Class 11 Geography Chapter 4 মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ

Class 11 Geography Chapter 4 মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Geography Chapter 4 মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ and select needs one.

SCERT Class 11 Geography Chapter 4 মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 4 মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ Solutions for All Subject, You can practice these here…

মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ

অধ্যায় – 8

ভূগোল-প্ৰথম খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

ক)  শুদ্ধউত্তৰটো বাছি উলিওৱা :

প্ৰশ্ন  : – ১) তলৰ কেইজনৰ কোনে প্ৰথমে কৈছিল যে ইউৰোপ ,  আফ্ৰিকা আৰু আমেৰিকা লগলাগি আছিল ?

ক) আলফ্ৰেড ওৱেগনাৰ ।

খ) এণ্টানিও পেলিগ্ৰিনি ।

গ) আব্ৰাহাম অৰটিলিয়াচ ।

উত্তৰঃ – গ) আব্ৰাহাম অৰটিলিয়াচ ।

প্ৰশ্ন : -২) মেৰুৰ পৰা আঁতৰি অহা শক্তি জড়িত হৈ থাকে 

ক) পৃথিৱীৰ পৰিভ্রমন গতি ।

খ) মাধ্যাকৰ্ষণ বল। 

গ) পৃথিৱীৰ আৱৰ্তনিক গতি ।

ঘ) জোৱাৰ বল।

উত্তৰঃ – গ) পৃথিৱীৰ আৱৰ্তনিক গতি  ।

প্ৰশ্ন : -৩) তলৰ কোনখন গৌণ বা ক্ষুদ্ৰ ফলক নহয় ?

ক) নাজকা ( Nazca )।

খ) আৰবীয় ( Arabia )।

গ) ফিলিপাইন ( Philippines )।

ঘ) এণ্টাৰ্কটিকা ( Antarctica )।

উত্তৰঃ – ঘ) এণ্টাৰ্কটিকা ( Antarctica ) ।

প্ৰশ্ন : -৪) সাগৰীয়তল বহলিকৰণ তত্ত্বটো আলোচনা কৰোতে তলত উল্লেখ কৰা কোনটো কথা বিবেচনা কৰা হোৱা নাই-

ক) মধ্য সাগৰীয় শৈলশিৰাত থকা আগ্নেয় উদ্গীৰণৰ কাৰ্য্যসমূহ ।

খ) সাগৰৰ তলত পোৱা শিলবোৰত থকা সাধাৰণ আৰু ওলোটা চুম্বকীয় পথাৰ ( Normal and reverse manetic field )।

গ) বেলেগ বেলেগ মহাদেশত থকা জীৱাশ্মৰ বিতৰণ ।

ঘ) সাগৰীয় তলৰ পৰা সংগ্ৰহ কৰা শিলৰ বয়স ।

উত্তৰঃ – গ) বেলেগ বেলেগ মহাদেশত থকা জীৱাশ্মৰ বিতৰণ ।

প্ৰশ্ন : -৫) তলত দিয়াবোৰৰ কোনটো ভাৰতীয় ফলকৰ উত্তৰফালৰ হিমালয় পৰ্বতৰ লানিয়ে লানিয়ে আছে –

ক) সাগৰীয় মহাদেশীয় ফলকৰ মিল ( Convergence )।

খ) অপসাৰিত সীমা।

গ) সলনি বা ৰূপান্তৰিত ( Transform ) সীমা ।

ঘ) মহাদেশীয় মহাদেশীয় ফলকৰ মিলন (Continenbt – ,continent Convergench )।

উত্তৰঃ – ঘ) মহাদেশীয় মহাদেশীয় ফলকৰ মিলন (Continenbt,continent Convergench ) ।

চমু প্ৰশ্নোত্তৰ

প্ৰশ্ন : -১) মহাদেশ বোৰৰ গতিৰ কাৰণে ওৱেগনাৰে উল্লেখ কৰা বলবোৰ কি কি আছিল ?

