Class 11 Geography Chapter 15 পৃথিৱীৰ জীৱজগত

Class 11 Geography Chapter 15 পৃথিৱীৰ জীৱজগত Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Geography Chapter 15 পৃথিৱীৰ জীৱজগত and select needs one.

SCERT Class 11 Geography Chapter 15 পৃথিৱীৰ জীৱজগত

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 15 পৃথিৱীৰ জীৱজগত Solutions for All Subject, You can practice these here…

পৃথিৱীৰ জীৱজগত

অধ্যায় –১৫

ভূগোল-প্ৰথম খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

ক) শুদ্ধ উত্তৰ লিখা

প্ৰশ্ন : – ১) তলৰ কোনটো জীৱমণ্ডলৰ অন্তৰ্গত ?

ক) কেৱল উদ্ভিদ ।

খ) জীৱিত আৰু মৃত সকলোবোৰ প্ৰাণী ।

গ) কেৱল জীৱ জন্তু ।

ঘ) কোনোটোৱেই নহয় ।

উত্তৰঃ – ঘ) কোনোটোৱেই নহয় ।

প্ৰশ্ন : -২) ক্ৰান্তীয় ঘাঁহনি অঞ্চলবোৰৰ আন এটি নাম 

ক) প্রেইৰী ( the prairies ) ।

খ) ছাভানা ( the savannas ) ।

গ) ষ্টেপছ ( the steppes ) ।

ঘ) কোনোটোৱেই নহয় ।

উত্তৰঃ – খ) ছাভানা ( the savannas ) ।

প্ৰশ্ন : -৩) শিলাত অক্সিজেন আৰু লৌহ নগ লাগি থাকিলে কি গঠন হয় 

ক) লৌহ কাৰব’নেট ।

খ) লৌহ নাইট্ৰেট । 

গ) লৌহ অক্সাইড ।

ঘ) লৌহ ছালফেট । 

উত্তৰঃ – গ) লৌহ অক্সাইড  ।

প্ৰশ্ন : -৪) সালোক সংশ্লেষণৰ সময়ত , সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত পানীৰ সতে কাৰ্বন – ডাই – অক্সাইড লগ লাগি কি গঠন কৰে ?

ক) প্ৰ’টিন । 

খ) এমিন ‘ এছিড ।

গ) কাৰ্বহাইড্ৰেটচ । 

ঘ) ভিটামিন ।

উত্তৰঃ – গ) কাৰ্বহাইড্ৰেটচ  ।

তলত দিয়া প্ৰশ্নবোৰ উত্তৰ দিয়া

প্ৰশ্ন : -১) পৰিস্থিতি বিদ্যা বুলিলে কি বুজা ?

উত্তৰঃ – পৃথিৱীৰ উপৰিভাগৰ অথবা ইয়াৰ কোনো এটা অংশৰ বা নিচেই সৰু অঞ্চল এটাৰ জৈৱিক ( biotic ) আৰু অজৈৱিক ( abiotic ) ঘটকৰ ( components ) সমষ্টিক পৰিস্থিতি বিদ্যা ( ecology ) বোলা হয় । পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন অঞ্চলত বিভিন্ন পৰিবেশ বিৰাজমান । সেয়ে কোনো এক অঞ্চলত থকা জীৱিত প্ৰাণীৰ অজৈৱিক কাৰকৰ লগত এক আৱাসিক অঞ্চলত পৰস্পৰ ক্ৰিয়াৰ ফলত এক শক্তিৰ উৎপত্তিৰ ধাৱিত হয় । এই ক্ৰিয়া ঠাই ভেদে বেলেগ হোৱা দেখা যায় । যি বিলাক এই সমূহৰ বিষয়ে অধ্যয়ন কৰে তাকেই চমুকৈ পৰিস্থিতি বিদ্যা বোলা হয় ।

প্ৰশ্ন : – ২) পৰিস্থিতি তন্ত্ৰ কি ? পৃথিৱীৰ বি বিভিন্ন পৰিস্থিতি তন্ত্ৰবোৰ চিহ্নিত কৰা ?

