Class 11 Geography Chapter 3 পৃথিৱীৰ অন্তৰ্ভাগ

Class 11 Geography Chapter 3 পৃথিৱীৰ অন্তৰ্ভাগ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Geography Chapter 3 পৃথিৱীৰ অন্তৰ্ভাগ and select needs one.

SCERT Class 11 Geography Chapter 3 পৃথিৱীৰ অন্তৰ্ভাগ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 3 পৃথিৱীৰ অন্তৰ্ভাগ Solutions for All Subject, You can practice these here…

পৃথিৱীৰ অন্তৰ্ভাগ

ভূগোল-প্ৰথম খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

ক) শুদ্ধ উত্তৰটো বাছি উলিওৱা:

প্ৰশ্ন : – ১) তলত দিয়া ভূমিকম্পৰ তৰংগবোৰৰ ভিতৰত কোনটো অধিক বিধ্বংসী ?

১) p – তৰংগ ( p – wave )।

২) S – তৰংগ ( S- wave )।

৩) পৃষ্ঠ তৰংগ ( Surface Wave )।

৪) এটাও নহয়  ( None of the above )।

উত্তৰঃ – ৩) পৃষ্ঠ তৰংগ ( Surface Wave ) ।

প্ৰশ্ন : – ২) তলত দিয়াবোৰৰ কোনটোৱে পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে প্ৰত্যক্ষ খবৰ দিয়ে ?

১) ভূমিকম্পৰ তৰংগবোৰ ।

২) আগ্নেয়গিৰি । 

৩) মাধ্যাকৰ্ষণ ।

৪) পৃথিৱীৰ চুম্বকত্ব ।

উত্তৰঃ – ২) আগ্নেয়গিৰি  ।

প্ৰশ্ন : – ৩) কি ধৰণৰ আগ্নেয় উদ্গীৰণৰ ফলত দাক্ষিণাত্য ট্ৰেপ গঠন হৈছে ?

১) শ্বিল্ড  ( Shield ) ।

২) বান ( Flood )।

৩) কম্পিজিত  ( Composite )।

৪) কালডেৰা  ( Caldera )।

উত্তৰঃ – ২) বান ( Flood ) ।

প্ৰশ্ন : – ৪) তলত কোনটোৱে লিথোস্ফিয়েৰৰ বিষয়ে বৰ্ণনা দিয়ে ?

১) উচ্চ আৰু নিম্ন মেণ্টল ( upper and lower mantle )।

২) খোলা আৰু উচ্চ মেণ্টল ( Crust and upper mantle )।

৩) খোলা আৰু কেন্দ্ৰভাগ ( Crust and core )।

৪) মেণ্টল আৰু কেন্দ্ৰ ভাগ ( mantle and core )।

উত্তৰঃ – ২) খোলা আৰু উচ্চ মেণ্টল ( Crust and upper mantle ) ।

চমু প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) বডী ( body ) ঢৌ বোৰ কি ?

উত্তৰঃ – যেতিয়া পৃথিৱীৰ অন্তৰ্ভাগৰ কোনো স্থানত ভূমিকম্পৰ উৎপত্তি হয় তেতিয়া সেই উৎপত্তি স্থানৰ পৰা কিছুমান ঢৌৰ সৃষ্টি হয় আৰু এই ঢৌ বিলাক কেন্দ্ৰটোৰ কেওকাষে বিয়পি যায় । এই ঢৌ বোৰক ভূমিকম্পৰ ঢৌ ( Earthquake wave ) বোলা হয় । ভূমিকম্পৰ ঢৌবিলাকক প্ৰধানকৈ দুই ধৰণৰ । এবিধৰ নাম প্ৰাথমিক ঢৌ বা বডী ঢৌ ( body wave ) আৰু আনবিধৰ নাম পৃষ্ঠ ঢৌ । ভূমিকম্পৰ ফলত সৃষ্টি হোৱা যি বিলাক তৰংগ বা ঢৌয়ে ( wave ) কেন্দ্ৰৰ পৰা সকলো দিশতে পৃথিৱীৰ দেহেৰে ( body ) গতি কৰে ,  তেনেবোৰ ঢৌক বডী ঢৌ ( body wave ) বুলি জনা যায় ।

