Understanding Political Theory Unit 3 ৰাজনৈতিক তত্ত্বৰ সমালোচনা আৰু সমকালীন দৃষ্টিভঙ্গী

Understanding Political Theory Unit 3 ৰাজনৈতিক তত্ত্বৰ সমালোচনা আৰু সমকালীন দৃষ্টিভঙ্গী, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Political Theory Unit 3 ৰাজনৈতিক তত্ত্বৰ সমালোচনা আৰু সমকালীন দৃষ্টিভঙ্গী Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Political Theory Unit 3 ৰাজনৈতিক তত্ত্বৰ সমালোচনা আৰু সমকালীন দৃষ্টিভঙ্গী Question Answer can be of great value to excel in the examination.

Understanding Political Theory Unit 3 ৰাজনৈতিক তত্ত্বৰ সমালোচনা আৰু সমকালীন দৃষ্টিভঙ্গী

Join Telegram channel

Understanding Political Theory Unit 3 ৰাজনৈতিক তত্ত্বৰ সমালোচনা আৰু সমকালীন দৃষ্টিভঙ্গী Notes cover all the exercise questions in UGC Syllabus. Understanding Political Theory Unit 3 ৰাজনৈতিক তত্ত্বৰ সমালোচনা আৰু সমকালীন দৃষ্টিভঙ্গী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Critical and Contemporary Perspectives in Political Theory

অতি চমু প্রশ্নোত্তৰঃ

১। ‘নাৰীবাদ’ শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল– (The word ‘feminism’ was used by-)

উত্তৰঃ চাৰ্লছ ফুৰিয়াৰ।

২। নাৰীবাদৰ ইংৰাজী নাম কি? (What is the English name of naribad?)

উত্তৰঃ ফেমিনিজম।

৩। নাৰীবাদ শব্দটো প্ৰথম ক’ত প্ৰকাশিত হয়। (Where is the word feminism first published?)

উত্তৰঃ ফ্ৰান্সত।

8। নাৰীবাদী শব্দটোৰ উৎপত্তি কেতিয়া হৈছিল? (When did the term feminist originate?)

উত্তৰঃ ১৮৫২ চনত।

৫। নাৰীবাদী আন্দোলনৰ স্তৰ কেইটা? (How many levels of feminist movement?)

উত্তৰঃ তিনিটা।

৬। নিউজিলেণ্ড নাৰীসকলক ভোটাধিকাৰ কেতিয়া দিয়া হৈছিল? (When were New Zealand women were given voting rights in)

উত্তৰঃ ১৮৯৩ চনত।

৭। নাৰীবাদৰ তৃতীয় ঢৌ কেতিয়া হৈছিল? (When did the third wave of feminism occur?)

উত্তৰঃ ১৯৯০ চনত।

৮। জন ষ্টুৱাৰ্ট মিল কোন নাৰীবাদী তত্ত্বৰ সমৰ্থক আছিল? (John Stuart Mill was a supporter of which category of feminist theory?)

উত্তৰঃ উদাৰনৈতিক নাৰীবাদী তত্ত্ব।

৯। নাৰীবাদ শব্দটোৰ ইংৰাজী প্রতিশব্দ কি? (What is the English synonym for the word feminist?) 

উত্তৰঃ নাৰীবাদ শব্দটোৰ ইংৰাজী শব্দ হৈছে Feminism।

১০। ফেমিনিজম শব্দটোৰ উৎপত্তিক’ত? (Where does the word feminism originate?) 

উত্তৰঃ ফ্ৰান্সত। Femme অর্থ নাৰী, আৰু isme অর্থ মতবাদ।

১১। ফ্ৰান্সত ফেমিনিজম শব্দটো কেতিয়া গৃহিত হৈছিল? (When the term Feminism adopted in France?)

উত্তৰঃ ১৮৮০ চনত।

১২। ‘নাৰীৰ অধিকাৰৰ ন্যায্যতা’ গ্ৰন্থটোৰ লেখক কোন? (Who is the author of the book “Fairness for Women’s Rights”?)

উত্তৰঃ মেৰি ওলষ্টোনক্রাফ্‌ট।

১৩। “দি চাবজেকছন অফ ৱমেন’ গ্ৰন্থটো কোনে লিখিছিল? (Who wrote the book ‘The Subjection of Women’?)

উত্তৰঃ জন ষ্টুৱাৰ্ট মিল।

১৪। “দি ডায়লেক্টিক অব সেক্স’ গ্ৰন্থৰ লেখক কোন? (Who is the author of the book “The Dialectic of Sex’?) 

উত্তৰঃ শুলামিথ ফায়াৰষ্টোন।

১৫। ‘সেক্সুয়াল পলিটিক্স’ গ্ৰন্থৰ লেখক কোন? (Who is the author of the book ‘Sexual Politics’?)

উত্তৰঃ কেট মিলেট।

১৬। ডানা ডেন্সমোৰৰ গ্ৰন্থখনৰ নাম কি? (What is the name of Dana Densmore’s book?) 

উত্তৰঃ ইণ্ডিপেণ্ডেন্স ফ্রম দি সেক্সুয়াল ৰিভোলিউচন।

১৭। ফ্রেডাৰিক এঙ্গেলছৰ গ্ৰন্থখনৰ নাম কি? (What is the name of the Friendrich Engels, book?)

উত্তৰঃ দি অৰিজিন অব ফেমিলি, প্রাইভেট প্রপার্টি এত দি স্টেট।

১৮। আন্তর্জাতিক নাৰী দিৱস কোন তাৰিখে পালন কৰা হয়? (On what date is International Women’s Day celebrated?) 

উত্তৰঃ ৮ মাৰ্চত।

১৯। ভাৰতত নাৰীসকলে কেতিয়া ভোটাধিকাৰ লাভ কৰে? (When did women in India get voting rights?)

উত্তৰঃ ১৯৩৫ চনত।

২০। বিশ্বৰ প্ৰথম নাৰী প্রেডিডেন্ট কোন? (Who is the world’s first woman president?)

উত্তৰঃ ইচাবেলা পেৰন (আর্জেন্টিনা)।

২১। বিশ্বৰ প্ৰথম নাৰী অধিকাৰ বিষয়ক সম্মিলন ক’ত অনুষ্ঠিত হৈছিল? (Where was the world’s first women’s rights conference held?)

উত্তৰঃ মেক্সিকোত।

২২। জাতীয় সংসদত সংৰক্ষিত নাৰীৰ আসন কেইটা? (How many seats are reserved for women in the national parliament?)

উত্তৰঃ ৫০টা।

২৩। নাৰীবাদ কি? (What is feminism?)

উত্তৰঃ নাৰীবাদ হ’ল নিপীড়নমূলক লিংগ সম্পৰ্কৰ বিৰুদ্ধে নাৰী আন্দোলন।

২৪। এজন উত্তৰ আধুনিক তাত্ত্বিকৰ নাম লিখা। (Write the name of a post-modern theorist?)

উত্তৰঃ মিচেল ফুকো।

২৫। মিচেল ফুকোৰ গ্ৰন্থসমূহৰ নাম লিখা। (Write the names of Michel Foucault’s book?) 

উত্তৰঃ ‘মেডনেচ এণ্ড চিভিলাইজেছন’ ‘দি বার্থ অফ দি ক্লিনিক’ ডিচিপ্লিন এক পানিচমেন্ট, হিস্ট্রি অফ চেক্সুয়ালিটি।

২৬। মেডনেচ এণ্ড চিভিলাইজেছনৰ অসমীয়া ৰূপ কি? (What is the Assamese form of Madness and Civilization.)

উত্তৰঃ উন্মাদনা আৰু সভ্যতা।

২৭। মেডনেচ এণ্ড চিভিলাইজেছন গ্ৰন্থটো কোন চনত প্ৰকাশিত হৈছিল। (In which year was the book Madness and civilization published.)

উত্তৰঃ ১৯৬৫ চনত।

২৮। উত্তৰ আধুনিক চিন্তানায়কৰ মধ্যপন্থী কাক বোলা হয়? (Who is called the moderate of post-modern thinkers.)

উত্তৰঃ ফ্ৰেডৰিক জেমছন।

২৯। উত্তৰ আধুনিকতা সম্পৰ্কে জেমচনৰ প্ৰধান বক্তব্যটো কি? (What is Jameson’s main statement about post-modernism.) 

উত্তৰঃ জেমচনৰ মতে উত্তৰ আধুনিক অর্থনৈতিক পৰ্যায়ৰ যি বিশেষ সংস্কৃতি পণ্য উৎপাদনৰ লগত সম্পর্কিত।

৩০। জেমচন উত্তৰ আধুনিক সমাজক কি বুলি আখ্যায়িত কৰিছে? (What did Jameson call post-modern society.) 

উত্তৰঃ জেমচন উত্তৰ আধুনিক সমাজক অগভীৰ সমাজ বুলি চিহ্নিত কৰিছে।

৩১। মিচেল ফুকো তেওঁৰ ‘ক্ষমতাৰ বংশবৃত্তান্ত’ পদ্ধতিটো কোন গ্ৰন্থত উল্লেখ কৰিছে? (In which text did Michel Foucault mention the genealogical system of his powers.) 

উত্তৰঃ দি হিষ্ট্রি অফ চেক্সুয়ালিটি।

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। নাৰীবাদীত জ্ঞানতত্ত্ব সম্পর্কে লিখা। (Write about cognition in feminism.) 

উত্তৰঃ জ্ঞানৰ প্ৰজন্ম আৰু উৎপাদন নাৰীবাদী তত্ত্বৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে আছে আৰু নাৰীবাদী জ্ঞানতত্ত্বৰ ওপৰত আলোচনাক কেন্দ্ৰীভূত কৰে। ইয়াত নাৰীজ্ঞান আৰু নাৰীক বুজিবলৈ কি বিষয়ত তৰ্ক হ’ব পাৰে আৰু নাৰীয়ে কেনেকৈ তেওঁলোকৰ নিজৰ জ্ঞানৰ উৎপত্তি বিস্তাৰ কৰে পিতৃতান্ত্ৰিক জ্ঞানৰ বিস্তাৰৰ তুলনাত।

এগৰাকী নাৰীবিদে প্রস্তাব কৰিছিল যে নাৰী জ্ঞানতত্ত্ব প্রতিষ্ঠা কৰিবলৈ হ’লে নাৰীৰ দৃষ্টিকোণৰ পৰাই আৰম্ভ কৰিব লাগিব। ই বৰ্ণনা কৰে যে ব্যক্তিগত অভিজ্ঞতাৰ পৰা জ্ঞান আহে যি বেলেগ বেলেগ ভিন্ন দৃষ্টিকোণৰ পৰা দেখাত সহায় কৰে। নাৰীবাদৰ কেন্দ্ৰ হ’ল যে, নাৰীসকল পদ্ধতিগতভাৱে অধীনস্থ আৰু বেয়া অৱস্থা তেতিয়াই হ’ব যেতিয়া নাৰীয়ে তেওঁলোকৰ সংস্থাক অধীনস্ত সকলৰ হাতত তুলি দিয়া।

২। জাঁ লিওটাৰৰ মতে উত্তৰ আধুনিকতাৰ ধাৰণাটো কি? (What is the concept of postmodernism according to Ja Liotar.)

উত্তৰঃ লিওটাৰৰ মতে উত্তৰ আধুনিক যুগ কোনো নতুন যুগৰ সূচনা নহয়। আধুনিক যুগৰ ধাৰাবাহিক সময়েই উত্তৰ আধুনিক কাল। তেওঁ বিশ্বাস কৰে উত্তৰ আধুনিকতা মূলত এটা চলমানতাক বুজায় আৰু এইটো এক ধৰণৰ সামাজিক আন্দোলন। যেতিয়াই আধুনিকতাৰ পৰা কোনো ধৰণৰ বিচ্ছিন্নতা ঘটে তেতিয়াই উত্তৰ আধুনিকতাৰ সৃষ্টি হয়।

৩। ইতিহাসত নাৰীবাদীৰ তত্ত্ব কেনে ধৰণৰ আছিল? (What kind of feminist theory was there in history?) 

উত্তৰঃ নাৰীবাদী ইতিহাস, নাৰীবাদী দৃষ্টিকোণৰ পৰা ইতিহাসক পুনৰায় পঢ়া আৰু ব্যাখ্যা কৰা বুজায়। এই নাৰীবাদ ইতিহাস নহয়, যি নাৰীবাদী আন্দোলনৰ ইতিহাস আৰু বিৱৰ্তনৰ ৰূপৰেখা দেখায়। ই মহিলাসকলৰ ইতিহাসৰ পৰা ভিন্ন, যি বিভিন্ন ঐতিহাসিক ঘটনাত নাৰীৰ ভূমিকাক আলোকপাত কৰে। নাৰীবাদ ইতিহাসৰ মূল লক্ষ্য হৈছে, বিভিন্ন দৃষ্টিকোণৰ পৰা নাৰীবাদ ইতিহাসক উন্মোচিত কৰা আৰু নাৰী দৃষ্টিকোণৰ পৰা অতীতৰ নাৰীবাদী লেখক, শিল্পী, দার্শনিক ইত্যাদিৰ অসামান্য অৱদান, নাৰী কণ্ঠ আৰু নাৰীৰ পছন্দক পুনৰুজ্জীৱিত কৰা।

৪। সাংস্কৃতিক নাৰীবাদ বুলিলে কি বুজা? (What do you mean by cultural feminism?) 

উত্তৰঃ সাংস্কৃতিক নাৰীবাদৰ মূল নিহিত হৈ থাকে মৌলবাদী নাৰীবাদৰ অভ্যন্তৰত। কিন্তু এওঁলোকৰ মাজত কিছুমান পার্থক্য আছে। সাংস্কৃতিক নাৰীবাদীসকলে বিচাৰে নাৰীসকলৰ সকলো প্ৰকাৰৰ ইতিবাচক স্বভাৱৰ উদ্যাপন। মৌলবাদী নাৰীবাদৰ পতনৰ লগে লগে ইয়াৰ উত্থান ঘটে। এনে চিন্তাবিদসকলে ভাবে যে পুৰুষক বাদ দি অকল নাৰীবাদ সংক্রান্ত বিষয়বিলাক উদ্বুদ্ধ আৰু প্ৰচাৰ কৰা উচিত। উদাহৰণস্বৰূপে তেওঁলোকৰ মতে প্রকৃতিগতভাবে পুৰুষসকলৰ পৰা নাৰীসকল বেছি দয়ালু আৰু প্ৰেমময় স্বভাৱৰ। সেয়েহে নাৰীসকলৰ হাতত ক্ষমতা থাকিলে পৃথিৱীত যুদ্ধ-বিগ্ৰহৰ সংখ্যা কম হৈ থাকিব।

৫। ফেমিনিজম শব্দটো ক’ৰ পৰা আহিছে? (Where did the word feminism came from?)

উত্তৰঃ প্ৰথমতে নাৰীবাদী আন্দোলনকাৰীসকলে নিজকে ‘নাৰীবাদী’ বুলি ভাবা নাছিল। তেওঁলোকে নিজক ভোটাধিকাৰ প্ৰাৰ্থী বুলিহে অভিহিত কৰিবলৈ পছন্দ কৰিছিল। ফেমিনিজম শব্দটো প্ৰথম পৰিচিতি হয় ফ্রান্সত, অষ্টাদশ শতিকাৰ শেষৰ ফালে। তেতিয়ালৈকেও মার্কিন যুক্তৰাষ্ট্ৰত এই শব্দ অচিনাকি আছিল। আনকি যাক কোৱা হয় ফেমিনিজমৰ প্ৰথম ঢৌ, সেই সময়তো ফেমিনিজম শব্দটো অহা নাছিল। ফ্ৰেন্স শব্দ ‘ Feminisme’ ৰ পৰা উৎপত্তি হৈছে ইংৰাজী ‘Feminism’ শব্দটোৰ। এইটো প্ৰথম প্ৰৱৰ্তিত হয় সমাজতন্ত্রবিদ চালর্স ফুৰিয়াৰৰ মাধ্যমত। ইংৰাজী ভাষাত সৰ্বপ্ৰথম ইয়াৰ ব্যৱহাৰ হয় এই আন্দোলনৰ দ্বিতীয় পর্যায়ত, ১৯৯০ চানত।

৬। মার্ক্সীয় নাৰীবাদ আৰু আমূল নাৰীবাদৰ মাজত সাদৃশ্যবোৰ উল্লেখ কৰা। (Mention the similarities of radical feminism and Marxist feminism.)

উত্তৰঃ আমূল আৰু মার্ক্সীয় নাৰীবাদৰ এক ধৰণৰ মিলিত ৰূপ হ’ল সমাজতান্ত্ৰিক নাৰীবাদ। সিহঁতে ভাবে যে ধনতন্ত্র আৰু পিতৃতন্ত্ৰৰ জটিল মিথষ্ক্রিয়া নাৰীৰ প্ৰতি বৈষম্যৰ কাৰণ আৰু

ধনতন্ত্ৰ আৰু পিতৃতন্ত্ৰ উভয়ৰ বিলোপ সাধন নকৰাকৈ নাৰীৰ মুক্তি সম্ভৱ নহয়। এওঁলোকে বিশ্বাস কৰে যে নাৰীৰ প্ৰকৃত স্বাধীনতাই সমাজৰ সমতা অৰ্জন কৰিব পাৰে।

৭। নাৰীবাদী তত্ত্ব বুলিলে কি বুজা? (What do you mean by feminism theory?)

উত্তৰঃ নাৰীবাদী তত্ত্ব হ’ল নাৰীবাদক তাত্ত্বিক আৰু দার্শনিক ৰূপ দিয়াৰ প্ৰচেষ্টা। এইটো জ্ঞানৰ বিভিন্ন শাখাসমূহ যেনে– নৃবিজ্ঞান, সমাজবিজ্ঞান, অর্থনীতি, উইমেন ষ্টাডিজ, নাৰীবাদী সাহিত্য সমালোচনা, শিল্প ইতিহাস, মনোসমীক্ষণ আৰু দৰ্শনক লৈ গঢ়ি উঠিছে। নাৰীবাদী তত্ত্বই লিঙ্গ বৈষম্যক বুজাৰ চেষ্টা কৰে আৰু জেন্ডাৰ ৰাজনীতি, ক্ষমতাৰ সম্পৰ্ক আৰু সেক্সুয়ালিটিৰ ওপৰত গুৰুত্ব দিয়ে। এই সামাজিক আৰু ৰাজনৈতিক জটিল সম্পর্ক ব্যাখ্যা কৰাৰ লগতে নাৰীবাদী তত্ত্বই নাৰীসকলৰ অধিকাৰ আৰু স্বার্থৰক্ষাৰ ওপৰত গুৰুত্বাৰোপ কৰে। ষ্টেৰিওটাইপিং, লৈঙ্গিকভাবত আপত্তিকৰণ, নিপীড়ন আৰু পুৰুষতন্ত্র এই বিষয়বোৰ নাৰীবাদী তত্ত্বত প্ৰতিপাদ্য হয়।

৮। নাৰীবাদী তত্ত্বত জন ষ্টুৱাৰ্ট মিলৰ ভূমিকা সম্পর্কে লিখা। (Write about the contribution of John stiart Mill in feminism) 

উত্তৰঃ বিখ্যাত ব্ৰিটিছ দার্শনিক, ৰাজনৈতিক অর্থনীতিবিদ জন স্টুয়ার্ড মিলৰ মতে নাৰীসংক্রান্ত বিষয়াবলী অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে তেওঁ নাৰীসকলৰ অধিকাৰ আদায়ৰ লক্ষ্যে লিখিব আৰম্ভ কৰে। এই প্ৰেক্ষিতত তেওঁ প্ৰাৰম্ভিক নাৰীবাদী হিচাপে বিবেচিত হ’ব পাৰে। ১৮৬১ চনত লিখিত আৰু ১৮৬৯ চনত প্ৰকাশিত ‘দ্যা চাবজেকছন অব উইমেন’ শীর্ষক নিবন্ধত নাৰীসকলৰ বৈধভাবত বশীভূতকৰণ বিষয়টোক ভুল প্ৰমাণৰ চেষ্টা কৰে, কাৰণ ইয়াৰ দ্বাৰা নাৰীসকলক সমতাবিধানৰ পৰা দূৰত ৰাখিছে।

৯। নাৰীবাদী দর্শন সম্পর্কে আলোচনা কৰা। (Discuss about feminist philosophy.)

