Class 11 Geography Chapter 2 পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ

Class 11 Geography Chapter 2 পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Geography Chapter 2 পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ and select needs one.

SCERT Class 11 Geography Chapter 2 পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 2 পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ Solutions for All Subject, You can practice these here.

পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ

অধ্যায় – ২

ভূগোল-প্ৰথম খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

(ক) শুদ্ধ উত্তৰ বাছি উলিওৱা : 

প্ৰশ্ন : – ১) তলত দিয়াবোৰৰ কোনটো পৃথিৱীৰ সঠিক বয়স ?

ক) 4.6 নিযুত বছৰ    খ) 13.7 বিলিয়ন বছৰ 

গ) 4.6 বিলিয়ন বছৰ  ঘ) 13.7 ট্ৰাইলিয়ন বছৰ

উত্তৰঃ –  4.6 নিযুত বছৰ ।

প্ৰশ্ন : – ২) তলত দিয়া কেইটাৰ কোনটো আটাইতকৈ দীঘল সময়ৰ ?

ক) ইয়নচ ( Eons )।

খ) পেৰিয়দ  ( period)।

গ) ইৰা ( Era )।

ঘ) এপোক ( Epoch )।

উত্তৰঃ – ইয়নচ  ( Eons ) ।

প্ৰশ্ন : – ৩) তলত দিয়াবোৰৰ কোনটো বৰ্তমানৰ বায়ুমণ্ডল গঠন বা সলনি হোৱাৰ লগত জড়িত নহয় ?

ক)  সৌৰ বতাহ ( Sotar winds )

খ)  পাৰ্থক্য বা পৃথকিকৰণ  ( Differentiation ) 

গ) গেছহীন কৰা  ( Degassing ) 

ঘ)  আলোক – সংশ্লেষণ ( photosynthesis )

উত্তৰঃ – খ)  পাৰ্থক্য বা পৃথকিকৰণ  ( Differentiation ) ।

প্ৰশ্ন : – ৪) তলত দিয়াবোৰৰ কোনটো ভিতৰুৱা  ( Inner ) গ্ৰহ 

ক) সূৰ্য আৰু পৃথিৱীৰ মাজত থকা গ্ৰহবোৰ ।

খ)  সূৰ্য আৰু গ্ৰাহানুপুঞ্জৰ মাজত থকা গ্ৰহবোৰ।

গ)  গেছীয় অৱস্থাত থকা গ্ৰহবোৰ ।

ঘ)  উপগ্ৰহ নথকা গ্ৰহবোৰ ।

উত্তৰঃ – খ)  সূৰ্য আৰু গ্ৰাহানুপুঞ্জৰ মাজত থকা গ্ৰহবোৰ ।

প্ৰশ্ন : – ৫)  আজিৰ পৰা কিমান বছৰ আগেয়ে পৃথিৱীত জীৱৰ আৱিৰ্ভাৱ হৈছিল ?

ক) 13.7 বিলিয়ন ।

খ) 3.8 নিযুত ।

গ) 4.6 বিলিয়ন ।

ঘ) 3.8 বিলিয়ন ।

উত্তৰঃ –   3.8 বিলিয়ন ।

প্ৰশ্ন : – ৬) বিগ বেং মতবাদ মতে আজিৰ পৰা কিমান বছৰৰ আগত ইয়াৰ বিস্ফোৰণ ঘটিছিল ?

ক)  13.7 বিলিয়ন (মহাপদ্ম)।

খ)  13.7 মিলিয়ন ।

গ)   4.6 বিলিয়ন ।

ঘ)   4.44 বিলিয়ন ।

উত্তৰঃ –  ক)  13.7  বিলিয়ন ( মহাপদ্ম )।

চমু প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) পাৰ্থিক গ্ৰহবোৰ শিলাময় কিয় ?

