Class 11 Geography Chapter 6 ভূ – আকৃতিক প্ৰক্ৰম

Class 11 Geography Chapter 6 ভূ – আকৃতিক প্ৰক্ৰম Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Geography Chapter 6 ভূ – আকৃতিক প্ৰক্ৰম and select needs one.

SCERT Class 11 Geography Chapter 6 ভূ – আকৃতিক প্ৰক্ৰম

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 6 ভূ – আকৃতিক প্ৰক্ৰম Solutions for All Subject, You can practice these here…

ভূ – আকৃতিক প্ৰক্ৰম

অধ্যায় – ৬

ভূগোল-প্ৰথম খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

ক) শুদ্ধ উত্তৰটো বাছি উলিওৱা :

প্ৰশ্ন : –  ১) তলত দিয়াবোৰৰ কোনবিধ অনুক্ৰমিক প্ৰক্ৰিয়া ?

ক) অৱক্ষেপন  ( Deposition )

খ) জ্বালামুখী ( Volcanism )

গ) পাতাল বিৰূপন ( Diastrophism )

ঘ) খনন ( Erosion )

উত্তৰঃ – ঘ) খনন ( Erosion ) ।

প্ৰশ্ন : –  ২) নিম্ন উল্লেখিত কোনবিধ পদাৰ্থ জল যোজনা প্ৰক্ৰিয়াৰ দ্বাৰা 

প্ৰভাৱান্বিত হয় । 

ক) গ্ৰেনাইট ( Granite )

খ) কোৱাৰ্জ ( Quartz )

গ) বোকা ( Clay )

ঘ) লৱন ( Salt )

উত্তৰঃ – ঘ) লৱন ( Salt ) ।

প্ৰশ্ন  : –  ৩) গেদ সম্প্ৰপাত কোন শ্ৰেণীভূক্ত ?

ক) ভূ – স্খলন  ( Landslide )

খ) ধীৰ গতিৰ বৃহৎ সংচলন ( Slow flow mass movements )

গ) ক্ষিপ্ৰ গতিৰ বৃহৎ সংচখন ( Rapid flow mass movements )

ঘ) অধোগমন ( Subsidence )

উত্তৰঃ – গ) ক্ষিপ্ৰ গতিৰ বৃহৎ সংচখন ( Rapid flow mass movements ) ।

চমু প্ৰশ্নোত্তৰ

১) বিচূনীভৱন পৃথিৱীৰ জৈৱ বৈচিত্ৰৰ বাবে জগৰীয়া কেনেকৈ ?

উত্তৰঃ – বিচূনীভৱন ( Weathering ) এনে এক প্ৰক্ৰিয়া যাৰ ফলত পৃথিৱী পৃষ্ঠৰ আৱৰণ খন খণ্ড বিখণ্ড হয় । খণ্ড বিখণ্ড হোৱাৰ লগে লগে উক্ত পদাৰ্থ সমূহ অন্য কাৰকৰ দ্বাৰা প্ৰভাৱাম্বিত হয় আৰু পদাৰ্থবোৰ অন্য ঠাইলৈ পৰিবাহিত হয় । এতিয়া দেখা গ’ল যে কোনো এক নির্দিষ্ট অঞ্চলত বিচুৰ্ণীভৱন হোৱাৰ আগলৈকে তাত জৈৱ – বিচিত্ৰৰ এক ভাৰসাম্য বিৰাজ কৰিছিল । কিন্তু বিচুৰ্ণীভৱন হোৱাৰ পিছৰ পৰাই সেই অঞ্চলৰ জৈৱ বৈচিত্ৰৰ ( Bio-diversity ) ওপৰত এক বিৰূপ প্ৰভাৱ পৰাটো পৰিলক্ষিত হয় । সেয়ে আমি কব পাৰো বিচুৰ্ণীভৱন পৃথিৱীৰ জৈৱ – বৈচিত্ৰৰ বাবে জগৰীয়া ।

