Class 11 Geography Chapter 11 বায়ুমণ্ডলত পানীৰ স্থিতি

Class 11 Geography Chapter 11 বায়ুমণ্ডলত পানীৰ স্থিতি Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Geography Chapter 11 বায়ুমণ্ডলত পানীৰ স্থিতি and select needs one.

SCERT Class 11 Geography Chapter 11 বায়ুমণ্ডলত পানীৰ স্থিতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 11 বায়ুমণ্ডলত পানীৰ স্থিতি Solutions for All Subject, You can practice these here…

বায়ুমণ্ডলত পানীৰ স্থিতি

অধ্যায় –

ভূগোল-প্ৰথম খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

ক) শুদ্ধ উত্তৰটো বাছি উলিওৱা :

১) তলৰ কোনটো বায়ুমণ্ডলৰ উপাদান মানুহৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ?

ক) জলীয় বাষ্প ( Water vapour )।

খ) নাইট্ৰেজেন ( Nitrogen )।

গ) ধূলিকনা ( Dust particle )।

ঘ) অক্সিজেন ( Oxygen )।

উত্তৰঃ – ক) জলীয় বাষ্প ( Water vapour ) ।

প্ৰশ্ন : – ২) তলত উল্লেখ কৰা কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা জলীয় বস্তু বাষ্পলৈ ৰূপান্তৰিত হয় ?

ক) ঘনিভৱন ( Condensation )।

খ) স্বাস – প্ৰশ্বাস ( Transpiration )।

গ) বাষ্পীয়ভৱন ( Evaporation )।

ঘ) অধঃক্ষেপন ( Precipitation )।

উত্তৰঃ – গ) বাষ্পীয়ভৱন ( Evaporation ) ।

প্ৰশ্ন : -৩) বায়ুকে যেতিয়া ইয়াৰ পূৰ্ণ ধাৰণ ক্ষমতাৰ জোখেৰে জলকনা ধৰি ৰাখে তেতিয়া তাক কোৱা হয় –

ক) আপেক্ষিক আৰ্দ্ৰতা ( Relatine humidity )।

খ) নিৰ্দিষ্ট আৰ্দ্ৰতা ( Absolute humidity )।

গ) পূৰ্ণ আৰ্দ্ৰতা ( Specific humidity )।

ঘ) পৰিগৰ্ভিত বায়ু ( Saturated air )।

উত্তৰঃ – ক) আপেক্ষিক আৰ্দ্ৰতা ( Relatine humidity ) ।

প্ৰশ্ন : -৪) তলৰ কোনটো মেঘ আকাশৰ আটাইতকৈ বেছি উচ্চতাত থাকে ?

ক) অকল মেঘ ( Cirrus )।

খ) স্তৰমেঘ ( Stratus )।

গ) ঝঞ্জা মেঘ ( Evaporation )।

ঘ) পুঞ্জ মেঘ ( Cumulus )।

উত্তৰঃ – ক) অকল মেঘ ( Cirrus ) ।

চমু প্ৰশ্নোত্তৰ

প্ৰশ্ন : -১) তিনি প্ৰকাৰৰ অধঃক্ষেপনৰ নাম লিখা ।

উত্তৰঃ – বায়ুমণ্ডলত থকা জলীয় বাষ্প বিলাক ঘনিভৱন প্ৰক্ৰিয়াৰ ফলত ঘনীভূত হৈ জলকনালৈ পৰিণত হয় । জলকনাবোৰ আকাৰত কিছু ডাঙৰ হ’লে মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱত ভূ – পৃষ্ঠত আহি পৰেহি । যাক আমি অধঃক্ষেপন ( Precipitation ) বুলি কওঁ ।

তিনি প্ৰকাৰৰ অধঃক্ষেপন হ’ল ―

ক) বৰষুণ ( Rainfall )।

খ) তুষাৰ পাত ( Snowfall )।

গ) শিলাবৃষ্টি ( Hailstones )।

ক) বৰষুণ ( Rainfall ) : সাধাৰণতে জলীয় বাষ্প ঘনিভৱন হোৱাৰ পিছত সৰু সৰু পানীৰ টোপাল হিচাপে ভূ – পৃষ্ঠালৈ নামি অহা প্ৰক্ৰিয়াক  বৰষুণ ( Rainfall ) বুলি কওঁ ।

খ) তুষাৰ পাত ( Snowfall ) : ঘনীভূত হোৱা জলীয় বাষ্প বোৰ যেতিয়া ০° ছেণ্টিগ্ৰেডতকৈ কম উত্তাপৰ মাজেৰে পাৰ হৈ আহে তেতিয়া সেই অধঃক্ষেপন বৰফকনাৰূপে ভূ – পৃষ্ঠলৈ নামি আহে আৰু ইয়াকে তুষাৰ পাত ( Snowfall ) বোলে ।

