশীদাৰ হ’ল অষ্টাদশ শতিকাৰ এজন প্ৰসিদ্ধ দার্শনিক জ্যাঁ, জেক কছো। কছোই সামাজিক চুক্তি মতবাদ তেওঁৰ ১৭৬২ চনত প্ৰকাশ হোৱা বিখ্যাত গ্রন্থ ‘সামাজিক চুক্তি’ (Social Contract) ত ব্যাখ্যা কৰিছে। হ’বচ আৰু ল’কৰ নিচিনা কছোৱেও সামাজিক চুক্তিৰ ফলত ৰাষ্ট্ৰৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰে।
হ’বচ আৰু ল’কৰ নিচিনাকৈ ৰুছোৱেও বিশ্বাস কৰিছিল যে ৰাষ্ট্ৰ উৎপত্তি হোৱাৰ আগতে মানুহে প্রাকৃতিক পৰিবেশত বাস কৰিছিল। কিন্তু হ’বচৰ নিচিনা তেওঁ প্ৰাকৃতিক পৰিবেশ ভয়াবহ আৰু দুৰ্বল বুলি চিত্ৰিত কৰা নাই। তেওঁ প্ৰাকৃতিক পৰিবেশৰ চিত্ৰ বেলেগ ধৰণে অংকন কৰিছিল। কছোৰ মতে প্ৰকৃতি ৰাজ্যৰ মানুহে মুকলি মূৰীয়া সুস্থ আৰু সুখী জীৱন-যাপন কৰিছিল। সকলো মানুহে আনি চলিছিল আৰু সমাজত শান্তি আৰু শৃংখলা বিৰাজ কৰিছিল। মানুহৰ ব্যক্তি স্বাধীনতাও আছিল। তেওঁলোকৰ মাজত সহায় সহযোগিতাৰ প্ৰচলন আছিল। আন কথাত কছোৰ প্ৰতি ৰাজ্য আছিল ভূ-স্বর্গ স্বৰূপ। এনে পৰিবেশত অবাধ স্বাধীনতা সাম্য প্রতিষ্ঠিত আছিল।
কিন্তু মানুহৰ মাজত দীৰ্ঘদিন ধৰি এনেকুৱা সুখ-শান্তি বর্তি নাথাকিল। ক্রমাগত অশান্তিৰ সৃষ্টি হ’ল। কিয়নো সময় আগবঢ়াৰ লগে লগে জনসংখ্যা বৃদ্ধি হৈ আহিল, মানুহে সভ্যতাৰ পোহৰ পালে, তেওঁলোকৰ মনত যুক্তিৰ উদয় হোৱাৰ ফলত ভাল-বেয়া, উচিত-অনুচিত, ন্যায়-অন্যায় বুজি পোৱা হ’ল আৰু লগতে ব্যক্তিগত সম্পত্তিৰ প্ৰশ্নই মানুহক স্বাৰ্থপৰ কৰি তুলিলে। প্রকৃতি ৰাজ্যত বিৰোধ আৰু সংঘাতে দেখা দিলে। আৰম্ভ হ’ল অশান্তি। মানুহৰ নিৰাপত্তা নোহোৱা হ’ল। লগে লগে মানুহৰ জীৱন-যাত্ৰাত জটিল আৰু অসহনীয় হৈ পৰিল।
এই অস্বাভাৱিক অৱস্থাৰ পৰা মুক্তি লাভ কৰিবৰ কাৰণে মানুহবিলাকে তেওঁলোকৰ মাজত এটা চুক্তি কৰি ৰাষ্ট্ৰৰ সৃষ্টি কৰিলে। ইয়াকে সামাজিক চুক্তি বোলা হয়। এই চুক্তিমতে জনসাধাৰণে তেওঁলোকৰ স্বাভাৱিক অধিকাৰবোৰ কোনো ব্যক্তি নাইবা শাসনকৰ্তাৰ হাতত অৰ্পণ নকৰি চুক্তিবদ্ধ হোৱা সমষ্টিটোৰ ওচৰতহে অৰ্পণ কৰিছিল। ইয়াৰ পৰা তেওঁলোকৰ ব্যক্তিগত কোনো অসুবিধা নাইবা লোকচান হোৱা নাছিল। কিয়নো প্রাকৃতিক অবস্থাও থকা অধিকাৰসমূহ মানুহবোৰে তেওঁলোকৰ সমষ্টিৰ ওচৰত অৰ্পণ কৰিছিল। এই জনসমষ্টিৰ ইচ্ছাই হ’ল সাধাৰণ ইচ্ছা (General will) সাধাৰণ ইচ্ছা হ’ল সমাজৰ সাৰ্বভৌম শক্তি। সাধাৰণ সমাজৰ সাধাৰণ ইচ্ছাই হে ৰাষ্ট্ৰ গঠন কৰে। চৰকাৰৰ কোনো নিজা ক্ষমতা নাই। চৰকাৰে সাধাৰণ ইচ্ছা অর্থাৎ জনসাধাৰণৰ পৰা হে ক্ষমতা আহৰণ কৰে আৰু ই সাধাৰণৰ ইচ্ছাৰ অধীন। এইদৰে ৰুছোয়ে গণতন্ত্ৰৰ সূচনা কৰে।
সমালোচনা (Criticism): কছোৰ ৰাজনৈতিক দর্শন একেবাৰে নির্ভুল নহয়। তেওঁৰ এই মতবাদ বিভিন্ন দৃষ্টিকোণৰ পৰা সমালোচনা কৰা হৈছে। তেওঁৰ সামাজিক চুক্তিৰ কোনো ঐতিহাসিক ভিত্তি নাই। আদিম অৱস্থাত থকা মানুহে ৰাষ্ট্ৰ গঠনৰ চুক্তি কৰাটো সম্ভৱ নহয়। ৰাষ্ট্ৰ গঠনৰ দৰে ৰাজনৈতিক চুক্তি কৰিবলৈ হ’লে সেই সম্পৰ্কত সূক্ষ্ম ধাৰণাৰ প্ৰয়োজন। তদুপৰি সাধাৰণ ইচ্ছাৰ ওপৰত চৰম সার্বভৌম ক্ষমতা অর্পণ কৰাটোতেই তেওঁৰ ৰাজনৈতিক মতবাদৰ দুৰ্বলতা নিহিত আছে। চৰম আৰু সীমাহীন শক্তি সম্পন্ন সাধাৰণ ইচ্ছাই স্বেচ্ছাচাৰী শাসনৰ সৃষ্টি কৰিব পাৰে। সেয়েহে হানশ্চে (Hanshew) কৈছে, ‘ কছোৰ জনসাধাৰণৰ স্বাধীনতা আৰু ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ সমন্বয় সাধনৰ উদ্দেশ্য সফল নহ’ল। (Ronsseav’s Problems of combining state Sovereignty with the freedom of the Subject remained unsolved)
মূল্যায়ন (Evaluation): কছোৰ সামাজিক মতবাদৰ কেতবোৰ দোষ থাকিলেও ইয়াৰে গুৰুত্ব নুই কৰিব নোৱাৰি। কছোৰ ৰাষ্ট্ৰ দৰ্শনে ৰাজনৈতিক ইতিহাসত এক উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। কছোৰ ৰাজনৈতিক আদর্শ সেই সময়ৰ সংবিধান প্রণেতাসকলৰ ওপৰত গভীৰ প্রভাৱ বিস্তাৰ কৰিছিল। তেওঁৰ মতবাদে আধুনিক গণতন্ত্ৰৰ বিকাশৰ ক্ষেত্ৰতো যথেষ্ট বৰঙণি যোগাইছে। তেওঁ আছিল জনা সাৰ্বভৌমত্বৰ সমৰ্থক। তেওঁৰ মতে, প্ৰকৃততে সকলো মানুহেই স্বাধীন আৰু সমান। জনসাধাৰণৰ সন্মতিৰ ভিত্তিতহে ৰাষ্ট্ৰৰ উৎপত্তি আৰু ৰাষ্ট্ৰ যে এটা মানৱীয় অনুষ্ঠান এই সত্য তেওঁ সামাজিক চুক্তি তত্বৰ জৰিয়তে প্রতিপন্ন কৰিছে। মুঠতে জনসাধাৰণৰ মতবাদৰ ওপৰতে যে ৰাষ্ট্ৰৰ শক্তি প্রতিষ্ঠিত আৰু প্ৰতিজন ব্যক্তি যে ৰাষ্ট্ৰৰ অবিচ্ছেদ্য অংগ এই কথা ৰুছোৰ সামাজিক চুক্তি মতবাদত বাৰুকৈয়ে প্রকাশ পাইছে।
২৭। ৰাষ্ট্ৰৰ মার্ক্সবাদী ধাৰণাটো কি বুজাই লিখা। (Explain the Marxist concept of the state.)
