Class 11 Geography Chapter 19 অৱবাহ তন্ত্ৰ

Class 11 Geography Chapter 19 অৱবাহ তন্ত্ৰ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Geography Chapter 19 অৱবাহ তন্ত্ৰ and select needs one.

SCERT Class 11 Geography Chapter 19 অৱবাহ তন্ত্ৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 19 অৱবাহ তন্ত্ৰ Solutions for All Subject, You can practice these here…

অৱবাহ তন্ত্ৰ

অধ্যায় –১৯

ভূগোল – দ্বিতীয় খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

ক) তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰাটো বাছি উলিওৱা –

প্ৰশ্ন:-১) নিম্নোক্ত কোনখন নদীক ‘বংগৰ দুখ'(sorrow of bengal) বুলি জনা যায় ? 

ক) গুণ্ডক (The Gandak) 

খ) সোন (The Son) 

গ) কুশি (The Kusi)

ঘ) দামোদৰ (The Damodar)

উত্তৰঃ- ঘ) দামোদৰ (The Damodar) ।

প্ৰশ্ন:-২) তলৰ কোনখন নদীৰ আবাহিকা (ভাৰতত) সৰ্ববৃহৎ ? 

ক)সিন্ধু (the indus) 

খ) ব্ৰহ্মপুত্ৰ (the brahmaputra)

গ) গঙ্গা (the ganga)

ঘ) কৃষ্ণা (the krishna)

উত্তৰঃ- গ) গঙ্গা (the ganga) ।

প্ৰশ্ন:- ৩)’পঞ্চনাদ’ত কোনখন নদী অন্তৰ্ভুক্ত কৰা হোৱা নাই ? 

ক) ৰবি (Ravi)

খ) সিন্ধু (Indus) 

গ) চেনাব (chenab)

ঘ) ঝিলাম (jhelam) 

উত্তৰঃ- খ) সিন্ধু (Indus) ।

প্ৰশ্ন:- ৪) তলৰ কোনখন নদী গ্ৰস্ত উপত্যকাই দি প্ৰবাহিত হৈছে ? 

ক) সোন (the son) 

খ) নৰ্মদা (the narmada) 

গ) যমুনা (the yamuna) 

ঘ) লুণী (the luni) 

উত্তৰঃ- খ) নৰ্মদা (the narmada) ।

প্ৰশ্ন:- ৫) অলকানন্দা আৰু ভাগিৰথী নদীৰ মোহনা অঞ্চল কোনটো ? 

ক) বিষ্ণুপ্রয়াগ (visnu prayag) 

খ) ৰুদ্ৰপ্ৰয়াগ (rudra prayag)

গ) কৰণ প্ৰায়গ (karan prayag)

ঘ) দেৱ প্ৰয়াগ (deva prayag) 

উত্তৰঃ- ঘ) দেৱ প্ৰয়াগ (deva prayag) ।

খ) নিম্নোক্ত বিলাকৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা ।

প্ৰশ্ন:-১) নদী অৱবাহিকা আৰু জলচ্ছেদ ।

উত্তৰঃ- নদী অৱবাহিকা (river basin):-

ক) এখন নদী আৰু ইয়াৰ উপনৈ বিলাকে যি সুনিৰ্দিষ্ট অঞ্চলৰ পৰা পানী সংগ্ৰহ কৰি  পৰিবহণ কৰে সেই সুনিৰ্দিষ্ট অঞ্চল বা এলেকাটোক নদী অৱবাহিকা বোলা হয় ।

খ) সাধাৰণতে বৃহৎ নদীৰ আৱহ ক্ষেত্ৰত অৱবাহিকা বুলি কোৱা হয় ।

গ) নদী অৱবাহিকা বুলি কলে সাধাৰণতে এটা বৃহৎ অঞ্চলক সামৰি লয় বা অঞ্চলক বুজায় ।

জলচ্ছেদ (water shed):- 

ক) যি নির্দিষ্ট সীমাৰেখাই এটা অৱবাহিকাক আন এটাৰ পৰা পৃথক (separate) কৰে তাকে জলচ্ছেদ (watershed)বোলা হয় ।

খ) সাধাৰণতে সৰু নৈ বা জান জুৰিৰ আৱহ ক্ষেত্ৰত জলচ্ছেদ বোলা হয় ।

গ) নদী অৱবাহিকাতকৈ সৰু অঞ্চল বা এলেকাক জলচ্ছেদ বোলা হয় ।

প্ৰশ্ন:- ২) বৃক্ষৰূপী আৰু জালৰূপী আৱবাহ তন্ত্ৰ ।

উত্তৰঃ- বৃক্ষৰূপী আৱবাহ তন্ত্ৰ (Dendritic Drainage Pettern) :-

ক) বৃক্ষৰূপী অৱবাহ তন্ত্ৰৰ আকৃতি দেখাত বৃক্ষৰ দৰে বাবে ইয়াক বৃক্ষৰূপী অৱবাহ তন্ত্ৰ বোলা হয় ।

