Class 11 Geography Chapter 8 জলবায়ু

Class 11 Geography Chapter 8 জলবায়ু The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Geography Chapter 8 জলবায়ু and select needs one.

SCERT Class 11 Geography Chapter 8 জলবায়ু

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 8 জলবায়ু Solutions for All Subject, You can practice these here…

জলবায়ু

অধ্যায় – ৮

ভূগোল-প্ৰথম খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

ক) শুদ্ধ উত্তৰটো বাছি উলিওৱা 

প্ৰশ্ন  : – ১) নিম্নলিখিত গেছবোৰৰ কোনটো গেছে বায়ুমণ্ডলৰ বেছি অংশ দখল কৰি আছে ?

ক) অক্সিজেন ( Oxygen )

খ) নাইট্ৰেজেন ( Nitrogen )

গ) আৰ্গন ( Argon )

ঘ) কাৰ্বন – ডাই – অক্সাইড ( Carbon dioxide )

উত্তৰঃ – খ) নাইট্ৰেজেন ( Nitrogen ) ।

প্ৰশ্ন  : –  ২) মানুহৰ বাবে উপযোগী বায়ুমণ্ডলৰ স্তৰটো হ’ল – 

ক) স্তৰমণ্ডল ( Stratosphere ) 

খ) ট্র’পমণ্ডল ( Troposphere )

গ) মেছ’মণ্ডক ( Mesophere )

ঘ) আয়নমণ্ডল ( Inososphere )

উত্তৰঃ – খ) ট্র’পমণ্ডল ( Troposphere ) ।

প্ৰশ্ন  : –  ৩) বায়ুমণ্ডল প্ৰধানকৈ তপত হয় –

ক)  হ্ৰস্ব তৰংগ সূৰ্য্য বিকিৰনৰ দ্বাৰা 

খ) প্ৰতিফলিত সৌৰ বিকিৰনৰ দ্বাৰা 

গ) দীৰ্ঘ তৰংগৰ পাৰ্থিৱ বিকিৰনৰ দ্বাৰা 

ঘ) সিঁচৰতি হৈ পৰা সৌৰ বিকিৰনৰ দ্বাৰা 

উত্তৰঃ – গ) দীৰ্ঘ তৰংগৰ পাৰ্থিৱ বিকিৰনৰ দ্বাৰা  ।

প্ৰশ্ন : – ৪) বায়ুমণ্ডলৰ কিমান উৰ্ধবতন অংশত অক্সিজেন গেছৰ পৰিমাণ তেনেই নগণ্য –

ক) ৯০ কিলোমিটাৰ 

খ) ১০০ কিলোমিটাৰ 

গ) ১২০ কিলোমিটাৰ

ঘ) ১৫০ কিলোমিটাৰ

উত্তৰঃ – গ) ১২০ কিলোমিটাৰ ।

প্ৰশ্ন  : – ৫) নিম্নলিখিত গেছবোৰৰ মাজত কোনবিধ গেছ আপতিত সৌৰ ৱিকিৰনৰ ক্ষেত্ৰত স্বচ্ছ আৰু পাৰ্থিক ওলাই যোৱা ৱিকিৰনৰ অস্বচ্ছ ?

ক) অক্সিজেন ( Oxygen )

খ) নাইট্ৰেজেন ( Nitrogen )

গ) হিলিয়াম ( Helium )

ঘ) কাৰ্বন – ডাই – অক্সাইড ( Carbon dioxide )

উত্তৰঃ – ঘ) কাৰ্বন – ডাই – অক্সাইড ( Carbon dioxide ) ।

চমু প্ৰশ্নোত্তৰ

প্ৰশ্ন  : – ১) বায়ুমণ্ডল বুলি কলে কি বুজা ?