উত্তৰঃ নাৰীবাদী দর্শনে নাৰীবাদী দৃষ্টিকোণৰ পৰা দৰ্শন শাস্ত্ৰক বুজায়। নাৰীবাদী আন্দোলনৰ মাজত নাৰীবাদী দার্শনিকসকলে দৰ্শনক ব্যৱহাৰৰ প্ৰচেষ্টা কৰে। দৰ্শনৰ গতানুগতিক চিন্তাধাৰাৰ সমালোচনা আৰু ইয়াক নাৰীবাদী দৃষ্টিকোণৰ পৰা পুনবিন্যাসৰ চেষ্টা কৰা হয়। এই সমালোচনা পশ্চিমীয়া দৰ্শন ডাইকোটমিৰ পৰা উৎপন্ন হৈ দেহ আৰু মনৰ ঘটনাৰ লগত সংযুক্ত কৰা হৈছে। অন্যান্য তত্ত্বৰ দৰে নাৰীবাদী দৰ্শনৰ কোনো শিক্ষা প্রতিষ্ঠান নাই। ইয়াৰ মানে হ’ল নাৰীবাদী দার্শনিকসকলক পোৱা যাব বিভিন্ন উপমহাদেশীয় বিশ্লেষণাত্মক ঐতিহ্য বা উক্ত বিষয়ত লোৱা বিভিন্ন দার্শনিকৰ নাৰীবাদী দৃষ্টিভংগীত লোৱা সিদ্ধান্তত। নাৰীবাদী দার্শনিকসকলেও ভিন ভিন বিষয়ৰ সিদ্ধান্তত ভিন ভিন দৃষ্টিভংগীৰ ব্যৱহাৰ কৰে। জুডিথ বাটলাৰ, ৰোচি ব্রাইডোটি, ডোনা হাৰাওয়ে, ব্ৰাচা ইট্ৰিনজাৰ আৰু এভিটাল ৰেনেলৰ ৰচনাৱলী মনোসমীক্ষণভাৱে অত্যন্ত অর্থপূর্ণ যি সমসাময়িক নাৰীবাদী দৰ্শনৰ দ্বাৰা প্ৰভাৱিত।

১০। নাৰীবাদ বুলিলে কি বুজা? (What do you mean by feminism?) 

উত্তৰঃ এজন মানুহ হিচাপে নাৰী এগৰাকীৰ পৰিপূৰ্ণ অধিকাৰৰ দাবি হ’ল নাৰীবাদ। নাৰী স্বাধীনতাৰ আলোচনা প্রসঙ্গত এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল নাৰীবাদ। বিশ্বজুৰি যি বিদ্যমান লিংগভিত্তিক শ্রম বিভাগৰ পুৰুষৰ ওপৰত ৰাজনীতি, অর্থনীতি, সংস্কৃতি এইবোৰ সামাজিক পৰিমণ্ডলৰ দায়িত্ব অর্পন কৰে আৰু নাৰীক গোটেই সংসাৰৰ বোজা বহনকাৰী বিনা মজুৰীৰ দাসত্বৰ ফালে ঠেলি দিয়ে তাক ছেলেঞ্জ কৰে নাৰীবাদে। নাৰীবাদে বিৰাজমান ক্ষমতা গাঠনি, আইন-কানুন, ৰীতি-নীতি যি নাৰীক দৃশ্য, অধীনস্ত আৰু হীন কৰি ৰাখে, তাৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰে। নাৰীবাদ হ’ল এটা সামাজিক আন্দোলন যিয়ে নাৰীৰ গদবন্ধা ভূমিকা আৰু ইমেজৰ পৰিৱৰ্তন, লিংগভিত্তিক বৈষম্য বিলোপ আৰু পুৰুষৰ দৰে নাৰীৰ সমান অধিকাৰ অৰ্জনৰ প্ৰয়াস কৰে। নাৰীৰ স্বাধীনতা অর্থবহ কৰাৰ উদ্দেশ্যে যি আন্দোলন, যুক্তি আৰু তত্ত্ব বিভিন্ন চিত্তাবিদসকলে প্ৰদান কৰিছে তাক সাধাৰণভাৱে নাৰীবাদ আখ্যা দিয়া হয়। নাৰীবাদ নাৰীৰ সামগ্রিক কল্যাণৰ লগত ঘনিষ্ঠভাবে সম্পর্কিত। নাৰীবাদ আৰু নাৰী স্বাধীনতা অভিন্ন নহয়। নাৰীবাদী গৱেষকসকলৰ মাজত মত আৰু পথৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু প্রত্যেকজন গৱেষকৰ আচল উদ্দেশ্য নাৰীকল্যাণ মূলক দৃষ্টিভঙ্গীৰে নাৰীৰ স্বাধীনতা নিশ্চিতকৰণ কৰা উদ্দেশ্যেই।

১১। সাংস্কৃতিক নাৰীবাদী তত্ত্ব সম্পর্কে লিখা। (Write about the cultural feminist theory.) 

উত্তৰঃ এই তত্ত্বত কোৱা হয় যে নাৰী আৰু পুৰুষৰ মাজত মৌলিক পার্থক্য আছে আৰু নাৰীক বিশেষকৈ যিয়ে পৃথক কৰি ৰাখে সেয়া নাৰীয়ে বজায় ৰাখিব লাগে। এই দৃষ্টিকোণৰ পৰা কোৱা হয় নাৰীৰ পথেই উৎকৃষ্ট পথ। এই তত্ত্বৰ প্ৰেক্ষিতত এটা মাতৃতান্ত্রিক সমাজ সম্পর্কে ভাবনা দেখা পোৱা যায়— যি সমাজৰ মৌলিক আদৰ্শ আৰু চাহিদা নাৰীবিষয়ক আৰু নাৰীৰ মূল্যবোধৰ প্ৰতি পক্ষপাতপূর্ণ। সমকালীন সাংস্কৃতিক নাৰীবাদী তত্ত্ব অনুসাৰে নাৰীৰ ৰাজনৈতিক মূল্যবোধ সনাতনী নাৰীৰ সংস্কৃতিৰ পৰা উদ্ভুত আৰু এনেদৰেই জনজীৱনত সেয়া প্রয়োগযোগ্য। তেওঁলোকে ‘প্ৰকৃতি বনাম ‘প্ৰতিপালনৰ’ (nature Vs culture) বিতৰ্কটোক এটা পৰিৱৰ্তনকামী আদর্শ বুলি ভাবে আৰু কোনো কোনো সময়ত এই বিষয়ত প্রত্যেক ব্যক্তিয়ে শিক্ষিত হৈ উঠিব। তেওঁলোকৰ মতে সনাতনী নাৰীৰ দৃষ্টিকোণ এটা মানবিক বিশ্বদৰ্শনত সমৰ্থ আৰু ইয়াৰ মাধ্যমত ধ্বংসাত্মক পুৰুষত্ব আৰু পৌৰুষ নিৰ্ভৰ আদৰ্শবোৰৰ পৰিৱৰ্তন কৰা সম্ভৱ হ’ব।

১২। উত্তৰ আধুনিকতাৰ নীতিবোৰ উল্লেখ কৰা? (Mention the principles of post-modernism) 

উত্তৰঃ উত্তৰ আধুনিকতাৰ নীতিবোৰ হ’ল—

(ক) এই ধাৰণা কোনো পদ্ধেই কোনো ধৰণৰ কৰ্তৃত্বক মানি নলয়।

(খ) উত্তৰ-আধুনিকতা মানেই হ’ল প্ৰতিবাদ, বিদ্রোহ, বহুত্ববাদ সাংস্কৃতিক ভিন্নতা কৰ্তৃত্বৰ বিৰোধিতা কৰা। 

(গ) এই ধাৰণা যি কোনো সর্বজনীন তত্ত্ব বা বৃহৎ বৰ্ণনাৰ বিৰোধী।

(ঘ) ৰাষ্ট্ৰ যেতিয়া উন্নয়ন ঘটাব বিচাৰে উত্তৰ আধুনিকতা তাক পৰিৱেশ দূষণ হিচাবে বিৰোধিতা কৰে।

১৩। আধুনিকতা আৰু উত্তৰ আধুনিকতাৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা। (Mention the difference between modernity and post modernity.)

উত্তৰঃ (ক) আধুনিকতাত ৰোমাণ্টিচিজম, প্রতীক ধৰ্মীতা লক্ষ্য কৰা যায়। আনফালে উত্তৰ আধুনিকতাত পেটাফিজিক্স, ডাডাইজম লক্ষ্য কৰা যায়।

(খ) আধুনিকতাৰ গাঠনি হ’ল চক্রবদ্ধতা। উত্তৰ আধুনিকতাৰ গাঠনি হ’ল এন্টিফর্ম অর্থাৎ উন্মুক্ততা।

(গ) আধুনিকতা উদ্দেশ্য নিৰ্ভৰ। উত্তৰ আধুনিকতা ক্রিয়াময়।

(ঘ) আধুনিকতা সমন্বয় প্রধান। উত্তৰ আধুনিকতা সমন্বয় বিৰোধী।

(ঙ) আধুনিকতা মীমাংসা নিৰ্ভৰ। উত্তৰ আধুনিকতা মীমাংসাহীন।

১৪। নাৰীবাদৰ তৃতীয় তৰংগৰ বিশেষত্ব কি? (What is the speciality of third-wave feminism?) 

উত্তৰঃ ১৯৯২ চনত মার্কিন যুক্তৰাষ্ট্ৰত ৰেবেকা ওয়াকাৰৰ নেতৃত্বত ‘থার্ড উয়েভ উইমেন্স গ্রুপ’ প্রতিষ্ঠাৰ মাধ্যমেদি নাৰীবাদৰ তৃতীয় তৰঙ্গৰ জন্ম হয়। সাধাৰণতে তৃতীয় তৰঙ্গ আছিল প্ৰথম আৰু দ্বিতীয় তৰঙ্গৰ বিস্তাৰ কিন্তু নতুন উদ্ভূত সামাজিক পৰিস্থিতিৰ লগত মানি চলাৰ বাবে সেইটো পূৰ্বৱৰ্তী দুটা তৰঙ্গৰ এটা নতুন ৰূপ। দ্বিতীয় তৰঙ্গৰ নাৰীবাদৰ লগত তৃতীয় তৰঙ্গৰ নাৰীবাদৰ পাৰ্থক্য আছিল যে তৃতীয় তৰঙ্গৰ নাৰীবাদ যি কোনো বিৰোধিতাৰ লগত মানি চলিবলৈ সক্ষম আছিল আৰু ইয়াৰ চৰিত্ৰ আছিল বহুত্ববাদী। এই তৃতীয় তৰঙ্গৰ নাৰীবাদৰ লগত উত্তৰ-নাৰীবাদৰ পাৰ্থক্য আছিল। বৰং এই আন্দোলন আছিল লিঙ্গ দমন আৰু অসাম্য পৰা নাৰী মুক্তিৰ উদ্দেশ্যত সংগঠিত। ইয়াৰ বাহিৰে তৃতীয় তৰঙ্গৰ নাৰীবাদ লিঙ্গ দমন আৰু অসাম্যৰ পৰা নাৰী মুক্তিৰ ভাৱনাক বিভিন্ন নাৰীৰ বৈচিত্ৰপূৰ্ণ অৱস্থানগত পাৰ্থক্যৰ প্ৰেক্ষিতত সজোৱা হৈছিল। আনফালে উত্তৰ-নাৰীবাদী তত্ত্ব গঠন আৰু নাৰীৰ প্ৰতি বিশেষ মানসিকতা প্ৰকাশৰ বিষয়ত বেছি আস্থাশীল আছিল।

১৫। নাৰীবাদী আন্দোলনৰ প্ৰথম স্তৰত নাৰীসকল কোন কোন বিষয়ৰ পৰা বঞ্চিত হোৱা দেখা গৈছিল? (In the first phase of the feminist movement, what are the matters that women have seen as being deprived of?)

উত্তৰঃ (ক) দলিল অথবা কোনো আইনগত কাগজত স্বাক্ষৰৰ পৰা বঞ্চিত আছিল।

(খ) বিচাৰক অথবা জুৰিবোৰ্ডৰ সদস্য হোৱাৰ পৰা বঞ্চিত।

(গ) নিৰ্বাচনত ভোটদানৰ পৰা বঞ্চিত। 

(ঘ) স্বামীৰ লগত যৌন সম্পৰ্কত অসন্মতি জনোৱা।

(ঙ) বিশ্ববিদ্যালয়ত পঢ়া।

(চ) সস্তানৰ আইনী কাস্টডি পোৱা।

(ছ) কোনো প্ৰকাৰৰ সম্পত্তিৰ অধিকাৰ পোৱাৰ পৰা বঞ্চিত হৈছিল।

১৬। নাৰীবাদী তত্ত্বৰ সম্পৰ্কে বহলাই আলোচনা কৰা। (Discuss in detail the feminist theory.) 

উত্তৰঃ নাৰীৰ জীৱনক প্ৰভাৱিত কৰা যিবোৰ অৱস্থা তাক নাৰীবাদী তত্ত্বই বিশ্লেষণ কৰাৰ চেষ্টা কৰে। নাৰীবাদী তত্ত্বই ‘নাৰী’ হৈ উঠাৰ অৰ্থ কি অথবা তাৰ সাংস্কৃতিক অৰ্থ কি সেইবোৰ বুজিবৰ কাৰণে অনুসন্ধান চলায়। এই নাৰীবাদী তত্ত্ব প্ৰথমতে নাৰী আন্দোলনৰ ৰাজনৈতিক লক্ষ্যৰ দ্বাৰা নিৰ্দেশিত হৈছিল। নাৰীবাদী তাত্ত্বিকসকলে পুৰুষ অথবা নাৰীৰ মাজত অনৈক্যক স্বাভাৱিক’ অথবা ‘অৱশ্যম্ভাবী’ ৰূপত ধৰি ল’ব নিবিচাৰে। নাৰীবাদী তাত্ত্বিকসকলে মন কৰে এই বিষয়ত প্রশ্ন উঠা দৰকাৰ। তেখেতসকলৰ মতে সেই কাৰণে তত্ত্ব গঠনৰ প্ৰক্ৰিয়া কোনো বিশেষ বৌদ্ধিক ক্রিয়া নহয় যি নাৰীৰ বাস্তৱ জীৱনৰ পৰা বিচ্ছিন্ন। বৰং তেওঁলোকে সেই অৱস্থাৰ পৰ্যালোচনা কৰিবৰ বাবে উৎসাহী যি নাৰীৰ বিশেষ জীৱন প্ৰবাহক প্রভাবিত কৰে। তেওঁলোক এই ধৰণৰ বস্তুবাদী বিষয়বিলাকৰ পৰীক্ষা কৰাত উৎসাহী। 

এই প্রয়াসত নাৰীবাদীসকল আজিলৈকে যি ‘জ্ঞান’ বুলি পৰিচিত হৈ আহিছে তাৰ পৰ্যালোচনা কৰা দৰকাৰ। কিয়নো নাৰী যিহেতু ঐতিহাসিকভাৱে পুৰুষ-কৰ্তৃত্বপ্রধান সমাজত বসবাস কৰিছে, সেয়েহে তেওঁ জ্ঞানৰ বিষয়বস্তু হৈ উঠিছে, উৎপাদক হৈ উঠা নাই। ইয়াৰ ফলত যিবোৰ আজিলৈকে বস্তুনিষ্ঠ জ্ঞান হিচাবত চিহ্নিত হৈ আহিছে সেইবোৰ পুৰুষৰ সৃষ্টি, পুৰুষৰ অৱস্থানৰ পৰা লিখিত। গতিকে নাৰীবাদী তাত্ত্বিক প্রক্রিয়াই এই পুৰুষ কেন্দ্ৰিক জনাৰ প্ৰক্ৰিয়াক প্ৰশ্ন কৰিছে আনকি সংস্কৃতি আৰু সমাজৰ লিঙ্গজনিত ক্রমোচ্চ সম্পর্কেও পর্যালোচনা কৰিছে। নাৰীবাদী তত্ত্ব হ’ল নিজক (নাৰী) সম্বন্ধে চিন্তা কৰা।

নাৰীবাদী তত্ত্বত মন কৰা হয় যে, নাৰী কোনে সমৰূপ গোষ্ঠী নহয়। তেওঁলোকৰ মাজত জাতীয়তা, নুকুলতা, শিক্ষা, ভাষা, পৰিয়াল, শ্রেণী, কর্মসংস্থানৰ প্ৰকৃতি আৰু যৌনতা আদি বিশেষ-বিশেষ বৈশিষ্ট্য গঢ়ি উঠে। এই বিশেষত্ববিলাক কেৱল তেওঁলোকৰ মাজত পাৰ্থক্য নির্দেশক সেয়াই নহয়। এইবিলাকে স্বীকৃত, প্ৰজন্মান্তৰত প্ৰবাহিত হৈ লিঙ্গ অনৈক্যৰ লগত বিভক্ত হৈ ক্ৰমোচ্চ ভাবত সজ্জিত এক জটিল বিন্যাস গঢ়ি তোলে। আনকি নাৰীবাদী তত্ত্বই এয়াও মন কৰে যে সকলো নাৰী একেধৰণৰ চিন্তা কৰে সেয়াও নহয়। নাৰীবাদী আৰু নাৰী একে নহয়। অর্থাৎ নাৰীবাদী হৈ উঠা’ বুলিলে নাৰী সম্বন্ধে বিশেষ এক ৰাজনৈতিক বুজাবুজি গঢ়ি তুলে।

নাৰীবাদীসকলৰ তত্ত্বৰ মাজত নাৰীৰ এটাই প্ৰস্তাৱনা হ’ব পাৰে কিন্তু সকলোৱে একে ভাবে চিন্তা কৰে সেয়া নহয়। অর্থাৎ নাৰীবাদৰ মাজত বহু ধৰণৰ নাৰীবাদ আছে আৰু নাৰীবাদ কোনো সমৰূপ তাত্ত্বিক গাঠনি নহয়। নাৰীবাদ কোনো স্থিতিস্থিল বস্তু বা বিষয় নহয়। নাৰীবাদীসকল মন কৰে বৈচিত্ৰ্য আৰু পৰিৱৰ্তন পৰস্পৰ সম্পর্কিত। নাৰীবাদীসকল নাৰীবাদৰ বিবৰ্তনৰ লগে লগে তাত্ত্বিক গাঠনি গঢ়াৰ প্রক্রিয়াও বিভিন্ন দিশত চালিত হৈছে আৰু বিভিন্ন ৰূপ লৈছে। বৰ্তমানত নাৰীবাদী তত্ত্বৰ সবাতোকৈ ডাঙৰ চেলেঞ্জ হ’ল নাৰীৰ বৈচিত্ৰ্যপূৰ্ণ অৱস্থান সম্পৰ্কত আলোচনা কৰা। বিশ্বায়িত শ্রমবিভাগৰ যুগত এফালে বহুজাতিক সংস্থা আৰু আনফালে জাতীয়তাবাদ অথবা পৌৰ অধিকাৰৰ যুদ্ধৰ মাজত নাৰীবাদী তত্ত্বই এই বিশ্বায়িত প্ৰেক্ষিতত আৰু আঞ্চলিক বাস্তৱতাৰ দ্বৈৰ্থত নাৰীৰ জীৱন আৰু তাৰ পৰিৱৰ্তনশীল বিশ্বক বুজাৰ চেষ্টা কৰে। 

