Class 11 Geography Chapter 1 বিষয় হিচাপে ভূগোল বিজ্ঞান

Class 11 Geography Chapter 1 বিষয় হিচাপে ভূগোল বিজ্ঞান Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Geography Chapter 1 বিষয় হিচাপে ভূগোল বিজ্ঞান and select needs one.

SCERT Class 11 Geography Chapter 1 বিষয় হিচাপে ভূগোল বিজ্ঞান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 1 বিষয় হিচাপে ভূগোল বিজ্ঞান Solutions for All Subject, You can practice these here…

বিষয় হিচাপে ভূগোল বিজ্ঞান

অধ্যায় -১

ভূগোল-প্ৰথম খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

(ক) শুদ্ধ উত্তৰটো বাছি উলিওৱা :

প্ৰশ্ন : – ১/  ‘ভূগোল বিজ্ঞান’ শব্দটো তলত উল্লেখ কৰা পণ্ডিতকেইজনৰ ভিতৰত কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল ?

(ক) হিৰোডোটাছ  (Herodotus) ।

(খ) ইৰাটোছথেনিছ (Erathosthenese)।

(গ) গেলিলিঅ’ (Galileo) ।

(ঘ) এৰিষ্ট’টল (Aristotle)।

উত্তৰঃ – (খ) ইৰাটোছথেনিছ (Erathosthenese) ।

প্ৰশ্ন : –  ২/  তলত উল্লেখ কৰা অৱয়ববোৰৰ ভিতৰত কোনটো ‘প্ৰাকৃতিক অৱয়ব’ ।

(ক) বন্দৰ (Port)।

(খ) ৰাস্তা বা পথ (road)।

(গ) সমতল (Plain)।

(ঘ) পানীপার্ক বা নাওঁ-জাহাজ ৰখা ঠাই (Water park)।

উত্তৰঃ – (গ) সমতল (Plain) ।

প্ৰশ্ন : –  ৩/ দুয়োটা শাৰীৰ পৰা শুদ্ধযোৰ মিলোৱা আৰু তলৰ কেইটাৰ কোনটো শুদ্ধ চিন দিয়া ।

   প্ৰথম শাৰী                 দ্বিতীয় শাৰী

১)বতৰ বিজ্ঞান            ক) জনসংখ্যা ভূগোল 

২) জন ভূগোল           খ) মৃত্তিক ভূগোল 

৩) সমাজ বিজ্ঞান        গ) জলবায়ু বিজ্ঞান

৪) মাটি বিজ্ঞান         ঘ) সামাজিক ভূগোল

ক) (১) খ; (২) গ;  (৩) ক; (৪) ঘ

খ) (১) ক; (২) ঘ;  (৩) খ; (৪) গ;

গ) (১) ঘ; (২) খ;  (৩) গ; (৪) ক;

ঘ) (১) গ; (২) ক;  (৩) ঘ; (৪) খ ;

উত্তৰঃ – ঘ) (১) গ; (২) ক;  (৩) ঘ; (৪) খ ।

প্ৰশ্ন : –  ৪/ তলৰ প্ৰশ্নবোৰৰ কোনটো কাৰণ আৰু ফলা ফলৰ লগত সম্পৰ্কীয় ?

ক) কিয় ( Why )।    

খ) ক’ত ( Where )।

গ) কি ( Why )।       

ঘ) কেতিয়া ( When )।

উত্তৰঃ – ক) কিয় ( Why )  ।

প্ৰশ্ন : –  ৫/ তলৰ বিষয়বোৰৰ কোনটোৱে সময় লগলগাবলৈ চেষ্টা কৰে ?

ক) সমাজ বিজ্ঞান ( Sociology ) ।

খ) ভূগোল বিজ্ঞান ( Geography )।

গ) নৃতত্ব বিজ্ঞান বিজ্ঞান ( Anthropology )।

ঘ) বুৰঞ্জী বিষয় ( History )।

উত্তৰঃ – ঘ) বুৰঞ্জী বিষয় ( History ) ।

(খ ) চমু প্ৰশ্নোত্তৰ

প্ৰশ্ন : –  ১) তোমাৰ পঢ়াশালীলৈ যাওঁতে কি কি সাংস্কৃতিক অৱয়ব লক্ষ্য কৰিছা ? সেইবোৰ একেধৰনৰ নে বেলেগ বেলেগ ধৰণৰ ? এইবোৰক ভূগোল বিজ্ঞানৰ অন্তৰ্ভুক্ত কৰিব পাৰিনে নোৱাৰি ? যদি পাৰি কিয় ?