উত্তৰঃ – মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণৰ সম্বন্ধে জাৰ্মান বতৰ বিজ্ঞানী ,  আলফ্ৰেড ওৱেগনাৰে ( Alfed Wegener )  ১৯১২ চনত এটি সুন্দৰ মতবাদ আগবঢ়াইছিল আৰু তেওঁৰ মতবাদটো নানা তথ্য আৰু স্বাক্ষৰ ওপৰত প্ৰতিষ্ঠিত আছিল । 

ওৱেগনাৰৰ মতে আদিতে বৰ্তমানৰ সকলো মহাদেশ তথা স্থলভাগ একেলগে আছিল । সময় অতিবাহিত হোৱাৰ লগে লগে উক্ত স্থলভাগৰ ভাঙোন আৰম্ভ হয় । আৰু স্থলভাগৰ একো একোটা খণ্ডই বিভিন্ন দিশত গতি কৰিব লৈছিল । স্থলভাগ বিলাকৰ খণ্ডবোৰক সাধাৰণতে দুই ধৰণৰ বলে সহায় কৰিছিল বুলি ওৱেগনাৰে মত দাঙি ধৰিছিল । সেই দুই বিধ হ’ল – 

ক) মেৰুৰ পৰা আৰতি অহা বল ( pole fleeing force ) বা আৱৰ্তনিক বল ।

খ) জোৱাৰ বল ( Tidal force ) ।

প্ৰশ্ন : -২) মেণ্টাল স্তৰত পৰিচলন সোঁতবোৰ কেনেদৰে উৎ ত্তত হয় আৰু চলি থাকে ?

উত্তৰঃ – আমি সকলোৱে জানো যে সূৰ্য্যটো হ’ল অসীম শক্তি আৰু তাপৰ উৎস । সেয়ে ইয়াৰ পৰা সৃষ্টি হোৱা যি কোনো পদাৰ্থৰ শক্তি বা তাপ থকাটো স্বাভাৱিক । আমাৰ পৃথিৱীখনতও এনে কিছুমান শক্তিশালী আৰু তাপ উৎপাদন কৰিব পৰা পদাৰ্থ জমা আছে । যিবোৰ মেন্টালৰ  মাজঅংশত বা অন্তৰ ভাগত মজুত আছে বুলি বৈজ্ঞানিক সকলে ঠাৱৰ কৰিছে । এই ৰেডি’অ এক্টিভ ( Radio active elements ) পদাৰ্থবোৰৰ তাপৰ বাবে ( ইউৰেনিয়াম , থৰিয়াম, ৰেডিয়াম ) মেণ্টাল স্তৰত পৰিচলন সোঁতৰ উৎপত্তি হয় আৰু এই সোঁতৰ বাবে স্থলভাগৰ খণ্ড বিলাক ( মহাদেশ ) এঠাইৰ পৰা অন্য ঠাইলৈ আতৰি যোৱাৰ প্ৰয়োজনীয় শক্তি লাভ কৰে । এই তথ্যটো  ১৯৩০ চনত আৰথাৰ হোম ( Arther Holmes ) নামৰ বৈজ্ঞানিক জনে দাঙি ধৰিছিল ।

প্ৰশ্ন : -৩) ফলবোৰৰ সলনি সীমা ( transform boundary ) আৰু আগমন বা অপসাৰিত সীমাৰ মাজত প্ৰধান পাৰ্থক্যবোৰ কি কি ?

উত্তৰঃ – সলনি সীমা  ( transform boundary ) :-

ক) সলনি সীমা হ’ল আগমন বা অপসাৰিত সীমাৰ এটা ভাগ ।

খ) যেতিয়া এখন মহাদেশীয় ফলক আহি আন এখন মহাদেশীয় ফলকৰ লগ লাগে তেনে ধৰনৰ ফলকৰ সীমাক সলনি সীমা ( transform boundary ) বোলা হয় ।

আগমন বা অপসাৰিত সীমা ( convergent or spreading boundary ) :-

ক) যেতিয়া দুখন ফলকৰ মাজৰ অংশৰে অন্তৰ ভাগৰ পৰা পদাৰ্থ ওলাই আহি ফলক দুখনক আঁতৰাই দিয়ে বা অপসাৰিত কৰাক অপসাৰিত সীমা বোলে ।

খ) কেতিয়াবা আকৌ এখন ফলক আৰু আন এখন ফলকৰ মাজত মুখা-মুখি , ঠেকা-খুন্ডা লাগি ধ্বংস প্ৰাপ্ত হয় তাকেই আগমন ( Convergent ) সীমা বোলা হয় । 

প্ৰশ্ন : -৪) দক্ষিণাত্য ট্রেপ ( Traps ) সৃষ্টি হোৱাৰ সময়ত ভাৰতীয় ভূখণ্ডৰ অৱস্থান কেনে আছিল ? 