প্ৰশ্ন : -২)বৃহৎ সংচলনৰ প্ৰকৃততে কোনবোৰ ক্ষিপ্ৰ গতিৰ আৰু অৱগম্য ( Petceptible ) তালিকা প্ৰস্তুত কৰা ।

উত্তৰঃ – পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত ভূমিৰ ঢাল অনুসৰি যেতিয়া বৃহৎ শিলা খণ্ডবোৰ তুলনামূলকভাৱে নিম্ন স্থানলৈ পৰিবাহিত হয় তেনে প্ৰক্ৰিয়াক বৃহৎ সংচলন ( Mass movement ) বোলা হয় । বৃহৎ সংচলন বিভিন্ন ধৰণৰ হব পাৰে । কিছুমান ক্ষিপ্ৰ গতিৰ আৰু আন কিছুমান অৱগম্য বা মন্থৰ । তলৰ তালিকাত ক্ষিপ্ৰগতিৰ সংচলন আৰু অৱগম্য সংচলন দাঙি ধৰা হ’ল – 

ক্ষিপ্ৰ গতিৰ সংচলনঅৱগম্য সংচলন
ক) ভূ – প্ৰৱাহ ( earth flow )ক) মৃত্তিকা প্ৰৱাহ ( solifluction)
খ) শৈল স্খলন ( rock flow )খ) শৈল গেদ ( rock debris )
গ) মৃত্তিকা প্ৰৱাহ ( mud flow )গ) মৃত্তিকা বিসৰ্পন ( soil debris)
ঘ) হিমানী সম্প্ৰপাত ( snow flow )X

প্ৰশ্ন  : – ৩) গতিশীল আৰু বাহ্যিক ভূ – আকৃতিক কাৰক কোনবোৰ ? কাৰকবোৰে সম্পাদন কৰা কাৰ্য্য কোনবোৰ ?

উত্তৰঃ – পৃথিৱীৰ উপৰিভাগত যি বিলাক কাৰকৰ প্ৰভাৱত ক্ষয়প্ৰাপ্ত অথবা ক্ষয়প্ৰাপ্ত নোহোৱা পদাৰ্থবোৰ ক্ষয় সাধন কৰি সেইবোৰ পৰিবহন কৰি লৈ যায় তেনেবোৰ কাৰকক গতিশীল কাৰক বোলা হয় । গতিশীল কাৰকৰ উদাহৰণ , বতাহ , প্ৰৱাহিত জল , হিমবাহ আদি । আনহাতে যি বিলাক কাৰকে ভূ – পৃষ্ঠৰ ওপৰত অহৰহ ক্ৰিয়া কৰি ইয়াৰ ক্ষয় সাধন কৰে তেনে কৰকবোৰকে বাহ্যিক ( exogenitic ) কাৰক বোলা হয় । বতাহ , বৰষুণ , হিমবাহ , তুষাৰ , বোৱতী নৈ , মানুহৰ কাৰ্য আদিবোৰ বাহ্যিক কাৰকৰ উদাহৰণ । আমি দেখিবলৈ পোৱা ক্ষয়ীভৱন ( erosion ) , পৰিবহন ( Transportation ) আৰু অৱক্ষেপন ( deposition ) আদি সকলোবোৰ কাৰ্য গতিশীল কাৰক আৰু বাহ্যিক কাৰকৰ দ্বাৰা সম্পাদন হয় । 

প্ৰশ্ন : – ৪) মৃত্তিকা গঠনৰ বাবে বিচুৰ্ণীভৱন আৱশ্যকীয় প্ৰাথমিক চৰ্ত নেকি ? কিয় ?

