Class 11 Geography Chapter 17 ভাৰতবৰ্ষৰ অৱস্থিতি

Class 11 Geography Chapter 17 ভাৰতবৰ্ষৰ অৱস্থিতি Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Geography Chapter 17 ভাৰতবৰ্ষৰ অৱস্থিতি and select needs one.

SCERT Class 11 Geography Chapter 17 ভাৰতবৰ্ষৰ অৱস্থিতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 17 ভাৰতবৰ্ষৰ অৱস্থিতি Solutions for All Subject, You can practice these here…

ভাৰতবৰ্ষৰ অৱস্থিতি

অধ্যায় –১৭

ভূগোল-প্ৰথম খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

ক) শুদ্ধ উত্তৰ বাছি উলিওৱা :

প্ৰশ্ন : – ১) ভাৰতবৰ্ষৰ অক্ষৰৈখিক বিস্তৃতিৰ শুদ্ধ তথ্য কোনটো ?

ক) ৮°৪১’  ―  ৩৫°৭’   উত্তৰ ।

খ) ৮°৪’    ―  ৩৭°৬’  উত্তৰ ।

গ)  ৮°৪’   ―   ৩৫°৪’  উত্তৰ ।

ঘ) ৬°৪৫’  ―  ৩৭°৬’   উত্তৰ ।

উত্তৰঃ – খ) ৮°৪’    ―  ৩৭°৬’  উত্তৰ ।

প্ৰশ্ন : -২) কোনখন দেশে ভাৰতবৰ্ষৰ সতে দীৰ্ঘতম স্থলসীমান্তৰ অংশীদাৰ হৈছে ?

ক) বাংলাদেশ  ( Bangladesh )।

খ) চীন ( china )।

গ) পাকিস্তান ( pakistan )।

ঘ) ম্যানমাৰ ( Myanmar )।

উত্তৰঃ –   ক) বাংলাদেশ  ( Bangladesh ) ।

প্ৰশ্ন : – ৩) তলত উল্লেখ কৰা কোনখন ৰাষ্ট্ৰ ভাৰতবৰ্ষতকৈ আকাৰত ডাঙৰ ?

ক) চীন  ( Chaina )। 

খ) ইজিপ্ত ( Egypt )।

গ) ফ্ৰান্স  ( france )।

ঘ)  ইৰাণ  ( iran )।

উত্তৰঃ – ক) চীন  ( Chaina ) ।

প্ৰশ্ন : -৪) ভাৰতবৰ্ষৰ কাৰণে মান দ্ৰাঘিমা কোনডাল ?

ক) ৬৯°৩০’ পূৱ।

খ) ৮২°৩০’  পূৱ।

গ) ৭৫°৩০’ পূৱ। 

ঘ) ৯০°৩০’  পূৱ।

উত্তৰঃ – খ) ৮২°৩০’  পূৱ ।

তলৰ প্ৰশ্নবোৰ উত্তৰ লিখা

প্ৰশ্ন : – ১) ভাৰতবৰ্ষক একাধিক মান সময়ৰ প্ৰয়োজন আছেনে ? যদি প্ৰয়োজন , ইয়াৰ কাৰণ কি ?

উত্তৰঃ – ভাৰতবৰ্ষ এখন অতি বিশাল দেশ । পুৱা – পশ্চিমাকৈ ইয়াৰ বিস্তৃতি যথেষ্ট । যেতিয়া ইয়াৰ পূব প্ৰান্তত সূৰ্য অস্ত যায় , তেতিয়া ইয়াৰ পশ্চিম প্ৰান্তৰ আবেলি হৈয়ে থাকে । অৰ্থাৎ ঠাই দুখনৰ মাজত প্ৰায় ২ ঘণ্টাৰ ( ৩০° ) পাৰ্থক্য পৰিলক্ষিত হয় । সেয়ে দেশখনৰ মাজত দেখা দিয়া সময়ৰ বিশাল পাৰ্থক্যৰ বাবে ভাৰতবৰ্ষত দুটা বা তিনিটা মান সময়ৰ প্ৰয়োজন আছে ।