উত্তৰঃ আদৰ্শবাদী ৰাজনৈতিক পণ্ডিতসকলে ৰাষ্ট্ৰ সম্পৰ্কে আগবঢ়োৱা তত্বক মার্ক্সে মানি লোৱা নাছিল। এৰিষ্ট’টলৰ মতে, মানুহৰ দৰকাৰৰ ভিত্তিতেই ৰাষ্ট্ৰৰ সৃষ্টি হৈছে আৰু মানুহে যাতে ভালদৰে জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ কাৰণেই ৰাষ্ট্ৰ বৰ্তি আছে। অর্থাৎ নাগৰিকসকলৰ সৰ্বাংগীন কল্যাণ সাধন কৰাই হৈছে ৰাষ্ট্ৰৰ উদ্দেশ্য। ৰাষ্ট্ৰৰ জৰিয়তে নাগৰিকসকলে তেওঁলোকৰ ব্যক্তিত্বক প্রকাশ আৰু প্ৰতিভাক বিকাশ কৰাৰ সুবিধা পায়। ৰাষ্ট্ৰ হৈছে এটা সার্বজনীন অনুষ্ঠান, ই সকলো অনুষ্ঠানতকৈ শ্রেষ্ঠ। গ্ৰীণ (Green) ৰ মতে, স্বাধীনতাই স্বতন্ত্রতাক সূচায়, স্বতন্ত্ৰতাৰ পৰা অধিকাৰৰ সৃষ্টি হয় আৰু অধিকাৰৰ পৰাই ৰাষ্ট্ৰৰ জন্ম হয়। অর্থাৎ ৰাষ্ট্ৰৰ পৰাই সকলো নাগৰিকে অধিকাৰ পায় আৰু ৰাষ্ট্ৰই নাগৰিকৰ অধিকাৰ ভোগ কৰাত সহায় কৰে। ৰাষ্ট্ৰ অবিহনে নাগৰিকে অধিকাৰ ভোগ কৰিব নোৱাৰে।
কিন্তু মার্ক্সে ৰাষ্ট্ৰ সম্পৰ্কে এনে ধাৰণাক সমৰ্থন নকৰে। তেওঁৰ মতে, ৰাষ্ট্ৰ কেতিয়াও সার্বজনীন নহয়। ই প্রাকৃতিক অনুষ্ঠানো নহয়। ৰাষ্ট্ৰই কেতিয়াও সকলো শ্ৰেণীৰ লোকৰ মংগল কামনা নকৰে। তেওঁৰ মতে, যিসকল লোকৰ অৰ্থনৈতিক স্বচ্ছলতা আছে সেইসকল লোকেই ৰাষ্ট্ৰৰ শাসন কার্য্যক নিয়ন্ত্রিত কৰে আৰু এই শাসক শ্ৰেণীৰ লোকৰ স্বাৰ্থ পূৰণৰ কাৰণেই ৰাষ্ট্ৰই সকলো ব্যৱস্থা গ্ৰহণ কৰে। দাস ব্যৱস্থাৰ প্ৰচলন থকাৰ সময়ত ৰাষ্ট্ৰই মালিকসকলৰ স্বাৰ্থৰক্ষাৰ ব্যৱস্থা কৰিছিল। সেই সময়ত নাগৰিকসকলে প্ৰশাসনীয় আৰু বিচাৰ বিভাগীয় কাৰ্য্যত অংশগ্রহণ কৰিছিল ফলত ৰাষ্ট্ৰই প্ৰশাসনৰ দায়িত্বত থকা এই শ্ৰেণীৰ লোকৰ স্বাৰ্থহে ৰক্ষা কৰিছিল। সমাপ্ত ব্যৱস্থাৰ প্ৰচলন থকা সময়ত ৰাষ্ট্ৰৰ প্ৰশাসনত বেৰণ, জমিদাৰ আদি শ্ৰেণীৰ লোকে প্ৰশাসনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু ৰাষ্ট্ৰই এই শ্ৰেণীৰ লোকৰ স্বাৰ্থৰক্ষাৰ কাৰণে দৰকাৰী ব্যৱস্থা গ্ৰহণ কৰিছিল। বৰ্তমান সমাজত ধনী শ্ৰেণীৰ লোকেহে ৰাজনৈতিক ক্ষমতা প্ৰয়োগৰ সুবিধা পায়। গতিকে বর্তমান পুঁজিবাদী সমাজ ব্যৱস্থাতো ধনী শ্ৰেণীৰ স্বাৰ্থৰক্ষাৰ কাৰণেহে ব্যৱস্থা গ্ৰহণ কৰা হয়। কমিউনিষ্ট মেনিফেক্ট’ত প্ৰকাশ কৰা মতে, ৰাষ্ট্ৰ হৈছে বুজোৱাসকলৰ কাৰ্য্যকৰী কমিটিৰ নিচিনা এংগেলছৰ মতে ৰাষ্ট্ৰ হৈছে এক শ্ৰেণীৰ লোকে আন এক শ্ৰেণীৰ লোকৰ ওপৰত উৎপীড়ন কৰিব পৰা এক ধৰণৰ ব্যৱস্থা। ৰাষ্ট্ৰৰ শাসন ব্যৱস্থা, আইন-কানুন, সামাজিক ব্যৱস্থা আদি সকলোৰে ওপৰত পুঁজিপতিসকলৰ নিয়ন্ত্ৰণ থাকে। ৰাৰাষ্ট্ৰই গ্ৰহণ কৰা বিধি বিধানসমূহে পুঁজিপতিসকলৰ স্বাৰ্থহে ৰক্ষা কৰে। ৰাষ্ট্ৰ আৰু ইয়াৰ ক্ষমতাৰ সহায়ত পুঁজিপতিসকলে বনুৱা শ্ৰেণীৰ লোকক শাসন আৰু শোষণ কৰাৰ এটা ব্যৱস্থা মাথোন।
মার্ক্সৰ মতে, ৰাষ্ট্ৰ শক্তি আৰু হিংসাৰ ওপৰতহে প্ৰতিষ্ঠিত, জনসাধাৰণৰ ইচ্ছা বা সন্মতি ইয়াৰ ভেঁটি নহয়। শাসনৰ দায়িত্বত থকা শ্ৰেণীৰ লোকে শাসিতসকলক শোষণ আৰু দৰ্শন কৰাৰ উদ্দেশ্য সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। পূঁজিপতিসকলৰ স্বাৰ্থ ৰক্ষা কৰাই হৈছে ৰাষ্ট্ৰৰ উদ্দেশ্য। পুঁজিপতি সকলে কোনো পৰিশ্ৰম নকৰাকৈয়ে উদ্বৃত্ত মূল্যক ভোগ কৰে। ইয়াৰ সহায়ত তেওঁলোকে সৈন্য বাহিনীৰ খৰচৰ যোগান ধৰিব পাৰে। ৰাষ্ট্ৰৰ পুলিছ, মিলিটাৰী আইন-কানুন আদি সকলোৰে ওপৰত এই শ্ৰেণীৰ লোকে প্রভাব বিস্তাৰ কৰে। এনেবোৰ মাধ্যমৰ সহায়ত তেওঁলোকে শাসিতসকলৰ ওপৰত নিয়ন্ত্রণ চলায়। সেয়েহে ব্যক্তিৰ ওপৰত কৰা অপৰাধতকৈ সম্পত্তিৰ ক্ষেত্ৰত কৰা অপৰাধত অধিক পৰিমাণৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰা হয়। পুঁজিপতি সকলে স্কুল, কলেজ, ধর্মানুষ্ঠান আদি সাংস্কৃতিক অনুষ্ঠানসমূহৰ ওপৰতো নিয়ন্ত্রণ চলায়। শিক্ষানুষ্ঠান, ধর্মানুষ্ঠান আদিত যাতে পুঁজিবাদী ভাবধাৰাৰ বিৰুদ্ধে শিক্ষা দিয়া নহয়, তাৰ প্ৰতিও তেওঁলোকে লক্ষ্য ৰাখে, সেয়েহে শ্রেণী সংগ্ৰামৰ জৰিয়তে এনে ব্যৱস্থাৰ পতন ঘটাই শ্রেণীহীন আৰু ৰাষ্ট্ৰহীন সমাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ ওপৰত মার্ক্সে গুৰুত্ব দিয়ে।
মার্ক্সৰ মতে, ৰাষ্ট্ৰ হৈছে এটা অস্থায়ী অনুষ্ঠান। তেওঁৰ মতে, পুঁজিবাদী ব্যৱস্থাত শ্রমিকক কৰা শোষণৰ ফলত শ্ৰেণী সংঘৰ্ষৰ সৃষ্টি হ’ব আৰু এই শ্রেণী সংঘৰ্ষই পুঁজিবাদৰ পতন ঘটাই সৰ্বহাৰৰ একনায়কত্ব বাদক প্রতিষ্ঠা কৰিব। পুঁজিবাদৰ পতন আৰু সাম্যবাদৰ প্ৰতিষ্ঠা এই মাজৰ সময়ছোৱাত অনুৱৰ্তী ৰাষ্ট্ৰ ব্যৱস্থা থাকিব। আগৰ ৰাষ্ট্ৰ ব্যৱস্থা আৰু অনুৱৰ্তীকালীন সময়ৰ ৰাষ্ট্ৰ ব্যৱস্থাৰ মাজত প্রভেদ এয়েই যে পুঁজিবাদী ব্যৱস্থাত শ্রমিকসকলক শাসন আৰু শোষণ কৰা হৈছিল, কিন্তু এই ব্যৱস্থাত পুঁজিপতিসকলক শাসন আৰু শোষণ কৰা হ’ব। পুঁজিপতিসকলে সহজতে শ্ৰমিকৰ একনায়কত্ব বাদক মানি চলিবলৈ টান পাব, সেয়েহে তেওঁলোকে আগৰ মান মৰ্য্যদাক ঘূৰাই অনাৰ কাৰণে চেষ্টা কৰিব। কিন্তু তেওঁলোকৰ এই চেষ্টা সাফল্য মণ্ডিত নহ’ব। সেয়েহে শেষত এক শ্রেণীহীন আৰু ৰাষ্ট্রহীন সমাজ ব্যৱস্থাৰ প্রতিষ্ঠা হ’ব। অর্থাৎ শ্ৰেণীসংস্থা হিচাপে ৰাষ্ট্ৰৰ অস্তিত্ব নোহোৱা হ’ব। সেয়েহে ৰাষ্ট্রক মার্ক্সে অস্থায়ী অনুষ্ঠান হিচাপে আখ্যা দিছিল।
ৰাষ্ট্ৰ সম্পৰ্কে মার্ক্স আৰু তেওঁৰ অনুগামীসকলে পোষণ কৰা ধাৰণাৰ পৰা তলত দিয়া সিদ্ধান্তসমূহত উপনীত হ’ব পাৰি।
(ক) প্ৰথমতে, ৰাষ্ট্ৰ সম্পৰ্কে তেওঁলোকৰ মতবাদ শ্রেণী সংগ্ৰামৰ ধাৰণাৰ লগত জড়িত। তেওঁলোকে শ্রেণী বিভাজনৰ পৰাই ৰাষ্ট্ৰৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰে আৰু ৰাষ্ট্ৰক তেওঁলোকে শ্রেণীসংস্থা হিচাবে বিবেচনা কৰে।
(খ) দ্বিতীয়তে, তেওঁলোকৰ মতে ৰাষ্ট্ৰৰ শাসন যন্ত্ৰক ধনীক শ্ৰেণীৰ লোকে নিয়ন্ত্ৰণ কৰে, ৰাষ্ট্ৰৰ জৰিয়তে শাসক শ্ৰেণীয়ে নিজৰ স্বাৰ্থ ৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে। সেয়েহে এনে ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা নাই, বৰ্তমান ৰাষ্ট্ৰ ব্যৱস্থাৰ বিৰোধিতা কৰাই উচিত বুলি তেওঁলোকে বিবেচনা কৰে।