উত্তৰঃ – বিচুৰ্ণীভৱন এনে এক প্ৰক্ৰিয়া , যিয়ে ভূ – পৃষ্ঠৰ শিলা বিলাক খণ্ড – বিখণ্ড কৰি দিয়ে । ইয়াৰ পিছত বিচুৰ্ণীভূত পদাৰ্থসমূহ বিভিন্ন কাৰকৰ দ্বাৰা পৰিবাহিত হৈ কৰবাত অৱক্ষেপন হয় আৰু তাত বেক্টেৰিয়া আৰু অন্য নিকৃষ্ট উদ্ভিদে ( শেলুৱৈ আৰু লাইকেন ) উপনিৱেশ স্থাপন কৰে । ইয়াত অন্যান্য ক্ষুদ্ৰ জীৱইও আশ্ৰয় গ্ৰহণ কৰিব পাৰে । লগতে ইয়াত জীৱ – জন্তু আৰু গছ – গছনিৰ অৱশিষ্টই হিউমাছ ( humus ) গঠনত যথেষ্ট সহায় কৰে । লগে লগে তাত নিকৃষ্ট ঘাঁহ – বন আৰু সৰু সৰু জোপোহা , সদৃশ উদ্ভিদ গজিবলৈ ধৰে । গছ – গছনিৰ শিপাই মাটি চানি ধৰাৰ ফলত তাত গাত খান্দি বাস কৰা কিছুমান জীৱই তলত মাটি ওপৰলৈ উলিয়াই আনে । তেতিয়াই মাটি হৈ পৰে প্ৰৱেশ্য আৰু মাটি দৰাই লাভ কৰে জলধাৰণ ক্ষমতা । এনেকৈয়ে ক্ৰমশ ই পৈণত মৃত্তিকালৈ পৰিৱৰ্তন হয় । 

ওপৰত মৃত্তিকা গঠন প্ৰক্ৰিয়াত দেখা গ’ল যে মৃত্তিকা গঠনৰ আৱশ্যকীয় প্ৰাথমিক চৰ্ত হল বিচুৰ্ণী ভৱন । বিচুৰ্ণীভৱন নহলে মৃত্তিকা গঠন হবই নোৱাৰে । 

দীঘল প্ৰশ্নোত্তৰ

প্ৰশ্ন  : -১) ‘আমাৰ পৃথিৱীখন দুই প্ৰকাৰৰ পৰস্পৰৰ বিৰোধী ভূ – আকৃতিক প্ৰক্ৰিয়াৰ খেল – পথাৰ ‘ । আলোচনা কৰা ।

উত্তৰঃ – পৃথিৱীখন গতিশীল ( dynamic ) । সেয়ে ইয়াৰ সকলো ধৰণৰ পৰিঘটনাও ( Phenomena ) গতিশীল । ধৰাপৃষ্ঠ উলম্বিক আৰু অনুভূমিক ভাৱে আৱহমান কালৰ পৰা আজিকোপতি গতি কৰি আহিছে । অতীজতে ধৰা পৃষ্ঠৰ যিমান খৰতকীয়া পৰিৱৰ্তন সংঘটিত হৈছিল বৰ্তমান কিন্তু পৰিবৰ্তনবোৰ কিছু মন্থৰ হোৱা বুলি ভূ – বিজ্ঞানী সকলে মত পোষণ কৰিছে । বৰ্তমান ধৰা পৃষ্ঠৰ যি ৰূপ দেখিবলৈ পাইছো, অতীজতে ই তেনে ৰূপত নাছিল আৰু ভৱিষ্যতেও এই ৰূপ নাথাকিব ।

