Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ ঐতিহ্য, মার্ক্সবাদী ঐতিহ্য, বহুসংস্কৃতিবাদ

Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ ঐতিহ্য, মার্ক্সবাদী ঐতিহ্য, বহুসংস্কৃতিবাদ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ ঐতিহ্য, মার্ক্সবাদী ঐতিহ্য, বহুসংস্কৃতিবাদ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ ঐতিহ্য, মার্ক্সবাদী ঐতিহ্য, বহুসংস্কৃতিবাদ Question Answer can be of great value to excel in the examination.

Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ ঐতিহ্য, মার্ক্সবাদী ঐতিহ্য, বহুসংস্কৃতিবাদ

Join Telegram channel

Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ ঐতিহ্য, মার্ক্সবাদী ঐতিহ্য, বহুসংস্কৃতিবাদ Notes cover all the exercise questions in UGC Syllabus. Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ ঐতিহ্য, মার্ক্সবাদী ঐতিহ্য, বহুসংস্কৃতিবাদ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Traditions of Political Theory, Marxist Tradition, Multiculturalism

অতি চমু প্রশ্নোত্তৰঃ

১। সনাতন উদাৰতাবাদৰ দুটা মূল নীতি উল্লেখ কৰা। (Mention two main principles of traditional liberalism.)

উত্তৰঃ স্বাধীনতা আৰু ব্যক্তিবাদ।

২। বহুসংস্কৃতিবাদ বুলিলে কি বুজা? (What do you mean by multiculturalism?)

উত্তৰঃ বহু সংস্কৃতিৰ সংজ্ঞাটো হ’ল এনে ধৰণৰ যিয়ে ধাৰণাবোৰ, বিশ্বাস বা বিভিন্ন দেশ আৰু সাংস্কৃতিক পটভূমিৰ লোকক অন্তর্ভুক্ত কৰে। যেতিয়া বিভিন্ন সংস্কৃতিৰ লোক তেওঁলোক বিভিন্ন ঐতিহ্যবোৰ উদযাপন আৰু বিলাবৰ কাৰণে একত্রিত হয়। এইটো বহু সংস্কৃতিৰ উদযাপন কৰাৰ এটা উদাহৰণ।

৩। সাংস্কৃতিক বৈচিত্ৰ্য আৰু বহু সংস্কৃতিবাদৰ মাজত পাৰ্থক্য কি? (What is the difference between cultural diversity and multiculturalism?)

উত্তৰঃ বিভিন্নতা হ’ল ব্যক্তিৰ মাজত থকা আচল বা অনুভূতিৰ পাৰ্থক্য। বহু সংস্কৃতিবাদ এনে এটা শব্দ যি বৈচিত্ৰ্যৰ সৈতে একে, কিন্তু ই এটা জাতি, লিংগ, যৌন অভিমুখীকৰণ, শক্তি আৰু বিশেষ অধিকাৰৰ কাৰণে সমাজত শক্তি কেনেকৈ অসমতা হ’ব পাৰে তাৰ বৃহত্তৰ উপলব্ধিৰ বিকাশৰ দিশাক দৃষ্টি নিবদ্ধ কৰে।

8। বহুসংস্কৃতিবাদৰ বৈশিষ্ট্যবোৰ কি কি? (Give a characteristic of multiculturalism?)

উত্তৰঃ বহু সংস্কৃতিক শিক্ষাৰ কেন্দ্ৰত অৱশ্যে এনেকুৱা এখন ব্যক্তি হ’ব পাৰে যাৰ প্ৰাথমিক ব্যক্তিগত বৈশিষ্ট্যবোৰ হ’ল– বিস্তৃত অধ্যাত্মিক দৃষ্টিভংগী, সম্ভাৱ‍্যতা, স্বায়ত্বশাসন, সহনশীলতা, স্বাধীনতা, সমালোচনা কৰাৰ ক্ষমতা আৰু গণতান্ত্ৰিক অভিমুখীকৰণৰ বিকাশ আৰু উপলব্ধি ঘটিছে।

৫। বহুসংস্কৃতিবাদৰ এটা উদাহৰণ দিয়া। (Give an example of multiculturalism.)

উত্তৰঃ বহু সংস্কৃতিবাদ হ’ল এটা নিৰ্দিষ্ট নিৰ্ধাৰণৰ বিভিন্ন প্রেক্ষাপটক সমান মনোযোগ দিয়াৰ অনুশীলন। বহু সংস্কৃতিবাদৰ এটা উদাহৰণ হ’ল বিভিন্ন দেশৰ শিক্ষাৰ্থী আৰু যিয়ে বিভিন্ন ভাষা ক’ব পাৰে তেওঁলোকৰ সন্মানিত শ্ৰেণীকক্ষত।

৬। বহুসংস্কৃতিবাদৰ মূল ধাৰণাটো কি? (What is the main ideal of multiculturalism?)

উত্তৰঃ বহু সংস্কৃতিবাদ হ’ল এটা উপায় য’ত এটা সমাজে সাংস্কৃতিক বৈচিত্রক, জাতীয় আৰু সম্প্রদায় উভয় পৰ্যায়তেই পৰিচালনা কৰে। সমাজতাত্ত্বিকভাৱে, বহুসংস্কৃতিবাদে বিভিন্ন সংস্কৃতিৰ সামঞ্জস্যপূৰ্ণ সহাৱস্থানৰ মাধ্যমত বৰ্ধিত বৈচিত্র্যই সমাজৰ উপকাৰ কৰে বুলি ধাৰণা কৰে।

৭। বহুসংস্কৃতিবাদৰ প্ৰতিশব্দবোৰ লিখা। (What is another word for multiculturalism?)

উত্তৰঃ বহুসংস্কৃতিবাদৰ প্ৰতিশব্দবোৰ হ’ল– বাহ্যিক, আন্তর্জাতিক, বহুজাতিক, বহুপক্ষীয়। বিদেশী,অজাতীয়, আজৱ, আমদানি প্ৰৱৰ্তন, প্রাকৃতিককৰণ, প্ৰতিস্থাপন, স্বজাতীয়, দূৰ-দূৰৱৰ্তী, বিদেশ ইত্যাদি।

৮। শিশুৰ বাবে বহুসংস্কৃতিবাদ বুলিলে কি বুজা? (What does multiculturalism mean for kids?)

উত্তৰঃ বহু সংস্কৃতিবাদ হ’ল এটা শব্দ যিয়ে এটা সমাজক বৰ্ণনা কৰে য’ত বিভিন্ন সংস্কৃতি একেলগে বাস কৰে। ইয়াত সকলো সংস্কৃতিক সন্মানিত কৰা হয়। সাধাৰণভাৱে, এটা বহু সাংস্কৃতিক সমাজ গঠিত হয়, যেতিয়া বিভিন্ন দেশৰ পৰা মানুহ এটা ঠাইত স্থানান্তৰিত হয়।

৯। নৱ্য উদাৰতাবাদ দুটা মূল নীতি কি কি? (What are the basic principles of neo liberalism.)

উত্তৰঃ (ক) বজাৰৰ পৰিসীমা বৃদ্ধি কৰি মানৱ জীৱনৰ সমগ্ৰ দিশ বজাৰৰ আওতাৰ মাজলৈ অনাটো বিচাৰে। 

(খ) ব্যৱসায়-বাণিজ্য তথা আর্থিক ক্ষেত্ৰখনক ৰাষ্ট্ৰৰ হস্তক্ষেপৰ পৰা মুক্ত কৰা আৰু সীমিত ৰাষ্ট্ৰৰ সৃষ্টি কৰা।

১০। নৱ্য উদাৰতাবাদৰ দুটা সমালোচনা লিখা। (Write two critiques of neo-liberalism.)

উত্তৰঃ (ক) নৱ্য-উদাৰতাবাদে ৰাষ্ট্ৰৰ স্ব-নিয়ন্ত্ৰণৰ অধিকাৰ খৰ্ব কৰে।

(খ) নৱ‍্য-উদাৰতাবাদে সমাজত অসমতা বৃদ্ধি কৰে।

১১। উদাৰনীতিবাদক কেইটা অৰ্থত ব্যৱহাৰ কৰা হয়? আৰু সেইবোৰ কি কি? (In what sense is liberalism used? And what are those?) 

উত্তৰঃ দুটা, সংকীৰ্ণ অর্থ; আৰু ব্যাপক অর্থ।

১২। ‘Liberalism’ শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে? (From which word does the word liberalism originate.)

উত্তৰঃ স্পেনীয় ‘Liberales’ শব্দৰ পৰা।

১৩। উদাৰনীতিবাদক কেইটা ভাগত ভাগ কৰা যায় আৰু কি কি? (Liberalism can be divided into how many parts and what are those?)

উত্তৰঃ উদাৰনীতিবাদক দুটা ভাগত ভাগ কৰা যায়। সেইবোৰ হ’ল— (ক) সনাতন উদাৰনীতিবাদ আৰু (খ) আধুনিক উদাৰনীতিবাদ।

১৪। উদাৰনীতিবাদৰ মূলনীতিটো কি? (What is the principle of liberalism?)

উত্তৰঃ উদাৰনীতিবাদৰ মূলনীতিটো হ’ল ব্যক্তি স্বাধীনতা।

১৫। কোনটো লেটিন শব্দৰ পৰা ‘Liberalism’ ৰ উৎপত্তি হৈছে। (From which latin word did liberalism originate.)

উত্তৰঃ ‘Liberalism’ ৰ উৎপত্তি হৈছে লেটিন ‘Liber’ শব্দৰ পৰা যাৰ অৰ্থ হ’ল স্বাধীন।

১৬। মার্ক্সবাদ কাক বোলে? (What is Marxism.)

উত্তৰঃ ৰাষ্ট্ৰ সম্পৰ্কে মার্ক্স এংগেলচ, লেনিন, স্তালিন আৰু মাও চেতুং ৰ আলোচনা ৰাষ্ট্রবিজ্ঞানত মার্ক্সবাদ নামে পৰিচিত।

১৭। উৎপাদন কাক বোলে? (What is production?)

উত্তৰঃ মানুহৰ কৰ্মদক্ষতা, বিভিন্ন স্তব আৰু শক্তিৰ দ্বাৰা সৃষ্ট বস্তুত যাৰ উপযোগিতা আছে তাক উৎপাদন বোলে।

১৮। কেইটামান বুর্জোয়া বিপ্লৱৰ নাম উল্লেখ কৰা। (Mention a few bourgeois revolutions.)

উত্তৰঃ (ক) ১৭৮৯ খ্রিষ্টাব্দত ফাচি বিপ্লৱ।

(খ) ১৭৭৬ খ্রিষ্টাব্দত আমেৰিকাৰ স্বাধীনতা সংগ্রাম।

(গ) ১৬৮৯ ইংলেণ্ডৰ বিপ্লৱ।

১৯। ‘মার্ক্সবাদ হ’ল মার্ক্সৰ দৃষ্টিভংগি আৰু শিক্ষাৰ সমষ্টি- কথাষাৰ কোনে কৈছে? (Who said “Marxism is the sum of Marx’s Views and teachings”.)

উত্তৰঃ ভি. আই. লেনিনে।

২০। ‘State and Revolution’ গ্ৰন্থটোৰ প্ৰণেতা কোন? (Who is the author of the book ‘State and Revolution’?)

উত্তৰঃ ভি. আই. লেনিন।

২১। ‘A contribution of critique of political economy’ গ্ৰন্থটোৰ প্ৰণেতা কোন? (Who is the author of the book “A contribution of critique of political economy’?)

উত্তৰঃ কার্ল মার্ক্স।

২২। উদালনীতিবাদৰ অৰ্থ কি? (What does liberalism mean?)

উত্তৰঃ ৰাষ্ট্ৰীয় কৰ্তৃত্ববাদৰ বিৰোধিতা কৰি ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত ব্যক্তিৰ উপযোগী স্বাধীনতাৰ পৰিৱেশ সৃষ্টি কৰাই হ’ল উদাৰনীতিবাদ।

২৩। ‘ব্যক্তিৰ স্বাৰ্থ হ’ল প্ৰকৃত স্বাৰ্থ’- কাৰ উক্তি। (Whose statement is “the interest of the individual is the real interest”.) 

উত্তৰঃ দার্শনিক জেৰেমি বেন্থামৰ।

২৪। লেলিনে ৰাষ্ট্ৰক কি বুলি অভিহিত কৰিছে? (What did Lenin call the state?)

উত্তৰঃ লেলিনে ৰাষ্ট্ৰক শ্ৰেণী শোষণৰ যন্ত্ৰ বুলি অভিহিত কৰিছে। 

২৫। ‘দাস কেপিটেল’ গ্ৰন্থটো কোনে ৰচনা কৰিছে? (Who wrote the book ‘Das Capital’?)

উত্তৰঃ কার্ল মার্ক্স।

২৬। বিপ্লৱ হিংসাৰ তাণ্ডৱ নহয়, বিপ্লৱ হ’ল উৎপীড়িত আৰু শোষিতৰ মহোৎসব’— কাৰ উক্তি। (Who says “Revelation is not a riot of violence, revolution is a celebration of oppression and exploitation”.) 

উত্তৰঃ ভি আই লেলিন।

২৭। ফ্রিডমেনৰ মতে উদাৰনীতিবাদ বুলিলে কি বুজায়? (According to Friedman, what is meant by liberalism?) 

উত্তৰঃ ফ্রিডমেনৰ মতে উদাৰৰ্নীতি হ’ল নিজৰ নিজৰ ভাগ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত ব্যক্তি স্বাধীনতাৰ স্বীকৃতি।

২৮। ফ্ৰিডৰিচ ৰচিত প্রধান গ্ৰন্থটোৰ নাম কি? (What is the name of the main book written by Friedrich Engels.)

উত্তৰঃ কমুউনিষ্ট মেনিফেষ্টো।

২৯। কিমান চনত ‘দাস কেপিটাল’ গ্ৰন্থ ৰচিত হৈছিল? (In which year was the book ‘Das Kapital’.)

উত্তৰঃ ১৮৬৭ চনত।

৩০। সনাতন উদাৰনীতিবাদৰ সময়সীমা উল্লেখ কৰা। (Mention the timeline of traditional liberalism.)

উত্তৰঃ সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকালৈ। 

৩১। কোন কোন অর্থনীতিবিদৰ দ্বাৰা মার্ক্স বিশেষভাৱে প্ৰভাৱিত হৈছিল? (Marx was particularly influenced by which economists?)

উত্তৰঃ বৃটিছ অর্থনীতিবিদ এডাম স্মিথ আৰু ডেভিড ৰিকাৰ্ডোৰ দ্বাৰা।

৩২। ‘সাম্রাজ্যবাদ পৰজীৱি বা ক্ষয়িষ্ণু পূঁজিবাদ’উক্তিটো কাৰ? (Who says imperialism is parasific or decaying capitalism.)

উত্তৰঃ লেনিনৰ।

৩৩। মার্ক্সবাদৰ ভিত্তি কি? (What is the basis of Marxism.)

উত্তৰঃ দ্বন্দমূলক বস্তুবাদ হ’ল মার্ক্সবাদৰ ভিত্তি।

৩৪। মার্ক্সবাদৰ প্ৰধান উৎস কি? (What is the main source of Marxism?)

উত্তৰঃ জার্মান চিৰায়ত দৰ্শন, ফাচি সমাজতন্ত্ৰ আৰু বৃটিছ অর্থনীতি হ’ল মার্ক্সবাদৰ প্ৰধান উৎস।

৩৫। ফ্রিডমেনে উদাৰনীতিবাদক কেনেকে বুজাইছে? (How did Friedman explain liberalism.)

উত্তৰঃ ফ্রিডমেনৰ উদাৰৰ্নীতিবাদ হ’ল নিজৰ নিজৰ ভাগ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত ব্যক্তি স্বাধীনতাৰ স্বীকৃতি।

অতি চমু প্রশ্নোত্তৰ

১। ৰাষ্ট্ৰৰ অঃহস্তক্ষেপ নীতি মানে কি? (What does the state’s non-intervention policy mean?)

উত্তৰঃ অতি ব্যক্তিবাদী ধ্যান-ধাৰণা, অবাধ প্রতিযোগিতা আৰু সীমিত ৰাষ্ট্ৰৰ ধাৰণাৰ পৰিণতিস্বৰূপে ব্যৱসায়ত ৰাষ্ট্ৰৰ অঃহস্তক্ষেপ নীতিৰ সৃষ্টি হৈছিল। আডাম স্মিথ, ডেভিড বিকার্ডো, ৰবাৰ্ট মালথাচ আদিৰ দৰে অৰ্থনীতিবিদৰ পৃষ্ঠপোষকতাত সনাতন উদাৰতাবাদৰ আৰ্থিক দিশটো গঢ় লৈ উঠিছিল। এই অর্থনীতিবিদ সকলে বজাৰক এটা স্ব-নিয়ন্ত্রিত অনুষ্ঠান বুলি ভাবিছিল আৰু সেয়েহে বজাৰত ৰাষ্ট্ৰৰ কোনো ধৰণৰ হস্তক্ষেপ সমৰ্থন কৰা নাছিল। তেওঁলোকে আর্থিক বিষয়ত মুক্ত প্রতিযোগিতা, মুক্ত বাণিজ্য আৰু বজাৰত ৰাষ্ট্ৰৰ অঃহস্তক্ষেপ নীতিৰ সমৰ্থন কৰিছিল। তেওঁলোকৰ মতে সম্পত্তিৰ অধিকাৰ ব্যক্তিৰ এটা প্রকৃতি প্রদত্ত অধিকাৰ- য’ত ৰাষ্ট্ৰৰ হস্তক্ষেপ অনুচিত। ব্যৱসায়ীয়ে নিজৰ স্বাৰ্থ ভালকৈ বুজে আৰু তেওঁক নিজৰ মতে কাম কৰাৰ সুবিধা দিব লাগে, তেতিয়াহে ব্যৱসায়িৰো সম্পদ বাঢ়িব আৰু ৰাষ্ট্ৰৰ সম্পদও বৃদ্ধি হ’ব। ইয়াৰোপৰি বজাৰত চলা মুক্ত প্রতিযোগিতাই সামগ্ৰীৰ দৰ, মজুৰি আদি সঠিকভাবে নির্ণয় কৰিব। এনেদৰে বজাৰত ৰাষ্ট্ৰৰ অঃহস্তক্ষেপ নীতি সনাতন উদাৰতাবাদৰ এটা মূল আধাৰ হৈ পৰিছিল।

২। আধুনিক উদাৰতাবাদৰ দুটা মূল নীতি উল্লেখ কৰা? (Mention two main principles of modern liberalism)

উত্তৰঃ আধুনিক উদাৰতাবাদৰ দুটা মূল নীতি হ’ল-

(ক) মুক্ত সমাজঃ আধুনিক উদাৰতাবাদে এখন মুক্ত সমাজ ব্যৱস্থাৰ পোষকতা কৰে। সকলো ব্যক্তিকে সমানে প্ৰদান কৰা স্বাধীনতা আৰু অধিকাৰৰ ভিত্তিৰ এখন স্বাধীন মুক্ত সমাজ সৃষ্টি কৰাটোত উদাৰতাবাদে দৃঢ়তাৰে বিশ্বাস কৰে।

(খ) যোগাত্মক স্বাধীনতাঃ স্বাধীনতা সনাতন উদাৰতাবাদৰো আধাৰ আছিল আৰু আধুনিক উদাৰতাবাদৰো এটা গুৰুত্বপূৰ্ণ আধাৰ হৈয়ে থাকিল। অৱশ্যে স্বাধীনতাৰ ব্যাখ্যা সলনি হ’ল আৰু সনাতন উদাৰতাবাদে স্বাধীনতাক বাধাহীনতা হিচাপে ব্যাখ্যা কৰিছিল। কিন্তু আধুনিক উদাৰতাবাদে স্বাধীনতা মানে বাধাহীনতাক নুবুজায়। সমাজৰ কল্যাণৰ উদ্দেশ্যে ৰাষ্ট্ৰই ব্যক্তিৰ স্বাধীনতাত হস্তক্ষেপ কৰাৰ অধিকাৰ স্বীকাৰ কৰা হ’ল। এনেদৰে যোগাত্মক স্বাধীনতাৰ ধাৰণা আৰম্ভ হ’ল আৰু ই আধুনিক উদাৰতাবাদৰ এটা আধাৰ হৈ পৰিল।

৩। উদাৰতাবাদৰ দুটা সীমাবদ্ধতাৰ বিষয়ে উল্লেখ কৰা। (Mention two limitations of liberalism.)

উত্তৰঃ (ক) ধনীক শ্ৰেণীৰ আদৰ্শঃ ষোল্ল শতিকাত উদাৰতাবাদৰ উৎপত্তি হৈছিল ইউৰোপীয় সমাজত নতুনকৈ সৃষ্টি হোৱা উদ্যোগীক শ্ৰেণীটোৰ আদৰ্শ হিচাপে আৰু আজিও উদাৰতাবাদ ধনীক শ্ৰেণীৰ আদৰ্শ হৈয়েই আছে। উদাৰতাবাদে আজিও পুঁজিবাদী ব্যৱস্থাৰ বাবে সুবিধাজনক আর্থ-সামাজিক, ৰাজনৈতিক ব্যৱস্থা আৰু পৰিবেশৰ সৃষ্টি কৰে। ই ব্যক্তিগত সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰি তথা সমাজবাদী আৰ্থ-সামাজিক ব্যৱস্থাৰ বিৰোধিতা কৰি পুঁজিবাদী ব্যৱস্থা চলি থকাৰ সুবিধা কৰি দিয়ে।

(খ) ৰক্ষণশীল আদৰ্শঃ উদাৰতাবাদৰ সৃষ্টি হৈছিল সামন্তবাদী সমাজ ব্যৱস্থাৰ গোড়ামিৰ প্রতিবাদকল্পে। কিন্তু কালক্ৰমত উদাৰতাবাদেই এটা ৰক্ষণশীল আদৰ্শত পৰিণত হ’ল। প্ৰচলিত গণতান্ত্রিক ব্যৱস্থাটোক স্থিৰতা প্ৰদান কৰাটোহে আধুনিক উদাৰতাবাদৰ মূল উদ্দেশ্য হৈ পৰিছে।

8। নৱ্য উদাৰতাবাদ কি? (What is neo-liberalism.)

উত্তৰঃ নৱ‍্য-উদাৰতাবাদৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়োৱা ৰাজনৈতিক চিন্তাবিদ ডেভিদ হার্ভেৰ মতে দ্বিতীয় মহাযুদ্ধৰ পিছৰ পৰা ১৯৭০ দশকলৈকে পশ্চিমীয়া পুঁজিবাদী ৰাষ্ট্ৰবোৰে (সাম্যবাদী ৰাষ্ট্ৰবোৰৰ অৰ্থ ব্যৱস্থাক বাদ দি) মার্কিন ডলাৰক ধ্ৰুৱক হিচাপে লৈ এনে এটা অর্থ-ব্যৱস্থা গঢ়ি তুলিছিল যাৰ মূল উদ্দেশ্য আছিল ১৯৩০ ৰ দশকত বিশ্ব অর্থনীতিত সৃষ্টি হোৱা মহামন্দা অৱস্থাৰ পুনৰাবৃত্তি ঘটিব নিদিয়াটো। কিন্তু ১৯৭০ দশকৰ আৰম্ভণিতে এই অর্থ-ব্যৱস্থাটো নিৱনুৱা সমস্যা, মূলধন কেন্দ্রীভূত হোৱা, মুদ্রাস্ফীতি বৃদ্ধি হোৱা আদি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰে। এনে সন্ধিক্ষণতে দুটা সম্পূৰ্ণ বিপৰীতমুখী ধাৰণাৰ সমৰ্থক সকলৰ মাজত এটা দীঘলীয়া বিতৰ্ক আৰম্ভ হৈছিল। এটা পক্ষই সামাজিক গণতন্ত্ৰ আৰু কেন্দ্ৰীয় পৰিকল্পনাত বিশ্বাস কৰাৰ বিপৰীতে আনটো পক্ষই বজাৰক ৰাষ্ট্ৰৰ সমাজ হস্তক্ষেপৰ পৰা মুক্ত কৰি এটা সম্পূর্ণ প্রতিদ্বন্দিতামূলক বিশ্ব অর্থ ব্যৱস্থা গঢ় দিয়াৰ পক্ষপাতী আছিল। এই বিতৰ্কত শেষৰটো দৃষ্টিভংগীৰ সমৰ্থকসকলে শেষ হাঁহি মাৰিছিল আৰু পুঁজিবাদী ৰাষ্ট্ৰবোৰে নৱ‍্য-উদাৰতাবাদক আকোৱালি লৈছিল।

ইংলেণ্ডৰ প্ৰাক্তণ প্রধানমন্ত্রী মাৰ্গাৰেট থ্ৰেচাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰ’ণাল্ড বিগানে ব্যৱসায় বাণিজ্যত থকা সকলো ধৰণৰ চৰকাৰী বাধা নিষেধ বিলোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছৰে পৰা বিশ্বত নৱ‍্য-উদাৰতাবাদে ব্যাপক প্ৰসাৰ লাভ কৰে। ছোভিয়েট মহাসংঘৰ পতন আৰু পূৱ ইউৰোপীয় সমাজবাদী ৰাষ্ট্ৰবোৰেও পুঁজিবাদী ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত নৱ্য-উদাৰতাবাদ প্রকৃতপক্ষেই সমগ্র বিশ্বৰে অর্থনৈতিক আদর্শত পৰিণত হয়। দীৰ্ঘদিনীয়া আর্থিক সংকটৰ জোৰা মাৰিবলৈ পূৰ্ব্বৰ সমাজবাদী ৰাষ্ট্ৰবোৰেও বজাৰক ৰাষ্ট্ৰৰ হস্তক্ষেপৰ পৰা মুক্ত কৰাৰ প্ৰচেষ্টা হাতত লোৱা আৰু নিজৰ ৰাষ্ট্ৰখনক বিদেশী বিনিয়োগৰ আকৰ্ষণীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰাৰ পিছত নৱ‍্য-উদাৰতাবাদী অর্থনীতিয়েই বিশ্ব অর্থনীতিৰ আৰ্হি হৈ পৰে।

নৱ্য উদাৰতাবাদ যিমান দূৰলৈ এটা ৰাজনৈতিক আদর্শ তাতোকৈ বহু বেছি দূৰলৈ এটা অৰ্থনৈতিক আদর্শ। ফেইডৰিখ হায়েক (F. A. Hayek ), মিল্টন ফ্রাইডমেন (Milton Friedman) আৰু ৰবাৰ্ট নজীক (Robert Nozick) হ’ল নৱ‍্য উদাৰতাবাদৰ মুখ্য প্ৰৱক্তা।

৫। দ্বন্দাত্মক বস্তুবাদ কি? (What is Dialectical Materialism?)

