Class 11 Geography Chapter 12 পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন

Class 11 Geography Chapter 12 পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Geography Chapter 12 পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন and select needs one.

SCERT Class 11 Geography Chapter 12 পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 12 পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন Solutions for All Subject, You can practice these here…

পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন

অধ্যায় –১২

ভূগোল-প্ৰথম খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

ক) শুদ্ধ উত্তৰটো বাছি উলিওৱা :

প্ৰশ্ন : -১) তলৰ কোনটো কোপেনৰ  “A” প্ৰকাৰৰ জলবায়ুৰ কাৰণে গ্ৰহণযোগ্য ?

ক) ১২ মাহে অধিক বৰষুণ।

খ) আটাইতকৈ শীতল মাহটোৰ গড় উত্তাপ ০° ছেলছিয়াছৰ ওপৰত থাকে।

গ) ১২ মাহৰ ভিতৰত , প্ৰত্যেক মাহৰে গড় উত্তাপ ১৮° ছেলছিয়াছৰ ওপৰত থাকে। 

ঘ) প্ৰত্যেক মাহৰ গড় উত্তাপ ১০° ছে . ৰ তলত থাকে ।

উত্তৰঃ – গ) ১২ মাহৰ ভিতৰত , প্ৰত্যেক মাহৰে গড় উত্তাপ ১৮° ছেলছিয়াছৰ ওপৰত থাকে ।

প্ৰশ্ন : -২) কোপেনৰ জলবায়ু শ্ৰেণী বিভাজনক কোৱা হয় ―

ক) ব্যৱহাৰিক ( Applied )।

খ) প্ৰণালীবদ্ধ ( Systamatic )।

গ) জন্মভিত্তিক বা সৃষ্টিধৰ্মী ( Genetic )।

ঘ) দৃষ্টি ভিত্তিক বা দেখি ধাৰণা কৰা বিধৰ ( Empirical )।

উত্তৰঃ – ঘ) দৃষ্টি ভিত্তিক বা দেখি ধাৰণা কৰা বিধৰ ( Empirical ) ।

প্ৰশ্ন : -৩) কোপেনৰ পদ্ধতিমতে , ভাৰতৰ অধিক অঞ্চলক ভাগকৰা হৈছে তলৰ কোনটোৰে ―

ক) ‘Af ‘                  

খ) ‘BSh’

গ) ‘CFb’                  

ঘ) ‘ Am ‘

উত্তৰঃ – ঘ) ‘ Am ‘ ।

প্ৰশ্ন : -৪)  তলত দিয়া বোৰৰ কোনটো বছৰত গোলকীয় উত্তাপ বেছি আছিল ?

ক)  ১৯৯০।              

খ) ১৯৯৮।

গ)   ১৮৮৫।              

ঘ) ১৯৫০।

উত্তৰঃ – খ) ১৯৯৮ ।

প্ৰশ্ন : – ৫) তলৰ চাৰিটা গোটৰ কোনটোৱে আৰ্দ্ৰ অৱস্থা বুজায় ?

ক) A-B-C-E ।          

খ)  A-C-D-E ।

গ) B-C-D-E ।           

ঘ)  A-C-D-F।

উত্তৰঃ – খ)  A-C-D-E ।

তলত দিয়া বোৰৰ উত্তৰ  লিখা

প্ৰশ্ন : – ১) কোপেনে জলবায়ুক শ্ৰেণী বিভাগ কৰিবলৈ , জলবায়ুৰ কোনদুটা উপাদান ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ – কোপেলৰ পৃথিৱীৰ জলবায়ু সম্পৰ্কীয় শ্ৰেণী বিভাগটো বিস্তাৰিত ভাবে গ্ৰহণযোগ্য আৰু ই নিৰীক্ষণমূলক ( Empirical ) শ্ৰেণী বিভাগৰ অন্তৰ্গত । তেওঁ জলবায়ুক শ্ৰেণী বিভাগ কৰিবলৈ লওঁতে ব্যৱহাৰ কৰা জলবায়ুৰ উপাদান দুটা আছিল উত্তাপ ( Temperature) আৰু বৃষ্টিপাত । এই দুবিধ উপাদানৰ কেইটামান মান ( Value ) তেওঁ নিৰ্দিষ্ট কৰি লৈছিল আৰু তাক উদ্ভিদৰ বিতৰণৰ লগত সম্পৰ্ক স্থাপন কৰিছিল । তাৰ পিছত এই মানবোৰৰ সহায়ত তেওঁ জলবায়ুৰ শ্ৰেণী ভিভাগ কৰিছিল । 

প্ৰশ্ন : – ২) জলবায়ুৰ সৃষ্টি ধৰ্মী শ্ৰেণী বিভাগটো ( genetic ) কি ধৰণে দৃশ্য ধৰ্মী ( empiri – cal ) শ্ৰেণী বিভাগৰ পৰা পৃথক ?