গ) শিলাবৃষ্টি ( Hailstones ) : কেতিয়াবা বৰষুণৰ টোপালবোৰ  কিছুমান গোলাকৃতিৰ কঠিন বৰফৰ টুকুৰালৈ ৰূপান্তৰিত হৈ ভূ – পৃষ্ঠত পৰেহি আৰু তেনে অধঃক্ষেপনক  শিলাবৃষ্টি ( Hailstones ) বুলি কোৱা হয় ।

প্ৰশ্ন : – ২) আপেক্ষিক আৰ্দ্ৰতা কি ব্যাখ্যা কৰা ।

উত্তৰঃ – বায়ুমণ্ডলত  থকা জলীয় বাষ্পক আৰ্দ্ৰতা ( humidity ) বোলা হয় । বায়ুত থকা এই আৰ্দ্ৰতাক বিভিন্ন প্ৰকাৰে প্ৰকাশ কৰিব পাৰি । বায়ুত থকা প্ৰকৃত পৰিমাণৰ জলীয় বাষ্পক পূৰ্ণ আৰ্দ্ৰতা বোলা হয় । বাষ্পীয়ভৱনৰ মাত্ৰা বা পৰিমাণ পৃথিৱীৰ সকলো অঞ্চলতে সমান নহয় । অৰ্থাৎ পৃথিৱী পৃষ্ঠত ঠায়ে ঠায়ে পূৰ্ণ আৰ্দ্ৰতা বেলেগ বেলেগ হয় । সেয়ে এক নিৰ্দিষ্ট উত্তাপত বায়ুৰ জলীয় বাষ্প ধাৰণৰ পূৰ্ণ ক্ষমতাৰ জোখাৰে থকা জলীয় বাষ্পৰ শতাংশ পৰিমানকে সেই বায়ুৰ আপেক্ষিক আৰ্দ্ৰতা ( relative humidity ) বোলা হয় ।

প্ৰশ্ন : -৩) উচ্চতাৰ লগে লগে বায়ুৰ জলীয় বাষ্প কিয় হ্ৰাস পায় ?

উত্তৰঃ – পৃথিৱী পৃষ্ঠৰ পৰা আমি যিমানে ওপৰলৈ যাওঁ সিমানেই বায়ুমণ্ডল পাতল হৈ পৰে । বায়ুমণ্ডলৰ নিম্নস্তৰত ইয়াৰ আটাইবোৰ উপাদান ( বিভিন্ন গেছ ,  জলীয় বাষ্প ,  ধূলিকনা ) ৰ পৰিমাণ বেছিকৈ থাকে আৰু উচ্চতা বঢ়াৰ লগে লগে এইবোৰৰ পৰিমাণ ক্ৰমে কমি যায় । এতিয়া দেখা গল বায়ুমণ্ডলৰ নিম্নস্তৰত বায়ুৰ ঘনত্বও বেছি । সেয়ে এনে ধৰণৰ বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি আৰু ওপৰলৈ বায়ুমণ্ডলৰ ঘনত্ব পাতল হোৱা হেতুকে বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কম । সেয়ে উচ্চতাৰ লগে লগে বায়ুৰ জলীয় বাষ্প হ্ৰাস পায় । 

প্ৰশ্ন : -৪) মেঘ কেনেকৈ সৃষ্টি হয় ? মেঘৰ শ্ৰেণী বিভাজন কৰা ।

উত্তৰঃ – বায়ুত থকা জলীয় বাষ্পবোৰ ঘনীভূত হৈ কিছুমান সূক্ষ্ম পাতল জলকনা বা বৰফৰ স্ফুটিকৰ সমষ্টি হৈ বায়ুমণ্ডলৰ বিভিন্ন উচ্চতাত ভাহি থাকে । এইবোৰকে আমি মেঘ ( clouds ) বুলি কওঁ অথবা এই জলকনা বোৰে মেঘৰ সৃষ্টি কৰে । 

মেঘ বিলাক ভূ – পৃষ্ঠৰ বিভিন্ন উচ্চতাত গঠন হয় আৰু আকৃতিও বেলেগ বেলেগ । সেয়ে মেঘ বিলাকৰ উচ্চতা , বিস্তৃত, ঘনত্ব আৰু স্বচ্ছতাৰ ওপৰত নিৰ্ভৰ কৰি চাৰিটা ভাগত ভগাব পাৰি । সেই কেইটা হ’ল ― 

ক) অলকমেঘ ( Cirrus )।

খ) পঞ্জমেঘ ( Cumulus )।

গ) স্তৰমেঘ ( Stratus )। 

ঘ) ঝঞ্জামেঘ ( Nimbus )।

গ) তলৰ সমূহৰ উত্তৰ প্ৰায় ( ১৫০ টা শব্দৰ ভিতৰত লিখা )