উত্তৰঃ দ্বন্দাত্মক বস্তুবাদ তত্ত্ব মার্ক্সবাদৰ এটা অন্যতম গুৰুত্বপূর্ণ আধাৰ। দ্বন্দ (Dialect) ৰ ধাৰণাটো অৱশ্যে মার্ক্সৰ নিজা নাছিল আৰু ‘Dialectical Materialism’ (দ্বন্দাত্মক বস্তুবাদ) পৰিভাষাটোও মার্ক্সে ব্যৱহাৰ কৰা নাছিল। ৰাছিয়াৰ ৰাজনৈতিক তাত্ত্বিক প্লেখানভেই এই পৰিভাষাৰ ব্যৱহাৰ কৰিছিল। মার্ক্সে দ্বন্দ (Dialect) ৰ ধাৰণাটো হেগেল (W.F. Hegel) পৰা ধাৰ কৰিছিল। হেগেলৰ মতে, আদর্শ বা ধাৰণা (Ideas) ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই দন্দাত্মক প্ৰক্ৰিয়াৰ মাজেৰে মানৱ সভ্যতাৰ বিকাশ ঘটে। মার্ক্সে হেগেলৰ পৰা এটা দ্বন্দৰ ধাৰণা লাভ কৰিলেও তেওঁ হেগেলৰ এই ধাৰণাৰ পৰিৱৰ্তনো কৰিছিল। মার্ক্সৰ মতে ধাৰণা বা আদর্শ (ideas) নহয়, বৰং বস্তুক কেন্দ্ৰ কৰি মানৱ সমাজত সৃষ্টি হোৱা দ্বন্দইহে সভ্যতাৰ বিকাশ ঘটায়। অর্থাৎ হেগেলে ধাৰণা বা আদর্শক গুৰুত্ব দিয়াৰ বিপৰীতে মার্ক্সে সমাজৰ বস্তুগত দিশটোৰ ওপৰত গুৰুত্ব দিছিল। মার্ক্সৰ মতে “It is not the consciousness of men that determines that being, but on the contrary their social being that determines their consciousness.”

এনেদৰে মার্ক্সে সমাজৰ বস্তুবাদী দিশটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি হেগেলৰ দ্বন্দৰ ধাৰণাটোৰ মৌলিক পৰিবৰ্তন ঘটাই এই তত্ত্বক ইতিহাসৰ বস্তুবাদী ব্যাখ্যা তত্ত্বৰ আধাৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল।

৬। মার্ক্সৰ মতে ৰাষ্ট্ৰ কিয় এটা অস্থায়ী অনুষ্ঠান? (Why the state is a temporary event according to Marx.) 

উত্তৰঃ মার্ক্সৰ মতে ৰাষ্ট্ৰ এটাৰ প্ৰাকৃতিক আৰু প্ৰয়োজনীয় অনুষ্ঠান নহয়। ৰাষ্ট্ৰ হ’ল এটা শ্রেণী সংগঠন। পুঁজিবাদী উৎপাদনী ব্যৱস্থাত পুঁজিপতি শ্ৰেণীটোক সুৰক্ষা প্ৰদান কৰিবলৈ ৰাষ্ট্ৰৰ জন্ম হৈছিল আৰু ৰাষ্ট্ৰহ সদায়েই বিভিন্ন আইন, নীতি, অনুষ্ঠানৰ আদিৰ সৃষ্টি কৰিব পুঁজিবাদী শ্ৰেণীটোক সুৰক্ষা দিয়ে আৰু শ্ৰমিক শ্ৰেণীটোক শোষণ কৰাৰ সুবিধা কৰি দিয়ে। সেয়েহে কমিউনিষ্ট মেনিফেষ্টোত মার্ক্সে ৰাষ্ট্ৰক ‘executive committee of the bourgeoisie’ বুলি অভিহিত কৰিছিল।

মার্ক্সৰ মতে ৰাষ্ট্ৰ নামৰ অনুষ্ঠানটো জনগণৰ ইচ্ছাৰ ওপৰত নহয়, বৰং হিংসা-সন্ত্ৰাসৰ ওপৰত ভিত্তি কৰিহে বৰ্তী থাকে। আৰক্ষী, সামৰিক বাহিনী, আইন-আদালত আদিৰ দৰে অনুষ্ঠানৰ জৰিয়তে ৰাষ্ট্ৰই সমাজত শক্তিৰ প্রয়োগ কৰে আৰু শক্তি প্রয়োগ কৰি হ’লেও পুঁজিপতি শ্ৰেণীক সুৰক্ষা দিয়ে আৰু শোষণেৰে পৰিপূৰ্ণ পুঁজিবাদী ব্যৱস্থা চলি থকাৰ সুবিধা কৰি দিয়ে। মার্ক্সৰ মতে ৰাষ্ট্ৰ এটা অস্থায়ী অনুষ্ঠান। ৰাষ্ট্ৰ হ’ল শ্রেণী সংগ্ৰামৰ ফচল। সেই হিচাপে ৰাষ্ট্ৰ এটা শ্ৰেণী অনুষ্ঠান। সমাজৰ পৰা যেতিয়াই শ্ৰেণী নাইকিয়া হৈ যাব ৰাষ্ট্ৰও তেতিয়াই নাইকিয়া হৈ যাব। অর্থাৎ পুঁজিবাদী ব্যৱস্থাৰ বিৰুদ্ধে যেতিয়াই শ্রমিক শ্রেণী সংঘবদ্ধ হৈ বিপ্লৱ কৰিব তেতিয়াই পুঁজিবাদৰ পতন ঘটিব আৰু সমাজবাদৰ সৃষ্টি হ’ব। পুঁজিবাদৰ পতনৰ লগে লগে সমাজৰ পৰা শ্ৰেণী নাইকিয়া হৈ যাব আৰু ইয়াৰ লগে লগে ৰাষ্ট্ৰও নাইকিয়া হৈ যাব। অৱশ্যে মার্ক্সৰ মতে ৰাষ্ট্ৰক সমাজৰ পৰা সম্পূৰ্ণৰূপে উভালি পেলাবৰ বাবে বিপ্লবৰ প্ৰয়োজন হ’ব।

৭। শ্রেণীসংগ্ৰাম কি? (What is class-conflict.)

উত্তৰঃ মার্ক্সৰ শ্ৰেণী সংগ্রাম তত্ত্বটো ইতিহাসৰ বস্তুবাদী ব্যাখ্যা তত্ত্বৰ লগত অংগাংগীভাৱে জড়িত। মার্ক্সৰ মতে উৎপাদনী প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি সমাজত দুটা পৰস্পৰ বিৰোধী শ্ৰেণীৰ সৃষ্টি হয়- থকা শ্রেণী (Haves) আৰু নথকা শ্রেণী (Have nots)। থকা শ্ৰেণীৰ হাতত উৎপাদনৰ আহিলাসমূহ থকাৰ সুবাদত আৰু নথকা শ্ৰেণীটোৰ হাতত শ্ৰমৰ বাহিৰে আন একো নথকাৰ সুযোগত থকা শ্ৰেণীটোৱে নথকা শ্ৰেণীটোক শোষণ কৰি যাৰ বাবে এই দুয়োটা শ্ৰেণীৰ মাজত শ্ৰেণী সংঘাতে দেখা দিয়ে। মার্ক্সৰ মতে এই শ্রেণী সংগ্রামেই আছিল ইতিহাসৰ মূল চালিকা শক্তি। এই শ্ৰেণী সংগ্ৰামৰ ফলতে পুৰণি সমাজ ব্যৱস্থা ভাঙি গৈছিল আৰু নতুন সমাজ ব্যৱস্থাৰ সৃষ্টি হৈছিল। প্ৰাচীন যুগত ‘ক্রীতদাস’ আৰু ‘দাস প্ৰভুৰ মাজত সৃষ্টি হোৱা সংঘর্ষ, সামন্তবাদী ব্যৱস্থাত ভূ-স্বামী’ আৰু ‘ভূমি-দাস’ৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই সেই সমাজ ব্যৱস্থা সমূহৰ পৰিৱৰ্তন ঘটিছিল। মার্ক্সৰ মতে বৰ্তমানৰ পুঁজিবাদী ব্যৱস্থাটো উৎপাদন আহিলাক কেন্দ্ৰ কৰি দুটা শ্ৰেণীৰ সৃষ্টি হয়- পুঁজিপতি আৰু শ্রমিক। পুঁজিপতি শ্ৰেণীৰ হাতত উৎপাদনৰ আহিলা সমূহৰ মালিকীস্বত্ব থকাৰ বাবে এই শ্ৰেণীটোৱে শ্ৰমিক শ্রেণীক শোষণ কৰে। মার্ক্সে দাবী কৰিছিল যে এই দুয়োটা শ্ৰেণীৰ মাজত চলা সংঘৰ্ষই পুঁজিবাদী ব্যৱস্থাৰ পতন ঘটাব আৰু সমাজবাদৰ প্ৰতিষ্ঠা হ’ব।

এনেদৰে মার্ক্সৰ মতে, ইতিহাস আন একো নহয়– ই হ’ল শ্রেণী সংগ্ৰামৰ ইতিহাস। তেওঁৰ নিজৰ ভাষাত “The history of all hitherto existing society is the history of class struggle; freeman and slave, patrician and plebeian, lord and serf, guild master and journeyman, in a word, oppressor and oppressed.” “সৰ্বকালৰ বিদ্যমান সমাজৰ এই ইতিহাসটো হ’ল শ্ৰেণী সংগ্রাম সুবিধাভোগী মানুহ আৰু ক্রীতদাস, অভিজাত শ্ৰেণী আৰু সৰ্বসাধাৰণ, প্ৰভু আৰু ক্রীতদাস, সমবায় সংঘ আৰু মজদুৰ এক কথাত অত্যাচাৰী আৰু নিপীড়িত।”

৮। সনাতন উদাৰতাবাদৰ মূল নীতিসমূহ আলোচনা কৰা। (Discuss the main principles of traditional liberalism.) 

উত্তৰঃ উদাৰতাবাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে কৰা অধ্যয়নে ইয়াৰ কিছুমান মূল নীতিৰ বিষয়ে ইংগিত কৰে। তলত সনাতন উদাৰতাবাদৰ কিছুমান মূল নীতিৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছে—

(ক) স্বাধীনতা (Liberty): বৃটিছ ৰাজনৈতিক চিন্তাবিদ এল. টি. হবহাউছে (L. T. Hobhouse) তেওঁৰ ‘Liberalism’ নামৰ গ্ৰন্থখনত সনাতন উদাৰতাবাদৰ কিছুমান মূল নীতিৰ বিষয়ে আলোচনা কৰিছিল। সেই নীতিবোৰ হ’ল– নাগৰিক স্বাধীনতা, আর্থিক স্বাধীনতা, ব্যক্তি স্বাধীনতা, সামাজিক স্বাধীনতা, ৰাজনৈতিক স্বাধীনতা, জনসার্বভৌমত্ব আদি। হবহাউছৰ এই নীতি সমূহৰ কেন্দ্ৰ বিন্দু আছিল স্বাধীনতা, প্রকৃততে স্বাধীনতাক কেন্দ্ৰ কৰিয়েই উদাৰতাবাদৰ উৎপত্তি হৈছিল। ব্যক্তিত্বৰ বিকাশ আৰু সৰ্বাংগীন মংগলৰ অৰ্থে ব্যক্তিক জীৱনৰ সকলো ক্ষেত্ৰতে সর্বাধিক স্বাধীনতা প্ৰদান কৰা তথা এনে স্বাধীনতাৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় নীতি, অনুষ্ঠান আদি সৃষ্টি কৰাটো উদাৰতাবাদৰ মূল লক্ষ্য।

(খ) ব্যক্তিবাদ: ব্যক্তিবাদ সনাতন উদাৰতাবাদৰ আন এটা মূল আধাৰ আছিল। ৰাষ্ট্ৰৰ উৎপত্তি বিষয়ক সামাজিক চুক্তি তত্ত্বই ব্যক্তিক ৰাষ্ট্ৰ আৰু ৰাজনীতিৰ মধ্যমণি হিচাপে প্রতিষ্ঠা কৰিছিল। অৱশ্যে সামাজিক চুক্তি তত্ত্বৰ পৃষ্ঠপোষক টমাচ্ হছ, জন ল’ক আৰু কাছাৰ তুলনাত ব্যক্তিবাদৰ স্পষ্ট প্রকাশ ঘটিছিল উপযোগিতাবাদী দার্শনিক জেৰেমি বেছাম আৰু জেমছ মিলৰ হাতত। ১৯ শতিকাত ইউৰোপত সৃষ্টি হোৱা এই মতবাদে ব্যক্তিক নিজৰ লগতে সমাজৰ মংগলৰ বিষয়ে চিন্তা কৰিব পৰা তথা যুক্তি-বুদ্ধি সম্পন্ন বুলি বিবেচনা কৰে আৰু ব্যক্তিৰ কোনো কামত ৰাষ্ট্ৰৰ কোনো ধৰণৰ হস্তক্ষেপ সমৰ্থন নকৰে। ইয়াৰোপৰি ব্যক্তিবাদে ব্যক্তিৰ প্রকৃতি প্রদত্ত অধিকাৰবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি এনে অধিকাৰত ৰাষ্ট্ৰৰ হস্তক্ষেপৰ বিৰোধিতা কৰে। হার্বাট স্পেনচাৰ, আডাম স্মিথ আদিৰ দৰে চিন্তাবিদ চিন্তাধাৰাইয়ো ব্যক্তিবাদক দৃঢ় ভিত্তি প্ৰদান কৰিছিল। জন ষ্টুৱাৰ্ট মিল ব্যক্তিবাদৰ ঘোৰ সমৰ্থক আছিল।

(গ) অবাধ প্ৰতিযোগিতাৰ ধাৰণা: সনাতন উদাৰতাবাদে সমাজত অবাধ প্রতিযোগিতাৰ সমৰ্থন কৰিছিল। প্ৰকৃততে চৰম ব্যক্তিবাদেই সমাজত অবাধ প্রতিযোগিতাৰ জন্ম দিছিল। হার্বাট স্পেনচাৰৰ ‘যোগ্য ভোগ্য বসুন্ধৰা’ (Survival of the fittest) নীতিয়ে এহাতে সমাজত চলা অবাধ প্রতিযোগিতাক যুক্তিযুক্ততা প্ৰদান কৰে আৰু আনহাতে প্রতিযোগিতা তীব্ৰতৰ কৰি তোলে। তেওঁ জীৱ-জগতৰ উদাহৰণেৰে এইটো প্ৰমাণ কৰিছিল যে মানৱ সমাজত চলা প্রতিযোগিতা এটা নিতান্তই প্রাকৃতিক পৰিঘটনা- যি সমাজৰ পৰা এলেহুৱা তথা দুৰ্বল শ্ৰেণীটোক নাইকিয়া কৰি এখন সুস্থ সবল সমাজ সৃষ্টিত সহায় কৰে। গতিকে স্পেনচাৰৰ মতে ৰাষ্ট্ৰই কেতিয়াও সমাজত চলা প্রতিযোগিতাত হস্তক্ষেপ কৰা অনুচিত কাৰণ ৰাষ্ট্ৰৰ হস্তক্ষেপে প্রাকৃতিক সত্তলন বিনষ্ট কৰে। এনেদৰে সনাতন উদাৰতাবাদে সমাজত অবাধ প্রতিযোগিতাৰ সমৰ্থন কৰে।

(ঘ) সীমিত ৰাষ্ট্ৰৰ ধাৰণা: সীমিত ৰাষ্ট্ৰৰ ধাৰণা সনাতন উদাৰতাবাদৰ আন এটা গুৰুত্বপূৰ্ণ আধাৰ আছিল। প্ৰকৃততে অবাধ ব্যক্তি স্বাধীনতা আৰু সমাজত চলা মুক্ত প্রতিযোগিতাৰ সুৰক্ষা প্ৰদানৰ বাবেই সীমিত ৰাষ্ট্ৰৰ প্ৰয়োজন হৈছিল। জন ল’কেই পোন প্ৰথমে সীমিত ৰাষ্ট্ৰৰ ধাৰণা প্ৰতিষ্ঠা কৰিছিল। ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য নিৰূপণ কৰি, জনগণৰ প্ৰকৃতি প্রদত্ত অধিকাৰ মূলতঃ জীৱন, সম্পত্তি আৰু স্বাধীনতাৰ অধিকাৰত ৰাষ্ট্ৰই হস্তক্ষেপ কৰা অনুচিত বুলি যুক্তি দিছিল। 

এই অধিকাৰবোৰৰ সুৰক্ষাৰ দায়িত্ব ৰাষ্ট্ৰক অর্পণ কৰি আৰু লগতে প্রতিনিধিত্বমূলক সাংবিধানিক শাসন ব্যৱস্থাৰ প্রৱৰ্তনৰ পোষকতা কৰি জন ল’কে সীমিত ৰাষ্ট্ৰৰ দৃঢ় ভিত্তি গঢ়ি তুলিছিল। জন লকে প্রতিষ্ঠা কৰা সীমিত ৰাষ্ট্ৰ ধাৰণাক পিছৰ পৰ্য্যায়ত মন্টেস্ক্যু আৰু বেন্থামৰ দৰে চিন্তাবিদে আগবঢ়াই নিছিল। মুঠৰ ওপৰত উদাৰতাবাদৰ বিকাশৰ প্রথমছোৱাত ৰাষ্ট্ৰক কেৱল নৈশ প্ৰহৰীৰ ভূমিকা পালন কৰিবলৈ দিয়া হৈছিল। ৰাষ্ট্ৰৰ দায়িত্ব আছিল নাগৰিকৰ প্ৰাকৃতিক অধিকাৰসমূহৰ ৰক্ষণাবেক্ষণ দিয়া, বহিঃ শত্ৰুৰ আক্ৰমণৰ পৰা দেশক ৰক্ষা কৰা আৰু আভ্যন্তৰীণ শাস্তি-শৃংখলা ৰক্ষা কৰা।

(ঙ) অৰ্থনৈতিক ক্ষেত্ৰত ৰাষ্ট্ৰৰ অহস্তক্ষেপ নীতি (Laissez fair policy): অতি ব্যক্তিবাদী ধ্যান-ধাৰণা, অবাধ প্ৰতিযোগিতা আৰু সীমিত ৰাষ্ট্ৰৰ ধাৰণাৰ পৰিণতিস্বৰূপে ব্যৱসায়ত ৰাষ্ট্ৰৰ অঃহস্তক্ষেপ নীতিৰ সৃষ্টি হৈছিল। আডাম স্মিথ, ডেভিড ৰিকার্ডো, ৰবাৰ্ট মালথাচ আদিৰ দৰে অৰ্থনীতিবিদৰ পৃষ্ঠপোষকতাত সনাতন উদাৰতাবাদৰ আৰ্থিক দিশটো গঢ় লৈ উঠিছিল। এই অর্থনীতিবিদ সকলে বজাৰক এটা স্ব-নিয়ন্ত্রিত অনুষ্ঠান বুলি ভাবিছিল আৰু সেয়েহে বজাৰত ৰাষ্ট্ৰৰ কোনো ধৰণৰ হস্তক্ষেপ সমৰ্থন কৰা নাছিল। তেওঁলোকে আর্থিক বিষয়ত মুক্ত প্রতিযোগিতা, মুক্ত বাণিজ্য আৰু বজাৰত ৰাষ্ট্ৰৰ অহস্তক্ষেপ নীতিৰ সমৰ্থন কৰিছিল। তেওঁলোকৰ মতে সম্পত্তিৰ অধিকাৰ ব্যক্তিৰ এটা প্ৰকৃতি প্রদত্ত অধিকাৰ– য’ত ৰাষ্ট্ৰৰ হস্তক্ষেপ অনুচিত। ব্যবসায়ীয়ে নিজৰ স্বার্থ ভালকৈ বুজে আৰু তেওঁক নিজৰ মতে কাম কৰাৰ সুবিধা দিব লাগে, তেতিয়াহে ব্যবসায়িৰে৷ সম্পদ বাঢ়িব আৰু ৰাষ্ট্ৰৰ সম্পদও বৃদ্ধি হ’ব। ইয়াৰোপৰি বজাৰত চলা মুক্ত প্রতিযোগিতাই সামগ্ৰীৰ দৰ, মজুৰি আদি সঠিকভাবে নির্ণয়। কৰিব। এনেদৰে বজাৰত ৰাষ্ট্ৰৰ অহস্তক্ষেপ নীতি সনাতন উদাৰতাবাদৰ এটা মূল আধাৰ হৈ পৰিছিল।

(চ) প্রাকৃতিক অধিকাৰৰ ধাৰণা: প্রাকৃতিক অধিকাৰৰ ধাৰণা সনাতন উদাৰতাবাদৰ আন এটা গুৰুত্বপূৰ্ণ নীতি আছিল। উদাৰতাবাদৰ আৰম্ভণি সময়চোৱাত প্ৰাকৃতিক অধিকাৰৰ ধাৰণাই সমাজ আৰু ৰাজনীতিত ব্যাপক প্রভাৱ পেলাইছিল। টাচ্ হবছ, জন ল’ক আৰু কছাৰ দৰে সামাজিক চুক্তি তত্ত্বৰ পৃষ্ঠপোষকসকলে ৰাষ্ট্ৰ সৃষ্টিৰ পূৰ্বে মানুহে প্রকৃতি ৰাজ্যত বসবাস কৰিছিল আৰু এই প্ৰকৃতি ৰাজ্যতে মানুহে প্রাকৃতিক অধিকাৰবিলাক উপভোগ কৰিছিল বুলি উল্লেখ কৰি প্ৰাকৃতিক অধিকাৰবোৰক ৰাষ্ট্ৰতকৈও পুৰণি হিচাপে চিহ্নিত কৰিছিল। জন ল’কে তিনি ধৰণৰ প্ৰাকৃতিক অধিকাৰৰ কথা উল্লেখ কৰিছিল- জীৱনৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ আৰু স্বাধীনতাৰ অধিকাৰ। ল’ক আৰু সেই সময়ৰ অন্য ৰাজনৈতিক চিন্তাবিদে ব্যক্তিৰ প্রাকৃতিক অধিকাৰবোৰত ৰাষ্ট্ৰই হস্তক্ষেপ কৰিব নোৱাৰে বুলি ভাবিছিল। তেওঁলোকৰ মতে ব্যক্তিব প্রকৃতি প্রদত্ত অধিকাৰবোৰৰ সুৰক্ষাৰ বাবেহে ৰাষ্ট্ৰৰ সৃষ্টি কৰা হৈছে। এনেদৰে উদাৰতাবাদৰ বিকাশৰ প্ৰাৰম্ভিক সময়ত প্ৰাকৃতিক অধিকাৰৰ ধাৰণাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

৯। আধুনিক উদাৰতাবাদৰ আধাৰসমূহৰ বিষয়ে ব্যাখ্যা কৰা। (Explain the basics of modern liberalism.) 

