Class 11 Geography Chapter 18 গঠন আৰু ভূ – প্ৰকৃতি

Class 11 Geography Chapter 18 গঠন আৰু ভূ – প্ৰকৃতি Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Geography Chapter 18 গঠন আৰু ভূ – প্ৰকৃতি and select needs one.

SCERT Class 11 Geography Chapter 18 গঠন আৰু ভূ – প্ৰকৃতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 18 গঠন আৰু ভূ – প্ৰকৃতি Solutions for All Subject, You can practice these here…

গঠন আৰু ভূ – প্ৰকৃতি

অধ্যায় –১৮

ভূগোল-প্ৰথম খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

ক) তলত দিয়াবোৰৰ পৰা শুদ্ধ উত্তৰ বাছি উলিওৱা –

প্ৰশ্ন : -১) হিমালয় পাৰ্বত্য অঞ্চলৰ কোন অংশত আমি কৰেৱা (karewa ) গঠন হোৱা দেখা পাওঁ ?

ক) উত্তৰ – পূৱ হিমালয়।

খ) হিমাচল উত্তৰাঞ্চল হিমালয়।

গ) পূৱ – হিমালয় 

ঘ) কাশ্মীৰ হিমালয়।

উত্তৰ:- ঘ) কাশ্মীৰ হিমালয় (kashmir himalayas)

প্ৰশ্ন :- ২) লোকটক হ্ৰদ কোনখন প্ৰদেশত অৱস্থিত ?

ক) কেৰেলা।

খ) উত্তৰাঞ্চ।

গ) মনিপুৰ।

ঘ) ৰাজস্থান।

উত্তৰঃ-গ) মনিপুৰ (monipur)।

প্ৰশ্ন:- ৩)তলত দিয়া কোনটো জলভাগে আন্দামানক নিকোবৰ দ্বীপৰ পৰা পৃথক কৰিছে ?

ক) ১১° প্ৰণালী।

খ) মান্নাৰ উপসাগৰ।

গ) ১০°প্ৰণালী।

ঘ) আন্দামান সাগৰ।

উত্তৰঃ-গ) ১০°প্ৰণালী (10° channel)।

প্ৰশ্ন:-৪) ডোডাবেট্টা (dodabeta) শৃংগ কোনখন পৰ্বতত অৱস্থিত ? 

ক) নিলগিৰি।

খ) আনাইমালাই।

গ) কাৰ্ডামম পাহাৰ।

ঘ) নাল্লামাল পাহাৰ।

উত্তৰঃ- ক) নিলগিৰি ।

তলৰ প্ৰশ্নবোৰ উত্তৰ লিখা

প্ৰশ্ন:-১)যদি এজন মানুহে লাক্ষাদ্বীপ লৈ যাত্ৰা কৰে তেন্তে, তেওঁ কোনটো উপকূলৰ পৰা যাত্ৰা কৰিব আৰু কিয় ?

উত্তৰঃ- ভাৰত উপমহাদেশ দক্ষিণৰ অংশটো দুটা সাগৰে আৱৰি আছে । সেই দুটা হল (ক) আৰব সাগৰ আৰু (খ ) বঙ্গোপ সাগৰ ।এই সাগৰ দুটাৰ জলভাগত  বহুতো সৰু – বৰ দ্বীপ অৱস্থিত । যিবোৰ দেশখনৰ অবিচ্ছেদ্য অংশ । সেই দ্বীপ এই দ্বীপটো আৰব সাগৰত অৱস্থিত । যদি আমি লাক্ষাদ্বীপ লৈ যাত্ৰা আৰম্ভ কৰোঁ তেন্তে আমি পশ্চিম উপকূলৰ পৰাই যাব লাগিব । কিয়নো ই আৰব সাগৰত অৱস্থিত আৰু পশ্চিম উপকূল ( west coast ) ৰ পৰা দূৰত্ব নিচেই কম ।

প্ৰশ্ন :- ২) ভাৰতবৰ্ষৰ কোন অঞ্চলত শীতল মৰুভূমি পোৱা যায় ? এই অঞ্চলত অৱস্থিত কেইশাৰী মান পৰ্বতৰ নাম লিখা ।

উত্তৰঃ- ভাৰতবৰ্ষৰ উত্তৰ দিশত অৱস্থিত বৃহৎ হিমালয়ৰ লাডাখ (Laddakh)অঞ্চলক শীতল মৰুভূমি হিচাপে খ্যাত ( চিত্ৰ – ১ )

এই অঞ্চলত অৱস্থিত কেইশাৰী মান প্ৰধান পৰ্বতৰ নাম হ’ল –

ক) কাৰাকোৰাম (karakoram)।

খ) লাডাখ ( The Laddakh)।

গ) যাস্কাৰ ( The Zaskar)।

ঘ) পিৰ পাঞ্জল (Pir Panjal) ।

প্ৰশ্ন:- ৩) ভাৰতৰ পশ্চিম উপকূলত অৱস্থিত নোদিবোৰৰমোহনাত ব – দ্বীপ (delta) দেখা নাযায় কিয় ?

