Class 11 Geography Chapter 16 জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ

Class 11 Geography Chapter 16 জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Geography Chapter 16 জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ and select needs one.

SCERT Class 11 Geography Chapter 16 জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 16 জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ Solutions for All Subject, You can practice these here…

জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ

অধ্যায় –১৬

ভূগোল-প্ৰথম খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

ক) শুদ্ধ উত্তৰ লিখা –

প্ৰশ্ন : -১) জীৱ বিচিত্ৰতাৰ সংৰক্ষণৰ প্ৰয়োজন হৈছে

ক) জীৱ জন্তুৰ কাৰণে। 

খ) জীৱ জন্তু আৰু উদ্ভিদৰ কাৰণে।

গ) উদ্ভিদৰ কাৰণে। 

ঘ) সকলো জীৱৰ কাৰণে। 

উত্তৰঃ –  ঘ) সকলো জীৱৰ কাৰণে ।

প্ৰশ্ন : -২) অসুৰক্ষিত প্ৰজাতি বোৰ হল

ক) যিয়ে আনক ভয় খুৱাই। 

খ) সিংহ আৰু বাঘ।

গ) সংখ্যাত অতি বেছি। 

ঘ) বিলুপ্তিৰ পথত আগবাঢ়িছে। 

উত্তৰঃ – ঘ) বিলুপ্তিৰ পথত আগবাঢ়িছে ।

প্ৰশ্ন : – ৩) তলৰ কোনটো উদ্দেশ্যৰ কাৰণে ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য বোৰ স্থাপন কৰা হৈছে –

ক) আমোদ – প্ৰমোদ। 

খ) চিকাৰ ।

গ) পোহনীয়া ।

ঘ) সংৰক্ষণ। 

উত্তৰঃ – ঘ) সংৰক্ষণ  ।

প্ৰশ্ন : – ৪) জৈৱ – বৈচিত্ৰ তলৰ কোনটো অঞ্চলত অধিক 

ক) ক্ৰান্তীয় অঞ্চল। 

খ) মেৰু অঞ্চল।

গ) সমতলীয় অঞ্চল। 

ঘ) মহাসাগৰ বোৰ।

উত্তৰঃ – ক) ক্ৰান্তীয় অঞ্চল  ।

প্ৰশ্ন : – ৫)  তলৰ কোনখন দেশত বিশ্ব সন্মিলন ( sumit ) অনুষ্ঠিত হৈছিল- 

ক) যুক্ত ৰাজ্য ( U . K )।

খ) মেক্সিকো ( maxico )।

গ) ব্ৰাজিল ( brazil )।

ঘ) চীন দেশ ( china )। 

উত্তৰঃ – গ) ব্ৰাজিল ( ৰিঅ’ – ডি জেনেৰিয় চহৰত ) ( brazil )

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া

প্ৰশ্ন : -১) জৈৱ বৈচিত্রতা কি ?

উত্তৰঃ – পৃথিৱী পৃষ্ঠৰ কোনো এটা নিৰ্দিষ্ট ভৌগালিক  অঞ্চলত থকা জীৱৰ সংখ্যা আৰু প্ৰকাৰক চমুকৈ জৈৱ বৈচিত্ৰতা ( biodiversity ) বোলা হয় । ই দুটা শব্দৰ সংযোজন । এটা হল জীৱ ( bio ) আৰু আনটো হল বিচিত্ৰ ( variety ) । এই শব্দটোৰ পৰাই ইয়াৰ বিষয়ে বুজা যায় । যিয়ে এক ভৌগোলিক ক্ষেত্ৰৰ ( geo graphical area ) ভিতৰত থকা নানা প্ৰকাৰৰ উদ্ভিদ , জীৱ জন্তু , সূক্ষ্ম প্ৰাণীবোৰ , ইহঁতৰ গাত থকা জিন ( genes ) বোৰ আৰু সিহঁতে গঢ়ি তোলা পৰিস্থিতি তন্ত্ৰ বোৰ সামৰি লয় । জৈৱ বিচিত্ৰতা সৃষ্টি হৈছে শ শ নিযুত বছৰৰ ক্ৰমবিকাশৰ বুৰঞ্জীৰ ফলশ্ৰুতিত । 

প্ৰশ্ন : – ২)  জীৱ – বিচিত্ৰতাৰ বেলেগ স্তৰবোৰ কি ?