উত্তৰঃ – আমি ঘৰৰ পৰা পঢ়াশালীলৈ যাওঁতে যি বিলাক সাংস্কৃতিক অৱয়ব দেখিবলৈ পাওঁ সেইবোৰ একে ধৰণৰ নহয় । আমি দেখিবলৈ পোৱা উল্লেখযোগ্য সাংস্কৃতিক অৱয়বৰ ভিতৰত ৰাস্তা বা পথ ,  ঘৰ-দুৱাৰ ,  কল-কাৰখানা ,  হাট বজাৰ ,  যান-বাহন ,  আৰু খেতি – পথাৰ । এই বিভিন্ন ধৰণৰ অৱয়ববোৰৰ সংখ্যা গাঁও অঞ্চলত কম সংখ্যক ( খেতি – পথাৰৰ বাদে ) আনহাতে নগৰ বা চহৰ অঞ্চলত বেছি সংখ্যক পৰিলক্ষিত হয় । এই সকলো বিলাক অৱয়ব ভূগোল বিজ্ঞানৰ বিশেষকৈ মানৱ ভূগোলৰ উপাদান । সেয়ে এইবোৰ ভূগোল বিজ্ঞানৰ এক অবিচ্ছেদ অংগ ।

প্ৰশ্ন : –  ২) তোমালোকে এটা টেনিছ বল ক্ৰিকেট বল ,  কমলা টেঙা আৰু কোমোৰা দেখিছা । এইবোৰৰ ভিতৰত কোনটো পৃথিৱীৰ আকৃতিৰ লগত মিলে ? পৃথিৱীৰ আকৃতি বুজাবলৈ এই নিৰ্দ্দিষ্ট বস্তুটো তুমি কিয় বাচনি কৰিছা ।

উত্তৰঃ – আমি দেখিবলৈ পোৱা টেনিছ বল ,  ক্ৰিকেট বল ,  কমলা টেঙা আৰু কোমোৰাৰ ভিতৰত পৃথিৱীৰ আকৃতিৰ লগত সম্পৰ্ক নহলেও কিছু পৰিমানে মিল থকা বস্তুটো হ’ল কমলা টেঙা । কমলা টেঙাৰ মেৰুদণ্ডীয় ব্যাস বিষুৱীয় ( Equatorial ) ব্যাসতকৈ কিছু চুটি । আমাৰ পৃথিৱীখনেও নিজৰ কক্ষ পথত ঘূৰি থকাৰ ফলত ইয়াৰ বিষুৱীয় ব্যাসৰ পৰিমাণে মেৰুদণ্ডীয় ব্যাসতকৈ কিছু বেছি হোৱা দেখা যায় । সেয়ে পৃথিৱীৰ আকৃতি বুজাবলৈ আমি কমলা টেঙাক উদাহৰণ হিচাপে লব পাৰো ।

প্ৰশ্ন : –  ৩) তুমি তোমাৰ স্কুলত ‘বন মহোৎসৱ’ পালন কৰিছিলান ? আমি কিয় গছ পুলি ৰুব লাগে ? গছ – গছনিবোৰে কেনেকৈ পৰিস্থিতিক ভাৰসাম্য ৰক্ষা কৰে ? 

