Class 9 Social Science History Chapter 3 মোৱামৰীয়া গণ বিদ্ৰোহ

Class 9 Social Science History Chapter 3 মোৱামৰীয়া গণ বিদ্ৰোহ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Class 9 Social Science History Chapter 3 মোৱামৰীয়া গণ বিদ্ৰোহ, SEBA Class 9 Social Science Books Assamese Medium Question Answer and select needs one.

Class 9 Social Science History Chapter 3 মোৱামৰীয়া গণ বিদ্ৰোহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Social Science History Chapter 3 মোৱামৰীয়া গণ বিদ্ৰোহ Solutions for All Subject, You can practice these here.

মোৱামৰীয়া গণ বিদ্ৰোহ

পাঠ ৩ (সমাজ বিজ্ঞান)

চমু প্ৰশ্ন উত্তৰ

(১) মায়ামৰা কি ?

উত্তৰঃ- মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম ।

(২) সত্ৰ বুলিলে কি বুজা ?

উত্তৰঃ- সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নাম ধৰ্ম তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান ।

(৩) সংহতি কি ?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ- সংহতি হ’ল শংকৰদেৱৰ মহাপ্ৰয়ানৰ পিছত তেওঁৰ শিষ্য – প্ৰশিষ্যসকলৰ মাজত হোৱা মতভেদৰ ফলস্বৰূপে সত্ৰসমূহক চাৰিটা ভাগত ভাগ কৰিছিল । এই ভাগসমূহৰ প্ৰতিটো ভাগকে সংহতি বুলি কোৱা হয় ।

(৪) মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল ?

উত্তৰঃ- মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত  আৰম্ভ হৈছিল ।

(৫) মোৱামৰীয়া বিদ্ৰোহ কোনজন  ৰজাৰ দিনত শেষ হৈছিল ?

উত্তৰঃ- মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত শেষ হৈছিল ।

(৬) কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ / স্বর্গনাৰায়ন উপাধি গ্ৰহন কৰে বুলি অনুমান কৰা হয় ?

উত্তৰঃ- চুহুংমুঙ ৰজাই প্ৰথম স্বৰ্গদেউ / স্বর্গনাৰায়ন উপাধি গ্ৰহন কৰে বুলি অনুমান কৰা হয় ।

(৭):- চুৰুমফা ভগাৰজাৰ দিনত কোনজন  মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল ?

উত্তৰঃ-চুৰুমফা ভগাৰজাৰ দিনত গুৰু নিত্যানন্দদেৱক  হত্যা কৰা হৈছিল ।

(৮) ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল ?

উত্তৰঃ- ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্ভুজদেৱ মহন্তক অপমান কৰা হৈছিল ।

(৯) আহোমসকলৰ প্রধান উপাস্য দেৱতাজনৰ নাম লিখা ।

উত্তৰ:- আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম হ’ল- ছোমদেউ ।

(১০) জয়ধবজ  সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?

উত্তৰ:- আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত শৰণ লৈছিল ।

(১১) ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল ?

উত্তৰঃ-  ৰুদ্ৰসিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈছিল ।

(১২) কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল ?

উত্তৰঃ- কৃষ্ণৰাম ভট্টাচাৰ্য বংগ দেশৰ নাদিয়া জিলাৰ এজন শাক্ত ব্ৰাহ্মন আছিল ।

(১৩) কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল ?

উত্তৰঃ- স্বৰ্গদেউ শিৱসিংহৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল ।

(১৪) গাগিনী কোন ?

উত্তৰ:- মোৱামৰীয়া মহন্ত অষ্টভূজৰ পুত্ৰ ।

(১৫) মোৱামৰীয়াসকলে পুন প্ৰথমে কাক ৰজা পাতিছিল ?

উত্তৰঃ-  মোৱামৰীয়াসকলে পুন প্ৰথমে ৰমাকান্ত বা ৰামানন্দক ৰজা পাতিছিল ।

(১৬) কেপ্তেইন ওৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল ?

উত্তৰ:- ১৭৯২ চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ১৭৯৪ চনৰ মে’ মাহলৈ অসমত আছিল ।

(১৭)অসমৰ ক’ত লোণ উৎপাদন হৈছিল ?

উত্তৰ:-  শদিয়া আৰু নগাপাহাৰত উৎপাদন হৈছিল ।

(১৮) অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল ?

উত্তৰ:- সেই সময়ত লোণ বৰ দামী বস্তু আছিল সেই বাবে অসমৰ সৰ্বসাধাৰন মানুহে লোণ ব্যৱহাৰ কৰিব নোৱাৰিছিল ।

 চমু /দীঘল উত্তৰৰ প্ৰশ্ন

(১) মোৱামৰীয়াসকল কোন ? এই বিদ্ৰোহক গণ অভূৎত্থান বুলি ক’ব পৰা যায় নে ?

উত্তৰঃ- মোৱামৰীয়াসকল মহাপুৰুষীয়া বৈষ্ণৱ কালসংহাতিৰ অন্তৰ্গত ‘ মায়ামৰা ‘ সত্ৰৰ শিষ্য আছিল । এওঁলোক প্ৰধানকৈ অসমৰ মৰাণ , কছাৰী , চুতীয়া আহোম আৰু কৈৱৰ্ত সম্প্ৰদায়ৰ লোক বুলি ক’ব পাৰি কাৰণ এইসকল জাতি-জনজাতিৰ লোক মায়ামৰা সত্ৰৰ শিষ্য আছিল । মায়ামৰা সত্ৰৰ মহন্ত বা সত্ৰাধিকাৰকসক শূদ্ৰ সম্প্ৰদায়ত আছিল ।

গুৰুৰ প্ৰতি মোৱামৰীয়াসকলৰ গভীৰ ভক্তি আছিল । শিষ্যসকলৰ একান্ত আনুগত্য আৰু ভক্তি আদায় কৰি মোৱামৰীয়া মহন্ত আৰু আহোম ৰজাসকলৰ মাজত ধর্ম লৈ ভবাদ আৰম্ভ হয় । ইয়াৰ ফলশ্ৰুতিত অসমৰ ইতিহাসৰ আটাইতকৈ দীর্ঘকাল জুৰি সংঘঠিত হোৱা ভয়াবহ মোৱামৰীয়া গণ বিদ্রোহ সূচনা হয় ।

          এই বিদ্ৰোহত যোগদান কৰা অজস্ৰ প্ৰজাই আছিল সাধাৰণ কৃষক বা অন্য বৃত্তিধাৰী লোক । মোৱামৰীয়া গুৰু নিত্যানন্দদেৱৰ হত্যাৰ ক্ষোভ মাৰ নোযোৱাৰ সময়তে আহোম ৰজা গদাধৰ সিংহই মোৱামৰীয়াসকলৰ বিৰুদ্ধে চলোৱা তত্যাচাৰী কার্যই জ্বলা জুইত ঘি ঢালিছিল ।

