Class 11 Geography Chapter 13 জলভাগ

Class 11 Geography Chapter 13 জলভাগ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Geography Chapter 13 জলভাগ and select needs one.

SCERT Class 11 Geography Chapter 13 জলভাগ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 13 জলভাগ Solutions for All Subject, You can practice these here…

জলভাগ ( মহাসাগৰবোৰ )

অধ্যায় –১৩

ভূগোল-প্ৰথম খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

ক) বিবিধ পছন্দৰ প্ৰশ্ন :- 

প্ৰশ্ন : -১) তলৰ কোনটো জলচক্ৰৰ অংশ নহয় –

১) বাষ্পীয়ভৱন ( Evaporation )। 

২) পানীকৰন ( Hydration )। 

৩) অধঃক্ষেপন ( Precipitation )।

৪) ঘনীভূত হোৱা ( Condensation )।

উত্তৰঃ – ২) পানীকৰন ( Hydration ) ।

প্ৰশ্ন : -২) মহীঢালৰ গড় গভীৰতা কিমান-

১) ২ – ২০ মিটাৰ ।        

২) ২০০ – ২, ০০০ মিটাৰ ।

৩) ২০ – ২০০ মিটাৰ ।   

৪) ২,০০০ – ২০,০০০ মিটাৰ ।

উত্তৰঃ – ২) ২০০ – ২, ০০০ মিটাৰ ।

প্ৰশ্ন : – ৩) তলৰ কোনটো সাগৰৰ তলিৰ ক্ষুদ্ৰ ভূ – অৱয়ব নহয় 

১) জলমগ্ন পাহাৰ শৃঙ্গ ( Seamount )।

২) এটল ( Atoll ) ।

৩) সাগৰীয় খাত ( Occanic Deep )। 

৪) নিমগ্ন দ্বীপ ( Guyot )।

উত্তৰঃ – ২) এটল ( Atoll ) ।

প্ৰশ্ন : -৪) লৱনতা মানে হল লোনৰ পৰিমাণ প্ৰতি সাগৰৰ পানীত দ্ৰৱীভূত থকা-

১) ১০ গ্ৰাম ।

২) ১০০ গ্ৰাম। 

৩) ১,০০০ গ্ৰাম ।

৪) ১০,০০০ গ্ৰাম। 

উত্তৰঃ – ১০০০ গ্ৰাম ।

প্ৰশ্ন : -৫) তলৰ কোনটো আটাইতকৈ সৰু মহাসাগৰ- 

১) ভাৰত মহাসাগৰ ( Indian Occan )।

২) আৰ্কটিক মহাসাগৰ ( Arctic Occan )।

৩) আটলাণ্টিক মহাসাগৰ ( Atlantic Occan )।

৪) প্ৰশান্ত মহাসাগৰ ( Pacific Occan )।

উত্তৰঃ – ২) আৰ্কটিক মহাসাগৰ ( Arctic Occan ) ।

তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া

প্ৰশ্ন : -১) পৃথিৱীক কিয় নীলা গ্ৰহ কোৱা হয় ?

উত্তৰঃ – সূৰ্যকে আদি কৰি সৌৰজগতৰ কোনো এটা গ্ৰহত পানী পাবলৈ নাই । মাত্ৰ পৃথিৱী নামৰ গ্ৰহটোত পানী আছে । পানী আছে বাবে এই গ্ৰহটোত জীৱ জীয়াই থকাটো সম্ভৱ হৈছে । পৰিমাণ হিচাপত পৃথিৱীৰ মুঠ আয়তনৰ ৭১ ভাগ পানী আৰু বাকী ২৯ ভাগ মাটি । মহাকাশৰ পৰা পৃথিৱীখন চালে পৃথিৱীৰ বৰণ নীলা ( Blue ) দেখা যায় । সেই বাবে পৃথিৱী খনক নীলা গ্ৰহ ( Blue Planet ) বোলা হয় । সৌৰজগতৰ আনবোৰ গ্ৰহত পানী নাই বাবে এনেকুৱা দেখা নাযায় ।

প্ৰশ্ন : -২) মহাদেশীয় কাষ ( Margin ) কি ?