উত্তৰঃ – পৃথিৱীৰ জলবায়ু এনেকুৱা এটা বস্তু যি অতি বিস্তৃত আৰু পৰিবৰ্তনৰ পাৰ্থক্য সহজে গম পোৱা নাযায় । জলবায়ুৰ সৃষ্টধৰ্মী শ্ৰেণী বিভাগটো নিৰ্ভৰ কৰে জলবায়ুৰ কাৰকবোৰৰ ওপৰত । কোনো এক অঞ্চলৰ জলবায়ুৰ কাৰক বোৰ অন্য এক অঞ্চলৰ কাৰক বোৰৰ লগত একে হোৱা দেখা নাযায় । 

সেয়ে এনে ভিন্নতাৰ বাবে জলবায়ু ভিন্নতা দেখা যায় । আনহাতে দৃশ্য ধৰ্মী শ্ৰেণীবিভাগটো নিৰ্ভৰ কৰে তথ্য সংগ্ৰহৰ ওপৰত । বিশেষকৈ উষ্ণতা আৰু বৃষ্টিপাতৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক শ্ৰেণী বিভাগক কৰা হৈছে । কোপেন নামৰ বিজ্ঞানীজনে তেওঁৰ জলবায়ুৰ শ্ৰেণী বিভাগটোত এই দৃশ্য ধৰ্মী ( empirical ) শ্ৰেণী বিভাগ কৰিছে । তেওঁ উত্তাপ আৰু বৃষ্টিপাতৰ সংমিশ্ৰণ ঘটাই কেইটা মান মান ( Value ) নিৰ্দিষ্ট কৰি লৈছিল আৰু তাক উদ্ভিদৰ বিতৰণৰ লগত সম্পৰ্ক স্থাপন কৰি , সেই মান বোৰৰ সহায়ত জলবায়ুৰ শ্ৰেণী বিভাগ কৰিছিল । 

প্ৰশ্ন : -৩) কোন প্ৰকাৰৰ জলবায়ুত উত্তাপৰ পৰিসৰ আটাইতকৈ কম ?

উত্তৰঃ – কোপেনৰ জলবায়ুৰ শ্ৰেণী বিভাগৰ মতে ― E ( মেৰু দেশীয় জলবায়ু ) প্ৰকাৰৰ জলবায়ুত উত্তাপৰ পৰিসৰ আটাইতকৈ কম । এই প্ৰকাৰৰ জলবায়ু ৭০° অক্ষৰেখাৰ পৰা মেৰু বিন্দুলৈ পোৱা যায় । এই প্ৰকাৰটোক দুটা ভাগত বিভক্ত কৰা হৈছে – ১) তুন্দা  ( ET )  আৰু   ২) বৰফস্ত্তপ ( EF ) । এই জলবায়ুৰ প্ৰভাৱত থকা অঞ্চল বিলাক বছৰৰ সকলো সময়তে বৰফে ঢালি ৰাখে । উত্তাপৰ পৰিসৰ তেনেই নগণ্য হোৱা বাবে এই অঞ্চল সমূহত অধঃক্ষেপনৰ পৰিমানো অতি কম ।

প্ৰশ্ন : – ৪) সৌৰচেকা ( sunspots ) বৃদ্ধিহলে কোন প্ৰকাৰৰ জলবায়ুৰ অৱস্থা দেখা যায় ?