উত্তৰ :- জীৱ- বিচিত্ৰতাৰ তিনিটা স্তৰ দেখা যায় । সেই কেইটা হ’ল –

ক)অনুবংশিক জৈৱ বৈচিত্ৰ ( genetic diversity)।

খ) প্ৰজাতীয় সম্পর্কীয় ( species diversity)। 

গ) পৰিস্থিতি তন্ত্ৰীয় বৈচিত্ৰতা ( ecosystem diversity)। 

ক) বিভিন্ন ধৰণৰ জীৱ সৃষ্টিৰ মূলতে হ’ল জিনবোৰ (genes) । 

একে প্ৰজাতিৰ ভিতৰত থকা  জিনৰ ভিন্নতাকে অনুবংশিক জৈৱ বৈচিত্ৰতা বোলা হয় । মানুহ বোৰ হ’ল হোমো চেপিয়নচ (homo sepiens) গোটৰ ভিতৰুৱা আৰু সিহঁতৰ মাজত প্ৰকৃতগত গুণৰ পাৰ্থক্য আছে যেনে – উচ্চতা , বৰণ , ঠগ আদিত । এই পাৰ্থক্য হৈছে জিনবোৰৰ কাৰণে আৰু ইয়াকে অনুবংশিক বিচিত্ৰতা বোলা হয় ।

খ) প্ৰজাতিয়ে বৈচিত্ৰতা মানে হ’ল প্ৰজাতিৰ ভিন্নতা বা কোনো এটা নিৰ্দিষ্ট অঞ্চলত কিমান প্ৰকাৰৰ প্ৰজাতিৰ জীৱ আছে সেইটো বুজোৱা হয় প্ৰজাতীয় বৈচিত্ৰতাৰ জৰিয়তে ।

গ) কোনো এক অঞ্চলৰ পৰিস্থিতৰ তন্ত্রৰ প্ৰকাৰবোৰ  তাৰ বাসিন্দাসকলৰ ভিন্নতা পৰিস্থিতিক পদ্ধতিবোৰ আদিৰ মাজত থকা বহল পাৰ্থক্য বা প্ৰভেদবোৰৰ সমন্বিতে পৰিস্থিতি তন্ত্ৰ বিচিত্ৰতাই গঢ় লৈ উঠে ।

প্ৰশ্ন:- ৩) হটস্পটচ ( hotspots ) মানে কি বুজা ?

উত্তৰ:- পৃথিৱীৰ উপৰিভাগত জৈৱ বিচিত্ৰতা সকলো ঠাইতে একে নহয় । আনহাতে জৈৱ বিচিত্ৰতা মানে হ’ল কোনো এটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত জীৱৰ সংখ্যা আৰু প্ৰকাৰৰ সমষ্টি । পৃথিৱীৰ ওপৰিভাগত কিছুমান অঞ্চল আছে, যি আন অঞ্চলতকৈ প্ৰজাতিৰ ক্ষেত্ৰত অধিক ধনী । যিবোৰ অঞ্চলত বেলেগ বেলেগ ধৰণৰ অধিক প্ৰজাতি দেখা যায় তাকে বিচিত্ৰতাৰ হটস্পটছ ( hotspots) বোলা হয় ।

প্ৰশ্ন:-৪) মানুহৰ কাৰণে জীৱ জন্তুৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা ।

উত্তৰ:- এই পৃথিৱীৰ সকলো বস্তু মানৱ জাতিৰ বাবে অতি গুৰুত্বপূৰ্ণ । পৃথিৱীৰ কোনো এটা উপাদান নাথাকিলে বা নোহোৱা হলে মানৱ সমাজ আচল হৈ পৰিব অথবা মানুহ জীয়াই থকাটোৱে অসম্ভৱ হব । আনহাতে মানৱ জাতি নাথাকিলে কিন্তু পৃথিৱীৰ বিভিন্ন উপাদানসমূহৰ কোনো অনিষ্ট নহয় অথবা জীৱ জন্তুবোৰ জীয়াই থকাত কোনো অসুবিধা নহব ।

পৃথিৱীৰ নানা জীৱ জন্তু সমূহ এই বাবেই প্ৰয়োজন যিবোৰে মানুহৰ প্ৰয়োজনীয় বস্তু  সমূহ উৎপাদন কৰে মানুহক যোগান ধৰে ।  খোৱা খাদ্যৰ পৰা আৰম্ভ কৰি কাপোৰ – কানি , যান – বাহন ,বিভিন্ন ঔষধ পাতি জীৱ জন্তুৰ পৰাই মানৱ জাতিয়ে লাভ কৰে । আনহাতে মানুহে উৎপাদন কৰা অথচ মানুহৰ কামত নহা বহু বস্তু কিছুমান  জীৱ জন্তুই ব্যৱহাৰ কৰি মানৱ জাতিক নিকা কৰি ৰাখে । সেয়ে মানুহ আৰু জীৱ জন্তুৰ মাজত সম্পৰ্ক বৰ গুৰুত্বপূৰ্ণ দেখা যায় । 

প্ৰশ্ন:- ৫) বাহিৰৰ পৰা অহা প্ৰজাতি ( exotic species) মানে কি বুজা ? 

