Class 11 Geography Chapter 7 ভূ – আকৃতি আৰু বিকাশ

Class 11 Geography Chapter 7 ভূ – আকৃতি আৰু বিকাশ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Geography Chapter 7 ভূ – আকৃতি আৰু বিকাশ and select needs one.

SCERT Class 11 Geography Chapter 7 ভূ – আকৃতি আৰু বিকাশ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 7 ভূ – আকৃতি আৰু বিকাশ Solutions for All Subject, You can practice these here…

ভূ – আকৃতি আৰু বিকাশ

অধ্যায় – ৭

ভূগোল-প্ৰথম খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

ক) শুদ্ধ উত্তৰটো বাছি উলিওৱা :

১) ভূ – গঠনত কোনটো পৰ্যায়ত নিম্নমুখী খনন কাৰ্য অধিক ?

ক) তৰুণ অৱস্থা ( Youth stage )

খ) পৌঢ় অৱস্থাৰ শেষভাগত ( Early mature stage )

গ) পৌঢ় অৱস্থাৰ আগভাগত ( Late mature stage )

ঘ) বৃদ্ধ অৱস্থাত ( Old stage )

উত্তৰঃ – ক) তৰুণ অৱস্থা ( Youth stage ) ।

২) বেদিকা বা ষ্টেপ থকা ঢালৰ সৈতে গভীৰ উপত্যকাক কোৱা হয় – 

ক) U – আকৃতিৰ উপত্যকা ( U – Shaped valley )

খ) খাত ( Gorge ) 

গ) অন্ধ উপত্যকা ( Blind valley ) 

ঘ) কন্দৰ ( Canyon ) 

উত্তৰঃ – ঘ) কন্দৰ ( Canyon ) । 

প্ৰশ্ন  : – ৩) ভৌতিক বিচুৰ্ণী ভৱন প্ৰক্ৰিয়াতকৈ ৰাসায়নিক বিচুৰ্ণীভৱন প্ৰক্ৰিয়া তলৰ কোনটো অঞ্চলত অধিক ? 

ক) আৰ্দ্ৰ অঞ্চলত ( Humid region ) 

খ) চূণশিল অঞ্চলত ( Limestone region )

গ) মৰু অঞ্চলত ( Arid region )

ঘ) তুষাৰ আবৃত অঞ্চল ( Glacier region ) ।

উত্তৰঃ – ক) আৰ্দ্ৰ অঞ্চলত ( Humid region ) ।

প্ৰশ্ন  : – ৪) তলৰ কোনটো বাক্যই  ‘লেপি’ ( Lapies ) সংজ্ঞাটো অতি ভালকৈ বুজাব পাৰিছে ?

ক) সৰুৰ পৰা মধ্যমীয়া জোখৰ অগভীৰ নিম্নভাগ ।

খ) এটা ভূ – অৱয়ব যাৰ মুখখৰ ওপৰৰ ফালে কম বেছি পৰিমানে বৃত্তাকাৰ আৰু তলৰ ফালে চুপি আকৃতিৰ ।

গ) উপৰিভাগৰ পৰা পানী জীপ জিপলৈ ( dripping ) সৰকি যোৱাৰ ফলত সৃষ্টি হোৱা ভূ – অৱয়ব ।

ঘ) তীক্ষ্ণ পিনকোন ( জোঙা ভূ – অৱয়ব ) ( Pinnacles ) গাত

( grooves ) আৰু শৈলশিৰা ( ridges ) থকা অসমান ভূ – পৃষ্ঠ ।

উত্তৰঃ –  ঘ) তীক্ষ্ণ পিনকোন ( জোঙা ভূ – অৱয়ব ) ( Pinnacles ) গাত ( grooves ) আৰু শৈলশিৰা ( ridges ) থকা অসমান ভূ – পৃষ্ঠ ।

প্ৰশ্ন  : – ৫) গভীৰ দীঘল আৰু বহল গাত বা মুৰৰফালে আৰু দুইকাষে , থকা থিয় উচ্চ বেৰযুক্ত দ্রোনীক কোৱা হয় –

ক) চাৰ্ক ( Cirque )

খ) হিমবাহ উপত্যকা ( Limestone region ) 

গ) পাৰ্শ্বগ্ৰাৱ ( Lateral morain ) 

ঘ) এস্কাৰ ( Esker ) ।

উত্তৰঃ – ক) চাৰ্ক ( Cirque ) ।

চমু প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) শিলাময় ঠাইত হোৱা ভিতৰমুখী  ভাঁজ  ( incised meanders ) আৰু পলসুৱা সমভূমিত হোৱা ভাঁজে কি সূচায় ?

