Class 9 Social Science Political Lesson 3 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ

Class 9 Social Science Political Lesson 3 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Class 9 Social Science Political Lesson 3 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ, SEBA Class 9 Social Science Books Assamese Medium Question Answer and select needs one.

Class 9 Social Science Political Lesson 3 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ

Join Telegram channel

Table of Contents

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Social Science Political Lesson 3 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ Solutions for All Subject, You can practice these here…

অৰ্থনীতিৰ মৌলিক বিষয়সমূহ

পাঠ ৩  (সমাজ বিজ্ঞান) তৃতীয় খণ্ড

অতি চমু উত্তৰৰ প্ৰশ্ন :

প্রশ্ন : – () অৰ্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে ?

উত্তৰঃ – অৰ্থনীতি শব্দটো গ্ৰীক ভাষাৰ শব্দৰ পৰা অনা হৈছে ।

প্ৰশ্ন : – () অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে ?

উত্তৰঃ – অৰ্থনীতি শব্দটো গ্ৰীক শব্দ   ‘ Oikonomia ‘ ৰ পৰা লোৱা হৈছে ।

প্ৰশ্ন :- () অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন ?

উত্তৰঃ – এডাম স্মিথক অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ বুলি গণ্য কৰা হৈছে ।

প্ৰশ্ন : – () অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল ?

উত্তৰঃ- অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো এডাম স্মিথে আগবঢ়াইছিল ।

প্ৰশ্ন :- () অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল ?

উত্তৰঃ- অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো আলফ্ৰেড মাৰ্ছেলে আগবঢ়াইছিল ।

প্ৰশ্ন :- () অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল ?

উত্তৰঃ – অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো ৰবিন্সে আগবঢ়াইছিল ।

প্ৰশ্ন : – () এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?

উত্তৰঃ – এডাম স্মিথে   ১৭৭৬  চনত প্ৰকাশিত গ্ৰন্থ  An Enquiry into the Nature and Causes of the Wealth of Nations অত অৰ্থবিজ্ঞানৰ সংজ্ঞাটো আগবঢ়াইছিল ।

প্ৰশ্ন : – (আলফ্ৰেড মাৰ্ছেলে  কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?

উত্তৰঃ – আলফ্ৰেড মাৰ্ছেলে   ১৮৯০  চনত Principles of Economics গ্ৰন্থত অৰ্থবিজ্ঞানৰ সংজ্ঞাটো আগবঢ়াইছিল ।

প্ৰশ্ন : – () লায়নেল ৰবিন্সে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?

উত্তৰঃ – অৰ্থনীতিত লায়’নেল ৰবিন্সে    ১৯৩২  চনত তেখেতৰ “An Essay on the nature and singificance of Economic science ” গ্ৰন্থত তেখেতৰ অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ।

প্রশ্ন : – (১০এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল ?

উত্তৰঃ – সমাজ বিজ্ঞানী কাৰ্লাইল আৰু ৰাস্কিনে এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কৈছিল ।

প্ৰশ্ন : – (১১) দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?

উত্তৰঃ – দক্ষতাৰ ওপৰত গুৰুত্ব দি ছেমুৱেল আৰু নৰ্দহাছে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ।

প্ৰশ্ন : – (১২) কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয় ?

উত্তৰঃ – কোনো বস্তুৱে মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বুলি কোৱা হয় ।

প্রশ্ন : – (১৩) উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয় ?

উত্তৰঃ- উৎপাদনৰ উৎপাদিত আহিলাক মূলধন বুলি কোৱা হয় ।

প্ৰশ্ন :- (১৪) ‘Micro’ আৰুMacro’ শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা হৈছে ?