উত্তৰ:- আমি জানো যে পৃথিৱীৰ বিভিন্ন জৈৱ – বৈচিত্ৰতাৰে ভৰপূৰ ।এনেকুৱা কিছুমান পৰিৱেশ আছে যত কিছুমান জীৱ জন্তু বা প্ৰজাতি জীয়াই থকাটো বৰ কঠিন ।তেনে পৰিস্থিতি সেই প্ৰজাতিৰ জীৱক অন্য এটা পৰিৱেশত আনি ৰখা হয় । তেতিয়া তাক বহিৰাগত প্ৰজাতি  বা বাহিৰৰ পৰা অহা প্ৰজাতি (exotic species) বুলি কোৱা হয় । অবশ্য 

এনে কাৰ্যৰ ফলত স্থানীয় প্ৰজাতিবোৰৰ বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা দেখা যায় ।

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া

প্ৰশ্ন:- ১) জৈৱ – বৈচিত্ৰতা, প্ৰকৃতিক আকৃতি দিয়াত ( গঠন কৰাত) কি ধৰণৰ ভূমিকা পালন কৰিছে ? 

উত্তৰ:-  পৃথিৱীখন বৈচিত্ৰৰে ভৰপূৰ ( full of diversity ) এই ভৰপূৰ সম্ভৱ হৈছে জৈৱ বিচিত্ৰ তাৰ বাবেহে পৃথিৱী পৃষ্ঠৰ বিভিন্ন অংশত নানা জৈৱ বিচিত্ৰ তা পোৱা যায় বাবে পৃথিৱীখন ইমান সুন্দৰ দেখা যায় । সেয়ে আমি কব পাৰো প্ৰকৃতিক আকৃতিৰ দিয়াত জৈৱ বিচিত্ৰ তাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । 

জৈৱ বৈচিত্ৰতা ভিন্ন হোৱাৰ বাবে আমি মানুহকে আদি কৰি ভিন্ন জীৱ জন্তু তথা গছ গছনি বিভিন্ন পৰিৱেশত পোৱা যায় । উদাহৰণ স্বৰূপে আমি উল্লেখ কৰিব পাৰে – ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ( North East Indiya ) । এই অঞ্চলৰ এখন অতি গুৰুত্বপূৰ্ণ ৰাজ্য হল অসম । 

এই অসমৰ মাটিত পোৱা যায় এক শিঙীয়া গঁড় ( one hornrhinoceros) যি বিধ প্ৰাণী পৃথিৱীৰ আন কোনো ঠাইত পোৱা নাযায় । সেই বাবে এই অঞ্চলৰ জৈৱ বৈচিত্ৰ্যৰ এক সুকীয়া স্থান দেখা যায় । একেদৰে কেংগাৰু নামৰ প্ৰাণী বিধ কেৱল মাত্ৰ অষ্ট্ৰেলিয়া মহাদেশত হে পোৱা যায় । সেয়ে সেই মহাদেশৰ জৈৱ বৈচিত্ৰ্যৰ আদৰ পৃথিৱীৰ সকলো ঠাইতে বিৰাজ মান । 

জেব্ৰা আৰু জিৰাফ নামৰ প্ৰাণী কেইবিধ আকৌ আফ্ৰিকা মহাদেশতহে পোৱা যায় । আফ্ৰিকাৰ বাদে পৃথিৱীৰ অন্য ঠাইত পোৱা নাযায় । সেয়ে এনেকুৱা ধৰণৰ প্ৰাণী কুলৰ বাবে সেই দেশৰ জৈৱ বৈচিত্ৰ্যৰ আদৰ বিশ্বব্যাপি । ইয়াৰ ফলত আমি আন এটা কথা উল্লেখ কৰিব পাৰো সেইটো হল উষ্ণ মৰুভূমিৰ কথা । এই মৰুভূমি বোৰত আমি প্ৰধান জীৱ 