উত্তৰঃ –  ২২৫ নিযুত বছৰ আগতে টেথিচ সাগৰ ( Tethys Sea ) ৰে ভাৰতীয় ভূ-খণ্ডক এছিয়া মহাদেশৰ পৰা পৃথক কৰি ৰাখিছিল । ভাৰতীয় ভূ – খণ্ডই প্ৰায় ২০০ নিযুত বছৰ আগৰ পৰা লাহে লাহে উত্তৰ মুখি গতি আৰম্ভ কৰিছিল । আনহাতে আজিৰে পৰা ১৪০ নিযুত বছৰৰ আগতে ভাৰতীয় ভূ – খণ্ডৰ অৱস্থান আছিল বৰ্তমানৰ বিষুৱ ৰেখাৰ ৫০° দক্ষিণ অক্ষঅংশত । এইদৰে এছিয় ফলকৰ ফালে ভাৰতীয় ফলকে গতি লোৱাৰ সময়ত লাভাৰ বহিৰ্গমন ঘটি দাক্ষিণাত্য ট্রেপ অঞ্চল ( Deccan Traps ) ৰ সৃষ্টি হৈছিল ।

দীঘল প্ৰশ্নোত্তৰ

প্ৰশ্ন : -১) মহাদেশীয় বিস্থাপন তত্ত্বৰ সমৰ্থনত উল্লেখ কৰা প্ৰমানবোৰ কি ?

উত্তৰঃ – জাৰ্মান বতৰ বিজ্ঞানী আলফ্ৰেড ওৱেগনাৰে ( Alfred Wegener ) তেখেতৰ মহাদেশীয় বিস্থাপন তত্ত্ব ( Continental Drief Theory ) ৰ সমৰ্থনত বহুতো বৈজ্ঞানিক আৰু বিশ্বাসযোগ্য প্ৰমাণ উল্লেখ কৰিছিল । সেইবোৰৰ কিছুমান তলত উল্লেখ কৰা হ’ল – 

ক) মহাদেশীয় বিস্থাপন তত্ত্বৰ এক অতি গুৰুত্বপূৰ্ণ প্ৰমাণ হ’ল মহাদেশ সমূহৰ খাপখোৱা ধৰণ ( Jig-Saw-Fti ) । আমি লক্ষ্য কৰিলে দেখিবলৈ পাম যে মুখামুখিকৈ থকা আফ্ৰিকাৰ উপকূলৰেখা আৰু দক্ষিণ আমেৰিকাৰ উপকূল ৰেখাৰ মাজত স্পষ্টভাৱে থকা মিল উল্লেখযোগ্য ।

খ) দক্ষিণ আমেৰিকা মহাদেশ আৰু আফ্ৰিকা মহাদেশৰ মাজত দূৰত্ব প্ৰায় ২৫০০ কি : মি : ৰ অধিক । মহাদেশ দুখনৰ মাজত আছে বিশাল আটলাণ্টিক মহাসাগৰ । ৰেডিও মেট্ৰিক ( radiometric ) পদ্ধতি অৱলম্বন কৰি গম পোৱা গৈছে যে মহাসাগৰৰ দুয়ো পাৰৰ শিলাৰ বয়স একে সময়ৰ আৰু শিলাসমূহ একে ধৰণৰ । এই কথাটোৱে প্ৰমাণ কৰে যে এসময়ত উক্ত মহাদেশ দুখন নিশ্চয় একেলগে আছিল । 

গ) টিলিটি ( Tillite ) নামৰ এক অৱক্ষেপন বৰ্ত্তমান দক্ষিণ গোলাৰ্দ্ধৰ ৬ খন বেলেগ বেলেগ ভূ – খণ্ডত পোৱা যায় । সেইবোৰ হ’ল আফ্ৰিকা , ফকলেণ্ড, মালাগাছি দ্বীপ, এণ্টাৰ্কটিকা, অষ্ট্ৰেলিয়া, আৰু ভাৰতবৰ্ষ । গেদিয় শিলাত পোৱা এই টিলিটি অৱক্ষেপনে এইটোকে প্ৰমাণ কৰে যে অতীতত এই সকলোবোৰ ভূ – খণ্ড একেলগে আছিল । 