উত্তৰঃ – পৃথিৱীৰ উপৰিভাগৰ কোনো এক অঞ্চলত এক শ্ৰেণীৰ জীৱিত প্ৰাণী কাৰকৰ লগত এক আৱাসিক অঞ্চলত পৰস্পৰ ক্ৰিয়াৰ ফলত এক শক্তিৰ উৎপত্তি ধাৱিত হয় আৰু তাত মাটি , পানী , বায়ুত , এক উপাদান চক্ৰৰ সৃষ্টি হয় । এই প্ৰক্ৰিয়াক পৰিস্থিতি তন্ত্ৰ ( ecological system ) বোলা হয় ।

আমি বিভিন্ন পৰিস্থিতি তন্ত্ৰ দেখিবলৈ পাওঁ । পৰিস্থিতি তন্ত্ৰ মুখ্যভাৱে দুই প্ৰকাৰৰ –

১)  স্থলজ পৰিস্থিতি তন্ত্ৰ ( terreatrial )।

২) জলজ পৰিস্থিতি তন্ত্ৰ ( aquatie )। 

এই দুই প্ৰকাৰৰ পৰিস্থিতি তন্ত্ৰৰ আকৌ ঠাই ভেদে নিজা নিজা তন্ত্ৰ গঠন হোৱা দেখা যায় ।

প্ৰশ্ন : – ৩) খাদ্য শৃংখল বুলিলে কি বুজা ? ঘাঁহনি খাদ্যশৃংখলত বিৰাজ কৰা বিভিন্ন স্তৰবোৰ চিনাক্ত কৰা ।

উত্তৰঃ – কোনো এক প্ৰাকৃতিক পৰিৱেশত বসবাস কৰা জীৱ জন্তু আৰু গছ – গছনিয়ে বিশেষ প্ৰক্ৰিয়াৰে যেতিয়া এক বান্ধোনত থকা দেখা যায় তেনে প্ৰক্ৰিয়াক শৃংখল ( Chain ) বোলা হয় । তেতিয়া সেই জৈৱিক আৰু অজৈৱিক পদাৰ্থবোৰে জৰিয়তে এক শৃংখল সৃষ্টি কৰে তাক খাদ্য শৃংখল ( food chain ) বোলা হয় । উদাহৰণ স্বৰূপে উল্লেখ কৰিব পাৰো যে সেউজ ঘাঁহনি কিছুমান পোকে খায় জীয়াই থাকে । এই পোকবোৰ খায় ভেকুলীয়ে । ভেকুলী খাই জীয়াই থাকে সাপে । সাপ খাই জীয়াই থাকে শেন চৰাই । এই দৰে ভক্ষণৰ অনুক্ৰম আৰু পদ্ধতিৰ কাৰণে এটাৰ পৰা আনটো পৰিৱৰ্তন হোৱা শক্তি পদ্ধতিৰ কাৰণে এটাৰ পৰা আনটো পৰিৱৰ্তন হোৱা শক্তি পদ্ধতিক খাদ্য শৃংখল ( food chain) বোলা হয় । 

ঘাঁহনি অঞ্চলত বিৰাজ কৰা খাদ্য শৃংখলৰ স্তৰবোৰ- 

স্তৰ ― ১: উৎপাদক ( সেউজীয়া ঘাঁহনি )।

স্তৰ ― ২: প্ৰাথমিক উপভোক্তা ( তৃণভোজী )।

স্তৰ ― ৩: দ্বিতীয়ক উপভোক্তা ( মাংসভোজী , সাপ , বাঘ )।

স্তৰ ― ৪: তৃতীয়ক উপভোক্তা ( উচ্চ মাংসভোজী , শেন চৰাই , নেউল)।

তৃতীয় উপভোক্তা মৃত্যু হলে সেইবোৰ গেলি পছি তাৰ পৰা উৎপাদক ( সেউজীয়া ঘাঁহনি সৃষ্টি হয় ) ।

প্ৰশ্ন : – ৪) খাদ্য জাল ( food web ) বুলিলে কি বুজা ? উদাহৰণ দিয়া 

উত্তৰঃ – খাদ্য শৃংখলত যেতিয়া একে ধৰণৰ প্ৰজাতিৰ মাজত সংঘটিত হৈ ইটো সিটো পৰস্পৰে জড়িত হৈ থাকি এক খাদ্য শৃংখল সম্পন্ন কৰে , সেই ধৰণৰ সম্পৰ্কক খাদ্য জাল ( food web ) বোলা হয় । 