উত্তৰঃ – পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন হোৱাৰ বহুতো কাৰণ আছে । সেইবোৰৰ ভিতৰত সৌৰচেকা ( sunspots ) এটা কাৰক বুলি জ্যোতিষী মহলে মত দাঙি ধৰিছে । এই বোৰ কলা আৰু শীতল চেকা , যি বোৰ চক্ৰকাৰ গতিত কম বেছি হয় । বতৰ বিজ্ঞানী কিছুমানৰ মতে সৌৰচেকাৰ পৰিমাণ বৃদ্ধি হলে পৃথিৱীত শীতল , আৰ্দ্ৰ আৰু অধিক ধুমুহা বতৰৰ উৎপত্তি হয় বুলি মত আগবঢ়াইছে । 

তলত দিয়া বোৰৰ উত্তৰ লিখা

প্ৰশ্ন : -১) ‘A’ আৰু ‘B’ প্ৰকাৰৰ জলবায়ু অৱস্থানৰ তুলনা কৰা । 

উত্তৰঃ – কোপনে পৃথিৱীৰ জলবায়ুক শ্ৰেণী বিভাগ কৰিব লওঁতে পাঁচটা প্ৰধান জলবায়ুৰ ভাগ নিৰ্দিষ্ট কৰি লৈছিল । সেই পাঁচটা ভাগক A, B, C, D আৰু E আখৰেৰে নামাকৰণ কৰিছিল । তলত ‘A’ আৰু ‘B’ প্ৰকাৰৰ জলবায়ুৰ অৱস্থানৰ তুলনা কৰা হল –

‘A’ জলবায়ু :  ‘A’ জলবায়ুটো হল ক্ৰান্তীয় আৰ্দ্ৰ জলবায়ু ( Tropical Humid Climates ) । এই প্ৰকাৰৰ জলবায়ু কৰ্কট ক্ৰান্তী আৰু মকৰ ক্ৰান্তীৰেখাৰ মাজত অৱস্থিত । অৰ্থাৎ 23 1/2  উত্তৰ আৰু 23 1/2 দক্ষিণ অক্ষৰেখাৰ মাজৰ অঞ্চল সমূহত ‘A’ জলবায়ু বিৰাজ মান  । এই অঞ্চল সমূহত সূৰ্য্যৰ ৰশ্মি গোটেই বছৰে পোন হৈ পৰে । ইয়াৰ উপৰিও এই অঞ্চলটো আন্তক্ৰান্তীয় মিলন অঞ্চল (  Inter Tropical Convergence Zone ) হোৱা হেতুকে জলবায়ু গৰম আৰু সেমেকা ( hot and humid ) , বাৰ্ষিক বৰষুণৰ পৰিমাণ বহুত বেছি । 

‘A’  জলবায়ুক তিনিটা ভাগত ভাগ কৰা হৈছে । সেই কেইটা হল – 

১)  Af ক্ৰান্তীয় সেমেকা জলবায়ু ( Tropical Wet climate )

২) Am ক্ৰান্তীয় মৌচুমী জলবায়ু ( Tropical Monsoon climate ) 

৩) Aw ক্ৰান্তীয় আৰ্দ্ৰ আৰু শুকান জলবায়ু ( Tropical Wet and Dry cliomate ) )

১) Af প্ৰকাৰৰ জলবায়ু বিষম ৰেখাৰ আশে পাশে পোৱা যায় । প্ৰধান অঞ্চল বোৰ হল ― দক্ষিণ আমেৰিকাৰ আমাজান অৱবাহিকা , আফ্ৰিকাৰ পশ্চিম বিষুৱীয় অঞ্চল আৰু পূব ভাৰতীয় দ্বীপসমূহ । 

২) Am প্ৰকাৰৰ জলবায়ু প্ৰভাৱিত অঞ্চল সমূহ হল ভাৰত উপ মহাদেশ, দক্ষিণ আমেৰিকাৰ উত্তৰ পূব অংশ আৰু উত্তৰ অষ্ট্ৰেলিয়া । 

৩) Aw  প্ৰকাৰৰ জলবায়ু বিদ্যামান হয় Af প্ৰকাৰৰ জলবায়ুৰ উত্তৰ আৰু দক্ষিণৰ অঞ্চলবোৰত । 

‘B’ জলবায়ু : কোপেনৰ মতে B জলবায়ুটো একেবাৰে শুকান । এই জলবায়ুৰ এটা প্ৰধান বৈশিষ্ট্য হল বৰষুণৰ পৰিমাণ অতি কম যাৰ ফলত গছ – গছনি গজিব নোৱাৰে । পৃথিৱীৰ এক বৃহৎ অঞ্চলত এই প্ৰকাৰৰ জলবায়ু বিৰাজ মান । ইয়াৰ অৱস্থান হল বিষুৱ ৰেখাৰ উত্তৰফালে আৰু দক্ষিণ ফালে ১৫° – ৬০° অক্ষৰেখাৰ মাজত মহাদেশৰ ভিতৰুৱা অঞ্চল সমূহত যত সাগৰীয় আৰ্দ্ৰ বায়ুৰ প্ৰভাৱ নাথাকে আৰু যিবোৰ অঞ্চলক পৰ্বত পাহাৰে আৱৰি ৰাখিছে তেনেবোৰ অঞ্চলত B প্ৰকাৰৰ জলবায়ুৰ অৱস্থান দেখা যায় । 