এইখিনিতে উল্লেখ কৰিব পাৰি যে অস্পৃশ্যতাৰ পৰা হাত সৰাৰ কাৰণে চাৰিওফালে পেলাই থকা সময়ত গদাধৰ সিংহই সত্ৰানুষ্ঠানসমূহত গোট খোৱা প্ৰচুৰ ধন সম্পদৰ সম্ভেদ পাইছিল । ধন-সম্পদে , পালি-পহৰিয়াই আৰু সত্ৰীয়া ভকত মিলি সত্ৰানুষ্ঠানসমূহ অসম ৰাজ্যৰ ভিতৰত অন্য একোখন পৃথক ৰাজ্য সদৃশ পাৰিছিল ।

ইয়াৰ উপৰি কোনো কোনো মহাধিকাৰৰ অধীনত আছিল প্রায় ৩০ হাজাৰ পুৰাতকৈ অধিক মাটি ঠিক তেনেদৰে সমান সংখ্যক পাইক আৰু বনুৱা আছিল । গতিকে এনে ক্ষমতাশালী সত্ৰাধিকাৰসকলে এসময়ত দেশৰ বাবে বিপদৰ কাৰণ হ’ব বুলি গদাধৰ সিংহই শংকা কৰিছিল । তদুপৰি গদাধৰ সিংহ পলাতক অৱস্থাত আউনীআটী আৰু দাক্ষিণপাট সত্ৰত আশ্রয় বিচাৰি যাওঁতে তেওঁক আশ্রয় দিয়া নাছিল ।

           গতিকে সত্ৰ আৰু সত্ৰাধিকাৰসকলৰ এনে কাৰ্যত গদাধৰ সিংহ গভীৰ ভাৱে অসন্তুষ্ট হৈ পৰিছিল । সেয়েহে গদাধৰ সিংহই ৰাজপাটত উঠিয়েই আউনীআটী আৰু দাক্ষিণপাট সত্ৰৰ সম্পত্তিবোৰ বাজেয়াপ্ত কৰাৰ লগতে তাৰ সোণৰ মূৰ্তিবোৰ গলাই দিছিল দাক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ৰামবাপুক বন্দী কৰি চকুকাঢ়িলে , আনহাতে আউনীআটীৰ সত্ৰাধিকাৰ কেশৱ গোহাঁই পলাই মৰিল এইদৰে এই বিদ্ৰোহত আহোম ৰজাই সাৰ-পানী যোগাই মাৰীয়া বিদ্ৰোহক ঘন অভূৎত্থানলৈ ৰূপান্তৰিত কৰিছিল ।

(২) মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা ।

উত্তৰঃমোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ সমূহ

             প্ৰথমতে , ধৰ্মীয় আৰু অৰ্থনৈতিক বিভেদৰ ফলত এই বিদ্রোহে গা কৰি উঠে ।

          দ্বিতীয়তে , মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দৰ হত্যাকাণ্ড । আহোম স্বৰ্গদেউ চুৰুমফা ভগা ৰজাৰ শাসনকালত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক ষড়যন্ত্ৰ কৰি বধ কৰিছিল । এই কথাত শিষ্যসকলে আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে গুৰুৰ হত্যাকাণ্ডৰ প্ৰতিশোধ লবলৈ প্ৰতিজ্ঞা কৰিছিল ।

           তৃতীয়তে , আহোম ৰজা গদাধৰ সিংহই অংগক্ষতৰ পৰা হাত সাৰিবলৈ দিহিঙে দিপাঙে ঘূৰি ফুৰোঁতে অসমৰ সত্ৰানুষ্ঠানসমূহত প্ৰচুৰ ধান-সম্পদ থকাৰ কথা গম পাইছিল । গতিকে সেই সত্ৰানুষ্ঠানসমূহ ধ্বংস কৰি তাত জমা হোৱা সা-সম্পত্তি ৰাজকুশলৈ সস্তান্তৰীত কৰাৰ লগতে বৈষ্ণৱ মহন্তসকলক শাৰীৰিক শ্ৰম কৰাইছিল ।

কিছুমানক নিজ বাসস্থানৰ পৰা উলিয়াই নি টোকলাই , নামৰূপ , চেউনী আৰু বছা-দয়াঙ আদি ঠাইত  নিৰ্বাসন দিছিল । প্ৰতিবাদ কৰাসকলক শাস্তি দিছিল । সত্ৰাধিকাৰ আৰু ভকত সকলক বনপূৰ্বকভাবে আলি-পদূলি , মথাউৰী , ৰাস্তা আদি নিৰ্মান কাৰ্যত লাগাইছিল । ৰজাৰ এনে স্বেচ্ছাচাৰী কাৰ্যত বৈষ্ণৱ ভকতসকল অতিষ্ঠ হৈ পৰিছিল ।

           চতুৰ্থতে , বৰ ৰজা ফুলেশ্বৰীয়ে শাক্ত ধৰ্ম গ্ৰহণ কৰি , পূজা পাতি , পূজাৰ প্ৰসাদ খুৱাই আৰু বলিৰ তেজেৰে কপাকত ফুট দিয়াই মহন্ত , ভকত আৰু বৈষ্ণৱ সত্ৰৰ সত্ৰাধিকাৰসকলক লঘু লাঞ্ছনা কৰিছিল। এইটো উল্লেখযোগ্য কাৰণ ।

(৩) আহোমৰ ধৰ্মীয় নীতিৰ পৰিবৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাৱনে? আলোচনা কৰা ।

উত্তৰ:- অসমত মোৱামৰীয়া বিদ্ৰোহ   তিনিবাৰ কৈ সংগঠন ।এই বিদ্ৰোহে কিছু দিশত কাৰক হিচাপে লাভ কৰিছে বুলি ক’ব পাৰি । আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰিয়া বিদ্ৰোহৰ কাৰক সমূহ  তলত আলোচনা কৰা হ’ল-

           আহোমসকল অসমত ৰাজত্ব কৰাৰ পৰা নিজাববীয়া ধৰ্মত বিশ্বাসী লোক আছিল। তেওঁলোকৰ প্ৰধান উপাস্য দেবতা আছিল ছোমদেউ।  কিন্তু জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত শৰণ লৈ ভাগপতী ধৰ্মৰ প্ৰতি ৰাজ অনুগ্ৰহ প্ৰদৰ্শন কৰিছিল।

বিভিন্ন সত্ৰ স্থাপন কৰি মাটি-বাৰী, ধন-পইচা দান কৰি সত্ৰীয়া পৰম্পৰাক ৰাজধৰ্মৰ শাৰিলৈ উন্নীত কৰিছিল । যাৰ ফলত সত্ৰবোৰৰ মাজত দ্বন্দ্ব -কাজিয়াৰসূত্ৰপাত হ’বলৈ লৈছিল । তাৰ পিছত লাহে লাহে গদাধৰ সিংহৰ দিনত বৈষ্ণৱ সত্ৰবোৰৰ এই প্ৰতিপত্তি ৰোধ কৰিবলৈ ৰজাই ব্যৱস্থা কৰিবলৈ বাধ্য হৈছিল ।