উত্তৰঃ- ‘Micro’ আৰু ‘Macro’ শব্দ দুটা গ্ৰীক শব্দ Mikros আৰু Makros ৰ পৰা লোৱা হৈছে ।

চমু উত্তৰৰ প্ৰশ্ন :

প্ৰশ্ন :- () এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা

উত্তৰঃ- অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ স্মিথৰ সংজ্ঞা অনুসৰি অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান । এই সংজ্ঞাটোক সম্পদ ভিত্তিক সংজ্ঞা বুলি কোৱা হয় ।

প্ৰশ্ন :- () মাৰ্ছেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা

উত্তৰঃ- মাৰ্ছেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল – মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নেই হৈছে অৰ্থনীতি । ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ণ কৰে , যিটো অংশ পাৰ্থিক কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰত সৈতে ঘনিষ্ঠভাৱে জড়িত ।

প্ৰশ্ন :- () ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা

উত্তৰঃ- লায়’নেল ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল – যি বিজ্ঞানে মানুহৰ আচৰণৰ মানুহৰ অপৰিসীম আশা (লক্ষ্য) আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ (উপায়) মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি ।

প্ৰশ্ন :- () ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা

উত্তৰঃ- ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল – দুপ্ৰাপ্যতাৰ বাস্তৱিকতা স্বিকাৰ কৰি লৈ সম্পদ ৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ’ল অৰ্থনীতিৰ মূল বিষয় ।

প্ৰশ্ন :- () ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি ?

উত্তৰঃ-  ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা তিনিটা হৈছে

(১) মানুহৰ অভাৱ অসীম ।

(২) অভাৱ পুৰণৰ উপায় বা আহিলাসমূহ সীমিত ।

(৩) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য ।

প্ৰশ্ন :- () ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে ?

উত্তৰঃ- অৰ্থবিজ্ঞানৰ যিটো পদ্ধতিত ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগোটিয়াকৈ আলোচনা কৰা হয় সেই পদ্ধতিকে ব্যষ্টিবাদী অৰ্থবিজ্ঞান বোলে ।

প্ৰশ্ন :- () সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে ?

উত্তৰঃ-  অৰ্থবিজ্ঞানৰ যিটো পদ্ধতিত এখন দেশৰ অৰ্থনৈতিক সামগ্ৰীক আচৰণ  অৰ্থাৎ সকলোবোৰ ভোক্তা , উপভোক্তা আদিৰ ক্ষেত্ৰত বিস্তৃতভাৱে আলোচনা কৰে সেই পদ্ধতিকে সমষ্টিবাদী অৰ্থবিজ্ঞান বোলে ।

প্ৰশ্ন :- () আৰ্থিক বস্তু আৰু অনাআৰ্থিক বস্তুৰ পাৰ্থক্য লিখা

উত্তৰঃ- আৰ্থিক বস্তু আৰু অনাআৰ্থিক বস্তুৰ পাৰ্থক্য

(১) আৰ্থিক বস্তুৰ যোগান চাহিদাতকৈ সীমিত আনহাতে অনাআৰ্থিক বস্তু যোগান চাহিদাতকৈ বেছি ।

(২) আৰ্থিক বস্তুবোৰ প্ৰকৃতিৰ মুক্ত দান নহয় আনহাতে অনাআৰ্থিক বস্তুবিলাক প্ৰকৃতিৰ মুক্তদান ।

(৩) আৰ্থিক বস্তুৰ দৰ বা দাম থাকে কিন্তু অনাআৰ্থিক বস্তুৰ দৰ বা দাম নাথাকে ।

Sl. No.Contents
HISTORY (ইতিহাস)
পাঠ-1ভাৰতবৰ্ষলৈ ইউৰীপীয়সকলৰ আগমন
পাঠ-2ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ
পাঠ-3মোৱামৰীয়া গণ বিদ্ৰোহ
পাঠ-4মানৰ অসম আক্ৰমণ
পাঠ-5অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি
GEOGRAPHY (ভূগােল)
পাঠ-1ভূ-পৃষ্ঠৰ পৰিৱৰ্তন
পাঠ-2বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ
পাঠ-3ভাৰতবৰ্ষৰ ভূগোল
পাঠ-4অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1ভাৰতৰ ৰাজনৈতিক দল
পাঠ-2চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ
পাঠ-3অৰ্থনীতিৰ মৌলিক বিষয়সমূহ
পাঠ-4মূল অৰ্থনৈতিক সমস্যাসমূহ

প্ৰশ্ন :- () ৰাষ্ট্ৰীয় আয় কাক বোলে ?