উত্তৰঃ আধুনিক বা সকাৰাত্মক উদাৰতাবাদ মূলতঃ ব্যক্তিবাদ, গণতন্ত্র, সমাজবাদ আৰু ইংৰাজ আদর্শবাদৰ এটা সুন্দৰ সংমিশ্রণ। কুৰি শতিকাত উদাৰতাবাদে কল্যাণকামী ৰাষ্ট্ৰৰ ৰূপ ধাৰণ কৰিছিল। বৰ্তমান সময়ত পশ্চিমৰ উদাৰতাবাদী ৰাষ্ট্ৰবোৰক কল্যাণকামী ৰাষ্ট্ৰ বুলি আখ্যা দিয়া হয়। ইয়াৰোপৰি কুৰি শতিকাত গণতন্ত্ৰৰ উত্থানে উদাৰতাবাদক যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছিল আৰু উদাৰতাবাদ আৰু গণতন্ত্ৰৰ সংমিশ্ৰণত উদাৰ গণতন্ত্ৰৰ সৃষ্টি হৈছিল।

তলত উদাৰ গণতন্ত্ৰৰ কিছুমান মূল বৈশিষ্ট্য উল্লেখ কৰা হ’ল—

(ক) মুক্ত সমাজঃ আধুনিক উদাৰতাবাদে এখন মুক্ত সমাজ ব্যৱস্থাৰ পোষকতা কৰে। সকলো ব্যক্তিকে সমানে প্রদান কৰা স্বাধীনতা আৰু অধিকাৰৰ ভিত্তিৰ এখন স্বাধীন মুক্ত সমাজ সৃষ্টি কৰাটোত উদাৰতাবাদে দৃঢ়ভাৰে বিশ্বাস কৰে ।

(খ) যোগাত্মক স্বাধীনতাঃ স্বাধীনতা সনাতন উদাৰতাবাদৰোআধাৰ আছিল আৰু আধুনিক উদাৰতাবাদৰো এটা গুৰুত্বপূর্ণ আধাৰ হৈয়ে থাকিল। অৱশ্যে স্বাধীনতাৰ ব্যাখ্যা সলনি হ’ল। আৰু সনাতন উদাৰতাবাদে স্বাধীনতাক বাধাহীনতা হিচাপে ব্যাখ্যা কৰিছিল। কিন্তু আধুনিক উদাৰতাবাদে স্বাধীনতা মানে বাধাহীনতাক নুবুজায়। সমাজৰ কল্যাণৰ উদ্দেশ্যে বাষ্ট্ৰই ব্যক্তিৰ স্বাধীনতাত হস্তক্ষেপ কৰাৰ অধিকাৰ স্বীকাৰ কৰা হ’ল। এনেদৰে যোগাত্মক স্বাধীনতাৰ ধাৰণা আৰম্ভ হ’ল আৰু ই আধুনিক উদাৰতাবাদৰ এটা আধাৰ হৈ পৰিল।

(গ) ৰাষ্ট্ৰ কল্যাণকামী অনুষ্ঠানঃ সনাতন উদাৰতাবাদে ৰাষ্ট্ৰক এটা প্রয়োজনীয় অশুভ অনুষ্ঠান হিচাপে গণ্য কৰিছিল। ইয়াৰ বিপৰীতে আধুনিক উদাৰতাবাদে ৰাষ্ট্ৰক এটা কল্যাণকামী অনুষ্ঠান হিচাপে গঢ় দিছিল। জনগণৰ কল্যাণৰ অৰ্থে ৰাষ্ট্ৰই সকলো কামৰ দায়িত্ব পালন কৰিবলগীয়া হৈছিল। দৰিদ্ৰতা নিৰ্মূল কৰা, শিক্ষা আৰু জনস্বাস্থ্যৰ সু-ব্যৱস্থা কৰা, আৰ্থ-সামাজিক অসমতা দূৰ কৰাকে আদি কৰি সমস্ত দায়িত্ব ৰাষ্ট্ৰৰ কান্ধত অৰ্পণ কৰি ৰাষ্ট্ৰক এটা জনকল্যাণৰ অনুষ্ঠান হিচাপে সৃষ্টি কৰা হৈছিল আৰু ইয়াৰ লগে লগে কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা গঢ় লৈ উঠিছিল।

(ঘ) সমতাঃ আধুনিক উদাৰতাবাদে সমতাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে। প্ৰকৃততে সমতা আৰু স্বাধীনতা এটা আনটোৰ পৰিপূৰক। সমতা নোহোৱাকৈ স্বাধীনতা এক প্ৰকাৰে অৰ্থহীন হৈ পৰে। সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সমাজত সমতা প্ৰতিষ্ঠাৰ লক্ষ্যৰে আধুনিক উদাৰতাবাদে গতি কৰিছিল। অর্থনৈতিক ক্ষেত্ৰত পূৰ্বতে থকা চৰম প্রতিযোগিতাৰ অন্ত পেলোৱা হৈছিল। সমাজৰ দুখীয়া শ্ৰেণীৰ লোকৰ বাবে জীৱন ধাৰণৰ ন্যূনতম সুবিধাসমূহ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰোপৰি ধনীক শ্ৰেণীৰ ওপৰত কৰ আৰোপ কৰি সেই ধন জনকল্যাণৰ বাবে খৰচ কৰাৰ ব্যৱস্থা কৰা হৈছিল। সমাজত সকলোকে সমমর্য্যাদা প্রদান তথা সাৰ্ব্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ব্যৱস্থা কৰি সামাজিক আৰু ৰাজনৈতিক সমতা প্রতিষ্ঠাৰ চেষ্টা কৰা হৈছিল।

(5) গণতন্ত্রত বিশ্বাসীঃ আধুনিক উদাৰতাবাদে সাংবিধানিক গণতন্ত্ৰত বিশ্বাস কৰে। কুৰি শতিকাত সমগ্ৰ বিশ্বতে গণতন্ত্ৰৰ যি ঢৌৰ সৃষ্টি হৈছিল তাৰ হেঁচাত উদাৰতাবাদ উদাৰ গণতন্ত্ৰলৈ ৰূপান্তৰিত হ’ল। স্বাধীনতা, সমতা আদিৰ দৰে গণতান্ত্রিক উপাদানৰ লগত সাংবিধানিক শাসন ব্যৱস্থা, সাৰ্ব্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ, মুক্ত প্ৰতিযোগিতামূলক নির্বাচন ব্যৱস্থা, ৰাজনৈতিক দল আৰু প্ৰভাৱ গোষ্ঠীৰ উপস্থিতি, স্বাধীন নিলপেক্ষ ন্যায়পালিকা, নাগৰিকৰ বাবে মৌলিক অধিকাৰৰ নিশ্চয়তা প্রদান আদিৰ দৰে ব্যৱস্থা হৈছে আধুনিক উদাৰ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বৈশিষ্ট্য।

(চ) ক্রমবিবর্তনমূলক পৰিৱৰ্তনঃ আধুনিক উদাৰতাবাদে ক্রমবিবর্তনমূলক পৰিৱৰ্তনত বিশ্বাস কৰে। গণতান্ত্রিক উপায়েৰে সাংবিধানিকভাবে হোৱা পৰিৱৰ্তনে সমাজত বিশৃংখলতাৰ সৃষ্টি নকৰে। গতিকে এনে পৰিৱৰ্তন সকলোৰে কাম্য। ইয়াৰোপৰি সামাজিক সংস্কাৰৰ যোগেৰে অহা পৰিৱৰ্তন দীর্ঘস্থায়ীও হয়। গতিকে উদাৰতাবাদৰ বৈপ্লৱিক পৰিৱৰ্তনৰ সলনি ক্রমবিৱর্তনমূলক পৰিৱৰ্তনহে বিশ্বাসী।

(ছ) বহুত্ববাদত বিশ্বাসীঃ আধুনিক উদাৰতাবাদে বহুত্ববাদত বিশ্বাস কৰে। সমাজ ব্যক্তিৰে গঠিত। প্রত্যেক ব্যক্তিয়ে বিভিন্ন কাৰণত আনজনৰ পৰা পৃথক। জাতি, বৰ্ণ, ধৰ্ম, ভাষা, লিংগ আদি বিভিন্ন ভিত্তিত মানুহৰ মাজত বিভিন্নতা তথা পৃথকচিন্তাধাৰা বা পৃথক দৃষ্টিভংগীৰ জন্ম হয়। এই সকলো ধৰণৰ পৃথকতাক স্বীকাৰ কৰিও ৰাষ্ট্ৰই সকলোকে সমান মর্য্যাদা দিব লাগিব, সকলোকে বিকাশৰ সমান সুযোগ-সুবিধা প্রদান কৰিব লাগিব।

চমুকৈ ক’বলৈ হ’লে আধুনিক উদাৰতাবাদ হ’ল পশ্চিমৰ উদাৰ গণতান্ত্ৰিক ৰাষ্ট্ৰবোৰৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক দর্শন। গণতান্ত্রিক আদর্শ আৰু কল্যাণকামী ৰাষ্ট্ৰৰ প্ৰলেপ সানি সনাতন উদাৰতাবাদক আধুনিক উদাৰতাবাদৰ ৰূপ দিয়া হৈছে যদিও ইয়াৰ মাজত এতিয়াও পুঁজিবাদী দৰ্শনৰ উপস্থিতি দেখা পোৱা যায়। আজি একবিংশ শতিকাত উদাৰতাবাদে কল্যাণকামী ৰাষ্ট্ৰ, উদাৰীকৰণ, ব্যক্তিগতকৰণ, বজাৰ অৰ্থনীতি, ক্ষমতাৰ বাবে মুক্ত প্রতিযোগিতা, বাধাহীন আৰু তীব্ৰ প্ৰতিযোগিতামূলক ব্যৱসায়-বাণিজ্য, আইনসন্মত সামাজিক সুৰক্ষা, মানৱ অধিকাৰকে ধৰি সমস্ত দিশ সামৰি লয়।

১০। নৱ্য উদাৰতাবাদৰ বিষয়ে এটা চমু টোকা লিখা। (Write a short note on neo-liberalism.) 

উত্তৰঃ নৱ‍্য-উদাৰতাবাদ হ’ল সাম্প্ৰতিক সময়ৰ আৰ্থিক উদাৰতাবাদৰ লগত জড়িত এক চিন্তাধাৰা যিয়ে সাধাৰণতে গোলকীকৰণ প্ৰক্ৰিয়াক তান্বিত কৰিব বিচাৰে। নৱ‍্য-উদাৰতাবাদে বিশ্বৰ বাণিজ্য আৰু বজাৰ ব্যৱস্থাক ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰিব খোজাৰ লগতে ব্যক্তিগতখণ্ডৰ দক্ষতা বৃদ্ধি কৰা তথা বিশ্বৰ ৰাজনৈতিক আৰু অৰ্থব্যৱস্থাত ব্যক্তিগতখণ্ডৰ ভূমিকা বৃদ্ধি হোৱাটো বিচাৰে। এই আদৰ্শৰ সমৰ্থকসকলৰ মতে ৰাজহুৱা খণ্ডতকৈ ব্যক্তিগতখণ্ড বেছি কার্যদক্ষ। গতিকে তেওঁলোকে বিশ্বৰ অৰ্থ ব্যৱস্থাক ৰাজহুৱা খণ্ডৰ পৰা ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ হোৱাটো বিচাৰে। তেওঁলোকৰ মতে এনে হ’লে এখন বেছি কাৰ্যদক্ষ চৰকাৰৰ সৃষ্টি হ’ব– যি ৰাষ্ট্ৰৰ আৰ্থিক দিশটোকো টনকীয়াল কৰিব। নৱ‍্য-উদাৰতাবাদে ‘বাশিংটন সহমত’ত (Washington Consensus) বিশ্বাস কৰে। ৱাশ্বিংটন সহমত হ’ল জন উইলিয়ামচনে প্রস্তুত কৰা দহটা নীতি– যি কেইটাক ৱাশিংটন চহৰক ভিত্তি কৰি গঢ়ি উঠা আন্তঃৰাষ্ট্ৰীয় আর্থিক অনুষ্ঠান সমূহে (IMF, World Bank আদি) স্বীকাৰ কৰি লৈছে। চৰকাৰী ৰাজহ ঘাটি হ্রাস কৰা, ৰাজসাহায্য কৰ্তন কৰি ৰাজহুৱা খৰচ হ্ৰাস কৰা, বাণিজ্যৰ উদাৰীকৰণ কৰা, ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ কৰা আদি। এই নীতি সমূহৰ পৰা এটা কথা স্পষ্ট যে এটা আদর্শ হিচাপে নৱ্য-উদাৰতাবাদ ৰাজনৈতিক তত্ত্বৰ লগত যিমান জড়িত, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অৰ্থব্যৱস্থাৰ পুনৰ গঠনৰ লগত তাতোকৈ বেছিকৈ জড়িত।

১১। ন উদাৰতাবাদৰ বিপক্ষে কিছুমান যুক্তি দাঙি ধৰা? (Make some arguments against neo-liberalism?) 

উত্তৰঃ (ক) নৱ্য-উদাৰতাবাদে ৰাষ্ট্ৰৰ স্ব-নিয়ন্ত্ৰণৰ অধিকাৰ খৰ্ব কৰে।

(খ) নৱ্য-উদাৰতাবাদে সমাজত অসমতা বৃদ্ধি কৰে।

(গ) নৱ্য-উদাৰতাবাদে বহুজাতিক সংস্থাবোৰৰ সপক্ষে অৱস্থান কৰি এইবোৰৰ ক্ষমতা বৃদ্ধি কৰিছে। বৃহৎ ব্যৱসায়িক গোষ্ঠী সমূহৰ স্বাৰ্থ পূৰণ কৰি নৱ‍্য-উদাৰতাবাদে প্ৰকৃততে ধনীক শ্ৰেণীটোৰ স্বাৰ্থ পূৰণ কৰে আৰু সাধাৰণ জনগণৰ স্বাৰ্থক উপেক্ষা কৰে।

(ঘ) ৰাষ্ট্ৰৰ ক্ষমতা আৰু কাৰ্য্য পৰিধি সংকোচন কৰা তথা বহুজাতিক ব্যৱসায়িক গোষ্ঠীৰ ক্ষমতা বৃদ্ধি পোৱাৰ ফলত বজাৰত অ-নিয়ন্ত্রিত প্রতিযোগিতাৰ সৃষ্টি হ’ব। এনে প্ৰতিযোগিতাই শেষত প্রাকৃতিক সম্পদৰ ব্যৱহাৰ বৃদ্ধি কৰিব আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ শেষ পৰিণতি স্বৰূপে প্রাকৃতিক পৰিবেশ আৰু পৰিস্থিতি তন্ত্ৰ বিনষ্ট হ’ব। বৰ্তমান সময়ত ৰাষ্ট্ৰই পৰিবেশ আৰু পৰিস্থিতিতন্ত্ৰ সংৰক্ষণৰ কাৰণে চেষ্টা কৰি আছে যদিও ৰাষ্ট্ৰৰ ক্ষমতা আৰু কাৰ্য পৰিধি হ্রাস পালে এই দায়িত্ব পালনৰ বাবে কোনো কর্তৃপক্ষ নাথাকিব। এনে পৰিস্থিতি সমগ্ৰ মানৱ জাতিৰ বাবেই ভয়াবহ।

(ঘ) নৱ্য-উদাৰতাবাদীসকলে শ্ৰমৰ ক্ষেত্ৰখন ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰিব খোজে। ইয়াৰ ফলত শ্ৰমিকৰ স্থায়ী নিয়োগৰ সুবিধা হ্ৰাস পাব আৰু অস্থায়ী নিয়োগ বৃদ্ধি পাব। ইয়াৰোপৰি উদ্যোগীক দুর্ঘটনাও শ্রমিকৰ মৃত্যুৰ হাৰো বৃদ্ধি পাব। কিয়নো উদ্যোগ | প্রতিষ্ঠানবোৰ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হোৱাৰ লগে লগে, উদ্যোগ প্রতিষ্ঠানসমূহে যে এনে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে যথোপযুক্ত ব্যৱস্থা ল’ব তাৰ কোনো নিশ্চয়তা নাথাকিব। আনহাতে ব্যৱসায়িক লাভৰ উদ্দেশ্যে পৰিচালিত হোৱা উদ্যোগ প্রতিষ্ঠানবিলাকে এনে ক্ষেত্ৰবোৰত ধন খৰচ কৰাটোৱেই স্বাভাৱিক।

১২। নৱ্য-উদাৰতাবাদৰ উৎপত্তি আৰু বিকাশ সম্বন্ধে লিখা। (Write about the origin and development of neo-liberalism.)

উত্তৰঃ নৱ্য-উদাৰতাবাদৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়োৱা ৰাজনৈতিক চিন্তাবিদ ডেভিদ হার্ভেৰ মতে দ্বিতীয় মহাযুদ্ধৰ পিছৰ পৰা ১৯৭০ দশকলৈকে পশ্চিমীয়া পুঁজিবাদী ৰাষ্ট্ৰবোৰে (সাম্যবাদী ৰাষ্ট্ৰবোৰৰ অৰ্থ ব্যৱস্থাক বাদ দি) মার্কিন ডলাৰক প্ৰৱক হিচাপে লৈ এনে এটা অর্থ-ব্যৱস্থা গঢ়ি তুলিছিল যাৰ মূল উদ্দেশ্য আছিল ১৯৩০ ৰ দশকত বিশ্ব অর্থনীতিত সৃষ্টি হোৱা মহামন্দা অৱস্থাৰ পুনৰাবৃত্তি ঘটিব নিদিয়াটো। কিন্তু ১৯৭০ দশকৰ আৰম্ভণিতে এই অর্থ-ব্যৱস্থাটো নিৱনুৱা সমস্যা, মূলধন কেন্দ্রীভূত হোৱা, মুদ্রাস্ফীতি বৃদ্ধি হোৱা আদি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰে। এনে সন্ধিক্ষণতে দুটা সম্পূৰ্ণ বিপৰীতমুখী ধাৰণাৰ সমৰ্থক সকলৰ মাজত এটা দীঘলীয়া বিতৰ্ক আৰম্ভ হৈছিল। এটা পক্ষই সামাজিক গণতন্ত্ৰ আৰু কেন্দ্ৰীয় পৰিকল্পনাত বিশ্বাস কৰাৰ বিপৰীতে আনটো পক্ষই বজাৰক ৰাষ্ট্ৰৰ সমাজ হস্তক্ষেপৰ পৰা মুক্ত কৰি এটা সম্পূর্ণ প্রতিদ্বন্দিতামূলক বিশ্ব অর্থ ব্যৱস্থা গঢ় দিয়াৰ পক্ষপাতী আছিল। এই বিতৰ্কত শেষৰটো দৃষ্টিভংগীৰ সমৰ্থকসকলে শেষ হাঁহি মাৰিছিল আৰু পুঁজিবাদী ৰাষ্ট্ৰবোৰে নৱ‍্য-উদাৰতাবাদক আকোৱালি লৈছিল।

ইংলেণ্ডৰ প্ৰাক্তণ প্রধানমন্ত্রী মাৰ্গাৰেট থ্ৰেচাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰ’ণাল্ড ৰিগানে ব্যৱসায় বাণিজ্যত থকা সকলো ধৰণৰ চৰকাৰী বাধা নিষেধ বিলোপ কৰাব সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছৰে পৰা বিশ্বত নৱ্য উদাৰতাবাদে ব্যাপক প্ৰসাৰ লাভ কৰে। ছোভিয়েট মহাসংঘৰ পতন আৰু পূৱ ইউৰোপীয় সমাজবাদী ৰাষ্ট্ৰবোৰেও পুঁজিবাদী ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত নৱা উদাৰতাবাদ প্রকৃতপক্ষেই সমগ্র বিশ্বৰে অৰ্থনৈতিক আদৰ্শত পৰিণত হয়। দীৰ্ঘদিনীয়া আৰ্থিক সংকটৰ জোৰা মাৰিবলৈ পূৰ্ব্বৰ সমাজবাদী ৰাষ্ট্ৰবোৰেও বজাৰক ৰাষ্ট্ৰৰ হস্তক্ষেপৰ পৰা মুক্ত কৰাৰ প্ৰচেষ্টা হাতত লোৱা আৰু নিজৰ ৰাষ্ট্ৰখনক বিদেশী বিনিয়োগৰ আকৰ্ষণীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰাৰ পিছত নৱ্য উদাৰতাবাদী অর্থনীতিয়েই বিশ্ব অর্থনীতিৰ আৰ্হি হৈ পৰে।

নৱ্য উদাৰতাবাদ যিমান দূৰলৈ এটা ৰাজনৈতিক আদৰ্শ তাতোকৈ বহু বেছি দূৰলৈ এটা অৰ্থনৈতিক আদর্শ। ফেইডবিখ হায়েক (F. A. Hayek ), মিল্টন ফ্রাইডমেন (Milton Friedman) আৰু ৰবাৰ্ট নজীক (Robert Nozick) হ’ল নৱ‍্য উদাৰতাবাদৰ মূখ্য প্ৰৱৰ্ত্তা।

১৩৷ মার্ক্সৰ ইতিহাসৰ বস্তুবাদী তত্ত্বটোৰ সীমাবদ্ধতাসমূহ ব্যাখ্যা কৰা। (Explain the limitations of the materialist theory of Marx’s history?)

উত্তৰঃ মার্ক্সৰ ইতিহাসৰ বস্তুবাদী তত্ত্বটোৰ সীমাবদ্ধতাসমূহ হ’ল—

(ক) ইতিহাস কেৱল এটা কাৰকে নিৰ্ধাৰণ নকৰেঃ গিদিংছ, হব্‌হাউছ প্ৰমুখ্যে সমাজতাত্ত্বিকসকলে এই তত্ত্বটো পোনছাতেই নাকছ কৰিছে। তেওঁলোকৰ মতে, মার্ক্সে কোৱাৰ দৰে ইতিহাস কেৱল এটা কাৰকে নিৰ্ধাৰণ নকৰে— সি অর্থনীতিয়েই হওক বা আন কিবা। মানৱ সমাজক অর্থনীতিৰ বাহিৰেও ৰাজনীতি, ধর্ম, ভৌগোলিক অৱস্থিতি, আদর্শ আদিৰ দৰে কাৰক সমূহে প্ৰভাৱিত কৰে। মার্ক্সে কেৱল অর্থনীতিয়ে সমাজত প্ৰভাৱ পেলায় বুলি কৈ সমগ্র তত্ত্বটোকেই অকামিলা কৰি পেলালে।

(খ) মানুহৰ আবেগ অনুভূতিক আওকাণঃ মার্ক্সে তেওঁৰ ইতিহাসৰ বহুত্ববাদী ব্যাখ্যাত মানুহৰ আবেগ-অনুভূতিক সম্পূর্ণ ৰূপে আওকান কৰিছিল। প্ৰকৃততে অর্থনীতিকো মানুহৰ আবেগ-অনুভূতিয়ে প্রভাৱিত কৰে। বাৰ্টাণ্ড ৰাছেলৰ মতে, আমাৰ ৰাজনৈতিক জীৱনৰ ঘটনা-পৰিঘটনাৰ বহুলাংশক আৰ্থিক কাৰক আৰু মানুহৰ আৱেগ-উদ্যমৰ মাজত হোৱা আন্তঃক্রিয়াই নিৰ্ধাৰণ কৰে। (“Larger events in our political life are determined by the interaction of material conditions and human passions.”)

(গ) ইতিহাসক চাৰিটা পৰ্যায়ত ভাগ কৰাটো অসম্ভৱঃ যি ধৰণে মার্ক্সে ইতিহাসক উৎপাদনী প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি চাৰিটা পৰ্য্যায়ত ভাগ কৰিছিল সি প্ৰকৃততে শুদ্ধও নহয় আৰু সম্ভৱো নহয়। ইয়াৰোপৰি মার্ক্সে উল্লেখ কৰা আদিম সাম্যবাদী সমাজ ব্যৱস্থাৰ উপস্থিতি নৃ-তত্ত্ববিদ সকলে স্বীকাৰ কৰা নাই।

(ঘ) বিশ্বজনীনতা নাইঃ এটা দার্শনিক তত্ত্ব হিচাপে ইতিহাসৰ বস্তুবাদী ব্যাখ্যাই বিশ্বজনীন ৰূপ লাভ কৰিব পৰা নাই। খ্রীষ্টোফাৰ লয় মতে, এই তত্ত্বটোৱে ৰোম সাম্ৰাজ্যৰ পতনৰ কাৰণ বা সাম্প্ৰতিক সময়ৰ যুদ্ধবোৰৰ কাৰণ বিশ্লেষণ কৰিব নোৱাৰে। লাক্সিৰ মতে এই তত্ত্বৰ সহায়ত বালকান জাতীয়তাবাদৰ ব্যাখ্যা আগবঢ়াব নোৱাৰি।

এনেদৰে বিভিন্ন দৃষ্টিকোণৰ পৰা ইতিহাসৰ বস্তুবাদী ব্যাখ্যাতত্ত্বৰ সমালোচনা কৰা হৈছে যদিও মার্ক্সৰ এই তত্ত্বটোৰ গুৰুত্ব কোনেও অস্বীকাৰ কৰা নাই। পুঁজিবাদৰ বিৰুদ্ধে শ্রমিক শ্রেণী সংঘবদ্ধ কৰাত এই তত্ত্বই উল্লেখনীয় ভূমিকা পালন কৰিছিল।

১৪। মার্ক্সৰ উদ্বৃত্ত মূল্য তত্ত্বটোৰ সমালোচনা আলোচনা কৰা? (Criticize Marx’s surplus theory.)

