Class 11 Geography Chapter 5 মণিক আৰু শিল

Class 11 Geography Chapter 5 মণিক আৰু শিল Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Geography Chapter 5 মণিক আৰু শিল and select needs one.

SCERT Class 11 Geography Chapter 5 মণিক আৰু শিল

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 5 মণিক আৰু শিল Solutions for All Subject, You can practice these here…

মণিক আৰু শিল

অধ্যায় – ৫

ভূগোল-প্ৰথম খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

ক) শুদ্ধ উত্তৰটো বাছি উলিওৱা

প্ৰশ্ন : – ১) গ্ৰেনাইট গঠনৰ মূল উপাদান কোন দুবিধ ?

ক) লোই আৰু নিকেল ( Iron and Nickel )।

খ) চিলিকা আৰু এলুমিনীয়াম ( Silaca and Aluminium )।

গ) লোহ আৰু ৰূপ ( Iron and Silver )।

ঘ) লোহ আৰু অয়স্ক আৰু প’টাছিয়াম ( Iron Oxide and Potassium )।

উত্তৰঃ – খ) চিলিকা আৰু এলুমিনীয়াম ( Silaca and Aluminium ) ।

প্ৰশ্ন : – ২) তলত উল্লেখ কৰা কোনটো ৰূপান্তৰিত শিলাৰ স্পষ্ট বৈশিষ্ট্য ?

ক) পৰিৱৰ্তনশীল ( Changeable )।

খ) স্ফটিক যুক্ত ( Crystalline )।

গ) ফ’লিয়েচল ( Foliation )।

ঘ) স্থিৰতা ( Quite )।

উত্তৰঃ – গ) ফ’লিয়েচল ( Foliation ) ।

প্ৰশ্ন : – ৩) কোনবিধ খনিজদ্ৰব্য একক উপাদানেৰে গঠিত নহয় ?

ক) সোন ( Gold )।  

খ) অভ্ৰ  ( Mica )।

গ) ৰূপ ( Silver )।  

ঘ) গ্ৰাফাইট আৰু খনিজ ক’লা মাটি ( Graphite )।

উত্তৰঃ – খ) অভ্ৰ  ( Mica ) ।

প্ৰশ্ন : – ৪) আটাইতকৈ কঠিন খনিজ দ্ৰব্য কোনবিধ ?

ক) ট’পাজ ( Topaz )।

খ) কোৱাৰ্জ ( Quartz )।

গ) হীৰা ( Daimond )।

ঘ) ফেলছপাৰ ( Feldspar )।

উত্তৰঃ – গ) হীৰা ( Daimond ) ।

প্ৰশ্ন : – ৫) তলত উল্লেখ কৰা কোনবিধ গেদীয় শিলা নহয় ?

ক) টিলাইট  ( Tillite )।

খ) ব্ৰেচিয়া ( Breccia )।

গ) বোৰাক্স  ( Borax )।

ঘ) মাৰ্বল ( Marble )।

উত্তৰঃ – ঘ) মাৰ্বল ( Marble ) ।

চমু প্ৰশ্নোত্তৰ

প্ৰশ্ন : -১) শিলা বুলিলে কি বুজা ? তিনি প্ৰকাৰৰ শিলা কি কি ?

উত্তৰঃ – পৃথিৱীৰ একেবাৰে ওপৰৰ স্তৰটোৰ নাম পৃথিৱী খোলা বা ভূ -ত্বক  ( Crusp ) । পৃথিৱীৰ গঠনত যিমান বিলাক পদাৰ্থ পোৱা যায় সেইবোৰৰ ভিতৰত এই অংশত পোৱা পদাৰ্থবোৰৰ ঘনত্ব সবাতকৈ কম । পৃথিৱীৰ এই স্তৰটো গোটা আৰু কঠিন পদাৰ্থৰে গঠিত । যিবোৰ কঠিন পদাৰ্থৰে ভুত্বক গঠিত হৈছে সেইবোৰ পদাৰ্থক সামগ্ৰিকভাৱে শিলা ( Rocks ) বুলি কোৱা হয় ।

উৎপত্তিৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি তিনি প্ৰকাৰৰ শিলা পাওঁ । সেইবোৰ হ’ল – 

১) আগ্নেয় বা প্ৰাথমিক শিলা ( Igneous or Primary rocks )।

২) গেদীয় বা স্তৰীভূত শিলা ( Sedimentary rocks ) ।

৩) ৰূপান্তৰিত শিলা ( Metamorphic rocks ) ।

প্ৰশ্ন : – ২) আগ্নেয় শিলা কি ? ই কেনেকৈ গঠন হয় ? আগ্নেয়শিলৰ বৈশিষ্ট্য কি ?