উত্তৰঃ –  নদীৰ গতি পথৰ প্ৰথম অৱস্থাত ই কঠিন শিলাময় ভূমিৰ মাজেৰে অতিবাহিত কৰি আহি সমতল ভূমিত প্ৰৱেশ কৰে । শিলাময় অংশত অৰ্থাৎ পাৰ্বত্য অঞ্চলত শিলাবোৰ অতি কঠিন হোৱা বাবে নদীৰ প্ৰধান কাম হ’ল অৱতল খনন ( down cutting ) । কিয়নো এই সময়চোৱাত বন্ধুৰতা ( relief ) ৰ ঢাল ( slope ) অতি বেছি হোৱা বাবে পাৰ্শ্ব খনন ( Side cutting ) ৰ পৰিবৰ্তে অৱতল খননৰ দ্বাৰা ভিতৰমুখী ভাঁজৰ ( incised meanders ) সৃষ্টি কৰে । আনহাতে সমতল অঞ্চলত ভূমিবোৰ কোমল আৰু মাটিৰ ঢাল অতি কমহোৱা বাবে পানীৰ গতিত বাধা পালেই অন্য দিশত পাৰ্শ্বখনন ( Leteral erosion ) ৰ দ্বাৰা ভাঁজৰ সৃষ্টি কৰে । এতিয়া দেখা গ’ল শিলাময় ঠাইৰ ভিতৰমুখী ভাঁজে অঞ্চলটো কঠিন্যতা আৰু ভূমিৰ ঢাল বেছি বুজায় আনহাতে পলসুৱা সমভূমিৰ ভাঁজে ঠাইখিনিৰ মাটিৰ কোমলতা আৰু মাটি ঢালৰ পৰিমাণ কম সূচায় । 

প্ৰশ্ন  : – ২) অন্তর্নিহীত উপত্যকা বা উভালাচ ( Valley sinks বা Uvalas ) ৰ ক্ৰমবিকাশৰ সম্পৰ্কে ব্যাখ্যা কৰা । 

উত্তৰঃ – ভূমিগত জলৰ ( Underground water ) দ্বাৰা বিশেষকৈ চূণশিল , ডল’মাইট আদিৰ প্ৰধান অঞ্চলত অনেক ভূ – অৱয়বৰ সৃষ্টি কৰে । তেনে এবিধ ভূ – অৱয়বৰ নাম হ’ল  অন্তৰ্নিহিত উপত্যকা বা উভালাচ ( Valley sinks বা Uvalas )

ভূ – পৃষ্ঠৰ প্ৰৱাহমান পানী যেতিয়া নিপাত ( Collapse ) নাইবা দ্ৰৱন গৰ্তৰে ( Solution sinks ) সোমাই ভূমিগত জল হিচাপে কিছুদূৰ প্ৰৱাহিত হৈ পুনৰ কোনো খোলা গুহাদ্বাৰেৰে ( Cave opening ) পুনৰ ভূ – পৃষ্টলৈ ওলাই আহে । ভূমিগত জলহিচাপে প্ৰবাহিত অংশ খিনি কিবা কাৰণত খহি পৰে নতুবা পদাৰ্থৰ স্খলনৰ দ্বাৰা ঘোল ৰন্ধ ( Sink holes ) বোৰ মিলিত হয় , তেতিয়া সেই অঞ্চল তুলনা মূলকভাবে দীঘল আৰু ঠেক খাতৰ ( Trench ) সৃষ্টি কৰে । এনেবোৰ ঠেক উপত্যকাক অন্তৰ্নিহিত উপত্যকা বা উভালাচ (Valley sinks বা Uvalas ) বোলা হয় অৰ্থাৎ উভালাচবোৰ এনেকৈয়েবিকশিত হয় ।

প্ৰশ্ন : – ৩ ) চূণশিল অঞ্চলত পানীৰ ভূমিতল গতি , পৃষ্ঠ গতিতকৈ অধিক পৰিমাণে হয় , কিয় ? 