উত্তৰঃ – পৃথিৱীখনক আৱৰি যি এক গেছীয় সংমিশ্ৰ আছে , এই গেছীয় আৱৰণ খনকে বায়ুমণ্ডল বোলা হয় । পৃথিৱীত থকা বা বসবাস কৰা সকলো প্ৰকাৰৰ জীৱৰ বাবে ই এক অপৰিহাৰ্য উপাদান । বায়ু তথা বায়ুমণ্ডল অবিহনে কোনো প্ৰাণী বা জীৱ জীয়াই থাকিব নোৱাৰে । সেয়েহে ই এক অতি গুৰুত্বপূৰ্ণ উপাদান আৰু সমগ্ৰ পৃথিৱীৰ এক অখণ্ড অংশ ।

বায়ুপুঞ্জৰ শতকৰা ৯৯ ভাগেই ভূ – পৃষ্ঠৰ পৰা ৩২ কিলোমিটাৰ উচ্চতালৈকে বিয়পি আছে । বায়ুৰ কোনো ৰং নাই , কোনো গোন্ধ নাই অথবা চকুৰে দেখিবলৈ পোৱা নাযায় । বতাহ যেতিয়া বলে তেতিয়াহে ইয়াৰ অস্তিষ্ট অনুভৱ কৰিব পৰা যায় । 

প্ৰশ্ন : -২) বতৰ আৰু জলবায়ু উপাদান সমুহ কি কি ?

উত্তৰঃ –  বতৰ আৰু জলবায়ু এই দুয়োবিধেই বায়ুমণ্ডলৰ ভৌতিক ( Physical ) অৱস্থাক প্ৰকাশ কৰে । জলবায়ুৰ অৱস্থা ঘাইকৈ বায়ুমণ্ডলটোৰ একোটা অংশত কিছু সময়ৰ বাবে নিহিত হোৱা কিছুমান পদাৰ্থ আৰু শক্তিৰ ক্ৰিয়া কাণ্ডৰ ওপৰতে নির্ভৰ কৰে । অৰ্থাৎ বায়ুমণ্ডলৰ সেই পদাৰ্থ আৰু শক্তি সমূহে সৃষ্টি কৰা প্ৰতিক্ৰিয়া সমূহৰ বাবেই বতৰ আৰু জলবায়ু প্ৰকাশ পায় ।বতৰ আৰু জলবায়ুৰ মূল উপাদান তিনিটা । সেই কেইটা হ’ল – তাপ ( heat ) আৰ্দ্ৰতা ( humidity ) আৰু জলকনাৰ উপস্থিতি ( water vapour ) আৰু ধূলিকনাৰ পৰিমাণ । এই মূল উপাদান তিনিটাৰ যৌথ প্ৰভাৱৰ ( combined actions ) ফলত চাপ , বায়ুৰ সঞ্চালন , অধ:ক্ষেপন স্বচ্চতা প্ৰভৃতি অন্য এক শ্ৰেণীৰ উপাদান সৃষ্টি হয় ।

প্ৰশ্ন  : -৩) বায়ুমণ্ডলৰ উপাদানবোৰৰ বৰ্ণনা দিয়া ।

উত্তৰঃ – বায়ুমণ্ডলত নানা প্ৰকাৰৰ উপাদান আছে যদিও বিভিন্ন প্ৰকাৰৰ গেছ , ( Gases ) জলীয়বাষ্প , ( Water vapour ) আৰু ধূলি – বালি ( Dust particles ) আদিয়েই প্ৰধান । এই উপাদান সমূহ বায়ুমণ্ডলৰ অৱস্থান আৰু পৃথিৱীৰ অঞ্চল ভেদে বেলেগ হোৱা পৰিলক্ষিত হয় ।

বায়ুমণ্ডলত থকা বিভিন্ন গেছ বোৰৰ ভিতৰত যি বিলাকৰ ওজন বেছি সেই বোৰৰ পৰিমাণ বায়ুমণ্ডলৰ নিম্ন অংশত বেছি থাকে আৰু ক্ৰমশ ওপৰৰ ফালে সেইবোৰৰ গেছৰ পৰিমাণ ক্ৰমে কমি আহে । একেদৰে জলভাগত ওপৰত বা তাৰ আশে পাশে জলীয় বাষ্পৰ পৰিমাণ বেছি থাকে । আনহাতে ধূলি বালিৰ পৰিমাণও বায়ুমণ্ডলত ভিন ভিন সময়ত ভিন্ন পৰিমাণৰ পোৱা যায় । 

প্ৰশ্ন  : – ৪) বায়ুমণ্ডলৰ সকলোবোৰ স্তৰৰ ভিতৰত ট্র’পমণ্ডলৰ গুৰুত্ব কিয় বেছি ?

