Class 9 Social Science Political Lesson 3 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Class 9 Social Science Political Lesson 3 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ, SEBA Class 9 Social Science Books Assamese Medium Question Answer and select needs one.
Class 9 Social Science Political Lesson 3 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Social Science Political Lesson 3 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ Solutions for All Subject, You can practice these here.
অৰ্থনীতিৰ মৌলিক বিষয়সমূহ
পাঠ ৩ (সমাজ বিজ্ঞান) তৃতীয় খণ্ড
| তৃতীয় খণ্ডঃ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান |
| অনুশীলনী – ১ |
অতি চমু উত্তৰৰ প্ৰশ্নঃ
১। অৰ্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে?
উত্তৰঃ ‘গ্ৰীক’ ভাষাৰ শব্দৰ পৰা অনা হৈছে।
২। অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘গ্ৰীক শব্দ ‘Oikonomia’ ৰ পৰা লোৱা হৈছে।
৩। অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন?
উত্তৰঃ অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ ‘এডাম স্মিথ’ বুলি গণ্য কৰা হৈছে।
৪। অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ ‘এডাম স্মিথে’ আগবঢ়াইছিল।
৫। ‘Micro’ আৰু ‘Macro’ শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘Micro’ আৰু ‘Macro’ শব্দ দুটা ‘গ্ৰীক Mikros আৰু Makros ৰ পৰা লোৱা হৈছে।
৬। অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ আলফ্ৰেড মাৰ্ছেলে আগবঢ়াইছিল।
৭। এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰঃ ‘An Enquiry into the Nature and Causes of the Wealth of Nations’ নামৰ গ্ৰন্থত ১৭৭৬ চনত প্ৰকাশিত গ্ৰন্থ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো আগবঢ়াইছিল।
৮। আলফ্ৰেড মাৰ্ছেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰঃ ১৮৯০ চনত ‘Principles of Economics’ গ্ৰন্থত অৰ্থবিজ্ঞানৰ সংজ্ঞাটো আগবঢ়াইছিল।
৯। লায়’নেল ৰবিন্সে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰঃ ১৯৩২ চনত তেখেতৰ “An Essay on the nature and significance of Economic science” গ্ৰন্থত তেখেতৰ অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল।
১০। এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল?
উত্তৰঃ এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি- সমাজ বিজ্ঞানী কাৰ্লাইল আৰু ৰাস্কিনে কৈছিল।
১১। কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয়?
উত্তৰঃ উপযোগিতা বুলি কোৱা হয়।
১২। উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয়?
উত্তৰঃ মূলধন বুলি কোৱা হয়।
চমু উত্তৰৰ প্ৰশ্নঃ
১। এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰঃ অর্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ স্মিথে তেখেতৰ ১৭৭৬ চনত প্রকাশিত গ্রন্থত ‘অর্থবিজ্ঞান সম্পদৰ বিজ্ঞান’ বুলি অভিহিত কৰিছে। স্মিথৰ এই সংজ্ঞাটোক সম্পদভিত্তিক সংজ্ঞা বুলি কোৱা হয়।
২। মাৰ্ছেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰঃ কেব্রিজ অর্থনীতিবিদ মাৰ্ছেলে তেখেতৰ ১৮৯০ চনত প্রকাশিত গ্রন্থ ‘Principles of Economics’ ত অর্থনীতিৰ কল্যাণ ভিত্তিক সংজ্ঞাটো দাঙি ধৰিছে। তেখেতৰ মতে “মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কার্যাৱলী অধ্যয়নেই হৈছে অর্থনীতি।” ই ব্যক্তিগত আৰু সামাজিক কার্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে, যিটো অংশ পার্থিব কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।
৩। ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰঃ তেওঁৰ মতে “যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজত সম্পর্ক হিচাপে অধ্যয়ন কৰে সিয়েই অর্থনীতি।”
৪। ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি?
উত্তৰঃ ৰবিন্সৰ অর্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণাকেইটা হ’ল —
১। মানুহৰ অভাৱ অসীম।
২। অভাৱ পুৰণৰ উপায় বা আহিলাসমূহ সীমিত।
৩। সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য।
৫। ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে?
উত্তৰঃ অৰ্থবিজ্ঞানৰ যিটো পদ্ধতিত ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগোটিয়াকৈ আলোচনা কৰা হয় সেই পদ্ধতিকে ব্যষ্টিবাদী অৰ্থবিজ্ঞান বোলে।
৬। সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে?
