Class 11 Geography Chapter 23 প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

Class 11 Geography Chapter 23 প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Geography Chapter 23 প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ and select needs one.

SCERT Class 11 Geography Chapter 23 প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 23 প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ Solutions for All Subject, You can practice these here.

প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

অধ্যায় –২৩

ভূগোল – দ্বিতীয় খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

ক) তলত দিয়া উত্তৰবোৰৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা । 

প্রশ্ন:-১) তলত উল্লেখ কৰা কোনখন ৰাজ্যত বান পানী সঘনে হয় ?

ক) বিহাৰ ( bihar ) 

খ) পশ্চিম বংগ ( west bengal ) 

গ) অসম ( assam ) 

ঘ) উত্তৰ প্ৰদেশ ( uttar pradesh )

উত্তৰঃ- গ) অসম ( assam ) ।

প্ৰশ্ন:-২) উত্তৰাঞ্চল ৰাজ্যৰ তলত উল্লেখ কৰা কোনখন জিলাত মালপা ভূমিস্খলন সংঘটিত হৈছে ? 

ক) বাগেশ্বৰ ( bageshwar ) 

খ) চম্পাৱত ( champawat )

গ) অলমেৰা ( almora ) 

ঘ)  পিথোৰাগড় ( pithoragarh ) 

উত্তৰঃ- ঘ)  পিথোৰাগড় ( pithoragarh ) ।

প্ৰশ্ন:-৩) তলৰ কোনখন ৰাজ্যত শীতকালিও বানপানীও হয় ? 

ক) অসম ( assam ) 

খ) পশ্চিম বংগ ( west bengal ) 

গ) কেৰেলা ( kerala ) 

ঘ) তামিলনাডু ( tamilnadu ) 

উত্তৰঃ- ঘ) তামিলনাডু ( tamilnadu ) ।

প্ৰশ্ন:-৪) তলৰ কোনখন নদীৰ মাজত মাজুলী দ্বীপ অৱস্থিত ? 

ক) গঙ্গা ( ganga ) 

খ) ব্ৰহ্মপুত্ৰ ( brahmaputra )

গ) গোদাবৰী ( godavari ) 

ঘ) সিন্ধু নদী ( indus )

উত্তৰঃ- খ) ব্ৰহ্মপুত্ৰ ( brahmaputra ) ।

প্ৰশ্ন:-৫) শীতল ধুমুহা , তলৰ কোন প্ৰকাৰ প্ৰাকৃতিক দুৰ্যোগৰ অন্তৰ্ভুক্ত ? 

ক) বায়ুমণ্ডলীয় ( atmosphare ) 

খ) জল সম্পৰ্কীয় ( aquatic ) 

গ) পাৰ্থিৱ ( terrestrial ) 

ঘ) জৈৱিক ( biological )

উত্তৰঃ- ক) বায়ুমণ্ডলীয় ( atmosphare ) ।

উত্তৰ দিয়া

প্ৰশ্ন:-১) বিপদ এটাকাত কেতিয়া দুৰ্যোগ বুলি কোৱা হয় ? 

উত্তৰঃ- যিকোনো ধৰণৰ বিপদক দুৰ্যোগ বুলি কোৱা হব যেতিয়া সেই বিপদৰ দ্বাৰা সংঘটিত ক্ৰিয়া কলাপবোৰ মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত যায় আৰু কোনো আগজাননী নিদিয়াকৈ হঠাতে আবিৰ্ভাৱ হৈ মানুহৰ জীৱন সম্পত্তিৰ ক্ষতি সাধন কৰাৰ লগতে অনেক লোকক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে ।

প্ৰশ্ন:-২) ভাৰতবৰ্ষৰ হিমালয় অঞ্চল আৰু উত্তৰ পূব অঞ্চলত অধিক পৰিমানে ভূমিকম্প হয় কিয় ? 