নাৰীৰ মাজত পাৰ্থক্যক মনত ৰাখি বিশ্বৰ প্ৰেক্ষিতত, নাৰীৰ সাধাৰণ অভিজ্ঞতাবিলাক জনাৰ মাজেদি নাৰীবাদী তত্ত্বই এইটো বক্তব্য তুলি ধৰিব বিচাৰে যে বিশেষ আঞ্চলিক অৱস্থানৰ পৰা তাৰ দৃষ্টিভঙ্গি গঢ়ি তোলা আৰু এই তত্ত্ব কেতিয়াও বিশ্বৰ সকলো নাৰী সম্বন্ধে এক সাধাৰণ তত্ত্ব নহয়। তথাপিও নাৰীবাদী তত্ত্বৰ মূল প্ৰস্তাৱ হ’ল এই পাৰ্থক্যৰ মাজতো নিজৰ অৰ্থাৎ নাৰীৰ অভিজ্ঞতাৰ প্ৰেক্ষিত তুলি ধৰা। গতিকে নাৰীবাদী তত্ত্ব নাৰীকেন্দ্ৰিক। 

এই নাৰীকেন্দ্ৰিকতা তিনিটা অৱস্থাত ঘটে- (ক) সমাজত নাৰীৰ অভিজ্ঞতা আৰু তাৰ অৱস্থান সকলো বিশ্লেষণৰ কেন্দ্ৰিয় বিষয় অনুসন্ধানৰ প্ৰধান কাৰক।

(খ) বিশ্লেষণ প্ৰক্ৰিয়াত ‘নাৰী’হ’ল কেন্দ্ৰিয় বিষয় আৰু বিশ্বক দেখাৰ বিশেষ দৃষ্টিভংগি। 

(গ) নাৰীবাদী তত্ত্ব নাৰীৰ সামাজিক অৱস্থান সম্পৰ্কত বিশ্লেষণ কৰাৰ লগতে নাৰীৰ কাৰণে এটা ভাল পৃথিবী গঢ়ি তোলাৰ বিষয়ত সক্ৰিয়তা প্ৰকাশ কৰা।

১৭। নাৰীবাদ আৰু তাৰ ঐতিহাসিক প্রেক্ষাপট সম্পর্কে আলোচনা কৰা। (Discuss about feminism and its historical context.) 

উত্তৰঃ নাৰীবাদ সম্পর্কিত ইতিহাস বস্তুতঃ নাৰীবাদী আন্দোলনৰ ইতিহাস। ঊনবিংশ শতাব্দীত নাৰীবাদী আন্দোলনৰ প্ৰথম ঢৌ উঠে। এই আন্দোলনৰ ফলত নাৰীবাদ লাহে লাহে তাত্ত্বিক আলোচনাৰ অংশ হৈ উঠে। এই সময়ত নাৰীবাদৰ মৌলিক ভাৱনা আছিল নাৰীৰ বাবে ভোটাধিকাৰ অৰ্জন কৰা। ১৯৬০ চনৰ পৰা ১৯৮০ চনৰ মাজত যে দ্বিতীয় তৰঙ্গ নাৰীবাদী আন্দোলনত দেখা দিছিল তাৰ মৌলিক দিশ আছিল অনৈক্যৰ বিৰুদ্ধে সংঘর্ষ। ১৯৯০ৰ দশকৰ পৰা গঢ়ি উঠা নাৰীবাদী আন্দোলনৰ তৃতীয় তৰঙ্গৰ মৌলিক উদ্দেশ্য আছিল দ্বিতীয় তৰঙ্গৰ নাৰীবাদ আন্দোলনৰ বিশালতাৰ কাৰণবোৰ অন্বেষণ কৰা আৰু তাক ঠিক পথত পৰিচালিত কৰা। অৱশ্যে কোনো কোনো তাত্ত্বিকে মন কৰে যে নাৰীবাদক নাৰীবাদী আন্দোলনৰ প্ৰেক্ষাপটত আলোচনা কৰিলে নাৰীবাদৰ প্ৰকৃত ঐতিহাসিক বিস্তাৰ সীমিত হৈ যায়। প্ৰকৃততে নাৰীবাদ সম্পর্কিত ইংৰাজী প্রতিশব্দৰ প্ৰথম ব্যৱহাৰ হয় ১৮৮০ৰ দশকত, ফ্ৰান্সত। পৰৱৰ্তীকালত ১৮৯০ ত গ্রেট ব্রিটেন আৰু ১৯১০৩ মার্কিন যুক্তৰাষ্ট্ৰত প্ৰথম ব্যৱহৃত হয়। এই প্রেক্ষিত বিচাৰ কৰিলে সপ্তদশ শতকত ধৰ্ম আৰু আধ্যাত্মবাদ সম্পর্কিত আলোচনাত নাৰীবাদী লেখকসকলৰ সন্ধান পোৱা যায়। যেনে ৰাচেল স্পেক্ট, কেথৰিন ইভান্স, সাৰাহ চেভাৰ্জ আৰু মাৰ্গাৰেট ফেল। অৱশ্যে পৰৱৰ্তী শতকত আৰু বেছি নাৰীবাদী লেখকৰ উপস্থিতি দেখা যায়। যেনে এনি, ব্রেডস্ট্রিট, বাথশুয়া মার্কিন, মার্গাৰেট কেভেনডিশ, নিউক্যাচেলেৰ ডাচেছ, লেডি ম্যাৰি ৰথ। এষ্টেলক সম্ভৱত প্ৰথম নাৰীবাদী লেখক বুলি ভবা হয়।

মার্কিন যুক্তৰাষ্ট্ৰত ১৮৩০ ত দাস প্রথা বিৰোধী আন্দোলনৰ পৰা নাৰীবাদৰ প্ৰসাৰ ঘটে। এলিজাবেথ কেডি ষ্টেটন আৰু লুক্ৰেটিয়া মট্ নাৰীবাদী শিবিৰৰ তাৎপৰ্যপূৰ্ণ বক্তব্য তুলি ধৰে। ১৮৪৮ চনত চেনেকা ফলচত পৃথিৱীত প্ৰথমবাৰৰ বাবে এটা নাৰীৰ অধিকাৰ সক্ৰান্ত কনভেনচন গঠিত হয়। অৱশেষত ১৯২০ চনত নাৰীৰ ভোটদানৰ অধিকাৰ গৃহীত হোৱাত নাৰীবাদী আন্দোলনে তাৰ প্ৰথম সাফল্য পায়।

ঊনবিংশ আৰু বিংশ শতাব্দীত পৰিয়ালক কেন্দ্ৰ কৰি সমাজতাত্ত্বিক আলোচনা নাৰীবাদী তাত্ত্বিকসকলৰ বিষয় আছিল। ইয়াৰ ফলত পিতৃতান্ত্ৰিকতাৰ সমালোচনাৰ লগে-লগে মাতৃতন্ত্র আৰু সেই সম্বন্ধীয় ঐতিহাসিক তথ্যপ্রমাণ অনুসন্ধানৰ চেষ্টাত নাৰীবাদী তাত্ত্বিক গাঠনিয়ে এক নতুন দিশ দিয়ে। পৰিয়াল আৰু আত্মীয়তা বন্ধনৰ আলোচনাৰ মাধ্যমত লিঙ্গ সম্পর্ক সমন্ধেও আলোচনা বিস্তাৰ লাভ কৰে আৰু এই আলোচনাৰ প্ৰেক্ষিতত মনোবিশ্লেষণী তত্ত্ব গঢ়ি উঠে। 

ফ্রয়েডীয় তত্ত্বত যেনেকৈ নাৰীবাদী যৌন আমূল সংস্কাৰবাদক সমালোচনা কৰা হয়। তাৰ প্ৰেক্ষিতত কাৰ্ল ইয়ঙ্গ, জুলিয়েট মিশেল প্রমুখ নাৰীবাদী লেখকৰ ভাৱনাত নাৰীবাদী তত্ত্বৰ নতুন নতুন দিশ উন্মোচিত কৰে। যেনে– সমকামী আন্দোলন আৰু সেই প্রসঙ্গত নাৰীবাদীসকলৰ অৱস্থান, নাৰীৰ বিভিন্ন সামাজিক ভূমিকা পালনক বিশ্লেষণ কৰি তাত্ত্বিক আলোচনা কৰে। ইতিমধ্যে দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত হয় আৰু ১৯৪৬ চনত ৰাষ্ট্ৰসংঘই নাৰীৰ মর্যাদা অনুসন্ধান সম্বন্ধত এটা কমিচন গঠন কৰে। ১৯৪৮ চনত বিশ্বজনীন মানবাধিকাৰৰ আহ্বান কৰি ৰাষ্ট্ৰসংঘই পুৰুষ আৰু নাৰীৰ সমান অধিকাৰৰ প্ৰসঙ্গটো জনসন্মুখত লৈ আহে। ১৯৭৫ চনৰ পিছৰপৰা ৰাষ্ট্ৰসংঘৰ পক্ষৰ পৰা নাৰীকেন্দ্ৰিক বিষয়ত ধাৰাবাহিক নানা আলোচনা সভাৰ আয়োজন কৰা আৰু ১৯৭৫ ৰ পৰা ১৯৮৫ লৈকে নাৰীৰ দশক হিচাবে চিহ্নিত কৰা হয়। ইয়াৰ ফলত গোটেই পৃথিৱী জুৰি বহু সংখ্যক মহিলাই একলগ হৈ সিহঁতৰ অধিকাৰ বিষয়ক আলোচনা আৰম্ভ কৰে।

এই প্ৰেক্ষিতত নাৰীবাদে এটা সমকালীন তাত্ত্বিক প্রেক্ষাপট হিচাবে এক বৈচিত্র্যপূর্ণ ভাবনা আৰু কাৰ্যপদ্ধতিৰ জন্ম দিয়ে। নাৰীবাদ বুলিলে চিন্তাৰ স্বাধীনতা আৰু শৰীৰ বা দেহ ভিত্তিক চিন্তাৰ পৰা মুক্তিক বুজায়। নাৰীবাদী ভাৱনা আৰু কার্যপদ্ধতিত প্রাথমিকভাৱে পিতৃতান্ত্ৰিকতাৰ দমনমূলক ভাৱনা আৰু প্ৰক্ৰিয়াৰ অৱসান ঘটাবলৈ এই চিন্তাধাৰাৰ চালিকাশক্তি ৰূপে কাম কৰে। এই তাত্ত্বিক প্ৰেক্ষিতৰ পৰা মন কৰা হয় নাৰী আৰু পুৰুষ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ভাৱে সমমর্যাদা পোৱাৰ যোগ্য। ১৯৭০ ৰ দশকত এক শক্তিশালী ৰাজনৈতিক আন্দোলন গঢ়ি তুলিলেও নাৰীবাদ পৰৱৰ্তীকালত কেৱল মাত্ৰ এটা অধ্যয়নৰ বিষয়বস্তু হিচাবে বেছি পৰিচিত হৈ উঠে। নাৰীবাদী চিন্তাধাৰাৰ বিৱৰ্তনত তিনিটা প্ৰধান পৰ্যায়ক তিনিটা প্রবাহ ভিত্তিত আলোচনা কৰা হৈ থাকে।

১৮। নাৰীবাদৰ প্ৰথম তৰংগ সম্পৰ্কে আলোচনা কৰা। (Discuss about first-wave feminism.)

উত্তৰঃ ইউৰোপত গণতান্ত্ৰিক আৰু শ্রমিক শ্ৰেণীৰ আন্দোলনৰ লগে লগে নাৰী আন্দোলনো গঢ় লৈ উঠে। ঔপনিবেশিক দেশবিলাকত নাৰী আন্দোলন গঢ়ি উঠে কিন্তু ই এই দেশবিলাকত জাতীয়তাবাদী আন্দোলনৰ অংশ হিচাবেহে পৰিচয় পায়। ইউৰো আমেৰিকান দেশবিলাকত নাৰী আন্দোলন সামাজিক ৰাজনৈতিক অধিকাৰ, শিক্ষাৰ অধিকাৰ, সম-মজুৰিৰ অধিকাৰ, দাসত্বৰ অৱসানৰ দাবি, ৰাজনৈতিক ক্ষেত্ৰত অংশগ্ৰহণৰ অধিকাৰ আদিৰ মাজেদি গঢ় লৈ উঠে। এই আন্দোলন সেই দেশবিলাকত পুৰুষৰ অধিকাৰ আৰু সুযোগ-সুবিধাৰ প্ৰতি পক্ষপাতৰ বিৰুদ্ধে সংগঠিত হয়। গৱেষকসকলে মন কৰে যে পশ্চিমীয়া দেশবিলাকত নাৰীৰ শ্ৰমত অংশগ্ৰহণৰ নমুনাত কিছুমান পৰিৱৰ্তনৰ ফলত প্ৰথম তৰঙ্গৰ সূত্ৰপাত ঘটে। ইয়াৰোপৰি যি গাঠনিগত পৰিৱৰ্তনবিলাকে সময়ত সমাজ জীৱনত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল তাৰ মাজত অন্যতম আছিল শিল্পায়ন আৰু নগৰায়ন। ইয়াৰ ফলত সমাজ নাৰী আন্দোলনৰ সমালোচনামূলক ভূমিকা গুৰুত্বপূৰ্ণ হৈ উঠে। এই সময়ত প্ৰবৰ শ্ৰেণীৰ নাৰী আৰু পুৰুষ লেখকৰ লেখনিয়ে নানা ভাবত নাৰীৰ মাজত নিজৰ অৱস্থান সম্পৰ্ক ভাৱনাক উৎসাহ দিছিল। ফলত পৰৱৰ্তী পৰ্যায়ত বহু সংগঠন সামাজিক সংস্কাৰৰ উদ্দেশ্যত গঠিত হয় আৰু ইয়াৰ বাবে জনসমক্ষত কিছুমান গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণৰ ক্ষেত্ৰত ক্ৰমশ প্রশস্ত হৈ উঠে। ইউৰোপ, মার্কিন যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াৰ প্ৰথম তৰঙ্গৰ সময়কালত এই ধৰণৰ গাঠনিগত পৰিৱৰ্তন সূচিত হয়। 

এই প্রসঙ্গত ১৮৪৮ চনত মার্কিন যুক্তৰাষ্ট্ৰত আয়োজিত ‘চেনেকাস কনভেনশনত নাৰীৰ বাবে উদাৰৰ্নীতি আৰু সাম্য প্ৰতিষ্ঠাৰ উদ্দেশ্যত মার্কিন স্বাধীনতা প্ৰস্তাৱনাৰ বহু নীতিৰ উল্লেখ কৰে, নাৰী সম্বন্ধীয় ভাৱনাক উৎসাহ দিয়ে। ইয়াৰ পৰৱৰ্তীকালত এলিজাবেথ কেডি স্টোটান আৰু সুজান এন্থনিৰ ‘নেশান্স উইমেন সাফ্রেজ’ এচোচিয়েছন গঠিত হয়। এই সময়ৰ মাৰ্কিন নাৰীবাদীসকল লিঙ্গৰ ভিত্তিত পক্ষপাতৰ বিৰুদ্ধে তেওঁলোকৰ দাবিক শক্তিশালী কবি তুলে। তেওঁলোকে বিবাহ বিচ্ছেদ সম্পর্কিত আইন পৰিৱৰ্তনৰ দাবি তোলে। ইয়াৰ বাহিৰে বিবাহিত নাৰীৰ সম্পত্তিৰ অধিকাৰ আনকি ভোটদানৰ অধিকাৰৰ দাবিৰো প্ৰস্তাৱ দিয়ে। আনফালে গ্রেট ব্রিটেনত ১৮৫০ৰ দশকত সংগঠিত নাৰী আন্দোলন আৰম্ভ হ’বলৈ সাজু হয়। এই সময়ত বিবাহ-বিচ্ছেদে নাৰীৰ অধিকাৰ, শিশুৰ দায়িত্ব গ্ৰহণৰ বাবে নিৰ্দিষ্ট আইন ইত্যাদিৰ প্রশ্নবিলাক উঠিবলৈ আৰম্ভ কৰে। কিন্তু বিংশ শতাব্দীৰ প্ৰথম ভাগত ভোটদানৰ অধিকাৰ স্বীকৃত হ’লেও প্রথম তৰঙ্গত নাৰী আন্দোলন লাহে লাহে স্তিমিত হৈ পৰে।

১৯। নাৰীবাদৰ দ্বিতীয় তৰংগ সম্পর্কে আলোচনা কৰা। (Discuss about second wave feminism.) 