উত্তৰঃ – যি বিধ শিলা আগ্নেয়গিৰি উদ্গীৰণৰ ফলত সৃষ্টি হয় তেনে শিলাক আগ্নেয়শিলা  ( Igneous ) বোলা হয় অথবা ভুত্বক সৃষ্টিৰ আদিতে যি বিধ শিলা গঠিত হৈছিল সেই বিধ শিলাক প্ৰাথমিক শিলা ( Primary rocks ) বোলা হয় ।

পৃথিৱীৰ উপৰিভাগ কঠিন আৰু গোটা হলেও ইয়াৰ অন্তৰ ভাগ যথেষ্ট গৰম অৱস্থাত আছে বুলি আমি বিভিন্ন তথ্যৰ পৰা জানিব পাৰিছো । গৰম অৱস্থাৰ বাবে পদাৰ্থবোৰ গলিত অৱস্থাত আছে । সেয়ে সুবিধা পালেই অন্তৰ ভাগৰ গলিত পদাৰ্থবোৰ ( মেগমা ) নিৰ্গতহৈ যি বিধ শিলাৰ গঠন কৰে তেনে বিধ শিলাক আগ্নেয়শিলা ।

আগ্নেয় শিলাৰ প্ৰধান বৈশিষ্ট্য হ’ল  – 

ক )  ই অত্যন্ত ক্ষয়ৰোধী ( Resistant )।

খ)  ই স্ফটিকীয় ( Crystal )।

গ)  ই স্তৰবিহীন ( Layerless )।

প্ৰশ্ন : – ৩) গেদীয় শিলা কি ? গেদীয় শিলা কেনেকৈ গঠন হয় ?

উত্তৰঃ – পৃথিৱীৰ খোলাত বা ভূ – ত্বকত যিবোৰ শিলা তৰপে তৰপে পোৱা যায় অথবা বিভিন্ন গেদ জমাহোৱাৰ ফলত শিলাৰ সৃষ্টি হয় তেনেবোৰ শিলাক গেদীয় শিলা ( Sedimentary rocks ) বোলা হয় ।

আগ্নেয় শিলা অথবা গেদীয় শিলা শীত , তাপ , বায়ুৰ চাপ , বৰষুণ আদিৰ ভৌতিক আৰু ৰাসায়নিক ক্ৰিয়াৰ ফলত দুৰ্বল হৈ ভাগি খণ্ড – বিখণ্ড হৈ সৰু সৰু শিলৰ টুকুৰা , বালি , ধূলি আদিত পৰিণত হয় । এই সৰু সৰু বিভিন্ন উপাদান সমূহ বোৱতী পানী , বতাহ , হিমবাহ আদিয়ে দঠাই যেনে – সাগৰৰ তলি বা হ্ৰদ নাইবা কোনো ভূ – অভিনতিত স্তৰে স্তৰে জমা কৰে । কোটি কোটি বছৰৰ পাছত এই গেদবোৰ কঠিন হৈ শিলত পৰিণত হয় । আৰু এনেকৈয়ে গেদীয় শিলাৰ গঠন হয় । 

প্ৰশ্ন : – ৪) শৈল চক্ৰ কি ? চিত্ৰ সহ বুজাই লিখা ।

উত্তৰঃ – পৃথিৱীত পোৱা বিভিন্ন শিলা বিলাক সদায় একে ধৰণে থকা দেখা নাযায় । বিভিন্ন প্ৰাকৃতিক কাৰকৰ বাবে পুৰণি শিলা বিলাক নতুন ৰূপলৈ পৰ্যবসতি হয় । আগ্নেয় শিলা হ’ল প্ৰাথমিক শিলা । ইয়াৰ পৰাও বিভিন্ন প্ৰকাৰে গেদীয় আৰু ৰূপান্তৰিত শিলাৰ সৃষ্টি হয় । ঠিক তেনেদৰে আগ্নেয় আৰু ৰূপান্তৰিত শিলাৰ পৰা ওপজাত পদাৰ্থৰে গেদীয় শিলাৰ সৃষ্টি হব পাৰে । আনকি গেদীয় শিলাও বিচুৰ্ণীভূত হৈ পুনৰ নতুন গেদীয় শিলাৰ সৃষ্টিৰ উৎস হব পাৰে । যেনে  –  যি প্ৰক্ৰিয়াৰ জৰিয়তে পুৰণি শিলা সমূহ নতুন ৰূপলৈ পৰ্যবসতি হয় , তাকে শৈল চক্ৰ ( Rock cyele ) বোলে । শৈলচক্ৰৰ চিত্ৰ তলত উল্লেখ কৰা হ’ল  ( চিত্ৰ – ১ ) 

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

দীঘল প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১)  খনিজ দ্ৰব্য বুলিলে কি বুজা ? বিভিন্ন প্ৰকাৰৰ খনিজ দ্ৰব্যৰ নাম উল্লেখ কৰি সেইবোৰৰ বৈশিষ্ট্য লিখা ।