B জলবায়ু অৰ্থাৎ শুকান জলবায়ু ( Dry climate ) দুটা ভাগত ভগোৱা হৈছে , যেনে ― 

১) স্ট্রেপি বা আৰ্দ্ৰ মৰু জলবায়ু ( BS ) ( Steppe or Semi arid climate ) 

২) মৰুময় জলবায়ু ( BW ), ( Desert climate ) ওপৰৰ ভাগ দুটাক পুনৰ দুটাকৈ ভাগ কৰা হৈছে – 

১)  (a)  উপক্ৰান্তীয় স্ট্রেপি ( BSH ) ( Subtropical steppe ) (b) উপক্ৰান্তীয় মৰুভূমি ( BWH ) ( Subtropicla desrt )

২) (a) মধ্য অক্ষৰৈখিক স্ট্রেপি ( BSK ) ( Midlatitud steppe ) (a) মধ্য অক্ষৰৈখিক মৰুভূমি ( BWK ) ( Mid – latitude desert )

ওপৰৰ আলোচনাৰ পৰা দেখা গল যে  ‘A’  প্ৰকাৰ জলবায়ুত উত্তাপৰ পৰিসৰ তেনেই নগণ্য আৰু বৰষুণৰ পৰিমাণ ( বার্ষিৰ গড় ) যথেষ্ট বেছি । আনহাতে  ‘B’  প্ৰকাৰৰ জলবায়ু শুকান জলবায়ু বাৰ্ষিক উত্তাপ অথবা দৈনিক উত্তাপৰ পৰিসৰ বহু বেছি তাৰ বিপৰীতে বৰষুণৰ পৰিমাণ তেনেই কম । 

প্ৰশ্ন : – ২) ‘C’ আৰু   ‘A’  প্ৰকাৰৰ জলবায়ুত কি কি ধৰণৰ উদ্ভিদ পোৱা যায় ।

উত্তৰঃ – ‘C’ প্ৰকাৰৰ জলবায়ুৰ এটা প্ৰধান বৈশিষ্ট্য হল শীতল মাহৰ গড় উত্তপ ১৮° ছেলছিয়াছৰ বেছি নহয় আৰু ৩° ছেলছিয়াছৰ কম নহয় । এনে ধৰণৰ জলবায়ুক গৰম সমমণ্ডলীয় ( Warm Temperate ) জলবায়ু বোলা হয় । আনহাতে  ‘A’  প্ৰকাৰৰ জলবায়ু হল শীতল মাহটোৰ গড় উত্তাপ ১৮° ছেলছিয়াছ বা তাৰ ওপৰত থাকে  । এনে ধৰণৰ জলবায়ু ক্ৰান্তীয় ( Tropical ) অঞ্চলত বিৰাজমান । 

এতিয়া দেখা গল ‘A’ প্ৰকাৰৰ জলবায়ুত শীতল মাহৰ গড় উত্তাপ ১৮° ছেলছিয়াছৰ ওপৰত থাকে আনহাতে।   ‘C’  প্ৰকাৰৰ জলবায়ুত শীতল মাহৰ গড় উত্তাপ ১৮° ৰ তলত আৰু ৩° ছে , ৰ ওপৰত । এনে ভিন্ন প্ৰকাৰ জলবায়ুত স্বাভাৱিকতে ভিন্ন উদ্ভিদ দেখিবলৈ পোৱা যায় ।

‘A’ প্ৰকাৰ জলবায়ু অঞ্চলত যথেষ্ট বৰষুণ আৰু উত্তাপৰ পৰিমাণ বেছি হোৱা বাবে চিৰসেউজীয়া হাবি , লতা পাতৰ ঘন অৰণ্যৰ ভৰপূৰ , আনহাতে যি বিলাক অঞ্চলত বৰ্ষা বা আৰ্দ্ৰ চুটি আৰু শুকান ঋতু বৰ দীঘল তেনেবোৰ অঞ্চলত পৰ্ণপাতী উদ্ভিদ ( decedious ) ৰ লগতে 