উত্তৰঃ- আমি জানো যে পৃথিৱীৰ খোলাটো কেইবাটাও খণ্ডৰে গঠিত । এই খণ্ডবোৰৰ নাম ফলক ( plate ) এই ফলকবোৰৰ গতিশীল । দুখন প্লেটৰ সীমামূৰীয়া অঞ্চল সমূহত সঘনাই ভূমিকম্প হোৱা দেখা যায় । ভাৰতবৰ্ষৰ হিমালয় অঞ্চল আৰু উত্তৰ পূব অঞ্চল ক্ৰমে ভাৰতীয় ফলক ( indian plate ) আৰু ইউৰোছিয়ান ফলক ( Eurasian plate ) ৰ সীমাত অৱস্থিত হোৱা বাবে অধিক পৰিমানে ভূমিকম্প হয় ।

প্ৰশ্ন:-৩) ঘূৰ্ণি ধুমুহা সৃষ্টি হবলৈ মৌলিক প্ৰয়োজনবোৰ কি ? 

উত্তৰঃ- ক) যথেষ্ট পৰিমানে গৰম জলীয় ভাপবাহি বতাহৰ নির্বিঘ্ন যোগান ।

খ) শক্তিশালী কোৰিওলিচ ( coriolis force ) বল যিয়ে নিম্নচাপ কেন্দ্ৰ ভৰ্তি হোৱাত বাধা দিব পাৰে ।

গ) ট্ৰপোস্ফীয়েৰত থকা বায়ুৰ অস্থিৰ অৱস্থা ।

ঘ) শক্তিশালী উলম্বিক বতাহৰ ওৱেজৰ  ( wedge ) ৰ অনুপস্থিতি । 

প্ৰশ্ন:- ৪) পূব ভাৰতত হোৱা বানপানী আৰু পদিম ভাৰতত হোৱা বানপানীৰ পাৰ্থক্যবোৰ কি ?

উত্তৰঃ- পূব ভাৰতত হোৱা বানপানী অতি শক্তিশালী । ই সঘনাই হোৱা পৰিলক্ষিত হয় ।এই অঞ্চলৰ বানপানীৰ ফলত দেশৰ বহুত জীৱ জন্তু তথা মানুহৰ মৃত্যু হোৱাও দেখা যায় । বানপানীৰ সময়ত মাটি খননৰ লগতে ৰাস্তাৰ ক্ষতি সাধন হোৱা দেখা যায় ।

আনহাতে পশ্চিম ভাৰতত হোৱা বানপানীৰ প্ৰভাৱত জীৱ জন্তু তথা মানুহৰ ক্ষয় ক্ষতি কম হোৱা দেখা যায় ।এই অঞ্চলৰ বানপানী ক্ষন্তেকীয়া ।

প্ৰশ্ন:-৫) মধ্য আৰু পশ্চিম ভাৰতত খৰাং অৱস্থাৰ আধিক্য হোৱাৰ প্ৰধান কাৰণ কি ? 

উত্তৰঃ- মধ্য আৰু পশ্চিম ভাৰতত খৰাং অৱস্থাৰ আধিক্য হোৱাৰ প্ৰধান কাৰণবোৰ  হ’ল- 

ক) জলীয় ভাপ বাহী মৌচুমী বায়ুৰ প্ৰভাৱ এই অঞ্চলবোৰত তেনেই কম । যাৰ ফলত  অধিক বৰষুণ দিয়াৰ ক্ষমতা নাথাকে ।

খ) ভাৰতৰ এই অঞ্চলত শুকান বতাহৰ প্ৰকোপ অধিক হোৱা দেখা যায় ।

গ) মধ্য আৰু পশ্চিম ভাৰত সাগৰ মহাসাগৰৰ পৰা বহু দূৰত হোৱা বাবে খৰাং অৱস্থাৰ সৃষ্টি হয় ।

উত্তৰবোৰ দিয়া

প্ৰশ্ন:-১) ভাৰতৰ ভূমিস্খলন প্ৰৱণতাৰ অঞ্চলবোৰ চিনাক্ত কৰা আৰু তাক প্ৰশমিত কৰাৰ উপায় কিছুমান আগবঢ়োৱা ।

