Class 11 Geography Chapter 21 প্ৰাকৃতিক উদ্ভিদ

Class 11 Geography Chapter 21 প্ৰাকৃতিক উদ্ভিদ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Geography Chapter 21 প্ৰাকৃতিক উদ্ভিদ and select needs one.

SCERT Class 11 Geography Chapter 21 প্ৰাকৃতিক উদ্ভিদ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 21 প্ৰাকৃতিক উদ্ভিদ Solutions for All Subject, You can practice these here…

প্ৰাকৃতিক উদ্ভিদ

অধ্যায় –২১

ভূগোল – দ্বিতীয় খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

ক) শুদ্ধ উত্তৰটো তলৰবোৰৰ পৰা বাছি উলিওৱা – 

১) চন্দালউড এটা উদাহৰণ – 

ক) চিৰসেউজীয়া উদ্ভিদ ( Evergreen forest )

খ) পৰ্ণপাতী উদ্ভিদ ( Deciduous forest )

গ) ব- দ্বীপীয় উদ্ভিদ ( Deltaic forest ) 

ঘ) কাঁইটীয়া হাবি ( Thorny forest ) 

উত্তৰঃ- খ) পৰ্ণপাতী উদ্ভিদ ( Deciduous forest ) ।

প্রশ্ন:- ২) তলৰবোৰৰ কোনটো ব্যঘ্ৰ প্ৰকল্পৰ উদ্দেশ্য ? 

ক) বাঘ হত্যা কৰা ।

খ) বাঘবোৰক চিৰিয়াখনত ৰখা ।

গ) চোৰাং চিকাৰৰ পৰা ৰক্ষা কৰা ।

ঘ) বাঘৰ ওপৰত চিনেমা কৰা । 

উত্তৰঃ- গ) চোৰাং চিকাৰৰ পৰা ৰক্ষা কৰা ।

প্রশ্ন:- ৩) নন্দা দেৱী জৈৱ সংৰক্ষিত অঞ্চল তলৰ কোনখন ৰাজ্যত অৱস্থিত –

ক) বিহাৰ (bihar)

খ) উত্তৰ প্ৰদেশ ( uttar prodesh ) 

গ) উত্তৰাঞ্চল ( uttaranchol )

ঘ) উৰিষ্যা ( orissa )

উত্তৰঃ- গ) উত্তৰাঞ্চল ( uttaranchol ) ।

প্ৰশ্ন:- ৪) কিমান সংখ্যক জৈৱিক সংৰক্ষিত অঞ্চলক ( IUCN ) য়ে স্বীকৃতি দিছে ? 

ক) এখন (one ) 

খ) দুখন ( two )

গ) তিনিখন ( three )

ঘ) চাৰিখন ( four )

উত্তৰঃ- ঘ) চাৰিখন ( four ) ।

প্ৰশ্ন:- ৫) ভাৰতবৰ্ষৰ অৰণ্যনীতি অনুসাৰে দেশৰ মুঠ কালিৰ কিমান শতাংশত অৰণ্য থাকিব লাগে ? 

ক) ৩৩ শতাংশ 

খ) ৪৪ শতাংশ 

গ) ৫৫ শতাংশ 

ঘ) ২২ শতাংশ

উত্তৰঃ- ক) ৩৩ শতাংশ ।

তলৰ শব্দবোৰৰ উত্তৰ কৰা

প্ৰশ্ন:-১) প্ৰাকৃতিক উদ্ভিদ কাক বোলে ? কেনে ধৰণৰ জলবায়ুত ক্ৰান্তীয় চিৰসেজীয়া অৰণ্য বাঢ়ি আহে ? 

উত্তৰঃ-প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা ( জলবায়ু , মাটি ) লালিত পালিত হৈ পৃথিৱীৰ কোনো এক অঞ্চলত বা বহু অঞ্চলত বহু বছৰ জুৰি কোনো হানি – বিঘিনীৰ সন্মুখীন নোহোৱাকৈ যিবোৰ গছ গছনিয়ে নিজকে ভূ- পৃষ্ঠত সুকলমে আৰু পৰিপুষ্টভাৱে বৰ্তাই ৰাখিব পৰিছে । তেনেবোৰ উদ্ভিদক প্ৰাকৃতিক উদ্ভিদ ( natural vegetation ) বোলা হয় ।

পৃথিৱীৰ যি বিলাক অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ ২০০ ছে. মি. ৰ ওপৰত থাকে আৰু উত্তাপৰ পৰিমাণ ২২° ছে. ওপৰত থাকে তেনেবোৰ অঞ্চলত ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য বাঢ়ি অহা দেখিবলৈ পোৱা যায় ।

প্ৰশ্ন:- ২ ) সামাজিক বননিকৰণ বুলিলে কি বুজা ? 