ভূ – পৃষ্ঠত  আমি কিছুমান উত্থিত ( raised ) অংশ আৰু কিছুমান অৱনমিত ( depressed ) অংশ দেখিবলৈ পাওঁ । উত্থিত অংশ বিলাকৰ ভিতৰত পৰ্বত – পাহাৰ , মালভূমি আদি উল্লেখযোগ্য আনহাতে সাগৰ , মহাসাগৰ , হ্ৰদ আদিবোৰ অৱনমিত অংশৰ উদাহৰণ । পৃথিৱীপৃষ্ঠত দেখিবলৈ পোৱা নানা ধৰণৰ অৱয়ৱ সমূহ প্ৰধানকৈ দুই ধৰণৰ শক্তিৰ প্ৰভাৱত সৃষ্টি হৈছে । এটা পৃথিৱীৰ অন্তৰ ভাগৰ পৰা সৃষ্টি হোৱা , যিয়ে নানান অৱয়ৱ সমূহ গঠন কৰি আহিছে । এই শক্তি বিধৰ নাম হল আভ্যন্তৰিণ শক্তি ( endogenetic force ) । আনহাতে ভূ – পৃষ্ঠৰ উপৰিভাগত আন এটা শক্তিয়ে বা প্ৰক্ৰিয়াই অহৰহ ক্ৰিয়া কৰি থাকে উত্থিত অংশ সমূহ ক্ষয় সাধন কৰি আছে । এই প্ৰক্ৰিয়াক বাহ্যিক প্ৰক্ৰিয়া ( exogenetic processes ) বোলা হয় । 

এতিয়া দেখা গল এক প্ৰকাৰ শক্তিয়ে অহৰহ বা সময়ে সময়ে পৃথিৱীৰ অন্তৰ ভাগত থাকি ভূ – পৃষ্ঠৰ ক্ৰিয়া কৰি আছে । আনহাতে অন্য এক প্ৰকাৰ শক্তিয়ে পৃষ্ঠৰ ওপৰত থাকি অহৰহ ক্ষয় সাধন কৰি আহিছে । সেয়ে আমি কব পাৰো যে আমাৰ পৃথিৱীখন দুই প্ৰকাৰৰ পৰস্পৰ বিৰোধী ভূ – আকৃতিক ( বাহ্যিক আৰু আভ্যন্তৰিণ ) প্ৰক্ৰিয়াৰ খেল পথাৰ ।

প্ৰশ্ন : – ২) বাহ্যিক ভূ – অকৃতিক প্ৰক্ৰমবোৰে সূৰ্যৰ উত্তাপৰ পৰা শক্তি আহৰণ কৰে ‘ ব্যাখ্যা কৰা ।

উত্তৰঃ – পৃথিৱীয়ে , তাৰ প্ৰয়োজনীয় সকলো খিনি শক্তি সূৰ্যৰ পৰাই আহৰণ কৰে । সেয়ে পৃথিৱী পৃষ্ঠৰ ওপৰত যিবিলাক কাৰকে অহৰহ ক্ৰিয়া কৰি আছে সেই সকলোবোৰ কাৰকে প্ৰয়োজনীয় শক্তি সূৰ্যৰ উত্তাপৰ পৰা আহৰণ কৰে । বাহ্যিক ভূ – আকৃতিক প্ৰক্ৰম বোৰৰ ভিতৰত ৰ’ত ( Sunlight ) বতাহ ( Wind ) , বৰষুণ ( Rain ) , তুষাৰ পাত ( Snowfall ) , প্ৰৱাহমান জল ( Running water ) , হিমবাহ ( Glacier ) ,  সমুদ্ৰৰ সোঁত ( Ocean wave or sra wave) উত্তাপ ( Temperature ) আদিয়ে প্ৰধান । ওপৰত উল্লেখ কৰা বাহ্যিক কাৰকবোৰে পৃথিৱীৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণে ক্ৰিয়া কৰা পৰিলক্ষিত হয় । পৃথিৱীৰ এনে কিছুমান অঞ্চল আছে যত বৰষুণ নহয় বা কম পৰিমাণে হয় আন হাতে সূৰ্যৰ উত্তাপৰ পৰিমাণ যথেষ্ট বেছি , তেনেবোৰ অঞ্চলত বতাহৰ ক্ৰিয়া হোৱাটো পৰিলক্ষিত হয় । 