উত্তৰঃ- ভাৰতৰ ভূমিস্খলন প্ৰৱণতাৰ অঞ্চলবোৰ  হল – 

ক) অতি উচ্চ প্ৰবন মণ্ডল :- এই মণ্ডলৰ ঠাইসমূহ হল নতুন হিমালয়, আন্দামান – নিকোবৰ দ্বীপপুঞ্জ , পশ্চিমঘাট পৰ্বত, নিলগিৰি পৰ্বতৰ অধিক বৰষুণ হোৱা থিয় ঢালবোৰ আৰু মানৱ কাৰ্যৰ উচ্চ প্ৰৱণতা থকা অঞ্চলবোৰ যেনে ৰাস্তা , বান্ধ ইত্যাদি ।

খ) উচ্চ প্ৰবন মণ্ডল :- উচ্চ প্ৰবন মাণ্ডলবোৰ অতি উচ্চ প্ৰবন মণ্ডলৰ লগত একেলগে সমৰি লোৱা হয় । ইহঁত দুটাক পৃথক কৰিব পাৰি কাৰক বোৰৰ যোৰ বা শক্তিৰ ওপৰত ।

গ) মাধ্যমীয়াৰ পৰা নিম্ন প্ৰবন মণ্ডল :- যিবোৰ অঞ্চলত বৰষুণৰ মাত্ৰা কম যেনে লাডাখ , স্পীটি, আৰৱলী অঞ্চল , পশ্চিমঘাত আৰু পূৰ্বঘাত অঞ্চলৰ বৃষ্টি ছায়া অঞ্চল , দাক্ষিণাত্য মালভূমি , ঝাৰখণ্ড , উৰিষ্যা , মধ্যপ্ৰদেশ , মহাৰাষ্ট্ৰ অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু , গোৱা আৰু কেৰেলা এই মণ্ডলৰ অন্তৰ্গত ।

ঘ) অন্যান্য অঞ্চল:- ৰাজস্থান , হাৰিয়ানা , উত্তৰ প্ৰদেশ , বিহাৰ , পশ্চিম বংগ , অসম আৰু দক্ষিণৰ ৰাজ্যবোৰ যত সাধাৰণতে ভূমিস্খলন নহয় তেনেবোৰ ঠাই বা অঞ্চল অন্যান্য অঞ্চলৰ অন্তৰ্ভুক্ত কৰা হৈছে ।

ভূমিস্খলন প্ৰশমিত কৰাৰ উপায় :- ক) যি বিলাক অঞ্চলত প্ৰৱণতা বেছি সেইবোৰ অঞ্চলত গঠনমূলক কাম কাজৰ পৰিমাণ কমাই দিয়া ।

খ) কম ঢালযুক্ত অঞ্চল আৰু নদী উপত্যকাত কৃষি কাৰ্য অব্যাহত ৰখা ।

গ) কম ঢাল বা পাহাৰৰ এঢলীয়া মাটি বেদিকা কৃষি ( terrace farning ) ৰ ব্যৱস্থা কৰিলে ভূমিস্খলনৰ মাত্ৰা হ্ৰাস হোৱাৰ সম্ভাৱনা থাকে ।

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

প্ৰশ্ন:- ২) ভেদ্যতা মানে কি ? খৰাং বতৰৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক প্ৰাকৃতিক দুৰ্যোগ প্ৰৱণতাৰ মণ্ডলক ভাগ কৰা আৰু তাক প্ৰশমিত কৰাৰ কেইটামান উপায় আগবঢ়োৱা ।

উত্তৰঃ- ভূমিকম্প হোৱাটো কোনো প্ৰকাৰে বন্ধ কৰিব নোৱাৰি , গতিকে ইয়াৰ সন্মুখীন হোৱাৰ উত্তম উপায় হল মানুহক এই দুৰ্যোগৰ কাৰণে সাজু কৰি তোলা আৰু দুৰ্যোগৰ মাত্ৰ কমোৱা গতিকে ভেদ্যতা এনে এক ব্যৱস্থা , যিয়ে মানুহৰ মাজত কোনো বিপদ বা দুৰ্যোগৰ খবৰ প্ৰচাৰ কৰে ।

খৰাং বতৰৰ ওপৰত ভিত্তি কৰি ভাৰতৰ প্ৰাকৃতিক দুৰ্যোগ প্ৰবনতাৰ দুৰ্যোগ প্ৰবনতাৰ মাণ্ডলবোৰ হল ( চিত্ৰ -১ ) 