(গ) তৃতীয়তে, ৰাষ্ট্ৰ জনসাধাৰণৰ সন্মতি বা ইচ্ছাৰ ওপৰত প্ৰতিষ্ঠিত নহয় শক্তি আৰু হিংসাৰ ওপৰতহে, ৰাষ্ট্ৰ প্ৰতিষ্ঠিত, আইন শৃংখলা ৰক্ষা কৰাতকৈ শ্ৰমিকসকলৰ ওপৰত শক্তি প্রয়োগ কৰাৰ ওপৰতহে ৰাষ্ট্ৰই গুৰুত্ব দিয়ে। বিশৃংখলাৰ সৃষ্টিৰ অজুহাতত ৰাষ্ট্ৰহ শ্ৰমিকসকলৰ আন্দোলন, ধর্মঘট আদিক কঠোৰভাৱে দমন কৰে। শ্রমিকসকলক শাসন কৰা কাৰ্য্যত মনোনিবেশ কৰাৰ কাৰণে জনসাধৰণৰ কল্যাণৰ কাৰণে কাম কৰিবলৈ ৰাষ্ট্ৰৰ সমক্ষ নাথাকে।
(ঘ) চতুৰ্থতে, ৰাষ্ট্ৰ অস্থায়ী অনুষ্ঠান, শ্রেণী সংঘৰ্ষৰ ফলত যেতিয়া এখন শ্রেণীবিহীন সমাজৰ প্রতিষ্ঠা হ’ব তেতিয়া কোনো শ্ৰেণীৰ লোককে শাসন কৰিবলৈ ৰাষ্ট্ৰৰ দৰকাৰ নোহোৱা হ’ব। অর্থাৎ শ্ৰেণীসংস্থা হিচাপে ৰাষ্ট্ৰৰ অস্তিত্ব নাইকিয়া হ’ব।
শেষত, শ্ৰেণী সংঘৰ্ষৰ জৰিয়তেহে শ্রেণীবিহীন আৰু ৰাষ্ট্রবিহীন সমাজ ব্যৱস্থা প্রতিষ্ঠা কৰা সম্ভৱ হ’ব পাৰে বুলি মার্ক্সে বিশ্বাস কৰে।
মূল্যায়ন (Evaluation): মার্ক্সৰ আন আন সিদ্ধান্তৰ নিচিনা, ৰাষ্ট্ৰ সম্পৰ্কীয় মতবাদো কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে। মার্ক্সৰ ৰাষ্ট্ৰৰ সম্পৰ্কীয় তত্বৰ বিৰুদ্ধে তলত দিয়া ধৰণে সমালোচনা আগবঢ়োৱা হয়।
(ক) মার্ক্সবাদীসকলৰ মতে, ৰাষ্ট্ৰ হৈছে শ্রমিক শ্ৰেণীক শোষণ কৰা এটা যন্ত্ৰৰ, ৰাষ্ট্ৰৰ সহায়ত পুঁজিপতিসকলে শ্রমিক শ্রেণীক শোষণ কৰে। কিন্তু এনে ধাৰণা গ্ৰহণযোগ্য, ৰাষ্ট্ৰই শ্রমিক শ্ৰেণীক শোষণ কৰাত সহায় নকৰে, সেইদৰে পুঁজিপতিসকলে তেওঁলোকৰ সুবিধাৰ কাৰণে ৰাষ্ট্ৰযন্ত্র ব্যৱহাৰ কৰাটোও সঁচা নহয়। শ্ৰমিক আৰু পূঁজিপতিসকলৰ মাজত মতভেদ থাকিলেও, তেওঁলোকৰ মাজত আদৰ্শৰ বিষয়ত প্রভেদ থাকিলেও, তেনে মতভেদক শাস্তিপূর্ণভাৱে আলাপ- আলোচনাৰ জৰিয়তে আৰু সাংবিধানিক উপায়ে নাইকিয়া কৰিব পাৰি। অৱশ্যে কেতিয়াবা কেতিয়াবা কোনো কোনো শাসকগোষ্ঠীয়ে ঠেক মনোবৃত্তিৰ দ্বাৰা প্ৰবাৱান্বিত হৈ ব্যক্তিগত স্বাৰ্থ পূৰণৰ কাৰণে ৰাষ্ট্ৰীয় ক্ষমতাক প্ৰয়োগ কৰা নীতিক গ্ৰহণ কৰিব পাৰে। কিন্তু শাসনৰ দায়িত্বত থকা সকলো লোকেই এনেকুৱা নহয় । বর্তমান গণতান্ত্রিক যুগৰ কথা বাদ দি অতীত আৰু মধ্যযুগৰ শাসনকৰ্তাসকলেও যে প্ৰজাৰ মংগলৰ কাৰণে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছিল, তাৰ উদাহৰণো পোৱা যায়। অশোকে সকলো প্রজাকে নিজৰ সন্তানৰ নিচিনা জ্ঞান কৰিছিল। তেওঁৰ মতে, প্ৰজাৰ সুখেই আছিল ৰজাৰ সুখ। মহামতি আলফ্রেদ, তৃতীয় আলেকজেণ্ডাৰ, মহামতি আকবৰৰ নিচিনা শাসনকৰ্তাসকলে প্ৰজাৰ মংগলৰ প্ৰতি লক্ষ্য ৰাখিহে শাসন যন্ত্ৰ পৰিচালনা কৰিছিল।
(খ) মার্ক্সৰ মতে, পজিবাদৰ পতনৰ লগে লগে এখন শ্রেণীবিহীন সমাজৰ গঠন হ’ব আৰু শ্ৰেণীসংস্থা হিচাপে তেতিয়া ৰাষ্ট্ৰৰ অস্তিত্ব নাইকিয়া হোৱা নাই। ৰুছিয়া, চীন আদি দেশত মার্ক্সীয় আদৰ্শৰ শাসনব্যবস্থাৰ প্ৰচলন আছে, কিন্তু কছিয়া আৰু চীনদেশ এতিয়াও ৰাষ্ট্ৰ হিচাপে বর্তি আছে।
(গ) মার্ক্সৰ মতে সমাজবাদ প্ৰতিষ্ঠাৰ ফলত এখন শ্রেণীহীন সমাজৰ সৃষ্টি হয়। কিন্তু বাস্তৱ অভিজ্ঞতাৰ পৰা দেখা যায় যে সমাজবাদৰ প্রচলন থকা দেশত মানুহৰ মাজতো বিভিন্ন শ্ৰেণীৰ লোক আছে। গতিকে শ্রেণীবিহীন আৰু ৰাষ্ট্রবিহীন অৱস্থাৰ সৃষ্টি হ’ব বুলি মার্ক্সে যি ভৱিষ্যত বাণী কৰিছিল, সেই ভৱিষ্যত বাণী সফল হোৱা নাই।
(ঘ) মার্ক্সে বিশ্বাস কৰাৰ দৰে ৰাষ্ট্ৰ কোনো এক শ্ৰেণীৰ লোকৰ অনুষ্ঠান নহয় নাইবা কোনো এক শ্ৰেণীৰ লোকক দমন কৰাই ৰাষ্ট্ৰৰ উদ্দেশ্য নহয়। ৰাষ্ট্ৰ প্ৰাকৃতিক অনুষ্ঠান, মানুহৰ ইচ্ছা আৰু সন্মতিয়ে হৈছে ইয়াৰ ভেঁটি। জনসাধাৰণৰ সৰ্বাংগীন কল্যাণ সাধন কৰাই হৈছে ৰাষ্ট্ৰব উদ্দেশ্য। সেয়েহে বর্তমানৰ যুগৰ ৰাষ্ট্ৰই বিভিন্ন ধৰণৰ জনকল্যাণকামী আঁচনিও গ্ৰহণ কৰি সেই আঁচনিসমূহক কাৰ্য্যকৰী কৰাৰ চেষ্টা কৰে।
(ঙ) উনৈশ শতিকাৰ আগভাগত ব্যক্তিবাদী ভাবধাৰাই মানুহৰ মাজত ভালেমান প্রভাৱ বিস্তাব কৰিছিল। সেই সময়ছোৱাত পুঁজিপতিসকলে ৰাজনৈতিক ক্ষমতা লাভ কৰি নিজব স্বাৰ্থ পূৰণৰ কাৰণে দেশৰ শাসন যন্ত্ৰ ব্যৱহাৰ কৰাৰ সুবিধা গ্ৰহণ কৰিছিল। কিন্তু সেই ব্যৱস্থা বেছি দিন নিটিকিল। পুঁজিবাদৰ প্ৰতি থকা মোহ ক্ৰমান্বয়ে কমি আহিল। ইংলেণ্ডকে আদি কৰি ভালেমান দেশত বনুৱা চৰকাৰ গঠিত হ’ল। শ্ৰমিকসকলৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে এই চৰকাৰে বিভিন্ন বিধি-বিধান গ্ৰহণ কৰিলে। বনুৱা চৰকাৰৰ এই কৃতকাৰ্য্যত শ্ৰেণী সংগ্ৰামৰ ফল নাছিল। সাংবিধানিক উপায়ে নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিহে বুনৱা চৰকাৰ ক্ষমতাত অধিষ্ঠিত হৈছিল। ইংলেণ্ড, ভাৰতবৰ্ষ আদি দেশত পুঁজিবাদী ব্যৱস্থাৰ পৰিবৰ্তে সমাজবাদ প্ৰতিষ্ঠাৰ কাৰণে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সেইবোৰৰ পৰা সহজে অনুমান কৰিব পাৰি যে শ্ৰেণী সংগ্ৰামৰ সহায় পোলোৱাকৈও সাংবিধানিক উপায়ে একে ধৰণৰ সমাজ ব্যৱস্থাৰ পৰা আন এক ধৰণৰ সমাজ ব্যৱস্থা প্ৰতিষ্ঠিত কৰিব পাৰি।
অধ্যাপক উইলিয়াম ইবেনষ্টাইনে (Ebenstein) ৰ মতে ক’বলৈ হ’লে মার্ক্সে যদি ৰাজনৈতিক পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেহেতেন, তেওঁ যদি ইংলেণ্ডৰ সংস্কাৰ আইন আৰু আমেৰিকাৰ জেকচনৰ নীতি সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেহেঁতেন, তেতিয়া তেওঁ বুজি পালেহেঁতেন যে গণতান্ত্রিক পৰস্পৰাৰ প্ৰচলন থকা দেশসমূহত বিপ্লবৰ আশ্ৰয় নোলোৱাকৈ শাস্তিপূর্ণ উপায়ে সাংবিধানিক পদ্ধতিৰ সহায়ত সমাজবাদ প্রতিষ্ঠা কৰিব পাৰি। এই প্ৰসংগতে মনত ৰখা উচিত যে বিপ্লৱৰ সহায়ত প্ৰতিষ্ঠা কৰা সমাজ ব্যৱস্থাতকৈ শান্তিপূর্ণভাবে প্রতিষ্ঠা কৰা সমাজ ব্যৱস্থা অধিক স্থায়ী হয়।
২৮। ৰাষ্ট্ৰৰ উদাৰনৈতিক দৃষ্টিভংগীটো (Liberal Perspective of state) লিখা। (Write the liberal view of the state.)