উত্তৰঃ এখন দেশৰ অৰ্থনীতিৰ সামগ্ৰীক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা, উপভোক্তা আদিৰ আচৰণ সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভোক্ত। সামূহিক হৈছে সমষ্টিবাদী অৰ্থনীতিৰ অধ্যয়ন। জনসংখ্যা, নিয়োগ, উদ্যোগীকৰণ, কৃষি, ইত্যাদি। এখন দেশৰ সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্গত। এয়াই হৈছে সমষ্টিবাদী অৰ্থবিজ্ঞান।
৭। আৰ্থিক বস্তু আৰু অনাআৰ্থিক বস্তুৰ পাৰ্থক্য লিখা।
উত্তৰঃ আর্থিক বস্তু আৰু অনার্থিক বস্তুৰ পার্থক্য সমূহ হ’ল-
| আর্থিক বস্তু | অনার্থিক বস্তু |
| (ক) আর্থিক বস্তুবােৰৰ যােগান সীমিত | (ক) অনার্থিক বস্তুবােৰৰ যােগান সীমিত নহয়। |
| (খ) আর্থিক বস্তুবােৰৰ দৰ বা দাম থাকে। | (খ) অনার্থিক বস্তুবােৰৰ দৰ বা দাম নাথাকে। |
| (গ) আর্থিক বস্তুবােৰক মুদ্ৰাৰ জৰিয়তে আদান-প্রদান কৰিব পাৰি।। | (গ) অনাআর্থিক বস্তুবােৰক মুদ্ৰাৰ জৰিয়তে আদান-প্রদান কৰিব নােৱাৰি অর্থাৎ এনে বস্তুবােৰ প্ৰকৃতিৰ মুক্ত দান। |
| (ঘ) খাদ্য, বস্তু, বিজুলীৰ পােহৰ আদি আর্থিক বস্তুৰ উদাহৰণ। | (ঘ) সূৰ্যৰ তাপ, বতাহ, বৰষুণৰ পানী আর্থিক বস্তুৰ উদাহৰণ। |
৮। ৰাষ্ট্ৰীয় আয় কাক বোলে?
উত্তৰঃ ৰাষ্ট্ৰীয় আয় বুলিলে- এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মূদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয় বোলে।
৯। জনমুৰি আয়ৰ সূত্ৰটো লিখা।
উত্তৰঃ এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পােৱা যায় তাকে দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়। জনমূৰি আয় = ৰাষ্ট্ৰীয় আয়/দেশৰ মুঠ জনসংখ্যা।
দীঘল উত্তৰৰ প্ৰশ্নঃ
১। অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণ সহ ব্যাখ্যা কৰা।
উত্তৰঃ অর্থবিজ্ঞান হ’ল সমাজ বিজ্ঞানৰ এক গুৰুত্বপূর্ণ বিষয়। সেয়েহে বহুতাে কাৰণত সমাজত অর্থবিজ্ঞানৰ অধ্যয়নৰ প্ৰয়ােজনীয়তা আছে।
ইয়াৰ ভিতৰত কেইটামান কাৰণ হ’ল—
(ক) কৰদাতা নাগৰিক এগৰাকীয়ে জানিব খুজিব চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে, সংগৃহীত ৰাজহ কিদৰে ব্যয় কৰে, ব্যয় কৰোঁতে কি নীতি মানি চলে, সংগৃহীত ৰাজহৰ উচিত ব্যৱহাৰ হৈছে নে নাই ইত্যাদিবােৰ জানিবৰ বাবে অর্থনীতি বিজ্ঞানৰ অধ্যয়নৰ প্রয়ােজনীয়তা আছে।
(খ) সমাজ সংগঠক বা সংস্কাৰক এগৰাকীয়ে ব্যাপক আৰু গভীৰ দৰিদ্ৰতাৰ কাৰণসমূহ ফঁহিয়াই চাব বিচাৰিব। তেনে কৰোঁতে মানুহ এগৰাকীয়ে বুজি পাব যে সমস্যাটোৰ বহুতাে। অর্থনৈতিক কাৰণ থাকিব পাৰে। এনে কাৰণবােৰ ভালদৰে জানিবৰ বাবে অর্থবিজ্ঞানৰ অধ্যয়নৰ প্রয়ােজনীয়তা আছে।