উত্তৰঃ মার্ক্সৰ উদ্বৃত্ত মূল্য তত্ত্বটোৰ সমালোচনাবোৰ তলত আলোচনা কৰা হ’ল— 

(ক) শ্রমেই উৎপাদনৰ একমাত্ৰ উপাদান নহয়ঃ মার্ক্সে শ্রমকে উৎপাদনৰ একমাত্ৰ উপাদান বুলি ভাবিছিল। কিন্তু সেইটো শুদ্ধ নহয়। ভূমি, মূলধন, সংগঠনকে ধৰি উৎপাদনৰ বহুতো উপাদান আছে আৰু লাভাংশ এই সকলো উপাদানৰে প্রাপ্য। গতিকে কেৱল শ্রমেই লাভাংশৰ সম্পূর্ণ অংশৰ দাবী কৰিব নোৱাৰে। তদুপৰি আধুনিক সময়ত শক্তি (যেনে ইলেক্ট্রিক শক্তি, কয়লা আদি), প্রযুক্তিবিদ্যা, কৌশলী জ্ঞান, দক্ষতাপূর্ণ পৰিচালনা আদিও উৎপাদনৰ অবিচ্ছেদ্য উপাদান হৈ পৰিছে। আধুনিক সময়ত লাভাংশৰ এটা সিংহ অংশ এনে উপাদানত ব্যয় কৰিবলগীয়া হয়— যিটো মার্ক্সে অনুমান কৰিব পৰা নাছিল।

(খ) উৎপাদনৰ আনুষংগিক খৰচক উপেক্ষাঃ মার্ক্সে তেওঁৰ উদ্বৃত্ত মূল্য তত্ত্বত উৎপাদনৰ আনুষংগিক খৰচক উপেক্ষা কৰিছিল। প্ৰকৃততে এজন পুঁজিপতিয়ে সকলো সময়তে উৎপাদিত সামগ্ৰীৰ গুণাগুণ বৃদ্ধিৰ চেষ্টা কৰিবলগীয়া হয়। এই চেষ্টাৰ অংশ হিচাপে তেওঁ কাৰখানাৰ যন্ত্রাংশৰ ক্ষয়-ক্ষতিৰ জোৰা মৰা, কাৰখানাৰ আধুনিকীকৰণ কৰাৰ লগতে ন-ন উৎপাদনী কৌশলৰ সন্ধান কৰিবলগীয়া হয়। ইয়াৰোপৰি শ্ৰমিকৰ কল্যাণৰ বাবেও মালিকে কিছু অর্থ ব্যয় কৰিবলগীয়া হয়। সর্বোপৰি মালিকে চৰকাৰক বিভিন্ন কৰ-কাতল আদায় দিবলগীয়াও হয়। মার্ক্সে তেওঁৰ উদ্বৃত্ত মূল্য তত্ত্বত এই খৰচাবোৰৰ বিষয়ে কোনো উল্লেখেই কৰা নাছিল।

(গ) মানসিক শ্রমক উপেক্ষাঃ মার্ক্সে তেওঁৰ উদ্বৃত্ত মূল্য তত্ত্বত কেৱল দৈহিক বা কায়িক শ্ৰমৰ ওপৰতহে গুৰুত্ব দিছিল। কিন্তু বাস্তৱত দেখা যায় যে সঠিক উৎপাদনী কৌশলৰ সন্ধান কৰা, বজাৰৰ সন্ধান কৰা বা বিক্ৰীৰ কৌশল ৰচনা কৰা, আয়-ব্যয়ৰ সঠিক হিচাপ ৰখাৰ দৰে মানসিক শ্ৰম কৰা শ্ৰমিকৰ অবিহনে উদ্যোগে লাভৰ মুখ দেখিব নোৱাৰে। সাধাৰণতে এজন উদ্যোগীয়ে এনে শ্ৰমৰ মূল্য তেওঁৰ লাভাংশৰ পৰায়েই আদায় দিবলগীয়া হয়। সাম্প্রতিক সময়ত উদ্যোগৰ পৰিচালনাৰ দায়িত্ব কিছুমান বেতনভোগী লোকে পালন কৰে। মানসিক শ্ৰম কৰা এনে লোকসকলেও যে উদ্যোগৰ লাভাংশ পাব লাগে সেইটো মার্ক্সে অনুধাৱন কৰিব পৰা নাছিল।

এনেদৰে মার্ক্সৰ উদ্বৃত্ত মূল্য তত্ত্বটো সমালোচকসকলে বিভিন্ন দৃষ্টিকোণৰ পৰা সমালোচনা কৰিছিল। অৱশ্যে মার্ক্সৰ এই তত্ত্বটো সমূলি মূল্যহীন নহয়। এই তত্ত্বৰ জৰিয়তে মার্ক্সে পুঁজিবাদত থকা শোষণৰ স্বৰূপ উদঙাই দিছিল। কাৰ্ল পপপাৰ (Karl Popper) ৰ ভাষাত “I think that even if Marx’s analysis was defective, his effort to explain the phenomenon of exploitation deserves the greatest respect.”- “মই মন কৰো যে মার্ক্সৰ বিশ্লেষণ ত্রুটিমুক্ত থাকিলেও শোষণৰ ঘটনাটি ব্যাখ্যা কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টা সৰ্বাধিক শ্ৰদ্ধাৰ দাবীদাৰ।”

১৫। মার্ক্সৰ ৰাষ্ট্ৰ সম্পৰ্কীয় তত্ত্বটো ব্যাখ্যা কৰা। (Explain Marx’s theory of the state.)

উত্তৰঃ মার্ক্সৰ মতে ৰাষ্ট্ৰ এটাৰ প্ৰাকৃতিক আৰু প্ৰয়োজনীয় অনুষ্ঠান নহয়। ৰাষ্ট্ৰ হ’ল এটা শ্রেণী সংগঠন। পুঁজিবাদী উৎপাদনী ব্যবস্থাত পুঁজিপতি শ্ৰেণীটোক সুৰক্ষা প্ৰদান কৰিবলৈ ৰাষ্ট্ৰৰ জন্ম হৈছিল আৰু ৰাষ্ট্ৰই সদায়েই বিভিন্ন আইন, নীতি, অনুষ্ঠানৰ আদিৰ সৃষ্টি কৰি পুঁজিবাদী শ্ৰেণীটোক সুৰক্ষা দিয়ে আৰু শ্রমিক শ্ৰেণীটোক শোষণ কৰাৰ সুবিধা কৰি দিয়ে। সেয়েহে কমিউনিষ্ট মেনিফেষ্টোত মার্ক্সে ৰাষ্ট্ৰক ‘executive committee of the bourgeoisie’ বুলি অভিহিত কৰিছিল।

মার্ক্সৰ মতে ৰাষ্ট্ৰ নামৰ অনুষ্ঠানটো জনগণৰ ইচ্ছাৰ ওপৰত নহয়, বৰং হিংসা-সন্ত্ৰাসৰ ওপৰত ভিত্তি কৰিহে বৰ্তী থাকে। আৰক্ষী, সামৰিক বাহিনী, আইন-আদালত আদিৰ দৰে অনুষ্ঠানৰ জৰিয়তে ৰাষ্ট্ৰই সমাজত শক্তিৰ প্ৰয়োগ কৰে আৰু শক্তি প্ৰয়োগ কৰি হ’লেও পুঁজিপতি শ্ৰেণীক সুৰক্ষা দিয়ে আৰু শোষণেৰে পৰিপূৰ্ণ পুঁজিবাদী ব্যৱস্থা চলি থকাৰ সুবিধা কৰি দিয়ে। মার্ক্সৰ মতে ৰাষ্ট্ৰ এটা অস্থায়ী অনুষ্ঠান। ৰাষ্ট্ৰ হ’ল শ্রেণী সংগ্ৰামৰ ফচল। সেই হিচাপে ৰাষ্ট্ৰ এটা শ্ৰেণী অনুষ্ঠান। সমাজৰ পৰা যেতিয়াই শ্ৰেণী নাইকিয়া হৈ যাব ৰাষ্ট্ৰও তেতিয়াই নাইকিয়া হৈ যাব। অর্থাৎ পুঁজিবাদী ব্যৱস্থাৰ বিৰুদ্ধে যেতিয়াই শ্রমিক শ্রেণী সংঘবদ্ধ হৈ বিপ্লৱ কৰিব তেতিয়াই পুঁজিবাদৰ পতন ঘটিব আৰু সমাজবাদৰ সৃষ্টি হ’ব। পুঁজিবাদৰ পতনৰ লগে লগে সমাজৰ পৰা শ্ৰেণী নাইকিয়া হৈ যাব আৰু ইয়াৰ লগে লগে ৰাষ্ট্ৰ ও নাইকিয়া হৈ যাব। অৱশ্যে মার্ক্সৰ মতে ৰাষ্ট্ৰক সমাজৰ পৰা সম্পূৰ্ণৰূপে উভালি পেলাবৰ বাবে বিপ্লবৰ প্রয়োজন হ’ব।

১৬। মার্ক্সৰ বিপ্লৱৰ তত্ত্বটো আলোচনা কৰা। (Discuss Marx’s theory of revolution.)

উত্তৰঃ মার্ক্স কেৱল এজন সমাজতাত্ত্বিক বা দার্শনিকেই নাছিল। তেওঁ আছিল এজন মহান বিপ্লৱী। এংগেলছে মার্ক্সৰ সোঁৱৰণত দিয়া এটা ভাষণত তেওঁক “as before all else a revolutionist” বুলি মন্তব্য কৰিছিল। বাস্তৱিকতে মার্ক্সৰ সমস্ত চিন্তাধাৰা আৰু লেখনীৰ মাজত বিপ্লৱৰ সুৰটো সজীৱ হৈ থকা দেখা যায়। প্রকৃততে মার্ক্সৰ বিপ্লৱৰ তত্ত্বটো হ’ল ইতিহাসৰ বস্তুবাদী ব্যাখ্যা তত্ত্বৰ শেষ পৰিণতি। তেওঁৰ দৃষ্টিত শ্ৰেণী সংগ্ৰাম আৰু বিপ্লৱ হ’ল ইতিহাসৰ মূল চালিকা শক্তি। শ্রেণী সংগ্রামে সমাজ এখনক বিপ্লবৰ মুখলৈ ঠেলি লৈ যায়। শোষক শ্রেণীয়ে ভোগ কৰি অহা আর্থিক, ৰাজনৈতিক বা সামাজিক সা-সুবিধাবিলাক স্বেচ্ছাই এৰি নিদিয়ে। সেয়েহে শোষিত শ্ৰেণীটো সংঘবদ্ধ হৈ শোষক শ্ৰেণীৰ পৰা এই সমস্ত সা-সুবিধাবিলাক কাঢ়ি আনিব লাগিব- যিটো সম্ভৱ হ’ব কেৱল বিপ্লৱৰ জৰিয়তে। বিপ্লৱেহে উৎপাদনী প্ৰক্ৰিয়াক পৰিৱৰ্তন কৰি সমাজত পৰিৱৰ্তন আনিব পাবে। মার্ক্সৰ মতে বিপ্লৱ কোনো ষড়যন্ত্ৰ নহয়- বৰং ইহ’ল এটা প্ৰাকৃতিক, যুক্তিযুক্ত আৰু আৱশ্যম্ভাৱী পৰিঘটনা- যি সমাজলৈ প্ৰগতি আৰু পৰিবৰ্তন কঢ়িয়াই আনে।

অৱশ্যে মার্ক্সৰ মতে, বিপ্লৱ নিজে নিজেই নাহে। বিপ্লৱ আনিবৰ বাবে মানুহৰ মাজত বৈপ্লবিক চেতনা জাগ্ৰত কৰাৰ প্রয়োজন। মার্ক্সৰ মতে বিপ্লৱ আনিবৰ বাবে শ্রেণী সংগ্রাম তীব্ৰতৰ কৰাৰ প্ৰয়োজন আৰু শ্ৰেণী সংগ্রাম তীব্ৰতৰ কৰাৰ বাবে শ্রেণী সমূহৰ মাজত শ্রেণী চেতনা (class-consciousness) বৃদ্ধি কৰিব লাগিব আৰু শ্ৰেণী সমূহৰ মাজত উগ্ৰ ৰাজনৈতিক সংগঠনৰ সৃষ্টি কৰিব লাগিব। তেওঁৰ মতে সৰ্বহাৰা শ্ৰেণীটোক পৰিস্থিতিয়ে সহজে ঐক্যবদ্ধ হোৱাৰ সুবিধা দিয়ে। যি মুহুর্ততে এই শ্ৰেণীটোৱে নিজৰ শ্ৰেণীৰ অৱস্থিতি আৰু শ্ৰেণী স্বাৰ্থৰ কথা বুজি পাব, তেতিয়াই এই শ্ৰেণীটো ঐক্যবদ্ধ হ’ব আৰু এটা জাতীয় শক্তিলৈ ৰূপান্তৰিত হ’ব। এই শ্ৰেণীটোৱে তেতিয়া এটা ৰাজনৈতিক দলৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰিব আৰু শোষক শ্ৰেণীৰ বিৰুদ্ধে বিপ্লৱ ঘোষণা কৰিব।

মার্ক্সে বিপ্লৱত হিংসা প্রয়োগৰ বিৰোধিতা কৰিছিল যদিও শান্থিপূর্ণ উপায়ে উদ্দেশ্য সিদ্ধি নহ’লে আৰু শাসক শ্রেণীয়ে বিপ্লৱ দমনৰ বাবে অস্ত্র প্রয়োগ কৰিলে তেওঁ বিপ্লৱত হিংসা প্ৰয়োগৰ সমৰ্থন কৰিছিল। ১৮৭১ চনত পেৰিচ আলোচনা ব্যর্থ হোৱাৰ পিছত মার্ক্সে লিখিছিল, “We must make clear to the governments, we know that you are the armed power that is directed against the proletariat. We will proceed against you by peaceful means where their is possible and with arms, when it is necessary.” “আমি অৱশ্যেই চৰকাৰক স্পষ্টকৈ জানিব লাগিব, আমি জানো যে আপুনি সশস্ত্র শক্তি যি প্রোটিলিয়াৰেটৰ বিৰুদ্ধে পৰিচালিত হয়। যেতিয়া প্রয়োজন হয়। তেতিয়া আমি শান্তিপূর্ণ উপায়ে যত তেওঁলোকৰ পক্ষত সম্ভৱ আৰু অস্ত্ৰদি আগুৱাই যাব পাৰো।”

অর্থাৎ যদি শাসক শ্রেণীয়ে বিপ্লৱ দমনৰ বাবে অস্ত্ৰ-শস্ত্ৰৰ প্রয়োগ কৰে তেনেও শোষিত শ্ৰেণীটোৱেও বিপ্লৱত অস্ত্ৰ-শস্ত্ৰৰ প্ৰয়োগ কৰিব।

আনহাতে মার্ক্সৰ মতে বিপ্লৱৰ উদ্দেশ্য হ’ল ৰাজনৈতিক ক্ষমতা হস্তগত কৰা। পুঁজিপতি শ্ৰেণীৰ হাতৰ পৰা ৰাজনৈতিক ক্ষমতা সৰ্বহাৰা শ্ৰেণীৰ হাতলৈ অনাটোৱেই হৈছে বিপ্লৱৰ উদ্দেশ্য। সৰ্বহাৰা শ্ৰেণীৰ হাতলৈ ৰাজনৈতিক ক্ষমতা অহাৰ লগে লগে সৰ্বহাৰাৰ একনায়কত্ববাদ প্রতিষ্ঠা হ’ব আৰু আৰ্থ-সামাজিক-ৰাজনৈতিক পৰিৱৰ্তনৰ কাম আৰম্ভ হ’ব।

১৭। সৰ্বহাৰাৰ একনায়কত্ববাদৰ বিষয়ে চমু টোকা লিখা। (Write a short note on proletarian dictatorship.) 

উত্তৰঃ মার্ক্সৰ মতে বিপ্লৱৰ উদ্দেশ্য হ’ল পুঁজিবাদৰ পতন ঘটোৱা আৰু সমাজবাদ প্রতিষ্ঠা কৰা। কিন্তু পুঁজিবাদৰ পতনৰ পিছত সমাজবাদ এদিনতে প্ৰতিষ্ঠা কৰিব নোৱাৰি। ইয়াৰ বাবে কিছু সময়ত প্রয়োজন হয়। মার্ক্সে এই পৰিৱৰ্তনৰ সময়ছোৱাকে সৰ্বহাৰাৰ একনায়কত্ববাদ বুলি অভিহিত কৰিছিল। এই সময়চোৱাত ৰাষ্ট্ৰ থাকিব কিন্তু ৰাষ্ট্ৰক পৰিচালনা কৰিব সৰ্বহাৰা শ্ৰেণীটোৱে। এই সময়ছোৱাত সৰ্বহাৰা শ্ৰেণীটোৱে ৰাষ্ট্ৰক সমাজৰ পৰা শ্ৰেণী ব্যৱস্থা লুপ্ত কৰাৰ বাবে ব্যৱহাৰ কৰিব। এই সময়তো ৰাষ্ট্ৰই পূৰ্বৰ দৰেই কঠোৰ আৰু দমনমূলক ভূমিকা ল’ব। পূৰ্বতে ৰাষ্ট্ৰই এই ভূমিকা লৈছিল পুঁজিবাদী ব্যৱস্থা তথা শ্রেণী ব্যৱস্থা চলাই ৰখাৰ স্বাৰ্থত। কিন্তু সৰ্বহাৰাৰ একনায়কত্ববাদত ৰাষ্ট্ৰই এই ভূমিকা ল’ব শ্ৰেণী ব্যৱস্থা তথা পুঁজিবাদী ব্যৱস্থাক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ স্বাৰ্থত। 

এই পৰিৱৰ্তনৰ সময়ছোৱাত সৰ্বহাৰা শ্ৰেণীটোৰে ৰাষ্ট্ৰৰ ক্ষমতা ব্যৱহাৰ কৰি সকলো সম্পদৰ ৰাষ্ট্ৰীয়কৰণ কৰিব আৰু পুঁজিবাদৰ অৱশিষ্ট চিন মোকামখিনি সম্পূর্ণভাৱে মচি পেলাব। মার্ক্সৰ নিজৰ ভাষাত “Between capitalist and communist society lies the period of revolutionary transformation of the one into the other. These corresponds to this also a political transition period in which the state can be nothing but the revolutionary-dictatorship of the proletariat.” “পুঁজিবাদী আৰু সাম্যবাদী সমাজৰ মাজত এটা আনটোৰ বিপ্লৱী ৰূপান্তৰৰ সময়কাল থাকে। এইবোৰ ইয়াৰ লগত মিলিত হৈ গৈ এটা ৰাজনৈতিক ৰূপান্তৰকাল য’ত ৰাষ্ট্ৰ সৰ্বহাৰা শ্ৰেণীৰ বিপ্লৱী একনায়কত্ববাদ বাদ দি আৰু একোৱে হ’ব নোৱাৰে। এনেদৰে মার্ক্সে সৰ্বহাৰাৰ একনায়কত্ববাদৰ ধাৰণা আগবঢ়াইছিল। পুঁজিবাদী ব্যৱস্থাৰ পতন আৰু সাম্যবাদী ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ মাজৰ পৰিৱৰ্তনৰ সময়চোৱাত সৰ্বহাৰা শ্ৰেণীটোৱে ৰাষ্ট্ৰৰ ওপৰত কৰ্তৃত্ব প্রতিষ্ঠা কৰি সৰ্বহাৰাৰ একনায়কত্ববাদৰ প্ৰতিষ্ঠা কৰে।

১৮। মার্ক্সৰ বিচ্ছিন্নকৰণ তত্ত্বটোৰ বিষয়ে আলোচনা কৰা। (Discuss Marx’s theory of isolation.) 

উত্তৰঃ মার্ক্সৰ অন্য তত্ত্বসমূহৰ তুলনাত বিচ্ছিন্নকৰণৰ ধাৰণাটো অলপ খ্যাত। ১৮৪৩ চনত প্ৰকাশ হোৱা ‘Economic and Political Manuscripts” নামৰ গ্ৰন্থখনত মার্ক্সে এটা তত্ত্বটোৰ বিষয়ে আলোচনা কৰিছিল। এই তত্ত্বটোৱে বহুদিনলৈকে পণ্ডিত সকলৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাছিল। শেহতীয়াকৈ হাংগেৰীৰ দার্শনিক জর্জ লুকাছ, (George Lukacs) য়ে এই তত্ত্বটোৰ পুনৰ আৱিস্কাৰ কৰিছিল। সহজ অৰ্থত বিচ্ছিন্নকৰণ মানে হ’ল ক্ষমতাহীন, অর্থহীন, নিসংগতা, স্ব-বিৰোধভাৱসম্পন্ন আদি। সমাজ বিজ্ঞানৰ এটা ধাৰণা হিচাপে বিচ্ছিন্নকৰণে এনে সমাজ ব্যৱস্থাক বুজায় য’ত মানুহৰ মাজৰ সম্বন্ধ সমতাৰ ওপৰত প্ৰতিষ্ঠিত নহয়; বৰং মানুহৰ মাজত উচ্চ-নীচ, ধনী-দুখীয়া, মালিক বনুৱা আদি ধৰণৰ ভেদ ভাৱ বিৰাজ কৰে।

মার্ক্সে বিচ্ছিন্নকৰণৰ ধাৰণাটো জার্মান দার্শনিক হেগেলৰ পৰা লৈছিল যদিও হেগেলৰ এই ধাৰণাটোত মার্ক্সে কিছুমান মৌলিক পৰিৱৰ্তন ঘটাইছিল। ইয়াৰ ফলত মার্ক্সৰ ধাৰণাটো হেগেলৰ পৰা ভালেখিনি পৃথক হৈ পৰিছিল। হেগেলৰ মতে মানৱৰ মূল উদ্দেশ্য হৈছে নিজকে উপলব্ধি কৰা। কিন্তু এই উদ্দেশ্যত উপনীত হোৱাত দুটা কাৰকে মানুহক বাধা দিয়ে– প্রয়োজনীয়তা আৰু বিচ্ছিন্নতা। হেগেলে প্রয়োজনীয়তা বুলি প্ৰাকৃতিক আৰু দৈহিক বাধাসমূহক বুজাইছিল- য’ত বিচ্ছিন্নতা বুলি উদ্দেশ্যৰ পৰা আঁতৰি অহাকে বুজাইছিল। হেগেলৰ মতে মানুহে নিজে নিজৰ গৰাকী (অভিভাৱক) হ’ব খোজে, কিন্তু হয়গৈ আনৰ হাতৰ পুতলা। তেওঁৰ মতে মূলতঃ বিচ্ছিন্নকৰণৰ বাবেই এনে ঘটে। হেগেলৰ মতে ব্যক্তিয়ে নিজকে উপলব্ধি কৰিব নোৱাবাৰ বাবেই এনে বিচ্ছিন্নকৰণ সংঘটিত হয়।