খাদ্য জালৰ  উদাহৰন হিচাপে তলৰ সম্পৰ্কটো দাঙি ধৰা হল – 

নিগনীয়ে শস্য ভক্ষণ কৰি জীয়াই থাকে আৰু এই নিগণিক বিভিন্ন দ্বিতীয় উপভোক্তাই ( মাংসভোজী ) ভক্ষণ কৰে । আকৌ এই মাংসভোজী উপভোক্তাক ভক্ষণ কৰে উচ্চ মাংস ভোজী উপভোক্তাই । এনে কোৱা পৰিস্থিতিত প্ৰত্যেক মাংসভোজী জীৱই একাধিক বিধৰ জন্তু চিকাৰ কৰি ভক্ষণ কৰে । অৰ্থাৎ খাদ্য শৃংখলৰ জৰিয়তে একে ধৰণৰ প্ৰজাতি ইটোৰ লগত সিটোৰ সম্পৰ্ক থকা দেখা যায় । যিটো খাদ্য শৃংখলৰ উদাহৰণ বুলি উল্লেখ কৰিব পাৰি । 

প্ৰশ্ন : -৫) বায়’ম কি  ( biome ) কি ?

উত্তৰঃ – বিশাল পৃথিৱীৰ বিভিন্ন অংশত বিভিন্ন পৰিৱেশ পোৱা যায় । সেয়ে এক বিশেষ ভৌগলিক ক্ষেত্ৰ ( geographical area ) ত এক বিস্তৃত অঞ্চল বিয়পি থকা গছ – গছনি আৰু জীৱভাগৰ সংমিশ্ৰণত গঢ়ি উঠা এক পৰিৱেশক বায়’ম ( biome ) বা জীৱ তন্ত্ৰ বোলা হয় । 

পৃথিৱী পৃষ্ঠৰ বিভিন্ন জীৱ তন্ত্ৰ সীমা নিৰ্দ্ধাৰিত হয় জলবায়ুৰ দ্বাৰা । সেয়ে কোনো এক অঞ্চলৰ গছ – গছনি আৰু জীৱ – জন্তুৰ জাতি প্ৰজাতিৰ এটাৰ ওপৰত আনটোৰ বিশেষ পৰিস্থিতিত হোৱা     পৰস্পৰ ক্ৰিয়া কাৰ্য । পৃথিৱীৰ প্ৰধান জীৱ তন্ত্ৰ সমূহ হ’ল – হাবিয়নি, ঘাঁহনি ভূমি, মৰুভূমি আৰু তুন্দ্ৰা জীৱতন্ত্ৰ ।

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

তলত দিয়া প্ৰশ্নবোৰ উত্তৰ দিয়া

প্ৰশ্ন : – ১) জৈৱ ভূ – ৰাসায়নিক চক্ৰ (bio -geo -chemical) কি ? বায়ুমণ্ডলত নাইট্ৰেজেন  যৌগিকীকৰণ (fixation ) কেনকৈ হয় বৰ্ণনা কৰা ।

উত্তৰঃ – পৃথিৱীয়ে ইয়াৰ প্ৰয়োজনীয় সকলো খিনি শক্তি সূৰ্যৰ পৰাই আহৰণ কৰি আহিছে । সূৰ্যৰ এই তাপ শক্তিৰ ওপৰতেই সকলো জীৱ জন্তু নিৰ্ভৰশীল । সূৰ্যৰ এই শক্তিয়ে জীৱ জগতৰ সকলো কাম কাজ আগুৱাই লৈ যোৱাত মুখ্যভূমিকা গ্ৰহণ কৰে । পৃথিৱীৰ ওপৰত বিভিন্ন প্ৰকাৰৰ জীৱ পোৱা যায় । এই জীৱসমূহ জীয়াই থাকে বিভিন্ন পৰিস্থিতিৰ  মাজত আৰু জীয়াই থকা এই পদ্ধতিটোত এটা গতানুগতিক শক্তিৰ গতি, পানীৰ গতি আৰু পৰিপুষ্টতাৰ গতি বিৰাজমান । এই গতি পৃথিৱীৰ বিভিন্ন অংশত বেলেগ বেলেগ ধৰণে দেখা পোৱা যায় , বিষেশকৈ বছৰৰ বিভিন্ন ঋতুত স্থানীয় বিভিন্ন পৰিস্থিতিৰ লগত খাপ খুৱাই থাকে । 

