Class 11 Geography Chapter 22 মাটি

Class 11 Geography Chapter 22 মাটি Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Geography Chapter 22 মাটি and select needs one.

SCERT Class 11 Geography Chapter 22 মাটি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 22 মাটি Solutions for All Subject, You can practice these here.

মাটি

অধ্যায় –২২

ভূগোল – দ্বিতীয় খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

ক) তলত দিয়া প্ৰশ্নবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা – 

প্ৰশ্ন:- ১) তলত দিয়া বোৰৰ ভিতৰত কোনপ্ৰকাৰৰ মাটি বিস্তৃত ভাবে পোৱা যায় আৰু অধিক উৎপাদন ক্ষম ?

ক) পলসুৱা মাটি ( alluvail soil )

খ) লেটেৰাইট মাটি ( latetrite soil )

গ) কলা মাটি ( black soil ) 

ঘ) লেটেৰাইট মাটি ( forest soil )

উত্তৰঃ- ক) পলসুৱা মাটি ( alluvail soil ) ।

প্ৰশ্ন:-২) কোনবিধক ৰেগুৰ মাটি নামেৰে জনা যায় ? 

ক) লৱনাক্ত মাটি ( saline soil ) 

খ) শুকান মাটি ( arid soil )

গ) কলা মাটি ( black soil ) 

ঘ) লেটেৰাইট মাটি ( leterite soil )

উত্তৰঃ- গ) কলা মাটি ( black soil ) । 

প্ৰশ্ন : – ৩) তলৰ কোনটোৰ দ্বাৰা ভাৰতৰ মাটিৰ ওপৰৰ অংশটো নোহোৱা হয় –

ক) বতাহৰ খনন কাৰ্য 

খ) পানীৰ খনন কাৰ্য

গ) অতিপাত ধুই নিয়া ( leaching ) 

ঘ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ- ক) বতাহৰ খনন কাৰ্য  ।

প্ৰশ্ন:- ৪) তলত উল্লেখ কৰা কোনটোৰ পানী যোগানৰ সহায়ত খেতি কৰা মাটিত লৱনতা বৃদ্ধি পায় ?

ক) জিপাচাম  যোগ দিয়া 

খ) বেছিকৈ ঘাঁহ খোৱা 

গ) অত্যাধিক পানী যোগান 

ঘ) সাৰৰ প্ৰয়োগ 

উত্তৰঃ- গ) অত্যাধিক পানী যোগান ।

উত্তৰ দিয়া

প্ৰশ্ন:-১) মাটি কাক বোলে ? 

উত্তৰঃ- পৃথিৱীৰ উপৰিভাগৰ শিলৰ গুৰি ( rock debris ) আৰু জৈৱ পদাৰ্থৰ সংমিশ্ৰণত সৃষ্টি হোৱা এবিধ কোমল পদাৰ্থ যত গছ গছনিয়ে গজালি মেলে । তেনে উপাদানকে মাটি বোলা হয় । ই গছ গছনি তথা মানুহৰ বাবে অতি গুৰুত্বপূৰ্ণ পদাৰ্থ ।

প্রশ্ন:-২) মাটি গঠনৰ কাৰণে দায়ী প্ৰধান কাৰক বোৰ কি কি ?

উত্তৰঃ- মাটি গঠনৰ কাৰণে বহুতো কাৰকে জড়িত হৈ থাকে যদিও তলত উল্লেখ কৰা কৰক কেইটাই প্ৰধান বুলি উল্লেখ কৰিব পাৰি ।

ক) ভূ অবয়ব ( relief ) 

খ) মূল পদাৰ্থ ( parent meterial )

গ) জলবায়ু ( climate ) 

ঘ) উদ্ভিদ জীৱ ( vegetation ) 

ঙ) সময় ( time )

চ ) মানুহৰ ক্ৰিয়া কৰ্ম ( human activity ) 

প্ৰশ্ন:-৩) মাটিৰ প্ৰফাইলৰ ( profile ) তিনিটা দিগন্ত বা মণ্ডলৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰঃ- মাটিৰ প্ৰফাইলৰ তিনিটা মণ্ডল – 

ক) “মণ্ডল A”

খ) “মণ্ডল B” 

গ) “মণ্ডল C”

মাটিৰ একেবাৰে ওপৰত থকা মণ্ডল বা দিগন্ত টোৰ নাম হল “মণ্ডল A”  । ইয়াত জৈৱ পদাৰ্থবোৰ ধাতব পদাৰ্থৰ লগত লগ লাগি থাকে । মণ্ডল A ৰ তলত মণ্ডল B অৱস্থিত । ইয়াৰ পদাৰ্থ বোৰ মণ্ডল A আৰু C ৰ পৰা অহা । ইয়াত কিছু জৈৱ পদাৰ্থ পোৱা যায় যদিও অজৈৱ পদাৰ্থই অধিক । মণ্ডল B ৰ তলত মণ্ডল C অৱস্থিত । ই সম্পূৰ্ণভাৱে এৰাই যোৱা ( loose ) মূল শিলৰ অংশৰে গঠিত ।

প্রশ্ন:-৪) মাটিৰ বিনষ্ট কৰণ ( degradation ) মানে কি ? 