উত্তৰঃ প্ৰথম তৰঙ্গক যদি নাৰীৰ সমান অধিকাৰৰ সংগ্ৰামৰ অধ্যায় হিচাবে চিহ্নিত কৰা যায় তেনেহ’লে দ্বিতীয় তৰঙ্গৰ নাৰীবাদক নাৰী মুক্তিৰ লগত সম্পর্কিত বুলি ক’ব পৰা যায়। এই সময়ৰ সার্বিক সামাজিক পৰিস্থিতি আছিল ভিন্ন প্ৰকৃতিৰ। এই সময়ৰ নাৰী আন্দোলন আৰু নাৰী সম্বন্ধীয় চেতনাও বহুত বেছি আমূল সংস্কাৰবাদী হৈ উঠে। নাৰীবাদৰ দ্বিতীয় তৰঙ্গৰ উৎস সন্ধান বহুত বেছি জটিল। ১৯৬০ ৰ দশকত ইউৰোপজুৰি ছাত্র আন্দোলন, পৌৰ অধিকাৰ সম্বন্ধীয় আন্দোলন আৰু স্বাধীনতাৰ আন্দোলনে এই সময়ৰ নাৰী আন্দোলনক নতুন দিশ দিয়ে। এই নাৰীবাদৰ দ্বিতীয় তৰঙ্গটোইনাৰী আৰু পুৰুষৰ মাজত স্বাভাবিক প্রাকৃতিক পার্থক্যক চ্যালেঞ্জ কৰে আৰু সমান অধিকাৰ আৰু সমান সুবিধা ভোগৰ দাবি তোলে। এই দ্বিতীয় তৰঙ্গৰ নাৰীবাদে ইয়াৰ বাহিৰেও পিতৃতন্ত্ৰ সমাজত নাৰীৰ ওপৰত দমন, অত্যাচাৰ আৰু কৰ্তৃত্বৰ মূল কাৰণ হিচাবে চিহ্নিত কৰে। আকৌ এই সময়ৰ কোনো কোনো নাৰীবাদীয়ে, ‘পুৰুষ’ক নাৰীৰ প্ৰধান শত্ৰু হিচাবেও চিহ্নিত কৰে আৰু বিসমযৌন সম্পৰ্কক পুৰুষৰ কৰ্তৃত্বৰ মূল ভিত্তি হিচাবে চিহ্নিত কৰে। এই নাৰীবাদীসকলে বুজিব পাৰে যে নাৰীৰ সমস্যাবিলাক অকলমাত্ৰ তাৰ ব্যক্তিগত সমস্যা নহয় বৰং পুৰুষ শক্তি, বিবাহ, যৌন ব্যৱহাৰ-অভ্যাস পাৰিবাৰিক ৰীতি-নীতি ইত্যাদিৰ মাধ্যমেদি প্রকাশিত হয় আৰু তাৰ পুনঃ প্ৰয়োগ হয়। তেওঁলোকে এই ব্যাখ্যাৰ পৰা এই বক্তব্যত উপনীত হয় যে ‘ যি ব্যক্তিগত সেয়াই ৰাজনৈতিক’। তেওঁলোকে ভাবিবলৈ আৰম্ভ কৰে যে একমাত্ৰ ৰাজনৈতিক চেতনাই নাৰীক পুৰুষৰ কৰ্তৃত্বৰ পৰা মুক্তি দিব পাৰে। মার্কিন যুক্তৰাষ্ট্ৰৰ আৰু এটা উদাৰনৈতিক নাৰীবাদী ধাৰা সেই সময়ত উপস্থিত আছিল। বেটি ফ্রিডম্যানে ১৯৬৬ চনত নেচনাল অর্গানাইজেশন ফৰ উইমেন গঠন কৰে। এই সংগঠনৰ উদ্দেশ্য আছিল মূলধাৰাৰ মাৰ্কিন সমাজত নাৰীৰ সম্পূৰ্ণ অংশগ্রহণ সাধন কৰা।

ব্রিটেনত নাৰীবাদৰ দ্বিতীয় তৰঙ্গ গঢ়ি উঠাৰ প্ৰেক্ষিত অলপ বেলেগ আছিল। ইয়াত ১৯৬০ ৰ দশকত সমানাধিকাৰ প্ৰতিষ্ঠাৰ বাবে বহু গোষ্ঠী সংগঠিত হৈছিল। এই সংগঠন আৰু গোষ্ঠীৰ অন্তর্ভূক্ত মহিলাসকল শিল্প ক্ষেত্ৰৰ হিংসাত্মক শ্রমিক আছিল। ব্ৰিটেনৰ আমূল সংস্কাৰবাদী বামপন্থী ৰাজনীতিয়ে সেইক্ষেত্ৰত বৃটিশ নাৰীৰ মুক্তি আন্দোলনত এক মূখ্য ভূমিকা গ্রহণ কৰে। ১৯৭০ চনত জামাইন গ্রিৰ’ দি ফিমেল ইউনাখ ‘ ৰচনাৰ লগে লগে ইভা ফিগেছে ব্রিটেনত দ্বিতীয় তৰঙ্গৰ নাৰীবাদী ভাবনাৰ উন্মেষত বিশেষ ভূমিকা লয়। ১৯৪৯ চনত সিমন দ্য বোভেয়াৰ লেখা “দি সেকেণ্ড সেৱন’ ৰ পৰা এই দ্বিতীয় তৰঙ্গৰ বহু নাৰীবাদী লেখক অনুপ্রাণিত হয়। 

এই লেখাত বোভেয়াৰে নাৰীক ‘অন্য’ হিচাবে তাৰ সাংস্কৃতিক নিৰ্মাণৰ প্ৰসঙ্গটোক টানি আনে। আনফালে কেট মিলেটে সনাতনী শ্ৰেণী আৰু লিঙ্গভিত্তিক আন্তঃমানবিক ক্ষেত্ৰত বিভিন্ন ৰাজনীতিক ক্ষমতাৰ প্ৰসঙ্গ টানি আনে। তেওঁৰ মতে ৰাজনীতি সমাজ, সংস্কৃতি, পৰিয়ালৰ মাজত পৰিব্যাপ্ত থাকে। গতিকে পিতৃতান্ত্রিকতাক তেওঁ মানব দমনৰ প্ৰাথমিক আৰু সবোতকৈ পুৰণি অস্ত্ৰ বুলি চিহ্নিত কৰি পিতৃতান্ত্ৰিকতাৰ অবসান ঘটোৱাৰ কথা কয়। দ্বিতীয় তৰঙ্গৰ মূল বৈশিষ্ট্য হ’ল এফালে উদাৰনৈতিক চেতনা আৰু আনফালে আমূল সংস্কাৰবাদী ভূমিকা। কিন্তু এই দুই মেৰুৰ অৱস্থানৰ মাজত বিস্তৰ পাৰ্থক্য দেখা যায়। উদাৰনৈতিক নাৰীবাদী ধাৰণাত মন কৰা হয় যে বৰ্তমান সামাজিক গঠনৰ মাজতেই পৰিৱৰ্তন সম্ভৱ।

২০। ১৯৯০ ৰ দশকত আৰু ইয়াৰ পৰৱৰ্তীকালত নাৰীবাদৰ ৰূপ সম্পর্কে আলোচনা দাঙি ধৰা। (Discuss about the form of feminism in the 1990s and later.) 

উত্তৰঃ সমকালীন নাৰীবাদী প্ৰেক্ষিতত কোনো কোনোয়ে লক্ষ্য কৰে যে প্ৰথম আৰু তৃতীয় তঙ্গই প্রসূত তত্ত্বক বর্তমানে অতিক্ৰম কৰি গৈছে আৰু যি নাৰীবাদী তাত্ত্বিকসকল এতিয়াও সেই তৰঙ্গ প্রসূত তত্ত্বৰ প্ৰেক্ষিতত বক্তব্য তুলি ধৰিছে সিহঁতৰ ৰচনা আৰু লিখনিক আৰু প্রাসঙ্গিক মন কৰা নাযায়। প্ৰকৃততে উত্তৰ-আধুনিক নাৰীবাদে সদায় এই পুৰাতন তাত্ত্বিক প্রেক্ষিতবোৰৰ সম্পৰ্কে সচেতন কৰি তোলাৰ চেষ্টা কৰি আহিছে। তেওঁলোকে ভাবে নাৰীৰ দমন প্রসঙ্গত যি তত্ত্ব প্রস্তুত কৰিব পাৰিছে সেই তত্ত্ব এই দমনৰ একমাত্ৰ কাৰণক চিহ্নিত কৰিবলৈ সক্ষম হৈছে। সিহঁতে এইটো ক’ব বিচাৰে যে এই তত্ত্বই বিশেষ অৱস্থানৰ পৰা সৃষ্টি হ’লেও নাৰীৰ দমন প্রসঙ্গত এটা বিশ্বজনীন প্রয়োগযোগ্য তত্ত্ব গঢ়ি তুলিছে। কোনো কোনো নাৰীবাদীসকলে অৱশ্যে নাৰী সম্বন্ধীয় যিকোনো তত্ত্ববেই বিশ্বজনীন দাবি প্রসঙ্গত সন্দেহ প্ৰকাশ কৰে। তেওঁলোকে কয় যে নাৰীবাদী তত্ত্ব চিৰদিনেই সামগ্রিক তত্ত্ব গঠনত, বস্তুনিষ্ঠ, সত্যানুসন্ধান সম্পৰ্কত সন্দেহ প্ৰকাশ কৰিছিল।

এই সময়ৰ নাৰীবাদী ভাৱনাত যিটো সবোতোকৈ উল্লেখযোগ্য সেয়া হ’ল নাৰীবাদী তাত্ত্বিকসকল লাহে লাহে উত্তৰ-আধুনিক আৰু আবস্তুবাদী ভাৱনাৰ চৰম পৰ্যায়ৰ পৰা আঁতৰি আহিছে। এই প্ৰেক্ষিতত ‘বস্তুবাদী নাৰীবাদ’ নামকনতুন প্রেক্ষিত গঢ়ি উঠিছে, নতুন ৰূপত ৰাজনীতি, অর্থনীতিত উৎসাহ ঘূৰি আহিছে বুলি নাৰীৰ গৃহভিত্তিক উৎপাদন সম্পৰ্কত পূণর্মূল্যায়ন হৈ আছে। ইয়াৰ লগে লগে পূর্বতন তাত্ত্বিক প্রেক্ষিতবিলাকৰ সম্পূৰ্ণ বিনাশ হৈছে সেইটো নহয়। সেইবোৰৰ উত্তৰ-আধুনিক প্রেক্ষিতৰ লগে লগে সমান নহ’লেও যথেষ্ট উজ্জল উপস্থিতি ৰাখিব পাৰিছে। মেৰি মেনাৰ্ড (১৯৯৫) মধ্যৱৰ্তী তত্ত্ব গঠনৰ ওপৰত জোৰ দিছিল আৰু ইয়াৰ ফলত নাৰীৰ আঞ্চলিক গাঠনি নিৰ্ধাৰিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি বহু অণু-প্রেক্ষিত গঢ়ি উঠিছে। লগতে ঔপনিবেশিক প্রেক্ষিত, উত্তৰ-ঔপনিবেশিক প্ৰেক্ষিতত নাৰীৰ অভিজ্ঞতা বিশ্লেষণ কৰি নতুন নতুন তত্ত্ব গঠনৰ প্ৰচেষ্টাও চলিছে।

নাৰীবাদী তত্ত্বত কোনো এটা তাত্ত্বিক প্ৰেক্ষিতক বেছি গুৰুত্ব দিয়া হয় এনেকুৱা নহয়। কিন্তু প্ৰতিটো ৰূপকেইনাৰীবাদী তত্ত্বই পিতৃতান্ত্রিক ক্রমোচ্চ সমালোচনা কৰে আৰু নাৰীবাদী চেতনাত বিভিন্ন চালিকাশক্তিৰ সহায়ত এই পিতৃতান্ত্ৰিকতাৰ অৱসান ঘটাব বিচাৰে। বহুতো নাৰীবাদীয়ে প্রশ্ন কৰিছে যে বিভিন্ন দেশৰ নাৰীসকল একত্ৰিত হৈ তাৰ পিতৃতান্ত্ৰিক অৱসান কৰাৰ প্ৰচেষ্টা কৰা নাই। নাৰীবাদীৰ এই সমকালীন সমাজৰ সমালোচনাৰ পৰা বুজা যায় যে কেতিয়াবা কেতিয়াবা কল্পনাও আত্মবাদিতা গঢ়ি তোলাৰ প্ৰক্ৰিয়াত তাৎপর্যপূর্ণ ভূমিকা পালন কৰে। গতিকে নাৰীবাদ কি আৰু তাৰ আনুসঙ্গিক তত্ত্বৰ প্ৰকৃতি কি সেয়া বুজিব গ’লে কিছু অংশত নাৰীৰ মনস্তত্ব বুজাও প্রয়োজনীয়। নাৰীবাদী তাকেই কোৱা হয় যি নাৰীবাদী তত্ত্বত বিশ্বাসী। তেওঁ পুৰুষ বা নাৰী, যি কোনো লিঙ্গৰ প্ৰতিনিধি হ’বই পাৰে। গতিকে নাৰীবাদী তত্ত্বৰ মুখ্য উদ্দেশ্য হ’ল নাৰীৰ দমনৰ প্ৰকৃতি কি সেয়া বুজা, এই দমনৰ প্ৰকৃতি জাত, লিঙ্গ আৰু শ্ৰেণীৰ প্ৰেক্ষিতত কেনেকৈ ভিন্ন ভিন্ন আৰু এই দমনৰ প্ৰকৃতি আৰু দমন কেনেকৈ পৰিৱৰ্তন কৰা যায়, সেয়া আলোচনা কৰা। নাৰীবাদৰ বহুমাত্ৰিকতাৰ সঙ্গ ধৰি নাৰীবাদৰ বিভিন্ন ৰূপ দেখা যায়।

যেনে–

(ক) উদাৰনৈতিক নাৰীবাদী তত্ত্ব (Liberal Feminist Theory)

(খ) সংস্কাৰবাদী নাৰীবাদী তত্ত্ব (Radical Feminist Theory)

(গ) মার্ক্সীয় নাৰীবাদী তত্ত্ব (Marxist Feminist Theory)

(ঘ) মনোবিশ্লেষণী নাৰীবাদী তত্ত্ব (Psychoanalytic feminist Theory)

(ঙ) অস্তিত্ববাদী নাৰীবাদী তত্ত্ব (Existentialist Feminist Theory)

(চ) সাংস্কৃতিক নাৰীবাদী তত্ব (Cultural Feminist Theory)

(ছ) উত্তৰ-আধুনিক নাৰীবাদী তত্ত্ব (Postmodern Feminist Theory ) 

(জ) সমকামী নাৰীবাদী তত্ত্ব (Lesbian Feminism Theory)

২১। উদাৰনৈতিক নাৰীবাদী তত্ত্ব সম্পর্কে আলোচনা কৰা। (Discuss about the liberal feminist theory.)

উত্তৰঃ উদাৰনৈতিক নাৰীবাদী তত্ত্বটো উদাৰৰ্নীতিৰ সকলো নীতিক মানি লৈহে নাৰীৰ মুক্তি আৰু সাম্যৰ প্ৰশ্নটো তুলি ধৰে। মেৰি ওলস্টোনক্রাফ্‌ট জন স্টুয়ার্ট মিল, হেৰিয়ট টেলৰ আৰু বেটি ফ্ৰেইডমোনৰ ৰচনা এই তাত্ত্বিক গাঠনিৰ অন্তর্ভুক্ত। এই তাত্ত্বিকসকল এফালে উদাৰৰ্নীতিৰ বিভিন্ন তত্ত্বক সিহঁতৰ তাত্ত্বিক গাঠনিত গ্ৰহণ কৰিছে আৰু আনফালে মানৱিক নীতিৰো আৰু অনুসৰণ কৰিছে। যেনে মানৱতাৰ আদৰ্শত লিঙ্গ ন্যায় সম্বন্ধীয় বক্তব্য আদি। সিহঁতে যৌনবাদক দুষ্ক্রিয়ামূলক মন কৰিছে। ইয়াৰ কাৰণ হিচাবে তেওঁলোকে কয় যে ইয়াৰ ফলত সমাজৰ কিছু সৃষ্টিশীল শ্রমশক্তিৰ ব্যৱহাৰ ব্যাহত হয়।

পুৰুষ উদাৰনৈতিক তাত্ত্বিকসকলে মন কৰে যে পৰিয়ালেই নাৰীৰ কেন্দ্ৰীয় স্থান আৰু স্বামীৰ ছত্রছায়াই হ’ল তাৰ একমাত্র স্থান। নাৰীবাদী তাত্ত্বিকসকলৰ মতে নাৰী প্ৰকৃত অৰ্থত এজন নাগৰিক আৰু নাগৰিক হিচাপে পুৰুষৰ সমান মৌলিক অধিকাৰৰ দাবি তেওঁলোকেও কৰিব পাৰে। নাৰী গৃহৰ লগত ইমানেই সম্পৃক্ত যে তেওঁলোক তাত পুৰুষ কর্তৃত্বৰ অথবা পুৰুষৰ দমনৰ মাজত বসবাস কৰে বুলি সিহঁতে সার্বিকভাবে সমান সামাজিক মর্যাদাৰ অধিকাৰী হ’ব নোৱাৰে। মেৰি ওলস্টোনক্রাফ্‌টৰ লেখাত দেখা পোৱা যায় যে তেওঁ ভাবে দুর্নীতিগ্রস্ত সামাজিকীকৰণৰ বাবেই নাৰী দাসত্বৰ মাজত আছে। 

এই সামাজিকীকৰণ প্ৰক্ৰিয়াই নাৰীক পুৰুষৰ সেৱক হ’বলৈ শিকাইছে আৰু ইয়াৰ ফলত নাৰীৰ বৌদ্ধিক বিকাশও সম্পূর্ণভাবে বিকশিত হোৱা নাই। তেওঁৰ বিশ্বাস যে সঠিক শিক্ষা, বিশ্লেষণী চিন্তা কৰাৰ প্ৰকৃত দীক্ষা নহ’লে নাৰীৰ পক্ষত পুৰুষৰ সমান মর্যাদা আদায় কৰা সম্ভৱ নহয়। তেওঁ মন কৰে ইয়াৰ ফলত দুইধৰণৰ ফলাফল দেখা যায়। প্ৰথমতে নাৰী স্বচ্ছভাবে চিন্তা কৰি শিকিব, সিহঁতৰ নিজৰ পৰিস্থিতি আৰু আস্থান সম্পৰ্কে আৰু ইয়াৰ ফলত দাসত্ব সমান বেশ্যাবৃত্তিৰ পৰা মুক্তিলাভও সম্ভৱ হ’ব। দ্বিতীয়তে, বিশ্লেষণী চিন্তাশক্তি বিকাশৰ ফলত তেওঁলোক আধ্যাত্মিক ভাবেও উন্নত হ’ব পাৰিব। তেওঁ মন কৰে যিহেতু পুৰুষ আৰু নাৰী সম-নৈতিক আৰু বৌদ্ধিক চিন্তাৰ অধিকাৰী সেয়েহে তেওঁলোকৰ একে ধৰণৰ মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবেও শিক্ষাৰ দৰকাৰ। কচোৰ ধাৰণামতে যি নাৰী আৰু পুৰুষ ভিন্ন ভিন্ন ভাবে চিন্তা কৰে সম্পূৰ্ণ ভাবে এই মতবাদক নস্যাৎ কৰি ওলস্টোনক্রাক্টে বিশ্বাস কৰিছিল যে, প্রত্যেক নাৰী আৰু পুৰুষৰ যুক্তি দিয়াৰ আৰু যৌক্তিক আলোচনা চলাই যোৱাৰ ক্ষমতা একে ধৰণৰ। তেওঁ ভাবে, নাৰী যেতিয়া ভিন্ন অথবা ভুল যুক্তি প্রয়োগ কৰে, তেতিয়া সেইটো সিহঁতৰ সঠিক প্রশিক্ষণ নথকাৰ বাবেই ঘটে।

সাৰাহ গ্রিমকে এই উদাৰনীতি নাৰীবাদী তত্ত্বৰ অন্যতম লেখক। ওলস্টোনক্রাফ্‌টৰ নিচিনা। তেওঁ বিশ্বাস কৰিছিল যে বিশ্লেষণী চিন্তাৰ বিকাশ নাৰীৰ মাজত খুৱেই প্রয়োজনীয় (লেটাৰ অন ইকুৱালিটি, ১৮৩৮)। তেওঁ ভাবিছিল যে পুৰুষ সকলেই সমাজত নাৰীৰ অধিকাৰবিলাক পূৰণ কৰিছে আৰু পুৰুষ আৰু নাৰীৰ নৈতিক আৰু বৌদ্ধিক অধিকাৰো সমান। গ্রিমকে মন কৰিছে নাৰী এক বিচ্ছিন্ন কাৰক- যিসকল জীৱনৰ আকস্মিকতাত হয়তো কাৰোবাৰ স্ত্ৰী, কন্যা আৰু ভন্টি। তেওঁলোকে বিচ্ছিন্ন কাৰক হিচাবে, মৌলিকভাৱে অকলে হোৱাত, তেওঁলোকৰ চৰকাৰী সুৰক্ষা আৰু সুবিধা আদিৰ প্রয়োজন পুৰুষৰ দৰেই সমান ভাবে প্রয়োজন। তেওঁ ভাবে নাৰীৰ মুক্তিৰ প্ৰচেষ্টা যুক্তিগ্রাহ্য কিয়নো সেয়া উৎকৃষ্ট আনন্দ লাভৰ একমাত্র উপায়।

এই উদাৰ্নীতিত নাৰী তত্ত্বৰ কিছুমান অসুবিধা দেখা পোৱা যায়। প্রথমত এই উদাৰনীতিক তত্ত্ব জীৱনৰ ব্যক্তিগত পৰিসৰৰ আলোচনা একেবাৰেই কৰা নাই। বেছিভাগ তাত্ত্বিকসকলে আমূল সংস্কাৰবাদী নাৰীবাদী অৱস্থান গ্ৰহণ কৰাত তেওঁলোকৰ নাৰীক এটা শ্ৰেণী হিচাবে পুৰুষৰ দাস হিচাবে চিহ্নিত কৰিছে। দ্বিতীয়তে, উদাৰনীতিক নাৰীবাদী তাত্ত্বিকসকলে নাৰী আৰু পুৰুষৰ মাজত তত্ত্ববিদ্যাগত পার্থক্য প্রকৃতপক্ষত আছে নে নাই সেই বিষয়ত বাদ পৰি গৈছে। জন স্টুয়ার্ট মিলে এই প্ৰশ্নটোৰ সম্ভাব্য উত্তৰ সন্ধান কৰিছে কিন্তু অন্যান্য উদাৰনীতি তাত্ত্বিকসকলৰ দৰেই কৈছে যে এই পার্থক্য অত্যন্ত কম আৰু এই পার্থক্য জীৱনৰ অৱস্থানগত পাৰ্থক্যৰ পৰাই গঢ়ি উঠিছে।

২২। সংস্কাৰবাদী নাৰীবাদী তত্ত্ব সম্পর্কে বর্ণনা কৰা। (Describe the radical feminist theory.) 

