Class 11 Geography Chapter 20 জলবায়ু

Class 11 Geography Chapter 20 জলবায়ু Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Geography Chapter 20 জলবায়ু and select needs one.

SCERT Class 11 Geography Chapter 20 জলবায়ু

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 20 জলবায়ু Solutions for All Subject, You can practice these here…

জলবায়ু

অধ্যায় –২০

ভূগোল – দ্বিতীয় খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

ক) তলৰ বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা ।

প্ৰশ্ন:- ১)শীতকালিত তামিলনাডু উপকুলত বৰষুণৰ সৃষ্টি কিহৰ কাৰণে হয় ? 

ক) দক্ষিণ পশ্চিম মৌচুমী 

খ) উত্তৰ পূৱ মৌচুমী 

গ) সম মণ্ডলীয় ঘূর্ণীবতাহ 

ঘ) স্থানীয় বতাহৰ সোঁত 

উত্তৰঃ- ক) দক্ষিণ পশ্চিম মৌচুমী ।

প্ৰশ্ন:-২) ভাৰতবৰ্ষৰ কিমান পৰিমানৰ (অনুপাতত)ঠাইত বৰষুণৰ মাত্ৰা বছৰি ৯৫ ছে. মিটাৰতকৈ কম ?

ক) আধা অংশত 

খ) ২/৩ অংশত 

গ) ১/৩ অংশত

ঘ) ৩/৪ অংশত 

উত্তৰঃ- গ) ১/৩ অংশত ।

প্ৰশ্ন:- ৩)দক্ষিণ ভাৰতৰ ক্ষেত্ৰত তলৰ কোনটো কথা নাখাটে ? 

ক) উত্তাপৰ দৈনিক পৰিসৰ ইয়াত কম 

খ) উত্তাপৰ বছৰেকীয়া পৰিসৰ ইয়াত কম 

গ) গোটেই বছৰ জুৰি উত্তাপ উচ্চ হৈ থাকে  

ঘ) ইয়াত চৰম ভাবপন্ন জলবায়ু পোৱা যায়

উত্তৰঃ- ঘ) ইয়াত চৰম ভাবপন্ন জলবায়ু পোৱা যায় ।

প্ৰশ্ন:-৪) দক্ষিণ গোলাৰ্ধত মকৰক্ৰান্তি ৰেখাৰ ওপৰত সূৰ্য যেতিয়া পুনহৈ থাকে তলত দিয়াবোৰ কোনটো সংঘটিত হয় ? 

ক) উত্তৰ পশ্চিম ভাৰতৰ উচ্চ চাপৰ সৃষ্টি হয়, উত্তাপ কমি যোৱাৰ কাৰণে ।

খ) উত্তৰ পশ্চিম ভাৰতত নিম্ন চাপৰ সৃষ্টি হয় , উত্তাপ বাঢ়ি যোৱাৰ কাৰণে ।

গ) উত্তৰ পশ্চিম ভাৰতত উত্তাপ আৰু চাপৰ কোনো পৰিৱৰ্তন নহয় ।

ঘ) উত্তৰ পশ্চিম ভাৰতত লু বতাহ বলে 

উত্তৰঃ- খ) উত্তৰ পশ্চিম ভাৰতত নিম্ন চাপৰ সৃষ্টি হয় , উত্তাপ বাঢ়ি যোৱাৰ কাৰণে ।

প্ৰশ্ন:-৫) কোপেনৰ জলবায়ুৰ শ্ৰেণীবিভাগ মতে ‘As’ প্ৰকাৰৰ জলবায়ু ভাৰতৰ কোনখন ৰাজ্যত দেখা পোৱা যায় ? 

ক) কেৰেলা আৰু কৰ্ণাটকৰ উপকুলত 

খ) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত 

গ) কৰমণ্ডল উপকুলত 

ঘ) অসম আৰু অৰুণাচল প্ৰদেশত 

উত্তৰঃ- গ) কৰমণ্ডল উপকুলত ।

তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰা

প্ৰশ্ন:- ১) ভাৰতৰ বতৰত প্ৰভাৱ পেলোৱা প্ৰধান কাৰণ কি ? 