উত্তৰঃ উদাৰতাবাদৰ সত্ৰপাত (Origin of Liberation) উদাৰনৈতিক চিন্তাৰ কেন্দ্ৰস্থল হ’ল প্ৰধানকৈ ইংলেণ্ড আৰু ফ্ৰান্স। ইংলেণ্ড আৰু ফ্ৰান্সতেই প্রথমতে প্রচলিত মধ্যযুগীয়া চিন্তাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া লক্ষ্য কৰা যায়। উপৰতাবাদ উদ্ভৱ প্ৰধানকৈ এই দুই দেশতেই হয়। এতেকে উদাৰতাবাদৰ বিকাশত ইংলেণ্ড আৰু ফ্ৰান্সৰ অৰিহণা আটাইতকৈ বেছি।
মধ্যযুগীয়া ধৰ্মবিশ্বাস আৰু মূল্যবোধৰ বিৰুদ্ধে প্রথম প্রতিবাদ আৰম্ভ হয় ইংলেণ্ডত। ইংলেণ্ডক ধর্মসংস্কাৰ আন্দোলনৰ পীঠস্থান বুলিব পাৰি। ইংলেণ্ড হ’ল বিপ্লৱৰো কেন্দ্রস্থল। এই দেশে ইউৰোপক উৎপাদন আৰু বিশ্ব বজাৰ (world market) ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰে। ইংলেণ্ডে হ ‘বচ হিউম বেছান, জেমছ মিল জন স্টুয়ার্ট মিল গ্ৰীণ, হ’বহাউচ আদি দাৰ্শনিক আৰু ৰাজনীতি বিজ্ঞানবিদৰ দৰ্শন আৰু তত্ত্ব প্ৰকাশ আৰু প্ৰচাৰ কৰি এটা আন্দোলনৰ সৃষ্টি কৰে। উদাৰনৈতিক দর্শন এইসকল ৰাজনীতি বিজ্ঞানবিদ মতবাদ আৰু চিন্তা প্রতিবিম্বিত হয়।
ফ্ৰান্সত উদাৰতাবাদে পৰিণত ৰূপ গ্ৰহণ কৰে। এই দেশতে উদাৰনৈতিক চিন্তাৰ পূৰ্ণ বিকাশ ঘটে। ফৰাছী বিপ্লৱে বিশ্বৰ মানুহক গণতন্ত্ৰৰ প্ৰতি আকৃষ্ট কৰে। ফৰাছী বিপ্লৱৰ মাজে দিয়েই সর্বপ্রথম গণতান্ত্রিক সমাজ ব্যৱস্থাৰ লক্ষ্য ঘোষিত হয়। স্বাধীন গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু সাংবিধানিক ব্যৱস্থাৰ ৰূপায়ণত ফ্ৰান্সক অগ্রদূত বুলিব পাৰি। জন ল কব সন্মতি আৰু সংসদীয় গণতন্ত্ৰৰ ধাৰণা ইংলেণ্ডত প্ৰচাৰিত হ’লেও ই বাস্তৱ ৰূপ ফ্ৰান্সত লাভ কৰে। ফ্ৰান্সক সেই সময়ৰ ইউৰোপৰ বুদ্ধিজীৱীসকলৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়। কছো, ভল্টেয়াৰ, দিনেৰো আদি দাৰ্শনিকৰ ৰচনাৱলীয়ে সমাজ আৰু সভ্যতাৰ নতুন নীতিৰ সূত্ৰপাত ঘটায়। এই ক্ষেত্ৰত ৰুছোৰ প্ৰভাৱ বৰ গুৰুত্বপূৰ্ণ। ভৱিষ্যতৰ আদৰ্শ সমাজ ব্যৱস্থাৰ ৰূপ আৰু গতি নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰুছোৰ অৱদান গুৰুত্বপূর্ণ। কছোৱে গণতান্ত্রিক ব্যবস্থা গণসার্বভৌমত্ব আদি ধাৰণাৰ প্ৰসাৰ কৰি উদাৰতাবাদৰ মূল সূত্ৰক উপস্থাপিত কৰে। কছোক আধুনিক গণতন্ত্ৰৰ পথ-প্ৰদৰ্শক বুলি ক’ব পাৰি।
এতেকে, দেখা যায় যে ইংলেণ্ড আৰু ফ্ৰান্সতেই প্রথম সংসদীয় গণতন্ত্র আৰু কল্যাণকামী ৰাষ্ট্ৰ (Welfare state)ৰ আদর্শ প্রচাৰিত হয়। এই দুই আদৰ্শৰ প্ৰচাৰে উদাৰনৈতিক ৰাষ্ট্ৰ চিন্তাৰ ধাৰণাক পৰিপুষ্ট কৰে। অন্যান্য দেশতো গণতান্ত্ৰিক আৰু কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাই সমাদৰ লাভ কৰা দেখা যায়। উদাৰতাবাদৰ বিকাশত ইংলেণ্ড আৰু ফ্ৰান্সৰ অস্থিৰণা আটাইতকৈ বেছি।
উদাৰতাবাদৰ আদৰ্শ (Ideals of Liberation): উদাৰনৈতিক ৰাষ্ট্ৰত চিন্তাৰ বিকাশত আদর্শবাদ (Idealism), উপযোগিতাবাদ (Utilitarianism) আৰু ব্যক্তিবাদ (Individualism) এই তিনিটা মতবাদৰ যে উল্লেখযোগ্য বৰঙণি আছে, সেই বিষয়ে সন্দেহ নাই।
আদর্শবাদ (Idealism): আদর্শবাদীসকলক অনুকৰণ কৰি ৰাষ্ট্ৰক নীতিধর্মী, কল্যাণকামী আৰু চৰম প্ৰতিষ্ঠান হিচাপে গ্ৰহণ কৰাত উদাৰনৈতিক চিন্তাবিদসকলে অসন্মতি প্ৰকাশ কৰা নাই। আচলতে ৰাষ্ট্ৰক কল্যাণকামী অনুষ্ঠান হিচাবে প্রতিষ্ঠা কৰা হ’ল উদাৰনৈতিক চিন্তাবিদসকলৰ মূল লক্ষ্য। ৰাষ্ট্ৰ যে অন্যান্য অনুষ্ঠান বা সংস্থাতকৈ ব্যাপক, বহুধৰ্মী আৰু স্থায়ী এই ধাৰণাৰ বিকাশত উদাৰনৈতিক চিন্তাবিদসকলৰ বৰঙণি উল্লেখযোগ্য।
উপযোগিতাবাদ (Utilitarianism): উদাৰতাবাদীসকলৰ মূল অনুপ্ৰেৰণা লাভ কৰিছে বেন্থাম আৰু জেমছ মিলৰ উপযোগিতাবাদী দর্শন (Utilitarianism Philosophy) ৰ পৰা, বেছামৰ মতে, স্বার্থক আনৰ বাবে বলি দিয়াই হ’ল মানুহৰ ধৰ্ম। আনন্দই মানুহৰ চৰম লক্ষ্য আৰু কাম্য। বহুসংখ্যক মানুহৰ আনন্দ প্রাপ্তিৰ পৰিবেশৰ সৃষ্টি কৰাই হ’ল সমাজৰ লক্ষ্য। ইংৰাজীত এই সুখ-দুখৰ তত্ত্বক (Hedonism) বোলা হয়। উপযোগিতাবাদী দৰ্শনৰ উক্তি “সৰ্বাধিক মানুহৰ সৰ্বাধিক কল্যাণ’ (Greatest happiness of the greatest number)।
এই তত্ত্বটো প্ৰথম ঘোষিত হয় উদাৰনৈতিক ৰাষ্ট্ৰ চিন্তাৰ মাধ্যমত। সুখ-দুখৰ মাধ্যমেৰে মানুহৰ কর্মশক্তি আৰু পাৰস্পৰিক সম্পৰ্ক নিৰ্দ্ধাৰিত হয়। মানুহৰ আচৰণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আবেগৰ তুলনাত যুক্তিৰ প্ৰাধান্য কম নহয়।
আইন প্রথা ৰীতি-নীতি আদিয়ে মানুহৰ আনন্দ আৰু সুখ প্রাপ্তিৰ অৱস্থাক নিয়ন্ত্ৰণ কৰে। উপযোগিতাবাদীসকলৰ দৰে উদাৰনৈতিক দৰ্শনে বিশ্বাস কৰে যে ৰাষ্ট্ৰৰ প্ৰকৃত আদৰ্শ হ’ল সৰ্বাধিক মানুহৰ হিত সাধন। ৰাষ্ট্ৰৰ প্ৰকৃতি আৰু গুণাগুণৰ নিৰ্দ্ধাৰণেই হ’ল মাপকাঠী। ৰাষ্ট্ৰৰ অস্তিত্বক ইয়াৰ কল্যাণ সাধনৰ ক্ষমতা বা প্রয়োজনীয়তাৰ মানদণ্ডৰ জৰিয়তে বিচাৰ কৰিব পাৰি। ৰাষ্ট্ৰৰ কল্যাণকামী ভূমিকাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ প্ৰতি আনুগত্যৰ প্ৰশ্নটো জড়িত। উপযোগিতাবাদী দৰ্শনৰ পৰা উদাৰতাবাদীসকলে সকলো ব্যক্তিৰ ভোটাধিকাৰ, অবাধ-ব্যৱসায়, বাণিজ্য-বিচাৰ ব্যৱস্থাৰ স্বাধীনতা আদি ধাৰণাক গ্ৰহণ কৰিছে। ইয়াৰ পৰা বুজা যায় যে উদাৰতাবাদীসকলৰ ওপৰত উপযোগিতাবাদীসকলৰ প্রভাৱ বৰ বেছি পৰিমাণে পৰিছে।