উত্তৰঃ – পৃথিৱীৰ উপৰিভাগৰ স্থলভাগত আমি যি দৰে পাহাৰ , পৰ্বত , সমভূমি , মালভূমি , শৃংগ বা গিৰিখাত দেখিবলৈ পাওঁ , ঠিক তেনেদৰে মহাসাগৰৰ তলীদেশতো অনেক অৱয়ব পৰিলক্ষিত হয় । স্থলভাগৰ পৰা ক্ৰমে মহাসাগৰলৈ ক্ৰমে গৈ থাকিলে আমি প্ৰথমতে যি অৱয়ব পাম, সেই অৱয়বৰ নাম মহীসোপান ( Continental Shelf ) অৰ্থাৎ সাগৰৰ তলিৰ ফালে আগবাঢ়ি যোৱা মহাদেশৰ অংশটো বা সীমাটোকে ( Margin ) মহীসোপান বোলে ।

এই মহাদেশীয় কাষ ( Margin ) বিভিন্ন অঞ্চলত বিভিন্ন বহল হোৱা দেখা যায় । আৰ্কটিক মহাসাগৰৰ চাইবেৰীয়ান উপকূল ই অতিকে বহল ( ১,৫০০ কি . মি ) আনহাতে মহাদেশীয় কাষ অঞ্চল চিলি দেশৰ উপকূলত অত্যন্ত ঠেক । 

প্ৰশ্ন : -৩) মহাসাগৰবোৰৰ গভীৰ খাতবোৰ তালিকাভুক্ত কৰা ।

উত্তৰঃ – মহাসাগৰৰ তলিদেশত এতিয়ালৈকে ৫৭ টা খাত বিচাৰি পোৱা গৈছে । তাৰ ভিতৰত ৩২ টা প্ৰশান্ত মহাসাগৰত , ১৯ টা আটলাণ্টিক মহাসাগৰত আৰু ৬ টা ভাৰত মহাসাগৰত । কেইটামান উল্লেখযোগ্য গভীৰ খাতৰ নাম তলত উল্লেখ কৰা হল –

প্ৰশান্ত মহাসাগৰ :- 

১) মেৰিয়ান খাত ( ১১,০২২ মিটাৰ )।

২) ফিলিপাইন বা মিণ্ডানাও খাত ( ১০,৪৭৫ মিটাৰ )।

৩) জাপান খাত ( ১০,৫৫৪ মিটাৰ )।

৪) কিউৰাইল খাত ( ১০,৪৯৮ মিটাৰ )।

৫) এলুচিয়ান খাত ( ৭,৬৮২ মিটাৰ )।

৬) আটাকামা খাত ( ৭,৬৩৫ মিটাৰ )।

৭) টাঙ্গা খাত ( ১০,৮৮২ মিটাৰ )।

আটলাণ্টিক মহাসাগৰ :-

১) ৰোমাঞ্চ খাত ( ৭,৬৩১ মিটাৰ )।

২) পুৰ্ট’ৰিকো খাত ( ৮,৩৮৫ মিটাৰ )।

ভাৰত মহাসাগৰ :-

১) জাভা খাত ( ছুণ্ডা খাত ) ( ৭,৪৫৪ মিটাৰ )

প্ৰশ্ন : -৪) থাৰ্মোক্লাইন বা উত্তাপ ৰেখা ( Thermocline ) কি ?