কাৰণ গদাধৰ সিংহ সিংহাসনত উঠাৰ আগতে তেওঁ যেতিয়া ৰাজৰুষত পৰি বিভিন্ন ঠাইত পলাই ফুৰিৰিছিল । গদাধৰ সিংহৰ দিনত পৰিৱৰ্তিত আহোম নীতিৰ সন্মুখনত তিস্থিব নোৱাৰি বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰে সত্ৰ এৰি নিৰাপদ স্থানলৈ পলাই গৈছিল । তাৰ পৰিণতি আমি ৰুদ্ৰসিংহ পিছৰজনা স্বৰ্গদেউ শিৱসিংহৰ দিনত স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখিবলৈ পাওঁ।

           কোৱামৰিয়াসকলৰ ধৰ্মীয় আৱেগত আঘাত কৰাৰ বাবেই যে মোৱামৰীয়া বিদ্ৰোহ সংগটিত হৈছিল তেনে নহয় ; এই বিদ্ৰোহৰ অন্তৰালত অন্যান্য আনুসংগিক অৰ্থ-সমাজিক কাৰণো নিহিত হৈ আছে । আমি আগতেই পাই আহিছো যে মোৱামৰীয়া সত্ৰৰ শিষ্যসকলৰ অধিকাংশই জনজাতীয় আৰু সমাজৰ নিম্ন বৰ্গৰ লোক ।

ইয়াৰ উপৰি এই সত্ৰৰ শিষ্যসকল আছিল একো একোজন পাকৈত কাৰুকৰ । তেওঁলোকৰ বৃত্তি আছিল কুমাৰ , কমাৰ , চমাৰ , খনিকৰ আদি । আহোম ৰাজতন্ত্ৰই তেওঁলোকৰ এই ব্যৱস্থাক নিপুনতাৰ সকলো সুযোগ লৈছিল কিন্তু এনে সময়তে  তেওঁলোকৰ ওপৰত ধাৰাবাহিকভাৱে অৰ্থনৈতিক বা ৰাজনৈতিক শোষনো কৰিছিল ।

            আহোম ৰজাৰ সকলো পুৰুষ নাগৰিকেই আছিল একো একোজন পাইক । আৰম্ভণিতে ৪ জন পাইক লগ লাগি এটা গোট গঠন কৰা হৈছিল । পিছৰ ফালে অৰ্থাৎ ৰাজেশ্বৰ সিংহৰ দিনত এটা পাইক গোটন সদস্যৰ সংখ্যা ৩ জনলৈ হ্ৰাস কৰা হৈছিল যাৰ ফলত বছৰেকত এজন পাইকৰ খাটনী ৪ মাহলৈ বৃদ্ধি হৈছিল ।

যিহেতু অধিক সংখ্যক মোৱামৰীয়াই খাটি খোৱা সাধাৰণ মানুহ , তেওঁলোকে শাৰীৰিক শ্ৰমৰ এই অতিৰিক্ত বুজা গ্ৰহণ কৰিবলৈ অনিচ্ছুক হৈছিল ।

(৪) পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমানদুৰ জগৰীয়া আছিল ?তোমাৰ নিজস্ব মতামত দাঙি ধৰা ।

উত্তৰ:- পাইক প্ৰথা আহোম ৰাষ্ট্ৰ যন্ত্ৰৰ অৰ্থনৈতিক শোষণৰ এটা ব্যৱস্থা আছিল । পাইকৰ অন্তৰ্ভুক্ত কিছুমান লোকে এই ব্যৱস্থাৰ কষ্টৰ পৰা ৰেহাই পাবলৈ বিচাৰিছিল । অষ্টবিংশ শতিকাৰ আদি ভাগৰে  পৰা ধণৰ বিনিময়ত পাইক খটাৰ পৰা ৰেহাই পোৱাৰ ব্যৱস্থা এটা চৰকাৰে প্ৰৱৰ্তন কৰিছিল।

আহোমৰ শাসনকালত প্ৰবৰ্তন কৰা পাইক প্ৰথাইয়ো মোৱামৰীয়া বিদ্রোহত অৰিহণা যোগাইছিল । আহোম ৰাজতন্ত্ৰৰ শাসনকালত  বৈস্বম্যমূলক পাইক বা বনুৱা প্ৰথাৰ সৃষ্টি হৈছিল । এই পাইক প্ৰথাই ৰজা ঘৰীয়া লোক ব্ৰাহ্মণ , উৰভিজাত আৰু সমাজৰ উচ্চ বৰ্গৰ লোকক ৰেহাই দিছিল ।

ইয়াৰ বিপৰীতে নিম্ন বৰ্ণৰ আৰু জনজাতীয় লোকসকলক এই পাইক প্ৰথাৰ জৰিয়তে গোট হিচাপে শ্ৰমদান দিবলৈ বাধ্য কৰাইছিল । বেছি সংখ্যক পাইকে আছিল মুয়ামূৰীয়া । হাতী ধৰি প্ৰশিক্ষণ দি যুদ্ধৰ বাবে দপযোগী কৰি তোলা , কুমাৰ , চমাৰ , খনিকৰ , হিলাকুটি , হলৈ , তাঁতী , যুদ্ধৰ নাও আৰু ধেনু সজা আদি কামবোৰ সাধাৰণতে বৰ নিয়াৰিকৈ মোৱামৰীয়া শিষ্যসকলে কৰিছিল ।

আহোম ৰাষ্ট্ৰযন্ত্ৰই ইয়াৰ পূৰ্ণ সুযোগ লোৱাৰ বিপৰীতে এই লোকসকলে অতি কষ্টৰ মাজেৰে দিন নিয়াব লাগিছিল ।

         দেশত পাইকৰ সংখ্যা আগ পাই অহাত বিশেষকৈ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত প্ৰজাৰ ওপৰত ৰাজকীয় পোষনৰ জথেষ্ঠ বৃদ্ধি পাইছিল । পূৰ্বতে চাৰিজন পাইকেৰে এটি গোট কৰাৰ ব্যৱস্থা থকাত তেওঁলোকৰ মাজৰ পৰা এজনে পাল পাতি বছৰৰ ১২ মাহৰ ৩ মাহৰ বাবে বাধ্যতামূলক পাইক সেৱা দান কৰিব লাগিছিল । কিন্তু পাইকেৰে এটাকৈ গোট গঠন কৰাত প্ৰতিজন পাইকে বছৰৰ ৪ মাহ পাইক খাঠিব লাগিছিল।