ব্যক্তিস্বাতন্ত্র্যবাদ (Individualism): ব্যক্তিবাদী ৰাষ্ট্ৰ দৰ্শনেও উদাৰতাবাদীসকলক বহুল পৰিমাণে প্ৰভাৱিত কৰিছে। জন ষ্টায়াট মিলৰ স্বাধীনতাৰ ধাৰণা আৰু গণতান্ত্ৰিক বিচাৰ ধাৰাহ উদাৰনৈতিক চিন্তা আৰু মতক যে বিশেষভাৱে প্ৰভাৱিত কৰিছে সেই বিষয়ে কোনো সন্দেহ নাই। ব্যক্তিৰ ইচ্ছা, উদ্যোগ আৰু স্বাধীনতাৰ মূল্যক উদাৰতাবাদে স্বীকৃতি দিছে। ব্যক্তিবাদীসকলৰ দৰে উদাৰতাবাসীসকলেও বিশ্বাস কৰে যে ব্যক্তিৰ স্বাধীনতা আৰু উদ্যোগত হস্তক্ষেপ কৰিলে। ৰাষ্ট্ৰৰ গুৰুত্ব হ্রাস পায়। এতেকে ৰাষ্ট্ৰই যিমান কম কাম কৰে সিমানেই মঙ্গল (that) government & the but which semnes the least)। ব্যক্তিক সহায় কৰাই হ’ল ৰাষ্ট্ৰ কৰ্তব্য। ইয়াতেই ৰাষ্ট্ৰই গুৰুত্ব প্রকাশ পায়। ৰাষ্ট্ৰ ব্যক্তিৰ বিৰোধী হোৱা উচিত নহয়।
মিলে ব্যক্তিগত বৈশিষ্ট্য, মৌলিক চিন্তা, উদ্যোগ আৰু স্বাধীনতাক সমাজৰ প্ৰগতিৰ মূল চৰ্ত বুলি কৈছে। উদাৰতাবাদীসকলে ব্যক্তি স্বাতন্ত্র্যাৰ এই দৰ্শনক সমৰ্থন কৰিছে। আর্থিক ক্ষেত্ৰত কবডেন এডাম স্মিথ, ডেভিড ৰিকাজোৰ প্ৰভাৱ বিশেষ উল্লেখযোগ্য উদাৰতাবাদৰ বিকাশত ঊনবিংশ শতিকাৰ গুৰুত্ব অপৰিসীম। এই শতিকাতেই হেগেলৰ আদর্শবাদী তত্ত্ব প্রচারিত হয়। ওঠৰ শতিকাৰ বুজোৱা গণতান্ত্রিক ব্যৱস্থা এই শতিকাতেই পৰিপূৰ্ণভাৱে বিকাশিত হয়। আকৌ এই শতিকাতেই সুশাসনৰ ধাৰাক বুজোৱা ব্যৱস্থাৰ মাধ্যমত কাৰ্যকৰী ৰূপ দিয়াৰ প্ৰয়াস পৰিলক্ষিত হয়। আদর্শবাদী আৰু ব্যক্তিবাদী দৰ্শনৰ মাজত এই প্ৰয়াস লক্ষ্য কৰা যায়।
জনকল্যাণৰ দচ্ছ্ৰর্শন: চিন্তাৰ নৱজাগৰণত ঊনবিংশ শতিকাৰ ইউৰোপৰ আন এটা ধাৰা- উন্মোচিত হয়। এই ধাৰাটো হ’ল জনকল্যাণকামী ৰাষ্ট্ৰৰ প্ৰচাৰ। টমাছ, হিল গ্ৰীণ আৰু এল,টি থাউজে এই ধাৰণাটোৰ প্ৰতিষ্ঠাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। পুঁজিবাদী সমাজৰ বিকাশ সাধনত কল্যাণকামী ৰাষ্ট্ৰই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। হেগেলৰ আদৰ্শ ৰাষ্ট্ৰই ধাৰণা এই তত্ত্বত সংশোধিত ৰূপত প্রতিফলিত হয়। বুজোৱা শ্ৰেণীৰ শাসনৰ প্ৰয়োজনত যথেষ্ট ৰূপ আৰু ভূমিকা পৰিৱৰ্তনৰ দাবী এই তত্ত্বত প্ৰকাশ কৰা হয়। ৰাষ্ট্ৰৰ অস্তিত্বৰ বাবে যে সমাজ কল্যাণৰ ধাৰণা অপৰিহাৰ্য এই কথাটো গ্ৰীণ আদি লিখকসকলৰ তত্ত্বত প্ৰতিফলিত হৈছে। উদাৰনৈতিক দৰ্শনে কল্যাণকামী ৰাষ্ট্ৰৰ আদৰ্শ আৰু ভাৱধাৰাক অনুসৰণ কৰিছে।
২৯। উদাৰতাবাদত অৰ্থ আৰু বৈশিষ্ট্য সম্পর্কে এটি আলোচনা যুগুত কৰা। (Discuss about the meaning and characteristics of liberalism.)
উত্তৰঃ সাধাৰণ অৰ্থত উদাৰতাবাদে এনে এটা মনোভাৱক বুজায় যি আপোচ বুজা পৰা নীতিক বুজায়। প্ৰধানকৈ ব্যক্তি স্বাধীনতা আৰু সমাজ কল্যাণৰ পৰিপ্ৰেক্ষিত এই মনোভাৱক গ্ৰহণ কৰা হয়। উদাৰতাবাদ চৰকাৰী নীতি আৰু পদ্ধতিৰ ক্ষেত্ৰত স্বাধীনতা নীতিত বিশ্বাসী ই সমাজৰ সংগঠনৰ এটা নীতি আৰু ব্যক্তি আৰু সম্প্ৰদায়ৰ ওচৰত ই এটা জীৱনধাৰা। উদাৰতাবাদী দৰ্শন মুক্ত জীৱনৰ প্ৰকাশ, স্বাধীনতাৰ প্ৰতিফলন, নীতিগত আৰু সামাজিক জীৱনবোধ আৰু উপলব্ধিৰ পৰিণত ৰূপ। সংকীর্ণ অৰ্থত উদাৰতাবাদ হ’ল ব্যক্তিৰ পৌৰ, ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বাধীনতাৰ অবাধ প্রকাশ, ব্যাপক অৰ্থত ইবুদ্ধিগত, নীতিগত, সামাজিক, অর্থনৈতিক সম্পৰ্কৰ বিকাশ সাধনৰ প্ৰচেষ্টা।
সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক– এই তিনিওটা ক্ষেত্ৰতে প্ৰয়োগত লক্ষ্য কৰা যায় ৷ তলত এই তিনিটাৰ আধাৰত আলোচনা কৰা হ’ল–
(ক) সামাজিকঃ সামাজিক ক্ষেত্ৰত এই ধৰ্মনিৰপেক্ষতাক সমৰ্থন কৰে। ই ধর্মীয় অন্ধবিশ্বাসৰ পৰা মুক্ত। ধৰ্মীয় আৰু নীতিগত ক্ষেত্ৰত এই মতবাদে মানুহৰ স্বাধীনতাৰ কথা ঘোষণা কৰিছে। এই নীতিয়ে বিচাবে যে মানুহ আত্মসচেতন হ’ব লাগে। ইমানুহৰ ব্যক্তিত্ববিকাশৰো পক্ষপাতী। উদাৰতাবাদীসকলৰ মতে মানুহৰ চিন্তাধাৰা বিজ্ঞান সন্মত হ’ব লাগে। তেওঁলোকে অযুক্তিকৰ কোনো কথাক প্রশ্রয় দিয়া উচিত নহয়। মানুহে পুৰণিকলীয়া ৰীতি-নীতি, অভ্যাস আদিক পৰিত্যাগ কৰিব লাগে, যিবিলাকক প্রয়োজনীয়তা এতিয়া নোহোৱা হৈছে। কাৰণ, এইবিলাকে তেওঁক স্বাধীনতা ভোগ কৰাত বাধা জন্মাব পাবে। উদাৰতাবাদৰ মতে, মানুহে সমাজত এটা মুকলি পৰিবেশত স্বাধীনভাবে বসবাস কৰিব লাগে। এনে অৱস্থাত তেওঁলোকে ধৰ্মীয় আৰু নৈতিক স্বাধীনতা ভোগ কৰিব পাৰিব।
(খ) অর্থনৈতিকঃ উদাৰতাৰ বাবে অর্থনৈতিক ক্ষেত্ৰত অবাধ বাণিজ্য আৰু মুক্ত প্রতিযোগিতাক সমর্থন কৰে। পুঁজিবাদী অর্থনৈতিক ব্যৱস্থাৰ বিকাশ আৰু সংৰক্ষণত এই নীতিৰ ভূমিকা আছে। আধুনিক পুঁজিবাদী শ্ৰেণীৰ বিকাশতো এই নীতিয়ে সহায় কৰিছে। উদাৰতাবাদে যিকোনো বস্তুৰ উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত পূৰ্ণ স্বাধীনতা অপূৰ্ণ কৰিব বিচাৰে। সম্পত্তি অৰ্জনৰ ক্ষেত্ৰতো ই কোনো বাধা আৰোপ কৰা নাই। যিকোনো ব্যক্তি অপৰিসীমিত সম্পত্তিৰ অধিকাৰী হ’ব পাৰে। অৰ্থাৎ, অর্থনৈতিক ক্ষেত্ৰত উদাৰতাবাদে পূর্ণ স্বাধীনতা প্ৰদান কৰিব বিচাৰে। এই ক্ষেত্ৰত ৰাষ্ট্ৰৰ কোনো ধৰণৰ নিয়ন্ত্রণ থকা উচিত নহয় ৷
