Class 11 Geography Chapter 10 বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া

Class 11 Geography Chapter 10 বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Geography Chapter 10 বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া and select needs one.

SCERT Class 11 Geography Chapter 10 বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 10 বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া Solutions for All Subject, You can practice these here…

বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া

অধ্যায় – ১০

ভূগোল-প্ৰথম খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

ক) শুদ্ধ উত্তৰটো বাছি উলিওৱা :

প্ৰশ্ন : -১) যদি ভূ – পৃষ্ঠৰ বায়ুৰ চাপ ১,০০০ মিলিবাৰ হয় ,  তেতিয়া ভূ – পৃষ্ঠৰ পৰা ১ কিলোমিটাৰ উচ্চতাত বায়ুৰ চাপ হ’ব –

ক)  ৭০০ মিলিবাৰ ।

 খ) ১,১০০ মিলিবাৰ ।

গ) ৯০০ মিলিবাৰ ।

ঘ) ১,৩০০ মিলিবাৰ 

উত্তৰঃ – গ) ৯০০ মিলিবাৰ  ।

প্ৰশ্ন : -২) অন্ত:ক্ৰান্তীয় অভিছাৰী মণ্ডলটো ( ITCZ ) সৃষ্টি হয় ।

ক) বিষুৱৰ ওচৰত ।

খ) মকৰ ক্ৰান্তীয় ওচৰত ।

গ) কৰ্কট ক্ৰান্তীয় ওচৰত ।

ঘ) সুমেৰু বৃত্তৰ ওচৰত ।

উত্তৰঃ – ক) বিষুৱৰ ওচৰত ।

প্ৰশ্ন : -৩) উত্তৰ গোলাৰ্দ্ধত এটা নিম্ন চাপ কেন্দ্ৰৰ চৌদিশে বতাহৰ গতি হয় – 

ক) ঘড়ীৰ কাটাৰ দিশত 

খ) সমচাপ ৰেখাৰ লম্ব দিশত 

গ) ঘড়ীৰ কাটাৰ বিপৰীত দিশত 

ঘ) সমচাপ ৰেখাৰ সমান্তৰালভাৱে ।

উত্তৰঃ – গ) ঘড়ীৰ কাটাৰ বিপৰীত দিশত ।

প্ৰশ্ন : – ৪) বায়ুপুঞ্জ ( Air mass ) গঠনৰ বাবে তলৰ কোনটো অঞ্চলক উৎস বুলি গণ্য কৰিব পাৰি ?

ক) বিষুৱীয় অৰণ্য অঞ্চল ।

খ) হিমালয় পৰ্বতমালা ।

গ) চাইবেৰীয়াৰ সমভূমি অঞ্চল ।

ঘ) দাক্ষিণাত্য মালভূমি অঞ্চল ।

উত্তৰঃ – গ) চাইবেৰীয়াৰ সমভূমি অঞ্চল  ।

চমু প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) চাপ জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয় ? বতৰৰ মানচিত্ৰ প্ৰস্তুত কৰোতে কোনো ঠাইৰ চাপ সাগৰ পৃষ্ঠ সাপেক্ষে জোখা হয় কিয়  ? 

উত্তৰঃ – চাপ জুখিবলৈ ব্যৱহাৰ কৰা একক বিধৰ নাম  হ’ল মিলিবাৰ  ( milibar )  ইয়াক চমুকৈ mb বোলা হয়  ।   বতৰৰ  মানচিত্ৰ প্ৰস্তুত  কৰোতে কোনো ঠাইৰ চাপ সাগৰ পৃষ্ঠ সাপেক্ষে জোখা হয় , ইয়াৰ প্ৰধান কাৰনবোৰ  হ’ল  ― 