গতিকে প্ৰতিজন পাইকৰ ওপৰত এমাহ বুজা বৃদ্ধি পাইছিল । এইদৰে একোখন মানুহক ৪ মাহকৈ ৰাষ্ট্ৰই পাইক ৰূপে লৈ যোৱাৰ ফলত কৃষি অৰ্থনীতিক প্ৰকৃত ক্ষতি হৈছিল । শাৰীৰিক শ্ৰমৰ বুজা বৃদ্ধিৰ মাজেৰে প্ৰজা পোষনৰ নীতি দেশৰ সাধাৰণ প্ৰজাই সহ্য কৰিব পৰা নাছিল । ফলত পাইকসকলে আহোম ৰাজতন্ত্ৰৰ বিৰোধী হ’ল মোৱামৰীয়া বিদ্ৰোহৰ অংশ গ্ৰহণ কৰিছিল ।

গতিকে পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ অন্যতম কাৰণ বুলি প্ৰতিয়মান যাব পাৰি ।

(৫) মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা ।

উত্তৰঃ- অসমৰ মধ্যযুগৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ ঘটনাৰুপে পৰিগণিত হোৱা মোৱামৰীয়া বিদ্ৰোহ এৰা ধৰাকৈ ১৭৬৯ চনৰ পৰা ১৮০৫ চনলৈ প্ৰায় ৩৫/৩৬ বছৰ ধৰি চলিছিল । সি বিদ্ৰোহৰ পৰিগণিত স্বৰূপে আহোম ৰাজতন্ত্ৰ আৰু আহোম ৰাজ্য তথা অসম ভয়ানক অৱস্থালৈ গতি কৰিছিল।

           (১) এই বিদ্ৰোহৰ পৰিগণিত স্বৰূপে  ইংৰাজসকলৰ অসমলৈ আগমন ঘটে আৰু তেওঁলোকে অসম দখল কৰি কোম্পানী ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে । মোৱামৰীয়া বিদ্ৰোহৰ এইটোৱে আছিল অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু ক্ষতিকাৰক পৰিগণিত  ।

             (২) এই যুদ্ধৰ সময়ত বিদ্রোহীসকলে বহু ক্ষেত্ৰত সামুহিক সাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থত অগ্ৰাধিকাৰ দি কাৰ্য ক্ষেত্রত নামি পাতিছিল । বিষেককৈ ন-দুৱাৰ আৰু দৰঙৰ স্বাধীনতাৰ বাবে সেই দুখন ৰাজ্যৰ ৰজাই নিজ স্বাৰ্থ পূৰণৰ বাবে কাম কৰিছিল , অসমৰ সামূহিক স্বাৰ্থৰ বাবে নহয় ।

             (৩) বিদ্ৰোহৰ নেতা বা বিদ্ৰোহী  সকলেও দেশ শাসনৰ উন্নত আৰ্হি উদ্ভাৱন কৰি আহোমৰ বিকল্প শাসনসন ব্যৱস্থা অতি  প্ৰবৰ্তন কৰিব পৰা নাছিল । সেই সময়ত বিদ্ৰোহৰ নেতাসকলে বিভিন্ন ঠাইত শাসন ক্ষমতা দখল কৰিবলেও সেই শাসন ব্যৱস্থা দীৰ্ঘ দিনলৈ বৰ্তি থকা নাছিল ।

মাত্ৰ  বেংমৰাত সৰ্বানন্দ সিংহৰ নেতৃত্বত স্থাপন কৰা বিদ্ৰোহী ৰাজতন্ত্ৰ ১৮০৫ চনলৈ ভৰ্তি আছিল । কাৰণ সেই সময়ত বিদ্ৰোহসকলে কেন্দ্ৰীয়ভূত শাসন ব্যৱস্থা কৰি দেশ শাসন কৰিবলৈ লোৱাৰ পৰিৱৰ্তে অঞ্চল বিশেষ পৃথক পৃথক ব্যক্তি   ৰ নেতৃত্বত শাসনৰ ব্যৱস্থা কৰি বিদ্ৰোহৰ  নেতৃত্বক বিভাজন কৰি দুৰ্বল কৰি তুলিছিল ।

           (৪) মোৱামৰীয়া বিদ্ৰোহে অসমত আহোম ৰাজতন্ত্ৰক যথেষ্ট নিষ্কতিয়া কৰি তুলিছিল । ইয়াৰ ফলত শাসন ব্যৱস্থা অত্যন্ত দুৰ্বল হৈ পৰিছিল । এই বিদ্ৰোহ দমন কৰি কেপ্তেইন ওৱেলছে বিদ্ৰোহ দমন কৰি গৌৰীনাথ সিংহক পুনৰ ৰামসিংহাসনত  থাপিছিল যদিও তেওঁৰ নেতৃত্বত প্ৰশাসন ব্যবস্থাই শক্তি আহৰণ কৰিব পৰা নাছিল । ইয়াৰ ফলত কেওপিনে বিদ্ৰোহাত্মক পৰি্ৱেশ বিৰাজ কৰিয়েই আছিল ।

               (৫) বিদ্রোহাত্মক পৰিস্হিতৰ সুযোগ লৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে নিজ পৰিয়ালৰ লোকক গুৰুত্বপূৰ্ণ পদবীত বহুৱাই প্ৰকৃত আহোম ডাঙৰীয়া শ্ৰেণীৰ অন্যান্য যোগ্য লোকক ন্যায়সঙগত প্ৰাপ্যৰ পৰা সততে বঞ্চিত কৰিছিল । পূৰ্ণানন্দই আছিল সৰ্বেসৰ্বা। পিছলৈ পূৰ্ণা          নন্দ বুঢ়াগোহাই আৰু বদনচন্দ্ৰ বৰফুকনৰ

মাজত চলা ব্যক্তিগত কাজিয়াৰ ফলত অসমত মানসকলৰ আক্ৰমণৰ সূত্ৰপাত হৈছিল ।

(৬) মোৱামৰীয়া বিদ্ৰোহক তুমি  সফল নে বিফল বিদ্ৰোহ বুলি ভাবা? যুক্তি দিয়া ।

উত্তৰ:- অসমত মোৱামৰীয়া বিদ্ৰোহ তিনিবাৰকৈ সংঘটিত হৈছিল । এই বিদ্ৰোহে কিছু দিশত সফলতা লাভ কৰিছে বুলি ক’ব পাৰি।তাৰ কাৰণ কেইটামান হল-

          (১) মোৱামৰীয়া বিদ্ৰোহীসকলে ৰং পুৰ অধিকাৰ কৰি তাত ভৰত সিংহ নামৰ এজনক ৰজা আৰু শুকুৰা বোলা এজনক বৰবৰুৱা পাতি দেশ শাসন কৰিবলৈ লৈছিল ।

          (২)ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে জাপৰিভিঠাত ডফলা- বহতীয়াসকলে তাঁতী নামৰ এজন ৰজাক ৰজা পাতি দেশ শাসন কৰিবলৈ লৈছিল ।

            (৩) মাজুলীত মোৱামৰীয়াসকলে ৰজা পাতিছিল হাউহা নামৰ এজন ডেকাক আৰু বেংমৰাত হাতীচুঙ্গী মাৰণ সকলে সৰ্বানন্দক ৰজা আৰু গোধাক বৰবৰুৱা পাতি ৰাজ্য শাসন কৰিছিল।তেওঁ ১৭৮৮ চনত পৰা ১৮০৫ চনলৈকে বা বেংগমৰাত ৰাজত্ব কৰিছিল।