উত্তৰঃ- দেশত জনসংখ্যা দ্ৰুত হাৰত বাঢ়ি অহাৰ ফলত অৰণ্যৰ পৰিমাণ দ্ৰুত হাৰত কমি যাব ধৰিছে । সামাজিক বননিকৰণ এনে এক ব্যৱস্থা যাৰ জৰিয়তে অৰণ্যৰ বোৰ সুৰক্ষা প্ৰদান কৰা হয় আৰু লগতে নতুন কৈ বিভিন্ন আঁচনিৰ সংযোজন ঘটাই  বৃক্ষ ৰোপনৰ ব্যৱস্থা কৰা হয় , যাতে পৰিবেশ সুস্থ থকাৰ লগতে সামাজিক আৰু গ্ৰাম্য অঞ্চলৰ উন্নতি সাধন হয় ।

প্ৰশ্ন:- ৩ ) জৈৱ সংৰক্ষিত অঞ্চল কাক বোলে ? 

উত্তৰঃ- ইউনেস্কোৰ ‘ মানৱ আৰু জীৱমণ্ডল আঁচনিৰ ‘ অধীনত আন্তৰ্জাতিক হিচাবে কিছুমান অঞ্চলত পা পাৰ্থিৱ আৰু উপকূলীয় পৰিবেশ নিকায় হিচাবে অনুপম ৰূপত সুৰক্ষিত কৰা হৈছে । ই সুৰক্ষিত অঞ্চল বা আলেকাবোৰক জৈৱ সংৰক্ষিত অঞ্চল  ( biosphare reserve ) বোলা হয় ।

প্ৰশ্ন:- ৪ ) অৰণ্য ভূমি (forest area ) আৰু অৰণ্যৰ আৱৰণৰ ( forest cover ) মাজত পাৰ্থক্য কি ? 

উত্তৰঃ- ১) অৰণ্য ভূমি মানে হল গছ থাকক বা নাথাকক হাবি হিচাপে চিহ্নিত কৰা আৰু তথ্যভুক্ত কৰা মাটিৰ পৰিমাণ আনহাতে অৰণ্যৰ আৱৰণ মানে হল হাবিৰে আবৃত হৈ থকা অঞ্চল ।

২) অৰণ্য ভূমি ৰাজ্যৰ ৰাজহ বিভাগে তথ্যভুক্ত কৰে আনহাতে অৰণ্যৰ আৱৰণ ওপৰৰ পৰা তোলা ফটো আৰু উপগ্ৰহৰ পৰা লোৱা ফটোৰ সহায়ত উলিওৱা হয় ।

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

উত্তৰ লিখা

প্ৰশ্ন:- ১) অৰণ্য সংৰক্ষণৰ কাৰণে কি কি ব্যৱস্থা লোৱা হৈছে ? 

উত্তৰঃ- জীৱন আৰু পৰিবেশৰ লগত অৰণ্যৰ এটা এৰাব নোৱাৰা সম্বন্ধ আছে । দেশৰ তথা আমাৰ ওচৰৰ অৰণ্যবোৰে আমাৰ সমাজ অৰ্থনীতিত বহুত ধৰণৰ মুখ্য বা গৌণ সুবিধা প্ৰদান কৰে । সেয়ে অৰণ্যৰ সংৰক্ষণ কৰাটো এটা অতি প্ৰয়োজনীয় কাম , জীৱ তথা মানুহ বৰ্তি থকাৰ কাৰণে আৰু অৰ্থনৈতিক উন্নতিৰ লাভ কৰা কাৰণে ।

অৰণ্য সংৰক্ষণৰ কাৰণে বহুতো ব্যৱস্থা হাতত লোৱা হৈছে যদিও তলত উল্লেখ কৰা ব্যৱস্থা কেইটা উল্লেখযোগ্য – 