উত্তৰঃ – পৃথিৱীৰ গঠনত আমি বিভিন্ন প্ৰকাৰৰ পদাৰ্থ দেখিবলৈ পাওঁ । সেইসমূহৰ ভিতৰত অক্সিজেন, চিলিকন, এলুমিনীয়াম , লৌহ , কেলছিয়াম , ছ’ডিয়াম, পটেছিয়াম, মেগনেছিয়াম , হাইড্ৰে’জেন , ফচফ’ৰাচ , মেংগানিজ , গন্ধক, কাৰ্বন আদিয়ে প্ৰধান । এই পদাৰ্থবোৰৰ কোনো অবিধেই শুদ্ধ ৰূপত পোৱা নাযায় অৰ্থাৎ এই বিলাক , অন্যান্য উপাদানৰ সতে যৌন হৈ থাকে । এই উপদানবোৰকে খনিজ দ্ৰব্য ( Minerals ) বোলা হয় । পৃথিৱীৰ খোলাত বৰ্তমানলৈকে কেইবা হাজাৰ খনীজ দ্ৰৱ্য চিনাক্তকৰণ কৰি নামাকৰণ কৰা হৈছে যদিও ৬  বিধমান অতি গুৰুত্বপূৰ্ণ কেইবিধমান প্ৰধান খনিজ দ্ৰব্যৰ ।

( Minerals ) নাম আৰু বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল – 

১) ফেলচ পাৰ ( Feldspar ) :- পৃথিৱীৰ খোলাটোৰ প্ৰায় আধামান অকল ফেলচপাৰেৰে গঠিত । ইয়াত চিলিকন আৰু অক্সিজেন থকাৰ উপৰিও ছ’ডিয়াম ,পটাছিয়াম , কেলছিয়াম আদিও পোৱা যায় । ইয়াৰ ৰং পাতল ক্ৰীম সদৃষ্ট আৰু কেতিয়াবা গুলপীয়া হোৱাও দেখা যায় । 

২) কোৱাৰ্জ ( Quartz ) :- বালি আৰু গ্ৰেনাইটৰ এবিধ অতি প্ৰয়োজনীয় উপাদান কোৱাৰ্জ । ই এবিধ কঠিন পদাৰ্থ আৰু পানীত দ্ৰৱীভূত নহয় । ইয়াক শ্বেত বা বৰ্ণহীন অৱস্থাত পোৱা যায় ।

৩) পাইৰ’স্কিন ( Pyroxene ) :- কেলছিয়াম , এলুমিনিয়াম , লো , মেগনেছিয়াম আৰু চিলিকাৰে গঠিত খনিজ দ্ৰব্যটোৰ নাম পাইৰ’স্কিন । ভুত্বক গঠনত ইয়াৰ অৱদান  ১০ শতাংশ । ইয়াৰ ৰং সেউজীয়া অথবা কৃষ্ণবৰ্ণ । 

৪) এমফিব’ল ( Amphibole ) :- কেলছিয়াম, চিলিকা , লৌহ , মেগনেছিয়াম আৰু এলুমিনিয়াম উপাদানৰ সমষ্টিৰে এমফিব’ল গঠিত হৈছে । ভুত্বক গঠনত ইয়াৰ বৰঙণি প্ৰায় ৭ শতাংশ । ইয়াৰ ৰং সেউজীয়া অথবা কৃষ্ণবৰ্ণ ।

৫) অভ্ৰ বা বালিচন্দা ( Mica ) :- পটাছিয়াম, এলুমিনিয়াম, মেগনেছিয়াম , লৌহ, চিলিকা , আদি পদাৰ্থৰে অভ্ৰ বা বালিচন্দা গঠন হৈছে । পৃথিৱীৰ খোলাটোত প্ৰায় ৪ শতাংশ অভ্ৰ পোৱা যায় । 

৬) ও’লিভিন ( Olivine ) :- ও’লিভিন গঠনৰ মূল উপাদান হল মেগনেছিয়াম , লৌহ আৰু চিলিকা ।

প্ৰশ্ন : – ২) ভূ-পৃষ্ঠত বিভিন্ন প্ৰকাৰৰ শিলাৰ উৎপত্তি সম্বন্ধে লিখা । সেইবোৰৰ পাৰ্থক্য কেনেদৰে কৰিবা বুজাই লিখা ।