উত্তৰঃ- ভাৰতৰ বতৰত প্ৰভাৱ পেলোৱা বহুতো কাৰণ দেখা যায় যদিও তলৰ তিনিটা কাৰণ প্ৰধান বুলি গন্য কৰিব পাৰি ।

ক) ভূ- পৃষ্ঠাত বায়ুৰ চাপ আৰু প্ৰৱাহিত বতাহ ।

খ) জেট প্ৰবাহ (Jet stream) আৰু উচ্চ স্তৰীয় বায়ু প্ৰবাহ (upper- aircirculation) 

গ) শীতকালত পশ্চিমীয়া অশান্ত ঘূৰ্ণি বতাহ (Western disturbanxces) ক্ৰান্তীয় নিম্নচাপ (Tropical cyclone) 

প্ৰশ্ন:-২) অন্তক্ৰান্তীয় মণ্ডল (ITCZ) কি  ?  

উত্তৰঃ-অন্তক্ৰান্তীয় মণ্ডল (interpical convergencee zone) এক নিম্ন চাপ যুক্ত অঞ্চল । ই বিষুৱ ৰেখাৰ ঠিক ওপৰতে অৱস্থিত । বিষুৱ ৰেখাৰ উত্তৰ আৰু দক্ষিণ দিশৰ পৰা বৈ অহা বাণিজ্য বতাহ (trade winds) এই অঞ্চলত মুখা-মুখি হয়  আৰু ফল স্বৰূপে বায়ু ওপৰলৈ উঠি যায় ।

প্ৰশ্ন:-৩) মৌচুমীৰ হঠাৎ উদ্ভাৱন (brusting of monsoon) মানে কি ? অধিক বৰষুণ হোৱা ভাৰতৰ ঠাইবোৰৰ নাম লিখা ? 

উত্তৰঃ- ভাৰতবৰ্ষ এখন মৌচুমী প্ৰধান দেশ । মৌচুমী বায়ু ই ভাৰতৰ জনজীৱন নিয়ন্ত্ৰণ কৰাৰ উপৰিও দেশৰ অৰ্থনীতি নিৰ্ভৰ কৰে । দক্ষিণ পশ্চিম মৌচুমী বতাহে যেতিয়া প্ৰচুৰ পৰিমাণে জলীয় ভাপ লগত লৈ গাজনি – ঢেৰেকনি আৰু বিজুলীৰে বৰষুণ দিয়া আৰম্ভ কৰে তেনে পৰিৱেশক বা ঘটনাক মৌচুমীৰ হঠাৎ উদ্ভাৱন বোলা হয় ।

ভাৰতৰ অধিক বৰষুণ হোৱা ঠাইখনৰ নাম হল মৌচিনৰাম (মেঘালয় ৰাজ্যত)।

প্ৰশ্ন:-৪) জলবায়ু অঞ্চল কাক বোলে ? কোপেনৰ শ্ৰেণীবিভাগ কিহৰ ওপৰত নিৰ্ভৰশীল ?

উত্তৰঃ- ভূ- পৃষ্ঠৰ উপৰিভাগত এনে কিছুমান অঞ্চল আছে য’ত জলবায়ুৰ বিভিন্ন কাৰক বোৰৰ মাজত যথেষ্ট মিল থকা দেখা যায় বা প্ৰায় একে হয় ।এনে ধৰণৰ অঞ্চলবোৰক জলবায়ু অঞ্চল বোলে ।

কোপেনৰ জলবায়ু বিভাজনৰ প্ৰধান কাৰক দুইবিধ তলত উল্লেখ কৰা হল –

ক)উত্তাপ (Temperature) 

খ) বৰষুণ (Rainfall)

প্ৰশ্ন:-৫) শীতকালী উত্তৰ পশ্চিম ভাৰতত কোন প্ৰকাৰৰ ঘূৰ্ণি বতাহৰ দ্বাৰা বৰষুণ হয় ? ঘূৰ্ণি বতাহবোৰৰ আৰম্ভণি ক’ত ?