ক ) সমুদ্ৰ পৃষ্ঠ ( sae level ) এক স্থায়ী পৃষ্ঠ যাৰ কোনো পৰিবৰ্তন কম সময়ৰ ভিতৰত কেতিয়াও সংঘটিত নহয় অথবা বহু হাজাৰ বছৰ ধৰি সমুদ্ৰ পৃষ্ঠ পৰিবৰ্তন নোহোৱাকৈ থাকে । যদিও কেতিয়াবা হয় সিও মাত্ৰ হাজাৰ বা লক্ষ্য ভাগৰ এভাগ মান হ’ব , যিয়ে কোনো জোখ মাখত বৰ বিশেষ প্ৰভাৱে বিস্তাৰ নকৰে ।

খ ) দ্বিতীয়তে ভূ – পৃষ্ঠৰ প্ৰায় এক তৃতীয়াংশ ঠাই জলপৃষ্ঠই আৱৰি ৰাখিছে । সেয়ে , জল পৃষ্ঠ সকলো ঠাইতে সহজে পোৱা যায় । 

গ ) তৃতীয়তে , পৃথিৱীত কোনো ভূ –  আন্দোলন ( Earth movement) হ’লে সাধাৰনতে স্থলভাগেই বৰ বেয়াকৈ ক্ষতিৰ সন্মুখীন হয় । সেয়ে , সমুদ্ৰ পৃষ্ঠই এক স্থায়ী পৃষ্ঠ হিচাপে গ্ৰহণ কৰি গোলকীয় কামবোৰ কৰা হয় ।

প্ৰশ্ন : -২) যেতিয়া উত্তৰ গোলৰ্দ্ধত চাপৰ ঢাল উত্তৰৰ পৰা দক্ষিণলৈ অৰ্থাৎ উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা বিষুৱীয় অঞ্চললৈ থাকে ,  তেতিয়া বায়ু ক্ৰান্তীয় অঞ্চলত উত্তৰ পূৱ বতাহ হৈ বলে কিয় ?

উত্তৰঃ – বায়ুমণ্ডলৰ চাপৰ ভিন্নতা হোৱাৰ বাবে বায়ুৱে গতি কৰে অর্থাৎ বতাহ ব’বলৈ ধৰে উচ্চ চাপ বিশিষ্ট অঞ্চলৰ পৰা নিম্ন চাপবিশিষ্ট অঞ্চললৈ । ভূ – পৃষ্ঠৰ ওপৰত গতি কৰা বতাহৰ গতি কিছুমান কাৰকে নিয়ন্ত্ৰণ কৰে । সেই কাৰক বোৰৰ ভিতৰত পৃথিৱীৰ আহ্নিক গতিকে সৃষ্টি কৰা এক বিশেষ গতি । যাৰ নাম কৰিঅ’লিচ বল   ( Coriolies force ) ।

পৃথিৱীৰ আহ্নিক গতিৰ ফলত সৃষ্টি হোৱা এই কৰিঅ’লিচ বলে ভূ – পৃষ্ঠৰ ওপৰত প্ৰবাহিত বতাহৰ গতি নিয়ন্ত্ৰণ কৰে । অৰ্থাৎ উত্তৰ গোলৰ্দ্ধত যেতিয়া উপক্ৰান্তীয় উচ্চ চাপ অঞ্চলৰ পৰা বিষুৱীয় অঞ্চললৈ বতাহ বৈ থাকে , তেতিয়া কৰিঅ’লিচ বলৰ বাবে উত্তৰৰ পৰা দক্ষিণলৈ বৈ অহা বতাহ কিছু পূৱ দিশলৈ যাবলৈ বাধ্য হয় । সেয়ে আমি সেই বতাহ খিনি উত্তৰ পূৱ হৈ বলা দেখিবলৈ পাওঁ । 

প্ৰশ্ন : -৩) ভূ – কেন্দ্ৰীয় বতাহ কি ?