কিন্তু হেগেলৰ এই ধাৰণাটোক মার্ক্সে এটা নতুন অৰ্থ প্ৰদান কৰিছিল। মার্ক্সৰ মতে বিচ্ছিন্নকৰণ হেগেলে কোৱাৰ দৰে মানুহে নিজকে উপলব্ধি কৰিব নোৱাৰাৰ ফলত সৃষ্টি নহয়। তেওঁৰ মতে পজিবাদী উৎপাদনী ব্যৱস্থা হৈছে বিচ্ছিন্নকৰণৰ ঘাই কাৰণ। পুঁজিবাদী উৎপাদনী ব্যৱস্থাই সমাজত শ্ৰমৰ বিভাজন (Division of labour) তথা শ্ৰমৰ বিশেষীকৰণ (Specialization) হোৱাটো বিচাৰে। ইয়াৰোপৰি পুঁজিবাদী ব্যৱস্থাই নিত্য নতুন প্রযুক্তিবিদ্যা, কাম ক্ষিপ্ৰ কৰাৰ বাবে বিভিন্ন ধৰণৰ যন্ত্ৰপাতিৰ ব্যৱহাৰ কৰে। এইবিলাকে উৎপাদনী ব্যৱস্থাত এনে পৰিৱৰ্তন আনিছে য’ত উৎপাদিত সামগ্ৰী আৰু শ্ৰমিকৰ মাজত অতীতত থকা সম্পৰ্ক প্ৰায় শেষ হৈ গৈছে। শ্রম বিভাজনে শ্রমিকক এটা সম্পূর্ণ বস্তু উৎপাদনৰ আনন্দৰ পৰা বঞ্চিত কৰে। যন্ত্রপাতি আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰে উৎপাদনী ব্যৱস্থা আৰু উৎপাদিত সামগ্ৰীক মানৱীয় পৰশবিহীন কৰি পেলালে। সমগ্র উৎপাদনী ব্যৱস্থাটো ইমানেই বেছি নৈৰ্ব্যক্তিক হৈ পৰিল যে শ্রমিকে নিজৰ শ্ৰমৰ ফলত উৎপাদন কৰা সামগ্ৰীৰ লগতো সম্পৰ্ক অনুভৱ কৰিব নোৱাৰা হ’ল। অর্থাৎ উৎপাদনৰ আনন্দৰ পৰা শ্ৰমিক সকল বঞ্চিত হ’ল। ইয়াৰোপৰি অৰ্থনৈতিক সীমাবদ্ধতাৰ বাবে শ্ৰমিকে নিজে উৎপাদন কৰা সামগ্ৰীটো নিজে উপভোগ কৰিব নোৱাৰা হৈ পৰিল। মার্ক্সৰ মতে এনেবোৰ কাৰণে বিচ্ছিন্নকৰণ ঘটে। তেওঁৰ মতে সমাজবাদ প্রতিষ্ঠা হ’লে বিচ্ছিন্নকৰণ নাইকিয়া হ’ব। 

মার্ক্সে বিচ্ছিন্নকৰণৰ কেইটামান পৰ্য্যায়ৰ বিষয়ে উল্লেখ কৰিছিল। প্ৰথমতে, পুঁজিবাদী ব্যৱস্থাত মালিকে যি সামগ্রী উৎপাদন কৰিব, কি পদ্ধতিৰে উৎপাদন কৰিব আদি সিদ্ধান্তবোৰ লয় আৰু শ্ৰমিকৰ এনেবোৰ সিদ্ধান্তৰ লগত কোনো সম্পৰ্ক নাথাকে। এনেদৰে শ্ৰমিক সকল উৎপাদিত সামগ্ৰী আৰু উৎপাদনী পদ্ধতিৰ পৰা বিচ্ছিন্ন হ’বলগীয়া হয়।

দ্বিতীয়তে, উৎপাদনী প্রক্রিয়াত যন্ত্ৰ আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰি শ্ৰমিকৰ কৰ্মক অতি কঠোৰভাৱে নিৰ্ধাৰণ কৰি শ্ৰমিকৰ কামটো একে সুৰীয়া আৰু বিৰক্তিদায়ক কৰি তোলা হয়। ইয়াৰ ফলত এটা বস্তু সম্পূর্ণভাৱে নিজে উৎপাদন কৰা আৰু নিজৰ সৃজনীমূলক চিন্তাৰ প্রয়োগেৰে নতুন ধৰণে উৎপাদন কৰা আনন্দৰ পৰা শ্ৰমিকসকলক বঞ্চিত কৰি বিচ্ছিন্নকৰণ কৰা হয়।

তৃতীয়তে, পুঁজিবাদী উৎপাদনী ব্যৱস্থাত শ্রেণী সংঘাত থকাৰ লগতে ব্যক্তিৰ মাজত তীব্ৰ প্রতিযোগিতাৰ মনোভাৱৰো সৃষ্টি কৰা হয়। ইয়াৰ ফলত শ্ৰমিক সকলে তীব্র শ্রেণী সংঘাত আৰু অতি কঠোৰ প্ৰতিযোগিতাৰ মাজত থাকিবলগীয়া হয় যাৰ ফলত তেওঁলোক উৎপাদনী আনন্দৰ পৰা বঞ্চিত হ’বলগীয়া হয়।

এনেদৰে, মার্ক্সৰ মতে পুঁজিবাদী উৎপাদনী ব্যৱস্থাই বর্তমান সমাজত বিচ্ছিন্নকৰণৰ সৃষ্টি কৰিছে। পুঁজিবাদৰ পতন ঘটি সমাজবাদ প্রতিষ্ঠা হ’লেহে এই বিচ্ছিন্নকৰণ নাইকিয়া হ’ব।

১৯। মার্ক্সবাদৰ সমালোচনা আৰু মূল্যায়ন সম্পর্কে আলোচনা কৰা। (Discuss the critique and evaluation of Marxism.) 

উত্তৰঃ মার্ক্সবাদক ৰাজনৈতিক পণ্ডিতসকলে বিভিন্ন কাৰণত সমালোচনা কৰিছে। মার্ক্সবাদে সন্মুখীন হোৱা কিছুমান গুৰুত্বপূর্ণ সমালোচনাৰ বিষয়ে উল্লেখ কৰা হ’ল।

প্রথমতে, মার্ক্সে কেৱল আৰ্থিক কাৰকৰ ওপৰত ভিত্তি কৰি ইতিহাসৰ ব্যাখ্যা আগবঢ়াইছিল। কিন্তু মানুহৰ ইতিহাসক কেৱল এটা কাৰকে প্রভাৱিত নকৰে। ধর্ম, ভৌগোলিক অৱস্থিতি, আদর্শ, সামাজিক অৱস্থিতিৰ দৰে আন কাৰকবোৰেও ইতিহাসক প্রভাৱিত কৰে আৰু ইয়াৰ যথেষ্ট উদাহৰণো আছে। মার্ক্সে এই সকলো কাৰকক একাষৰীয়া কৰি থৈ কেৱল আর্থিক কাৰকৰ ওপৰত ভিত্তি কৰি ইতিহাসৰ ব্যাখ্যা কৰিছিল যাৰ ফলত তেওঁৰ এই ব্যাখ্যা একদিক্‌দর্শী হৈ পৰিছিল।

দ্বিতীয়তে, মার্ক্সৰ সমগ্ৰ দৰ্শনৰ মধ্যমণি আছিল শ্ৰেণী (class) আৰু শ্ৰেণী সংগ্রাম (class-struggle)। কিন্তু শ্ৰেণীৰ এটা স্পষ্ট ধাৰণা আৰু সর্বগ্রহণযোগ্য সংজ্ঞা আগবঢ়াবলৈ তেওঁ সমৰ্থ হোৱা নাছিল৷ ইয়াৰোপৰি তেওঁ শ্ৰেণীক এটা বন্ধসমূহ (close group) বুলি কৈছিল। কিন্তু শ্রেণী কঠোৰভাবে বন্ধ বা আবদ্ধসমূহ নহয়।

তৃতীয়তে, পুঁজিবাদী ব্যৱস্থাৰ বিষয়ে মার্ক্সৰ বিশ্লেষণ ভুল আছিল। তেওঁৰ মতে, পুঁজিবাদী ব্যৱস্থাই পুঁজিপতিসকলক আৰু ধনী কৰে আৰু শ্ৰমিকসকলক আৰু বেছি দুখীয়া কৰে। পিছলৈ মার্ক্সৰ এই ধাৰণা ভুল প্রমাণিত হয়। পশ্চিমীয়া উদ্যোগীক ৰাষ্ট্ৰবোৰত শ্ৰমিকসকলৰ জীৱন ধাৰণৰ মানদণ্ডৰ যথেষ্ট উন্নতি হোৱা দেখা গৈছে। কল্যাণকামী ৰাষ্ট্ৰৰ আৱিৰ্ভাৱৰ লগে লগে শ্ৰমিকৰ আৰ্থিক অৱস্থাৰ ব্যাপক উন্নতি সাধন হয়। এনেদৰে পুঁজিবাদী ব্যৱস্থাৰ বিষয়ে মার্ক্সৰ বিশ্লেষণ শুদ্ধ নাছিল।

চতুৰ্থতে, মার্ক্সৰ ৰাষ্ট্ৰ সম্বন্ধীয় ধাৰণাটোও ত্রুটিপূর্ণ আছিল। তেওঁ ৰাষ্ট্ৰক এটা অস্থায়ী শ্রেণী অনুষ্ঠান হিচাপে ব্যাখ্যা কৰিছিল। পুঁজিবাদৰ আবির্ভাব লগে লগে ৰাষ্ট্ৰৰ জন্ম হয়। শ্ৰেণী অনুষ্ঠান হিচাপে ৰাষ্ট্ৰই সদায় পুঁজিপতি শ্ৰেণীৰ সপক্ষে অৱস্থান কৰে আৰু শ্রমিক শ্ৰেণীটোক শাসন কৰাৰ সুবিধা কৰি দিয়ে। মার্ক্সৰ মতে পুঁজিবাদৰ পতনৰ লগে লগে শ্ৰেণী সংগ্ৰামৰ অন্ত পৰিব আৰু সমাজৰ পৰা শ্ৰেণী নাইকিয়া হোৱাৰ লগে লগে ৰাষ্ট্ৰও বিলুপ্ত হৈ পৰিব। কিন্তু মার্ক্সৰ এই ধাৰণা সম্পূর্ণ ভুল আছিল। ৰাষ্ট্ৰ এটা শ্ৰেণী অনুষ্ঠানো নহয় আৰু অস্থায়ী অনুষ্ঠানো নহয়। ৰাষ্ট্ৰ হ’ল মানৱ জীৱনৰ সৰ্বাংগীন বিকাশৰ বাবে সৃষ্টি হোৱা অনুষ্ঠান। আজিৰ ৰাষ্ট্ৰ হ’ল। কল্যাণকামী ৰাষ্ট্র- যি জনগণৰ সৰ্বাংগীন কল্যাণৰ হকে কাম কৰে। গতিকে ৰাষ্ট্ৰ শোষণৰ হাতিয়াৰ নহয়। আনহাতে সমাজবাদ প্ৰতিষ্ঠাৰ লগে লগে ৰাষ্ট্ৰ বিলুপ্ত হ’ব বুলি মার্ক্সে কৰা ভবিষ্যৎবাণী ৰাছিয়াতে ভুল প্রমাণিত হৈছে। ১৯১৭ চনত ৰাছিয়াত সমাজবাদৰ প্ৰতিষ্ঠা হৈছিল যদিও ৰাষ্ট্ৰ কিন্তু বিলুপ্ত হৈ যোৱা নাছিল– বৰং বেছি শক্তিশালী ৰূপতহে আত্ম প্রকাশ। কৰিছিল। পঞ্চমতে, মার্ক্সে সমাজৰ পৰিৱৰ্তন আনিবৰ বাবে বিপ্লৱ অৱশ্যম্ভাবী বুলি মত প্ৰকাশ কৰিছিল। কিন্তু ৰাজনৈতিক পণ্ডিত, সমাজতাত্বিক আৰু সমালোচকসকলৰ মতে সমাজত পৰিৱৰ্তন আনিবৰ বাবে বিপ্লৱ অৱশ্যম্ভাৱী নহয়। বিপ্লৱ সাধাৰণতে ধ্বংসাত্মক হয়। গতিকে বিপ্লৱ এৰাই চলাৰ চেষ্টা কৰিব লাগে। সমাজবাদৰ বহুতো সমৰ্থক চিন্তাবিদে বিপ্লৱৰ সলনি ক্রমবিৱৰ্তনৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছিল। ক্রমবিকাশে সমাজৰ শান্তি শৃংখলা ভংগ নকৰাকৈ দীর্ঘস্থায়ী পৰিৱৰ্তন কঢ়িয়াই আনে।

পঞ্চমতে, ৰেমণ্ড আৰণ, এছ. এম. লিপছেটৰ দৰে সমাজতাত্ত্বিক সকলৰ মতে মার্ক্সৰ বিশ্লেষণ ঊনৈশ শতিকাৰ পৰিপ্ৰেক্ষিতত শুদ্ধ আছিল যদিও বিংশ শতিকাত এই বিশ্লেষণ অ-প্রাসংগিক হৈ পৰে। এটা সময়ত ঔদ্যোগীক সমাজবোৰত দুটা শ্ৰেণী দেখা গৈছিল। কিন্তু সাম্প্রতিক সময়ৰ উদ্যোগীক ব্যৱস্থা এটা অত্যন্ত জটিল হৈ পৰিছে। পুঁজিপতি শ্ৰেণীৰ হাতৰ পৰা উদ্যোগৰ পৰিচালনাৰ দায়িত্ব ব্যৱস্থাপক শ্রেণী (Managerial class)ৰ হাতলৈ হস্তান্তৰিত হৈছে। কল্যাণকামী ৰাষ্ট্ৰৰ আৱিৰ্ভাৱৰ পিছৰে পৰা শ্ৰমিক শ্রেণীৰ যথেষ্ট কল্যাণ সাধন হৈছে। ইয়াৰোপৰি মধ্যবিত্ত শ্ৰেণীৰ আৱিৰ্ভাৱৰ লগে লগে শ্রেণী সংঘাতৰ ধাৰণাটো কাৰ্যত অপ্ৰচলিত হৈ পৰিছে। এনেদৰে কুৰি শতিকাৰ উদ্যোগীক আৰু ৰাষ্ট্ৰ ব্যৱস্থাত হোৱা পৰিৱৰ্তনে মার্ক্সীয় বহু ধাৰণাক ভুল প্রমাণিত কৰে।

এনেদৰে মার্ক্সবাদক বিভিন্ন দৃষ্টিকোণৰ পৰা সমালোচনা কৰা হৈছে যদিও মার্ক্সৰ কঠোৰতম সমালোচক জনেও মার্ক্সবাদৰ অপৰিসীম গুৰুত্বক স্বীকাৰ কৰি থৈ গৈছে। মার্ক্সবাদে সমগ্র বিশ্বৰে শ্রমিক শ্রেণীটোক এটা বৈপ্লৱিক আদৰ্শ প্ৰদান কৰিছিল আৰু ঐক্যবদ্ধ হৈ সংগ্ৰাম কৰাৰ বাবে আনুপ্ৰাণিত কৰিছিল। মার্ক্সবাদ কেৱল এটা তত্ত্বই নহয়, ই শ্রমিক শ্ৰেণীৰ দৰ্শনত পৰিণত হৈছিল। সমগ্ৰ বিশ্বৰ কমিউনিষ্টসকলৰ বাবে মার্ক্স হ’ল এজন ভবিষ্যৎদ্রষ্টা, যি কেৱল শ্রমিক শ্ৰেণীৰ বাবেই জীয়াই আছিল আৰু শ্রমিক শ্ৰেণীৰ কল্যাণৰ বাবেই কাম কৰিছিল।

২০। উদাৰতাবাদৰ সংজ্ঞা দিয়া? উদাৰতাবাদৰ গুণ আৰু দোষসমূহৰ এক সমালোচনাত্মক মূল্যায়ন আগবঢ়োৱা? (Define liberalism? Make a critical assessment of the merits and demerits of liberalism.)

উত্তৰঃ সমসাময়িক বিশ্ব ৰাজনীতিত আদর্শ সম্পর্কীয় যিকোনো আলোচনা উদাৰতাবাদক কেন্দ্ৰ কৰি আৰম্ভ হয়। যোৱা ৪০০ বছৰৰো অধিক কাল জুৰি নিৰৱচ্ছিন্নভাবে পশ্চিমীয়া পুঁজিবাদী উদ্যোগীক ৰাষ্ট্ৰবোৰত বিকাশ লাভ কৰা উদাৰতাবাদে বিভিন্ন সময়ত ইয়াৰ প্ৰতি অহা বিভিন্ন প্ৰত্যাহ্বানৰ সমুচিত প্ৰত্যুত্তৰ দি যেনেদৰে নিজকে এটা ‘মহা আদর্শ’ (Meta-ideology) ৰূপত প্ৰতিষ্ঠা কৰিছে তাৰ মাজতে লুকাই আছে উদাৰতাবাদৰ গৌৰৱ আৰু মাহাত্ম্য। প্রকৃততে এই সুদীৰ্ঘ কাল ধৰি ঘটা উদাৰতাবাদৰ বিকাশৰ মাজতে সোমাই আছে। ৰাষ্ট্ৰৰ বিকাশ, ব্যক্তি ৰাষ্ট্ৰৰ সম্পৰ্কৰ পৰিৱৰ্তনকে আদি কৰি সমতা, স্বাধীনতা, ন্যায়, অধিকাৰ আদিৰ দৰে ৰাজনৈতিক ধাৰণা সমূহৰ উৎপত্তি আৰু বিকাশৰ কাহিনী। 

ইউৰোপত সামন্তবাদী সমাজ ব্যৱস্থাৰ পতন আৰু পুঁজিবাদী উদ্যোগীক ব্যৱস্থাৰ উৎপত্তিৰ সময়ত জন্ম লাভ কৰা উদাৰতাবাদে আৰম্ভণিতে নতুনকৈ সৃষ্টি হোৱা উদ্যোগীক মধ্যবিত্ত শ্ৰেণীটোৰ আশা-আকাংক্ষাক প্রতিনিধিত্ব কৰিছিল- যাৰ বাবে আজিও উদাৰতাবাদক মধ্যবিত্ত শ্রেণীৰ আদৰ্শ বুলি অভিহিত কৰা হয়। উদাৰতাবাদৰ লগত পুঁজিবাদৰ সম্পৰ্কও এৰাব নোৱাৰা ধৰণৰ। এটা সময়ত আর্থিক ক্ষেত্ৰত অ-হস্তক্ষেপ নীতি (Laissez-Fair Policy) তথা সামাজিক ক্ষেত্ৰত ‘যোগ্য ভোগ্য বসুন্ধৰা নীতি’ (Survival of the fittest) ৰ সমৰ্থন কৰি উদাৰতাবাদে পুঁজিবাদক উদগণি যোগাইছিল। ৰাজনৈতিক ক্ষেত্ৰত উদাৰতাবাদে সেই সময়ত ৰাষ্ট্ৰৰ সৰ্বময় কর্তৃত্বৰ বিৰোধিতা কৰি সীমিত ৰাষ্ট্ৰৰ ধাৰণাক গঢ় দিছিল। পিছলৈ সাংবিধানিক শাসন, প্রতিনিধিত্বমূলক গণতন্ত্র আৰু কল্যাণকামী তথা হস্তক্ষেপকাৰী ৰাষ্ট্ৰৰ সমৰ্থন কৰি উদাৰতাবাদে নিজকে এক ধৰণৰ নিৰপেক্ষ মহা-আদর্শরূপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। উদাৰতাবাদৰ বিৰোধিতা কৰি বিভিন্ন সময়ত বিভিন্ন আদৰ্শৰ সৃষ্টি হৈছে আৰু তাৰ বেছি সংখ্যকেই কালৰ সোঁতত বিলীন হৈ গৈছে। কিন্তু নৱ‍্য সোঁপন্থী (New Right) ৰ পৰা গণতান্ত্রিক সমাজবাদী (Democratic Socialist )সকললৈকে সকলোয়েই আজি নিজকে উদাৰতাবাদী বুলি কৰা দাবীয়ে উদাৰতাবাদৰ প্ৰাসংগিকতাকে পুনৰ প্ৰমাণ কৰিছে।

(ক) উদাৰতাবাদৰ অৰ্থ আৰু সংজ্ঞাঃ শব্দগত দিশৰ পৰা চাবলৈ গলে ইংৰাজী ‘Liberalism’ শব্দটো আহিছে লেটিন শব্দ ‘Liber’ ৰ পৰা– যাৰ ইংৰাজী প্রতিশব্দ হৈছে ‘Liberty’ বা ‘Freedom”। ইংৰাজী ‘Liberty’ শব্দটোৰ অসমীয়া অৰ্থ হৈছে স্বাধীনতা’। সেই হিচাপে দেখা যায় যে উদাৰতাবাদৰ মূল আধাৰ হৈছে স্বাধীনতা। হেৰল্ড লাস্কি (Laski) ৰ মতে উদাৰতাবাদ নিঃসন্দেহে, পোনপটীয়াকৈ স্বাধীনতাৰ লগত জড়িত।

David G. Smith ৰ ভাষাত “Liberalism is the belief in and commitment to a set of methods and policies that have as their common aim in greater freedom for individual men.” অর্থাৎ উদাৰতাবাদে ব্যক্তিক বেছি স্বাধীনতা প্ৰদান কৰাৰ উদ্দেশ্যে সৃষ্টি কৰা নীতি আৰু ব্যৱস্থা সমূহত বিশ্বাস কৰে।

ৱেবষ্টাৰ অভিধান আৰু বিশ্বকোষৰ মতে উদাৰতাবাদ পৰিভাষাটোৱে কঠোৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু আমোলাতান্ত্রিক কর্তৃত্বৰ বিপৰীতে ব্যক্তিৰ স্বাধীনতা আৰু অধিকাৰৰ পৰিসীমা বৃদ্ধি কৰাৰ এটা অভিপ্ৰায়ৰ ইংগিত কৰে। ৰাজনৈতিক ক্ষেত্ৰত এই শব্দটো পূৰ্বতে চৰকাৰৰ সংস্কাৰৰ দাবীত সৃষ্টি হোৱা প্ৰগতিশীল সংস্কাৰ আন্দোলনক বুজাবলৈ ব্যৱহাৰ কৰাৰ লগতে বিশেষ বিশেষ স্বাধীনতাৰ দাবীত সৃষ্টি হোৱা বিভিন্ন আন্দোলনক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। হলোৱেল (Hallowell) ৰ মতে উদাৰতাবাদে বৌদ্ধিক, সামাজিক, ধর্মীয়, ৰাজনীতি, অর্থনীতি আদিকে ধৰি জীৱনৰ সকলো ক্ষেত্ৰতে স্বাধীনতাৰ দাবী উত্থাপন কৰাটো বুজায়। (Liberalism is “the embodiment of the demand for freedom in every sphere of life-intellectual, social, religious, political and economic”-Hallowell)

উপৰোক্ত সংজ্ঞাসমূহৰ পৰা এইটো স্পষ্ট যে উদাৰতাবাদৰ মূল উদ্দেশ্য হৈছে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত ব্যক্তিক পূর্ণ স্বাধীনতা প্ৰদান কৰা। উদাৰতাবাদে সমাজত এনে নীতি আৰু অনুষ্ঠানৰ সৃষ্টি কৰিব বিচাৰে যিবোৰে ব্যক্তিক স্বাধীনতা প্ৰদান কৰাৰ লগতে ব্যক্তি স্বাধীনতাক সুৰক্ষা প্ৰদান কৰে। সামাজিক ক্ষেত্ৰত ব্যক্তিক প্ৰদান কৰা সীমাহীন স্বাধীনতাই এখন মুক্ত আৰু ধৰ্ম নিৰপেক্ষ সমাজ গঢ় দিয়ে। অর্থনৈতিক ক্ষেত্ৰত ব্যক্তিক প্ৰদান কৰা স্বাধীনতাই মুক্ত বাণিজ্য (Free Trade) আৰু পুঁজিবাদী ব্যৱস্থাৰ গঢ় দিয়ে। আৰু ৰাজনৈতিক ক্ষেত্ৰত ব্যক্তিক প্ৰদান কৰা স্বাধীনতাই সীমিত ৰাষ্ট্ৰ (Limited State) ৰ ধাৰণাৰ জন্ম দিয়ে।

উদাৰতাবাদৰ বিষয়ে আলোচনা কৰি ৰাজনৈতিক চিন্তাবিদ David G. Smith য়ে ইয়াৰ তিনিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰিছিল।

সেই বৈশিষ্ট্যকেইটা হ’ল—

(i) উদাৰতাবাদে ব্যক্তিৰ ব্যক্তিত্বৰ মুক্ত প্ৰকাশ আৰু পূৰ্ণ বিকাশত বিশ্বাস কৰে। 

(ii) ব্যক্তিৰ নিজৰ লগতে সমাজৰো মংগলৰ অৰ্থে চিন্তা কৰাৰ সামৰ্থ্য আছে বুলি উদাৰতাবাদে বিশ্বাস কৰে।

(iii) যি সমূহ নীতি আৰু অনুষ্ঠানে ব্যক্তি স্বাধীনতাত বিশ্বাস কৰে, ব্যক্তি স্বাধীনতাক সুৰক্ষিত কৰাৰ তথা বিকাশ ঘটোৱাৰ চেষ্টা কৰে, তেনে নীতি আৰু অনুষ্ঠানৰ সৃষ্টি আৰু বিকাশেই উদাৰতাবাদৰ উদ্দেশ্য।