দেখিবলৈ পাওঁ উট ( camel ) । যিয়ে তাত বসবাস কৰা মানুহক যান – বাহনৰ সুবিধা দিয়াৰ উপৰিও খাদ্যৰ যোগান ধৰে । ইয়াৰ উপৰিও মৰুভূমিত পানীৰ অভাৱৰ বাবে জোপোহা তথা বৃহৎ গছৰ পৰিবৰ্তে কাঁইটীয়া গছহে পোৱা যায় । যিয়ে তাৰ সুকীয়া জৈৱ বৈচিত্ৰ্য গঠন কৰি আহিছে । শীতল মৰুভূমি বোৰত আকৌ অন্য জীৱজন্তু তথা গছ গছনি পোৱা যায় যিয়ে তাত বিশেষ জৈৱ বৈচিত্ৰ্য গঠন কৰে । 

জীৱ জন্তুৰ বাহিৰে গছ গছনিৰ কথা উল্লেখ কৰিবলৈ দেখা যায় যে পৃথিৱীৰ বিভিন্ন অংশত বিভিন্ন জৈৱ বৈচিত্ৰ্য গঠন কৰিছে । উদাহৰণ উল্লেখ কৰিব পাৰো ক্ৰান্তীয় অঞ্চলৰ কথা । এই অঞ্চলত যি জৈৱ বৈচিত্ৰ্য দেখিবলৈ পাওঁ , সমমণ্ডলীয় বা ঘাঁহনি অঞ্চলত তেনে বৈচিত্ৰ্য দেখিবলৈ পোৱা নাযায় । 

ওপৰৰ আলোচনাৰ পৰা দেখা গল যে পৃথিৱীৰ বিভিন্ন অংশত ভিন্ন জৈৱ বৈচিত্ৰ্য বিৰাজমান । অৰ্থাৎ প্ৰকৃতিক আকৃতি দিয়াত জৈৱ বৈচিত্ৰ্য ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । কীয়নো জৈৱ বৈচিত্ৰ্য বেলেগ হোৱা বাবে আমি বেলেগ বেলেগ অঞ্চলত বেলেগ বেলেগ ভূ আকৃতিক প্ৰক্ৰিয়া তথা অন্য ক্ৰিয়া বেলেগ বেলেগ হোৱা দেখা পাওঁ । যিয়ে একলগ হৈ প্ৰকৃতিৰ আকৃতি গঠন কৰাত অৰিহনা যোগায় । অৱশ্যে এইটো কথা উল্লেখ কৰিব লাগিব যে আকৃতি বেলেগ হোৱা বাবেহে নানা ঠাইত ভিন্ন জৈৱ – বৈচিত্ৰ্য বিৰাজমান । যদি গোটেই পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ একে হলহেঁতেন , তেনে  পৰিস্থিতিত আমি একে জৈৱ বৈচিত্ৰ্য হে পালোঁ হেতেন । সেয়ে শেষত কব পাৰো , যে জৈৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক গঠনৰ মাজত একে নিবিড় সম্পৰ্ক আছে । যাৰ বাবে এই পৃথিৱীখন দেখিবলৈ ইমান সুন্দৰ । 

প্ৰশ্ন : – ২) জৈৱ বৈচিত্ৰতাৰ ক্ষতিৰ কাৰণে কোনবোৰ কাৰক প্ৰধানকৈ জগৰীয়া ? এই ক্ষতি নিৰ্মূল কৰাৰ কাৰণে কি ব্যৱস্থা লোৱা দৰকাৰ ?

উত্তৰঃ – জৈৱ বৈচিত্ৰ্য তাৰ ক্ষতিৰ কাৰনে বহুতো কাৰকেই জগৰীয়া । যদিও তলত উল্লেখ কৰা কাৰক সমূহ বেছি পৰিমাণে জগৰীয়া বুলি গণ্য কৰা হয় –

ক) মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ । অৰ্থাৎ মানৱ জাতিয়ে নিজৰ তথা দেশৰ অৰ্থনৈতিক উন্নয়নৰ নামত প্ৰকৃতিত পোৱা সম্পদ বোৰৰ ব্যৱহাৰ একে বাবে কৰিব লাগিছে , যিয়ে আমাৰ অজানিতে পৰিৱেশ বিনিষ্ট কৰিব লাগিছে । তাৰ ফলত জৈৱ বৈচিত্ৰ্য তাৰ ওপৰত বাৰুকৈয়ে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ।