উত্তৰঃ- এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি প্ৰস্তুত দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয় ।

প্ৰশ্ন :- (১০) জনমুৰি আয়ৰ সূত্ৰটো লিখা

উত্তৰঃ- এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ  যায় তাকে দেশখনৰ জনমুৰি আয় বুলি কোৱা হয় ।   জনমূৰী আয় = ৰাষ্ট্ৰীয় আয় / দেশৰ মুঠ জনসংখ্যা ।

প্ৰশ্ন :- () অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণ সহ ব্যাখ্যা কৰা

উত্তৰঃ- বহুকেইটা কাৰণত অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা আছে । তাৰে কেইটামান তলত উল্লেখ কৰা

() বস্তু বা সামগ্ৰী : সুস্থ গণতন্ত্ৰত নাগৰিকৰ সচেতনতা অপৰিহাৰ্য । এগৰাকী কাৰদাতাই নিশ্চয় জানিব খুজিব চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে আৰু কিদৰে ব্যয় কৰে । ব্যয় কৰোতে কি নীতি মানি চলা হয় সংগৃহীত ৰাজহৰ উচিত ব্যৱহাৰ হৈছে নে নাই ইত্যাদি । এগৰাকী সংগঠকে গভীৰভাৱে দেশৰ দৰিদ্ৰতাৰ কাৰনসমূহৰ ফঁহিয়াই চাব বিচাৰিব । এই ক্ষেত্ৰত তেখেতে বুজি পাব যে সমস্যাটোৰ বহুতো কাৰণ অৰ্থনৈতিক । সচেতন গ্ৰাহক হিচাপে আমি জানিব খুজিম যে বজাৰত  অত্যাৱশ্যকীয় সা – সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কৰণবোৰ কি ? বিশ্বায়ন বা গোলকীকৰণ কি ? ইয়াৰ সুফল আৰু কুফলবোৰ কি কি ? অৰ্থনৈতিক বিকাশ কি ?

() উপযোগিতা : উপযোগীতা হৈছে কোনো বস্তু বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা । বস্তুৰ উপযোগিতা নিৰ্ধাৰণত অৰ্থ বিজ্ঞানে সহায় কৰে ।

() সম্পদ : অৰ্থনীতিত কোনো বস্তু সম্পদ বুলি ধৰা হয় যেতিয়া সেই বস্তুৰ উপযোগিতা , অপ্ৰাচুৰতা বা দুৰ্লভতা ,  হস্তান্তৰযোগ্যতা আৰু বাহ্যিকতা – এই চাৰিটা বৈশিষ্ট্য বা গুণ থাকে ।

()চাহিদা : এজন ভোক্তাৰ কোনো বস্তু এটা পাবলৈ থকা হাবিয়াস বা আকাংক্ষাক চাহিদা বুলি কোৱা হয় । এই ক্ষেত্ৰত উক্ত বস্তুটো ক্ৰয় কৰাৰ আৰ্থিক ক্ষমতা ভোক্তাজনৰ থাকিব লাগে । চাহিদা নিৰ্ধাৰণ অৰ্থ বিজ্ঞানৰ অংগ ।

() বজাৰ : অৰ্থবিজ্ঞানত বজাৰ বুলি ক’লে এনে এটা ব্যৱস্থাক বুজায় য’ত এক নিৰ্দিষ্ট দৰত কোনো এটা বস্তুৰ গ্ৰাহক  ( ক্ৰেতা ) আৰু বিক্রেতাৰ মাজত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিনা – বেচা হয় । যেনে – গুৱাহাটীৰ ফাচী , বজাৰ , শ্বপিং মল , ষ্টক বজাৰ , অনলাইন বজাৰ আদি ।

() মূলধৰ : উৎপাদনৰ উপায় বা আহিলাকে মূলধন বুলি কোৱা হয় ।উৎপাদনৰ সেই অংশটোক মূলধন বুলি কোৱা হয় যিবোৰ পুনৰ উৎপাদন কামত ব্যৱহাৰ কৰিব পাৰি । যেনে – খাদ্যশস্য উৎপাদনৰ বাবে এডৰা মাটি মূলধন ।