বিস্তৃত ঘাঁহনি বিৰাজমান । আনহাতে  ‘C’ প্ৰকাৰ জলবায়ুত উত্তাপৰ পৰিমাণ কম বাৰ্ষিক বৰষুণৰ পৰিমাণ কম হোৱা বাবে সৰল বৰ্গীয় উদ্ভিদৰ লগতে ঘাঁহজাতীয় উদ্ভিদ বিৰাজমান । ইয়াৰ উপৰিও কিছু কিছু অঞ্চলত পৰ্ণপাতী উদ্ভিদ দেখিবলৈ পোৱা যায় ।

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

প্ৰশ্ন : – ৩) ‘সেউজ গৃহ গেছ ‘  বুলিলে কি বুজা ? এইবোৰ গেছৰ এখন তালিকা বনোৱা । 

উত্তৰঃ – বায়ুমণ্ডলত বিভিন্ন প্ৰকাৰৰ গেছ থকাৰ কথা আমি জানি আহিছোঁ । এই গেছবোৰৰ প্ৰত্যেকৰে নিজা নিজা কাম আছে । বায়ুমণ্ডলৰ বিভিন্ন গেছৰ ভিতৰত যি বিলাক গেছে পৃথিৱীৰ পৰা উভতি যোৱা দীঘল তৰংগৰ পোহৰ ( long waves ) শোষণ কৰি লয় আৰু বায়ুমণ্ডলক উত্তাপিত কৰে তেনেবোৰ গেছকেই সেউজ গৃহ গেছ ( Green House Gases ) বোলা হয় । যি পদ্ধতিত বায়ুমণ্ডল উত্তাপিত হয় তাক সমূহীয়াকৈ সেউজ গৃহ ফল বোলা হয় । 

পৃথিৱীয়ে ইয়াৰ প্ৰয়োজনীয় উত্তাপ সদায় সূৰ্য্যৰ পৰাই অনবৰত পায় আহিছে । সূৰ্য্যৰ ৰশ্মি পৃথিৱী পৃষ্ঠত পৰে আৰু পৃথিৱীপৃষ্ঠ গৰম হোৱাৰ পাছত ই পুনৰ বায়ুমণ্ডললৈ বা মহাকাশলৈ উভতি যায় । এই উভতি যোৱা অৰ্থাৎ প্ৰতিফলিত ৰশ্মিৰ দ্বাৰা বায়ুমণ্ডল উত্তাপিত হয় । বিভিন্ন পৰীক্ষাৰ পৰা জানিব পৰা গৈছে যে বায়ুমণ্ডলৰ কিছুমান বিশেষ গেছে প্ৰতিফলিত গেছক অধিক ওপৰলৈ যাব নিদি শোষণ কৰি ৰাখে । এই বিশেষ গেছ বোৰৰ নামেৰে সেউজ গৃহ গেছ । 

বায়ুমণ্ডলত পোৱা প্ৰথম সেউজ গৃহ গেছ বোৰ হল ―

১) কাৰ্বন – ডাই – অক্সাইড ( CO₂ )। 

২) ক্লোৰোফ্লুৰোকাৰ্বন  ( CFCs )। 

৩) মিথেন ( CH₂ )।

৪) নাইট্ৰাছ অক্সাইড ( N₂ O )। 

৫) অজ’ন ( O₃ )।

৬) নাইট্ৰিক অক্সাইড ( NO )। 

৭) কাৰ্বন মনোক্সাইড ( CO )। 

ওপৰত উল্লেখ কৰা সেউজ গৃহ গেছবোৰ প্ৰাকৃতিক ভাবে — মানৱ সমাজৰ বিভিন্ন ক্ৰিয়া – কৰ্মৰ বাবেহে সেউজ গৃহ গেছ বোৰৰ সৃষ্টি হয় । এই গেছ বোৰ বায়ুমণ্ডলত অধিক পৰিমাণে জমা হোৱাৰ ফলত বায়ুমণ্ডল তথা জলবায়ুৰ ওপৰত এক বিৰাট কু – প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । যাৰ ফলত জলবায়ুৰ পৰিবৰ্তন হব ধৰিছে আৰু গোটেই বিশ্বৰ বায়ুমণ্ডল উত্থাপিত হব লাগিছে । যাক কোৱা হয় গোলকীয় উত্তাপ বৃদ্ধি ( Global Warming ) ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top