(গ) ৰাজনৈতিকঃ ৰাজনৈতিক ক্ষেত্ৰত উদাৰতাবাদৰ বৈশিষ্ট্যবিলাক উল্লেখযোগ্য। ব্যক্তিৰ ৰাজনৈতিক অধিকাৰ সমর্থক, স্বাধীনতা, সাম্য আৰু মৈত্ৰীৰ বাণী প্ৰচাৰ, প্ৰতিনিধিমূলক গণতন্ত্র, সংসদীয় শাসন ব্যৱস্থা সাংবিধানিক ব্যৱস্থা আইনৰ অনুশাসন বিচাৰ বিভাগীয় স্বাধীনতা ব্যক্তি স্বাধীনতা আদি ধাৰণাৰ মাজেদি উদাৰনৈতিক দৰ্শনৰ ৰাজনৈতিক তাৎপৰ্য পৰিলক্ষিত হয়। উদাৰতাবাদে সংবাদ-পত্ৰৰ স্বাধীনতা, নিৰপেক্ষ আৰু স্বাধীন নির্বাচন, শাসনসকলৰ জনসাধাৰণৰ ওচৰত দায়িত্বশীলতা, সাৰ্বজনীন ভোটাধিকাৰ, ক্ষমতাৰ পৃথকীকৰণ ধৰ্মৰ অধিকাৰ আদি ধাৰণাক সমৰ্থন কৰে। ই স্বাধীনতা ৰক্ষাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব আৰোপ কৰিছে। ব্যক্তিস্বাধীনতা হ’ল উদাৰতাবাদৰ প্ৰাণস্বৰূপ। প্রচলিত ক্ষমতা আৰু কৰ্তৃত্বৰ বিৰুদ্ধে প্রতিবাদ, মানৱতাৰ অনুসন্ধান, সামাজিক সমস্যাসমূহৰ প্ৰতি মানৱিক আৰু গঠনমূলক দৃষ্টিভঙ্গী আদিও উদাৰতাবাদৰ বৈশিষ্ট্য। উদাৰনৈতিক দর্শন একেৰাহে স্থিৰ, পৰিৱৰ্তনশীল আৰু প্ৰগতিশীল। মানুহৰ মুক্তিৰ প্ৰতি এই চিন্তাধাৰাৰ অটল বিশ্বাস আছে। উদাৰতাবাদে সংগ্রামী মানসিকতা আৰু মুক্তি প্ৰচেষ্টাক সমর্থক জনায়। সমাজকল্যাণ নীতিক ই সকলো প্ৰকাৰে সমৰ্থন কৰে। আনহাতেদি পৰিবৰ্তনশীল অৱস্থাৰ পৰিপ্ৰেক্ষিতত উদাৰতাবাদে নতুন ধ্যান-ধাৰণা আৰু নীতিক গ্ৰহণ কৰিব বিচাৰে।
৩০। নতুন বা আধুনিক উদাৰনৈতিক তত্ত্ব আৰু সনাতন বা পুৰণি উদাৰতাবাদৰ ধাৰণাৰ নীতিসমূহৰ এটি দাঙি ধৰা। (Introduce a discussion of the principles of new or modern liberal theory and the concept of traditional or old liberalism.)
উত্তৰঃ বৰ্তমান (বিংশ শতাব্দীত) উদাৰতাবাদত কিছুমান পৰিৱৰ্তন পৰিলক্ষিত হয়। আগৰ বা পুৰণি উদাৰতাবাদ আছিল নকাবাত্মক। এই ধৰণৰ উদাৰতাবাদ ৰাষ্ট্ৰৰ কাৰ্য সীমিত কৰাৰ পক্ষপাতী আছিল কাৰণ, ইয়াৰ মতে ৰাষ্ট্ৰৰ কাৰ্যই ব্যক্তি স্বাধীনতাক খৰ্ব কৰিব পাৰে। অর্থাৎ পুৰণি উদাৰনৈতিক তত্ত্বক প্রাধান্য দিয়া হৈছে ব্যক্তি স্বাতন্ত্র্যবাদৰ ওপৰত।
বৰ্তমানৰ বা আধুনিক যুগৰ উদাৰতাবাদ হৈছে ইতিবাচক। এই ধাৰণাই কল্যাণকামী ৰাষ্ট্ৰৰ গুৰুত্ব আৰোপ কৰে। ই গণতান্ত্রিক সমাজবাদক সমর্থন কৰে। অৱশ্যে ই সাম্যবাদ বা বৈজ্ঞানিক সমাজবাদক সমর্থন নকৰে। কিন্তু এই নতুন উদাৰতাবাদে গণতান্ত্রিক ব্যৱস্থাক পৰিত্যাগ কৰিব পৰা নাই। ই মুক্ত বজাৰৰ পক্ষপাতী। অন্যতম লিখক মিল্টন ফ্রিডমেনে ব্যাপক সমাজবাদক স্বাধীনতাৰ পৰিপন্থী বুলি বিবেচনা কৰিছে।
ইতিবাচক বা আধুনিক উদাৰতাবাদৰ মূলনীতিবিলাক তলত উল্লেখ কৰা হ’ল। ডেৰিক হিটাবে এই নীতিবিলাকৰ উল্লেখ কৰিছে।
(ক) স্বাধীনতা অকল অর্থনৈতিক স্বাধীনতাই নহয় জনসাধাৰণে সাংবিধানিক উপায়সমূহৰ জৰিয়তে চৰকাৰৰ ওপৰত ৰাজনৈতিক প্ৰভাৱ পেলাব পৰা ক্ষমতা থাকিব লাগিব বুলি আধুনিক উদাৰতাবাদে মত পোষণ কৰে।
(খ) এই মতবাদে প্রশাসন যন্ত্ৰৰ আধুনিকীকৰণ কৰি পিছপৰা আৰু অৱহেলিত লোকৰ কল্যাণ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
(গ) আধুনিক উদাৰতাবাদে সাংবিধানিক সংস্কাৰৰ ওপৰত গুৰুত্ব দিছে। এই সংস্কাৰৰ জৰিয়তে আঞ্চলিক সংগঠনবিলাকৰ হাতত ক্ষমতা অর্পণ কৰিব লাগিব।
(ঘ) এই মতবাদে সংসদীয় চৰকাৰক শক্তিশালী কৰাৰ মত পোষণ কৰে। ইয়াৰ মতে সংসদীয় শাসন ব্যবস্থা দুৰ্বল হোৱাটো এটা শুভ লক্ষণ। এই ধৰণৰ চৰকাৰৰ শাসন সাধন কৰি ইয়াত জনমত প্রতিফলিত কৰাৰ চেষ্টা কৰা উচিত।
(ঙ) আর্ন্তজাতিক ক্ষেত্ৰত নতুন উদাৰতাবাদে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক সীমিত কৰি ৰাষ্ট্ৰসংঘক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিছে। কাৰণ, ৰাষ্ট্ৰসংঘৰ শক্তিশালী হ’লেহে বিশ্বশান্তি ৰক্ষা কৰিব পৰা যায় আৰু ই জনসাধাৰণৰ কল্যাণ সাধন কৰিব পাৰি।
এতেকে, দেখা যায় যে ইতিবাচক বা সকাৰাত্মক উদাৰতাবাদৰ এটা সমাজবাদী দিশ আছে। ই বৈজ্ঞানিক সমাজবাদক গ্রহণ নকৰে যদিও সমাজবাদৰ কিছুমান নীতিক এই তত্ত্বত দেখা যায়। আধুনিক উদাৰতাবাদে ৰাষ্ট্ৰৰ কাৰ্যাৱলীক জনসাধাৰণৰ মংগলৰ বাবে সৃষ্টি কৰিব বিচাৰে। ই দুর্বল শ্ৰেণীৰ কল্যাণৰ বাবে সজাগ।’
সনাতন বা পুৰণি উদাৰতাবাদৰ ধাৰণাঃ হেলবেল নামৰ এজন বিশিষ্ট চিন্তাবিধে পুৰণি উদাৰতাবাদৰ মূল ধাৰণাবিলাকক এই দৰে দাঙি ধৰিছে–
(ক) ইয়াৰ মতে ব্যক্তিৰ ইচ্ছাৰ স্বাধীনতা থাকিব লাগিব।
(খ) ই মানুহৰ বিবেক আৰু সততাত বিশ্বাস কৰে।
(গ) এই মতবাদে সকলো মানুহৰ ক্ষমতা আৰু মানুহৰ ব্যক্তিত্বৰ মূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
(ঘ) এই মতবাদে বিশ্বাস কৰে যে মানুহৰ কিছুমান অধিকাৰ থাকিব লাগিব, যি বিলাকক কোনেও খৰ্ব কৰিব নোৱাৰে। সেইবিলাক হ’ল জীৱন, স্বাধীনতা আৰু সম্পত্তিৰ অধিকাৰ।
(ঙ) মানুহৰ প্ৰাকৃতিক অধিকাৰবিলাকক ৰক্ষা কৰিবৰ বাবে জনমতৰ ভিত্তিত ৰাষ্ট্ৰ গঠন কৰিব লাগিব। ই মানুহৰ পূৰ্ণ স্বাধীনতাৰ পক্ষপাতী।
(চ) পুৰণি উদাৰতাবাদে মানুহক ৰাষ্ট্ৰৰ বিৰুদ্ধাচৰণ কৰাৰ ক্ষমতা দিছে, যদি ৰাষ্ট্ৰই মানুহৰ স্বাধীনতা ৰক্ষা কৰিব নোৱাৰে।
(ছ) ই আইনক আদেশতকৈ অধিক মৰ্য্যদা দিছে। আইন মতেহে সমাজক নিয়ন্ত্ৰণ কৰিব লাগে।
(জ) ই ৰাষ্ট্ৰৰ ক্ষমতাক সীমিত কৰিব বিচাৰে যাতে ই ব্যক্তি স্বাধীনতাক খৰ্ব কৰিব নোৱাৰে। সেয়েহে ৰাষ্ট্ৰই আটাইতকৈ কম কাৰ্য সম্পাদন কৰা উচিত।
(ঝ) ই মানুহক জীৱনৰ সকলো ক্ষেত্ৰতে, বিশেষকৈ ৰাজনৈতিক, অর্থনৈতিক, সামাজি ধাৰ্মিক আৰু বুদ্ধি বৃত্তিৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা দিব বিচাৰে।
(ঞ) এই মতবাদে মত পোষণ কৰে যে ব্যক্তিৰ সুচিন্তা আৰু বিবেকে কোনটো ভাল থাক কোনটো বেয়া সেইটো জনাৰ সহায় কৰিব আৰু ব্যক্তিয়ে তেতিয়া যুক্তিৰ ওপৰত ভিত্তি কৰি চৰম সত্য উদ্ঘাটন কৰিব পাৰিব।
৩১ । ৰাজনীতি বিজ্ঞানৰ দিশত উদাৰতাবাদৰ গুৰুত্ব সম্পর্কে এটি আলোচনা যুগুত কৰা। (Highlight a discussion of the importance of liberalism towards political science.)