উত্তৰঃ – বায়ুমণ্ডলৰ বিভিন্ন স্তৰৰ ভিতৰত ট্র’পমণ্ডল ( troposphere) স্তৰটো ভূ – পৃষ্ঠৰ গাতে লাগি আছে । মানুহকে আদি কৰি সকলো জীৱ – জন্তুৰ বাবে প্ৰয়োজনীয় সকলো উপাদান এক নিৰ্দিষ্ট অনুপাতত এই স্তৰতে পোৱা যায় আৰু সেই বাবেই পৃথিৱীত জীৱ – জন্তুৰ জীয়াই থকাটো সম্ভৱ হৈছে ।

বায়ুমণ্ডলৰ এই ট্র’পমণ্ডল স্তৰতেই বতাহ বৰষুণ , ধূলিকণা আৰু আৰ্দ্ৰতা বিৰাজমান হয় । বতৰ তথা জলবায়ুৰ সকলো পৰিৱৰ্তন হয় এই স্তৰতেই উপলব্ধ হয় । মুঠৰ ওপৰত প্ৰয়োজনীয় সকলো বায়বিক ক্ৰিয়া এই স্তৰত সম্পন্ন হয় । সেয়ে ইয়াৰ গুৰুত্ব ইমান বেছি । 

দীঘল প্ৰশ্নোত্তৰ

প্ৰশ্ন  : – ১) বায়ুমণ্ডলৰ উপাদান বোৰৰ বৰ্ণনা দিয়া ।

উত্তৰঃ – বায়ুমণ্ডল যদিও বিভিন্ন গেছৰ এক সংমিশ্ৰণ । ইয়াত অন্য বহুতো বস্তু মিহলি হৈ আছে যদিও তলত উল্লেখ কৰা উপাদান ( elements ) কেইটাই প্ৰধান উপাদান – 

১) বিভিন্ন গেছ ( Gases ) ,  ২) জলীয় বাষ্প ( Water vapour ) ,  

৩) ধূলিকণা ( dust particles ) 

১) বিভিন্ন গেছ ( Gases ) :- বায়ুমণ্ডলত আমি বিভিন্ন প্ৰকাৰৰ গেছ থকা দেখিবলৈ পাওঁ । যি বোৰ বিশুদ্ধ বায়ুৰ বাবে অপৰিহাৰ্য্য আৰু জীৱ – জন্তু তথা পৃথিৱীত বসবাস কৰা প্ৰাণী বোৰৰ বাবে অতিকে প্ৰয়োজন । বায়ুমণ্ডলত থকা গেছ সমূহ অৱশ্যে সকলোবোৰ একেলগে থুপ খাই নাথাকে । এক নিৰ্দিষ্ট অনুপাতত গোটেই বায়ুমণ্ডলতে বিয়পি থাকে । প্ৰায়বোৰ গধুৰ গেছ নিম্ন অংশত আৰু পাতল গেছ বোৰ উচ্চ অংশত বিৰাজমান । উদাহৰণ স্বৰূপে CO² পোৱা যায় ৯০ কিলোমিটাৰ উচ্চতালৈকে আৰু O² পোৱা যায় প্ৰায় ১২০ কিলোমিটাৰ উচ্চতালৈকে । বায়ুমণ্ডলত পোৱা বিভিন্ন গেছৰ এখন তালিকা তলত উল্লেখ কৰা হ’ল – 