প্ৰশ্ন : – ২) ভাৰতবৰ্ষৰ উপকূল ৰেখা দীঘল হোৱাৰ ফলত কি সুবিধা বা অসুবিধা হৈছে লিখা ।

উত্তৰঃ – কোনো এখন দেশৰ ভগ্ন উপকূল ৰেখা বা যথেষ্ট দীঘল উপকূল ৰেখাই দেশ খনক বহুতো সুবিধা প্ৰদান কৰে । ভাৰতবৰ্ষৰ আয়তনৰ তুলনাত ইয়াৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য যথেষ্ট কম । তথাপিও যি খিনি উপকূল ৰেখা ( ৬,১০০ কি : মি : ) আছে , এই খিনিৰে বহি:ৰাষ্ট্ৰৰ লগত সাগৰীয় পথেৰে ব্যৱসায় – বাণিজ্য প্ৰক্ৰিয়া চলি থাকে । ইয়াৰ উপৰিও স্থলসীমাৰ তুলনাত উপকূলীয় ৰেখাবোৰ বা অঞ্চলসমূহ বৰ নিৰাপদ । সেয়ে , ভাৰতবৰ্ষৰ উপকূল ৰেখা দীঘল হোৱাৰ বাবে , ইয়াৰ সুবিধা হোৱা দেখা যায় ।

প্ৰশ্ন : – ৩) অক্ষৰেখাৰ বিস্তৃতিয়ে ভাৰতবৰ্ষক কেনে কুফল দিছে ?

উত্তৰঃ – কোনো এখন দেশৰ অক্ষৰেখাৰ বিস্তৃতিয়ে কেতিয়াবা কুফল আনি দিয়ে আৰু কেতিয়াবা সুফল আনি দিয়ে । ভাৰতবৰ্ষৰ ক্ষেত্ৰত বিষয়টো অধ্যয়ন কৰিলে দেখা যায় , যে যেতিয়া ইয়াৰ দক্ষিণাংশত ( ৮°৪’২৮” ) যথেষ্ট গৰম অনুভৱ হয় তেতিয়া ইয়াৰ উত্তৰাঙশত ( ৩৭°১৭’৫৩” ) শীত অনুভৱ হৈ থাকে । অৰ্থাৎ দেশ এখন দুই প্ৰান্তৰ দুটা 

ভিন্ন জলবায়ু বিৰাজ মান হয় । দেশৰ দুই প্ৰান্তত ক্ৰান্তীয় জলবায়ু ( Tropical Climate ) আৰু উপক্ৰান্তীয় জলবায়ু ( sub tropical climate ) বিৰাজমান হোৱা বাবে দেশৰ মাজত বহু পাৰ্থক্য দেখা যায় ।

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

প্ৰশ্ন : – ৪) কহিমাত ( নাগালেণ্ড ) যেতিয়া সূৰ্যোদয় আৰু সূৰ্য্যাস্ত আগতীয়াকৈ হয় , দিল্লী আৰু কহিমাৰ ঘড়ীৰ কাটা একে সময় হয় কেনেকৈ ?

উত্তৰঃ – ভাৰতৰ মান সময়ৰ ( Indian standard time ) গণনা কৰা হয় ৮২°৩০’ পূব দ্ৰাঘিমা এই দ্ৰাঘিমাৰেখা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ ( prime meridine ) পূৱ দিশত অৱস্থিত । সেয়ে ভাৰতৰ যি কোনো ঠাইৰ সময়বোৰ  ৮২°৩০’ পূব দ্ৰাঘিমা ৰেখাৰ ওপৰত ভিত্তি কৰি লোৱা বাবে দিল্লী আৰু কহিমাৰ ঘড়ীৰ কটাত একে সময় হয় , যদিও ঠাই দুখনৰ দূৰত্ব যথেষ্ট বেছি ।

1 thought on “Class 11 Geography Chapter 17 ভাৰতবৰ্ষৰ অৱস্থিতি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top