প্ৰশ্ন : – ২) পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে সন্ধান দিয়া প্ৰত্যক্ষ উৎসবোৰৰ নাম লিখা ।

উত্তৰঃ – পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে জানিবলৈ সংগ্ৰহ কৰা কিছুমান তথ্যৰ প্ৰত্যক্ষ উৎস কিছুমানৰ নাম হ’ল পৃষ্ঠশিলা খনি অধ্যয়ন আৰু আগ্নেয়গিৰি অধ্যয়ন । পৃষ্ঠশিলা অধ্যয়ণ কৰি গম পোৱা গৈছে যে ক্ৰমে তললৈ শিলাসমূহৰ ঘনত্ব আৰু উত্তাপ বেছি হোৱাটো । আনহাতে খনি বিলাকৰ যিমানে গভীৰতালৈ সোমাই যোৱা যায় সিমানে উত্তাপৰ প্ৰাৱল্যতা বেছি অনুভূত হয় আৰু পদাৰ্থ সমূহৰ ঘনত্বৰ পৰিমাণ বেছি হোৱাটো পৰিলক্ষিত হয় । আমি আটায়ে আগ্নেয়গিৰি উদ্গীৰন হোৱা প্ৰত্যক্ষ কৰিছো । যেতিয়া ই উদ্গীৰণ হয়, তেতিয়া তাৰ পৰা ওলোৱা গৰম গেছ ,  গলিত পদাৰ্থ ( মেগমা ) ,  ধোঁৱা আদিয়ে প্ৰত্যক্ষ প্ৰমাণ দাঙি ধৰে যে পৃথিৱীৰ অন্তৰ ভাগ যথেষ্ঠ গৰম আৰু পদাৰ্থবোৰৰ ঘনত্বত যথেষ্ঠ বেছি ।

প্ৰশ্ন : – ৩) ভূমিকম্পৰ ঢৌ বোৰে আন্ধাৰ মণ্ডল ( shadow zone ) ৰ উৎপত্তি ঘটাই কিয় ?

উত্তৰঃ – ভূমিকম্পৰ ঢৌ বোৰৰ গতিপথৰ কিছুমান নিৰ্দিষ্ট অঞ্চল আছে । আনহাতে ভূমিকম্পৰ ঢৌবোৰ যেতিয়া কোনো এক বিশেষ অঞ্চলত সংস্থাপিত ছিছম’গ্ৰাফত ধৰা নপৰে তেনে অঞ্চল বিলাকক আন্ধাৰ মণ্ডল ( Shadow zone ) বোলা হয় ।

বিভিন্ন অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে উপকেন্দ্ৰৰ পৰা 105° দূৰত্বৰ ভিতৰত স্থাপিত ছিছম’গ্ৰাফ  ( seismograph ) ত P আৰু S তৰংগৰ উপস্থিতি ধৰা পৰে । কিন্তু উপকেন্দ্ৰৰ পৰা  145° ৰ বাহিতৰ থকা ছিছম’গ্ৰাফত P- তৰংগৰ তথ্য সংগ্ৰহ হয় যদিও  S- তৰংগ বাদ পৰি যায় । সেয়ে  105° – 145° ৰ মাজৰ মণ্ডলটোক আন্ধাৰ মণ্ডল ( shadow zone ) বুলি চিনাক্ত কৰা হৈছে অৰ্থাৎ এই অঞ্চলটিত P আৰু S তৰংগই আন্ধাৰ মণ্ডলৰ উৎপত্তি কৰে ।

প্ৰশ্ন : – ৪) ভুকম্পন কাৰ্যবোৰক বাদ দি পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে খবৰ পাব পৰা পৰোক্ষ উৎস বোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ – ভূকম্পন কাৰ্যবোৰক বাদ দি পৃথিৱীৰ অন্তভাৰ্গৰ বিষয়ে খবৰ পাব পৰা অন্য কিছুমান উৎস হল ভূ – গৰ্ভৰ খনন কাৰ্য অধ্যয়ন ,  উল্কাপিণ্ড অধ্যয়ন ,  মাধ্যাকৰ্ষণ বল অধ্যয়ন আৰু চুম্বকীয় পথাৰ অধ্যয়ন ।