উত্তৰঃ অন্যতম ৰাষ্ট্ৰ দৰ্শন হিচাবে উদাৰতাবাদৰ অপৰিসীম মূল্য আছে। ৰাজনীতি বিজ্ঞানৰ বিকাশৰ ক্ষেত্ৰত ইয়াৰ অৱদানক কোনেও নুই কৰিব নোৱাৰে।
তলত ইয়াৰ গুৰুত্বসমূহ উল্লেখ কৰা হ’লঃ
(ক) ৰাষ্ট্ৰ চিন্তাৰ ক্ষেত্ৰত ই এটা নতুন বিচাৰবোধ আৰু চিন্তাধাৰাৰ সূচনা কৰিছে বুলি ক’ব পাৰি।
(খ) প্রচলিত বিশ্বাস আৰু কৰ্তৃত্বৰ বিৰুদ্ধে উদাৰতাবাদেই হ’ল প্রথম প্রতিক্রিয়া।
(গ) ৰক্ষণশীল আৰু ঐতিহ্যগত ধাৰণাৰ পৰিবর্তে ইয়েই প্রথম প্রতিক্রিয়া।
(ঘ) এই মতবাদে গণতান্ত্রিক ধ্যান-ধাৰণা আৰু আদৰ্শৰ প্ৰতি অবিচল আস্থা পোষণ কৰিছে।
(ঙ) সাম্য স্বাধীনতা আৰু মৈত্ৰীৰ বাণী এই দর্শনত প্রথম উচ্চাৰিত হয়।
(চ) মানুহৰ স্বাধীন আৰু শাশ্বত ইচ্ছাৰ ধাৰণাক ই সমর্থন কৰে।
(ছ) মানৱতাবোধৰ দৰ্শনৰ প্ৰতি ইয়াৰ আবেদন তাৎপর্যপূর্ণ।
(জ) উদাৰতাবাদ গণতান্ত্রিক সংগঠন আৰু চিন্তাধাৰাৰ সমৰ্থক। জনসাধাৰণৰ সন্মতি আৰু সাৰ্বভৌম অধিকাৰৰ নীতিতো ইয়াৰ গভীৰ বিশ্বাস আছে।
(ঝ) এই মতবাদে ৰাজনীতিৰ ক্ষেত্ৰত কিছুমান উল্লেখযোগ্য বিষয়ৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
এইবিলাকে হ’লঃ
(১) ব্যক্তিৰ আত্মোপলব্ধি আৰু স্বাতন্ত্র্য।
(2) মহৎ আৰু বাস্তৱ মানুহৰ ধাৰণা।
(৩) জনকল্যাণ আৰু সমাজ সংস্কাৰৰ আদৰ্শ।
(৪) পুৰণি উদাৰৰ্নীতিত ৰাষ্ট্ৰৰ নকাৰাত্মক ভূমিকা।
(৫) ব্যক্তিৰ উদ্যোগ আৰু উৎসাহ আৰু
(৬) সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক প্রগতি।
অৱশেষত ক’ব পাৰি যে সমাজ আৰু সভ্যতাৰ নতুন মূল্যায়নত উদাৰনৈতিক দৰ্শনৰ গুৰুত্ব উল্লেখযোগ্য। আইন, গণতন্ত্র সার্বভৌমত্ব অস্বীকাৰ, কৰ্তব্য, আনুগত্য আদি ধাৰণাবিলাকৰ পৰিবৰ্তনশীল পটভূমিক নতুন মূল্যায়নৰ মাজতে ইয়াৰ কৰ্তৃত্ব প্ৰকাশ পাইছে এতেকে মানৱ জীৱনৰ সকলো ক্ষেত্ৰতে ইয়াৰ অপৰিসীম গুৰুত্ব আছে বুলি ক’ব পাৰি।
৩২। ইতিহাসৰ অৰ্থনৈতিক ব্যাখ্যা সম্পর্কে এটি টোকা প্ৰস্তুত কৰা। (Prepare a note about the economic interpretation of history.)
উত্তৰঃ মার্ক্সীয় ধাৰণাসমূহৰ ভিতৰত ইতিহাসৰ অৰ্থনৈতিক ব্যাখ্যা বিশেষভাবে উল্লেখযোগ্য। মার্ক্সৰ মতে সমাজৰ অৰ্থনৈতিক গাঁথনিৰ ওপৰতে সমাজৰ সামাজিক, সাংস্কৃতিক অবস্থা নিৰ্ভৰ কৰে। অৰ্থাৎ কোনো সমাজৰ অৰ্থনৈতিক, সামাজিক আদি বিভিন্ন দিশৰ পৰিবৰ্তনৰ প্ৰধান কাৰণ হৈছে সেই সমাজৰ অর্থনৈতিক অৱস্থা। উৎপাদন প্ৰক্ৰিয়াৰ পৰিৱৰ্তনৰ লগে লগে সামাজিক সম্পর্কৰো পৰিৱৰ্তন হয়। ইতিহাসত যিবোৰ বিপ্লৱৰ উদাহৰণ পোৱা যায়, মানুহৰ জীৱৰ-ধাৰণ পদ্ধতিত যিবোৰ পৰিবৰ্তন আহে সেইবোৰ বিপ্লব বা পৰিবৰ্তনৰ প্ৰধান কাৰণ হৈছে অর্থনৈতিক। অর্থনৈতিক অৱস্থাই মানুহৰ সাংস্কৃতিক মানদণ্ড আৰু ধৰ্মীয় আচাৰ-বিচাৰৰ ক্ষেত্ৰতো পৰিৱৰ্তন সাধন কৰে। কোনো নিশ্রয় আদৰ্শৰ ভিত্তিত বিপ্লৱৰ কাৰণ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিলেও, আদর্শই বিপ্লৱৰ কাৰণক উদ্ঘাটন কৰিব নোৱাৰে।
ঐতিহাসিক পৰিৱৰ্তন সদায় অৰ্থনৈতিক কাৰণৰ লগত জড়িত হৈ থাকে। ন্যায়, সত্যতা, মৰম চেনেহ, মানৱতাবাদ আদি বিভিন্ন কাৰণত সামাজিক বা ৰাজনৈতিক পৰিৱৰ্তন হোৱাটোক মার্ক্সে বিশ্বাস নকৰে। মার্ক্সৰ মতে উৎপাদন আৰু বিতৰণ প্ৰক্ৰিয়াৰ পৰিৱৰ্তনেৰে সমাজৰ পৰিৱৰ্তন সাধন কৰে। সংক্ষেপতে ক’বলৈ হ’লে উৎপাদন প্ৰক্ৰিয়াৰ পৰিৱৰ্তন লগতহে সামাজিক সম্পর্ক নিৰ্ভৰ কৰে। মার্ক্সৰ মতে উৎপাদন প্ৰক্ৰিয়াৰ পৰিৱৰ্তন হোৱাৰ ফলত সামাজিক তথা ৰাজনৈতিক পৰিৱৰ্তন হোৱাৰ ভালেমান উদাহৰণ ইতিহাসত পোৱা যায়। প্রাচীনকালত দাস প্রথাৰ প্ৰচলন আছিল, কিন্তু এই প্রথা নাইকিয়া হ’ল। মধ্যযুগত সামন্ত প্ৰথাৰ প্ৰচলন আছিল, এই প্রথাও অনির্দিষ্ট কাললৈ চলি নাথাকিল। উদ্যোগ বিপ্লৱে উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিলে। উদ্যেগ বিপ্লৱৰ ফলত পুঁজিবাদী সমাজ ব্যৱস্থাৰ সৃষ্টি হ’ল। কিন্তু এই ব্যৱস্থাও সদায় চলি নাথাকিব। মার্ক্সৰ মতে আদিম সমাজৰ পৰা বৰ্তমান সময়লৈ ইতিহাসত যিবোৰ পৰিৱৰ্তন দেখা যায়, সেই আটাইবোৰ পৰিৱৰ্তনৰ প্ৰধান কাৰণ হৈছে অর্থনৈতিক কাৰণ। সভ্যতাৰ কোনো এটা স্তৰৰ পৰিৱৰ্তন হৈ আন এটা স্তৰ আৰম্ভ হোৱাৰ লগে লগে আগৰ স্তৰৰ উৎপাদন আৰু বিতৰণ প্ৰক্ৰিয়াৰ পৰিবৰ্তন হৈ নতুন ধৰণৰ উৎপাদন আৰু প্ৰক্ৰিয়াৰ পৰিৱৰ্তনে সামাজিক পৰিৱৰ্তন সৃষ্টি কৰে, অৰ্থাৎ অর্থনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তনেই হৈছে ঐতিহাসিক পৰিৱৰ্তনৰ প্ৰধান কাৰণ অৰ্থনৈতিক অৱস্থাই ইতিহাসৰ গতিকে নিৰ্ণয় কৰে।