উত্তৰঃ – প্ৰতি বছৰে এক নিৰ্দিষ্ট সময়ত আমি স্কুলত ‘বন মহোৎসৱ’ ( Van Mahotsave ) পালন কৰি আহিছোঁ । পৃথিৱীত জনসংখ্যাৰ পৰিমাণ দ্ৰুত গতিত বাঢ়ি যোৱাৰ লগে লগে মানুহৰ বাসস্থান আৰু কৃষি ভূমিৰ নাটনিয়ে দেখা দিলে । এই নাটনি দূৰ কৰিবলৈ যাওঁতে প্ৰাকৃতিক অৰণ্যভূমিৰ পৰিমাণ হ্রাস হব ধৰিলে । অৰণ্যভূমিৰ পৰিমাণ হ্ৰাস হোৱাৰ ফলত বিশ্বত নানা পৰিৱেশিক সমস্যাই দেখা দিব ধৰিলে । সেইবোৰৰ ভিতৰত গোলকীয় উত্তাপ বৃদ্ধি ( Golbal Warning ) ,  মৰুভূমিৰ প্ৰসাৰ ( Desertification ) ইত্যাদি প্ৰধান । জনসংখ্যাৰ বৃদ্ধিৰ ফলত যিহেতু প্ৰাকৃতিক অৰণ্যভূমি ধ্বংশ হৈ সমস্যাৰ সৃষ্টি হৈছে ,  এই সমস্যাৰ সমূহ ৰোধ তথা নিৰাময়ৰ এক মাত্ৰ উপায় হৈছে  গছ – গছনি তথা অৰণ্যৰ পৰিমাণ বৃদ্ধি কৰা । সেয়ে আমি আটায়ে গছ পুনি ৰুব লাগে । গছ – গছনিৰ পৰিমাণ বৃদ্ধি হলে জলবায়ু জীৱ – জন্তুৰ অনুকূল হব , গৰা খহনীয়া ৰোধ হব ,  মৰুভূমি প্ৰসাৰত বাধাৰ সৃষ্টি হৈ ধৰণী সেউজীয়া হব আৰু বায়ুমণ্ডলত কাৰ্বন-ডাই অক্সাইডৰ (CO₂) পৰিমাণ কমি অক্সিজেনৰ (O) পৰিমাণ বৃদ্ধি পাব । যাৰ ফলত পৰিস্থিতিক ভাৰসাম্য অটুট থাকিব ।

প্ৰশ্ন : –  ৪ ) তোমালোকে হাতী , পহু , কেঁচু , গছ আৰু ঘাঁহ দেখিছা । ইহঁত কত থাকে বা ডাঙৰ – দীঘল হয় । ইহঁত থকা মণ্ডলটোৰ নাম কি ? এই মণ্ডলৰ কেইটামান প্ৰধান বৈশিষ্ট্য (features) বৰ্ণনা কৰিব পাৰিবানে ? 

উত্তৰঃ – আমি আটায়ে হাতী, পহু, কেঁচু গছ আৰু ঘাঁহ দেখিবলৈ পাইছোঁ । এই আটাইবোৰ জীৱ স্থলভাগত থাকে আৰু প্ৰাকৃতিকভাবে ডাঙৰ – দীঘল হয় । ওপৰত উল্লেখ কৰা জীৱবিলাক যিহেতু স্থলভাগত থাকে সেয়ে এই মণ্ডলটোক স্থলমণ্ডল বুলি কব পাৰো নতুবা বিভিন্ন জীৱ জীয়াই থকা বা বসবাস কৰা মণ্ডলটোক আমি জীৱমণ্ডল বুলিও কব পাৰো । জীৱমণ্ডলৰ কেইটামান বৈশিষ্ট্য হ’ল –

১) ই – স্থলভাগ , জলভাগ আৰু বায়ুমণ্ডলক সামৰি গঠিত হৈছে ।

২) এই মণ্ডলটোত বৃহৎআকাৰৰ জীৱ থকাৰ উপৰিও বহু সৰু সৰু খালি চকুৰে মণিব নোৱাৰা জীৱৰ বাসস্থান ।

৩) প্ৰাকৃতিক পৰিবেশৰ ভিন্নতাৰ লগে লগে এই মণ্ডলৰ জীৱ বৈচিত্ৰ্যতা বেলেগ হোৱা পৰিলক্ষিত হয় ।

প্ৰশ্ন : –  ৫) তোমাৰ ঘৰৰ পৰা স্কুল পাওঁতে কিমান সময় লাগে ? তোমাৰ স্কুলখন তোমাৰ ঘৰৰ পৰা ৰাস্তাৰ সিটো পাৰত অৱস্থিত নেকি ? তোমাৰ ঘৰ আৰু স্কুলৰ মাজত অহা – যোৱা কৰোতে সময় আৰু দূৰত্বৰ সম্পৰ্ক কি ? তুমি সময়ক ঠাইলৈ আৰু ঠাইক সময়লৈ ৰূপান্তৰ কৰিব পাৰেনে ?

