Class 11 Geography Chapter 14 সাগৰীয় পানীৰ গতি

Class 11 Geography Chapter 14 সাগৰীয় পানীৰ গতি Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Geography Chapter 14 সাগৰীয় পানীৰ গতি and select needs one.

SCERT Class 11 Geography Chapter 14 সাগৰীয় পানীৰ গতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board AHSEC Class 11 Geography Chapter 14 সাগৰীয় পানীৰ গতি Solutions for All Subject, You can practice these here…

সাগৰীয় পানীৰ গতি

অধ্যায় –১৪

ভূগোল-প্ৰথম খণ্ড 

অনুশীলনী প্ৰশ্নোত্তৰ

ক) উত্তৰ লিখা :- 

প্ৰশ্ন : – ১) সাগৰীয় পানীৰ তল ওপৰ গতিক কোৱা হয় –

ক)  জোৱাৰ ভাটা  ( Tides )।

খ)  সোঁত  ( Current )।

গ)  ঢৌ ( wave )।

ঘ)  এটাও নহয় ( Non of These )।

উত্তৰঃ – ক)  জোৱাৰ ভাটা  ( Tides ) ।

প্ৰশ্ন : -২) বাসন্তী জোৱাৰ তলৰ কোনটোৰ কাৰণে হয় –

ক) সূৰ্য আৰু চন্দ্ৰই একেফালে থাকি পৃথিৱীক টনাৰ ফলত 

খ) সূৰ্য আৰু চন্দ্ৰই দুই বিপৰীত দিশৰ পৰা পৃথিৱীক টনাৰ ফলত

গ) উপকূলৰ ভাঁজৰ কাৰণে 

ঘ) এটাও নহয় ।

উত্তৰঃ – ক) সূৰ্য আৰু চন্দ্ৰই একেফালে থাকি পৃথিৱীক টনাৰ ফলত ।

প্ৰশ্ন : – ৩) পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব আটাইতকৈ কম হয় তলৰ কোনটোত –

ক) পৰম দূৰত্ব ( Aphelion )।

খ) নিম্নতম দূৰত্ব ( Perigee )।

গ) অধম দূৰত্ব ( Perihelion )।

ঘ) অধিক দূৰত্ব ( Apogee )।

উত্তৰঃ – খ) নিম্নতম দূৰত্ব ( Perigee ) ।

প্ৰশ্ন : -৪) পৃথিৱী পেৰিহিলীয়ন অৱস্থা পায় তলৰ কোনটো মাহত –

ক) অক্টোবৰ ( October )।

খ) ছেপ্টেম্বৰ ( September )।

গ) জুলাই ( july )।

ঘ) জানুৱাৰী ( January )।

উত্তৰঃ – ঘ) জানুৱাৰী ( January ) ।

প্ৰশ্ন : – ৫) তলৰ কোনটো সাগৰীয় পানীৰ প্ৰাকৃতিক গুণ নহয় –

ক) উত্তাপ ( Temperaure )।

খ) লৱনতা ( salinity )।

গ) ঘনত্ব ( density )।

ঘ) বতাহ ( wind )। 

উত্তৰঃ – ঘ) বতাহ ( wind )।

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া

প্ৰশ্ন : – ১) ঢৌবোৰ কি ?

উত্তৰঃ – সাগৰৰ পানী গতিশীল । এই গতি দুই ধৰণৰ অনুভূমিক আৰু উলম্বিক গতি । অনুভূতিক গতিক সাগৰীয় সোঁত আৰু ঢৌ ( wave ) বুলিও জনা যায় । আচলতে সাগৰত যেতিয়া ঢৌৰ সৃষ্টি হয় তেতিয়া গোটেই পানীভাগে গতি নকৰে । কেৱল পানীৰ পৃষ্ঠভাগৰ পৰিবেশটোহে আগৰফালে গতি কৰে । ঢৌবোৰৰ সৃষ্টিত প্ৰধানকৈ বতাহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । সাগৰৰ যিবোৰ অঞ্চলত বতাহৰ প্ৰভাৱ বেছি আৰু মুকলি সমূদ্ৰত ঢৌবোৰে তীব্ৰ বেগত গতি কৰা পৰিলক্ষিত হয় । আৰু উপকূলত ইয়াৰ জোৰ কমি যায় । 

প্ৰশ্ন : – ২) সাগৰৰ ঢৌবোৰে শক্তি কেনেকৈ লাভ কৰে ?