উত্তৰঃ –  বতাহৰ গতিবেগ আৰু দিশ প্ৰধানকৈ নিৰ্ভৰ কৰে বতাহ সৃষ্টিকাৰী বলৰ ওপৰত । যি বিলাক বলৰ বাবে বতাহৰ সৃষ্টি হয় , সেইবোৰ বলৰ ভিতৰত ঘর্ষন বলৰ প্ৰভাৱ ভূ – পৃষ্ঠৰ ওপৰভাগত বেছি । ভূ – পৃষ্ঠৰ পৰা প্ৰায় ২-৩ কিলোমিটাৰ ওপৰত ঘর্ষন বল ( frictional effect ) ৰ প্ৰভাৱ নাই । এই উচ্চতাৰ বতাহত প্ৰধানকৈ চাপৰ ঢাল  ( pressure gradient ) আৰু কৰিঅ’লিচ বলে ( Corolis force ) নিয়ন্ত্ৰণ কৰে । এই উচ্চতাত যেতিয়া সমচাপ বোৰ পুনহৈ ( straight ) যাৰ আৰু কোনো ধৰণৰ ঘর্ষনৰ সৃষ্টি হোৱা দেখা নাযায় ,  তেনে পৰিস্থিতিত চাপৰ ঢাল আৰু কৰিঅ’লিচ বলৰ মাজত এক সমতাস্থাপন ( balanced ) হোৱা দেখা যায় । এই সময়ত বতাহ সমচাপ ৰেখাৰ সমান্তৰাল ভাৱে ববলৈ আৰম্ভ কৰে । এনে দৰে বলা বতাহক কেন্দ্ৰীয় বতাহ ( Geostropic wind ) বোলা হয় ।

( চিত্ৰ – ১ )

প্ৰশ্ন : -৪) স্থলবতাহ আৰু জলবতাহ ব্যাখ্যা কৰা ।

উত্তৰঃ – আমি জানো যে সূৰ্য্যৰ তাপত মাটি আৰু পানী একেলগে গৰম নহয় । অৰ্থাৎ স্থলভাগ কম সময়ৰ ভিতৰত গৰম হয় আৰু জলভাগ লাহে লাহে গৰম হয় । দিনৰ ভাগত সূৰ্য্যৰ তাপত স্থলভাগ যেতিয়া গৰম হৈ পৰে তেতিয়া স্থলভাগৰ বায়ু উৰ্ধগামী হৈ নিম্ন চাপৰ সৃষ্টি কৰে । এই নিম্ন চাপলৈ তেতিয়া জলভাগৰ পৰা অৰ্থাৎ উচ্চচাপ অঞ্চলৰ পৰা বতাহ বৈ আহে । জলভাগৰ পৰা বৈ অহা এনে বতাহত জলবতাহ ( Sea breeze ) বোলা হয় । আনহাতে ৰাতিৰ ভাগত জলভাগতকৈ স্থলভাগে তাপ সোনকালে বিকিৰণ কৰাৰ ফলত অধিক চেঁচা হৈ পৰে । তেতিয়া বায়ুৰ চাপৰ ঢাল মাটি ভাগৰ পৰা সাগৰলৈ পানী ভাগলৈ প্ৰসাৰিত হয় , আৰু এনে বতাহক আমি স্থলবতাহ ( Land breeze ) বুলি কওঁ । ( চিত্ৰ – ২ )

দীঘল প্ৰশ্নোত্তৰ

প্ৰশ্ন : -১) বতাহৰ গতি আৰু দিশ নিৰ্নয়কাৰী কাৰকবোৰ আলোচনা কৰা ।

উত্তৰঃ – গতিশীল বায়ুক বতাহ বুলি কোৱা হয় । কিছুমান বিশেষ কাৰকৰ প্ৰভাৱতে বতাহ ববলৈ ধৰে আৰু সেই কাৰক বোৰে বতাহৰ গতিৰ লগতে দিশও নিৰ্ণয় কৰে । বতাহৰ গতি আৰু দিশৰ নিৰ্ণয় কৰা মূল কাৰণ কেইটা হ’ল ―

১) বায়ুৰ চাপৰ পাৰ্থক্য বা চাপৰ ঢালৰ বল । ( Pressure Gradient force ) 

২) ঘর্ষন বল ( Frictional force )

৩) কৰিঅ’লিচ ( Coriolis force )