উত্তৰঃ এই তাত্ত্বিক প্ৰেক্ষাপটত নাৰী’ বিষয়ক কিছুমান বিশেষ বিষয় আলোচনাৰ কেন্দ্ৰ লৈ আহে। তেওঁলোকৰ আলোচনাত যি বিষয়বিলাক প্রাধান্য পায় সেইবিলাকৰ মাজত অন্যতম হ’ল পনোগ্রাফি (Pornography), পতিতাবৃত্তি (Prostitution), যৌন হেনস্থা (Sexual harassment), ধর্ষণ (rape), নাৰী নিগ্রহ (Woman battering) আদি। যৌন দমনৰ পৰা মুক্তিৰ সংস্কাৰবাদী একমাত্র পথ হ’ল এটা কৌশল গ্ৰহণ কৰা। এই কৌশল হ’ল নাৰীৰ যৌনতাৰ ধাৰণা গঢ়ি তোলা, কৌমার্য (celibacy), স্ব-যৌনপ্রবৃত্তি (auto-eroticism) বা সমকামিতা (lesbianism) আদি। এই সংস্কাৰবাদী তাত্ত্বিকসকল বিসমযৌনতা (heterosexuality) ৰ বিৰুদ্ধে, নাৰীৰ সনাতনী ভূমিকা পালনৰ বিৰুদ্ধে, সন্তান ধাৰণৰ যন্ত্ৰ হিচাবে নাৰীক দেখাৰ বিৰুদ্ধে। শুলামিথ ফায়াৰস্টোন, কেট মিলেট, ডানা ডেন্সমোৰ, ড্যালি আদি সংস্কাৰবাদী তাত্ত্বিকসকলে এই দৃষ্টিভঙ্গি গঢ়ি তুলিছে।

শুলামিথ ফায়াৰস্টোনে তেওঁৰ গ্রন্থ ‘দি ডায়ালেষ্টিক অচ সেক্স’ ত কৈছে যে জৈৱিক বিপ্লৱৰ (biological revalution) মাধ্যমত নাৰীৰ মুক্তি সম্ভৱ। কেট মিলাৰে মন কৰে পিতৃতান্ত্রিক ব্যৱস্থাৰ অন্তৰ্গত লিঙ্গ ব্যৱস্থাৰ মাজত নাৰীৰ দমন অন্তৰ্নিহিত হৈ থাকে। কেট মিলেটে তেওঁৰ গ্রন্থ ‘সেক্সুৱাল পলিটিক্স’ত কয় যে নাৰীৰ মুক্তি সম্ভৱ পিতৃতান্ত্রিক ব্যৱস্থাৰ অন্তর্গত লিঙ্গ নিৰ্মাণৰ অৱলুপ্তিৰ লগে লগে। এই তত্ত্বত মন কৰা হয় দমনৰ সবাতোকৈ প্ৰাথমিক ধৰণ হ’ল সমাজত নাৰীৰ দমন। ডানা ডেন্সমোৰে তেওঁৰ গ্রন্থ ইণ্ডিপেণ্ডেল ক্রম দি সেক্সুয়্যাল ৰিভোলিউচন (১৯৭১)ত কৈছিল যে নাৰীমুক্তি আৰু যৌনতাৰ পৰা মুক্তি একে বিষয় নহয়। ডেন্সমোৰ মতে, নাৰীৰ ওচৰত যৌনতাৰ পৰা মুক্তি আৰু সামগ্রিকভাবে মুক্তি সমগোত্রীয় নহয়। যৌনতাৰ পৰা মুক্তিৰ ধাৰণা প্ৰকৃততে নাৰীক দমন কৰি ৰখাৰ এটা কৌশল মাত্র। সংস্কাৰবাদী তাত্ত্বিকসকলৰ ওচৰত বিবাহ নামক প্রতিষ্ঠানটোৰ অবলুপ্তি নঘটা লৈকে, এই প্ৰতিষ্ঠানৰ মাজেৰে নাৰীৰ ওপৰত নিৰ্যাতন আৰু প্রাথমিকভাবে দমন প্রক্রিয়া চলিয়েই থাকিব।

 তেওঁলোকে ভাবে, এটা প্রতিষ্ঠান হিচাবে বিবাহৰ মাজেৰে গৈ প্রেম, ভঙ্গুৰতা, নির্ভৰতা, অধিকাৰবোধ, দুঃখ-কষ্ট সহ্য কৰাৰ ক্ষমতা আদিক সহজ কৰি তুলাৰ মাজেদি নাৰীৰ ‘মানুহ’ হৈ উঠা অথবা তাৰ উন্নতিৰ পথ বন্ধ হৈ যায়। পিতৃতন্ত্ৰৰ অবসানৰ লগে লগে ‘নাৰী উঠাৰ’ (Women becoming) প্ৰক্ৰিয়াও এক ধৰণৰ অন্বেষণ আৰু সৃষ্টি বুলি তেওঁলোকে ভাবে। এই প্ৰক্ৰিয়াৰ অন্বেষণত সংস্কাৰবাদী তাত্ত্বিকসকলে নাৰীৰ নুকুল মূল আৰু সংস্কাৰবাদী আদর্শ অক্ষুন্ন ৰখাৰ কথাও কৈছে। তেওঁলোকৰ মতে, সমাজত নাৰী দমনৰ অন্যতম কাৰণ হ’ল জৈৱিক। অর্থাৎ সন্তান ধাৰণৰ নিচিনা কোনো প্ৰক্ৰিয়াৰ মাজেদি নাৰীয়ে যাব লাগে বুলি সমাজত নাৰীৰ দমন ঘটিয়েই থাকে। গতিকে, পৰিয়ালৰ মাজত ক্ষমতা-সম্পর্ক গঢ়ি উঠিলে জাতিভিত্তিক আৰু শ্রেণীভিত্তিক সমাজত দমনৰ বৈশিষ্ট্য পৰিয়ালৰ নিচিনা এটা মৌলিক প্রতিষ্ঠানকো বিধিবন্ধ দমনকারী প্রতিষ্ঠান ৰূপত চিহ্নিত কৰি তোলে। সেয়েহে এই তাত্ত্বিকসকলে। ভাবে, যৌনতাৰ বিৰুদ্ধে মৌলিক দ্বন্দ্ব পুঁজিবাদ অথবা জাতিবিদ্বেষৰ বিৰুদ্ধে দ্বন্দ্ব আৰু সংগ্ৰামৰ পৰা বহুত বেছি গুৰুতৰ। এই সংস্কাৰবাদীসকলৰ মতে, নাৰীমুক্তিৰ ক্ষেত্ৰত এটা জৈৱিক বিপ্লৱৰ প্রয়োজন। তেওঁলোকে ভাবে, প্রযুক্তিৰ প্রয়োগৰ ফলত নাৰী সন্তান ধাৰণৰ নিচিনা। এটা প্ৰক্ৰিয়াৰ পৰা মুক্তি পাব পাৰে আৰু ইয়াৰ ফলত তাৰ মুক্তি সম্ভৱ হ’ব। ইয়াৰ লগত তেওঁলোকে এইটো ভাবে যে পৰিয়াল ব্যৱস্থাৰ বিলুপ্তি ঘটিলে লাহে-লাহে নাৰীৰ পৰা প্রত্যাশিত ভূমিকা সম্বন্ধীয় আদি ৰূপৰো অবলুপ্তি ঘটিব। এনেদৰেই তেওঁলোক নাৰীৰ মুক্তিৰ পথক চিহ্নিত কৰিছে।

২৩। মার্ক্সীয় নাৰীবাদী তত্ত্ব সম্পর্কে আলোচনা কৰা। (Discuss about the Marxist feminist theory.)

উত্তৰঃ ফ্রেডাৰিখ এঙ্গেলছৰ ৰচিত ‘দি অৰিজিন অফ ফ্যামিলি প্ৰাইভেট প্রপার্টি অ্যান্ড দি ষ্টেট’ আৰু এসি জাবেক্সলিৰ ৰচিত ‘ চোচিয়েলিস্ট ৰিভোলিউচন’ গ্ৰন্থ দুটাত দেখুওৱা হৈছে যে নাৰী আচলতে পুৰুষৰ সম্পত্তি হিচাপে পৰিগণিত হয়। অর্থাৎ, সমাজত নাৰী ভোগ্য বস্তুৰ বাহিৰে একো নহয়। এই তত্ত্ব দুখন গ্ৰন্থৰ দ্বাৰা অনুপ্ৰাণিত। এই তত্ত্বমতে নাৰীৰ অৰ্থনৈতিক অধিকাৰৰ ওপৰত জোৰ দিয়া প্রয়োজন। তাৰ লগতে এইটো মন কৰা হয় যে পুঁজিবাদী সমাজত শ্ৰেণী ব্যৱস্থাই নাৰীৰ এই শোষিত আৰু দলিত অৱস্থান আৰু নিম্ন মর্যাদাৰ একমাত্র কাৰণ। সমাজতান্ত্রিক নাৰীবাদী তত্ত্বত, সমাজে নাৰীৰ ওপৰত দমনৰ বিভিন্ন ৰূপ দাঙি ধৰা হয়। এই তত্ত্বত কোৱা হয় যে সমকালীন সামাজিক আৰু অৰ্থনৈতিক গাঠনিৰ মাজতেই নাৰীৰ ওপৰত দমনৰ কাৰণ আৰু তাৰ প্ৰকৃতি নিহিত আছে। পিতৃতান্ত্রিক পুঁজিবাদী ব্যৱস্থাত ক্ষমতা- ব্যৱস্থাক প্ৰত্যাহ্বান কৰে, সমাজতান্ত্ৰিক নাৰীবাদী তত্ত্বই ভাবে যে সমাজত সাম্য অহাৰ কোনো সম্ভাৱনা নাই যেতিয়ালৈকে পুঁজিবাদী সমাজত সম পৰিমাণ সুযোগ-সুবিধা প্ৰত্যেকৰ ওচৰত সমানভাবে গৈ পাইছে। গতিকে সমাজতান্ত্রিক নাৰীবাদী তত্ত্বত পুৰুষ কর্তৃত্বৰ লগত দ্বন্দ্ব নকৰে বৰং এইদ্বন্দু সেই সামাজিক গাঠনিৰ লগত চলিছে যাৰ ফলত নাৰী সমাজত ক্ষমতাচ্যুত হৈছে। মার্ক্সীয় নাৰীবাদী তত্ত্বত মন কৰা হয়, সমাজ নাৰীৰ দমিত অৱস্থান পৰিয়ালৰ ভিতৰত প্রকৃতিগতভাৱে সৃষ্ট শ্রমবিভাগৰ কাৰণত ঘটে। এঙ্গেলছৰ ৰচিত গ্ৰন্থ (১৮৮৪) ৰ পৰা অনুপ্ৰাণিত হৈমার্ক্সবাদী নাৰীবাদীসকলে মন কৰে যে পুঁজিবাদী সমাজত অর্থনৈতিক এই ভাৰসাম্যহীনতাৰ পৰা মুক্তিৰ একমাত্র পথ হ’ল জনজীৱনত বা বহির্জগতৰ উৎপাদন ব্যৱস্থাৰ কেন্দ্ৰত নাৰীক প্রবেশাধিকাৰ দিয়া। 

গতিকে পুঁজিবাদী সমাজত গার্হস্থ্যৰ ভূমিকা সম্বন্ধত বিস্তাৰিত আলোচনা এই তাত্ত্বিক প্রেক্ষাপটৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। সেই প্রসঙ্গত পুঁজিবাদী সমাজত গৃহভিত্তিক শ্ৰম আৰু পুঁজিবাদী সমাজত তাৰ অৱদানৰ প্ৰশ্নটো এইতাত্ত্বিক প্ৰেক্ষিতত আটাইতকৈ গুৰুত্বপূৰ্ণ। সাধাৰণতে যি চলিত ধাৰণা আছে যে– (ক) নাৰীৰ কাম অৰ্থৰ দ্বাৰা বিনিময়যোগ্য নহয় বাবে সেয়া মূল্যহীন (খ) কামৰ সংজ্ঞাৰ মাজত সেয়া কেতিয়াও গ্রহণযোগ্য নহয়– এই দুটা ধাৰণাৰ ঘোৰ বিৰোধী মার্ক্সবাদী নাৰীবাদী তাত্ত্বিকসকল। তেওঁলোকে মন কৰে, নাৰীৰ ক্ষেত্ৰত ‘পৰিয়ালৰ কাম’ আৰু জীৱন পৃথক দুটা ধাৰণা নহয় বৰঞ্চ এটাৰ লগত আনটোৰ ধাৰণা সংযুক্ত হৈ আছে। গৃহকর্তৃ সর্বোচ্চ ৰাজনৈতিক নিয়ন্ত্ৰণৰ অধীনত নপৰে, তেওঁৰ পুৰুষৰ ওপৰত অৰ্থনৈতিক নিৰ্ভৰশীলতা প্রকৃততে সমাজত তাৰ একাকীত্বৰ এটা গুৰুত্বপূৰ্ণ উপাদান। 

তথাপিও এইকথা অনস্বীকার্য যে নাৰীৰ ক্ষেত্ৰত ‘জীৱন’ আৰু ‘কাম’ এই দুটা কোনো শিল্পক্ষেত্ৰত কৰ্মৰত শ্ৰমিকৰ তুলনাত বহুত বেছি ঐক্যবদ্ধ। অর্থাৎ নাৰীৰ জীৱনত ‘সময়’ আৰু ‘ক্ষেত্ৰৰ’ ওপৰত নিয়ন্ত্ৰণ বহুত বেছি থাকে কোনো শিল্পক্ষেত্ৰত কৰ্মৰত শ্ৰমিকৰ তুলনাত। ইয়াৰ ফলত, পুঁজিবাদী সমাজত নাৰী বহুত বেছি সৃষ্টিশীল আৰু এই সৃষ্টিশীলতা তেওঁৰ শ্ৰমৰ এটা তাৎপর্যপূর্ণ অংশ। তেওঁ আনসকলৰ লগত আবেগপূর্ণভাৱত মিলামিছা কৰে আৰু তাৰ আপেক্ষিক অ-একাকী অভিজ্ঞতাৰ এয়াই মৌলিক ভিত্তি। নাৰীৰ দ্বাৰা সম্পাদিত ‘গৃহকার্য’ কেৱল যে ব্যৱহাৰ্য মূল্যই সৃষ্টি কৰে সেয়া নহয়, উৎপাদন ব্যৱস্থাত উদ্ধৃত মূল্য উৎপন্ন কৰাতেও যথেষ্ট গুৰুত্বপূৰ্ণ কাৰ্যকৰী ভূমিকা লৈছে। পুঁজিবাদী সমাজ আৰু কৰ্মৰ সংগঠনত পৰিয়াল এই তত্ত্বত -এটা কেন্দ্রীয় স্তম্ভ হিচাবত বিবেচিত হয়।

মার্ক্সবাদী ভাবনাত মন কৰা হয় নাৰীৰ অস্তিত্বৰ বস্তুগত ভিত্তি নাৰীৰ চেতনাৰ এটা উপাদান। নাৰী, মজুৰিৰ বাবে কাম কৰিলেও, তাৰ প্ৰাথমিক প্রতিষ্ঠানিক কাম হ’ল গৃহকাৰ্য আৰু শিশুৰ প্রতিপালন। এনে ধৰণৰ কামে নাৰীৰ মাজত এক বিশেষ চেতনাৰ উন্মেষ ঘটায় যি আপেক্ষিক, প্রেক্ষিত বিশিষ্ট ঐক্যবদ্ধকাৰী আৰু জীবনদায়ী। এই চেতনা পৌৰুষৰ বিমূর্তায়িত ভোগপণ্য বিনিময়ৰ দৰে পুৰুষশোষিত কাম নহয়, যি একমাত্র পুঁজিবাদী সমাজৰ প্ৰেক্ষিততেই বিশ্লেষণযোগ্য। এই বিশেষ চেতনাই নাৰীৰ মাজত এটা বিশেষ দৃষ্টিকোণ গঢ়ি তোলে। হার্টস্টোকে ভাবে নাৰীবাদী দৃষ্টিকোণ নাৰীৰ অবিচ্ছিন্ন অভিজ্ঞতা আৰু সম্পৰ্কৰ মাধ্যমেদি গঢ়ি উঠে, শৰীৰ আৰু মনৰ প্ৰাকৃতিক ক্ষেত্ৰ হিচাবে এনে এক চেতনা যি অভ্যাসগতভাবে সামাজিক ঐক্যসাধনকাৰী। এই তাত্ত্বিক প্ৰেক্ষিতত মন কৰা হয় যে নাৰীৰ ব্যক্তিগত সমস্যাৰ সামাজিক আৰু ৰাজনৈতিক কাৰণ আছে। ইয়াৰ পৰা নাৰীবাদী শ্লোগান ‘ব্যক্তিগত পৰিসৰো ৰাজনীতিক’ গঢ়ি উঠিছে।

যদিও সমাজতান্ত্ৰিক নাৰীবাদীসকলে বিশ্বাস কৰে যে নাৰীৰ মুক্তি উৎপাদনত সমমর্যাদা সম্পন্ন ভূমিকা পালন সম্ভৱ, তথাপিও তেওঁলোক গৃহৰ মাজত লিঙ্গ-ভিত্তিক শ্রমবিভাগৰ প্ৰশ্নটোক এৰি যায়। প্ৰধান শিশু-প্রতিপালক হিচাবে নাৰী পৰিয়ালৰ আবেগপূৰ্ণ আৰু আধ্যাত্মিক বিকাশৰ বাবে অকলে দায়িত্বশীল থাকে বুলি বিশ্লেষণী চিন্তাশক্তিৰ বিকাশ ঘটাবৰ কোনো সুযোগ তেওঁলোকে নাপায়। যিহেতু লিঙ্গভিত্তিক শ্রমবিভাগে পুৰুষৰ আধিপত্য আৰু কৰ্তৃত্ব সৃষ্টি কৰে গতিকেনাৰী জনজীৱনত অনুপস্থিতিয়ে থাকি যায়। পৰিয়ালৰ মাজত লিঙ্গ-ভিত্তিক শ্রমবিভাগৰ বিলুপ্তি নঘটিলে, এই ভাৰসাম্যহীনতাৰ সমস্যাৰ পৰা মুক্তি নহয়। ইয়াৰ বাহিৰে এই সমাজতান্ত্রিক নাৰীবাদীসকলে বিশ্বাস নকৰে যে ইতিহাস কিছুমান যান্ত্রিক পূর্বনির্ধাৰিত ভৰত চলে। গতিকে তেওঁলোকৰ মতে, এই পৰিৱৰ্তনৰ দিশ মানুহেই নির্ণয় কৰিব পাৰে।

২৪। নাৰীবাদী আন্দোলনৰ দ্বিতীয় স্তৰৰ ত্রুটি-বিচ্যুতিবোৰৰ সম্পর্কে উল্লেখ কৰা। (Mention about the demerits of the second phase of feminist movement.)