আনহাতে যিবিলাক অঞ্চলত সূৰ্যৰ উত্তাপ যথেষ্ট বেছি আৰু বাষ্পীভৱন ( Evaporation ) ৰ পৰিমাণ যথেষ্ট তেনেবোৰ অঞ্চলত প্ৰৱাহিত জল , বৰষুণ , আদি বাহ্যিক কাৰকবোৰে ভূ- পৃষ্ঠৰ ওপৰত ক্ৰিয়া কৰে । আকৌ পৃথিৱীৰ এনে কিছুমান অঞ্চল আছে যি বোৰত সূৰ্যৰ উত্তাপৰ প্ৰভাৱ তেনেই কম , তেনেবোৰ অঞ্চলত বাহ্যিক কাৰকৰ প্ৰভাৱ ভূ – পৃষ্ঠৰ ওপৰত তেনেই কম ওপৰৰ আলোচনাৰ পৰা দেখা গল যে , পৃথিৱীৰ যিবিলাক অঞ্চলত সূৰ্যৰ উত্তাপৰ পৰিমাণ বেছি তেনেবোৰ অঞ্চলত বাহ্যিক কাৰকৰ প্ৰভাৱ বেছি হোৱাৰ লগতে যথেষ্ট খৰতকীয়াও হোৱা দেখা যায় । আনহাতে যিবোৰ অঞ্চলত সূৰ্যৰ উত্তাপৰ পৰিমাণ কম তাত বাহ্যিক কাৰকবোৰৰ প্ৰভাৱ তেনেই কম আৰু অতি লেহেমীয়া । 

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

প্ৰশ্ন  : – ৩) ভৌতিক আৰু ৰাসায়নিক বিচুৰ্ণীভৱন প্ৰক্ৰিয়াবোৰ এটাৰ পৰা আনটো স্বতন্ত্ৰ নে ? যদি নহয় কিয় ? উদাহৰণসহ ব্যাখ্যা কৰা ।

উত্তৰঃ – বিচুৰ্ণীভৱন এনে এক প্ৰক্ৰিয়া বা পৰিঘটনা , যিয়ে ভূ – পৃষ্ঠৰ শিলা সমূহ বা পদাৰ্থবোৰ খণ্ডিত কৰে বা খণ্ড – বিখণ্ড কৰে । পদাৰ্থবোৰ খণ্ড বিখণ্ড হোৱাৰ পাছত সেইবোৰ সেই স্থানতে ( in situ ) থকা পৰিলক্ষিত হয় । 

ভৌতিক বিচুৰ্ণীভৱন ( Physical weathering ) ৰ ফলত পদাৰ্থবোৰ খণ্ড বিখণ্ড হয় যদিও পদাৰ্থৰ মৌলিক উপদান সমূহৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় । আনহাতে ৰাসায়নিক বিচুৰ্ণীভৱনত ( Chemical Weathering ) বিচুৰ্ণীকৃত পদাৰ্থবোৰৰ মৌলিক উপাদান সমূহৰ পৰিৱৰ্তন লক্ষণীয় । 

ভৌতিক বিচুৰ্ণীভৱনত উত্তাপ আৰু বৰষুণ বা পানী ( জলচক্ৰ ) য়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । আনহাতে  ৰাসায়নিক বিচুৰ্ণীভৱনত বায়ু আৰু পানী অত্যাৱশ্যকীয় কাৰক যাৰ অবিহনে ৰাসায়নিক বিচুৰ্ণীভৱন হোৱাটো অসম্ভৱ । 

এতিয়া দেখা গল দুয়ো প্ৰকাৰৰ বিচুৰ্ণীভৱনত বায়ু আৰু উত্তাপ আৰু জলচক্ৰ বা পানী আৱশ্যক । সেয়ে আমি কব পাৰো বিচুৰ্ণীভৱনৰ প্ৰক্ৰিয়াবোৰ এটাৰ পৰা আনটো স্বতন্ত্ৰ নহয় । তলত কেইটামান উদাহৰণ দাঙি ধৰা হ’ল – 