উত্তৰঃ- শীতকালি উত্তৰ পশ্চিম ভাৰতত সাধাৰণতে পশ্চিম অশান্ত ঘূৰ্ণি বতাহৰ (western disturbances) দ্বাৰা বৰষুণ হয় । ঘূর্ণী বতাহবোৰৰ আৰম্ভণি ভূমধ্য সাগৰীয়া (mediterranean sea) অঞ্চলত হোৱা দেখা যায় ।

তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা

প্ৰশ্ন:-১) বহল ভিত্তিত জলবায়ুৰ মিল সত্বেও ভাৰতৰ জলবায়ুৰ বহুতো আঞ্চলিক ভিন্নতা আছে উপযুক্ত উদাহৰণেৰে এই উক্তিটো বহলাই লিখা ।

উত্তৰঃ- বহল ভিত্তিত জলবায়ুৰ বহুতো মিল থকা সত্বেও ভাৰতৰ জলবায়ুৰ বহুতো আঞ্চলিক ভিন্নতা দেখা যায় । এনে ভিন্নতাৰ প্ৰধান কাৰণবোৰ তলত উল্লেখ কৰা হল ।

ক) অৱস্থিতি আৰু বন্ধুতাৰ সতে জড়িত কাৰক 

খ) বায়ুৰ চাপ আৰু বতাহৰ সতে জড়িত কাৰক 

ক) অৱস্থিতি আৰু বন্ধুতাৰ সতে জড়িত কাৰকসমূহ হল –

১) অক্ষঅংশৰ (Latitude); অক্ষঅংশ ভেদে ভাৰতত বিভিন্ন ধৰণৰ জলবায়ু পোৱা যায় । উদাহৰণ স্বৰূপে দক্ষিণ ভাৰতত ক্ৰান্তীয় জলবায়ু পোৱাৰ বিপৰীতে উত্তৰ ভাৰতত সম মণ্ডলীয় জলবায়ু বিৰাজমান । আকৌ পূব প্ৰান্তত গৰম সেমেকা জলবায়ু পোৱাৰ বিপৰীতে পশ্চিম ভাৰতত গৰম আৰু শুকান জলবায়ু পোৱা যায় ।

২) হিমালয় পৰ্বত অৱস্থিতিয়েও ভাৰতৰ জলবায়ুৰ ওপৰত যথেষ্ট প্ৰভাৱ আছে ।

৩) সমুদ্ৰৰ পৰা দূৰত্ব অনুযায়ী বিভিন্ন ঠাইত বিভিন্ন জলবায়ু পৰিলক্ষিত হয় । উপকূলীয় অঞ্চলৰ জলবায়ু সমভাবপন্ন হোৱাৰ বিপৰীতে দেশৰ মাজভাগত চৰম জলবায়ু বিৰাজমান ।

৪) দেশৰ বন্ধুতা একে হোৱা দেখা নাযায় । সেয়ে বন্ধুতা ভেদে জলবায়ু বেলেগ হোৱা পৰিলক্ষিত হয় ।

খ) বায়ুৰ চাপ আৰু বতাহৰ সতে জড়িত কাৰক হয় ।

১) ভাৰতৰ ভূ- পৃষ্ঠত বায়ুৰ চাপ বিভিন্ন হোৱা দেখা যায় । এই বায়ু চাপ ভিন্নতা  হোৱা লগতে বতাহৰ বিতৰণ বেলেগ অঞ্চল ভেদে বেলেগ সেয়ে এনে চাপ আৰু বতাহৰ বিতৰণ ভেদে জলবায়ুৰ আঞ্চলিক  ভিন্নতা বিৰাজমান ।

২) উচ্চস্তৰীয় বায়ু প্ৰবাহ আৰু জেট প্ৰবাহৰ প্ৰভাৱত দেশৰ বিভিন্ন অংশত ভিন্ন জলবায়ু বিৰাজমান হয় ।