বিভিন্ন অধ্যয়নৰ পৰা গম পোৱা গৈছে যে বায়ুমণ্ডল আৰু জলমণ্ডল প্ৰায় একে ধৰণে ৰাসায়নিক মিশ্ৰণত সমতা ৰক্ষা কৰি আছে । জীৱিত প্ৰাণী সমূহে চক্ৰকৰাৰ জৰিয়তে  ৰাসায়নিক উপাদান সমুহ শুহি লয় আৰু ই পুনৰায় মিহলি হৈ যোৱা পদ্ধতিৰে বতাহ , পানী আৰু মাটিলৈ উভতি আহে । এই চক্ৰকাৰৰ পদ্ধতি বহুতো পৰিমানে সূৰ্যৰ আপতনৰ ( insolation) জৰিয়তে শক্তিশালী হয় । এই চক্ৰাকাৰ পৰিবৰ্তনৰ জৰিয়তে জীৱমণ্ডলত প্ৰাণীজীৱ (life or bio) আৰু পৰিবেশৰ মাজত এক প্ৰক্রিয়া সম্পাদন হয় । এই প্ৰক্ৰিয়াক বা চক্ৰটোক জৈৱ – ভূ – ৰাসায়নিক চক্ৰ ( bio – geo – chamical cycle ) বোলা হয় । 

বায়ুমণ্ডলত নাইট্ৰোজেন যৌগিকৰন : বায়ুমণ্ডলত থকা বিভিন্ন পদাৰ্থৰ ভিতৰত নাইট্ৰোজেনৰ পৰিমাণ  ৭৯ শতাংশ । অৰ্থাৎ ইয়াৰ পৰিমাণ অন্য পদাৰ্থৰ তুলনাত যথেষ্ট বেছি । সেয়ে ইয়াৰ উৎপাদন যি কোনো পৰিৱেশত সহজে হোৱা দেখা যায় । মাটিৰ বেক্টেৰিয়া , নীলা – 

সেউজীয়া এলগিয়ে যথেষ্ট পৰিমাণে নাইট্ৰোজেন পোনে পোনে উৎপাদন কৰে ।  জানিব পৰা গৈছে যে প্ৰায় ৯০ শতাংশ নাইট্ৰোজেন বায়ুমণ্ডলত যোগ হয় বিভিন্ন জৈৱিক মূলৰ পৰা । আনহাতে মুক্ত নাইট্ৰোজেনৰ প্ৰধান উৎস হল মাটিৰ জৈৱ কণিকাৰ ক্ৰিয়াৰ লগত গছ গছনিৰ শিপাৰ মিশ্ৰণ । ইয়াৰ উপৰিও বিজুলী ঢেৰিকনি আৰু কছমিক ৱিকিৰনৰ জৰিয়তে বহু পৰিমাণৰ নাইট্ৰোজেন বায়ুমণ্ডলত যোগ হয় । বহুতো সাগৰীয় প্ৰাণীয়েও সাগৰত নাইট্ৰোজেন এৰি দিয়া দেখা যায় । তৃণভোজী জীৱ জন্তুৱে গছ গছনি ভক্ষণ কৰে তেতিয়া সেইবোৰ মলত্যাগ কৰে , তাৰ পৰাও বহু পৰিমানে নাইট্ৰোজেন বায়ুমণ্ডলত যোগহোৱা দেখা যায় । বায়ুমণ্ডলত নাইট্ৰোজেন যৌগিকীকৰন চক্ৰটো চিত্ৰ আঁকি দেখুৱাই দিয়া হল –

প্ৰশ্ন : –  ২) পৰিস্থিতিক ভাৰসাম্য কি ? পৰিস্থিতিক ভাৰসাম্য বিনষ্ট নহবলৈ কি প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ প্ৰয়োজন ?

উত্তৰঃ – কোনো এক ভৌগোলিক অঞ্চলত বসবাস কৰা বিভিন্ন উপাদান জৈৱিক আৰু অজৈৱিক সমূহৰ মাজত থকা স্বাভাৱিক চলন শক্তি যুক্ত সমান ভাৰ থকা এটা সমস্বত্ববাদী জৈৱিক আচৰণক পৰিস্থিতিক ভাৰসাম্য ( ecological balance ) বোলা হয় ।

পৃথিৱীৰ নিজা এটা বহন ক্ষমতা আছে । ঠিক একেদৰে ইয়াৰ উপৰিভাগৰ কোনো এক ভৌগলিক অঞ্চলত থকা বিভিন্ন উপাদান সমূহৰ মাজত এক গো-শৃংখল প্ৰক্ৰিয়া থাকে , যিয়ে পৰিবেশৰ প্ৰতিটো উপাদান বৰ্তি থকাত পৰস্পৰে পৰস্পৰক সহায় কৰে । অৱশ্যে সময়ৰ পৰিবৰ্তনৰ লগে লগে উপাদান বোৰৰ ক্ৰমগত পৰিৱৰ্তন হোৱাও দেখা যায় । যাক এক প্ৰাকৃতিক অনুক্ৰম বুলি গণ্য কৰা হয় ।