উত্তৰঃ – চূনশিল অঞ্চলত গলন ( Solution process ) প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ হোৱা পৰিলক্ষিত হয়। সেই বাবে তেনেবোৰ অঞ্চলত পানীৰ ভূমিতল গতি পৃষ্ঠ গতিতকৈ অধিক পৰিমাণে হয়। আনহাতে চূণশিল অঞ্চলত পানীৰ ঢাল যথেষ্ট বেছি হোৱা বাবে পানীৰ গতি বেছি হয় । ইয়াৰ বিপৰীতে পৃষ্ঠ জল ( Surface run – off ) প্ৰবাহিত হোৱা অঞ্চলত মাটিৰ ঢাল কম হোৱা হেতুকে পানীৰ গতি কম ।

ভূমিগত জলক গলন প্ৰক্ৰিয়াই পানীৰ গতিত সহায় কৰাৰ বিপৰীতে পৃষ্ঠ জলক বিভিন্ন ধৰণৰ জাৱৰ গছবনে প্ৰবাহিত পানীৰ গতিক বাধা প্ৰধান কৰে বাবে পৃষ্ঠ  গতি কিছু লেহেমিয়া  হোৱা দেখা যায় । 

প্ৰশ্ন :- ৪) হিমবাহৰ উপত্যকাবোৰত বহুতো দীঘলভাৱে গঠিত হোৱা অৱক্ষপিত গঠন ( Linear depositional forms ) দেখা যায় । সিহঁতৰ অৱস্থানিক নামবোৰ লিখা । 

উত্তৰঃ-  হিমবাহে ইয়াৰ গতি পথত বা উপত্যকাবোৰত অনেক ধৰণৰ ভূ – অৱয়বৰ সৃষ্টি কৰে । সেই অৱয়ববোৰৰ ভিতৰত দীঘলভাবে গঠিত হোৱা অৱক্ষেপিত গঠন ( Linear depositional forms ) বোৰৰ নাম আৰু সেইবোৰৰ অৱস্থান তলত উল্লেখ কৰা হ ‘ ল – 

( ১ ) প্ৰান্ত গ্ৰাৱ ( Terminal morains ) : এই অৱক্ষেপিত গঠনবোৰ হিমবাহৰ অন্তিম অৱস্থাত দেখিবলৈ পোৱা যায় ।

( ২ ) পাৰ্শ্বীয়  গ্ৰাৱ ( Lateral morains ) : হিমবাহৰ লগত থকা আৱৰ্জনা বা গেদবোৰ যেতিয়া ইয়াৰ গতিপথৰ দুয়ো কাষে জমা কৰে , তেনে অৱক্ষেপিত গঠনবোৰৰ পাৰ্শ্বীয় গ্ৰাৱ বোলে ।

( ৩ ) ভূমি গ্ৰাৱ ( Ground morains ) : হিমবাহে যেতিয়া গেদবোৰ তাৰ গতিপথৰ ভূমি ভাগত অৱক্ষেপন কৰে , তেতিয়া সেই গঠনক ভূমি গ্ৰাৱ ( Ground morain ) নাম দিয়া হয় ।

( ৪ ) মধ্য গ্ৰাৱ ( Medial morains ) : কেতিয়াবা দুয়োফালৰ পৰা প্ৰবাহিত দুটা হিমবাহ লগ লাগি একেলগে প্ৰবাহিত হব ধৰে , তেনেকুৱা অৱস্থাত ইহঁতৰ মিলিত অংশৰ মাজ , ভাগত গেদ জমা হোৱা পৰিলক্ষিত হয় । তেনে গেদ বা গ্ৰাৱক মধ্য গ্ৰাৱ ( medial morain ) বোলা হয় ।