(খ) উদাৰতাবাদৰ উৎপত্তি আৰু বিকাশঃ গিলবার্ট মাৰে (Gilbert Murray) ৰ মতে ব্যক্তিক ৰাজনৈতিক স্বাধীনতা আৰু চিন্তাৰ স্বাধীনতা প্ৰদান কৰি গ্ৰীকসকলেই উদাৰতাবাদৰ বীজ ৰোপণ কৰিছিল। কিন্তু ইউৰোপত মধ্যযুগৰ সূচনা হোৱাৰ ফলত সেই বীজৰ অংকুৰণ নঘটিল। ইয়াৰ পিছত ১৬ শতিকাৰ ইউৰোপত গীৰ্জাৰ সৰ্বব্যাপ্ত প্ৰভাৱ, চৰম ৰাজতন্ত্ৰ আৰু সামন্তবাদৰ বিৰুদ্ধে হোৱা প্ৰতিবাদকল্পে উদাৰতাবাদ জন্ম হৈছিল। নৱজাগৰণ, সংস্কাৰ আন্দোলন, উদ্যোগীক বিপ্লৱ আদিৰ প্রভাৱত ১৬ শতিকাত ইউৰোপত সামন্তবাদী সমাজ ব্যৱস্থাৰ পতন ঘটে আৰু এটা নতুন উদ্যোগীক মধ্যবিত্ত শ্ৰেণীৰ আবিৰ্ভাৱ হয়। এই নৱ‍্য মধ্যবিত্ত শ্ৰেণীটোৰ আদৰ্শ হিচাপে উদাৰতাবাদৰ উৎপত্তি হৈছিল। মধ্যযুগত মানুহৰ জীৱনৰ মূল্য হেৰাই গৈছিল। সামন্তবাদী ব্যৱস্থাত মানুহে ভূ-স্বামীৰ দাস হিচাপে জীৱন কটাবলগীয়া হৈছিল। মানৱ জীৱনৰ ওপৰত গীৰ্জাৰ সীমাহীন কৰ্তৃত্ব প্রতিষ্ঠা হৈছিল। ধৰ্মান্ধতা আছিল মধ্যযুগৰ এটা এৰাব নোৱাৰা দিশ।

নৱজাগৰণৰ সূচনা হোৱাৰ লগে লগে এই ধৰ্মান্ধতা আতৰি লৈছিল। অন্ধবিশ্বাসৰ ঠাই লৈছিল যুক্তিযুক্ততাই। এই নৱজাগৰণে ব্যক্তিক পুনৰ সকলো বিষয়ৰে কেন্দ্ৰ বিন্দুত প্ৰতিষ্ঠা কৰিছিল। ব্যক্তি স্বতন্ত্ৰতা আৰু ব্যক্তি কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ নৱজাগৰণে শিক্ষা দিছিল– যি পিছলৈ উদাৰতাবাদী আদর্শ গঢ় দিয়াত আগভাগ লৈছিল। এই নৱজাগৰণেই ইউৰোপত বৈজ্ঞানিক চিন্তা-চৰ্চাৰ পথ মুকলি কৰিছিল- যি ১৮ শতিকাৰ ইউৰোপত উদ্যোগীক বিপ্লৱৰ সূচনা কৰিছিল। উদ্যোগীক বিপ্লৱে কৃষিক স্থানচ্যুত কৰি উদ্যোগীক উৎপাদনক মূল স্থানলৈ আনি সমগ্ৰ আৰ্থিক ব্যৱস্থাটোৰে পৰিৱৰ্তন সাধন কৰিছিল। উদ্যোগ বিপ্লবে কঢ়িয়াই অনা সা-সুবিধাৰ পৰিণতিত সমাজত এটা ধনী শিল্পপতি শ্ৰেণীৰ জন্ম হৈছিল। এই শ্ৰেণীটোৱে সামন্ত প্ৰভুৰ অভিজাত্য স্বীকাৰ কৰা নাছিল আৰু ৰাজনীতি আৰু শাসন ব্যৱস্থাত অংশ গ্ৰহণৰ দাবী তুলিছিল। এই দাবীৰ পৰিপ্ৰেক্ষিততে ৰাজতন্ত্ৰৰ অৱসান আৰম্ভ হৈছিল আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ বিকাশ তান্বিত হৈছিল। আনহাতে এই শিল্পপতি শ্ৰেণীটোৱে তেওঁলোকৰ আৰ্থিক তথা ব্যৱসায়িক কাৰুকাৰ্য্যত ৰাষ্ট্ৰৰ হস্তক্ষেপৰ বিৰোধিতা কৰি অবাধ ব্যক্তি স্বতন্ত্ৰতাৰ সমৰ্থন কৰিছিল– যাৰ ফলত ইউৰোপত আৰ্থিক ক্ষেত্ৰত ৰাষ্ট্ৰৰ অ-হস্তক্ষেপ নীতি তথা মুক্ত বজাৰ অৰ্থনীতিৰ জন্ম হৈছিল। পিছলৈ এই নীতি উদাৰতাবাদৰ এটা গুৰুত্বপূৰ্ণ আধাৰত পৰিণত হৈছিল।

ইউৰোপত সৃষ্টি হোৱা নৱজাগৰণৰ ফলতে সংস্কাৰ আন্দোলনো আৰম্ভ হৈছিল । মাৰ্টিন লুথাৰ কিং, কেলভিন প্ৰমুখ্যে ধৰ্ম-সংস্কাৰকে খ্ৰীষ্টীয়ান ধৰ্মৰ বিভিন্ন কু-সংস্কাৰসমূহ দূৰ কৰাৰ লগতে ব্যক্তিক ধর্মীয় বান্ধোন আৰু গোড়ামিৰ পৰা মুক্তি দিছিল। ষোল্ল আৰু সোঁতৰ শতিকাৰ ইউৰোপত বহুতো শক্তিশালী ৰজাই ৰাষ্ট্ৰৰ দৈৱিক উৎপত্তি তত্ত্বৰ ওপৰত ভিত্তি কৰি স্বেচ্ছাচাৰী শাসন চলাইছিল। মানুহ ধৰ্মীয় গোড়ামিৰ পৰা মুক্ত হোৱাৰ লগে লগে ৰাষ্ট্ৰৰ জৈৱিক উৎপত্তি তত্ত্বৰ ওপৰত প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰে। ইংলেণ্ডত টাচ্ হছে ৰাষ্ট্ৰৰ উৎপত্তি সম্পর্কে সামাজিক চুক্তি তত্ত্বৰ অৱতাৰণা কৰি ৰাষ্ট্ৰৰ উৎপত্তিৰ কেন্দ্ৰবিন্দু ভগৱানৰ সলনি ব্যক্তিলৈ পৰিৱৰ্তন কৰে। ইয়াৰ লগে লগে ৰাষ্ট্ৰৰ উৎপত্তি বিষয়ক দৈৱিক তত্ত্বৰ অন্ত পৰে আৰু ৰজাৰ ক্ষমতাৰ উৎস সম্বন্ধে প্রশ্ন উত্থাপন হ’বলৈ ধৰে। ৰাষ্ট্ৰ আৰু ৰাজনীতিৰ মূল বিষয়বস্তু ব্যক্তি বুলি পৰিগণিত হোৱাৰ লগে লগে ব্যক্তিকেন্দ্ৰীক চিন্তা-ধাৰাৰ বিকাশ তান্বিত হ’বলৈ ধৰে। হৰ্‌ছৰ পিছত ল’ক, ৰুছো, বেছাম, মিল, গ্ৰীণ আদিৰ দৰে চিন্তাবিদৰ প্ৰভাৱত ব্যক্তিবাদৰ বিকাশ সম্পূৰ্ণ হয় আৰু ই উদাৰতাবাদৰ এটা আধাৰ হিচাপে পৰিগণিত হৈ পৰে।

এনেদৰে ইউৰোপত যোৱা ৪০০ বছৰ ধৰি উদাৰতাবাদৰ বিকাশ ঘটিছিল। এই সময়চোৱাত উদাৰতাবাদৰ স্বৰূপৰো ভালেখিনি পৰিৱৰ্তন ঘটিছিল। বিকাশৰ প্ৰথম অৱস্থাত উদাৰতাবাদে ব্যক্তি স্বতন্ত্ৰতাৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰিছিল আৰু ৰাষ্ট্ৰৰ কাম-কাজ অতি সীমিত হোৱাটো বিচাৰিছিল। এই সময়চোৱাৰ উদাৰতাবাদক সনাতন বা নেতিবাচক (Classical or Negative) উদাৰতাবাদ বুলি কোৱা হয়। আনহাতে সনাতন উদাৰতাবাদে ৰাষ্ট্ৰৰ কাৰ্য পৰিধি অতি সীমিত কৰাৰ ফলত সমাজত সৃষ্টি হোৱা বর্ধিত আর্থ-সামাজিক বৈষম্য আৰু আন কিছুমান জটিল সমস্যাৰ পৰিপ্ৰেক্ষিতত কুৰি শতিকাত ইতিবাচক বা আধুনিক উদাৰতাবাদৰ জন্ম হয়। 

২১। বহু সংস্কৃতিবাদ মানে কি? বহু সংস্কৃতিবাদৰ প্ৰধান আৰ্হিকেইটা বৰ্ণনা কৰা। (What is multiculturalism? Discuss the main models of Multiculturalism?)

উত্তৰঃ বহু সংস্কৃতিবাদ হল বিভিন্ন সাংস্কৃতিক জনগোষ্ঠীৰ সমান অধিকাৰ, সমমর্যদা আৰু সামাজিক সুৰক্ষা তথা সমতা আৰু সামাজিক ন্যায় স্বীকৃতি প্রদানৰ এক মতবাদ।

বহু সংস্কৃতিবাদে বিভিন্ন সংস্কৃতি সুৰক্ষা আৰু সমবিকাশৰ ধাৰণা প্ৰদান কৰে। ৰাজনৈতিক অৰ্থত বহু সংস্কৃতিবাদ বিভিন্ন সংস্কৃতিৰ প্ৰতি সন্মান-সংৰক্ষণ, সাংস্কৃতিক বৈচিত্ৰ্যতাৰ উপযুক্ত আইনগত বা সাংবিধানিক সুৰক্ষা, সকলো জনগোষ্ঠীৰ সমানাধিকাৰৰ স্বীকৃতি, সকলো ধৰ্মীয়, ভাষীক আৰু নৃগোষ্ঠীসমূহৰ নিজস্ব সত্তা, স্বাধীনতা ৰক্ষাৰ বাবে উপযুক্ত চৰকাৰী নীতি নিৰ্দ্ধাৰণ আদি ধাৰণা প্রয়োগ কৰা হয়।

ৰাষ্ট্ৰীয় সাধাৰণ আৰু সামূহিক নীতিৰ পৰা ৰাষ্ট্ৰত বসবাস কৰি থকা বিভিন্ন সাংস্কৃতিক জনগোষ্ঠীৰ সুকীয়া সাংস্কৃতিক সত্তা আৰু ক্ষুদ্ৰ জাতীয় সত্তাক সাংবিধানিক স্বীকৃতি প্রদানৰ ধাৰণাক বহু সংস্কৃতিবাদ বোলা হয়।

সমসাময়িক কালত বহু সংস্কৃতিৰ ধাৰণাটো দুটা অৰ্থত ব্যৱহাৰ কৰা হয়–

(ক) পোনতে বিভিন্ন সংস্কৃতিৰ মাজত আন্তঃসংযোগ, আন্তঃক্ৰিয়া আৰু মুকলি সাংস্কৃতিক বিনিময়ত গুৰুত্ব দিয়া হয়। বিভিন্ন সংস্কৃতিৰ মাজৰ যোগসূত্রই সাংস্কৃতিক ভিন্নতা হ্ৰাস কৰি বহু সংস্কৃতিবাদ গঢ়ি তুলিব পাৰে।

(খ) দ্বিতীয় নীতি অনুযায়ী, বৈচিত্র্যতা আৰু সাংস্কৃতিক একীকত্বৰ ওপৰত গুৰুত্ব দিয়া হয়। সাংস্কৃতিক বিচ্ছিন্নতাই এটা জাতিৰ স্থানীয় সংস্কৃতিবোৰৰ নিজস্বতা বজাই ৰাখি বিশ্ব সাংস্কৃতিক বৈচিত্ৰতাৰ গাঠনিত সহায় কৰিব পাৰে।

বহু সংস্কৃতিবাদৰ প্ৰধান আৰ্হিঃ উইল কিনলিকাই তেওঁৰ “Contemporary Political Philosophy, An Introduction” নামৰ গ্ৰন্থখনত বহু সংস্কৃতিবাদৰ পাঁচটা আৰ্হিৰ কথা উল্লেখ কৰিছে। সেইকেইটা হ’ল—

(ক) জাতীয় সংখ্যালঘুসকলঃ ভিন্ন সমাজ ব্যৱস্থাত ভিন্ন ধৰণৰ সম্প্ৰদায়ৰ লোক বসবাস কৰে আৰু এই সম্প্রদায়ক সংখ্যালঘু হিচাপে নামাকৰণ কৰা হয়। জাতীয় সংখ্যালঘু দুই প্ৰকাৰৰ। বশীভূত জাতি আৰু খিলঞ্জীয়া জনসাধাৰণ। বশীভূত জাতি বুলিলে সেইবোৰ সম্প্রদায় বা জাতিক বুজায় যিবোৰ জাতিৰ আগতে হয়তো এখন ৰাষ্ট্ৰ আছিল নাইবা এখন নিজাববীয়া ৰাষ্ট্ৰৰ বাবে সংঘৰ্ষ কৰি আছে। খিলঞ্জীয়া জনসাধাৰণ বুলিলে সেইবোৰ সম্প্রদায়ক বুজায় যাৰ ভূমিসমূহ নতুন নতুন বাসিন্দা কিছুমানে অধিকাৰ কৰি লয় আৰু তেওঁলোকৰ জীৱন ধাৰণৰ বিষয়টোলৈ প্ৰত্যাহবান কঢ়িয়াই আনে।

(খ) ভগনীয়া গোষ্ঠী বা পমুৱা গোষ্ঠীঃ ভগনীয়া গোষ্ঠী বুলিলে সেইবোৰ মানুহক বুজায় যাৰ নিজৰ মাতৃভূমি থাকে আৰু আন এখন সমাজলৈ তেওঁলোকে প্ৰব্ৰজন কৰে। যিহেতুকে এই গোষ্ঠীটোৱে তেওঁলোকৰ নিজস্ব সংস্কৃতিক জীয়াই ৰখাৰ উপৰিও সংখ্যাগৰিষ্ঠ সমাজৰ সংস্কৃতিৰ লগত কোনো ধৰণৰ দমন নীতিৰ জৰিয়তে সংগঠিত হোৱা নাছিল গতিকে তেওঁলোকৰ সংস্কৃতিক ধৰি ৰাখিবলৈ সুবিধা দিব লাগে। এই প্ৰক্ৰিয়াক প্ৰব্ৰজনকাৰী বা ভগনীয়া বহু সংস্কৃতিবাদ হিচাপে জনা যায়।

(গ) পৃথক ধর্মীয় নৃগোষ্ঠীসমূহঃ প্রত্যেক সমাজ ব্যৱস্থাত এনেকুৱা কিছুমান জাতি বা জনগোষ্ঠী থাকে যি সকলে বৃহৎ সমাজ ব্যৱস্থাৰ অংশ হ’বলৈ অস্বীকাৰ কৰি অকলশৰীয়াকৈ থাকিব বিচাৰে। তেওঁলোক স্ব-ইচ্ছাই ৰাজনৈতিক বিষয় বা সভ্য সমাজৰ কাম-কাজত অংশগ্রহণ নকৰে। এই গোষ্ঠীসমূহ বিশেষকৈ ধর্মীয় গোষ্ঠী যিয়ে ধর্মীয় নীতিৰ ওপৰত গুৰুত্ব দি বৃহৎ সমাজ ব্যবস্থাৰ পৰা নিজকে পৃথক কৰি ৰাখে। এই গোষ্ঠীসমূহে দাবী পূৰণ কৰাটো প্রয়োজনীয় বুলি বিবেচনা কৰে নিজৰ সুৰক্ষাৰ বাবে।।

(ঘ) বহিৰাগতঃ বহিৰাগতসকলে সাধাৰণতে অনিয়মিত বা অবৈধ প্ৰব্ৰজনকাৰী। এই লোকসকলে ভিন্ন সমাজত ভিন্ন ৰাষ্ট্ৰত অনুমতি অবিহনে বা কম সময়ৰ বাবে অনুমতি লৈ প্ৰৱেশ কৰে কিন্তু চিৰদিনৰ বাবে থাকি যায়। যেতিয়াই এই লোকসকলে কোনো ৰাষ্ট্ৰত প্ৰৱেশ কৰে, তেওঁলোকে নিজকে সেইখন ৰাষ্ট্ৰৰ ভৱিষ্যত নাগৰিক হিচাপে নাইবা দীঘলীয়া সময়ৰ বাসিন্দা হিচাপে অনুভৱ নকৰে অৱশ্যে পিছলৈ তেওঁলোক সেই নিৰ্দিষ্ট ৰাষ্ট্ৰখনৰ স্থায়ী বাসিন্দা হৈ পৰে।

(ঙ) আমেৰিকাবাদী আফ্রিকানঃ সোতশ আৰু উনৈশ শতিকাৰ মাজভাগত আফ্ৰিকাৰ দাসসকলক দাস শ্রমিক হিচাপে আমেৰিকালৈ নিয়া হৈছিল। আফ্ৰিকাৰ এই দাসসকলৰ প্ৰতি সম্ভতিসকলক বর্তমান সময়ত আমেৰিকাবাসী আফ্রিকান বা ক’লা আমেৰিকান বুলি জনা যায়। ১৮৬০ চনত দাসত্ব প্ৰথাৰ অৱসান ঘটোৱা হৈছিল আৰু ক’লা আমেৰিকানসকলক নাগৰিকত্ব প্ৰদান কৰা হৈছিল। অৱশ্যে বৰ্তমান সময়তো এই ৰাষ্ট্ৰত এনেকুৱা কিছুমান আইন প্ৰচলিত হৈ আছে যে যাৰ ফলত এই লোকসকলে এতিয়াও সামঞ্জস্যতা বা অ-মানৱীয় আচৰণ সহ্য কৰিবলগীয়া হৈ আছে। ১৯৫০ আৰু ১৯৬০ চনত হোৱা পৌৰ অধিকাৰৰ আন্দোলনে আমেৰিকাত বসবাস কৰা আফ্রিকানসকলক কিছুমান অধিকাৰ প্ৰদান কৰিছিল।

২২। বহুসংস্কৃতিবাদৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা। (Discuss the characteristics of Multiculturalism)

উত্তৰঃ বহুসংস্কৃতিবাদৰ বৈশিষ্ট্য (Characteristics of Multiculturalism): বহুসংস্কৃতিবাদৰ অৱধাৰণাটো ভালদৰে বিশ্লেষণ কৰিলে ইয়াৰ কেতবোৰ মৌলিক বৈশিষ্ট্য পৰিলক্ষিত হয়। এই বৈশিষ্টবিলাক তলত আলোচনা কৰা হ’ল—

(ক) সাংস্কৃতিক বিচিত্ৰতাক সমৃদ্ধি প্ৰদান কৰাঃ বহু সংস্কৃতিবাদৰ প্ৰধান চৰিত্ৰ হৈছে সাংস্কৃতিক বিভিন্নতাক সুৰক্ষা প্ৰদান কৰা। প্রত্যেক সমাজত বহু সাংস্কৃতিক সমল আছে। এই উপাদানবোৰৰ নিজ নিজ জীৱন-শৈলী আছে। বৈচিত্রতাপূর্ণ জীৱন-শৈলীৰ সংৰক্ষণ আৰু সমৃদ্ধিদানেই হ’ল বহুসংস্কৃতিবাদৰ মূল লক্ষ্য।

(খ) সংখ্যালঘুৰ সাংস্কৃতিক সুৰক্ষাঃ বহুসংস্কৃতিবাদে সংখ্যালঘু শ্ৰেণী বা গোষ্ঠীৰ অধিকাৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। সংখ্যালঘু গোষ্ঠীৰ সংস্কৃতি যাতে বৃহৎ সংস্কৃতিৰ প্ৰভাৱত নাইকিয়া হৈ নাযায় তাৰ বাবে সংখ্যালঘু গোষ্ঠীৰ সংস্কৃতি সমূহৰ সুৰক্ষাৰ বাবে যোগাত্মক পদক্ষেপৰ সহায়ত অধিক ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

(গ) সামাজিক ন্যায়ৰ ভিত্তিত প্ৰতিস্থিতঃ বহুসংস্কৃতিবাদ আৰু সামাজিক ন্যায়ৰ মাজত আত্মিক সম্পর্ক বিদ্যমান। সামাজিক ন্যায়ৰ অনুপস্থিতিত বহুসংস্কৃতিবাদ জীয়াই থাকিব নোৱাৰে। সামাজিক ন্যায় আৰু বহুসংস্কৃতিবাদৰ সম্পৰ্কৰ বিষয়ে যথাস্থানত বহুলভাৱে আলোচনা কৰা হৈছে।

(ঘ) অসমতাৰ অনুপস্থিতিঃ বহুসংস্কৃতিবাদী সমাজত অসমতাৰ অনুপস্থিতি লক্ষ্য কৰা যায়। অর্থাৎ চৰকাৰী আঁচনি বা সমাজ ব্যৱস্থাত কোনো সাংস্কৃতিক সমূহক উচ্চ আৰু আন সাংস্কৃতিক সমূহক নিম্ন স্তৰৰ বুলি গণ্য কৰা নহয়। অর্থাৎ, সকলো সাংস্কৃতিক গোষ্ঠীকে সমান মর্যাদাৰে চোৱা হয়।

(ঙ) একক সংস্কৃতিৰ বিৰোধিতাঃ বহু সংস্কৃতিবাদে একক সংস্কৃতিৰ বিৰুদ্ধাচৰণ কৰে কাৰণ একক সাংস্কৃতিক সমাজত কোনো সংস্কৃতিয়ে অন্যান্য সংস্কৃতিক নিয়ন্ত্ৰণ কৰাৰ লগতে তেনে সংস্কৃতিৰ বিকাশতো বাধা প্ৰদান কৰে কেৱল এয়ে নহয়, আনকি একক সংস্কৃতিপূর্ণ সমাজত দেখা যায় যে ৰাষ্ট্ৰ, আইন, বিদ্যালয় আদিৰ মাধ্যমেৰে মাত্ৰ এটা সংস্কৃতিৰে প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰা হয়। বহুসংস্কৃতিবাদে এনে কৌশলৰ তীব্ৰ বিৰোধিতা কৰি এখন সহনশীল সমাজৰ পোষকতা উপভোগ কৰাৰ লগতে অন্য সংস্কৃতিৰ প্ৰতিও একে সন্মানৰ মনোভাব পোষণ কৰে।

(চ) ব্যক্তিৰ পৰিচয় হিচাবে সংস্কৃতিক প্রাধান্যঃ বহুসংস্কৃতিবাদে ব্যক্তিৰ পৰিচয় হিচাবে সংস্কৃতিক এক গুৰুত্বপূর্ণ উপাদান হিচাবে চিহ্নিত কৰিছে। বহুসংস্কৃতিবাদৰ সমৰ্থকসকলৰ মতে, মানুহৰ লগত সংস্কৃতিৰ অভিন্ন সম্পর্ক আছে। সংস্কৃতিৰ প্ৰভাৱক বাদ দি মানুহ থাকিব নোৱাৰে। সেয়েহে ব্যক্তিৰ সাংস্কৃতিক পৰিচয়কো সমানে গুৰুত্ব প্ৰদান কৰা উচিত।

(ছ) সাংস্কৃতিক অধিকাৰ প্ৰদানৰ দাবীঃ বহুসংস্কৃতিবাদে ৰাজনৈতিক কৰ্তৃত্বৰ ওচৰত সাংস্কৃতিক অধিকাৰ প্ৰদানৰ দাবী উত্থাপন কৰে। তেওঁলোকৰ মতে, ব্যক্তিৰ অন্যান্য অধিকাৰৰ লগতে সাংস্কৃতিক অধিকাৰো অতি গুৰুত্বপূৰ্ণ অধিকাৰ। প্ৰতিজন ব্যক্তিয়ে নিজৰ সংস্কৃতি সুৰক্ষা তথা পালন কৰাৰ অধিকাৰ পোৱাৰ ওপৰত বহুসংস্কৃতিবাদে যথোচিত গুৰুত্ব প্ৰদান কৰে।

২৩। বহুসংস্কৃতিবাদৰ সফলতাৰ বাবে প্ৰয়োজনীয় চৰ্তাৱলীবোৰ আলোচনা কৰা। (Discuss the conditions of the necessary for the success of multiculturalism.)