উত্তৰঃ নাৰীসকলক কৰ্মক্ষেত্ৰত পঠোৱাৰ লগে লগে ইয়াতেই সিহঁতৰ ‘গৃহিনী’ ভূমিকাটো কিন্তু শেষ হৈ যোৱা নাই। পুৰুষে যেতিয়া বাহিৰত কাম কৰে, তেওঁ ঘৰৰ চিন্তা খুব কমেই কৰে। কিন্তু নাৰীসকলৰ মূৰৰ ওপৰত ঘৰ সম্ভালা চাপ ৰৈ যায় আৰু দ্বিতীয় স্তৰত আন্দোলনৰ জন্ম হয় ‘সুপাৰ মম’ ধাৰণাত। সন্তানেও ভাবে মা বাহিৰত আৰু ঘৰত সমানে কাম কৰিব আৰু একেবাৰেই ভাগৰ নহ’ব। ‘মা’ মানেই সন্তানৰ মনত ভাঁহি উঠে সব্যসাচী কোনো চৰিত্ৰ। নাৰীবাদী আন্দোলনৰ দ্বিতীয় স্তৰ নাৰীক কৰ্মক্ষেত্ৰত যোৱাৰ স্বাধীনতা দিলেও কিন্তু লগত জুৰি দিছে ‘সুপাৰ মম’ টেগটোও। ইয়াৰ বাহিৰেও এই স্তৰৰ পৰিকল্পনাৰ লগত সকলো সময়ত আন্দোলন সমানভাৱে চলিব পৰা নাই।

চমুটোকা লিখাঃ উদাৰনৈতিক নাৰীবাদঃ ড° মৰগ্যানৰ মতে এইটো আচলতে সমাজৰ মূলধাৰাৰ লগত কাম কৰা নাৰীবাদীসকলক বুজায়। উদাৰনৈতিক নাৰীবাদীসকল লিংগ বৈষম দূৰ কৰিব বিচাৰে আৰু এই কাৰণে তেওঁলোকে ৰাজনৈতিক আৰু আইনী প্ৰচেষ্টা অব্যাহত ৰাখে।

সমাজতান্ত্ৰিক নাৰীবাদঃ মৌলবাদী নাৰীবাদীসকলৰ মতে সমাজতান্ত্ৰিক নাৰীবাদীসকলৰ মতে পুৰুষশাসিত সমাজ ব্যৱস্থাই লিঙ্গ বৈষম্যৰ প্ৰধান কাৰণ নহয়। তেওঁলোকে মন কৰে যে পুৰুষৰ ওপৰত নাৰীসকল অর্থনৈতিকভৱে নিৰ্ভৰ কৰাৰ কাৰণেই নাৰীসকল বৈষম্যৰ চিকাৰ হয়। কাৰণ বৰ্তমান পুঁজিবাদী ৰাষ্ট্ৰ ব্যৱস্থাত পুৰুষসকলেই যিহেতু মূল অর্থনীতিক নিয়ন্ত্ৰণ কৰি আছে সেয়েহে স্বাভাবিকভাৰত তাত লিঙ্গ বৈষম্য চলি আহিছে। নাৰী পুৰুষৰ মাজত অর্থনৈতিক আৰু সামাজিক সাম্য প্রতিষ্ঠাই সিহঁতৰ লক্ষ্য।

২৫। জনজীৱন আৰু ব্যক্তিজীৱনক লৈ নাৰীবাদ সম্পর্কিত মতবাদটো আলোচনা কৰা। (Discuss the doctrine of feminism in public life and in private life.) 

উত্তৰঃ নাৰীবাদীসকলে জনজীৱন আৰু ব্যক্তিগত জীৱনৰ পাৰ্থক্যৰ কথা উল্লেখ কৰিছে। ব্যক্তিগত জীৱন বুলিলে ব্যক্তিগত সম্পর্কক বুজায়, যি জনজীৱন ৰাষ্ট্ৰ আদিৰ বাহিৰৰ এটা স্বতন্ত্ৰ ক্ষেত্ৰ বুলি গণ্য কৰা হয়। ইয়াৰোপৰি ব্যক্তি জীৱনত আবেগে এটা তাৎপর্যপূর্ণ ভূমিকা পালন কৰে য’ত জনজীৱনত যৌক্তিকতাত এটা ডাঙৰ ভূমিকা লয়। জন স্টুয়ার্ট মিলে পৰৱৰ্তী কালত এই বক্তব্যৰ পৰিমাৰ্জন কৰিছে। নাৰীবাদ বিৰোধীসকলে এই জনজীৱন আৰু ব্যক্তিগত জীৱনৰ মাজত যি পার্থক্য আছে সেই পার্থক্যত লিঙ্গ-বিশ্লেষণ ব্যৱহাৰ কৰিছে। কিন্তু নাৰীবাদী সকলে এই জনজীৱন আৰু ব্যক্তিগত জীৱনৰ পাৰ্থক্যক বিভিন্নভাৱে সমালোচনা কৰিছে। যেনে–

(ক) ৰাষ্ট্ৰ হৈছে জনজীৱনৰ এটা উল্লেখযোগ্য প্ৰতিষ্ঠান। ব্যক্তিগত জীৱনৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ ৰাখিব লাগে সেই বাবে এই দুটা ক্ষেত্র পৃথক আৰু বিচ্ছিন্ন হৈ থাকে।

(খ) নাৰীৰ ব্যক্তিগত ক্ষেত্ৰক এই ব্যক্তিগত জীৱনৰ পৰিসৰে কেতিয়াও সুৰক্ষিত কৰিব নোৱাৰে অৰ্থাৎ ব্যক্তিগত জীৱনৰ পৰিসৰ, পৰিয়ালে, নাৰীৰ ওপৰত বিভিন্ন ধৰণৰ বাধা আৰোপ কৰে, তাৰ স্বাধীনতাক খৰ্ব কৰা হয়।

(গ) ক্ষমতাও যদি জনজীৱনৰ ক্ষেত্ৰত এটা তাৎপৰ্যপূৰ্ণ বৈশিষ্ট্য হয় তেন্তে সেই ক্ষমতা আৰু ক্ষমতাৰ প্ৰয়োগ ব্যক্তিগত জীৱনৰ পৰিসৰত, পাৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰতো এটা তাৎপর্যপূর্ণ বৈশিষ্ট্য। সেইবাবে তেওঁলোকে ভাবে ব্যক্তিগত পৰিসৰো ৰাজনৈতিক।

(ঘ) নাৰীবাদীসকল বিশেষভাৱে বহল মনৰ। নাৰীবাদীসকলে চিন্তা কৰে, সমমর্যাদাৰ মানুহৰ মাজত সাম্য ৰক্ষাৰ প্ৰশ্ন উঠিব পাৰে কিন্তু দুয়ো অসম-মর্যাদা সম্পন্ন (পুৰুষ আৰু নাৰী) মানুহৰ মাজত প্ৰশ্নটো অসংগতিমূলক। কিয়নো সেয়া অসম্ভৱ। তেওঁলোকৰ মতে, পুৰুষ সকলো ক্ষেত্ৰতেই জন্মৰ পৰাই মুক্ত আৰু স্বাধীন কিন্তু নাৰী সকলো ক্ষেত্ৰতেই বন্দী। (Man is born free but women everywhere is in chains)

(ঙ) পৰ্ণগ্ৰাফিত নাৰীৰ শৰীৰ ব্যক্তিগত ক্ষেত্ৰ নহয়, সেয়া জনজীৱনৰ ভোগ্যদ্রব্য। এইদৰে দেখা যায় জনজীৱন আৰু ব্যক্তিগত জীৱনৰ মাজত পার্থক্য পোৱা নাযায়। পর্নোগ্রাফিত নাৰী, পুৰুষৰ যৌন বাসনাক তৃপ্ত কৰাৰ এক নিষ্ক্রিয় শৰীৰ হিচাপে প্ৰতিপন্ন হয়।

২৬৷ পিতৃতন্ত্র কি? পিতৃতন্ত্ৰক লৈ নাৰীৰ মতবাদ দাঙি ধৰা। (What is patriarchy? Bring up the doctrine of women with patriarchy.)

উত্তৰঃ পিতৃতন্ত্ৰ হৈছে এটা সামাজিক ব্যৱস্থা য’ত পুৰুষসকলে প্রাথমিক ক্ষমতা ধাৰণ কৰে আৰু ৰাজনৈতিক নেতৃত্ব, নৈতিক কর্তৃত্ব, সামাজিক সুবিধা আৰু সম্পত্তি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰাধান্য স্থাপন কৰে। সামাজিক, আইনগত, ৰাজনৈতিক, ধর্মীয় আৰু অৰ্থনৈতিক প্ৰতিষ্ঠানত পিতৃতন্ত্ৰৰ অস্তিত্ব দেখা যায়।

নাৰীবাদীসকল বিশেষভাৱে আমূল সংস্কাৰবাদী। নাৰীবাদীসকলে পিতৃতন্ত্রক সমাজৰ নাৰীৰ বিষন্নকাৰী পৰিস্থিতিৰ কাৰণে লিংগ ভিত্তিক হিংসাৰ মূল কাৰণ হিচাপে নিৰ্দেশ কৰি আহিছে। সামাজিক, ৰাজনৈতিক, অর্থনৈতিক আৰু ধৰ্মীয় প্ৰতিষ্ঠানৰ মাজত যি পুৰুষ কর্তৃত্ব প্রতিভাত হয় তাকে পিতৃতন্ত্র বুলি কোৱা হয়। নাৰীবাদীসকলে, ইংৰাজী ভাষা আৰু সাহিত্যচৰ্চাত যি অৰ্থত পিতৃতন্ত্ৰ পিতাৰ কৰ্তৃত্ব হিচাপে বিশ্লেষিত হয়, সেয়া বৃদ্ধিকৰণ কৰি শব্দটোৰ সহায়ত সমাজত নাৰীৰ বিভিন্ন ভূমিকাত পুৰুষৰ আধিপত্য বিস্তাৰক বুজোৱাত ব্যৱহাৰ কৰিছে। নাৰীবাদীসকলে পৰিয়ালক এই পিতৃতান্ত্ৰিকতাৰ ক্ষমতা খোজ কঢ়া কাৰ্য্যৰ এটা পৰমাণুকেন্দ্ৰ সম্বন্ধীয় সংগঠন হিচাপে বিচাৰ কৰিছে। ইয়াৰোপৰি পিতৃতন্ত্ৰৰ অন্যান্য অণু প্রতিষ্ঠানসমূহ হৈছে ৰাষ্ট্ৰ, ধৰ্মীয়, সামাজিক আৰু ৰাজনৈতিক প্রতিষ্ঠান। সেইবাবে পিতৃতন্ত্র সমগ্র সমাজতেই বিস্তৃত। এটা ক্রমোচ্চ সজ্জাত সুসজ্জিত সমাজৰ পুৰুষকৰ্তৃত্বই হৈছে পিতৃতন্ত্র। অর্থাৎ, পিতৃতন্ত্র বিশেষকৈ, ‘পুৰুষকর্তৃত্ব’ হিচাপে প্ৰণালীবদ্ধৰূপে, অনুষ্ঠান সম্পৰ্কৰ মাজৰ পৰা পৰিয়াল, বিদ্যালয়, চার্চ, ৰাজনৈতিক দল, ৰাষ্ট্ৰ ইত্যাদি সামাজিক সংগঠনৰ মাজতেই পৰি আছে।

নাৰীবাদীসকলে যদিও সমাজত নাৰীৰ অৱদমনৰ মূল কাৰণ হিচাপে পিতৃতন্ত্রক চিহ্নিত কৰিছে তথাপিও তেওঁলোক ভিন ভিন দিশত পিতৃতন্ত্ৰৰ সংজ্ঞা দান কৰি গৈছে। সাৰ্বত্ৰীয় নাৰীবাদীসকলে বিচাৰ কৰিছে যে উৎপাদন ব্যৱস্থাৰ বিকাশৰ এটা বিশেষ পদক্ষেপত পিতৃতন্ত্র এক ঐতিহাসিক ঘটনা হিচাপে শ্রম বিভাগ আৰু শ্ৰেণীৰ আৰম্ভণিৰ সময়ত গঢ়ি উঠিছে। অর্থাৎ, তেওঁলোকৰ ওচৰৰ পিতৃতন্ত্র পুঁজিবাদৰ লগে লগেই নাৰীৰ গার্হস্থ্য শ্ৰমৰ ওপৰত পুৰুষৰ শোষণ হিচাপে গঢ়ি উঠিছে। শ্ৰেণীৰ অৱসানৰ লগে লগে পিতৃতন্ত্ৰৰো সমাপ্তি ঘটিব। আনফালে, আমূল সংস্কাৰবাদী নাৰীবাদীসকলৰ ওচৰত সকলো সমাজেই দমনৰ ভিন ভিন ৰূপ আৰু মাত্ৰাৰ মাজৰ পৰাই পিতৃতন্ত্ৰ পৰিয়ালৰ জৈৱ গাঁথনিৰ ফলত গঢ়ি উঠিছে। সেইবাবে তেওঁলোকে কল্পনা কৰিছে যে প্রজনন ব্যৱস্থাত প্রযুক্তিবিদ্যা ব্যৱহাৰৰ ফলত সমকামী পৰিয়াল গঢ়ি উঠাৰ মাজতেই পিতৃতন্ত্রৰ সমাপ্তি ঘটিব।

২৭। নাৰীবাদীসকলৰ মতে, অৰ্থনীতিৰ ধাৰণা আৰু নাৰীৰ কৰ্মসংস্থানৰ প্ৰকৃতি সম্পৰ্কে সমালোচনা কৰা। (Criticize the idea of economics and the nature of women employment, according to feminists.)

উত্তৰঃ নাৰীবাদীসকলে সংস্কাৰ বিষয়ক অৰ্থনীতিৰ ধাৰণা আৰু নাৰীৰ কৰ্মস্থানৰ প্ৰকৃতিৰ বিৰূপ সমালোচনা কৰিছে। প্ৰথম কাৰণ হৈছে পুৰুষ সহকৰ্মীৰ তুলনাত মহিলাৰ দৰমহা গাঁথনি নিম্নস্তৰৰ আৰু তেওঁলোক কর্মস্থলত যৌন অসুবিধাৰ বলি হয়। দ্বিতীয়তে, মার্ক্সীয় নাৰীবাদীসকলৰ মতে, পুঁজিবাদী ব্যৱস্থাত শ্ৰম বজাৰত নাৰী শ্রমিক সংৰক্ষিত শ্ৰমিকৰ দলৰ অন্তৰ্গত থাকে আৰু যিকোনো অর্থনৈতিক বজাবৰ মন্দাৱস্থা সময়ত তেওঁলোকক গুচাই দিয়া হয়। তাৰোপৰি নাৰীবাদীসকলে ভাবে যে পুঁজিবাদ আৰু পিতৃতন্ত্ৰ দুটা বিশেষ আৰু স্বতন্ত্ৰ ব্যৱস্থা হোৱা সত্ত্বেও এওঁলোকৰ মাজত সম্পৰ্ক আছে আৰু এওঁলোক পৰস্পৰ আত্মনিৰ্ভৰশীল হোৱাত এই দুটা ব্যৱস্থাৰ অন্তৰ্গত হৈ সমাজত নাৰী সৰ্বস্তৰতেই পুৰুষৰ দমন আৰু কৰ্তৃপক্ষৰ বলি হয়। এই কৰ্তৃপক্ষৰ বস্তুগত ভিত্তি (বুনিয়াদ) আছে আৰু সেয়া নাৰীৰ শ্ৰমৰ ওপৰত পুৰুষৰ নিয়ন্ত্ৰণৰ মাজতেই নিহিত হৈ থাকে। 

পুৰুষে নাৰীক ভাল দৰমহাৰ কামৰ পৰা বিচ্যুত কৰে আৰু সদায় সিহঁতক ভিন ভিন সমস্যাৰ সন্মুখীন কৰায়। ইয়াৰ ফলত সমাজত পুৰুষে নাৰীৰ তুলনাত বেছি উপাৰ্জন কৰিব পাৰে, নাৰীক বিবাহ-বন্ধনত আবদ্ধ কৰি সন্তান প্ৰতিপালনৰ গৃহকর্মৰ দায়িত্ব দি সিহঁতক স্বীকৃতিহীন কৰ্মৰ মাজত আবদ্ধ কৰি ৰাখে। নাৰী বেছিভাগ সময়তেই অর্থনৈতিক দিশত পুৰুষৰ ওপৰত নিৰ্ভৰশীল থকাত গৃহকর্মৰ নিচিনা দৰমহাহীন কৰ্মৰ লগত সংযুক্তি এৰি আৰু কোনো উপায় বিচাৰি নাপায় আৰু অন্যান্য কর্মসংস্থানৰ সন্ধান নোপোৱাৰ ফলতে গৃহকৰ্মতেই নাৰীক আবদ্ধ হৈ থকাত বাধ্য কৰে। ইয়াৰ লগে লগে পুৰুষে, নাৰীৰ প্ৰজনন ক্ষমতা যৌনতাকো নিয়ন্ত্ৰণ কৰি ৰাখে। সেই কাৰণে ডালা, শেলমা জেমচ ইত্যাদি নাৰীবাদীসকলৰ মতে সমাজত নাৰীৰ গৃহকৰ্মৰ স্বীকৃতি প্রদান তৎক্ষণাৎ দিয়া উচিত আৰু এই বিষয়ক ঘৰৰ কামকাজৰ বাবে পতিয়ে পত্নীক দৰমহা দিব লাগিব। আনফালে ক্রিষ্টিনা ডেলফিৰ নিচিনা নাৰীবাদীসকলেও ভাবে যে অকল পতিসকলে নহয় বৰঞ্চ ৰাষ্ট্ৰৰ এই ক্ষেত্ৰত উদ্যোগী হোৱা দৰকাৰ আৰু গৃহকৰ্ম গৃহৰ অথবা পৰিয়ালৰ দায়িত্বৰ পুনর্বণ্টন দৰকাৰ।

২৮। উত্তৰ আধুনিকতা বুলিলে কি বুজা? (What do you mean by post-modern.) 