উত্তৰঃ – ( ছাত্র – ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে জনোৱা হ’ল যে এই উত্তৰটো সকলোৰে এক নহব কিয়নো স্কুল বা বিদ্যালয়ৰ বিভিন্ন দূৰত্বত ছাত্ৰ – ছাত্ৰীবিলাকৰ ঘৰ থাকে । সেয়ে ইয়াত নিজৰ নিজৰ দূৰত্ব উল্লেখ কৰিব পাৰিবা । )

আমাৰ ঘৰৰ পৰা স্কুল পাওঁতে প্ৰায় এক ঘণ্টা সময় লাগে । হয় , আমাৰ স্কুলখন ৰাস্তাৰ সিটো পাৰত অৱস্থিত । এই পৰিঘটনাটো আমি এনেকৈও প্ৰকাশ কৰিব পাৰি । ঘৰখন (A) ৰ পৰা স্কুললৈ (B) যাওঁতে সময় লাগে ৬০ মিনিট খোজকাঢ়ি গলে বা চাইকেল চলাই গলে ১৫ মিনিট বা বাছত ৫ মিনিট সময় লাগে । ভূগোল বিজ্ঞানত সময় আৰু দূৰত্বৰ সম্পৰ্কে বিতংকৈ অধ্যয়ন কৰা হয় । সময়ক ঠাইলৈ আৰু ঠাইক সময়লৈ ৰূপান্তৰ কৰি লোৱাটো সম্ভৱ হয় ।

ভূগোল বিজ্ঞানৰ বিভিন্ন অৱয়ব সময় সাপেক্ষে বেলেগ হোৱা পৰিলক্ষিত হয় ,  ঠিক একে দৰে ঠাই বেলেগ অৱয়ব বেলেগ হোৱা দেখা যায় ।

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

প্ৰশ্ন : –  ৬)  তোমালোকে জানা যে পৃথিৱীৰ উপৰিভাগ মসৃণ নহয় । ইয়াক প্ৰাথমিক অৱয়বৰ পাৰ্থক্য আছে । এনে পাৰ্থক্যবোৰ পৃথিৱীৰ উপৰিভাগত কিয় দেখিবলৈ পোৱা যায় ।

উত্তৰঃ – আমি জানো যে পৃথিৱীখনে উত্তপ্ত অৱস্থাৰ পৰা শীতল অৱস্থালৈ আহোতে ইয়াৰ উপৰিভাগত নানা খলা – বমা ৰৈ যোৱাটো স্বাভাৱিক । আনহাতে পৃথিৱীৰ অন্তভাৰ্গত সৃষ্টি হৈ থকা বিভিন্ন শক্তি বিলাকৰ প্ৰভাৱ ( যেনে – ভূমিকম্প ,  আগ্নেয়গিৰী আদি ) ভিন ভিন অঞ্চলত ভিন ভিন । সেয়ে আমি পৃথিৱীৰ উপৰি ভাগত ভিন ভিন ভূ – অৱয়ব দেখিবলৈ পাওঁ । 

আনহাতে পৃথিৱীৰ উপৰিভাগত সংঘটিত হৈ থকা ব্যহ্যিক শক্তি ( External forces )  বিলাকৰ প্ৰভাৱ অঞ্চল ভেদে বেলেগ হোৱা পৰিলক্ষিত হয় । এই বিলাকৰ কাৰণেও পৃথিৱীৰ উপৰিভাগ একে ৰূপত দেখিবলৈ পোৱা নাযায় ।

গ) দীঘল প্ৰশ্নোত্তৰ

প্ৰশ্ন : –  ১) তুমি তোমাৰ চাৰিওফালে পত্যেকদিনে লক্ষ্য কৰিছা যে প্ৰাকৃতিক আৰু সাংস্কৃতিক ঘটনাবোৰৰ সদায় পৰিৱৰ্তন ঘটি আছে । সকলোবোৰ গছ একেজাতৰ নহয় । তুমি দেখা সকলোবোৰ চৰাই আৰু জন্তু বেলেগ বেলেগ । পৃথিৱীত ভিন ভিন উপাদানৰ অৱস্থিতি দেখা যায় । তুমি এতিয়া যুক্তি সহকাৰে ক’ব পাৰিবনে যে ভূগোল বিজ্ঞানে  ‘ঠাইৰ পাৰ্থক্য (areal differentiation )’ অধ্যয়ন কৰে ।