উত্তৰঃ- বছৰ বছৰ ধৰি মাটিৰ ব্যৱহাৰ কৰাৰ ফলত মাটিৰ উৰ্বৰা শক্তি কমি যায় , ইয়াৰ উপৰিও মাটিৰ ওপৰৰ অংশ খহি যোৱাৰ ফলত বা অপব্যৱহাৰৰ ফলত মাটিৰ প্ৰাকৃতিক গুণাগুণ নষ্ট হৈ যোৱা কাৰ্যক মাটি বিনষ্ট কৰন বোলা হয় ।

প্ৰশ্ন:-৪) খাদৰ ( khadar ) আৰু ভাঙ্গৰ ( bhangar ) ৰ মাজত পার্থক্য কি ? 

উত্তৰঃ- খাদৰ আৰু ভাঙ্গৰৰ মাজত থকা পাৰ্থক্য তলত উল্লেখ কৰা হল – 

খাদৰ ( khador ) :- ক) নদী উপত্যকাৰ নিম্ন অংশত খাদৰ পোৱা যায় অৰ্থাৎ নতুন পলসুৱা মাটি ।

খ) ই অধিক লোমি ( loamy ) 

গ) অধিক সাৰুৱা ।

ভাঙ্গৰ ( bhangar ) :- ক) নদী উপত্যকাৰ উচ্চ অংশত পোৱা যায় আৰু পুৰণি পলসুৱা মাটি ।

খ) অধিক আলটিয়া ( clayey )

গ) কম সাৰুৱা ।

উত্তৰ দিয়া

প্ৰশ্ন:-১) কলা মাটি কি ? ই কেনেকৈ গঠিত হয় আৰু তাৰ বৈশিষ্ট্য বোৰ কি ? 

উত্তৰঃ- যি বিলাক মাটি দেখাত কলা বৰণৰ সাধাৰণতে আলটিয়া গভীৰ আৰু অভেদ্য আৰু পানী পৰিলে মাটিবোৰ ফুলি উঠে আৰু এঠাৰ দৰে হয় আৰু শুকান বতৰত কোচ খাই যায় । তেনে গুণা – গুণ সম্পন্ন মাটিক কলা মাটি ( black soil ) বোলা হয় । এ কলা মাটিক ‘ৰেস্তৰ মাটি’ বা  কলা কপাহ মাটি ( black cotton soil ) বুলিও জনা যায় । অৰ্দ্ধ শুকান ( semi – arid ) জলবায়ুৰ প্ৰভাৱত বেচাল্টিক শিলাৰ ( basaltic rocks ) পৰা এইবিধ মাটিৰ উৎপত্তি হয় । ৰাসায়নিক ভাবে এই বিধ মাটিত চুনৰ পৰিমাণ , লো , মেগনেছিয়াম , এলুমিনীয়াম আদি বেছিকৈ  থাকে । আনহাতে ফছফৰাছ , নাইট্ৰজেন আৰু জৈৱ পদাৰ্থৰ পৰিমাণ কমকৈ থাকে । বৰণ সাধাৰণতে কলাৰ পৰা ধূসৰ ৰংলৈ পোৱা যায় ।

প্ৰধান বৈশিষ্ট্য বোৰ হল – ক) লো , চূণ আৰু এলুমিনীয়ামৰ পৰিমাণ বেছি ।

খ) যথেষ্ট উৰ্বৰা আৰু শস্য উৎপাদনত সহায়ক ।

গ) ইয়াত জৈৱ পদাৰ্থৰ পৰিমাণ বৰ কম ।

ঘ) এইবিধ মাটি কপাহ খেতিৰ বাবে বৰ উপযোগী ।

ঙ) ই বহু দিনলৈ জলীয় ভাপ ধৰি ৰাখিব পাৰে ।

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

প্ৰশ্ন:- ২) মাটি সংৰক্ষণ কাক বোলে ? মাটি সংৰক্ষণ কৰা কেইটামান উপায়ৰ বিষয়ে লিখা ।

উত্তৰঃ- যি ব্যৱহাৰ জৰিয়তে মাটিৰ উৰ্বৰতা ৰক্ষা কৰিব পাৰি, মাটিৰ খনন কাৰ্য্য ৰোধ কৰিব পাৰি আৰু মাটিৰ অৱনমিত অৱস্থাৰ উন্নতি সাধন কৰিব পাৰি , তেনে ব্যৱস্থাক মাটি সংৰক্ষণ ( soil  conservstion ) বোলা হয় ।