উত্তৰঃ – পৃথিৱীৰ উপৰিভাগৰ সকলোবোৰ গোটা আৰু কঠিন পদাৰ্থৰে শিলা ( Rocks ) বুলি কোৱা হয় । এই কঠিন আৰু গোটা পদাৰ্থবিধ নানা ধৰণেৰে উৎপত্তি হব পাৰে । সেয়ে উৎপত্তিৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি ভূ-পৃষ্ঠৰ এই গোটা বা কঠিন পদাৰ্থ ( শিলা ) বিধক তিনিটা ভাগত বিভক্ত কৰিব পাৰি । সেই কেইবিধ হ’ ল – 

১) আগ্নেয় বা প্ৰাথমিক শিলা ( Igneous or Primary rocks )।

২) গেদীয় বা স্তৰীভূত শিলা ( Sedimentary rocks ) ।

৩) ৰূপান্তৰিত শিলা ( Metamorphic rocks ) ।শিলাসমূহৰ উৎপত্তি 

( Origin of the rocks ) :- পৃথিৱীৰ সৃষ্টিৰ সময়তে পাৰ্থিৱ পদাৰ্থ বিলাক শীতলহৈ কঠিন পদাৰ্থলৈ পৰিণত হৈছিল আৰু তেতিয়া যি শিলা উৎপত্তি হৈছিল সেই বিধ শিলাক আমি প্ৰাথমিক শিলা ( Primary rocks ) বোলে । অথবা আগ্নেয়গিৰিৰ পৰা নিৰ্গত হৈ যি শিলাৰ সৃষ্টি কৰে তেনে শিলাক আগ্নেয় শিলা ( Igneous rocks ) বোলা হয় । 

আনহাতে প্ৰাথমিক শিলা বা আগ্নেয় শিলাসমূহ বিচূৰ্ণভৱনৰ ফলত খণ্ড বিখণ্ড হয় আৰু সেই খণ্ড বিখণ্ড সৰু বৰ টুকুৰা বিলাক বতাহ , বোৱতি পানী , হিমবাহ , সাগৰৰ ঢৌ আদি বিভিন্ন কাৰকে কঢ়িয়াই লৈ গৈ দ ঠাইত বিশেষকৈ সাগৰৰ তলি , হ্ৰদৰ তলি বা কোনো ভূ – অভিনতিত বছৰৰ পিছত বছৰ ধৰি তৰপে তৰপে জমা কৰে । এনে দৰে জমা হোৱা গেদবোৰ ৰাসায়নিক চাপ আৰু তাপৰ প্ৰভাৱত শিললৈ ৰূপান্তৰিত হয় আৰু এইবিধ শিলকে আমি গেদীয় শিলা ( Sedimentary rocks ) বোলে । তৰপে তৰপে গেদ জমাহৈ শিলা হোৱা বাবে ইয়াক স্তৰভূত শিলাও বোলা হয় । তৃতীয় বিধ শিলা হ’ল ৰূপান্তৰিত শিলা । ইয়াৰ গঠন প্ৰণালী কিন্তু সুকীয়া । ভূ – পৃষ্ঠত তথা আগ্নেয় আৰু গেদীয় শিলা বিলাক যদি ভূ – আন্দোলনৰ ফলতেই হওঁক বা আন কিবা কাৰণতেই হওঁক ভূ-ত্বকত বহুবছৰ ধৰি চেপা খাই থাকে তেন্তে সেইবোৰ শিলাৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হোৱা দেখা যায় আৰু পিছলৈ এইবোৰ এক নতুন শিলালৈ ৰূপান্তৰিত হয় আৰু এনেকৈ গঠন হোৱা শিলাবিধকে ৰূপান্তৰিত শিলা ( Metamorphic rocks ) বোলা হয় ।

ভূ-ত্বকত পোৱা বিভিন্ন প্ৰকাৰৰ শিলাবোৰ অতি সহজে চিনিব পাৰি অথবা কোনবিধ কি শিলা তাৰ পাৰ্থক্য সহজে জানিব পাৰি । কিছু পাৰ্থক্য তলত দাঙি ধৰা হ’ল – 

১) আগ্নেয় শিলা : ক) আগ্নেয় শিলা অতন্ত্য কঠিন আৰু ক্ষয়ৰোধী ।

খ) ই স্ফটিকীয় ।

গ) আগ্নেয় শিলাৰ কোনো স্তৰ নাথাকে ।

২) গেদীয় শিলা : ক) গেদীয় শিলাবোৰ ৰতপে তৰপে থাকে । 

খ) গেদীয় শিলাত বালি শিল , ছেল আদি থাকে । 

গ) এই বিধ শিলাত জীৱাশ্ম পোৱা যায় ।

৩) ৰূপান্তৰিত শিলা :- ক) এই বিধ শিলা চকচকীয়া ।

খ) ৰূপান্তৰিত শিলা কেতিয়াবা তৰপে তৰপে পোৱা যায় আৰু কেতিয়াবা কাচ – কাচ ( Glassy ) ভাৱতও দেখা যায় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top