কোনো এক ভৌগোলিক ক্ষেত্ৰ ত এক নিৰ্দিষ্ট পৰিমাণৰ উপাদান থাকে , যিয়ে সেই ক্ষেত্ৰৰ ( area ) সমতা ৰক্ষা কৰে । যাক আমি পৰিস্থিতিৰ ভাৰসাম্যতা বুলি উল্লেখ কৰিব পাৰো । যদি কিবা কাৰণত উপদান সমূহৰ ভিতৰৰ কিছুমানৰ পৰিমাণ কম বা বেছি হয় তেনেহলে সেই ক্ষেত্ৰৰ ক্ষমতাত আউল লাগিব আৰু আহি পৰিব অ – ভাৰসাম্যতা ( imbalance ) উদাহৰণ স্বৰূপে আমি উল্লেখ কৰিব পাৰো যে , কোনো এক বিস্তীৰ্ণ ঘাঁহনি অঞ্চলত নানা তৃণভোজী জন্তু ( হৰিণা আদি ) বসবাস কৰে যাৰ সংখ্যা যথেষ্ট বেছি । আনহাতে তেনেকুৱা ঘাঁহনি অঞ্চলতেই বসবাস কৰে মাংসভোজী জন্তু সমূহ ( বাঘ , সিংহ আদি ) যাৰ সংখ্যা যথেষ্ট নহয় আৰু তৃণভোজী জন্তু চিকাৰ কৰি যায় জীয়াই থাকে । সেয়ে তেনে ঘাঁহনি অঞ্চলত থকা প্ৰাণী সমূহৰ মাজত এক ভাৰসাম্য বিৰাজমান । 

যতি হৰিণাৰ সংখ্যা কমি গৈ বাঘৰ সংখ্যা বাঢ়ি গলেহেঁতেন তেনে বাঘবোৰ খাদ্যৰ অভাৱত নিঃশেষ হৈ গলেহেঁতেন । যাক আমি কব পাৰো অ – ভাৰসাম্য অৱস্থা । সেয়ে প্ৰকৃতিয়ে নিজেই তাৰ পৰিবেশ সদায় এক ভাৰসাম্য অৱস্থাত ৰাখিব বিচাৰে । কিন্তু , মানুহৰ জ্ঞানহীন কৰ্মৰ বাবে পৰিস্থিতিক ভাৰসাম্যতা বিজুতিয়ে বিৰাজ কৰিছে ।

পৰিস্থিতিক ভাৰসাম্য বিনষ্ট নহবলৈ প্ৰয়োজনীয় ব্যৱস্থা : পৰিস্থিতিক ভাৰসাম্য বিনিষ্ট হলে তাৰ বাবে আটাইতকৈ বেছি অনুবিধান সন্মুখীন হব মানৱ সমাজ । সেয়ে আমি বিশ্বৰ মানৱ জাতিয়ে একগোট  হৈ আমাৰ অঞ্চল , দেশৰ তথা বিশ্বৰ পৰিবেশ যাতে এক পৰিস্থিতিক ভাৰসাম্য অৱস্থাত ৰাখিব পাৰো , তাৰ বাবে সকলোৱে কাম কৰা উচিত । পৰিস্থিতিক ভাৰসাম্য সুস্থ ভাবে ৰাখিবলৈ হলে তলত উল্লেখ কৰা ব্যৱস্থা কেইটা হাতত লব পাৰো –

১) অনাহঁতক প্ৰাকৃতিক সম্পদক বিনিষ্ট কৰাৰ পৰা বিৰত থকা । 

২) প্ৰয়োজন অনুসৰি অথবা অতি বিশ্বেৰ জ্ঞানেৰে প্ৰাকৃতিক উপাদান সমুহ মানুহৰ কল্যাণৰ কামত ব্যৱহাৰ কৰা  ।

৩) উদ্ভিদ জগতৰ সংখ্যা বৃদ্ধি কৰাত মানৱ সমাজ নিয়োজিত হব লাগিব ।

৪) আমি আটায়ে মনত ৰাখিব লাগিব যাতে অৰ্থনৈলিক উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত জোৰ – জুলুম  কৰা নহয় ।

৫) নবিকৰন বা পুনৰ্ভাৱ ( renewable ) সম্পদৰ ব্যৱহাৰৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰা ।

৬) আমি সকলোৱে উচিত শিক্ষাৰে শিক্ষিত হব লাগিব ।

৭) বৰ্দ্ধিত জনসংখ্যা হ্ৰাস কৰিব ই লাগিব ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top