উত্তৰঃ – ঢৌবোৰ হল সাগৰৰ পানীৰ অনুভূতিক গতি । আচলতে ঢৌবোৰ এক শক্তি , যিয়ে পানীৰ ওপৰেৰে গতি কৰে । সমুদ্ৰ পৃষ্ঠৰ ওপৰৰ পানীভাগ সৰু বৃত্তাকাৰ গতিত পানীৰ কণিকাবোৰে গতি কৰা এক প্ৰক্ৰিয়া । সাগৰৰ ঢৌবোৰক শক্তি যোগান ধৰে তাত প্ৰভাৱিত বতাহে । বতাহে ঢৌক গতি কৰিবলৈ বাধ্য কৰায় ।

মুকলি সমূদ্ৰত ডাঙৰ ডাঙৰ ঢৌ দেখা যায় । যিমানে ঢৌৱে গতি কৰে সিমানে ঢৌ ডাঙৰ হয় আৰু বতাহৰ পৰা শক্তি শোষণ কৰে । ঢৌবোৰে বতাহৰ খুন্দাত আগবাঢ়ি গৈ থাকে , কিন্তু ইয়াৰ উৰ্দ্ধ অংশটোক পৃথিৱীৰ মাধ্যকর্ষন শক্তিয়ে তললৈ টানি আনে । নামি অহা পানীয়ে তাৰ আগফালে থকা নিম্ন পানীভাগক ওপৰৰ ফালে টেলি দিয়ে আৰু ঢৌ টো নতুন স্থানলৈ গতি কৰে । ঢৌৰ গতি শক্তিৰ তলৰ চিত্ৰ ১ ক দেখুৱাই দিয়া হল –

প্ৰশ্ন : –  ৩) জোৱাৰবোৰ কি ? 

উত্তৰঃ – সাগৰৰ পানীৰ উলম্বিক গতিক জোৱাৰ ভাটা বোলে । অৰ্থাৎ সাগৰৰ পানীৰ পৃষ্ঠ সময়ে সময়ে উলম্বিক ভাবে উঠা নমা কৰা কাৰ্য্যক জোৱাৰ ভাটা ( Tides ) বোলা হয় । পৃথিৱীৰ ওপৰত সূৰ্য আৰু চন্দ্ৰৰ আকৰ্ষণ থাকে । এই আকৰ্ষণৰ ফলত পৃথিৱীৰ পৃষ্ঠৰ জলভাগ আকৰ্ষিত হয় । পানীৰ এই ঢৌ বোৰক জোৱাৰ বোলা হয় । 

চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণৰ উপৰিও পৃথিৱীৰ বি:কেন্দ্ৰিয় শক্তি ( Cenfrifugal ) ৰ ফলটো পৃথিৱী পৃষ্ঠৰ পানীভাগত ঢৌৰ সৃষ্টি হয় ।

প্ৰশ্ন : -৪) জোৱাৰৰ সৃষ্টি কেনেকৈ হয় ?

উত্তৰঃ – জোৱাৰ সৃষ্টি হোৱাৰ প্ৰধান কাৰণ হল চন্দ্ৰৰ আকৰ্ষণ আৰু কিছু পৰিমানে সূৰ্যৰ আকৰ্ষণ । এই দুটা কাৰণক উপৰিও পৃথিৱীৰ বহি : কেন্দ্ৰিক শক্তি ( Centrifugal force ) । এই শক্তিয়ে মাধ্যাকৰ্ষণ শক্তিৰ লগত সমতা ৰক্ষা কৰি চলে । মাধ্যাকৰ্ষণ আৰু বহি:কেন্দ্ৰিক শক্তিৰ কাৰণে পৃথিৱীত দুটা ডাঙৰ জোৱাৰ উঠে । পৃথিৱীৰ যিটো ফাল চন্দ্ৰৰ ফালে পৰে তাত ডাঙৰ যোৱাৰৰ উৎপত্তি হয় চন্দ্ৰৰ আকৰ্ষণৰ বাবে আৰু তাৰ বিপৰীত ফালেও কিছু ডাঙৰ জোৱাৰ উঠে পৃথিৱীৰ বহি:কেন্দ্ৰিক বলৰ প্ৰভাৱত । 

প্ৰশ্ন : -৫) জোৱাৰ কেনেকৈ জলপৰিবহনৰ লগত সম্পৰ্কিত ?