খ) মানুহৰ কাৰ্য কৰ্মক আমি দুই ধৰণে বৰ্ণনা কৰিব পাৰো ।

১) দৰিদ্ৰ শ্ৰেণীটোৱে জীয়াই থকাৰ তাড়নাত জৈৱ বৈচিত্ৰ্য তাৰ ক্ষতি কৰি আছে আৰু

২) ধনী শ্ৰেণীটোৱে আৰু বেছি ধনী হোৱাৰ লোভত জৈৱ বৈচিত্ৰ্য তাৰ ওপৰত ক্ষতি সাধন কৰি আছে । 

৩) তৃতীয়তে উল্লেখ কৰিব পাৰো বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ন ন আবিষ্কাৰৰ কথা । যিয়ে এফালে মানুহৰ অৰ্থনৈতিক উন্নয়ন আনি দিছে সঁচা , কিন্তু ইয়াৰ বিপৰীতে জৈৱ বৈচিত্ৰ্য তাৰ ওপৰত সমাধান কৰিব নোৱাৰা ক্ষতি কৰি আহিছে । উদাহৰণ স্বৰূপে উল্লেখ কৰিব পাৰি পাৰমাণৱিক আৱিস্কাৰ তথা তাৰ পৰীক্ষা সমূহৰ কথা । এই খিনিতে আন এটা সৰু উদাহৰণ দাঙি ধৰিব পাৰো , সেইটো হল যে পাহাৰ পৰ্বতত শিল কটা বা শিল ভঙা কাৰ্য , এই কাৰ্য আমি আটায়ে দেখিছোঁ । পাহাৰৰ শিল ভঙা বা খন্দা কাৰ্যৰ ফলত পাহাৰৰ জৈৱ বৈচিত্ৰতা ধ্বংশ হোৱাই নহয় ই সমতল অঞ্চলতো অনেক ক্ষতি কৰা পৰিলক্ষিত হয় ।

ঘ) মানুহৰ জনসংখ্যা বৃদ্ধিৰ ফলতো পৃথিৱীৰ বিভিন্ন দেশত বিশেষকৈ অনুন্নত দেশ সমূহত জৈৱ বৈচিত্রতাৰ ক্ষতি সাধন হব লাগিছে । 

৫) জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহৰ খাদ্যৰ নাটনি আৰু বাসস্থানৰ অভাৱে দেখা দিছে । এই নাটনি আৰু অভাৱ দূৰ কৰিবলৈ মানুহে প্ৰকৃতিৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে । ফলত জৈৱ বৈচিত্ৰ্যৰ ক্ষতি সাধন হৈছে ।

জৈৱ  বৈচিত্ৰ্য তাৰ ক্ষতি নিৰ্মূল কৰিবলৈ লব পৰা ব্যৱস্থা :

ক ) বিপদগ্ৰস্ত প্ৰজাতিবোৰ ৰক্ষণৰ ব্যৱস্থা কৰা ।

খ)  প্ৰকৃত আঁচনি আৰু ব্যৱস্থাপনাৰ দ্বাৰা বিলুপ্তি বন্ধ কৰা ।

গ) বিভিন্ন খাদ্য শস্য , জীৱ জন্তু , গছ পোহনীয়া চৰাই , জীৱ জন্তু ভক্ষ্যদ্ৰব্য ( forage ) আৰু লগতে বনৰীয়া উদ্ভিদ আৰু জীৱ জন্তুক ৰক্ষা কৰা  ।

ঘ) প্ৰত্যেক দেশেই তাতে বনৰীয়া জীৱ থকা ঠাইবোৰ চিনাক্ত বৰ্গৰ ৰক্ষণৰ ব্যৱস্থা কৰে । 

ঙ) প্ৰজাতিৰ বাসস্থানবোৰ বিপদমুক্ত কৰি সংৰক্ষিত কৰিব লাগে যাতে প্ৰজাতিবোৰে সুকলমে বংশ বৃদ্ধি কৰিব পাৰে । 

চ) বনৰীয়া উদ্ভিদ আৰু জীৱ জন্তুৰ আন্তৰ্জাতিক বাণিজ্য নিয়ন্ত্ৰণ কৰা ।

ছ ) বন সংৰক্ষণৰ ওপৰত প্ৰকৃত আৰু কঠোৰ আইনৰ ব্যৱস্থা কৰা ।

জ) আমি প্ৰত্যেকজন ব্যক্তিয়ে উচিত শিক্ষাৰে শিক্ষিত হব লাগিব ।

ঝ) আমি আটায়ে দেশ তথা প্ৰকৃতিক ভাল পাব লাগিব ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top