(গ) সচেতন গ্রাহক হিচাপে বজাৰত অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ কাৰণসমূহ জানিবৰ বাবেও অর্থবিজ্ঞান অধ্যয়নৰ প্ৰয়ােজনীয়তা আছে।
(ঘ) বিশ্বায়ন বা গােলকীকৰণ কি? ইয়াৰ পৰা সুফল আৰু কুফলবােৰ কেনেকুৱা ধৰণৰ হ’ব পাৰে সেই বিষয়ে জানিবৰ বাবেও অর্থবিজ্ঞান অধ্যয়নৰ প্রয়ােজনীয়তা আছে।
(ঙ) অর্থনৈতিক বিকাশ কি? পৰিবেশীয় অর্থনীতি কি? এনেবােৰ বহুতাে গুৰুত্বপূর্ণ বিষয় অর্থনীতি বিজ্ঞানত অধ্যয়ন কৰা হয়। সেয়েহে অর্থবিজ্ঞান অধ্যয়নৰ প্ৰয়ােজনীয়তা আছে।
২। অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্রহণযোগ্য আৰু কিয় ব্যাখ্যা কৰা।
উত্তৰঃ অৰ্থনীতিবিদ লায়’নেল ৰবিন্সে ১৯৩২ চনত তেখেতৰ প্ৰকাশিত গ্ৰন্থ ‘An Essay on the Nature and significance of Economic Science’ ত অৰ্থনীতিৰ অন্যতম গ্ৰহণযোগ্য সংজ্ঞাটো আগবঢ়াইছে। তেখেতৰ মতে, ‘যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা (লক্ষ্য) আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ (উপায়) মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি’।
এই সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছেঃ
১। মানুহৰ অভাৱ অসীম।
২। অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত।
৩। সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য।
এই তিনিটা মৌলিক ধাৰণাৰ পৰা অৰ্থনৈতিক সমস্যা তথা পছন্দৰ সমস্যা সৃষ্টি হয়। বিকল্পভাৱে ব্যৱহৰোপযোগী সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পূৰণত অধিক গুৰুত্ব দি সেয়ে লৈ যিসমূহ সমস্যাৰ সৃষ্টি হয় তাকে অৰ্থনৈতিক সমস্যা বা পছন্দৰ (বাছনি) সমস্যা বোলা হয়। ৰবিন্সৰ সংজ্ঞাক দুষ্প্ৰাপ্ৰতা (নাটনি)ৰ সংজ্ঞা বুলি কোৱা হয়। এনেবোৰ কাৰণতে ৰবিন্সৰ সংজ্ঞাটোক অৰ্থবিজ্ঞানৰ আটাইতকৈ বেছি গ্ৰহণযোগ্য সংজ্ঞা বুলি কোৱা হয়।
৩। অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা।
উত্তৰঃ অর্থবিজ্ঞানৰ পৰিসৰে সমাজ বিজ্ঞানৰ আর্থিক কার্যকলাপক সামৰি লয়।
অর্থবিজ্ঞানৰ পৰিসৰে সামৰি লােৱা বিষয়সমূহ হৈছে—
(ক) ভােগকাৰ্য।
(খ) উৎপাদন।
(গ) বিতৰণ।
(ঘ) বিনিময়।
(ঙ) মুদ্রা।
(চ) আয়।
(ছ) ৰাজস্ব।
(জ) কল্যাণকামী অর্থনীতি।
(ঝ) পেিবশীয় অর্থনীতি।
(ঞ) দক্ষতা।
(ক) ভােগ কার্যঃ আমাৰ অভাৱ দূৰ কৰাৰ কার্যকলাপেই হৈছে ভােগ। ভােগকাৰ্যৰ লগত জড়িত বিধিসমূহ, ভােক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অর্থনীতিৰ পৰিসৰৰ অন্তর্ভুক্ত।
(খ) উৎপাদনঃ উপযােগী সামগ্রী অথবা সেৱাৰ সৃষ্টিয়েই হৈছে উৎপাদন। উৎপাদনৰ চাৰিটা উপাদান (ভূমি, শ্রম, মূলধন আৰু সংগঠন), উৎপাদনৰ বিধি, উৎপাদকৰ ভাৰসাম্য, আর্থিক ব্যৱস্থা ইত্যাদি সম্পর্কে অর্থবিজ্ঞানত আলােচনা কৰা হয়।