উত্তৰঃ –  সৌৰজগতৰ  8  টা গ্ৰহৰ ভিতৰত বোধ , শুক্ৰ, পৃথিৱী আৰু মংগল গ্ৰহ চাৰিটাক পাৰ্থিক গ্ৰহ বুলি জনা যায় । এই চাৰিটা গ্ৰহৰ গঠন প্ৰায় পৃথিৱীৰ গঠনৰ লগত মিল দেখা যায় বাবে ইহঁতক পাৰ্থিক গ্ৰহও বোলা হয় ।

আমি জানো যে আমাৰ পৃথিৱীখন শিল আৰু ধাতৱ পদাৰ্থৰে গঠিত আৰু বিভিন্ন পৰীক্ষাৰ পৰা গম পোৱা গৈছে যে বাকী তিনিটা গ্ৰহৰ গঠনত শিল আৰু ধাতৱ পদাৰ্থ পোৱা যায় ।

এই গ্ৰহ কেইটা যিহেতু সূৰ্য্যৰ ওচৰত অৱস্থিত, সেয়ে অধিক উত্তাপ পায় যাৰ ফলত গেছবোৰ গোট মাৰিব নোৱাৰে । সৌৰ বতাহৰ প্ৰবলতাও এই গ্ৰহ কেইটাত অধিক পৰিমাণৰ বাবে ইহঁতৰ পৃষ্ঠভাগৰ পৰা বহু পৰিমাণৰ গেছ আৰু ধূলি উৰুৱাই নিয়াৰ ফলত পৃষ্ঠ ভাগ উদং হৈ শিলাময় ৰূপ ওলাই পৰে বাবে আমি এই গ্ৰাস চাৰিটা শিলাময় বুলি কব পাৰো ।

প্ৰশ্ন : – ২)  পৃথিৱীৰ উৎপত্তি সম্পৰ্কে তলত দিয়া মতবাদ দুটাৰ মাজত মূল পাৰ্থক্য কি ?

ক) কেন্ট আৰু লেপলাচ ( Kant and Laplace )

খ) চেম্বাৰলেইন আৰু ম’লটন ( Chamberlain and Moulton )

উত্তৰঃ – পৃথিৱীৰ উৎপত্তি সম্পৰ্কে আগবঢ়োৱা কেন্ট আৰু লেপলাচৰ ধাৰণাৰ লগত চেম্বাৰলেইন আৰু ম’লটনৰ ধাৰণাৰ মূল পাৰ্থক্য হ’ল – 

ইমানুৱেল কেন্টে পৃথিৱীৰ উৎপত্তি সম্পৰ্কে যি ধাৰণা আগবঢ়াইছিল, সেইটো 1796 চনত লেপলাচে সংশোধন ঘটাইছিল আৰু তাৰ নাম দিছিল নীহাৰিকা মতবাদ । এই মতবাদ মতে প্ৰথমে প্ৰবীণ সূৰ্যটোক মাজত লৈ বিশ্বব্ৰহ্মাণ্ডত পদাৰ্থক মেঘ সৃষ্টি হৈছিল আৰু সেই মেঘবোৰৰ পৰাই গ্ৰহবোৰৰ সৃষ্টি হোৱা বুলি ভাৱ হৈছিল ।

আনহাতে চেম্বাৰলেইন আৰু ম’লটনৰ ধাৰণাটো হ’ল যে আমাৰ সূৰ্যটোৰ ওপৰলৈ  অন্য এটা বৃহৎ নক্ষত্ৰ আহিছিল । ভ্ৰমনৰত নক্ষত্ৰ তোৰ আকৰ্ষণত সৌৰ পৃষ্ঠাৰ পৰা এটা ফিলামেণ্ট পৃথক হৈ পৰিছিল  । ভ্ৰমনৰত নক্ষত্ৰটো আটৰি গল যদিও, সূৰ্যৰ পৰা এৰাই যোৱা অংশবোৰ তেনেকৈ ৰৈ থাকিব । আৰু অৱশেষত এই অংশবোৰৰে সূৰ্যৰ চাৰিওফালে ঘূৰিব ললে । এনেকৈয়ে গ্ৰহবোৰৰ ( পৃথিৱীৰ ) উৎপত্তি হৈছিল বুলি পণ্ডিত দুজনে মত দাঙি ধৰিছিল ।

প্ৰশ্ন : – ৩) পৃথকিকৰণ পদ্ধতি ( Process of differentiation ) মানে কি বুজা ?