প্ৰশ্ন : -১) পৃথিৱীত অধঃক্ষেপন বিতৰণৰ মূল বৈশিষ্ট্য সমূহ অলিচনা কৰা ।

উত্তৰঃ – পৃথিৱীয়ে ইয়াৰ প্ৰয়োজনীয় সকলোখিনি শক্তি সূৰ্য্যৰ পৰাই আহৰণ কৰে । সূৰ্য্যৰ তাপ বা ৰশ্মিয়েই পৃথিৱীৰ সকলো শক্তিৰ মূল উৎস । সেয়ে পৃথিৱী পৃষ্ঠৰ বতাহ , বৰষুণ , উত্তাপৰ পৰিমাণ আদি সকলোবোৰ সূৰ্য্যৰ ৰশ্মিৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে । সূৰ্য্যৰ ৰশ্মি পৃথিৱী পৃষ্ঠৰ সকলো ঠাইতে একে সময়তে সম ভাবে নপৰে । বা সমান ভাবে বিতৰণ নহয় । সেয়ে এনে বৈষম্যৰ বাবে পৃথিৱী পৃষ্ঠত অকলে বৈষম্য দেখিবলৈ পাওঁ ।

পৃথিৱীত অধঃক্ষেপন ( Precipitation )  বিতৰণৰ মূল বৈশিষ্ট্য সমূহ তলত আলোচনা কৰা হ’ল –

১) সাধাৰণতে নিৰক্ষীয় অঞ্চলৰ পৰা মেৰু অঞ্চললৈ বৰষুণ ক্ৰমান্বেয়ে হ্ৰাস হোৱা দেখা যায় । ইয়াক কাৰণ বিচাৰি কৰিলে দেখিবলৈ পাওঁ যে নিৰক্ষীয় অঞ্চলত সূৰ্য্যৰ ৰশ্মিৰ পৰিমাণ অৰ্থাৎ তাপ বেছি সেই বাবে বাষ্পীভৱন ( Evaporation ) ৰ পৰিমাণ বেছি , সেয়ে অধঃক্ষেপনৰ পৰিমাণ বেছি আন হাতে মেৰু অঞ্চললৈ ৰশ্মিৰ পৰিমাণ কম বাবে অধঃক্ষেপন পৰিমাণ কম ।

২) মহাদেশ বোৰতকৈ মহাসাগৰত অধঃক্ষেপন পৰিমান বেছি । কিয়নো মহাসাগৰ বোৰ বৰষুণৰ প্ৰধান উৎস ।

৩) মহাদেশৰ মাজ ভাগৰ তুলনাত উপকূলীয় অঞ্চলসমূহত বৰষুণৰ পৰিমাণ বেছি হোৱা পৰিলক্ষিত হয় । উদাহৰন স্বৰূপে ভাৰতৰ উপকূলীয় অঞ্চল আৰু মধ্যভাৰতৰ কথা উল্লেখ কৰিব পাৰি ।

৪) পৃথিৱীৰ উপৰিভাগত প্ৰচলিত বায়ু প্ৰৱাহৰ প্ৰভাৱতও বিভিন্ন অঞ্চলত বৰষুণ হোৱা দেখা যায় । পশ্চিমা বায়ুৰ প্ৰভাৱত নিৰক্ষৰেখা উত্তৰে আৰু দক্ষিণে , ৪৫° আৰু ৬৫° উত্তৰ আৰু দক্ষিণ অক্ষৰেখাৰ মাজত মহাদেশৰ পশ্চিম প্ৰান্তত বৰষুণৰ পৰিমাণ বেছি আনহাতে পূৱৰ ফালে ক্রমে হ্ৰাস হোৱা পৰিলক্ষিত হয় । 

৫) পৰ্বত ৰাশিৰ উপস্থিতিৰ বাবেও অধঃক্ষেপ বিতৰণ অসমান হোৱা দেখা যায় । হিমালয় পৰ্বত মালাৰ দক্ষিণ দিশত মৌচুমী বায়ুৰ প্ৰভাৱত গ্ৰীষ্ম কালত ধাৰাষাৰ বৰষুণ হোৱাৰ বিপৰীতে পৰ্বতৰ উত্তৰ ফালে বৰষুণৰ পৰিমাণ তেনেই কম ।

৬) ঋতুভেদেও পৃথিৱীৰ বিভিন্ন অঞ্চলত বৰষুণৰ বিতৰণ ভিন্ন হোৱা দেখা যায় । উদাহৰণ স্বৰূপে গ্ৰীষ্ম ঋতুত ভাৰতবৰ্ষত ধাৰাষাৰ  বৰষুণ হয় কিন্তু শীত কালত বৰষুণৰ পৰিমাণ তেনেই কম বা সামান্য পৰিমাণ হে হয় ।