পৃথিৱীৰ ভূ – গৰ্ভৰ খনন কাৰ্যক জৰিয়তে এইটো গম পোৱা গৈছে যে পৃথিৱীৰ অন্তৰ্ভাগলৈ যিমানেই যোৱা যায় উত্তাপ আৰু চাপৰ পৰিমাণ সিমানেই বাঢ়ি যায় । লগতে এইটো জানিব পৰা গৈছে যে যিমানেই গভীৰতা বাঢ়ি যায় পদাৰ্থ বোৰৰ ঘনত্বও বাঢ়ি যায় । উল্কাপিণ্ডত পোৱা পদাৰ্থবোৰৰ গঠন পৃথিৱীৰ পদাৰ্থবোৰৰ গঠন লগত একে । সেয়ে উল্কা পিণ্ড অধ্যয়ন কৰিও পৃথিৱীখনৰ অন্তৰ্ভাগৰ বিষয়ে বহুতো খবৰ আমি পৰোক্ষ ভাবে জানিব পাৰো ।

দীঘল প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) যিবোৰ শিলাস্তৰৰ মাধ্যমেৰে ভূমিকম্পৰ ঢৌবোৰে গতি কৰে তাত ঢৌবোৰৰ গতিৰ প্ৰভাৱবোৰ কি আলোচনা কৰা ।

উত্তৰঃ – ভূমিকম্পৰ উৎপত্তি হলে ইয়াৰ উৎপত্তি স্থলৰ পৰা কেওকাষে ইয়াৰ ঢৌবোৰে গতি কৰে । এই ঢৌ বিলাকে যেতিয়া শিলাস্তৰৰ মাজেৰে গতি কৰে তেতিয়া গতিপথত থকা শিলাস্তৰ সমুহত বিভিন্ন প্ৰভাৱ পৰা পৰিলক্ষিত হয় । 

ভূমিকম্পৰ পৰা উৎপত্তি হোৱা ঢৌবোৰক সাধাৰণতে তিনিটা নামেৰে জনা যায় । যেনে –    P – wave, S – wave আৰু  Surface Wave  

ভূমিকম্পৰ ঢৌ প্ৰধানকৈ দুই ধৰণৰ –

১) বডী ঢৌ বা প্ৰাথমিক ঢৌ ( body wave or primary wave ) আৰু  

২) পৃষ্ঠ ঢৌ  ( susfacr wave )  । 

আমি ইয়াতে উল্লেখ কৰিব পাৰো যে আটাইবিলাক ভূমিকম্পৰ ঢৌৰ প্ৰভাৱ একেধৰণৰ নহয় । প্ৰাথমিক  ঢৌ বা বডী ঢৌ বিলাকে যেতিয়া পৃথিৱীৰ দেহেৰে গতি কৰে তেতিয়া ই শিলাস্তৰ সমূহৰ বিভিন্ন তথ্য লগত লৈ গৈ পৃথিৱীৰ আনটো দিশত বা অন্য স্থানত ধৰা দিয়ে । এই বিধৰ ঢৌৰ পৰা শিলাস্তৰ বা ভূ – পৃষ্ঠৰ বিষয়ে ক্ষয় – ক্ষতি নহয়, বৰঞ্চ অন্তৰ্ভাগৰ বহু তথ্য পোৱা যায় ।  P –  তৰংগৰ ফলত পদাৰ্থবোৰৰ ঘনত্বৰ সাল সলনি হোৱা দেখা যায় ।

প্ৰাথমিক তৰংগই ভূ – পৃষ্ঠৰ শিলাস্তৰত খুন্দা খোৱাৰ ফলত পৃষ্ঠ তৰংগ বা পৃষ্ঠ  ( surface wave ) ঢৌ ৰ সৃষ্টি হয় । এই পৃষ্ঠ তৰংগ পৃথিৱী পৃষ্ঠৰে গতি কৰে ।  শিলাস্তৰৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি এই বিধ তৰংগৰ গতি বেগ কম – বেছি হয় । পদাৰ্থ বোৰৰ ঘনত্ব যিমানেই বেছি হয় , ঢৌৰ গতিবেগো সিমানেই অধিক হয় । 