উত্তৰঃ –  মহাসাগৰৰ পানীৰ গভীৰতা অনুসৰি উত্তাপ কম বা বেছি হোৱা দেখা যায় । সাগৰৰ পানীত উত্তাপ গভীৰতা পাৰ্শ্বচিত্ৰ অংকন কৰিলে দেখা যায় যে পানীৰ গভীৰতা বাঢ়ি গলে পানীৰ উত্তাপ কমি আহে । এই পাৰ্শ্বচিত্ৰই সাগৰৰ উপৰিভাগৰ পানী আৰু গভীৰ পানীভাগৰ মাজত এটা সীমান্ত অঞ্চল দেখুৱাই । এই সীমান্ত অঞ্চলটোৰ যি ঠাইৰ পৰা উত্তাপৰ ত্বৰিৎ হ্ৰাস আৰম্ভ হয় তাকে থাৰ্মোক্লাইন ( Thermocline ) বা উত্তাপ ৰেখা বোলা হয় । 

( চিত্ৰ – ১ )

প্ৰশ্ন : –  ৫) সাগৰৰ ফালে গলে তুমি কি কি উত্তাপৰ স্তৰ পাবা ? গভীৰতা বঢ়াৰ লগে লগে উত্তাপৰ তাৰতম্য হয় কিয় ?

উত্তৰঃ – সাগৰ পানীৰ গভীৰতা বাঢ়ি যোৱাৰ লগে লগে উত্তাপৰ পৰিমান কমি যায় । সেয়ে গভীৰ সমূদ্ৰত পানীৰ উত্তাপৰ স্তৰ স্পষ্টভাৱে বিৰাজমান । সাধাৰণতে তিনিটা স্তৰ থকাটো পৰিলক্ষিত হৈছে । সেই কেইটা হল ―

১) প্ৰথম তৰপ : ই ওপৰৰ তৰপ আৰু ইয়াৰ পানী গৰম । এই তৰপটো ৫০০ মিটাৰ ডাঠ আৰু ইয়াৰ উত্তাপ ২০° ― ২৫° ছেলছিয়াছৰ ভিতৰত থাকে । ক্ৰান্তীয় অঞ্চলত ই সদায় থাকে , কিন্তু মধ্য অক্ষঅংশত ইয়াক গ্ৰীষ্মকালতহে পোৱা যায় । 

২) দ্বিতীয় স্তৰ : এই স্তৰটোক থাৰ্মোক্লাইন স্তৰ বোলা হয় । এই স্তৰত উত্তাপৰ পৰিমাণ খুব বেগাই তললৈ কমি যায় । এই স্তৰটো ৫০০ ― ১০০০ মিটাৰ ডাঠ ।

৩) তৃতীয় স্তৰ : এই স্তৰটো একেবাৰে নিম্ন স্তৰ । ই বৰশীতল আৰু সাগৰৰ গভীৰতম স্থানলৈ বিয়পি আছে । এই অংশৰ পানীৰ উত্তাপ   ০°  ছেলছিয়াছৰ ওচৰত থাকে । 

সূৰ্যৰ ৰশ্মিয়ে হল পৃথিৱীৰ উত্তাপৰ উৎস । সেয়ে যি বোৰ অঞ্চলত সূৰ্যৰ ৰশ্মিৰ পৰিমাণ বেছি তাত গৰম আনহাতে যত ৰশ্মিৰ পৰিমাণ সামান্য বা নাই তেনেবোৰ ঠাই স্বাভাৱিকতে শীতল । সেয়ে সাগৰৰ পানীৰ গভীৰতা বঢ়াৰ লগে লগে উত্তাপৰ তাৰতম্য বা হ্ৰাস হয় । 

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

প্ৰশ্ন : -৬) সাগৰৰ পানীৰ লৱনতা কি ?

উত্তৰঃ – সাগৰৰ পানীত থকা লোণৰ পৰিমানক লৱনতা ( Salinity ) বোলা হয় । প্ৰকৃতিত পোৱা সকলো ধৰণৰ পানীত কম বেছি পৰিমাণৰ লোণ (Salt ) পোৱা যায় । অৱশ্যে সাগৰৰ পানীত ইয়াৰ পৰিমাণ কিছু বেছি । সাগৰৰ পানীত থকা লোণৰ পৰিমাণ প্ৰতি ১০০০ গ্ৰাম পানীত কেইগ্ৰাম লোণ আছে ইয়াক উলিয়াই পানীৰ লৱনতা প্ৰকাশ কৰা হয় । ইয়াক ব্যক্ত কৰা হয় হাজাৰ ভাগৰ অংশ হিচাবে ( %₀ ) । সাগৰৰ 

পানীত ২৪.৭%₀ পৰিমাণৰ লৱনতা থাকিলে তাক লুণীয়া পানী বুলি চিহ্নিত হয় । লৱনতা সাগৰৰ পানীৰ এটা বিশেষ বৈশিষ্ট্য ।

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া

প্ৰশ্ন : -১) জলচক্ৰৰ বিভিন্ন উপদানবোৰ কেনেকৈ পৰস্পৰ সম্পৰ্কিত ?