             (৪) শদিয়াত খামতিশকল বুঢ়া ৰজা আৰু ডেকা ৰজা নামৰ দুজনক ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ লৈছিল।

             (৫) নামনি অসমত দৰঙৰ ৰজা  হংস    নাৰায়ণক ছল কৰি গুৱাহাটীলৈ মাতি আনি গৌৰীনাথ সিংহই হত্যা কৰাৰ পিছত তেওঁৰ পুত্ৰ কৃষ্ণনাৰায়ণে বঙালী বৰকান্দাজৰ সহায়ত কমৰূপ দখল কৰা।

              এনেদৰে তিনিবাৰকৈ সংঘটিত হোৱা মোৱামৰীয়া বিদ্ৰোহত আহোম শাসন   ব্যৱস্থাৰ ভেটি কিছু পৰিমাণে দুৰ্বল হৈ পৰিছিল।

(৭) কেপ্তেইন ওৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল ? কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ’ল?

উত্তৰ:-আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ অমন্ত্ৰণত মুৱামৰীয়া বিদ্ৰোহ দমনৰ কাৰণে কেপ্তেইন ওৱেলছ অসমলৈ আহিছিল । ওৱেলছৰ অসম অভিযানৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল –

           (১) ৰজা গৌৰীনাথ সিংহ এজন নিষ্ঠুৰ প্ৰকৃতিৰ শাসক আছিল। তেওঁ মুৱামৰীয়াসকলৰ বিদ্ৰোহ কঠোৰভাৱে দমন কৰিবলৈ চেষ্টা কৰিছিল। ফলত মুৱামৰীয়া বিদ্ৰোহ অতী তীব্র হৈ পৰিছিল।এনে অৱস্থাত গৌৰীনাথ বিদ্ৰোহ দমন কৰিব নোৱাৰি ইংৰাজৰ ওচৰত শৰণাপন্ন হৈছিল।

            (২)সেই সময়ত কামৰূপ আৰু দৰংৰ জনসাধাৰণে আহোমসকলৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল । হৰদত্ত-বিৰদত্ত নামৰ দুই ভাতৃয়ে কামৰূপত আৰু হংসনাৰায়নে দৰঙৰ বিদ্রোহত নেতৃত্ব লৈছিল । কিন্তু গৌৰীনাথ সিংহই অদূৰদর্শী নীতি গ্ৰহণ কৰি হংসনাৰায়নক ষড়যন্ত্ৰৰ আশ্ৰয়লৈ গোহাটীলৈ মাতি আনি হত্যা কৰে ।

গৌৰীনাথৰ এনে কাৰ্যত জনসাধাৰণ অতি বিদ্ৰোহী হৈ পৰে । এনে অৱস্থাত গৌৰীনাথ সিংহই বিদ্ৰোহী দমনৰ বাবে ইংৰাজ শৰণাপৰ্ণ হয় ।

           (৩) কামৰূপ আৰু দৰঙৰ জনসাধাৰণে ৰংপুৰৰ পৰা ভালেমান বৰকান্দাজ বা ভেৰোণীয়া সৈনিক গোটাই গৌৰীনাথৰ বিৰুদ্ধে বিদ্রোহত লিপ্ত হৈছিল । এই ভেৰোণীয়া সৈনিকসকলৰ পৰাস্ত কৰিবলৈ ইংৰাজ সহায় বিচাৰিছিল ।

         (৪) মোৱামৰীয়াসকলৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ কাৰণে পিছলৈ গৌৰীনাথ সিংহয়ো গোৱালপাৰাৰ ইংৰাজ ব্যৱসায়ীৰ পৰা প্ৰায় বৰকান্দাজ সৈনিক গোটাই মোৱামৰীয়াসকলক দমন কৰাৰ কাৰণে চেষ্টা চলাই বিফল হৈছিল । শেষত উপায়হীন হৈ গৌৰীনাথ সিংহই ইংৰাজৰ সহায় ভিক্ষা মাগে ।

           ওপৰত উল্লেখ কৰা কাৰণসমূহৰ পৰিপ্ৰেক্ষিতত বংগদেশত থকা ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা সামৰিক সহায়ৰ বাবে গৌৰীনাথে কৰা লিখিত আবেদনৰ ভিত্তিত কোম্পানী চৰকাৰে অসমলৈ ৰজাৰ সাহাৰ্যাৰ্থে এটি সামৰিক অভিযান পঠিওৱাৰ সিদ্ধান্ত লয় ।

কেপ্টেইন থমাছ উৱেলছৰ নেতৃত্বত এই সামৰিক বাহিনীটোৱে ১৭৯২ চনৰ ৮ নৱেম্বৰ তাৰিখে গোৱালপাৰাত উপস্থিত হয় । এই নীতি কাৰ্যকৰী কৰাৰ বাবে কোম্পানী চৰকাৰৰ নিৰ্দেশ মৰ্মে  কেপ্টেইন ওৱেলছে আধাতে তেওঁৰ সামৰিক অভিযান সামৰি ঘূৰি যাবলগীয়া হয় ।

Sl. No.Contents
HISTORY (ইতিহাস)
পাঠ-1ভাৰতবৰ্ষলৈ ইউৰীপীয়সকলৰ আগমন
পাঠ-2ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ
পাঠ-3মোৱামৰীয়া গণ বিদ্ৰোহ
পাঠ-4মানৰ অসম আক্ৰমণ
পাঠ-5অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি
GEOGRAPHY (ভূগােল)
পাঠ-1ভূ-পৃষ্ঠৰ পৰিৱৰ্তন
পাঠ-2বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ
পাঠ-3ভাৰতবৰ্ষৰ ভূগোল
পাঠ-4অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1ভাৰতৰ ৰাজনৈতিক দল
পাঠ-2চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ
পাঠ-3অৰ্থনীতিৰ মৌলিক বিষয়সমূহ
পাঠ-4মূল অৰ্থনৈতিক সমস্যাসমূহ

(৮) কেপ্তেইন ওৱেলছৰ অসম সম্পৰ্কীয় বিৱৰণ আলোচনা কৰা ।

উত্তৰ:- স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আমন্ত্ৰণ ক্ৰমে সেই সময়ৰ বংগদেশৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিচৰ নিৰ্দেশত ১৭৯২চনত মোৱামৰীয়া বিদ্ৰোহ দমন কৰাৰ কাৰণে কেপ্তেইন ওৱেলছ অসমলৈ আহে । সেই সময়ত অসমৰ বিষয়ে ওৱেলছে এটি টোকা লিখি থৈ যায় ।তেওঁৰ সেই টোকাৰ  পৰা অসমৰ বিষয়ে বহুতো কথা জানিব পাৰি।