ক) দেশৰ মুঠ মাটিকালিৰ ৩৩% অঞ্চলত হাবিৰ সৃষ্টি কৰা ।

খ) যিবিলাক অঞ্চলত পৰিবেশৰ সমতা বিঘ্নিত হোৱা পৰিলক্ষিত হৈছে , তেনেবোৰ অঞ্চলত পৰিৱেশিক সুস্থিৰতা ঘূৰাই অনাত গুৰুত্ব প্ৰদান কৰা ।

গ) দেশৰ জৈৱ বৈচিত্ৰতা আৰু জেনেটিক পুল ( genetic pool ) ৰক্ষা কৰাত গুৰুত্ব প্ৰদান কৰা ।

ঘ) মাটিৰ খহনীয়া ৰোধ , মৰুভূমি বর্দ্ধন ৰোধ , বানপানী ৰোধ আৰু খৰাং ৰোধ কৰাত গুৰুত্ব প্ৰদান কৰা ।

ঙ) সামাজিক বননিকৰণৰ সহায়ত অৰণ্যৰ আৱৰণ বৃদ্ধি কৰা আৰু নষ্ট হোৱা ভূমিকা নতুনকৈ অৰণ্যৰ সৃষ্টি কৰা ।

চ) স্থানীয় গাঁওবাসীক সহায় কৰাব পৰাকৈ   অৰণ্যৰ উৎপাদন বৃদ্ধি কৰা ।

ছ) জন আন্দোলন গঢ়ি তোলা আদি বিভিন্ন আঁচনিৰ জৰিয়তে অৰণ্য সংৰক্ষণৰ ব্যবস্থা লোৱা হৈছে ।

প্ৰশ্ন :- ২) হাবি আৰু বনৰীয়া জন্তুৰ সংৰক্ষণৰ কাৰণে , মানুহৰ অংশগ্ৰহনে কেনেধৰনে সহায় কৰিব পাৰে বা কাৰ্যকৰী হব পাৰে ? 

উত্তৰঃ- মানুহৰ সক্ৰিয় অংশগ্ৰহনে হাবি আৰু বনৰীয়া জন্তুৰ সংৰক্ষণত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । কিয়নো মানুহ বিশেষ কৈ গাঁৱলীয়া বা জনজাতীয় সমাজ আৰু অৰণ্যৰ মাজত এটা এৰাব নোৱাৰা সম্পৰ্ক দেখা যায় । এটাক বাদ দি অন্য এটাৰ উন্নতিৰ দিশত বাধা আহি পৰে ।

দেশত জনসংখ্যা বৃদ্ধি পোৱাৰ ফলত হাবি আৰু বনৰীয়া জন্তুৰ ওপৰত দিনক দিনে হেঁচা পৰি আহিছে । কৰবাত হাবি বা অৰণ্য ভূমি ধ্বংস হৈ আছে আনহাতে আন কোনোবা ঠাইত বনৰীয়া জন্তুৰ সংখ্যা হ্ৰাস পাব লাগিছে । যাৰ ফলত পৰিস্থিতিৰ ভাৰসাম্য বিনষ্ট হব ধৰিছে । সেয়ে পৰিবেশ সুস্থিৰ কৰি ৰাখিবলৈ আমি আটায়ে যত্ন পৰ হৈ কাম কৰিব লাগিব ।

হাবি আৰু বনৰীয়া জীৱ জন্তু সংৰক্ষণৰ ক্ষেত্ৰত আমি বহুতো আঁচনি গ্ৰহণ কৰা দেখা পাওঁ । সেইবোৰৰ ভিতৰত চিপকো আন্দোলনৰ ( chipko movement ) কথা উল্লেখ কৰিব পাৰি । যিয়ে অৰণ্য ভূমিৰ সংৰক্ষণৰ লগতে জীৱ জন্তুবোৰৰ সংৰক্ষণত সাধাৰণ গাঁৱলীয়া লোকৰ অংশ গ্ৰহণ এটা উল্লেখযোগ্য দিশ । সামাজিক বননিকৰণ ( social forest ) আৰু পাম বননিকৰণৰ ( forestry ) জৰিয়তে দেশৰ হাবি আৰু জীৱ জন্তু সংৰক্ষণত যথেষ্ট কাৰ্যকৰী হোৱা পৰিলক্ষিত হৈছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top