উত্তৰঃ – জোৱাৰে বিভিন্ন ধৰণে জলপৰিবহনৰ লগত সম্পৰ্ক থকা দেখা যায় । সাগৰৰ পানীত কেতিয়া জোৱাৰ হব বা ভাটা হব তাক সঠিক কৈ অনুমান কৰিব পাৰি । উপকূল অঞ্চলত কেনেকুৱা কিছুমান বন্দৰ বা পোতাশ্রয় আছে যি বোৰ পথত বালিচৰ আছে বা পানী অগভীৰ যিয়ে নৌ-জাহাজৰ প্ৰৱেশত বাধাৰ সৃষ্টি কৰে । জোৱাৰ সৃষ্টি হলে বালিচৰত পানীৰ গভীৰতা বাঢ়ে যাৰ ফলত নৌকা বা জাহাজবোৰ বহু ভিতৰতলৈ সোমাই যোৱাত সুবিধা হয় । আকৌ ভাটাৰ সময়ত নৌ-জাহাজবোৰ মহাসাগৰলৈ ওলায় আহে । এনেকৈয়ে জোৱাৰ জলপৰিবহনৰ লগত জড়িত হোৱা দেখা যায় । 

Sl. No.সূচী-পত্ৰ
Chapter 1বিষয় হিচাপে ভূগোল বিজ্ঞান
Chapter 2পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ
Chapter 3পৃথিৱীৰ অন্তৰ্ভাগ
Chapter 4মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ
Chapter 5মণিক আৰু শিল
Chapter 6ভূ – আকৃতিক প্ৰক্ৰম
Chapter 7ভূ – আকৃতি আৰু বিকাশ
Chapter 8জলবায়ু
Chapter 9সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা
Chapter 10বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া প্ৰক্ৰিয়া
Chapter 11বায়ুমণ্ডলত পানীৰ স্থিতি
Chapter 12পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন
Chapter 13জলভাগ
Chapter 14সাগৰীয় পানীৰ গতি
Chapter 15পৃথিৱীৰ জীৱজগত
Chapter 16জৈৱ – বৈচিত্ৰ আৰু সংৰক্ষণ
Chapter 17ভাৰতবৰ্ষৰ অৱস্থিতি
Chapter 18গঠন আৰু ভূ – প্ৰকৃতি
Chapter 19অৱবাহ তন্ত্ৰ
Chapter 20জলবায়ু
Chapter 21প্ৰাকৃতিক উদ্ভিদ
Chapter 22মাটি
Chapter 23প্ৰাকৃতিক বিপর্যয় আৰু দুৰ্যোগ

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দয়া

প্ৰশ্ন : – ১) সাগৰীয় সোঁতে উত্তাপত কেনেকৈ প্ৰভাৱ পেলায় ? ই কেনেকৈ উত্তৰ – পশ্চিম ইউৰোপৰ উপকূলীয় অঞ্চলৰ উত্তাপত প্ৰভাৱ পেলাইছে ?

উত্তৰঃ – পৃথিৱী পৃষ্ঠৰ সকলো অংশতে সূৰ্যৰ তাপ সমানে নপৰে । সেয়ে সূৰ্যৰ তাপৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান অঞ্চল বেছি গৰম হয় আৰু কিছুমান অঞ্চল শীতল হৈয়ে থাকে । মহাসাগৰৰ পানীভাগৰ মাজতো এই পৰিঘটনা বিৰাজমান । মহাসাগৰৰ যি বিলাক অঞ্চলত বেছিকৈ সূৰ্যৰ তাপ অনুভূত হয় সেইবোৰ অঞ্চলত পানীভাগ গৰম হৈ উঠে । ফলত ই 