ঘ) মহাদেশীয় বিস্থাপন তত্ত্বৰ আন এক প্ৰমাণ হ’ল দক্ষিণ আফ্ৰিকাৰ দক্ষিণ কেপ প্ৰভিন্স আৰু ব্ৰাজিলৰ ইৰাভাত পোৱা জীৱাশ্ম ( Fossils ) । বৰ্তমান ঠাই দুখনৰ মাজৰ দূৰত্ব ৪৮০০ কি: মি: আৰু মাজত আছে বিশাল আটলান্টিক মহাসাগৰ । এই তথ্যৰ পৰা আমি জানিব পৰো যে আগতে ঠাই দুখনৰ মাজত মহাসাগৰ নাছিল । অৰ্থাৎ দক্ষিণ আমেৰিকা মহাদেশ আৰু উত্তৰ আমেৰিকা মহাদেশ দুখনে পশ্চিম ফালে গতি কৰাৰ ফলত আজিও ঠাই দুখনৰ মাজত আমি এনে সাদৃশ্য দেখিবলৈ পাওঁ । 

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

প্ৰশ্ন : – ২) মহাদেশীয় বিস্থাপন তত্ব আৰু ফলক বিৱৰ্তন তত্ত্বৰ মাজত থকা মূল পাৰ্থক্যবোৰ বিচাৰি উলিওৱা ।

উত্তৰঃ – মহাদেশীয় বিজ্ঞাপন তত্ত্ব ( Continental Drief Theory ) আৰু ফলক বিৱৰ্তন তত্ত্ব ( Plate Tectonic ) ৰ মাজত থকা মূল পাৰ্থক্যবোৰ তলত উল্লেখ কৰা হ’ল – 

ক) ১৯১২ চনত , জাৰ্মান বতৰ বিজ্ঞানী আলফ্ৰেড ওৱেগনাৰ ( Alfred Wegener ) নামৰ বৈজ্ঞানীকজনে, মহাদেশ আৰু মহাসাগৰৰ বিতৰণ সম্বন্ধে দাঙি ধৰা এক বিজ্ঞানভিত্তিক তত্ত্ব । 

খ)  এই তত্ত্বৰ মতে , আদিতে সকলো মহাদেশ লগ লাগি এক বিৰাট স্থলভাগ আছিল । এই স্থল খণ্ডৰ নাম পেংগীয়া ( Pangaea ) আছিল । 

গ) মহাদেশীয় বিস্থাপন তত্ত্ব অনুসৰি ছিয়াল ( Sial ) স্তৰ ছিমা ( Sima) স্তৰৰ ওপৰত অৱস্থিত । আৰু এই ছিয়াল স্তৰত অৱস্থিত বিশাল ভূ – খণ্ডবিলাক গতিৰ ফলত মহাদেশ তথা মহাসাগৰ সমূহৰ বৰ্তমান অৱস্থিতি আমি দেখিবলৈ পাইছো ।

ঘ) মহাদেশীয় বিস্থাপন তত্ত্বই কেৱল মহাদেশ আৰু মহাসাগৰ বিলাকৰ উৎপত্তি বা বিতৰণ সম্বন্ধে আলোচনা আগবঢ়াইছে । 

ফলক বিৱৰ্তন তত্ত্ব :

ক) ১৯৬৯ চনত মেকেঞ্জী ( Mekenzie ) পাৰ্কৰ ( Parker ) আৰু মৰগান ( Morgan ) নামৰ পণ্ডিত কেইজনে নিজববীয়াকৈ তথ্যপাতি সংগ্ৰহ কৰি ফলক বিৱৰ্তন ( Plate Tectonics ) নামৰ  তত্ত্বটো উপস্থাপন কৰিছিল ।

খ) ফলক বিৱৰ্তন তত্ত্বই অৱশ্যে পেংগীয়াৰ সমৰ্থন কৰি কয় যে ফলক বোৰ একবিন্দুগামী হোৱাত পেংগীয়া গঠিত হৈছিল ।

গ) এই তত্ত্ব অনুসৰি পৃথিৱীৰ খোলাটো বা অশ্মমণ্ডল একো একোটা অনিয়মিত আকৃতিৰ প্ৰকাণ্ড টান শিলৰ গোট বা খণ্ড । এই ফলকবোৰ মহাদেশ আৰু মহাসাগৰৰ একো একোটা বৃহৎ খণ্ডক একেলগে লগ লগোৱা দেখা যায় ।