১) বায়ুৰ চাপৰ পাৰ্থক্য বা চাপৰ ঢালৰ বল। ( Pressure Gradient force ) : পৃথিৱী পৃষ্ঠৰ সকলো ঠাই একে সময়তে উত্তপ্ত হৈ নুঠে । ইয়াৰ কাৰণ ভূ – অৱয়বৰ পাৰ্থক্য অথবা সূৰ্য্যৰ ৰশ্মিৰ পৰিমাণৰ পাৰ্থক্য । যি বিলাক অঞ্চলে সূৰ্য্যৰ ৰশ্মি বেছিকৈ লাভ কৰে সেই বোৰ ঠাই বেছি উত্তপ্ত হৈ পৰে ফলত চেঁচা অঞ্চলৰ পৰা উত্তপ্ত অঞ্চললৈ বতাহ ববলৈ আৰম্ভ কৰে ।

আনহাতে ভূ – পৃষ্ঠৰ ভূ – অৱয়ব একে ধৰণৰ নহয় । কিছুমান অঞ্চলত ডাঠ অৰণ্য থকাৰ বিপৰীতে বহু অঞ্চল শুকান বালিময় । সেয়ে উত্তাপৰ তাৰতম্য অতি সহজে দেখিবলৈ পোৱা যায় । বায়ুমণ্ডলৰ এনে পাৰ্থক্যৰ বাবে চাপৰ পাৰ্থক্য দেখা যায় আৰু চাপৰ ঢালৰ বাবে বতাহৰ সৃষ্টি হয় । 

২) ঘর্ষন বল ( Frictional force ) : ঘর্ষন বল আন এক কাৰক যিয়ে বতাহৰ গতি আৰু দিশ নিৰ্ণয় কৰাত গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰে । বতাহ যেতিয়া ভূ – পৃষ্ঠৰ ওপৰেৰে প্ৰৱাহিত হয় তেতিয়া ই নানা অৱয়ব সংস্পৰ্শত আহে । সেয়ে ভূ – পৃষ্ঠৰ একেবাৰে নিম্নাংশত ঘর্ষন বেছি । এই ঘর্ষন বল ১ ৰ পৰা ৩ কিলোমিটাৰ মানলৈকে বেছি থাকে । আনহাতে সমুদ্ৰ পৃষ্ঠত ঘর্ষন বল আটাইতকৈ কম । সেয়ে সাগৰ পৃষ্ঠত বতাহ এক গতিত প্ৰৱাহিত হোৱা পৰিলক্ষিত হয় । 

৩) কৰিঅ’লিচ ( Coriolis force ) : পৃথিৱীৰ আহ্নিক গতিৰ ফলত এক প্ৰকাৰ বলে ইয়াৰ বায়ুমণ্ডলৰ ওপৰত প্ৰভাৱ পেলায় , যাক কোৱা হয় কৰিঅ’লিচ বল । এই কৰিঅ’লিচ বলৰ বাবে উত্তৰ গোলাৰ্দ্ধত বতাহৰ দিশ সোঁফালে আৰু দক্ষিণ গোলাৰ্দ্ধত বাওঁ ফালে বিচ্যুৎ হয় । কৰিঅ’লিচ বলৰ মান দুই মেৰু অঞ্চলত বেছি আৰু বিষুৱ ৰেখাত প্ৰায় শূণ্য পৰিলক্ষিত হয় ।

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

প্ৰশ্ন : -২) পৃথিৱীৰ বায়ুসঞ্চালন দেখুৱাই এটা চিত্ৰ অঁকা । উপক্ৰান্তীয় উচ্চচাপ কেন্দ্ৰ ৩০° উত্তৰ অক্ষঅংশৰ মাজত গঠন হোৱাৰ সম্ভাব্য কাৰণবোৰ কি কি ?