চিত্ৰ – ১ : হিমবাহৰ অৱক্ষেপজনিত অবয়বৰ ভূ – দৃশ্য 

( ৫ ) এস্কাৰ ( Eskers ) 

( ৬ ) ড্ৰামলিন বা হিমবাহ টিলা ( Drumlins ) 

প্ৰশ্ন : – ৫ ) মৰুভূমি অঞ্চলত বতাহে কেনেকৈ তাৰ কাৰ্য সম্পাদন কৰে ? খনন কাৰ্যৰ দ্বাৰা সৃষ্টি কৰা মৰুভূমি অঞ্চলৰ ভূ – অবয়ববোৰৰ কাৰণে বতাহেই একমাত্র দায়ী কৰক নেকি ? 

উত্তৰঃ – মৰুভূমি অঞ্চলত ভৌতিক আৰু ৰাসায়নিক বিচুৰ্ণীভৱন দুয়োবিধেই যথেষ্ঠ সক্ৰিয় । সেয়ে তাৰ বালিময় পৰিবেশত বতাহে খনন, পৰিবহন আৰু অৱক্ষেপন আদি আটাইকেইটা কাৰ্য সম্পাদন কৰে । মৰুভূমি অঞ্চলত বতাহে প্ৰধানকৈ তলত উল্লেখ কৰা তিনিধৰনে কাৰ্য সম্পাদন কৰা পৰিলক্ষিত হয় – 

( ১) অৱনমন ( Deflation ) 

( ২ ) অপঘর্ষন ( abration ) আৰু 

( ৩ ) জোৰে খুন্দা বা সং নিঘর্ষন ( impact or attretion ) 

( ১ ) অৱনমন ( Deflation ) : ই এনে এক প্ৰক্ৰিয়া যাৰ ফলত বতাহৰ লগত বালিবোৰ এঠাইৰ পৰা অন্য ঠাইলৈ বতাহৰ গতি অনুসৰি গতি কৰা পৰিলক্ষিত হয় ।

( ২ ) অপঘর্ষন ( abration ) : বতাহৰ লগত গতি কৰা বালিবোৰে ইয়াৰ গতিপথত থকা ওখ ঠাই বা পৰ্বত পাহাৰ আদিত অনবৰত খুন্দিয়াই থকাৰ ফলত সেই ওখ ঠাই বা পৰ্বত পাহাৰ আদিত অনবৰত খুন্দিয়াই থকাৰ ফলত সেই ওখ ঠাইবোৰ নিম্ন ভূমিলৈ পৰিণত হয় । এনে কাৰ্যক  অপঘর্ষন বোলা হয় । 

৩) জোৰে খুন্দা বা সংনিঘৰ্ষন ( impact or attrition ) : বতাহৰ লগত পৰিবাহিত পদাৰ্থবোৰৰ মাজত খুন্দা – খুন্দি লাগি আৰু অধিক ক্ষুদ্ৰ কনালৈ ৰূপান্তৰিত হয় । আৰু এই ক্ষুদ্ৰ পাতল কণা বিলাক বতাহৰ লগত বহু দূৰলৈ উৰি যোৱাত সহায় হয় । এই দৰেই মৰুভূমি অঞ্চলত বতাহে নানা কাৰ্য সম্পাদন কৰে । 

মৰুভূমিৰ নানা ভূ – অৱয়বৰ সৃষ্টিত বতাহে প্ৰধান ভূমিকা গ্ৰহণ কৰে যদিও ক্ষন্তেকীয়া বৰষুণও ( Sheet flood ) কম বেছি পৰিমাণে কিছু ভূ – অৱয়ব গঠনত অৰিহণা যোগায় । 

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

দীঘল প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) আৰ্দ্ৰ জলবায়ু আৰু শুকান জলবায়ু অঞ্চলত পৃথিৱীৰ উপৰিভাগক বিভিন্ন আকৃতি প্ৰদান কৰাত বোৱতী পানীয়ে  ( running water ) হ’ল আটাইতকৈ প্ৰভাৱশালী ভূ – আকৃতিক ( geomorphic ) কাৰক । ব্যাখ্যা কৰা ।