১) ভৌতিক বিচুৰ্ণীভৱনত অতিকে প্ৰয়োজনীয় কাৰক এটা হল উত্তাপ অৰ্থাৎ বায়ুমণ্ডল । উত্তাপ অবিহনে ভৌতিক বিচুৰ্ণীভৱন অসম্ভৱ । যিবিলাক অঞ্চলত উত্তাপৰ প্রার্দুভাৱ বেছি তেনেবোৰ অঞ্চলত ভৌতিক বিচুৰ্ণীভৱনৰ হাৰ বেছি । ঠিক তেনেদৰে ৰাসায়নিক বিচুৰ্ণীভৱন  সম্ভৱ হয় বায়ুমণ্ডলত থকা নানা গেছৰ উপস্থিতিত , বিশেষকৈ অক্সিজেন , হাইড্ৰজেন , কাৰ্বনডাই অক্সাইডৰ উপস্থিতিত সেয়ে এনেকুৱা ক্ষেত্ৰত ভৌতিক আৰু ৰাসায়নিক বিচুৰ্ণীভৱন প্ৰক্ৰিয়া পৃথক কৰিব নোৱাৰি । 

২) পানী আন এটা কাৰক যিয়ে ভৌতিক আৰু ৰাসায়নিক বিচুৰ্ণীভৱন সংঘটিত হোৱাত মুখ্য ভূমিকা পালন কৰে । বৰষুণ পানী শিলৰ ফাঁকত সোমাই থাকি যেতিয়া ই বৰফলৈ ৰূপান্তৰিত হয় , তেতিয়া ইয়াৰ আয়তন বাঢ়ে আৰু শিলা খণ্ডিত কৰে । এনে সময়তে বায়ুমণ্ডলত থকা নানা গেছৰ উপস্থিতিত পানীয়ে ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰি ৰাসায়নিক বিচুৰ্ণীভৱন প্ৰক্ৰিয়া সমাপন কৰে । দেখা যায় এই দুয়োবিধ পৰিবৰ্তনত পানীৰ ভূমিকা উল্লেখযোগ্য । সেয়ে , ভৌতিক আৰু ৰাসায়নিক বিচুৰ্ণীভৱনৰ প্ৰক্ৰিয়াবোৰ স্বতন্ত্ৰ নহয় ।

প্ৰশ্ন : – ৪)  মৃত্তিকা গঠনৰ প্ৰক্ৰিয়া আৰু কাৰকৰ মাজত থকা পাৰ্থক্য লিখা । মৃত্তিকা গঠনৰ ক্ষেত্ৰত জলবায়ু আৰু জৈৱিক কাৰ্যৰ ভূমিলা কি ?

উত্তৰঃ – মৃত্তিকা হ’ল ধৰাপৃষ্ঠৰ প্ৰাকৃতিক গোটৰ ( bodies ) সমাহাৰ যত জীৱৰ ( life ) পোষণ হয় নাইবা  জীৱক আশ্ৰয় দিব পৰা ক্ষমতা বিৰাজমান । এই মৃত্তিকাৰ গঠন প্ৰক্ৰিয়া আৰু কাৰকৰ মাজত কিছু পাৰ্থক্য পৰিলক্ষিত হয় । তাৰ কিছু তলত উল্লেখ কৰা হ’ল – 