গুৰুত্বঃ দ্বন্দ্বাত্মক বস্তুবাদতকৈ মার্ক্সৰ ইতিহাসৰ অর্থনৈতিক ব্যাখাত ভালেখিনি সত্যতা আছে। সমাজ বিজ্ঞানৰ অধ্যয়নত এই ধাৰণাই যথেষ্ট পৰিমাণে সহায় কৰে। হান্টৰ মতে ক’বলৈ হ’লে আধুনিক যুগৰ লেখকসকলে স্পষ্টভাৱে স্বীকাৰ নকৰিলেও তেওঁলোকৰ অধিকাংশই যে মার্ক্সৰ ওচৰত ঋণী এই কথা স্বীকাৰ কৰিব লাগিব। সমাজ অধ্যয়ন কৃতকার্য হ’ব লাগিলে তেনে অধ্যয়নক সমাজৰ অৰ্থনৈতিক গাঁথনিৰ ভিত্তিক আৰম্ভ কৰা উচিত। কোনো সমাজৰ সামাজিক, ৰাজনৈতিক সমস্যাৰ শুদ্ধ জ্ঞানৰ কাৰণে সেই সমাজৰ অৰ্থনৈতিক অৱস্থাৰ জ্ঞান থকা অত্যন্ত দৰকাৰ। অর্থনৈতিক অৱস্থা তথা উৎপাদন আৰু বিতৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে সমাজৰ সামাজিক, ৰাজনৈতিক সমস্যা আদিব স্পষ্ট আভাস পোৱা যায়। বহুত ক্ষেত্ৰত অর্থনৈতিক কাৰণে সমস্যাৰ সৃষ্টি কৰা দেখা যায়। সেয়েহে সমাজ বিজ্ঞানৰ অধ্যয়নত মার্ক্সৰ ইতিহাসৰ অৰ্থনৈতিক ব্যাখ্যা মতবাদৰ গুৰুত্বক আওকান কৰিব নোৱাৰি।
৩৩। নাৰীবাদী নাগৰিকত্বৰ ধাৰণাটো ব্যাখ্যা কৰা। (Explain the concept of feminist citizenship.)
উত্তৰঃ নাগৰিকত্ব সম্পর্কিত বিশিষ্ট বিষয় উভয়েই লিংগ নিৰপেক্ষ আৰু লিংগ সংবেদনশীল। তথাপিও যিমান নাৰীবাদী বিদ্বানে যুক্তি আগবঢ়াইছিলস নাগৰিকত্বৰ ধাৰণাটো ঐতিহাসিকভাৰত পঞ্চম পুৰুষ হিচাপে ৰচিত হৈছে। এনেদৰে নাৰীসকলৰ নাগৰিকত্বৰ সমান মৰ্যাদাৰ পৰা বাদ দিয়া হৈছে। গতিকে, নাৰীসকলৰ সম্পূৰ্ণ নাগৰিক হিচাবে স্বীকৃতি দিয়াৰ বাবে, নাৰীবাদী বৃত্তি নাগৰিকত্বৰ ধাৰণাৰো লগত চৰকাৰী আৰু বেচৰকাৰী সম্পর্কিত ধাৰণাবিলাকৰ পুনঃব্যক্তিক বিবেচনা কৰা হয়। এই বিষয়বোৰৰ লগতে এটা পদ আৰু অনুশীলন হিচাবে নাৰীসকলৰ নাগৰিকত্ব নাৰীৰ সংস্থা নাগৰিক সমাজৰ ক্ষেত্ৰৰ মাজতও কাম কৰাৰ সুযোগ দিয়ে। নাৰীসকলৰ ৰাজনৈতিক নাগৰিকত্বৰ সবাতকৈ গুৰুত্বপূৰ্ণ বিষয়, ৰাজনৈতিক অভিনেতা হিচাবে নাৰীসকলৰ স্ব-পৰিচয়, সিহঁতৰ ৰাজনৈতিক নাগৰিকত্বৰ অধিকাৰ প্ৰয়োগৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। ৰাজনৈতিক সংস্থা হিচাবে নাগৰিকত্ব তত্ত্ব আৰু মহিলাসকলৰ নাগৰিকত্বৰ ধাৰণা সম্পর্কে এটা তাত্ত্বিক অন্তদৃষ্টি বিচাৰ কৰা অত্যন্ত গুৰুত্বপূৰ্ণ।
৩৪। নাগৰিক সমাজ কি? ৰাজ্যত নাগৰিক সমাজৰ ভূমিকা সম্পৰ্কে সমালোচনামূলক ভাৱে বিশ্লেষণ কৰা। (What is Civil Society? Analyze critically the role of Civil Society in the State.)
উত্তৰঃ নাগৰিক সমাজ ধাৰণাৰ প্ৰথম উদ্ভাৱক ডব্লিউ ফ্ৰেডৰিক হেগেল নাগৰিক অধিকাৰ সম্বন্ধে নতুন ধাৰণা প্ৰদান কৰিছে আৰু তাতে ‘চিভিল ছোছাইটি’ শব্দটো ব্যৱহাৰ কৰিছে। ‘চিভিল ছোছাইটি” বুলিলে তেওঁ এনে এটা সমাজতান্ত্রিক সমাজক বুজাবলৈ চেষ্টা কৰিছে, যিয়ে যুক্তিসিদ্ধ আৰু পৰস্পৰ বিৰোধী ভাৱধাৰাৰ সমন্বয় আৰু দ্বান্দ্বিক প্ৰক্ৰিয়াৰ মাজৰ পৰা ৰাষ্ট্ৰৰ বুৰ্জোৱা শক্তিক প্ৰতিষ্ঠাপন কৰিব। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ‘চিভিল ছোচাইটি’ শব্দটো নতুন অৰ্থত ব্যৱহৃত হৈছে। তেতিয়া ইয়াক এটা নূন্যতম চৰকাৰী হস্তক্ষেপত চালিত এটা স্বশাসিত সমাজ ভবা হৈছিল। চিভিল ছোচাইটিৰ কোনো সাৰ্বজনীন সংজ্ঞা নাই; কিন্তু এটা ঐক্যমত আছে যে এটি ৰাৰাষ্ট্ৰীয় নিয়ন্ত্রণমুক্ত এটা ঐচ্ছিক সংগঠন।
নাগৰিক সমাজ বা নাগৰিক সমাজ চৰকাৰী নিয়ন্ত্রণমুক্ত সংস্থা হিচাবে সুস্থ জনজীৱনৰ অনুকূল পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত সহায়তা প্রদানে মুখ্য ভূমিকা পালনৰ কৰে দাবী কৰে।
উদাৰ-গণতন্ত্র প্রতিষ্ঠাত নাগৰিক সমাজৰ ভূমিকা সর্বজনবিদিত। বিখ্যাত দার্শনিক জন ৰল চৰ ‘দ্যা থিওৰি অব জাস্টিচ’ গ্ৰন্থত উল্লেখ কৰিছে যে আধুনিক উদাৰ গণতন্ত্র কেৱল শক্তিশালী নাগৰিক সমাজৰ মাজৰ পৰাই প্ৰতিষ্ঠিত আৰু ভিত্তি লাভ কৰে। তেওঁ নাগৰিক সমাজক ৰাজনৈতিক সংস্কৃতি আৰু কাঠামোৰ বাহিৰে এটা স্বেচ্ছাসেবী সংস্থা হিচাপে চিহ্নিত কৰিছিল। এটা গণতান্ত্রিক সমাজ আৰু ৰাষ্ট্ৰ ব্যৱস্থা প্ৰতিষ্ঠাত নাগৰিক সমাজৰ গুৰুত্ব উত্তৰণ এতিয়াও অসম্পূর্ণ। বাংলাদেশৰ নাগৰিক সমাজ অৱসৰপ্ৰাপ্ত সামৰিক-অসামৰিক আমলা আৰু অভিজাত শ্ৰেণীৰ আধিক্যত নিজৰ গণমুখী চৰিত্ৰ আৰু পৰিচয় গঢ়ি তোলাত ব্যৰ্থ হৈছে।
য’ত নাগৰিক সমাজৰ লগত ৰাজনৈতিক দল, মতাদৰ্শৰ মতভিন্নতা এটা স্বাভাৱিক প্রক্রিয়া, বাংলাদেশৰ নাগৰিক সমাজৰ লগত ৰাজনৈতিক দল পক্ষসমূহৰ বিস্তৰ অমিল পৰিলক্ষিত হয়। বাংলাদেশৰ নাগৰিক সমাজ প্ৰকৃত প্ৰস্তাৱত ৰাষ্ট্ৰ আৰু ৰাজনৈতিক পক্ষসমূহৰ ওপৰত কাৰ্যকৰী চাপ প্রয়োগতও অধিকাংশত ব্যর্থ হোৱা বুলি ক’ব পাৰো। নাগৰিক সমাজ আৰু ৰাজনৈতিক পক্ষসমূহৰ এনে ধৰণৰ বিপৰীতমুখী অৱস্থান আৰু অকাৰ্যকৰী সম্পৰ্কক ব্যাখ্যা কৰা যায় ৷