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

প্ৰশ্ন : -২) ঘনিভাৱনৰ বিভিন্ন প্ৰক্ৰিয়াবোৰ কি কি ? নিয়ম আৰু হিম সৃষ্টি হোৱা প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা ।

উত্তৰঃ –  সূৰ্য্যৰ তাপত পৃথিৱী পৃষ্ঠৰ জলৰাশি বাষ্পীয়ভৱন ( Evaporation ) হৈ জলীয় বাষ্পৰ সৃষ্টি কৰে । এই জলীয় বাষ্প ( Water vapour ) বোৰ বায়ুমণ্ডলত ভাহি থাকে । আৰু বিভিন্ন কাৰণত পানীলৈ ৰূপান্তৰিত হয় যাক আমি ঘনিভাৱন ( con – densation ) বুলি কওঁ । এই ঘনিভৱন ক্ৰিয়া সংঘটিত হোৱাৰ প্ৰধান কাৰণসমূহ হল ―

১) বায়ুৰ উত্তাপ হ্ৰাস । যেতিয়া সেমেকা বায়ু ঠাণ্ডা হয় তেতিয়া ইয়াৰ জলীয়বাষ্প ধাৰণ ক্ষমতা হ্ৰাস পায় ফলত অতিৰিক্ত জলীয় বাষ্পখিনি ঘনিভৱন হৈ পানীলৈ ৰূপান্তৰিত হয় ।

২) কেতিয়াবা কেতিয়াবা বায়ুত থকা জলীয় বাষ্প খিনি প্ৰত্যেক্ষভাৱে গোট আকাৰলৈ ঘনীভূত হয় । এই প্ৰক্ৰিয়াক উৰ্দ্ধপাতন ( Sublimation ) বোলা হয় ।

৩) মুক্ত বায়ুত থকা কিছুমান সৰু সৰু পদাৰ্থ , যেনে – ধূলিকনা, ধোঁৱা , মহাসাগৰৰ পৰা অহা লোনৰ সূক্ষ্ম টুকুৰা আদিক কেন্দ্ৰ কৰিও ঘনিভৱনৰ সংঘটিত হয় । 

৪) যেতিয়া সেমেকা বায়ু কোনো ঠাণ্ডা বস্তুৰ সংস্পৰ্শলৈ আহে , তেতিয়াও ঘনিভৱন প্ৰক্ৰিয়া আৰম্ভ হয় ।

৫) কেতিয়াবা বায়ুৰ উত্তাপ শিশিৰাংক  ( dew point ) হৈ  হ্ৰাস হলেও ঘনিভৱন হয় । গতিকে দেখা গল ঘনিভৱন বায়ুৰ শিতলীকৰন প্ৰক্ৰিয়া আৰু আপেক্ষিক আৰ্দ্ৰতাৰ ওপৰত নিৰ্ভৰশীল বায়ুৰ উত্তাপ , চাপ আৰু আৰ্দ্ৰতাই ঘনিভৱন প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাৱ পেলায় । ঘনিভৱন প্ৰক্ৰিয়া যিয়েই নহওঁক উত্তাপ হ্ৰাস হৈ সংঘটিত হোৱা শিতলীকৰণ প্ৰক্ৰিয়াটোৱেই হৈছে ঘনিভৱনৰ প্ৰধান কাৰন । নিয়ৰ আৰু হিম সৃষ্টিৰ প্ৰক্ৰিয়া –

নিয়ৰ ( Dew ) : পৰিষ্কাৰ আকাশ, শান্ত বায়ু অধিক আপেক্ষিক আৰ্দ্ৰতা আৰু শীতল দীঘল ৰাতিৰ পৰিবেশত জলীয় বাষ্প বিলাকে ক্ষুদ্ৰ জলকনালৈ ৰূপান্তৰিত হৈ জলবিন্দু ৰূপে কোনো কঠিন বস্তু । যেনে শিল , উদ্ভিদৰ পাত , ঘাঁহ বন আদি পৃষ্ঠভাগত জমা হৈ থাকে তাকে আমি নিয়ৰ বুলি কওঁ । 

হিম ( Frost ) : বায়ুমণ্ডলত যেতিয়া উত্তাপৰ পৰিমাণ ০° ছেলছিয়াছতকৈ কম হয় তেতিয়া জলীয় বাষ্পবোৰ হিম কনালৈ ৰূপান্তৰিত হয় । এই হিমকনা বোৰ সুক্ষ্ম বৰফ কণাৰ স্ফটিকৰূপে জমা হয় । হিমকনা গঠন হবলৈ বায়ুমণ্ডলৰ উত্তাপ ০° ছেলছিয়াছতকৈ কম হব লাগিব ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top