ওৱেলছৰ টোকা অনুসৰি আহোম শাসন তন্ত্ৰৰ পাঁচগৰাকী প্ৰতাপী মন্ত্ৰী আৰু তেওঁলোকৰ মাজত সঘনাই চলা ক্ষমতাকেন্দ্ৰীক অৰিয়াঅৰিৰ ঘটনা ঘটিছিল । ওৱেলছৰ টোকাত পাইক প্ৰথাৰ বিষয়েও বিৱৰণ আছে ।

অসমৰ শেহতীয়া ৰাজনৈতিক আচলাৱস্থাৰ বাবে ওৱেলছে কীৰ্তিচন্দ্ৰ বৰুৱাৰ ৰাজনৈতিক স্বেচ্ছাচাৰিতা , মোহন মালা গোহাঁইক অনৈতিক ৰাজ সিংহাসন লাভৰ পৰা বঞ্চিত কৰা , মোৱামৰীয়া মহন্তৰ হত্যা আৰু উচ্চ পদ বিধাৰী মন্ত্ৰী আমোলাসকলৰ মাজত ক্ষমতা লাভৰ বাবে চলা অবাঞ্চিত প্ৰতিযোগিতাকেই মূলত: দায়ী বুলি মত পোষণ কৰিছে । সেই সময়ত গোহাটী এখন আহল – বহল আৰু জনবহুল নগৰ আছিল ।

নগৰখন ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে বিস্তৃত আছিল । নৈৰ দাঁতিৰ এটা অংশত এটা গড় আছিল আৰু বিভিন্ন ধৰণৰ এশ তেৰটা কামান পোতা আছিল । ইয়াৰে তিনিটা ইউৰোপত তৈয়াৰী আছিল বুলি তেওঁ উল্লেখ কৰিছে ।

ব্ৰহ্মপুত্ৰৰ পৰা এশ গজমান আঁতৰত চাৰিওফালে ছয়ফুট ওখ দীঘলীয়া ইটাৰে তৈয়াৰী দেওৱাল আছিল আৰু তাৰ চাৰিওফালে দেৱালৰ কাষটো পানী- বোকাৰে খাৱৈৰে আগুয়া এডোখৰ সুৰক্ষিত ঠাই আছে । সামৰিক ভঁৰালৰ দত্তত কথা বিষয়াজনক খাৰঘৰীয়া ফুকন কৰা হৈছিল।

             ওৱেলছৰ টোকা অনুসৰি সেই সময়ত বস্তৰ দাম  তেনেই কম আছিল । বংগদেশৰ লগত অসমৰ বেপাৰ – বাণিজ্য চলিছিল । বিশেষকৈ বংগদেশৰ পৰা লোণ অসমলৈ আমদানি কৰা হৈছিল ।

              ওৱেলছৰ টোকা অনুসৰি অসমৰ  খনিজাত সামগ্ৰী আছিল – সোণ , লো , যখাৰ , আদি । এইবিলাকৰ উপৰি অসমত  লা , মুগা কাপোৰ , হাতী দাঁত , তামোল পাণ , সৰিয়হ , কুঁহিয়াৰ , আদা , ধান আদি উৎপন্ন হৈছিল ।

              সেই সময়ত অসমত লোণৰ বৰ চাহিদা আছিল আৰু অসমৰ বহুতো লোকে চৰাদামৰ কাৰণে লোণ ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাছিল । বঙ্গদেশৰ পৰা বছৰি প্ৰায় ১ , ২০’০০০ মোন লোণ অসমলৈ আমদানি  কৰা হৈছিল বুলি ওৱেলছৰ টোকাৰ পৰা জনা যায় ‌।

চমুটোকা লিখা

() মায়ামৰা সত্ৰ

উত্তৰঃ- মায়ামৰা সত্ৰ :- ‘ মায়ামৰা ‘ হৈছে এখন বৈষ্ণৱ সত্ৰ । এই সত্ৰ কাল সংহতিৰ অন্তৰ্ভূক্ত । মুখ্যতঃ মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিল । অৱশ্যে অসমৰ অন্যান্য বহুতো জনজাতি যেনে চুতীয়া , কছাৰী , আহোম কৈবৰ্ত আদি লোকৰ মাজতো এই সত্ৰই যথেষ্ঠ জনপ্ৰিয়তা অর্জন কৰিছিল ।

এই জনপ্ৰিতাৰ আঁৰত থকা এটা বিশেষ কাৰণ হৈছে এই সত্ৰৰ সত্ৰাধিকাৰসকল আছিল ক্ষুদ্ৰ সম্প্ৰদাইভুক্ত । তথা কথিত সমাজ ব্যৱস্থাত এই জনজাতীয়সকলক হীন বা নীচ বুলি জ্ঞান কৰা হৈছিল । বৰ্ণ হিন্দু পৰিচালিত সমাজত তেওঁলোকৰ স্থান আছিল অতি নিম্নস্তৰত ।

গতিকে ক্ষুদ্ৰ সত্ৰাধিকাৰৰ দ্বাৰা পৰিচালিত মায়ামৰা সত্ৰত তেওঁলোকে এক সুকীয়া মৰ্যদা পাইছিল । যাৰ বাবে দিনক দিনে এই সত্ৰত শিষ্যৰ সংখ্যা বাঢ়ি গৈছিল । তেওঁ লোকৰ অকৃত্ৰিম গুৰুভক্তিয়ে তথা বৰ্ধিত শিষ্যৰ সংখ্যাই মোৱামৰীয়া সত্ৰৰ লগতে ই ইয়াৰ মহন্তসকলৰো শক্তিৰ উত্থানত যথেষ্ট অৰিহনা যোগাইছিল ।

() পূৰ্ণানন্দ বুঢ়াগোহাঁইঞি

উত্তৰঃ-  পূৰ্ণানন্দ বুঢ়াগোহাঁইঞি :-  গৌৰীনাথৰ ৰাজত্বকালত পুনৰ দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হোৱাৰ সময়তে ঘনশ্যাম বুঢ়াগোহাঁইৰ মৃত্যু হোৱাত তেওঁৰ পুত্ৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই পদত অধিনিষ্ঠ হয় । এই সময়ছোৱা আছিল অতি সংকটময় ।

কাৰণ মোৱামৰীয়া বিদ্ৰোহ আৰু ইয়াৰ পিছত সংঘঠিত হোৱা মানৰ আক্রমনে অসমৰ অৱস্থা সংকটাপন্ন কৰি তুলিছিল । ইয়াৰ বিপৰীতে পূৰ্ণানন্দই অতি ধৈৰ্যৰে দেশ সেৱাৰ কামত ব্ৰতী হৈছিল । সুদীৰ্ঘকাল বুঢ়াগোহাঁয়ে শাসনযন্ত্ৰ কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰাত ৰাজ্যৰ কিছুমান বিষয়াই ভাল পোৱা নাছিল যদিও মুকলিভাৱে একো ক’ব পৰা নাছিল ।