উত্তৰঃ – পৃথিৱীক আৱৰি ৰখা বায়ুমণ্ডলে বিভিন্ন সময় বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাম্বিত হৈ বতাহৰ সৃষ্টি কৰে । পৃথিৱীৰ উপৰিভাগত এই বতাহ বিলাকৰ নিৰ্দ্দিষ্ট কিছুমান স্থায়ী গতি বা দিশ আছে আনহাতে কেতিয়াবা কোনো দিশ অনুসৰণ নকৰাকৈ বায়ু সঞ্চালন হোৱা দেখা যায় । পৃথিৱীৰ বায়ুসঞ্চালনৰ এটি চিত্ৰ (৩) তলত আঁকা হ’ল । 

উপক্ৰান্তীয় উচ্চ চাপ কেন্দ্ৰ ৩০° উত্তৰ অক্ষঅংশৰ মাজত গঠন হোৱাৰ সম্ভাব্য কাৰণবোৰ হ’ল ―

১) অন্ত:ক্ৰান্তীয় অভিসাৰি মণ্ডল ( Inter Tropical Convergence Zone ( ITCZ ) ত বায়ু ঊৰ্দ্ধগামী হয় কিয়নো এই অঞ্চলত সূৰ্য্যৰ ৰশ্মি বছৰৰ সকলো সময়তে পোনপটীয়াকৈ পৰে বাবে বায়ুমণ্ডল বেছ উত্তপ্ত হয় । উত্তাপৰ বাবে বায়ু পৰিচলন প্ৰক্ৰিয়াৰে ( Converction ) উপৰলৈ উঠে আৰু এক নিম্ন চাপৰ সৃষ্টি কৰে । এই নিম্ন চাপ পূৰাবলৈ ক্ৰান্তীয় অঞ্চলৰ পৰা বায়ু আহে আৰু ই অভিসাৰি হয় । এই দৰে অভিসাৰি বায়ু ( Converged air ) প্ৰচলন প্ৰক্ৰিয়াৰে উৰ্দ্ধগামী হৈ প্ৰায় ১৪ কিলোমিটাৰ উপৰলৈকে বিস্তাৰিত হয় আৰু দুই মেৰুৰ দিশে গতি কৰে । ইয়াৰ ফলত ৩০° উত্তৰ আৰু দক্ষিণ অক্ষৰেখাৰ ওপৰত বায়ুসঞ্চিত হৈ নিম্নগামী হয় আৰু উপক্ৰান্তীয় উচ্চচাপ ( Subtropical high ) ৰ সৃষ্টি কৰে ।

২) দ্বিতীয় সম্ভাব্য কাৰণ হ’ল, যেতিয়া বায়ু ৩০° উত্তৰ আৰু দক্ষিণ অক্ষঅংশত উপনীত হয় তেতিয়া ই চেঁচা হৈ পৰে । ফলত বায়ু এই অঞ্চলত নিম্ন গামী হয় আৰু উচ্চ চাপ গঠন কৰে । 

এই দুটা কাৰণৰ উপৰিও হেডলী চাপ কক্ষ ( Hadlley Celk ) ফেৰেল কক্ষ ( Ferrel Cell ) আদিয়েও বায়ুমণ্ডলৰ বায়ু সঞ্চালনত বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা যায় । 

প্ৰশ্ন : -৩।ক্ৰান্তীয় ঘূৰ্ণি বতাহ সমুদ্ৰ পৃষ্ঠত কিয় উৎপত্তি হয় ? ক্ৰান্তীয় ঘূর্ণীবতাহৰ কোন অংশত ধাৰাষাৰে বৰষুণ হয় আৰু বেগী বতাহ ববলৈ ধৰে আৰু কিয় ?

উত্তৰঃ – ক্ৰান্তীয় ঘূর্ণী বতাহ ( Tropical cyclone ) সমুদ্ৰ পৃষ্ঠত উৎপত্তি হোৱাৰ প্ৰধান কাৰণ সমূহ হ’ল ―

১) সাগৰ পৃষ্ঠ এক বিশাল আয়তন যুক্ত অঞ্চল । যত হাজাৰ হাজাৰ মাইল কোনো বাধাৰ প্ৰাচীৰ নাথাকে । অৰ্থাৎ ক্ৰান্তীয় ঘূর্ণী বতাহ 