উত্তৰঃ বহুসংস্কৃতিবাদৰ সফলতাৰ বাবে প্ৰয়োজনীয় চৰ্তাৱলী (Conditions for the success of Multiculturalism): বহুসংস্কৃতিবাদৰ সফলতাৰ বাবে প্ৰয়োজনীয় চৰ্তাৱলী তলত আলোচনা কৰা হ’ল-

(ক) গণতন্ত্র (Democracy): বহুসংস্কৃতিবাদ জীয়াই থাকিবলৈ হ’লে সমাজ ব্যৱস্থা গণতান্ত্রিক হ’ব লাগিব। গণতান্ত্রিক আদর্শইহে সকলোকে সমদৃষ্টি প্ৰদান কৰা তথা সহনশীল হ’বলৈ শিকায়। বহুসংস্কৃতিবাদ জীয়াই থাকিবলৈ সমতা আৰু সহনশীলতাৰ অতি প্রয়োজন। প্ৰতিটো সংস্কৃতিকে সমজ্ঞান কৰা তথা এটা সংস্কৃতিয়ে আনটোৰ প্ৰতি সহযোগিতা আৰু সহনশীলতা প্ৰদৰ্শন কৰিলেই বহুসংস্কৃতি অটুট থাকিব।

(খ) সামাজিক ন্যায় (Social Justice): বহুসংস্কৃতিবাদ সফল হোৱাৰ অন্যতম চৰ্ত হ’ল সামাজিক ন্যায়। সামাজিক ন্যায়ৰ মূল কাম হ’ল সমানৰ মাজত সমতা বিতৰণ কৰাৰ লগতে অনগ্ৰসৰ সকলৰ বাবে যোগাত্মক পদক্ষেপেৰে বিশেষ সুবিধা প্ৰদান কৰা। সৰু-বৰ সকলো সংস্কৃতিকে সমানে দৃষ্টি প্ৰদান কৰাৰ লগতে কোনো বিশেষ পৰিস্থিতিৰ বাবে কোনো সংস্কৃতিলৈ অস্তিত্বৰ সংকট আহিলে তেনে সংস্কৃতি জীয়াই ৰাখিবৰ বাবে যাৱতীয় কাৰ্য্যব্যৱস্থা কৰিব লাগে।

(গ) মানৱ অধিকাৰৰ ওপৰত গুৰুত্ব প্ৰদানঃ বহুসংস্কৃতিবাদৰ সফলতাৰ বাবে মানৱ অধিকাৰৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰা বা মানৱ অধিকাৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব লাগিব। জাতি, ধর্ম, বর্ণ বা গোষ্ঠী নির্বিশেষে মানৱ অধিকাৰ উপভোগৰ ব্যৱস্থা থাকিব লাগিব। চৰকাৰী পৃষ্ঠপোষকতাত মাত্ৰ নিৰ্দিষ্ট গোষ্ঠীৰ বাবে কেৱল মানৱ অধিকাৰ সুৰক্ষাৰ ব্যৱস্থা থাকিলে বহুসংস্কৃতিবাদৰ নীতি ভংগ হ’ব।

(ঘ) গোষ্ঠীগত সম্পৰ্কৰ্ক নিৰাপত্তা বেষ্টনীৰ পৰা মুক্ত কৰাঃ বহুসংস্কৃতিবাদ জীয়াই থাকিবলৈ হ’লে ৰাষ্ট্ৰ আৰু সংস্কৃতিসমূহৰ সম্পৰ্কক নিৰাপত্তা বেষ্টনীৰ পৰা মুক্ত কৰিব লাগিব। এই বিষয়বোৰক নিৰাপত্তাৰ বিষয় হিচাপে গণ্য কৰাৰ পৰিবৰ্তে ইয়াক এক সামাজিক নীতি হিচাবেহে বিবেচনা কৰাটো দৰকাৰ। যেতিয়াই ৰাষ্ট্ৰই কোনো গোষ্ঠীৰ লগত সম্পৰ্ক কৰোতে নিৰাপত্তা দিশটোক গুৰুত্ব দিয়ে বা কোনো গোষ্ঠীৰ প্ৰতি নিৰাপত্তাৰ স্বাৰ্থত সন্দেহ প্ৰকাশ কৰে তেতিয়াই বহুসংস্কৃতিবাদ প্ৰত্যাহ্বানৰ সন্মুখীন হয়।

(ঙ) সীমান্ত নিয়ন্ত্রণঃ বহুসংস্কৃতিবাদ সফল হোৱাৰ আন এটি চৰ্ত হ’ল সীমান্ত নিয়ন্ত্রণ কৰা। কিয়নো, অনেক সময়ত সীমান্ত অতিক্ৰম কৰি অহা বহিৰাগত উপাদানসমূহে অনেক সংস্কৃতিৰ অস্তিত্বৰ প্ৰতি সংকট কঢ়িয়াই আনে।

(চ) অৰ্থনৈতিক আৰু ৰাজনৈতিক সুবিধা প্রদানঃ বহুসংস্কৃতিবাদ জীয়াই থাকিবলৈ কেবল সাংস্কৃতিক বৈচিত্ৰতাৰে প্ৰয়োজন নহয়। ইয়াৰ লগত প্রয়োজন উপযুক্ত ৰাজনৈতিক আৰু অর্থনৈতিক পৰিবেশ। প্ৰতিটো সাংস্কৃতিক সমূহেই ৰাজনৈতিক ক্ষেত্ৰত অংশগ্ৰহণৰ সুযোগ পোৱাৰ লগতে অর্থনৈতিক প্রয়োজনীয়তাবোৰ নিজৰ জীৱন পদ্ধতিৰ লগত প্ৰযোজ্য হোৱাকৈ পূৰণ কৰাৰ ব্যৱস্থা থাকিব লাগে। অর্থনৈতিক আৰু ৰাজনৈতিক সুবিধাৰ অভাৱ হ’লে বহুসংস্কৃতিবাদ জীয়াই থাকিব নোৱাৰে। মুঠতে, বহুসংস্কৃতিবাদ কোনো শূণ্যস্থানত জীয়াই থাকিব নোৱাৰে। ইয়াৰ বাবে এক ৰাজনৈতিক পৰিবেশৰ প্রয়োজন। উপযুক্ত পৰিবেশৰ অভাৱতে অনেক সমাজত বহুসংস্কৃতিবাদে গা কৰি উঠিব পৰা নাই।

২৪। বহু সংস্কৃতিবাদ আৰু পৃথকীকৃত নাগৰিকত্ব বিষয়ে আলোচনা কৰা। (Discuss multiculturalism and Segregated citizenship.) 

উত্তৰঃ মতাদর্শ হিচাপে উদাৰতাবাদে সামাজিক অসমতা দূৰ কৰাৰ অৰ্থে আৰোপিত স্বকীয পৰিচয় (Ascribed Identity)ৰ ধাৰণাৰ বিৰোধিতা কৰাৰ লগতে নাগৰিক হিচাপে সকলো ব্যক্তিক একেধৰণৰ অধিকাৰ প্ৰদান কৰাৰ পোষকতা কৰে। উদাৰতাবাদী দৃষ্টিভংগী অনুসৰি নাগৰিকত্ব হৈছে এক সার্বজনীন ধাৰণা। অর্থাৎ উদাৰতাবাদী ৰাষ্ট্ৰই জাতি-ধর্ম, বর্ণ-ভাষা, সম্প্রদায় নির্বিশেষে সকলো শ্ৰেণীৰ লোককে নাগৰিকত্ব প্রদান কৰাৰ পোষকতা কৰে। অন্যহাতে, বহু সংস্কৃতিবাদৰ মতে, সকলো শ্ৰেণীৰ জনসাধাৰণকে একে ধৰণৰ অধিকাৰ প্ৰদান কৰাৰ জৰিয়তে সংস্কৃতিৰ ভিত্তিত আধাৰিত বৈষম্যৰাজি দূৰ কৰিব নোৱাৰি। সংখ্যালঘু সাংস্কৃতিক গোটবিলাকৰ প্রতি কেতবোৰ বিশেষ অধিকাৰৰ স্বীকৃতি প্রদানৰ জৰিয়তেহে এনেধৰণৰ বৈষম্য দূৰ কৰাটো সম্ভৱপৰ। সাংস্কৃতিক গোষ্ঠী ভেদে নাগৰিকসকলক তেওঁলোকৰ সাংস্কৃতিক স্বকীয়- পৰিচয়ৰ আধাৰত পৃথকীকৰণ কৰা আৰু লগতে এক ৰাষ্ট্ৰ ব্যৱস্থাত বিভিন্ন সাংস্কৃতিক গোটবিলাকে ভিন্নধর্মী অধিকাৰ ভোগ কৰিব পাবে বুলি থকা ধাৰণা হৈছে বহু ‘সংস্কৃতিবাদ’ ভাবাদর্শটোৰ এক গুৰুত্বপূর্ণ বৈশিষ্ট্য আৰু পৃথকীকৃত নাগৰিকত্ব (Differentiated Citizenship)ৰ ধাৰণাৰ জৰিয়তে এই বৈশিষ্ট্য স্পষ্ট ৰূপত প্রতিফলিত হয়।

পৃথকীকৃত নাগৰিকত্বৰ ধাৰণাটোৱে উদাৰতাবাদী আদর্শৰ সার্বজনীন নাগৰিকত্বৰ ধাৰণাটোক প্রত্যাখ্যান কৰিব খোজে। বহুসংস্কৃতিবাদৰ মতে, সার্বজনীন নাগৰিকত্বৰ এক মৌলিক আঁসোৱাহ আছে। ই সকলো ব্যক্তি একেই আৰু সেয়ে সকলো নাগৰিকৰ প্রতি সমদৃষ্টি প্রদান কৰাৰ পোষকতা কৰে। এইধৰণৰ সমজাতীয়তা (Homogeneity)ৰ ধাৰণাই সামাজিক পৰিচয় সৃষ্টি কৰা বিভিন্ন গোট বা গোট পার্থক্যক অৱহেলা কৰে। সেয়েহে সার্বজনীন নাগৰিকত্বৰ ধাৰণাই ব্যক্তিৰ সামাজিক পৰিচয়ক উহ্য ৰাখি ৰাষ্ট্র ব্যৱস্থাৰ কেৱল নাগৰিক হিচাপেহে পৰিচয় দাঙি ধৰে। এনে ধৰণৰ ব্যৱস্থাত ব্যক্তিৰ একমাত্র পৰিচয় হৈছে তেওঁৰ ‘নাগৰিকত্ব’। এনে সমাজত মাত্রায়িত গোটৰ সদস্যসকলে তেওঁলোকৰ স্বকীয় পৰিচয় ত্যাগ কৰি সংখ্যাগৰিষ্ঠ সম্প্রদায়ৰ দৃষ্টিভংগী অনিচ্ছা স্বত্বেও গ্রহণ কৰিব লগা হয়। সুবিধা লাভ কৰি থকা সংখ্যাগৰিষ্ঠ সাংস্কৃতিক গোটৰ নীতি-নিয়ম তথা দৃষ্টিভংগীক সার্বজনীন নাগৰিকত্বৰ ধাৰণাই সাংস্কৃতিক সাম্রাজ্যবাদ (Cultural Imperialism)ৰ ভেটিও গঢ়ি তুলিব পাৰে। সেয়েহে বহুসংস্কৃতিবাদে ভিন্নতাৰ আধাৰত নাগৰিকসকলক পৃথকীকৃত কৰাৰ পোষকতা কৰে, যাতে সকলো গোষ্ঠীয়ে বিশেষ বিশেষ অধিকাৰ উপভোগ কৰিবলৈ সমর্থ হয়। এই পৃথকীকৃত নাগৰিকত্বৰ ধাৰণাটোৱে মূলতঃ দুটা গুৰুত্বপূর্ণ কার্য সম্পাদন কৰে। প্ৰথমতে, এই ধাৰণাটোৱে প্রত্যেক মাত্রায়িত সাংস্কৃতিক গোষ্ঠীৰেই পৃথক পৃথক অস্তিত্ব অটুত ৰাখিব পাবে, দ্বিতীয়তে, এই মাত্রায়িত সাংস্কৃতিক গোটসমূহৰ বিশেষ অধিকাৰ সমূহৰ ৰক্ষণাবেক্ষণ সম্ভৱপৰ হয়। গতিকে সাংস্কৃতিকভাৱে ভিন্ন এখন সমাজত আত্মীকৰণ প্ৰক্ৰিয়াৰ আধাৰত প্ৰতিষ্ঠিত সার্বজনীন নাগৰিকত্বৰ ধাৰণাৰ তুলনাত সাংস্কৃতিক ভিন্নতাৰ ওপৰত আধাৰিত পৃথকীকৃত নাগৰিকত্বৰ ধাৰণাটো অধিক ফলপ্রসু বুলি ক’ব পৰাৰ স্থল আছে।

২৫। বহু সংস্কৃতিবাদ আৰু সামাজিক ন্যায়ৰ বিষয়ে আলোচনা কৰা। (Discuss multiculturalism and social justice)

উত্তৰঃ সামাজিক ন্যায়ৰ অৱধাৰণাটো সমতাৰ তিনিটা মূল নীতিৰ আধাৰত প্ৰতিষ্ঠিত- (ক) সমান সকলৰ মাজত সমতা (Equality among equals), (খ) আনুপাতিক সমতা (Proportionate equality) আৰু (গ) বিশেষ প্রয়োজনৰ স্বীকৃতি (Recognition of Social needs)। বহু সংস্কৃতিবাদ আৰু সামাজিক ন্যায়ৰ মাজত এক গভীৰ সম্পৰ্ক আছে। এক তাত্বিক ধাৰণা হিচাপে বহু সংস্কৃতিবাদ সামাজিক ন্যায়ৰ ওপৰত প্রতিষ্ঠিত। আন অর্থত, সামাজিক ন্যায় হৈছে বহু সংস্কৃতিবাদী সমাজ প্রতিষ্ঠাব মূল চর্ত। দুয়োটা ধাৰণা পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল বুলিব পাৰি। সমাজৰ প্ৰচলিত সামাজিক বৈষম্য দূৰ কৰি প্ৰতি গৰাকী ব্যক্তিয়ে যাতে ন্যায্য প্রাপ্তিৰ পৰা বঞ্চিত হ’ব লগা নহয় তাৰ প্ৰতি দুয়োটা ধাৰণাই লক্ষ্য ৰাখে। সাংস্কৃতিক ভাবে ভিন্ন গণতান্ত্রিক সমাজ ব্যৱস্থাত সামাজিক ন্যায়ৰ অৱধাৰণাটো বহু সংস্কৃতিবাদৰ সৈতে ওতঃপ্রোতভাৱে জড়িত।

সাধাৰণতে, এক সাংস্কৃতিক সমাজ ব্যৱস্থাত য’ত নেকি সাংস্কৃতিক ভিন্নতা দেখিবলৈ পোৱা নাযায়, তেনে সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত বহু সংস্কৃতিবাদৰ অৱধাৰণাটোৱেই উত্থাপন নহয়। এক সাংস্কৃতিক সমাজ ব্যৱস্থাত ৰাষ্ট্ৰযন্ত্রই ইয়াৰ নীতি নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে প্রভাবিত কৰি সকলো জনসাধাৰণক এক সাংস্কৃতিক বান্ধোনেৰে বান্ধি ৰখাব প্রয়াস কৰে। ইয়াৰ পৰিৱর্তে বহু সাংস্কৃতিক সমাজ ব্যৱস্থাত ৰাষ্ট্রযন্ত্রই বল বা শক্তি প্রয়োগেৰে সাংস্কৃতিক গোট বিলাকৰ মাজৰ সাংস্কৃতিক ভিন্নতা দূৰীকৰণৰ চেষ্টা কৰিলে সমাজত বিদ্ৰোহৰ সূত্রপাত হ’ব পাৰে। এনে প্রেক্ষাপটত বহু সংস্কৃতিবাদৰ ধাৰণাটোৱে বহুসাংস্কৃতিক ব্যৱস্থাত সাংস্কৃতিক ভিন্নতা দূৰ কবি সামাজিক ন্যায় প্ৰদানৰ জৰিয়তে সাংস্কৃতিকভাবে ভিন্ন গোটবিলাকৰ প্ৰতি কেনেদবে ন্যায়ৰ সুনিশ্চয়তা প্রদান কৰিব পৰা যায় তাৰ ওপৰতেই বহুসংস্কৃতিবাদে গুৰুত্ব আৰোপ কৰে।

এনেতে মনত হয়তো প্ৰশ্নৰ উদ্রেক হ’ব যে বহু সংস্কৃতিবাদে কেনেদৰে সামাজিক ন্যায় প্রতিষ্ঠাত অৰিহণা যোগাব? এই ক্ষেত্রত স্পষ্ট মত হ’ল যে গণতান্ত্রিক সমাজ ব্যৱস্থাত সকলো শ্ৰেণীৰ ব্যক্তি বা গোটকে সম-অধিকাৰ প্ৰদান কৰিলেও তেওঁলোকৰ মাজত অসমতাৰ অভিযোগ থাকিব পাৰে। কিন্তু ভিন্নধর্মী সমাজ এখনত প্ৰতিটো গোটৰ সাংস্কৃতিক অধিকাৰক গুৰুত্ব প্রদান কৰাৰ কথাটো আহি পৰে আৰু তেতিয়াই সামাজিক ন্যায় আৰু বহুসংস্কৃতিবাদৰ মাজত সম্পর্ক স্থাপন হয়। যদি ৰাষ্ট্ৰ ব্যৱস্থাটোরে বিভিন্ন সংখ্যালঘু সাংস্কৃতিক গোটবিলাকক অৱহেলা কৰে অথবা এই গোটসমূহৰ বিৰুদ্ধে কঠোৰ নীতি-অৱলম্বন কৰে তেনেহ’লে সেই সমাজত বিশৃংখলতা আহি পৰাটো নিশ্চিত। এখন বহুসংস্কৃতিবাদী সমাজত বিভিন্ন সাংস্কৃতিক গোষ্ঠীবিলাকৰ মাজত থকা শোষণ আৰু বঞ্চনাৰ অভিযোগসমূহ নিষ্পত্তি কৰিবলৈ হ’লে সকলোকে সম-অধিকাৰৰ লগতে কিছুমান জনগোষ্ঠীৰ বিশেষ অধিকাৰৰ সু-নিশ্চয়তা প্রদান কৰিব লাগিব। তেতিয়াহে প্রকৃতার্থত সামাজিক ন্যায় প্রতিষ্ঠা কৰাটো সম্ভৱপৰ হ’ব। তেনেহ’লে সেই সমাজত বিশৃংখলতা আহি পৰাটো নিশ্চিত। সেয়েহে এখন বহুসংস্কৃতিবাদী সমাজত বিভিন্ন সাংস্কৃতিক গোষ্ঠী বিলাকৰ মাজত থকা শোষণ আৰু বঞ্চনাৰ অভিযোগসমূহ নিষ্পত্তি কৰিবলৈ হ’লে সকলোৰে সম-অধিকাৰৰ লগতে কিছুমান জনগোষ্ঠীৰ বিশেষ অধিকাৰৰ লগতে কিছুমান জনগোষ্ঠীৰ বিশেষ অধিকাৰৰ সু-নিশ্চয়তা প্রদান কৰিব লাগিব। তেতিয়াহে প্রকৃতার্থত সামাজিক ন্যায় প্রতিষ্ঠা কৰাটো সম্ভৱপৰ হ’ব।

পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰবিলাকত সামাজিক ন্যায় প্রতিষ্ঠা কাৰণে বিভিন্ন সময়ত সংগ্রাম চলা পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰত মাটিন লুথাৰ কিঙৰ নেতৃত্বত কৃষ্ণাংগসকলে নিজ অধিকাৰ সাব্যস্তকৰণৰ বাবে এক দীঘলীয়া সংগ্রাম চলাবলগীয়া হৈছিল। এনেদৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পটভূমিত কৃষ্ণাংগসকলৰ এক স্বকীয় সাংস্কৃতিক পৰিচয় গঢ় লৈ উঠিছিল। কিন্তু সাংস্কৃতিক-ৰাজনৈতিক অধিকাৰসমূহ ভোগ কৰাৰ ক্ষেত্ৰত কৃষ্ণাংগসকল দ্বিতীয় শ্ৰেণীৰ নাগৰিক (Second Class Citizen)লৈ পৰিণত হৈছিল। অনুৰূপধৰণে দক্ষিণ আফ্রিকাতো ৰাষ্ট্ৰ ব্যৱস্থাৰ বৰ্ণবান্দী নীতিৰ ফলস্বৰূপে কৃষ্ণাংগ লোকসকলৰ সাংস্কৃতিক তথা মানৱ অধিকাৰ সমূহৰ ব্যাপক হাৰত উলংঘন হৈছিল। নেলচন মেন্ডেলাৰ নেতৃত্বত দক্ষিণ আফ্রিকাৰ ৰাষ্ট্ৰব্যৱস্থাৰ এনে বর্ণবৈষম্যবাদৰ বিৰুদ্ধে ব্যাপক গণ আন্দোলন গঢ়ি তোলা হৈছিল। এনে আন্দোলনৰ ফলস্বৰূপে বর্ণবৈষম্যবাদী নীতিৰ অৱসান ঘটিছিল। এই সকলোবিলাক ক্ষেত্রতে নৃগোষ্ঠীসমূহৰ মাজত বৈষম্য তথা অসমতা দূৰীকৰণৰ ক্ষেত্ৰত বহুসংস্কৃতিবাদেই হৈছে সর্বোৎকৃষ্ট কৌশল আৰু এই কৌশলৰ উপযুক্ত প্রয়োগৰ জৰিয়তেহে সামাজিক ন্যায় প্রতিষ্ঠা কৰাটো সম্ভৱপৰ। 

এনেদৰে বিশ্লেষণ কৰি চালে ক’ব পাৰি যে বহুসংস্কৃতিবাদ প্রতিষ্ঠাৰ ক্ষেত্ৰত সামাজিক ন্যায়ে যিদৰে সহায় কৰে ঠিক অনুৰূপধৰণে এখন প্রকৃত বহুসংস্কৃতিবাদী সমাজতহে সামাজিক ন্যায় প্রতিষ্ঠা বর্তি থাকিব পাৰে। সাংস্কৃতিক অধিকাৰৰ পৰা ব্যক্তি তথা সাংস্কৃতিক গোষ্ঠীসমূহক বঞ্চিত কৰাৰ অৰ্থই হ’ল সামাজিক ন্যায় নীতিৰ পৰা আঁতৰাই ৰখা। গতিকে ওপৰৰ আলোচনাৰ পৰা এইটো স্পষ্ট হয় যে বহুসংস্কৃতিবাদ আৰু সামাজিক ন্যায়ৰ মাজত এক অতি নিবিড় সম্বন্ধ বিদ্যমান। সুকীয়া সাংস্কৃতিক পৰিচয় গঢ়ি তোলাৰ কাৰণে সামাজিক ন্যায় প্রতিষ্ঠা কৰিব লাগে আৰু এই সামাজিক ন্যায় প্রতিষ্ঠাৰ বাবে বহুসংস্কৃতিবাদী নীতি গ্রহণ কৰাটো অপৰিহাৰ্য। এনেদৰে দুয়োটাই এটা আনটোৰ পৰিপূৰক।

২৬। বহু সংস্কৃতিবাদৰ সমালোচনাবোৰ আলোচনা কৰা। (Discuss the criticism of multiculturalism)

উত্তৰঃ ‘বহুসংস্কৃতিবাদ’ ৰাজনৈতিক মতাদর্শই সমসাময়িক উদাৰ নৈতিক গণতান্ত্রিক ৰাজনৈতিক ব্যৱস্থাৰ ত্রুটিপূর্ণ দিশসমূহ আঙুলিয়াই দেখুওৱাৰ লগতে ভাৰতবৰ্ষৰ দৰে বহু সংস্কৃতিসম্পন্ন সমাজত গণতন্ত্র আৰু সামাজিক ন্যায়ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ক্ষুদ্র বিভিন্ন সাংস্কৃতিক গোটবিলাকৰ স্বকীয় পৰিচয় অক্ষুণ্ণ ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আন কথাত ক’বলৈ হ’লে কোনো এখন সমাজ ব্যৱস্থাত সাংস্কৃতিকভাৱে প্রতিটো সাংস্কৃতিক গোটে নায্যতা প্রাপ্তিৰ কাৰণে বহুসংস্কৃতিবাদী পদক্ষেপ গ্রহণ কৰাটো নিতান্তই প্রয়োজনীয়। যিহেতু সম্প্রত্তি অধিকাংশ সমাজ ব্যৱস্থাতে সাংস্কৃতিকভাৱে ভিন্নধর্মী গোট তথা সম্প্রদায়বিলাকৰ উপস্থিতি দেখিবলৈ পোৱা গতিকে এনে পৰিস্থিতিৰ প্ৰেক্ষাপটত বহুসংস্কৃতিবাদৰ গুৰুত্ব তথা জনপ্রিয়তা অত্যধিকভাবে বৃদ্ধি পোৱাৰ উপক্ৰম হৈছে অৱশ্যে এই ৰাজনৈতিক মতাদর্শৰ বিভিন্ন ত্রুটিপূর্ণ দিশ দেখিবলৈ পোৱা যায় কাৰণে বহু সময়ত এই মতাদর্শটোৱে সমালোচনাৰ সন্মুখীন হৈ আছে। এই আঁসোৱাহসমূহ তলত উল্লেখ কৰা হ’ল-