৩) পশ্চিমীয়া অশান্ত ঘূৰ্ণি বতাহ আৰু দক্ষিণ পশ্চিম মৌচুমী বতাহৰ অনিয়মীয়া ক্ৰিয়াৰ বাবে দেশৰ বিভিন্ন অংশত বৰষুণৰ বিতৰণ সমান নহয় । সেয়ে দেশৰ বিভিন্ন অঞ্চলত বিভিন্ন জলবায়ু পৰিলক্ষিত হয় ।

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

প্ৰশ্ন:-২) ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দিয়ামতে ভাৰতবৰ্ষৰ কেইটা ঋতু  সুস্পষ্ট ? ইয়াৰ যি কোনো এটা ঋতুৰ লগত জড়িত বতৰৰ অৱস্থা বোৰৰ বিষয়ে বিতংভাৱে লিখা ।

উত্তৰঃ- ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দিয়ামতে ভাৰতবৰ্ষৰ চাৰিটা ঋতু সুস্পষ্ট । সেইকেইটা হ’ল- 

ক) শীতকাল ( The cold weather season ) 

খ) গ্ৰীষ্মকাল ( The hot weather season )

গ) দক্ষিণ পশ্চিম মৌচুমী কাল (The south mousoon season)

ঘ) মৌচুমী পশ্চাৎ কাল (The retreation mousoon season) 

ওপৰত উল্লেখ কৰা চাৰিটা ঋতুৰ লগত ভাৰতবৰ্ষৰ জনজীৱন আৰু অৰ্থনীতিৰ মাজত বৰ গুৰুত্ব সম্পৰ্ক আছে  প্ৰতিটো ঋতুৰ অৱদান তথা বৈশিষ্ট্য সুকীয়া । তথাপিতো দক্ষিণ পশ্চিম মৌচুমী ঋতুৰ অৱদানৰ এক বিশেষ বৈশিষ্ট্য আছে দেশখনৰ জনসাধাৰণ আৰু অৰ্থনীতিৰ ওপৰত 

দক্ষিণ পশ্চিম মৌচুমী ঋতু :- এই ঋতুত ভাৰতবৰ্ষৰ ওপৰৰে দক্ষিণ পশ্চিম দিশৰ পৰা প্ৰচুৰ পৰিমাণে জলীয় ভাব লগত লৈ যি বতাহ আহে , সেই বতাহ জাকৰ দুই ভাগত বিভক্ত হৈ ভাৰতৰ পৰিসীমাত প্ৰৱেশ কৰে । সেই ভাগ দুটা হল –

(ক) বঙ্গোপ সাগৰেদি অহা শাখা । আৰু  

(খ) আৰব সাগৰেদি অহা শাখা । 

বঙ্গোপ সাগৰেদি অহা বতাহজাকে হিমালয় পৰ্বত আৰু উত্তৰ পূৱত থকা নিম্ন চাপ প্ৰভাৱত দুটা ভাগত বিভক্ত হয় । ইয়াৰে এটা ভাগে গঙ্গা সম ভূমিয়েদি পশ্চিম ফালে গতি কৰি সমভূমি অঞ্চলত বৰষুণ দি যায় । আনটো শাখাই মেঘালয় ৰাজ্যত খুন্দা খাই এই  অঞ্চলত বৰষুণ দিয়ে ।

আনহাতে আৰব সাগৰেদি ভাৰতত প্ৰৱেশ কৰা বতাহ জাকে দেশখনৰ পশ্চিম উপকূলীয় অঞ্চলত খুন্দা খাই সেইবোৰ অঞ্চলত বৰষুণ দিয়ে । এইদৰে দেশখনৰ নানা ঠাইত দক্ষিণ পশ্চিম মৌচুমী বতাহ জাকে বৰষুণ দিয়াৰ ফলত বাঢ়ি অহা উত্তাপৰ উপশম ঘটে ইয়াৰ উপৰিও দেশখনৰ কৃষি কাৰ্যত এই বতাহ জাকে সৃষ্টি কৰা বৰষুণে পানীৰ যোগান ধৰি দেশৰ অৰ্থনীতিত যথেষ্ট অৰিহনা যোগায় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top