উত্তৰঃ – ভূগোল বিজ্ঞানৰ সংজ্ঞা যেনে – ‘ ভূগোল বিজ্ঞানে পৃথিৱীৰ উপৰিভাগৰ ঠাইৰ পাৰ্থক্যবোৰৰ ( areal differentiation ) বিষয়ে অধ্যয়ন কৰে , বৰ্ণনা কৰে আৰু ব্যাখ্যা কৰে ‘ – এই সংজ্ঞাটো আগবঢ়াইছিল বিখ্যাত ভূগোল বিধ ৰিচাৰ্ড হাৰ্টছ ‘ন ( Richared Hurtshorne ) এই সংজ্ঞাটোৰ পৰা আমি অতি সহজে কব পাৰো যে ভূগোল বিজ্ঞানে ‘ ঠাইৰ পাৰ্থক্য অধ্যয়ন কৰে ।পৃথিৱীৰ উপৰিভাগ প্ৰাকৃতিক ভাবে সমান নহয় । 

অৰ্থাৎ এখন দেশ বা এটা অঞ্চল আন এখন দেশৰ লগত বা অন্য অঞ্চলৰ লগত একে হোৱা দেখা নাযায় । এনে পাৰ্থক্য হোৱাৰ কাৰণ জানিবলৈ আগবাঢ়োতে আমি দেখিবলৈ পাওঁ অঞ্চল ভেদে মাটি বা শিলাৰ গঠন একে নহয় কৰবাত হয়তো কঠিন শিলা আন কৰবাত কোমল শিলা পোৱা যায় । এই শিলাবিলাকৰ ওপৰত ক্ৰিয়া কৰা শক্তি ( Process ) ঠাই ভেদে ভিন হোৱা দেখা যায় । যাৰ ফলত বিভিন্ন অঞ্চলত আমি বিভিন্ন অৱয়ৰ দেখিবলৈ পাওঁ।

পৃথিৱীৰখন যিহেতু গোলাকাৰ ( Geoid ) , সেয়ে সূৰ্য্যৰ প্ৰভাৱ সকলো দেশ বা অঞ্চলত একে নহয় । এনে ভিন্নতাৰ বাবে বিভিন্ন অঞ্চলত বিভিন্ন প্ৰাকৃতিক পৰিৱেশ সৃষ্টি হৈছে । উদাহৰণ স্বৰূপে মেৰু অঞ্চলত বৰফ ( Ice and Snow ) পোৱাৰ বিপৰীতে বিষুৱীয় অঞ্চলত অতিপাত গৰম হোৱাৰ লগতে ধাৰাসাৰ বৰষুণ হোৱা দেখা যায় । এই সমস্ত পৰিঘটনা ভূগোল বিজ্ঞানে সুন্দৰকৈ অধ্যয়ন কৰি বৰ্ণনা কৰে আৰু যুক্তি সহকাৰে ব্যাখ্যা কৰে ।

প্ৰাকৃতিক পৰিৱেশ পিছত যেতিয়া আমি সাংস্কৃতিক দিশটো আলোচনা কৰিবলৈ যাওঁ তেতিয়া আমি দেখিবলৈ পাম যে সাংস্কৃতিকভাৱে পৃথিৱীৰ উপৰিভাগ বৰ অসমান । পৃথিৱীৰ এনে কিছুমান ঠাই আশা যত বহু মানুহ একেলগে ঠুপ খাই আছে আকৌ এনে বহু বিস্তৃৰ্ন অঞ্চল আছে যত হয়তো এজনো স্থায়ী লোকে বসবাস কৰা নাই । পৃথিৱীৰ এনে কিছুমান দেশ আছে যিয়ে সভ্যতা বা অৰ্থনৈতিক বাবে বহু উন্নতি লাভ কৰিছে আনহাতে এনে কিছুমান দেশ বা অঞ্চল আছে যিয়ে এতিয়াও আদিম মানুহৰ দৰে জীৱন – জাপন কৰি আছে । পৃথিৱীৰ উপৰিভাগত দেখিবলৈ পোৱা এনে পাৰ্থক্যবোৰৰ বিষয়ে ‘ভূগোল বিজ্ঞান’ বিতংভাৱে অধ্যয়ন কৰাৰ লগতে এইবোৰৰ সুন্দৰ বৰ্ণনা আৰু বৈজ্ঞানিক  ( Scientific ) ভাবে ব্যাখ্যা দাঙি ধৰে । সেয়ে আমি কব পাৰো ,  যে ভূগোল বিজ্ঞানে ঠাইৰ পাৰ্থক্য অধ্যয়ন কৰে ।