ঘ) ফলক বিৱৰ্তন তত্ত্বই মহাদেশ তথা মহাসাগৰৰ বিতৰণ আৰু উৎপত্তিৰ উপৰিও ভূমিকম্পৰ উৎপত্তি আৰু বিতৰণ , পৃথিৱীত আগ্নেয়গিৰিৰ বিতৰণ সম্বন্ধে অনেক তথ্য যুক্ত পূৰ্ণ ভাবে দাঙি ধৰিছে । 

ঙ) ফলক তত্ত্বত আমি কেইবা প্ৰকাৰৰ ফলক সীমা ( Plate boundary) দেখিবলৈ পাওঁ । 

প্ৰশ্ন : – ৩) মহাদেশীয় বিস্থাপন তত্ত্বৰ পিছত হোৱা প্ৰধান আৱিষ্কাৰ বোৰ কি আছিল যি বোৰে বৈজ্ঞানিক সকলৰ মহাদেশ আৰু মহাসাগৰবোৰ বিতৰণ সম্পৰ্কে অধিক অধ্যয়নৰ যোগেদি নতুন কথা জানিবলৈ মাজত নতুন আগ্ৰহৰ জন্ম দিছিল ।

উত্তৰঃ – মহাদেশ আৰু মহাসাগৰ বিলাকৰ উৎপত্তি আৰু বিতৰণ সম্বন্ধে মহাদেশীয় বিস্থাপন তত্ত্ব  ( Continental Drief Theory )  ইবহুতো তথ্য দাঙি ধৰিছে । এই তথ্যবোৰ তেওঁ নানান উৎসৰ পৰা সংগ্ৰহ কৰিছিল । যিবিলাক তথ্যই পিছৰ বৈজ্ঞানিক সকলক মহাদেশ আৰু মহাসাগৰৰ উৎপত্তি, বিতৰণ তথ্য অন্য বহু  অধ্যয়নত যথেষ্ট সহায় কৰি আহিছে । 

মহাদেশীয় বিস্থাপন তত্ত্বৰ পিছত হোৱা প্ৰধান আৱিষ্কাৰ  সমূহ হ’ ল – 

ক) সাগৰীয় তলিৰ মানচিত্ৰ নিৰ্মানৰ পৰা সংগ্ৰহ কৰা নানান তথ্যই মহাসাগৰ আৰু মহাদেশৰ বিতৰণ সম্বন্ধে অধ্যয়ন কৰাৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা কৰিছে ।

খ) পৃথিৱীৰ অন্তৰ ভাগত থকা মেণ্টল স্তৰত প্ৰৱাহিত হৈ থকা পৰিচলন সোঁতৰ উপস্থিতি । এই সোঁতৰ বাবেই মহাদেশবোৰ এঠাইৰ পৰা আন ঠাইলৈ আঁতৰি যোৱাৰ বাবে প্ৰয়োজনীয় শক্তি লাভ কৰিছিল । 

গ) মহাদেশীয় বিস্থাপন তত্ত্বৰ পিছত আৱিষ্কাৰ হোৱা আন এক উল্লেখযোগ্য অৱদান হ’ল মধ্য সাগৰীয় শৈলশিৰা সমূহৰ উৎপত্তি আৰু অৱস্থিতিৰ বিষয়ে জ্ঞান লাভ । 

ঘ) সাগৰীয় তল বিস্তাৰিত হোৱাৰ বিষয়ে সবিশেষ তথ্য । 

ঙ) মহাদেশীয় বিস্থাপন তত্ত্বৰ পিছত তথা শেহতীয়া এক বিশেষ বৈজ্ঞানিক আৱিস্কাৰ , যি আৱিস্কাৰে অকল মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ ব্যাখ্যাতে ক্ষান্ত নাথাকি ই আৰু অনেক তথ্য পিছৰ বৈজ্ঞানিক সকলক দি গৈছে । সেইবোৰ হ’ল ভূমিকম্প হোৱাৰ কাৰণ আৰু ইয়াৰ বিতৰণ , আগ্নেয়গিৰিৰ বিতৰণ ইত্যাদি । যিবোৰ তথ্যই আৰু অধিক নতুন তথ্য বা আৱিস্কাৰ কৰাত যথেষ্ট অৰিহণা যোগাইছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top