উত্তৰঃ – আৰ্দ্ৰ জলবায়ু আৰু শুকান জলবায়ু অঞ্চলত পৃথিৱীৰ উপৰিভাগক বিভিন্ন আকৃতি প্ৰদান কৰাত বোৱতী পানীয়েই ( running water ) হ’ল আটাইতকৈ প্ৰভাৱশালী ভূ – আকৃতিক কাৰক ( geomorphic agent ) । এই কথাষাৰ বিশ্লেষণ কৰিলে আমি দেখিবলৈ পাওঁ যে পৃথিৱীৰ যি বিলাক অঞ্চলত বৰষুণৰ পৰিমাণ যথেষ্ট তেনেবোৰ অঞ্চলত বৰষুণৰ পৰা সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ পানীৰ সোঁতে ( ঠেক লোৰ ( rill ) , অৱনালিকা ( gully ) , নদী ( river ) ইত্যাদি ) নানা ভূ – অৱয়বৰ সৃষ্টি কৰে । ভাৰতবৰ্ষৰ দুটা অঞ্চলৰ উদাহৰণ হিচাপে লৈ ওপৰৰ কথাখিনি ব্যাখ্যা কৰিব পৰা যায় । অসম তথা উত্তৰ – পূৱ ভাৰতৰ জলবায়ু আৰ্দ্ৰ আনহাতে উত্তৰ ভাৰত যেনে দিল্লী আদি ৰাজ্যৰ জলবায়ু যথেষ্ট শুকান । 

এই দুটা অঞ্চল অধ্যয়ন ( study ) কৰিলে দেখিবলৈ পাম যে , ইয়াত সৃষ্টি হোৱা খনন জনীত ( erosional ) আৰু অৱক্ষেপন জনিত ( depositional ) অৱয়ববোৰৰ গঠনত মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে বৰষুণ তথা প্ৰৱাহিত হৈ থকা বোৱতী পানীয়ে । অৰ্থাৎ অঞ্চল দুটাৰ উপৰিভাগক বোৱতী পানীয়ে নানা ৰূপ প্ৰদান কৰি আহিছে ।

আৰ্দ্ৰ আৰু শুকান অঞ্চলত বৰষুণক বাদে অন্য কাৰক যেনে বতাহ বা হিমবাহৰ প্ৰভাৱ তেনেই নগণ্য সেয়ে বতাহ বা হিমবাহৰ জৰিয়তে কোনো ধৰণৰ উল্লেখযোগ্য ভূ – অৱয়ব গঠন হোৱাটো পৰিলক্ষিত নহয় । পাৰ্বত্য অঞ্চলত সামান্য পৰিমাণৰ হিমবাহৰ ক্ৰিয়া দেখা যায় আৰু কিছুমান বিশেষ অঞ্চলত অতি সামান্য পৰিমাণৰ বতাহৰ ক্ৰিয়া দেখা যায় , যদিও সেইবোৰৰ পৰিমাণ বোৱতী পানীৰ তুলনাত তেনেই নগণ্য ।

গতিকে ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে আৰ্দ্ৰ আৰু শুকান জলবায়ু অঞ্চলসমূহত পৃথিৱীৰ উপৰিভাগক বিভিন্ন আকৃতি প্ৰদান কৰাত বোৱতী পানীয়ে আটাইতকৈ প্ৰভাৱশালী ভূ – আকৃতিক কাৰক হিচাপে ক্ৰিয়া কৰি আহিছে ।

প্ৰশ্ন  : – ২) আৰ্দ্ৰ জলবায়ু আৰু শুকান জলবায়ু অঞ্চলত চূনশীলৰ কাৰ্যকাৰিতা বেলেগ বেলেগ হয় কিন্তু  ? চূনশীল অঞ্চলত প্ৰধান আৰু প্ৰায় একমাত্ৰ ভূ – আকৃতিক প্ৰক্ৰিয়া ( Geomorphic process ) কি আৰু ইয়াৰ ফলাফলবোৰ কি ?