বৈজ্ঞানিক সকলে এইটো প্ৰমাণ কৰি উলিয়াইছে যে পৃষ্ঠ তৰংগ বোৰ আটাইতকৈ বেছি ক্ষতি কাৰক । যেতিয়া এই বিধ ঢৌৱে শিলাস্তৰৰ মাজেৰে গতি কৰে ,  তেতিয়া শিলাস্তৰক ইফাল – সিফাল কৰি দি ভূ – পৃষ্ঠৰ অনেক পৰিৱৰ্তন সাধন কৰে । 

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

প্ৰশ্ন : – ২) অন্তৰ্গত গঠন ( intrusive forms ) মানে কি বুজা ? বিভিন্ন প্ৰকৃতিৰ অন্তৰ গঠিত শিলৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ – আমি সকলোৱে আগ্নেয়গিৰি উদ্গীৰণ হোৱা দেখিবলৈ পাইছোঁ । এই আগ্নেয়গিৰি উদ্গীৰণৰ ফলত পৃথিৱীৰ অন্তৰ্ভাগৰ পৰা গৰম গেছ, ধোৱা, জুলীয়া গৰম পদাৰ্থ ( যাক আমি লাভা Lava  বোলো ) ভূ – পৃষ্ঠৰ বাহিৰলৈ ওলাই আহে । লাভা বিলাক বাহিৰলৈ ওলাই শীতল হৈ শিললৈ ৰূপান্তৰিত হয় আৰু এনে শিলকে আগ্নেয়শিলা  ( igneous rock) বোলে । কিন্তু বহু সময়ত আগ্নেয়গিৰিৰে বহু গৰম পদাৰ্থ ভূ – পৃষ্ঠৰ বাহিৰলৈ ওলাই নাহি খোলাটোৰ অন্ত ভাগত শীতল হৈ বিভিন্ন আকৃতি ধাৰণ কৰে । এই ধৰণৰ গঠনক অন্তৰ গঠন ( intruive forms ) বোলা হয় ।   

( চিত্ৰ – ২ )

 অন্তৰ গঠিত শিলা বিভিন্ন ধৰণৰ হব পাৰে, যেনে – 

১) বেথোলিথ ( Batholiths )।

২) লেকোলিথ ( Lacoliths )।

৩) লেপোলিথ, ফেকোলিথ আৰু শ্বিল ( Lapolith, Phacolith, and Sills )।

৪) ডাইক ( Dykes )।

১) বেথোলিথ : – যেতিয়া মেগমা ( magma ) ভূ – পৃষ্ঠৰ বাহিৰলৈ ওলাই নাহি খোলাৰ কিছু গভীৰতাত প্ৰকাণ্ড ( Done ) ডোম আকৃতি ধাৰণ কৰি শীতল হৈ টান শিলত পৰিণত হয় , তেনে অন্তৰ গঠিত শিলাক বেথোলিথ বুলি কোৱা হয় । 

উদাহৰণ :- গ্ৰেনাইট ( Granite ) ।

২) লকোলিথ – এই বোৰ অন্তৰ গঠিত শিলা যি বিলাক ভূ – পৃষ্ঠৰ কিছু গভীৰতাত পোৱা যায় আৰু এডাল নলীৰে মেগমা গহ্বৰৰ লগত সংযোজিত হৈ থাকে ।

৩) লপোলিথ, ফেকোলিথ আৰু শ্বিল : – আনহাতে মেগমা বিলাক যেতিয়া বাহিৰলৈ আহিব চেষ্টা কৰে, তেতিয়া তাক সোমাই পৰে । এইদৰে সোমাই যাওঁতে যদি ইবাটিৰ আকৃতি লয় তেতিয়া তাক লপোলিথ বোলা হয় আৰু যদি ই ঢৌ বিশিষ্ট ( wave shape ) হয় তেতিয়া তাক ফেকোলিথ আৰু তেতিয়া ই পাতল বা ডাঠ হৈ বহল হয় তেতিয়া তাক শ্বিল ( ডাঠ হল ) বোলে বা পাতল হলে চিট ( Sheet ) বোলে ।

৪) ডাইক : – যেতিয়া লাভা বিলাক শিলাস্তৰৰ মাজেৰে সোমাই উলম্বিক ভাবে বেৰৰ দৰে থিয় হৈ থাকে ,  তেনেকুৱা অন্তৰ গঠনক ডাইক ( Dykes ) বোলা হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top