উত্তৰঃ –  আমাৰ পৃথিৱীখন উৎপত্তিৰ সময়ৰ উত্তপ্ত অৱস্থাত আছিল । সময় আগবঢ়াৰ লগে লগে আদাৰ্থবোৰৰ ঘনত্ব বাঢ়িবলৈ ধৰিলে আৰু পৃথিৱীখনৰ ভিতৰফালে উত্তাপ বাঢ়ি গ’ল । ইয়াৰ ফলত পৃথিৱীখনত থকা বিভিন্ন পদাৰ্থবোৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ বেলেগ অৱস্থানত অৱস্থান গ্ৰহণ কৰিলে । অতি বেছি ঘনত্বৰ পদাৰ্থবোৰ কেন্দ্ৰত অৱস্থান কৰি ক্ৰমে কম ঘনত্বৰ পদাৰ্থবোৰ বাহিৰৰ ফালে অৱস্থান ললে আৰু একেবাৰে কম ঘনত্বৰ পদাৰ্থ যেনে – বায়ু পৃথিৱীৰ বাহিৰত অৱস্থান গ্ৰহণ কৰিলে এনেকৈয়ে ঘনত্ব অনুযায়ী বিভিন্ন পদাৰ্থৰ অৱস্থানৰ ব্যৱস্থাক পৃথকীকৰন পদ্ধতি ( Process of differentiation ) বুলি জনা যায় ।

প্ৰশ্ন : – ৪) আৰম্ভণিতে পৃথিৱীৰ উপৰিভাগৰ প্ৰকৃতি কেনেকুৱা আছিল ?

উত্তৰঃ – বিভিন্ন মতবাদৰ পৰা এইটো জানিব পৰা গৈছে যে পৃথিৱীখন নক্ষত্ৰৰ (সূৰ্য) পৰা উৎপত্তি হৈছে । নক্ষত্ৰবোৰ যিহেতু অত্যন্ত উত্তপ্ত কিছুমান গেছৰ সমষ্টি , সেয়ে তাৰ পৰা উৎপত্তি হোৱা বস্তু সমূহ উৎপত্তিৰ সময়ত উত্তপ্ত অৱস্থাত থকাটো স্বাভাৱিক আৰম্ভণিতে আমাৰ পৃথিৱীখন খালি বা উদং ( Barren ) শিলাময় আৰু অত্যন্ত উত্তপ্ত অৱস্থাত আছিল । আৰু সেই সময়ত পৃথিৱীখনৰ এখন হিলিয়াম আৰু হাইড্ৰজেন  ( Helium and Hydrogen ) গেছৰ পাতল আৱৰণ আছিল । যিবোৰ পৰিঘটনা বৰ্তমান সময়ৰ লগত একেবাৰে অমিল আছিল ।

প্ৰশ্ন : – ৫) পৃথিৱীৰ প্ৰাৰম্ভিক বায়ুমণ্ডলত কি কি গেছ আছিল ?

উত্তৰঃ – পৃথিৱীখন যিহেতু সূৰ্যৰ ( নক্ষত্ৰ ) পৰা উৎপত্তি হৈছিল, সেয়ে সূৰ্যত থকা গেছ সমূহেই সৃষ্টিৰ সময়ত পৃথিৱীত পোৱা গৈছিল । আৰম্ভণিতে পৃথিৱীৰ উপৰিভাগত হিলীয়াম আৰু হাইড্ৰজেন গেছৰ এখন পাতল আৱৰণ আছিল ।

পৃথিৱীৰ বিভিন্ন অধ্যয়নৰ পৰা এইটো গমপোৱা গৈছে যে তিনিটা অৱস্থাৰ মাজেৰে আহি বায়ুমণ্ডলে বৰ্তমান অৱস্থা পাইছেহি প্ৰথম অৱস্থাটো চিহ্নিত হৈছে প্ৰাৰম্ভিক বায়ুমণ্ডল অস্তিত্বহীন হোৱাৰ পৰা । সেই সময়ত বোধহয় বায়ুমণ্ডলত হাইড্ৰজেন আৰু হিলীয়াম গেছ আছিল যি খিনি হয়তো সৌৰ বতাহে উৰুৱাই লৈ গৈছিল ।