উত্তৰঃ – চূনশীল ( Limestones ) কাৰ্যকৰিতা আৰ্দ্ৰ জলবায়ু আৰু শুকান জলবায়ু অঞ্চলত বেলেগ বেলেগ হয় । ইয়াৰ প্ৰধান কাৰক হ’ল – 

পানীৰ উপস্থিতি । আৰ্দ্ৰ জলবায়ু অঞ্চলত বৰষুণৰ পৰিমাণ বেছি, কিন্তু শুকান জলবায়ু অঞ্চলত বৰষুণৰ পৰিমান তেনেই সীমিত । সেয়ে দেখা যায় পানীৰ পৰিমাণ অথবা বৰষুণৰ পৰিমাণ যিমানেই বেছি হব চূনশীলৰ কাৰ্যকাৰিতা সিমানেই বৃদ্ধি পাব । আনহাতে বৰষুণৰ পৰিমাণ যিমানেই হ্ৰাস পাব চূনশীলৰ বিভিন্ন কাৰ্য কলাপ হ্ৰাস পাব । 

চূনশীল অঞ্চলত ( Lumestome areas ) প্ৰধান আৰু প্ৰায় একমাত্ৰ ভূ – আকৃতিক প্ৰক্ৰিয়া ( geomorphic process ) হ’ল দ্ৰৱন 

( Solution ) বা গলন প্ৰক্ৰিয়া ( Solutional process ) দ্ৰৱন বা গলন ক্ৰিয়া পৃথিৱীৰ সেইবোৰ অঞ্চলত যথেষ্ট বা খৰতকীয়া হোৱা দেখা যায় যিবোৰ অঞ্চলত ভূ – পৃষ্ঠৰ শিলা সমূহ চূনশীল জাতীয় আৰু সেই শিলাবোৰত কেলছিয়াম কাৰ্বনেটৰ পৰিমাণ অধিক পোৱা যায় । 

চূনশীল যিহেতু পানীত সহজে দ্ৰৱীভূত হয়,  সেয়ে চূনশীলা অঞ্চলত বৰষুণ হোৱাৰ লগে লগে কিছু পানী পৃষ্ঠ প্ৰৱাহ ( Surface runoff ) হিচাপে নৈ যায় আৰু বেছি ভাগ পানী চূনশীলৰ মাজত সোমাই পৰে ভূমিগত ( Underground water ) জল হিচাপে । এই ভূমিগত জলে চূনশীলৰ মাজত সোমাই অৰ্থাৎ দ্ৰৱীভূত হৈ ভূ – অৱয়বৰ গঠন কৰে । যিবোৰক ক্ষয়কাৰ্যজনিত ( erosional ) আৰু অৱক্ষেপজনিত ( depositional ) স্থলাকৃতি এই দুই ভাগত বিভক্ত কৰিব পাৰি । চূনশীল অঞ্চলত গলন প্ৰক্ৰিয়াৰ ফলত নানান ভূ – অৱয়বৰ সৃষ্টি কৰে । সেইবোৰৰ চমু আভাস তলত উল্লেখ কৰা হ’ল –  

( চিত্ৰ – ২ ) ক্ষয়কাৰ্যজনিত স্থলাকৃতি :-

১) কুণ্ড ( pools )

২) ঘোল ৰন্ধ্ৰ ( Sinkhokes )

৩) লেপিজ ( Lapies )

৪) চূনশীলৰ ভেটি ( Limestone Pavement )

৫) কন্দৰ বা গুহা ( Cave )

৬) উভালা ( Uvala ) 

৭) দোলাইন বা নিপাত গৰ্ত ( Doline ) ।

অৱক্ষেপজনিত স্থলাকৃতি :- 

১) ষ্টেলেকটাইটচ  ( Stalactites )

২) ষ্টেলেগ মাইটচ ( Stalagmites ) 

৩) স্তম্ভ ( Pillars )

প্ৰশ্ন  : – ৩) বৰফৰ ক্ৰিয়াৰ ফলত কেনেকৈ উচ্চ পাৰ্বত্য অঞ্চল নিম্ন পাহাৰ আৰু সমতললৈ ৰূপান্তৰিত হয় আলোচনা কৰা ।