উত্তৰঃ- ভাৰতৰ পশ্চিম উপকূল অঞ্চলটো অতি ঠেক আৰু থিয় গৰা যুক্ত ( Steep Slope ) । ইয়াৰ উপৰিও পশ্চিম উপকূলত  অৱস্থিত নদীসমূহৰ প্লাৱন ভূমি ( Flood Plain) তেনেই সৰু আৰু অৱবাহিকাবোৰ অতি কঠিন পুৰণি শিলেৰে গঠিত হোৱা বাবে আৱৰ্জনাৰ পৰিমাণ অতি নগন্য । এইবোৰ কাৰণৰ বাবে এই নদীবোৰৰ মোহনাত ব – দ্বীপ সহজে সৃষ্টি হব নোৱাৰে বা দেখিবলৈ পোৱা নাযায় ।

তলত দিয়া প্ৰশ্নবোৰউত্তৰ দিয়া

প্ৰশ্ন:-১) আৰব সাগৰ আৰু বংগ উপসাগৰত থকা দ্বীপবোৰৰ তুলনা কৰা ।

উত্তৰঃ- আৰব সাগৰ আৰু বংগ উপসাগৰত থকা দ্বীপবোৰৰ এটি তুলনা তলত বৰ্ণনা কৰা হ’ল –

আৰব সাগৰৰ দ্বীপসমূহ :- 

ক)আৰব সাগৰত অৱস্থিত মুঠ দ্বীপৰ সংখ্যা প্ৰায় ৩৬ টা । ইয়াৰে প্ৰায় ১১টা জনবসতি পূৰ্ণ ( inhabited )

খ) ইয়াৰ দ্বীপসমূহ ৮°-১২° উত্তৰ আৰু ৭১°- ৭৪° পূব দ্ৰাঘিমা ৰেখাৰ মাজত অৱস্থিত ।

গ) এই অঞ্চলৰ দ্বীপসমূহক কেৰেলা উপকূলৰ পৰা ২৮০-৪৮০ কি কি দূৰত্বত অৱস্থিত ।

ঘ) আৰব সাগৰ স্থিত দ্বীপ সমূহৰ ভিতৰত মিনিকয় ( ) আটাইতকৈ ডাঙৰ দ্বীপ (৪৫৩ বৰ্গ কি .মি.)

ঙ)এই দ্বীপসমূহ প্ৰৱাল (coral ) পোকৰ দ্বাৰা গঠিত ।

বংগ উপসাগৰৰ দ্বীপসমূহ :-

ক) বংগ উপসাগৰত থকা দ্বীপৰ সংখ্যা প্ৰায় ৫৭২ টা ।

খ) ইয়াৰ দ্বীপবোৰ ৬° – ১৪° উত্তৰ অক্ষৰেখা আৰু ৯২°- ৯৪°পূৱ দ্ৰাঘিমা ৰেখাৰ মাজত অৱস্থিত ।

গ)বংগ উপসাগৰত থকা দ্বীপসমূহক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি । আন্দামান আৰু নিকোবৰ । 

ঘ) ইয়াৰ প্ৰধান ভাগ দুটাক ‘দহ ডিগ্ৰী’ ( 10° channel ) প্ৰণালীয়ে বিভক্ত কৰিছে ।

ঙ) নিমজ্জিত পৰ্বত উত্থিত হৈ এই দ্বীপমালাৰ সৃষ্টি হোৱা বুলি ধাৰণা কৰা হৈছে ।

প্ৰশ্ন :-২) নদী উপত্যকাবোৰৰ সততে দেখা পোৱা ভূ – অকৃতিক অবয়ববোৰ কি কি ?

উত্তৰঃ- নদী উপত্যকাবোৰত সততে দেখা পোৱা প্ৰধান ভূ – অকৃতিক অবয়ববোৰ (geomorphological features) তলত উল্লেখ কৰা হল –

ক) নদী উপত্যকা( River Valley) :- নদীৰ প্ৰবাহিত পানীৰ লগত অহা নানান আৱৰ্জনা আৰু পলস পৰি গঠিত হোৱা এক অঞ্চল ।

খ) ভাৱৰ(Bhabar):- পৰ্বতৰ নামনি অঞ্চলত সাধাৰণতে এই অবয়ব দেখিবলৈ পোৱা যায় ।

গ) টাৰাই (Tarai):-মূল পানীৰ সোঁতৰ কিছু  দূৰত্বত অৱস্থিত এক বিশেষ জলাহ -পিতনি অঞ্চল (marshy and swampy ) ।

ঘ) বলুকাৰোধিকা ( sand bars ):- নদীয়ে উচ্চ অংশত খনন কাৰ্য কৰাৰ ফলত ইয়াৰ মধ্য আৰু নিম্ন অংশৰ নানা ঠাইত বালি বা আৱৰ্জনা জমা কৰাৰ ফলত যি অবয়ব গঠন হয় তাক বলুকাৰোধিকা বোলা হয় ।