           তেওঁ কাৰ্যভাৰ গ্রহণ কৰিয়েই ৰজা গৌৰীনাথ সিংহক মুৱামৰীয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বিপৰীতে কৌশলে বশ কৰাৰ কাৰণে পৰামৰ্শ আগবঢ়ায় । ফলত মুৱামৰীয়া বিদ্ৰোহৰ প্ৰকোপ দুগুণ বৃদ্ধি পায় ।

গৌৰীনাথ সিংহৰ পলায়নৰ পিছত পূৰ্ণানন্দই অকলে আৰু অতি সাহসেৰে মুৱামৰীয়াসকলৰ বিৰুদ্ধে সংগ্ৰামত লিপ্ত হৈছিল । কেপ্তেইন উৱেলছৰ আগমনৰ পিছত পূৰ্ণানন্দৰ সহযোগতহে ইংৰাজসকলে মুৱামৰীয়াসকলক পৰাভূত কৰিবলৈ সক্ষম হৈছিল ।

         মুৱামৰীয়া বিদ্ৰোহৰ পিছত অসমত মানৰ আক্ৰমণ সংঘটিত হয় ।  কোৱা হয় যে বদনচন্দ্ৰ বৰফুকনৰ আৰু পূৰ্ণানন্দ বৰগোহাঁইৰ ব্যক্তিগত শত্ৰুতাৰ ফলতেই অসমলৈ মানসকলৰ আক্ৰমণ সংঘটিত হৈছিল । ১৮১৭ চনত মানসকলে প্ৰথমবাৰ   অসম আক্ৰমণৰ খবৰ পোৱাৰ পিছতে পূৰ্ণানন্দৰ মৃত্যু হয় ।

() বৰৰজা ফুলেশ্বৰী

উত্তৰঃ- বৰৰজা ফুলেশ্বৰী :- ৰাণী ফুলেশ্বৰী স্বৰ্গদেউ শিৱসিংহৰ বৰকুঁৱৰী আছিল । তেওঁৰ আগৰ নামটো ফুলমতী আছিল । ৰাণী ফুলেশ্বৰী শাক্ত ধৰ্মী আছিল । স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালত ৰাণী ফুলেশ্বৰীয়ে মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ আৰু সত্ৰৰ সৈতে জড়িত সন্ত –  মহন্ত আৰু ভকতসকলক লঘু – লাঞ্ছনা কৰি অশেষ নিৰ্যাতন দিছিল ।

এই ক্ষেত্ৰত ইন্ধন যোগাইছিল কীৰ্তি চন্দ্ৰ বৰবৰুৱা । শাক্ত ব্ৰাহ্মণ পুৰোহিতসকলে ৰজা শিৱসিংহৰ ছত্রভংগৰ যোগ আছে বুলি কৈ ৰাণী ফুলেশ্বৰীক বৰৰজা পাতিছিল ।

ৰাণীয়ে শক্তি পূজাৰ বিৰোধী বৈষ্ণৱ সত্ৰাধিকাৰ , মহন্ত আৰু ভকতসকলক আৰু লগতে অন্যান্য সত্ৰৰ সত্ৰাধিকাৰসকলক ধৰি আনি দেৱী পূজাৰ প্ৰসাদ খুৱাই আৰু বলিৰ তেজেৰে কপালত ফুটদিয়াই অশেষ লঘু লাঞ্ছনা কৰিছিল । ৰাণীৰ এনে অশুভ কাৰ্যত সমস্ত প্ৰজাবৰ্গ বিদ্ৰোহী হৈ পৰিছিলজ ।

(সৰ্বানন্দ

উত্তৰঃ – সৰ্বানন্দ :- চুক্লেনফা বা কমলশ্বেৰ সিংহৰ দিনত মোৱামৰীয়াসকলে পুনৰ বেলেগ বেলেগ ঠাইত বিদ্ৰোহ কৰিছিল । ৰংপুৰৰ ৰজা ভৰত সিংহৰ মৃত্যু হোৱাত মোৱামৰীয়াসকলে এইবাৰ চিংফৌমতা সৰ্বানন্দৰ নেতৃত্বত পুনৰ বিদ্ৰোহ আৰম্ভ কৰে । এনে অৱস্থাত পূৰ্ণানন্দ বুঢ়াগোহাঁই বৰ বিপাঙত পৰে ।

পূৰ্ণানন্দ বুঢ়াগোহাঁঞিয়ে বিষয়টো গভীৰভাৱে গ্ৰহণ কৰি যথাসম্ভৱ সোনকালে মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পেলাবলৈ বিচাৰিছিল । সেয়েহে সোনকালেই তেওঁ সৰ্বানন্দৰ লগত এখন চুক্তি কৰি মটক ৰাজ্য গঠন কৰে আৰু তাত সৰ্বানন্দক কৰতলীয়া শাসক হিচাপে ‘ বৰসেনাপাতি ‘ নিযুক্তি কৰা হয় ।

চুক্তিমতে বেংমৰাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিং নদীৰ মাজত ভূ-খণ্ডত নতুন মটক ৰাজ্য গঠন কৰিলে । সৰ্বানন্দই বছৰেকীয়া কৰ হিচাপে আহোম ৰজাক হাতী দাঁত আৰু মুগাৰ কাপোৰ সোধাবলৈ প্ৰতিশ্ৰুতি দিয়ে ।

) ৰংপুৰ নগৰ

উত্তৰ:- ৰংপুৰ আহোমৰ ৰাজধানী আছিল । স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৬৯৮ চনত এই ৰাজধানী নগৰ প্ৰতিষ্ঠা কৰে । ৰং পুৰৰ পুৰনি নাম মেটেকা ।স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংগৰ সজাই ৰং-ৰহইচ কৰি নগৰখন লোৱাৰ বাবে নামনিৰ ৰংপুৰৰ নামেৰেই এই নগৰৰ নাম ৰংপুৰ থয় । তেতিয়াৰে পৰা মোৱামৰীয়াসকলৰ বিদ্ৰোহত নগৰ উছন হোৱালৈকে ৰংপুৰ আহোমৰ ৰাজধানী আছিল । বৰ্তমানৰ শিৱসাগৰ নগৰখনেই আছিল পূৰ্বৰ ৰংপুৰ  নগৰ ।

           বৰ্তমান ৰংপুৰৰ পৰিসীমা প্ৰায় ১০ মাইল মান হব । ইয়াত ইটাৰ বেৰ দিয়া এখন সুৰক্ষিত ঠাই আছিল । নগৰৰ দাঁতি কাষৰীয়া ঠাইবোৰত ভাল খেতি হৈছিল । সৰহভাগ মাটিয়েই ৰজা আৰু ডা- ডাঙৰীয়া সকলৰ সম্পত্তি আছিল । বজাৰত উৎপন্ন বস্তুৰ বেচা-কিনা সাধাৰণতে নহৈছিল । ধান কেতিয়াও বিক্ৰী কৰিব নোৱাৰিছিল । সোণ আৰু নিমখহে বেহা -বেপাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল । বস্তুৰ দাম অতিপাত সস্তা আছিল ।