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

 

দীঘল প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) বিগ বেং মতবাদ টো বহলাই লিখা ।

উত্তৰঃ –  অতীতৰে পৰা বৈজ্ঞানিক মহলে পৃথিৱী তথা বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তিৰ বিষয়ে নানা ধাৰণা আগবঢ়াই আহিছে  । যি বিলাক কিছুসময়ৰ বাবে গুৰুত্ব লাভ কৰিছিল যেতিয়ালৈকে নতুন এটা ধাৰণা বা মতবাদ আৱিষ্কাৰ হোৱা নাছিল ।

আধুনিক সময়ত পৃথিৱী তথা বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তিৰ সম্বন্ধে আগবঢ়োৱা অতি জনপ্ৰিয় ( Popular ) মতবাদটোৰ নাম হল  ‘বিগ বেং মতবাদ’  ( Big Bang theory ) । এই মতবাদটো ‘বৰ্ধিত বিশ্বব্ৰহ্মাণ্ড মতবাদ’  ( Expading Universe Hypothesis ) বুলিও জনাজাত । এই মতবাদটো  1920  চনত এডুইন হাবলে  ( Edwin Hubble ) নামৰ বিজ্ঞানী জনে দাঙি ধৰিছিল ।

এডুইন হাবলে তেওঁৰ বিগ বেং মতবাদটো এই দৰে দাঙি ধৰিছে যে ,  আৰম্ভণিতে বিশ্বব্ৰহ্মাণ্ডত থকা সকলো পদাৰ্থই এটা সৰু বলৰ ৰূপত একে ঠাইতে থুপ খাই আছিল । বলটোৰ আকাৰ অতি সৰু আছিল যদিও ইয়াৰ উত্তাপ আৰু ঘনত্ব কিন্তু যথেষ্ট বেছি আছিল । এটা সময়ত অৰ্থাৎ আজিৰ পৰা প্ৰায় 13.7  বিলিয়ন ( মহাপদ্ম ) বছৰৰ আগতে এই সৰু দলটোৰ প্ৰচণ্ড বিস্ফোৰণ ঘটে । ইয়াৰ লগে লগে দলটোৰ আকাৰ সাংঘাতিক ভাৱে বাঢ়ি গল যেতিয়া তাৰ কিছুমান শক্তি পদাৰ্থলৈ ৰূপান্তৰিত হ’ল । হাবলেৰ মতে বিস্ফোৰণ ঘটাৰ এক চেকেণ্ডতকৈও হাজাৰভাগ কম সময়ৰ ভিতৰত বহলি যোৱা কাৰ্য ধীৰ হৈ পৰিছিল । বিগ বেং সংঘটিত হোৱাৰ প্ৰথম তিনি মিনিটৰ ভিতৰত অনুটোৰ গঠন হোৱা বুলি তেওঁ ধাৰণা কৰিছিল ।

বিগ বেং মতবাদে এইটো উল্লেখ কৰিছে যে বিশ্বব্ৰহ্মাণ্ডত থকা তৰাৰ থুপবোৰৰ মাজত দূৰত্ব বাঢ়ি গৈ আছে । বৈজ্ঞানিক সকলে বিশ্বব্ৰহ্মাণ্ড বহলি থকাৰ বহু তথ্য সংগ্ৰহ কৰিছে আৰু ইয়াক সমৰ্থনো কৰিছে । বিগ বেং মতবাদৰ ধাৰণাটো তলৰ ছবিত দাঙি ধৰা হ’ল ।

প্ৰশ্ন : – ২) পৃথিৱীৰ ক্ৰমবিকাশত কি কি পৰ্যায় আছিল ? চমুকৈ প্ৰত্যকটোৰে বৰ্ণনা দিয়া ।