প্ৰশ্ন : –  ২)  তোমালোকে ইতিমধ্যে ভূগোল বিজ্ঞান ,  বুৰঞ্জী ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান ,  সমাজ অধ্যয়নৰ অংশ হিচাপে পঢ়ি আহিছোঁ । এই বিষয়বোৰক সংহত কৰিবলৈ চেষ্টা কৰা সিহঁতৰ অন্তৰ্মুখৰ উল্লেখেৰে  ( highlighting their interface ) । 

উত্তৰঃ – জ্ঞানৰ বিষয় হিচাপে ভূগোলবিজ্ঞান ,  বুৰঞ্জী, ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান আটাই বিলাকেই সমাজ বিজ্ঞানৰ লগত জড়িত অৰ্থাৎ এই বিভাগ সমূহে প্ৰত্যেকেই সমাজ বিজ্ঞানৰ বিভিন্ন দিশ বিলাক যুক্তি সংগত তথা বৈজ্ঞানিক বিশ্লেষণ দাঙি ধৰে । ভূগোল বিজ্ঞান বিষয়টো এই সকলোবোৰ বিভাগৰ ( disciplines ) লগতে অতি নিবিড় সম্বন্ধ থকা দেখা যায় ।

ভূগোল বিজ্ঞান বিভাগে পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন পৰিঘটনাৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰে, স্থানীক পৰিৱৰ্তন ( Spatial variation) ৰ সাপেক্ষণ আনহাতে বুৰঞ্জী আৰু ৰাজনীতি বিজ্ঞানে কোনো এখন দেশ বা অঞ্চলৰ চাৰিসীমা, তাত বসবাস কৰা লোকসকল আৰু তাৰ শাসন ব্যৱস্থা বা শাসন প্ৰণালীৰ বিষয়ে অধ্যয়ন কৰে । আকৌ অৰ্থনীতি বিজ্ঞানে কোনো এখন দেশৰ বা অঞ্চলৰ অৰ্থনীতিৰ বিষয়ে অধ্যয়ন কৰে অৰ্থাৎ ই দেশৰ ভিতৰত পোৱা সম্পদ সমূহৰ উৎপাদন ,  বিতৰণ আদিবোৰৰ বিষয়ে আমাক জ্ঞান দিয়ে ।

ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে প্ৰতিটো বিভাগেই সমাজৰ একো একোটা ভাগৰ লগত জড়িত । কিন্তু ভূগোল এনে এটা বিষয় ,  যি সমাজ বিজ্ঞানৰ ( Social Science ) প্ৰতিটো বিষয়ৰ লগত জড়িত । পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন অংশত বা দেশত বিভিন্ন প্ৰাকৃতিক পৰিৱেশ পোৱা যায় । সেয়ে প্ৰাকৃতিক পৰিৱেশ অনুযায়ী পৰিলক্ষিত হয় । যিবোৰৰ বৰ্ণনা কেৱল ভূগোল বিজ্ঞান অধ্যয়ন কৰিহে আমি বিতংকৈ জানিব পাৰো । সেয়ে ভূগোল বিজ্ঞানক সকলো সমাজ বিজ্ঞানৰ মাতৃ স্বৰূপ বুলি বহুতো পণ্ডিতে মত পোষণ কৰি আহিছে ।

ভূগোল বিজ্ঞানে অকল সমাজ বিজ্ঞানৰ বিষয়বোৰৰ লগত জড়িত হৈ থকাই নহয়, ই প্ৰাকৃতিক বিজ্ঞান ( Natural Science ) বিভাগবোৰৰ লগত উত:পোত: ভাবে জড়িত হৈ আছে ।

2 thoughts on “Class 11 Geography Chapter 1 বিষয় হিচাপে ভূগোল বিজ্ঞান”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top