কোনোৱা দিশত গতি কৰিব লয় । যিহেতু সাগৰৰ সোঁত , সেয়ে যি অঞ্চলৰ ওচৰৰে ই প্ৰৱাহিত হৈ যায় সেই অঞ্চলৰ উত্তাপৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় । আনকি সাগৰীয় সোঁতে কোনো এক অঞ্চলৰ জলবায়ুৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰা দেখা যায় ।

কোনো উপকূলৰ ওচৰৰে যদি গৰম সাগৰীয় সোঁত প্ৰৱাহিত হয় তেতিয়া সেই ঠাইৰ উত্তাপ গৰম কৰি তোলে আনকি শীত কালতো ঠাইখনৰ উত্তাপ বঢ়াই ৰাখে । ঠিকতেনেদৰে যদি কোনো উপকূলৰ ওচৰৰে শীতল সাগৰীয় সোঁত বৈ যায় তেনেহলে সেই ঠাইৰ উত্তাপ গৰমৰ দিনটো শীতল সোঁতৰ প্ৰভাৱত উত্তাপ হ্ৰাস কৰি ৰাখে । সেয়ে কোনো এক অঞ্চলৰ উত্তাপ তথা জলবায়ুৰ ওচৰত সাগৰীয় সোঁতৰ প্ৰভাৱ উল্লেখনীয় । 

উত্তৰ পশ্চিম ইউৰোপত সাগৰীয় সোঁতৰ প্ৰভাৱ : – ইউৰোপ মহাদেশৰ উত্তৰ – পশ্চিম দিশত থকা বা দেখিবলৈ পোৱা প্ৰধান সাগৰীয় সোঁতটো হ ‘ ল ‘North Atlantin Drift ‘ ।

এইটো এটা গৰম পানীৰ ( warm current ) সোঁত । উপ – সাগৰীয় সোঁত ( Gulf stream ) গৰম সোঁতটোৱে যেতিয়া ইউৰোপৰ পশ্চিম দিশেৰে উত্তৰ দিশলৈ গতি কৰে । তেতিয়া ই সেই অঞ্চলৰ উত্তাপ বঢ়াই তোলে । সেই সোঁতটোৰ ( North Atlantic Drift ) উপস্থিতিৰ বাবে এই অঞ্চলটো শীতকালটো উত্তাপ যথেষ্ট গৰম অনুভৱ হয় । একে  অক্ষঅংশ অৱস্থিত উত্তৰ আমেৰিকাৰ পূব অংশত যথেষ্ট ঠাণ্ডা  অনুভৱ হয় , যি সময়ত আটলাণ্টিকৰ পশ্চিম উপকূলত যথেষ্ট গৰম অনুভৱ হয় । এই অঞ্চলত এই গৰম সাগৰীয় সোঁতৰ উপস্থিতিৰ বাবে ইংলেণ্ড ( England ) ত নাতিশীতোষ্ণ ( Temperate ) জলবায়ু বিৰাজমান । তলৰ মানচিত্ৰত পৃথিৱীৰ প্ৰধান সাগৰীয় সোঁত সমূহ অংকন কৰা হল আৰু উত্তৰ পশ্চিম ইউৰোপত সাগৰীয় সোঁতৰ প্ৰভাৱ তাকো দেখুৱাই দিয়া হল । 

প্ৰশ্ন : – ২) সাগৰীয় সোঁত উৎপত্তি হোৱাৰ কাৰণবোৰ কি ?

উত্তৰঃ – স্থলভাগৰ ওপৰত থকা নদী বিলাকৰ যি দৰে সোঁত থাকে , ঠিকতেনেদৰে মহাসাগৰৰ পানী বিলাকেও নদীৰ দৰে এক নিৰ্দিষ্ট দিশে পৰিলক্ষিত হয় । নদীৰ পানীয়ে গতি কৰে মাটিৰ ঢালৰ বাবে , যিটো নদী বিলাকৰ গতিৰ প্ৰধান কাৰণ বুলি উল্লেখ কৰিব পাৰি । কিন্তু সাগৰীয় সোঁত উৎপত্তি হোৱাৰ কাৰণ বহুতো দেখা যায় । যিবোৰ দুটা ভাগত অন্তৰ্ভুক্ত কৰিব পাৰি ।