উত্তৰঃ – ভূ – পৃষ্ঠৰ উপৰিভাগৰ বিভিন্ন স্থানত খনন কাৰ্য সম্পাদন কৰি ভূ – অৱয়বৰ ৰূপান্তৰ কৰা বিভিন্ন কাৰক সমূহৰ ভিতৰত বৰফৰ ক্ৰিয়া বা হিমবাহ ( Glacier ) এক প্ৰধান কাৰক । এইবিধ কাৰক উচ্চ পাৰ্বত্য অঞ্চল সমূহৰ উপৰিও শীত প্ৰধান অঞ্চল যেনে মেৰু অঞ্চল সমূহত ক্ৰিয়া কৰি নানা সৃষ্টি অৱয়ব কৰা দেখা যায় ।

মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত ভূমিৰ ঢাল অনুসৰি যেতিয়া বৰফ নামি আহে সেই গতিশীল বৰফক হিমবাহ ( Glacier ) বোলা হয় । হিমবাহৰ গতি অতি মন্থৰ । বিভিন্ন পৰীক্ষাৰ পৰা দেখা গৈছে যে ই একদিনত মাত্ৰ কেই চেণ্টিমিটাৰৰ পৰা কেইবা মিটাৰ মান হব পাৰে । হিমবাহৰ গতি অতি মন্থৰ যদিও ইয়াৰ দ্বাৰা সংঘটিত হোৱা খনন কাৰ্য তীব্ৰ আৰু অতি ধ্বংসাত্মক ।

হিমবাহবোৰ যিহেতু একোটা বৃহৎ খণ্ড সেয়ে সেই খণ্ড বা হিমবাহৰ ওজন কিমান হব অনুমান কৰিলেই গম পোৱা যায় । এনে বৃহৎ ওজনৰ হিমবাহবোৰ যেতিয়া কোনো ভূমিৰ ওপৰেৰে বৈ আহে তেতিয়া সেই অঞ্চলত যথেষ্ট খনন কাৰ্য সম্পাদন কৰে । হিমবাহে সংনিঘৰ্ষন ( Friction ) আৰু কৰ্ষণ কাৰ্যৰ দ্বাৰা ইয়াৰ গতিপথত থকা ( ডাঙৰ শিল আৰু শিলৰ টুকুৰা ) পদাৰ্থসমূহ উপত্যকাৰ তল আৰু পাৰ্শ্বিয় অংশৰে কঢ়িয়াই আনি ঘর্ষন আৰু অপঘর্ষন কাৰ্য দ্বাৰা গতিপথৰ যথেষ্ট ক্ষতি সাধন কৰে । হিমবাহৰ ক্ষয়কাৰ্য ইমান ধ্বংসাত্মক যে বিচুৰ্ণীভৱন নোহোৱা ( Unweatherred ) শিলাখণ্ডও ই ক্ষয় সাধন কৰিব পাৰে । 

এইদৰে বছৰৰ পাছত বছৰ ধৰি হিমবাহৰ ঘর্ষন আৰু অপঘর্ষন কাৰ্যৰ দ্বাৰা উচ্চ পাৰ্বত্য অঞ্চল নিম্ন পাহাৰ আৰু সমতললৈ ৰূপান্তৰিত কৰা দেখা যায় । হিমবাহৰ গতি অতি মন্থৰ হোৱাৰ লগতে ইহঁতৰ গতিপথ অতিকে চমু সেইবাবে উচ্চ ভূমি সমভূমিলৈ ৰূপান্তৰ হওঁতে বহু সময়ৰ  প্ৰয়োজন হয় । ইয়াৰ উপৰিও বৰফ সৃষ্টি তথা বৰফ গলি হিমবাহলৈ ৰূপান্তৰিত হবলৈও উপযুক্ত প্ৰাকৃতিক পৰিৱেশৰ অতিকে প্ৰয়োজন । যি বিলাকৰ অবিহনে উচ্চ পাৰ্বত্য অঞ্চল নিম্ন পাহাৰ বা সমতললৈ ৰূপান্তৰিত হোৱাটো সম্ভৱ নহব ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top