উত্তৰঃ উত্তৰ আধুনিকতা কোনো তত্ত্ব বা বিতর্ক নহয়। উত্তৰ-আধুনিকতা ঐতিহ্য আৰু আধুনিকতাৰ প্ৰতি এটা প্রত্যাহ্বান। সমকালীন সমাজত সক্রিয় ব্যক্তিক অনুধাবনৰ বাবে এইটো এটা বৈচিত্ৰপূৰ্ণ, বিভেদক আৰু ধৰ্মনিৰপেক্ষ প্ৰত্যাহ্বান। উত্তৰ আধুনিকতাবাদৰ প্ৰধান লক্ষ্য হ’ল সমকালীন সমাজৰ অগভীৰ (Superficial) আৰু অস্থায়ী (Provisional) বৈশিষ্ট্যবোৰৰ সমালোচনা কৰা।

২৯। উত্তৰ আধুনিকতাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। (Discuss the features of post-modernism) 

উত্তৰঃ উত্তৰ আধুনিকতাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা হ’ল—

(ক) সাংস্কৃতিক সম্পৰ্ক অথবা সংস্কৃতিৰ ৰাজনীতি, উত্তৰ আধুনিক তত্ত্ব মন কৰে যে আধুনিক শিল্প বিশেষভাবত নবীন শিল্পীৰ দ্বাৰা প্রভাবিত। উত্তৰ-আধুনিক শিল্প তাৰ বিপৰীতত সস্তা জনপ্রিয়তাক একে লগ কৰে। ১৯৮০ ৰ দশকত শিল্পকলাত উত্তৰ আধুনিকতাৰ স্পৰ্শ কৰে। পুৰণি ভাৱধাৰা অবলুপ্তহৈ এই সময়ৰ পৰা উত্তৰ আধুনিক শিল্পকলা জনপ্রিয়তাক লগত লৈ নতুন এটা দিক উন্মোচন কৰে।

(ক) বাস্তৱতাৰ অৱসানঃ যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ লগে লগে শব্দ, প্রতিচ্ছবি আৰু পাঠ্যৰ বৈদ্যুতিকৰণ ঘটে, যাৰ ফলত মানুহৰ জীৱনত টেলিভিশন ক্রমশ কেন্দ্ৰীয় চৰিত্ৰ হৈ উঠে। বাস্তৱ আৰু বাস্তৱৰ প্ৰতিচ্ছবি, এই দুটাৰ মাজত সম্পর্ক ক্রমশ অস্পষ্ট হৈ ওঠে। উত্তৰ-আধুনিক তাত্ত্বিক বদ্রিলার্ড মন কৰে এই বিশ্বত কোনো বস্তু বাস্তৱ নহয়। বাস্তৱৰ পৰিৱৰ্তে তাত বাস্তব প্রতিচ্ছবি দেখা যায়।

(গ) উত্তৰ আধুনিকতা বহুমুখী সংস্কৃত সমৃদ্ধঃ বহুমাত্রিক সংস্কৃতি উত্তৰ আধুনিক সমাজৰ এটা বিশেষ চৰিত্ৰ। সমাজৰ নুকুলতা ধৰ্ম, ভাৱনা আৰু অনুভবৰ বহুমাত্রিকতাক অনুধাবন কৰাৰ ওপৰতে গুৰুত্ব দিয়া হৈছে।

(ঘ) জ্ঞান আৰু সম্পৰ্কৰ বিশেষ সম্বন্ধঃ উত্তৰ আধুনিক তাত্ত্বিকসকলৰ মাজত অন্যতম মিথেল ফুকোৰ মতে সমাজৰ বিবিধ সামাজিক ব্যৱস্থা মানুহৰ ক্রিয়া-কলাপ লৈহে ব্যস্ত থাকে। তেওঁৰ মতে এই প্রতিষ্ঠানবিলাকৰ মাজত কোনোৱে নিৰপেক্ষ অথবা স্বাধীন নহয়। এই প্ৰতিষ্ঠানবোৰ প্ৰতিটো সমাজত ক্ষমতাৰ বা ক্ষমতা সম্পৰ্কৰ লগত সম্পর্কিত। এই ক্ষমতা ঐতিহাসিক ভাৱে অতন্ত্র (Surveillance) মাধ্যমে আৰু অন্যান্য নিয়ন্ত্ৰণৰ মাধ্যমেদি মানুহৰ জীৱনক নিয়ন্ত্রিত কৰে। আধুনিক জীৱনত মানুহৰ গোটেই কাম-কাজ এই প্রতিষ্ঠানবোৰৰ লগত সম্পর্কিত হৈ পৰাত মানুহৰ গোটেই ক্ৰিয়া ক্ষমতাৰ নিয়ন্ত্রণাধীন হৈ পৰিছে। তেওঁ আকৌ দেখুৱাইছে যে সামাজিক প্ৰতিষ্ঠানৰ ইতিহাস বস্তুত ক্ষমতা সম্পৰ্কৰ ইতিহাস।

(ঙ) ব্যৱস্থাকেন্দ্ৰিক দৃষ্টিভংগীৰ অৱসানঃ উত্তৰ আধুনিকতা ফোর্ডবাদী নমনীয় উৎপাদনৰ গণ ভোগবাদৰ পৰা আতৰি আহি গ্ৰাহকৰ প্ৰয়োজনীয়তা অনুসাৰী উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰে। ব্যৱস্থা সাপেক্ষ যি কোনো ধৰণৰ তত্ত্বৰ বিৰোধী এই উত্তৰ আধুনিকতা। উত্তৰ আধুনিক তত্ত্ব ক্রিয়াবাদী, দ্বন্দ্ব তত্ত্বৰ দৰে যি কোনো তাত্ত্বিক গাঠনিক বাতিল কৰে।

৩০। উত্তৰ আধুনিকতাৰ ঐতিহাসিক প্রেক্ষাপট সম্পর্কে আলোচনা কৰা। (Discuss about the historical background of post-modernizm.)

উত্তৰঃ অষ্টাদশ শতকত ইউৰোপত আলোকবর্তিকাৰ যুগ আৰম্ভ হয়। যি (১৬৮৮) ত ইংলেণ্ডত বিপ্লৱৰ সময়কালৰ পৰা (১৭৮৯) ত ফৰাচী বিপ্লব লৈকে বিস্তৃত আছিল। অজ্ঞানতা, ভয়, অর্ধ-ধৰ্মীয় কু-সংস্কাৰৰ অন্ধকাৰৰ পৰা পোহৰৰ পথত, জ্ঞানৰ দিশাৰী হিচাবে এই আলোকবর্তিকা যুগক চিহ্নিত কৰা হয়। এই সময়ছোৱাত পৰিৱৰ্তনৰ প্ৰধান হাঠিয়াৰ হৈ উঠে বিজ্ঞান আৰু প্ৰযুক্তি। দুখেইম, ওৱেবাৰ আৰু মার্ক্সৰ আধুনিকতাৰ ধাৰণাৰ লগত এই সময়কালীন সমাজ বিশ্বাস কৰিব আৰম্ভ কৰে যে সমাজ প্ৰগতিৰ পথত আগুৱাই গৈছে। এই তাত্ত্বিকসকলে দেখাৰ চেষ্টা কৰে যে সমাজক বুজিবৰ বাবে বৈজ্ঞানিক নীতি প্রয়োগ একমাত্র পথ যৌক্তিক চিন্তাৰ সাহায্যত সমাজক সংগঠিত কৰাৰ মাজেদি মানুহৰ গোটেই চাহিদা পূৰণ কৰা সম্ভৱ হ’ব। কিন্তু সময়ৰ লগে লগে দেখা গ’ল যে আধুনিকতা সম্পূর্ণভাৱে পশ্চিমীয়া সমাজৰ প্রত্যাশা অনুসাৰী বিকশিত হ’বলৈ ব্যৰ্থ হ’ল। আধুনিকতা আৰু আলোকবর্তিকা যুগ যি আশা মানুহৰ মাজত জগাই তুলিছিল সেয়া অসাধ্য আৰু অসম্পূর্ণই ৰৈ গ’ল। বৃহত্তৰ সমাজত আৰু বিশ্বত পশ্চিমীয়া সমাজ তথা মার্কিন সমাজৰ ভেনিয়েল বেল তেওঁৰ ৰচিত গ্ৰন্থ ‘দি কালচাৰ কন্ট্রাডিকচন্স অফ কেপিটালিজম’ত দেখাইছে মার্কিন সমাজত কেনেকৈ মূল্যবোধৰ পৰা ৰীতি-নীতিৰ সম্পূৰ্ণ বিযুক্তি ঘটিছে। ইয়াৰ পৰা লাহে লাহে আধুনিকতাৰ প্ৰতি বিকৰ্ষণ আৰু মোহমুক্তি ঘটিলে এক নতুন আদৰ্শত সমাজক জানা আৰু বুজাৰ আংগিক বা প্রেক্ষিত গঢ়ি উঠে। ইয়াৰ পৰাই উত্তৰ-আধুনিকতাৰ জন্ম হয়।

৩১। উত্তৰ-আধুনিক তাত্ত্বিকসকলৰ অৱদান আলোচনা কৰা। (Discuss the contributions of post-modern theories.) 

উত্তৰঃ ৱৱেবাৰেৰ যৌক্তিকতাৰ ধাৰণাৰ দ্বাৰা প্ৰভাৱিত হৈ মিচেল ফুকো এক ভিন্ন ধাৰাৰ সামাজিক তত্ত্বৰ অৱতাৰণা কৰিছে। তেওঁৰ মতে এই সামাজিক প্রতিষ্ঠানবোৰ কেতিয়াও নিৰপেক্ষ আৰু স্বাধীন ভাৱত কাম কৰা নাই। বস্তুত সমাজত ক্ষমতাৰ জটিল জালৰ লগত এইসকলৰ সম্পৰ্ক আছিল। ফুকো নিছৰ প্ৰভাৱত প্ৰভাৱিত হৈছিল। নিছৰ মতে আধুনিক জীৱন অৰাজকতাপূৰ্ণ আৰু যৌক্তিক চিন্তাধাৰা দি এই জীৱনক সম্পূর্ণভাৱে বুজা সম্ভৱ নহয়। ফুকোৰ পদ্ধতি বিদ্যাৰ প্ৰাথমিক দুটা স্তম্ভ হ’ল জ্ঞানৰ প্রত্নবিদ্যাৰ ধাৰণা আৰু ‘ক্ষমতাৰ বংশবৃত্তান্ত’। প্ৰথমটোত ফুকো এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট কথোপকথৰ মাধ্যমে সেই নিয়মবোৰ বিচৰাৰ চেষ্টা চলাইছে য ত এই কথোপকথনৰ সম্ভাৱনাৰ অৱস্থাবোৰক নিৰ্দিষ্ট কৰে। ফুকো এটা সাধাৰণ ব্যৱস্থা বা এই নিয়মবোৰক অনুসন্ধানৰ মাজেদি গৈ কথোপকথনক গুৰুত্ব দিছে। তেওঁৰ মতে কথোপকথন যি ধৰণৰ নথি সৃষ্টি কৰে সেইবোৰক বৰ্ণনা, বিশ্লেষণ আৰু সংগঠিত কৰিলে আৰু গভীৰভাৱে এই কথোপকথনক বুজা সম্ভৱ হয়। তেওঁৰ মতে এই কথোপকথনৰ মূল আধাৰ হৈছে সত্য কথন। ক্ষমতাৰ জ্ঞান সম্বন্ধীয় ধাৰণাত ফুকো এই পদ্ধতি বিদ্যাৰ সহায় লয়। তেওঁ দেখাইছে বৌদ্ধিক ইতিহাসত বংশবৃত্তান্ত অনুসন্ধান কৰা এটা সংগঠিত প্রচেষ্টা। 

অকল ইয়াৰে সহায়ত কাৰোবাৰ উৎস বিচৰাই সম্ভৱ হয় সেয়া নহয় লক্ষ্য পূৰণতো এই পদ্ধতিটো অত্যন্তকাৰ্যকৰী ভূমিকা লয়। বহুমাত্রিক, মুক্তপ্রান্তীয় বিভিন্ন ৰূপ কথোপকথন অভ্যাস, ঘটনাক এটা ব্যৱস্থাৰ মাজেদি সংগঠিত কৰাৰ ক্ষেত্ৰত এইটো এটা ব্যৱস্থাৰ মাজেদি সংগঠিত কৰাৰ ক্ষেত্ৰত এইটো এটা গুৰুত্বপূৰ্ণ পদ্ধতি। যি কোনো নিয়ম বা প্রয়োজনীয়তাক কেন্দ্রীয় বিবেচ্য বিষয় হিচাবে দেখিব গলে এই ধৰণৰ বংশবৃত্তান্ত অনুসন্ধানৰ চেষ্টা তাৎপৰ্যপূৰ্ণ হ’ব পাৰে বুলি মন কৰিছে। তেওঁৰ অন্য এটা কাৰণ হ’ল বংশবৃত্তান্ত বিচাৰৰ চেষ্টা আচলতে এটা সমালোচনামুখী প্ৰক্ৰিয়া। তেওঁৰ মতে জ্ঞান আৰু ক্ষমতাৰ মাজত সম্পৰ্ক বিচৰাৰ ক্ষেত্ৰত বংশবৃত্তান্ত এটা অত্যন্ত কাৰ্যকৰী। ফুকোৰ ব্যবহৃত এই দুটা পদ্ধতিৰ মাজত বংশবৃত্তান্ত পদ্ধতিৰ ব্যৱহাৰ সম্পৰ্কে তেওঁ নিৰ্দেশ কৰিছে প্রত্নবিদ্যাৰ পদ্ধতিৰ ব্যৱহাৰৰ প্ৰসঙ্গ। তেওঁৰ মতে বংশবৃত্তান্ত পদ্ধতিটো সমকালীন বা বর্তমান সময়ৰ ইতিবৃত্ত। তেওঁ মন কৰে যে বর্তমান তথা সমকালীন অৱস্থা অতীত অৱস্থাৰ ফলাফল। অতীতৰ কোনো ঘটনা, কথোপকথন আদি কেনেকৈ সমকালীন বা বৰ্তমান সময়ত প্ৰভাৱ পেলাইছে সেয়া বুজাৰ চেষ্টা কৰে। অৰ্থাৎ অতীতৰ কথোপকথনৰ অনুসাৰিত নিৰ্দিষ্ট পথ ধৰি কেনেকৈ সমকালীন কথোপকথনৰ লগত তাৰ সংযোগ ঘটিছে ফুকো সেইটো বুজাৰ চেষ্টা কৰে।

ক্ষমতাৰ বংশবৃত্তান্ত ধাৰণাটোৰ মাজেদি তেওঁ দেখুৱাব বিচাৰিছে কেনেকৈ মানুহ নিজক আৰু আনক জ্ঞানৰ উৎপাদনৰ মাধ্যমে নিয়ন্ত্ৰণ কৰে। তেওঁ দেখুৱাইছে জ্ঞান উৎপাদিত ক্ষমতাত মানুহ কেনেকৈ বিষয়ত পৰিণত হয় আৰু জ্ঞানৰ দ্বাৰা নিজে বিষয় হিচাবে নিয়ন্ত্ৰিত হৈ থাকে। তেওঁ জ্ঞানৰ সৰ্বোচ্চ স্থান দিছিল অৰ্থাৎ বিজ্ঞানসমূহৰ ক্ষমতা সবাতোতকৈ বেছি আৰু সেইবোৰক পৃথককৈ চিহ্নিত কৰিলে সমালোচনা কৰা উচিত। ফুকোৰ সবাতোতকৈ আগ্রহৰ বিষয় আছিল প্ৰযুক্তিত। বিশেষত সেই প্রযুক্তিবোৰ যিবোৰ জ্ঞানৰ পৰা নিঃসৃত আৰু কেনেকৈ এই প্ৰযুক্তিক কামত লগাই বিভিন্ন প্রতিষ্ঠান মানুহৰ ওপৰত ক্ষমতাৰ প্ৰয়োগ কৰে সেয়া বিশ্লেষণ কৰা। যদিও তেখেতে ক্ষমতা আৰু জ্ঞানৰ মাজত সম্পর্ক ওলাব চেষ্টা কৰিছে, কিন্তু কেতিয়াও সমাজৰ সদস্যসকলক এই বিষয়ত কোনো চক্ৰান্তত লিপ্ত হ’ব দেখা নাই। কাৰণ ফুকো জ্ঞান আৰু ক্ষমতাৰ মাজত গাঠনিগত সম্পৰ্কৰ প্রতিবেশি গুৰুত্ব দিছে।

৩২। উত্তৰ আধুনিক সামাজিক তত্ত্বৰ সমালোচনা কৰা? (Cricticize post-modern social theory?)

উত্তৰঃ উত্তৰ আধুনিকতাক বিভিন্ন দিশৰ পৰা সমালোচনা কৰা হৈছে।

(ক) উত্তৰ আধুনিক তত্ত্বক আধুনিক বৈজ্ঞানিক মান নিৰ্ধাৰণ কৰিব নোৱাৰাৰ বাবে সমালোচনা কৰা হয়। বৈজ্ঞানিক ভাবসম্পন্ন আধুনিকৰ ওচৰত উত্তৰ আধুনিক ভাৱনাৰ সত্যতা বুজাৰ কোনো ক্ষেত্র নাই। এই সমালোচনাত মন সত্যতা বুজাৰ কোনো ক্ষেত্র নাই। এই সমালোচনাত মন কৰা হয় বাস্তবধর্মী বৈজ্ঞানিক গৱেষণা নিৰ্ভৰ বাস্তৱৰ বৈজ্ঞানিক মডেল বা তাঁৰ অনুসন্ধান আৰু সত্যৰ অস্তিত্ব সম্পৰ্কত উত্তৰ আধুনিক সামাজিক তত্ত্বৰ আলোচনা । আধুনিক যুক্তি তত্ত্বৰ গ্ৰহণযোগ্যতা, পৰীক্ষণ সাপেক্ষতা বা যুক্তিক সম্পূর্ণ খণ্ডন কৰি উত্তৰ আধুনিকতা নিজক প্ৰমাণ কৰিব নোৱাৰিছে।

(খ) যিহেতু উত্তৰ আধুনিকসকলৰ জ্ঞান বৈজ্ঞানিক ধাৰণা হিচাবে গ্ৰহণীয় নহয় সেয়েহে উত্তৰ আধুনিক সামাজিক তত্ত্বক কেবলমাত্র এক ধৰণৰ ভাৱাদৰ্শ হিচাবে দেখা যাব পাৰে।

(গ) যিহেতু উত্তৰ আধুনিক মতবাদৰ বিজ্ঞানৰ নিয়ম-নীতিৰ দ্বাৰা নিয়ন্ত্রিত নহয় সেয়েহে তেওঁলোক তেওঁলোকৰ ইচ্ছামতে যি ইচ্ছা কৈছে আৰু সমালোচনা কৰিছে। বহুসময়ত বিস্তৃত সাধাৰণীকৰণত তেওঁলোক গৈ পাইছে কিন্তু বিশেষ যৌক্তিক গুণ অতিক্ৰম কৰা নাই।

(ঘ) আধুনিক তাত্ত্বিকসকলৰ বৃহৎ বর্ণনা সমালোচনা কৰাৰ আগ্ৰহে উত্তৰ-আধুনিক তাত্ত্বিকসকল বহু ধৰণৰ বৰ্ণনাৰ আশ্ৰয় লৈছে আৰু তেওঁলোকৰ বক্তব্যৰ নীতিবাচক ভিত্তি কি সেই বিষয়তে তেওঁলোকৰ মত স্পষ্ট নহয়।

(ঙ) নাৰীবাদী তাত্ত্বিকসকল উত্তৰ আধুনিক সামাজিক তত্ত্বৰ ডাঙৰ সমালোচক। তেওঁলোকে বিষয়ক বাদ দি, বিশ্বজনীনতাৰ সমালোচনা কৰে, আন্তঃসংস্কৃতিৰ বিভিন্ন বৰ্গ যেনে, লিঙ্গ আৰু লিঙ্গ দমনৰ দৰে বিষয়বস্তুক দাঙি নধৰি পাৰ্থক্যৰ ওপৰ বিশেষ গুৰুত্ব আৰোপ কৰি এক বিশেষ ৰাজনৈতিক উদ্দেশ্য সাধন কৰিছে উত্তৰ আধুনিক তাত্ত্বিকসকল যি মূলত নাৰীবাদী অৱস্থানৰ বিৰোধী।

৩৩। নাৰীবাদ কি? ৰেডিকেল নাৰীবাদৰ মুখ্য বৈশিষ্ট্যসমূহ আলোচনা কৰা। (What is Feminism? Discuss the salient features of Readical Feminism.)