খ) উত্তৰ ভাৰতৰ বিশাল সমভূমি অঞ্চলত এই প্ৰকাৰৰ অৱবাহ তন্ত্ৰ বিৰাজমান ।

জালৰূপী অৱবাহ তন্ত্ৰ (Trellis Drainage Pattern):- 

ক) এই ধৰণৰ অৱবাহ তন্ত্ৰৰ প্ৰাথমিক নৈবোৰ প্ৰায় সমান্তৰালভাৱে বৈ যায় ইয়াৰ গৌণ নৈবোৰ (Secondary tributaries) প্ৰাথমিক নৈবোৰৰ লগত প্ৰায় সমকোন কৰি মিলিত হয় ।

খ) হিমালয় পাৰ্বত্য অঞ্চলত এনে ধৰণৰ অৱবাহ তন্ত্ৰ সততে বিৰাজমান ।

প্ৰশ্ন:- ৩)বহিঃ প্ৰবাহী (Radial) আৰু অভিকেন্দ্ৰিক (Centripetal) অৱবাহ  তন্ত্ৰ ।

উত্তৰঃ- বহিঃ প্ৰবাহী  অৱবাহ তন্ত্ৰ (Radial Pattern Drainage):- 

ক) কোনো এক উচ্চ পৰ্বত বা মালভূমি অঞ্চলৰ পৰা যেতিয়া বহু নৈ উৎপত্তি হৈ চাৰিওফালে বৈ যায় , তেনে অৱবাহ তন্ত্ৰক বহিঃ প্ৰবাহী  অৱবাহ তন্ত্ৰ  বোলা হয় । (চিত্ৰ -৩)

খ)অমৰ কানতক মালভূমিত (Amarkantak Plateaur) অৱস্থিত সোণ নদী (river son) এই অৱবাহ তন্ত্ৰৰ এটা উদাহৰণ ।

অভিকেন্দ্ৰিক অৱবাহ তন্ত্ৰ (Centripetal drainage pattern):- ক) কোনো এক নিম্ন ভূমিলৈ যেতিয়া তাৰ কেইকাষৰ পৰা নদী হৈ আহে, তেনে অৱবাহ তন্ত্ৰক অভিকেন্দ্ৰিক অৱবাহ তন্ত্ৰ বোলা হয় ।(চিত্ৰ -৪) 

খ)ৰাজস্থান ৰাজ্যত থকা সম্বৰ হ্ৰদ অঞ্চলৰ অৱবাহ তন্ত্ৰ ইয়াৰ উদাহৰণ হিচাপে উল্লেখ কৰিব পাৰি ।

ঘ) ব- দ্বীপ আৰু মোহনা :-

উত্তৰঃ- ব -দ্বীপ (Delta):- ক) নদীৰ মুখত পোৱা এক ত্ৰিভুজ আকৃতি  অবয়বৰ নাম ব- দ্বীপ ।

খ) ব-দ্বীপ সমূহ নদীৰ আৱৰ্জনা বা পলস জমা হৈ গঠিত হয় ।

গ)গঙ্গা , ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা সুন্দৰ বন  ব-দ্বীপ ইয়াৰ উদাহৰণ ।

মোহনা (Estuary):- ক)নদীৰ মুখত দেখিবলৈ পোৱা Funnel – shaped channel ক মোহনা গঠন হয় ।

গ) নৰ্মদা আৰু তাপ্তি নদীত মোহনা দেখা যায় ।

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা

প্ৰশ্ন:-১) ভাৰতৰ নদী – সংযোগ আঁচনিৰ আৰ্থ – সামাজিক সুবিধা বিলাক কি কি ? 

উত্তৰঃ- ভাৰতবর্ষৰ এখন বিশাল দেশ । এই দেশৰ সকলো অঞ্চলত সম পৰিমাণৰ বৰষুণ নহয় । কোনো অঞ্চলত যথেষ্ট বৰষুণ হয় আৰু কোনো অঞ্চলত একেবাৰে বৰষুণ নহয় । যাৰ ফলত পানীৰ 

অভাৱত মানুহৰ জীৱন অচল হৈ পৰে । সেয়ে নদী সংযোগী আঁচনিৰ জৰিয়তে তলৰ আৰ্থ সামাজিক সুবিধাসমূহ উপলবদ্ধ হয় ।

ক) কোনো এখন নদীৰ ৰাহি হোৱা পানীখিনি এই আঁচনিৰ জৰিয়তে যিবোৰ অঞ্চলত পানীৰ অভাৱ তালৈ লৈ যোৱা হয় ।