ঙ) বিসৰ্প ( Meander ):-নদীৰ গতি পথটো একে জাতীয় শিলাৰে গঠিত নহয় । কোমল শিলাবোৰ সহজতে খনন কৰাৰ বিপৰীতে কঠিন শিলাবোৰ  খনন কৰিব নোৱাৰে । তেনে পৰিস্থিতিত নদীয়ে সৰ্পিল আকাৰে গতি কৰিব ধৰে । এই গতিপথক বিসৰ্প বোলা হয় ।

চ)অশ্বখুৰাকৃতিৰ হ্ৰাস (Ox bow lake ):- নদী বিসৰ্পনৰ পৰিমাণ বেছি হলে , ই বেঁকা পথ বাদ দি পোন ভাবে গতি কৰিব ধৰে । এইদৰে বাদ পৰি যোৱা নদীৰ গতিপথ চোৱাক অশ্বখুৰাকৃতিৰ হ্ৰদ নামে জনা যায় ।

ছ) ব- দ্বীপ (delta):- নদীৰ পানীয়ে কঢ়িয়াই লৈ অহা আৱৰ্জনা বা গেদবোৰ পানীৰ সোঁতৰ অভাৱত আৰু নদীতলৰ ঢাল কম হোৱা বাবে নদীৰ মোহনাত জমা কৰিব লয় । এই জমা হোৱা অবয়ববোৰ আকৃতিত ‘ব’ আখৰৰ দৰে বাবে ইহঁতক ব- দ্বীপ বোলা হয় ।

জ) জলপ্ৰপাত ( Water falls )।

ঝ) খৰস্ৰোতা (Rappids )।

ঞ) প্ৰাকৃতিক বান্ধ ( Natural lavee )।

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

প্রশ্ন :- ৩) যদি তুমি  বদ্ৰীনাথৰ পৰা গঙ্গা নদীৰ পাৰে পাৰে সুন্দৰৱনলৈ যোৱা  তেন্তে কোনবোৰ ভূ – আকৃতিক অবয়ব দেখা পাবা লিখা ।

উত্তৰঃ- বদ্ৰীনাথ ( badrinath ) উত্তৰাঞ্চল হিমালয়ত অৱস্থিত এখন ঠাই । আনহাতে সুন্দৰ বন ( sundorbon) অন্য এটা অঞ্চল যি গঙ্গা 

নদীৰ মোহনাত অৱস্থিত । এতিয়া দেখা গল  দুখন ঠাইৰ ভিতৰত এখন পাৰ্বত্য অঞ্চলত আৰু অন্যখন সমভূমি বা মোহনা অঞ্চলত অৱস্থিত ।

আমি জানো যে নদী এখনৰ গতি পথত প্ৰধানকৈ তিনিটা অৱস্থা পোৱা যায় । সেইকেইটা হল –

(ক) তৰুণ অৱস্থা ( youth ful stage )।

(খ) পৌঢ় অৱস্থা ( mature stage )।

(গ) বৃদ্ধ অৱস্থা ( old stage ) এই অৱস্থা কেইটাৰ নিজা অঞ্চলত নিজা নিজা ভূ – অবয়ব বিৰাজমান । সেয়ে ,আমি যেতিয়া বদ্ৰী

নাথৰ পৰা সুন্দৰৱনলৈ যাত্ৰা আৰম্ভ কৰিম , তেতিয়া দেখিবলৈ পোৱা প্ৰধান ভূ – অবয়ব বোৰ তলত উল্লেখ কৰা হল – 

আৰম্ভণিতে অৰ্থাৎ পাৰ্বত্য অঞ্চলত থিয় গৰা (steep slope) ঢালৰ ভূমি যত আছে ঠেক উপত্যকা ( narrow valley ), উপত্যকাৰ আকৃতি ‘v’ – (v – shoped valley) জলপ্ৰপাত (water falls) আৰু তাৰ নামনি অঞ্চলত হয়তো তীব্ৰ গৰাখহনীয়াৰ লগতে ভূমিস্খলন (Erosion and landslide) দেখিবলৈ পোৱা যায় ।হৰিদ্বাৰ (horidwar) অঞ্চল পোৱাৰ লগে লগে গঙ্গা নদীৰ উপত্যকা সমভূমি অঞ্চলত প্ৰৱেশ কৰে । ইয়াতে বিশাল সমভূমিৰ লগতে প্লাৱন ভূমি (flood plain) বিসৰ্প (meander), অশ্ব খুৰাকৃতি হ্ৰদ (oxbow lake) গুম্ফিত নদীপথ (braided river channel) পৰিলক্ষিত হব ।ইয়াৰ পাছত নদীখনে সুন্দৰৱনৰ ফালে অগ্ৰহৰ হোৱাৰ লগে লগে নদী উপত্যকাই বৃদ্ধ অৱস্থাত সোমায় । এই অঞ্চলত জলাহ আৰু পিতনি (marshy ans swmpy land) ভূমিৰ লগতে ব- দ্বীপ (delta) দেখিবলৈ পোৱা যাব ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top