মাটি সংৰক্ষণ কৰিবলৈ আজিকালি বিভিন্ন উপায় অৱলম্বন কৰা পৰিলক্ষিত হয় । তাৰে কেইটামান প্ৰধান উপায়ৰ বিষয়ে আলোচনা কৰা হল – 

ক) সমোচ্চ বান্ধ ( contour bunding ):- এঢলীয়া মাটিত মাটিৰ খনন কাৰ্য্য ৰোধ কৰিবৰ বাবে সমোচ্চ বান্ধৰ ব্যৱস্থা কৰিলে পাহাৰীয়া ঠাইত মাটি সংৰক্ষিত হৈ থাকিব ।

খ) সমোচ্চ বেদিকা ( contour terracing ) :- যিবোৰ অঞ্চলত খহনীয়া কাৰ্য্য বেছিকৈ হয় তেনেবোৰ ঠাইত সমোচ্চ বেদিকাৰ সৃষ্টি কৰি মাটি সংৰক্ষণ কৰিব পৰা যায় ।

গ) বাহি জংঘল নিয়মিত কৰায় ( regulated forestry ):- গছ গছনি নাথাকিলে মাটি সহজে খনন হয় । সেয়ে ইয়াক ৰোধ কৰিবলৈ হাবি জংঘল পৰিমাণ বৃদ্ধি কৰাৰ প্ৰয়োজন ।

ঘ) গৰু চৰা নিয়ন্ত্ৰণ ( controlled grazing ):- চৰণীয়া পশুই ঘাঁহ বা গছ গছনি খাই মাটি উকা কৰাই নহয় মাটিৰ গাঁথণি ঢিলা কৰি দিয়ে । 

যাৰ ফলত অলপ বৰষুণ পৰিলে মাটিৰ খনন আৰম্ভ হয় । সেয়ে চৰণীয়া জন্তু নিয়ন্ত্ৰণত ৰাখিব লাগিব ।

ঙ) আৱৰণ শস্যৰ খেতি কৰা ( cover cropping ) 

চ) সান মিহলি কৃষি ( mixed forming )

ছ) শস্যাবর্তন ( crop rotation ) 

প্ৰশ্ন:-৩) কোনো এক প্ৰকাৰৰ মাটি সাৰুৱা হয় নে নহয় কেনেকৈ জানিব ? প্ৰাকৃতিক পদ্ধতিত সাৰুৱা হোৱা মাটি আৰু কৃত্ৰিমভাৱে সাৰুৱা কৰা মাটিৰ মাজত থকা পাৰ্থক্য লিখা ? 

উত্তৰঃ- কোনো এক প্ৰকাৰৰ মাটি সাৰুৱা হয় নে নহয় এইটো জানিবলৈ হলে মাটিৰ  গুণাগুণৰ লগতে তাৰ বাহ্যিক বৈশিষ্টসমূহ যেনে – গঠন ( texture ) , বৰণ ( colour ),  মাটিৰ ঢাল ( slope of land ) আৰু মাটিত থকা জলীয় ভাপৰ  ( moisture in the soil ) বিষয়ে জানিব লাগিব । এইবোৰৰ বিষয়ে জানিবলৈ আমি মাটিখিনি সাৰুৱা হয় নে নহয় তাৰ বিষয়ে জানিব পাৰিম ।

প্ৰাকৃতিক পদ্ধতিত সাৰুৱা হোৱা মাটি :- যিবিলাক মাটিৰ উৰ্বৰা গুণ প্ৰকৃতিভাৱে বৃদ্ধি পায় তেনে মাটি প্ৰাকৃতিক ভাবে সাৰুৱা হোৱা মাটি  বোলা হয় । এই পদ্ধতিত মাটিৰ গঠন, বৰন আৰু মাটিৰ পানী শুহি ৰখা গুণবোৰ সামৰি লয় । ইয়াৰ উপৰিও এই ব্যৱস্থাত মাটিত থকা হিউমাছৰ উপস্থিতিৰ কথাও আহি পৰে ।

কৃত্ৰিমভাৱে সাৰুৱা মাটি :- ৰাসায়নিক পদাৰ্থ মিহলাই যেতিয়া মাটিৰ সাৰুৱা বা উৰ্বৰা শক্তি বৃদ্ধি কৰা হয়, তেনে মাটিক কৃত্ৰিমভাৱে সাৰুৱা হোৱা মাটি বোলা হয় । এনে ধৰণৰ মাটিত বছৰে বছৰে সাৰ যোগান ধৰিব লাগে । অন্যথাই মাটিৰ উৰ্বৰা শক্তি লোপ পায় । এক নির্দিষ্ট পৰিমাণৰ বেছি হলে এনে মাটিৰ গুণাগুণ চিৰদিনৰ বাবে নষ্ট হৈ যোৱাৰ সম্ভৱনা থাকে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top