খ) জলসিঞ্চনৰ জৰিয়তে কৃষিৰ উন্নতি সাধন কৰিব পৰা যায় ।

গ) এই আঁচনিৰ জৰিয়তে দেশৰ বিভিন্ন অঞ্চলত বিদ্যুতৰ যোগান ধৰিব পৰা যাব ।

প্ৰশ্ন:- ২) দাক্ষিণাত্য মলভূমিৰ তিনিটা বৈশিষ্ট লিখা ।

উত্তৰঃ:-ক)দাক্ষিণাত্য মালভূমি অঞ্চল ভাৰতৰ দক্ষিণ প্ৰান্তত অৱস্থিত এক পুৰণি ভূ- খণ্ড ।

খ) দাক্ষিণাত্য মালভূমিৰ শিলাসমূহ অতি পুৰণি আৰু কঠিন ।

গ) দাক্ষিণাত্য মালভূমিৰ কেইফালে সৰু – বৰ বহুতো পাহাৰ পৰ্বত অৱস্থিত হৈ আছে ।এই অঞ্চলৰ উচ্চতম শৃংগটোৰ নাম হল আনইমুদি । ইয়াৰ উচ্চতা ২,৬৯৫ মিটাৰ ।

ঘ) তলৰ প্ৰশ্নবোৰ ১২৫ টা শব্দৰ ভিতৰত উত্তৰ দিয়া ।

প্ৰশ্ন:- ১) উত্তৰ ভাৰতৰ নদীসমূহৰ উল্লেখযোগ্য বৈশিষ্ট্য বোৰ কি কি ? এই বৈশিষ্ট্য বোৰ দক্ষিণ ভাৰতৰ নদীৰ বৈশিষ্ট্যৰ পৰা কেনেকৈ পৃথক ? 

উত্তৰঃ- উত্তৰ ভাৰতৰ নদীসমূহ আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ তুলনামূলক বৈশিষ্ট্য তলত বৰ্ণনা কৰা হ’ল -তালিকা :- হিমালয় আৰু দাক্ষিণাত্য মলভূমিৰ নদীসমূহৰ তুলনা ।

প্ৰশ্ন:-২) ধৰা তুমি হিমালয়ৰ পাদদেশ (foothills) অঞ্চলেদি হৰিদ্বাৰৰ পৰা শিলিগুৰিলৈ ভ্ৰমণ কৰি আছা । এই ক্ষেত্ৰত তুমি অতিক্ৰম কৰা প্ৰধান নদী বিলাকৰ যি কোনো এখনৰ বৈশিষ্ট্য বৰ্ণনা কৰা ।

উত্তৰঃ- হিমালয়ৰ পাদদেশ অঞ্চলেদি হৰিদ্বাৰৰ পৰা শিলিগুৰিলৈ যেতিয়া ভ্ৰমণ কৰা যায় ,তেতিয়া আমি সৰু-বৰ বহুতো নদী অতিক্ৰম কৰিব পাম । সেই নদীসমূহৰ ভিতৰত কেইখনমান প্ৰধান নদীৰ নাম তলত উল্লেখ কৰা হ’ল ।

ক) ৰামগঙ্গা (Ramganga)

খ) গোমতি (Gumoti)

গ) ঘাগ্ৰা (Ghaghra)

ঘ) ৰাপতি (Rapti)

ঙ) গণ্ডক (Gandak)

চ) কোচি (kosi)

ছ) মহানদী (Mahanodi)

ঘাগ্ৰা (Ghaghra) নৈৰ বৈশিষ্ট চমুকৈ তলত উল্লেখ কৰা হ’ল –

ক) ঘাগ্ৰা নৈখন  ‘ মাপচাচুংগ ‘ হিমবাহৰ পৰা উৎপত্তি হৈছে ।

খ) টিলা, চেটি আৰু বেৰি ইয়াৰ প্ৰধান উপনৈ । য’ৰ পৰা ই পানী সংগ্ৰহ কৰে । 

গ) ছিছা নামৰ ঠাইত ই দ গিৰিখাতাৰ (৬০০ মি.) সৃষ্টি কৰি পৰ্বতৰ পৰা ওলাই আহিছে ।

ঘ) সমভূমি অঞ্চলত চৰ্দা বা কালী গঙ্গা ঘাগ্ৰা নৈৰ লগত মিলিছে ।

ঙ) চাপ্রাৰ ওচৰত ই গংগা নৈৰ লগত মিলি   গৈছে ।

চ) ঘাগ্ৰা নৈখনৰ মুঠ দৈৰ্ঘ্য প্ৰায় ১০৮০ কি. মি.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top