মৃত্তিকা গঠন প্ৰক্ৰিয়া ( Soil forming processrs ) : মৃত্তিকা গঠন প্ৰক্ৰিয়া এক প্ৰাকৃতিক পৰিঘটনা । মৃত্তিকাৰ গঠন প্ৰথমতে নিৰ্ভৰ কৰে বিচুৰ্ণীভৱনৰ ওপৰত । কিয়নো বিচুৰ্ণীভৱনৰ জৰিয়তে বিচুৰ্ণীভূত হোৱা পদাৰ্থসমূহ পৰিবাহিত হৈ অন্য ঠাইত জমা হবলৈ ধৰে । য’ত বেক্টেৰিয়া আৰু অন্য নিকৃষ্ট উদ্ভিদ উপনিৱেশ স্থাপন কৰে । লগে লগে অন্য ক্ষুদ্ৰ জীৱই আশ্ৰয় গ্ৰহণ কৰিব পাৰে । জীৱ – জন্তু আৰু গছ – গছনিৰ অৱশিষ্টই হিউমাছ গঠনত যথেষ্ট সহায় কৰে । ইয়াৰ পাছত ঘাঁহ – বন আৰু সৰু সৰু জোপোহা উদ্ভিদ গজিবলৈ ধৰে লগতে গছৰ শিপাই মাটি চানি ধৰে । মাটি খান্দি বাস কৰা জীৱই মাটিৰ জলধাৰণ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে । এনেকৈয়ে বিচুৰ্ণীভূত পদাৰ্থ সমূহ শেষলৈ পৈণত মৃত্তিকালৈ ৰূপান্তৰিত হৈ মৃত্তিকা গঠন কৰে । 

মৃত্তিকা গঠনকাৰী কাৰক ( Soil forming factors ) : মৃত্তিকাৰ গঠন প্ৰক্ৰিয়াত কিছুমান কাৰকে সহায় কৰে , যিবোৰ মৃত্তিকা গঠনকাৰী কাৰক ( factors ) বুলি কোৱা হয় । মৃত্তিকাৰ গঠন খৰতকীয়া বা লেহেম , মৃত্তিকাৰ গুণাগুণ আদি বিষয়বোৰ ইয়াৰ গঠনকাৰী কাৰকবোৰে নিয়ন্ত্ৰণ কৰে । সেয়ে মৃত্তিকা গঠনত , গঠনকাৰী কাৰক বোৰৰ প্ৰভাৱ বেছি গুৰুত্বপূৰ্ণ ।

মৃত্তিকা গঠনত প্ৰধানকৈ তলত উল্লেখ কৰা পাছবিধ কাৰকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । সেই কেইটা হ’ল –

১) মূল পদাৰ্থ ( Parent material )

২) জলবায়ু ( Climate )

৩) স্থলাকৃতি ( Topography )

৪) জৈৱিক কাৰ্য ( Biological activity )

৫) সময় বা কাল ( time )

মৃত্তিকা গঠনত জলবায়ুৰ ভূমিকা : মৃত্তিকা সৃষ্টিৰ ক্ষেত্ৰত জলবায়ুৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ । জলবায়ুৰ প্ৰধান উপাদান দুবিধ যেনে –

১) আৰ্দ্ৰতা ইয়াৰ প্ৰৱণতা , বৃষ্টিপাতৰ পৰিমাণ , বাৰংবাৰতা আৰু বৃষ্টিপাতৰ কাল ,

২) তাপক্ৰম দৈনিক আৰু ঋতু অনুযায়ী পৰিৱৰ্তন । চমুকৈ বৰষুণ আৰু উত্তাপ এই দুইবিধ কাৰকে মৃত্তিকা গঠনত প্ৰধান ভূমিকা গ্ৰহণ কৰে । 

জৈৱিক কাৰ্যৰ ভূমিকা :  বিভিন্ন গছ – গছনিৰ অৱশিষ্টই হিউমাছ সৃষ্টি কৰাৰ লগতে মাটিত গাত খান্দি বসবাস কৰা কীট পতংগ তথা কেঁচু – কুমটিয়ে তলত মাটি ওপৰ কৰি দিয়াৰ ফলত পানী – মাটিৰ ভিতৰলৈ সোমাই যাব পাৰে । যাৰ ফলত মাটি হৈ পৰে প্ৰৱেশ্য । মাটি বিলাক এনে হোৱাৰ ফলত মাটিয়ে জলধাৰণ কৰাৰ ক্ষমতা লাভ কৰে । সেয়ে মৃত্তিকা গঠনত জৈৱিক কাৰ্যৰ ভূমিকাও উল্লেখযোগ্য ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top