গঠনকাৰী গেছসূত্ৰশতকৰাপৰিমাণ(আয়তনৰ হিচাপত)
১। নাইট্রোজেনN₂৭৮.০৮
২। অক্সিজেনO₂২০.৯৫
৩। আর্গনAr০.৯৩
৪। কার্বন ডাই অক্সাইডCO₂০.০৩৬
৫। নিয়নNe০.০০২
৬। হিলিয়ামHe০.০০০৫
৭। ক্রিপটোKr০.০০১
৮। জেননXe০.০০০০৯
৯। হাইড্রোজেনH₂০.০০০০০৫

তালিকা – ১ : বায়ুমণ্ডলত থকা স্থায়ী গেছীয় উপাদান 

২) জলীয় বাষ্প ( Water Vapour ).   

উত্তৰঃ – জলীয় বাষ্প অন্য এক অতি গুৰুত্বপূৰ্ণ উপাদান । ই অতি পৰিবৰ্ত্তনশীল । উচ্চতাৰ ক্ৰম অনুসৰি কমি গৈ থাকে । গৰম , সেমেকা ক্ৰান্তীয় অঞ্চলত বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণ বেছিকৈ থকাৰ বিপৰীতে শুষ্ক আৰু শীতল মেৰু অঞ্চলত ইয়াৰ পৰিমাণ যথেষ্ট কম । জলীয় বাষ্পই বায়ুমণ্ডলত থাকি পৃথিৱী খনক এখন কম্বলৰ দৰে ঢাকি ৰাখি বেছি চেঁচা নাইবা বেছি গৰম হব নোৱাৰাকৈ ৰাখে । ইয়াৰ উপৰিও ই বায়ুমণ্ডলৰ সুস্থিৰ বা অস্থিৰ অৱস্থাটো নিৰূপন কৰে ।

৩) ধূলিকণা ( Dust particles ) . 

উত্তৰঃ – বায়ুমণ্ডলত মিহলি হৈ থকা ধুলিকনা বিলাক এক গুৰুত্ব পূৰ্ণ উপাদান । সাধাৰণতে এইবিধ উপাদান বায়ুমণ্ডলৰ নিম্ন অংশত ঘনীভূত হৈ থাকে যদিও পৰিচলন বায়ু সোতৰ প্ৰবাহে বহু ওপৰলৈ লৈ যায় । তুলনামূলকভাৱে মেৰু অঞ্চল আৰু নিৰক্ষীয় অঞ্চলতকৈ উপক্ৰান্তীয় আৰু নাতিশীতোষ্ণ মণ্ডলত এই বিধ উপাদান কিছু বেছিকৈ থকাটো পৰিলক্ষিত হয় ।

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

প্ৰশ্ন  : – ২) বায়ুমণ্ডলৰ গঠন সম্পৰ্কীয় উপযুক্ত এটা চিত্ৰ – অংকন কৰা আৰু প্ৰত্যক্ষ কৰি বৰ্ণনা কৰা ।

উত্তৰঃ –  আমি জানো যে বায়ুমণ্ডলত নানা ধৰণৰ উপাদান আছে । এই উপাদান বোৰ বায়ুমণ্ডলত বিভিন্ন পৰিমাণত পোৱা যায় । বিভিন্ন উপাদান বিভিন্ন অংশত পোৱা হেতুকে বায়ুমণ্ডলৰ ঘনত্বৰ পাৰ্থক্য বিৰাজমান । ঘনত্ব কম বেছি হোৱাৰ বাবে ইয়াৰ তাপৰ তাৰতম্য হয় । 

পৃথিৱীৰ উপৰিভাগৰ নিচেই কাষত বায়ুৰ ঘনত্ব আটাইতকৈ বেছি আৰু যিমানে ওপৰলৈ যোৱা হয় সিমানে বায়ু পাতল হৈ আছে । সেয়ে তাপৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি বায়ুমণ্ডল স্তম্ভক পাঁচোটা বিভিন্ন স্তৰত ভাগ কৰা হৈছে । সেই কেইটা হ’ল  – 