(গ) বিতৰণঃ সামগ্ৰীৰ উৎপাদন কার্য সম্পাদন কৰাৰ পাছত ইয়াক উপভােক্তাৰ মাজত বিতৰণ কৰিলেহে ভােগকার্য সম্ভৱ হৈ উঠিব। বিতৰণ প্রক্রিয়া যাতে সঠিক হয় তাৰ বাবে যিবােৰ নীতি বা তত্ত্ব অনুসৰণ কৰাৰ প্রয়ােজন সেই সকলােবােৰ তত্ত্ব বিতৰণ’ বিষয়ৰ মাজত আলােচনা কৰা হয়।
(ঘ) বিনিময়ঃ কোনাে ব্যক্তি বা অঞ্চল বা দেশে লাগতিয়াল প্রতিবিধ সামগ্রী নিজে উৎপাদন কৰি ল’ব নােৱাৰে। এনে ক্ষেত্ৰত ব্যক্তি, অঞ্চল আৰু দেশৰ মাজত বিনিময়ৰ আৱশ্যক হয়। সেয়েহে দেশীয় বাণিজ্য আৰু আন্তর্জাতিক বাণিজ্যৰ জৰিয়তে দেশীয় আৰু আন্তর্জাতিক বিনিময় হয়। অর্থনীতিত এই দুয়াে প্রকাৰৰ বিনিময়ৰ বিষয়ে আলােচনা কৰা হয়।
(ঙ) মুদ্রাঃ দ্ৰব্যৰ প্রত্যক্ষ বিনিময় প্রথাৰ অসুবিধাসমূহ আঁতৰাই বিনিময় ব্যৱস্থাক সৰলতা প্রদান কৰাৰ বাবেই মুদ্ৰাৰ সৃষ্টি হৈছিল। মুদ্ৰাৰ ভূমিকা, মুদ্ৰাৰ কার্যাৱলী আৰু মুদ্ৰাৰ প্ৰকাৰ ইত্যাদিবােৰৰ বিষয়ে অর্থনীতিক পৰিসৰত আলােচনা কৰা হয়।
(চ) আয়ঃ জনমূৰি আয়, ৰাষ্ট্ৰীয় আয় বা জাতীয় আয়, ইয়াৰ বৃদ্ধি বা বিতৰণ, অর্থনৈতিক কল্যাণৰ লগত ইয়াৰ সম্পর্ক আলােচনা কৰাটো অর্থনীতিৰ পৰিসৰৰ অন্তৰ্গত।
(ছ) ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞানঃ চৰকাৰী আয়, চৰকাৰী ব্যয় আৰু চৰকাৰী ঋণৰ আলােচনাই হৈছে ৰাজহুৱা বিত্ত বিজ্ঞান।
(জ) কল্যাণকামী অর্থনীতিঃ কেৱল ভােগকার্য, উৎপাদন তথা বিতৰণেই অর্থনীতি মূল বিষয়বস্তু হ’ব নােৱাৰে। এনেবােৰ কাৰ্যৰ লগত ব্যক্তি তথা সমাজ কল্যাণৰ দিশটো জড়িত হৈ থাকে।
(ঝ) পৰিবেশীয় অর্থনীতিঃ অর্থনৈতিক উন্নতি বৃদ্ধিৰ অৰ্থে ঔদ্যোগিকৰণৰ ওপৰত অধিক মনােনিবেশে পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য বিনষ্ট হৈছে। এনে ক্ষেত্ৰত পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য কিদৰে ৰক্ষা কৰিব পাৰি সেউ উদ্দেশ্যে পাৰিপাৰ্শ্বিকতাৰ অধ্যয়ন অর্থনীতি। বিষয়ত অন্তর্ভুক্ত কৰা হৈছে।
(ঞ) দক্ষতাঃ সীমিত সম্পদৰাজিক দক্ষতাপূর্ণ ব্যৱহাৰৰ যােগেদি সমাজ গঠন কৰাটো অর্থনীতিৰ মূল বিষয়।
| অনুশীলনী – ২ |
অতি চমু/চমু উত্তৰৰ প্ৰশ্নঃ
১। সংজ্ঞা লিখাঃ
(ক) দৰিদ্ৰতা।
উত্তৰঃ পৃথিৱীৰ বিভন্ন দেশে সন্মুখীন হৈ অহা এক জলন্ত সমস্য়া হৈছে দৰিদ্ৰতা। দৰিদ্ৰতাৰ সংজ্ঞা বিভিন্নজনে বিভিন্ন ধৰণে আগবঢ়াইছে। বহল অৰ্থত দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় য’ত এজন ব্য়ক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজন সমূহ যেনে খাদ্য়, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্য়ৰ সুবিধাসমূহ আহৰণত ব্য়ৰ্থ হয়।