(ক) পৰিসৰৰ সংকীর্ণতা (Limited Scope): সমালোচকসকলৰ মতে, বহুসংস্কৃতিবাদে এখন সমাজত মাত্রায়িত (Marginalised) অনগ্ৰসৰ গোটসমূহৰ ক্ষেত্ৰত থকা বৈষম্যমূলক আচৰণ তথা অসমতা দূৰীকৰণ অর্থে গ্রহণ কৰা পদক্ষেপসমূহ কেবল সাংস্কৃতিক ক্ষেত্রখনতেই সীমাবদ্ধ কৰি ৰাখিব বিচাৰিছে যিয়েই বহুসংস্কৃতিবাদৰ পৰিসৰ সংকুচিত কৰি তুলিছে। উদাৰতাবাদী গণতান্ত্রিক ৰাষ্ট্র তথা সমাজ ব্যৱস্থাত মাত্রায়িত গোটসমূহৰ অসমতা দূৰীকৰণৰ বাবে বহুদিশধৰ্ম্মী নীতি অৱলম্বন কৰিব লগা হয়। কিন্তু ইয়াৰ বিপৰীতে বহু সংস্কৃতিবাদে বৈষম্য দূৰীকৰণৰ বিষয়টো কেৱল সাংস্কৃতিক দৃষ্টিকোণৰ পৰা আলোচনা কৰা পৰিলক্ষিত হয়। সমালোচক সকলৰ মতে, বহুসংস্কৃতিবাদ প্রসংগিকতা এক সংকীর্ণ পৰিসৰৰ মাজত গ্রহণযোগ্য নহয়।

(খ) গোট বিশেষৰ অধিকাৰ নাথাকে: বহুসংস্কৃতিবাদ আদৰ্শৰ সৈতে জড়িত সংস্থা গঠন আৰু বিবেকৰ স্বাধীনতাৰ ওপৰত সমালোচকসকলে প্রশ্ন উত্থাপন কৰিছে, সস্থা গঠন আৰু বিবেকৰ স্বাধীনতাৰ দৰে দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ হ’লে সাংস্কৃতিক গোটসমূহৰ বিশেষ সুৰক্ষাৰ পৰিৱৰ্তে ব্যক্তিৰ সন্থা গঠন, বিবেকৰ স্বাধীনতাৰ অধিকাৰকহে সুৰক্ষা দিয়াৰ প্রয়োজনীয়তা আছে। চন্দ্রন কুকাথাচৰ মতে, সমাজত গোটবিশেষৰ কোনো অধিকাৰ নাথাকে ব্যক্তিগত অধিকাৰহে থাকে। ৰাষ্ট্ৰই সাংস্কৃতিক গোটবিলাকক বিশেষ সুৰক্ষা আৰু অধিকাৰ প্ৰদান কৰি নিজৰ পৰিসীমা অতিক্রম কৰিছে। কিয়নো ৰাষ্ট্রই ব্যক্তিগত অধিকাৰহে ৰক্ষণাবেক্ষণ দিব লাগে, গোট বিশেষৰ নহয়।

(গ) ৰাষ্ট্ৰীয় ঐক্য সংহতিৰ পৰিপন্থী (Detrimental to National Unity): সমালোচকসকলৰ মতে, বহুসংস্কৃতিবাদ ৰাষ্ট্ৰীয় ঐক্য আৰু সংহতিৰ পৰিপন্থী। ৰাষ্ট্ৰীয় সমাজৰ স্খলনৰ সূচনা কৰি ৰাষ্ট্ৰীয় সত্তাৰ প্ৰতি চৰম বিপৰ্যয়ৰ সৃষ্টি কৰিছে বুলি সমালোচকসকলে যুক্তি দর্শাইছে। তেওঁলোকৰ মতে, বহুসংস্কৃতিবাদীসকলে বিভিন্ন সাংস্কৃতিক গোট সমূহে স্বকীয় সাংস্কৃতিক সত্তা আৰু পৰিচয় অক্ষুণ্ণ ৰাখি পাৰস্পৰিক প্ৰভাৱ আৰু সহযোগিতাৰ নীতি অনুসৰণ কৰা বুলি যি দাবী কৰিছে সেই মূল্যবোধ কিমান দূৰ স্থায়ী আৰু সমাজৰ পক্ষে সমাদৃত হ’ব সেয়া সম্পূৰ্ণৰূপে সন্দেহৰ আৱৰ্তত।

(ঘ) পুনঃবিতৰণৰ ৰাজনীতিৰ গুৰুত্ব হ্রাস (Decline of Politics of re-distribution): বহুসংস্কৃতিবাদৰ বিৰুদ্ধে আন এক সমালোচনা হ’ল যে এই ভাবাদর্শটোৱে স্বীকৃতিৰ ৰাজনীতি (Politics of recognition)ৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰি পুনঃবিতৰণৰ ৰাজনীতিৰ গুৰুত্ব হ্রাস কৰা পৰিলক্ষিত হয়। বহুসংস্কৃতিবাদৰ অন্যতম সমালোচক বি. বেৰী (B. Barry)ৰ মতে, বহুসংস্কৃতিবাদে ক্ষুদ্র ক্ষুদ্র সাংস্কৃতিক গোটবিলাকৰ স্বীকৃতিব ৰাজনীতিৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে। সম্পদ পুনঃবিতৰণৰ ৰাজনীতিৰ ওপৰত গুৰুত্ব নিদিয়ে। তেওঁ কৈছে যে স্বীকৃতিৰ ৰাজনীতিয়ে মানুহৰ সমমর্যাদাৰ ক্ষেত্ৰত থকা অসমতাৰ বিৰোধীতা কৰে আৰু লগতে তাৰ প্রতীকী সমাধানৰহে পোষকতা কৰে। আনহাতেদি, সম্পদ পুনঃবিতৰণৰ ৰাজনীতিয়ে অর্থনৈতিক ক্ষেত্রত থকা অসমতাৰ বিৰোধীতা কৰে আৰু সমাজৰ অর্থনৈতিক পুনঃ গঠনত গুৰুত্ব আৰোপ কৰে। বহুসংস্কৃতিবাদৰ তাত্ত্বিকসকলে অর্থনৈতিক অসমতাৰ বিৰুদ্ধে মতপোষণ কৰাৰ বিপৰীতে কেৱল সাংস্কৃতিক অন্যায়ৰ বিপক্ষেহে যুক্তি দশোৱা পৰিলক্ষিত হয় বুলি সমালোচকসকলে যুক্তি দশাইছে।

(ঙ) জাতি বা ৰাষ্ট্রক দুর্বল কৰিছে: বহুসংস্কৃতিবাদে জাতি-ৰাষ্ট্ৰৰ ধাৰণাটোক দুর্বল কৰা বুলি সমালোচকসকলে যুক্তি দশহিছে। বহুসংস্কৃতিবাদে সাংস্কৃতিক একত্ৰীকৰণৰ পৰিৱৰ্তে ভিন্নতাক উৎসাহ যোগোৱাৰ জৰিয়তে জাতীয়-ৰাষ্ট্ৰৰ বাবে প্রয়োজনীয় আনুগত্যক বিভক্ত কৰাৰ সম্ভাৱনা কোনো প্ৰকাৰে নুই কৰিব নোৱাৰি। প্ৰকৃতাৰ্থত সাংস্কৃতিক গোটবিলাকৰ মাজৰ সাংস্কৃতিক ভিন্নতাই ৰাষ্ট্র তথা জাতি গঠনৰ প্ৰক্ৰিয়াক সবলীকৰণৰ পৰিৱৰ্তে দুৰ্বল কৰাতহে অৰিহণা যোগোৱা বুলি সমালোচকসকলে মন্তব্য আগবঢ়াইছে।

(চ) জাতীয়তাবাদৰ বিৰোধী মনোবৃত্তিৰ উদ্রেক হোৱাত সহায়ক হয়- সমালোচকসকলে বহুসংস্কৃতিবাদৰ ধাৰণাটোবে জাতীয়তা বিৰোধী মনোবৃত্তিৰ উদ্রেক হোৱাত অৰিহণা যুগোৱা বুলি যুক্তি দশহিছে। জাতীয় ঐক্য সংহতিৰ লক্ষ্যত উপনীত হোৱাত বহুসংস্কৃতিবাদে প্রতিবন্ধকতাব সৃষ্টি কৰে। বহুসংস্কৃতিবাদৰ বিৰুদ্ধে নানাধৰণৰ সমালোচনা উত্থাপিত হ’লেও ইয়াৰ গুৰুত্ব কোনো প্ৰকাৰে অস্বীকাৰ কৰিব নোৱাৰি। গণতান্ত্রিক ৰাষ্ট্র ব্যৱস্থাত প্রতিটো সাংস্কৃতিক গোটৰ সাংস্কৃতিক ব্যৱস্থা সুৰক্ষিত হ’লেহে গণতন্ত্ৰৰ ভেটি শক্তিশালী হ’ব। উদাৰতাবাদী গণতান্ত্রিক ব্যৱস্থাত বহুসংস্কৃতিবাদে সংখ্যালঘু তথা বিশেষ সাংস্কৃতিক গোটবিলাকৰ বিশেষ অধিকাৰ আৰু স্বতন্ত্রতাৰ পোষকতা কৰি এক শক্তিশালী সমাজ গঠনৰ পোষকতা কৰিছে।

এনেদৰে গণতান্ত্রিক ৰাষ্ট্ৰত ববকৰা সাংস্কৃতিক গোটবিলাকৰ স্বকীয় সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত হ’লেহে গণতান্ত্রিক ব্যৱস্থাটো অধিক শক্তিশালী আৰু সাফল্যমণ্ডিত হ’ব।

২৭। উদাৰনীতি কি? উদাৰনীতিৰ মৌলিক উপাদানবোৰ ব্যাখ্যা কৰা। (What is Liberalism? Explain the basic elements of Liberalism.)

উত্তৰঃ উদাৰনৈতিক চিন্তাৰ কেন্দ্রস্থল হ’ল প্রধানকৈ ইংলেণ্ড আৰু ফ্রান্স। ইংলেণ্ড আৰু ফ্রান্সতেই প্রথমতে প্রচলিত মধ্যযুগীয়া চিন্তাৰ বিৰুদ্ধে প্রতিক্রিয়া লক্ষ্য কৰা যায়। উদাৰতাবাদৰ উদ্ভৱ প্রধানকৈ এই দুই দেশতেই হয়। যি দর্শন বা মতবাদে এক নতুন শ্রেণীৰ দাবী আৰু সামাজিক-অর্থনৈতিক, ৰাজনৈতিক ধাৰাক উৎসাহিত কৰিছে, তাকেই উদাৰনৈতিক দর্শন বা মতবাদ বোলা হয়। উদাৰতাবাদৰ মূল লক্ষ্য হ’ল বিশ্ব বাণিজ্য আৰু বজাৰত প্ৰসাৰ; পুঁজিপতি শ্ৰেণীৰ বিকাশ আৰু ৰাজনৈতিক আৰু সামাজিক চিন্তাৰ নৱজাগৰণ। আচলতে ৰাষ্ট্রক কল্যাণকামী অনুষ্ঠান হিচাবে প্রতিষ্ঠা কৰাই হ’ল উদাৰনৈতিক চিন্তাবিদসকলৰ মূল লক্ষ্য। ৰাষ্ট্ৰ যে অন্যান্য অনুষ্ঠান বা সংস্থাতকৈ ব্যাপক বহুধর্মী আৰু স্থায়ী এই ধাৰণাৰ বিকাশত উদাহৰণতকৈ চিন্তাবিদসকলৰ বৰঙণি উল্লেখযোগ্য উদাৰ তাত্তিকসকলৰ মতে ৰাষ্ট্র এটি ৰাজনৈতিক অনুষ্ঠান আৰু গণতান্ত্রিক প্রক্রিয়াবিলাক কার্যক্রমে মনোনিবেশ কৰে। বহুত্ববাদী প্যানেলবাদীসকলে কৈছে যে ৰাষ্ট্রটোৱে এনেকুৱা কিছুমান ব্যক্তিসকলৰ উত্থানৰ ওপৰত ভিত্তি কৰে যি বিলাকে সমাজ গঠন কৰে আৰু ক্ষমতাৰ সজ্জিত হয়। ৰাষ্ট্ৰ সাধাৰণ বিষয় পৰিচালনাৰ কাৰণে শক্তি প্রয়োগ কৰে। ৰাজনীতিৰ প্ৰসঙ্গত ৰাষ্ট্ৰ আৰু সমাজৰ ধাৰণাবো পার্থক্য আছে। ৰাষ্ট্র গঠন হয় সমাজলৈ। শক্তি সমাজৰ গুৰুত্বপূৰ্ণ উপকৰণ হ’ল মানুহ। ভাৰতীয় উদাৰপন্থী চিন্তাবিদসকলে স্বাধীনতাৰ ওপৰত জোৰ দিছিল। তেওঁলোকে ৰাষ্ট্ৰৰ স্বায়ত্ত শাসনৰ প্রতি জোৰ দিছিল। তেওঁলোকে ৰাষ্ট্ৰক দুটা ভিন্ন দৃষ্টিকোণৰ পৰা চায়। তাৰে এটা হ’ল ৰাজনৈতিক প্রতিষ্ঠানিক আৰু আনটো ৰাজনৈতিক অর্থনীতি।

(ক) ৰাজনৈতিক প্রতিষ্ঠানিক দৃষ্টিকোণঃ ৰাজনৈতিক প্রতিষ্ঠানিক দৃষ্টিকোণৰ ওপৰত যোগেন্দ্র যাদব, এজন ভাৰতীয় পণ্ডিত সদ্য স্বাধীন ৰাষ্ট্ৰ আৰু সমসাময়িক ৰাজনৈতিক তত্ত্ব উভয়ৰেই প্ৰভাৱশালী পৰামৰ্শ দিছে। ভাৰতৰ ৰাজনীতি কিছু পৰিমাণে পশ্চিমীয়া ৰাজনীতিৰ মডেলৰ দ্বাৰা বর্ধিত। উদাৰ আধুনিকীকৰণ তত্ত্ব পৰা উদ্ভত, ৰাষ্ট্ৰৰ প্ৰাথমিক বিবৰণটো ৰাজনৈতিক প্রতিষ্ঠান আৰু গণতান্ত্রিক প্রক্রিয়াটোৰ কামসমূহত মনোনিবেশিত কৰিছিল। এটি স্থিতিশীল গণতন্ত্র প্রতিষ্ঠাৰ অৰ্থ ৰাজনৈতিক ইতিহাসত প্রচলিত আইনসমূহৰ বিৰুদ্ধে যিটো ভাৰতত গণতান্ত্ৰিক পৰীক্ষাৰ সাফল্যৰ সম্ভাৱনা সম্পর্কে সন্দেহ আছিল। ৰজনী কোঠাৰী তেওঁৰ সাফল্যক বহুত্ববাদী সহনশীলতা আৰু সংস্কৃতিৰ বাবে দায়ী কৰিছে। এই যুক্তিটো গণতান্ত্রিক মহাকাশচাৰ আৰু গণতন্ত্ৰৰ ভাৰত মণ্ডলৰ বিকল্প প্রস্তাৱ কৰিছিল।

(খ) ৰাজনৈতিক অর্থনীতিৰ দৃষ্টিভংগীঃ উদাৰপন্থীসকলে যেনেকৈ একমত হৈছিল যে ৰাজনৈতিক ব্যৱস্থা মানুহৰ আন্তঃ সংযোগৰ বাস্তুশাস্ত্ৰৰ মাজত কাম কৰে, যেনেকৈ সামাজিক, অর্থনৈতিক আৰু ধর্মসমূহ। সংবিধান আৰু ৰাজনৈতিক প্রতিষ্ঠান অধ্যয়নৰ মাজতেই ৰাজনীতিৰ ক্ষেত্র সীমাবদ্ধ কৰা উচিত নহয়। ভাৰতীয় ৰাষ্ট্ৰৰ মূল সমালোচনা নব্য-শাস্ত্রীয় অর্থনীতিবিদসকলৰ মাজৰ পৰাই আহিছে যাৰ অৰ্থনৈতিক বিকাশ ৰাষ্ট্ৰৰ ভূমিকাক লৈ উদ্বিগ্ন। জে ভগৱতী আৰু চি.এন. শ্রীনিবাসে উল্লেখ কৰিছিল যে কিদৰে পৰিকল্পনা আৰু আমদানিৰ বিকল্পৰ সমন্বয়ৰ কৌশলটি উচ্চ-ব্যয়বহুল অর্থনীতিত দুর্নীতি, অদক্ষতা আৰু বিকৃতিৰ দ্বাৰা পৰিপূৰ্ণ হৈছিল। পৰিকল্পনা, আঞ্চলিক বৈচিত্র্য আৰু শিল্প ক্ষমতাব নিয়ন্ত্রণৰ যুক্তি একাধিক নিয়ন্ত্ৰণৰ জন্ম দিয়ে যিটো আমোলাতান্ত্রিক আৰু ৰাজনৈতিক অভিনেতা তেওঁলোকৰ সুবিধার্থে, ইঞ্জিনিয়াৰিং ভাড়া-সন্ধানে ব্যৱহাৰ কৰিব পাৰে। ৰাজনৈতিক বিজ্ঞানীসকলে অর্থনৈতিক প্রবৃদ্ধিৰ লগত তেনেকুৱা উদ্বিগ্ন নহয়, অৱশ্যে ৰাজনৈতিক ব্যৱস্থা আৰু গণতান্ত্রিক প্ৰকৃতিৰ লগত থাকে।

২৮। “সর্বকালৰ বিদ্যামান সমাজৰ ইতিহাস শ্রেণী যুদ্ধৰ ইতিহাস।” শ্রেণীবদ্ধ তত্ত্বৰ আলোকত মার্ক্সৰ তত্ত্বৰ বিবৃতিটো আলোচনা কৰা। (“The history of all hitherto existing society is the history of Class War.” Discuss the statement in the light of the Marx’s theory of Class Struggle.)

উত্তৰঃ জামানীৰ খ্যাতনামা দার্শনিক কার্লমার্ক্সক সমাজবাদৰ জনক বুলি কোৱা হয়। মার্ক্সবাদৰ মূল তত্ত্বকেইটা তলত উল্লেখ কৰা হ’ল-

(ক) ইতিহাসৰ বস্তুবাদী ব্যাখ্যা।

(খ) শ্রেণী সংগ্রাম।

(গ) উদ্বৃত মূল্য সিদ্ধান্ত।

(ঘ) দণ্ডাত্মক বস্তুবাদ।

(ঙ) সর্বহাবাব একনায়কত্ববাদ।

(ক) ইতিহাসৰ বস্তুবাদী ব্যাখ্যাঃ মানৱ সভ্যতাৰ ইতিহাস কেৱল সংঘৰ্ষৰ ইতিহাস। ই সদায় বস্তুমুখী। মানুহে নিজৰ জীৱন নিৰ্বাহৰ বাবে প্ৰকৃতিৰ সংসৰ্গলৈ আহি কিছুমান যন্ত্র-পাতি তৈয়াৰ কৰি ল’লে আৰু সেইবোৰক উৎপাদনৰ আহিলা বোলে। ইয়াৰ মাধ্যমেৰে সমাজৰ অন্য মানুহৰ লগত সম্পর্ক স্থাপন হয়। সেইবাবে ইয়াক মানুহৰ মাজৰ সম্পৰ্ক উৎপাদনৰ সম্পর্ক বোলে। এইদৰে উৎপাদন আহিলা আৰু উৎপাদনৰ সম্পর্ক লগ লাগি অর্থতন্ত্র গঠিত হয়। সেয়ে গোটেই সমাজৰ যোগসূত্র হ’ল অৰ্থতন্ত্র।

মার্ক্সৰ মতে সমাজৰ যিমানবিলাক পৰিৱৰ্তন অথবা বিপ্লৱৰ সূচনা হৈছে সেই আটাইবোৰে উৎপাদন আৰু তাৰ বিতৰণৰ ফলস্বৰূপে হোৱা। যেতিয়া উৎপাদন আৰু বিতৰণ প্ৰণালীৰ পৰিৱৰ্তন হয়, তেতিয়া সমাজৰ ৰাজনীতি, দর্শন, ধর্ম আদি সকলোতে পৰিৱৰ্তন হয়। মার্ক্সে ইতিহাসক পাঁচোটা ভাগত ভগাইছে- আদিম যুগ, দাপৰ যুগ, সমান্ত যুগ, পুঁজিবাদী যুগ আৰু সমাজবাদী যুগ। এইবোৰ এটাৰ পিছত আনটো আহি আছে। তেওঁৰ মতে-“পুঁজিবাদী যুগৰ শোষিত শ্রমিকে বিদ্রোহ কৰি সমাজবাদী যুগৰ ৰচনা কৰিব। এনে যুগত সৰু সৰু ৰাষ্ট্ৰবোৰ বিলোপ গৈ গোটেই পৃথিৱীতে এখন বর্ণহীন, শ্রেণীহীন সমাজ তথা ৰাষ্ট্ৰৰ জন্ম হ’ব।”

(খ) শ্রেণী সংগ্রামঃ উৎপাদন তথা বিতৰণ পদ্ধতিৰ ব্যক্তিবাদী ব্যৱস্থাৰ বাবে ধনী মানুহে উদ্বৃত্ত মূল্য দুখীয়াৰ পৰা শোষণ কৰিবলৈ সুবিধা পায়। ফলত সমাজখন দুটা শ্রেণীত ভাগ হৈ পৰে। এই দুয়োটা শ্রেণী বুৰ্জোৱা বা ধনী আৰু প্ৰলিটাৰিয়েট বা শ্রমিক পৰস্পৰ বিৰোধী। ধনীৰ মতলব শ্রমিকক শোষণ কৰি আৰু বেছি ধনী হোৱা আৰু দুখীয়াব ইচ্ছা ধনীৰ হাতৰ পৰা ৰক্ষা পোৱা, কিন্তু পুঁজিবাদী সমাজত ধনীৰ শোষণৰপৰা শ্রমিকক বিবাদত প্রবৃত্ত হয়। কালক্ৰমত এই সংঘর্ষ বা বিবাদে প্রচণ্ড আকাৰ ধাৰণ কৰিব।

(গ) উদ্বৃত্ত মূল্য সিদ্ধান্তঃ মার্ক্সৰ চিন্তাবাদৰ মূল বক্তব্য হ’ল- উদ্বৃত্ত মূল্যৰ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি শ্ৰম হৈছে উৎপাদনৰ প্রধান আহিলা। যেতিয়া কোনো বস্তু উৎপন্ন হয় তেতিয়া। বস্তুটোৰ আচল উৎপাদনৰ মূল্যত তাক বিক্ৰী কৰা নাযায়। সেইবাবে তাৰ বিক্ৰী মূল্য উৎপাদন মূল্যতকৈ বেছি হয়। এই উৎপাদন মূল্য আৰু বিক্রী মূল্যৰ পাৰ্থক্যটোৱেই উদ্বৃত্ত মূল্য। নিয়মমতে এই উদ্বৃত্ত মূল্যটো শ্রমিকসকলে পাব লাগে। কিন্তু ধনীসকলে যি উদ্যোগ আদি পৰিচালনা কৰে তেওঁলোকে নিজে ৰাখে। ফলত তেওঁলোকে শ্রম নকৰাকৈ লাভাংশ পায় আৰু শ্রমিকসকলে হাড়ভাঙা পৰিশ্ৰম কৰিও ন্যায়খিনি নাপায়। সেইবাবে ধনীবোৰে শ্ৰমিকৰ হাতৰ পৰা উদ্বৃত্ত মূল্য হাত কৰি দিনে দিনে বেচি ধনী হয় আৰু আনহাতে শ্রমিকসকল দিনে দিনে বেছি দুখীয়া হৈ যায়। ফলত গোটেই সমাজখনত মাথো দুটা শ্রেণী-ধনী বা বুর্জোৱা আৰু শ্রমিক বা প্ৰলিটাৰিয়েটৰ জন্ম হয়। মার্ক্স এই অবিচাৰ গুচোৱাৰ পক্ষপাতী আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top