উত্তৰঃ – পৃথিৱীৰ উৎপত্তি এক বিশাল নক্ষত্ৰৰ (সূৰ্য) পৰা হোৱা বুলি আমি বিভিন্ন মতবাদৰ পৰা জানিব পাৰিছোঁ ,  সেয়ে উৎপত্তিৰ সময়ত ই এক গেছীয় ,  শিলাময় আৰু অত্যন্ত উত্তপ্ত অৱস্থাত আছিল । তেতিয়াৰে পৰা বৰ্তমান অৱস্থালৈ আহোতে পৃথিৱীয়ে বহুতো পৰ্যায় অতিক্ৰম কৰি আহিছে । সেই সমূহৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল ।

আৰম্ভণিতে পৃথিৱীৰ চাৰিওফালে এখন হিলীয়াম আৰু হাইড্ৰজেন গেছৰ পাতল আৱৰণ আছিল । উক্ত আৱৰণখন পিছলৈ সৌৰবতাহে অৱশ্যে উৰুৱাই লৈ গৈছিল । সময় অতিবাহিত হোৱাৰ লগে লগে , সৌ যেতিয়াৰ শিলাময় উদং , উত্তপ্ত পৃথিৱীৰ ৰূপৰ সলনি ঘটি পৃথিৱীখন হৈ পৰিল সেউজীয়া প্ৰচুৰ পৰিমাণৰ পানী, সুবিধাজনক বায়ুমণ্ডল আৰু জীৱ জগতৰ আৱিৰ্ভাৱ ।

পৃথিৱীখনত থকা বিভিন্ন পদাৰ্থবোৰে ঘনত্ব অনুসৰি বিভিন্ন স্থানত অৱস্থান গ্ৰহণ কৰিলে অৰ্থাৎ অতি বেছি ঘনত্বৰ পদাৰ্থবোৰ কেন্দ্ৰত আৰু ক্ৰমে পাতল ঘনত্বৰ পদাৰ্থবোৰে বাহিৰৰ ফালে অৱস্থান ললে । সেয়ে আমি পৃথিৱীত পোৱা পদাৰ্থবোৰ স্তৰীভূত হোৱা দেখিবলৈ পাওঁ ।

সময়ৰ সোঁতত পৃথিৱীশীতল  হোৱাৰ ফলত ইয়াৰ বাহিৰৰ অংশটো গোট মাৰিলে আৰু এই অংশটোৱে হ’ল পৃথিৱীৰ খোলা ( Crust ) ।

পৃথিৱীখন যেতিয়া শীতল হব ধৰিলে পৃথিৱীৰ ডাঠ ভিতৰভাগৰ পৰা গেছ আৰু জলীয়ভাপ ওলাই আহি বৰ্তমানৰ বায়ুমণ্ডলৰ সৃষ্টি কৰিলে । প্ৰথম অৱস্থাত জলীয় ভাপ, নাইট্ৰেজেন, কাৰ্বন – ডাই – অক্সাইড, মিথেন, এমোনিয়া আৰু কম পৰিমাণৰ মুক্ত অক্সিজেন আছিল । পৃথিৱীখন যিমানেই শীতল হব ধৰিলে জলীয়ভাপবোৰ সিমানে বেছিকৈ ঘনীভূত হবলৈ আৰম্ভ কৰিছিল । লগতে উত্তাপৰ পৰিমাণ কমি আহি বায়ুমণ্ডলৰ জলীয়ভাপ আৰু অধিক ঘনীভূত হোৱাত সহায় কৰিছিল যিয়ে অধিক পৰিমাণৰ বৰষুণৰ সৃষ্টি কৰিছিল । বৰষুণৰ পানীবোৰ বৃহৎ আকৃতিৰ গভীৰ ঠাইবোৰত জমা হৈ মহাসাগৰবোৰৰ উৎপত্তি ঘটালে ।

সাধাৰণ দৃষ্টিত এইবোৰেই আছিল পৃথিৱীৰ ক্ৰমবিকাশৰ  ( Evolution) বিভিন্ন পৰ্যায়সমূহ ।

2 thoughts on “Class 11 Geography Chapter 2 পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top