উত্তৰঃ – জলচক্ৰ ( Hydrological cycle ) হল জলমণ্ডলৰ ভিতৰত সংঘটিত হোৱা পানীৰ চক্ৰাকাৰ গতি । যি গতি বিভিন্ন অৱস্থাত পোৱা যায় । সেই অৱস্থা সমূহ হল পনীয়া ( Liquid ) , গোটা ( Solid ) আৰু গেচীয়া । জলচক্ৰই বায়ম্মণ্ডলত পৃথিৱীৰ ওপৰত হোৱা পানীৰ গতিৰ ( Movemend ) বিষয়ে বৰ্ণনা দিয়ে ।

জলচক্ৰৰ লগত জড়িত বিভিন্ন উপদানবোৰ চিত্ৰ ৰ সহায়ত পৰস্পৰৰ সম্পৰ্ক বৰ্ণনা কৰা হল – 

বাষ্পীভৱন ( Evaporation ) , ঘনীভৱন ( Condensation ) অধঃক্ষেপন Precipitation আৰু লগতে সূৰ্যৰ ৰশ্মি ( Sun sray ) ৰ কথাও জোখ কৰিব পাৰো । সূৰ্য্যৰ তাপত জলভাগৰ পৰা বিশেষকৈ মহাসাগৰ আৰু সাগৰৰ পানী জলভাগৰ পৰা বিশেষকৈ মহাসাগৰ আৰু সাগৰৰ পানী বাষ্পীয়ভৱন হৈ ই বায়ুমণ্ডলত জলীয় বাষ্প ( water vapour ) আকাৰে অৱস্থান কৰি থাকে । বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণ বৃদ্ধি পালে , নতুন ঠাণ্ডা বায়ুৰ সংস্পৰ্শত আহিলে জলীয় বাষ্পৰ 

কণিকাবোৰ ইটোয়ে – সিটোয়ে লগ লাগি আকাৰত ডাঙৰ হৈ জলকনালৈ পৰিণত হয় । এই পৰিঘটনাক ঘনীভৱন ( Condensation ) বোলা হয় । এই অৱস্থাত এই কণা বোৰ বায়ুমণ্ডলত ৰৈ থাকিব নোৱাৰে আৰু জলকনা বা সৰু পানীৰ টোপোলা আকাৰে পৃথিৱী পৃষ্ঠলৈ নামি আহে । ইয়াকে আমি অধঃক্ষেপন ( Precipitation ) বুলি কওঁ ।

অধঃক্ষেপন বিভিন্ন প্ৰকাৰৰ হব পাৰে , পানী আকাৰে যাক বৰষুণ ( rainfall ) বোলা হয় , আৰু কেতিয়াবা বৰফ আকাৰে যাক তুষাৰপাত ( Snow fall ) বোলা হয় আৰু কেতিয়াবা শিলা বৃষ্টি ( hailstone ) আকাৰে হোৱা দেখা যায় । 

এতিয়া দেখা গল জলচক্ৰৰ লগত গোটেই কেইটা উপাদান এৰাব নোৱাৰা ধৰণে জড়িত হৈ আছে । বাষ্পীয়ভৱনৰ ফলত পানীৰ গেছীয় ৰূপ জলীয় বাষ্পীয়ত পোৱা হয় । ইয়াৰ পাছত ঘনীভৱনৰ ফলত পানীৰ জুলীয়া অৱস্থা লাভ কৰে । 

এইদৰে পানীয়ে কলমণ্ডল ( পনীয়া ৰূপ ) , স্থলমণ্ডলত ( পানী বা বৰফ  অৰ্থাৎ গোটা ৰূপ ) আৰু বায়ুমণ্ডলত ( গেছীয় অৱস্থা জলীয় বাষ্প ৰূপ ) থাকি জলচক্ৰৰ সৃষ্টি কৰে ।

প্ৰশ্ন : – ২) সাগৰীয় পানীৰ উত্তাপ বিতৰণত কোনবোৰ কাৰকে প্ৰভাৱ পেলায় ?