১) ট্র’পমণ্ডল ( Troposphere )

২) স্তৰ মণ্ডল ( Stratosphere ) 

৩) মেছ’মণ্ডল ( Mesosphere )

৪) তাপমণ্ডল ( Thermosphere )

৫) বহি:মণ্ডল ( Exosphere )

১) ট্র’পমণ্ডল ( Troposphere ) : বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৰ নাম ১) ট্র’পমণ্ডল ( Troposphere ) । ইয়াৰ গড় উচ্চতা হ’ল ১৩ কিলোমিটাৰ । মেৰু অঞ্চলত ইয়াৰ বিস্তৃতি প্ৰায় ৮ কিলোমিটাৰ মান আনহাতে নিৰক্ষীয় অঞ্চলত ই প্ৰায় ১৮ কিলোমিটাৰ মান উচ্চতালৈকে বিয়পি আছে । বতাহ , বৰষুণ , ধূলিকনা , জলীয় বাষ্প বতৰৰ পৰিবৰ্ত্তন , জলবায়ু আদি বিভিন্ন পৰিঘটনা এই ( Phenomena ) স্তৰতেই সংঘটিত হোৱা পৰিলক্ষিত হয় ।

২) স্তৰ মণ্ডল ( Stratosphere )  : ট্র’পমণ্ডলৰ ওপৰত স্তৰটোৰ নাম 

স্তৰ মণ্ডল ( Stratosphere ) । ই পৃথিৱীৰ উপৰিভাগৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ ওপৰলৈ আছে । এই স্তৰটোৰ এটা অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল যে ই অ’জন ( Ozone ) গেছ ধাৰণ কৰি আছে । 

৩) মেছ’মণ্ডল ( Mesosphere ) : স্তৰমণ্ডলৰ ওপৰত থকা বায়ুমণ্ডলৰ স্তৰটোৰ নাম ৩) মেছ’মণ্ডল ( Mesosphere ) । ই পৃথিৱী পৃষ্ঠৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ উচ্চতালৈকে বিয়পি আছে । এই স্তৰটোত বায়ুৰ উচ্চতা অনুসৰি তাপ হ্ৰাস হয় আৰু উৰ্ধৱতন সীমাত অৰ্থাৎ ৮০ কিলোমিটাৰ উচ্চতাত তাপমাত্ৰা ১০০° ছেলছিয়াছ হয়গৈ । 

৪) তাপমণ্ডল ( Thermosphere ) :  ভূ – পৃষ্ঠৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ আৰু ৪০০ কিলোমিটাৰ মাজত বায়ুমণ্ডলৰ এই স্তৰটো অৱস্থিতি । ধৰা পৃষ্ঠৰ পৰা প্ৰেৰণ কৰা ৰেডিঅ’ তৰংগ পুনৰ পৃথিৱীলৈ আৰু স্তৰটোৱে প্ৰেৰণ কৰে । এই স্তৰটো বৈদ্যুতিক শক্তি সম্পন্ন আয়ন পদাৰ্থৰ কণাৰে গঠিত ।

৫) বহি:মণ্ডল ( Exosphere ) :  বায়ুমণ্ডলৰ এই স্তৰটো আটাইতকৈ উৰ্ধৱতন স্তৰ । ইয়াৰ বিষয়ে অধিক তথ্য পোৱা নাই । এই স্তৰত থকা বিভিন্ন উপাদান বোৰ অতিশয় লঘু আৰু অতি সামান্য । ই ক্ৰমান্বয়ে মহাকাশত মিলি গৈছেগৈ ।

বায়ুমণ্ডলৰ গঠন তথা বিভিন্ন স্তৰবোৰ তলৰ চিত্ৰত উল্লেখ কৰা হ’ল ।

চিত্ৰ – ১ : বায়ুমণ্ডলৰ গঠন 


3 thoughts on “Class 11 Geography Chapter 8 জলবায়ু”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top