Class 11 Geography MCQ Chapter 1 ভূগোল বিষয়ৰ পৰিচিত Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 1 ভূগোল বিষয়ৰ পৰিচিত and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.
Class 11 Geography MCQ Chapter 1 ভূগোল বিষয়ৰ পৰিচিত
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.
ভূগোল বিষয়ৰ পৰিচিত
Chapter: 1
| প্ৰথম গোট: শৈক্ষিক বিষয় হিচাপে ভূগোল |
১। ভূগোল অধ্যয়নৰ মূল অভিগমন কেইটা?
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (ক) দুটা।
২। কিমান খ্রীষ্টাব্দৰ মাজৰ কালছোৱাক ভূগোল চর্চাৰ মধ্যযুগ আখ্যা দিয়া হয়।
(ক) ১৭৫০-২০৫০ খ্রীষ্টাব্দৰ।
(খ) ১৩৫০-১৯৫০ খ্রীষ্টাব্দৰ।
(গ) ১২৫০-১৮৫০ খ্রীষ্টাব্দৰ।
(ঘ) ১৮৫০-১৯৫০ খ্রীষ্টাব্দৰ।
উত্তৰঃ (গ) ১২৫০-১৮৫০ খ্রীষ্টাব্দৰ।
৩। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো?
(ক) আটলান্টিক মহাসাগৰ।
(খ) ভাৰত মহাসাগৰ।
(গ) আৰ্কটিক মহাসাগৰ।
(ঘ) প্রশান্ত মহাসাগৰ।
উত্তৰঃ (ঘ) প্রশান্ত মহাসাগৰ।
৪। কিমান চনৰ পৰা আজিপর্যন্ত বাহাল থকা উত্তৰ আধুনিক যুগৰ ভূগোলচর্চা ক্ষেত্ৰখনত ইতিপূর্বে অতিক্ৰম কৰি অহা আধুনিক যুগৰ সকলোবোৰ লক্ষণ বাহাল থকাৰ উপৰিও অতিৰিক্ত কিছুমান নতুন লক্ষণ প্রকট হয়?
(ক) ১৯৪৯ চনৰ পৰা।
(খ) ১৯৫০ চনৰ পৰা।
(গ) ১৯৫৬ চনৰ পৰা।
(ঘ) ১৯৫৯ চনৰ পৰা।
উত্তৰঃ (খ) ১৯৫০ চনৰ পৰা।
৫। পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশ কোনটো?
(ক) ভাৰত।
(খ) ইউ.এ.চি।
(গ) ইণ্ডোনেছিয়া।
(ঘ) চীন।
উত্তৰঃ (ঘ) চীন।
৬। কোনটো দেশটো “অন্ধকাৰ মহাদেশ” বুলি জনা যায়?
(ক) আফ্ৰিকা।
(খ) এছিয়া।
(গ) ইউৰোপ।
(ঘ) অষ্ট্ৰেলিয়া।
উত্তৰঃ (ক) আফ্ৰিকা।
৭। পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনটো?
(ক) এছিয়া।
(খ) ইউৰোপ।
(গ) অষ্ট্ৰেলিয়া।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) অষ্ট্ৰেলিয়া।
৮। কোন দেশ ইউৰোপৰ মাজত অৱস্থিত?
(ক) স্পেইন।
(খ) চীন।
(গ) কানাডা।
(ঘ) ৰাছিয়া।
উত্তৰঃ (ক) স্পেইন।
৯। আজিৰ পৰা মাত্ৰ দহ লাখমান বছৰৰ পূৰ্বে, অৰ্থাৎ পৃথিৱীৰ বয়স কিমাম কোটি বছৰ সম্পূৰ্ণ হওঁ হওঁ অৱস্থাৰ পৰিৱেশতহে মানৱ প্ৰজাতিৰ উদয় হয়?
(ক) ১৫০ কোটি।
(খ) ২৫০ কোটি।
(গ) ৩৫০ কোটি।
(ঘ) ৪৫০ কোটি।
উত্তৰঃ (ঘ) ৪৫০ কোটি।
১০। ভূগোল অধ্যয়নৰ দ্বিতীয়টো প্রধান প্রশাখাক সচৰাচৰ কি নামেৰে জনা যায়?
(ক) মৃত্তিকা ভূগোল।
(খ) মানৱ ভূগোল।
(গ) জীৱ ভূগোল।
(ঘ) আৰ্থিক ভূগোল।
উত্তৰঃ (খ) মানৱ ভূগোল।
১১। মানুহৰ সমাজ আৰু সংস্কৃতিকেন্দ্ৰিক কাম-কাজৰ ভৌগোলিক অধ্যয়নসমূহ সম্পাদন কৰা প্ৰশাখাটোৰ নাম কি?
(ক) ঐতিহাসিক ভূগোল।
(খ) ৰাজনৈতিক ভূগোল।
(গ) জনসংখ্যা তথা জনবসতি ভূগোল।
(ঘ) সামাজিক অথবা সাংস্কৃতিক ভূগোল।
উত্তৰঃ (ঘ) সামাজিক অথবা সাংস্কৃতিক ভূগোল।
১২। একাদিক্রমে পৃথিৱীৰ প্ৰতিটো অঞ্চল সম্পর্কে ভৌগোলিক জ্ঞান আহৰণৰ কাৰ্যক্ৰমক ভূগোল চৰ্চাক কি বোলে।
(ক) মানৱ-ভূগোেল।
(খ) প্রণালীবদ্ধ অভিগমন।
(গ) আঞ্চলিক অভিগমন।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) আঞ্চলিক অভিগমন।
১৩। প্ৰণালীবদ্ধ ভূগোলৰ অধ্যয়ন ক্ষেত্ৰখনত কেইটা প্রশাখা গঢ়ি উঠে?
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (ক) দুটা।
১৪। কিমান খ্ৰীষ্টাব্দৰ মাজৰ কালছোৱাক ভূগোল চৰ্চাৰ মধ্যযুগ আখ্যা দিয়া হয়?
(ক) ১৪৫০-১৮৫০ খ্রীষ্টাব্দৰ।
(খ) ১৩৫০-১৮৫০ খ্রীষ্টাব্দৰ।
(গ) ১২৫০-১৮৫০ খ্রীষ্টাব্দৰ।
(ঘ) ১৫৫০-১৮৫০ খ্রীষ্টাব্দৰ।
উত্তৰঃ (গ) ১২৫০-১৮৫০ খ্রীষ্টাব্দৰ।
১৫। নিৰ্জীৱ প্ৰকৃতিৰ লগত জীৱসমূহৰ সম্পৰ্কৰ ধৰণ-কৰণৰ অধ্যয়নকেন্দ্ৰিক ভূগোলৰ প্ৰশাখাটোৰ নাম কি?
(ক) মানৱ-ভূগোল।
(খ) জনবসতি ভূগোল।
(গ) আৰ্থিক ভূগোল।
(ঘ) জীৱ-ভূগোল।
উত্তৰঃ (ঘ) জীৱ-ভূগোল।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.