উৎপত্তি হবৰ বাবে যি সুবিধা কেৱল সাগৰ পৃষ্ঠতে পোৱা যায় ।

২) সম উত্তাপ অৰ্থাৎ ২৭° ছেলছিয়াছতকৈ  অধিক উত্তাপ । এনে ধৰণৰ পৰিৱেশ কেৱল সমুদ্ৰ পৃষ্ঠতহে পোৱা যায় ।

৩) কৰিঅ’লিচ বলত ক্ৰিয়া ।

৪) উলম্ব দিশত বতাহৰ গতিৰ সামান্য তাৰতম্য এই অৱস্থা কেৱল সমুদ্ৰ পৃষ্ঠত হে বিৰাজমান ।

৫) এক দুৰ্বল নিম্ন চাপযুক্ত অঞ্চল অথবা নিম্নস্তৰ ঘূর্ণীয়মান বায়ুপ্ৰৱাহৰ অৱস্থিতি । 

৬) ক্ৰান্তীয় ঘূর্ণীবতাহ সমুদ্ৰ পৃষ্ঠত উৎপত্তি হোৱাৰ অন্য এটা অতি গুৰুত্ব পূৰ্ণ কাৰণ হল ঘনীভৱন প্ৰক্ৰিয়া ( Condensation process ) । বায়ু মণ্ডলৰ জলীয় বাষ্পৰ প্ৰধান উৎস হ’ল জলভাগ বা সমুদ্ৰ পৃষ্ঠা । ঘূর্ণীবতাহক সক্ৰিয় কৰি তোলে জলীয় ঘনীভৱন প্ৰক্ৰিয়াৰ জৰিয়তে । সমুদ্ৰৰ পৰা অহা অহৰহ জলীয় বাষ্পই ঘূর্ণী বতাহক শক্তিৰ যোগান ধৰে । জলীয় বাষ্পৰ যোগান বন্ধ হোৱাৰ লগে লগে ই প্ৰায় নিশকটীয়া হৈ পৰে । সেয়ে ভূ – পৃষ্ঠৰ ক্ৰান্তীয় ঘূর্ণী বতাহবোৰ সমুদ্ৰ পৃষ্ঠত হে উৎপত্তি হয় । এটা পূৰ্ণাংগ ঘূর্ণী বতাহৰ কেন্দ্ৰত তীব্ৰবেগী ঘূর্ণী বতাহ প্ৰৱাহিত হৈ থাকে , যাক চকু ( eye ) বোলা হয় । এই ঘূর্ণীয়মান বতাহৰ পৰিসৰ ১৫০ ৰ পৰা ২৫০ কিলোমিটাৰ ব্যাসৰ পাব পাৰে । চকুৰ চাৰিটা ফালে পকণীয়া তীব্ৰবেগী বতাহৰ সুউচ্চ প্ৰাচীৰ সৃষ্টি হৈ , সেই অঞ্চলত ধাৰাষাৰে বৰষুণ হয় ।

ইতিমধ্যে আমি পাই আহিছোঁ যে সাগৰ পৃষ্ঠৰ যি অংশত জলীয় ভাপৰ পৰিমাণ অধিক অথবা ঘনীভৱন বেছি তাতে ই অধিক সক্ৰিয় হোৱা দেখা যায় । সেয়েহে দেখা যায় ঘূর্ণী বতাহ জাকৰ কেন্দ্ৰ অঞ্চলৰ আশে পাশে বতাহৰ গতিবেগ অতি প্ৰৱল হৈ ঘণ্টাত ২৫০ কিলোমিটাৰ পৰ্যন্ত হোৱা দেখা যায় । ঘূর্ণী বতাহৰ এই অঞ্চলতেই বতাহ গতিবেগ বেছি আৰু বৰষুণৰ পৰিমানো যথেষ্ট বেছি । তলৰ চিত্ৰত ( চিত্ৰ – ৪ ) ক্ৰান্তীয় ঘূর্ণী বতাহৰ এক উলম্ব প্ৰস্থচ্ছেদ অংকন কৰি দেখুৱা হ’ল । 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top