ক) মূখ্য শক্তি ( Primary forces )।

খ) গৌণ শক্তি ( Secondary )। 

ক) মূখ্য শক্তি ( Primary forces ) : সাগৰীয় সোঁত সৃষ্টি কৰাত যি বিলাক শক্তিয়ে মূখ্য ভূমিকা পালন কৰে , সেই সমূহ হল –

১) সূৰ্য্যৰ উত্তাপ ( heating by solar energy )।

২) বতাহ ( wind )। 

৩) মাধ্যাকৰ্ষণ ( gravity )।

৪) কোৰিওলিচ শক্তি ( coriolio force )।

১) সূৰ্য্যৰ উত্তাপ ( heating by solar energy ) : মহাসাগৰৰ পানীভাগত সূৰ্যৰ তাপ সমানে নপৰে । কিছুমান অঞ্চল আছে যিবোৰত সূৰ্যৰ তাপ বছৰৰ সকলো সময়তে বেছি পৰে  তেনেবোৰ অঞ্চলত পানী ভাগ গৰম হয় আৰু প্ৰসাৰিত হৈ পৰে । এই গৰম আৰু প্ৰসাৰিত পানী ভাগে শীতল আৰু সংকুচিত অঞ্চললৈ গতি কৰে । ইয়াৰ লগে লগে আৰম্ভ হয় পানীৰ গতি অৰ্থাৎ সাগৰীয় সোঁত । গৰম পানীবোৰ শীতল অঞ্চললৈ গতি কৰোতে , সেই খালি ঠাই পূৰ কৰিবলৈ শীতল পানী তালৈ বৈ আহে এই দৰেই উৎপত্তি হয় গৰম পানীৰ সোঁত ( Ocean current ) আৰু শীতল পানীৰ সোঁত ( cold ocean current ) । সূৰ্যৰ উত্তাপৰ বাবে সোঁতৰ উৎপত্তি হোৱা পৰিঘটনাটো বিষুৱীয় অঞ্চলত বিৰাজমান । 

২) বতাহ ( wind ) : বতাহ আন এক কাৰক যিয়ে সমূদ্ৰাত বিশাল সোঁতৰ সৃষ্টি কৰা লগতে বৃহৎ বৃহৎ সামুদ্ৰিক ঢৌৰ ( ocean waves ) সৃষ্টি কৰে । পৃথিৱীৰ উপৰভাগত আমি কিছুমান স্থায়ী বতাহ ( planatory wind ) দেখিবলৈ পাওঁ । এই স্থায়ী বতাহবোৰৰ প্ৰভাৱ সমূদ্ৰত বহুতো সোঁত উৎপত্তি হোৱা দেখা যায় । 

৩) মাধ্যাকৰ্ষণ ( gravity ) : মাধ্যাকৰ্ষণ শক্তিয়ে সমুদ্ৰৰ পানী ভাগকো তলৰ ফালে টানি থাকে যাৰ ফলত পানী ঢালৰ সৃষ্টি হয় আৰু এই ঢালৰ বাবে মহাসাগৰত পানীৰ সোতৰ উৎপত্তি হয় । 

৪) কোৰিওৰিচ শক্তি ( coriolio force ) : পৃথিৱীয়ে ইয়াৰ কক্ষত ( Axix ) থাকি যি আহ্নিকগতি ( rotation ) কৰি আছে । এই আহ্নিক গতিৰ ফলত থকা বস্তু বিলাকো গতি কৰা পৰিলক্ষিত হয় । সেয়ে আহ্নিক গতিৰ বাবেও মহাসাগৰৰ পানী ভাগে গতি কৰা দেখা যায় অৰ্থাৎ সোতৰ সৃষ্টি হয় । 

এই বোৰ কাৰকৰ উপৰিও পানী লৱনতা অৰ্থাৎ বাষ্পীয়ভৱনৰ বাবে সাগৰীয় সোঁতৰ উৎপত্তি হোৱা দেখা যায় সাগৰৰ কিছুমান অঞ্চল আছে 

যত বেছিকৈ বাষ্পীয় ভৱন হয় ফলত তাত পানীৰ নাটনি হয় । এই নাটনিৰ বাবে অন্য ঠাইৰ পৰা বব ধৰে , ফলত সোঁত হয় সাগৰীয় সোঁত ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top