সম্পদ আৰু আয়ৰ অসম বিতৰণে এখন দেশৰ অৰ্থনীতিত অৰ্থনৈতিক অসমতাৰ সৃষ্টি কৰে। ইয়াৰ ফলস্বৰূপে ধনী আৰু দুখীয়াৰ মাজত থকা ব্য়ৱধান বৃদ্ধি পায়।
(খ) নিবনুৱা।
উত্তৰঃ নিবনুৱা বুলিলেঃ কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা থকাৰ পাছতো যদি কোনো উপযুক্ত সংস্থাপন নাপায় তেনে ব্যক্তিক নিবনুৱা কোৱা হয়।
নিবনুৱা সাধাৰণতে দুই প্ৰকাৰৰ-
১। গ্ৰাম্য নিবনুৱা। আৰু
২। চহৰীয়া নিবনুৱা।
(গ) জনসংখ্যাৰ ঘনত্ব।
উত্তৰঃ প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত কিমানজন মানুহ বাস কৰে সেয়েই হল জনসংখ্যাৰ ঘনত্ব। ভূমিৰ পৰিপ্ৰেক্ষিতত জনসংখ্যাৰ স্থানিক বিতৰণ বুজাত ই সহায় কৰে। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব ৩১৩ জন। জনবসতিৰ ঘনত্বৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান তৃতীয়। প্ৰতি বৰ্গ কিলোমিটাৰত ৮৪৯ জন ঘনত্বৰে বাংলাদেশৰ স্থান শীৰ্ষত আৰু দ্বিতীয় স্থান লাভ কৰিছে জাপানে ( ৩৩৪)। যোৱা পঞ্চাশ বছৰত ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব প্ৰায় ২০০ জন বাঢ়িছে। কিয়নো ১৯৫১ চনত প্ৰতি বৰ্গ কিলোমিটাৰত জনবসতিৰ ঘনত্ব আছিল ২০০১ চনত হয়গৈ ৩১৩ জন।
(ঘ) লিংগ অনুপাত।
উত্তৰঃ প্ৰতি ১০০০ ৰ জন পুৰুষৰ বিপৰীতে থকা মহিলাৰ সংখ্যা লিংগ অনুপাত বোলা হয়।
ইয়াক নিৰ্ণয় কৰিবলৈ তলত সূত্ৰটো ব্যৱহাৰ কৰা হয়-

২। দৰিদ্ৰতাৰ সীমাৰেখা কি? গাঁও অঞ্চল আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা কি?
উত্তৰঃ দৰিদ্ৰতাৰ সীমাৰেখা বুলিলে- ভাৰতৰ পৰিকল্পনা আয়োগে কেলৰি ভিত্তিত আগবঢ়োৱা সংজ্ঞা মতে গ্ৰাম্য অঞ্চলৰ প্ৰতিজন লোকৰ বাবে দৈনিক নিম্নতম ২৪০০ কেলৰি আৰু নগৰ অঞ্চলৰ প্ৰতিজন লোকৰ বাবে দৈনিক নিম্নতম ২১০০ কেলৰি বা প্ৰটিনযুক্ত আহাৰ উপভোগৰ বাবে ব্যয় কৰিব নোৱাৰে, তেওঁলোক দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব বা যিসকল লোকে এনে পৰিমাণৰ খাদ্য পাবৰ বাবে ব্যয় কৰিব নোৱাৰে তেওঁলোকেই হ’ব দৰিদ্ৰ লোক।
গাঁও অঞ্চলত দৈনিক নিম্নতম ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত ২১০০ কেলৰি আহাৰ আহৰণ কৰিব নোৱাৰা লোকক দৰিদ্ৰতাৰ সীমাৰেখাৰ ভিতৰত ধৰা হয়।
৩। বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে?
উত্তৰঃ ২.৪ শতাংশ মাটিকালি ভাৰতত আছে।
৪। ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান?
উত্তৰঃ কেৰেলা হৈছে ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্যখন। ই হ’ল ১০৮৪।
৫। অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰঃ ৩৯৭ জন।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:


Assam Sava class 9 Assamese question
Please Assam Sava class 9 Assamese making question