উত্তৰঃ – পৃথিৱীয়ে প্ৰয়োজনীয় সকলো খিনি  তাপ শক্তি সূৰ্যৰ পৰাই আহৰণ কৰে । যি বিলাক অঞ্চলে বেছি সৌৰ তাপ পায় তেনেবোৰ ঠাইৰ উত্তাপ বেছি আনহাতে যি বিলাক অঞ্চলে কম সৌৰ তাপ পায় তেনেবোৰ অঞ্চলৰ উত্তাপ কম হোৱা দেখা যায় । 

সাগৰীয় পানীৰ উত্তাপ সকলো ঠাইতে একে নহয় । যি বোৰ কাৰকে ইয়াৰ উত্তাপৰ ভিন্নতাৰ ওপৰত প্ৰভাৱ পেলায় সেইবোৰ হল –

১) অক্ষঅংশ ( Latitude )।

২) ভূ – ভাগ আৰু জলভাগৰ অসমান বিতৰণ ( Unequal distriliution of land and water )। 

৩) প্ৰচলিত বতাহ ( Prevailing wind )।

৪) সাগৰীয় পানীৰ সোঁত ( Ocean currents )।

১) অক্ষঅংশ  ( Latitude ) : অক্ষঅংশ ভেদে সাগৰীয় পানীৰ উত্তাপ ভিন্ন হোৱা দেখা যায় । অৰ্থাৎ বিষুৱীয় অঞ্চলত সাগৰীয় পানীৰ উত্তাপ বেছি আনহাতে দুই মেৰুৰ ফালে সূৰ্যৰ তাপ কম হোৱা বাবে উত্তাপ ক্ৰমে কমি যায় ।

২) ভূ – ভাগ আৰু জলভাগৰ অসমান বিতৰণ ( Unequal distriliution of land and water ) : উত্তৰ গোলাৰ্দ্ধত স্থলভাগৰ পৰিমাণ দক্ষিণ গোলাৰ্দ্ধৰ তুলনাত বেছি আছে । সেয়ে মহাদেশৰ লগত সংস্পৰ্শত থকা বাবে , উত্তৰ গোলাৰ্দ্ধৰ পানীভাগে অধিক উত্তাপ পায় , যিটো দক্ষিণ গোলাৰ্দ্ধত দেখা নাযায় ।

৩) প্ৰচলিত বতাহ ( Prevailing wind ) : প্ৰচলিত বতাহৰ বাবেও সাগৰীয় পানীৰ উত্তাপ কম বেছি হোৱা দেখা যায় । গৰম বতাহৰ প্ৰভাৱত সাগৰৰ পানী গৰম হৈ উঠে আনহাতে শীতল বতাহৰ প্ৰভাৱত পানীভাগ শীতল হৈ থাকে ।

৪) সাগৰীয় পানীৰ সোঁত ( Ocean currents ) : মহাসাগৰৰ কিছুমান অঞ্চলত গৰম পানীৰ সোঁত ( warm ocean current ) আৰু কিছুমান ঠাণ্ডা পানীৰ সোঁত ( cold ocean current ) আছে । গৰম পানীৰ সোঁতৰ প্ৰভাৱত সাগৰৰ ঠাণ্ডা পানীও গৰম হৈ উঠে আনহাতে ঠাণ্ডা পানীৰ সোঁতৰ প্ৰভাৱত গৰম পানীত ঠাণ্ডা হোৱা পৰিলক্ষিত হয় ।

তলৰ মানচিত্ৰত সাগৰৰ পানীৰ উষ্ণতাৰ বিতৰণ দাঙি ধৰা হল –

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top