ক) অতি বেছি খৰাং অঞ্চল :- এই অঞ্চলৰ অন্তৰ্গত অঞ্চলবোৰ হল ৰাজস্থানৰ বেছি ভাগ অঞ্চল বিশেষ কৈ আৰাৱলী পৰ্বতৰ পশ্চিম ফাল আৰু গুজৰাটৰ কচ্চ অঞ্চল ।

খ) বেছি খৰাং অঞ্চল:- ৰাজস্থানৰ পূব অংশ , মধ্য প্ৰদেশ আৰু কৰ্ণাটকৰ ভিতৰুৱা অঞ্চল, তামিলনাডুৰ উত্তৰৰ ভিতৰৰ অংশ, ঝাৰখণ্ডৰ দক্ষিণ অংশ আৰু উৰিষ্যাৰ ভিতৰৰ অঞ্চল বেছি খৰাং অঞ্চলৰ অন্তর্গত ।

গ) মধ্যমীয়া ধৰণৰ খৰাং অঞ্চল :- ৰাজস্থানৰ উত্তৰ অংশ, হাৰিয়ানা , উত্তৰ প্ৰদেশৰ দক্ষিণৰ জিলাসমূহ , গুজৰাট , তামিলনাডুৰ কোইম্বাতুৰ মালভূমি আৰু কৰ্ণাটকৰ ভিতৰুৱা অঞ্চলসমূহ এই মধ্যমীয়া ধৰণৰ খৰাং অঞ্চলৰ ভিতৰুৱা ।এই অঞ্চলবোৰৰ বাহিৰৰ ঠাই বিলাক খৰাং বতৰৰ প্ৰভাৱৰ বাহিৰত পৰে ।

প্ৰশ্ন:-৩) কেতিয়া উন্নয়ন মুখী কাৰ্য্য দুৰ্যোগৰ কাৰণ হব পাৰে ? 

উত্তৰঃ- বিপদ বা দুৰ্যোগ যে অকল প্ৰকৃতিৰ পৰাই আহে এনে নহয় ই কেতিয়াবা মানুহৰ বিভিন্ন কাৰ্য কৰ্মৰ পৰাও আহিব পাৰে । অৰ্থাৎ 

মানুহৰ নানা উন্নয়নমুখী কাৰ্যৰ পৰাও মানুহৰ অনেক দুৰ্যোগ সংঘটিত হোৱা দেখা যায় । কেতিয়াবা এনে ধৰণৰ দুৰ্যোগৰ প্ৰভাৱ ইমান বেছি হয় যে ইয়াৰ পৰিমাণ প্ৰাকৃতিক দুযোগতকৈ বহু বেছি হোৱা দেখা যায় । উদাহৰণ স্বৰূপে তলৰ কথা কেইটা উল্লেখ কৰা হল – 

ক) ভূপাল গেছ দুৰ্যোগ, যাৰ পৰিমাণত কেইবা হেজাৰ মানুহৰ জীৱন হানি হৈছিল ।

খ) আনবিধ দুৰ্ঘটনা আৰু যুদ্ধ ।

গ) দেশত তথা বিশ্বৰ বিভিন্ন প্ৰান্তন সংঘটিত হোৱা ৰেল দুৰ্ঘটনা ।

ঘ) বায়ুমণ্ডলত ” সেউজ গৃহ গেছৰ ” ( green house gases ) বৃদ্ধি ।

ঙ) অপৰিকল্পিত আঁচনি ।

যেতিয়া এই কাৰ্য বিলাক দুৰ্ঘটনাত পতিত হয়, তেতিয়া মানৱ সমাজলৈ দুৰ্যোগ নামি আহে । এইবিলাকৰ উপৰিও মানুহৰ নানা উন্নয়ৰ মুখী কাৰ্যৰ বাবে নানা ঠাইত ভূমিস্খলন, বানপানী সংঘটিত হয় , যিবিলাক পৰিমাণ সাধাৰণ প্ৰাকৃতিক দুৰ্যোগতকৈ বেছি হোৱা পৰিলক্ষিত হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top