() পৰ্বতীয়া গোঁসাই

উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰসিংহ বংগদেশৰ নদীয়াৰ পৰা কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এজন শাক্ত ব্ৰাহ্মণ পণ্ডিতক ৰাজ্যলৈ মতাই অনাইছিল । পিছলৈ পুত্র শিৱ  সিঙহহৈ তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্ৰাহ্মণজনক নিলাচল পাহাৰত স্থাপন কৰিছিল । তেতিয়াৰ পৰাই কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁৰ উত্তৰ পুৰুষ সকলক ‘পৰ্বতীয়া’ গোঁসাই নামেৰে জনা যায় ।

() ভৰত সিংহ

উত্তৰ:- ভৰত সিংহ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ সম্পৰ্কীয় লোক আছিল । তেওঁ এজন মোৱামৰীয়া বিদ্ৰোহৰ নেতা আছিল । ১৮০১ চনত তেওঁৰ নেতৃত্বত এ এদল মোৱামৰীয়া চিংফৌ আৰু খামতিসকলৰ সৈতে লগ হৈ বিদ্ৰোহ কৰিছিল । তেওঁলোকে বিদ্ৰোহ কৰা ঠাইখন হ’ল বেংমৰা । মোৱামাৰীয়া বিদ্ৰোহীসকলে  ৰংপুৰ দখল কৰাৰ পিছত তেওঁক ৰংপুৰৰ ৰজা পাতিছিল । ভৰত সিংহই শুকুৰা নামৰ এজন বৰবৰুৱাৰ লগত দেশ শাসন কৰিছিল ।

() কাড়ী পাইক আৰু চমূৱা পাইক

উত্তৰ:- পাইক প্ৰথা আহোম ৰাষ্ট্ৰযন্ত্ৰৰ অৰ্থনৈতিক শোষণৰ এটা ব্যৱস্থা আছিল ।পাইকৰ অন্তৰ্ভুক্ত কিছুমান লোকে এই ব্যৱস্থাৰ কষ্টৰ পৰা ৰেহাই পাবলৈ বিচাৰিছিল। অষ্টবিংশ শতিকাৰ আদি

 ভাগৰে পৰা ধনৰ বিনিময়ত পাইক খটাৰপৰা ৰেহাই পোৱাৰ ব্যৱস্থা এটি চৰকাৰে প্ৰৱৰ্তন কৰিছিল। ধনৰ মাধ্যমত চমুৱা শ্ৰেণীলৈ উঠিব পাৰিছিল আৰু তেনেদৰে চমুৱাৰ শাৰীলৈ উঠা সাধাৰণ পাইকসকল অন্য কাড়ী পাইকতকৈ মৰ্যাদাৰ ফালৰপৰাও সমাজৰ উচ্চ শ্ৰেণীৰ বুলি পৰিগণিত হৈছিল।

চহকী পৰিয়ালৰ লোকে ধন ধনবিত ৰজা ঘৰত জমা দি কাড়ী পইকৰ পৰা চমুৱা শাৰীলৈ উঠিছিল।   কড়ী পইকৰ পৰা একাংশ চমুৱালৈ উন্নীত হোৱাৰ ফলত কড়ী শ্ৰেণী পাইকৰ ওপৰত শ্ৰমৰ বোজা বৃদ্ধি হৈ তেওঁলোকৰ মাজত ক্ষোভ জন্ম দিছিল।পাইক সকলৰ বৰ্ধিত ক্ষোভ মোৱামৰিয়া বিদ্ৰোহৰ এটা প্ৰধান কাৰক হৈ পৰিছিল।

() ওৱেলছ আৰু গৌৰীনাথ হিংসৰ মাজত বাণিজ্য চুক্তি

উত্তৰঃ- ওৱেলছ আৰু গৌৰীনাথ হিংসৰ মাজত বাণিজ্য চুক্তি :- আহোম ৰজা গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজত এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল । ১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হোৱা এই চুক্তিমতে ,

      (১) ইংৰাজৰ অধীনস্থ যিকোনো ঠাইৰ পৰা অসমলৈ আমদানি হোৱা সামগ্ৰীৰ ওপৰত ১০% কৰ ধার্য কৰা হ’ল ।

      (2) অসমৰ পৰা ইংৰাজৰ অধীনৰ যিকোনো প্ৰান্তলৈ কৰা সামগ্ৰীৰ ওপৰতো  সমপৰিমানৰ অৰ্থাৎ  ১০ %  কৰ ধার্য কৰা হ’ল ।

      (৩) ধান আৰু চাউলৰ ওপৰত কোনো কৰ নাথাকিব ।

      (৪) গুৱাহাটী আৰু কান্দাহাৰত দুটা শুক্ল চকী স্থাপন কৰি ৰপ্তানি আৰু আমদানি কৰ আৰোপ কৰাৰ ব্যৱস্থা কৰা হ’ল ।

      (৫) ইংৰাজৰ বাহিৰে আন ইউৰোপীয় বেপাৰিয়ে ইংৰাজ আৰু আহোম চৰকাৰৰ বিনা অনুমতিত অসমত বেহা – বেপাৰ কৰিব নোৱাৰিব ।

             এই চুক্তিখনৰ স্বাৰ্থতেই উজনিৰ মুৱামৰীয়াসকলক দমন কৰি আহোম শাসনৰ পুনৰ প্রতিষ্ঠা কৰাটো এক প্ৰকাৰ জৰুৰী হৈ পৰিছিল । সকলো কথা গমি ওৱেলছে গৱৰ্ণৰ জেনেৰেলক ছয়টা নতুন কোম্পানী ফৌজ পাঠাবলৈ অনুৰোধ কৰিছিল । গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে পৰিস্থিতিৰ গুৰুত্ব বুজি ওৱেলছৰ পত্ৰৰ সহাঁৰি জনাই অতিৰিক্ত ফৌজ পঠাই দিছিল ।

             ইয়াতে আমি জানি থোৱা ভাল হ’ব যে ইমানদিনে অৰ্থাৎ ১৭৮৬ চনৰ পৰাই বুঢ়াগোহাঁইঞি পূৰ্ণানন্দ ডাঙৰীয়াই অশেষ কষ্টেৰে যোৰহাটৰ বাহিৰতে মোৱামৰীয়াসকলৰ গতিৰোধ কৰি আছিল । এতিয়া ওৱেলছৰ নেতৃত্বত অহা নতুন ব্ৰিটিছ ফৌজে আহোমৰ সৈন্যৰ মনোবল বহুগুণে বৃদ্ধি কৰিলে । ১৭৯৪ চনৰ ২১ মাৰ্চৰ দিনা গৌৰীনাথ সিংহই ৰাজধানীত প্ৰৱেশ কৰে ।

SEBA Class 9 Social Science (সমাজ বিজ্ঞান) Questions Answer

4 thoughts on “Class 9 Social Science History Chapter 3 মোৱামৰীয়া গণ বিদ্ৰোহ”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top