() সঞ্চয় : আয়ৰ যি অংশ  ভোগ কাৰ্যত ব্যয় কৰা নহয় তাকে সঞ্চয় বুলি কোৱা হয় । সঞ্চয় হৈছে মূলধনৰ আহিলা ।

() বিনিয়োগ : কোনো মূলধন যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তাকে বিনিয়োগ বোলে । মূলধন হৈছে এক মজুত ধাৰণা আৰু বিনিয়োগ হ’ল এক প্ৰবাহ ধাৰণা । ওপৰত সকলোবোৰ বিষয় অৰ্থ বিজ্ঞানৰ অন্তৰ্গত ।

প্ৰশ্ন : – () অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্রহণযোগ্য আৰু কিয় ! ব্যাখ্যা কৰা

উত্তৰঃ – অৰ্থবিজ্ঞানৰ আটাইতকৈ বেছি গ্ৰহণযোগ্য সংজ্ঞাটো হ’ল লায়’নেল ৰবিন্সৰ সংজ্ঞা ।

(১) মানুহৰ অভাৱ অসীম ।

(২) অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত ।

(৩) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য । এই তিনিটা মৌলিক ধাৰণাৰ পৰা অৰ্থনৈতিক সমস্যা বা পছন্দৰ সমস্যাৰ সৃষ্টি হয় । বিকল্পভাৱে ব্যৱহাৰযোগী সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পূৰণত অধিক গুৰুত্ব দিব সিয়ে অৰ্থনৈতিক সমস্যা বা পছন্দৰ সমস্যা সৃষ্টি কৰে । ৰবিন্সৰ সংজ্ঞাক নাটনি  সংজ্ঞা বুলিও কোৱা হয় ।

ৰবিন্সৰ সংজ্ঞাটো সমালোচনাৰ ঊৰ্ধত নহয় । সমালোচনা সকলৰ মতে পছন্দৰ সমস্যাতকৈ বৰ্তমান কালৰ অর্থনৈতিক উন্নয়নৰ সমস্যাহে অধিক গুৰুত্বপূৰ্ণ । ৰবিন্সৰ সংজ্ঞা এই ক্ষেত্ৰত নিমাত যদিও এই সংজ্ঞাই অধিক গ্রহণযোগ্য কিয়নো পছন্দৰ সমস্যাই বৰ্তমানেও অৰ্থনৈতিক প্ৰধান গুৰুত্ব পাই আছে ।

প্রশ্ন : – () অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা

উত্তৰঃ – অৰ্থবিজ্ঞানৰ পৰিসৰে সমাজ বিজ্ঞানৰ আৰ্থিক কাৰ্যকলাপক সামৰি লয়  । অৰ্থবিজ্ঞানৰ পৰিসৰে সামৰি লোৱা  বিষয়বোৰ হ’ল – ভোগকাৰ্য , উৎপাদন , বিতৰণ , বিনিময় , মুদ্ৰা , আয় , ৰাজহুৱা বিত্ত বিভাগ , কল্যাণকামী অৰ্থনীতি , পৰিবেশীয় অৰ্থনীতি আৰু দক্ষতা । তাৰে দুটা বিষয় হৈছে

() ভোগকাৰ্যআমাৰ অভাৱ দূৰ কৰাৰ কাৰ্যকলাপেই হৈছে ভোগ । ভোগকাৰ্যৰ লগত জড়িত বিধিসমূহ , ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অর্থনীতিৰ পৰিসৰৰ অন্তৰ্ভুক্ত ।

(২) উৎপাদৰ  : উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টিয়েই হৈছে উৎপাদন । উৎপাদনৰ চাৰিটা উপাদান – ভূমি , শ্ৰম , মূলধন আৰু সংগঠনৰ উপৰি উৎপাদনৰ বিধি , উৎপাদকৰ আলোচনা কৰা হয় ।

SEBA Class 9 Social Science (সমাজ বিজ্ঞান) Questions Answer

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top