উত্তৰঃ এজন মানুহ হিচাপে নাৰী এগৰাকীৰ পৰিপূৰ্ণ অধিকাৰৰ দাবি হ’ল নাৰীবাদ। নাৰী স্বাধীনতাৰ আলোচনা প্রসঙ্গত এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল নাৰীবাদ। বিশ্বজুৰি যি বিদ্যমান লিংগভিত্তিক শ্রম বিভাগৰ পুৰুষৰ ওপৰত ৰাজনীতি, অর্থনীতি, সংস্কৃতি এইবোৰ সামাজিক পৰিমণ্ডলৰ দায়িত্ব অৰ্পন কৰে আৰু নাৰীক গোটেই সংসাৰৰ বোজা বহনকাৰী বিনা মজুৰীৰ দাসত্বৰ ফালে ঠেলি দিয়ে তাক চেলেঞ্জ কৰে নাৰীবাদে। নাৰীবাদে বিৰাজমান ক্ষমতা গাঠনি, আইন-কানুন, ৰীতি-নীতি যি নাৰীক দৃশ্য, অধীনস্ত আৰু হীন কৰি ৰাখে, তাৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰে। নাৰীবাদ হ’ল এটা সামাজিক আন্দোলন যিয়ে নাৰীৰ গদবন্ধা ভূমিকা আৰু ইমেজৰ পৰিৱৰ্তন, লিংগভিত্তিক বৈষম্য বিলোপ আৰু পুৰুষৰ দৰে নাৰীৰ সমান অধিকাৰ অৰ্জনৰ প্ৰয়াস কৰে। নাৰীৰ স্বাধীনতা অর্থবহ কৰাৰ উদ্দেশ্যে যি আন্দোলন, যুক্তি আৰু তত্ত্ব বিভিন্ন চিন্তাবিদসকলে প্ৰদান কৰিছে তাক সাধাৰণভাৱে নাৰীবাদ আখ্যা দিয়া হয়। নাৰীবাদ নাৰীৰ সামগ্রিক কল্যাণৰ লগত ঘনিষ্ঠভাবে সম্পর্কিত। নাৰীবাদ আৰু নাৰী স্বাধীনতা অভিন্ন

নহয়। নাৰীবাদী গৱেষকসকলৰ মাজত মত আৰু পথৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু প্রত্যেকজন গৱেষকৰ আচল উদ্দেশ্য নাৰীকল্যাণ মূলক দৃষ্টিভঙ্গীৰে নাৰীৰ স্বাধীনতা নিশ্চিতকৰণ কৰা উদ্দেশ্যেই।

মৌল নাৰীবাদীসকলে দাবী কৰে আত্মনিয়ন্ত্ৰণৰ সম্পূৰ্ণ অধিকাৰ আৰু যৌন স্বাধীনতা। এই স্বাধীনতা উন্মুক্ত হ’ব পাৰে বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিৰ মাধ্যমেদি। এই প্রযুক্তিয়ে ধ্বংস ঘটাব পাৰে জৈৱিক ভূমিকাৰ। নাৰীয়ে তাৰ দেহা আৰু জৰায়ুৰ ওপৰত লাভ কৰিব অধিকাৰ, কৃত্রিম উপায়েৰে সন্তান ধাৰণ সম্ভৱ হ’ব, গতিকে পিতৃতান্ত্রিক ভাৱাদৰ্শৰ মৃত্যু ঘটিব। 

এই ধাৰাৰ নাৰীবাদীসকলৰ প্ৰধান দাবী আছিল—

(ক) সমান দৰমহা।

(ক) সমান শিক্ষা আৰু কৰ্মৰ সুযোগ। 

(গ) আৰ্থিক আৰু আইনী স্বাধীনতা। 

(ঘ) বিনামূল্যে গর্ভ নিয়ন্ত্ৰক আৰু গৰ্ভপাত। 

(ঙ) নাৰীৰ নিজস্ব যৌনতা নিৰ্ধাৰণৰ অধিকাৰ।

(চ) লেচবিয়ান সম্পর্কে বৈষম্যৰ অৱসান আৰু

(ছ) যৌন উৎপীড়ন আৰু হিংস্ৰতাৰ পৰা মুক্তি।

এওঁলোকে দৃষ্টি আকৰ্ষণ কৰিছিল নাৰী নিপীড়নকাৰী সেইবোৰ উপায়সমূহৰ দিশে যিবোৰৰ উদ্ভৱ হৈছিল পাশ্চাত্য সমাজৰ বিশেষ গাঠনিৰ বাবে। চাইম দা বোভোয়াৰ তেওঁৰ ‘দ্বিতীয় লিংগ গ্ৰন্থত কৈছে যে বৰ্তমানত অথবা অতীতত যৌন সম্পৰ্কই হৈছে এনে এটা সম্পৰ্ক যি আধিপত্য আৰু বশ্যতাৰ সম্পৰ্ক। আমাৰ সমাজত যি বিষয়টোৰ পৰ্যালোচনা নহয় আনকি যাব স্বীকৃতিও নাই সেয়া হ’ল জন্ম অধিকাৰগত গুৰুত্ব, যাৰ দ্বাৰা পুৰুষ নাৰীক শাসন কৰে। এই ব্যৱস্থাৰ দ্বাৰা আভ্যন্তৰৰ আধিপত্য লাভ সম্ভৱ হয়। যৌন সম্পৰ্কৰ এই ব্যৱস্থা নিটোল, স্থায়ী আৰু শক্তিশালী। ইয়াৰ উপস্থিতি যিমানে নিৰৱ নহওক, যৌনতাৰ ক্ষেত্ৰটো আমাৰ সংস্কৃতিৰ সৰ্বাধিক গভীৰ আৰু প্ৰভাৱ বিস্তাৰকাৰী মতাদৰ্শ আৰু ক্ষমতাৰ সবাতোকৈ মৌলিক ধাৰণা হিচাপে আছে।

যিহেতু ৰাজনীতিৰ মূল বিষয় হৈছে ক্ষমতা আৰু আমাৰ সমাজ ব্যৱস্থাত ক্ষমতাৰ গোটেইটোতে পুৰুষৰ আধিপত্য বৰ্তমান, সেইবাবে তাৰ প্ৰভাৱ সমাজত পৰিবলৈ বাধ্য। গতিকে অতিপ্রাকৃত কৰ্তৃত্ব আৰু ইয়াৰ লগত যুক্ত নীতি আৰু মূল্যবোধ যি প্ৰভাৱিত কৰিছে আমাৰ দৰ্শন, কলা তথা সমগ্ৰ সংস্কৃতিক তাৰ গোটেইবোৰ পুৰুষৰ হাতত গঢ়ি উঠা। অর্থাৎ আমাৰ সমাজৰ গাঠনিটোৱে এনেকুৱা যাৰ ভিতৰত খুব সহজে আৰু স্বাভাৱিকভাৱে পুৰুষে নাৰীৰ ওপৰত আধিপত্য বজায় ৰাখিব পাৰে।

তেখেতসকলৰ মতে মৌল নাৰীবাদীসকল লিংগসাম্য আনিব বিচাৰে। এই সাম্য সকলোৰে আগত আমাৰ চিন্তা-ভাৱনাত আনিব লাগিব। ইমান দিনৰ পৰা চলি থকা চিন্তন প্ৰক্ৰিয়াৰ পৰিৱৰ্তন কৰিব লাগিব। বৈষম্যৰ মূল কাৰণ বিচাৰি স্বাৰ্থপৰতা আৰু ক্ষমতাৰ বৈষম্যবোৰক দূৰ কৰিব লাগিব। যদিও তেখেতসকলে মন কৰে যে ‘anatomy is destiny’ তথাপিও তেওঁলোকৰ মতে আমাৰ যৌন পৰিচয় যেনে আমাৰ লিংগ পৰিচয়ক প্ৰভাৱিত কৰে, তেনেকৈ আমাৰ লিংগ পৰিচয় আমাৰ যৌন পৰিচয়ৰ বিৱৰ্তন ঘটায়। অর্থাৎ ‘nature’ আৰু ‘gender’ ৰ মাজত এটা উভয়মুখী সম্বন্ধ আছে। কিন্তু লিংগবৈষম্যৰ বীজ এওঁলোকে বিচাৰি পাইছে যৌন সম্পৰ্কৰ মাজত।

এওঁলোকে নাৰীক সন্তান ধাৰণ আৰু লালন-পালনৰ দায়িত্বৰ পৰা মুক্তি দিব বিচাৰে। মানৱ প্ৰজাতিক জীয়াই ৰখাৰ দায়িত্ব অকল নাৰীৰ নহয়। এই দায়িত্ব পালন কৰিব লাগিব পুৰুষসকলেও। এই মৌলিক পৰিৱৰ্তনৰ লগে লগে নাৰীক দিব লাগিব আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু যৌন-স্বাধীনতা, প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন-নতুন উদ্ভাৱনা অকল নাৰীক গৰ্ভধাৰণৰ দায়ব পৰা মুক্তি নিদিব, ধ্বংস কৰি দিব পাৰে পৰিয়ালৰ জৈৱিক আৰু অৰ্থনৈতিক ভিত্তি আৰু শক্তিৰ সম্পৰ্ক। জৈৱিক পৰিয়াল বিলুপ্ত হ’লে যৌন-পীড়ন লোপ পাব, তেতিয়া যৌন সম্পৰ্ক স্ৰি কৰাৰ সম্পূৰ্ণ স্বাধীনতা থাকিব প্ৰতিটো নৰ-নাৰীৰ। ফলত সমকাম, বিষমকাম প্রভৃতি ধাৰণাই লোপ পাব। লোপ পাব পাৰে ‘যৌনসংগম’ নামক সংস্থাটো, য’ত নাৰী পুৰুষে পালন কৰে সুনির্দিষ্ট ভূমিকা। এই বিপ্লৱ অকল নাৰীক নহয় পুৰুষকও মুক্ত কৰিব পাৰে। মৌল নাৰীবাদীসকলৰ আৰু এটা ধাৰা হৈছে নাৰী-সমকামী স্বাতন্ত্র্যবাদ। পুৰুষাধিপত্য বিলুপ্ত কৰাৰ বাবে এওঁলোকে পুৰুষ বৰ্জন কৰি নাৰীক যৌনসংগী হিচাপে বাছি ল’ব বিচাৰে, আকৌ বহুতে পিতৃতন্ত্ৰৰ সলনি মাতৃতন্ত্ৰ বিচাৰে।

মৌল নাৰীবাদীসকলে মন কৰে আইনৰ দ্বাৰা নাৰীৰ কিছু পৰিমাণে সমস্যাৰ সাময়িক সমাধান হ’ব পাৰে কিন্তু মূল সমস্যাটো অপরিবর্তিত থাকে। গতিকে এওঁলোকে সচেতনতা বৃদ্ধিক আন্দোলনৰ অংগ হিচাপে দেখে।

৩৪। তৃতীয় বিশ্বৰ নাৰীবাদৰ বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰা। ইয়াৰ সীমাবদ্ধতা উল্লেখ কৰা। (Analyze the features of third world feminism. Mention its limitations.)

উত্তৰঃ নাৰীবাদৰ দ্বিতীয় লিংগ বৈষম্যৰ অৱসান হোৱা নাই। সেইবাবেই নাৰীবাদৰ তৃতীয় তৰঙ্গৰ সূত্ৰপাত ঘটিছিল। নাৰীবাদৰ দ্বিতীয় অঙ্গত বিভিন্ন আন্দোলনৰ মাজেদি নাৰীৰ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক বিষয়ে অধিকাৰ অৰ্জনত সাফল্য লাভ কৰিলেও সেই সফলতাৰ মাজত কিছু সীমাবদ্ধতাও লক্ষ্য কৰা যায়। নাৰীৰ প্ৰাপ্ত অধিকাৰসমূহ জাতি আৰু বৰ্ণৰ মাজত সীমাবদ্ধ হৈ থাকে। নাৰীবাদী আন্দোলনৰ পৰিপ্ৰেক্ষিতত নাৰীৰ অৰ্জিত অধিকাৰসমূহ শ্বেতাঙ্গ আৰু উচ্চবৃত্ত নাৰীসকলেই ভোগ কৰে। কৃষ্ণাঙ্গ আৰু নিম্নবৃত্ত নাৰীৰ বঞ্চনাৰ অভিজ্ঞতা ইয়াতে পৰিলক্ষিত হয়। জাতি, ধর্ম, বর্ণ, আঞ্চলিক পৰিৱেশ অনুসৰি নাৰীৰ সমস্যাও ভিন ভিন হয়। আৰু এইসকল ভিন ভিন সমস্যার সমাধান একে হ’ব নোৱাৰে। 

সেইকাৰণে তৃতীয় পৰ্বৰ নাৰীবাদীসকলে নাৰীৰ সমস্যাবিলাকক নির্দিষ্ট কৰি সেইসমূহক সমাধানৰ প্ৰয়াস কৰে। তৃতীয় তৰঙ্গৰ নাৰীবাদে নাৰীৰ যিবোৰ সমস্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰে সেইসমূহ হ’ল বর্ণভিত্তিক, নাৰীৰ ওপৰত মানসিক অত্যাচাৰ; কৰ্মক্ষেত্ৰত যৌন অত্যাচাৰ প্রভৃতি। বর্ণভিত্তিক বৈষম্যজনিত কাৰণত নিম্ন সম্প্ৰদায়ৰ নাৰীৰ বঞ্চনা আৰু অৱদমন দুগুণ বৃদ্ধি পায়। এই সমাজত নাৰী-পুৰুষৰ দ্বাৰা অবদমিত হয়, আনফালে নিম্নবিত্ত হিচাপে উচ্চবিত্তসকলৰ দ্বাৰা অত্যাচাৰিত হয়। অর্থাৎ পুৰুষতান্ত্রিক সমাজত নাৰী লিংগবৈষম্যৰ কাৰণতে বঞ্চিত, আকৌ সেই সমাজতেই বর্ণবৈষম্যৰ কাৰণেও নাৰী বঞ্চিত হয়। ফলত ইয়াতে উচ্চবিত্ত নাৰীসকলৰ বঞ্চনা আৰু অৱদমনৰ পৰিপ্ৰেক্ষিতত নিম্নবিত্তনাৰীসকলৰ সমস্যাৰ সমাধান বিচাৰিলে সেয়া অযুক্তিগত হ’ব।

পুৰুষতান্ত্রিক সমাজত নাৰী মানসিক দিশৰ পৰা বঞ্চিত আৰু অৱদমিত। নাৰীৰ ওপৰত মানসিক অৱদমন বাহিৰৰ সমাজত যেনে চলি থাকে তেনে গৃহৰ ভিতৰত ব্যক্তিগত সম্পৰ্কৰ আঁৰতেও চলি থাকে। এই বিষয় সম্পৰ্কে নাৰীবাদী আন্দোলনৰ প্ৰথম আৰু দ্বিতীয় তৰঙ্গতও আন্দোলন হৈছে। তৃতীয় তৰঙ্গত এই আন্দোলনে ব্যাপক ৰূপ লাভ কৰে। ব্যক্তিগত সম্পৰ্কৰ আঁৰত নাৰীৰ বঞ্চনাও হৈছে একপ্ৰকাৰ পুৰুষতান্ত্রিক সমাজৰ ৰাজনৈতিক চক্রান্ত।

নাৰীবাদৰ তৃতীয় পৰ্বৰ আৰু এক গুৰুত্বপূৰ্ণ বিষয় হৈছে কৰ্মক্ষেত্ৰত যৌন অত্যাচাৰ। নাৰীৰ কর্মক্ষেত্ৰত অনুপ্ৰৱেশ পূর্বোক্ত নাৰীবাদী আন্দোলনৰ ইতিবাচক দিশ। কিন্তু এই ইতিহাস ঘটনাৰ মাজতে নাৰী এটা সমস্যাৰ সন্মুখীন হয়। এনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল তানিটা মিল মার্কিন নামৰ এগৰাকী মহিলা। কিন্তু তেওঁ সমস্যাৰ বিষয়ে আদালতত জনালেও কোনো সুফল পোৱা নাছিল। এই ঘটনাৰেই প্ৰতিবাদস্বৰূপে ৰেবেকা ওয়াকাৰ ‘Becoming the Third Wave’ নামক বৈপ্লবাত্মক প্রবন্ধ লিখিছে, আৰু ইয়াৰ পৰাই নাৰীবাদী আন্দোলনৰ তৃতীয় তৰঙ্গৰ সূত্ৰপাত হয়।

নাৰীবাদী তৃতীয় তৰঙ্গৰ আৰু এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল-‘নাৰীশক্তি’। নাৰীশক্তি বুলিলে বুজায় য’ত নাৰীয়ে নিজৰ ইচ্ছা আৰু পচন্দ অনুসৰি যিকোনো কাম কৰিবলৈ সক্ষম। নাৰী শক্তিৰ ধাৰণা নাৰীৰ ব্যক্তিস্বাধীনতাৰ ওপৰত নিৰ্ভৰশীল। প্রত্যেক নাৰীয়ে নিজৰ নিৰ্ধাৰিত লক্ষ্য পূৰণ কৰিবলৈ আনৰ সাহায্যপ্ৰাৰ্থী হোৱাৰ পৰিৱৰ্তে নিজেই নিজৰ চেষ্টাত লক্ষ্য পূৰণ কৰিব পাৰে।

এনে ধৰণৰ অনুভূতিৰ প্ৰক্ৰিয়াত, বহু স্বঘোষিত নাৰীবাদীসকলক তেওঁলোকৰ স্থান পৰিত্যাগ কৰি স্বঘোষিত উত্তৰ-নাৰীবাদী বা পোষ্ট-ফেমিনিষ্ট হোৱা দেখা যায়। তেওঁলোকে দাবী কৰে, নাৰীসকলৰ অৰ্জনৰ সাফল্যমণ্ডিত গল্পৰ বাস্তৱতাৰ লগত আজিৰ নাৰীবাদী চিন্তাৰ কোনো সংগতি নাই। ডোনা লাফ্রামবয়েসে তৃতীয় তৰঙ্গ নাৰীবাদক সমালোচিত কৰাৰ বাবে সুপৰিচিত। তেওঁ দাবী কৰিছে; তৃতীয় তৰঙ্গ নাৰীবাদ “নাৰীৰ চহীদ হোৱাৰ মিথক চিৰস্থায়ী কৰি ৰাখিছে” আৰু নাৰীবাদীগণে স্ব-ইচ্ছাত এই কল্প-কাহিনীক জীয়াই ৰাখে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top